Now you can Subscribe using RSS

Submit your Email

Sunday 28 June 2020

Bad Boyঃ28

Unknown
                          [ আঠাইশ ]

পিছদিনা প্ৰত্যাশাৰ জন্মদিনৰ বাবে ঘৰখনত সৰুকৈ উথপথপ লাগিছিল। বায়েকৰ দৰে তায়ো পুৱাই মাকৰ লগত মন্দিৰত চাকি এগছ জলাই প্ৰাৰ্থনা জনাইছিল। পাপাকে দিয়া নতুন মোবাইলটোৰে বায়েকে দিয়া নতুন কাপোৰযোৰ পিন্ধি কেইবাখনো চেল্ফি তুলিছিল। আচলতে বাৰ্থডে বুলি তেনেকৈ বিশেষ একো আয়োজন কৰা নাছিল তাই। ক্লাছলৈ যাওতেই লগৰবোৰক ট্ৰিট দিব আৰু সন্ধিয়ালৈ ওচৰ চুবুৰীয়া দুজনমানক মাতিছিল চাহ খাবলৈ। পাপাকেই পুৱাই কেক এটা অৰ্ডাৰ দি আহিছিল। নিজৰ জন্মদিনটোলৈ সৰুতে বৰ হেপাঁহ আছিল প্ৰত্যাশাৰ। এগালমান মানুহৰ শুভেচ্ছাৰে সৈতে উপহাৰবোৰ পাইছিল। কিন্তু ডাঙৰ হৈ অহাৰ লগে-লগে বেছি হৈ ছৈ ভাল নলগা হৈ আহিছিল। আলহীৰ বাবে ঘৰতে গোলাব জামুন আৰু কিবা কিবি বনাই থকা সময়ত হঠাতে মাকক সুধি দিলে প্ৰত্যাশাই।

‘ মা¸ আজি পলাশদাদাক ইয়াতে ভাত খাবলৈ ক’বা নেকি?’
ভনীয়েকৰ কথা শুনি মুৰ তুলি চালে প্ৰচ্ছায়াই। কথাটো তায়ো বেয়া পোৱা নাছিল। দুয়োজনী ছোৱালীকে দুদিন বেয়া পৰিস্থিতিৰ পৰা বছাইছিল সি।
‘ অ’ মা¸ আজি তাক মতাতো কিন্তু বেয়া নহব। ’
ভনীয়েকক সমৰ্থন কৰি প্ৰচ্ছায়াই এনেভাবে কলে যে মাকেও সন্মতি দি দিলে। ল’ৰাটোক মাতি ভাত এসাঁজ খুৱাবলৈ বেয়া নালাগিল তেওৰ। প্ৰচ্ছায়াৰ মনটো ভাল লাগি গৈছিল। প্ৰত্যাশাৰো। কিন্তু এজননীয়ে আনজনীৰ মনৰ ধুমুহাজাকৰ উমান পোৱা নাছিল।

‘ অই’ আজি তোমাক মায়ে ভাত খাবলৈ মাতিছে।’
টেক্স এটা পঠিয়াইছিল তাই।

‘ কিয়? ’
হঠাতে অপ্ৰত্যাশিত আমন্ত্ৰনটো সি আচৰিত হৈছিল। যদিও তাইক এপলক সমুখত দেখাৰ বাসনাই তাৰ বুকুত ধান বনাদি বানিছিল।

‘ কিয় মাতিব নোৱাৰো নেকি? আহিবা তুমি।’
হাঁহি হাঁহি প্ৰচ্ছায়াই ফোনটো থৈ দিছিল।

পলাশে জানিছিল¸ বিশেষ একো কাৰণ নহলে তাক নিশ্চয়কৈ ভাত খোৱাকৈ নামাতে। কিন্তু উদ্দেশ্য নজনাকৈ উপাহাৰ কি আনিব সি। 

টক টক টক টক
কথাটো ভাবি থাকোতেই দৰ্জাত কোনোবাই নক কৰাৰ শব্দ হৈছিল। দৰ্জাখন খুলি ওলাই আহোতেই তাক দেখি প্ৰত্যাশাই মিছিকিয়াই হাঁহিছিল। 

‘ পলাশ দাদা¸ আপোনাক ইনভাইট কৰিবলৈ আহিছো। আজি মোৰ বাৰ্থডে।’

‘ হেপ্পী বাৰ্থডে। ’
হাঁহি মাৰি হাতখন আগবঢ়াই দিছিল সি।
‘ থেংকিউ। ’
হাঁহিৰেই সঁহাৰি দি কৈছিল তাই।
‘ আহক। সকলো ৰৈ আছে।’
‘ ঠিক আছে। গৈ আছো যোৱা।’

বাইকখন লৈ এপাক ওলাই আহিছিল সি। বাৰ্থডে বুলি গম পোৱাৰ পিছত একো এটা উপহাৰ নিনিয়াকৈ যোৱাটো ভুলেই নহয়¸ চৰম অসৌজন্য প্ৰদৰ্শন যেন লাগে তাৰ। সি বিছাৰি বিছাৰি গণেশগুৰিৰ পৰা ৰীতা চৌধুৰীৰ মাকামখন কিনি আনিছিল। ষ্টুডেন্ট এগৰাকীৰ বাবে কিতাপতকৈ ভাল উপহাৰ আৰু একো হব নোৱাৰে।

পলাশে ভবাৰ দৰে আৰু কাকো নিমন্ত্ৰণ কৰা নাছিল ভাত খোৱাকৈ। সি যোৱালৈ বাকী মানুহবোৰ চাগে উভতি গৈছিল। অলপ অসহজবোধ হৈছিল পলাশৰ। কেতিয়াবা অধিক আগ্ৰহো কাৰোবাৰ বাবে অস্বস্তিদায়ক হয়। প্ৰত্যাশা আৰু দেউতাকৰ সতে একেলগে খাবলৈ দি মাকৰ সতে আপ্যায়িত কৰিছিল প্ৰচ্ছায়াই। চিতল মাছৰ জোলৰ সৈতে চিকেন কাৰী দিওতে বাৰে-বাৰে তাৰ সৈতে চকুৱে চকুৱে পৰিছিল প্ৰচ্ছায়াৰ।
প্ৰতিবাৰ চকুত পৰোতেই তাই মিছিকিয়াই দিছিল।

‘ ডেকা ল’ৰা¸ লাজ নকৰিবা হা¸ পেট ভৰাই খোৱা।’
নিজৰ কথাতে ৰস পাই প্ৰচ্ছায়াৰ পাপাকে হো-হোৱাই হাঁহিছিল। ক’ত আৰু খাব পাৰে সি। যিমান সোনকালে পাৰে পৰিবেশটোৰ পৰা পলাবলৈ মন হৈছিল পলাশৰ। এনেকৈ প্ৰচ্ছায়াৰ সমুখত থকাতকৈ হোৱাটচ্এপত তাইৰ সতে কথা পতা বেছি ভাল। 
‘ আপুনি নাখালেই দেখোন।’
সি এৰা থালখনলৈ চাই প্ৰত্যাশা উচপিচাই উঠিছিল।

‘ খালোতো¸ ইমান বেছিকৈ দিছে।’
কোনোমতে কথাখিনি কৈ অলপ পিছতে বিদায় লৈছিল সি। সেইৰাতি আৰু প্ৰচ্ছায়াৰ সতে হোৱাটচ্এপত বাৰ্তালাপ নহল তাৰ। তাইৰ সতে কটোৱা সিঁহতৰ ঘৰৰ মূহুৰ্তকেইটাক মনত পেলাই হাঁহি এটা মুখত লৈয়ে সি টোপনি গ’ল।

-----প্ৰচ্ছায়াই ভাবে¸ কিমান ভাল হ’লহেতেন¸ যদি প্ৰথম দৰ্শনতে মানুহক চিনি পোৱাৰ এটা সুবিধা থাকিলহেতেন! অতীতৰ ভুল যেন কিছুমান কথাৰ তেতিয়া একো সুযোগেই নাথাকিলহেতেন জীৱনত দুখ দিয়াৰ। প্ৰথমবাৰ দেখাৰ পিছতে তাই অৰ্ণৱক চিনি পৰা হলে সেই ঘাঁ টুকুৰাই তাইক দহিব নোৱাৰিলেহেতেন। অথচ সুবিধাবাদী অৰ্ণবৰ দৰে মানুহবোৰৰো চকমকনি বেছি। হঠাতে পলাশলৈ মনত পৰি যায় প্ৰচ্ছায়াৰ। মনৰ তুলাচনীত হঠাতে দুয়োকে দুফালে উঠাই দিয়ে তাই। তুলাৰদৰে অৰ্ণবৰ ফালটো ওপৰলৈ উঠি যায়। এটা নাম নজনা অনুভুতিৰে প্ৰচ্ছায়াৰ মনটো ভৰি পৰে। তাৰ দৰে ল’ৰা চাগে খুউব কমেইহে লগ পোৱা যায়। যাক সহজেই বিশ্বাস কৰিব মন যায়। কিন্তু অতীতৰ ঘাঁবোৰে সকীয়াই থাকে। খেলিমেলি লাগি যায় তাইৰ। কিন্তু তাইৰ তাৰ সতে কথা পাতি ভাল লাগে। প্ৰায়েই ৰাতি বহুদেৰিলৈকে হোৱাটচ্এপত চাট কৰে দুয়োতাই। প্ৰচ্ছায়াৰ ভাব হয়¸ যদি তাইৰ বয়স অলপ কম হলহেতেন¸ যদি আগতে এবাৰ ঠগ নাখালেহেতেন চাগে ইমানদিনে তাই তাৰ প্ৰেমত পৰি গলহেতেন। কেতিয়াবা ভাব হয়¸ সি চাগে তাইৰ।

এদিন সন্ধিয়া তাই মোহাবিষ্ট হৈ বেলকনিত থিয় হৈ শুনি আছিল তাৰ যন্ত্ৰসংগীত। হিয়াৰ আকুলতাৰে বাৰাণ্ডাত বহি সি বজাইছিল পুৰণি ৰোমান্টিক গান এটাৰ সুৰ।

‘‘ প্ৰথম মৰমে যদি সহাৰি নেপাই
   ভালপোৱা কিয় জানো মৰহি যায়¸
   এখন হিয়া আৰু এখন হিয়া 
   মিলিলেহে মৰমে পূৰ্ণতা পায়।’’

প্ৰচ্ছায়াই তন্ময় হৈ চাই ৰৈছিল। তাই গম পোৱা নাছিল¸ কেতিয়া প্ৰত্যাশা আহি তাইৰ পিছফালে থিয় হৈছিল।

‘ বা ’
প্ৰত্যাশাই কান্ধত হাতখন থোৱাত ঘুৰি চাইছিল প্ৰচ্ছায়াই।

‘  তুমি পলাশদাদাক ভাল পোৱা নেকি?’
হাঁহি-হাঁহি প্ৰত্যাশাই সুধিছিল বায়েকক। তাইৰ কথাটো জনাৰ খুবেই প্ৰয়োজন হৈছিল। 
‘ ধেই¸ কি কৈ আছা তুমি। হি ইজ জাষ্ট মাই কলিগ¸ জাষ্ট এ গুড ফ্ৰেণ্ড।’
প্ৰচ্ছায়া উচপখাই উঠিছিল। ধেমালি কৰিবলৈ ভনীয়েকে আৰু কথা নাপালে। তেনেকৈ থিয় হৈ চাই থকা বাবে এইবাৰ লাজো লাগিছিল তাইৰ।

‘ বা¸ আৰ য়ু চিঅ’ৰ?’
হাঁহি আছিল প্ৰত্যাশাই।
‘ ধেৎ¸ কিবোৰ যে ধেমালি কৰা নহয়। চোৱা¸ কি ধুনীয়াকে বজাইছে সি।’
ভনীয়েকৰ গালত লাহেকৈ চুই তললৈ আঙুলিয়াই দেখুৱাই দিছিল প্ৰচ্ছায়াই। প্ৰত্যাশাৰ চকু দুটা উজলি উঠিছিল। 

---
পিছদিনা ইচ্ছা কৰিয়েই অলপ দেৰিকৈ ওলাইছিল প্ৰত্যাশাই। বায়েক ওলাই যোৱাৰ অলপ পিছতেই তায়ো ওলাই আহিছিল। পলাশ তেতিয়ালৈকে যোৱা নাছিল। বাইকখনলৈ লক্ষ্য কৰি ৰৈ থাকিল প্ৰত্যাশা।

‘ ময়ো যাও ৰব আপোনাৰ লগত। ’
পলাশে বাইকখন ষ্টাৰ্ট দিবলৈ ওলোৱাৰ সময়তে কৈ বেগাই কাষলৈ আহিছিল তাই। সি কোৱাৰ আগতেই বাইকৰ পিছফালে বহিছিল। অলপ দূৰ যোৱাৰ পিছত লাহেকৈ তাৰ কান্ধত হাত এখন তাই ৰাখিছিল। বেয়া পোৱাৰ কথা নাছিল তাৰ। গণেশগুৰিত তাইক নমাই দি গুছি যাব সি। 

‘ যাবা ’
তাইক নমাই দি হাঁহি মাৰি কৈছিল সি। তাইৰ মনটো চঞ্চল হৈ পৰিছিল। সি ঘুৰিব ওলোৱাৰ আগতেই তাই কৈ উঠিছিল।

‘ আপোনাৰ লগত মোৰ কথা এটা আছে।’
‘ কোৱা ’
বিশেষ নভবাকৈয়ে পলাশে কৈছিল। 

‘ বহুদিনৰ পৰা ভাবি আছো আপোনাক কও কও বুলি। আপোনাক মোৰ ভাল লাগে। মোৰ জীৱনত আপোনাৰ প্ৰয়োজন আছে।’
‘ তুমি কি কৈছা এইবোৰ? ’
হঠাতে যেন আকাশৰ পৰাহে সৰি পৰিছিল পলাশ। কি কৈছে তাই এইবোৰ। ইমান দিনৰ পৰা যাক ভনীয়েকৰ দৰে ভাবী আহিছে¸ তাইৰ মুখত ভালপোৱাৰ প্ৰস্তাব শুনি মুখৰ মাত হৰিছিল তাৰ।

‘ প্লিজ মোক কবলৈ দিয়ক। বহুত সাহস কৰি আজি কব খুজিছো। মনটোক বহুবাৰ শুধিলো বাৰে বাৰে একেটা কথাকে কলে। উইল ইউ বি মাইন ফ’ৰএভাৰ।’
তাৰ হাত এখন খামুচি তাই আঁকুল হৈ পৰিছিল। কি কব একো ভাবি পোৱা নাছিল সি। মানুহবোৰ অহা-যোৱা কৰি আছে। কোনোবা চিনাকীয়ে শুনিলে বেয়া কথা হব। তাৰ লাজ লাগিছিল।

‘ মোক অলপ সময় দিয়া।’
তাইৰ হাতখন এৰুৱাই দি সি লাহেকৈ কৈছিল।

‘ ঠিক আছে।’
লাজ লাজ চাৱনিৰে তালৈ তাই আঁকুল দৃষ্টিৰে চাই কৈ উঠিছিল।

কিয় এনে হয় বাৰু। হেঁপাহৰ সময়বোৰত কিয় এনেকৈ খেলিমেলিবোৰ লাগি যায়। নিজৰ ওপৰতে খং উঠিছিল তাৰ। আগৰ দৰেই প্ৰত্যাশাৰ লগত দূৰত্ব এটা ৰাখি চলিব লাগিছিল। সি জনা উচিত আছিল¸ তেজ মঙহৰ সম্পৰ্কবিহীন এজনী গাভৰুক সি ভগ্নীৰ দৃষ্টিৰে চালেও তাইৰ পৰাও একেই মৰ্য্যদা আশা কৰা অনুচিত। কও বুলিও কথাবোৰ বৈশ্যদাক কব নোৱাৰিলে সি। কিছুমান সমস্যাৰ সমাধান নিজে বিচৰাই ভাল। প্ৰত্যাশা প্ৰচ্ছায়াৰ দৰে নহয়। না শুনাৰ তাইৰ অভ্যাস নাই। কেনেকৈ কব¸ কি কব ভাবি থাকোতেই দুদিন পাৰ হ’ল। কও বুলিও প্ৰচ্ছায়াকো কব নোৱাৰিলে কথাবোৰ। কেনেকৈ কয়¸ প্ৰেয়সীক তাইৰেই ভনীয়েকৰ প্ৰস্তাব কথা। ধুমুহা এজাক লৈ ঘুৰি থাকে সি। পলাশে ভাবিছিল¸ চাগে এয়া প্ৰত্যাশাৰ তাৰ প্ৰতি দুদিনীয়া আকৰ্ষণ। চাগে সেইদিনা আবেলি তাইক নিৰাপদে লৈ অনা বাবে তাই তাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। প্ৰচ্ছায়াক আকৰ্ষিত কৰিবলৈ বজোৱা গীতাৰৰ সুৰে হয়তো তাইৰ মনত সেই আকৰ্ষণত অলপ বেছিকৈয়ে সুযোগ দিছিল। সি বজাবলৈ বন্ধ কৰি পেলাইছিল। 

‘ আপুনি একো নকলে যে?’
বায়েকৰ ফোনৰ পৰা মনে-মনে তাৰ নম্বৰটো লৈ এদিন প্ৰত্যাশাই তাক মেছেজ কৰিছিল। দাদা বুলি মাতিবলৈ এৰি মাথোন আপুনি বুলি সম্বোধন কৰিবলৈ লৈছিল প্ৰত্যাশাই। উত্তৰ নিদিও বুলিও ইতিমধ্যেই তাইৰ হোৱাটচ্এপত চিন হৈ পৰা মেছেজটোৰ উত্তৰ নিদিয়াকৈ থাকিবলৈ থাকিবলৈ বিবেকে তাক বাধা দিছিল।

‘ এতিয়া তোমাৰ পঢ়াৰ সময়। ভালকৈ পঢ়া।’
মেছেজটো লিখি চাট অফ কৰি দিছিল সি। কিন্তু নাচাও বুলিও নোচোৱাকৈ থাকিব পৰা নাছিল। অাঁকুল হৈ লিখিছিল তাই¸
‘‘ আপোনাৰ জীৱনৰ মই অংশ হব খোজো। প্লিজ একচেপ্ত মি। কথা দিছো¸ এবুকু মৰমেৰে আবৰি ৰাখিম আপোনাক।’’

আৰু উত্তৰ দিয়া নাছিল সি। কি কব!
প্ৰেয়সীৰ ভগ্নীক প্ৰেয়সীৰ স্থানত বহুৱাব নোৱাৰি।  সি আঁতৰি ফুৰিব লৈছিল তাইৰ পৰা। তাই যেন আঁকুল দৃষ্টিৰে তালৈ চাই ৰৈছিল। 

প্ৰত্যাশা অধৈৰ্য্য হৈ পৰিছিল। মানুহৰ সহ্যৰো এটা সীমা থাকে। কিয় এতিয়ালৈ পলাশে এতিয়ালৈ একো কোৱা নাই। এদিন ৰাতিপুৱা পাপাক¸ মাক¸ বায়েক সকলো ব্যস্ত হৈ আছিল। সেই সুযোগতে তাই তাৰ ৰুমলৈকে আহিছিল। গা ধুই আহি অফিচলৈ যাবলৈ সাজু হৈছিল সি।দূৱাৰত নক হোৱাত সি দৰ্জাখন খুলি দিছিল। হুৰমূৰকৈ তাৰ ৰুমত সোমাই দৰ্জাখন বন্ধ কৰি দিছিল তাই। পলাশ আঁচৰিত হৈ গৈছিল। তাইৰ নাকৰ পাহি দুটা ফুলি উঠিছিল। প্ৰত্যাশা তাৰ কাষতে আহি বিছনাখন ধপহকৈ বহি তাৰ চকুলৈ চাই থাকিল। পলাশৰ ভয় লাগিছিল। কেনেবাকৈ প্ৰচ্ছায়াই গম পালে সৰ্বনাশ হবগৈ। 

‘ কিয় আপুনি মোক ইগন’ৰ কৰি আছে? মই কি ইমানেই বেয়া!’
হঠাতে উচুপি উঠিল তাই।

‘ মাইনা¸ প্লিজ নাকান্দিবা। চোৱা¸ কোনোবাই শুনিব।’

শুনিলে শুনক। ভ্ৰক্ষেপ নাই তাইৰ। কিয় তেও তাইক অপমান কৰিব! তাই ভালপোৱা আদৰি লব নোৱাৰে নাই¸ কিন্তু কিয় ইগন’ৰ কৰিব। হা বা না কিবা এটা কবই লাগিব তাইক। উচুপি উচুপি কৈ উঠিল তাই।
‘ মোৰ নাম প্ৰত্যাশা। মা¸ পাপা আৰু বা’ইহে মাইনা বুলি মাতে। তাৰ বাহিৰে আৰু কাকো মাইনা বুলি মতাৰ অধিকাৰ দিয়া নাই।’

‘ চোৱা¸ তুমি সৰু ছোৱালী। এয়া মাথো আকৰ্ষণ তোমাৰ।’

‘ মই সৰু ছোৱালী নহয়। আই এম টুৱেন্টি টু ইয়েৰছ্ অ’ল্ড গাৰ্ল। ’
প্ৰতিবাদ কৰি উঠিছিল তাই।
বুকুখন বিষাই উঠিছিল পলাশৰ। কেনেকৈ বুজাই এই সৰু ছোৱালীজনীক।
‘ ঠিক আছে বাৰু! চোৱা কথাবোৰ ইমান সহজ নহয়। তোমাৰ ভালপোৱাৰ বাবে মই মুঠেই লায়কৰ নহও। কিয় মিছাতে অপাত্ৰত দান কৰিব খুজিছা!’

‘ আপুনি কি মোৰ ভালপোৱাৰ প্ৰমাণ বিছাৰিছে পলাশদা? বহুত ভালপাও আপোনাক। কওক কি কৰিলে বিশ্বাস কৰিব। যদি আপুনি প্ৰমাণ বিছাৰে মই…’
এবাৰ নিজৰ বুকুখনলৈ চাই পিন্ধি থকা চাৰ্টটোলৈ চালে তাই। 

‘ ছিঃ ছিঃ মাইনা। কি কৈছা এইবোৰ। মোক কি ইমান নীচ বুলি ভাবিলা! তোমাৰ পবিত্ৰ ভালপোৱাত তিলমানো সন্দেহ নাই মোৰ। কিন্তু কেনেকৈ দলিয়াই পেলাও কোৱা সম্পৰ্কৰ বান্ধোন। ময়ো যে কাৰোবাক হৃদয়খন সপি দি থৈছো।’
বহাৰ পৰা উঠি গৈছিল পলাশ। তাৰ ভয় হৈছিল¸ নিজৰ ভালপোৱা প্ৰকাশ কৰিবলৈ হয়তো প্ৰত্যাশাই যিকোনো কৰি পেলাব পাৰে।

‘ সম্পৰ্কৰ বান্ধোন! তাৰমানে…’
প্ৰশ্নবোধক চিহ্ন এটা মুখত লৈ তাই পলাশলৈ চালে।

‘ এৰা মাইনা¸ মই প্ৰচ্ছায়াক ভালপাও। তুমি মোক ভালপোৱাৰ দৰে ময়ো তেওক বহুত বহুত বেছি ভালপাও। ’

হতবাক হৈ শুনি থাকিল প্ৰত্যাশাই। নিজকে চম্ভালি ললে তাই।

‘ প্ৰচ্ছায়াবায়ো আপোনাক ভালপায়?’
‘ মই নাজানো মাইনা। কোনোদিনেই কবলৈ সাহ কৰা নাই। নিজৰ অসমৰ্থতাৰ বাবে ভয় লাগে দেখোন।’
দুয়োহাতৰে মুখখন ঢাকি থিয় দি ৰৈছিল সি। প্ৰচ্ছায়াক কব নোৱাৰা দুখটোৱে হঠাতে তাক জোকাৰি দিছিল। মুক হৈ পৰিছিল প্ৰত্যাশা। কি কৰিব কি নকৰিব ঠিক কৰিবলৈ অলপ সময় লাগিল।

‘ বায়ো নিশ্চয় আপোনাক ভালপাব। মই বুজাম বাক।’
চকুদুটা মোহাৰি বহাৰ পৰা উঠিছিল প্ৰত্যাশা। বুকুখন চিৰাচিৰ হৈছিল তাইৰ। ছিঃ ছিঃ কি কৰিব ওলাইছিল তাই! নিজৰ বায়েকৰ লগতে প্ৰতিদণ্ডিতাত নামিবলৈ ওলাইছিল। এইবাৰ নিজৰ ওপৰতে খং উঠিল তাইৰ।

‘ এতিয়াৰ পৰা মই আপোনাক কি বুলি মাতিম! দাদা নে ভিনদেউ?’
যোৱাৰ আগতে সুধিছিল তাই।

‘ তোমাৰ যি মন যায়।’
‘ হব । কিন্তু আপুনি মোক বেয়া পাই নাথাকিব।’
ৰঙা পৰি উঠা চকু দুটা তাই মোহাৰি লৈছিল। পলাশৰো চকুহাল সেমেকি উঠিছিল।

‘ তুমিও মোক বেয়া নাপাবা। ৰাতিৰ সপোন বুলি এইবোৰ পাহৰি যোৱা। মই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম¸ মোতকৈ ভাল ল’ৰা এজন পাবা তুমি।’
সেমেকা হাঁহি এটা মাৰি তাই আঁতৰি গৈছিল। 

******

Bad Boy ঃ27

Unknown

                             [ সাতাইশ ]

চাৰিদিন পিছতেই পুৰণি বাইকখন বেছি নতুন বাইক এখন কিনিছিল পলাশে। আজিকালি ইএমআইত বাইক ললেও একেদিনাই হৈ যায়। প্ৰথম বাইকখন লওতেহে দুটা দিন লাগিছিল ভেৰিফিকেচনলৈ। পুৰণি পালচাৰখন বেছি পোৱা টকাখিনিৰ লগত বেংকৰ পৰা উলিয়াই অনা টকাখিনি যোগ দি  ডাউন পেমেন্ট দিছিল। এফ জেড এছ বাইকখনৰ টপ মডেলটো ভাল লাগিছিল তাৰ। নতুন বাইকখন প্ৰাপ্তিৰ সুখটোৱে সাঁচতীয়া টকাকেইটাৰ খৰচৰ দুখটোক হঠাতে গৌণ কৰি পেলাইছিল। শ্ব’ ৰুমৰ পৰা বাইকখন চমজি লৈ আহোতে মিঠাইৰ দোকানখন দেখি সৰু টোপোলা এটা কিনিছিল সি। নতুন বাইকখন দেখিলে প্ৰচ্ছায়াহঁতে মিঠাই খাব খুজিব। প্ৰায়েই দেখা-দেখি হৈয়েই থাকে তাইৰ মাক-পাপাকৰ লগত। ইতিমধ্যে প্ৰত্যাশাও ফ্ৰী হৈছিল তাৰ লগত। আজিকালি প্ৰায়েই তাৰ সতে কথা পাতে তাই। বায়েকে লোকক দেখুৱাই মাতিব টান পোৱাৰ বিপৰীতে তাৰ গীতাৰৰ যন্ত্ৰসংগীত শুনাৰ পিছতে চিঞৰি কয়¸
‘ দাদা¸ ধুনীয়া বজাইছে দেই। যদি মই গান গালোহেতেন¸ আপোনাক বজাবলৈ লৈ গলোহেতেন।’
লাজকুৰীয়া হাঁহি এটা মাৰে সি।
পলাশে ভাবিছিল¸ প্ৰচ্ছায়াৰ ঘৰত সোমাই মিঠাই টোপোলাটো দি ৰুমৰ পৰা বেগটো লৈয়েই ঘৰলৈ যাবগৈ। নতুন বাইকখন চাবলৈ ঘৰৰ মানুহখিনি উদগ্ৰীব হৈ থকাৰ লগতে সিয়ো ঘৰত দেখুৱাবলৈ উৎসাহী হৈ পৰিছিল। ধনী মানুহৰ দামী সুখবোৰৰ দৰে সিঁহতৰ দৰে নিম্ন মধ্যবিত্ত মানুহবোৰৰ সাধাৰণ বস্তু এপদৰ সংগ্ৰহো কেতিয়াবা পৰম আকাংক্ষাৰ হয়।

বাইকখন বাৰাণ্ডাতে ৰাখি মিঠাই টোপোলাটো হাতত লৈ কলিং বেলত হাত ৰাখিছিল সি। দৰ্জাখন খুলি প্ৰচ্ছায়াৰ মাক ওলাই আহিছিল।

‘ অ’ পলাশ¸
প্ৰচ্ছায়াৰ মাকে তাক দেখি হাঁহি এটা মাৰিছিল।

‘ এইটো লওক খুৰী। নতুন বাইক এখন আনিলো।’
মিঠাই টোপোলাটো আগবঢ়াই হাঁহি মাৰি সি কৈছিল।
‘ অ’ হয়¸ বৰ ভাল খবৰ। ঐ মাজনী¸ মাইনা¸ পলাশে নতুন বাইক এখন কিনিলে।’
মিঠাই টোপোলাটো হাতত লৈ মানুহজনীয়ে ভিতৰলৈ চাই চিঞৰিছিল। মাত শুনি আটাইকেইজন ওলাই আহিছিল। লাজ লাগিছিল পলাশৰ। দেখুৱাই গৌৰব কৰিব পৰাকৈ তাৰ একো সাংঘাটিক প্ৰাপ্তি নাছিল। 

‘ ৱাও¸ ধুনীয়া বাইকখন।’ 
উচ্ছাসী হৈ প্ৰত্যাশাই বাইকখনত বহি হেণ্ডেলত ধৰি মিৰ’ৰ দুখনত মুখখন চাইছিল।

‘ পলাশ¸ বৰ ধুনীয়া বাইক ললাও। কিন্তু নতুন বাইকৰ পাৰ্টি মাথোন মিঠাইৰে নহয়দেই। হিচাপত খানা খুৱাব লাগে।’
বাইকখনৰ ওচৰলৈ আহি এবাৰ চাই প্ৰচ্ছায়াৰ পাপাকে হাঁহি হাঁহি কৈছিল।
লাজ লাজকৈ হাঁহিছিল সি। 

‘ কংগ্ৰেটছ্ ’
তাৰ কাষলৈ আগুৱাই আহি প্ৰচ্ছায়াই হাতখন আগবঢ়াই দিছিল। তাইৰ মুখখন উজলি উঠিছিল।
‘ থেংকিউ ’
তাইৰ হাতখন সি খামুচি ধৰিছিল।
‘ পলাশ দাদা¸ প্ৰথম প্ৰথম মোক উঠাব লাগিব আপোনাৰ বাইকত। উঠাবনে? নে কাৰোবাৰ বাবে ৰিজাৰ্ভ ৰাখিছে?’
সকলোৰে সমুখতে হঠাতে তাক জোকাই 
উত্তৰৰ অপেক্ষাত তাই তাৰ মুখলৈ চাই আছিল। সকলোৰে সমুখত তেনেকৈ সোধা বাবে সি সামান্য নাৰ্ভাছ হৈছিল। কিন্তু সেয়া বুজিব নিদি তপৰাই হাঁহি মাৰি সিয়ো কৈ উঠিছিল¸
‘ নাই নাই¸ তেনে কোনো কথা নাই। সকলোকে উঠাম মই।’
পলাশে এবাৰ আঁৰচকুৰে প্ৰচ্ছায়ালৈ চাইছিল। ভনীয়েকৰ সৰু ছোৱালীৰ দৰে আব্দাৰবোৰ দেখি তাই হাঁহি আছিল। পলাশে ভাবিছিল¸ যদি এতিয়া প্ৰত্যাশাৰ সলনি এই আব্দাৰ প্ৰচ্ছায়াই কৰিলেহৈ¸ তাৰ সমান সুখী এই মূহুৰ্তত কোনো হব নোৱাৰিলহেতেন। 

তাৰ বাইকৰ পিছফালে উঠি প্ৰত্যাশাই এবাৰ পাপাকৰ মুখলৈ চাইছিল। 
‘ তা তা ’
সৰু ছোৱালীৰ দৰে মাকহতলৈ চাই ধেমালিতে হাত জোকাৰিছিল তাই।
পাপাকে সশব্দে হাঁহি উঠিছিল। হাঁহি মাৰি মাকে কৈ উঠিছিল¸
‘ তাই উঠিলেই। এনেয়ে কলেও পলাশে বা কাক প্ৰথম উঠোৱাৰ আশা কৰি ৰাখিছিল।’
কি কব পলাশে! কিবা কবলৈয়ো তাৰ লাজ লাগিছিল। নুশুনা ভাও ধৰি সি ওলাই আহিছিল। মেইন ৰোডৰ পৰা এপাক ঘুৰাই আনিছিল প্ৰত্যাশাক। মানুহ কেইজন তেতিয়াও বাৰাণ্ডাতে থিয় হৈয়ে আছিল। বোধহয় কেইমিনিটমানতে সিঁহত ঘুৰি অহাৰ মহুৰ্তটো চোৱাৰ লোভনীয় আশাত খোলা গেটখনলৈকে তেওলোকে চাই আছিল।

প্ৰত্যাশাক নমাই দি মানুহ কেইজনলৈ চাই মিচিকিয়াই ৰুমলৈ যাবলৈ লওতে প্ৰচ্ছায়াই সুধিছিল¸
‘ ঘৰলৈ যাবা এতিয়া?’
প্ৰচ্ছায়াই প্ৰশ্নটো সোধাৰ প্ৰয়োজন নাছিল। বন্ধ পালেই সি ঘৰলৈ যায়। বাইকখন কিনি ৰবিবাৰটোত স্বাভাবিকতেই সি ৰুমত সোমাই নাথাকে। তথাপিও কিবা এটা সুধিবলাগে বাবেই সুধিছিল তাই।

‘ উম ’
সি লাহেকৈ মুৰ দুপিয়াইছিল।
‘ যোৱা। লগ পাম কাইলৈ।’
হাঁহি থকা তাইৰ চকু দুটালৈ চাই তাৰ কব মন গৈছিল¸
‘‘ তুমি যদি কোৱা আজি নাযাও ঘৰলৈ। ব’লা দুয়ো এপাক ফুৰি আহো। ’’ কিন্তু সেই সপোন সঁচা হবলৈ চাগে লক্ষ্য যোজন বাকী। বেগটো পিঠত লৈ ওলাই অহাৰ মূহুৰ্তত মনতে কৈ উঠিছিল¸ ‘‘ প্ৰচ্ছায়া¸ কালিলৈ আকৌ দেখাপাম তোমাক। টিল ডেন টেক কেয়াৰ বাই বাই। ’’ কিন্তু মন গলেও লোকক দেখুৱাই সেয়াও কৰিব নোৱাৰে। আসঃ কি যে বিড়ম্বনা। হাঁহি উঠিছিল তাৰ।

পলাশে ঘৰলৈও মিঠাই টোপোলা এটা লৈ আহিছিল। ঘৰৰ মানুহৰ উপৰিও ওচৰ চুবুৰীয়া দুই এজনে গম পালে আহিবই। নতুন বাইকখন দেখি মাক-দেউতাকৰ মুখখন উজলি উঠিছিল। পুতেকৰ সৰু সাফল্য এটাতো গৌৰবী হৈ পৰাটোৱে মাক-দেউতাকৰ নিয়ম।

‘ দাদা¸ দে এপাক চলাও।’
ফুৰ্তিতে ভায়েকে নতুন বাইকখন খুজি এপাক ওলাই গৈছিল। সদায় স্কুটিখন চলোৱা ভায়েকৰ এই বাইকখনলৈ বৰ হেঁপাহ। সিয়েই কৈ আছিল¸ সুবিধা পালে পুৰণি পালচাৰখন বেছি এফ জেড এছখন লবলৈ। 

‘ তহঁত মন্দিৰৰ পৰাই এপাক আহগৈ যা।’
চাহ খোৱাৰ পিছত মাকে তাক কৈছিল। কথাটো সিয়ো ভাবি আহিছিল। এপাক মন্দিৰত পূজা কৰি আহিলে বাইকখন চলাবলৈ বেছি ভাল লাগিব। আচলতে পায় নাপায় কথাবোৰতকৈও মনৰ সন্তুষ্টিটোৱেহে বেছিকৈ গুৰুত্বপূৰ্ণ তাৰ বাবে। গা পা ধুই দুয়ো ভায়েকে ওচৰৰ দেৱালয়খনলৈ আহিছিল। এসময়ত পূজাৰীৰ হতুৱাই পূজা কৰি দেবীৰ চৰণত উৎসৰ্গা কৰি অনা মাংগলিক কাপোৰখন বাইকত লগাই দিছিল। ফুৰ্তিতে কেইখনমান চেল্ফি লৈছিল দুয়োটাই। সিঁহতে আশা কৰিছিল¸ এনেকৈয়ে এদিন চাৰিচকীয়া এখন কিনি লৈ আনিব। পূজা কৰাব আৰু গোটেই পৰিয়ালটোৱে একলগেই ফুৰিবলৈ যাব। দীৰ্ঘদিনীয়া সপোনটো সোনকালেই অহাৰ অপেক্ষাৰে দুয়ো ভায়েকে মন্দিৰৰ পৰা ওলাই আহিছিল।

সন্ধিয়া ফেচবুকটো খুলি ফটো দুখন দেখিছিল প্ৰচ্ছায়াই। নতুন বাইকখনৰ সতে ফটো দুখন আপলোড কৰিছিল পলাশে। লগৰজন বোধহয় ভায়েক। চকু দুটাৰ সামান্য মিল দেখি প্ৰচ্ছায়াই ভাবিছিল। লাইক এটা দি কিবা কমেন্ট এটা কৰো বুলিও কৰিব পৰা নাছিল তাই। ছ’চিয়েল মিডিয়াত চিনাকী অচিনাকী সকলোৱেই সকলোৰে মন্তব্যবোৰ পঢ়ে।

‘ অ’ বা¸ চোৱাচোন পলাশ দাদাই ফটো আপলোড কৰিছে। ’
হাঁহি হাঁহি ভনীয়েকে নিজৰ ফোনটো দেখুৱাইছিল তাইক। 
‘ নতুন বাইক চলাও আমি দুয়ো-ভাই।’
কেপচনটো পঢ়ি কিবা এটা ভাল লাগি গৈছিল প্ৰত্যাশাৰ। বায়েকৰ সমুখতে লাভ ৰিয়েক্ট দি কমেন্ট লিখিছিল প্ৰত্যাশাই¸ ‘ব্ৰাডাৰ্ছ আৰ অলৱেজ বেষ্ট ফ্ৰেইণ্ড।’
‘ য়াহ¸ ৱি ৱিল ডু এভ্ৰিথিং ফ’ৰ ইচ্ছ আডাৰ।’
বোধহয় একেই সময়তে পলাশেও সিফালে ফেচবুক খুলিছিল। অলপ পিছতে প্ৰত্যাশাৰ কমেন্টৰ লাভ ৰিয়েক্টৰে তাৰ ৰিপ্লাই আহিছিল। তাই বুজি পাই মানুহৰ ফিলিংচবোৰ। এই মৰমবোৰ এনেকৈয়ে ৰওক¸ যেন তাকেই বিছাৰিছিল তাই।
এই কমেন্টটোৰো লাভ ৰিয়েক্ট এটা দি আকৌ লিখিছিল তাই¸
‘ গুড বয়জ ।’
এইবাৰ হেপ্পী ৰিয়েক্ট এটাৰে সি সামৰিছিল। কেপচনটো প্ৰচ্ছায়াৰো ভাল লাগিছিল। বহুদেৰি ভবাৰ পিছত লিখি দিছিল¸ 
‘হেপ্পী ম’মেন্ট।’ 
‘ থেংকিউ ’
চিংগল লাইক এটাৰে সি প্ৰত্যুত্তৰ দিছিল।

----
পলাশে ভাবিছিল¸ সময়বোৰ সদায় এনেকৈ সুখী মূহুৰ্তবোৰতে ৰৈ যোৱা হ’লে। এটা প্ৰাপ্তিৰ পিছত বাকীবোৰো এনেকৈ আহি থকা হলে। কেঁচা পাকঘৰৰ মজিয়াত পিৰা পাৰি আটাইকেইটাই একেলগে ভাত খাই থকা মূহুৰ্তত ভাৱ হয়¸ সিঁহতেই যেন পৃথিবীৰ সবাতোকৈ সুখী পৰিয়াল। অথচ প্ৰত্যেকৰে মনৰ মাজত চলি থকা হুমুনিয়াহৰ ৰংবোৰ পলাশে বুজে। বেয়া দিনবোৰত এসাজ লঘোণে থাকিও মানুহকেইজনে হাঁহিব নেৰে। মাথো সপোনবোৰৰ আঁকাৰটোহে সৰু হৈ গৈ থাকে। স্বপ্নভংগৰ বেদনাবোৰ কঢ়িয়াই ইটোৱে আনটোৰ সাহস হৈ থাকে।

----
#Bad_boy

                               [ আঠাইশ ]

‘ নতুন বাইক ললি?’
হোৱাটচ্এপৰ ডিপিত নতুন বাইকখনৰ ফটো দেখি কিশোৰে ফোন কৰিছিল। প্ৰাপ্তিৰ আনন্দত ফটোখন ফেচবুক¸ হোৱাটচ্এপত শ্বেয়াৰ কৰিছিল পলাশে। হলেইবা সিঁহতৰ সুখবোৰ সৰু সৰু¸ তথাপিও অনুভৱখিনিতো একেই।

‘ উম¸ ললো দে ভাই এইখন। পুৰণিখন বেমাৰী হৈ পৰিছিল¸ চলাবও মন নোযোৱা হৈ পৰিছিল।’
‘ ভালেই কৰিলি ভাই। কংগ্ৰেটছ।’

‘ থেংকিউ দোষ্ট।’

‘ পলাশ¸ মই বৰ অশান্তিত আছো অ’। চাগে জীয়াই নাথাকিম মই।’
পলাশে কিবা সুধিব খুজিছিল। কিন্তু তাৰ আগতেই কিশোৰে কৈ তাক বাকৰুদ্ধ কৰি দিছিল।
‘ কিয়? কি হৈছে কিশোৰ?’
কিশোৰে একো কব পৰা নাছিল। কথাবোৰ ওলাই আহিব খোজা নাছিল। কেনেকৈ কয়¸ ঘৈনীয়েকৰ চাৰিত্ৰিক স্খলনৰ কথাবোৰ। ক’ৰবাত তাৰেই পৌৰুষত্বৰ অহমিকাত জানোচা আঘাট হয়।

‘ কিশোৰ¸ কবিনে কি হৈছে?’
পলাশ অধৈৰ্য্য হৈ পৰিছিল। আজিকালি মানুহবোৰ অসহিষ্ণু হৈ পৰিছে। সাহস হেৰুৱাই সোনকালেই হতাশ হৈ পৰা হৈছে।

‘ পলাশ¸ চাগে তাই মোক ঠগাই আছে অ’। বোধহয় কাৰোবাৰ লগত এফেয়াৰ চলি আছে।’
‘ প্ৰমাণ পাইছ।’
‘ পোৱা বুলিও নকও¸ একেবাৰে নাই পোৱা বুলিও নকও।’
‘ তেন্তে সচা নহবও পাৰে কিশোৰ। হতাশ নহবি¸ এনে কোনো সমস্যা নাই¸ যিটো আলোচনাৰ মাধ্যমেৰে সমাধান নহয়।’
‘ তই কি কব খুজিছ বুজিছো। কিন্তু বিশ্বাস হেৰালে জানো ঘুৰাই পায়?’
‘ হমম। তথাপিও একো সিদ্ধান্ত পটকৈ নলবি। আবেগেৰে মানুহ জয়ী নহয়।’
‘ বাৰু দে। লগ পাম দুই এদিনতে। ’
কিশোৰে ৰাখিছিল ফোনটো। কিন্তু তাৰ বুকুত সিঁচি থৈ গৈছিল এবুকু দুখ। 
দুখৰ সাংঘাটিক এক বৈশিষ্ট আছে। এটা দুখে সহজেই আন এটা দুখৰ সতে সহবস্থান কৰে। সদ্য প্ৰতিস্থিত কিশোৰৰ সংসাৰত কিহৰ অভাবত অশান্তিৰ সৃষ্টি হ’ল নাজানে। কিন্তু তাৰ দুখবোৰ….।

টোপনি অহা নাছিল পলাশৰ। বিচনাত বাগৰি পুৰণি কথাবোৰ মনত পেলাইছিল¸

সুখী হবলৈ কি লাগে মানুহক!
ভালপোৱা¸ আশা…
ওহো¸ কেতিয়াবা টকাৰো বিশেষ দৰকাৰ হয়। টকা অবিহনে কেতিয়াবা সকলোবোৰেই গৌণ হৈ পৰে। অথচ টকাৰ বাবেই কৰো বুলিও সকলো কৰিব নোৱাৰে। যিদৰে এদিন দেউতাকেও পৰা নাছিল। বিদেশী বহিস্কাৰৰ সময়ত নগালেণ্ডৰ পৰা চৰকাৰী চাকৰি এৰি মানুহজন গুচি আহিছিল আন্দোলন কৰিবলৈ। তেতিয়াও তাৰ জন্ম হোৱা নাই। ভৰপক সেই আন্দোলৰ সময়ৰ ত্যাগৰ মূল্য মানুহজনে কেতিয়াও নাপালে। ৰাজনীতিৰ মেৰপাকে ওচৰৰ স্কুলখনত হবলগা চাকৰিটোও হবলৈ নিদিলে। আৰু আপোন মানুহবোৰে? আপোন মানুহবোৰে জানো কমখন দুখ দিলে! তথাপি মানুহজন যেন এখন শিলৰ পাহাৰ। নিৰবে সকলো সহি গ’ল। কোনোদিনেই হাৰি নোযোৱাকৈ মাথো ত্যাগকে কৰি গ’ল। কেতিয়াবা আঁচৰিত হয় সি¸ কিয় কিয় বাৰু সি দেউতাকৰ দৰে সহ্য কৰিবপৰা গুণৰ অধিকাৰী নহল। সামান্য অনিয়ম দেখিলেই কিয় তাৰ বুকু জ্বলি উঠে।
প্ৰশ্নবোৰৰ উত্তৰ তাৰ ওচৰত আছে। সৰুৰে পৰা অন্যায় দেখি দেখি মানুহ বিদ্ৰোহী হৈ পৰে। কাঢ়ি আনিব মন যায় প্ৰাপ্য। হয়তো সেই বাবেই তাৰ খং উঠে¸ অভিমান হয়। যদি ভাগ্যই প্ৰতাৰণা নকৰিলেহেতেন¸ আজি সিঁহতৰ ভবিষ্যতবোৰ হয়তো বহুত বেলেগ হলহেতেন! কিন্তু ধানখেৰৰ দৰে এই খংবোৰ নুমাই যায়। মাথো তুঁহজুইৰ দৰে উমি-উমি জ্বলি থাকে নোপোৱাৰ বেদনাবোৰ।

‘‘ বেড বয়…তই বেড বয়। ভাল ল’ৰাই কেতিয়াও ভাগৰি নপৰে। কেতিয়াও হাৰিব নাজানে।
 কেন ইউ ড’ন্ট চেঞ্জ য়’ৰচেল্ফ টু বি গুড বয়?’’
হোৱাই নট? অৱকৰ্চ আই কেন।’’

হতাশাৰ দিনবোৰৰ পুৰণি কথাবোৰ মনত পৰি বিচনাখনত ছটফটাই থাকে সি। তাৰ মন নাযায় হোৱাটচ্এপ অন কৰি এবাৰ প্ৰচ্ছায়াক মেছেজ এটা কৰিবলৈ। এতিয়াতো হতাশাই চুব নোৱাৰাকৈ উচ্চ সি। সাহসেৰে প্ৰাপ্য হাঁচিল কৰিব পৰাকৈ উজ্জীবিত। কিন্তু জীৱনৰ এই চৰম সত্যটো শিকিবলৈ বাৰু কিয় লাগিল তাক ইমান বেছি সময়। নাই¸ পলাশৰ টোপনি নাহে। নতুন বাইকখনৰ উজ্জল ৰঙটোৱেও তাৰ বেয়া দিনবোৰৰ স্মৃতিক খেদি পঠাব নোৱাৰে। হুমুনিয়াহ এটা কাঢ়ি জোৰকৈ শুবলৈ চেষ্টা কৰিছিল সি। পুৰণি কথাবোৰ ভাবি থকাৰ এতিয়া একো অৰ্থ নাই। 
 ‘‘ মাইলচ্ টু গ’ বিফ’ৰ আই শ্লীপ
    মাইলচ্ টু গ’  বিফ’ৰ আই শ্লিপ’’
ৰ’বাৰ্ট ফ্ৰষ্টৰ কবিতাৰ অন্তিম শাৰীদুটা স্বগতোক্তি কৰি শুবলৈ যত্ন কৰে সি।

****

Thursday 25 June 2020

Bad boy ঃ26

Unknown

                             [ ছাব্বিশ ]

প্ৰচ্ছায়াই পাহৰি পেলাইছিল দিনৰ কথাবোৰ। দাসৰ দৰে ফাল্টু মানুহ এজনৰ কথাবোৰ ধৰি থাকি মনটো বেয়া লগাই ৰাখিবলৈ তাই ইচ্ছুক নাছিল। প্ৰচ্ছায়াই জানে¸ এনেবোৰ মানুহৰ কথাবোৰত গুৰুত্ব দিব নালাগে। তাৰ সলনি সুবিধা পালেই ভবিষ্যতে মুৰ তুলিব নোৱাৰাকৈ সুতে-মূলে উভতাই দিব লাগে। মাথোন ৰাণীবাৰ বাবেহে বেয়া লাগিছিল তাইৰ। বেছেৰীজনী¸  ছেঃ…এনেয়ে গালি খালে তাই। অফিচৰ পৰা ওলোৱাৰ সময়ত ৰাণীবালৈ অপেক্ষা নকৰাকৈয়ে আহিছিল প্ৰচ্ছায়াই। এতিয়া এবাৰ কথা পাতিব মন গ’ল তাইৰ। বেছেৰীজনীৰ কান্দি পেলাইছিল দাসৰ গালি খাই। একো উত্তৰো দিব পৰা নাছিল। 

’ ধীৰে ধীৰে মেৰে জিন্দেগী মে আনা
ধীৰে ধীৰে মেৰে দিলকো চুৰানা।’

প্ৰচ্ছায়াই ৰাণীৰ নম্বৰত ফোনটো লগাইছিল। ক’লাৰ টিউনটো বাজি বাজি কাটি গৈছিল। আকৌ এবাৰ লগাইছিল তাই। কিন্তু এইবাৰো ক’লাৰ টিউনটো বাজি বাজি কাট খাই গৈছিল।
থাকক। কিবা কামত ব্যস্ত হৈ আছে চাগে। 
কথাটো ভাবি¸ ফোনটো দলিয়াই থৈ দ্ৰয়িংৰুমত গৈ চোফা এখনত হেলান বহিছিল তাই। মাক আৰু ভনীয়েকে চিৰিয়েল এখন চাই আছিল। জি টিভিত প্ৰিয় চিৰিয়েল এখন দি আছিল। এইবাৰ টিভিৰ পৰ্দাত মনোযোগ দিলে তাই। 

ৰাণীৰ মনটো ভাল লগা নাছিল। দিনৰ কথাবোৰে অশান্তি দিছিল। তাই কথাবোৰ পাহৰিবলৈ যত্ন কৰিছিল। সাধাৰণ মানুহবোৰৰ আবেগ-অনুভূতিৰ মূল্য নাই। 
মূল্য থকাও উচিত নহয়। খং নামেই চণ্ডাল। ৰাণীয়ে গিৰিয়েকক কথাবোৰ কৈছিল। সুখে-দূখে আপোন বুলিবলৈতো মানুহজনেই। কথাখিনি শুনি গম্ভীৰ হৈ পৰিছিল মানুহজন। চকুদুটাও অলপ চলচলীয়া হৈ পৰিছিল।

‘ কুইনী¸ কামটো এৰি দিয়া তুমি। এনেকুৱা মানুহৰ তলত কাম কৰি থাকিলে সদায়ে অশান্তি পাই থাকিবা তুমি। মই পাৰিম দিয়া। দুজনহে আমি¸ চলি যাম।’
ৰাণীৰ গালত হাত এখন থৈ লাহে-লাহে কৈছিল গিৰিয়েকে। মৰমতে তাইক কুইনী বুলি মাতে তেও। অসহায় যেন লাগিছিল তেওৰ। উপাৰ্জন বেছি হোৱা হলে হয়তো তাইক কাম কৰিব নিদিলেহেতেন।

‘ নহয় বাবু। ভুলতো চাগে মোৰেই।’
গিৰিয়েকৰ মুখলৈ চাই কৈছিল ৰাণীয়ে। মৰমতে তায়ো গিৰিয়েকক বাবু বুলি মাতিছিল। মানুহজনৰ কৰুণ অসহায় দৃষ্টিটো দেখি বেছি বেয়া লাগিছিল ৰাণীৰ। বাবুৰ চকুলৈ চাই আছিল তাই। ইমান মৰম¸ ইমান বিশ্বাস আছে এই চকুযুৰিত। লাহে-লাহে আকৌ কৈছিল তাই¸ 
 ‘ কিশোৰদা যোৱাৰ পিছত এই লহকৰ বোলা হাৰামীজন আহোতেই মোৰ বুজা উচিত আছিল¸ আগৰদৰে ফ্ৰী হৈ কাম কৰিব নোৱাৰিম বুলি। আৰু এতিয়া কথাবোৰ মাথো তোমাৰ আৰু মোৰেই নহয়। তৃতীয় এজন সোনকালেই আহিব। তেতিয়াটো চুটি লব লাগিবই ন! পৰালৈকে এতিয়াই অলপ চেভিংচ কৰিবই লাগিব ন!’
এখন হাতেৰে গিৰিয়েকৰ গালত মৰমেৰে হাত বুলাই আনখন হাতেৰে পেটতো এবাৰ চুই চালে। শেষবাৰ পৰীক্ষাত পজিটিভ ওলাইছিল তাইৰ। হয়তো চব ঠিকে থাকিলে নমাহ পিছতে মা হব তাই।  এইবাৰ বাবুৱে একো নকলে। মাথো তাইৰ মুখলৈকে চাই থাকিল। 

‘ এইবোৰ সৰু কথা। বৰকৈ নাভাবিবা। ৰবা মই চাহ কৰোগৈ।’
হাঁহি এটা মাৰি পাকঘৰলৈ উঠি গৈছিল ৰাণী। সন্ধিয়াৰ চাহকাপ তেতিয়াও সিঁহতে খোৱা নাছিল। তাই পাকঘৰত থাকোতেই প্ৰচ্ছায়াই ফোন কৰিছিল। গম পোৱা নাছিল তাই। কিয় জানো ফোনটো চাইলেন্ট হৈ আছিল। চাহ খোৱাৰ পিছত এনেয়ে এবাৰ ফোনটো হাতত লৈ দেখিছিল ৰাণীয়ে প্ৰচ্ছায়াৰ দুটাকৈ মিছকল হৈ আছে।
ইছ ৰাম¸ প্ৰচ্ছায়াই বা কি ভাবিছেগৈ। আহোতে তাই আজি প্ৰচ্ছায়াক লগ নকৰাকৈয়ে গুচি আহিছিল। ফোনটো লগাইছিল তাই।

‘ মাজনী¸ তোৰ ফোন আহিছে অ’।
মাকৰ মাত শুনি উঠি আহিছিল প্ৰচ্ছায়া। ৰাণীয়ে ফোন কৰা দেখি মিচিকিয়া হাঁহি এটা ওলাই আহিছিল তাইৰ। 

‘ বাহ ৰাণীবা¸ ফোন কৰিলেও নধৰা ন? ডাঙৰ মানুহ হৈ গ’লা ন?’
হাঁহি হাঁহি কৈ দিলে প্ৰচ্ছায়াই।

‘ ক’তনো ডাঙৰ মানুহ অ’! ডাঙৰ মানুহ হলে জানো এনেকৈ অপমান খায়ো কাম কৰি থাকো! কিটচেনত আছিলো বাবে তোমাৰ ফোন অাহোতে গম পোৱা নাছিলো।’ ৰাণীয়ে হুমুনিয়াহ এটা কাঢ়িলে।

‘ ছ’ৰী ছ’ৰী ৰাণীবা। মই ধেমালি কৰিছিলো। তুমি কি এতিয়াও মন বেয়া কৰি আছা!’
নভবাকৈয়ে ডাঙৰ বুলি কোৱাৰ বাবে অনুশোচনা হ’ল প্ৰচ্ছায়াৰ। 

‘ হমম। বেয়া লাগিবই দিয়াচোন। এনেকৈ টান কথা শুনাৰ অভ্যাস নাইযে! এওক কওতে কি কলে জানা¸ কলে কাম এৰি দিয়া। দৰকাৰ নাই এনেকুৱা মানুহৰ তলত কাম কৰিবলৈ।’

‘ নাই …নাই …ৰাণীবা¸ কাম এৰি নিদিবা। বহুত বেয়া লাগিব তুমি গলে। জিএম ছাৰ চুটিত থকা বাবেহে দাসৰ তাও বাঢ়িছে। আহিব দিয়া তেওক¸ ভিজা মেকুৰী হৈ থাকিব লাগিব। আৰু এই সৰু কথাবোৰ মাইণ্ড কৰি থাকিলে নিজেহে দিগদাৰ পাবা। সেই অসভ্যকেইটাক ইগন’ৰ কৰি চলিলেই হ’ল।’

প্ৰচ্ছায়াৰ কথা শুনি নতুনকৈ সাহস পোৱা যেন লাগিল ৰাণীৰ। তাইৰ তুলনাত প্ৰচ্ছায়া বহুত ধনী ঘৰৰ ছোৱালী। এৰো বুলিলে তাইৰ একো সমস্যা নাই। কিন্তু তায়েই বিশেষ ভবা নাই যেতিয়া¸ ৰাণীয়ে বাৰু কিয় গুৰুত্ব দিব কথাবোৰ। কৈ থাকক দাসে। লাগিলে সদায় গালি পাৰক¸ মন বেয়া নকৰে তাই। আগুৱাই যে যাবই লাগিব। ফোনৰ লাইনৰ সিপাৰে থকা প্ৰচ্ছায়াক কলে তাই¸

‘ ঠিকেই কৈছা প্ৰচ্ছায়া। বাবুকো তাকেই বুজালো মই। নতুন জব নোপোৱালৈকে নেৰো। কষ্টকৈ হলেও ফিউচাৰৰ বাবে অলপ চেভিংছ কৰিবই লাগিব। তাতে মোৰ মান্থ আৰম্ভ হৈছে। আৰু হয়তো তিনিমাহমানহে কৰিব পাৰিম।’

‘ ৰাণীবা সঁচা…। বহুত ভাল খবৰ। মই মানে মাহী হবলৈ গৈ আছো। পাৰ্টি লাগিবদেই। ’
ফুৰ্তিতে চিঞৰি দিলে প্ৰচ্ছায়াই। কথাটো শুনি ভাল লাগিছিল তাইৰ। যোৱা চাৰি বছৰে কিছুমান সমস্যাৰ বাবে কনচিভ কৰা নাছিল ৰাণীৰ। মাজে-মাজে তাৰ বাবে দুখ কৰিছিল ৰাণীয়ে।

ৰাণীৰো কথাবোৰ মনত পৰিছিল। গাঁৱৰ সমাজখন চহৰৰ দৰে নহয়। লোকৰ কথালৈ বৰকৈ খুচৰি থাকে।
 
‘ তহঁতে বাৰু পো-পোৱালিৰ কথা নাভাব নেকি ঔ। টকা-পইচাৰ সমস্যা বুলি কৈয়ে ইমানদিন লগালি। নে বোৱাৰীৰে কিবা সমস্যা আছে? গাঁৱৰ মানুহৰ আগত ওলাব নোৱাৰা হৈছো।’
মানুহবোৰৰ বু বু বা বা শুনি এদিন অতিষ্ট হৈয়েই শাহুৱেকে স্পষ্টকৈ সুধিছিল তাইক। দুচকুত তাইক পুতেকৰ পচন্দমতে তাইক বিয়া কৰাই অনাৰ অনুশোচনা আছিল মানুহজনীৰ চকুত। একো কব পৰা নাছিল ৰাণীয়ে। কেনেকৈ কব¸ যোৱা দূবছৰে সিঁহতে এজনৰ পিছত আনজন ডাক্টৰ সলনি কৰি ফুৰিছিল। উত্তৰটো দিছিল বাবুৱে¸

‘ মা¸ ইমান কিয় লৰালৰি কৰিছনো? দেখা নাই জানো¸ আজিলৈ ভালকৈ এষ্টাব্লিজ হব পৰা নাই। আৰু নহলেই যেনিবা¸ কিবা কাৰণত দোষটো চিধাই বোৱাৰীয়েৰকে দিছ যে? পুতেৰৰোতো দোষ থাকিব পাৰে।’ একো কোৱা নাছিল শাহুৱেকে। পুতেকলৈ এবাৰ পোন্দোৱাকৈ চাই আঁতৰি গৈছিল মানুহজনী। তেতিয়াৰে গাঁৱৰ মানুহৰ লগত মিলা-মিছা¸ আলহীৰ ঘৰলৈ কমাই দিছিল দুয়োটাই। প্ৰচ্ছায়াৰ আগতে প্ৰায়েই চকুলো টুকিছিল তাই। বিশ্বাসী মানুহৰ আগতহে কান্দিব পাৰি।

‘ মই বাৰু মা¸ নহম নেকি সচাকৈয়ে? কিয় মোক ভগবানে মোৰ গৰ্ভখন বন্ধ্যা কৰি পঠালে! সকলোৱে মোক বাজী বুলি কয়। যদি বাবুৱেও এদিন ভাবিবলৈ লয়! মই বাৰু মৰি যোৱাই ভাল নেকি!’
‘ ধেৎ¸ কি যে কোৱা! বহুত মানুহৰে কেতিয়াবা সমস্যা থাকে। চিকিৎসা কৰালে ভাল হৈ যায়।’

‘ Don't cry and keep fighting
 This war is just yours!
 The fire of life that did not burn,
 The challenges that didn't make you tired...
 One, who is not depressed even once,
 Can never hope for success in life...
 So, console yourself.
 No one will come from this selfish world to wipe your tears,
 If you feel bad then look at the sky,
 Count the never ending stars...
 Stars will take away your pain,
 Write your dream in the paper of your heart...
 After that count, how much courage comes to your dedication,
 You keep running
 Just keep running
 This life is yours.’

প্ৰচ্ছায়াই বুজাইছিল ৰাণীক। সাহস দিবলৈ প্ৰায়েই লাইফ অনলি লাইফ নামৰ কৰবাত পঢ়া ভাল লগা কবিতা এটা গাই শুনাইছিল। ৰাণীয়ে সাহস পাইছিল। পিছলৈ প্ৰায় মুখস্থই হৈ গৈছিল তাইৰ।

হঠাতে পুৰণি কথাবোৰ মনত পৰি মুখখন পোহৰ হৈ পৰিল ৰাণীৰ। ইশ্বৰে দিলে¸ এইবাৰ সকলোৰে মুখবোৰ বন্ধ কৰিব পাৰিব তাই।

‘ পাৰ্টি বুলি নহয়¸ তোমাক বাৰু ডেইৰী মিল্ক এটা খুৱাম। কিন্তু আশীৰ্বাদ কৰিবাদেই প্ৰচ্ছায়া¸ এইবাৰ যেন সপোনটো ফলিয়াই।’

‘ কৰিছো অ’ ৰাণীবা¸ মুৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো। সোনকালে ধুনীয়া কণমানি এটিয়ে তোমাৰ কোলা শুৱনি কৰক।’
প্ৰচ্ছায়া উচ্ছাসিত হৈ পৰিছিল। সিপাৰে ৰাণীয়েও হাঁহি দিছিল।

‘ থেংকিউ…থেংকিউ…। বাৰু ৰাখোদেই এতিয়া ভাতৰ যোগাৰ কৰোংগে।’
‘ উম¸ বাই। ’
ভাল লাগি গ’ল প্ৰচ্ছায়াৰ। সুখৰ অনুভূতিবোৰ এনেকুৱাই¸ ভাললগা মানুহবোৰৰ ভালহোৱা শুনিলে খুউব আনন্দ হয়।’ ফোনটো থৈ ৰুমৰ পৰা ওলাই আহিল তাই।

অথনিয়েই তাইক মেছেজ দুটা দি একো ৰিপ্লাই নহাত পলাশে বুজিছিল ¸ তাই চাগে ফোন থৈ কিবা কামত বিজি হৈ আছেগৈ। ফোন কৰিবলৈ মন নাছিল তাৰ¸ ঘৰৰ মানুহে গম পালে বেয়া ভাবিব পাৰে। সি অলপ সময় ভাবি অভিনৱ উপায় এটা উলিয়াইছিল। যদি চিঞৰি চিঞৰি গান গাই দিয়ে। গীতাৰখনো এনেয়েও বজাই। গান গালেনো কোনে কি ভাবিব। অৱশ্যে তাৰ কণ্ঠটো বেয়া। কিন্তু বাথৰুম চিংগাৰে লোকৰ কথালৈ গুৰুত্ব দিয়াৰে বা কি প্ৰয়োজন। গীতাৰখন হাতত লৈ গীত জুৰিছিল সি। মনটোও ভাল লাগিব¸ তাইতো চাগে এসমময়ত শুনিবই। 

মাকক কিটচেনত অলপ সহায় কৰি দিবলৈ যাবলৈ ওলাই প্ৰচ্ছায়া এপলক ৰৈ গৈছিল। 

‘ মে ফিৰ ভি তুমকো চাহুংগা
  মে ফিৰ ভি তুমকো চাহুংগা।’

ক’ৰবাৰ পৰা কণ্ঠ এটা ভাহি আহিছিল। সুৰীয়া নহলেও শুনিবলৈ বৰ বেয়ালগাও নাছিল। খিৰিকিখনৰ কাষলৈ লৈ কাণ উনালে তাই¸ সেয়া দেখোন পলাশৰ মাত।
ভালকৈ শুনিবলৈ প্ৰচ্ছায়া বেলকনিলৈ ওলাই আহিল। তাৰ পৰা স্পষ্ট শুনা পায়। কি বা ইমানকৈ ফুৰ্তি লাগিছিল তাৰ যে চিঞৰি চিঞৰি গীতাৰখন বজাই গাই আছিল। হাঁহি উঠিল প্ৰচ্ছায়াৰ। মেছেজ এটা কৰো বুলি ফোনটো হাতত লওতেই দেখিলে দুটাকৈ তাৰ টেক্সট মেছেজ। বোধহয় তাৰ ৰাণীবাৰ লগত কথা পাতি থাকোতেই দিছিল। তাই গম নাপালে।

‘ হাই¸ গুড ইভিনিং।’
‘ আজি বোলে অসভ্য এজিএমে তোমালোকৰ লগত মিছ বিহেভ কৰিলে। ভালকৈ এনচাৰ দিব নোৱাৰিলা?’

ৰিপ্লাই কৰিব খুজিও তাই ৰৈ গ’ল। চাগে মেছেজ কৰিলেও গম নাপাব সি। যিটোহে চিঞৰি গাই আছেগৈ। 

হঠাতে ফোনটো বাজি উঠাত পলাশৰ উদ্দেশ্য সফল হৈছিল। হাঁহি মাৰি ৰিচিভ কৰিছিল সি¸

‘ হেল্ল’ ’
‘ অই’ আজি আমি দাসৰ গালি খোৱাই তোমাৰ ফুৰ্তি লাগিল যেন পাইছো!’
ধেমালি কৰিবৰ বাবে কৰুণ সুৰত কৈ উঠিল তাই।

‘ নহয় নহয় …এক্সুৱেলি এনেয়েহে গাইছো।’
বিব্ৰত হৈ পৰিল সি।
‘ মানুহে এনেয়েও গান গাই নেকি?’
‘ সঁচা কথা কও¸ মনটো ভাল লগা নাই আবেলিৰ পৰা। সেয়েহে ফুচুলাবলৈ অলপ চিঞৰ বাখৰ কৰিছো। দিছটাৰ্ব হৈছে চাগে। ছ’ৰী। ’
‘ ছ’ৰী কব নালাগে। দিছটাৰ্ব পোৱা নাই।’
অলপপৰ মনে-মনে ৰ’ল প্ৰচ্ছায়া। 

‘ আজি দাসে কিবা কলে বোলে তোমাক আৰু ৰাণীক? অসভ্যটোক উভতি ধৰিব নোৱাৰিলা?’
‘ মোক কোৱা নাই। ৰাণীবাকহে বেয়াকৈ ক’লে। খং উঠিছিল। কিন্তু সেইবুলি অসভ্যৰ লগত অসভ্য হবা নেকি! আচলতে কি জানা¸ দাসতকৈয়ো লহকৰ বোলাটোহে বেছি বদমাছ। আমি যেনিবা পাঁচমিনিট বহি কথা পাতিলোৱেই¸ সেই কথাটো লগাই দিব লাগেনে!’

‘ মই কিন্তু তোমাৰ দৰে ইমান ভদ্ৰ হৈ নাথাকিলোহেতেন প্ৰচ্ছায়া। কাণতলীয়া এটা লগাই দিলোহেতেন। ভদ্ৰৰ লগত ভদ্ৰ আৰু অভদ্ৰৰ লগত অভদ্ৰও হব লাগে কেতিয়াবা।’
সামান্য খং উঠিছিল তাৰ।

হাঁহিলে তাই। ক’লে¸
‘ কাৰণ তুমি বেড বয় যে। সেই কাৰণে পাৰা।’
অলপ ৰৈ তাই পুনৰ ক’লে¸

‘ বাদ দিয়া সেইবোৰ¸ চবতে এনেকুৱা নমুনা একোটা থাকেই। সেইবোৰৰ বাবে মই মন বেয়া কৰাত নাই। অৱশ্যে পিছলৈ সেই দুজনৰ পৰা অলপ সাবধান হ’ম।’

‘ হমম। কিন্তু মোৰ পাল্লাত পৰিলে নেৰো। ইঁহত দুটাক এনেয়েও দেখিব নোৱাৰো।’

প্ৰচ্ছায়াই কিবা কব খুজিছিল। কিন্তু সেই মূহুৰ্ততে ভনীয়েকে মতাত ফোনটো ৰাখিবলৈ খৰখেদা কৰিলে¸

‘ পলাশ পিছত কথা পাতিম হা। মাইনাই মাতিছে। বাই।’
সি গুড নাইট কোৱাটো হয়তো তাই নুশুনিলেই। তাৰ আগতেই ফোনটো ৰাখিলে। তাৰ বেয়া নালাগিল। মেছেজৰ সলনি তাই ফোন কৰিছে¸ আৰু কি লাগে তাক। 

----

পিছদিনা ৰাতিপুৱা পলাশে সোনকালে বাইকখন থেলি থেলি গেৰেজত দি অফিচলৈ আহিছিল। তথাপি অলপ দেৰি হৈ গৈছিল তাৰ। আঠ বজাত ৱৰ্কশ্বপ খুলিলেও মেকানিকবোৰে নবজা মানৰ পৰাহে গাড়ীৰ মেৰামতিত লাগে। তাতে আগদিনাই দি যোৱা দুচকীয়া বাহনবোৰৰ নম্বৰ পাওতে যথেষ্ট দেৰি হয়। হওতে মালিকক সমস্যাখিনি বুজাই আহিব পাৰিলেহেতেন সি¸ কিন্তু বাইকখনৰ আচল বেমাৰটো আৰু সাম্ভাব্য মেৰামতিৰ খৰচৰ অনুমানিক খৰচটো বুজ নোলোৱাকৈ গুচি যোৱা মানেই দিনটোলৈ মনটো খু-দুৱাই থাকিবলৈ দিয়া। মেকানিকজনৰ সতে কথাপাতি ভাল কৰিবলৈ থৈ আহে মানে চাৰে-দহ বাজি গৈছিল। নিজৰ বাইকত নাহি চিটিবাছত আহিলে এইটোৱেই অসুবিধা। নিৰ্ধাৰিত সময়তকৈ বহু বেছি সময় যায়গৈ। মনতে ভাবি পেলাইছিল সোনকালেই নতুন বাইক এখন লবলৈ। গেৰেজৰ চিনাকি ল’ৰাটোক কথাটো জনাই গ্ৰাহক চাবলৈ কৈ আহিছিল। বেছিব পাৰিলে কমিচন অলপ দিব। পলাশে জানে¸ নিজে গ্ৰাহক বিছাৰি থাকিলে বহুদিন লাগিব যাব।
কথাবোৰ ভাবি ভাবি পলাশ আহি পাইছিল। 
অফিচ থকা বিল্ডিঙটোৰ গ্ৰাউণ্ডফ্লোৰত লিফ্টখনৰ সমুখত মানুহজাকৰ সতে সিয়ো থিয় দিছিল। লিফ্টখন নামি অহাৰ লগে-লগে হুৰমুৰকৈ মানুহবোৰ উঠিছিল। হেচি-ঠেলি সিয়ো সোমাই গৈছিল। আঠজন উঠিব পৰা ক্ষমতাৰ লিফ্টখনত উঠিব নোপোৱা দুই-এজনে মুখখন কোঁচাই থিয় দি ৰৈছিল। পিছৰবাৰ লিফ্টখন অহালৈ ৰৈ দিবলৈ যেন সকলোৰে হেলা লাগিছিল।

‘ কেপাচিটি নাই আৰু। আপুনি পিছত আহক।’
কাষতে থিয় হৈ থকা মহিলাৰ গৰাকীৰ দৃষ্টি অাকৰ্ষণ কৰি মুৰ গৰম হৈ গৈছিল পলাশৰ। এনেয়ে ভিতৰত থিয় দিবলৈ ঠাই এখুদো নোহোৱা হৈছিল। তথাপিও লহকৰে দাঁত দুপাৰি দেখুৱাই ফেচেককৈ হাঁহি মাৰি হেঁচি সোমাই আহিছিল। এপাকত শকত মানুহজনৰ হেঁচাত থাৰ্ড ফ্লোৰৰ চশমা পিন্ধা মহিলাগৰাকীয়ে ভাৰসাম্য ৰাখিব নোৱাৰি তাৰ গাতে উফৰি পৰিল। সহ্য নহল আৰু পলাশৰ। এনেয়ে আগদিনাৰ পৰাই মানুহটোৰ ওপৰত খং এটা উঠিয়েই আছিল। এতিয়া এই হেঁচা-ঠেলাত সেই খঙটো বাহিৰলৈ ওলাই আহিল।

‘ হেৰি’ আপুনি পাগল নেকি? মাথাত একো নাই? বাৰে-বাৰে কৈ থকা দেখা নাই। কেপাচিটি ফুল হোৱাৰ পিছত কৈ থকাৰ পিছতো হেঁচা-ঠেলা কৰিছে যে! যাওক পিছত আহিব।’
হাতখন আগবঢ়াই লহকৰক সোমাবলৈ বাধা দিলে সি। তাৰ কথা শুনি হঠাতে মানুহজাকে গিৰ্জনি মাৰি হাঁহি উঠিল। লাজে-অপমানে ক’লা পৰি গ’ল লহকৰৰ মুখখন। তাৰ সেইবোৰলৈ ভ্ৰক্ষেপ নাছিল। লহকৰক অলপ টানকৈ কবলৈ পাই ভাল লাগিছিল পলাশৰ। তথাপিও বিবেকে এবাৰ সুধিছিল¸ প্ৰয়োজনককৈ বেছি আক্ৰমণাত্মক হোৱাৰ প্ৰয়োজন বাৰু আছিল নেকি! প্ৰিয়াৰ চকুপানী উলিয়াব খোজা প্ৰতিটো কথাই মষিমূৰ কৰাটোতো প্ৰেমিকৰে কাম। প্ৰতিটো ক্ৰিয়াৰে এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। নিউটনৰ এই গতিসুত্ৰটো ভালপোৱাটো খাটে। তাৰমানে এইটোতো খাটিব। লহকৰেও চাগে তাক অপদস্ত কৰিবলৈ সুযোগ বিছাৰি থাকিব। কিন্তু তাৰ পৰা সহজে সুযোগ পোৱা আৰু মহানগৰীত ভাল ভাড়াঘৰ পোৱা একেই কথা। হাঁহি মাৰি লেপটপটো সি অন কৰিছিল। জুনিয়ৰ দুজনক ব্ৰিফিং দি নিজৰ প্ৰেজেন্টেচনটো এবাৰ চকু ফুৰাইছিল।

 নিউটনৰ গতি সুত্ৰটো যে ইমান সোনকালে লহকৰে কাৰ্য্যকৰী কৰিব পলাশে ভাবিবও পৰা নাছিল । সি অফিচত বহাৰ এঘন্টামানৰ পিছতে পিয়নজন সোমাই আহিছিল।

‘ আপোনাক এএজিএমে এতিয়াই মাতিছে।’
কৌতুহলী হৈ ওলাই আহিছিল পলাশ। হঠাতে কি বা দৰকাৰ হ’ল তাৰ। এজিএমৰ কোঠাত বৈশ্যও আহিছিল। তেওকো মতাই অানিছিল দাসে। দাসৰ পিছফালে লহকৰে খঙাল মুখ এখন লৈ থিয় দি আছিল।

‘ কলিতা¸ আপুনি চবৰে আগতে লহকৰক পাগল বুলি কৈছে বোলে?  কিয় কবহে তেনেকৈ?’
তাক দেখাৰ লগে-লগেই অভিযোগ কৰিছিল দাসে।
হাঁহিম নে কান্দিম যেন লাগিছিল পলাশৰ। সৰু ল’ৰা-ছোৱালীক কোনোবাই কিবা কলে যে চিধাই গৈ শিক্ষকক গোচৰ দিয়েগৈ¸ ঠিক তেনেকুৱাই যেন লাগিছিল তাৰ। 

‘ বাহ লহকৰবাবু¸ আপুনি গোচৰ দি দিলেগৈ। পিছে কাৰণটো কলে নে নাই?’
কৌতুকৰ হাঁহি মাৰি ক’লে সি। বৈশ্যদাই তেতিয়াও কথাবোৰ একো বুজা নাই। নুবুজি দুয়োজনৰ মুখলৈ চাই থাকিল তেও।

‘ কাৰণ যিয়েই নহওক¸ একেটা অফিচৰ কলীগ এজনক বেলেগ অফিচৰ মানুহৰ আগত আপুনি কিয় কব? কিবা থাকিলে মোক আহি কব পাৰিলেহৈ!’
এইবাৰ পোনেই তাক অভিযুক্ত কৰি পেলালে দাসে। পলাশৰ খং উঠি আহিল। বাহিৰৰ পাৰ্চনেল কথা এটা কিয় অফিচিয়েল কৰি পেলাব! চাল্লা¸ চামচাগিৰিৰো এটা সীমা থাকে।

‘ আপুনি কি কথা কৈছে এজিএম ছাৰ। বাহিৰৰ সৰু কথা এটা আনি আপোনাক অভিযোগ দিবলৈ মোক কি লহকৰৰ দৰে চামচা বুলি ভাবিছে নেকি? আৰু এও যে কেপাচিটি ফুল হোৱাৰ পিছতো ঠেলি মহিলা এগৰাকীক পেলাই দিছিল¸ উভতি কাণতলীয়া চৰ এটা দিলেও আপোনাৰ ওচৰত আহি কান্দিলেহেতেন যেন পাইছো।

‘ আপুনি মোক চামচা বুলি কৈছে? ছাৰ চাওক¸ মোক আপোনাৰ আগতে চামচা বুলি কৈছে।’
এইবাৰ দাসৰ ওচৰত আকৌ পেনপেনালে লহকৰে। 

‘ কলিতা¸ আপুনি কথাবোৰ কিয় তেনেকৈ কৈছে! মই কমপ্লেইন কৰা নাই নহয়। বুজাইছোহে। আমি একেটা অফিচৰে ষ্টাফ। আনৰ আগত ৰেচপেক্ট দিবহে লাগে। এতিয়া মোৰ আগতেই আকৌ লহকৰক চামচা বুলি কলে।’
এইবাৰ অলপ নৰম হল দাসৰ কণ্ঠ। বোধহয় তাক বলেৰে নোৱাৰিব বুলি ভাবিলে দাসে।
এইবাৰ যেন সুবিধাহে পালে পলাশে।

‘ ছাৰ¸ পাৰ্চনেল বাজে কথাবোৰ অফিচিয়েল নকৰিব। নিজে বুজিব পৰাকৈ ক্ষমতাও মোৰ আছে। তাৰ কথা তাতেই শেষ। বেলেগ কথা নাই যদি যাও¸ কাম আছে মোৰ।’
তাৰ কথাখিনি শুনি এইবাৰ অবাক হৈ দাসে চাই থাকিল। হয়তো ভাবিলে ইমান সাহস¸ চিনিয়ৰক উত্তৰ দিবলৈ। আনহাতে ঘটনাটো ভবাৰ দৰে নোহোৱাত আহত হৈ পৰিছিল লহকৰ। ভাবিছিল¸ এজিএমৰ মুখেৰে দুআষাৰ কোৱাব। কিন্তু এতিয়া এজিমৰ মুখ বন্ধ কৰোৱাৰ বাবে অসহায় হোৱা যেন হ’ল।

ঘটনাটো বৈশ্যইও অলপ বুজি পাইছিল। পেটে পেটে তেওৰো হাঁহি উঠিছিল। তথাপি একো বুজিবলৈ নিদি¸ দাসক কলে তেও¸

‘ ছাৰ¸ এইটো দুয়োজনৰে পাৰ্চনেল মেটাৰ। আমি অফিচিয়েলি নোসোমোৱাই ভাল। তথাপি পলাশ আৰু লহকৰ¸ দুয়োজনলৈ ৰিকুৱেষ্ট¸ আগলৈ যেন অলপ সজাগ হয়।

সি ওলাই আহিছিল। পিছে-পিছে বৈশ্যও ওলাই আহিছিল। তাৰ চকুলৈ চাই বৈশ্যই চকু টিপিয়াইছিল। ‘ভাল কৰিলি!’ প্ৰত্যুত্তৰত সিয়ো মিচিকিয়ালে।

-----

বৈশ্যৰ মুখত কথাবোৰ শুনি হাঁহিত বাগৰি পৰাৰ উপক্ৰম হৈছিল প্ৰচ্ছায়া। মতা মানুহো ইমান টুটকীয়া থাকেনে।

‘ ইচ… বৈশ্যদা¸ মই বেয়াকৈ মিছ কৰিলো দেই। দৃশ্যটো মই দেখা পাব লাগিছিল।’
সাংঘাটিক কিবা দেখা নোপোৱাৰ দৰে আপচোছ এটা হৈছিল প্ৰচ্ছায়াৰ। কথাটো শুনি মুখৰ হাঁহি ৰখাৰ নাম লোৱা নাছিল।

‘ হা হা হা … নকবা আৰু প্ৰচ্ছায়া…। কিমান কষ্ট কৰি মই হাঁহি ৰখাইছো মইহে জানো। ইপিনে পেট বিষাই যোৱাৰ উপক্ৰম হৈছে। লহকৰ আৰু দাসৰ যি পাম্প যোৱা বেলুনৰ দৰে অৱস্থা হৈছিল নহয়…। ভাবিছিল চাগে সকলোৰে আগত পলাশক অলপ লাজ দিব। কিন্তু… হা হা হা হা…পলাশে দেখিছো চুঙা চাই  ভালকৈয়ে সোঁপা দিব জানে।’
বৈশ্যদাই হো-হোৱাই হাঁহি দিছিল।
প্ৰচ্ছায়ায়ো হাঁহি আছিল। মনত পৰিছিল তাইৰ পলাশে কোৱা কথাবোৰ। তাক চিনিবলৈ দাস আৰু লহকৰৰ বহুত বাকী আছেগৈ। 
কিন্তু মনটো ভাল লাগিছিল তাইৰ। আগদিনা সিঁহত দুজনীৰ লগত কৰা ব্যৱহাৰৰ প্ৰত্যুত্তৰ নিশ্চয় ভগবানে আন কাৰোবাৰ হতুৱাই দিয়াইছিল। ৰাণীলৈ মনত পৰাৰ লগে-লগে ৰাণীক জনাবলৈ মন গ’ল প্ৰচ্ছায়াৰ। হোৱাটএপচত কথাখিনি লিখি পঠিয়াই দিলে তাই।

’ সঁচা…বিৰাট ভাল লাগিল শুনি। পলাশদাক মোৰ ফালৰ পৰা এটা থেংকচ্।’ স্মাইলী এটাৰ সৈতে ৰিপ্লাই আহিছিল ৰাণীৰ।
‘ মোৰ ফালৰ পৰাও ।’ আন এটা স্মাইলীৰ সৈতে তায়ো ৰিপ্লাই কৰিছিল।

‘ প্ৰচ্ছায়া¸ এটা কথা গম পোৱানে? ’
এবাৰ তাইৰ ফালে চাই মিচিকিয়ালে বৈশ্যই। তাইৰ মনটো ভাল হৈ থকা দেখি কিবা এটা কথা মনলৈ আহিছিল তেওৰ।

‘ কি কথা বৈশ্যদা? ’
মুৰ তুলি বৈশ্যলৈ চালে তাই।

‘ পলাশৰ এই ৰিয়েক্টৰ অান এটা মেইন কাৰণ চাগে তুমি।’
কৌতুকেৰে কৈ উঠিল বৈশ্যই।

‘ হা…।’
আচৰিত হৈ চালে তাই
‘ মানে তোমালোক ভাল ফ্ৰেইণ্ডটো। সেইবাবেই  চাঞ্চ পাই কালিৰ ৰিভেঞ্জলৈ দুয়োটাকে বহাই দিলে সি।’
একেই কৌতুকেৰে কৈ বৈশ্যই নিজৰ কামত মন দিলে।
প্ৰচ্ছায়াই চাই থাকিল এক বুজা-নুবুজাৰ দৃষ্টিৰে। 
এক নাম নজনা অনুভূতিৰে প্ৰচ্ছায়াৰ মনটো ভৰি পৰিছিল। ৰাতি কৈছিল সি। সচাকৈয়ে তাইৰ বাবেই কলে নেকি বাৰু!
এবাৰ তাৰ সতে কথা পতাৰ মন গ’ল তাইৰ। হোৱাটএপত মেছেজ এটা লিখি পঠিয়াই ৰৈ থাকিল। বহুদেৰি পিছলৈকো একো ৰিপ্লাই নাহিল।  অলপ অধৈৰ্য্য হৈ পৰিছিল তাই। এবাৰ কেৰাহিকৈ বৈশ্যদালৈ চাই প্ৰচ্ছায়া লাহেকৈ কেবিনৰ পৰা বাহিৰলৈ ওলাই আহিছিল। বৈশ্যৰ সমুখত ফোন কৰিবলৈ লাজ লাগিছিল তাইৰ।

সেইখিনি সময়ত অ’টো এখনত উঠি ফিল্ডত গৈ আছিল পলাশ। এনেয়ে সকলো সময়তে ডাটাও অন নাথাকে বাবে মেছেজটো তাৰ ফোনলৈ অহা নাছিল। এনেকৈ হিচাপতকৈ বেছি ভাড়া ভৰি অ’টোত আহিবলৈ অহসজ হৈছিল সি। ফিল্ডত কাম কৰা মানুহৰ সকলো সময়তে বাইক এখন নহলেই নহয়। যদি পুৰণিখন বেছি পোৱা টকাৰ লগত আৰু পশিচ হেজাৰ ডাউনপেমেন্ট দি দিয়ে চাগে এবছৰমানৰ ইএমআই দিবলৈ অসুবিধা নহবগৈ। অ’টোখন গৈ থকা সময়ত কথাবোৰ ভাবি গৈছিল পলাশে। মনটোৱে তেনেকুৱা। অলপ সময়ৰ বাবেও বিৰতি নলয়। কিবা নহয় কিবা ভাবিয়েই থাকে।
ফোনটো হঠাতে বাজি উঠাত ভাবনাত যতি পৰিল পলাশৰ। ফোনটো পকেটৰ পৰা উলিয়াই সামান্য আঁচৰিত হ’ল সি। আকাংক্ষিত ফোনকলটো দেখোন সচৰাচৰ নাহে। হাঁহি এটা মাৰি ফোনটো ৰিচিভ কৰি কৈ উঠিল সি¸
‘ কোৱা প্ৰচ্ছায়া। ’

‘ অই¸ তুমি বোলে লহকৰক লিফ্টত সকলোৰে সমুখত পাগল বুলি ক’লা! দাসৰো বোলে মুখ বন্ধ কৰি দিলা।’
মুখ টিপি হাঁহিলে তাই।
তাৰ মুখতো হাঁহি ওলাল। সুধিলে¸
‘ কোনে কলে তোমাক? ’
‘ বৈশ্যদাই ক’লে। ’
’ হা হা বৈদ্য জমনি জানা। লহকৰক তলত টানকৈ কলো¸ সি আকৌ বাচ্ছাই ডাঙৰক লগোৱাদি দাসক কৈ দিলেগৈ। সহ্য নহল। কৈ দিলো অলপ।’
‘ ভাল কৰিলা।’ 
‘ হমম। ’
‘ থেংকিউ হা।’
‘ ফ’ৰ হোৱাট? ’
‘ ফ’ৰ দ্যাট।’
সি কিবা কোৱাৰ আগতে আকৌ সুধিলে তাই
‘ ক’ত আছা?’
‘ এয়া জু’ৰোডত।’
‘ অ’কে¸ কামত লাগা হা। ৰাখো। বাই।’
ফোনটো ৰাখিলে তাই। এমোকোৰা হাঁহিৰে সিয়ো ফোনটো ৰাখিলে। ইতিমধ্যে তাৰ গন্তব্যস্থল আহি পাইছিল অ’টো। ভাড়াটো দি নামি আহিল সি। ইয়াতে এটা প্ৰেজেন্টেচন আছিল। 

সন্ধিয়া অফিচৰ পৰা ওলাই জয়ানগৰৰ চাৰিআলিলৈ খোজ লৈছিল পলাশে। ইয়াৰ পৰা দাইৰেক্ট গাড়ী নাপাই কাহিলিপাৰালৈ। বাইকখন থাকিলে সেয়া ভাব নহয়! এই দুদিনতে গম পাইছে গাড়ী সলাই ফুৰাৰ যন্ত্ৰনা। এতিয়া তিনিআলিলৈ যাব লাগিব¸ নহয় ছয় মাইললৈ। তাৰ পৰা গণেশগুৰি¸ আকৌ গণেশগুৰিৰ পৰা কাহিলিপাৰা। কলে হয়তো জুনিয়ৰ দুজনে থৈ আহিব¸ কিন্তু সৰু কথাটোৰ বাবে কাৰো অনুগ্ৰহ নিবিছাৰে সি। বেগটো পিঠিত লৈ খোজকাঢ়ি থাকোতে কলেজীয়া দিনবোৰলৈ মনত পৰি গ’ল পলাশৰ। কি যে দিন আছিল সেইবোৰ। বাৰবছৰ আগৰ কথাবোৰ মনত পৰি মনটো ভাল লাগি গৈছিল। 

হঠাতে কাষত হৰ্ণ বাজি উঠাত উচপ খাই ঘুৰি চালে সি। স্কুটিখন ৰাখি প্ৰচ্ছায়াই তালৈ চাই সুধিছিল¸
‘ খোজকাঢ়িছা যে? বাইকখন?’
‘ বেয়া হৈছে। ভাল কৰিব দিছো। লিফ্ট দিবা?’
‘ আহা ’
স্কুটিৰ পৰা নামি তাক বহিবলৈ চলাবলৈ সুবিধা কৰি দিলে। বাধা দি কৈ উঠিল সি¸
’ হেই¸ কি কৰিছা? তুমিয়েই চলোৱা।’
‘ লাজ নালাগিব তোমাৰ ছোৱালীৰ পিছফালে বহিবলৈ?’
হাঁহি মাৰি সমুখৰ চিটত বহি তালৈ চাই হাঁহিলে তাই।
‘ ওহো¸ মোৰ অভিধানত লাজ বোলা শব্দটো নাই।’
হাঁহিলে সি। অলপ ৰৈ পুনৰ কলে¸
‘ আচলতে ড্ৰাইভিং কৰোতেও নাৰীৰ ইকুৱেলিটি দিব লাগে। সদায় কিয় ছোৱালীয়েই ল’ৰাৰ বাইকৰ পিছফালে বহিব। মাজে-মাজে লৰায়ো ছোৱালীৰ পিছফালে বহি আৰামত যাব লাগে।’

‘ তুমি তাৰমানে ৱাইফক গাড়ী চলাব দি নিজে আৰামত কাষত বহি যাবা ন?’
মিৰ’ৰখনত তাৰ মুখলৈ চাই হাঁহিলে তাই।

‘ অৱকৰ্ছ। মই ভাবিছো¸ আমি কামবোৰ ভগাই ল’ম। তেওৰ ৰান্ধিব আৰু মই খাম¸ তেও জব কৰিব আৰু মই পোৱালি কেইটা চাম।’

‘ হা হা তোমাৰ লগত কথাৰে নোৱাৰিছো দেই।’

স্কুটিখন আগবাঢ়িছিল। ফেৰফেৰীয়া বতাহ লাগি তাই চুলিখিনি বাৰে-বাৰে অবাধ্য হৈ তাৰ মুখত লাগিছিল। অনামী অনূতিয়ে চুই গৈছিল। গণেশগুৰিত ভাল চুইটচ্ শ্বপ এখনৰ সমুখত ৰাখি তাক মাতিলে তাই¸
‘ আজি ট্ৰিট দিম তোমাক। মোৰ মনটো ভাল আজি।’
‘ ট্ৰিট কি মাথো এটা চুইটচ আৰু কফি?’
‘ হব¸ ইমানো ভাল কাম কৰা নাই তুমি। ’
কৃটিম ধমক এটা দি আকৌ খিলখিলাই হাঁহিলে প্ৰচ্ছায়াই। একো নকলে পলাশে। কেতিয়াবা নভবাকৈয়ে দিনবোৰ এনেকৈয়ে মধুৰ হৈ যায়। আৰু এই মধুৰ সময়খিনি কোনোপধ্যেই হেৰুৱাব নোৱাৰি। নহলেনো জীৱনটোত আছেই বা কি। প্ৰচ্ছায়াই আগবঢ়াই দিয়া কফি আৰু নাম নজনা মিস্তিৰ একামোৰ মাৰি তাইলৈ চালে সি। এনে এজনী সহজ-সৰল যুবতীৰ সংগীজন কিমান ভাগ্যবান হব লাগিব! আৰু ভাগ্যৰ সতে তাৰ সৰুৰে পৰাই অহি-নকুল সম্পৰ্ক। হুমুনিয়াহ এটা ওলাই আহিব খোজাত চকুহাল ঘুৰাই দিলে সি।

কাহিলিপাৰালৈ যোৱা পথত উঠি হঠাতে প্ৰচ্ছায়াক দেখি লীমা বাছত নুঠিল। হাঁহি এটা মুখত লৈ পিছফালৰ পৰা আহি লাহেকৈ ঢকা এটা মাৰিলে প্ৰচ্ছায়াক। 

‘ ঐ প্ৰচ্ছায়া¸ অকলে অকলে খাইছ। মোকো খুৱা। ভালেই হ’ল তোক পালো। মোৰ দহটকা বাছি যাব এতিয়া!’
ঘুৰি চাই লীমাক দেখি প্ৰচ্ছায়াৰ মুখখন উজলি উঠিল।

‘ তই কফিৰ¸ মিস্তিৰ ভাগ পাবি¸ কিন্তু …। মোৰ লগত পলাশ আহিছে।’
  পলাশলৈ আঙুলিয়াই সেমেকা হাঁহি এটা মাৰিলে তাই। উভতি চাই তাক দেখি সামান্য আচৰিত হ’ল লীমা। 

‘ অহ¸ বেডলাক মানে।  হব দে বাৰু।’
সেমেকা হাঁহি এটা মাৰিলে লীমাই।’

খালি কাপটো হাতত লৈ পলাশে চাই আছিল দুয়োজনীৰ ফালে। সি চিনি পাইছিল ছোৱালীজনীক। সেই প্ৰথমদিনা উলুবাৰীত প্ৰচ্ছায়াৰ লগত দেখা ছোৱালীজনী। তাই চাগে প্ৰচ্ছায়াৰ ভাল ফ্ৰেইণ্ড। হঠাতে ভাৱ হ’ল পলাশৰ¸ তাৰ বাবে যেন বান্ধবীক লিফ্ট দিব নোৱাৰি সামান্য অস্বস্তিত পৰিছিল প্ৰচ্ছায়া। 

‘ অহ¸ মই পাহৰিছো প্ৰচ্ছায়া¸ আচলতে অলপ পাচলি বজাৰ কৰিব আছে মোৰ। তুমি এখেতক লৈ যোৱাগৈ। অলপ সময় লাগিব মোক।’

প্ৰচ্ছায়াই বুজিলে তাৰ ফাঁকি। অলপ সকাহ পাইছিল তাই। লীমাক এৰি তাক লগত লৈ যাবলৈ অলপ বেয়া লাগিছিল। তথাপি নিশ্চুত হবলৈ তাৰ চকুলৈ চাই সুধিলে ¸

‘ অাৰ য়ু চিঅ’ৰ?’
‘ য়া ’

হয়তো কথাটো লীমাৰো অনুভৱ হৈছিল¸ কিন্তু একো কব নোৱাৰি তাই চাই থাকিল দুয়োটালৈ।

‘ এয়া লীমা¸ মোৰ বেষ্ট ফ্ৰেণ্ড।’
এইবাৰ প্ৰচ্ছায়াই চিনাকি কৰি দিলে লীমাৰ সতে তাক।

‘ হাই¸ আই এম পলাশ ’
লীমালৈ হাতখন আগবঢ়াই দিলে সি।
‘ জানো¸ আপোনাৰ কথা কৈছে তাই।’
সামান্য হাঁহি লীমাই প্ৰচ্ছায়ালৈ দেখুৱালে।
পলাশেও হাঁহিলে¸
‘ মোক কিন্তু আপোনাৰ বিষয়ে একো কোৱা নাই।’
‘ গম পাব দিয়ক। লগ পাম।’
‘ চিঅ’ৰ ’

দুষ্টামিৰ হাঁহি এটা লীমাৰ মুখত লাগি আছিল। দেখি প্ৰচ্ছায়াৰ অলপ অসহনীয় হৈছিল। অথচ তাৰ সমুখত একো কবও নোৱাৰে। সেয়েহে তাক যাবলৈ ইংগিত দিবলৈ কলে তাই¸

‘ তেন্তে তুমি আহি থাকিবা।’
‘ অ’ । ’
এইবাৰ লীমালৈ চাই হাঁহি কৈ উঠিল সি¸ 
‘ ট্ৰিট মোৰ নাছিলদেই। প্ৰচ্ছায়াইহে দিছিল। আপুনি নিশ্চন্তে লব পাৰে। বাই’
মুৰ দুপিয়াই হাঁহিছিল লীমাই। ইতিমধ্যেই প্ৰচ্ছায়াই লীমাৰ বাবেও কফি আৰু মিস্তিৰ অৰ্ডাৰ দিছিল। সেয়া তাইক লবলৈ ইংগিত দি কৃটিম খঙেৰে ডবিয়াই উঠিল¸

‘ তই কিয় তেনেকৈ হাঁহি আছিলি?’
‘ নাহাহিম। সি তোৰ পিছফালে স্কুটিত। তই তাক খুৱাইছ। বেয়া পাই থাকিও তহঁতৰ ঘৰতে ভাড়াও দিলি। ডেট কৰি আছ ন?’
খিলখিলাই হাঁহি দিলে লীমাই।

‘ ধেই¸ তয়ো যে আৰু। তাৰ বাইকখন বেয়া হৈছে বাবেহে খোজা বাবে লিফ্ট দিলো। আৰু ঘৰ ভাড়ালৈ মায়েহে দিছে। এতিয়া ইয়াতে থিয় হৈ কফি একাপ খালোৱেই যেনিবা¸ ডেট হ’ল নেকি সেয়া?’
লাহেকৈ লীমাৰ গাত থাপৰ এটা মাৰিলে প্ৰচ্ছায়াই।

‘ ৰিয়েলি। চাবি আকৌ¸ কেতিয়াবা হাৰ্টখন খুজিলে¸ সেইখনো দি দিবি!’
কফি কাপত সোঁহা মাৰি কৌতুকেৰে ক’লে লীমাই। 
‘ হুহ¸ মোক কি সহজ পাইছ! প্ৰচ্ছায়াৰ হাৰ্ট ৱিন কৰা ইমান ইজি নহয়।’
গম্ভীৰ হৈ কৈ মুখখন ঘুৰাই দিলে তাই।

‘ বাৰু দে¸ ব’ল যাওগৈ।’
খালী কাপটো পেলাই দি যাবলৈ ওলাইছিল লীমা। প্ৰচ্ছায়াই বিল পৰিশোধ কৰি স্কুটিখনৰ কাষলৈ আহিল। তাইৰ কব মন গৈছিল লীমাক¸ তাৰ সতে ব্ৰেকআপ হোৱাত হয়তো তাইৰ কাজিন বায়েকৰো ভুল আছিল। কিন্তু নকলে। হয়তো তাইক তাৰ প্ৰতি দুৰ্বল হোৱা বুলিয়েই ধৰি লব। আহি থাকোতে ভাবিছিল প্ৰচ্ছায়াই¸  তাই বাৰু অকণমানো দুৰ্বল হৈছে নেকি সচাকৈয়ে? নাই¸ সেয়া মাথো ভাল ফ্ৰেইণ্ডশ্বিপ। নিজৰ মনক উত্তৰ দিলে তাই।

******

Tuesday 23 June 2020

Bad boy ঃ25

Unknown

                              [ পচিছ ]

পলাশৰ চিন্তা হৈছিল। দিনকাল ভাল নহয়। তাতে সিঁহতে ধমকি দি গৈছিল। হঠাতে যেন সংকোচ¸ লাজ পৰিহাৰ কৰি সাহসী হৈ পৰিছিল সি। সেই দিনাৰ পৰা তাইৰ ওলোৱা সোমোৱাত অলপ চকু ৰাখিছিল সি। অাগৰদৰে তাইৰ পিছে-পিছে গৈ থকাতকৈ তাইৰ কাষে কাষে আহিবলৈ লৈছিল সি। কিন্তু অলপ সংকোচো হৈছিল। অন্তঃত তাই যেন ভুল নুবুজে। সচা প্ৰেমে প্ৰতিদান নিবিছাৰে। মাথো দিবহে জানে। আখৰে আখৰে যেন কথাবোৰ মানিব খুজিছিল সি। 

যদি তুমি কাৰোবাক সচাকৈয়ে ভালপোৱা¸ সেইটো প্ৰয়োজন নহয় যে তেৱো তোমাক ভালপাব লাগিব। কেতিয়াও তেওৰ পৰা একো আশা নকৰিবা। মাথো উজাৰি দিবা ভালপোৱা। হৃদয়ৰ খেলৰ এইটোৱেই প্ৰধান নিয়ম¸ যে বাৰে-বাৰে কৈ থকাৰ দৰকাৰ নাই। পাৰা যদি জিকি লোৱা হৃদয়ৰ অৰ্চনাৰে। যদি তেওৰ তোমাৰ হয়¸ নিশ্চয়কৈ আহিবই লাগিব এদিন তোমাৰ কাষলৈ। 

বাহ¸ পলাশ বাহ¸ কি দূৰ্দান্ত প্ৰেমিক হৈ গলি তই। এবাৰ প্ৰেমত কি বিফল হ’লি¸ দেখোন দাৰ্শনিক হৈ গ’লি।
কথাবোৰ ভাবি নিজকে নিজে কৈ দিয়ে সি। তাইৰ কথা ভাবিলেই ধুনীয়া হাঁহি এটা ওলাই যায় মুখত।
-------
হঠাতে এদিন বাইকখন বেয়া হৈ থাকিল তাৰ। অফিচলৈ যাবলৈ ওলাই বাইকখন ষ্টাৰ্ট কৰোতে ষ্টাৰ্ট নহল। প্লাগটো খুলি চাফা কৰি ভালকৈ লগাই চালে। তথাপিও ষ্টাৰ্ট নহল। অলপ সময় যুঁজিও ষ্টাৰ্ট কৰিব নোৱাৰি বাদ দিলে সি। কেইবাদিনৰো অলপ প্ৰৱলেম দি আছিল সেইখনে। চাৰ্ভিচিঙৰ প্ৰয়োজন হৈ পৰিছিল। অথচ যোৱাবছৰ সলোৱা ব্লক পিষ্টনটো ইমান সোনকালে বেয়া হৈ যোৱাৰ কথা নাছিল। তথাপিও দূৰ্ভগীয়া মানুহৰ ভাগ্য সদায় বেয়া হৈ থকাৰ দৰে পাঁচবছৰ পুৰণি তাৰ বাইকখনৰো বেমাৰবোৰ বাঢ়ি আছিল। দেখিবলৈ একেবাৰে নতুনৰ দৰেই হৈ আছিল বাইকখন। কিন্তু যোৱা পাছটা বছৰ গুৱাহাটীৰ পৰা গাওলৈ দৌৰি দৌৰি বাইকখন হয়তো লেবেজান হৈ পৰিছিল। আনবোৰ ল’ৰাই দুবছৰ মুৰে মুৰে গাড়ী সলাই থাকে। কিন্তু অসুবিধা নোপোৱালৈকে কাপোৰৰ দৰে বাইকখন সলাবলৈ আগ্ৰহ আৰু অৰ্থ দুয়োটাৰে তাৰ অভাৱ। 
বাইকখন তেনেকৈয়ে এৰি ওলাইছিল সি। জানে¸ সেইখন নহলে বৰ কষ্ট হব দিনটো। কিন্তু উপাই নাই। এতিয়া গেৰেজলৈ নিবলৈ গৈ সময় নষ্ট কৰিব নোৱাৰে। খোজকাঢ়িয়েই ওলাই আহিছিল সি। চাগে প্ৰচ্ছায়া তাৰ আগেয়েই গুছি গৈছিল। ছেহঃ তাৰ দৰে ল’ৰাবোৰৰো জীৱনটো যে মাথো কম্প্ৰমাইজ কৰোতেই যায়গৈ। কিমান পাব বাৰু পাচবছৰ পুৰণি পালচাৰখন বেচিলে? বৰ বেছি পশিচ! নে তাতোকৈও কম! নতুন বাইক এখন লোৱাৰ হাবিয়াস এটাৰ বাটত টকাৰ অংকটোৱে খেলিমেলি লগাই দিয়ে তাৰ।

‘ পলাশদা¸ খোজকাঢ়ি আহিছে যে? ’
হঠাতে ৰিক্সা এখন কাষত ৰৈ যোৱাত উচপ খালে সি। ৰিক্সাৰ পৰাই মুৰটো উলিয়াই প্ৰত্যাশাই সুধিলে তাক। সদায় বাইকত অহা-যোৱা কৰা ল’ৰাটোক খোজকাঢ়ি অহা দেখি প্ৰত্যাশা আচৰিত হৈছিল।

‘ অ’ তুমি। নকবা বুজিছা¸ বাইকখন বেয়া হৈ থাকিল। এতিয়া সময়ো নাই। ’
তাইলৈ চাই হাঁহি মাৰি কলে সি।

‘ অ’ আপুনি বাৰ লগত নগল কিয়? বা দেখোন অকমাণ আগতেহে গ’ল!’

‘ অ’ মানে…
কি কব সি! কেনেকৈ কব! মানুহে ভুল বুজাৰ ভয়তে যে আঁতৰি ফুৰে সি। এতিয়া সৰু ছোৱালীজনীয়ে সহজভাবে তাৰ সোধাত কবলৈ অসুবিধা হ’ল।
আৰু একো নুসুধিলে প্ৰত্যাশাই। বুজিলে বায়েকৰ লগত একেলগে স্কুটিত যাব পৰাকৈ হয়তো সিমান ফ্ৰী নহয় পলাশ। যোৱা ছমাহে দেখিছে তাই¸ মাথো ভাড়া দিয়াৰ সময়তহে সি সিঁহতৰ ঘৰলৈ আহে। ভুলতে এদিনলৈও কিবা এটা বিছাৰি¸ বা কিবা অলপ ৰৈ কথা অলপ পাতিবলৈ কোনোদিনে অহা নাই। অথচ কেম্পাছৰ একেই ভাড়াতীয়া পৰিয়াল দুটাৰ বাইদেউ দুগৰাকীয়ে দিনৰ বেছিভাগ সময় সিঁহতৰ ঘৰতেই কটাই। হয়তো পুৰুষ আৰু নাৰীৰ সেইটোৱেই পাৰ্থক্য। নাৰীয়ে কথা কৈ ভালপোৱাৰ বিপৰিতে পুৰুষে অদৰকাৰত কথা কবলৈও টান পায়।

‘ আহক ’
নিজৰ কাষত বহিবলৈ সুবিধা কৰি দি তাক মাতিলে তাই।

‘ অ’…নালাগে দিয়া। পালোৱেই …।’
পলাশৰ লাজ লাগিছিল। মাজৰাষ্টাত এনেকৈ ছোৱালীৰ লগত একেখন ৰিক্সাতে উঠিবলৈ লাজ লাগিল তাৰ। বাছষ্টেণ্ডলৈ মাথো আধা কিলোমিটাৰ মানহে আছে।

‘ লাজ কৰিছে নেকি? একো নহয় আহক। সেইদিনা দেখোন ময়ো আপোনাৰ লগতে আহিছিলো।’
হাঁহি দিলে তাই। এইবাৰ আৰু উপেক্ষা কৰিব নোৱাৰিলে পলাশে। হাঁহি মাৰি লাহেকৈ উঠিল সি।

‘ আৰু অসুবিধাটো পোৱা নাই? ’
অলপ দূৰ যোৱাৰ পিছত শুধিলে সি। চুপ-চাপ বহি যাবলৈ অলপ অখজা লাগিছিল।

‘ নাই।’
কৈ তাই এপলক তাৰ মুখলৈ চালে। আকৌ কলে তাই¸
‘ দাদা¸ আপুনি সেইদিনা ভাল এসেকা দিলেদেই বদমাছ কেইটাক। ৰিয়েলি ইউ আৰ এ হিৰ’।’
 প্ৰত্যাশাৰ মনত পৰিছিল¸ বায়েকে আহি কৈছিল¸ সেইদিনা ভাল এসেকা দিছিল বদমাছকেইটাক। বায়েকৰ বৰ্ণনাৰ পৰা অনুমান কৰিছিল¸ সেই বদমাছকেইটা চাগে সেইদিনা তাইক জোকোৱা কেইটাই হব! মনটো ভাল লাগি গৈছিল প্ৰত্যাশাৰ। যিয়েই নহওক নাৰীক অসন্মান কৰা মানুহক শাস্তি দিয়া শুনিলে ভাল লাগে।

তাইৰ মুখত নিজৰ প্ৰশংসা শুনি লাজ লাগিছিল পলাশৰ। চাগে প্ৰচ্ছায়াই কৈ দিছিল আহি ভনীয়েকক। কি কব এপলক ভাবিলে সি।

‘ আচলতে চিটুৱেচন এনেকুৱা হৈ গ’ল যে নিজকে কন্ট্ৰ’ল কৰিব নোৱাৰিলো। হাত উঠি গ’ল।’
হাঁহি এটা লৈ কৈ দিলে সি।

‘ সিঁহতে বোলে আপোনাক ৱাৰ্ণিং দি গৈছে।’
নাহাহিলে প্ৰত্যাশাই। কথাখিনি কওতে সামান্য চিন্তিত হৈ পৰা যেন লাগিছিল তাইক। পলাশ অলপ গম্ভীৰ হৈ পৰিছিল।

‘ আচলতে কি জানা¸ চকুৰ আগত কোনো নাৰীৰে দূৰ্ব্যৱহাৰ চাই থাকিব নোৱাৰো। এনেকুৱা এটা পৰিবেশত ডাঙৰ হলো যে অন্যায়ৰ প্ৰতিবাদ নকৰাকৈ থাকিব নোৱাৰো। পৰালৈকে শান্তিৰেই বুজাব খোজো। কিন্তু বেছি খং উঠিলে নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়।’

‘ হমম।’
মনে-মনে শুনি থাকিল প্ৰত্যাশাই। ৰিক্সাখন বাছষ্টেণ্ডলৈ আহি পাইছিল। তাৰ পৰাই দুয়োজন দুটা ফালেই গুছি যাব। ৰিক্সাৰ পৰা নামি পলাশৰ অখজা লাগিছিল। ছোৱালীৰ লগত ৰিক্সাত আহি ভাড়াটো তাইক দিবলৈ সুবিধা দিব খোজা নাছিল। কিন্তু তাক বাধা দি তায়েই ভাড়াটো দি কৈ উঠিল¸
‘ মই দিছো দাদা।’

বাধা নিদিলে সি।
‘ যাবা দেই।’
তাইলৈ চাই হাঁহি মাৰি কৈ সিপাৰে ৰৈ থকা বেলতলা অভিমুখী ট্ৰেকাৰত উঠিবলৈ বেগাই গ’ল সি। পিছফালৰ পৰাই চিঞৰিলে তাই¸

‘ দাদা¸ টেক কেয়াৰ। ’
‘ ইউ টু ’
হাঁহি মাৰি সিয়াৰি সি ট্ৰেকাৰখনত উঠিল।
নিজৰ বাছখন অহালৈকে ৰৈ প্ৰত্যাশাই সি যোৱাৰ ফালেই চাই ৰ’ল।
*****

দূপৰীয়া লাঞ্চব্ৰেকৰ পিছত প্ৰচ্ছায়াই একাউঞ্চ অফিচত সোমাইছিল। ৰাণীৰো কৰিবলগা কাম বিশেষ নাছিল। লাঞ্চৰ পৰা অহাৰ পিছত তায়েই মাতিছিল প্ৰচ্ছায়াক। প্ৰচ্ছায়াও সাংঘাটিক ব্যস্ত হৈ থকা নাছিল। বেছিভাগ কাম সদায় আগবেলাতেই শেষ কৰি দিয়ে তাই। বৈশ্যদাই নতুন কাম নিদিলে পিছবেলালৈ তেনেকৈ একো কৰিবলগা নাথাকে। সেয়েহে ৰাণীয়ে মতাত ভালেই পাইছিল তাই। ৰাণীৰ কাষৰ টেবুলখনৰ পৰা চকী এখন টানি বহিবলৈ দিছিল ৰাণীয়ে। এনেয়ে ছোৱালী মানুহে মন মিলা ছোৱালীৰ সতে কথা পাতিলে কথাৰ শেষ নহয়গৈ। তাতে বিভিন্ন কথাই ঠাই পালে পাহৰি পেলাই সিঁহত ক’ত আছে। কিবা এটা কথাত ৰস পাই অলপ ডাঙৰকৈয়ে হাঁহিছিল প্ৰচ্ছায়াই। হয়তো সেয়াই শুনি ভিতৰৰ সৰু ৰুমটোৰ পৰা উঠি আহি এবাৰ আচৰিত কিবা দেখাৰ দৰে ভূমুকিয়াই চাই আকৌ সোমাই গৈছিল হৰেণ লহকৰ। কথাটো গম পাই সচকিত হৈ পৰিছিল ৰাণী। প্ৰচ্ছায়াৰ হাতত লাহেকৈ টুকুৰিয়াই সেইফালে দেখুৱাই ইংগিত দিছিল তাই। হৰেণ লহকৰ তাইৰ চিনিয়’ৰ। কিশোৰদাই ৰিজাইন দিয়াৰ পিছত তাৰ পোষ্টত আহিছিল মানুহজন। 
এজিএম দাসেই আনিছিল মানুহজনক। ৰাণীৰ একদমেই ভাললগা নাছিল মানুহজনক। কিশোৰদাৰ দৰে খোলা নহয় মানুহজন। নিজকে বহুত জনা যেন ভাবে। যেন তেওৰ জুনিয়ৰ ষ্টাফ মানে বহুত তলৰ এমপ্লয়ীহে। কথাই প্ৰতি ওফাইদং মৰা কথা। আগৰ অফিচত এইটো আছিল¸ সেইটো আছিল। ইয়াৰ মানুহে কাম ভালকৈয়ে নাজানে। বাৰে প্ৰতি ভুল বিছাৰি থকা মানুহজনক কেতিয়াবা কব মন যায় ৰাণীৰ¸ যদি আগৰ অফিচত কাম কৰি ইমানেই ভাল লাগিছিল¸ বাদ দি ইয়ালৈ আহিল কিয়? কিন্তু কব নোৱাৰে। কোম্পানীৰ চাকৰীত একো নিশ্চয়তা নাই। সহ্য কৰি থকালৈকে মংগল। তাতে লহকৰ দাসৰ মানুহ যেতিয়া একে চৰিত্ৰৰ হবই।
---
প্ৰচ্ছায়া অলপ সচকিত হৈছিল। নতুন একাউনটেন্টজনক তাইৰো ভাল লগা নাছিল। কিবা গোমোঠা মুখেৰে থকা মানুহ। বৰকৈ কথাও পতা হোৱা নাছিল তেওৰ লগত। মাথো দুদিনহে কিবা কামত মাতিবলগা হৈছিল। প্ৰচ্ছায়াই যাবলৈ থিয় হব খুজিছিল। তেতিয়াই ৰুমটোলৈ এজিএম দাস সোমাই আহিছিল। ৰুমটোত সোমায়েই এবাৰ প্ৰচ্ছায়াৰ ফালে চাই ৰাণীক ডবিয়াই উঠিল। 

‘ ৰাণী¸ অফিচলৈ কথা পাতিবলৈ আহা নে গচিপ কৰিবলৈ আহা। কাম নাই একো কৰিবলৈ? এনেকৈ ঘন্টা ঘন্টা গচিপ কৰিবলৈ চেলাৰী দি ৰখা নাইতো!’

দাস অহা দেখি দুয়োজনীয়েই থিয় হৈছিল। এতিয়া দাসে গালি পৰাত কান্দো কান্দো হৈ গৈছিল ৰাণী। ঘটনাৰ আকস্মিকতাত কি কব ভাবি পোৱা নাছিল তাই।
‘ ছাৰ¸ মানে…’

দাসৰ চিঞৰ শুনি ভিতৰৰ ৰুমৰ পৰা লহকৰ ওলাই আহিছিল। কোঠাটোৰ দুৱাৰ মুখতে থিয় হৈ চাই থাকিল তেও।

‘ লহকৰ¸ ৰাণীক একো কাম দিয়া নাই নেকি? কামৰ সময়ত গচিপ কৰিছে যে?’
এইবাৰ লহকৰলৈ চাই অলপ টানকৈয়ে সুধিলে দাসে।

‘ ছাৰ¸ দিছোতো তেওক। লাষ্ট মান্থৰ গোটেইখিনি চেলচ ৰিপোৰ্ট নতুনকৈ এক্সেলত কৰিব দিছো।’
সম্ভ্ৰমেৰে লহকৰে কৈ উঠিল।
’ কৰা গৈ গ’ল?’
দাসে আকৌ সুধিলে ৰাণীক।
একো কব নোৱাৰিলে ৰাণীয়ে। দুয়ো গালেৰে দুধাৰি চকুলো বৈ আহিছিল তাইৰ।

হতভম্ব হৈ লহকৰলৈ চাইছিল ৰাণীয়ে। 
ইমান মিছা। ইমান মিছা কেনেকৈ ক’ব পাৰে মানুহে। লহকৰে তাইক শ্বিটখন নতুনকৈ কৰিব দিয়া নাছিল। পুৰণি খনেই এবাৰ চাই শুদ্ধ কৰিব কৈছিল। কি কৰিব তাই। প্ৰতিবাদ কৰিব নেকি! কিন্তু কৰিব নোৱাৰিলে তাই।

দাসৰ ব্যৱহাৰত প্ৰচ্ছায়াও নাৰ্ভাছ হৈ গৈছিল। খঙো উঠিছিল তাইৰ। ইমান সামান্য কথাটোত ইমান বেয়াকৈ কব লাগেনে? ৰাণীক টান কথা শুনোৱাত চাই থাকিব নোৱাৰিলে প্ৰচ্ছায়াই। তাইৰ বাবেই দাসে কথা শুনাই আছিল ৰাণীক। দাসলৈ চাই কৈ উঠিল তাই¸

‘ ছাৰ¸ আপুনি মিছাতে খং কৰিছে। অলপ অাগতেহে আহিছিলো মই…।’

‘ মই আপোনাৰ লগত কথা পতা নাই মিছ প্ৰচ্ছায়া। আৰু আপোনাৰ কাম হৈছে যদি নিজৰ অফিচলৈ যাওকগৈ। এনেকৈ লেকচাৰ মৰা ডিউটি নহয়তো।’
এইবাৰ প্ৰচ্ছায়াকো টানকৈ কলে দাসে। তাৰ পিছত লহকৰলৈ চাই আকৌ কলে¸
‘ আপুনি অলপ চকু দিবহে লহকৰ। মালিকে এইবোৰ দেখিলে ভাল নহবতো।’
লহকৰে লাহেকৈ মুৰ দুপিয়ালে।

চাল্লা চামচা। বেইমান। অসভ্য। লহকৰৰ কাণ্ডত খং উঠিছিল প্ৰচ্ছায়াৰ। বুজিবলৈ একো বাকী নাছিল তাইৰ। এইদৰে অপমানিত হৈ তাইৰো চকুদুটা চলচলীয়া হৈ পৰিছিল। আৰু ৰৈ থকাৰ ইচ্ছা নকৰিলে তাই। গো-গোৱাই নিজৰ অফিচলৈ গুচি আহিল।

ছোৱালী দুজনীক গালি পাৰি অলপ সুখী হৈ পৰা যেন লাগিছিল দাসক। প্ৰচ্ছায়া আঁতৰি যোৱাৰ পিছত এইবাৰ খংটো অলপ কমিছিল। 

‘ ৰাণী¸ কাম সদায় আগতে কৰিবা। বাহিৰা মানুহক সোমাব নিদিবা। আজিলৈ বাৰু এৰি দিলো।’
নৰম সুৰত ৰাণীক কৈ গপগপাই গুচি গৈছিল দাস। হাঁহি এটা মাৰিছিল লহকৰে। 
তাইক এবাৰ জুখিবলৈ লাহেকৈ সুধিছিল তেও¸
‘ ৰাণী¸ শ্বিটটো হলে আপুনি মোক দেখুৱাব।’
‘ ঠিক আছে।’
লহকৰৰ ফালে নোচোৱাকৈয়ে ধপচকৈ নিজৰ চকীখনত বহি পৰিল তাই। ৰাণীৰ মন গৈছিল¸ সেই মূহুৰ্ততে চাকৰী বাদ দি দুয়োজন মানুহকে যোগ্য প্ৰত্যুত্তৰ দিবলৈ। কিন্তু আবেগত লও বুলিও সিদ্ধান্ত লব পৰা নাযায়। ভবিষ্যতটো ভাবিব লাগিব। লহকৰৰ চৰিত্ৰৰ ওপৰত ঘিন লাগিছিল তাইৰ। যদি প্ৰচ্ছায়াৰ সতে পাঁচমিনিট কথা পতাটো পচন্দ হোৱা নাছিল¸ কব পাৰিলেহেতেন তাইক। তাৰ বাবে এজিএমক লগাই দিয়াৰ কি দৰকাৰ আছিল! চাল্লা চামচা। থুঃ
মানুহটোৰ নামত থুৱাই চকুহাল মচি লৈছিল তাই। জীৱনত আগুৱাবলৈ এইবোৰ সংঘাটক পাহৰিবই লাগিব। এইবাৰ কম্পিউটাৰৰ পৰ্দাত চকু ৰাখি কিবোৰ্ডত আঙুলি থৈছিল তাই।

ইফালে প্ৰচ্ছায়াৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিছিল। বিদ্ৰোহ কৰি উঠিছিল মনটোৱে। কিয় এনেকৈ অপমান কৰিব দাসে! তলতীয়া হলেই কি কবলৈ অধিকাৰ পাই! নিজেওতো একো কাম নকৰে মানুহটোৱে। মাথো ইটো বেলেগৰ কামত অযথা হস্তক্ষেপ কৰাৰ বাহিৰে। ধামকৈ নিজৰ কেবিনৰ দৰ্জাখন খুলি ভিতৰলৈ সোমাই নিজৰ চকীখনত বহি চকুদুটা মুদি দিছিল প্ৰচ্ছায়াই।

শব্দ কৰি দৰ্জাখন বন্ধ হৈ যোৱাত অাচৰিত হৈছিল বৈশ্য। আজিলৈ প্ৰচ্ছায়াই কেতিয়াও তেনেকৈ দৰ্জা বন্ধ কৰি সোমোৱা নাই। নিশ্চয় কৰবাত কিবা এটা হৈছে। কথাটো অনুধাৱন কৰি বহাৰ পৰাই প্ৰচ্ছায়াক সুধিছিল বৈশ্যই¸

‘ প্ৰচ্ছায়া¸ কোনোবাই কিবা কলে নেকি?’
একো মতা নাছিল প্ৰচ্ছায়াই। দুয়োহাতত মুৰটো গুজি দি বহি আছিল তাই। মুৰ তুলিও চোৱা নাছিল।
‘ প্ৰচ্ছায়া ’
এইবাৰ প্ৰচ্ছায়াৰ কাষলৈ উঠি আহিছিল বৈশ্য।

‘ আমাক কি বুলি ভাবে বাৰু তেও। ঘৰৰ চাকৰ?’
ক্ষোভিত হৈ মাতটো সামান্য ডাঙৰ হৈ পৰিছিল তাইৰ। দুয়ো গালেৰে চকুপানী বৈ আহিছিল।
উচপ খাই উঠিছিল বৈশ্য। হাঁহিমুখীয়া ছোৱালীজনীৰ চকুত আগেয়ে ভুলতেও চকুপানী দেখা নাছিল তেও। কিন্তু ঘটনাটো কি হৈছে একো নুবুজি তাইলৈ চাই থাকিল। প্ৰচ্ছায়াৰ বুজিছিল। চকুদুটা মোহাৰি এইবাৰ কৈছিল তাই

‘ এজিএমৰ কথা কৈছো। ইমান মিছবিহেভ কৰে মানুহটোৱে।’
সকলোবোৰ কৈ দিছিল তাই বৈশ্যৰ আগত। কথাখিনি শুনি খং উঠিছিল বৈশ্যৰ। পিছ মূহুৰ্ততে হাঁহি দিলে তেও।

‘ সেই পাটৰ কথা শুনি মন বেয়া কৰিছা! উভতি ধৰিব নোৱাৰিলা?’
‘ মোতকৈ বেছিকৈ ৰাণীবাক বেয়াকৈ কলে। যদি এজিএম নহলহৈ থাছকৈ গালতে বহুৱাই দিলো হয়।’

‘ তুমি হবলা নাজানা¸ তাৰ স্বভাব। জিএম ছাৰ নথকাত সিয়েই এতিয়া নিজকে জিএম বুলি ভাবিছে। মোৰো সহ্য নহয়। কেতিয়াবা বুকুত খামোচ মাৰি ধৰিব মন যায়। ল’ৰা-তিৰোতা নথকা হলে কেতিয়াবাই তাক মাৰি কাম এৰি দিলোহেতেন! কিন্তু ফেমিলি ৰেচপনচিবিলিটিৰ বাবে আওকাণ কৰো। তুমিও আওকাণ কৰিবা না।’

‘ দাদা¸ আচলতে দাসতকৈও সেই লহকৰ বোলাটোহে বেছি নটৰিয়াছ। চাওকচোন কেনেকৈ লগাই দিলেগৈ।’

‘ হমম। তাক চাই আছো ৰবা। কেতিয়াবা সুবিধা পালে ভালকৈয়ে ধৰিম।’
অলপ ৰৈ সামান্য হঁহাৰ দৰে কৈ উঠিছিল বৈশ্যই¸

‘ বাদ দিয়া এতিয়া। এইবোৰ ভাবি মন বেয়া কৰি থাকিব নালাগে। পিছত ৰাণীকো কবা। ছাগলে নাখায় কি¸ পাগলে নকয় কি!’

‘ মই অলপ সোনকালে যাও নেকি দাদা। মনটো ভাল লগা নাই।’
‘ কিয়? সেই গাধটোৰ কথা শুনি মন বেয়া হ’ল। থাকা ¸ আমিবোৰ কি মানুহ নহয়! চোৱা¸ তুমি মোৰ ভন্টি হোৱা। দাদাৰ কথাও কথাও নুশুনিবা নেকি!’
হাঁহিলে বৈশ্যই।

এইবাৰ প্ৰচ্ছায়ায়ো হাঁহিলে। মনতে থিৰাং কৰিছিল প্ৰচ্ছায়াই¸ সেই লহকৰ বোলাটো থকালৈকে ৰাণীবাৰ সতে কথা পাতিবলৈ আৰু নাযায় তাই।

----------

একাউঞ্চৰ পৰা ওলাই দাসৰ মনটো ভাল লাগি গৈছিল। তলতীয়া কৰ্মছাৰীক সদায় ডবাই ৰাখিব লাগে। তেও জানে¸ বেছিভাগ কৰ্মীয়েই তেওক চকুপাৰি দেখুৱাব নোৱাৰে। হয়তো সন্মানো নকৰে। কিন্তু তেওক দেখিলে ভয়তে কঁপি থাকে। সেইটোৱে বিছাৰে তেও। দাসৰ হাঁহি উঠি যায়¸ যেতিয়া তেওৰ গালি খাই কোনোবা কঁপি কঁপি তলমুৰকৈ থিয় হৈ থাকে। প্ৰচ্ছায়া আৰু ৰাণীক গালি পাৰি কথাখিনি কাৰোবাক কও কও লাগিছিল দাসৰ। অৱশেষত ভাবি ৰিচেপচনলৈকে আহিছিল তেও। বাকীবোৰ ষ্টাফৰ তুলনাত  ৰিচেপচনিষ্ট জুলেখা নামৰ ছোৱালীজনীক অলপ ভাললাগে দাসৰ। তেওৰ দেখিলেই থিয় দি উইচ কৰে তাই। বাকীবোৰে নেদেখা ভাও জুৰিব খোজে। খং উঠি আহে দাসৰ। দাস অহা সময়ত জুলেখাই কাৰোবাৰ লগত ফোনত কথা পাতি আছিল। তেওক দেখি থিয় হৈ হাঁহি সম্ভাষণ জনালে তাই। দাস ওচৰ পাইহি মানে ফোনটো ৰাখি তাই কথা শুনিবলৈ থিয় দি ৰ’ল। দাসৰ মুখৰ অভিব্যক্তিতে তাই বুজিব পাৰিছিল যে কিবা কব খুজিছে মানুহজনে। হওতে আনবোৰ ষ্টাফৰ দৰে তায়ো দেখি নোৱাৰে দাসক। কিন্তু কৰ্তব্যৰ দায়ত মাতিবলগা হয় বাবে তোষামোদ কৰে। তাই জানে¸ এনেবোৰ মানুহে তোষামোদ ভালপায়। সেয়েহে দেখিলেই অলপ কৃটিম সন্মান প্ৰদৰ্শন কৰে¸ যাতে কোপদৃষ্টিৰ পৰা বাছি থাকিব পাৰে।

’ দুজনৰ ক্লাছ লৈ আহিলো।’
জুলেখালৈ চাই হাঁহি হাঁহি কলে দাসে।

‘ কাৰ ক্লাছ ললে ছাৰ?’
লাহেকৈ সম্ভ্ৰমেৰে সুধিলে তাই।

‘ ৰাণী আৰু প্ৰচ্ছায়াই একাউঞ্চ অফিচত আড্ডা দি আছিল। অফিচত মানুহে কাম কৰিবলৈহে আহে¸ আড্ডা দিব আহে নেকি! ভালকৈ গালি দিছো। নেক্সট টাইম দেখিলে টাৰ্মিনেচন দি দিম।’
গৌৰবেৰে কৈ থাকিল দাসে

‘ ভালেই কৰিলে ছাৰ। কিন্তু চাছপেণ্ড কৰিব লাগিছিল দিনটোৰ বাবে। আপুনি এনেয়ে এৰি দিলে।’
হাঁহি মাৰি সামান্য আপচোছৰ সুৰত কলে তাই। তাইৰ কথা শুনি সামান্য ভাবিলে দাসে। এৰা¸ চাছপেণ্ড কৰিব পাৰিলেহেতেন দেখোন! অন্তঃত নকৰিলেও চাছপেণ্ড কৰাৰ ধমকি এটাকে দিব পাৰিলেহেতেন। একো নাই¸ নেক্সট টাইম দি দিব।

‘ ফাৰ্ষ্ট টাইম বুলি এৰি দিলো এইবাৰ। এক্লুৱেলি মই খুউৱ ষ্ট্ৰিক্ট কামত। এনেয়ে বহি থকা দেখিলে সহ্য নহয়। কাম নকৰি এনেয়ে ইফালৰ পৰা সিফালে ঘুৰি থকা মানুহে কৰ্প’ৰেটত কাম কৰিবলৈ আহিবই নালাগে।’
লোকে শুনাকৈ গৌৰবেৰে কৈ আছিল দাসে। সেই সময়তে পলাশ সোমাই অহা দেখিছিল তেও। কথাখিনি পলাশেও শুনিছিল। এবাৰ দুয়োজনৰ ফালে চাই ভিতৰলৈ গুচি গৈছিল সি।

দাসৰ কথা শুনি পেটে পেটে হাঁহি উঠিছিল জুলেখাৰ। লোকক এনেয়ে ঘুৰি ফুৰাৰ কথা কোৱা মানুহটোৱেনো নিজে কি কৰে! কোনোমতে হাঁহিটো চেপি কৈ উঠিল তাই¸
‘ ছাৰ¸ কামত ফাঁকি দিয়া কামটো ময়ো বৰ বেয়াপাও। আমি কাম কৰিবহে আহো। মোকতো দেখিছেই¸ ডেক্স এৰি কলৈকো নাযাও।’

‘ সেইকাৰণে তোমাক ভাললাগে। আজিলৈ তোমাক গালি দিয়া নাই। আচলতে চব ষ্টাফ তোমাৰ দৰেই হব লাগে।’
হাঁহি মাৰি কৈ জুলেখাৰ গালত লাহেকৈ চিকুটি দিলে দাসে। জুলেখাই একো নকৈ হাঁহি থাকিল।
-----

পলাশে কথাবোৰ গুৰুত্ব দিয়া নাছিল। দিনটোত কাৰোবাক নহয় কাৰোবাক কিবা কয়েই মানুহটোৱে। সেইদিনা লিফ্টৰ ওচৰত তাৰ লগত লগাৰে পৰা তাক দৰকাৰ নহলে এনেয়ে নামাতে মানুহটোৱে। সিয়ো গুৰুত্ব নিদিয়ে। সি কাম কৰাৰহে দৰমহা লয়¸ তেলমৰাৰটো নহয়। 

‘ পলাশ¸ আজি বেয়া কথা হ’ল নহয়!’
আবেলি তাৰ কেবিনলৈ আহি কথাৰ মাজতে কৈ উঠিছিল বৈশ্যই।
‘ কি হ’ল বৈশ্যদা।’
সামান্য উৎসুক হৈ পৰিছিল সি। গুৰুত্বপূৰ্ণ নহলে সাধাৰণ কথাবোৰত বৈশ্যদাই মুৰ নঘমাই।

‘ আজি দাসে প্ৰচ্ছায়া আৰু ৰাণীৰ সতে মিছ বিহেভ কৰিছে।’
গোটেই কথাখিনি কৈ দিলে বৈশ্যই। পলাশৰ হাতৰ মুঠি টান হৈ পৰিছিল। প্ৰচ্ছায়াক কোনোবাই অপমান কৰিব আৰু সহ্য কৰিব কেনেকৈ! দাঁত কৰচি কৈ উঠিল সি¸
‘ বৈশ্যদা¸ তাক পাৰ্কিঙতে ধৰি দুটামান বহাই দিও নেকি?’
পলাশৰ মন গৈছিল¸ তেতিয়াই গৈ দাসৰ বুকুত খামুচি ধৰিবলৈ। কিয় মিছ বিহেভ কৰিব! কথা কব নাজানে নেকি! এনেবোৰ ধুৰন্ধৰ মানুহৰ খংটো ক’ত থাকে জানে সি। ৰাণী আৰু প্ৰচ্ছায়াই তেল নামাৰে বাবে মানুহটো জ্বলে। আৰু এই লহকৰ নামৰ চামচাটো¸ তাক ভালকৈয়ে সেকা এটা দিব সি। মনতে দুয়োজনৰ পৰিণাম এটা ভাবি ললে পলাশে।

‘ নাই নাই¸ সেইবোৰ একো নকৰিবি। সুযোগ আহিব দে। কন্দুৱাম দুয়োটাকে।’
বৈশ্যদাই কৈ উঠিছিল তাক।

‘ কিন্তু এই লহকৰ কেটেলা পহুক মই দুই এদিনতে শিক্ষা এটা দিম বৈশ্যদা। আপুনি বাধা নিদিব। চাল্লা¸ পুৰুষো ইমান ঘাটিয়া থাকে নেকি!’

লহকৰৰ চুলিকেইদাল থৰঙা। তাতে চুটিকৈ কাটিলে অলপ থিয় হৈ থাকে। সাধাৰণতে কাকোৱেই বেয়াকৈ উপনাম দি কথা নকয় পলাশে। কিন্তু বেছি খং উঠিলে লেকাম চিগাৰ দৰে সংযম হেৰাই যায়।

‘ ৰহ। বৰকৈ কাজিয়াৰ কথা কৈ থাক। দুদিনমান ধৈৰ্য্য ধৰচোন। এতিয়াই যদি তাইক কোনোবাই কিবা কলেই সহ্য কৰিব নোৱাৰ¸ পিছত তঁহতৰ ঘৰত তাইক কোনোবাই কেতিয়াবা কিবা কলেও খঙতে ঘৰ এৰি আহিবি নেকি?’
ভেকাহি মাৰি কৈ তাক এইবাৰ জোকালে বৈশ্যই।

‘ আমাৰ ঘৰত তাইক কোনেও একো নকয়। মা-দেউতাই তাইক নিজৰ ছোৱালীৰ দৰেই ৰাখিব।’
বৈশ্যলৈ এবাৰ পোন্দোৱাকৈ চাই লাহেকৈ কলে সি।

‘ বুৰ্বক¸ আগতে তাইক কগৈ মনৰ কথাবোৰ। আজিয়েই চাঞ্চ লৈ ল। অলপ আপচেট হৈ আছে তাই¸ তাইৰ কাষত থিয় দি কথা পাতগৈ।’
এইবাৰ তাৰ গাত ধৰি হেঁচুকি দিলে তাক বাহিৰলৈ যাবলৈ। 

‘ পাছত ক’ম দিয়ক।’
লাজ লাগিছিল তাৰ। বৈশ্যদাই হেঁচুকি দিয়াত অলপ পিছুৱাই গৈছিল সি।
মিচিকিয়াই দিছিল কথাবোৰ ভাবি।

‘ চিওৰ কবিতো। চা ডেকা ল’ৰা¸ হিম্মত নকৰিলে কিন্তু এনেয়ে নাপাবি।’
ঢেকঢেকাই হাঁহি দিলে বৈশ্যদাই।
লাজমিশ্ৰিত হাঁহিৰে মুৰ দুপিয়াই চাই থাকিল সি।

-----
*****

Monday 22 June 2020

Bad boy ঃ24

Unknown

                            [ চৌব্বিশ ]

পলাশ ৰুমলৈ সোমাই যোৱাৰ পিছতো ঠাইতেই থিয় হৈ প্ৰত্যাশাই চাই ৰৈছিল তালৈ। তাই কৃতজ্ঞ হৈ পৰিছিল। সেইখিনি সময় সি নহা হলে হয়তো বৰ বেয়া পৰিস্থিতিৰ মুখামুখি হ’লহেতেন তাই। দিনকাল আজিকালি এনেয়েও ভাল নহয়। এন্ধাৰ হলেই যেন এচাম নষ্ট মানুহে অপকৰ্ম কৰিবলৈ সুবিধা বিছাৰি ফুৰে। হয়তো সঠিক সময়ত ভগবানে পলাশদাক নপঠোৱা হলে গুৰু গোসাই নমনা উদণ্ড ল’ৰাকেইটাই আজিযে তাইৰ শালীনতাত হাত দিবলৈ ওলাইছিল। কথাটো মনত পৰি আকৌ এবাৰ বুকুখন কপি উঠিছিল প্ৰত্যাশাৰ। লৰালৰিকৈ ভিতৰলৈ সোমাই গ’ল তাই।

‘ মাইনা আহিলি? ’
তাইক দেখি এনেয়ে মাকে সোধাত ‘ও’ বুলি কৈ নিজৰ ৰুমলৈ আহিল তাই। এপাক ভাবিলে¸ মাকক কব নেকি? ওহো¸ নকয়। পিছ মূহুৰ্ততে মনলৈ আহিল¸ মাকে মিছায়ে বেছিকৈ হুলস্থুল কৰিব পাৰে। 
কাপোৰসাঁজ সলাই ওলাই আহিল তাই।

তেতিয়া প্ৰচ্ছায়াই লেপটপত কিবা এটা চাই আছিল। প্ৰত্যাশা আহি তাইৰ কাষতে বহিল। প্ৰচ্ছায়াই এবাৰ তাইলৈ চালে আৰু মুৰটো ঘুৰাই পুনৰ লেপটপৰ স্ক্ৰীণত দৃষ্টি আবদ্ধ কৰিলে। 
আৰু ৰব নোৱাৰিলে প্ৰত্যাশাই। 
কও নকওকৈ মনটোৱে তাইৰ খু-দুৱাই আছিল।

‘ বা ’
লাহেকৈ প্ৰচ্ছায়াৰ হাতত হাত এখন ৰাখিলে প্ৰত্যাশাই। ভাৱলেশহীন হৈ তাইলৈ চালে প্ৰচ্ছায়াই। ভিডিঅটো প’জ কৰি হেডফোনটো মুৰৰ পৰা নমালে প্ৰচ্ছায়াই।

‘ কিবা কব মাইনা?’
‘ জানা¸ ডাঙৰ কথা এটা হ’ল আজি।’
এবাৰ ইফালে-সিফালে চাই বায়েকক কৈ দিলে প্ৰত্যাশাই।

প্ৰচ্ছায়াৰ যেন চকুদুটা বাহিৰলৈহে ওলাই আহিব প্ৰচ্ছায়াৰ।

‘ কিইইইই???’
মাতটো ডাঙৰকৈ ওলাল প্ৰচ্ছায়াৰ।
প্ৰত্যাশাই ভয় খালে। বায়েকৰ চিঞৰ শুনিলে এতিয়া মাকেও দৌৰি আহিব।

‘ নিচিঞৰিবা। ’
বায়েকৰ হাতখনত খামুচি ফুচফুচাই কলে প্ৰত্যাশাই।

‘ নহয় মাইনা¸ এইবোৰ লুকোৱা কথা নহয়। আৰু তুমিনো আন্ধাৰ হোৱাৰ পিছত কিয় অকলে আহিছিলা? ফ্ৰেইণ্ডজনী নাহিল যদি পাপাক এবাৰ ফোন এটা কৰি দিব পাৰিলাহৈ। নহলে মোকো ফোন কৰিব পাৰিলাহৈ। স্কুটিখন লৈ ময়েই তোমাক আনিব পাৰিলোহয়। পলাশক লগ নোপোৱা হলে যে কি হ’লহেতেন!’ ভনীয়েকক মৃদুকৈ ধমক এটা দিলে প্ৰচ্ছায়াই। কথাবোৰ শুনি তাইৰো বুকুখন কঁপি উঠিছিল।
প্ৰচ্ছায়াই ভয় খাইছিল । তাই জানে নিতৌ অসভ্যকেইটামানে বাটেৰে যুবতী মহিলাক দিগদাৰ দিয়ে। স্কুটীখন লৈ আহে বাবেহে তাইৰ সমস্যা নহয়। 

‘ ছৰি বা¸ এতিয়াৰ পৰা সাহস নকৰো আৰু। সচাকৈ দেই চিনাকী চহৰখন দিনে-দিনে বৰ অচিনাকী হৈ গৈ আছে। যিমানে ডাঙৰ হৈ আহিছো যেন ভয় বেছিকৈহে লগা হৈ আহিছে।’

‘ সময়বোৰ ভয়লগা হৈছে অ’ মাইনা। মেট্ৰ’ৰ সুবিধাবোৰৰ লগে-লগে লেতেৰা সমস্যাবোৰো ননষ্টপ বাঢ়ি আহিছে। সজাগ হৈ থকাৰ বাহিৰে উপায় নাই।’
স্বগতোক্তি কৰাৰ দৰে প্ৰচ্ছায়াই কৈ থাকিল।

ঘটনাটো ৰাতিলৈ মাক আৰু পাপাকেও গম পালে। প্ৰত্যাশাই বাধা দিয়াৰ স্বত্তেও প্ৰচ্ছায়াই কৈ দিলে। ৰাতি ভাত খাই থকাৰ সময়তে ঘটনাটো মাক-পাপাকক কৈ দিলে তাই। কথাটো শুনি মাক-পাপাকৰ মুখৰ মাত হৰিছিল। আকৌ এবাৰ প্ৰত্যাশাক গালি দিছিল মাক অকলে আহিবলৈ সাহ কৰা বাবে। পাপাক বহাৰ উঠিছিল। চিন্তিত হৈ পৰিছিল মানুহজন। ক’ৰ পৰা যে কি হৈ গৈছে সময়বোৰ। 

‘ হেৰা¸ তাইক গালি পাৰি কি লাভ! তুমিয়েই খবৰ নোলোৱা সন্ধিয়া ছোৱালীজনী নহালৈকে। মই শুধিলে কোৱা¸ মিছাকৈয়ে চিন্তা কৰো বুলি!’
মাকলৈ চাই কলে পাপাকে। 

‘ অ’ কও। আমাৰ ল’ৰা নাই¸ ইহঁত দুয়োজনীয়ে আমাৰ ল’ৰা। কিন্তু ইমান যে মৰ সাহ কৰিব কোনে জানে! দিনে-ৰাতি টিভিত দেখিয়েই থাকে! অথচ…’
মাকৰ মনৰ ভয় যেন শেষ নহবই। প্ৰচ্ছায়াই দেখিলে মাক-পাপাকে বেছি ভয় খাইছেগৈ। মাকৰ ভয়¸ কিজানি অসভ্য কেইটাই আকৌ দিগদাৰ দিয়ে! এনেকৈ হ’লে¸ কালিৰ পৰা চাগে তাইৰো এতিয়া বহু কথাত বাধা আহিবগৈ। লাহেকৈ মাকক কলে তাই¸

‘ মা¸ তুমি মিছাতে চিন্তা কৰিছা? পলাশ পিছে-পিছে আহি আছিল নহয়।’

‘ মাজনী¸ মাইনা¸ অভিজ্ঞতাবোৰ সদায়েই ভাল। এতিয়া অলপ বুজিবা। কেতিয়াও ল’ৰা-ছোৱালীৰ মাজত মই পাৰ্থক্য ৰখা নাই। কিন্তু বাহিৰৰ পৃথিবীত ল’ৰাৰ সমানে ছোৱালীৰ সুবিধা নহয়।’
এইবাৰ দুয়োজনীকে কাষত বহুৱাই মুৰ পিহি কৈ থাকিল পাপাকে। একো নকলে দুয়োজনীয়ে। মনে-মনে শুনি থাকিল।

-----

ভাতকেইটা খাই আধৰুৱা হৈ থকা কিতাপখন মেলি লৈছিল পলাশে। যোৱা চাৰিদিন ধৰি পঢ়ি শেষ কৰিব পৰা নাই। ভাত খাই উঠি পঢ়িবলৈ বহে আৰু কেইটামান পৃষ্ঠা পঢ়াৰ পিছতে টোপনি ধৰে আৰু কিতাপখনত ভাজ এটা দি থৈ দিয়ে। এই তত্বগধুৰ লেখাবোৰ বোধহয় এনেকুৱাই। ৰুচি অনুযায়ী ৰস নাপালে আকৰ্ষিত কৰিব নোৱাৰে। পলাশে ভাবে¸ চাগে সমাজৰ অধিকাংশ মানুহবোৰো এনেকুৱাই। সেয়েহে কোনেও সমস্যাবোৰকলৈ মুৰ নঘমাই। ঠিক ফেচবুকৰ লেখাবোৰৰ দৰে। ফেচবুকত ফটো এখন আপলোড কৰা বা পাতলীয়া হাস্যৰসৰ দুআষাৰ লিখি দিয়া¸ এঘন্টাতে এশৰ ওপৰত লাইক কমেন্ট আহি যায়। অথচ ভালকথা এটা শুনিবলৈ কাৰো আগ্ৰহ নাই। কিন্তু ৰুচিৰ লগত মিলা কথাবোৰেৰে জীৱন নচলে¸ সমাজো নচলে। মগজুৰ চিন্তাৰ দৌৰৰ গতি বঢ়াবলৈ ৰুচিৰ সতে নিমিলা তত্বগধুৰ কথাবোৰৰো প্ৰয়োজন আছে। দাগ দি থোৱা পৃষ্ঠাটো মেলি পলাশ দৃঢ় প্ৰতিজ্ঞ হ’ল¸ যিমান ৰাতি হলেও এইখন শেষ কৰিবই আজি।

‘ ক্লিক ’
হঠাতে কাষতে থকা মোবাইলটোৰ স্ক্ৰীণখন শব্দ কৰি জ্বলি উঠাত একাগ্ৰতা ভংগ হ’ল পলাশৰ। পৰম বিৰক্তিৰে ফোনটোলৈ চালে সি।

‘ থেংক ইউ ’
প্ৰচ্ছায়াৰ টেক্সট মেছেজটো দেখি মুখত হাঁহি উঠি গ’ল তাৰ। অলপ আগতে হোৱা বিৰক্তিখিনি কৰ্পুৰৰ দৰে উৰি গ’ল।

‘ কিয় থেংকিউ দিলা?’
এমোকোৰা হাঁহি লৈয়েই সুধিলে সি।

‘ এনেয়ে ’
সিফালৰ পৰা লিখিলে প্ৰচ্ছায়াই। পলাশে বুজিলে কিয় ধন্যবাদ দিছে তাই। কিন্তু তাই কব নোখোজাত সিয়ো উলিয়াব নুখুজিলে। কিছুমান কথা মানুহে মনত পেলাব নিবিছাৰে। তায়ো নিবিছাৰিলে। 
এনেয়ে ধন্যবাদ দিয়ে নেকি বুলি সি সোধে বুলি আগতেই আকৌ তায়েই সুধিলে। সুধিব লাগে বাবেই সুধিলে¸ ‘ ভাত খালা? ’
যদিও জানে এই এঘাৰটা বজাত নিশ্চয় ভাত নোখোৱাকৈ সি নাথাকে।

‘ খালো। এয়া কিতাপ এখন মেলি লৈছো ৰ’বা। তুমি খালা?’
‘ খালো। দিয়া দিছটাৰ্ব নকৰো এতিয়া। পঢ়া তুমি। গুডনাইট।’

ধেৎ তেৰি! কিয় বাৰু কলে সি কিতাপ এখন মেলি লোৱাৰ কথা। কথা পাতিবলৈ মন গৈছিল তাইৰ। প্ৰতিজন প্ৰেমিকৰে মনটো চাগে তেনেকুৱাই। প্ৰেয়সীৰ সতে কথাপতা সময়খিনি আটাইতকৈ ভাল যেন অনুভৱ হয়। এতিয়া তাই গুডনাইট দিয়াৰ পিছত উপযাচি কবলৈ অসুবিধা হ’ল তাৰ। এতিয়াও বন্ধুত্ব সিমান গভীৰলৈ আগবঢ়া নাই যে¸ সময়খিনি খুজি লব। তাইকো গুড নাইট দি কিতাপখন আকৌ মেলি ললে সি। কিন্তু মনটো সহজে নবহিল।

*****

প্ৰত্যাশাই সেইদিনা সমুখীন হোৱা অবাঞ্চিত ঘটনাটোৰ কিছুদিন পিছত আকৌ সেই একেই ঘটনাৰে সমুখীন হ’ল প্ৰচ্ছায়া। ৰাতিপুৱা অফিচলৈ ওলাই আহিছিল তাই। একেই সেমেকা ডাঁৱৰীয়া বতৰ। খুউব পুৱাই টানকৈ বৰষুণ এজাক আহি ৰাষ্টা-ঘাটবোৰ ধুৱাই থৈ গৈছিল। পুৱাই এজাক বৰষুণ অহাৰ বাবেই নেকি মানুহ দুনুহ কমকৈ ৰাষ্টাত ওলাইছিল। প্ৰচ্ছায়া ওলোৱাৰ অলপ পিছতে পলাশে যাবলৈ ওলাইছিল। অকমান আগতে তাই ওলাই যোৱা দেখি এনেয়ে বাইকখনৰ মিৰ’ৰদুখন পৰিস্কাৰ কৰাৰ ভাওজুৰি থাকিল। যাতে তাই অলপদূৰ গৈ পায়।
 কতিয়াও সি তাইৰ লগত একে সময়তে ওলাই নাহে। হয়তো তাইৰ আগত নহলে পিছে-পিছে গৈ থাকে দূৰে-দূৰে। সংকোচ হয় তাৰ। কোনে বা কি ভাবে। একেলগে ওলাই গলে জানোচা মানুহৰ চকুত পৰে। কোনোবাই বদনাম উলিয়াই তাইৰ তাৰ সতে। আৰু যাতে কোনেও তাক সুবিধাবাদী বুলি নাভাবে। অন্তঃত তাইৰ চকুত যে সি কেতিয়াও অৱনমিত হব নোখোজে। পলাশে ভাবে¸ সেয়াও চাগে তাৰ নিজৰ ওপৰত কৰা অন্যায়। কিন্তু কেতিয়াবা সকলোৰে ভালৰ বাবে হোৱা অন্যায়ো বিবেকে সহিবলৈ সেউজ সংকেট দিয়ে।

পলাশে দেখিছিল মেইন ৰোডত উঠিছিল প্ৰচ্চায়া। এক নিৰ্দিষ্ট ব্যবধান মানি সি পিছে-পিছে গৈ আছিল। হঠাতে তাক অভাৰটেক কৰি তীব্ৰ বেগী কেটিএম ডিউক এখন বেকাবেকিকৈ আহি হঠাতে তাইক খুন্দিওৱাৰ উপক্ৰম হৈ পাৰ হৈ গ’ল। ভয়তে তাই স্কুটিখন ব্ৰেক মাৰি চকুদুটা মুদি দিলে। অলপ দূৰত সিঁহত দুটাই কিৰিলি পাৰি তাইলৈ চাই ৰৈ দিলে। পলাশৰ খং উঠি আহিল। সি চিনি পালে¸ সেইদিনা প্ৰত্যাশাৰ লগত অসভ্যালি কৰা দুজনেই আজিও অসভ্যালি কৰিবলৈ আহিছিল। একেই সেই বেপৰোৱা বেশভূসা। খং উঠি গ’ল তাৰ। তীব্ৰ বেগত বাইকখন দৌৰাই প্ৰচ্ছায়াৰ কাষ পালে সি!

‘ দূখ পালা নেকি প্ৰচ্ছায়া।’
তাইলৈ চাই মৰমেৰে সুধিলে সি। কান্দো কান্দোহৈ কোনোমতে মুৰটো জোকাৰিলে তাই।

‘ ঐ ননচেঞ্চ¸ বাটে-পথে এইবোৰ কিঁহৰ অসভ্যালি?’
শিলগুটি এটা তুলি সিঁহতলৈ লক্ষ্য কৰি দলিয়াই দিলে সি। বাইকখন বেকাবেকিকৈ চলোৱাৰ বাবে পিছৰজনৰ পিঠিত নালাগি বাউসিত লাগিল। অশ্লীল চিঞৰ এটা মাৰি সিঁহত উভতি আহিল।

‘ ঐ ছোৱালীৰ আগত লেবেল দিছ আহিছ নেকি বে?’
এটাই বুকুত খামুচি ধৰিলে পলাশৰ।

দপকৈ চকুদুটা জলি উঠিল তাৰ। ইমানখিনিলৈকে নিজক কন্ট্ৰল কৰিছিল সি। আৰু নোৱাৰিলে। অসভ্যালি কৰা কোনো পাষণ্ডকে ৰেহাই দিয়া উচিত নহয়। তাতে তাৰ প্ৰচ্ছায়াক দূখ দিয়া দূৰ্বিত্তক কোনোপধ্যেই এৰি নিদিয়ে। পাহুৱাল পলাশৰ ঘোচাত চিটিকি পৰিল বুকুত খামুচি ধৰাজন। আনটোৱে খেদি আহিছিল¸ তাৰ ৰাউণ্ডহাউচ কিকত সিয়ো চিটিকি পৰিল। ঘোচা খাই ইজনৰ দাতেৰে তেজ বৈ আহিছিল। আগুৱাই গৈ দুয়োটাকে আৰু দুটা থিয় গোৰ সোধাবলৈ খেদি গ’ল সি। কাজিয়াখন দেখি আতংকিত হৈ পৰিল। আগুৱাই আহি পলাশৰ বাউসিত ধৰি বাধা দিলে তাই।
‘ পলাশ প্লিজ।’
তাইৰ ভয় লাগিছিল। সি অকলে আৰু সিঁহত দুজন। যদি দুয়োটাই মিলি তাক মাৰে। কবতো নোৱাৰি এইবোৰ বদমাছ লৰাই লগত চুৰি জাতীয় কিবা লৈও ফুৰিব পাৰে।

প্ৰচ্ছায়াই ভয় খোৱা দেখি পলাশ ৰৈ গ’ল। তাইক ভয় খুৱাই কষ্ট দিব নোখোজে সি। কিন্তু তাৰ খংটো কমি নগল। থিয় হৈয়ে সি চিঞৰি থাকিল।

‘ অসভ্য¸ আৰু যদি অসভ্যালি কৰা দেখো¸ মাৰি পেলাম।’

তাৰ প্ৰথমটো আঘাটতে চাগে বুজি পালে সিঁহতদুটাই। দুয়োটাই মিলিও তাৰ দৰে পাহুৱাল ডেকা এজনক বলে নোৱাৰিব। উঠি দুয়োটাই দৌৰি গৈ নিজৰ বাইকখনৰ কাষৰ পৰা তালৈ চাই গৰজি উঠিল¸

‘ ঐ¸ (অশ্লীল)¸ চাই লম তোক।’
‘ কি চাবি? চা ভালকৈ।’
সিয়ো গৰজি উঠিল। 
দুয়োটাই খঙেৰে এবাৰ তালৈ চাই চাই আঙুলি টোৱাই আঁতৰি গ’ল।

‘ ঐ চাৱ বোলেচোন। ফটো একপি লৈ যা।’
সিঁহত যোৱাৰ ফালে চাই এবাৰ চিঞৰি উঠিল।

‘ ব’লা।’
প্ৰচ্ছায়াক স্কুটিখন চলাবলৈ কৈ নিজে বাইকত উঠিল। বাকীছোৱা বাট তাইৰ কাষে কাষে গৈ থাকিল সি।
অফিচত সোমোৱাৰ আগতে পাৰ্কিঙত এবাৰ তাৰ ফালে চাই লাহেকৈ সুধিলে তাই।

‘ মাৰ-পিট নকৰিলে নহলহেতেন নেকি? যদি সিঁহতে তোমাক মাৰিলেহেতেন!’
বুকুৰ ধপধপনি তেতিয়াও মাৰ যোৱা নাছিল তাইৰ।

‘ মোৰ সমুখতে তোমাৰ লগত অভদ্ৰামি কৰিব আৰু মই চাই থাকিম!’
মাতটো সামান্য ডাঙৰ হৈ ওলাইছিল তাৰ। তাইলৈ নোচোৱাকৈ গো-গোৱাই সোমাই গ’ল সি নিজৰ অফিচত। তাই আঁচৰিত হৈ সি যোৱাৰ ফালেই চাই থাকিল! দিনটো কামত মন বহুৱাব নোৱাৰিলে প্ৰচ্ছায়াই। বাৰে বাৰে তাৰ কথাবোৰে মনলৈ আহি থাকিল। কও বুলিও কাকোৱেই কব নোৱাৰিলে প্ৰচ্ছায়াই। 

প্ৰচ্ছায়াৰ কাষৰ পৰা আহি নিজৰ অফিচত বহি কথাবোৰ আকৌ জুকিয়াইছিল পলাশে। হঠাতে তাৰ ভাৱ হ’ল¸ সি যেন ভাল নকৰিলে কথাটো। খঙৰ ভমকত মাৰপিট কৰিলে ঠিকেই¸ কিন্তু সিঁহতে যে পোটক নলব কি মানে আছে। দেখাতেই গুণ্ডা গুণ্ডা লগা ড্ৰাগছ খোৱা ল’ৰা। নিজলৈ ভয় নাই তাৰ। দুজন কিয়¸ সিঁহতৰ দৰে চাৰিজন আহিলেও ভয় নকৰে সি। কিন্তু প্ৰচ্ছায়াই কি কৰিব! কথাটো ভাবি বুকুখন কঁপি উঠিল তাৰ। 
আবেলি সোণকালেই নামি সি পাৰ্কিঙত ৰৈ থাকিল। 

‘ প্ৰচ্ছায়া¸ লাহে লাহে গৈ থাকা। পিছে পিছে গৈ আছো তোমাৰ।’

----

Bad boy ঃ23

Unknown

                            [ তেইশ ]

হুমুনিয়াহ এটা কাঢ়িলে তাই।

পলাশ মনে-মনে ৰ’ল। কি কব অলপ ভাবিলে সি। পৃথিবীত হয়তো এনে এজনো মানুহ নাই¸ যি এবাৰৰ বাবে হলেও দুখৰে সহবাস কৰা নাই। দূখ আৰু সুখ জীৱনৰ ইপিঠি সিপিঠি। তাল-মিল ৰাখিব পাৰিলে জীৱন সুন্দৰ। কিন্তু কেতিয়াবাযে মাথোন এটা ফালহে আহি থাকে বাৰে-বাৰে।

‘ জীৱনটো সুখ-দুখৰ সমাহাৰ প্ৰচ্ছায়া। যদি দুখেই নাথাকে কেনেকৈ বুজিবা সুখৰ মাধুৰ্য্য। অতীতক পাহৰি যোৱা।’

‘ হমম। কিন্তু মোৰ ভয় লাগে পলাশ। যদি আকৌ বিশ্বাস ভাঙি যায়¸ বৰ কষ্ট হব!’

‘ ওহো কেতিয়াও নাভাঙে। তুমি ভাঙিব নিদিবা। নিজৰ ওপৰত বিশ্বাস ৰাখা। চাই-চিতি আগবাঢ়িবা জীৱন নিশ্চয় মধুৰ হব!’
সামান্য ৰৈ আকৌ লিখিলে সি। লিখোতে তাৰ মুখত হাঁহি বিৰিঙি উঠিল।
‘ হেই প্ৰচ্ছায়া¸ মোৰ ফ্ৰেইণ্ড ইমান দূৰ্বল 
হলে নহবদেই। বি এ ষ্ট্ৰং গাৰ্ল।’ হেপ্পী ইমোজি এটাৰ সৈতে পঠিয়াই দিলে সি।

প্ৰচ্ছায়াৰ মুখতো হাঁহি বিৰিঙিল। হাঁহি হাঁহি সুধিলে তাই¸
‘ মই সাহসী ছোৱালীদেই। দূৰ্বল বুলি কিয় ভাবিলা? বিয়া হবলৈ ভয় লাগে বুলি কোৱা বাবে! আচলতে কি জানা¸ আইম ৱেইটিং ফ’ৰ চামৱান¸ হু উইল লাভ মাই হাৰ্ট। নট বাই চিন মাই লুক। হু উইল কাম উইথ এ পিউৰ হাৰ্ট। আইম এগাৰলি ৱেইটিং ফ’ৰ হিম। বাট আই ডোন্ট নো¸ মাই ড্ৰিম উইল বি কাম ট্ৰু অৰ নট।’
কিছু আবেগিক হৈ পৰিছিল প্ৰচ্ছায়া। আবেগিক হলেই কথাবোৰ ইংৰাজীত কৈ দিয়ে তাই। পুৰণি অভ্যাস। লিখি উঠি পঢ়ি আকৌ লিখিলে তাই¸
‘ পলাশ¸ তুমি কোৱা তুমি ফিল্মী বুলি। চোৱা ময়ো কিমান ফিল্মী। এনেকুৱা ৰোমান্টিক সপোন মাথোন চিনেমাতহে সম্ভৱ চাগে।’

কি কব পলাশে! মনটো নাচি উঠিছিল তাৰ। আকৌ মৰহি গ’ল। তায়ো তাৰ দৰেই চাগে পাগলী। নে সকলো ছোৱালীয়েই পাগলী সঁচা প্ৰেমৰ বাবে। নাই¸ সি কব নোৱাৰে। কবলৈ মন গৈছিল তাৰ¸ প্ৰচ্ছায়া এইফালে চোৱা। আহিছো মই মাথো তোমাৰ বাবে। এবুকু মৰমেৰে সদায় আঁৱৰি ৰাখিম। কিন্তু কব নোৱাৰে। প্ৰচ্ছায়া আৰু তাৰ মাজৰ শ্ৰেনী বিভাজনে তাক বাধা দিয়ে। হয়তো সি তাইৰ শ্ৰেনীলৈ উঠিব লাগিব¸ নতুবা তাই নামিব লাগিব তাৰ শ্ৰেনীলৈ। কিন্তু তাইৰ শ্ৰেনীলৈ উঠাৰ তাৰ ঔকাদ আৰু তাৰ শ্ৰেনীলৈ তাই অহাৰ সম্ভাৱনা চাগে এটাও নাই। পলাশে জানে¸ এই শ্ৰেনী বিভাজনটো আচলতে এটা মিথ্যাচাৰ। এটা বদহজমৰ কাৰবাৰ। কিন্তু প্ৰেক্টিকেল পৃথিবীয়ে কিয় অস্বীকাৰ কৰিব! মনটো দমি গ’ল তাৰ। লাহেকৈ লিখিলে সি¸

‘ প্ৰচ্ছায়া¸ আই উইচ ফ’ৰ য়’ৰ ড্ৰীম কাম ট্ৰু চুন। তুমি নিশ্চয় পাবা মনে বিছৰা মানুহজন।’

‘ আই হ’প চ’। বাট এতিয়া তুমি মোক প্ৰপজ নকৰিবা ভালপাও বুলি।’ 
একো নভবাকৈয়ে কৈ হাঁহি দিলে তাই। 

‘ ধেই¸ কি যে কোৱা। উই আৰ জাষ্ট গুড ফ্ৰেণ্ড।’
কথাষাৰ কৈয়ো জিভাত কামোৰ খালে সি। তাই বাৰু অনুভৱ কৰিছে নেকি যে সি দূৰ্বল হৈছে। কিয় বাৰু তেনেকৈ কলে তাই! ওহো¸ জানিশুনি কাইটীয়া পথত খোজ দিব নোৱাৰি।

পলাশে ভাবে তাৰ প্ৰেম অব্যক্ত হৈ ৰওক। বুকুত সযতনে থাকক। প্ৰকাশ কৰি হেৰুৱাব নোখোজে ফ্ৰেইণ্ডশ্বিপ। 

‘ কথাবোৰ নোকোৱালৈহে ভাল
খুলিলেই ভেটা ভাঙি বৈ আহে 
আবেগৰ ঢল
অবুজ হৃদয়ে নামানে।
যুটিটো সৰগতে বনে
কপালত থাকিলেতো আহিবই কাষলৈ
জীৱন নাটৰ এয়া শেষ নিশাৰ খেল।’

‘ প্ৰচ্ছায়া¸ মোৰ বন্ধু বহুত। কিন্তু অন্তৰংগ বন্ধুৰ সংখ্যা শূণ্য। হয়তো সেইবাবেই কেতিয়াবা মনৰ কথা খুলি কব নোৱাৰি ৰিক্ত যেন অনুভৱ হয়। হয়তো সেয়েহে তোমাৰ ৰূপত বেষ্ট ফ্ৰেণ্ড এজনী পাইছো।’

‘ ময়ো পাইছো তোমাৰ ৰূপত ভাল ফ্ৰেণ্ড এজন।’
হাঁহিলে তাই। আকৌ কিবা এটা ভাবি সুধিলে¸
‘ কিয় কিশোৰদা¸ তোমাৰ বেষ্ট ফ্ৰেইণ্ড নহয় নেকি?’
তাই যেন সামান্য আচৰিত হ’ল।

‘ হয়¸ কিন্তু সকলো কথাৰ সকলো শ্ৰোতা নহয়। তাৰ বাবে নিজৰ ভাৱধাৰা মতাদৰ্শ মিলা মানুহ হবই লাগিব। অন্যথা এজনৰ কথা আনজনৰ বাবে বোজাস্বৰূপো হৈ পৰিব পাৰে।’
হুমুনিয়াহ এটা ওলাই আহিছিল তাৰ।

দুখৰ চোলাতো সেমেকা 
অ’ত ত’ত ফটা
সুখৰ চোলাবোৰ ৰঙচঙীয়া¸
নাথাকিলে জেপত সৰহ বিতধন
বান্ধিবই লাগিব নতুনকৈ মন।
দুখৰ চোলাটো সোলোকাই
হেঁপাহৰ সুঁতাৰে চিলাই দিয়া
জোৰা-টাপলিবোৰ
সাহসৰ ৰং চটিয়াই দিয়া
লগাই লোৱা প্ৰাপ্য হাচিল কৰাৰ উদ্যমী বুটাম।
হাঁহি এটি পিন্ধি লোৱা।

বিচনাৰ পৰা নামি আহিছিল পলাশ। পিয়াহ লাগিছিল তাৰ। সেইকণ সময়তে মোবাইলৰ স্ক্ৰীণখন লক হৈ গৈছিল। ঘুৰি আহি স্ক্ৰীণলক খুলিবলৈ যাওতেই উচপখাই উঠিল সি। এক বাজি গৈছিল। আৰু এতিয়াও এজনী গাভৰুৰ লগত সি কথাপাতি আছে। চাগে তায়ো গম পোৱা নাই সময়ৰ কথা। টোপনি অহা নাছিল পলাশৰ। তথাপি তাৰ আৰু কথা পাতি থাকিবৰ মন নগল। পিছদিনা অফিচ আছে। আকৌ এপৰলৈকে ছোৱালীৰ সতে কথাপাতি চেলেপু হিচাপে নিজক প্ৰদৰ্শন কৰিব নোখোজে। অনিশ্চাস্বত্তেও লিখিলে সি¸

‘ প্ৰচ্ছায়া¸ বহু দেৰি হ’ল। শোৱ দিয়া। টোপনিও ধৰিছে।’
বোধহয় তেতিয়াহে তাইৰো ভাৱ হ’ল যে বহুৰাতি হ’ল। সময় চাই স্বগতোক্তি কৰিলে তাই¸ ‘ইচ ৰাম¸ এক বাজিলেই দেখোন।’

‘ চোৱা¸ কথাপাতি থাকোতে পাহৰিয়েই গৈছিলো। গুড নাইট।’
‘ গুড নাইট ’
ৰিপ্লাই কৰি ডাটা অফ কৰি দিলে সি।

বাগৰ সলাই এবাৰ ভাবিছিল প্ৰচ্ছায়াই। আবেগতে কৈ বাৰু বেয়া কৰিলে নেকি তাই কথাবোৰ। একো বেয়া কৰা নাই! সিয়োতো তাইক কথাবোৰ বিশ্বাসতে কৈছিল। মনটো অলপ মুকলি মুকলি লাগিছিল প্ৰচ্ছায়াৰ। ব্লেংকেটখন বুকুলৈকে টানি ললে তাই। অলপ পিছতে তাই টোপনিত লালকাল হৈ পৰিল।

সিফালে পলাশৰ টোপনি অহা নাছিল। কথাটো পাকঘূৰণি খাই ঘুৰি আছিল তাৰ মনত। ‘ এতিয়া তুমি মোক ভালপাও বুলি প্ৰ’পজ নকৰিবা আকৌ।’ ধেমালিৰ চলেৰে প্ৰচ্ছায়াই কলেও কথাটোহে জোকাৰি পেলালে তাক। তাই তাক বন্ধু বুলিহে ভাবে¸ মাথো বন্ধু। ছেহঃ এনে কিয় হয় বাৰু তাৰ লগত। উঠি আহি আকৌ পানী এঘোট পিয়ে সি। 
‘ অপনা টাইম আয়েগা।’
সেউজ মনটোৱে আকৌ তাক বুজনি দিয়ে। ভালপোৱাৰ উমেৰে কাৰোবাৰ হৃদয় জিকি লোৱাৰ সাহস তাৰ আছে। নাই¸ এইবাৰ ভুল নকৰে সি। তাই নুবুজালৈকে নকয়। কিন্তু যদি দেৰি হৈ যায়। যদি তাৰ প্ৰেম বুজাৰ আগতেই তাই আনৰ হৈ যায়!
তেতিয়া সি বুজিব¸ তাইৰ প্ৰেম তাৰ বাবে নাছিলেই।
জীৱনটোৱেইতো এটা বাজী।
ভালপোৱাও বাজী।
জীৱনে শিকাইছে তাক¸ জোৰকৈ কাকো ধৰি ৰাখিব নোৱাৰি। তেনেকৈ ধৰি ৰখাৰ প্ৰয়াস কৰাও উচিত নহয়। প্ৰচ্ছায়াৰ চকুত তাৰ প্ৰেম নেদেখালৈকে বন্ধু হৈয়ে থাকিব সি। পলাশে ভাবে¸ এবাৰ জীৱনৰ সতে যুঁজি চোৱা ভাল। সততাৰে¸ বিশ্বাসেৰে নিজক জোখা ভাল।
ভালপোৱা মানেতো একপ্ৰকাৰৰ বন্ধুত্বই। দুখন হিয়াৰ বন্ধুত্ব। দুটা জীৱনৰ বন্ধুত্ব। 
কইনা সাজত তাইৰ মুখখন চকুৰ আগত ভাহি উঠিছিল তাৰ। তাৰ নামৰ দগমগীয়া সেন্দুৰখিনি তাইৰ কপালত কল্পনা কৰি সি ৰোমাঞ্চিত হৈ পৰিছিল। লাজ লাগিছিল তাৰ। টোপনি যাবলৈ মন যোৱা নাছিল। তথাপি পিছদিনাৰ অফিচৰ কথা ভাবি জোৰকৈ চকুমুদি দিলে সি।

******

‘ তই প্ৰচ্ছায়াক কলিনে?’
বৈশ্যদাৰ প্ৰশ্নত থতমত খাই উঠিল পলাশে। লুকাই চুৰকৈ প্ৰচ্ছায়ালৈ চাই আছিল সি। কথাটো ধৰা পৰি হাঁহি এটা মাৰিলে বৈশ্যদাই।

‘ তইযে তাইৰ প্ৰেমৰ হাবুডুবু খাই মৰিছ সকলোৱে জানে। মাথো তাইক কলিনে নাই সেইটোহে সুধিছো।’
তাৰ চকুলৈ চাই হাঁহি হাঁহিয়েই সোধে বৈশ্যদাই। গহীন হৈ পৰে সি।

‘ কবলৈতো মন যায় বৈশ্যদা। কিন্তু তাইৰ ঘৰখন দেখাৰ পিছত কেনেকৈনো কৈ দিও। ভয় লাগে যদি তাই ভুল বুজে। তাইতো মোক মাথো ফ্ৰেইণ্ড বুলিহে ভাবে।’

‘ বুদ্ধুৰাম¸ চব ছোৱালীয়ে প্ৰথমে ল’ৰাক ফ্ৰেইণ্ড বুলিয়েই কয়। তাৰ পিছতহে প্ৰেমলৈ কনভাৰ্ট হৈ যায়। বাৰু কিবা হেল্প কৰিব পাৰো নেকি?’
বৈশ্যদাৰ চকুহাল ধুৰ্তালিত নাছি উঠে। বুজি পাই সি।

‘ নালাগে বৈশ্যদা। ময়েই কম¸ সময় আহক। যদি মোৰ বুকুৰ সঁচা প্ৰেমেৰে তেওৰ বুকুত ভালপোৱাৰ কঠীয়া সিঁচিব।নোৱাৰো¸ কিহৰনো এই প্ৰেম। চাব¸ এদিন তাই মোৰেই হব।’
গভীৰ প্ৰত্যয়েৰে হাঁহি হাঁহি সি কৈ থাকিল। মুগ্ধহৈ বৈশ্যদাই শুনি থাকিল।

দিনবোৰ ভাললগা হৈ আহিছিল তাৰ। যেন কলেজীয়া জীৱনটোহে আকৌ উভতি পাইছিল। চেঙেলীয়া ল’ৰাহৈ আঁকুল হৈ তাইৰ হাত এখনত ধৰি কবলৈ মন যায় তাৰ¸ 
প্ৰচ্ছায়া¸ মই তোমাক বহুত বেছি ভালপাও। ইমানেই ভালপাও যে তোমাৰ বাবে হাঁহি হাঁহি মৰি যাব পাৰো। আহানা¸ মোৰ জীৱনলৈ। আঁকোৱালি ধৰা মোক। তোমাৰ প্ৰেমেৰে জীপাল কৰি তোলা মোক। 
তাই বাৰু একচেপ্ত কৰিবনে তাক! চহৰৰ ছোৱালীয়ে কৰিবনে ইচ্ছা গাঁৱলৈ বুলিবলে বাট!
সি নাজানে। তথাপি এটা সপোনৰ পম খেদি খেদি সি গৈ থাকে। মাজে-মাজে দোমোজাত পৰে¸ আকৌ মনটোক বুজাই। ভাৰাঘৰৰ বাৰাণ্ডাৰ পৰা লুকাই-চুৰকৈ জুমি জুমি চাই থাকে সি চিনাকী বেলকনিৰ চিনাকী সুবাসলৈ।

কিন্তু সি কব নোৱাৰে। তাই সমুখত আহিলেই কিছুমান কথা তাৰ মুখৰ পৰা নোলোৱা হৈ যায়। যেন সি ফোনৰহে মানুহ। তাইৰ চকুলৈ চাবলৈয়ো লাজ লাগে। তথাপি তাইক বুজিব নিদিবৰ বৰ আপ্ৰাণ চেষ্টা কৰে সি। পলাশে নাজানে¸ তাই কিবা অনুভৱ কৰিব পাৰিছেনে নাই। কিন্তু সি তাইৰ মাত-কথাত একোৱেই পৰিবৰ্তন ধৰিব নোৱাৰে।

অফিচৰ পৰা আহি ৰুমত সোমাই দেখিছিল সি পাচলি আনিবলৈ পাহৰি গ’ল। ৰাতিপুৱাৰ যোৱাৰ সময়তে মাথোন আলুকেইটামানহে দেখিছিল। কাপোৰসাঁজ নসলোৱাকৈয়ে ওলাই আহিল সি। গণেশগুৰি বজাৰত পাহাৰীয়া মহিলাকেইজনীয়ে ঔটেঙা কেতিয়াবা বেছিবলৈ আনে। দেখা পাই পাচলিবোৰৰ লগতে দুটা কুমলীয়া ঔটেঙা কিনিলে সি। দাইলত কাটি খাবলৈ ভাল হব। তেনেকৈ ভাল লাগে তাৰ। দাইলখনত টেঙা আৰু কেঁহাৰ সামান্য সোৱাদ এটা থাকে। বজাৰৰ পৰা উভতি আহোতেই হঠাতে আপদীয়া বৰষুণজাক আহিছিল। কিনকিনিয়া বৰষুণজাকত গৈ পাব বুলি ভাবি থাকোতেই হুৰহুৰাই ধাৰাসাৰ বৰষুণজাকে তিয়াই পেলাইছিল তাক। জটিয়াৰ পৰা অলপ পাৰহৈ চাহ দোকানখনৰ আগত বাইকখন ৰাখি দোকানখনলৈ সোমাই গৈছিল সি। বৰষুণত তিতি এই মূহুৰ্তত গৰম চিঙৰাৰে সৈতে একাপ ধোৱাই থকা গৰম চাহ খাবলৈ মন গৈছিল তাৰ। ৰুমততো এতিয়া আৰু বনাবলৈ মন নাযাব। মন গলেও দোকানৰ চাহৰ দৰে সোৱাদ কেনেকৈ হব তাৰ ৰুমৰ ৰঙা চাহকাপৰ। চিঙৰাত কামোৰ এটা মাৰি চাহকাপ মুখলৈ নিওতেই দেখিলে সি প্ৰত্যাশাক। সন্ধিয়া সাত বাজি গৈছিল। ষ্ট্ৰীট লাইটবোৰ জলি উঠিছিল। এজাক বৰষুণে ধুৱাই দিয়াৰ পিছত সকলোবোৰ সতেজ যেন দেখা গৈছিল। মনটো অলপ বেয়া লাগিল পলাশৰ। এন্ধাৰ নামি আহিছিল। এইখিনি সময়ত সিঁহতৰ গলিটো অলপ অসুবিধাজনক হৈ পৰে। বিশেষকৈ যুবতী মহিলাৰ বাবে। 

বাছৰ পৰা নামি ইফালে সিফালে ৰিক্সা এখন বিছাৰিছিল প্ৰত্যাশাই। এখনো ৰিক্সা চকুত নপৰিল তাইৰ। ছেহঃ প্ৰয়োজনৰ সময়ত এখনো পোৱা নাযায়গৈ। চাগে অথনি বৰষুণ দিয়া বাবে ৰিক্সাবোৰ দিহাদিহি গলগৈ। বিৰক্ত হ’ল প্ৰত্যাশা। এতিয়া ঘৰলৈ এইছোৱা বাট খোজকাঢ়িয়েই যাব লাগিব। অগত্যা খোজ কাঢ়িয়েই আগবাঢ়িল তাই। নিজৰ ওপৰতে খং উঠিছিল তাইৰ। পাপাকে আনিব খোজাৰ কথা কৈছিল। তায়েই লগৰ ছোৱালীৰ লগত স্কুটিত অহাৰ কৈ পাপাকক আহিবলৈ মানা কৰি দিছিল। কিন্তু লগৰজনীয়ে হথাতে প্লেন সলনি কৰি নহাত অসুবিধা হ’ল তাইৰ। ছেহঃ এই বয়ফ্ৰেণ্ড থকা ছোৱালীবোৰক বিশ্বাস কৰিবই নাপায়। বয়ফ্ৰেণ্ডৰ কথামতেই উৰি ফুৰে। বেগটো খামুচি আহি থাকিল তাই।

লৰালৰিকৈ দোকানখনৰ ওলাই আহিল পলাশ। তাৰ মন গৈছিল প্ৰত্যাশাক বাইকতে উঠাই লৈ আহিবলৈ। কিন্তু সংকোচ হল তাৰ। কি বুলি কৈ তাইক লিফ্ট দিয়ে বাৰু। অৱশ্যে মাজে সময়ে চকুৱে চকুৱে পৰিলে প্ৰত্যাশাই হাঁহি এটা মাৰে। সিয়ো হাঁহিৰেই সহাৰি দিয়ে। প্ৰত্যাশা প্ৰচ্ছায়াৰ তুলনাত অলপ লাজকুৰীয়া। আজিলৈ এদিনো ভালকৈ কথাপাতি পোৱা নাই তাৰ লগত। তাৰোপৰি বৰষুণ পৰি গোটেই চিট কভাৰটোৱেই তিতি আছিল। পলাশৰ চিন্তা হৈছিল¸ মেইন ৰোডৰ পৰা অকমান নমাৰ পিছত কাফেখনৰ সমুখত দুনীয়াৰ বদমাছ ল’ৰাকেইটাৰ আড্ডা। দীঘল দীঘল অদ্ভূত বেশভূসাৰ সভ্য ঘৰৰ অসভ্য ল’ৰাকেইটাই ছোৱালী¸ তিৰোতা একো নাচাই। মাইনা¸ প্ৰচ্ছায়াৰ ভনীয়েক মানে তাৰোতো ভন্টিৰ দৰে। উপাই নাপাই দূৰে দূৰে লাহে লাহে আহি থাকিল সি।

পলাশৰ সন্দেহ অমূলক নহল। হঠাতে প্ৰত্যাশাৰ কাষেৰেই কেটিএম এখন তীব্ৰ বেগত উৰি আহি ঘপহকৈ ৰৈ গৈছিল। উচপ খাই কোনোমতেহে নপৰাকৈ ৰ’ল তাই।

‘ নপৰিল বে। চ্ছা না¸ কি চ্ছালিয়া মাল।’
তিতকাৰি পাৰি কিৰিলি পাৰি উঠিল দুয়োটা আৰোহী।

‘ আব্বে ঐ কে…, তামাম এট্যিটিউড বে। চ্ছা না কেন্নেকে চাইছে।’
এইবাৰ কাফেৰ ভিতৰৰ পৰা কোনোবা এটাই চিঞৰি আহি সিঁহতৰ লগ লাগিল।
প্ৰত্যাশাৰ খং উঠিছিল। কিন্তু সিঁহতকেইটাৰ কাণ্ডকাৰখানা দেখি সচকিত হ’ল। তাই জানে¸ এনেকুৱা পৰিস্থিতিত মনে-মনে থাকি সোনকালে আঁতৰি যাব পাৰিলেই মংগল। অলপ আগতে বৰষুণজাক যোৱা বাবে এতিয়া ৰাষ্টাত মানুহ এজনো নাই। যিকেইজন দোকানৰ কাষত আছে¸ এই উদণ্ড কেইটাৰ কাষৰ পৰা বছাবলৈ কেতিয়াও নাহে। 

‘ অ’ ডাৰ্লিং বৰষুণত খোজকাঢ়ি কলৈনো যোৱা?’
সিঁহতৰ এটাই আকৌ এবাৰ দেদাউৰি পাৰি উঠিল। এইবাৰ বাকী দুজন দুখোজ আগুৱাই আহিল।

ভগবানৰ নাম লৈ মনটো সাহ কৰি দুখোজ দিছিল তাই। ঘপহকৈ তাইৰ নাম ধৰি মাতি কোনোবাই কাষতে বাইক এখন ৰখাই দিলে। হেলমেলটো খুলি দিয়াত চিনি পালে তাই¸ পলাশদা। সিঁহতৰ ভাৰাতীয়া। মুখলৈ পানী আহিল তাইৰ।

পলাশে এবাৰ সিঁহতলৈ কেৰাহিকৈ চাই তাইক কলে সি¸ ‘উঠা’
বিনা বাক্যব্যয়ে তাই উঠিল। লৰাকেইটা দুখোজ পিছুৱাই গ’ল। তাৰ অবাঞ্চিত প্ৰবেশত সিঁহতকেইটা বিৰক্ত হৈছিল। আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে দুটামান অশ্লীল শব্দৰে সিঁহতে কিৰিলি পাৰি উঠিছিল। পলাশে ভাবিছিল¸ তথাকথিত বৰ লোকৰ এই সন্তানকেইটাৰ অধঃপতনৰ বাবে মাক-দেউতাকেই দায়ী। সন্তানৰ আব্দাৰ পূৰণ কৰি মাথো স্বাধীন হবলৈ দিলেই নহয়। চোকা নজৰ ৰখাটোও এটা প্ৰধান কৰ্তব্য। তাৰ মনত পৰিছিল¸ সৰুতে এবাৰ মিছা কোৱাৰ বাবে মাকে তাক ফলা খৰীৰে কোবাইছিল। তেতিয়াৰে পৰা সেই বদ অভ্যাসটো বাদ পৰিছিল। স্বাধীনতো সিঁহতো আছিল। মাক-দেউতাকৰ শাসনত কেতিয়াওতো পৰাধীন হৈ থকাৰ দুখ সিঁহতে অনুভৱ কৰা নাছিল। হয়তো জীৱনত লাগ বুলিলেই সকলো পোৱাটোও বৰ ভাল নহয়। সামান্য অভাবো লাগে। ভাবি ভাবি আহি থাকিল সি। আহি থাকোতে মাজতে এটা কথাও নকলে। তাইকো একো নুসুধিলে। গেটৰ ওচৰত বাইকখন ৰাখি তাইক কলে¸ ‘যোৱা’
গেটখন খুলি দিবলৈ তাই আগবাঢ়িব খুজিছিল। কিন্তু তাৰ আগতেই গেট খুলি বাইকখন সুমুৱাই আকৌ নঙলালৈ আহিল বন্ধ কৰিবলৈ। এইবাৰ প্ৰত্যাশাই কলে
‘ দাদা¸ থেংকিউ।’
‘ ৱেল কাম।’
হাঁহি এটা মাৰি সি বাইকখন ৰুমৰ বাৰাণ্ডাতে ৰাখি ভিতৰলৈ সোমাই গ’ল।

--------

Bad boy ঃ22

Unknown



                              [ বাইশ ]

দুদিন সিঁহতৰ ঘৰত থাকি মাহীয়েকহঁত দুৰাতিৰ বাবে গাঁওলৈ মামাকহঁতৰ ঘৰলৈ গৈছিল। দুৰাতি গাঁওত আইতাক আৰু মামাকহঁতৰ সতে কটাই উভতি আহি এৰাতি সিঁহতৰ ঘৰত থাকি পিছদিনা মুম্বাইলৈ উভতি যোৱাৰ কথা। পাছদিনৰ আঁচনি বনাই মাহীয়েক আৰু মহা আহিছিল। এতিয়া সিঁহতৰ ঘৰত  দুদিন হোৱাত আঁচনিমতে মামাকহঁতৰ ঘৰলৈ গৈছিল। তেওলোকৰ লগত মাইনাও গৈছিল। প্ৰচ্ছায়াৰ মনটো বেয়া লাগিছিল। এই দুদিন মাহীয়েক আৰু মহাকে ঘৰটো জমাই ৰাখিছিল। এতিয়া মাইনাও তেওলোকৰ লগতে মামাকহঁতৰ ঘৰলৈ যোৱাত তাই দুদিনৰ বাবে অকলশৰীয়া হৈ পৰিল। তাইৰো মন গৈছিল মাহীয়েকৰহঁতৰ লগতে মামাকহঁতৰ ঘৰলৈ যাবলৈ। কিন্তু অফিচৰ ব্যস্ততাৰ বাবে তাই যোৱা নহল তাইৰ। প্ৰচ্ছায়াই ভাবিছিল¸ পাৰিলে পিছৰ মাহলৈকে এবাৰ মাকৰ সতে যাবগৈ। ঘৰুৱা ব্যস্ততাৰ বাবে মাকেও এইবাৰ যাবলৈ ইচ্ছা কৰা নাছিল মাহীয়েকৰ সতে গাঁওৰ ঘৰলৈ যাবলৈ। গোটেই ঘৰখনৰ কামবোৰ এৰি কেনেকৈ যায় তেও। তাতে দুই এদিনতে প্ৰচ্ছায়াক চাবলৈয়ো ল’ৰাজন অহাৰ কথা আছিল। মাহীয়েক যোৱাৰ পিছত সন্ধিয়ালৈ অকলশৰীয়া হৈ পৰাৰ দৰে লাগিছিল প্ৰচ্ছায়াৰ। ডেৰমাহমান আগতে সপৰিয়ালে মামাকহঁতৰ ঘৰৰ পৰা আহিছিল সিঁহত। তথাপিও এতিয়া মাহীয়েকহঁত গাঁওলৈ যোৱাত প্ৰচ্ছায়াৰ আপচোছ হ’ল। আইতাকক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল! কম মৰম কৰেনে আইতাকে তাইক। ‘মাজনী¸ মোৰ পুতলাজনী¸ বুলি আইতাকে মৰমেৰে চুমাৰে উপচাই দিয়ে তাইৰ গাল। প্ৰায় সত্তৰ বছৰীয়া আইতাকজনী এতিয়াও আগৰ দৰেই হৈ আছে। গাভৰু কালত আইতাকজনী কম ধুনীয়া আছিলনে। কোন বাৰু তেওৰ দৰে মাক নে মাহীয়েক। ওহো মাক-কিম্বা মাহীয়েক কোনোৱেই চাগে আইতাকৰ সতে ফেৰ মাৰিব নোৱাৰে। আৰু মামীয়েক নহয় যেন তাইৰ ডাঙৰ বায়েকহে। ইমান মৰম কৰে তাইক। পৰিয়ালৰ প্ৰথম ভাগিন বা নাতিয়েক হোৱাৰ সুবাদত ৰাজকুঁৱৰীৰ দৰে সকলোকে আলাসতে তুলি থয় তাইক। হঠাতে মাহীয়েকৰ সতে নোযোৱাৰ বাবে 
আপচোছ হ’ল প্ৰচ্ছায়াৰ। ছেহ¸ ইচ্ছা কৰা হ’লে দুদিনৰ চুটি লৈ তায়ো যাব পাৰিলেহেতেন। কথাটো ভাবি মাহীয়েকলৈ ফোন লগালে তাই। ফোনটো উঠোৱাৰ লগে-লগে সৰু ছোৱালীৰ দৰে আব্দাৰ ধৰি কৈ উঠিল তাই¸

‘ মাহী¸ বহুত মিছ কৰিছো তোমালোকক।’
‘ তুমি নাহিলা দেখোন আমাৰ লগত। ’
হাঁহি হাঁহি মাহীয়েকে কৈ উঠিল।
‘ কি কৰিবা¸ অফিচ থাকিল যে মোৰ।’
‘ বা¸ আমি কি কৰিছো জানা¸ মামীয়ে এয়া পায়স বনাইছে¸ সকলোৱে খাই আছো। আৰু আমি এতিয়া আইতাৰ লগত নামঘৰলৈও যাম। আৰু জানা¸ আইতাই তোমাৰ কথা এবাৰো সোধা নাই। পাহৰি গ’ল যোৱা তোমাক।’
এইবাৰ মাইনাই মাহীয়েকৰ হাতৰ পৰা ফোনটো কাঢ়ি নি কৈ উঠিল। সুবিধা পালেই এনেকৈ বায়েকক জোকাই মাইনাই। তাই জানে¸ বায়েকৰ আইতাকৰ সতে এনেকৈ ফুৰিবলৈ বৰ হেঁপাহ। আইতাকেও খুউব মৰম কৰে দুয়োজনীকে। গাঁওলৈ আহিলে দুয়োজনীয়ে আইতাকৰ সতে শুবলৈ কাজিয়া কৰে। দুয়োৰে মুৰত হাত ফুৰাই আইতাকে এতিয়াও দুয়োকে সাধু শুনাই।

মনটো দমি গ’ল প্ৰচ্ছায়াৰ। ওলোটাই ভনীয়েকক জোকাবলৈ তাই কৈ উঠিল।
‘ হব মাইনা¸ এতিয়া তোমাৰ দিন ন! ইয়াৰ পিছত চাবা¸ মই গলে তোমাক আইতাৰ কাষলৈকে যাবলৈ নিদিও।’

লাউড স্পিকাৰত থকা তাইৰ কথাখিনি সকলোৱে শুনি হাঁহিলে। আইতাকে হাঁহি মাৰি কৈ উঠিল¸

‘ মাজনী¸ মোৰ পুতলাজনী¸ মাইনাই মিছাকৈয়ে মিছাকৈয়ে কৈছে। মই জানো মোৰ আদৰৰ ডাঙৰ নাতিনীজনীক পাহৰিব পাৰো। প্ৰথমে তোমাৰ কথাই শুধিছো। তুমি সোনকালেই আহিবাদেই মাজনী। বহুদিন তোমাক দেখা নাই।’

‘ হব আইতা¸ বন্ধ পালেই এইবাৰ দুদিন থকাকৈ যাম। তোমাৰ লগত নামঘৰলৈও যাম।’
হঠাতে কিবা এটা ভাবি আব্দাৰ ধৰিলে তাই¸

‘ অ’ আইতা¸ তুমি মাহীহঁতৰ লগতেই গুচি আহা না।’

‘ এতিয়া নাযাওদেই মাজনী। ৰোৱনীয়ে কঠীয়া ৰুই আছে নহয়। মামাই কলেজৰ পৰা আহি আকৌ পথাৰলৈ যায়। মই গুচি গলে মামীৰ কষ্ট নহব জানো অকলে অকলে।’
আইতাকে বুজাই তাইক। তাই বুজে¸ গাঁৱৰ ঘৰখন এৰি বেছিদিন থকাকৈ আইতাক আহিব নোখোজে। 

‘ অ’ বা¸ নামঘৰলৈ যাবলৈ মই কি পিন্ধিছো জানা! মেখেলা চাদৰ¸ মামীয়ে কি ধুনীয়াকৈ পিন্ধাই দিছে। চোৱাচোন ফটো দিছো।’ হঠাতে আইতাকৰ হাতৰ ফোনটোৰ আগত মুখ লগাই মাইনাই কৈ উঠিল। প্ৰচ্ছায়াই চাবলৈ ডাটা অন কৰিব লওতেই মাক পাকঘৰৰ পৰা ওলাই আহিল। 

‘ মাৰ লগত কথা পাতি আছ?’
মাকৰ প্ৰশ্নত তাই মুৰ দুপিয়ালে।

‘ দেচোন ’
তাইৰ হাঁতৰ পৰা ফোনটো লৈ মাক ব্যস্ত হৈ পৰিল। 

প্ৰচ্ছায়াৰ মনটো ভাল লাগিছিল। দুদিন পিছত মাহীয়েকহঁত আকৌ পাবহি। তায়ো অহামাহলৈ এবাৰ আইতাকৰ ওচৰলৈ যাবগৈ। কথাটো ভাবি ভাবি তাই বেলকনীলৈ ওলাই আহিল। সাঁজ কেতিয়াবাই লাগিছিল। লাইটবোৰ জলি ওচৰৰ সকলোবোৰ ঘৰ পোহৰ হৈ পৰিছিল। নিয়মমাফিক এবাৰ তললৈ চালে তাই। ভাৰাঘৰৰ লাইটবোৰ জলি উঠিছিল। মাথো পলাশৰ ৰুমটো বাদ দি। তাৰ ৰুমৰ দৰ্জাখনত তলা ওলমি আছিল। ৰাতিপুৱাই ঘৰলৈ গৈছিল সি। হঠাতে কিবা এটা মনত পৰি ৰুমলৈ সোমাই গ’ল তাই। ইতিমধ্যে মাকৰ কথা পতা হৈ গৈছিল আৰু তেও ফোনটো দিবলৈ তাইৰ কাষলৈকে আহিছিল। ফোনটো হাতত লৈ মেছেজ এটা লিখিলে তাই।

-----

গাঁৱলৈ আহি সন্ধিয়া এপাক ওলাই গৈছিল সি। সিঁহতৰ গাঁৱৰ আড্ডাস্থলীখন আনদিনাৰ দৰে গমগমাই থকা নাছিল। কিবা গভীৰ দুঃচিন্তাত থকাৰ দৰে ল’ৰাকেইটাৰ মুখবোৰ ওলমি পৰিছিল।

‘ কি হৈছে অ’। চবৰে মুড অফ কিয়?’
পলাশ আচৰিত হৈছিল।

‘ বেয়া কথা এটা শুনিলো। তন্ময়দা যে¸ বগা ভাৰ্না এখন আছে। হি হেজ কমিট চুইচাইদ।’ 

খবৰটো শুনি হতবাক হৈ পৰিছিল পলাশ। কাণ দুখনে ভুল শুনা বুলি এবাৰ কাণখন উনাই সুধিলে সি¸
‘ হা…কি কৈছ?’

কিন্তু ভাৱ হোৱাৰ দৰে তাৰ কাণ দুখনে ভুল শুনা নাছিল। ধনজিতে কোৱা খবৰটো শুনি ম্ৰিয়মান হৈ পৰিছিল সি। তন্ময় দাদাকৰ ঘৰত একো অভাৱ নাছিল। হাঁহি মুখীয়া মানুহজনৰ একো দুখেই নাছিল। সিঁহতৰ কাষৰ গাঁওখনত তন্ময় দাদাকৰ ঘৰ। সি যেতিয়া হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাইছিল¸ তেতিয়া তন্ময় দাদাক ডিগ্ৰী ফাইনেল ইয়েৰৰ ছাত্ৰ। সাংস্কৃতিক অনুস্থান এটাত চিনাকী হৈ তন্ময় দাদাক তাৰ আপোন হৈ পৰিছিল। ডিগ্ৰী পঢ়িবলৈ গুছি অহা সময়ত তন্ময় দাদাকেও ইউনিভাৰ্ছিটিত এমবিএ কৰিবলৈ আহিছিল। মাজে-মাজে লগ পাইছিল সি। ভাল ৰিজাল্ট কৰাৰ পিছতো তন্ময় দাদাকো চাকৰী নিবিছাৰি ব্যৱসায় আৰম্ভ কৰিছিল। মানুহে তেতিয়া তাক ঠাট্টা কৰিছিল¸ এমবিএ কৰি কাপোৰৰ দোকান দিয়া বাবে। এতিয়া সেই তন্ময়দাদাক এখন ডাঙৰ ইলেক্ট্ৰনিকছ শ্বৰুমৰ মালিক। সিঁহতৰ ওচৰৰ সৰু টাউনখনৰ আটাইতকৈ দামী আৰু ডাঙৰ কাপোৰৰ দোকানখনৰ মালিকো তন্ময় দাদাকেই। তেও এজন সফল ব্যৱসায়ী। এসময়ত তেওক হঁহা মানুহবোৰে এতিয়া তেওৰ দূমহলীয়া ঘৰটোৰ সমুখত থিয় হৈ হুমুনিয়াহ কাঢ়ে। পুতলাৰ দৰে দুটি দেৱশিশু¸ অপ্সৰাৰ দৰে ৰূপৱতী পত্নী থকাৰ পিছতো হাঁহিমুখীয়া মানুহটোৰ মনত কিবা দুখ আছিল বুলি পলাশে নাভাবে। অথচ সেই মানুহটোৱেই আত্মহত্যা কৰা খবৰটোৱে জোকাৰি গ’ল তাক।’

‘ কেতিয়া ধনজিত?’
‘ আবেলি নিজৰ ৰুমত ওলমি দিলে। বহু দেৰি ৰুমটোৰ পৰা ওলাই নহাত মাতিবলৈ গৈ দেখিলে।’

‘ অহ’ গড¸ কিয় বাৰু এনেকুৱা কৰিলে তেও? ব্যৱসায়টো তেওৰ ভালেই চলিছিল।’

‘ ওহো¸ কোনেও নাজানে একো। কোনো দিনেই কাকো বুজিবলৈ নিদিলে তন্ময়দাই।’
আৰু কোনেও একো নুসুধিলে। কাৰো একো সুধিবলৈ মন নগল। মানুহৰ জীৱনটো সচাকৈয়ে বৰ জটিল। সুখী হৈ থকা সফল মানুহ এজনে হতাশাত ভূগি চৰম সিদ্ধান্ত লয়। কেনেকৈ বাৰু তন্ময়দাই লব পাৰিলে এই চৰম সিদ্ধান্ত। এনে কি গভীৰ দুখ আছিল¸ যি কাকো বুজিবলৈ নিদি নিজে নিজে সহি আঁতৰি গলগৈ। কিন্তু কনমানি দুটাৰ মুখলৈ চায়েই তন্ময়দাদাই এই সিদ্ধান্ত লব নালাগিছিল। এতিয়া চাগে দুয়োটাই পাপা পাপাকৈ মৰাশটোকে মাতি আছেগৈ। বুকুখন বিষাই উঠিছিল পলাশৰ। সিঁহতৰ আড্ডাটোও আৰু নজমিল। অযুহাত দেখুৱাই এজন এজনকৈ উঠি গলগৈ। অঞ্চলটোৰ উদ্যমী সফল যুব ব্যৱসায়ীৰ পৰিণতিয়ে সকলোকে স্তম্ভিত কৰি তুলিছিল। পলাশৰ ঘৰতো খবৰটোৱে চুই গৈছিল। কাৰো কথাৰ ভাগ নিবিছাৰি চিধাই নিজৰ ৰুমলৈ সোমাই গ’ল সি। 

মনটো অশান্ত পৰিছিল পলাশৰ। সদায়েই এনে হয় তাৰ। চিনাকী কোনোবা এনেকৈ আঁতৰি যোৱা শুনিলেই বুকুখন কপি উঠে তাৰ। কিয় বাৰু মানুহে হেৰুৱাই পেলাই আশাবোৰ। মানুহ কিয় হতাশ হৈ পৰে! কিয় জন অৰণ্যৰ মাজত থাকিও নিসংগ হৈ পৰে। কিয় কাকো খুলি কব নোৱাৰে বুকুৰ ধুমুহাৰ কথা। আৰু অকলে অকলে সেই ধুমুহা কঢ়িয়াই সহিব নোৱাৰা হলেই আঁতৰি যায়গৈ। কিয় এনে হয়! কি সংকোচত মানুহে গৰল পান কৰিও সুখী হোৱাৰ অভিনয় কৰি ৰয়! স্বাৰ্থপৰ এই দুনীয়াত কিয় সময়ত কাৰো এখনো হাতে কান্ধত থপথপাই দিব নোৱাৰে! হতাশা বৰ ভয়ংকৰ¸ তাতোকৈ বেছি ভয়ংকৰ নিসংগতা। হতাশাই উজ্জীবিত মনক হত্যা কৰা লগতে নিসংগতাই ভুল সিদ্ধান্ত লবলৈ প্ৰৰোচিত কৰাই। চাগে তন্ময়দাও ডিপ্ৰেছনৰ স্বীকাৰ হৈছিল। কথাবোৰ ভাবি ভাবি বিচনাখনত গাটো এৰি দি চকু মুদি দিলে সি।

সকলো কথা সকলোকে খুলি কব নোৱাৰি। পিছত কাৰুণ্যৰ নিৰ্মালী দলিয়াই কথা কোৱা সৰহ ভাগ মানুহেই জীৱনকালত হয়তো ভালকৈ কেতিয়াবা দুই মিনিটো নিদিয়ে। ৰাষ্টা-ঘাটৰ আলোচনাত তন্ময়দাক সমালোচনা কৰা মানুহবোৰলৈ হঠাতে খং উঠিল পলাশৰ। কিয় কব কোনোবাই¸ কেনেকৈ কব সাহস দিব নোৱাৰা চেলফিশ্ব পৃথিবীক¸ আন্তৰিকতা নাথাকিলে অন্তঃত অবজ্ঞাও নকৰিব। বিশ্বাস আৰু ভৰসা যে এতিয়া সাংঘাটিক দূৰ্লভ। 

‘ ক্লিক ’
হঠাতে ফোনটো বাজি উঠাত চালে সি¸ প্ৰচ্ছায়াৰ টেক্সট মেছেজ¸

‘ গুড ইভিনিং। অ’ই তেতিয়া মাহীহঁত যাবলৈ ওলাইছিল বাবে কথা পাতিব নোৱাৰিলো।’
ওপৰা-ওপৰিকৈ লিখিছিল তাই। সন্ধিয়া এবাৰ মেছেজ কৰিছিল সি। আজিকালি মাজে-মাজে দুই এটা কথা পাতে সিঁহতে মেছেজত। এতিয়া তাইৰ সতে কথা পাতিবলৈ মন গ’ল তাৰ। তাইৰ সতে কথা পাতিলে তাৰ মনটো ভাললাগে। আৰু এতিয়া বেয়ালগা কথাবোৰ পাহৰিবলৈ অযুহাত লাগে তাক।

‘ প্ৰচ্ছায়া¸ কথা পাতিব পাৰোনে হোৱাটচ্এপত? বিজি আছা যদি নালাগে বাৰু!’
টেক্সট কৰি অলপ সময় ৰৈ থাকিল সি। অলপ সময় পিছত ৰিপ্লাই আহিল আহিল তাইৰ¸ ‘আহা’।

‘ প্ৰচ্ছায়া¸ আজি অলপ বেছিকৈ কথা পাতিব মন গৈছে তোমাৰ লগত। আমনি পাবা নেকি? ’
পোনপটীয়াকৈ সুধিলে সি।

অলপপৰ তভক মাৰি ৰ’ল প্ৰচ্ছায়া। দিনে-দিনে এটা কৌতুহলী চৰিত্ৰ হৈ পৰিছে ল’ৰাটো। মন গলেই গীতাৰ বজাই¸ দীঘলীয়াকৈ মেছেজত নিজৰ বিষয়ে লিখি দিয়ে। কেতিয়াবা অলপ বিৰক্ত হলেও খং নুঠে তাইৰ। হয়তো বেষ্ট ফ্ৰেণ্ড টাইপৰ কোনো নাই তাৰ। প্ৰচ্ছায়াৰ ভাৱ হয় চাগে সি তাইৰ কাষ চাপিব খোজে। পিছ মূহুৰ্ততে ভাৱ হয় সেই ধাৰণা সলনি হৈ ভাৱ হয়¸ লৰাটো যথেষ্ট ষ্ট্ৰেইট ফ’ৰৱাৰ্ড। লাহেকৈ হাঁহিলে তাই।

‘ আমনি পালে মেছেজৰ ৰিপ্লাই কৰো নেকি?’

‘ থেংকিউ প্ৰচ্ছায়া। অন্তঃত মোক ইমানখিনি সময় দিয়া বাবে। মোৰ কথাখিনি শুনিবলৈ আগ্ৰহ কৰা বাবে।’

‘ অ’ই ইমান চেন্টি কিয় ফালিছা আজি?’

এটা হুমুনিয়াহ কাঢ়িলে সি¸
‘ আজি মোৰ মনটো ভাল নহয় প্ৰচ্ছায়া। বেয়া লগা কথা এটা পাহৰিবলৈ চেষ্টা কৰিও পৰা নাই।’

‘ হঠাতে মন লাগিবলৈ কি হ’ল আকৌ?’

‘ থাকে কিছুমান কথা। কম দিয়া।’
অলপ সময় মনে-মনে ৰ’ল সি। তায়ো তাৰ মেছেজ অহালৈ অপেক্ষাত ৰ’ল।

‘ প্ৰচ্ছায়া¸ মই সহজ সৰল ল’ৰা। জটিলতাবোৰ বুজি নাপাও। মনত যি আহে খোলাকৈ কৈ ভালপাও¸ পেটত এটা মুখত এটা কোৱা মোৰ বাবে অসম্ভৱ। সেয়ে বহুত মানুহেই হয়তো মোক বেয়া পাই।’

‘ জানো। সেই বাবেই তোমাক বেয়া পোৱা নাই।’

‘ কিন্তু জীৱনে মোক নিজৰ ওপৰত বিশ্বাস কৰিবলৈ ইমানেই শিকালে যে¸ এতিয়া কোনোৱেই একো অপকাৰ কৰিব নোৱাৰাকৈ আত্মপ্ৰেমৰ আৱেষ্টনী গঢ়ি ললো। এতিয়া সেই অাৱেষ্টনীভেদি কাৰোৱেই চলনা কূট কৌশল সৰকি যাব নোৱাৰে। হয়¸ এতিয়াও ভুল কৰো। বিশ্বাস কৰিব মন যায় বাবেই এতিয়াও মানুহক বিশ্বাস কৰো। হয়তো মই নিজৰ বিশ্বাসৰ সতেই বাৰে-বাৰে পৰীক্ষা কৰো। মোৰ বিশ্বাসভংগৰে ক্ষতিৰ সংশয়ৰ সতে হয়তো বাজি খেলো।’

‘ আচ্ছা¸ সেইবাবেই তুমি মোকো সকলোবোৰ কৈ বাজি খেলিছিলা চাগে ন?’

‘ মই পোনচাটেই হয় বুলি নকও বা নহয় বুলিও নকও। কিন্তু এটা কথা সঁচা। তোমাক কৈ উঠাৰ পিছতে সংকোচ অলপ হৈছিল। অবাঞ্চিত আমনি কৰাৰ বাবে নিজৰ ওপৰতে খঙো উঠিছিল। কিন্তু ভয় একো নাছিল। বৰ বেছি মানুহৰ আগত অলপ অপদস্ত হ’লো হয়¸ মানুহবোৰে মোক ভুল বুজিলে হয়। কিন্তু বিবেকৰ দংশনৰ পৰা মই মুক্ত হৈ ৰ’লোহৈ।’
কথাখিনি কৈ পলাশ অলপ ৰ’ল। আৰু কি কবলৈ একোৱে মনলৈ নাহিল তাৰ। সিটো পাৰে প্ৰচ্ছায়াই দীঘলকৈ উশাহ এটা টানি কলে¸
‘ বিশ্বাসৰ মৰ্য্যদা ময়ো দিব জানো পলাশ।  কোনবোৰ কথাত কেনেকৈ ৰিয়েক্ট কৰিব লাগে জানো। আচৰিত হৈ গৈছিলো¸ কিন্তু বিশ্বাস কৰা¸ খং অলপো উঠা নাছিল।

‘ ধন্যবাদ। ’
‘ ফ্ৰেইণ্ডক কিন্তু থেংকিউ কৈ নাথাকে পলাশ। তুমি ফ্ৰেইণ্ডশ্বিপৰ ৰুল ফলো কৰা নাই।’
লাহেকৈ হাঁহিলে তাই।

‘ হেই প্ৰচ্ছায়া¸ জমনি এটা শুনা। মাজতে এবাৰ হা অফিচ এটাত মেনেজাৰ হিচাপে সুমালো। প্ৰায় ছয়বছৰমান আগৰ ঘটনা। লাইফত ফাৰ্ষ্ট টাইম চুপাৰভাইজৰ ৰেংকৰ পৰা ডাঙৰ প্ৰমোছন এটা পাইছো। মনত খুউব ফুৰ্তি। দৰমহাও সেই সময়ত আশা কৰাতকৈ অলপ বেছিকৈয়ে পাইছো। সেয়েহে এক্সট্ৰা সময় উলিয়াই হলেও কষ্ট কৰি কামবোৰ কৰিছিলো। মালিক খুচ হ’ল মোৰ সততাত। এদিন মালিকে মোক দামী মোবাইল এটা গিফ্ট দিলে। মন খুচ হৈ গ’ল। দুগুণ উৎসাহেৰে কষ্ট কৰি গলো। মাজে-মাজে মালিকৰ ঘৰৰ পৰা চাৰ্ট¸ ঘড়ী আদি আহি থাকিল। কিন্তু মাজতে এদিন মালিকে আওপকীয়াকে যিটো প্ৰস্তাব দিলে¸ ইমানদিনৰ উৎসাহ চব পানী হৈ গ’ল। আচলতে মালিকৰ ঘৰত কিবা দূৰ সম্পৰ্কীয় ছোৱালী এজনী আছিল। কিয় জানো বহুবাৰ বিয়াৰ কথা-বতৰা চলি চলি তাইৰ বিয়াখন শেষত ভাঙি গৈছিল। বয়সত চাগে মোৰ সমানেই হব। সদায় এনেয়ে কিবা নহয় কিবা অযুহাত লৈ অফিচলৈ আহে। ইজন সিজনৰ লগত কথা পাতি থাকে। হয়তো মোৰ আচাৰ-ব্যৱহাৰত তাই¸ মালিকৰ পৰিয়াল ইমানেই আকৰ্ষিত হ’ল যে মোৰ লগত বিয়া দিবলৈকে প্ৰস্তাব কৰিলে। এনেকি বিয়াৰ খৰচৰ বাবদ কেইলাখমান টকা দিবলৈয়ো ইচ্ছা কৰিলে।’

‘ তাৰপিছত…?’

‘ কি হব আৰু ! পলালো। সাতাইছ বছৰীয়া ল’ৰা এটাই¸ যাৰ কান্ধত ঘৰৰ দায়িত্বৰ বোজা আছে¸ ভন্টিৰ বিয়াৰ আগমূহুৰ্তত তেনেকুৱা প্ৰস্তাব পাই ভয় খাই গ’লো। কোনো অনুভূতি নথকাকৈ¸ ভাল নলগাকৈ জানো ইবিলাক কথা ভাবিব পাৰি। পোনচাটেই না কৈ দিলো। তাৰ পিছত তাত থকাটো অসম্ভৱ হৈ পৰিল। ওলাই আহিলো তাৰ পৰা। অথচ তাৰ কেইদিনমান পিছতে ভন্টিৰ বিয়া। সেই সময়ত মোক টকাৰ খুবেই প্ৰয়োজন হৈ পৰিছিল। কিন্তু মাথো টকাৰ বাবেই নিজক বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত এটা লব নোৱাৰিলো। আজিও সকলোৰে বাবে সাঁথৰ¸ কিয় সেই মূহুৰ্তত মই চাকৰী ৰিজাইন দিলো। মই আজিও কাকো ঘৰত কব নোৱাৰিলো। সংকোচ হয়তো লাজে মোক বাধা দিয়ে। কিন্তু সেই যে ভাল নলগা প্ৰস্তাবটো পালো¸ নতুন অভিজ্ঞতা হ’ল। মানুহে আমাক বেয়া পাই গলে অসুবিধা হয় ঠিকেই¸ কিন্তু যদি কোনোবাই প্ৰয়োজনতকৈ বেছি ভালপায় যায়¸ তেতিয়াও অসুবিধা হয়। জানা প্ৰচ্ছায়া¸ তেতিয়াৰে পৰা সিদ্ধান্ত ললো মানুহক বৰকৈ ভালপাবলৈও সুৰুঙা নিদিও। প্ৰয়োজন সাপেক্ষে কেতিয়াবা মিছাকৈও থিয় দিম!‘
কৈ কৈ হাঁহি দিলে সি।

‘ মানে?’

‘ এই ধৰা¸ যদি কোনোবাই সোধে চিগাৰেট খোৱা? কও খাও। যদি সোধে মদ খোৱা¸ কও খাও। আনকি কেতিয়াবা দমি নাযাবলৈ বন্ধুবৰ্গৰ আগত কোনোবা অচিনাকী ছোৱালীৰ ফটোও দাঙি ধৰি কও গাৰ্লফ্ৰেণ্ড বুলি কও। হা হা হা।’

‘ পলাশ¸ কথা এটা কও! প্ৰথমে তোমাক অলপ ভুল বুজিছিলো। প্ৰথম দেখোতেই তোমাক বদমাছ টাইপৰ ল’ৰা যেন লাগিছিল। সেই যে আমাৰ লগত তৰ্ক কৰিছিলা¸ অভদ্ৰ যেন লাগিছিল। পিছদিনা তোমাক অফিচত দেখি বিৰক্ত হৈছিলো। কিন্তু এতিয়া বুজিছো¸ ল’ৰা এজনৰ মনটোও যেন ইমান চেনজিটিভ হব পাৰে! ছ’ৰী হা তেতিয়া ইগন’ৰ কৰা বাবে।’

‘ হেই¸ এতিয়া কিন্তু তুমি ভুল কৰিছা ফ্ৰেইণ্ডশ্বিপৰ ৰুল। ন’ ছৰী¸ ন’ থেংকিউ।’
হো হোৱাই হাঁহি দিলে সি। তায়ো লাহেকে হাঁহিলে।

‘ বাই দা ৱে¸ মই এতিয়াও বদমাছ দেই। স্মাৰ্ট বদমাছ।’
আকৌ হাঁহিলে সি।

‘ প্ৰচ্ছায়া¸ তুমি হয়তো ভাবিছা¸ মই এইবোৰ তোমাক কিয় কৈছো। তোমাৰ চিম্পেথি লব খুজিছো নে হাৰ্ট উইন কৰিব খুজিছো! সেইবোৰ একো নহয়। কিছুমান সময়ত কেতিয়াবা কিছুমান মানুহ নিসংগ হৈ পৰে। মুকলি মনেৰে কথা পাতিবলৈয়ো মানুহ নোহোৱা হয়। হয়তো সেই বাবেই মই চেলফিশ্ব হৈ পৰিছো। হয়তো আমনি কৰি অন্যায় কৰিছো। কেতিয়াবা মন খুলি কথা পাতিব মন যায়। সকলোকেতো সকলো খুলি কব নোৱাৰি। কিছুমান মানুহক বাৰু কেনেকৈ দিও মোৰ দূখৰ বোজা। হয়তো সেইবাবেই তোমাৰ বন্ধুত্বৰ মোক প্ৰয়োজন। চোৱা¸ আকৌ সঁচা কথাটো কৈ দিলো মই। নোকোৱাকৈ থাকিব নোৱাৰো দেখোন! অথচ জানো¸ কোৱা মানেই তুমি বেয়া পাই যাবা সাংঘাটিক ধৰণে।’ 

‘ পলাশ¸ তুমি বাৰু কথাবোৰ কিয় এনেকৈ কোৱা মন চুই যোৱাকৈ। বেয়া পাও বুলিও বেয়া পাব নোৱাৰো¸ অথচ কবলৈও ভাষা নোহোৱা হয়।’

প্ৰচ্ছায়াৰ কথাষাৰ শুনি মনে-মনে ৰ’ল পলাশ। তাৰ মনত পৰিছিল বৰ্ণালীলৈ। তায়ো এদিন এনেকৈয়ে কৈছিল¸ ‘ পলাশদা¸ তুমি বাৰু কথাবোৰ কিয় এনেকৈ কোৱা যে বুকুখনে হাঁহাকাৰ কৰি উঠে। অথচ কোৱাও একো এক্সপেক্টেচন নকৰা!’ সি বৰ্ণালীক আকস্মাতে এদিন লগপাই গৈছিল কবিতাৰ অনুস্থান এটাত। জুনিয়ৰ কলেজ এখনৰ প্ৰবক্তা আছিল তাই। তাতকৈ চাৰিবছৰমান সৰু ছোৱালীজনীয়ে তাৰ কবিতাৰ মুগ্ধ পাঠিকা হৈ বন্ধুত্ব আগবঢ়াইছিল। তাৰ সতে ঘন্টাৰ পিছত ঘন্টা কথা পাতিছিল তাই। প্ৰেমৰ কথা¸ সাহিত্যৰ কথা¸ সমাজৰ কথা। মেধাবী শকত ছোৱালীজনীক ক্ৰমশ ভাল লাগি গৈছিল তাৰ। এদিন সি সাঁহ কৰি কৈছিল¸
‘ বৰ্ণালী¸ তোমাক মোৰ ভাল লাগে।’
লাহেকৈ হাঁহি কৈছিল তাই¸
‘ পলাশদা¸ মই জানিছিলো। তুমি মোক এনেকৈ কবা। সচা কবলৈ গলে মোৰো তোমাক ভাললাগে। কিন্তু সেইযে ভালপোৱাবোৰ হঠাতে হেৰাই গ’ল¸ চাগে মোৰ জীৱনৰ পৰাও সেই ৰঙবোৰ আঁতৰি গ’ল। কিন্তু তোমাক নিৰাশ নকৰো। মোক পাবলৈ অলপ যোগ্য হৈ উঠিব লাগিব তুমি। নিজৰ ঘৰখন নিজৰ মতে সজাম মই। তাত কাৰো অনাধিকাৰ প্ৰৱেশ কৰিব নিদিও। তুমি মোৰ বাবে ধুনীয়া ঘৰ এখন সাঁজি দিব লাগিব।’ তেনেকৈ কোৱা বৰ্ণালী এদিন হঠাতে নিৰুদ্দেশ হৈ গৈছিল তাৰ বাবে। তাৰ চহৰ এৰি তাই গুছি গৈছিল তাক মাত নিদিয়াকৈ নিজৰ চহৰলৈ। সলাই পেলাইছিল নিজৰ নম্বৰ। আশাহত হোৱা নাছিল পলাশ। মনটোক বুজাইছিল সি¸ মনৰ মাজত আঁকি ৰখা অস্পষ্ট প্ৰিয় নাৰীৰ মুখখন বৰ্ণালী¸ পল্লবী¸ কিবা অংকিতা কাৰোৱোই নাছিল। বৰ্ণালীৰ প্ৰতি একোৱে অভিযোগ নাই তাৰ। তাই তাৰ প্ৰেয়সী নাছিল। হয়তো তাই পাই গৈছিল নিজৰ প্ৰেমাস্পদ। তাইৰ বাবে সি মাথোন এটা নিসংগ সময়ৰ সঁহাৰিহে আছিল। যিদৰে এতিয়া তাৰ বাবে প্ৰচ্ছায়া। কিন্তু সিতো মাথো প্ৰচ্ছায়াক সেই বুলিয়েই ভবা নাই। তেনেহলে বৰ্ণালীয়ো তাক¸…। মনটো খেলিমেলি হৈ পৰে তাৰ। এতিয়াও ফোনৰ সিপাৰে প্ৰচ্ছায়া।

‘ প্ৰচ্ছায়া¸ কাৰণ মই সজাই পৰাই নকও। ইমপ্ৰেছ কৰাৰ বা ডিপ্ৰেছ কৰাৰ আকাংক্ষা মোৰ নাথাকে। অন্তঃত মোৰ হিয়াৰ ওচৰৰ মানুহখিনিক মই অন্ধকাৰত ৰাখিব নোখোজো। মই বিচাৰো¸ মোৰ দৰে তেওলোকে মোক লওক। অথচ ভয় হয়¸ জানোচা হেৰুৱাই পেলাও। কাৰণ মোৰ দৰে কমপ্লিকেটেড জিনৰ দ্বাৰা গঠিত মানুহটোক বা ভাবে কি।’

’ প্ৰচ্ছায়া¸ মই মাথো নিজক প্ৰকাশ কৰিবহে খোজো। তাৰ বাহিৰে বেলেগ একো আকাংক্ষা নাই মোৰ। বেয়া নাপাবা¸ নিজকে প্ৰকাশ কৰাৰ বেলেগে উপায়ো মোৰ নাই। প্ৰচ্ছায়া¸ মই কি ভাবো জানা¸ দূখীয়া হোৱাটো চাগে অভিশাপ। মাথো অৰ্থৰ অভাবৰ বাবেই মই বিশ্ববিদ্যালয়ত পঢ়িব নোৱাৰিলো। কেতিয়াবা ভাবো¸ যদি অভাবী দেউতাক বিপদত পেলাই মই জেদ কৰিলোহেতেন¸ যেনেকৈয়ে নহওক মোৰ ভাল টিউচনৰ যোগাৰ কৰি দিবই লাগিব। যদি ঘৰত অশান্তি কৰি কলোহেতেন¸ ঘৰৰ ভেটি বেছি হলেও মোৰ পঢ়াৰ যোগাৰ ভালকৈ দিবই লাগিব। হয়তো সেই সময়ত দেউতাই বহুত বেছি দূখ পালেহেতেন। হয়তো মোক তেতিয়া বেয়া পালেহেতেন। কিন্তু আজি হয়তো মই আন ক’ৰবাত থিয় হৈ থাকিলোহেতেন। হয়তো আজি তেওলোক মোক লৈ গৰ্বিত হব পাৰিলেহেতেন। হয়তো তেওলোকৰ সকলো দূখ দুচিন্তা সকলো মোৰ সাফল্যই পাহৰাই দিলেহেতেন। অথচ ভাল পুত্ৰ হৈ মা-দেউতাক বিন্দুমাত্ৰও দুখ দিব নোখোজা মনটোৱে মোক বেডবয় কৰি পেলালো। না মই কাৰোবাৰ ভাল পুতেক হব পাৰিলো¸ না ভাল ককায়েক¸ না ভাল বন্ধু। মাথো মোৰ সন্তুষ্টিৰ বাবে দিনে-নিশাই হাড়ভঙা শ্ৰম কৰি মই আত্মকেন্দ্ৰিক হৈ গ’লো।’

‘ প্ৰচ্ছায়া¸ এই যে মাজে-মাজে শুনো দাৰিদ্ৰতা জিনি মানুহবোৰ সফল হোৱাৰ কাহিনীবোৰ¸ যিবোৰ শুনি আমি উৎসাহী হও। গৌৰব কৰি কও দাৰিদ্ৰতা সফলতাৰ অন্তৰায় নহয়। কিন্তু আমি পাহৰি যাও সেই সফল ব্যক্তিৰ আঁৰৰ মানুহবোৰৰ ত্যাগ¸ পৰিশ্ৰমৰ কথা। সফল ব্যক্তিৰ সফলতাৰ জখলাৰ আঁৰত হেৰাই যায় ক’ৰবাত সেই সকল মানুহৰ জীৱনবোৰ। অথচ নিজাকৈ আশা এটা সকলোৰে থাকে। সকলোৱে ভাবে এদিন সফল হবলৈ। কিন্তু পৰিবেশ পৰিস্থিতিয়ে তেওলোকক সহাৱস্থান কৰিবলৈ শিকাই দূস্কাৰ্য্যৰ সৈতে।’

‘ জীৱনৰ বাটত সকলো সমানেই লাকী নহয় প্ৰচ্ছায়া। আৰু উচ্ছাকাংক্ষাবোৰেও বৰ দিগদাৰ দিয়ে। সুখী হব খুজিও কেতিয়াবা এই পাহৰিব খোজা সপোনবোৰে সুখী হব নিদিয়ে। জানা¸ মাথো টকাৰ বাবে মোৰ বিশ্ববিদ্যালয়ৰ সপোন সপোন হৈয়ে ৰ’ল। অথচ পিএইচদি কৰাৰো চাবজেক্টো বাছি পেলাইছিলো। হা হা চব এতিয়া মূল্যহীন সময়ৰ সপোন।’

হুমুনিয়াহ এটা ওলাই আহিল তাৰ। পুৰণি কথাবোৰ মনত পৰি চকু দুটা সেমেকি উঠিছিল। মছি ললে সি। এই চকুযুৰিয়ো আঁচৰিত। সুখ হওক দুখ হওক সদায়েই সহযোগিতা আগবঢ়াই। ঠিক কথাবোৰৰ দৰে। যিবোৰ বানপানীয়ে ভেঁটাভাঙি অহাৰ দৰে ওলাই আহিব খোজে।

কথাবোৰ পঢ়ি প্ৰচ্ছায়াৰো চকুহাল সেমেকি উঠিছিল। হুমুনিয়াহ এটা তাইৰো ওলাই আহিছিল। জীৱনৰ ৰংবোৰ বেলেগ বেলেগ হলেও দুখৰ ৰংবোৰ সকলোৰে একে। সেয়ে সহজেই দুখে আনৰ দুখৰ সতে একাত্ম হৈ যায়। প্ৰথমবাৰৰ বাবে তালৈ মৰম লাগিল প্ৰচ্ছায়াৰ। প্ৰথমবাৰৰ বাবে তাক বিশ্বাস কৰিবলৈ মন গ’ল তাইৰো। দীঘলকৈ উশাহ এটা ললে তাই।

‘ পলাশ¸ তুমি সেইদিনা সুধিছিলা মই কিয় সেইদিনা উদাস হৈ আকাশলৈ চাই আছিলো। দুখ নে কি নাজানো¸ কিন্তু এটা পাহৰিব খোজা সময় ময়ো দেখিছো। 
ভাৰ্চিটিত পঢ়ি থাকোতেই ল’ৰা এজনক ভাল পাইছিলো। মোৰ মাহীৰ দূৰ সম্পৰ্কীয়। মাহীয়েই চিনাকী কৰি দিছিল। কথাবোৰ গমপাই ঘৰত কোনেও বাধা দিয়া নাছিল। সকলো ফালৰ পৰাই যোগ্য পাত্ৰ হিচাপে অৰ্ণৱক সকলোৱে আঁকোৱালি লৈছিল। বেংলোৰত অৰ্ণৱৰ চাকৰী হৈছিল। অৰ্ণৱ যোৱাৰ আগতে দুয়োখন ঘৰে আমাৰ ৰিং চেৰিমনিৰ ব্যৱস্থা কৰিছিল। মই তেতিয়াও ভাৰ্চিটিৰ পৰা ওলোৱা নাছিলো। জইন কৰি নেক্সট ঘৰলৈ অহাৰ পিছতে আমাৰ বিয়াৰ কথা চলিছিল। নতুন সপোন এটা দেখি মই অধীৰ হৈ পৰিছিলো। ৰিং চেৰিমনিৰ আগদিনা অৰ্ণৱে মোক ফুৰাবলৈ লৈ গৈছিল। গভীৰ বিশ্বাসেৰে তাৰ সৈতে গুছি গৈছিলো বিলাসী হোটেলৰ ৰুমটোলৈ। ভাবিছিলো¸ বাকদত্তা প্ৰেয়সীক ছাৰপ্ৰাইজ দিবলৈ আনিছে। ছাৰপ্ৰাইজ পাইছিলো¸ কিন্তু মই বিছৰা ধৰণে নহয়। সেয়া অান ধৰণেহে। বন্ধ ৰুমত অৰ্ণৱে মোক নিৰ্লজ্জ হৈ প্ৰস্তাব দিছিল একেলগে নৈশযাপন কৰাৰ। তাৰ চকুত মই তেতিয়া প্ৰেম দেখা নাছিলো। দেখিছিলো কামনাৰ লৌলুপ ক্ষুধা। মোৰ হাজাৰ বুজনিলৈ কাণ নিদি জোৰকৈ সাবতিবলৈ চেষ্টা কৰি মাথো কৈছিল¸ কিনো হব! পিছদিনা দেখোন আঙুঠি পিন্ধাবই। মই সহ্য কৰিব নোৱাৰিলো। গাৰ বলেৰে চৰ এটা সোধাই মই ওলাই আহিলো। সি চেষ্টা কৰিছিল¸ কিন্তু কেনেকৈ পিন্ধো সেই আঙঠি¸ য’ত ভালপোৱাৰ নামত থাকে মাথো যৌনতা। পিছত সিঁহতৰ ঘৰখনেই কথাবোৰ উলিয়ালে বোলে মোৰ স্বভাবৰ বাবে বোলেহে বিয়াখন ভাঙিল।’

‘ প্ৰচ্ছায়া¸ সকলো পুৰুষ একে নহয়।’
‘ মই জানো পলাশ। কিন্তু কেনেকৈ পাহৰো¸ বিয়াৰ কথা ওলালেই সেই বিভৎস অভিজ্ঞতা চকুৰ আগত ভাহি উঠে।
-----

হুমুনিয়াহ এটা কাঢ়িলে তাই।

পলাশ মনে-মনে ৰ’ল। কি কব অলপ ভাবিলে সি। পৃথিবীত হয়তো এনে এজনো মানুহ নাই¸ যি এবাৰৰ বাবে হলেও দুখৰে সহবাস কৰা নাই। দূখ আৰু সুখ জীৱনৰ ইপিঠি সিপিঠি। তাল-মিল ৰাখিব পাৰিলে জীৱন সুন্দৰ। কিন্তু কেতিয়াবাযে মাথোন এটা ফালহে আহি থাকে বাৰে-বাৰে।

‘ জীৱনটো সুখ-দুখৰ সমাহাৰ প্ৰচ্ছায়া। যদি দুখেই নাথাকে কেনেকৈ বুজিবা সুখৰ মাধুৰ্য্য। অতীতক পাহৰি যোৱা।’

‘ হমম। কিন্তু মোৰ ভয় লাগে পলাশ। যদি আকৌ বিশ্বাস ভাঙি যায়¸ বৰ কষ্ট হব!’

‘ ওহো কেতিয়াও নাভাঙে। তুমি ভাঙিব নিদিবা। নিজৰ ওপৰত বিশ্বাস ৰাখা। চাই-চিতি আগবাঢ়িবা জীৱন নিশ্চয় মধুৰ হব!’
সামান্য ৰৈ আকৌ লিখিলে সি। লিখোতে তাৰ মুখত হাঁহি বিৰিঙি উঠিল।
‘ হেই প্ৰচ্ছায়া¸ মোৰ ফ্ৰেইণ্ড ইমান দূৰ্বল 
হলে নহবদেই। বি এ ষ্ট্ৰং গাৰ্ল।’ হেপ্পী ইমোজি এটাৰ সৈতে পঠিয়াই দিলে সি।

প্ৰচ্ছায়াৰ মুখতো হাঁহি বিৰিঙিল। হাঁহি হাঁহি সুধিলে তাই¸
‘ মই সাহসী ছোৱালীদেই। দূৰ্বল বুলি কিয় ভাবিলা? বিয়া হবলৈ ভয় লাগে বুলি কোৱা বাবে! আচলতে কি জানা¸ আইম ৱেইটিং ফ’ৰ চামৱান¸ হু উইল লাভ মাই হাৰ্ট। নট বাই চিন মাই লুক। হু উইল কাম উইথ এ পিউৰ হাৰ্ট। আইম এগাৰলি ৱেইটিং ফ’ৰ হিম। বাট আই ডোন্ট নো¸ মাই ড্ৰিম উইল বি কাম ট্ৰু অৰ নট।’
কিছু আবেগিক হৈ পৰিছিল প্ৰচ্ছায়া। আবেগিক হলেই কথাবোৰ ইংৰাজীত কৈ দিয়ে তাই। পুৰণি অভ্যাস। লিখি উঠি পঢ়ি আকৌ লিখিলে তাই¸
‘ পলাশ¸ তুমি কোৱা তুমি ফিল্মী বুলি। চোৱা ময়ো কিমান ফিল্মী। এনেকুৱা ৰোমান্টিক সপোন মাথোন চিনেমাতহে সম্ভৱ চাগে।’

কি কব পলাশে! মনটো নাচি উঠিছিল তাৰ। আকৌ মৰহি। তায়ো তাৰ দৰেই চাগে পাগলী। নে সকলো ছোৱালীয়েই পাগলী সঁচা প্ৰেমৰ বাবে। নাই¸ সি কব নোৱাৰে। কবলৈ মন গৈছিল তাৰ¸ প্ৰচ্ছায়া এইফালে চোৱা। আহিছো মই মাথো তোমাৰ বাবে। এবুকু মৰমেৰে সদায় আঁৱৰি ৰাখিম। কিন্তু কব নোৱাৰে। প্ৰচ্ছায়া আৰু তাৰ মাজৰ শ্ৰেনী বিভাজনে তাক বাধা দিয়ে। হয়তো সি তাইৰ শ্ৰেনীলৈ উঠিব লাগিব¸ নতুবা তাই নামিব লাগিব তাৰ শ্ৰেনীলৈ। কিন্তু তাইৰ শ্ৰেনীলৈ উঠাৰ তাৰ ঔকাদ আৰু তাৰ শ্ৰেনীলৈ তাইক অহাৰ সম্ভাৱনা চাগে এটাও নাই। পলাশে জানে¸ এই শ্ৰেনী বিভাজনটো আচলতে এটা মিথ্যাচাৰ। এটা বদহজমৰ কাৰবাৰ। কিন্তু প্ৰেক্টিকেল পৃথিবীয়ে কিয় অস্বীকাৰ কৰিব! মনটো দমি গ’ল তাৰ। লাহেকৈ লিখিলে সি¸

‘ প্ৰচ্ছায়া¸ আই উইচ ফ’ৰ য়’ৰ ড্ৰীম কাম ট্ৰু চুন। তুমি নিশ্চয় পাবা মনে বিছৰা মানুহজন।’

‘ আই হ’প চ’। বাট এতিয়া তুমি মোক প্ৰপজ নকৰিবা ভালপাও বুলি।’ 
একো নভবাকৈয়ে কৈ হাঁহি দিলে তাই। 

‘ ধেই¸ কি যে কোৱা। উই আৰ জাষ্ট গুড ফ্ৰেণ্ড।’
কথাষাৰ কৈয়ো জিভাত কামোৰ খালে সি। তাই বাৰু অনুভৱ কৰিছে নেকি যে সি দূৰ্বল হৈছে। কিয় বাৰু তেনেকৈ কলে তাই! ওহো¸ জানিশুনি কাইটীয়া পথত খোজ দিব নোৱাৰি।

পলাশে ভাবে তাইৰ প্ৰেম অব্যক্ত হৈ ৰওক। বুকুত সযতনে থাকক। প্ৰকাশ কৰি হেৰুৱাব নোখোজে ফ্ৰেইণ্ডশ্বিপ। 

‘ কথাবোৰ নোকোৱালৈহে ভাল
খুলিলেই ভেটা ভাঙি বৈ আহে 
আবেগৰ ঢল
অবুজ হৃদয়ে নামানে।
যুটিটো সৰগতে বনে
কপালত থাকিলেতো আহিবই কাষলৈ
জীৱন নাটৰ এয়া শেষ নিশাৰ খেল।’

‘ প্ৰচ্ছায়া¸ মোৰ বন্ধু বহুত। কিন্তু অন্তৰংগ বন্ধুৰ সংখ্যা শূণ্য। হয়তো সেইবাবেই কেতিয়াবা মনৰ কথা খুলি কব নোৱাৰি ৰিক্ত যেন অনুভৱ হয়। হয়তো সেয়েহে তোমাৰ ৰূপত বেষ্ট ফ্ৰেণ্ড এজনী পাইছো।’

‘ ময়ো পাইছো তোমাৰ ৰূপত ভাল ফ্ৰেণ্ড এজন।’
হাঁহিলে তাই। আকৌ কিবা এটা ভাবি সুধিলে¸
‘ কিয় কিশোৰদা¸ তোমাৰ বেষ্ট ফ্ৰেইণ্ড নহয় নেকি?’
তাই যেন সামান্য আচৰিত হ’ল।

‘ হয়¸ কিন্তু সকলো কথাৰ সকলো শ্ৰোতা নহয়। তাৰ বাবে নিজৰ ভাৱধাৰা মতাদৰ্শ মিলা মানুহ হবই লাগিব। অন্যথা এজনৰ কথা আনজনৰ বাবে বোজাস্বৰূপো হৈ পৰিব পাৰে।’
হুমুনিয়াহ এটা ওলাই আহিছিল তাৰ।

দুখৰ চোলাতো সেমেকা 
অ’ত ত’ত ফটা
সুখৰ চোলাবোৰ ৰঙচঙীয়া¸
নাথাকিলে জেপত সৰহ বিতধন
বান্ধিবই লাগিব নতুনকৈ মন।
দুখৰ চোলাটো সোলোকাই
হেঁপাহৰ সুঁতাৰে চিলাই দিয়া
জোৰা-টাপলিবোৰ
সাহসৰ ৰং চটিয়াই দিয়া
লগাই লোৱা প্ৰাপ্য হাচিল কৰাৰ উদ্যমী বুটাম।
হাঁহি এটি পিন্ধি লোৱা।

বিচনাৰ পৰা নামি আহিছিল পলাশ। পিয়াহ লাগিছিল তাৰ। সেইকণ সময়তে মোবাইলৰ স্ক্ৰীণখন লক হৈ গৈছিল। ঘুৰি আহি স্ক্ৰীণলক খুলিবলৈ যাওতেই উচপখাই উঠিল সি। এক বাজি গৈছিল। আৰু এতিয়াও এজনী গাভৰুৰ লগত সি কথাপাতি আছে। চাগে তায়ো গম পোৱা নাই সময়ৰ কথা। টোপনি অহা নাছিল পলাশৰ। তথাপি তাৰ আৰু কথা পাতি থাকিবৰ মন নগল। পিছদিনা অফিচ আছে। আকৌ এপৰলৈকে ছোৱালীৰ সতে কথাপাতি চেলেপু হিচাপে নিজক প্ৰদৰ্শন কৰিব নোখোজে। অনিশ্চাস্বত্তেও লিখিলে সি¸

‘ প্ৰচ্ছায়া¸ বহু দেৰি হ’ল। শোৱ দিয়া। টোপনিও ধৰিছে।’
বোধহয় তেতিয়াহে তাইৰো ভাৱ হ’ল যে বহুৰাতি হ’ল। সময় চাই স্বগতোক্তি কৰিলে তাই¸ ‘ইচ ৰাম¸ এক বাজিলেই দেখোন।’

‘ চোৱা¸ কথাপাতি থাকোতে পাহৰিয়েই গৈছিলো। গুড নাইট।’
‘ গুড নাইট ’
ৰিপ্লাই কৰি ডাটা অফ কৰি দিলে সি।

বাগৰ সলাই এবাৰ ভাবিছিল প্ৰচ্ছায়াই। আবেগতে কৈ বাৰু বেয়া কৰিলে নেকি তাই কথাবোৰ। একো বেয়া কৰা নাই! সিয়োতো তাইক কথাবোৰ বিশ্বাসতে কৈছিল। মনটো অলপ মুকলি মুকলি লাগিছিল প্ৰচ্ছায়াৰ। ব্লেংকেটখন বুকুলৈকে টানি ললে তাই। অলপ পিছতে তাই টোপনিত লালকাল হৈ পৰিল।

সিফালে পলাশৰ টোপনি অহা নাছিল। কথাটো পাকঘূৰণি খাই ঘুৰি আছিল তাৰ মনত। ‘ এতিয়া তুমি মোক ভালপাও বুলি প্ৰ’পজ নকৰিবা আকৌ।’ ধেমালিৰ চলেৰে প্ৰচ্ছায়াই কলেও কথাটোহে জোকাৰি পেলালে তাক। তাই তাক বন্ধু বুলিহে ভাবে¸ মাথো বন্ধু। ছেহঃ এনে কিয় হয় বাৰু তাৰ লগত। উঠি আহি আকৌ পানী এঘোট পিয়ে সি। 
‘ অপনা টাইম আয়েগা।’
সেউজ মনটোৱে আকৌ তাক বুজনি দিয়ে। ভালপোৱাৰ উমেৰে কাৰোবাৰ হৃদয় জিকি লোৱাৰ সাহস তাৰ আছে। নাই¸ এইবাৰ ভুল নকৰে সি। তাই নুবুজালৈকে নকয়। কিন্তু যদি দেৰি হৈ যায়। যদি তাৰ প্ৰেম বুজাৰ আগতেই তাই আনৰ হৈ যায়!
তেতিয়া সি বুজিব¸ তাইৰ প্ৰেম তাৰ বাবে নাছিলেই।
জীৱনটোৱেইতো এটা বাজী।
ভালপোৱাও বাজী।
জীৱনে শিকাইছে তাক¸ জোৰকৈ কাকো ধৰি ৰাখিব নোৱাৰি। তেনেকৈ ধৰি ৰখাৰ প্ৰয়াস কৰাও উচিত নহয়। প্ৰচ্ছায়াৰ চকুত তাৰ প্ৰেম নেদেখালৈকে বন্ধু হৈয়ে থাকিব সি। পলাশে ভাবে¸ এবাৰ জীৱনৰ সতে যুঁজি চোৱা ভাল। সততাৰে¸ বিশ্বাসেৰে নিজক জোখা ভাল।
ভালপোৱা মানেতো একপ্ৰকাৰৰ বন্ধুত্বই। দুখন হিয়াৰ বন্ধুত্ব। দুটা জীৱনৰ বন্ধুত্ব। 
কইনা সাজত তাইৰ মুখখন চকুৰ আগত ভাহি উঠিছিল তাৰ। তাৰ নামৰ দগমগীয়া সেন্দুৰখিনি তাইৰ কপালত কল্পনা কৰি সি ৰোমাঞ্চিত হৈ পৰিছিল। লাজ লাগিছিল তাৰ। টোপনি যাবলৈ মন যোৱা নাছিল। তথাপি পিছদিনাৰ অফিচৰ কথা ভাবি জোৰকৈ চকুমুদি দিলে সি।

******

******------












#Bad_boy

                              [ বাইশ ]

দুদিন সিঁহতৰ ঘৰত থাকি মাহীয়েকহঁত দুৰাতিৰ বাবে গাঁওলৈ মামাকহঁতৰ ঘৰলৈ গৈছিল। দুৰাতি গাঁওত আইতাক আৰু মামাকহঁতৰ সতে কটাই উভতি আহি এৰাতি সিঁহতৰ ঘৰত থাকি পিছদিনা মুম্বাইলৈ উভতি যোৱাৰ কথা। পাছদিনৰ আঁচনি বনাই মাহীয়েক আৰু মহা আহিছিল। এতিয়া সিঁহতৰ ঘৰত  দুদিন হোৱাত আঁচনিমতে মামাকহঁতৰ ঘৰলৈ গৈছিল। তেওলোকৰ লগত মাইনাও গৈছিল। প্ৰচ্ছায়াৰ মনটো বেয়া লাগিছিল। এই দুদিন মাহীয়েক আৰু মহাকে ঘৰটো জমাই ৰাখিছিল। এতিয়া মাইনাও তেওলোকৰ লগতে মামাকহঁতৰ ঘৰলৈ যোৱাত তাই দুদিনৰ বাবে অকলশৰীয়া হৈ পৰিল। তাইৰো মন গৈছিল মাহীয়েকৰহঁতৰ লগতে মামাকহঁতৰ ঘৰলৈ যাবলৈ। কিন্তু অফিচৰ ব্যস্ততাৰ বাবে তাই যোৱা নহল তাইৰ। প্ৰচ্ছায়াই ভাবিছিল¸ পাৰিলে পিছৰ মাহলৈকে এবাৰ মাকৰ সতে যাবগৈ। ঘৰুৱা ব্যস্ততাৰ বাবে মাকেও এইবাৰ যাবলৈ ইচ্ছা কৰা নাছিল মাহীয়েকৰ সতে গাঁওৰ ঘৰলৈ যাবলৈ। গোটেই ঘৰখনৰ কামবোৰ এৰি কেনেকৈ যায় তেও। তাতে দুই এদিনতে প্ৰচ্ছায়াক চাবলৈয়ো ল’ৰাজন অহাৰ কথা আছিল। মাহীয়েক যোৱাৰ পিছত সন্ধিয়ালৈ অকলশৰীয়া হৈ পৰাৰ দৰে লাগিছিল প্ৰচ্ছায়াৰ। ডেৰমাহমান আগতে সপৰিয়ালে মামাকহঁতৰ ঘৰৰ পৰা আহিছিল সিঁহত। তথাপিও এতিয়া মাহীয়েকহঁত গাঁওলৈ যোৱাত প্ৰচ্ছায়াৰ আপচোছ হ’ল। আইতাকক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল! কম মৰম কৰেনে আইতাকে তাইক। ‘মাজনী¸ মোৰ পুতলাজনী¸ বুলি আইতাকে মৰমেৰে চুমাৰে উপচাই দিয়ে তাইৰ গাল। প্ৰায় সত্তৰ বছৰীয়া আইতাকজনী এতিয়াও আগৰ দৰেই হৈ আছে। গাভৰু কালত আইতাকজনী কম ধুনীয়া আছিলনে। কোন বাৰু তেওৰ দৰে মাক নে মাহীয়েক। ওহো মাক-কিম্বা মাহীয়েক কোনোৱেই চাগে আইতাকৰ সতে ফেৰ মাৰিব নোৱাৰে। আৰু মামীয়েক নহয় যেন তাইৰ ডাঙৰ বায়েকহে। ইমান মৰম কৰে তাইক। পৰিয়ালৰ প্ৰথম ভাগিন বা নাতিয়েক হোৱাৰ সুবাদত ৰাজকুঁৱৰীৰ দৰে সকলোকে আলাসতে তুলি থয় তাইক। হঠাতে মাহীয়েকৰ সতে নোযোৱাৰ বাবে 
আপচোছ হ’ল প্ৰচ্ছায়াৰ। ছেহ¸ ইচ্ছা কৰা হ’লে দুদিনৰ চুটি লৈ তায়ো যাব পাৰিলেহেতেন। কথাটো ভাবি মাহীয়েকলৈ ফোন লগালে তাই। ফোনটো উঠোৱাৰ লগে-লগে সৰু ছোৱালীৰ দৰে আব্দাৰ ধৰি কৈ উঠিল তাই¸

‘ মাহী¸ বহুত মিছ কৰিছো তোমালোকক।’
‘ তুমি নাহিলা দেখোন আমাৰ লগত। ’
হাঁহি হাঁহি মাহীয়েকে কৈ উঠিল।
‘ কি কৰিবা¸ অফিচ থাকিল যে মোৰ।’
‘ বা¸ আমি কি কৰিছো জানা¸ মামীয়ে এয়া পায়স বনাইছে¸ সকলোৱে খাই আছো। আৰু আমি এতিয়া আইতাৰ লগত নামঘৰলৈও যাম। আৰু জানা¸ আইতাই তোমাৰ কথা এবাৰো সোধা নাই। পাহৰি গ’ল যোৱা তোমাক।’
এইবাৰ মাইনাই মাহীয়েকৰ হাতৰ পৰা ফোনটো কাঢ়ি নি কৈ উঠিল। সুবিধা পালেই এনেকৈ বায়েকক জোকাই মাইনাই। তাই জানে¸ বায়েকৰ আইতাকৰ সতে এনেকৈ ফুৰিবলৈ বৰ হেঁপাহ। আইতাকেও খুউব মৰম কৰে দুয়োজনীকে। গাঁওলৈ আহিলে দুয়োজনীয়ে আইতাকৰ সতে শুবলৈ কাজিয়া কৰে। দুয়োৰে মুৰত হাত ফুৰাই আইতাকে এতিয়াও দুয়োকে সাধু শুনাই।

মনটো দমি গ’ল প্ৰচ্ছায়াৰ। ওলোটাই ভনীয়েকক জোকাবলৈ তাই কৈ উঠিল।
‘ হব মাইনা¸ এতিয়া তোমাৰ দিন ন! ইয়াৰ পিছত চাবা¸ মই গলে তোমাক আইতাৰ কাষলৈকে যাবলৈ নিদিও।’

লাউড স্পিকাৰত থকা তাইৰ কথাখিনি সকলোৱে শুনি হাঁহিলে। আইতাকে হাঁহি মাৰি কৈ উঠিল¸

‘ মাজনী¸ মোৰ পুতলাজনী¸ মাইনাই মিছাকৈয়ে মিছাকৈয়ে কৈছে। মই জানো মোৰ আদৰৰ ডাঙৰ নাতিনীজনীক পাহৰিব পাৰো। প্ৰথমে তোমাৰ কথাই শুধিছো। তুমি সোনকালেই আহিবাদেই মাজনী। বহুদিন তোমাক দেখা নাই।’

‘ হব আইতা¸ বন্ধ পালেই এইবাৰ দুদিন থকাকৈ যাম। তোমাৰ লগত নামঘৰলৈও যাম।’
হঠাতে কিবা এটা ভাবি আব্দাৰ ধৰিলে তাই¸

‘ অ’ আইতা¸ তুমি মাহীহঁতৰ লগতেই গুচি আহা না।’

‘ এতিয়া নাযাওদেই মাজনী। ৰোৱনীয়ে কঠীয়া ৰুই আছে নহয়। মামাই কলেজৰ পৰা আহি আকৌ পথাৰলৈ যায়। মই গুচি গলে মামীৰ কষ্ট নহব জানো অকলে অকলে।’
আইতাকে বুজাই তাইক। তাই বুজে¸ গাঁৱৰ ঘৰখন এৰি বেছিদিন থকাকৈ আইতাক আহিব নোখোজে। 

‘ অ’ বা¸ নামঘৰলৈ যাবলৈ মই কি পিন্ধিছো জানা! মেখেলা চাদৰ¸ মামীয়ে কি ধুনীয়াকৈ পিন্ধাই দিছে। চোৱাচোন ফটো দিছো।’ হঠাতে আইতাকৰ হাতৰ ফোনটোৰ আগত মুখ লগাই মাইনাই কৈ উঠিল। প্ৰচ্ছায়াই চাবলৈ ডাটা অন কৰিব লওতেই মাক পাকঘৰৰ পৰা ওলাই আহিল। 

‘ মাৰ লগত কথা পাতি আছ?’
মাকৰ প্ৰশ্নত তাই মুৰ দুপিয়ালে।

‘ দেচোন ’
তাইৰ হাঁতৰ পৰা ফোনটো লৈ মাক ব্যস্ত হৈ পৰিল। 

প্ৰচ্ছায়াৰ মনটো ভাল লাগিছিল। দুদিন পিছত মাহীয়েকহঁত আকৌ পাবহি। তায়ো অহামাহলৈ এবাৰ আইতাকৰ ওচৰলৈ যাবগৈ। কথাটো ভাবি ভাবি তাই বেলকনীলৈ ওলাই আহিল। সাঁজ কেতিয়াবাই লাগিছিল। লাইটবোৰ জলি ওচৰৰ সকলোবোৰ ঘৰ পোহৰ হৈ পৰিছিল। নিয়মমাফিক এবাৰ তললৈ চালে তাই। ভাৰাঘৰৰ লাইটবোৰ জলি উঠিছিল। মাথো পলাশৰ ৰুমটো বাদ দি। তাৰ ৰুমৰ দৰ্জাখনত তলা ওলমি আছিল। ৰাতিপুৱাই ঘৰলৈ গৈছিল সি। হঠাতে কিবা এটা মনত পৰি ৰুমলৈ সোমাই গ’ল তাই। ইতিমধ্যে মাকৰ কথা পতা হৈ গৈছিল আৰু তেও ফোনটো দিবলৈ তাইৰ কাষলৈকে আহিছিল। ফোনটো হাতত লৈ মেছেজ এটা লিখিলে তাই।

-----

গাঁৱলৈ আহি সন্ধিয়া এপাক ওলাই গৈছিল সি। সিঁহতৰ গাঁৱৰ আড্ডাস্থলীখন আনদিনাৰ দৰে গমগমাই থকা নাছিল। কিবা গভীৰ দুঃচিন্তাত থকাৰ দৰে ল’ৰাকেইটাৰ মুখবোৰ ওলমি পৰিছিল।

‘ কি হৈছে অ’। চবৰে মুড অফ কিয়?’
পলাশ আচৰিত হৈছিল।

‘ বেয়া কথা এটা শুনিলো। তন্ময়দা যে¸ বগা ভাৰ্না এখন আছে। হি হেজ কমিট চুইচাইদ।’ 

খবৰটো শুনি হতবাক হৈ পৰিছিল পলাশ। কাণ দুখনে ভুল শুনা বুলি এবাৰ কাণখন উনাই সুধিলে সি¸
‘ হা…কি কৈছ?’

কিন্তু ভাৱ হোৱাৰ দৰে তাৰ কাণ দুখনে ভুল শুনা নাছিল। ধনজিতে কোৱা খবৰটো শুনি ম্ৰিয়মান হৈ পৰিছিল সি। তন্ময় দাদাকৰ ঘৰত একো অভাৱ নাছিল। হাঁহি মুখীয়া মানুহজনৰ একো দুখেই নাছিল। সিঁহতৰ কাষৰ গাঁওখনত তন্ময় দাদাকৰ ঘৰ। সি যেতিয়া হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাইছিল¸ তেতিয়া তন্ময় দাদাক ডিগ্ৰী ফাইনেল ইয়েৰৰ ছাত্ৰ। সাংস্কৃতিক অনুস্থান এটাত চিনাকী হৈ তন্ময় দাদাক তাৰ আপোন হৈ পৰিছিল। ডিগ্ৰী পঢ়িবলৈ গুছি অহা সময়ত তন্ময় দাদাকেও ইউনিভাৰ্ছিটিত এমবিএ কৰিবলৈ আহিছিল। মাজে-মাজে লগ পাইছিল সি। ভাল ৰিজাল্ট কৰাৰ পিছতো তন্ময় দাদাকো চাকৰী নিবিছাৰি ব্যৱসায় আৰম্ভ কৰিছিল। মানুহে তেতিয়া তাক ঠাট্টা কৰিছিল¸ এমবিএ কৰি কাপোৰৰ দোকান দিয়া বাবে। এতিয়া সেই তন্ময়দাদাক এখন ডাঙৰ ইলেক্ট্ৰনিকছ শ্বৰুমৰ মালিক। সিঁহতৰ ওচৰৰ সৰু টাউনখনৰ আটাইতকৈ দামী আৰু ডাঙৰ কাপোৰৰ দোকানখনৰ মালিকো তন্ময় দাদাকেই। তেও এজন সফল ব্যৱসায়ী। এসময়ত তেওক হঁহা মানুহবোৰে এতিয়া তেওৰ দূমহলীয়া ঘৰটোৰ সমুখত থিয় হৈ হুমুনিয়াহ কাঢ়ে। পুতলাৰ দৰে দুটি দেৱশিশু¸ অপ্সৰাৰ দৰে ৰূপৱতী পত্নী থকাৰ পিছতো হাঁহিমুখীয়া মানুহটোৰ মনত কিবা দুখ আছিল বুলি পলাশে নাভাবে। অথচ সেই মানুহটোৱেই আত্মহত্যা কৰা খবৰটোৱে জোকাৰি গ’ল তাক।’

‘ কেতিয়া ধনজিত?’
‘ আবেলি নিজৰ ৰুমত ওলমি দিলে। বহু দেৰি ৰুমটোৰ পৰা ওলাই নহাত মাতিবলৈ গৈ দেখিলে।’

‘ অহ’ গড¸ কিয় বাৰু এনেকুৱা কৰিলে তেও? ব্যৱসায়টো তেওৰ ভালেই চলিছিল।’

‘ ওহো¸ কোনেও নাজানে একো। কোনো দিনেই কাকো বুজিবলৈ নিদিলে তন্ময়দাই।’
আৰু কোনেও একো নুসুধিলে। কাৰো একো সুধিবলৈ মন নগল। মানুহৰ জীৱনটো সচাকৈয়ে বৰ জটিল। সুখী হৈ থকা সফল মানুহ এজনে হতাশাত ভূগি চৰম সিদ্ধান্ত লয়। কেনেকৈ বাৰু তন্ময়দাই লব পাৰিলে এই চৰম সিদ্ধান্ত। এনে কি গভীৰ দুখ আছিল¸ যি কাকো বুজিবলৈ নিদি নিজে নিজে সহি আঁতৰি গলগৈ। কিন্তু কনমানি দুটাৰ মুখলৈ চায়েই তন্ময়দাদাই এই সিদ্ধান্ত লব নালাগিছিল। এতিয়া চাগে দুয়োটাই পাপা পাপাকৈ মৰাশটোকে মাতি আছেগৈ। বুকুখন বিষাই উঠিছিল পলাশৰ। সিঁহতৰ আড্ডাটোও আৰু নজমিল। অযুহাত দেখুৱাই এজন এজনকৈ উঠি গলগৈ। অঞ্চলটোৰ উদ্যমী সফল যুব ব্যৱসায়ীৰ পৰিণতিয়ে সকলোকে স্তম্ভিত কৰি তুলিছিল। পলাশৰ ঘৰতো খবৰটোৱে চুই গৈছিল। কাৰো কথাৰ ভাগ নিবিছাৰি চিধাই নিজৰ ৰুমলৈ সোমাই গ’ল সি। 

মনটো অশান্ত পৰিছিল পলাশৰ। সদায়েই এনে হয় তাৰ। চিনাকী কোনোবা এনেকৈ আঁতৰি যোৱা শুনিলেই বুকুখন কপি উঠে তাৰ। কিয় বাৰু মানুহে হেৰুৱাই পেলাই আশাবোৰ। মানুহ কিয় হতাশ হৈ পৰে! কিয় জন অৰণ্যৰ মাজত থাকিও নিসংগ হৈ পৰে। কিয় কাকো খুলি কব নোৱাৰে বুকুৰ ধুমুহাৰ কথা। আৰু অকলে অকলে সেই ধুমুহা কঢ়িয়াই সহিব নোৱাৰা হলেই আঁতৰি যায়গৈ। কিয় এনে হয়! কি সংকোচত মানুহে গৰল পান কৰিও সুখী হোৱাৰ অভিনয় কৰি ৰয়! স্বাৰ্থপৰ এই দুনীয়াত কিয় সময়ত কাৰো এখনো হাতে কান্ধত থপথপাই দিব নোৱাৰে! হতাশা বৰ ভয়ংকৰ¸ তাতোকৈ বেছি ভয়ংকৰ নিসংগতা। হতাশাই উজ্জীবিত মনক হত্যা কৰা লগতে নিসংগতাই ভুল সিদ্ধান্ত লবলৈ প্ৰৰোচিত কৰাই। চাগে তন্ময়দাও ডিপ্ৰেছনৰ স্বীকাৰ হৈছিল। কথাবোৰ ভাবি ভাবি বিচনাখনত গাটো এৰি দি চকু মুদি দিলে সি।

সকলো কথা সকলোকে খুলি কব নোৱাৰি। পিছত কাৰুণ্যৰ নিৰ্মালী দলিয়াই কথা কোৱা সৰহ ভাগ মানুহেই জীৱনকালত হয়তো ভালকৈ কেতিয়াবা দুই মিনিটো নিদিয়ে। ৰাষ্টা-ঘাটৰ আলোচনাত তন্ময়দাক সমালোচনা কৰা মানুহবোৰলৈ হঠাতে খং উঠিল পলাশৰ। কিয় কব কোনোবাই¸ কেনেকৈ কব সাহস দিব নোৱাৰা চেলফিশ্ব পৃথিবীক¸ আন্তৰিকতা নাথাকিলে অন্তঃত অবজ্ঞাও নকৰিব। বিশ্বাস আৰু ভৰসা যে এতিয়া সাংঘাটিক দূৰ্লভ। 

‘ ক্লিক ’
হঠাতে ফোনটো বাজি উঠাত চালে সি¸ প্ৰচ্ছায়াৰ টেক্সট মেছেজ¸

‘ গুড ইভিনিং। অ’ই তেতিয়া মাহীহঁত যাবলৈ ওলাইছিল বাবে কথা পাতিব নোৱাৰিলো।’
ওপৰা-ওপৰিকৈ লিখিছিল তাই। সন্ধিয়া এবাৰ মেছেজ কৰিছিল সি। আজিকালি মাজে-মাজে দুই এটা কথা পাতে সিঁহতে মেছেজত। এতিয়া তাইৰ সতে কথা পাতিবলৈ মন গ’ল তাৰ। তাইৰ সতে কথা পাতিলে তাৰ মনটো ভাললাগে। আৰু এতিয়া বেয়ালগা কথাবোৰ পাহৰিবলৈ অযুহাত লাগে তাক।

‘ প্ৰচ্ছায়া¸ কথা পাতিব পাৰোনে হোৱাটচ্এপত? বিজি আছা যদি নালাগে বাৰু!’
টেক্সট কৰি অলপ সময় ৰৈ থাকিল সি। অলপ সময় পিছত ৰিপ্লাই আহিল আহিল তাইৰ¸ ‘আহা’।

‘ প্ৰচ্ছায়া¸ আজি অলপ বেছিকৈ কথা পাতিব মন গৈছে তোমাৰ লগত। আমনি পাবা নেকি? ’
পোনপটীয়াকৈ সুধিলে সি।

অলপপৰ তভক মাৰি ৰ’ল প্ৰচ্ছায়া। দিনে-দিনে এটা কৌতুহলী চৰিত্ৰ হৈ পৰিছে ল’ৰাটো। মন গলেই গীতাৰ বজাই¸ দীঘলীয়াকৈ মেছেজত নিজৰ বিষয়ে লিখি দিয়ে। কেতিয়াবা অলপ বিৰক্ত হলেও খং নুঠে তাইৰ। হয়তো বেষ্ট ফ্ৰেণ্ড টাইপৰ কোনো নাই তাৰ। প্ৰচ্ছায়াৰ ভাৱ হয় চাগে সি তাইৰ কাষ চাপিব খোজে। পিছ মূহুৰ্ততে ভাৱ হয় সেই ধাৰণা সলনি হৈ ভাৱ হয়¸ লৰাটো যথেষ্ট ষ্ট্ৰেইট ফ’ৰৱাৰ্ড। লাহেকৈ হাঁহিলে তাই।

‘ আমনি পালে মেছেজৰ ৰিপ্লাই কৰো নেকি?’

‘ থেংকিউ প্ৰচ্ছায়া। অন্তঃত মোক ইমানখিনি সময় দিয়া বাবে। মোৰ কথাখিনি শুনিবলৈ আগ্ৰহ কৰা বাবে।’

‘ অ’ই ইমান চেন্টি কিয় ফালিছা আজি?’

এটা হুমুনিয়াহ কাঢ়িলে সি¸
‘ আজি মোৰ মনটো ভাল নহয় প্ৰচ্ছায়া। বেয়া লগা কথা এটা পাহৰিবলৈ চেষ্টা কৰিও পৰা নাই।’

‘ হঠাতে মন লাগিবলৈ কি হ’ল আকৌ?’

‘ থাকে কিছুমান কথা। কম দিয়া।’
অলপ সময় মনে-মনে ৰ’ল সি। তায়ো তাৰ মেছেজ অহালৈ অপেক্ষাত ৰ’ল।

‘ প্ৰচ্ছায়া¸ মই সহজ সৰল ল’ৰা। জটিলতাবোৰ বুজি নাপাও। মনত যি আহে খোলাকৈ কৈ ভালপাও¸ পেটত এটা মুখত এটা কোৱা মোৰ বাবে অসম্ভৱ। সেয়ে বহুত মানুহেই হয়তো মোক বেয়া পাই।’

‘ জানো। সেই বাবেই তোমাক বেয়া পোৱা নাই।’

‘ কিন্তু জীৱনে মোক নিজৰ ওপৰত বিশ্বাস কৰিবলৈ ইমানেই শিকালে যে¸ এতিয়া কোনোৱেই একো অপকাৰ কৰিব নোৱাৰাকৈ আত্মপ্ৰেমৰ আৱেষ্টনী গঢ়ি ললো। এতিয়া সেই অাৱেষ্টনীভেদি কাৰোৱেই চলনা কূট কৌশল সৰকি যাব নোৱাৰে। হয়¸ এতিয়াও ভুল কৰো। বিশ্বাস কৰিব মন যায় বাবেই এতিয়াও মানুহক বিশ্বাস কৰো। হয়তো মই নিজৰ বিশ্বাসৰ সতেই বাৰে-বাৰে পৰীক্ষা কৰো। মোৰ বিশ্বাসভংগৰে ক্ষতিৰ সংশয়ৰ সতে হয়তো বাজি খেলো।’

‘ আচ্ছা¸ সেইবাবেই তুমি মোকো সকলোবোৰ কৈ বাজি খেলিছিলা চাগে ন?’

‘ মই পোনচাটেই হয় বুলি নকও বা নহয় বুলিও নকও। কিন্তু এটা কথা সঁচা। তোমাক কৈ উঠাৰ পিছতে সংকোচ অলপ হৈছিল। অবাঞ্চিত আমনি কৰাৰ বাবে নিজৰ ওপৰতে খঙো উঠিছিল। কিন্তু ভয় একো নাছিল। বৰ বেছি মানুহৰ আগত অলপ অপদস্ত হ’লো হয়¸ মানুহবোৰে মোক ভুল বুজিলে হয়। কিন্তু বিবেকৰ দংশনৰ পৰা মই মুক্ত হৈ ৰ’লোহৈ।’
কথাখিনি কৈ পলাশ অলপ ৰ’ল। আৰু কি কবলৈ একোৱে মনলৈ নাহিল তাৰ। সিটো পাৰে প্ৰচ্ছায়াই দীঘলকৈ উশাহ এটা টানি কলে¸
‘ বিশ্বাসৰ মৰ্য্যদা ময়ো দিব জানো পলাশ।  কোনবোৰ কথাত কেনেকৈ ৰিয়েক্ট কৰিব লাগে জানো। আচৰিত হৈ গৈছিলো¸ কিন্তু বিশ্বাস কৰা¸ খং অলপো উঠা নাছিল।

‘ ধন্যবাদ। ’
‘ ফ্ৰেইণ্ডক কিন্তু থেংকিউ কৈ নাথাকে পলাশ। তুমি ফ্ৰেইণ্ডশ্বিপৰ ৰুল ফলো কৰা নাই।’
লাহেকৈ হাঁহিলে তাই।

‘ হেই প্ৰচ্ছায়া¸ জমনি এটা শুনা। মাজতে এবাৰ হা অফিচ এটাত মেনেজাৰ হিচাপে সুমালো। প্ৰায় ছয়বছৰমান আগৰ ঘটনা। লাইফত ফাৰ্ষ্ট টাইম চুপাৰভাইজৰ ৰেংকৰ পৰা ডাঙৰ প্ৰমোছন এটা পাইছো। মনত খুউব ফুৰ্তি। দৰমহাও সেই সময়ত আশা কৰাতকৈ অলপ বেছিকৈয়ে পাইছো। সেয়েহে এক্সট্ৰা সময় উলিয়াই হলেও কষ্ট কৰি কামবোৰ কৰিছিলো। মালিক খুচ হ’ল মোৰ সততাত। এদিন মালিকে মোক দামী মোবাইল এটা গিফ্ট দিলে। মন খুচ হৈ গ’ল। দুগুণ উৎসাহেৰে কষ্ট কৰি গলো। মাজে-মাজে মালিকৰ ঘৰৰ পৰা চাৰ্ট¸ ঘড়ী আদি আহি থাকিল। কিন্তু মাজতে এদিন মালিকে আওপকীয়াকে যিটো প্ৰস্তাব দিলে¸ ইমানদিনৰ উৎসাহ চব পানী হৈ গ’ল। আচলতে মালিকৰ ঘৰত কিবা দূৰ সম্পৰ্কীয় ছোৱালী এজনী আছিল। কিয় জানো বহুবাৰ বিয়াৰ কথা-বতৰা চলি চলি তাইৰ বিয়াখন শেষত ভাঙি গৈছিল। বয়সত চাগে মোৰ সমানেই হব। সদায় এনেয়ে কিবা নহয় কিবা অযুহাত লৈ অফিচলৈ আহে। ইজন সিজনৰ লগত কথা পাতি থাকে। হয়তো মোৰ আচাৰ-ব্যৱহাৰত তাই¸ মালিকৰ পৰিয়াল ইমানেই আকৰ্ষিত হ’ল যে মোৰ লগত বিয়া দিবলৈকে প্ৰস্তাব কৰিলে। এনেকি বিয়াৰ খৰচৰ বাবদ কেইলাখমান টকা দিবলৈয়ো ইচ্ছা কৰিলে।’

‘ তাৰপিছত…?’

‘ কি হব আৰু ! পলালো। সাতাইছ বছৰীয়া ল’ৰা এটাই¸ যাৰ কান্ধত ঘৰৰ দায়িত্বৰ বোজা আছে¸ ভন্টিৰ বিয়াৰ আগমূহুৰ্তত তেনেকুৱা প্ৰস্তাব পাই ভয় খাই গ’লো। কোনো অনুভূতি নথকাকৈ¸ ভাল নলগাকৈ জানো ইবিলাক কথা ভাবিব পাৰি। পোনচাটেই না কৈ দিলো। তাৰ পিছত তাত থকাটো অসম্ভৱ হৈ পৰিল। ওলাই আহিলো তাৰ পৰা। অথচ তাৰ কেইদিনমান পিছতে ভন্টিৰ বিয়া। সেই সময়ত মোক টকাৰ খুবেই প্ৰয়োজন হৈ পৰিছিল। কিন্তু মাথো টকাৰ বাবেই নিজক বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত এটা লব নোৱাৰিলো। আজিও সকলোৰে বাবে সাঁথৰ¸ কিয় সেই মূহুৰ্তত মই চাকৰী ৰিজাইন দিলো। মই আজিও কাকো ঘৰত কব নোৱাৰিলো। সংকোচ হয়তো লাজে মোক বাধা দিয়ে। কিন্তু সেই যে ভাল নলগা প্ৰস্তাবটো পালো¸ নতুন অভিজ্ঞতা হ’ল। মানুহে আমাক বেয়া পাই গলে অসুবিধা হয় ঠিকেই¸ কিন্তু যদি কোনোবাই প্ৰয়োজনতকৈ বেছি ভালপায় যায়¸ তেতিয়াও অসুবিধা হয়। জানা প্ৰচ্ছায়া¸ তেতিয়াৰে পৰা সিদ্ধান্ত ললো মানুহক বৰকৈ ভালপাবলৈও সুৰুঙা নিদিও। প্ৰয়োজন সাপেক্ষে কেতিয়াবা মিছাকৈও থিয় দিম!‘
কৈ কৈ হাঁহি দিলে সি।

‘ মানে?’

‘ এই ধৰা¸ যদি কোনোবাই সোধে চিগাৰেট খোৱা? কও খাও। যদি সোধে মদ খোৱা¸ কও খাও। আনকি কেতিয়াবা দমি নাযাবলৈ বন্ধুবৰ্গৰ আগত কোনোবা অচিনাকী ছোৱালীৰ ফটোও দাঙি ধৰি কও গাৰ্লফ্ৰেণ্ড বুলি কও। হা হা হা।’

‘ পলাশ¸ কথা এটা কও! প্ৰথমে তোমাক অলপ ভুল বুজিছিলো। প্ৰথম দেখোতেই তোমাক বদমাছ টাইপৰ ল’ৰা যেন লাগিছিল। সেই যে আমাৰ লগত তৰ্ক কৰিছিলা¸ অভদ্ৰ যেন লাগিছিল। পিছদিনা তোমাক অফিচত দেখি বিৰক্ত হৈছিলো। কিন্তু এতিয়া বুজিছো¸ ল’ৰা এজনৰ মনটোও যেন ইমান চেনজিটিভ হব পাৰে! ছ’ৰী হা তেতিয়া ইগন’ৰ কৰা বাবে।’

‘ হেই¸ এতিয়া কিন্তু তুমি ভুল কৰিছা ফ্ৰেইণ্ডশ্বিপৰ ৰুল। ন’ ছৰী¸ ন’ থেংকিউ।’
হো হোৱাই হাঁহি দিলে সি। তায়ো লাহেকে হাঁহিলে।

‘ বাই দা ৱে¸ মই এতিয়াও বদমাছ দেই। স্মাৰ্ট বদমাছ।’
আকৌ হাঁহিলে সি।

‘ প্ৰচ্ছায়া¸ তুমি হয়তো ভাবিছা¸ মই এইবোৰ তোমাক কিয় কৈছো। তোমাৰ চিম্পেথি লব খুজিছো নে হাৰ্ট উইন কৰিব খুজিছো! সেইবোৰ একো নহয়। কিছুমান সময়ত কেতিয়াবা কিছুমান মানুহ নিসংগ হৈ পৰে। মুকলি মনেৰে কথা পাতিবলৈয়ো মানুহ নোহোৱা হয়। হয়তো সেই বাবেই মই চেলফিশ্ব হৈ পৰিছো। হয়তো আমনি কৰি অন্যায় কৰিছো। কেতিয়াবা মন খুলি কথা পাতিব মন যায়। সকলোকেতো সকলো খুলি কব নোৱাৰি। কিছুমান মানুহক বাৰু কেনেকৈ দিও মোৰ দূখৰ বোজা। হয়তো সেইবাবেই তোমাৰ বন্ধুত্বৰ মোক প্ৰয়োজন। চোৱা¸ আকৌ সঁচা কথাটো কৈ দিলো মই। নোকোৱাকৈ থাকিব নোৱাৰো দেখোন! অথচ জানো¸ কোৱা মানেই তুমি বেয়া পাই যাবা সাংঘাটিক ধৰণে।’ 

‘ পলাশ¸ তুমি বাৰু কথাবোৰ কিয় এনেকৈ কোৱা মন চুই যোৱাকৈ। বেয়া পাও বুলিও বেয়া পাব নোৱাৰো¸ অথচ কবলৈও ভাষা নোহোৱা হয়।’

প্ৰচ্ছায়াৰ কথাষাৰ শুনি মনে-মনে ৰ’ল পলাশ। তাৰ মনত পৰিছিল বৰ্ণালীলৈ। তায়ো এদিন এনেকৈয়ে কৈছিল¸ ‘ পলাশদা¸ তুমি বাৰু কথাবোৰ কিয় এনেকৈ কোৱা যে বুকুখনে হাঁহাকাৰ কৰি উঠে। অথচ কোৱাও একো এক্সপেক্টেচন নকৰা!’ সি বৰ্ণালীক আকস্মাতে এদিন লগপাই গৈছিল কবিতাৰ অনুস্থান এটাত। জুনিয়ৰ কলেজ এখনৰ প্ৰবক্তা আছিল তাই। তাতকৈ চাৰিবছৰমান সৰু ছোৱালীজনীয়ে তাৰ কবিতাৰ মুগ্ধ পাঠিকা হৈ বন্ধুত্ব আগবঢ়াইছিল। তাৰ সতে ঘন্টাৰ পিছত ঘন্টা কথা পাতিছিল তাই। প্ৰেমৰ কথা¸ সাহিত্যৰ কথা¸ সমাজৰ কথা। মেধাবী শকত ছোৱালীজনীক ক্ৰমশ ভাল লাগি গৈছিল তাৰ। এদিন সি সাঁহ কৰি কৈছিল¸
‘ বৰ্ণালী¸ তোমাক মোৰ ভাল লাগে।’
লাহেকৈ হাঁহি কৈছিল তাই¸
‘ পলাশদা¸ মই জানিছিলো। তুমি মোক এনেকৈ কবা। সচা কবলৈ গলে মোৰো তোমাক ভাললাগে। কিন্তু সেইযে ভালপোৱাবোৰ হঠাতে হেৰাই গ’ল¸ চাগে মোৰ জীৱনৰ পৰাও সেই ৰঙবোৰ আঁতৰি গ’ল। কিন্তু তোমাক নিৰাশ নকৰো। মোক পাবলৈ অলপ যোগ্য হৈ উঠিব লাগিব তুমি। নিজৰ ঘৰখন নিজৰ মতে সজাম মই। তাত কাৰো অনাধিকাৰ প্ৰৱেশ কৰিব নিদিও। তুমি মোৰ বাবে ধুনীয়া ঘৰ এখন সাঁজি দিব লাগিব।’ তেনেকৈ কোৱা বৰ্ণালী এদিন হঠাতে নিৰুদ্দেশ হৈ গৈছিল তাৰ বাবে। তাৰ চহৰ এৰি তাই গুছি গৈছিল তাক মাত নিদিয়াকৈ নিজৰ চহৰলৈ। সলাই পেলাইছিল নিজৰ নম্বৰ। আশাহত হোৱা নাছিল পলাশ। মনটোক বুজাইছিল সি¸ মনৰ মাজত আঁকি ৰখা অস্পষ্ট প্ৰিয় নাৰীৰ মুখখন বৰ্ণালী¸ পল্লবী¸ কিবা অংকিতা কাৰোৱোই নাছিল। বৰ্ণালীৰ প্ৰতি একোৱে অভিযোগ নাই তাৰ। তাই তাৰ প্ৰেয়সী নাছিল। হয়তো তাই পাই গৈছিল নিজৰ প্ৰেমাস্পদ। তাইৰ বাবে সি মাথোন এটা নিসংগ সময়ৰ সঁহাৰিহে আছিল। যিদৰে এতিয়া তাৰ বাবে প্ৰচ্ছায়া। কিন্তু সিতো মাথো প্ৰচ্ছায়াক সেই বুলিয়েই ভবা নাই। তেনেহলে বৰ্ণালীয়ো তাক¸…। মনটো খেলিমেলি হৈ পৰে তাৰ। এতিয়াও ফোনৰ সিপাৰে প্ৰচ্ছায়া।

‘ প্ৰচ্ছায়া¸ কাৰণ মই সজাই পৰাই নকও। ইমপ্ৰেছ কৰাৰ বা ডিপ্ৰেছ কৰাৰ আকাংক্ষা মোৰ নাথাকে। অন্তঃত মোৰ হিয়াৰ ওচৰৰ মানুহখিনিক মই অন্ধকাৰত ৰাখিব নোখোজো। মই বিচাৰো¸ মোৰ দৰে তেওলোকে মোক লওক। অথচ ভয় হয়¸ জানোচা হেৰুৱাই পেলাও। কাৰণ মোৰ দৰে কমপ্লিকেটেড জিনৰ দ্বাৰা গঠিত মানুহটোক বা ভাবে কি।’

’ প্ৰচ্ছায়া¸ মই মাথো নিজক প্ৰকাশ কৰিবহে খোজো। তাৰ বাহিৰে বেলেগ একো আকাংক্ষা নাই মোৰ। বেয়া নাপাবা¸ নিজকে প্ৰকাশ কৰাৰ বেলেগে উপায়ো মোৰ নাই। প্ৰচ্ছায়া¸ মই কি ভাবো জানা¸ দূখীয়া হোৱাটো চাগে অভিশাপ। মাথো অৰ্থৰ অভাবৰ বাবেই মই বিশ্ববিদ্যালয়ত পঢ়িব নোৱাৰিলো। কেতিয়াবা ভাবো¸ যদি অভাবী দেউতাক বিপদত পেলাই মই জেদ কৰিলোহেতেন¸ যেনেকৈয়ে নহওক মোৰ ভাল টিউচনৰ যোগাৰ কৰি দিবই লাগিব। যদি ঘৰত অশান্তি কৰি কলোহেতেন¸ ঘৰৰ ভেটি বেছি হলেও মোৰ পঢ়াৰ যোগাৰ ভালকৈ দিবই লাগিব। হয়তো সেই সময়ত দেউতাই বহুত বেছি দূখ পালেহেতেন। হয়তো মোক তেতিয়া বেয়া পালেহেতেন। কিন্তু আজি হয়তো মই আন ক’ৰবাত থিয় হৈ থাকিলোহেতেন। হয়তো আজি তেওলোক মোক লৈ গৰ্বিত হব পাৰিলেহেতেন। হয়তো তেওলোকৰ সকলো দূখ দুচিন্তা সকলো মোৰ সাফল্যই পাহৰাই দিলেহেতেন। অথচ ভাল পুত্ৰ হৈ মা-দেউতাক বিন্দুমাত্ৰও দুখ দিব নোখোজা মনটোৱে মোক বেডবয় কৰি পেলালো। না মই কাৰোবাৰ ভাল পুতেক হব পাৰিলো¸ না ভাল ককায়েক¸ না ভাল বন্ধু। মাথো মোৰ সন্তুষ্টিৰ বাবে দিনে-নিশাই হাড়ভঙা শ্ৰম কৰি মই আত্মকেন্দ্ৰিক হৈ গ’লো।’

‘ প্ৰচ্ছায়া¸ এই যে মাজে-মাজে শুনো দাৰিদ্ৰতা জিনি মানুহবোৰ সফল হোৱাৰ কাহিনীবোৰ¸ যিবোৰ শুনি আমি উৎসাহী হও। গৌৰব কৰি কও দাৰিদ্ৰতা সফলতাৰ অন্তৰায় নহয়। কিন্তু আমি পাহৰি যাও সেই সফল ব্যক্তিৰ আঁৰৰ মানুহবোৰৰ ত্যাগ¸ পৰিশ্ৰমৰ কথা। সফল ব্যক্তিৰ সফলতাৰ জখলাৰ আঁৰত হেৰাই যায় ক’ৰবাত সেই সকল মানুহৰ জীৱনবোৰ। অথচ নিজাকৈ আশা এটা সকলোৰে থাকে। সকলোৱে ভাবে এদিন সফল হবলৈ। কিন্তু পৰিবেশ পৰিস্থিতিয়ে তেওলোকক সহাৱস্থান কৰিবলৈ শিকাই দূস্কাৰ্য্যৰ সৈতে।’

‘ জীৱনৰ বাটত সকলো সমানেই লাকী নহয় প্ৰচ্ছায়া। আৰু উচ্ছাকাংক্ষাবোৰেও বৰ দিগদাৰ দিয়ে। সুখী হব খুজিও কেতিয়াবা এই পাহৰিব খোজা সপোনবোৰে সুখী হব নিদিয়ে। জানা¸ মাথো টকাৰ বাবে মোৰ বিশ্ববিদ্যালয়ৰ সপোন সপোন হৈয়ে ৰ’ল। অথচ পিএইচদি কৰাৰো চাবজেক্টো বাছি পেলাইছিলো। হা হা চব এতিয়া মূল্যহীন সময়ৰ সপোন।’

হুমুনিয়াহ এটা ওলাই আহিল তাৰ। পুৰণি কথাবোৰ মনত পৰি চকু দুটা সেমেকি উঠিছিল। মছি ললে সি। এই চকুযুৰিয়ো আঁচৰিত। সুখ হওক দুখ হওক সদায়েই সহযোগিতা আগবঢ়াই। ঠিক কথাবোৰৰ দৰে। যিবোৰ বানপানীয়ে ভেঁটাভাঙি অহাৰ দৰে ওলাই আহিব খোজে।

কথাবোৰ পঢ়ি প্ৰচ্ছায়াৰো চকুহাল সেমেকি উঠিছিল। হুমুনিয়াহ এটা তাইৰো ওলাই আহিছিল। জীৱনৰ ৰংবোৰ বেলেগ বেলেগ হলেও দুখৰ ৰংবোৰ সকলোৰে একে। সেয়ে সহজেই দুখে আনৰ দুখৰ সতে একাত্ম হৈ যায়। প্ৰথমবাৰৰ বাবে তালৈ মৰম লাগিল প্ৰচ্ছায়াৰ। প্ৰথমবাৰৰ বাবে তাক বিশ্বাস কৰিবলৈ মন গ’ল তাইৰো। দীঘলকৈ উশাহ এটা ললে তাই।

‘ পলাশ¸ তুমি সেইদিনা সুধিছিলা মই কিয় সেইদিনা উদাস হৈ আকাশলৈ চাই আছিলো। দুখ নে কি নাজানো¸ কিন্তু এটা পাহৰিব খোজা সময় ময়ো দেখিছো। 
ভাৰ্চিটিত পঢ়ি থাকোতেই ল’ৰা এজনক ভাল পাইছিলো। মোৰ মাহীৰ দূৰ সম্পৰ্কীয়। মাহীয়েই চিনাকী কৰি দিছিল। কথাবোৰ গমপাই ঘৰত কোনেও বাধা দিয়া নাছিল। সকলো ফালৰ পৰাই যোগ্য পাত্ৰ হিচাপে অৰ্ণৱক সকলোৱে আঁকোৱালি লৈছিল। বেংলোৰত অৰ্ণৱৰ চাকৰী হৈছিল। অৰ্ণৱ যোৱাৰ আগতে দুয়োখন ঘৰে আমাৰ ৰিং চেৰিমনিৰ ব্যৱস্থা কৰিছিল। মই তেতিয়াও ভাৰ্চিটিৰ পৰা ওলোৱা নাছিলো। জইন কৰি নেক্সট ঘৰলৈ অহাৰ পিছতে আমাৰ বিয়াৰ কথা চলিছিল। নতুন সপোন এটা দেখি মই অধীৰ হৈ পৰিছিলো। ৰিং চেৰিমনিৰ আগদিনা অৰ্ণৱে মোক ফুৰাবলৈ লৈ গৈছিল। গভীৰ বিশ্বাসেৰে তাৰ সৈতে গুছি গৈছিলো বিলাসী হোটেলৰ ৰুমটোলৈ। ভাবিছিলো¸ বাকদত্তা প্ৰেয়সীক ছাৰপ্ৰাইজ দিবলৈ আনিছে। ছাৰপ্ৰাইজ পাইছিলো¸ কিন্তু মই বিছৰা ধৰণে নহয়। সেয়া অান ধৰণেহে। বন্ধ ৰুমত অৰ্ণৱে মোক নিৰ্লজ্জ হৈ প্ৰস্তাব দিছিল একেলগে নৈশযাপন কৰাৰ। তাৰ চকুত মই তেতিয়া প্ৰেম দেখা নাছিলো। দেখিছিলো কামনাৰ লৌলুপ ক্ষুধা। মোৰ হাজাৰ বুজনিলৈ কাণ নিদি জোৰকৈ সাবতিবলৈ চেষ্টা কৰি মাথো কৈছিল¸ কিনো হব! পিছদিনা দেখোন আঙুঠি পিন্ধাবই। মই সহ্য কৰিব নোৱাৰিলো। গাৰ বলেৰে চৰ এটা সোধাই মই ওলাই আহিলো। সি চেষ্টা কৰিছিল¸ কিন্তু কেনেকৈ পিন্ধো সেই আঙঠি¸ য’ত ভালপোৱাৰ নামত থাকে মাথো যৌনতা। পিছত সিঁহতৰ ঘৰখনেই কথাবোৰ উলিয়ালে বোলে মোৰ স্বভাবৰ বাবে বোলেহে বিয়াখন ভাঙিল।’

‘ প্ৰচ্ছায়া¸ সকলো পুৰুষ একে নহয়।’
‘ মই জানো পলাশ। কিন্তু কেনেকৈ পাহৰো¸ বিয়াৰ কথা ওলালেই সেই বিভৎস অভিজ্ঞতা চকুৰ আগত ভাহি উঠে।
-----

আগলৈ -


Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib