Now you can Subscribe using RSS

Submit your Email

Tuesday 23 June 2020

Bad boy ঃ25

Unknown

                              [ পচিছ ]

পলাশৰ চিন্তা হৈছিল। দিনকাল ভাল নহয়। তাতে সিঁহতে ধমকি দি গৈছিল। হঠাতে যেন সংকোচ¸ লাজ পৰিহাৰ কৰি সাহসী হৈ পৰিছিল সি। সেই দিনাৰ পৰা তাইৰ ওলোৱা সোমোৱাত অলপ চকু ৰাখিছিল সি। অাগৰদৰে তাইৰ পিছে-পিছে গৈ থকাতকৈ তাইৰ কাষে কাষে আহিবলৈ লৈছিল সি। কিন্তু অলপ সংকোচো হৈছিল। অন্তঃত তাই যেন ভুল নুবুজে। সচা প্ৰেমে প্ৰতিদান নিবিছাৰে। মাথো দিবহে জানে। আখৰে আখৰে যেন কথাবোৰ মানিব খুজিছিল সি। 

যদি তুমি কাৰোবাক সচাকৈয়ে ভালপোৱা¸ সেইটো প্ৰয়োজন নহয় যে তেৱো তোমাক ভালপাব লাগিব। কেতিয়াও তেওৰ পৰা একো আশা নকৰিবা। মাথো উজাৰি দিবা ভালপোৱা। হৃদয়ৰ খেলৰ এইটোৱেই প্ৰধান নিয়ম¸ যে বাৰে-বাৰে কৈ থকাৰ দৰকাৰ নাই। পাৰা যদি জিকি লোৱা হৃদয়ৰ অৰ্চনাৰে। যদি তেওৰ তোমাৰ হয়¸ নিশ্চয়কৈ আহিবই লাগিব এদিন তোমাৰ কাষলৈ। 

বাহ¸ পলাশ বাহ¸ কি দূৰ্দান্ত প্ৰেমিক হৈ গলি তই। এবাৰ প্ৰেমত কি বিফল হ’লি¸ দেখোন দাৰ্শনিক হৈ গ’লি।
কথাবোৰ ভাবি নিজকে নিজে কৈ দিয়ে সি। তাইৰ কথা ভাবিলেই ধুনীয়া হাঁহি এটা ওলাই যায় মুখত।
-------
হঠাতে এদিন বাইকখন বেয়া হৈ থাকিল তাৰ। অফিচলৈ যাবলৈ ওলাই বাইকখন ষ্টাৰ্ট কৰোতে ষ্টাৰ্ট নহল। প্লাগটো খুলি চাফা কৰি ভালকৈ লগাই চালে। তথাপিও ষ্টাৰ্ট নহল। অলপ সময় যুঁজিও ষ্টাৰ্ট কৰিব নোৱাৰি বাদ দিলে সি। কেইবাদিনৰো অলপ প্ৰৱলেম দি আছিল সেইখনে। চাৰ্ভিচিঙৰ প্ৰয়োজন হৈ পৰিছিল। অথচ যোৱাবছৰ সলোৱা ব্লক পিষ্টনটো ইমান সোনকালে বেয়া হৈ যোৱাৰ কথা নাছিল। তথাপিও দূৰ্ভগীয়া মানুহৰ ভাগ্য সদায় বেয়া হৈ থকাৰ দৰে পাঁচবছৰ পুৰণি তাৰ বাইকখনৰো বেমাৰবোৰ বাঢ়ি আছিল। দেখিবলৈ একেবাৰে নতুনৰ দৰেই হৈ আছিল বাইকখন। কিন্তু যোৱা পাছটা বছৰ গুৱাহাটীৰ পৰা গাওলৈ দৌৰি দৌৰি বাইকখন হয়তো লেবেজান হৈ পৰিছিল। আনবোৰ ল’ৰাই দুবছৰ মুৰে মুৰে গাড়ী সলাই থাকে। কিন্তু অসুবিধা নোপোৱালৈকে কাপোৰৰ দৰে বাইকখন সলাবলৈ আগ্ৰহ আৰু অৰ্থ দুয়োটাৰে তাৰ অভাৱ। 
বাইকখন তেনেকৈয়ে এৰি ওলাইছিল সি। জানে¸ সেইখন নহলে বৰ কষ্ট হব দিনটো। কিন্তু উপাই নাই। এতিয়া গেৰেজলৈ নিবলৈ গৈ সময় নষ্ট কৰিব নোৱাৰে। খোজকাঢ়িয়েই ওলাই আহিছিল সি। চাগে প্ৰচ্ছায়া তাৰ আগেয়েই গুছি গৈছিল। ছেহঃ তাৰ দৰে ল’ৰাবোৰৰো জীৱনটো যে মাথো কম্প্ৰমাইজ কৰোতেই যায়গৈ। কিমান পাব বাৰু পাচবছৰ পুৰণি পালচাৰখন বেচিলে? বৰ বেছি পশিচ! নে তাতোকৈও কম! নতুন বাইক এখন লোৱাৰ হাবিয়াস এটাৰ বাটত টকাৰ অংকটোৱে খেলিমেলি লগাই দিয়ে তাৰ।

‘ পলাশদা¸ খোজকাঢ়ি আহিছে যে? ’
হঠাতে ৰিক্সা এখন কাষত ৰৈ যোৱাত উচপ খালে সি। ৰিক্সাৰ পৰাই মুৰটো উলিয়াই প্ৰত্যাশাই সুধিলে তাক। সদায় বাইকত অহা-যোৱা কৰা ল’ৰাটোক খোজকাঢ়ি অহা দেখি প্ৰত্যাশা আচৰিত হৈছিল।

‘ অ’ তুমি। নকবা বুজিছা¸ বাইকখন বেয়া হৈ থাকিল। এতিয়া সময়ো নাই। ’
তাইলৈ চাই হাঁহি মাৰি কলে সি।

‘ অ’ আপুনি বাৰ লগত নগল কিয়? বা দেখোন অকমাণ আগতেহে গ’ল!’

‘ অ’ মানে…
কি কব সি! কেনেকৈ কব! মানুহে ভুল বুজাৰ ভয়তে যে আঁতৰি ফুৰে সি। এতিয়া সৰু ছোৱালীজনীয়ে সহজভাবে তাৰ সোধাত কবলৈ অসুবিধা হ’ল।
আৰু একো নুসুধিলে প্ৰত্যাশাই। বুজিলে বায়েকৰ লগত একেলগে স্কুটিত যাব পৰাকৈ হয়তো সিমান ফ্ৰী নহয় পলাশ। যোৱা ছমাহে দেখিছে তাই¸ মাথো ভাড়া দিয়াৰ সময়তহে সি সিঁহতৰ ঘৰলৈ আহে। ভুলতে এদিনলৈও কিবা এটা বিছাৰি¸ বা কিবা অলপ ৰৈ কথা অলপ পাতিবলৈ কোনোদিনে অহা নাই। অথচ কেম্পাছৰ একেই ভাড়াতীয়া পৰিয়াল দুটাৰ বাইদেউ দুগৰাকীয়ে দিনৰ বেছিভাগ সময় সিঁহতৰ ঘৰতেই কটাই। হয়তো পুৰুষ আৰু নাৰীৰ সেইটোৱেই পাৰ্থক্য। নাৰীয়ে কথা কৈ ভালপোৱাৰ বিপৰিতে পুৰুষে অদৰকাৰত কথা কবলৈও টান পায়।

‘ আহক ’
নিজৰ কাষত বহিবলৈ সুবিধা কৰি দি তাক মাতিলে তাই।

‘ অ’…নালাগে দিয়া। পালোৱেই …।’
পলাশৰ লাজ লাগিছিল। মাজৰাষ্টাত এনেকৈ ছোৱালীৰ লগত একেখন ৰিক্সাতে উঠিবলৈ লাজ লাগিল তাৰ। বাছষ্টেণ্ডলৈ মাথো আধা কিলোমিটাৰ মানহে আছে।

‘ লাজ কৰিছে নেকি? একো নহয় আহক। সেইদিনা দেখোন ময়ো আপোনাৰ লগতে আহিছিলো।’
হাঁহি দিলে তাই। এইবাৰ আৰু উপেক্ষা কৰিব নোৱাৰিলে পলাশে। হাঁহি মাৰি লাহেকৈ উঠিল সি।

‘ আৰু অসুবিধাটো পোৱা নাই? ’
অলপ দূৰ যোৱাৰ পিছত শুধিলে সি। চুপ-চাপ বহি যাবলৈ অলপ অখজা লাগিছিল।

‘ নাই।’
কৈ তাই এপলক তাৰ মুখলৈ চালে। আকৌ কলে তাই¸
‘ দাদা¸ আপুনি সেইদিনা ভাল এসেকা দিলেদেই বদমাছ কেইটাক। ৰিয়েলি ইউ আৰ এ হিৰ’।’
 প্ৰত্যাশাৰ মনত পৰিছিল¸ বায়েকে আহি কৈছিল¸ সেইদিনা ভাল এসেকা দিছিল বদমাছকেইটাক। বায়েকৰ বৰ্ণনাৰ পৰা অনুমান কৰিছিল¸ সেই বদমাছকেইটা চাগে সেইদিনা তাইক জোকোৱা কেইটাই হব! মনটো ভাল লাগি গৈছিল প্ৰত্যাশাৰ। যিয়েই নহওক নাৰীক অসন্মান কৰা মানুহক শাস্তি দিয়া শুনিলে ভাল লাগে।

তাইৰ মুখত নিজৰ প্ৰশংসা শুনি লাজ লাগিছিল পলাশৰ। চাগে প্ৰচ্ছায়াই কৈ দিছিল আহি ভনীয়েকক। কি কব এপলক ভাবিলে সি।

‘ আচলতে চিটুৱেচন এনেকুৱা হৈ গ’ল যে নিজকে কন্ট্ৰ’ল কৰিব নোৱাৰিলো। হাত উঠি গ’ল।’
হাঁহি এটা লৈ কৈ দিলে সি।

‘ সিঁহতে বোলে আপোনাক ৱাৰ্ণিং দি গৈছে।’
নাহাহিলে প্ৰত্যাশাই। কথাখিনি কওতে সামান্য চিন্তিত হৈ পৰা যেন লাগিছিল তাইক। পলাশ অলপ গম্ভীৰ হৈ পৰিছিল।

‘ আচলতে কি জানা¸ চকুৰ আগত কোনো নাৰীৰে দূৰ্ব্যৱহাৰ চাই থাকিব নোৱাৰো। এনেকুৱা এটা পৰিবেশত ডাঙৰ হলো যে অন্যায়ৰ প্ৰতিবাদ নকৰাকৈ থাকিব নোৱাৰো। পৰালৈকে শান্তিৰেই বুজাব খোজো। কিন্তু বেছি খং উঠিলে নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়।’

‘ হমম।’
মনে-মনে শুনি থাকিল প্ৰত্যাশাই। ৰিক্সাখন বাছষ্টেণ্ডলৈ আহি পাইছিল। তাৰ পৰাই দুয়োজন দুটা ফালেই গুছি যাব। ৰিক্সাৰ পৰা নামি পলাশৰ অখজা লাগিছিল। ছোৱালীৰ লগত ৰিক্সাত আহি ভাড়াটো তাইক দিবলৈ সুবিধা দিব খোজা নাছিল। কিন্তু তাক বাধা দি তায়েই ভাড়াটো দি কৈ উঠিল¸
‘ মই দিছো দাদা।’

বাধা নিদিলে সি।
‘ যাবা দেই।’
তাইলৈ চাই হাঁহি মাৰি কৈ সিপাৰে ৰৈ থকা বেলতলা অভিমুখী ট্ৰেকাৰত উঠিবলৈ বেগাই গ’ল সি। পিছফালৰ পৰাই চিঞৰিলে তাই¸

‘ দাদা¸ টেক কেয়াৰ। ’
‘ ইউ টু ’
হাঁহি মাৰি সিয়াৰি সি ট্ৰেকাৰখনত উঠিল।
নিজৰ বাছখন অহালৈকে ৰৈ প্ৰত্যাশাই সি যোৱাৰ ফালেই চাই ৰ’ল।
*****

দূপৰীয়া লাঞ্চব্ৰেকৰ পিছত প্ৰচ্ছায়াই একাউঞ্চ অফিচত সোমাইছিল। ৰাণীৰো কৰিবলগা কাম বিশেষ নাছিল। লাঞ্চৰ পৰা অহাৰ পিছত তায়েই মাতিছিল প্ৰচ্ছায়াক। প্ৰচ্ছায়াও সাংঘাটিক ব্যস্ত হৈ থকা নাছিল। বেছিভাগ কাম সদায় আগবেলাতেই শেষ কৰি দিয়ে তাই। বৈশ্যদাই নতুন কাম নিদিলে পিছবেলালৈ তেনেকৈ একো কৰিবলগা নাথাকে। সেয়েহে ৰাণীয়ে মতাত ভালেই পাইছিল তাই। ৰাণীৰ কাষৰ টেবুলখনৰ পৰা চকী এখন টানি বহিবলৈ দিছিল ৰাণীয়ে। এনেয়ে ছোৱালী মানুহে মন মিলা ছোৱালীৰ সতে কথা পাতিলে কথাৰ শেষ নহয়গৈ। তাতে বিভিন্ন কথাই ঠাই পালে পাহৰি পেলাই সিঁহত ক’ত আছে। কিবা এটা কথাত ৰস পাই অলপ ডাঙৰকৈয়ে হাঁহিছিল প্ৰচ্ছায়াই। হয়তো সেয়াই শুনি ভিতৰৰ সৰু ৰুমটোৰ পৰা উঠি আহি এবাৰ আচৰিত কিবা দেখাৰ দৰে ভূমুকিয়াই চাই আকৌ সোমাই গৈছিল হৰেণ লহকৰ। কথাটো গম পাই সচকিত হৈ পৰিছিল ৰাণী। প্ৰচ্ছায়াৰ হাতত লাহেকৈ টুকুৰিয়াই সেইফালে দেখুৱাই ইংগিত দিছিল তাই। হৰেণ লহকৰ তাইৰ চিনিয়’ৰ। কিশোৰদাই ৰিজাইন দিয়াৰ পিছত তাৰ পোষ্টত আহিছিল মানুহজন। 
এজিএম দাসেই আনিছিল মানুহজনক। ৰাণীৰ একদমেই ভাললগা নাছিল মানুহজনক। কিশোৰদাৰ দৰে খোলা নহয় মানুহজন। নিজকে বহুত জনা যেন ভাবে। যেন তেওৰ জুনিয়ৰ ষ্টাফ মানে বহুত তলৰ এমপ্লয়ীহে। কথাই প্ৰতি ওফাইদং মৰা কথা। আগৰ অফিচত এইটো আছিল¸ সেইটো আছিল। ইয়াৰ মানুহে কাম ভালকৈয়ে নাজানে। বাৰে প্ৰতি ভুল বিছাৰি থকা মানুহজনক কেতিয়াবা কব মন যায় ৰাণীৰ¸ যদি আগৰ অফিচত কাম কৰি ইমানেই ভাল লাগিছিল¸ বাদ দি ইয়ালৈ আহিল কিয়? কিন্তু কব নোৱাৰে। কোম্পানীৰ চাকৰীত একো নিশ্চয়তা নাই। সহ্য কৰি থকালৈকে মংগল। তাতে লহকৰ দাসৰ মানুহ যেতিয়া একে চৰিত্ৰৰ হবই।
---
প্ৰচ্ছায়া অলপ সচকিত হৈছিল। নতুন একাউনটেন্টজনক তাইৰো ভাল লগা নাছিল। কিবা গোমোঠা মুখেৰে থকা মানুহ। বৰকৈ কথাও পতা হোৱা নাছিল তেওৰ লগত। মাথো দুদিনহে কিবা কামত মাতিবলগা হৈছিল। প্ৰচ্ছায়াই যাবলৈ থিয় হব খুজিছিল। তেতিয়াই ৰুমটোলৈ এজিএম দাস সোমাই আহিছিল। ৰুমটোত সোমায়েই এবাৰ প্ৰচ্ছায়াৰ ফালে চাই ৰাণীক ডবিয়াই উঠিল। 

‘ ৰাণী¸ অফিচলৈ কথা পাতিবলৈ আহা নে গচিপ কৰিবলৈ আহা। কাম নাই একো কৰিবলৈ? এনেকৈ ঘন্টা ঘন্টা গচিপ কৰিবলৈ চেলাৰী দি ৰখা নাইতো!’

দাস অহা দেখি দুয়োজনীয়েই থিয় হৈছিল। এতিয়া দাসে গালি পৰাত কান্দো কান্দো হৈ গৈছিল ৰাণী। ঘটনাৰ আকস্মিকতাত কি কব ভাবি পোৱা নাছিল তাই।
‘ ছাৰ¸ মানে…’

দাসৰ চিঞৰ শুনি ভিতৰৰ ৰুমৰ পৰা লহকৰ ওলাই আহিছিল। কোঠাটোৰ দুৱাৰ মুখতে থিয় হৈ চাই থাকিল তেও।

‘ লহকৰ¸ ৰাণীক একো কাম দিয়া নাই নেকি? কামৰ সময়ত গচিপ কৰিছে যে?’
এইবাৰ লহকৰলৈ চাই অলপ টানকৈয়ে সুধিলে দাসে।

‘ ছাৰ¸ দিছোতো তেওক। লাষ্ট মান্থৰ গোটেইখিনি চেলচ ৰিপোৰ্ট নতুনকৈ এক্সেলত কৰিব দিছো।’
সম্ভ্ৰমেৰে লহকৰে কৈ উঠিল।
’ কৰা গৈ গ’ল?’
দাসে আকৌ সুধিলে ৰাণীক।
একো কব নোৱাৰিলে ৰাণীয়ে। দুয়ো গালেৰে দুধাৰি চকুলো বৈ আহিছিল তাইৰ।

হতভম্ব হৈ লহকৰলৈ চাইছিল ৰাণীয়ে। 
ইমান মিছা। ইমান মিছা কেনেকৈ ক’ব পাৰে মানুহে। লহকৰে তাইক শ্বিটখন নতুনকৈ কৰিব দিয়া নাছিল। পুৰণি খনেই এবাৰ চাই শুদ্ধ কৰিব কৈছিল। কি কৰিব তাই। প্ৰতিবাদ কৰিব নেকি! কিন্তু কৰিব নোৱাৰিলে তাই।

দাসৰ ব্যৱহাৰত প্ৰচ্ছায়াও নাৰ্ভাছ হৈ গৈছিল। খঙো উঠিছিল তাইৰ। ইমান সামান্য কথাটোত ইমান বেয়াকৈ কব লাগেনে? ৰাণীক টান কথা শুনোৱাত চাই থাকিব নোৱাৰিলে প্ৰচ্ছায়াই। তাইৰ বাবেই দাসে কথা শুনাই আছিল ৰাণীক। দাসলৈ চাই কৈ উঠিল তাই¸

‘ ছাৰ¸ আপুনি মিছাতে খং কৰিছে। অলপ অাগতেহে আহিছিলো মই…।’

‘ মই আপোনাৰ লগত কথা পতা নাই মিছ প্ৰচ্ছায়া। আৰু আপোনাৰ কাম হৈছে যদি নিজৰ অফিচলৈ যাওকগৈ। এনেকৈ লেকচাৰ মৰা ডিউটি নহয়তো।’
এইবাৰ প্ৰচ্ছায়াকো টানকৈ কলে দাসে। তাৰ পিছত লহকৰলৈ চাই আকৌ কলে¸
‘ আপুনি অলপ চকু দিবহে লহকৰ। মালিকে এইবোৰ দেখিলে ভাল নহবতো।’
লহকৰে লাহেকৈ মুৰ দুপিয়ালে।

চাল্লা চামচা। বেইমান। অসভ্য। লহকৰৰ কাণ্ডত খং উঠিছিল প্ৰচ্ছায়াৰ। বুজিবলৈ একো বাকী নাছিল তাইৰ। এইদৰে অপমানিত হৈ তাইৰো চকুদুটা চলচলীয়া হৈ পৰিছিল। আৰু ৰৈ থকাৰ ইচ্ছা নকৰিলে তাই। গো-গোৱাই নিজৰ অফিচলৈ গুচি আহিল।

ছোৱালী দুজনীক গালি পাৰি অলপ সুখী হৈ পৰা যেন লাগিছিল দাসক। প্ৰচ্ছায়া আঁতৰি যোৱাৰ পিছত এইবাৰ খংটো অলপ কমিছিল। 

‘ ৰাণী¸ কাম সদায় আগতে কৰিবা। বাহিৰা মানুহক সোমাব নিদিবা। আজিলৈ বাৰু এৰি দিলো।’
নৰম সুৰত ৰাণীক কৈ গপগপাই গুচি গৈছিল দাস। হাঁহি এটা মাৰিছিল লহকৰে। 
তাইক এবাৰ জুখিবলৈ লাহেকৈ সুধিছিল তেও¸
‘ ৰাণী¸ শ্বিটটো হলে আপুনি মোক দেখুৱাব।’
‘ ঠিক আছে।’
লহকৰৰ ফালে নোচোৱাকৈয়ে ধপচকৈ নিজৰ চকীখনত বহি পৰিল তাই। ৰাণীৰ মন গৈছিল¸ সেই মূহুৰ্ততে চাকৰী বাদ দি দুয়োজন মানুহকে যোগ্য প্ৰত্যুত্তৰ দিবলৈ। কিন্তু আবেগত লও বুলিও সিদ্ধান্ত লব পৰা নাযায়। ভবিষ্যতটো ভাবিব লাগিব। লহকৰৰ চৰিত্ৰৰ ওপৰত ঘিন লাগিছিল তাইৰ। যদি প্ৰচ্ছায়াৰ সতে পাঁচমিনিট কথা পতাটো পচন্দ হোৱা নাছিল¸ কব পাৰিলেহেতেন তাইক। তাৰ বাবে এজিএমক লগাই দিয়াৰ কি দৰকাৰ আছিল! চাল্লা চামচা। থুঃ
মানুহটোৰ নামত থুৱাই চকুহাল মচি লৈছিল তাই। জীৱনত আগুৱাবলৈ এইবোৰ সংঘাটক পাহৰিবই লাগিব। এইবাৰ কম্পিউটাৰৰ পৰ্দাত চকু ৰাখি কিবোৰ্ডত আঙুলি থৈছিল তাই।

ইফালে প্ৰচ্ছায়াৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিছিল। বিদ্ৰোহ কৰি উঠিছিল মনটোৱে। কিয় এনেকৈ অপমান কৰিব দাসে! তলতীয়া হলেই কি কবলৈ অধিকাৰ পাই! নিজেওতো একো কাম নকৰে মানুহটোৱে। মাথো ইটো বেলেগৰ কামত অযথা হস্তক্ষেপ কৰাৰ বাহিৰে। ধামকৈ নিজৰ কেবিনৰ দৰ্জাখন খুলি ভিতৰলৈ সোমাই নিজৰ চকীখনত বহি চকুদুটা মুদি দিছিল প্ৰচ্ছায়াই।

শব্দ কৰি দৰ্জাখন বন্ধ হৈ যোৱাত অাচৰিত হৈছিল বৈশ্য। আজিলৈ প্ৰচ্ছায়াই কেতিয়াও তেনেকৈ দৰ্জা বন্ধ কৰি সোমোৱা নাই। নিশ্চয় কৰবাত কিবা এটা হৈছে। কথাটো অনুধাৱন কৰি বহাৰ পৰাই প্ৰচ্ছায়াক সুধিছিল বৈশ্যই¸

‘ প্ৰচ্ছায়া¸ কোনোবাই কিবা কলে নেকি?’
একো মতা নাছিল প্ৰচ্ছায়াই। দুয়োহাতত মুৰটো গুজি দি বহি আছিল তাই। মুৰ তুলিও চোৱা নাছিল।
‘ প্ৰচ্ছায়া ’
এইবাৰ প্ৰচ্ছায়াৰ কাষলৈ উঠি আহিছিল বৈশ্য।

‘ আমাক কি বুলি ভাবে বাৰু তেও। ঘৰৰ চাকৰ?’
ক্ষোভিত হৈ মাতটো সামান্য ডাঙৰ হৈ পৰিছিল তাইৰ। দুয়ো গালেৰে চকুপানী বৈ আহিছিল।
উচপ খাই উঠিছিল বৈশ্য। হাঁহিমুখীয়া ছোৱালীজনীৰ চকুত আগেয়ে ভুলতেও চকুপানী দেখা নাছিল তেও। কিন্তু ঘটনাটো কি হৈছে একো নুবুজি তাইলৈ চাই থাকিল। প্ৰচ্ছায়াৰ বুজিছিল। চকুদুটা মোহাৰি এইবাৰ কৈছিল তাই

‘ এজিএমৰ কথা কৈছো। ইমান মিছবিহেভ কৰে মানুহটোৱে।’
সকলোবোৰ কৈ দিছিল তাই বৈশ্যৰ আগত। কথাখিনি শুনি খং উঠিছিল বৈশ্যৰ। পিছ মূহুৰ্ততে হাঁহি দিলে তেও।

‘ সেই পাটৰ কথা শুনি মন বেয়া কৰিছা! উভতি ধৰিব নোৱাৰিলা?’
‘ মোতকৈ বেছিকৈ ৰাণীবাক বেয়াকৈ কলে। যদি এজিএম নহলহৈ থাছকৈ গালতে বহুৱাই দিলো হয়।’

‘ তুমি হবলা নাজানা¸ তাৰ স্বভাব। জিএম ছাৰ নথকাত সিয়েই এতিয়া নিজকে জিএম বুলি ভাবিছে। মোৰো সহ্য নহয়। কেতিয়াবা বুকুত খামোচ মাৰি ধৰিব মন যায়। ল’ৰা-তিৰোতা নথকা হলে কেতিয়াবাই তাক মাৰি কাম এৰি দিলোহেতেন! কিন্তু ফেমিলি ৰেচপনচিবিলিটিৰ বাবে আওকাণ কৰো। তুমিও আওকাণ কৰিবা না।’

‘ দাদা¸ আচলতে দাসতকৈও সেই লহকৰ বোলাটোহে বেছি নটৰিয়াছ। চাওকচোন কেনেকৈ লগাই দিলেগৈ।’

‘ হমম। তাক চাই আছো ৰবা। কেতিয়াবা সুবিধা পালে ভালকৈয়ে ধৰিম।’
অলপ ৰৈ সামান্য হঁহাৰ দৰে কৈ উঠিছিল বৈশ্যই¸

‘ বাদ দিয়া এতিয়া। এইবোৰ ভাবি মন বেয়া কৰি থাকিব নালাগে। পিছত ৰাণীকো কবা। ছাগলে নাখায় কি¸ পাগলে নকয় কি!’

‘ মই অলপ সোনকালে যাও নেকি দাদা। মনটো ভাল লগা নাই।’
‘ কিয়? সেই গাধটোৰ কথা শুনি মন বেয়া হ’ল। থাকা ¸ আমিবোৰ কি মানুহ নহয়! চোৱা¸ তুমি মোৰ ভন্টি হোৱা। দাদাৰ কথাও কথাও নুশুনিবা নেকি!’
হাঁহিলে বৈশ্যই।

এইবাৰ প্ৰচ্ছায়ায়ো হাঁহিলে। মনতে থিৰাং কৰিছিল প্ৰচ্ছায়াই¸ সেই লহকৰ বোলাটো থকালৈকে ৰাণীবাৰ সতে কথা পাতিবলৈ আৰু নাযায় তাই।

----------

একাউঞ্চৰ পৰা ওলাই দাসৰ মনটো ভাল লাগি গৈছিল। তলতীয়া কৰ্মছাৰীক সদায় ডবাই ৰাখিব লাগে। তেও জানে¸ বেছিভাগ কৰ্মীয়েই তেওক চকুপাৰি দেখুৱাব নোৱাৰে। হয়তো সন্মানো নকৰে। কিন্তু তেওক দেখিলে ভয়তে কঁপি থাকে। সেইটোৱে বিছাৰে তেও। দাসৰ হাঁহি উঠি যায়¸ যেতিয়া তেওৰ গালি খাই কোনোবা কঁপি কঁপি তলমুৰকৈ থিয় হৈ থাকে। প্ৰচ্ছায়া আৰু ৰাণীক গালি পাৰি কথাখিনি কাৰোবাক কও কও লাগিছিল দাসৰ। অৱশেষত ভাবি ৰিচেপচনলৈকে আহিছিল তেও। বাকীবোৰ ষ্টাফৰ তুলনাত  ৰিচেপচনিষ্ট জুলেখা নামৰ ছোৱালীজনীক অলপ ভাললাগে দাসৰ। তেওৰ দেখিলেই থিয় দি উইচ কৰে তাই। বাকীবোৰে নেদেখা ভাও জুৰিব খোজে। খং উঠি আহে দাসৰ। দাস অহা সময়ত জুলেখাই কাৰোবাৰ লগত ফোনত কথা পাতি আছিল। তেওক দেখি থিয় হৈ হাঁহি সম্ভাষণ জনালে তাই। দাস ওচৰ পাইহি মানে ফোনটো ৰাখি তাই কথা শুনিবলৈ থিয় দি ৰ’ল। দাসৰ মুখৰ অভিব্যক্তিতে তাই বুজিব পাৰিছিল যে কিবা কব খুজিছে মানুহজনে। হওতে আনবোৰ ষ্টাফৰ দৰে তায়ো দেখি নোৱাৰে দাসক। কিন্তু কৰ্তব্যৰ দায়ত মাতিবলগা হয় বাবে তোষামোদ কৰে। তাই জানে¸ এনেবোৰ মানুহে তোষামোদ ভালপায়। সেয়েহে দেখিলেই অলপ কৃটিম সন্মান প্ৰদৰ্শন কৰে¸ যাতে কোপদৃষ্টিৰ পৰা বাছি থাকিব পাৰে।

’ দুজনৰ ক্লাছ লৈ আহিলো।’
জুলেখালৈ চাই হাঁহি হাঁহি কলে দাসে।

‘ কাৰ ক্লাছ ললে ছাৰ?’
লাহেকৈ সম্ভ্ৰমেৰে সুধিলে তাই।

‘ ৰাণী আৰু প্ৰচ্ছায়াই একাউঞ্চ অফিচত আড্ডা দি আছিল। অফিচত মানুহে কাম কৰিবলৈহে আহে¸ আড্ডা দিব আহে নেকি! ভালকৈ গালি দিছো। নেক্সট টাইম দেখিলে টাৰ্মিনেচন দি দিম।’
গৌৰবেৰে কৈ থাকিল দাসে

‘ ভালেই কৰিলে ছাৰ। কিন্তু চাছপেণ্ড কৰিব লাগিছিল দিনটোৰ বাবে। আপুনি এনেয়ে এৰি দিলে।’
হাঁহি মাৰি সামান্য আপচোছৰ সুৰত কলে তাই। তাইৰ কথা শুনি সামান্য ভাবিলে দাসে। এৰা¸ চাছপেণ্ড কৰিব পাৰিলেহেতেন দেখোন! অন্তঃত নকৰিলেও চাছপেণ্ড কৰাৰ ধমকি এটাকে দিব পাৰিলেহেতেন। একো নাই¸ নেক্সট টাইম দি দিব।

‘ ফাৰ্ষ্ট টাইম বুলি এৰি দিলো এইবাৰ। এক্লুৱেলি মই খুউৱ ষ্ট্ৰিক্ট কামত। এনেয়ে বহি থকা দেখিলে সহ্য নহয়। কাম নকৰি এনেয়ে ইফালৰ পৰা সিফালে ঘুৰি থকা মানুহে কৰ্প’ৰেটত কাম কৰিবলৈ আহিবই নালাগে।’
লোকে শুনাকৈ গৌৰবেৰে কৈ আছিল দাসে। সেই সময়তে পলাশ সোমাই অহা দেখিছিল তেও। কথাখিনি পলাশেও শুনিছিল। এবাৰ দুয়োজনৰ ফালে চাই ভিতৰলৈ গুচি গৈছিল সি।

দাসৰ কথা শুনি পেটে পেটে হাঁহি উঠিছিল জুলেখাৰ। লোকক এনেয়ে ঘুৰি ফুৰাৰ কথা কোৱা মানুহটোৱেনো নিজে কি কৰে! কোনোমতে হাঁহিটো চেপি কৈ উঠিল তাই¸
‘ ছাৰ¸ কামত ফাঁকি দিয়া কামটো ময়ো বৰ বেয়াপাও। আমি কাম কৰিবহে আহো। মোকতো দেখিছেই¸ ডেক্স এৰি কলৈকো নাযাও।’

‘ সেইকাৰণে তোমাক ভাললাগে। আজিলৈ তোমাক গালি দিয়া নাই। আচলতে চব ষ্টাফ তোমাৰ দৰেই হব লাগে।’
হাঁহি মাৰি কৈ জুলেখাৰ গালত লাহেকৈ চিকুটি দিলে দাসে। জুলেখাই একো নকৈ হাঁহি থাকিল।
-----

পলাশে কথাবোৰ গুৰুত্ব দিয়া নাছিল। দিনটোত কাৰোবাক নহয় কাৰোবাক কিবা কয়েই মানুহটোৱে। সেইদিনা লিফ্টৰ ওচৰত তাৰ লগত লগাৰে পৰা তাক দৰকাৰ নহলে এনেয়ে নামাতে মানুহটোৱে। সিয়ো গুৰুত্ব নিদিয়ে। সি কাম কৰাৰহে দৰমহা লয়¸ তেলমৰাৰটো নহয়। 

‘ পলাশ¸ আজি বেয়া কথা হ’ল নহয়!’
আবেলি তাৰ কেবিনলৈ আহি কথাৰ মাজতে কৈ উঠিছিল বৈশ্যই।
‘ কি হ’ল বৈশ্যদা।’
সামান্য উৎসুক হৈ পৰিছিল সি। গুৰুত্বপূৰ্ণ নহলে সাধাৰণ কথাবোৰত বৈশ্যদাই মুৰ নঘমাই।

‘ আজি দাসে প্ৰচ্ছায়া আৰু ৰাণীৰ সতে মিছ বিহেভ কৰিছে।’
গোটেই কথাখিনি কৈ দিলে বৈশ্যই। পলাশৰ হাতৰ মুঠি টান হৈ পৰিছিল। প্ৰচ্ছায়াক কোনোবাই অপমান কৰিব আৰু সহ্য কৰিব কেনেকৈ! দাঁত কৰচি কৈ উঠিল সি¸
‘ বৈশ্যদা¸ তাক পাৰ্কিঙতে ধৰি দুটামান বহাই দিও নেকি?’
পলাশৰ মন গৈছিল¸ তেতিয়াই গৈ দাসৰ বুকুত খামুচি ধৰিবলৈ। কিয় মিছ বিহেভ কৰিব! কথা কব নাজানে নেকি! এনেবোৰ ধুৰন্ধৰ মানুহৰ খংটো ক’ত থাকে জানে সি। ৰাণী আৰু প্ৰচ্ছায়াই তেল নামাৰে বাবে মানুহটো জ্বলে। আৰু এই লহকৰ নামৰ চামচাটো¸ তাক ভালকৈয়ে সেকা এটা দিব সি। মনতে দুয়োজনৰ পৰিণাম এটা ভাবি ললে পলাশে।

‘ নাই নাই¸ সেইবোৰ একো নকৰিবি। সুযোগ আহিব দে। কন্দুৱাম দুয়োটাকে।’
বৈশ্যদাই কৈ উঠিছিল তাক।

‘ কিন্তু এই লহকৰ কেটেলা পহুক মই দুই এদিনতে শিক্ষা এটা দিম বৈশ্যদা। আপুনি বাধা নিদিব। চাল্লা¸ পুৰুষো ইমান ঘাটিয়া থাকে নেকি!’

লহকৰৰ চুলিকেইদাল থৰঙা। তাতে চুটিকৈ কাটিলে অলপ থিয় হৈ থাকে। সাধাৰণতে কাকোৱেই বেয়াকৈ উপনাম দি কথা নকয় পলাশে। কিন্তু বেছি খং উঠিলে লেকাম চিগাৰ দৰে সংযম হেৰাই যায়।

‘ ৰহ। বৰকৈ কাজিয়াৰ কথা কৈ থাক। দুদিনমান ধৈৰ্য্য ধৰচোন। এতিয়াই যদি তাইক কোনোবাই কিবা কলেই সহ্য কৰিব নোৱাৰ¸ পিছত তঁহতৰ ঘৰত তাইক কোনোবাই কেতিয়াবা কিবা কলেও খঙতে ঘৰ এৰি আহিবি নেকি?’
ভেকাহি মাৰি কৈ তাক এইবাৰ জোকালে বৈশ্যই।

‘ আমাৰ ঘৰত তাইক কোনেও একো নকয়। মা-দেউতাই তাইক নিজৰ ছোৱালীৰ দৰেই ৰাখিব।’
বৈশ্যলৈ এবাৰ পোন্দোৱাকৈ চাই লাহেকৈ কলে সি।

‘ বুৰ্বক¸ আগতে তাইক কগৈ মনৰ কথাবোৰ। আজিয়েই চাঞ্চ লৈ ল। অলপ আপচেট হৈ আছে তাই¸ তাইৰ কাষত থিয় দি কথা পাতগৈ।’
এইবাৰ তাৰ গাত ধৰি হেঁচুকি দিলে তাক বাহিৰলৈ যাবলৈ। 

‘ পাছত ক’ম দিয়ক।’
লাজ লাগিছিল তাৰ। বৈশ্যদাই হেঁচুকি দিয়াত অলপ পিছুৱাই গৈছিল সি।
মিচিকিয়াই দিছিল কথাবোৰ ভাবি।

‘ চিওৰ কবিতো। চা ডেকা ল’ৰা¸ হিম্মত নকৰিলে কিন্তু এনেয়ে নাপাবি।’
ঢেকঢেকাই হাঁহি দিলে বৈশ্যদাই।
লাজমিশ্ৰিত হাঁহিৰে মুৰ দুপিয়াই চাই থাকিল সি।

-----
*****

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib