Now you can Subscribe using RSS

Submit your Email

Wednesday 30 August 2017

অলপ সহৃদয়তা বিচাৰো

Unknown
‘‘মানুহে মানুহৰ বাবে
যদিহে অকণো নাভাবে
অকণি সহানুভুতিৰে ভাবিব কোনেনো কোৱা?’’
-ভূপেনদাই কৈ গৈছে। মানবদৰবী শিল্পীগৰাকীয়ে মানবতাৰ জয়গান গাইছিল।
অসমীয়াৰ দুখ বানপানী এইবাৰো আহিল। আনবাৰৰ তুলনাত এইবাৰ যেন অলপ ডাঙৰকৈয়ে। মানুহৰ আচৰণত ৰুষ্ট প্ৰকৃতি। দোষ যিয়েই নহওক¸ ভুল যিয়েই নকৰক¸ জীয়াতু ভুগিব লগা হৈছে লক্ষীমপুৰ¸ ধেমাজীৰ ৰাইজে। মাজুলী¸ গহপুৰৰ ৰাইজে। কম-বেছি পৰিমাণে অসমৰ তেইশখন জিলাৰ নাগৰিক ক্ষতিগ্ৰস্হ হৈছে। জলবন্দী হৈ পৰিছে¸ ধন-জন হেৰুৱাই সৰ্বশ্ৰান্ত হৈছে। স্বাধীনতাৰ পিছত আজিলৈ বহুকেইখন চৰকাৰ গল। আজিলৈ এই বান সমষ্যাৰ ভাল সমাধান এটা উলিয়াব নোৱাৰাটো দুৰ্ভাগ্যজনক। বিভিন্ন দল-সংগঠনে মাথো ৰাজনীতি কৰিছে। দুৰ্দশাগ্ৰস্হসকলে জীয়াতু ভুগি আছে। টিভিৰ পৰ্দাত দেখি বহুতৰে চকু সেমেকি উঠিছে।
যিয়েই নহওক¸ ৰাইজে নখ জোকাৰিলে নৈ বয়। অসমৰ সমুহ বাসিন্দাই অলপ সহৃদয়তা দেখুৱালে সেই সকল দুৰ্দশাগ্ৰস্হৰ চকুলো সামান্য হলেও মচিব পাৰি। অনাহাৰে অনিদ্ৰাই থকা এসাজ ভাত¸ কাপোৰৰ অভাবত থকা সেইসকল দুৰ্ভগীয়াৰ প্ৰতি আমি সকলোৱে সামান্য সহায় আগবঢ়াব নোৱাৰোনে? এটা পাওৰুটি¸ পুৰণি হলেও পিন্ধিবলৈ এযোৰ কাপোৰ¸ সামৰ্থ অনুযায়ী সামান্য ধন যদি প্ৰত্যেকেই অাগবঢ়াও তেওলোক সামান্য হলেও উপকৃত হব। সকলো চৰকাৰৰ দায়িত্ব বুলি বহি নাথাকি আহক সকলোৱে অলপ মৰম দেখুৱাও। এই মুহুৰ্তত আপোনাৰ পাঁচ¸ দহ টকাটোও সেইসকল লোকৰ বাবে বহু মুল্যবান। মাথো লক্ষ্য কৰিব¸ আপোনাৰ মৰমখিনি যাতে যোগ্য পথেৰে তেওলোকৰ কাষলৈ যায়গৈ।

মই ভাগৰা নাই¸ বাট হেৰুওৱা নাই

Unknown

ধুনীয়া ছোৱালীজনী দিব্যাংগ। হাত এখন নাই। লৰাজনো একেই¸ ভৰি এখন নাই। হয়তো কিবা দুৰ্ঘটনাত দুয়ো হেৰুৱাই পেলাইছে জীবনৰ অমুল্য অংগ। ভালকৈ নাচালে ধৰিবই নোৱাৰি যে তেওলোক স্বাভাবিক নহয়। অথচ দুয়োৰে মুখত দুখ নাই¸ হতাশা নাই। সাহসেৰে যুজিছে জীবনৰ যুঁজ।
হয়তো দুয়োজন জীবনসংগী।
চিকিম টিভিৰ প্ৰগ্ৰেম এটাত নৃত্য কৰিছে দুয়ো। আস: কি সুন্দৰ নৃত্য¸ সুন্দৰ মুদ্ৰা। সিঁহতক দেখিলে স্বাভাবিক সকলেও লাজ পাই যাব। কোনে কব সিঁহত দিব্যাংগ বুলি। দুয়োপাল চকুপানী ওলাই আহিল প্ৰবালৰ। অানন্দত তৃপ্তিত মন ভৰি গল তাৰ। সোঁহাতখন কপালত লগাই সি বিৰবিৰাই উঠিল ‘‘হেডচ্ অফ টু য়ু’’।
ইতিমধ্যে ষ্টুডিঅ’টো হাত তালিৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।
টিভিতো বন্ধ কৰি ওলাই আহিল সি। বজাৰলৈ যাব লাগিব। আবেলিয়েই পাণখিনি পাৰিছিল। আঠটামান হৈছে। বেছি দিব লাগিব। ঘৰৰ বস্তু বেচিবলৈ কিঁহৰ লাজ! মোনাখনত পাণখিনি ভৰাই চাইকেলখনৰ আগত ওলোমাই দিলে সি। ওচৰৰে গধুলি বজাৰখনলৈ যাওতে বাইকখন নিব ভাল নাপালে সি। বেকাৰ তেলপুৰি কি লাভ! আগতে কিমান চাইকেল চলালে। মাথো তিনি কিলোমিটাৰহে।
: বাবা¸ আহোতে জীয়ামাছ অলপ লৈ আহিবিচোন। দেউতাৰে বৰকৈ খাবলৈ মন কৰিছে।
- মাকে কৈ উঠিল।
: হবদে।
- মাকক ৰিঙিয়াই সি চাইকেলত উঠি পেডেল মাৰিলে।
----------------
: হেৰি নহয় নয়ন¸ যতীন বৰতাহঁতৰ মাটিখিনি এনেয়ে পৰি আছে। তাতে আমি কিবা কৰিব পাৰো দেখোন।
- সন্ধিয়া গণেশৰ পান দোকানৰ সমুখৰ তক্তাপোচখনত বহি থাকোতে কৈ উঠে সি। প্ৰায়েই সন্ধিয়াতো অলপ সময় লগ হয় সিঁহত। আজিকালি বৰকৈ সময় নাপায়েই। সকলো কামে-কাজে লাগিল। অথচ এটা সময়ত কিমান যে সময় সিঁহতে তাতেই অতিবাহিত কৰিছিল।
: কিমাননো আৰু টকা লাগে অ’ তোক? গাখীৰ বেচ¸ গাহৰি পুহিছ¸ গাড়ী এখন লাইনত দি থৈছে।
- হাঁহি হাঁহি কৈ উঠিল মদনে।
প্ৰবালে একো নকলে হাঁহিলে মাথো।
: হবদে বৰতাক সুধিম। দিব চাগে। পিছে কি ভাবিছনো?
- নয়নে সুধিলে।
: চা¸ দুপৰীয়া সময়খিনি এনেয়ে থাকো। বৰতাহঁতৰ আঠবিঘামান মাটিত কলৰ বাগান এখন খুলিব পাৰি।
: মানিছো ভাই তোক। টিপিকেল অসমীয়া মানুহ বনি গলি এক্কেবাৰে।
- নয়নে হাতদুখন ওপৰলৈ তুলি নমস্কাৰ কৰি কৈ উঠিল তাক। হোঁহোৱাই হাঁহি দিলে আটায়ে।
চাকৰী বিচাৰি লাভ নাই। প্ৰবালে জানে। তাৰ দৰে সাধাৰণ বি এ পাছ লৰা এটাই চাকৰীৰ পিছত দৌৰি ফুৰাটো বাটুলামি মাথো। টকাৰে চাকৰী কিনাৰ ক্ষমতা সিঁহতৰ দৰে মানুহবোৰৰ নাই। মেধাবীয়োতো নহয় জাকত জিলিকা হবলৈ। ভালেখিনি অমুল্য সময় নষ্ট কৰিলে সিঁহতে এই চৰম সত্যটোৱেই উপলব্ধি কৰোতে।
এতিয়া সিঁহতে বুজিছে।
আজিকালি সময়ৰ নাটনি তাৰ। সময় অপচয় কৰিবলৈ খুবেই টান পায়। ৰাতিপুৱা চাৰি বজাত উঠি উইংগাৰখনৰ প্ৰথম ট্ৰিপদুটা সিয়েই মাৰে। ড্ৰাইভাৰ ছটাতহে আহে। মাজে-সময়ে ৰাতিৰ ওচৰৰ দৰাবৰা¸ বিয়াৰ ট্ৰিপো সিয়েই মাৰে সামান্য টকাতে। এইখিনিয়েই উপাৰ্জনৰ সময়। বুঢ়া হলে জানো পাৰিব। নিজে যিখিনি কষ্ট পাইছে¸ তাৰ সন্তানে যাতে পাবলগীয়া নহয়। দিনে নিশাই সেয়াই চিন্তা তাৰ।
প্ৰবালৰ দেউতাক স্কুলৰ চকীদাৰ আছিল। সামান্য টকাৰে তিনিটাকৈ লৰা-ছোৱালীক সমানেই পঢ়াই-শুনাই ডাঙৰ কৰিছে। ছোৱালী দুজনীক বিয়া দি হাত খালী হৈ গল তেওৰ। তাৰ বাবে প্ৰবালৰ একো আক্ষেপ নাই। তালৈ একো দায়িত্ব এৰা নাই কেও। মাথো নিজৰ ভৰিত থিয় হব লাগে।
----------------
যোৱাকালি অনুৰাধাক দেখিছিল সি। আগতকৈ শকত হৈছে তাই। গুৱাহাটীলৈ যাওতে বিগবজাৰত সোমাইছিল সি। বিহু আহিছে¸ বায়েক¸ ভনীয়েক¸ ভাগিনীয়েকহঁতলৈ কাপোৰ কিনিব লাগে। সৰুৰে পৰা ভাগিনীয়েক কেইটাক দামী কাপোৰে দি আহিছে সি। অনুৰাধায়ো দেখিছিল তাক। দুৰৰ পৰা চাই ৰৈছিল তালৈ। হয়তো মাতিব খুজিও ৰৈ গৈছিল। তাইৰ কাষেৰেই গোগোৱাই পাৰ হৈ আহিছিল সি। তাইলৈ বেয়া ভাব নাই। কিন্তু তাইৰ লগত কথা পতাৰ প্ৰয়োজনবোধ নকৰে সি।
টোপনি নাহে তাৰ। ৰাতি বহুদেৰিলৈকে পুৰণি কথাবোৰে ভাহি থাকে চকুৰ আগত।
: সোনকালে চাকৰী এটা যোগাৰ কৰি লোৱা প্ৰবালদা। মোক এনেয়েও বেছিদিন ৰাখি নথয়।
: মইতো চেষ্টা কৰিয়েই আছো অনু। যতে যি শুনিছো এপ্লাই কৰিছো। এনেয়েতো বহি থকা নাই।
: আজিকালি ইন্টাৰভিউ দিলেই চাকৰী নাপায়। টকা দিব লাগিব।
: কৰ পৰা দিম। সাধাৰণ চাকৰীটোৰে দেউতাই আমাক ইমানখিনি ডাঙৰ কৰিলে। এতিয়া জানি শুনি টকা বিচাৰি ঘৰত অশান্তি কৰিলে কি হব। আৰু মইতো এনেয়ে বহি থকা নাই। প্ৰাইভেট হলেও চাকৰী এটা কৰিছো। আচলতে কি জানা অনু¸ আমাৰ খেতি থকা হলে চাকৰী নিবিচাৰি খেতিয়েই কৰিলোহেতেন।
- কৌতুকেৰে কৈ উঠে সি। মুখখন ইষৎ বেকা কৰি ঘুৰাই দিলে তাই। সি হাঁহি হাঁহি সাবতি ধৰিলে। আজিকালিৰ সকলো ছোৱালীয়ে প্ৰেমিকৰ ভাল সংস্হাপন বিচাৰে। অনুৱো পৃথক নহয়। তাৰ মৰম লাগে তাইলৈ¸ তাৰ মৰমৰ অনুৰাধালৈ।
: প্ৰবালদা¸ মোক পুজাত কি দিবা?
- বৰ আলসুৱাকৈ তাই সুধিছিল তাক।
: কোৱা কি লাগিব?
- আলফুলে তাইৰ চুলিত হাত বুলাই কৈ উঠে সি।
যেনেকৈয়ে নহওক বিহুৱে¸ পুজাই সি তাইক উপহাৰ দিয়ে ধুনীয়া এখন শাৰী নহলে চুৰিদাৰ। তাইৰ জন্মদিনতো তাৰ বাবে এটা উৎসবৰ নিচিনাই। তাইক বহুত ভাল পাইছিল সি¸ নিজৰ জীবনতকৈয়ো বেছি। কলেজত পঢ়ি থাকোতেই অনুৰাধাৰ প্ৰেমত পৰিছিল সি। দুয়ো দুয়োৰে প্ৰেমত হাবুডুবু খাইছিল। দিনটোত দুবাৰকৈ কথা পাতে সিঁহতে। প্ৰাইভেট চাকৰী তাৰ¸ বৰকৈ লগ কৰিবলৈ সময় নাপায়।
: প্ৰবাল¸ অনুৰাধাৰ বিয়া ঠিক হৈছে।
- নয়নৰ মুখত শুনি আচৰিত হৈ গৈছিল সি। তাৰ লগত তাইৰ অলপ কাজিয়া লাগিছিল। দুদিন তাইৰ লগত কথা পতা নাছিল সি। তাই ওফোন্দ পাতিছিল। অভিমানতে সিয়ো ফোন কৰা নাছিল।
প্ৰবাল হতভম্ব হৈ পৰিছিল। এয়া কেনেকৈ কৰিব পাৰে তাই তাৰ লগত। জীবন-মৰন একলগে থকাৰ শপত খাইছিল দুয়ো। আচৰিত হৈ নয়নৰ মুখলৈ চাইছিল সি। নাই¸ নয়নে ধেমালী কৰা নাই।
: প্লিজ মোক পাহৰি যোৱা প্ৰবালদা। আমাৰ সম্পৰ্কতো কোনেও মানি নললে।
- লাহেকৈ কৈ ফোনটো কাটি দিছিল তাই। ভৰিৰ তলৰ মাটিহে যেন হেৰাই গৈছিল তাৰ। ৰি ডায়েল কৰিছিল সি। ফোনটো ৰিং হৈ হৈ কাটি গৈছিল।
: তাই কিয় এনেকুৱা কৰিব? মোৰ কি দোষ?
- ফেকুৰী উঠিছিল সি।
: চা ভাই¸ বেকাৰ হোৱাটোৱে আমাৰ দোষ অ‘। সংস্হাপনহীন আমিবোৰৰ কাৰোবাক ভালপোৱাৰো অধিকাৰো নাই।
- হুমুনিয়াহ কাঢ়ি কৈ উঠিছিল নয়নে।
: মইতো বেকাৰ নহয়। কম দৰমহাৰ হলেও কিবা এটা কৰিছো।
- সি চিঞৰি উঠিছিল।
: চৰকাৰী চাকৰী আছে জানো? তই জানো দিব পাৰিবি বিলাসিতা? সেয়ে চৰকাৰী কেৰানী এটা পাই লাঠ মাৰিলে তোক। লাগিলে সেই কেৰানী বুঢ়া¸ টপা¸ চৰিত্ৰহীনেই হওক।
- সমান উস্মাৰে কৈ উঠিল নয়নে। ঘিন লাগে তাৰ অনুৰাধাৰ দৰে নাৰীলৈ। যিয়ে প্ৰেমৰ অভিনয় কৰে। তাকো এদিন এইদৰে কোনোবাই লাঠ মাৰিছিল। কৰুণ দৃষ্টিৰে প্ৰবালৰ ফালে চাইছিল সি। কপি উঠিছে লৰাটো। যেন বাগৰিহে পৰিব। ভৰিৰ তলৰ মাটি হেৰাই গৈছিল প্ৰবালৰ।
: চোৱা অনু¸ তুমি মোৰ লগত এনে কৰিবই নোৱাৰা। মোৰ নহলে কাৰোৱেই হব নিদিও মই। উঠাই লৈ যাম তোমাক।
- পিছদিনা তাইৰ ঘৰত গৈ চিঞৰি উঠিছিল সি। মাক-বাপেক ওলাই আহিছিল।
: ঐ কাক ধমকি দিছ তই।
- অনুৰাধাৰ ককায়েকে চাৰ্টৰ কলাৰত খামুচি ধৰিছিল তাৰ।
: হাত মোৰো আছে।
- আঁচোৰ মাৰি তেওৰ হাতখন আঁতৰাই আঙুলি টোৱাই কৈ উঠিছিল সি।
সি অভদ্ৰ নাছিল। তায়েই বাধ্য কৰিছে তাক।
তাৰ বুকুত জুই জলিছিল।
একো ভুল কৰা নাই সি। নিয়মিত চাকৰীৰ ইন্টাৰভিউ দি ফুৰিছে। যত্নৰ ত্ৰুতি কৰা নাই। কিয় তাই তেনেকুৱা কৰিব!
: তই তাইৰ ঘৰত ধমকি দি আহি ভাল নকৰিলি নেকি!
- নয়নে কৈছিল তাক।
: একো ভুল কৰা নাই। তাইৰ বিয়া ধ্বংস কৰি পেলাম মই।
- খঙত চিঞৰি উঠিছিল সি।
: সিঁহতে তোৰ ওপৰত এন টি এখন দিছে।
- হুমুনিয়াহ এটা কাঢ়ি কৈ উঠিছিল নয়নে।
বাকৰুদ্ধ হৈ পৰিছিল প্ৰবাল। ইমানলৈ কৰিব পাৰে তাই। এয়াই প্ৰেম আছিল। দুখত¸ খঙত হয়তো সি কিবা কৈ আহিছিল। সেইবুলি জানো তাইৰ সচাকৈয়ে অপকাৰ কৰিব পাৰিলেহেতেন। ঘৃণাত নাক কোচখাই তাৰ।
: চা ভাই¸ সকলো সময়ৰ হাতত এৰি দে। তায়েই দুৰ্ভগীয়া। তোৰ সঁচা প্ৰেমক নিচিনিলে! চাবি তাই সুখী হব নোৱাৰিব।
: মই তাইক অভিশাপ দিছো¸ তাই জীবনত সুখ নাপাব।
- নয়নক সাবতি ফেঁকুৰী উঠিছিল সি। নয়নৰো দুচকু সেমেকি উঠিছিল। প্ৰিয় বন্ধুৰ পিঠিত থপৰিয়াই সান্তনা দিছিল সি।
তাইৰ জোৰোণৰ দিনা সি মদ খাইছিল। জীবনত প্ৰথমবাৰৰ বাবে নিচাগ্ৰস্হ হৈ উচুপি উঠিছিল সি। লাজ মান কাটি কৰি মাক বাপেকৰ আগত সি ফেকুৰী উঠিছিল।
তাই আচৰিত হৈছিল। ইমানখিনি হোৱাৰ পিছত সি বিয়ালৈ যাব বুলি তাই আশা কৰা নাছিল। ভিতৰি ভয় খাইছিল তাই। সিঁহতৰ মানুহবোৰে চকু বহল কৰি চাইছিল। পেটে পেটে হাঁহি উঠিছিল তাৰ।
: চোৱা অনুৰাধা¸ জোৰকৈ কাৰোবাক ধৰি ৰাখিবলৈ মই ইমান মুৰ্খও নহয়। তাতে সকলোৰে জীবনত সচা প্ৰেম এবাৰ আহেই। মোলৈয়ো আহিব। চাবা¸ চাকচেচ এদিন হমেই। তুমি মোক জেদী কৰি তুলিলা। ধন্যবাদ
-অলপ ৰৈ পুণৰ কৈছিল সি।
: কইনা সাজত তোমাক চোৱাৰ হেপাহ আছিল। তুমি সুখী হোৱা।
- খুউব সৰুকৈ কৈ তাইৰ হাতত উপহাৰতো দি গুছি আহিছিল সি।
স্হানুৰ হৈ ৰৈছিল তাই। অনু নহয় অনুৰাধা বুলি মাতিছিল সি। যি তাৰ বাবে অচিনাকী আছিল। প্ৰবালৰ বেয়া লগা নাছিল। তাৰ মনটো জেদী হৈ পৰিছিল। ওঠৰ কোণত হাঁহি এটা ফুটি উঠিছিল।
: যি হল ভালেই হল বুজিছ! নিজৰ ইচ্ছাৰে এতিয়া আগুৱাব পাৰিম। কাৰো বাধ্য বাধকতা নাই। সফল হবলৈ সকলোৱে এদিন সুযোগ পাই¸ ময়ো পাম। সচা প্ৰেমতো পামেই।
- সেমেকা হাঁহি এটা মাৰি কৈছিল সি।
: ডেটচ্ লাইক মাই ফ্ৰেণ্ড।
- নয়নে সাবতি ধৰিছিল তাক। আনন্দতে দুয়োৰে চকু তিৰবিৰাই উঠিছিল।
সেয়া ছবছৰ আগৰ কথা। বন্ধন¸ উজ্জীবনৰ টকা ধাৰ লৈ মাকে দিছিল তাক। মুৰ্গীৰ ফাৰ্মখনত লাভ হৈছিল। নতুনকৈ গাহৰী ফাৰ্ম আৰু জাৰ্চিগাই দুজনী কিনি কৰ্মত মনোনিবেশ কৰিছিল। বেংকৰ লোণটো লৈ গাড়ীখন কিনিছিল।
যত্ন কৰিলেহে ৰত্ন পায়।
কষ্টই ভাগ্য।
ভাগ্যই লক্ষ্মী।
প্ৰবাল থমকি ৰোৱা নাছিল। ৰিস্ক লবলৈ ভয় নকৰে সি। কৰ্মমুখী মানুহে ভয় নকৰে। ডায়েৰী ফাৰ্মখন ডাঙৰ হৈছিল। দুজন মানুহক সংস্হাপন দিছিল সি। যোৱামাহতে গাড়ীখনৰ কিষ্টি শেষ হৈছে। ঘৰৰ বাবে এখন লাগে। চুইফট ডিজায়াৰ এখন লোৱাৰ মন আছে তাৰ¸ চিলভাৰ কালাৰৰ। ঘৰটোও ইতিমধ্যে হৈছে। বিয়াখন পাতিব লাগে। বয়স ৰৈ নাথাকে। মাক-দেউতাকে চিঞৰি থাকে আজিকালি।
সপোনবোৰ প্ৰায় পুৰ্ণ হৈ আহিছে তাৰ।
: ক্ৰিং ক্ৰিং ক্ৰিং
-হঠাতে ফোনটো বাজি উঠিল।
: অ’ নয়ন ক।
- হাঁহি মাৰি ফোনটো ৰিচিভ কৰিলে সি।
: এটা গুড নিউজ আছে প্ৰবাল। আমি যে সমবায়ৰ বাবে কে ভি আই বিত এপ্লাই কৰিছিলো। চেংচন হৈছে।
এইমাত্ৰ ভিনদেৱে ফোন কৰিলে।
- উৎসাহেৰে কৈ উঠিল সি।
: কি সচাই কৈছনে!
- প্ৰবালৰ মনটো ভাল লাগি গল। স্মল ইণ্ডাষ্ট্ৰীৰ বাবে সিঁহতে পোন্ধৰ লাখৰ লোণ এটা এপ্লাই কৰিছিল। ভবা নাছিল প্ৰথম বাৰেই পাব বুলি। নয়নৰ ভিনদেউ কে ভি আই বিত চাকৰী কৰে। তেৱেই বুধিটো দিছিল।
মনটো ভৰি গল প্ৰবালৰ।
: অ’ মা ভাত বাঢ়। ভোক লাগিছে।
- চিঞৰি সোমাই গল সি দ্ৰয়িংৰুমলৈ। মাক-দেউতাক দুয়োজনে টিভি চাই আছে।
ওঠত হাঁহি এটা জিলিকি উঠিল। যাত্ৰা ভুল হোৱা নাই।
সিঁহত সফল হব।
জীবন সংগ্ৰামত হাৰি নাযায়।
সি ভাগৰা নাই।
বাট হেৰুওৱা নাই।।

ঘুগুণীৰ দোকানত

Unknown

আমাৰ হাইস্কুলখনৰ ওচৰতে দেবেশ্বৰৰ ভ্ৰাম্যমান ঘুগুণীৰ দোকানখন। স্কুলত পঢ়ি থকাৰ পৰাই প্ৰায়েই সন্ধিয়া ঘুগুণী খাবলৈ আহো। গধুলি বজাৰলৈ আহোতেও ঘুগুণী এক প্লেট খাও। দিনতো ঘৰত বস্তুবোৰ প্ৰস্তুত কৰি সন্ধিয়া গৰম গৰম ঘুগুণী পোকোৰা বেচে। তেনেকৈয়ে সুন্দৰকৈ পৰিয়ালটো পোহ দি আছে। প্ৰতি সন্ধিয়া ছয়¸ সাতশ টকা লাভ হয় তেনেকৈয়ে।
আজি কিছুদিনৰ পৰা মেইন চ’কৰ ওচৰত নতুন ঘুগুণী দোকান এখন দিছে। ক্ৰমাত বাঢ়ি অহা চ’কটোত যিমানেই নতুন দোকান নহওক গ্ৰাহক নকমে। চাৰিআলিৰ কাষতে নতুনকৈ দিছে সতীশদাই দোকানখন। ফাষ্টফুড থেলাখনত ঘুগুণী¸ পোকোৰা¸ বুটভজা¸ বয়ল কণী বিক্ৰী কৰে। ভাল বিক্ৰী হয়। সন্ধিয়া চ’কটোত গোটখোৱা ডেকা¸ পিলিঙাবোৰে দোকানৰ সমুখত ভীৰ কৰে। স্কুলত পঢ়াৰ পৰাই তিনিআলিৰ কাষৰ দেবেশ্বৰৰ দোকানৰ ঘুগুনী খাই আহিছো। বেয়া নালাগে। সময় পালে মাজে-সময়ে দহ-বিশটকাৰ ঘুগুণী¸ পোকোৰা¸ চপ খাও। একপ্ৰকাৰ নিচাৰ দৰেই হল। সপ্তাহত দুই তিনিদিনকৈ ঘুগুণী খাবৰ বাবেই অফিচৰ পৰা ওলাই আহো। সতীশদাৰ দোকানত তেনেকৈ নাখাও। সৰুৰে পৰা দেবেশ্বৰৰ হে গ্ৰাহক¸ কিবা জুতি বহি গল। আজিও লৰাটোক এৰি ব্যবসায়িক প্ৰতিস্হানৰ ওলাই আহিলো¸ ঘুগুণী খাবলৈ বুলি। দেবেশ্বৰৰ দোকান বন্ধ আছিল। অগত্যা সতীশকাৰ দোকানতে ঘুগুণী খাবলৈ বহিলো। সতীশকাৰ চিষ্টেম দেবেশ্বৰৰ তুলনাত আপদেট। অলপ টেষ্টি হয়। আজিকালি দুয়োজনৰ তাতে খাও।
‘‘ঐ সতীশকা¸ সেয়া কি ভাজিছনো?’’
সৰু কেৰাহীটোত কিবা বগা টুকুৰা ভাজি থকা দেখি সুধিলো। চপ¸ পোকোৰা¸ চব ভাজি থোৱাই আছে।
‘‘সেইটো ভাজিছো অ’। লৰাবোৰে বৰ ভালপায়।’’
লাহেকৈ হাঁহি মাৰি কৈ উঠিল সি।
‘‘মানে গাহৰি?’’
হাঁহি এটা মাৰিলে সি।
হুমুনিয়াহ এটা ওলাই আহিল মোৰ। গাহৰি ভজা বেচা মানে হৈছে আৰু। কিন্তু জীবিকাৰ তাড়নাত সি বেচিছে¸ কিবা কোৱাও উচিত নহয়। ইতিমধ্যে পিলিঙা দুটামানে বিশ ত্ৰিশটকাৰ গাহৰি ভজা লৈ গল। চাগে কৰবাত বহি মদ খাব। দেখাক দেখি মদাহী বাঢ়িব। সকলোৰে আপত্তি নহলে মইনো কিয় মাতো! এনেয়ে চাৰিআলিৰ পৰা মোৰ ঘৰলৈ অলপ দুৰ। আজিকালি সমাজৰ বেয়া কাম বোৰত পৰাপক্ষত মাত মাতি শত্ৰু কিনিবলৈ টান পাও। কোনেও সহযোগ নকৰে। আপোন ভালেই জগত ভাল।
প্ৰায় বাৰ বছৰীয়া পুতেকটোক লগত আনিছিল সতীশকাই। হয়তো অকলে অসুবিধা পায়। মানুহবোৰে খাই গৈছে¸ কাৰো ভ্ৰক্ষেপ নাই। মোৰ বেয়া লাগিছে। কম বয়সতে সি পইচা লৈছে¸ গ্ৰাহকলৈ ঘুগুণী¸ পোকোৰা আগবঢ়াইছে। মুখত মদৰ গোন্ধ লৈ এচাম গ্ৰাহকক সন্তুষ্ট কৰিছে। ফ্ৰী এডভাইছ দিয়া কামটো ভাল নাপাও মই। যিহেতুকে সহায় নকৰো¸ কৰাৰ ক্ষমতাও নাই¸ গতিকে বেচি গুৰুত্ব নিদিও আজিকালি। মেজিক¸ ট্ৰেকাৰত¸ চাহদোকানত বহুতো শিশু শ্ৰমিক লগ পাও। মনটো বেয়া লাগে। কিন্তু সমাধানৰ ৰাষ্টা বিচাৰি নাপাও। কম কম বয়সতে সিঁহতে পৰিয়ালৰ বোজা কঢ়িয়াব লগা হয়। চৰকাৰেওতো সহায় কৰিবলৈ নাহে। আজিও মনটো বেয়া লগাৰ বাহিৰে একো নাছিল। কথা পাতিবলৈ মন গৈছিল¸ কিন্তু একো সোধা নাছিলো। মোৰ ভয়¸ জানোচা সি স্কুল এৰা বুলি কয়!
ধুনীয়া সৰু লৰাটোৱে দেউতাকক সহায় কৰিছে। জীবন যুঁজত যুঁজিবলৈ শিকিছে সি।
‘‘ঐ সতীশ¸ তই বৰ বেয়া কৰিছ নহয়!’’
মোৰ কাষত থিয় হৈ ঘুগুণী খাই থকা মানুহজনে কৈ উছিল। দেউতাৰ বয়সীয়া মানুহজনৰ মুখৰ ভেকেটা-ভেকেট গোন্ধ এটা আহিছে। বোধহয় চুলাই খাই আহিছে। অলপ আঁতৰি খাইছো মই। সন্ধিয়া হলেই ৰাষ্টা-ঘাট¸ চ’ক¸ বজাৰত এনে মানুহেৰে ভৰি পৰে। বহুদিন মোৰ বাইকৰ আগত মদাহী কেবাজনো লুটিখাই পৰিছে। খুব সাবধানেৰেহে আগবাঢ়ো সেয়ে। ভাবি নাপাও মদ খাই কিয় এনেকৈ ঘুৰি ফুৰে। যদি কন্ট্ৰোলেই নাথাকে খাবই নালাগে। ঘিণ লাগে মোৰ।
‘‘কি হল দাদা?’’
আচৰিত হৈ সতীশকাই সুধিলে। বোধহয় মানুহজন ৰেগুলাৰ গ্ৰাহক।
‘‘তই বাপুটোক কিয় লগত আনা কৰিছ? পঢ়ি থাকা চলিটোক পইচা লাৰিব দি বেয়া কাম কৰিছ নহয়। তাতে চ’কতো ভাল নহয়। আমি বস্তু খাই আহো।’’
মানুহজনৰ মুখত স্পষ্ট কৈফিয়ৎ সুৰ।
‘‘এ দাদা¸ গৰম বন্ধ দিছে নহয়। সেইকাৰণে লৈ আহিছো। অকলেও দিগদাৰ হয় নহয়।’’
‘‘বৰ বেয়া কৰিছ! বৰ বেয়া কৰিছ!’’
কৈ উঠিল মানুহজনে। মদাহী হলেও তেওৰ কথাখিনি ভাল লাগিল মোৰ। সচৰাচৰ মদাহীৰ লগত কথাই নাপাতো। কিন্তু আজি কিবা এটা কব মন গল।
‘‘ভাইটি¸ কোন ক্লাছত পঢ়া?’’
‘‘চেভেনত।’’
মোৰ ফালে চাই লৰাটোৱে টপৰাই কলে।
‘‘চা সতীশকা¸ এতিয়াৰ পৰাই ইয়াক বেপাৰৰ শিক্ষা দিছা¸ ঠিকেই আছে। কিন্তু কিছুমান কথাই তাৰ মনত বিৰূপ প্ৰভাব পেলাব।’’
‘‘আনিবতো মনে নাযায়। কিন্তু অকলে দিগদাৰ হয় বাবেহে। মানুহ এটা আনিলেও হাজিৰা দিব লাগে।’’
চিন্তাক্লিষ্ট হৈ কৈ উঠিল সতীশকাই। সাধাৰণ দোকানখনৰ উপাৰ্জন আনক দিবলৈ হলে হয়তো অসুবিধা হব! বুজি পাও।
‘‘ঐ তই চিন্তা নকৰিবি ঐ। আমি লাগি দিমতো। এনেয়েহে বহি থাকো। বাপুক নানিবি কালিৰ পৰা।’’
দোৰোলখোৱা জিভাৰে মদাহীজনে কৈ উঠিল।
‘‘ঠিকেই কৈছ দাদা। কালিৰ পৰা ইয়াক নানো।’’
কৈ উঠিল সতীশদাই।
নাজানো সি আনিবনে নানে। কিন্তু কিবা এটা ভাল লাগিল। মদৰ নিচাত কলেও ভাল কথাই কৈছে মানুহজনে¸ আমি সজ্ঞানে থকা সকলে উপেক্ষা কৰা কথাটো।
আৰু কথা আগনবঢ়ালো। ইতিমধ্যেই খোৱা হৈছে। দহটকীয়াখন বেগৰ পৰা উলিয়াই দিলো। লৰাটোৱে তেতিয়া প্লেট এখন সাজি আছিল নতুনকৈ অহা গ্ৰাহকজনলৈ। হুমুনিয়াহ এটা ওলাই আহিল।।

যাত্ৰা

Unknown

চিপচিপকৈ বৰষুণজাক আহি আছে। জুলাই মাহৰ উৎকট গৰমত যেন পৰম আকাংক্ষিত এই বৰষুণজাক। গপগপীয়া গৰমটোৱে অশান্তি দিছে। ফুল স্পীডত চলি থকা ফেন খনেও যেন গাটো শাঁত পেলাব পৰা নাই। খিৰিকিৰ মুখত বহি আছিল প্ৰণামী। খোলা খিৰিকি খনেৰে টোপ-টোপকৈ বৰষুণৰ চিটিকনি তাইৰ গাত পৰিছে। ভাল লাগি গল তাইৰ। অাকাংক্ষিত এই বৰষুণজাক খুবেই প্ৰিয়। সৰুতে বৰষুণজাক আহিলেই দুহাত মেলি দৌৰ দিছিল তাই তিতিবলৈ। সৰুৰে পৰা দুৰ্বাৰ আকৰ্ষণ তাইৰ। তাই বৰষুণ ভালপায়। আজিও আকৌ এবাৰ তিতিবলৈ মন গল তাইৰ। যেন দৌৰ মাৰি হেপাহ পলুৱাই তিতিব। একো নভবাকৈয়ে ঘপহকৈ থিয় হল তাই। হঠাতে তাইৰ মনত পৰিল¸ তাই এতিয়া তাহানিৰ কণমানিজনী হৈ থকা নাই। শাহুৱেকে ভাত কেইটা খাই টিভি চাই আছে। লাজ লাগিল তাইৰ। খিৰিকিৰ গ্ৰীলৰ মাজেৰে হাতদুখন বাহিৰলৈ উলিয়াই দিলে তাই। চিপচিপিয়া বৰষুণে হাতদুখন তিয়াই পেলালে। মনটো ভাল লাগি গল তাইৰ। আবেশত চকুদুটা মুদি দিলে তাই।
‘‘মা¸ এইবাৰ গৰম বন্ধত আমি ফুৰিব যাম দেই।’’
কেতিয়া লৰাটো আহি কাষত থিয় দিলে তাই গমেই নাপালে।
‘‘পাপাই চুটি পালেই আমি যামদেই নেক্সট উইকলৈ।’’
লৰাটোৰ গাত হাত বুলাই কৈ উঠিছে তাই।
‘‘মা¸ তোমাৰ হাতখন তিতিছে। মচি লোৱা অসুখ হব।’’
মাকৰ হাতদুখন বৰষুণত তিতা দেখি ব্যতিব্যস্ত হৈ উঠিল সি।
তাইৰ হাঁহি উঠিল। কণমানি লৰাটোৱে কি বুজিব¸ তাইৰ বৰষুণলৈ হেপাহ।
হাঁহি এটা মাৰি ভিতৰলৈ সোমাই গল তাই।
ছমাহিলী পৰীক্ষা আৰম্ভ হোৱাৰে পৰা লৰাটোৱে চিঞৰি আছিল। দুবছৰ আগতেই চিলঙলৈ গৈছিল তিনিদিনৰ বাবে। বাবাৰ স্কুলৰ লগৰীয়াবোৰে মাক-দেউতাকৰ লগত ফুৰিবলৈ যাব বুলি শুনি সিয়ো কুটকুটাই আছো। কামৰ অযুহাতত যোৱাবাৰ কলৈকো যোৱা নহল। সকলো আলহীবোৰ এইখন চহৰতে হোৱা বাবেও গৰমৰ বন্ধত কাৰো ঘৰলৈকে যাবলৈ ইচ্ছা নকৰে সি। যাবনো কিয়¸ প্ৰতি সপ্তাহত মোমায়েক¸ মাহীয়েকহঁতে লগ পাবলৈ আহেই। দাদাৰ পৰিয়ালটো যোৱাবাৰ কণ্যাকুমাৰীলৈ গৈছিল। ফটোবোৰ চাই চাই বাবাই আব্দাৰ কৰিছিল¸ মা মা আমিও যাও বলা ফুৰিবলৈ। মিলিবাহঁতে ইমান যে ফটো উঠিছে। বৰদেউতাকহঁতে তালৈ ধুনীয়া চোলা এটা আনিছিল। ঢেৰ উপহাৰ আনিছিল সকলোলৈকে।
‘‘হেৰা¸ অহাবাৰ আমিও যাম দিয়া। মায়ো বহুদিন কলৈকো যোৱা নাই।’’
গিৰিয়েকেকৈ উঠিছিল। বেংকৰ চাকৰী মানুহজনৰ। চুটি কমকৈ পায়। শাহুৱেকো থাকে সিঁহতৰ লগতে।
বৰজনাক কলেজ এখনৰ অধ্যাপক। ঘৰমাটি কৰি টাউনতে থাকে তেও।
‘‘মা¸ মা¸ মোৰ এগ্জাম শেষ। কলৈ যাম আমি।’’
পৰীক্ষা শেষ হোৱাৰ দিনাই বাবাই জপিয়াই জপিয়াই কৈ উঠিছল।
তায়ো যোৱা নাই বহুদিন মানুহজনৰ লগত। কামৰ ব্যস্ততাত মানুহজন্ সময়ে নাপায়। তাইৰো মন যায়। যোৱাবাৰ এসপ্তাহ এই চহৰতে মাহঁতৰ ঘৰত গৈছিল।
ইতিমধ্যে গৰম বন্ধ দিয়া এসপ্তাহ হৈ গল। সৰু লৰাটোৱে চিঞৰি আছে। জনা হৈছে সি। দহবছৰ হলেও তাক ফুচুলাই ৰাখিব নোৱাৰি।
‘‘মা¸ নোযোৱা নেকি? স্কুলত লগৰবোৰে ফুৰিব যোৱাৰ কথা কলে মই কি কম!’’
বাবাই কুটুৰিবলৈ ধৰিছিল। হাঁহি দিলো মই। আজিকালিৰ লৰা-ছোৱালীবোৰ বহুত স্মাৰ্ট হৈ গৈছে। তাইৰ দিনৰ দৰে হোজা নহয়। গৰম বন্ধত মা-দেউতাে সিঁহতক ফুচুলাই ৰাখিছিল। চকলেট এটা আনি দি নিচুকাইছিল। অবশ্যে বন্ধত ফুৰিব যোৱা মানে ডিব্ৰুগড়ৰ মোমায়েকৰ ঘৰলৈ বা তিনিচুকীয়াৰ পেহীয়েকৰ ঘৰলৈহে যোৱা হৈছিল। দেউতাকে সিঁহতক মাকৰ লগত গাড়ীত উঠাই দিছিল। মাকে দেউতাকক এৰি যাবলৈ টান পাইছিল। সিঁহতে সেইবোৰ মন কৰা নাছিল।
‘‘মা¸ কোৱানা যাবানে নোযোৱা? পাপাক কোৱা।’’
বাবাই ইতিমধ্যে তাইক কুটুৰিবলৈ ধৰিছে। মাকৰ লগতে দিনটো লাগি থাকে দুয়োটাই। দেউতাকক একদমেই আমনি নকৰে।
‘‘পাপা¸ অফিচত কাম কৰি ভাগৰি আহিছে নহয়!’’
আইতাকো কোৱাৰ দৰে সিঁহতেও কবলৈ লৈছে।
কেতিয়াবা খং উঠে প্ৰনামীৰ। কিবা তাৰ অকলেই সন্তান নেকি!
সুনীলে হাঁহে।
মইনাই অবশ্যে একো বুজা হোৱা নাই। চাৰিবছৰ হৈছেহে। তথাপিয়ো ককায়েকৰ লগতে সি সমানেই জপিয়াই উঠিল। ভাল লাগে তাইৰ। ইঁহতক লৈয়েই সপোনবোৰ।
পিছৰতো ৰবিবাৰে ওলাল সিঁহত। সুণীলে পোন্ধৰদিনৰ ট্ৰিপ পেকেজ এটা পাইছে। দিল্লী আৰু আগ্ৰাৰ পেকেজ এটা বনাই ওলাল সিঁহত। শাহুৱেকৰ মাথো এটাই ইচ্ছা¸ এবাৰ পাৰ্লিয়ামেন্ট হাউচটো চোৱাৰ। টিভিৰ পৰ্দাত দেখি দেখি¸ দিল্লীৰ নাম শুনি শুনি মানুহজনী আকৰ্ষিত হৈ পৰিছে।
জয়পুৰলৈ যোৱাৰ ইচ্ছা আছিল সুনীলৰ। তথাপি মাকৰ ইচ্ছাত সহাৰি জনাই দিল্লী আৰু আগ্ৰালৈ যোৱাৰ সিদ্ধান্তই কৰিলে। সত্তৰোৰ্ধৰ মহিলা গৰাকী আৰু কিমান দিননো থাকিব!
ৰাতি সোনকালে ভাতখাই জায়েকৰ হাতত ঘৰৰ চাবিকোচা দি আহিল তাই। বৰজনাকেই সিঁহতক বাছষ্টেণ্ডত দ্ৰপ কৰিলেগৈ। ৰাতিপুৱা আঠটা পয়চল্লিশত ট্ৰেইন। লৰাদুটা ইতিমধ্যে টোপনিত লালকাল।
লক্ষীমপুৰৰ পৰা গুৱাহাটী পায়গৈ মানে চাৰে সাত বাজি গল। বহুদিনৰ মুৰত দীঘলীয়া যাত্ৰা কৰি শাহুৱেক ইতিমধ্যে ভাগৰি পৰিছে। লৰাদুটা অবশ্যে তজবজীয়া। ৱেইটিং ৰুমতে বহি আছিল সিঁহত।
‘‘হেৰা¸ ডাঙৰ কথা এটা হল নহয়। ট্ৰেইন সন্ধিয়াহে আছে।’’
গিৰিয়েকে এনকোৱাৰীৰ পৰা আহি কলেহি।
‘‘ইমান সময় কত থাকিম?’’
আচৰিত হল তাই।
দিনটোৰ বাবে হোটেল এখনৰ ৰুম এটা বুক কৰি ওলাই আহিল সিঁহত। টেক্সি এখন হায়াৰ কৰি গুৱাহাটী ফুৰিবলৈ গল।
(আগলৈ)

১৯৮০ : এখন গাঁওৰ কাহিনী

Unknown

পিলে আৰু বাংকাৰ দুৰ্বাদল কাজিয়া। একেবাৰে চকুলৈ নোচোৱা দন। দুয়ো নলেগলে লগা বন্ধু আছিল। গাঁওখনৰ দুয়োজনেই প্ৰতিপত্তিশীল সন্মানীয় ব্যক্তি। সৰুৰে পৰা একেলগে ডাঙৰ হোৱা। হঠাতে যেন সকলো সলনি হৈ গল। বাংকাৰ লৰাই পিলেৰ ছোৱালীক পলুৱাই লৈ গল। অথচ একেগোত্ৰীয় বাবে বিবাহ নিষিদ্ধ। পিলে আৰু বাংকাৰ এজনো সন্মত নহয় আনজনৰ বিয়ৈ হবলৈ।
‘‘আহক সি মোৰ ঘৰৰ সমুখেৰে গুলিয়াই মাৰিম।’’
বাংকাই কয় মানুহবোৰক।
‘‘মই তাৰ চকুৰ সমুখলৈ কিয় যাম। গুলৈ চালেও তাৰ চকুলৈ নাচাও। মোৰ সমুখলৈ আহিলেই গুলিয়াম।’’
পিলেও কৈ উঠে। দুৰ্গাপুজাত পোৱা টিনৰ পাঁচটকীয়া পিষ্টল আৰু গুলি এক বান্দিল কিনি দুয়ো দুয়োৰে নামত ফুটাই থাকে।
মানুহবোৰৰ আগত বেচ ৰসাল হৈ পৰিল কাজিয়াখন। এবছৰমান গল। দৰা-কইনাক দুয়োখন ঘৰেই আকোৱালি লৈছে। মাথো মুৰব্বী দুজনহে অহা-যোৱা কৰা নাই। কোনেও যেন কাৰো ওচৰত সৰু নহয়।
ইপিনে দৰা-কইনা হালৰ চিন্তা¸ বাপেকে দুজনৰ ইমানদিনীয়া সম্পৰ্কটো এনেকৈ ভাঙি দিয়াৰ দোষ লব নোৱাৰে।
সেইদিনা গাঁওৰ বছৰেকীয়া সবাহ আছিল। বুধি কৰি দুয়োকো একেলগে বহাই দিলে। ৰাইজনখনৰ আগত দুয়ো একো কৰিব নোৱাৰা হল। পেটে পেটে নব দম্পত্তিহালৰ ভয়ো লাগি আছিল। বাপেকহতে বা কি ৰূপ ধৰে। কিন্তু সকলোকে আচৰিত কৰি বিয়ৈ বুলি সাবতি ধৰিলে। দুয়োৰো যেন কথা শেষ নহবই।
***********
নাঙঠ হৈ খেলা সময়ৰে পৰা বন্ধু আছিল দুয়োচন। গাঁওখনৰ দুয়ো মুৰে দুয়োজনৰে ঘৰ। বিয়া বাৰু কৰোৱাৰ পিছত ল’-ছালি ডাঙৰ হোৱাৰ পিছত অলপ কমিছে দোষ্টি। আচলতে সময়বোৰ পৰিয়ালক দিবলগা হোৱাতহে আজিকালি বৰকৈ আড্ডা দিব নোৱাৰে।
চব ঠিকেই আছিল। হঠাতে ৰাষ্টাৰ কাষৰ মাটি এটুকুৰা বেছিবলৈ ওলোৱাত দুয়ো বন্ধুৰে চকু পৰিল। টকা পইছাৰে দুয়ো এতিয়া শেঠ। ঠিকাদাৰ মাজুবাণ্ডাৰ আৰু চৰকাৰী চাকৰিয়াল গিৰেণপুৰাৰ টকা খাওতা নাই। দুয়োৰে দুটাকৈ লৰা। ধুনীয়া মাটিখিনি দেখি দুয়ো মন কৰিলে।
‘‘বান্ধৈ¸ তুমি বাদ দিয়াহে। ঠিকাদাৰ মানুহ যেতিয়া পিছে পৰেও কিনিব পাৰিবা।’’
‘‘নহয় বান্ধৈ¸ সুযোগ সুবিধা সদায় নাহে। ৰিয়াটাৰমেন্টৰ সময়ত তুমি একেলগে বহুত টকা পাবা যেতিয়া কিয়নো উপৰাপৰি কৰিছা?’’
‘‘ঠিক আছে যাৰে কপালত আছে লব।’’
দুয়োজনৰে সিদ্ধান্ত হল। মুঠৰ ওপৰত কোনেও জিদ এৰিবলৈ সন্মত নহয়। দুকঠা মাটি¸ কিনোতা দুজন। তাকে দেখি মাটিৰ মালিক তুলেন শিয়ালৰ লোভ লাগি গল।
তুলেন শিয়ালৰৰ কাণ দুখন ডাঙৰ। বুদ্ধিত বৃহস্পতি বাবে শিয়াল নামেৰে প্ৰখ্যাত। মানুহে কয়¸ নাকটো খুজালেই শিয়ালৰ বুদ্ধি ওলাই। চাকৰীসুত্ৰে চহৰতে থাকে তুলেন। গাঁওলৈ বৰকৈ নাহে। সম্পৰ্কীয় ভায়েকহঁতে ইতিমধ্যে কিছু দখল কৰিলেই। সেয়েহে ৰাষ্টাৰ কাষৰ মাটিখিনি বেচিবলৈ আহিছিল।
মাজুবাণ্ডাৰো কম নহয়। ৰাষ্টাৰ কাষৰ মাটিখিনিযে এসময়ত মুল্যবান হব ধৰিব পাৰিছিল। সেয়েহে অধিক মুল্যৰ বন্দোবস্ত কৰি বাইনা দি আহিলগৈ। মাজুবাণ্ডাৰৰ ভাল নাম কোনেও নাজানে। ঘৰৰ মাজু লৰা বাবে সকলোৱে মাজু বুলিয়েই মাতিছিল। বৰ অঘাইটং লৰা আছিল সৰুৰ পৰা। বান্দৰৰ দৰে এজোপা গছৰ দৰে আনজোপা গছলৈ সহজে যাব পৰা দক্ষতাৰ বাবেই ৰাইজে মাজুবাণ্ডাৰ বুলি মাতিছিল। শকত কলা মানুহটো টপা। মুৰত চুলি এডালো নাই। গোমোঠামুৱা মানুহটোৰ পেটত কি আছে বুজা টান।
ডেকাকালত মাজুবাণ্ডাৰ আৰু গিৰেণপুৰাই একেলগে ঘুৰিছিল। সন্ধিয়া মদ খাইছিল। মদ খালে গিৰেণপুৰা মনে মনে থকাৰ বিপৰীতে মাজুবাণ্ডাৰে চিঞৰি চিঞৰি আহে। গাঁওৰ ৰাইজে গম পাই। সচৰাচৰ মানুহে মদখালে মানুহে অশান্তি পালেও¸ ৰাইজে যেন মাজুবাণ্ডাৰে মদখোৱালৈকে ৰৈ থাকে। ধুনীয়া লোকগীত¸ ধুনীয়া গান শুনিবলৈ সকলো ৰৈ থাকে। মদ খালে ভালকথা কয়।
গিৰেণপুৰা মানুহটো বগা গাঠলু টাইপৰ। মানুহটোৰ এটাই মুদ্ৰাদোষ¸ কথা অলপ বেছিকৈ কয়। বাটত কাৰোবাক লগপালে মানুহটোৱে কামোৰ অনুভব কৰে। মানুহটোৰ কুকুৰলৈ বৰ ভয়। পাৰিলে কুকুৰৰ জাতিটোৱেই যেন শেষ কৰিলেহেতেন। সৰু থাকোতে এবাৰ কুকুৰে তপিনাত কামুৰিছিল। নাভিৰ তলত চৌধ্যটা বেজি লৈছিল। তেতিয়াৰ পৰাই কুকুৰৰ প্ৰতি তীব্ৰ ঘৃণা¸ খং তেওৰ। তেওৰ চৌহদত দেখা মাত্ৰেই পাথৰ দলিয়াই খেদে। আনকি বিহু¸ পাৰ্বনত ঘৈনীয়েকে চোতালত অহা ফপৰা কুকুৰটোক চুৱা ভাত অলপ দিলেও গালি পাৰে। তেওৰ স্বভাবটোৰ কথা গম পায়েই চাগে কুকুৰবোৰেও ৰং পাই। গিৰেণপুৰাৰ ঘৰৰ পৰা এশমিটাৰমান গলেই কলিতা মানুহৰ চুবুৰীটো। অফিচলৈ আহোতে যাওতে সদায় সেইখিনি ঠাইৰ মাজেৰেই অহা-যোৱা কৰিব লাগে। সেই মানুহখিনি আকৌ বিৰাট জীব-জন্তুৰ প্ৰতি মৰমিয়াল। ঠাইখিনিৰ এজনী ৰাজহুৱা কুকুৰ আছিল। চাৰিটামান পোৱালিৰ লগত মাকজনী ঘুৰি ফুৰে। নিতৌ অহা-যোৱাৰ সময়ত গিৰেণপুৰাই দুৰৰ পৰাই বেঙা মেলি চাই¸ কুকুৰ দেখিলে নাহে। সদায় সেই অকমান ঠাই কোনোবাই পাৰ কৰিব লাগে। তাকেলৈ যে মানুহবোৰে ঠাট্টা কৰে¸ তালৈ তেওৰ ভ্ৰক্ষেপ নাই। দুই-তিনিমহীয়া পোৱালিকেইটাৰ গাত শিল দলিয়াই খেদে।
এদিনাখনৰ কথা। মানুহজনে অফিচৰ পৰা আহি আছিল। দুৰৰ পৰা বেঙা মেলি নেদেখি স্বস্তিৰ নিশ্বাস এটা কাঢ়ি বেগাই খোজ দিছিল। আধামান আহিছিল মাথো¸ ধৰিলেহি নহয় সিঁহতে। কুকুৰ পোৱালিকেইটাই পেন্টত কামুৰি ধৰিলে। এতিয়া তেও লৰচৰ কৰিব নোৱাৰে। সিঁহতেও যেন ৰংহে পাইছে। ভয় খুৱাবলৈ একোবাৰ বুকুলৈকে জাপ মাৰে।
‘‘কোন ক’ত আছ মোক বচা ঐ।’’
ভয়ত তেওৰ অবস্হা নাই। কেতিয়া মানুহজনে পেন্টত প্ৰস্ৰাব কৰি দিলে গমেই নাপালে। দেখা মানুহবোৰে মুখটিপি হাঁহি ঘৰত থৈ আহিলগৈ। সেইদিনাৰ পৰা তেও সেইখিনি খোজ কাঢ়ি নাযায়।
মানুহজনৰ আচল নাম গিৰেণহে আছিল। ৰাইজে মৰমতে দিছিল নাম গিৰেণপুৰা। সৰুতে এবাৰ যাত্ৰাপাৰ্টিৰ নাটকত লংকাকাণ্ড চাইছিল লৰাজাকে। গিৰেণো সৰু¸ বাৰ তেৰ বছৰীয়া। সুঁৱৰীৰ ৰাতি প্ৰতিবছৰে যাত্ৰাদলে নাটক কৰে।
‘‘অই’ আমি কালিৰ নাটকখনে খেলো আহ।’’
পিছদিনা খেলাৰ সময়ত কৈছিল কোনোবা এটাই। আটাইকেইটা লৰাই হয়ভৰ দিছিল।
আগৰাতিৰ কাহিনীতো চকুৰ আগত চবৰে ভাহি আছিল। বুঢ়ীমাক¸ পিতাকৰ মুখত অনেকবাৰ শুনিছে সিঁহতে।
গিৰেণ লৰাটো অলপ হৃষ্টপুষ্ট হলেও গাধ টাইপৰ। পটকৈ একো কথাই নুবুজে। মাজুৱেই গিৰেণক হনুমান হব দি নিজে ৰাবন হল। ফটাকানি কিছুমান সি পিন্ধি থকা লেংটিত গাঠি দি কোনোবাই সচাসচি জুই লগাই দিলে। পিছত বেয়াকৈ টিকা পুৰি গিৰেণৰ অবস্হা কাহিল। কেইবাদিনলৈ কামফেৰাও ভালকৈ কৰিব পৰা নাছিল। সেইযে হনুমান হৈ টিকা পুৰিল¸ নামেই ¸সলনি হৈ গল।
বাণ্ডাৰে মাটিখিনি কিনাৰ পিছত পুৰাৰ জেদ বাঢ়ি গল। ইমান টকা থাকিও কিয় হাৰিব! সন্মান কত ৰব! সেয়েহে পুতেকক লগাই দিলে বাণ্ডাৰৰ জীয়েকক পলুৱাই আনিবলৈ।
‘‘কিন্তু দেউতা¸ পলুৱাই কিয় আনিব লাগে। সিঁহতৰ ঘৰতো গমপাই। বিয়াকৰাই আনিলেই হয়চোন।’’
পুতেক নাৰ্ভাচ। বাপেক আকোৰগোজ।
‘‘তই যদি পলুৱাই নান¸ মোৰ লৰাই নহয়।’’
পুৰাই কেনেকৈ কয় পুতেকক¸ বাণ্ডাৰক এবাৰ হৰুৱাব খুজিছে।
********
মানুহজনক সকলোৱে বৌম বুলিয়েই মাতে। অবশ্যে সমুখত নহয়¸ পিছতহে। যদি ৰাতি শাকভাজিৰে ভাত খাই¸ কব মাছে মঙহে খোৱা বুলি। মানুহবোৰে মুখটিপি হাঁহে।
‘‘জান’¸ কালি চেপা পাতিছিলো যে এটা বৌম বৰালি পালো। একেবাৰে সাত কেজি ওজনৰ।’’
হাত দুখনেৰে আকাৰটোৰ অাভাস দি কৈ উঠে তেও।
‘‘হেৰৌ¸ তই দেখোন কালি পুঠি কেইটাক বাদ দি একোৱা পোৱা নাছিলি ঐ।’’
জব্দ কৰিবলৈ একেলগে মাছলৈ যোৱা ধনেশ্বৰে কৈ উঠে।
‘‘হেৰৌ¸ ঘৰলৈ আহি গলো নহয়। তিৰিয়ে সৰু মাছ নাখায়তো।’’
অকণো দমি নগৈ কৈ উঠে মানুহটোৱে।
এয়াই বৌম। তিলটোকে তালটো কৰি ভালপায়।
সেইদিনা মানুহজন ঘৰতে আছিল। দেওবৰীয়া হাটৰ পৰা আহি গৰমতে বাৰাণ্ডাতে বহি বিচনীখনেৰে বা লৈ আছিল। এনেতে সোমাই আহিল পাঠাৰাম।
‘‘অ’ খুড়া¸ ঢোলহঁতৰ ঘৰত কাজিয়া লাগিছে। যাও বলচোন’’
দুয়ো দুয়োকে ধেমালীতে খুড়া বুলি মাতে।
‘‘কি কোৱা খুড়া। ৰবা নহলে।’’
চাৰ্টতো গাত সুমুৱাই ওলাই আহিল বৌম। গৰমৰ কথা¸ গামোচাখন পিন্ধিয়ে গুছি আহিল।
আচলতে ভালনাম এটা আছিল পাঠাৰামৰ। কিন্তু ৰাইজে এইটো নামেৰেই জানে। ডেকা কালতে ৰাইজে এইটো নাম দিছিল। এবাৰ পঠাৰৰ পৰা পঠা ছাগলী এটা ধৰি নি মঙহ খাই নাড়ী-ভুৰু মজিয়াতে পুতি থৈছিল। বহুদিনৰ পিছতহে কেনেবাকৈ গৃহস্হই গম পাই খেদি আহিছিল। একো সিদ্ধান্ত নহল¸ কিন্তু ৰাইজে নামটো দিছিল।
***********
আগলৈ

দহন

Unknown

নতুন চাকৰী এটা পাইছে সি। দৰমহাও ভাল। সম্পৰ্কীয় দদায়েক এটাৰ ঘৰতে থাকিব গুৱাহাটীত। তেৱেই চাকৰীটো ঠিক কৰি দিছিল। আগৰটোৰ দৰমহা কম¸ তাতে প্ৰায়ে নাইট ডিউটিও কৰিব লাগে। যাবতীয় কামবোৰ কৰি যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ আছিল সি নাইট চুপাৰত। ৰাতি বাৰ বাজি গৈছিল। নগাঁও পাও পাও হৈছে বাছখন। সিঁহতৰ বাছখনৰ আগত চিলভাৰ কালাৰৰ চুইফট ডিজায়াৰ এখন গৈ আছিল। হয়তো ফেমিলী এটা গৈ আছে। মাজতে মহিলা এগৰাকীক মুৰটো উলিয়াই পানীৰ বটল ৰাষ্টাত দলিওৱা দেখিছিল ৰূপকে।
বাহিৰত ফৰিংফুটা জোনাক। খিৰিকিৰে বাহিৰলৈ চাই গৈ আছিল সি। ইতিমধ্যে সৰহভাগ যাত্ৰীয়ে টোপনিত লালকাল। ৰূপকৰ টোপনি অহা নাছিল। দিনতেই ভালকৈ এঘুমুটি মাৰি লৈছিল সি।
তাৰ চিটতো সমুখৰ ফালে খিৰিকিৰ কাষত। এনেকুৱা চিটেই ভালপায় সি। বতাহ খাই যাব পাৰি।
ৰাষ্টাতো নতুনকৈ ফ’ৰলেন হৈছে। যথেষ্ট ভাল হৈছে। বহুদিন এইফালে অহা নাছিল সি। সেই পঢ়ি থাকোতেই গুৱাহাটীলৈ অহা। সেইযে চিৰিয়াখানত হেৰাইছিল।
হাঁহি উঠিল তাৰ কথাটো মনত পৰি। বহুদিনলৈ যে জেব্ৰাটোক সি ৰং দিয়া ঘোৰা বুলি ভাবিছিল।
ক্ৰাছছ
হঠাতে বাছখন ব্ৰেক মাৰি ৰৈ গল। আগৰ গাড়ীখনে শ্লো কৰিছে। খিৰিকিৰে মুৰতো উলিয়াই চালে সি।
ফ’ৰলেনৰ ঠিক সোমাজত ছোৱালী এজনী হালধীয়া চুৰিদাৰ পিন্ধি মুখ খন ঢাকি বহি আছে। আগত গৈ থকা থকা চুইফট খনেও চাগে দেখিলে। সিহতি স্পীড কমালে¸ কিন্তু নৰখালে। চাইদেৰে পাৰ হৈ গল। সিঁহতৰ বাছখনেও হৰ্ণ বজালে¸ কিন্তু তাইৰ কাণষাৰেই নাই। তললৈ মুখ কৰি বহি আছে।
: এইজনী এই ৰাতিখন মৰিব আহিছে নেকি?
দুজনমান যাত্ৰীয়ে চিঞৰি উঠিছে।
: ঘৰত কিবা কাজিয়া লাগিছে চাগৈ। কিবা কাৰণত ওলাই আহিছে।
গাড়ীৰ ভিতৰত মৃদু গুণগুণনি। কি ভাবি জানো ড্ৰাইভাৰে স্পীড কমাই তাইৰ কাষেৰেই লাহেকৈ পাৰ হৈ গল। নিশ্চয় ড্ৰাইভাৰৰ খং উঠিছে। কিবা ভোৰভোৰাই উঠিছে সি। দিনত হোৱা হলে চাগৈ নামি গৈ গালি দিলেহেতেন।
ৰূপক বহা ফালতেই ছোৱালীজনীক ক্ৰছ কৰিছিল বাছখনে। খুদুৱনি মাৰিব নোৱাৰি উভতি চালে সি। তাই নাই¸ যেন বতাহৰ লগতহে মিলি গল। জাষ্ট ক্ৰছ কৰিছিল সিঁহতে। দুৰ দুৰলৈ একো নাই। ফটফটীয়া জোনাক। গাটো জিকাৰখাই উঠিল তাৰ। তাৰ লগতে কেবাজনো যাত্ৰীয়েও দেখিলে। কাৰো মুখতেই মাত নাই।
অলপ আগত চেকগেট এটা আছিল। ড্ৰাইভাৰজনে পাঁচ মিনিটমান ৰাখি ডিউটিত থকা পুলিচজনক কলে। হয়তো সিয়ো অলপ আচৰিত হৈছে।
: ভাল বাছিল আপোনালোক। ওচৰত গাড়ী ৰখোৱা হলে দিগদাৰেই আছিল।
- পুলিচজনে কৈ উঠিল।
বহুত কথাই যেন বুজি পালে সিঁহতে। কথাটো বেলেগ।
: কিছুদিন আগতে ছোৱালীজনীয়ে আত্মহত্যা কৰিছিল। কৰ ছোৱালী কি কথা কোনেও নাজানে।
পুলিচজনে কৈ গৈছিল।
মানুহবোৰৰ মুখ বিবৰ্ণ হৈ পৰিছিল। সি নিশ্চিত¸ এই দৃশ্য দেখা হেতেন প্ৰগতিশীল তথাকঠিত সাহসী কেইটায়ো প্ৰস্ৰাব কৰি দিলেহেতেন।
অলপ পিছত বাছখনে গতি লৈছিল। ঘটনাটোৱে ৰূপকৰ মনত পাকঘুৰণি খাই আছিল।
তাইক ফেচবুকত লগ পাইছিল সি। কমদিনৰ ভিতৰতে প্ৰেমত পৰিছিল। তাইৰ মাক নাছিল¸ মাহীমাকে অত্যাচাৰ কৰিছিল। সহজ সৰল ছোৱালীজনীয়ে তাক বিশ্বাস কৰিছিল। তাৰ ছলাহী কথাত পতিয়ন গৈছিল। অফিচত নাইট ডিউটি কৰোতে গোটেই ৰাতিটো তাইকো শুব দিয়া নাছিল সি। তাৰ প্ৰেমত মাজে মাজে দুশ এশ তায়েই ৰিচাৰ্ছ কৰাই দিছিল।
সেইদিনা মদখাই ধেমালীতে কৈছিল সি। তাই চাগে সঁচা বুলি ভাবিছিল। দিনত দেউতাকে মাৰিছিল। মাহীমাকে বেয়াকৈ লগাইছিল। ঘৰৰ পৰা ওলাই আহিছিল তাই। তাক বিচাৰি নাপাই ফোন কৰিছিল তাই। সি ৰিচিভ কৰা নাছিল। বেলেগ এজনীৰ লগত ফেচবুকত হিয়া উজাৰি আছিল।
পিছদিনা খবৰতো নিউজত দিছিল। বিশেষ দুখ অনুভব কৰা নাছিল সি। তাইক ভালপোৱা নাছিলতো।
চাগে তাই তালৈকে ৰৈ আছিল। এবাৰ চাবলৈকে অপেক্ষা কৰিছিল। কোনোদিনে দেখা নাছিল তাক। ৰনবীৰৰ ধুনীয়া ফটোখন প্ৰফাইলত থৈছিলো সি।
: তোমাক এপলক নেদেখালৈকে শান্তি নাপাম মই।
তাই প্ৰায়ে কৈছিল। সেয়ে ৰৈ থাকে এতিয়াও অচিনাকী ভণ্ড প্ৰেমিকৰ অপেক্ষাত।
হুমুনিয়াহ এটা ওলাই আহিল ৰূপকৰ। চকুৰে বৈ আহিল দুফোট চকুপানী।।

--------------------------------------------------------------------------------------------------
(থেংকিউ অভিক¸ প্লটতোৰ বাবে)

ফেচবুক আৰু এটা যাত্ৰা

Unknown

ছ’চিয়েল মিডিয়াৰ প্ৰভাব কোনেও আজি নুই কৰিব নোৱাৰে। ইয়াৰ প্ৰভাব সৰ্বত্ৰ। বহুক্ষেত্ৰত কু প্ৰভাবে সামাজিক পৰিবেশ বিঘ্নিত কৰিছে যদিও কিন্তু সময়ে সময়ে তাকৰীয়া এচামে ভাল কামৰ মাধ্যমেৰে পৰীক্ষা-নিৰিক্ষাও চলাই আহিছে। এনে এক ভাল লক্ষ্যৰেই কেইজনমান সাধাৰণ যুবকৰ চিন্তাৰ ফচল হৈছে ‘‘ৰসৰাজ ফাউণ্ডেচন’’।
শিক্ষা জাতিৰ মেৰুদণ্ড। শিক্ষাই জ্ঞানৰ দুৱাৰ মুকলি কৰে। শিক্ষাই জীবন পোহৰাই তোলে। উচ্চ মাধ্যমিক¸ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰিজাল্টৰ সময়ত খুউব আলোচনা হয়¸ পৰ্য্যালোচনা হয়। টিভিৰ আগত বহি¸ তিনিআলি¸ চাৰিআলিৰ আড্ডাত আমি সকলো সচেতন হও। শিক্ষা সকলোৰে মৌলিক অধিকাৰ।
ৰাজাবাবু শইকীয়া¸ আব্দুল আমাৰ গৌৰব। দৰিদ্ৰতাক নেওচি তেওলোক স্ব-মহিমাৰে উজ্জলি উঠিছে। কিন্তু এটা কথা পাহৰি গলে নহব যে দুজন সুকীয়া মহান ব্যক্তিত্বৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলতহে ৰাজাবাবু আৰু আব্দুলৰ দৰে প্ৰচণ্ড সম্ভাবনাই স্বাক্ষৰ বহন কৰিছে। হয়তো অনেক সম্ভাবনা মৰহি গৈছে সামান্য সঁহাৰিৰ অভাবত। পেটৰ ভোক লৈ কোনেও আগবাঢ়িব নোৱাৰে। উপযুক্ত পৰিবেশ অবিহনে কোনেও আগবাঢ়িব নোৱাৰে।
এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতৰ মহান সংবিধান প্ৰনেতা সকলে পিছপৰা অনুসুচিত জাতি-জনজাতিৰ লোকক কোটাৰ বিশেষ সুবিধা প্ৰদান কৰিছিল¸ একমাত্ৰ সাধাৰণ শ্ৰেনীৰ লগত এই সকলৰ সামঞ্জস্য ৰখাৰ স্বাৰ্থত। কিন্তু দৰিদ্ৰ এচাম মানব সম্পদ যুগে যুগে পিছপৰি ৰৈছে। কোনো জাতি-জনজাতি বুলিয়েই নহয় সাধাৰণ শ্ৰেনীৰ দৰিদ্ৰ সকলো সদায় পিছপৰি ৰৈছে। হাজাৰ চৰকাৰী আচনিয়েও বিশেষ একো সুফল দিব পৰা নাই।
এসময়ৰ বৃহৎ সম্ভাবনা দৰিদ্ৰতাৰ বাবে হয়তো মৰহি গৈছে নহয় অবাটে গৈছে। ইয়াৰ বাবে জগৰীয়া একমাত্ৰ দৰিদ্ৰতা। দৰিদ্ৰতা জীবনৰ অভিশাপ। সমাজৰ কলংক। কিন্তু দৰিদ্ৰ সকল নহয়। এওলোকে মাথো সপোন দেখিবহে পাৰে¸ কিন্তু বাস্তবায়িত কৰিব নোৱাৰে। স্বপ্নভংগৰ বেদনাত এওলোক মৰি মৰি জীয়াই থাকে। দৰিদ্ৰতাক নেওচি উজলি উঠা দুই এজন ব্যক্তিত্বক আদৰ্শ কৰি এওলোক জীয়াই থাকে!সমাজেও মুষ্টিমেয় কেইজনকে লৈ গুণগান কৰি থাকে। অথচ সেইসকল সফল ব্যক্তিত্বৰ আঁৰত কিমানজনৰ ত্যাগ¸ কষ্ট থাকে কোনেও মনত নাৰাখে। যুগে যুগে হেজাৰ হেজাৰ মৃত্যুমুখী সম্ভাবনাই বিনিদ্ৰ ৰজনী যাপন কৰে। এসাজ লঘোণে থাকি¸ উৰুখা পজাৰে¸ ৰদে-বৰুষুণে তিতি আত্মপ্ৰতিষ্ঠাৰ যুঁজ কেনেকুৱা ভয়ংকৰ একমাত্ৰ ভুক্তভোগীয়েহে বুজে।
যিয়েই নহওক¸ এই লেখাৰ উদ্দেশ্য বিতৰ্ক নহয়। আমি মুঢ়মতি¸ হয়তো ভালকৈ বুজাই লিখিবও জনা নাই। জ্ঞানৰ পৰিসৰো সীমিত। ৰসৰাজ বেজবৰুৱাৰ নামত উচৰ্গিত আমাৰ এই ক্ষুদ্ৰ অনুষ্ঠানটোৱে সেইসকল দৰিদ্ৰ শিক্ষাৰ্থীক সামান্য সকাহ দিব খোজো। হয়তো এখন কিতাপ¸ বহী¸ কলম¸ হয়তো সামান্য প্ৰয়োজনীয় ধন। প্ৰয়োজনত এষাৰি মাত¸ ‘আমি আছো¸ তোমালোক অকলশৰীয়া নোহোৱা’।
সমুহ দৰিদ্ৰ শিক্ষাৰ্থী উজলি উঠক। ৰিক্সাৱালা¸ ঠেলাৱালা¸ পাচলি ব্যবসায়ী¸ শ্ৰমিক¸ দিন হাজিৰা কৰা লোকৰ সন্তান ডাক্টৰ¸ অভিযন্তা হওক। চৰকাৰী¸ বেচৰকাৰী সকলো প্ৰতিষ্ঠানৰ সকলো উচ্চ পদবীত নিয়োজিত হওক। জীবনত সফল হৈ আৰু দহজনক সহায় কৰক। দৰিদ্ৰতা নাশ হওক। মনে প্ৰাণে এয়াই আশা।
কিন্তু আমি অকলে অপাৰগ। সুনিৰ্দিষ্ট নীতি আৰু জনসাধাৰণৰ মৰম¸ সহযোগ অবিহনে এই যাত্ৰা অসম্ভব।
আমি নাজানো¸ এই পদক্ষেপ সঠিক হৈছেনে নাই¸ আমি নাজানো সফল হব পাৰিম নে নাই!! তথাপি আগবাঢ়িছো¸ দুৰ্ভগীয়া ভাই-ভনী সকলক সামান্য সকাহ দিবলৈ।
সেয়েহে শুভাকাংক্ষী সমুহ ব্যক্তিৰ পৰা সু পৰামৰ্শ বিছাৰিছো। সুসংগঠিত ৰূপত আমি আগবাঢ়িব খুজিছো। প্ৰথমে ফেচবুকীয়া মাধ্যমত জনমত গঢ়ি লাহে লাহে আগুৱাব খুজিছো। আমি সাধাৰণ সৈনিক সুন্দৰৰ। আপুনি আমাৰ সহযোদ্ধা হবনে? আশাকৰো সকলোৱে সুপৰামৰ্শ দিব।
(ভাল লাগিলে অবশ্যেই শ্বেয়াৰ কৰিব পাৰে। কিন্তু বিতৰ্ক নিবিচাৰো। গঠনমুলক যিকোনো পৰামৰ্শ আঁকোৱালি লম।)

দুখৰ কবিতা

Unknown

(১)
সুখে এদিন কলে দুখক
তুমি ভাল নোহোৱা
চকুপানী উপচাই হৃদয় কৰা গধুৰ!
মই হাঁহি বিৰিঙাই তোলো
সিঁচি দিও প্ৰাপ্তিৰ আভা…
হাঁহি মাৰি কলে দুখে
মই নহও তোমাৰ দৰে স্বাৰ্থপৰ…
তুমি আলহী ক্ষন্তেকীয়া
মইতো মানুহৰ ছাঁ…
(২)
দুখবোৰ প্ৰাণৰ
দুখবোৰ আপোন
দুখে নিদিয়ে দুখ
নকৰে প্ৰতাৰণা
সাবতি থাকে বুকুত
দুখবোৰ নেহেঁৰাই।

অতৃপ্ত আত্মাৰ বিননি

Unknown

গৰমৰ দিন। প্ৰকাণ্ড চোতালখনত আমি বহি আছো। আমি মানে ডেকা¸ শৰ্মা আৰু বৰবৰা আৰু মই। কলনিটোত লগালগি চাৰিওৰে কোৱাৰ্টাৰকেইটা। তিনিজনেই অবিবাহিত। শৰ্মাই পৰিবাৰক ঘৰতে ৰাখিছে। গাঁওৰ পৰিবেশ। মানুহে বেয়া ভাবিব পাৰে। আনহাতে বিয়াৰ কথা-বতৰা চলিলেও ডেকা আৰু বৰবৰা এতিয়াও দাম্পত্য জীবনত ভৰি দিয়াহি নাই। মইতো দুবছৰ মানলৈ ভাবিবই নোৱাৰো। অলপতে ঘৰত বিয়া এখন পাতিলোহে।
কলনিটোত কাৰেন্ট নাছিল। বিদ্যুতৰ নাটনিৰ বাবে দীৰ্ঘ দিনৰ পৰা পাৱাৰ কাট হৈ আছিল। জোনাক নিশা চোতালতে প্লাষ্টিকৰ চকীকেইখন পাৰি আড্ডা দিছিলো।
: এনেকুৱা জোনাক নিশা ভুতৰ গল্প শুনি বৰ ভাল লাগে।
- হঠাতে কৈ উঠিলো।
: হল আকৌ আপোনাৰ গাজাখুৰী!
- বৰবৰাই ঢেকঢেকাই উঠিল।গাঁওলীয়া ভুতৰ কাহিনীবোৰক গাজা বুলিয়েই ভাবে তেও।
: আপুনি ভুত দেখুৱাব পাৰিব?
- বহুদিনৰে পৰা বৰবৰাৰ হেপাহ ভুত চোৱাৰ নে আমাক জব্দ কৰাৰ।
: বেলেগ কথা পাতকহে।
- অলপ যেন বিৰক্ত হল শৰ্মা। মানুহজন অলপ ভয়াতুৰ। সেইবাবেই কেতিয়াবা অলপ বঢ়ায়েই বেছিকৈ কও। ৰাতিলৈ বৰবৰাক দিগদাৰ দিয়ে। বাথৰুমলৈ যাওতেও হেনো বৰবৰাক জগাই দিয়ে। এনেবোৰ কাৰণতেই ভুত বৰবৰাৰ শত্ৰু।
: এইবোৰ মিছা নহয়হে বৰবৰা। কিবা এটা সচাকৈ আছে।
- সচঁৰাচৰ ডেকাই মাত নিদিয়ে। আনকালে ভাল শ্ৰোতাহে তেও। আজি বক্তাৰ ৰূপত অহাত ভালেই পালো। এনেও কাহিনীৰ অলপ অভাব হৈছিল।
: ঘটনা এটা ঘটিছিল মোৰ লগত-
ডেকাই মুখ মেলিলে।
সৰুৰে পৰা ৰমেশ আৰু মই একেলগে ডাঙৰ হৈছো। আমাৰ ঘৰৰ পৰা চাৰিখন ঘৰ এৰিয়েই ৰমেশহঁতৰ ঘৰখন। ককাৰ দিনৰে পৰা ৰমেশহঁতৰ ঘৰখনৰ লগত আমাৰ ভাল এটা সম্পৰ্ক আছিল। আমাৰ আইতা আৰু ৰমেশৰ আইতাকজনী একেখন গাওৰে আছিল। আমাৰ আইতা ডাঙৰ। ৰমেশৰ আইতাক সৰু। ৰমেশৰ আইতাকে আমাৰ আইতাক বাই বুলি মাতিছিল। সেই সুত্ৰে দেউতা¸ খুড়াহঁতেও ৰমেশৰ আইতাকক মাহী বুলি মাতিছিল। আমাৰ আইতাৰ মৃত্যু হওতে ৰমেশৰ আইতাকেও আমাৰ ঘৰখনৰ সমানেই ব্ৰত পালিছিল। আইতাৰ আপোন বাই-ভনী নথকা বাবে দেউতাহতেও ৰমেশহতৰ আইতাকে মাতৃজ্ঞান কৰিছিল। যদিও ৰমেশ মোতকৈ দুবছৰমান ডাঙৰ আছিল¸ সৰুৰে পৰা একেটা শ্ৰেনীতে পঢ়িছিল। শিক্ষক দেউতাই ঘৰতে পঢ়োৱা বাবে মই সৰুৰে পৰা চোকা আছিলো। তাৰ বিপৰিতে ৰমেশ গাধা। দেউতাৰ কাণমলাৰ ভয়ত সি বৰকৈ দেউতাৰ আগত নোলাইছিল। দেউতাই লগ পালেই তাক পঢ়াৰ কথা ধৰিছিল।
সেইবেলি কিবা মহামাৰী লাগিছিল গাওখন। অসহ্য গৰমত বহু মানুহৰ অসুখ হৈছিল। তেজ হাগনি হৈ দুদিনতে হঠাতে ৰমেশ ঢুকাই থাকিল। হস্পিতাললৈ নিবলৈকে নাপালে। মই ফেকুৰী উঠিছিলো¸ শৈশবৰ লগৰীজন বহু দুৰলৈ গৈছিল। ৰমেশৰ আইতাকে মোক সাবতি মুৰ্চা গৈছিল।
আইতাৰ পিছত সেয়া দ্বিতীয়বাৰৰ বাবে কাৰোবাৰ মৃত্যু দেখিছিলো ওচৰৰ পৰা। আইতা মৰোতেও সিমান দুখ লগা নাছিল। নব্বৈ বছৰত মৰিছিল আইতা। কিন্তু ৰমেশেৰ মৃত্যুৱে মোক মুক কৰি পেলাইছিল। বহুদিন স্কুললৈ যাবলৈ সিঁহতৰ বাটত ৰৈ তাক মাতি উচুপি উভতি আহিছিলো ঘৰলৈ। মায়ে সিঁহতৰ ঘৰলৈ যাব দিয়া নাছিল। মোক দেখিলেই মাক¸দেউতাক¸ আইতাকে উচুপি উঠিছিল। ক্ৰমশ পাহৰিব লৈছিলো মই। ৰমেশৰ স্মৃতি মোৰ বাবে কেঁচা ঘা হৈ আছিল।
তেতিয়া চেভেন পাইছিলো। দুৰ্গাপুজাৰ পিছত অলপ ঠাণ্ডা পৰিছিল। চৌধুৰী বৰতাহঁতৰ বাৰীত এডাল আম পিয়লা আছিল। গাঁওখনৰ ভিতৰত এজোপাই গছ। লগা সময়ত গাঁওৰ সকলো লৰা-ছোৱালীয়ে খাব আহে। গৃহস্হই একো নকয়। কেতিয়াবা কাৰোবাৰ ভাগত নপৰেগৈ। আগেয়েই কোনোবাই পাৰি লৈ যায়। ভন্টিয়ে আকৌ বৰ ভাল পায়। পিছে গছ বগাবও নোৱাৰে। একমাত্ৰ ছোৱালী বাবে মায়ে আমাৰ লগত দৌৰা-ঢাপৰা কৰিবও বৰকৈ নিদিয়ে। মই প্ৰায়েই তাইলৈ পাৰি লৈ যাও। আগদিনা লগৰ কেইজনী পাৰি নিছিল। তাইক মাথো দুটামান দিছিল। ৰাতিৰে পৰা তাই কুটুৰি আছিল। আবেলি স্কুলৰ পৰা আহিয়ে বেগতো থৈ চিধাই পালোগৈ। ভৰ দুপৰীয়া¸ তেতিয়া তলিত কোনো নাছিল। ৰঙচুৱা পকা আম পিয়লাকেইটাই মোক খা মোক খা কৰি আছিল। মনত ভাল লাগি গল। ডালত উঠি সৰু সৰু ডাল কেইটামান ভাঙি ললো। লোমা-লোমে ওলমি আছিল। হঠাতে অনুভব হল¸ কোনোবাই যেন মোৰ ওপৰৰ ডালৰ পৰা মোলৈ চাই আছে। ঘুৰি চালো¸ নাই কোনো নাই। নাজানো¸ কিয় জানো অনুভব হল¸ যেন এযুৰি চকুৱে মোলৈকে ট টকৈ চাই আছে। মোৰ চিনাকী সেই চকু। সেই চকু ৰমেশৰ। এনেবোৰ দিনত লোকৰ বাৰীৰ আম¸ জাম¸ লিচু চুৰ কৰি খোৱাৰ সি মোৰ একমাত্ৰ সংগী আছিল। আচলতে চুৰ কৰি খোৱাৰ মজাই বেলেগ। এক সুকীয়া তৃপ্তি।
গভীৰ দুখেৰে ভৰি পৰিল মনটো। এতিয়া সি নাই।
ঘৰলৈ আহি সকলো পাহৰি গৈছিলো। ভাত-পানী খাই জিৰণি ললো অলপ। আবেলি টিউচনৰ চাৰ আহে।
ককাদেউতাই সজা কাঠৰ ঘৰটোৰ এটা ৰুমত আইতা থাকে। মাজৰ ৰুমটো মানুহ বহা। এটা ৰুমত দেউতাৰ লগত ভাইটি শোৱে। কাষত আন এখন বিচনাত মই অকলে। কাষৰ ৰুমটোত ভন্টি আৰু মা। সৰুৰে পৰা অকলে শোৱা অভ্যাস মোৰ। এজনীয়া বিচনাখনৰ কাষতে পঢ়া টেবুলখন। ৰাতি কিমান হৈছিল নাজানো। কোনোবাই মোক মাতিছিল। মন্ত্ৰমুগ্ধ হৈ উঠি গলো মই। দেউতা গভীৰ টোপনিত লালকাল।
ওপৰৰ চিটকানিটো খুলি তলৰটো খুলি বাহিৰলৈ যাবলৈ ওলাইছিলো মাথো¸ হঠাতে মায়ে সাৰ পালে।
: কিয় দৰ্জা খুলিছ বৰবাপু?
- তেতিয়াহে যেন সম্বিত ঘুৰি আহিল মোৰ। এই ৰাতিখন কিয় বাহিৰলৈ ওলাব খুজিছো। প্ৰস্ৰাব কৰিবলৈ ভঙা চৰিয়া এটা দেখোন আছেই ভিতৰত।
মা হতভম্ব। ভয়তে শেতেলীতে প্ৰস্ৰাব কৰা লৰাটোৱে কিয় ৰাতি দুই বজাত অকলে বাহিৰলৈ ওলাব খুজিছো।
: কোনোবাই মতা যেন পালো মা। সপোন দেখিলো চাগে।
ইতিমধ্যে দেউতায়ো সাৰ পাইছিল। আকৌ শুই থাকিলো মই। কোনেও একো বিশেষ নাভাবিলে। পিছদিনা ৰাতিও একে সময়ত সাৰ পালো। যেন কোনোবাই মৰমেৰে মাতিছে। মন্ত্ৰমুগ্ধ হৈ পৰিছো মই। বিচনাৰ পৰা নামিছো।
চাগে মাৰ টোপনি অহা নাছিল। দৰ্জাৰ কাষতে থাপ মাৰি ধৰিলে মোক।
: কলৈ যাৱ?
: তই মাতিছিলি চোন!
- ময়ো আচৰিত। এইমাত্ৰ বাহিৰৰ পৰা মাতি ভিতৰলৈ কেনেকৈ আহিল মানুহজনী।
: মই কিয় মাতিম! মই দেখোন শুই আছিলো।
-তেতিয়াহে লক্ষ্য কৰিলো মই¸ ৰাতি দেখোন গভীৰ। কোনে মাতিলে নহলে মাৰ মাতেৰে! স্পষ্ট শুনিছিলো। ভয় লাগিল!
: আজিয়ো ওলাই যাব খুজিছিল নেকি ই?
-দেউতা উঠি আহিছিল।
অলপ চিন্তিত যেন লাগিছিল তেওক।
:পুৱালৈ জাপ এডাল দিব লাগিব।
- মায়ে কৈ উঠিছিল। সেইদিনা ৰাতি কুচিমুচি দেউতাৰ কাষতে শুই আছিলো।
পুৱালৈ ওজানি আইতা আহিছিল। দেউতাই মাতি আনিছিল। শুকান তামোল পাতত জুই লগাই সৰিয়হ¸ শুকান জলকীয়া পুৰি মুখ ভঙাইছিল মোৰ। মোৰ অসহ্য লাগিছিল। পোৰা জলকীয়া তীব্ৰ গোন্ধে হাছিয়াবলৈ বাধ্য কৰাইছিল।
দুদিনমান সকলো ঠিকেই আছিল। শণিবাৰে স্কুলৰ পৰা সোণকালে আহি পাইছিলো। চাফাই কাম কৰি গৰমত লেবেজান হৈ পৰিছিলো। ভাত কেইটা খাই ভাগৰত বিচনাখনতে বাগৰি দিছিলো। কাৰেন্ট নাছিল। খিৰিকিৰে ধুনীয়া বতাহজাকে গা জুৰ পেলাইছিল।
চিলমিলকৈ টোপনি আহিছিল।
: ঐ সেইদিনা কিয় মোক এৰি আহিলি?
মোৰ ওচৰত থিয় হৈ স্পষ্ট অভিযোগ তাৰ।
: কেতিয়া?
-মই আচৰিত। মনত পৰা নাই দেখোন।
: সেইদিনা¸ চৌধুৰী বৰতাহতৰ বাৰীত। মই সদায় ৰৈ থাকো তোলৈ। তই নাহ। সেইদিনা আহিলি¸ আকৌ অকলে গুছি আহিলি। অকলে থাকি মোৰ বৰ আমনি লাগিছে অ’। আহ না খেলোগৈ।
- মোৰ কাষলৈ আহিল সি।
চাৎকৈ মনত পৰিল মোৰ। সেইদিনা আম পিয়লা পাৰিব গৈছিলো। অকস্মাতে চকু এযুৰি দেখা যেন লাগিছিল। কিন্তু ই…
তাক জুই দিওতে মই নিজেই স্মশানত আছিলো। তেন্তে…
বুকুখন চিৰিংকৈ উঠিল। ইতিমধ্যে সি আগবাঢ়ি আহিছে। হয়তো মোক চুব!
: নাহিবি¸ ৰৈ যা তই। তইতো মৰিছ।
- বিৰবিৰাই উঠিছো মই। চিঞৰিব খুজিও পৰা নাই।
: কত মৰিলো মই। আছোৱে দেখোন তোৰ সমুখত।
- হাঁহি মাৰি কৈ মোৰ পিনে আহিছে সি। এয়া কাষ পালেই।
হয়তো খুব বেয়াকৈয়ে চিঞৰিছিলো। মোৰ গোটেই মুখত বিন্দু বিন্দু ঘাম। মোৰ পৰা কেইহাতমান আঁতৰত মুৰ পথানত থিয় দি আছিল সি। মই কপি উঠিছো।
মায়ে চোতালতে কিবা কাম কৰি আছিল। চিঞৰ শুনি একে দৌৰে ঘৰ পালেহি। দেউতা স্কুলৰ পৰা তেতিয়াও আহি পোৱা নাছিল। বিৰবিৰাই কি কলো নাজানো।
সি আহিছিল মোক নিবলৈ। মই স্পষ্ট দেখিছিলো। জামুৰ দাগ লগা হাতকটা গেঞ্জীটো আৰু কলা হাফপেন্টতো পিন্ধি আহিছিল সি। মৰাৰ দিনাও সেইখিনি কাপোৰেই পিন্ধি আছিল।
বিচনাতে বহি মাক সাবতি ধৰিছিলো ভয়তে। অকলে বহি থাকিব ভয় লাগিছিল। ওজানী আইতা আহিছিল। কিবা তাবিজ এটা ডিঙিত পিন্ধাই শান্তিপানী অলপ গাত চটিয়াইছিল। দুমাইল আঁতৰৰ পুণ্য বেজক দেউতাই চাইকেলত উঠাই লৈ আহিছিল। সেয়া ওজানী আইতাৰ সাধ্যৰ বাহিৰত। শৰুৱাৰ গছৰ ডালকাটি খুটি পুতি দুৰ্বোধ্য মন্ত্ৰ মাতি পুণ্য বেজে হদ বান্ধিছিল।
: বাপুই চক্ খাইছিল হান পাও। চিদ্ৰত পৰিছে বেয়া বস্তৰ। অলপ সাবধানে ৰাখিবি।
- পুণ্য বেজে কৈ উঠিছিল। মা কান্দো কান্দো হৈছিল।
আম পিয়লাৰ কাহিনী শুনি দেউতাই মোক গালি পৰা নাছিল। গাঁওৰ কোনো লৰা-ছোৱালীয়েই সেই মুৱা হোৱা নাছিল। চৌধুৰী বৰতাই মোৰ খবৰ লৈ যোৱাৰ পিছতে গছডাল কাটি পেলাইছিল।
ৰমেশ আৰু অহা নাছিল। কিন্তু সি মাতিছিল। কাল সন্ধিয়া¸ দুপৰীয়া সি ৰিঙিয়াইছিল
‘ঐ বৰবাপু¸ ফুৰি আহো আহ’
কোনেও শুনা নাছিল। মই শুনিছিলো। মাজৰাতি তাৰ কান্দোন ভাহি আহিছিল। মোৰ মনটোও বেয়া লাগিছিল। ভয় লাগিছিল। কুচিমুচি দেউতাৰ বুকুতে মুখ থৈ শুইছিলো মই। হঠাতে যেন বুজন হৈ পৰিছিলো। ধিতিঙালিবোৰ বন্ধ হৈছিল। তাৰ বছৰেকীয়া শ্ৰাদ্ধৰ দিনা ৰাতি শুব পৰা নাছিলো। আমাৰ কাষৰ বাঁহৰ বাৰীৰ পৰা গোটেই ৰাতিটো সি উচুপি আছিল।
কৈ কৈ ডেকাই চকুদুটা মচিলে। হয়তো পুৰণি দিনলৈ উভতি গৈছিল তেও। আমাৰো হুমুনিয়াহ এটা ওলাই আহিল।
: হেৰি ডেকা¸ আপুনি বেছিকৈ ভাবিছে নেকি? সেয়া আচলতে আপোনাৰ মনৰ ভাবহে আছিল চাগে। যথেষ্ট সৰুতে প্ৰিয় বন্ধুৰ মৃত্যুত আপুনি মানসিক আঘাট পাইছিল।
- বৰবৰাই কৈ উঠিল। মানুহজন অলপ নাষ্টিক ধৰণৰ। এনেয়েও এইবোৰ ভৌতিক কাৰবাৰত বিশ্বাস নকৰে।
মোৰ অলপ খং উঠিল বৰবৰাৰ ওপৰত। প্ৰকাশ্যে এইখিনি নকলেও হয়।
: মই জানো¸ আপুনি বিশ্বাস নকৰে। কিন্তু আপোনাৰ অন্তৰ্বাসত যে তিনিটা ফুটা ওলাইছে সেইকথা মই জানো। চিকটা স্বভাবৰ বাবে নতুন এটা কিনিবলৈ আপুনি মন নকৰে।
উচপ খাই উঠিলো। ডেকাই বৰবৰাক জেক দিছে। এতিয়া লাগেহে এখুন্দা।
(আগলৈ)

অনুভবৰ আং বাং

Unknown

হৃদয় বৰ ঠুনুকা
বাৰে বাৰে ভাগে¸
যান্ত্ৰিক পৃথিবীত যেন সকলো যন্ত্ৰ
মই পুৰণি দিনৰ মানুহ
মিলিব নোৱাৰো সময়ৰ লগত
হেঁপাহো নাই
মৰম দিবহে শিকিলো
নুবুজো মেৰপাক
নাজানো একো
সময়ৰ লগে লগে হৃদয়বোৰো ডিজিটেল হৈ গল…
কেতিয়াবা ভাব হয়
মানুহতকৈ গছেই ভাল…
কবও নিশিকিলো
সহিবও নিশিকিলো
ভুলবোৰ ভাল বুলি কবলৈয়ো নিশিকিলো
জীবনৰ পটভুমিত
য’ৰে ত’ৰে পৰা গ্ৰহণ কৰো শিক্ষা
ভালবোৰ লব লাগে
বেয়াবোৰ এৰিব লাগে
ক্ষমা খুজিলেইতো কোনো সৰুহৈ নাযায়
মইবৰ ভাবেও মহান নকৰে
সকলো একেই থাকে!
হয়তো এয়াই মোৰ গৌৰব
মোৰ অহংকাৰ
আকাশ চুব খোজো
নীলিম গগণত উৰিব খোজো
মুক্ত বিহংগ…
মই আকাশ ভালপাও¸ জোনাক ভালপাও
জোন-তৰা¸ ফুল¸ মানুহ ভালপাও
গাব খোজো মানুহৰ গান
গাব খোজো জীবনৰ গান
লিখিব খোজো জীবনবোধৰ সঞ্জীবনী পৃষ্ঠা…
চিঞৰিব খোজো বজ্ৰ নিনাদেৰে
কৰযোৰে খুজিব পাৰো ক্ষমা
হয়তো এই পৃথিবীৰ নহয়
হয়তো এই সময়ৰ নহয়
বিষাদৰ ৰাগিনীয়ে বুকুত লহৰ তোলে
ভুল বুলি জানিও জীবনলৈ মোৰ অভিমান…
হতাশ হৈয়ো ভাগি পৰিব নোখোজো
বটবৃক্ষৰ দৰে স্হিৰ হব খোজো
হাঁহিৰে চকুলোক ফাঁকি দিব শিকিছো
এটা শূণ্যৰ পৰা আকৌ যাত্ৰা কৰিছো
হয়তো আকৌ শূণ্যই পাম
আকৌ যাত্ৰা কৰিম…
এইদৰে চলিয়েই থাকিব যাত্ৰা
ভয় লাগে¸ যন্ত্ৰনাবোৰ বৰ গধুৰ
বোজা কঢ়িয়াব নোৱাৰাকৈ
কাষচাপি যাবলৈ ভয়
হেপাঁহৰ আবেগে শান্তি নিদিয়ে
আঁকুল হৃদয় বাৰে বাৰে ভাঙে
অকলশৰেই ভাল
একো ভয় নাথাকে
অনুভুতিবোৰে জ্বলাব নোৱাৰে
আহিছে মানুহ গৈছে মানুহ
জীবনটোতো নহয় প্ৰথিবী
আঁকোৱালি লবহে পাৰো
যিমানেই পাও
একো নজনা মই সপোন কোঁৱৰ
সপোনবোৰ সচাকৈয়ে বৰ ধুনীয়া
লাগিয়েই থাকে মুখত হাঁহি
লোমালোমে হেপাঁহৰ ফল-ফুল লাগে
বেজাৰবোৰ গহীন
হেপাঁহবোৰ সেউজীয়া
দুখবোৰ নীলা
তেনেবোৰ নীলা গলাধ:কৰণ কৰিয়েই
এদিন শিব নীলকণ্ঠী হৈছিল…
লুণীয়া চকুলোৱে বোঁৱাই মনৰ প্ৰশান্ত
তথাপি জীবন নহয় ক্লান্ত
সংগ্ৰামে দিয়ে নতুন তৰংগ…
আশাই চুব খোজে এভাৰেষ্টৰ চুড়া
বাকী দিয়ে বুকুত শান্তিৰ প্ৰেৰণা
এদিন চাগে ওখ হম
ইউকেলিপ্তাছ গছৰ দৰে!!
(মাজে মাজে ফটুৱামিও ভাল লাগে)

যন্ত্ৰনা

Unknown

(এটা খবৰ শুনি প্ৰতিবাদত)

আত্মহত্যা বিলাস নহয়
চকুৰ পানীৰে বাট নেদেখা যন্ত্ৰনাও নহয়
এটা মানসিক ৰোগৰ নাম আত্মহত্যা
কাপুৰুষালিৰ নাম আত্মহত্যা
জীবনৰ সতে যুঁজিবলৈ যাৰ সৎ সাহসৰ অভাব
যিয়ে নোৱাৰে কৰিব সফলতা¸ বিফলতাৰ মুল্যাংকন
পলায়নেই তেওৰ বাবে উত্তম পন্হা…
মানুহ মৰি মৰি জীয়াই থাকে
যন্ত্ৰনাৰ সাগৰত ডুবি দেখে সেউজীয়া স্বপ্ন
বাটৰুৱা পথিকৰ যাত্ৰা থমকি নৰয়
চৰাইজাকে আকাশত উৰিব নেৰে
বানপানীয়ে উটুৱাই নিয়া গাঁওখন সময়ে নতুনকৈ গঢ়ে
প্ৰতিটো প্ৰহৰৰে এটা বাট আছে
প্ৰতিটো বাটৰে এটি গতি আছে
কোনো গতিয়েই মসৃন নহয়
ক্ষণভংগুৰ প্ৰাপ্তিৰ অপেক্ষাতেই আগবাঢ়ে হুমুনিয়াহ
আশাৰ পোচাক পিন্ধি পাহৰে বিফলতাৰ ধুমুহা
প্ৰতিটো যাত্ৰাৰে এটা শেষ আছে
জীবনৰো শেষ আছে
লক্ষপ্ৰাপ্তিৰ আদবাটৰ পৰা পথিক উভতি নাহে
যুদ্ধভুমিৰ পৰা সৈনিকে পলায়ন নকৰে
প্ৰাপ্তিৰ চুড়ান্ত ক্ষনলৈ দুয়ো ৰৈ থাকে।

ভুতৰ গল্প

Unknown

ৰাতি ডেৰ বাজি গৈছিল। মোৰ টোপনি অহা নাছিল। কিবা কিবি লিখি আছিলো। হঠাতে উচপ খাই উঠিলো। বাহিৰত কুকুৰে ভুকিছে। বিচনাৰ পৰা নামি লাইটতো জলাই বাহিৰলৈ ওলাই আহিলো। এখন হাতত তিনি বেটাৰীৰ টৰ্ছটো¸ আনখন হাতত মোবাইলতো।
অলপ দুৰত কুকুৰ কেইটাই নেৰানেপেৰাকৈ ভুকিছে।।এনে লাগিছে যেন এপাল কুকুৰে কাৰোবাক আগুৰি ধৰি আক্ৰমণ কৰিব খুজিছে। অলপপৰ তভক মাৰি ৰলো¸ ক’ৰ পৰা ভাহি আহিছে ভুকনি।
দুদিনৰ বাবে মামাহঁতৰ গাঁওৰ ঘৰলৈ আহিছিলো। বহুদিন অহা নাছিলো। চাকৰীসুত্ৰে তিনিজন মামাই গুৱাহাটীত থাকে। ইয়াতেই ঘৰ-বাৰী কৰিলে। গাঁওৰ ঘৰত সৰু মামা-মামী আৰু আইতা থাকে। আইতাৰ অলপ গা বেয়া বুলি শুনিছিলো। আজিকালি মাকো অকলে পঠাব নোৱাৰি। সেয়ে পৰহিয়েই আবেলি লৈ আহিছিলো। দুখন জিলা পাৰহৈ মাৰ মাকৰ ঘৰ¸ সেয়ে পিছদিনা উভতিম বুলি বন্দোবস্ত কৰি আহিলেও বুজিছিলো মায়ে দুই-তিনিদিন থাকিব বুলি।
মামাহঁতৰ গাঁওখন তেনেই পিছপৰা ঘোকোট গাও। জনবসতিও সেৰেঙা। প্ৰায় চাৰি বিঘাৰ বস্তিটোৰ বাথৰুমলৈ যাবলৈ হলে বাৰীৰ মুৰলৈ যাব লাগে। প্ৰকাণ্ড বাঁহনি খনে বাৰীৰ তলিখন দিনতেই ঘোপমৰা কৰি ৰাখিছে। আমাৰ দৰে চহৰৰ দাতিঁ-কাষৰীয়া অঞ্চলৰ মানুহে কোনোপধ্যেই বেছিদিন থাকিব নোৱাৰে।
: ৰাতি বাহিৰলৈ উঠিলে মাতিবি।
- মামাই কৈছিল। ভয় কৰিম বুলি। কিন্তু কোনে মাতিব। আজিকালি বহুত সাহসী হলো।
কথাটো পৰহিয়েই শুনিছিলো। মামাহতৰ কাষৰ মানুহঘৰৰ গেটখন ৰাতি নিজে নিজে খোলা শব্দ হয়। একো দেখা নাযায়। কোনোবাই যেন ধামকৈ খুলি দিয়ে¸ আকৌ জপাই থয়। বাৰীৰ পৰা কুকুৰৰ ভুকনি ভাহি আহিছে। আগে পিছে ৰাতি কুকুৰ জাকে ভুকি ভুকি খেদি যায়। কিন্তু আজি একে ঠাইতে ৰৈ আছে।
ছমাহমান আগতে কাষৰ ঘৰৰ লৰাটোৱে আত্মহত্যা কৰিছিল। কিবা পাৰিবাৰিক অশান্তি। অপঘাটত মৰা আত্মাই মুক্তি নাপায়। আজিকালি ভয়-ভীতবোৰ কমিছে মোৰ। চহৰত নিশাচৰহৈ আধাৰাতিলৈ অকলে ঘুৰাৰ পিছত যি বুজিলো¸ মানুহতকৈ ভয়াবহ প্ৰাণী একো নাই।
কুকুৰৰ ভুকনিৰ মাজে মাজে পুৰুষ কণ্ঠৰ উচুপনিৰ দৰে কিবা ভাবি আহিছে।
এল পেটাৰ্ণৰ ঘৰটোৰ একাষে এটা ৰুমত মই আছো। কাষৰ এটা ৰুম পাৰহৈ মামাহত। মা আইতাৰ ৰুমত।
: মামাক মাতিম নেকি? নাই নামাতো। মাতিলে মোৰ কাম নহব!
- নিজকে নিজে কলো। কেইমাহমানৰ পৰা পেৰানৰ্মেল এক্টিভিটি অধ্যয়ন কৰিছো। হঠাতে আকৰ্ষিত হৈ পৰিছো। মোৰ গুৰুৱেই কৈছে¸ সাহস ৰাখিলে একো অপশক্তিয়ে অন্যায় কৰিব নোৱাৰে। মাথো ভয়হে খুৱাব পাৰে।
মামাহঁতৰ গহীন বাৰীখনত ৰাতি মাজে-সময়ে শব্দ কিছুমান ভাহি আহে বুলি শুনিছিলো। মায়েও দেখা বুলি কৈছিল। আগতে মামাহঁতৰ ঘৰলৈ আহিলে অকলে নুশুইছিলোৱে। কিন্তু আজিকালি কথা সুকীয়া।
আজি কিছুদিনৰ পৰা ৰাতি ৰাতি কুকুৰে ভুকিবলৈ লৈছে হেনো। মামাহঁতৰ বাবে এয়া সাধাৰণ কথা। শুনা মাত্ৰকে মোৰ কৌতুহল হৈছিল। অবশ্যে বাট হেৰুওৱা গৰুকো ৰাতি কুকুৰে ধৰে।
দুইমিনিটমান ৰৈ আগুৱাই গলো। বাৰীৰ পৰা কুকুৰৰ ভুকনি ভাহি আহিছে। হাতত সাৰে ভৰিত সাৰে আগুৱাই গলো। কলৰ বাৰীখনৰ কাষতে সিঘৰৰ সীমা। প্ৰকাণ্ড বৰাই নোখোৱা চানাকচুকেইজোপাৰ কাষৰ পৰা কুকুৰ কেইটাই ভুকি আছে। মানুহক এনেদৰে ধৰিলে যে কাপোৰে-কানিয়ে প্ৰস্ৰাব কৰিলেহেতেন খাটাং। কুকুৰকেইটা এবাৰ আগুৱাই গৈ আকৌ পিছুৱাইছে।
মই ভালকৈ কাণ উণাই শুনিছো¸ কোনোবাই যেন খোজকাঢ়িছে¸ আকৌ ৰৈ গৈছে। যেন কুকুৰৰ লগত ফেপেৰি পাতিছে।
দুদিন আগত লৰাটোৰ ছমাহিলী মৃত্যু বাৰ্ষিকী গৈছে। শুনামতে অপাঘাটে মৰা লোকৰ তিথি পালিব নাপায়। গৃহস্হই ভাত দিছিল তাক। তাৰ পিছতেই নিজৰ গেটত ধাম ধুম উৎপাত।
: ঘেউ ঘেউ
কুকুৰ কেইটা জপিয়াই উঠিছে। অথচ বলে পৰা নাই। মই সাক্ষী হৈ আছো। মোৰ পৰা সীমাৰ বেৰখনৰ দুৰত্ব মাথোন ত্ৰিশহাতমানহে। আৰু আগুৱাই যাবলৈ মন গলেও বিবেকে বাধা দিলে। হওতে আঙুঠি এটা আছে। ৰেকৰ্ড কৰিবলৈ একো এটা বিচাৰি পোৱা নাই। কুকুৰৰ ভুকনি ৰেকৰ্ড কৰিলেও কোনেও বিশ্বাস নকৰিব। তাৰোপৰি ফ্লাছৰ পোহৰ পেলাই মোৰ উপস্হিতি জনাবলৈয়ো ভাল লগা নাই। তথাপি কিবা দেখাৰ আশাত টৰ্চটো জোৰকৈ খামুচি ৰৈ আছো।
হঠাতে শব্দ কৰি বাঁহৰ আগলি ভাঙি দৌৰ মাৰিলে। বুকুখন কপি উঠিল মোৰ। কুকুৰৰ ভুকনি বন্ধ হৈ গল। পৰিবেশ শান্ত হৈ জিলিৰ মাত স্পষ্ট ভাহি আহিল। অলপদেৰি ইফালে সিফালে দৌৰি কুকুৰকেইটা আঁতৰি গল। এতিয়াহে যেন সম্বিত ঘুৰি আহিল মোৰ। এমিনিটমান তভক মাৰি উভতি আহিলো। বিচৰাখিনি একোৱেই নাপালো। অথচ কাৰণ নোহোৱাকৈয়ো কুকুৰে নুভুকে। কিবা এটা যে আছিল খাটাং।
দুই বাজি গৈছিল। টোপনি অহা নাছিল। জোৰকৈ চকুদুটা মুদি দিলো।

মানুহবোৰ এদিন নোহোৱা হয়

Unknown

কাহিনীবোৰ ৰৈ যায়
মুখ বাগৰি বাগৰি ইতিহাস হয়
এসময়ৰ জীয়া কাহিনী
এদিন শিল হয়
কাহিনীবোৰত সুখ থাকে
কাহিনীবোৰত দুখ থাকে
হিংসা¸ ষড়যন্ত্ৰৰ বিষবাস্প থাকে
সময়ে কাকো ক্ষমা নকৰে
একালৰ বৃন্দাবন চন পৰি ৰয়…

এদিন লগপাম আপোনাক

Unknown

এদিন লগ পাম আপোনাক
আগধৰি মাত দিম
কথা পাতিম দিয়ক ক্ষন্তেক সময়
লম সুখ-দুখৰ কিছু খবৰ
মোৰ খুউব ইচ্ছা জানে
চিনাকী হমেই এদিন আপোনাৰ সতে
সময়ৰ কোনোবা এটা কেঁকুৰীত
আমি মুখামুখি হম
মই চিঞৰি মাতিম আপোনাক
চিটিবাছৰ ভীৰ ঠেলি আগুৱাম আপোনাৰ কাষলৈ
জি এছ ৰোডত খোজ কাঢ়ি থাকোতেও চিঞৰিম
লোকে শুনাকৈ
উভতি চাই ৰৈ দিব আপুনি
পেন্টালুন¸ চেন্দ্ৰেল ম’লৰ লিফ্টত আপোনাক দেখিলে হাত জোকাৰিম
আপুনি আচৰিত নহব
মগজুক অলপ জোৰ দি মনত পেলাবলৈ
যত্ন কৰিব
আচৰিত নহব
লগ পোৱাৰ মুহুৰ্তত খাই থাকিব পাৰো
ফুটপাথত ফুচকা¸
নতুবা একাপ ৰঙা চাহ
লগত পাঁচ টকীয়া এটা কেক।
ফলমাৰ্কেটত মই দাম-দৰ কৰিব পাৰো
কিম্বা কাজিয়া কৰিব পাৰো পাচলি বেপাৰীৰে
আলুৰ দাম বহুত বাঢ়িল জানে
পিয়াজ যেন হাবিয়াসহে হবগৈ…
আপুনি আচৰিত নহব
ভোৰভোৰাই থাকোতেও লগপাই যাব পাৰো আপোনাক
ঘৰৰ সমুখৰ পথতো লেতেৰা জানে
এন্ধাৰ হলেই যেন ভদ্ৰলোকৰ ঘৰৰ গৌৰব
বিলাতী কুকুৰৰ পায়খানা হয় পথটো¸
অতিশয় কদৰ্য্যময়
ডাষ্টবিনটোৰ পৰা নাকত লাগিব পাৰে আপোনাৰ
উৎকট গেলা গোন্ধ
আপুনি হতাশ নহব
যান-জঁটত আবদ্ধ হৈ বিৰক্ত হোৱা সময়তো লগ পাব পাৰো আপোনাক
তেতিয়াও মাতসাৰ দিম আগধৰি
আপুনি বেয়া নাপাব
মই আপোনাক ভালপাও
বহুত দিনীয়া হাবিয়াস
এদিন আপোনাক লগপাম।
(মোক ভালপোৱা প্ৰতিজনৰ হাতত)

আমি পোহৰৰ সন্তান

Unknown

(১)
হাঁহি অলপ ধাৰলৈ দিয়ক
মই সপোনবোৰ দিম
আবেগৰ জেণ্ডাৰত…
হৃদয়ৰ ফেচবুকত যন্ত্ৰনাবোৰৰ প্ৰফাইল
দুখৰ মেচেঞ্জাৰত আহে হালধীয়া বাৰ্তা
দুচকুৰ ৱাটচ্এপত বিচাৰো আশাৰ সন্ধান…
(২)
সুখ লাগিছিল এপোৱামান
কোনখন বজাৰত কিনিবলৈ পায়?
বাতিৰামৰ পুতেকে নিতৌ সুখ কিনে
কাৰেপাৰাত ৰহিমলা বায়ে বেচে দহটকাত সুখ
ঠোঙাটো চুপি চুপি মতলীয়া সি…
ইমান সুখ মোক নালাগে
দুখৰ চোলা পিন্ধি নিকিনো
কেজি কেজি সুখ
এপোৱা মানেই ভাল
অলপ অলপকৈয়ে ৰান্ধিম সুখ…
(৩)
আয়ে কলে চাউল এটাও নাই ৰাতিলৈ
ভোকৰ বিৰুদ্ধে বান্ধিলো টঙালি
পিতায়ে আনিলে বাৰীৰ কলাকচু কাটি
আইৰ মুখত সুখৰ চমকণি…
বৰ ভাল জোনটোৱে মুধচেৰে দিয়ে পোহৰৰ ৰেঙনি,
জোনটো মহান।
বৰষুণজাকহে আপদীয়া
তিয়াই পেলাই মোৰ বিষাদৰ বিচনা…
চকুলোৰে ভদীয়া বান আহে
যন্ত্ৰনাই বজাই হাঁহাকাৰৰ তানপুৰা…
(৪)
সুৰুয ককাই সোমাই আহে বেৰৰ জলঙাৰে
ৰাতিপুৱাটোৱে লৈ আহে সেউজীয়া…
আন্ধাৰৰ শেষতেই পোহৰ আহে
দুখৰ চোলা পিন্ধিয়েই মানুহে কিনে সুখ
মুঠি মুঠিকৈ কঢ়িয়াই হেপাঁহ…
বেজাৰে নোৱাৰে টলাব
আশাৰ কঠীয়াবোৰ লহপহাই বাঢ়ে
আমি পোহৰৰ সন্তান।।

আহইবো আকদিন আমাৰ গাৱোক

Unknown

আহইবো একদিন আমাৰ গাৱোক
ফুৰাম আপুনাক চাইকেলত তুলি গাঁওখান
আগফালৰ ধামত বহি যাবো আপুনি
কেৰিয়াৰখান অলপ ভাঙা¸
হাফ পেডেল মাৰিম কাচা ৰাস্তাত
ভয় নাখাবো
ফেলে নেদু আপুনাক
অভ্যাখ আছে চকুমুজি চাইকেল চলাৱা
কেমান চাল-চামৰা গেল আজিকগেলি
হিচাব নাই
হাফ-পেডেল মাৰি শিখাঙতে শিখাঙতে
ভৰিৰ নখ বেল্টি গেচিল আকবাৰ
চিন্তা নোকোৰবো
এথিয়ান নেফেলাং…
আমাৰ গাঁওক আহইবো আকদিন
ফুৰাম গাঁওখান,
মাছে মাংচই খুৱাম আপুনাক
বাজাৰোৰ পেৰে কিনি আনিম আখেৰ লাড়ু
চাহোৰ লোগোত দিম ভকাপিঠা,
চতালোত চৰি থাকা হাঁহতো মাৰি খুৱাম
চালৰ বকা-কুমুৰাটোৰ লোগোত
আমাৰ মাই বৈদ্দ সদকে বানায় জানেনা
চোবে জিভা চেল্কি খাই
ঔটেঙা ৰৌমাছে ৰান্ধবো মাই
পিৰাত বহি খাবো আপুনি,
ভাঠিবেলা চাবা লৈ যাম বিলোৰ পাৰোক
লাল হৈ যাৱা সুয্যতো বিলোতে ডুব যাৱা হান লাগে
আকদিন পুৱাই আহইবো আপুনি
চিন্তা নাই একো
কমিনিকিচন ভাল হল বৈদ্দ
আজিকালি দহবাৰ আহা-যাৱা কোৰবা পাৰি
বিৰিজখান পালিয়ে নামি দিবো আপুনি
চকোত কাবাক সুধলিয়ে দেখে দিবো ঘৰটো
চিন্তা নোকোৰবো
আগোতে খবৰ দিলি আমবা যাম আপুনাক আগবাৰে
বৈহান দিলিও চিন্তা নাই
পিয়াক নহয় আজিকালি
ৰাস্তাতো পাকা হল
কাপুৰৰ পাচফালে নুতুলে ফুল
আপুনি বহাগত আহইলি দেখাবা পাল্লু হৈ দধিমঠা
শাত শেকিৰ দিনা পথাৰোত মালা দিয়া সোৰি…
আহইবো আকদিন আমাৰ গাৱোক
মাহাৰাজ পিতাৰ কাহিনী কম আপুনাক
মৰাঙতে শৰীলতো মাটি হৈ গেচিল ঋষিতোৰ
কলহী নদীত আজিকালি শিহু নলায়
হোলিয়ে দেখাম নদীখান
লৈ যাম মাই চণ্ডিকাৰ ঠানোক সেৱা কোৰবা
দক্ষিণ কামৰূপৰ ফেমাচ কামাখ্যা
আপুনি জানেনা
আমাৰ চখানোত ইচমিতি চিহ্ন এটা আছে
বহুত বছৰ আগোতে হোচিল ঘটনাতো
মোই বুলে জন্মাই নাচিলু¸
এখান ঘোৰোৰে ষল্লওটাকে মোচ্চিল মাহনু
দৰ্খন কোৰবা গেচিত বৰদৱা
পচপন্নখান চিতা জোলচিল আকেলগে
বৰ দুখ লাগে ভাবলি…
এথিয়ান অখ ইস্তম্ভ এটা আছে
আপুনি বয়া পাবো নেকি যাবা?
গোধুলা নামঘোৰোত ডামা কুবাঙতে
আমি মুৰ দুৱাং
খেতি আজিকালি অবশ্যে কোমিল
চোলিমাখা চহৰমুখী হলনা…
আহইবো আকদিন আমাৰ গাৱোক
ফুৰাম গাওখান।

ভালপোৱাৰ বিজ্ঞাপন

Unknown

গাৰ্লফ্ৰেণ্ড নহয় এজনী প্ৰেয়সী বিচাৰিছো
আমুৱাইছে তথাকথিত আধুনিকতাই
আৱেগহীন স্বাৰ্থপৰ সম্পৰ্কবোৰ ঠুনুকা
মোৰ এজনী গাৰ্লফ্ৰেণ্ড আছিল
এদিন ব্ৰেকআপ হল
সামান্য এটি অজুহাতত
মোৰ অকনো দুখ লগা নাছিল
তাইৰ চকুতো নাছিল কোনো অনুতাপ
ওভতাই দিছিল তাই চিঠিবোৰ
যিবোৰত এদিন আৱেগ ঢালি লিখিছিলো
মহান কবিৰ মহান প্ৰেমৰ উক্তিৰ উদ্ধৃতি
প্ৰতিশ্ৰুতিহে মাথো ৰৈ গল
ঘুৰাই পোৱা কথা আছিল
বোটানিকেল গাৰ্ডেনৰ কোমল ঘাঁহনিত
উষ্ম উশাহৰ চুমা জলন্ত সাক্ষী
বুজাবুজিৰ মাজেৰে দুয়ো আঁতৰি আহিছিলো দুয়োৰে পৰা
সলনি কৰিছিলো ফেচবুকত ষ্টেটাছ
ইন এ ৰিলেচনশ্বিপ টু চিংগল
তাৰপিছত এটা পাৰ্টি
বন্ধুৰে মদ আৰু চিগাৰেটৰ খেল
মই সুখী
তায়ো সুখী
কাইলৈৰ পৰা আকৌ স্বাধীন হম
তাইৰ ষ্টেটাছ একেই আছিল
মাথো মোহাৰি গৈছিল মোৰ নাম তাইৰ কাষৰ পৰা
মোৰ দুখ লগা নাছিল
এতিয়া দুয়ো ভাল বন্ধু
নতুন বয়ফ্ৰেণ্ডৰ সতে চিনাকী কৰাই দিছিল তাই
এতিয়া প্ৰায়ে দিও অাড্ডা তিনিও কফি চপত বহি¸
তাইৰ সমুখতে চাও ধুনীয়া ছোৱালী
বিউটিফুল অপ্সৰা
ধুনীয়াযে হবই লাগিব
হবই লাগিব আধুনিকা
মনটো আধুনিক নহলেও কোনো কথা নাই
সীমিত সময়ৰহে অন্তৰংগতা
এদিন আকৌ এৰাএৰি হম
আন কাৰোবাৰ বাহু বন্ধনত
পাহৰি যাম অতীত
এনেকৈয়ে চলি থাকে দিনবোৰ
আমি আধুনিক…
তাইক এদিন ভাল লাগিছিল
এতিয়াও ভাল লাগে
সলনি হৈ গৈছে দৃষ্টিভংগী
একেই আছো মই
তাই কাষত থাকোতেও অনুভব কৰিছিলো শূণ্যতা
যোৱাৰ পিছতো একেই আছে অনুভব¸
শূণ্যতাৰ উপশম বিচাৰি মোৰ হাঁহাকাৰ…
কোনোদিনেই তাইৰ চকুত বিচাৰি চোৱা নাই নিজক
তায়ো অনুভব কৰা নাছিল
অথচ কথা পাতিছিলো ঘন্টাৰ পিছত ঘন্টা
জিঅ’ অহাৰ আগতো অনেক দিন
পুৱাই দিছো ৰাতি
ফোনৰ সিতো পাৰে তাই
আধুনিক প্ৰেমৰ সংজ্ঞাত
লিখো আমি যৌনতাৰ পাঠ
আচলতে তাইৰ প্ৰতি আছিল মোৰ তীব্ৰ মোহ
হয়তো তাইৰো
মোৰ মনৰ ভিতৰখন চাবলৈ তাই কষ্ট কৰা নাছিল
মোৰো আগ্ৰহ নাছিল তাইক সলনি কৰাবলৈ
ব্যক্তি স্বাধীনতাত বিশ্বাসী দুয়ো আধুনিক
(নে অত্যাধুনিক!)
এয়াতো নহয় জৰুৰী
প্ৰেমত দুয়োৰে সকলো মিলিবই লাগিব…
আচলতে মদ নাখালেও মই মাতাল হব পাৰো
দুচকুত আছে প্ৰেম আৰু বন্ধুত্বৰ ৰাগী
সেয়েহে নিচাগ্ৰস্ত
ভাললগা ভালপোৱা নহয়
বুজাবুজি প্ৰেম নহয়
এতিয়া এজনী প্ৰেয়সী বিচাৰিছো
যাৰ দুচকুৰ গভীৰতাত হেৰাই যাব পাৰো
যিয়ে নিজৰ বুকুৰ পৰা মোৰ বুকুলৈ সিঁচিব সেউজীয়া
জীপাল কৰিব হেপাঁহ¸
অাকুল হম স্পৰ্শ নকৰাকৈয়ো
তাইৰ কোমল আঙুলি
প্ৰেমৰ মহাকাব্য আওৰাই
একেলগে খোজ দিম।

এগৰাকী ধৰ্ষিতাৰ আত্মকথা

Unknown

অাধুনিকা হলেও অত্যাধুনিকা নহও
নিপিন্ধো চুটি কাপোৰ
মাৰ্জিত সাজপাৰ সাধাৰণ প্ৰসাধনৰে 
এনেয়েও ধুনীয়া¸
বিয়েৰ বাৰত নাযাও
উইক এণ্ডত নানাচো ডিস্কোত
বয়ফ্ৰেণ্ডৰ গাত গা লগাই ঘুৰি ফুৰিবলৈও
নাথাকে সময়¸
সাধাৰণ যুবতীৰ থাকে হেজাৰ সপোন…
মধ্যবিত্ত পৰিয়ালটোৰ চকুৰ মণি আছিলো
আই-বোপাইৰ অবাধ্য আজিলৈ হৈয়েই পোৱা নাই
নকৰো কাকো দুৰ্ব্যবহাৰ¸
শিক্ষিতা মাৰ্জিতা আধুনিকা
দুচকুত হেজাৰ সপোন¸
ৰ’দে- বৰষুণে সংগী মোৰ ফুলাম ছাটিতো¸
নিতৌ অহা-যোৱা কৰো অকলেই
মোৰতো কোনো শত্ৰু নাছিল!
দুচকুৰে বৈ আহে বিষাদৰ বান…
নাৰী হৈ জন্ম লোৱাই দোষ
যৌৱনেই মোৰ কাল
এজাক পিশাচে ফালি চিৰি পেলালে শৰীৰ
ভৰিৰে মোহাৰি ধুলিসাৎ কৰিলে সপোনবোৰ¸
আজি মই কলংকিতা
মই ধৰ্ষিতা
আই-বোপাইৰ হুমুনিয়াহ¸ হতাশা…
শাপগ্ৰস্তা উৰ্বশী সৰগৰ বিতাড়িতা
মাৰ্জিত সাধাৰণ সাজপাৰে বিয়পোৱা নাছিল যৌনতা¸
মোৰ মুখাবয়বতো নাছিল অাবেদনৰ কমনীয়তা¸
অপৰাধ মই নাৰী
গমেই নাপালো
সুযোগ সন্ধানী এজাক ৰাং কুকুৰৰ নষ্ট দৃষ্টি আছিল অহৰহ
কুটিল সময়ৰ চক্ৰান্তত মই নিৰ্যাতিতা
বলপুৰ্বক গুজি দিয়া হল পিশাচৰ কলুষিত বীৰ্য
আঁচুৰি দিলে বুকুৰ ৰংবোৰ
সকলো হেৰুৱাই মই দিশহাৰা
আত্মহত্যাৰ তাড়নাই বলীয়া কৰে অহৰহ
যেন এফালৰ পৰা সকলো জ্বলাই দিম
নৰমাংস লোভী পিশাচবোৰৰ ছেদ কৰিম পুৰুষাংগ
অস্হিৰ মনত হাঁহাকাৰ
নাৰী হেনো আদ্যশক্তি¸ নাৰী হেনো মহাশক্তি
অথচ সদায় লাঞ্ছিতা¸ ত্ৰাসিতা
যেন কাৰাৰুদ্ধ স্বাধীনতা
হে সমাজ¸ তোমাকে সুধিছো
নাৰী হলেই পুৰুষে পাই নেকি নিৰ্যাতনৰ অধিকাৰ
সুযোগ সন্ধানীবোৰ পাই নেকি উলংগ কৰাৰ অধিকাৰ¸
নষ্ট কীটৰ হাঁতোৰাত পিষ্ট আশা
গণিকাৰো থাকে স্বাধীন মন…
আচলতে নেহেৰুৱাই ধৰ্ষিতা নাৰীয়ে সতীত্ব
নেহেৰুৱায় মনৰ শুচিতা
কাপুৰুষে দুখ দিয়ে
আত্মহত্যা কৰে সততাই
পুৰুষত্বৰ ভ্ৰূকুটি
সংকটত স্বাভিমান…
হে আই শক্তি দিয়া
ৰণচণ্ডী ৰূপ লও¸
বলিকটা দা খন ক’ত?
অসুৰ বধৰ সময় হল…।

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib