Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

প্ৰতিবাদ

Unknown

ন যায় সপোন এটা কিনি আনিম…

চিন্তা নকৰিবলীয়া চিন্তা কিছুমান কৰো কেতিয়াবা
কাৰণ মোৰ চিন্তাশক্তি আছে¸
মই পাগল নহয়
আনুষ্ঠানিক শিক্ষাৰ লগতে জীবনেও শিকাইছে আদিপাঠ
আচলতে প্ৰতিটো ঘটনাৰ পৰাই ঠেকিঠেকি শিকো মই
চাগে সকলোৱে…
বৰকৈ খং উঠে কেতিয়াবা
বিতৰ্ক বেয়া পাও ৰে…
ডেকাতেজ তগবগীয়া যৌবন
দেশ বুলিলে আকৌ কিহৰ আদেশ¸
চাল্লা কিবা খং উঠিব
ফটোতে থুৱাই দিম চাল্লা
কি বুলি ভাবিছ!
হীৰুদা মোৰ প্ৰিয়
তেওৰ প্ৰাণৰো প্ৰাণৰ দেশখন
মোৰো প্ৰাণৰো প্ৰাণৰ
ভূপেনদাৰ মানুহে মানুহৰ বাবে
ঘাম বৈ যোৱা শৰীৰত লখিমীৰ কৃপা
ময়ো সদায় ভাবো মানুহৰ বাবে
প্ৰগতি বিচাৰো অধোনতি নহয়…
সমুদ্ৰ কাজল শইকীয়া মুৰ্দাবাদ
তেওৰ বিকৃত চিন্তা মুৰ্দাবাদ¸
যদি অশ্লীলতাই সৃষ্টি সংগীত হয়
আবৰণৰেই বা কি প্ৰয়োজন¸
উ: অসহ্য!
চৰম ঘৃণা আৰু ক্ষোভিত মই
কৰাততো একোৱেই কৰিব নোৱাৰে
এই পৃথিবীৰ এটা সামান্য ধুলিকণা…
হে ভগবান শক্তি দিয়া
জ্যোতি¸বিষ্ণুৰ জাতি আজি বিপদাপন্ন
হে প্ৰজন্ম তোমাক আহ্বান
সৃষ্টিক লোৱা আকোৱালি
ধংস নহয় শান্তিৰ প্ৰহৰী আমি।

(যদি অশ্লীলতাই কাৰোবাৰ কবিতাৰ প্ৰগতি হয়। তেন্তে মোৰ কবিতাও হব প্ৰতিবাদৰ হুংকাৰ। সুধীসমাজ আপোনাৰ হাতত সকলো।)
ঠিকনা: দক্ষিণ কামৰূপ

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib