Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

বৰষুণৰ প্ৰেম

Unknown

(অকবিতা)
-------------------
তোমাৰ হাতে হাতধৰি এজাক বৰষুণত তিতাৰ মন¸
তোমাৰ চকুত থৈ বিলীন হৈ যোৱাৰ মন নীলিমত¸
সাগৰৰ এচামুচ নীলা দেখাপাও তোমাৰ দুচকুত।
এই বৰষুণজাক মোৰ বৰ প্ৰিয়
কাৰণত শাওনৰ প্ৰথমজাক বৰষুণতে তিতিছিলো তোমাৰ সতে¸
শুভ্ৰ চুৰিদাৰ যোৰেৰে তোমাক সৰগৰ পৰী যেন লাগিছিল
একেটা চাটিৰ তলত তুমি আৰু মই…
বৰষুণত নিতিতিবা¸ চৰ্দি লাগিব
আস¸ কি যে মৌসনা তোমাৰ কণ্ঠ
মন গৈছিল যেন
তোমাৰ হাতত ধৰি দুয়ো বৰষুণত তিতিম¸ দৌৰিম
খিলখিলাই হাঁহি উঠিবা তুমি
মই গান গাম…
আস¸ সেই ক্ষণতো ৰৈ যোৱা হলে
বয়সে যদিও কৰিলে বুঢ়া
তথাপি একেই থাকিল বুকুৰ সেউজীয়া
ভালপোৱাৰ গান গুণগুনাই এতিয়াও
সেই অবুজ শিশু
তোমাক কোৱা নহল
হয়তো নহবও…
বৰষুণজাক মোৰ তেনেই আপোন
তোমাৰ সতে অভিন্ন বৰষুণজাক
বৰষুণজাক আহিলে সতেজ হও মই
মোৰ হিয়া চুই থৈ যায় বৰষুণজাকে
যেন কাণে কাণে কয়…
আজন্ম প্ৰেমিক মই
বৰষুণ মই ভালপাও।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib