Now you can Subscribe using RSS

Submit your Email

Sunday 2 July 2017

হেঁপাহৰ এমুঠি জোনাক

Unknown

মিঠা বৰনীয়া ছোৱালীজনী সিমান ধুনীয়া নহয়। তথাপিও ভাল লাগি গল মোৰ। কিবা এটা যেন নাৰীসুলভ কমনীয়তা আছে। নিয়মিয়া উচ্চতাৰ যুবতীগৰাকীয়ে চশমা পিন্ধে। তাইক প্ৰথম দেখোতে সিমান গুৰুত্ব দিয়া নাছিলো। এজনী খুউব ধুনীয়া¸ আকৰ্ষণীয়া জীবনসংগী বিচাৰিছিলো। মই বিচৰা এটা গুণো দেখা নাছিলো তাইৰ গাত।
‘‘ পলদা¸ এয়া মোৰ কাজিন জোনাক। মাহীৰ ছোৱালী।‘‘
নিকিয়ে চিনাকি কৰি দিছিল। সৌজন্যমুলক ভাবে নমস্কাৰ¸ প্ৰতি নমস্কাৰ জনোৱাৰ পিছত তাই আঁতৰি গৈছিল। মোৰ হাঁহি উঠিছিল। হাঁহিব নজনা ছোৱালীজনীৰ নাম জোনাক। জোনাক ৰাজবংসীক এৰি থৈ আহিছিলো সময়ৰ এটা কেঁকুৰীত। পাহৰিয়েই পেলাইছিলো তাইৰ কথা। মনত ৰাখিবলগাকৈ একো ভাললগা স্মৃতি নাছিল। এটা অবাঞ্চিত মুৰ কামোৰণিহে আছিল।
তাইৰ এটিটিউড অকণো ভাল লগা নাছিল মোৰ। সৰুৰে পৰা মই ধেমেলীয়া¸ গুৰু গোসাই নমনা লৰা। বেষ্ট নহলেও চাৰিওফালেই মই অলৰাউণ্ডাৰ। ভেম¸ অহংকাৰ সেইবোৰ বুজি নাপাও। মুখত যি আহে কৈ দিও¸ পেটত কথা নাৰাখো। ফ্ৰী ফ্ৰেংক হোৱা বাবে বন্ধু-বান্ধবীয়ো সৰহ আছিল। সৰুৰে পৰা স্বাধীনচিতীয়া¸ উদাৰ মনোভাবাপন্ন পৰিবেশত ডাঙৰ হৈছো। বুজি নাপাও কিয় মানুহে কয় এটা লৰা আৰু এজনী ছোৱালী কিয় ভাল বন্ধু হব নোৱাৰে বুলি মানুহে কয়। এই কথাটো ভুল বুলি প্ৰতিপন্ন কৰি লৰা-ছোৱালী উভয়ে ভাল বন্ধু আছিল মোৰ। অলপ হেণ্ডচাম¸ ষ্টাইলিছবাবে ছোৱালীবোৰ মোৰ দিৱানী আছিল। স্বাধীনচিতীয়া মনোভাবৰ বাবে মুক্ত বিহংগ হৈয়ে ৰৈছিলো ছাত্ৰ জীবনত। অসংখ্য বান্ধবী থকাৰ পিছত প্ৰেয়সী এজনীৰ অভাব অনুভব কৰা নাছিলো। সময়ৰ কাম সময়ত¸ মাথো কেৰিয়াৰ গঢ়িব লাগে। মনৰ মাজত গোপনে ড্ৰিমগাৰ্লজনীৰ ছবি এখন লুকুৱাই ফুৰিছিলো।
ৰুবিৰ লগত একেলগে পঢ়িছিলো ভাৰ্চিটিত। মোৰ অন্যতম প্ৰিয় বান্ধবী আছিল তাই। তাইৰ ভায়েক নাছিল। এজনীয়েই ভনীয়েক। সেয়ে মোৰ হাতত ৰাশি এটা বান্ধি ভায়েক পাতি লৈছিল।
কেইবাবাৰো তাইৰ লগত সিঁহতৰ ঘৰলৈ গৈছিলো। মাক¸ দেউতাকে মোক নিজৰ লৰাৰ দৰে মৰম কৰিছিল।
‘‘ পল¸ মোৰ বিয়াত তই এসপ্তাহ আগতে যাবিদেই। জানইতো দেউতা অকলশৰীয়া¸ এতিয়া তয়েই ভৰসা।’’
ৰুবিয়ে কৈছিল। তাইৰ বিয়ালৈ পাঁচদিনমান থকাতে গৈ ওলাইছিলো মই। তেতিয়াই লগ পাইছিলো জোনাকক।
মাক-দেউতাকে কি ভাবি তাইৰ নাম জোনাক ৰাখিছিল নাজানো। হয়তো তেওলোকৰ জীবনৰ জোনাক বিছাৰিয়েই জীয়েকৰ নাম জোনাক ৰাখিছিল। কিন্তু কোনোদিনেই তাইৰ মুখত জোনাক দেখা নাছিলো।
সহজতে সকলোকে আপোন কৰি লব পৰা স্বভাবৰ বাবে সকলোৱে মোক মৰম কৰিছিল।
‘‘ পলদা¸ তুমি দাদা নোহোৱাহেতেন ময়ে তোমাক বিয়া কৰালোহেতেন।’’ ৰুবিৰ ভন্টি নিকিয়ে কৈ উঠিছিল।
’’ ধেৎ বদমাছ। মাৰ খাবাদেই।’’
কৃটিম খং দেখুৱাই লাহেকৈ গালত চৰ এটা মাৰিছিলো। তাই হাঁহি দিছিল।
‘‘ পলদা¸ তুমি জোনাকক বিয়া কৰোৱা না। পিয়’ৰ আমাৰ বংশৰ এজন হৈ পৰিবা।’’
পুণৰ তাই হাঁহি হাঁহি কৈ উঠিছিল। তায়ো একেই মোৰ দৰে ফ্ৰী ফ্ৰেংক। ৰুবিৰ বিয়াৰ পিছদিনা ৰাতি বাৰাণ্ডাত বহি গল্প কৰিছিলো আমি। বিয়া শেষ হৈ নোযোৱালৈকে কামৰ অন্ত নাছিল। বিয়াৰ পিছদিনা সকলোৱে জিৰণি লৈছিল।
‘‘ মোৰ লগত মিলিব জানো! কথাই নকয় দেখোন। আৰু মই হেণ্ডচাম¸ স্মাৰ্ট।’’
বিশেষ নভবাকৈয়ে হাঁহি হাঁহি কৈ উঠিছিলো। নিকিয়ে হাঁহি দিছিল। দুয়ো ধেমালি কৰিছিলো।
আমাৰ এই ধেমালি চাগে জোনাকে সঁচা বুলি ভাবিছিল। ভাতখাই শুবলৈ যোৱাৰ আগমুহুৰ্তত স্পষ্ট শুনিছিলো¸
‘‘ তেও নিজকে কি বুলি ভাবে! বহুত স্মাৰ্ট¸ হেণ্ডচাম বুলি ভাবে নেকি? আমি তেনেকুৱা চেলেপু লৰাৰ বাবে পাগল নহও বুজিছা।’’
‘‘ জোনাক¸ তুমি ভুল বুজিছা। পলদা তেনে লৰা নহয়তো। আমি ধেমালিহে কৰিছিলো।’’
নিকিয়ে তাইক বুজাবলৈ চেষ্টা কৰিছিল।
মোৰ হাঁহিও উঠিছিল¸ দুখো লাগিছিল। ছোৱালীজনী সোণকালেই চিৰিয়াছ হৈ যায়।
‘‘ নিকি¸ তোমালোক শোৱা নাই।’’
মাত লগাই সোমাই গৈছিলো। তাই মোৰ ভন্টিৰ দৰে।
‘‘ এয়া শুবলৈ ওলাইছো পলদা। জোনাকে অলপ ভুল বুজিছিল।’’
হাঁহি মাৰি কৈছিল তাই।
‘‘ এতিয়া ক্লিয়াৰ হল নে?’’
‘‘ উম। হল।’’
হাঁহি মাৰি কৈছিল তাই। জোনাকে মতা নাছিল। তললৈ মুৰ কৰি বহি আছিল।
পিছদিনা ৰাতিপুৱা নিকিক বিচাৰি মই তাইৰ কোঠালৈ গৈছিলো। সন্ধিয়ালৈ মোৰ ট্ৰেইন। চাগে নিকি তেতিয়া মাৰ লগত পাকঘৰত আছিল। জোনাকে গা ধুই আহি দৰ্জাখন লাহেকৈ জপাই কাপোৰ চেঞ্জ কৰি আছিল। মই গম পোৱা নাছিলো। দৰ্জাখন খুলি সোমাই যোৱাৰ লগেলগে তাই উচপ খাই উঠিছিল। ময়ো অপ্ৰস্তুত হৈ ওলাই আহিছিলো।
‘‘ ছোৱালীৰ ৰুমত সোমালে নক কৰি সোমাব লাগে। আই হেট ইউ।’’
জোনাকৰ খং উঠিছিল।
মোৰ লাজ লাগিছিল।
‘‘ ছৰী জোনাক¸ চোৱা মোৰ তেনে একো মনোভাব নাছিল।’’
তাই একো শুনিব খোজা নাছিল। উচাৎ মাৰি ওলাই গৈছিল।
মোৰ খং উঠিছিল। বেয়া মনোভাব একো নাছিল। নিকি মোৰ ভন্টিৰ দৰে। জোনাকক ঠেক¸ মুডী ছোৱালী যেন লাগিছিল। ঘটনাটো কাকো নোকোৱাকৈয়ে বিদায় লৈছিলো। প্ৰেক্টিকেল লৰা হিচাপে জোনাকৰ কথাবোৰক পাত্তা দিয়া নাছিলো।
তিনিটা বছৰত পাহৰি পেলাইছিলো সকলো।
ছমাহমান আগতে ৰুবি মোৰ চহৰলৈ আহিছিল। গিৰিয়েকৰ ট্ৰেঞ্চফাৰ হৈছে। সপ্তাহত প্ৰায়েই একোবাৰ তাইৰ ঘৰলৈ যাও। কেতিয়াবা সিঁহত আহে। ভিনদেউ মানুহজন মৰমিয়াল। নিজৰ খুলশালী যেনেই ভাবে মোক।
‘‘ পল¸ মোৰ কাজিন এজনী আহিছে। ষ্টেচনৰ পৰা পিক কৰ না।’’
অফিচৰ পৰাই ৰুবিয়ে ফোন কৰিছিল মোক। ভিনদেউ অফিচৰ পৰা পোৱাহি নাই।
‘‘ হব দে।’’
বিশেষ নাভাবি গাড়ীখন লৈ ষ্টেচনলৈ আহিছিলো। ওচৰতে মোৰ অফিচ।
তিনিটা বৰ্ষৰ অন্তত জোনাকক দেখি মই যিমান আচৰিত হৈছিলো¸ চাগে তায়ো সিমানেই হৈছিল। আগতকৈয়ো ধুনীয়া হৈছিল তাই। চশমা পিন্ধিবলৈ এৰিছিল।
তাই ৰুবিলৈ ফোন কৰিছিল। যাত্ৰাপথত এটাও শব্দ বিনিময় হোৱা নাছিল আমাৰ। দুয়ো অসহজবোধ কৰিছিলো।
‘‘ কি বুলি ভাবে এইজনীয়ে নিজকে! এনেকুৱা চশমিছ¸ মুডী¸ ভেঞ্চাৰ স্কুলৰ মাষ্টৰনীক মৰি গলেও বিয়া নকৰাও।’’
সেইদিনা তাই উচাৎ মাৰি যোৱাৰ পিছত শুনাকৈয়ে কৈছিলো মই। তাই শুনিছিল।
চাৎকৈ কথাবোৰ মনত পৰি গল মোৰ। হয়তো তাইৰো।
ৰুবিৰ ঘৰত তাইক ড্ৰপ কৰি গুছি আহিছিলো। আহিবৰ সময়ত তাইৰ কাতৰ চকুযুৰি চকুত পৰিছিল। মই পাত্তা দিয়া নাছিলো। তাই আজিও মোৰ বাবে সেই একেই মুডী¸ প্ৰাউডী জোনাক।
তিনিদিনৰ বাবে অফিচিয়েল ট্যুৰ এটাত লক্ষীমপুৰ যাব লগা হল। ভিতৰুৱা ঠাই এখনত আমাৰ প্ৰজেক্ট। ষাঠি কিলোমিটাৰ ক্ৰছ কৰি নিতৌ হোটেললৈ আহিব লাগিব। ৰুবিয়ে গম পাই কোনোবা ৰিলেটিভৰ ঘৰত থকাৰ বন্দোবস্ত কৰি দিলে। মোৰ চাইটৰ ওচৰতে ঘৰ। মই আপত্তি কৰিলেও ৰুবিৰ ওচৰত মোৰ আপত্তি নৰজে। তদুপৰি জোনাক আৰু মোৰ মৃদু কাজিয়াখন আজিলৈ সকলোৰে অজ্ঞাত। হয়তো মই অসুবিধা নাপালোহেতেন যদিহে সেয়া আন কাৰোবাৰ ঘৰ হলহেতেন। তাৰোপৰি মোৰ সেইকেইদিনৰ হোটেল বিল ৰাহি হোৱাটো মোৰবাবে লাভজনকেই আছিল। কিন্তু জোনাকৰ নামটো শুনিহে হতাশ হলো।
উপায় নাই। ৰুবিৰ কথা পেলাব নোৱাৰো। অগত্যা সময়ৰ হাতত এৰি দি লক্ষীমপুৰত উপস্হিত হলো। ষ্টেচনত জোনাক ৰৈ আছিল।
‘‘ পলদা¸ আহক।’’
সম্পুৰ্ণ চাৰে তিনি বছৰৰ অন্তত তাই প্ৰথম মাতিছে মোক। স্বাভাবিক দেখুৱাই স্কুটীৰ পিছফালে বহিলো মই। গাঁৱলীয়া ৰাষ্টাটোত তাইৰ অবধ্য চুলিকেইদাল বাৰে বাৰে মোৰ মুখত লাগিছে। তাইৰ দেহৰ পাৰফিউমৰ গোন্ধতো মোৰ নাকত লাগিছে।
সিঁহতৰ ঘৰৰ সকলোৱে মৰমেৰে আদৰিলে মোক। সকলো মানে মাক-দেউতাক আৰু তাইহে। মাক-দেউতাকে আগতেই মোক লগ পাইছে ৰুবিৰ বিয়াত। আকৌ ৰুবিয়েই তেওলোকক ফোন কৰি কৈছিল মই যোৱাৰ কথা।
মোক বাথৰুমত পানী দিয়াৰ পৰা¸ ৰাতি বিচনা পাৰি দিয়ালৈকে চবকাম জোনাকেই কৰিছিল। বাৰুকৈয়ে আচৰিত হলো। তিনিবছৰ আগৰ জোনাক আৰু আজিৰ জোনাকৰ মাজত যেন আকাশ পাতাল প্ৰভেদ।
‘‘ পলদা¸ গুড নাইট।’’
পানীৰ জাৰটো মোৰ ৰুমত ৰাখি মিঠা মাতেৰে মৰমলগাকৈ কৈ ৰৈ থাকিল তাই।
‘‘ গুড নাইট।’’
মই কোৱাৰ লগে লগে হাঁহি এটা মাৰি গলগৈ তাই।
এইমুহুৰ্তত তাইৰ লগত কথা পাতিবলৈ মন গৈছিল। কিন্তু কথা ওলাইহে নাহে। হঠাতে ফোনটো বাজি উঠিল।
‘‘ পল দা¸ জোনাকৰ ঘৰ পালাগৈ ন! সচাকৈ বিয়া কৰাম বুলি ঠিক কৰিলা নেকি!’’
ফোনৰ সিটো পাৰে হাঁহি হাঁহি নিকিয়ে কৈ উঠিল। বায়েকৰ পৰা গম পাইছে তাই। গতিকে পাতিলোৱা দাদাকক জোকোৱাৰ সুযোগ তাই এৰিব নিবিছাৰিলে।
‘‘ ৰহ ঔ এইজনী। কিবোৰ যে কৈ থাকা নহয়। এতিয়াও ফ্ৰী হব পৰা নাই।’’
প্ৰথমবাৰৰ বাবে জোনাকৰ কথা কথা কওতে লাজ লাগিল মোৰ।
‘‘ ই পল দা¸ মই কম নেকি জোনাকক কেয়াৰ লবলৈ।’’
আকৌ এবাৰ জোকাই খিলখিলাই হাঁহি উঠিল তাই।
‘‘ গুড নাইট’’
কৃটিম খং দেখুৱাই ফোনটো ৰাখিলো। বহু স্মৃতি ৰোমন্হন কৰিব লগা আছে। নিজক ফঁহিয়াই চাব লগা আছে।
মই ভবাৰ দৰে জোনাক একেবাৰেই নহয়। উদাৰ মন এটা তাইৰো আছে। প্ৰমান পালো পিছদিনা ৰাতিপুৱাই যেতিয়াই তাই বিনামুলীয়ালৈ লৰা-ছোৱালীবোৰক পঢ়াইছিল। দৰমহাৰ টকাকেইটা দুখীয়া ছাত্ৰ-ছাত্ৰীক ভগাই দিছিল।
‘‘ বোপা¸ তাই সৰুতে পুৰুষৰ বেয়া ৰূপটোৰ সতে পৰিচিত হৈছিল অ’। তাই ক্লাছ নাইনত থাকোতেই ওচৰৰ সম্পৰ্কীয় দাদাক এজনে তাইৰ শ্লীলতা হানিৰ চেষ্টা কৰিছিল।’’
সন্ধিয়া হুমুনিয়াহ কাঢ়ি মাকে কৈ উঠিছিল। জোনাক আহি পোৱা নাছিল। স্কুলৰ পৰা আহি টিউচনলৈ গৈছিল।
সেই তিনিদিন তাইৰ স্কুটীখন লৈয়ে মই চাইটলৈ গৈছিলো। দেউতাক চৰকাৰী বিভাগ এটাৰ কেৰানী। দিনতো মাক অকলে থাকে ঘৰত। দুপৰীয়া সন্ধিয়া সোনকালে আহি পাও মই।
‘‘ পল দা¸ ছৰী। সেইদিনা চাগৈ আপোনাক তেনেকৈ কব নালাগিছিল।’’
দোষী দোষী ভাবেৰে কৈ উঠে তাই। কাইলৈ যামগৈ মই। ইতিমধ্যে চাৰিদিন থাকিলো। এইকেইদিনত তাইৰ লগত অলপ দোষ্টি হৈছে মোৰ। পিছবেলা তাইৰ লগত সিঁহতৰ গাঁওখন ফুৰিলো। জোনাক সলনি হৈছে। মই ভালকৈয়ে বুজিছো। বাস্তববাদী দৃষ্টিভংগীৰে সকলো চাবলৈ শিকিছে। ক্ৰমশ: তাইক ভাল লাগি আহিছে মোৰ। তাইৰ কি দোষ!
কোনোবা লম্পট পুৰুষে সৰুতেই তাইক ভয় খুৱালে পুৰুষক সহজভাবে লব নোৱাৰাটো স্বাভাবিক।
‘‘ কিয় তেনেকৈ কৈছা! ভুল হয়তো মোৰো আছিল।’’
তাইৰ ফালে চাই কৈ উঠিলো। মনটো পাতল লাগিল। যাঁহওক তায়ো মোৰ প্ৰতি ভুল ধাৰনা লৈ থকা নাই। ধেমেলীয়া¸ দুষ্ট হলেও মই অসভ্য নহও।
‘‘ ঠেংক ইউ পল দা। গুড নাইট চুইট ড্ৰিমজ।’’
মিঠা হাঁহি এটা উপহাৰ দি গলগৈ তাই। মই তাই যোৱাৰ ফালেই চাই থাকিলো। কিবা যেন এক নাম নজনা অনুভুতিৰে মনটো ভৰি উঠিছে। ভাল লাগি গৈছে মনটো।
ঘৰত বিয়াৰ কথা চলিছে মোৰ। মা-দেউতাক বোৱাৰী এজনী লাগে। আজিকালি প্ৰায়েই চিঞৰি থাকে। মনে মিলা সংগীহে পোৱা নাই। জীবনত বিয়া এবাৰহে হয়! যথেষ্ট সচেতন মই। জীবনটো এডজাষ্ট কৰি চলিব নোখোজো। প্ৰতিটো দিনেই উদযাপন কৰিব খোজো। এই মুহুৰ্তত জোনাককেই মোৰ জীবনসংগীৰূপে ভাবিব মন গল। বাহ্যিক ৰূপ ভিন্ন হলেও দুয়োৰে মন একেই দেখোন!
ৰাতিপুৱা তায়েই মোক ষ্টেচনত আগবঢ়াই থবলৈ আহিছিল। ওলাবৰ সময়ত ফুলাম গামোচা এখন মোৰ বেগত ভৰাই দিছিল। আহোতে ৰাষ্টাত কাৰো মুখত মাত নাই। মোৰ মনটো যেন তাইৰ কাষতেই ৰৈ যাব খুজিছে। আৰ চকুৰে চাইছো¸ তাইৰো চকুদুটা চলচলীয়া হৈ পৰিছে। নাজানো কিমানখিনি মোক বুজি উঠিছে¸ কিমান ৰুবিহঁতে কৈছে।
‘‘ পল দা¸ আকৌ আহিবা।’’
প্লেটফৰ্মত ট্ৰেইন ৰখি বহি থাকোতে তাই মোক কৈ উঠিছে। হয়তো আবেগত আপুনি পাহৰি তুমি কৈ উঠিছে। আৰু কন্ট্ৰ’ল সম্ভব নহয়।
‘‘ ওহো নাহো কেতিয়াও।’’
গহীন হৈ কৈ উঠিলো। তাই আচৰিত মোৰ ফালে চালে। যেন সুধিছে¸ কিয়? কি ভুল কৰিলো।
‘‘ আৰু এইৰূপত নাহো। আহিম বেলেগ এটা ৰূপত যদিহে তুমি বিচাৰা।’’
তাইৰ চকুলৈ চাই কৈ উঠিলো। আবেগত মাতটো কপি উঠিছে মোৰ। তাই বুজিলে। চকু দুটা তললৈ নমাই তাই লাহেকৈ কৈ উঠিল
‘‘ কিন্তু মই ধুনীয়া নহয়। ভাল চাকৰীয়ো নাই।’’
কওতে তাইৰ দৃষ্টি উদাস হৈ পৰিছে।
কথাষাৰে যেন মোক চাবুকৰ দৰেহে কোবালে। আৰু ৰব নোৱাৰিলো।
‘‘ তুমি মোক এতিয়াও নুবুজা।’’
তাইক দুয়োকান্ধত ধৰি গভীৰ আবেগেৰে কৈ উঠিলো। তাই উচুপি উঠিল¸ সাবতি ধৰিলে মোক।
‘‘ পল দা¸ মই তোমাক বহুত ভাল পাও।’’
দুয়ো পাহৰি গলো যে দুয়ো ৰাজহুৱা স্হানতহে আছো। মানুহবোৰে আমালৈ চাইছে। মোৰ লাজো লাগিছে ভালো লাগিছে।
‘‘ কিন্তু এটা কথা জোন’’
তাই মোৰ চকুলৈ চালে।
‘‘ মই পাৰফেক্ট নহও। অলপ বদমাছ¸ হয়তো চঞ্চলো।’’
তাইক জোকাবলৈ ধুৰ্ত চকুহাল মোৰ নাছি উঠিল।
‘‘ মই তেনেকুৱাই বিচাৰো।’’
তাই লাহেকৈ মোৰ বুকুত ভুকু এটা মাৰি জোৰকৈ সাবতি ধৰিলে। দুয়োৰে মুখত ফুটি উঠিছে প্ৰাপ্তিৰ হাঁহি।
ট্ৰেইনখন তেতিয়াও আহি পোৱা নাছিল।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib