Now you can Subscribe using RSS

Submit your Email

Thursday 15 June 2017

অ’ ফুল অ’ ফুল নুফুল কিয়

Unknown

: খালীগাড়ী খালীগাড়ী¸ আদাবাৰী জালুকবাৰী…। আহক দাদা আহক¸ আহক বাইদেউ। - সৰু পোৱালিটোৱে মানুহবোৰ মাতি উঠাই আছে। মিৰ্জা ষ্টেণ্ডত আগৰ পৰাই মেক্সিমো এখন ৰৈ আছিল। আমাৰ মেজিকখন দেখি মানুহজনে মেক্সিমোত নুঠি আগুৱাই আহিল। অলপ আহল-বহল মেজিকখন। গৰমত মেক্সিমোত বাকচত সোমোৱাৰ দৰে লাগে। পৰাপক্ষত গৰমৰ দিনকেইটাত ওচৰৰ জেগাত ময়ো মেজিকতে উঠো। ড্ৰাইভাৰৰ কাষৰ চিটটো পালে আৰু মজা। চানমাৰিলৈ যাম। বাইক চলাই চলাই আজিকালি পাব্লিক গাড়ীত উঠিবলৈ আমনিয়ে পোৱা হৈছো। ইমান ৰৈ ৰৈ যায়। নতুন বাইকখন ভাইটিয়েই চলাই। পুৰণিখন অলপ বেয়া হৈ গেৰেজত আছে। আমনি লাগিছে চলাই চলাই¸ ভি চিৰিজৰে বাইক। বহুত পুৰণি। পুজালৈকে এইখন বেচি নতুন এখন লব মন আছিল। ভাইটিয়ে আকৌ বাইক কিনাৰ পক্ষপাতী নহয়। পাৰিলে চাৰিচকীয়া এখনহে লব বোলে। কথাটো ময়ো নভবা নহয়। গাড়ী এখনৰ প্ৰয়োজন হৈছেই।
: ঐ (অশ্লীল)¸ পেচেঞ্জাৰ কিয় কাঢ়ি আছা? - মেক্সিমোৰ হেন্দিমেনটোৱে ভৰি দাঙি আমাৰ গাড়ীৰ পোৱালি হেন্দিমেনটোক গুৰিয়াবলৈ খেদি আহিল। তাৰ গাড়ীত উঠিব খোজা পেচেঞ্জাৰজন আমাৰ গাড়ীত উঠাত তাৰ খং।
: কত পেচেঞ্জাৰ কাঢ়িলো। - অলপ পিছুৱাই আহিল পোৱালিটো।
: ঐ ঐ কি হৈছে তোৰ। দাদাগিৰি নেকি? - আমাৰ গাড়ীৰ ড্ৰাইভাৰটোৱে মেক্সিমোৰ হেন্দিমেনজনক ডবিয়াই উঠিল।
: ঐ ভাইটি¸ যাব দিয়াহে। - পিছপিনৰ পৰা কোনোবা এজনে চিঞৰি উঠিল। ইতিমধ্যে পেচেঞ্জাৰ ফুল হৈ উঠিছে। আমাৰ গাড়ীখনে গতি ললে। মেক্সিমোৰ ড্ৰাইভাৰটোৱে এতিয়াও ভোৰভোৰাই আছে। গাড়ীখনৰ পাওদানিত থিয় হৈ এখন হাতেৰে ধৰি ওলমি গৈ আছে পোৱালিটো।
চলন্ত মেজিকৰ পাওদানিত থিয় হৈ সৰু লৰাটোৱে ভাড়াবোৰ উঠাই আছে। ভৰিৰ পৰা মুৰলৈ ভালকৈ চালো তাক। এটা লেতেৰা পেন্ট আৰু জোখতকৈ ডাঙৰ ফটা চাৰ্ট এটা। বোধকৰো গেঞ্জী নিপিন্ধা বাবে বুটাম চিঙা বুকুখন ওলাই পৰিছে। বেল্ট নমৰা বাবে পেন্টতো বাৰেবাৰে তললৈ নামি গৈছে। এখন হাতেৰে আকৌ উপৰলৈ টানি আনিছে। তাৰ বয়স বৰ বেছি বাৰ বা তেৰ বছৰ হব। দুমাহমান নকটা জোপোৰা চুলিৰে তাক অদ্ভুত লাগিছে। শুকান¸ ৰুক্ষ চালৰ মুখখনিত দাৰিদ্ৰতা বিদ্যমান। কিয় জানো এনেবোৰ পৰিস্হিতত এনে লৰা-ছোৱালীবোৰক মনোযোগেৰে চাও। মনটো কিবা গধুৰ হৈ পৰে।
ওচৰৰ যাত্ৰীবোৰে নিজৰ ভাবত ব্যস্ত।
: আৰু তিনি টকা দিয়ক।- নামি যোৱা তিৰোতাজনীৰ পৰা আদায় কৰে সি।সহযাত্ৰী আদাবাৰীলৈ যাব¸ বোধহয় ছয়গাওৰ পৰা আহিছে। পঞ্চাশটকীয়া খনৰ ত্ৰিশটকা ৰাখি বিশটকা ঘুৰাই দিলে।
: ঐ কি ৰাখিলি। আৰু পাচটকা দে।
: খুড়া ত্ৰিশটকা ভাড়া।
: ঐ কি যা তা কৈ আছা। সদায় গৈ থাকো। পঁশিচটকাই দিও¸ আজি আকৌ কিয় দিম বেছিকৈ।- জকজকাই উঠিল মানুহজন। প্ৰায় পঞ্চাশ পঁচপন্ন বছৰীয়া মানুহজন। দেখাত সম্ভ্ৰান্ত ঘৰৰ যেন লাগে। বোধহয় চৰকাৰী চাকৰীয়াল।
: খুড়া ছয়গাঁওৰ পৰা ত্ৰিশ টকাই হয়। - সেমেনা সেমেনী কৰি আছিল সি। কৈ উঠিল ড্ৰাইভাৰ জনে। এইবাৰ মানুহজন মনে মনে থাকিল।
: দেখিছানে ভাইটি¸ পেট্ৰলৰ দাম বাঢ়িলে ভাৰা বেছিকৈ লয় কিন্তু দাম কমিলে ভাড়া নকমাই। - মানুহজনৰ কথাত যুক্তি আছে। কিন্তু এই গৰমত পেচেঞ্জাৰ গাড়ীত পেকপেকাই যাবলৈ মই ভাল নাপাও। তাৰ সলনি নিজৰ ভাববোৰেই পাগুলি থাকিম। ৰাষ্টাৰে যোৱা ধুনীয়া ছোৱালীবোৰ চাই থাকিম। খুড়াজনে ইতিমধ্যে মোৰ মুখলৈ চাই আছে। হাঁহি এটা মাৰি মুৰ দুপিয়ালো। বেছি সঁহাৰি নাপায় তেও মনেমনে থাকিল। মোৰ সমুখৰ চিটত দুজনী কলেজীয়া ছোৱালী। অসম্ভব নহলেও ধুনীয়া বুলি কব পাৰি। মোৰ সৰু ভাইটিৰ বয়সৰ। মোৰ ভন্টিৰ নিচিনাকৈয়ে মৰম লাগিছে সিহঁতক। ডিকে কলেজৰ ইউনিফৰ্ম যোৰত সুন্দৰ লাগিছে। এবাৰ সিহঁতৰ মুখলৈ চাও বুলিও চাবলৈ লাজ লাগিছে। কিবা ভাবে। আজিকালি সেয়াই সমষ্যা বহুক্ষেত্ৰত কৃটিম গাম্ভীৰ্য বজাই শিশু যেন মনটোত দবাই ৰাখিব লাগে।
: ফাইন আছে আগত। - হেন্দিমেন পোৱালিটোৱে চিঞৰি উঠিল। এনেয়ে দুজন মানুহ দেখিলেই যতে ততে ৰাখে মেজিক গাড়ীবোৰ। মানুহ কেইজনমান ৰৈ আছিল। গাড়ীখন নৰখাকৈয়ে আগবাঢ়ে। ট্ৰেফিক ভানখন ৰৈ আছে আগত।
: উঠাব পাৰিলে ভাল আছিল। - কৈ উঠিল ড্ৰাইভাৰটোৱে। আমাৰ বয়সৰে লৰাজন। চাগে সিয়েই গাড়ীৰ মালিক।
: ঐ আপা¸ ভিতৰত সোমাই যা।- হথাতে চিঞৰি উঠিল ড্ৰাইভাৰে। সমুখত চেকিং আছে। লংকেশ্বৰত চি আৰ পিৰ চেকপোষ্ট। হেন্দিমেন পোৱালিটোক তেনেকৈ ওলমি যোৱা দেখিলে¸ নিৰ্ঘাট গাড়ী ৰখাব। বান্দৰৰ দৰে বগুৱা বাই চলন্ত গাড়ীৰ দৰ্জাখন খুলি ভিতৰ সোমাল সি। আমাৰ চিটটোত চিট এটা খালি আছিল। ৰাণীচ’কত লৰাজন নামিন গৈছিল। ইউনিভাৰ্চিটি গৈ থকা ছোৱালীজনীৰ কাষতে বহি দিলে সি। তাই উচপিচাই উঠিল। চাগে লেতেৰা পোৱালিটো তাইৰ ওচৰত বহাত তাইৰ খং উঠিছে।
: দাদা¸ গাড়ী ইউনিভাৰ্চিটি হৈ যাবনে? - অলপদুৰ যোৱাৰ পিছত কৈ উঠিল তাই। নতুনকৈ বাইপাছটো হোৱাৰ পিছত গাড়ীবোৰ সেইটো ৰাষ্টাৰে চাই। জালুকবাৰী চ’কৰ পৰা ভালেখিনি পিছুৱাই আহিব লাগে ইউনিভাৰ্চিটিলৈ। বহুত ভাল হৈছে এতিয়া আগতকৈ। অলপ মুকলিমুৰীয়া হৈছে ইউনিভাৰ্চিটিখন।
: ইনিভাৰ্চিটি হৈ যাবি। - চিঞৰি উঠে পোৱালি লৰাটো। গাড়ীখন সেইপিনেই পোনাইছে। ইতিমধ্যে সৰহখিনি মানুহেই নামি পৰিছে। আমি তিনিজনহে আছো আদাবাৰী যাব লগা। পোৱালিটো আহি আকৌ ভিতৰত বহিল। মোৰ ভাড়া দিয়া নাছিলো। এশটকীয়াখন উলিয়াই দিলো। পঁশিচ টকা ৰাখি বাকীখিনি ঘুৰাই দিলো।
: নাম কি তোমাৰ? - মোৰ মুখলৈ আচৰিত হৈ চালে সি। তাক তুমি বুলি মতাত সি চাগে মোক বেলেগ গ্ৰহৰ প্ৰাণী বুলি ভাবিলে!
: বিজয়। - অলপপৰ ৰৈ কৈ উঠিল সি।
: পাইলট ইয়াৰ বয়স কিমান হলনো!
: হব দাদা তেৰবছৰমান। যদিও মোৰ বয়স বেছি নহয়¸ চাগে মিহিকৈ ৰখা মোচখিনিৰ বাবেই বহুতে দাদা বুলি মাতে।
: আপুনি জানেনে¸ ইমান কম বয়সৰ লৰাক কামত লগোৱাতো অপৰাধ।- কৈ উঠিলো মই। হয়তো পোৱালিৰ এই বয়সৰ জীবনতে জীবন সংগ্ৰামত মোৰ মনটোৱে হাঁহাকাৰ কৰি উঠিছে। তাৰ বয়সত আমি চাগে দুখ কি নুবুজাকৈয়ে ডাঙৰ হৈছো।
: কি কৰিব দাদা¸ বাপেকতো মদাহী। মস্ত বেমাৰী। ইয়াৰ তলত দুটা আছে আৰু। মাকে কাৰোবাৰ ঘৰত কাম কৰে আৰু ইয়াৰ দৰমহাৰে চলি আছে।
: উপাই নাই আৰু। - ড্ৰাইভাৰজনৰ কথা শুনি মনটো গধুৰ হৈ পৰিল। কবলৈ ভাষা একো নাই। ইতিমধ্যে আদাবাৰী আহি পাইছিল। নামি আহিলো। চানমাৰি যোৱাত বাছত উঠিবলে। পোৱালিয়ে চিঞৰি আছিল ছয়গাও¸ বিজয় নগৰ খালীগাড়ী খালীগাড়ী…।
ছয় নম্বৰৰ বাছখনত উঠি পোৱালিটোৰ কথাই ভাবি আছিলো। কেতিয়াবা কিছুমান কথাই মনটো গধুৰ কৰি তোলে। চাগে এদিন সিয়ো মদ খাং খাবলৈ লব। ড্ৰাইভাৰ হব। কৰবাৰ ছোৱালী এজনী পলুৱাই আনিব। এদিন তাৰ লৰা-ছোৱালী হব সিহঁতেও…।
লৰাটো মোতকৈ বয়সত অলপ ডাঙৰ। মোৰ লগতেই পঢ়িছিল। দুখীয়া ঘৰৰ লৰা¸ পঢ়াত কেঁচা। মেট্ৰিকত বেয়া কৰি পঢ়া এৰিলে। দেউতাকে দিন হাজিৰা কৰে। এদিন গাড়ীৰ হেন্দিমেন হল সি। দুমাহমান আগতে তাৰ গাড়ীতে উঠিছিলো। এতিয়া ড্ৰাইভাৰ হল সি। বহুত জোৰ কৰোতেও মোৰ ভাড়া নললে।
: বুজিছ পলাশ¸ আমাৰ জীবনবোৰ এনেকৈয়ে যাব অ’। নৰকৰ কীট আমি। টকাতো নায়েই¸ সন্মানো নাই। মানুহবোৰে আমাক পেলনীয়া জাবৰ বুলি ভাবে। - গভীৰ হতাশাৰে কৈ উঠিছিল সি।
: উপাই নাই ভাই। জীয়াই থাকিবলৈ সংগ্ৰামটো কৰিবই লাগিব। - কবলৈ বেছি ভাষা নাছিল মোৰ। তাৰ মুখৰ পৰা অহা মদৰ গোন্ধটো নাকত লাগিছিল। হয়তো সময় বাধ্য কৰিছিল।
এদিন তাক লগ পাইছিলো। অফিচৰ পৰা ঘৰলৈ আহি থাকোতে ছবছৰীয়া লৰাটো আৰু ঘৈনীয়েকৰ লগত খোজ কাঢ়ি আহি আছিল সি।
: কি অ’ ৰূপম¸ গোটেই পৰিয়াল একেলগে দেখোন। - বাইকখন ৰাখিছিলো। পঢ়ি থকা দিনতে শুনিছিলো সি ছোৱালী এজনী পলুৱাই অনা কথাটো।
: অ’ পলাশ¸ বাবাটোক এডমিচন দিলো অ’। আমিটো পঢ়িব নোৱাৰিলোৱে¸ চাওচোন কিমান পাৰো ইয়াক। - মৰমেৰে পুতেকৰ মুৰত হাত বুলাই কৈ উঠিছিল সি। অলপ আচৰিত হৈছিলো¸ আমাৰ অঞ্চলটোৰ দামী স্কুলখনত লৰাক কিমান ডাঙৰলৈকে পঢ়ুৱাব পাৰিব সন্দেহ আছিল। তথাপি মুগ্ধ হৈছিলো।
মোৰ বন্ধু এজন এন জি অ’ এটাত কাম কৰে। এনেকুৱা সৰু লৰা-ছোৱালীৰ শিক্ষাৰ বাবে কাম কৰে সিহঁতে। কিন্তু সম্পুৰ্ম সফল হব পৰা নাই।
: জান পলাশ¸ যেতিয়ালৈ সমাজখন সচেতন নহব¸ চৰকাৰে হওক বা আমিয়েই হওক বিশেষ কৰিব নোৱাৰো। যিমানবোৰ চৰকাৰী কৰ্মচাৰী আৰু বাকী লোক সকলে এদিনৰকৈ মজুৰিও মাহেতক দান কৰে এনেবোৰ বহুত শিশুৰ ভাল হব। - বৰ ডাঙৰ কথা কৈছিল সি। মোৰ ভাল লাগিছিল।
: দাদা কলৈ যাব। - তন্ময় হৈ ভাবি থাকোতে গমেই নাপালো কেতিয়া কনডাক্টৰজন ওচৰলৈ আহিছিল।
: চানমাৰি। - বিশটকীয়া খন দি কৈ উঠিলো। মনটো এতিয়াও মোৰ মেজিকখনতে আছিল। পোৱালিৰ চিঞৰটো কাণত ভাহি আছিল।
: এই বিজয় নগৰ¸ ছয়গাও…খালীগাড়ী…খালীগাড়ী…।
(অ’ ফুল অ’ ফুল নুফুল কিয়
কলিতে পুলি ভাঙি গলে মইনো ফুলিম কিয়!!)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib