Now you can Subscribe using RSS

Submit your Email

Monday 10 July 2017

বানপানী আহিছে

Unknown

: ধেৎ চাল্লা¸ কি যে কুক্ষণত ইয়ালৈ আহিছিলো।
- ভোৰভোৰাই উঠিল বেদান্তই। সমুখত এবুকু পানী। ঘৰৰ পৰা ওলাই বাইলেনটোত উঠিছিলহে সি¸ হথাত ষ্টাৰ্ট বন্ধ হৈ গল গাড়ীখনৰ। প্ৰায় এবুকুমান পানী। নলাৰ জাঁবৰ-জোথৰবোৰ ৰাষ্টাত উঠিছে। বেদান্তই জানে সেইবোৰ চব লেতেৰা পানী। বিবুধিত পৰিল সি। এতিয়া আগলৈয়ো যাব নোৱাৰে¸ ঘুৰি যাবও নোৱাৰে। ঘিন লাগিল তাৰ। গু-মুতৰ লেতেৰা পানীত নামিলেই ছালৰ বেমাৰ হব। নাকতো কোচ খাই আহিল।
ৰাতি বৰষুণ এজাক আহিছিল। পুৱাৰে পৰা কিনকিনিয়াকৈ দি আছে। এৰাৰ নামেই লোৱা নাই। এতিয়া পথত এবুকু পানী। আগতে হোৱা হলে আজি অফিচলৈয়ে নগল হেতেন। কিন্তু নতুন চৰকাৰ অহাৰ পৰা দায়িত্ব বাঢ়িছে তাৰ। তাতে বিভাগীয় মিটিং এখনো আছে। উচপিচাই উঠিল সি। ছে: চিনাকী কাকোৱেই দেখা নাইচোন। কিহে পাইছিল গাড়ীখন লৈ আহিবলৈ।
মৰ এতিয়া ফঁচি। নিজকে নিজে কলে সি।
পাঁচবছৰমান আগতে ইয়ালৈ আহিছিল সিঁহত। আগতে শান্তিপুৰত ভাড়া আছিল। নতুন ঘৰটোলৈ আহিবলৈ সকলোৰে কি যে ফুৰ্তি। মাকৰ ঘৰৰ ওচৰত হোৱা বাবে অংকিতাৰ ফুৰ্তিৰ অন্ত নাছিল। মনগলেই যাব পাৰে তাই। বিশমিনিটৰহে ৰাষ্টা। সিয়ো বেয়া পোৱা নাছিল। মাক-দেউতাক দুৰত থাকে যেতিয়া আপদে বিপদে শহুৰেকৰ ঘৰখনে সহায়।
: বোপাই অ’ এই সকলোবোৰ তোৰেই। মই মৰাৰ পিছত কোনে খাব!
- সি চহৰত ঘৰ সাজিব ওলোৱা কথাটো শুনি দেউতাকে কৈছিল। গুৱাহাটীৰ পৰা অলপহে দুৰ সিঁহতৰ ঘৰলৈ। মাথো ডেৰঘন্টাৰ বাট। আজিকালি ৰাষ্টাঘাট ভালহৈ চহৰমুখী হৈ সিঁহতৰ গাঁওখনো ভালেখিনি উন্নত হল। আজিকালি সকলো সুবিধা হল। হাইস্কুলৰ শিক্ষক বসন্ত কলিতাই বিচৰা নাছিল পুতেকে চহৰত ঘৰ সাজি বেলেগে থকাটো। এয়া নহয় যে তেও পুতেকৰ উন্নতি বিচৰা নাছিল¸ বিচাৰিছিল। গাঁওৰ বোকামাটি গচকি ডাঙৰ হোৱা পুতেকে গাঁওতে থকাটো বিচাৰিছিল তেও। সাতামপুৰুষীয়া অগাধ সম্পত্তি খাব কোনে? তাতে গুৱাহাটীৰ পৰা আজিকালি অহাযোৱা কৰাটোনো কি ডাঙৰ কথা। মহানগৰীৰ ভালেমান ঠাইতকৈ সিঁহতৰ গাঁওখন উন্নত।
দেউতাকৰ মনত দুখ দিবলৈ মন নাছিল বেদান্তৰ। গাঁওতে ধুনীয়া অট্টালিকা এটা সাজিব মন আছিল তাৰ। মাক-দেউতাকৰ একমাত্ৰ সন্তান সি। সদায় তেওলোকৰ লগতে থাকিব খুজিছিল। কিন্তু অংকিতা নাচোৰবান্দা। গাঁওত কোনোপধ্যেই নাথাকে তাই। যদিও বেদান্তৰ গাঁওখন উন্নত¸ তথাপিও যেন তাইৰ মনত সেয়া ঘোকোট ঠাই। বেদান্তই তাইক বুজাব পৰা নাছিল। সৰুৰে পৰা চহৰতে ডাঙৰ হোৱা ছোৱালী তাই। গাড়ী-মটৰৰ শব্দ¸ কল-কাৰখানাৰ কলা ধোৱাত অভ্যষ্ট।
গাঁওৰ লৰাৰ লগত বিয়া হলেও চহৰতে থকাৰ সপোন দেখিছিল তাই।
: পোণা অ’¸ বোৱাৰীক দুখ দিব নালাগে যা। তঁহত সুখত থাক। মাজে-সময়ে আহিবি।
- দেউতাকে কৈ উঠিছিল এদিন।
সি অনুভব কৰিছিল¸ কৰবাত যেন কিবা এটা কেনা লাগিছে। অংকিতাক ভালপাই বিয়া কৰাইছিল সি। বেদান্তই অনুভব কৰিছিল মাক-দেউতাক যেন সুখী নহয় বোৱাৰীৰ লগত। অাধুনিকা অংকিতাৰ সাজোন-কাচোন¸ ব্যবহাৰত বাৰুকৈয়ে বিৰক্ত হৈছিল শিক্ষক দেউতাক। আৰু অংকিতা…তায়ো মিলিব পৰা নাছিল।
: বোৱাৰী¸ এয়া নকৰিবা…এইফালে নাযাবা…
-অতীষ্ঠ হৈ গৈছিল তাই। সৰুৰে পৰা মুকলি মুৰীয়াহৈ ডাঙৰ হৈছিল তাই। বিয়াৰ পিছতো গিৰিয়েকৰ ঘৰত আনৰ অনাধিকাৰ প্ৰবেশ বিচৰা নাছিল।
কি কৰিব সি। যেনেতেনে দুটা বছৰ শান্তিপুৰৰ ভাড়াঘৰটোত থকাৰ পিছত ফ্লেটতো কিনি ইয়ালৈ আহিছিল। মাজে-মাজে মাক-দেউতাক আহে। এৰাতি থাকি গুছি যায়। আগ্ৰহেৰে অংকিতাই শাহু-শহুৰৰ আল-পৈচান ধৰে। মাক-দেউতাক সুখী হয়। কেতিয়াবা সিঁহত গাঁওৰ ঘৰলৈ যায়। সি পাহৰি গলেও নিতৌ ৰাতি মাকে ফোন কৰে তালৈ¸ দেউতাকেও কথা পাতে। সকলো সুখী¸ তথাপিয়ো যেন এটা উদাস দৃষ্টি দেখে সি তেওলোকৰ মাজত। অসহায় অনুভব কৰে সি।
: ক্ৰিং ক্ৰিং ক্ৰিং ক্ৰিং
- কাষেৰে ৰিক্সা এখন পাৰহৈ গল। সম্বিত ঘুৰি আহিল তাৰ।
বিহাৰী ৰিক্সাৱালাটোৱে প্ৰকাণ্ড মানুহ এগৰাকীক বহাই ৰিক্সাখন ঠেলি নিছে। লেতেৰা পানীবোৰ তাৰ গাত লাগিছে। বেদান্তই দেখিলে কলা কলা কিবা লেতেৰা ৰিক্সাৱালাজনৰ পিছফালে কাপোৰত লাগিছে। তাৰ ঘিন লাগিল।
বৰষুণ বতৰত ৰিক্সাৱালাবোৰে ভালপায়। কষ্ট হয়¸ কিন্তু ভাল ইনকাম হয় সিঁহতৰ। দহটকাৰ পথত এশ টকা লয়।
হাঁহি উঠি গল বেদান্তৰ। এচাম মানুহৰ দুখত আন এচামৰ সুখ।
: হেৰা ভাইটি ৰবাচোন¸
- দুজন লৰাই পেন্ট কোচাই খোজকাঢ়ি আহি আছিল। খিৰিকিৰ গ্লাছখন নমাই মাতিলে সি। দুয়ো কাষচাপি আহিল। দুয়োজনৰ মুখত দাৰিদ্ৰতাৰ চিন বিদ্যমান। চাগে ট্ৰাইবেল লৰা। দুয়োৰে চকুদুটা ঢুলঢুলীয়া। চাগে মদখাই আহিছে।
: গাড়ীখন অলপ ঠেলি দিবা নেকি?
- সুধিলে সি। কণ্ঠত তাৰ অনুনয়ৰ সুৰ। আনকালে হোৱা হলে ইঁহতবোৰক পাত্তাই নিদিলেহেতেন। কিন্তু দৰকাৰৰ সময়ত গাধকো ককাই বুলিব লগা হয়।
: কিমান দিব?
- তালৈ চাই সুধিলে সিঁহতে। আজিৰ যুগত এনেয়ে সহায় কৰাৰ দিন নাই। তাতে আনদিনত এই গাড়ীৱালাবোৰেই মুখত বোকা চটিয়াই আঁতৰি যায়। দুুপইচা পোৱাৰ সুযোগটো হেৰুৱাব নুখুজিলে সিঁহতে।
: কিমান লবা?
: দুশ লাগিব।
: ঠিক আছে।
- টকা দুশ পাৰ্চৰ পৰা উলিয়াই দিলে সি। অশেষ কষ্টৰে সিঁহতে ঠেলি ঠাইখিনি পাৰ কৰালে তাক। মাথো দুশ মিটাৰমানহে পানী। তাৰ পিছতেই কেঁকুৰীটো ঘুৰি অলপ গলেই জি এছ ৰোড উঠিব পাৰি।
সিঁহতক ধন্যবাদ এটা দি গণেশগুৰিমুৱা হল সি। তাৰ বেয়া নালাগিল। টকা দুশ তাৰ বাবে ডাঙৰ নহয়।
অনিল নগৰৰ মানুহৰ এয়াই সমষ্যা। এজাক বৰষুণতে বানপানী হয়।
: কলিতা¸ দুদিনমান ৰওক নেকি?
- অনিল নগৰত সি ফ্লেট কিনিব ওলোৱা শুনি সহকৰ্মী কাকতীয়ে কৈছিল। সি নুশুনিলে। ঘৈনীয়েকৰ উৎসাহত চল্লিশ লাখ টকাত ফ্লেটতো কিনি মহা ভুল কৰিলে সি। পাহাৰৰ পানী নামি এপাৰ্টমেন্টৰ বেচমেন্ট তল যায়। প্ৰশাসনে টেটুফালি চিঞৰি আছে¸ অথচ একো ভাল কৰিব পৰা নাই। মানুহবোৰো ভাল নহয়¸ ডাষ্টবিনত পেলাবলগীয়া লেতেৰা জাবৰবোৰ নলাত পেলোৱাৰ ফল হাতেহাতে পাইছে। অংকিতাৰ ওপৰত খং উঠিল তাৰ। তাই জিদ নকৰাহলে আজি ইমান কষ্ট কৰিবলগা নহলহেতেন। ইতিমধ্যে ৰাষ্টাত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। কৃটিম বানৰ বাবে গাড়ীবোৰ লাহেলাহে আগুৱাইছে।
: হেৰা¸ তুমি অফিচ পালানে?
- ফোনটো ৰিচিভ কৰাৰ লগেলগে অংকিতাই সুধিলে তাক। তাইৰ কণ্ঠত উৎকণ্ঠা।
: নাই অ’। এয়া জামত ফঁচি আছো। ৱালফোৰ্ট পাইছো জাষ্ট।
- নিৰ্লিপ্তভাবে কৈ উঠিল সি।
: অহ গড¸ এইমাত্ৰ বৰানীয়ে কলে¸ তোমাৰ গাড়ী ফঁচি গৈছিল বোলে।
: নকবা আৰু। কোনোমতে লৰাদুজনক পাই টকাদুশ দি উলিয়াই আনিছো।
: থেংক গড।
: অ’ শুনা¸ যাওতে গাড়ীখন মাঁহতৰ ঘৰত থৈ যাম মই। তুমি বাহিৰলৈ একদমেই নোলাবা। যি লাগে চব্জি ময়ে লৈ যাম।
: হব দিয়া।
- ফোনটো ৰাখিলে তাই। হুমুনিয়াহ এটা ওলাই আহিল তাৰ।
শহুৰেকৰ ঘৰলৈ অফিচৰ পৰা বেছি দুৰ নহয়। অলপ সোণকালে অফিচৰ পৰা সোণকালে ওলাই গাড়ীখন শহুৰেকৰ ঘৰত থৈ ওলাই আহিল সি। গণেশগুৰিত চব্জী অলপ বজাৰ কৰি ৰিক্সা এখন ললে সি। তাৰ হাঁহি উঠি গল। বিশ টকীয়া পথটোত আজি ৰিক্সাৱালাৰ ডিমাণ্ড ডেৰশ টকা। লবই¸ অশেষ কষ্টৰে অাৰোহীৰ গাত লেতেৰা পানী নলগাকৈ পৌচাই দিয়ে সিঁহতে। বাটপথৰ দ গাঁত¸ খালবোৰ সিঁহতৰ নখ দৰ্পনত। হুমুনিয়াহ এটা ওলাই আহিল তাৰ। কিছুদিন আগতে এনেকুৱা বানপানীত পথচাৰী মেনহলত সোমাই মৃত্যুমুখত পৰিছিল। বিদ্যুৎস্পৃষ্ট হৈ মৰিছিল। যতচব অকৰ্মন্য। দায়িত্বজ্ঞানহীন বিদ্যুৎ বিভাগ আৰু মেনহলৰ ঢাকনি গুচাই থোৱা মিউনিচিপেলিটিৰ ওপৰত খং উঠি গল তাৰ।
: চাব¸ জৰা পকৰিয়েগা। আগে খদ্দা হেই।
- হঠাতে ৰিক্সাৱালাটোৱে কৈ উঠিল। দুয়োফালে জোৰেৰে খামুচি ধৰিলে সি। অলপ জোকাৰণি মাৰি ৰিক্সাখন গাতটো পাৰহৈ গল। চেৰেককৈ চিনিকনি অলপ ৰিক্সাৱালাৰ মুখত পৰিল। সোঁহাতখনেৰে সি মচি দিলে।
মনটো কিবা লাগি গল বেদান্তৰ। পানীবোৰৰ পৰা বেয়া গোন্ধ এটা আহিছে। হয়তো ওচৰৰ নলাটোত বৰ লেতেৰা কিবা আছিল। হাতখনেৰে নাকত হাত দিলে সি।
গাড়ীখন কিনাৰ পৰা বহুদিন ৰিক্সা¸ বাছত উঠাই নাছিল সি। অলপ বিলাসী জীবনেই কটাইছিল। বৰষুণজাক এতিয়াও কিনকিনকৈ আহিয়ে আছে। আজি ৰাতিয়ো যদি ভালকৈ বৰষুণজাক আহে¸ কালিলৈ সি ওলাবই নোৱাৰিব। এৰা¸ বানপানী আহিছে¸ কৃটিম বান। সিঁহতে ৰিলিফ নাপাই। ওঠৰ কোণত হাঁহি এটা ফুটি উঠিল তাৰ। গাঁওত চাগে একো অসুবিধাই হোৱা নাই। খালে খালে পানীবোৰ নামি গৈছে। দেউতাকে চাটিতো মুৰত লৈ গৰু¸ছাগলীলৈ কলপাত¸ কঠালপাত কাটিছে। হঠাতে বুকুখন বিষাই উঠিল তাৰ। সি বাৰু বেছি তিৰুতাসেৰুৱা হল নেকি! অংকিতাক অলপ বুজাবলৈ চাগে চেষ্টা কৰিব পাৰিলেহেতেন। মহানাগৰিক জীবনে এই সাতটা বছৰত বাৰুকৈয়ে আমুৱাইছে তাক।
গভীৰ দুখেৰে ভৰি পৰিল তাৰ মনটো।
নাই¸ সি আৰু নাথাকে ইয়াত। ফ্লেটতো বেছি গাঁওলৈকে যাবগৈ। জিওৰ বাবে গাঁওৰ মুকলিমুৰীয়া বতাহহে বেছি প্ৰয়োজনীয়। সি বুজা হৈ আহিছে। ককাক¸ আইতাকৰ মৰমৰ পৰা তাক বঞ্চিত কৰি ৰাখিব নোৱাৰি। অংকিতাক বুজাব সি। ভাবি ভাবি কেতিয়া পালেহি গমেই নাপালে বেদান্তই।
: চাব¸ উতৰিয়ে
- গেটৰ মুখত ৰিক্সাৰ পৰা নামি ভাড়াটো দিলে সি। হঠাতে তাৰ চকুত পৰিল¸ ৰিক্সাৰ চকাত কিবা এটা লাগিছে। কৌতুহলবশত অলপ হাউলি চালে সি¸ এটা কলা প্লাষ্টিকৰ ঠোঙা। তাৰ মনত পৰিল কিছুদিন আগতে সন্ধিয়া লৰালৰিতে সিয়ে নলাত পেলাইছিল পলিথিনটো। পাচলি বাকলী আৰু মুৰ্গীৰ নাড়ীভুৰু¸ঠেং আছিল তাত। বেদান্তৰ ঘিন লাগিল। নিজৰ ওপৰতে খং উঠিল তাৰ। ভেকেটা-ভেকেট গোন্ধতো যেন তাৰ নাকত লাগিছে। হাতেৰে নাকত সোপা দি বেগাই গল সি ঘৰলৈ।।

Sunday 9 July 2017

মুৰ্দাবাদ¸ মুৰ্দাবাদ

Unknown

#দুখ-
কেতিয়াবা কিছুমান কথাই মনবোৰ গধুৰ কৰি তোলে। তাতেই লেখামেলা কৰা মানুহ। আবেগবোৰ অলপ বেছি। আচলতে প্ৰতিটো কাহিনীয়েই লেখকৰ বাস্তবৰ একোটা টুকুৰা ছবি। অনুভব¸ কল্পনাৰ ৰহনেৰে মাথো অলংকাৰহে পিন্ধাই কাহিনীসমুহক। হয়তো তাতেই সুখ লেখকৰ। বিদ্ৰোহ তেনেকৈয়ে কৰে। চিনাকী বা এগৰাকীৰ ফেচবুক আপদেট এটাই কন্দুৱাই দিছিল তাক। ভাবিছিল ইয়াকে লৈ কিবা এটা লিখিব। নিজৰ বাবেই লিখিব। অন্তত: ক্ষোভ কমিব। মনটো পাতল হব। চেতনা জগাই তুলিব পৰাকৈ সক্ষম নহয় সি। তথাপি আশাবাদী।
********
#বাসবীৰ কথাৰে-
কিয়? কিয় মানুহবোৰ এনেকুৱা? কিয় মানুহবোৰৰ দুটা দুটা ৰূপ? আধুনিক মানুহবোৰ সচাকৈয়ে পাষাণ হৈ গল নেকি! তাই ভাবে!
একো উৱাদিশ নাপায় তাই। কিয় নাৰীয়ে নাৰীক সমৰ্থন নকৰে। অন্যায় বুলি জানিও প্ৰতিবাদ কৰিব খোজা গৰাকীক পিছলৈ থেলি দিয়ে কিয়? এই কিয়বোৰৰে উত্তৰ বিচাৰি নাপায় তাই।
হুমুনিয়াহ এটা ওলাই আহে বাসবীৰ। টিভিৰ পৰ্দাত¸ পেপাৰত মানুহবোৰে ডাঙৰ ডাঙৰ কথা কয়। মহিলা সকলে প্ৰতিবাদ কৰিবলৈ উৎসাহিত কৰে¸ অথচ বাস্তবত……।
আৰু ভাবিব নোখোজে তাই।
কাজিনজনে ফোন কৰিছিল। চুটিত অলপতে ঘৰলৈ আহিছে সি।
: নীল¸ মই চাকৰীটো ৰিজাইন কৰিলো।
- কও নকওকৈ বায়েকে কলে তাক। সি যেন আকাশৰ পৰাহে পৰিল। কি হল বায়েকৰ। ইমান ভাল চাকৰীটো। ছমাহমান হৈছিলহে। ভিনিহিয়েকে কিবা কলে নেকি? তেও একো কবতো নালাগে।
: কি হল বা। নতুনকৈ সোমাইছিলিহে! ভিনদেৱে কিবা কলে নেকি?
: নহয় নহয়। পাৰ্থই একো কোৱা নাই অ’। সেইবোৰ বহুত কথা।
- হুমুনিয়াহ এটা কাঢ়ি ফোনৰ সিতো পাৰৰ পৰা বায়েকে কৈ উঠিল।
: কি হল কোৱাচোন।
- ব্যতিব্যস্ত হৈ পৰিল সি।
কি কব বাসবীয়ে। কেনেকৈ কয় ভায়েকক! কাজিন হলেও সিঁহত স্বগৰ্ভী ভাই-ভনীৰ দৰে। এপলক ভাবিলে তাই। বেছিভাগ নাৰীয়ে চাগে কম-বেছি পৰিমানে নিজৰ অফিচত যৌন আতিশায্যৰ বলি হব লগা হয়। খুউব কম সংখ্যকহে লাকী¸ যিয়ে মুক্তমনে কাম কৰিব পাৰে। তাই কিয় সেই কমসংখ্যক নাৰীৰ মাজত এজনী হব নোৱাৰিলে! এয়া কি ভাগ্যৰ দোষ! দুচকু চলচলীয়া হৈ পৰে তাইৰ।
তাই বুজি নাপায়¸ কিয় মানুহবোৰ এনেকুৱা। আধুনিক শিক্ষিত মানুহ কিছুমানৰ কৰ্মকাণ্ডত থুৱাই দিব মন যায় তাইৰ। চাল্লা হাৰামী¸ বেইমান…। বুকুত উমি উমি জুই জ্বলি উঠে তাইৰ। চেণ্ডেল খুলি থাছথাছকৈ কেইটামান কোব সোধাব মন যায়।
: বাসবী¸ অলপ চাবাদেই। মানুহজন সিমান সুবিধাৰ নহয়।
- তাই জইন কৰাৰ কিছুদিন পিছতেই বান্ধবী তৃপ্তিয়ে কৈ উঠিছিল। দুয়ো একেলগে ট্ৰেইনিং এটা লৈছিল বহুদিন আগতেই। তৃপ্তি বহুত পুৰণি এই অফিচটোত। তাই নতুনকৈ সোমাইছিল। সংসাৰৰ জঞ্জালবোৰ মাৰি ওলাওতে অলপ সময় লৈছিল তাইৰ। চাকৰী এটা কৰাৰ সৰুৰে পৰা হেপাহ আছিল তাইৰ। তাই স্বাবলম্বী হব খুজিছিল। পইছাৰ বাবে নহয়¸ ইমানবোৰ পঢ়া শুনা কৰি তাইৰ শিক্ষা কামত লগাবলৈহে। গিৰিয়েকে বাধা দিয়া নাছিল। তাইৰ ইচ্ছাক সন্মান জনাইছিল তেও।
কন্ট্ৰেকচুৱেল বেচিছত অফিচটোত জইন কৰিছিল তাই। পাঁচবছৰৰ চুক্তি¸ তাৰ পিছত হয়তো ট্ৰেঞ্চপাৰ নতুবা নিয়মিয়া হব। তৃপ্তিয়ে তেনেদৰেই কৈছিল তাইক। তায়ো প্ৰথমে কন্ট্ৰেকচুৱেল বেচিছত জইন কৰি নিয়মিয়া হৈছিল।
মানুহজনৰ বয়স প্ৰায় আঠচল্লিশ বছৰমান হব। উচ্চবৰ্গৰ সহায়ক তেও। তিনিটা সন্তানৰ পিতৃ। বাসবীৰ চকুত পৰিছিল¸ মানুহজন যেন অলপ চেলেপু। নাৰীলোভী যেন লাগিছিল তাইৰ। তেওৰ চকুদুটি যেন এক্সৰে মেছিনহে। পৰাপক্ষত সকলো মহিলা কৰ্মচাৰীয়েই তেওক এৰাই চলে। ব্যবহাৰ ভাল নহয় মানুহজনৰ। শিষ্টাচাৰযেন নাজানেই। তিনিটা সন্তানৰ পিতৃ মানুহজনক লম্পট যেন লাগিছিল তাইৰ। নিশ্চয়কৈ তেওৰ ঘৈনীয়েক সুখী নহব¸ তাই ভাবিছিল।
ৰজনী নাথ নামৰ লম্পট মানুহজনক সকলোৱে যেন সমীহ কৰিছিল। উপৰমহলত হেনো হাত আছে। আগে পিছেও দুই এটা কাণ্ড কৰি থৈছে তেও। পিছে কোনেও নোম এডালো লৰাব নোৱাৰিলে। ভুক্তভোগী নাৰীবোৰে নিৰবে সহি থকাৰ বাদে উপায় নাথাকে। সন্মান নথকা মানুহজনৰ লগত লাগি নিজৰ সন্মান হানি কৰিব নোখোজে। চাগে সেইবাবেই সাহ বাঢ়ি গৈছে নাথৰ।
অনেকবাৰ আগেপিছে কুদৃষ্টি দিছিল সি তাইলৈ। তাই পাত্তা দিয়া নাছিল মানুহজনক। তাইৰ দিপাৰ্টমেন্টৰ নহয় যাতে বিশেষ চিন্তা কৰা নাছিল তাই।
স্তব্ধ হৈ গৈছিল তাই, কান খন গুমগুমাই গৈছিল, চকুৰে নেদেখা হৈ গৈছিল। সেইদিনা লাঞ্চ টাইমৰ পৰা আহি কথা পাতি আছিল সিঁহতে। তেনেতে সোমাই আহিছিল ৰজনী নাথ। তাই পাত্তা দিয়া নাছিল।
: " মদ খাই আহিছ নেকি",
- খঙত চিঞৰি উঠিছিল তাই।তেতিয়াও তাইৰ বুকুৰ সোফালেই ৰাখি আছিল মানুহজনে বাওহাতখন। এখোজ পিছুৱাই আহিছিল তাই।
: "কি হ'ল, মই টো এনেকুৱাই , আমাৰ গাওঁৰ ৰমলা কো মই এনেকেই হাত দিও,একো নকয় তাই, মোক জানেই সকলোৱে"।
- বৰ সহজভাবেই কৈছিল তিনিটা সন্তানৰ পিতৃ অসভ্য ৰজনী নাথে।
লাজত¸ খঙত আহত হৈ পৰিছিল তাই। ক্ষোভত তাইৰ বুকুখন জলি উঠিছিল।
হতভম্ব হৈ মানুহজাক ৰৈ আছিল। কি কম কি নকমকৈ হৈ ঘটনাৰ আকস্মিকতাত স্তদ্ধহৈ পৰা বৰুৱাদা¸ ডেকাদাই ফৰিং চিটিকা দি আঁতৰি গৈছিল। তাই ঘুৰি চাইছিল তাইৰ সহকৰ্মী তৃপ্তিকে ধৰি আনকেইগৰাকী যুবতী লজ্জিত হৈ পৰিছিল।
: ইয়াত কিবা আছে নেকি? ইমানকে ফুলি আছে যে!
-হঠাৎ আকৌ বৰ সহজ ভাবেই ৰজনী নাথে এইবাৰ সকলোকে আৰু আছৰিত কৰি তেওঁৰ সোঁ‌ হাত খন এইবাৰ তাইৰ বুকুৰ বাও ফালে আগবঢ়াই লৈ গৈছিল। দৌৰ মাৰি পিছুৱাই আহিছিল তাই। এই অসভ্যজনে যিকোনো কামেই কৰিব পাৰে! কি কৰিব কি নকৰিব হৈ কিং কৰ্তব্যবিমুড় হৈ পৰিছিল তাই। দাত মুখ কামুৰি ধৰিছিল। ইফালে সিফালে চাই হাঁ‌হি হাঁ‌হি ওলাই গৈছিল ৰজনী নাথ।
: "তৃপ্তি¸ কি কৰো মই? এই পাগলটোক ভয়লগা হৈছে।
- উচুপি উঠিছিল বাসবী।
: বাসবী , সি মোকো তেনেকুৱা কৰিছিল এদিন, মোৰ বুকুত কিবা লাগি আছে বুলি, বেয়াকে কৈছিলো, তাৰ পিছত মই তাক দেখিলে আতৰি আহো, ভয়ো খাই কিবা কম বেয়াকে সেইদিনাৰ দৰে বুলি । কিন্তু স্বভাৱ টোৱেই তেনেকুৱা। কি নো কৰিম, মোৰ ইয়াত আহি কিছুমান অশ্লীল কথা কয়। মই নুশুনা ভাও জোৰো ।"
"ভুল হ'ল তৃপ্তি, সেইয়াই ভুল, এমাহ মান আগতে সি মোকো কৰিছিল তেনে , কিবা লাগি আছে তোৰ ইয়াত চাওঁ বুলি, মই আঁ‌তৰি দিছিলো, তেওঁ ৰ কোঠাৰ পৰা ওলাই হে ভাবিছিলো, কিয় হঠাৎ মোৰ বুকুত হাত দিলে, হয়তো সঁ‌চাকে কিবা লাগি আছিল । তাতেই বাদ দিলো মইও কথাটো । তাৰ পিছত এদিন তেওঁ মোৰ সম্মুখত উজটি খাই পৰিব ওলাইছিল, মই কৈছিলো অলপ সাৱধানে খোজ কাঢ়ক ৰজনী দা , বয়স হ'ল আপোনাৰ, লৰা আছে তিনিটাকে বুলি ধেমালী কৰিছিলো, তেওঁ হঠাৎ কি কৈছিল জানা, 'মোৰ শক্তি চাবি নেকি, সাৱটি ধৰি তোক ক'ত কি কৰি দিও তই পত্তাই নেপাবি ।' মই লাজ পাইছিলো যঠেষ্ট, সেইদিনাৰ পৰা মইও আতৰি ফুৰিছিলো । মাত মাতিব লাগিছিল চাগে তেতিয়াই তৃপ্তি, আজি এইবোৰ নহল হয়। মই যে শান্তি পোৱা নাই , কি কৰো মই তৃপ্তি , কোৱা না । "
"বাসবী কি নো কম মই, তুমি কি কৰিম বুলি ভাবিছা । চুপ হৈ বহি থাকিলে দেখোন তাৰ অতপালি বাঢ়ি হে যাব " ।
"মই মেডামক কম, সি তোমাকো তেনে কৰিছে যেতিয়া নিশ্চয় আমাৰ অফিছৰ আন আন মহিলা সহকৰ্মী ৰ লগতো কৰে চাগে । তেওঁলোকৰো ছাপোৰ্ট মই নিশ্চয় পাম । তুমি থাকিবানে মোৰ লগত তৃপ্তি "
"থাকিম তোমাৰ লগত, কম মইও । আৰু নোৱাৰোও মানি লব। চকুৰ সম্মুখত ঘটিছে,সি শাস্তি পাবই লাগিব ।"
আৰু ৰৈ থাকিব নোৱাৰিলে তাই। এইচ আৰ মেডামৰ চেম্বাৰলৈ খোজ লৈছিল।
: অ’ বাইদেউ¸ মেডাম অফিচত কিবা মিটিং চলি আছে। বাহিৰৰ কোনোবা আহিছে।
- কেবিনত সোমাব লৈছিলহে তাই। দুৰৰ পৰাই পিয়নটোৱে দেখি হাঁহি মাৰি কৈ উঠিল।
গধুৰ মন এটা লৈ উভতি আহিল তাই। মেডামক যেনেতেনে কবই লাগিব। ইয়াৰ অতপালি বাঢ়ি গৈছে। নিজৰ চকীখনত গাটো এৰি দিছিল তাই। আৰু কাম কৰিব মন নোযোৱা হৈছে।
: "বাসবী বাইদেউ আপোনাক চাৰে মাতিছে । কিবা লেপটপ টো অন নহয় হেনো ।"
- পিয়ন অমিয়ৰ মাত শুনি মুৰ তুলি চালে তাই। ডিপাৰ্টমেন্টৰ ইনচাৰ্জ চাৰ মানুহজন ভাল। নাৰীক সন্মান কৰে। আবেগত¸ ক্ষোভত ৰব নোৱাৰি কৈ দিছিল তাই চাৰৰ আগত। মানুহজন স্তম্ভিত হৈ পৰিছিল। এনেকুৱা মানুহো থাকেনে!
: বাসবী, আপুনি আজি আৰু কাম কৰিব নালাগে। ঘৰলৈকে যাওক। মই মেডাম ৰ লগত কথা পাতিম। আপুনি কালি পুৱাই আহি মেডাম ক লগ কৰক। গোটেই কথাবোৰ কব। মেডামে উপযুক্ত ব্যৱস্থা লব বুলি মই আপোনাক আশ্বাস দিব পাৰো।"
- আঠেবেঠে মানুহজনে কৈ উঠিছিল। ৰজনী নাথৰ ওপৰত খং উঠিছিল। কিন্তু কিবা ব্যবস্হা লবলৈকো সেয়া তেওৰ শক্তিৰ বাহিৰত।
ভাৰাক্ৰাম্ত মন এটা লৈ ঘৰলৈ আহিছিল তাই। গোটেই ৰাতি শুব পৰা নাছিল। গিৰিয়েককো খুলি কব পৰা নাছিল তাই। কি বুলি কব। অত্যন্ত ভালপাই তাইক। খঙতে মানুহজনে অঘটন ঘটাই দিব।
: তোমাৰ গা বেয়া নেকি বী?
- তাই মন মাৰি থকা বাবে অাচৰিত হৈ মৰমেৰে সুধিছিল তেও।
: মুৰটো অলপ বিষাই আছে অ’।
- তাই মিছা মাতিছিল। ভাতৰ পাতত মুখখন চুৱা কৰিয়েই উঠি আহিল তাই। ভোক পিয়াহ নোহোৱা হৈ গৈছে। গোটেই ৰাতিটো চটফটাই থীকিল তাই।
: বাসবী¸ আজিলৈ কিয় মোক কথাবোৰ জনোৱা নাই! চাৰে কলে তোমাৰ কথা, তেতিয়াৰ পৰা মই চিন্তা ত আছিলো।
- মানুহ গৰাকী ব্যস্তহৈ পৰিছিল। দুখবোৰ উজাই আহিব খুজিছিল বাসবীৰ। টোপটোপকৈ চকুৰ পানী টেবুলত পৰিছিল। মেডামে দেখিছিল। তেওৰ বুকুখন বিষাই গৈছিল। তেৱো এগৰাকী নাৰী। তাতে বাসবী তেওৰ প্ৰিয় ষ্টাফ। কৰ্মঠ যুবতীগৰাকীৰ ব্যবহাৰ¸ কামত মুগ্ধহৈ পৰিছিল মেডাম।
: নাকান্দিবা বাসবী¸ তুমি এখন এপ্লিকেচন দিয়া। সি শাস্তি পাবই লাগিব।
- মৰমৰে সোঁহাতখন তাইৰ হাতৰ ওপৰত ৰাখি আশ্বাস দিছিল মেডামে।
------------------------
বাসবীয়ে অনুভব কৰিছিল। পিছদিনাৰ পৰাই যেন মানুহবোৰে তাইক বেলেগ চকুৰে চাবলৈ লৈছিল। ৰজনী নাথৰ বিৰুদ্ধে এপ্লিকেচনখন দি যেন তাই মহা ভুলহে কৰিলে।
কোনেও যেন তাইক মাতিব নিবিচাৰে। কিবা কব লগা হলেও গোমোঠা মুখৰেহে কয়। তাই সৰু ছোৱালী নহয়। মানুহৰ ব্যবহাৰ বুজিব পাৰে। তাই যেন অফিচটোত অলাগতিয়াল।
কিবা এটা খেলি মেলি হৈছে। বাসবীয়ে বুজিছে। মানুহ বোৰে তাইক দেখিলে ফিচিঙা ফিচিঙি কৰে¸ শুনা নুশুনাকৈ ফুচ ফুচায় কথা পাতে। আনকি মনোৰোমা খুৰী হতেও তাইক দেখি আতৰি যায়। যিসকলে আগতে তাইৰ লগত এষাৰ কথা নকলে মন ভাল নালাগে বুলি কৈছিল।
: তৃপ্তি, কি হৈছে? তুমি জানানে , মোক দেখোন কোনেও নামাতে, ইমান মৰম কৰিছিল সকলোৱে, এতিয়া আতৰি ফুৰে যে!
- আচৰিতহৈ তৃপ্তিৰ কাষ পালে তাই।
: "বাসবী , তোমাক কম বুলি ভাবিয়ে আছিলো! মাথো কেনেকৈ কও ভাবি পোৱা নাছিলো।
- কও নকওকৈ কৈ উঠিছিল তৃপ্তিয়ে।
: প্লিজ¸ মোক কোৱাচোন।
- উদগ্ৰীব হৈ তৃপ্তিৰ হাতখনত ধৰি কৈ উঠিছিল তাই। কিবা এটা অনুমান কৰিছিল তাই।
: চোৱা বাসবী¸ তুমি সাহসী হব লাগিব। কমিটী খনে মোক মাতিছিল তুমি এপ্লিকেচনখন দিয়াৰ পিছত। মই সঁচা কথাবোৰ কৈছিলো। কিন্তু বৰুৱা দা আৰু বাকীবোৰে কৈছিল তুমি বোলে ভাল ছোৱালী নোহোৱা! সকলোৰে লগত কথা পাতা, চঞ্চল বোলে । চৰিত্ৰ তোমাৰে বেয়া হেনো, আৰু তুমি যে জিনছ পিন্ধি আহিছিলা সেইদিনা, তাকো কলে। গতিকে সেইবোৰ হে আলোচনা হৈ আছে অফিছত , তুমি এইটো অফিছত ৫ বছৰীয়া প্ৰোজেক্ট এটাৰ বাবে আহিছা , গতিকে তোমাৰ হেনো কোনো অধিকাৰ নাই ৰজনী ৰ দৰে বয়ষ্ক, হাৰ্ট ৰ পেছেন্ট এগৰাকীক এনেকে কোৱাটো । সিহঁতে মোক কৈছিল তই তাইক সমৰ্থন কৰিলে কি লাভ হব। তই টো পাৰ্মানেন্ট ইয়াত, তাই এইবোৰ কৰি গুছি যাব, আমি হে থাকিম তোৰ লগত। গতিকে নিজৰ ফিল্ড নিজে নষ্ট নকৰিবি! কিন্তু তুমি চিন্তা নকৰিবা বাসবী, মই আছো তোমাৰ লগত ।
বাকৰুদ্ধহৈ পৰিছিল বাসবী। হঠাতে ইমান বেয়াকৈ কাৰোবাক চাৰ্টিফিকেট দিব পাৰে মানুহবোৰে!
তাই লাহে লাহে ওলাই আহিছিল তৃপ্তিৰ ৰুম ৰ পৰা। তৃপ্তিয়েও কষ্ট পাইছিল¸ কিন্তু তায়ো একো কৰিব নোৱাৰে।
গ'ল ।
:"ৰানী, তাই জিনছ পিন্ধি আহে নহয় , ৰজনী য়ে তাতে নহয় একেবাৰ তাত্তেহে হাত দিব লাগিছিল , মজা পালেহৈ, হা হা হা হা, "
তৃপ্তিৰ ৰুমৰ পৰা ওলাই নিজৰ ৰুমলৈ আহি আছিল তাই। হঠাতে অজন্তা খুৰীৰ ৰুমৰ পৰা তাইক লৈ কৰা আলোচনাবোৰ ভাহি আহিল। বিজয়াখুৰীয়ে কৈ আছে ৰাণীখুড়ীহতক। মনটো কেনেবা লাগিল তাইৰ। খুড়ীয়েকৰ বয়সীয়া মানুহকেইগৰাকীক ইমান সন্মান কৰিছিল তাই। অথচ তেওলোকে…। নাৰীহৈয়ো নাৰীৰ প্ৰতি অনুকম্পা নাই। কাণ উনাই শুনিলে তাই¸ সেয়া তেওলোকে মস্কৰা কৰিছে।
: "নহয় ও বিজয়া, শুন মোৰ কথা, "
-মুখত পানৰ লগত চাধা অকণ মিলাই লৈ পোকে খোৱা দাত বোৰ উলিয়াই অহাবছৰ অৱসৰ লব লগা মনোৰোমা খুৰী য়ে কৈ গ'ল,
: চা তোক কোনোবাই বুকুত হাত দিছে নেকি, মোক দিছে নেকি, সাহস থাকিব লাগিব, ৰজনী য়ে এনে লেতেৰা কথা আমাক নোকোৱা নহয়, বেছেৰাটো বৰ ধেমেলীয়া , লেতেৰা কথা নকলে তাৰ নহয়ে, কিন্তু আমৰ গাত টো হাত দিয়া নাই। বাসবীয়ে যাচি দিছেও তাক, নহলে সি কেতিয়াও তেনে নকৰে। ভাল দৰে জানো আমি, তাইৰ ছৰিত্ৰ ই তেনে, ইমান সাহস নে ইয়াত ৪/৫ বছৰৰ কাৰনে আহি ৰজনী ক বেয়াকে ফচায় দিলে । তাই ক পালে কেইটামান ভাল গুন্দা লগাই ভাল কে কৰাই দিব লাগে , এই বুলি মেদবহুল শৰীৰ টোত জোকাৰনি তুলি তেওঁ হাঁ‌হি উঠিল । লাগত বাকী কেইজনেও…
আৰু শুনি থাকিব নোৱাৰিলে তাই। দৌৰ মাৰি নিজৰ ৰুমলৈ আহিল। তাইৰ এনে লাগিল যেন এজাক নৰখাদকে তাইক কামুৰিবলৈ খেদি আহিছে। সিদ্ধান্ত এটা ললে তাই। এনেকুৱা মানুহবোৰৰ লগত আৰু কাম কৰি থাকিব নোৱাৰে। ৰেজিগনেচন লেটাৰখন মেডামৰ টেবুলত থৈ ওলাই আহিল তাই।
কি ভুল আছিল তাইৰ! অন্যায়ৰ প্ৰতিবাদ কৰাটো জানো ভুল! কিয় এগৰাকী নাৰীয়ে চেক্সুৱেল হাৰাজমেন্টৰ প্ৰতিবাদ কৰিব নোৱাৰে? কিয় কৰিব গলেই মানুহে বেয়া চকুৰে চাই?
ক্ষোভিত হৈ পৰিল তাই। নাথাকে এইবোৰ নষ্ট মানুহৰ মাজত। যোগ্যতা আছে যেতিয়া মনে মিলা চাকৰী এটা বিচাৰি লব পাৰিব। ওৰেবাট ভাবি থাকিল তাই। পাচবছৰীয়া লৰাটোৱে ৰৈ আছে, গৈ একেলগে ভাত সাজ ভালদৰে খাব লাগিব।
--------------------
: কি কোৱা বা! ইমান জঘন্য মানুহ আছে! তুমি লগে লগে কাণতলীয়া চৰ দুটা সোধাই দিব নোৱাৰিলা।
- উস্মাৰে কৈ উঠিল ভায়েকে। ফোনৰ সিটো পাৰে উত্তেজিত হৈ পৰিছে সি। বৰ্ডাৰত পাষণ্ডবোৰক শ্বুট কৰে সিঁহতে¸ অথচ সমাজতখনৰ পাষণ্ডবোৰে বুকু ফিণ্ডাই ঘুৰি আছে।
: যথেষ্ট ভয় খাইছিলো অ’ ভাইটি। কি কৰিম নকৰিম একো ঠিৰাং কৰিব পৰা নাছিলো।
: বা¸ তুমি এফ আই আৰ এখন দিয়া। চাল্লা…পুৰা মেগজিন খালি কৰি দিব মন গৈছে তাৰ গাত। কুকুৰৰ পোৱালি চাল্লা…। আৰু সেই মহিলা কেইগৰাকী ছি:
- ইণ্ডিয়ান আৰ্মিৰ লেফটেনেন্ট ভায়েক খঙত কপি উঠিছিল। কাৰো অন্যায় সহ্য কৰিব নোৱাৰে। ট্ৰেইনিঙত সেয়াই শিকাইছিল।
: হুম¸ তাকেই ভাবিছো ৰবা।
- হুমুনিয়াহ এটা কাঢ়িলে তাই। কি হব কেচ কৰিলে! কোনে তাইৰ হৈ কব! প্ৰমাণৰ অভাবত সাৰি যাব ৰজনী নাথ। এইদৰে দৈনিক শ শ যুবতী লাঞ্চিত হৈ আহিছে। সমাজৰ এই মনোভাবৰ বাবে কোনেও প্ৰতিবাদ কৰিব সাহ নকৰে। আৰু প্ৰতিবাদ কৰাজন হৈ পৰে অকলসৰীয়া। তাই ভাবি নাপায়¸ কেতিয়া নাৰী মুক্ত হব! মনোৰমা খুড়ীহঁতৰ জীয়েকহঁতৰ লগত তেনে হলেহে চকুমেল খাব নেকি? তাই নাজানে!
*************
#লেখকৰ চিন্তা-
‘‘সংগ্ৰাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে জয় জনতাৰে।’’
- ভুপেন দাৰ গান শুনি সাহস পায় সি। অন্যায় কৰাটো যদি পাপ¸ অন্যায় সহি থকাটোও পাপ। প্ৰতিবাদ সকলোৰে জন্মস্বত্ব অধিকাৰ। হাঁহি উঠে তাৰ।
‘নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু’ প্ৰচলিত কথাষাৰ মিছা নহয়। বোৱাৰী নিৰ্যাতনৰ মুলতেই থাকে বেছিভাগ ক্ষেত্ৰতে এগৰাকী নাৰী। নায়িকাই তিল তিলকৈ মৰি মৰি নিৰবে সহি থাকিলেহে ভালপালে হেতেন নেকি! মনোৰমা¸ বিজয়া¸ ৰাণীৰ দৰে পঞ্চাশোৰ্ধৰ নাৰীকেইজনীৰ বাবে অশ্লীল ইংগিত¸ যৌন উৎপীড়ন কি লৰা ধেমালি! তেওলোকৰ ঘৰত কি ছোৱালী নাই!
লিখি গল সি।
----------------------
ঘটনাবোৰ ইতিমধ্যে সকলোৱে পাহৰি গৈছিল। বাসবীয়ে সকলো পাহৰি নতুনকৈ প্ৰস্তুত হৈছিল। গিৰিয়েকে সাহস দিছিল তাইক। নতুন অফিচটোত দৰমহা কম হলেও কাম কৰি ভাল লাগিছিল তাইৰ। ইয়াত অন্তত মনোৰমাখুড়ীহতৰ দৰে নিষ্ঠুৰ মহিলাবোৰ নাই। ৰজনী নাথৰ দৰে হিস্ৰ স্বাপদবোৰ নাই।
স্কুটীখনলৈ প্ৰায়েই অহাযোৱা কৰে তাই। সেইদিনা আছিল ৰবিবাৰ। গিৰিয়েকৰ লগত বজাৰ কৰি ঘৰলৈ উভতিছিল তাই। কিনকিনিয়া বৰষুণ এজাক আহিছিল। গাড়ীৰ খোলা খিৰিকিৰে বৰষুণৰ চিটিকণিবোৰ গাত পৰিছিল। তাইৰ ভাল লাগিছিল। বৰষুণ তাইৰ প্ৰিয়। এনে এটা বৰষুণৰ বতৰতেই গিৰিয়েকে তাইক প্ৰপ’জ কৰিছিল। বৰষুণজাকৰ বাবে পথটো খালী হৈ পৰিছিল। বাছষ্টেণ্ডটোত বিজয়া খুড়ী ৰৈ আছিল গাড়ীৰ অপেক্ষাত। লগত একৈশ বছৰীয়া জীয়েকজনী। আগতে হোৱা হলে তাই ৰৈ মাত এষাৰ দিলেহেতেন। হয়তো গিৰিয়েকক অনুৰোধ কৰিলেহেতেন তেওলোকক ড্ৰপ কৰাবলৈ। এপাকত চকুৱে চকুৱে পৰিল তাইৰ বিজয়াখুড়ীৰ লগত। মুখখন ঘুৰাই দিলে তাই ঘৃণাত। থুৱাই দিবলৈ মন গল তাইৰ। কিন্তু তাইৰ সংস্কাৰে নকয় সেয়া।
: হেই বেবী¸ ইউ আৰ চো হট। কিচ মি বেবী।
- প্ৰচণ্ড বেগত অহা বাইকখনৰ গুণ্ডামাৰ্কা লৰাদুজনে ঘপকৈ বাইকখন ৰাখি বিজয়াখুৰীৰ জীয়েকজনীৰ বুকুত থপিয়াই তীব্ৰ বেগত আঁতৰি গলগৈ। ঘটনাৰ আকস্মিকতাত¸ ভয়ত নিৰ্বাক হৈ পৰিল ছোৱালীজনী। মাকৰ সমুখতে জীয়েকৰ শ্লীলতা হানিৰ অপচেষ্টাত মাকো নিৰ্বাক হৈ পৰিছে।
: হেৰা¸ গাড়ীখন ৰখোৱা।
- বাইকখনৰ নাম্বাৰ কেইটা মনত ৰাখি তিতি তিতি গাড়ীৰ পৰা নামি দৌৰি আহিল তাই।
: চোৱা ভন্টি¸ বাইকৰ নাম্বাৰ মই মনত ৰাখিছো। তুমি এতিয়াই কমপ্লেইন এটা দিয়াগৈ। সহি নাথাকিবা।
- মোবাইলত টাইপ কৰি ৰখা নম্বৰকেইটা তাইৰ হাতত দি খুড়ীৰ ফালে নোচোৱাকৈয়ে উভতি আহিল তাই। তাইৰ মন গৈছিল খুড়ীক সোঁৱৰাই দি সুধিব। কিন্তু হৃদয়হীনা নহয় তাই। তেওলোকে প্ৰতিবাদ কৰিব নে নকৰে তাই নাজানে। কিন্তু চাগে এতিয়া খুড়ীয়ে বুজিব পাৰিব! তাই আশাবাদী!
------------------
নাই¸ এইদৰে নহব। লেখাখিনি কাটি পেলালে সি। বিজয়াখুড়ীহঁতৰ দৰে নাৰীসকলক বুজনি দিবলৈ আৰু এটা অপকৰ্মৰ কল্পনা কৰিব নোৱাৰে সি। নহওক কেতিয়াও এইবোৰ। কোনো নাৰীয়েই নিৰ্যাতিতা নহওক।
বুকুখন বিষাই যায় লেখকৰ। অসহায় হৈ পৰে সি¸ একোৱেই কৰিব নোৱাৰে। ৰজনী নাথৰ দৰে সহস্ৰ লম্পটে সমাজখন নষ্ট কৰিছে। পুৰুষৰ নামত কালিমা সানিছে। মনোৰমা¸ বিজয়া¸ ৰাণীৰ দৰে তথাকথিত নাৰীৰ বাবেই অসভ্যবোৰৰ অতপালি বাঢ়িছে। লেখকে নাজানে¸ এই সমষ্যাৰ সমাধান কেতিয়া হব! সি নাজানে¸ তাৰ শব্দৰ সেই যাদুকৰী শক্তি আছেনে নাই চেতনা জগাই তুলিব পৰাকৈ। নিকম্মা লেখকৰ দুচকু সেমেকি উঠে।
--------------------
পিছদিনা বাসবী অফিচলৈ গল। সকলোৰে সমুখত ৰজনী নাথক এটা কাণতলীয়া চৰ সোধাই কৈ উঠিল ‘কুকুৰ’।
: আপোনালোকৰ দৰে মহিলা সমাজত থাকিলে কেতিয়াও প্ৰকৃততে নাৰী স্বাধীন হব নোৱাৰে।
- মনোৰমাখুড়ীৰ ৰুমত বিজয়াখুড়ী¸ ৰাণীখুড়ীয়ে বিয়নি মেল পাতিছিল। তাইৰ আকস্মিক প্ৰবেশত হতভম্ব হৈ পৰে তেওলোক। মনটো ভাল লাগিল তাইৰ। সহযাত্ৰী কোনোবা থাকক নাথাকক¸ তাই সদায় অন্যায়ৰ প্ৰতিবাদ কৰি যাব। গপগপাই ওলাই আহিল তাই। পাৰ্থ বাটত ৰৈ আছে।
সমাপ্তিটো এনেদৰেই লিখিলে সি। নভবাকৈয়ে কাহিনীটোৰ শিৰোনাম দিলে সি¸
‘‘ৰজনী নাথ মুৰ্দাবাদ’’।।
‘‘মুৰ্দাবাদ মুৰ্দাবাদ’’।।
****** ****** ******

ভুতৰ আতংক

Unknown

নিয়মিয়া আড্ডাত আমাৰ বিভিন্ন বিষয় উথ্থাপন হয়। দিগন্তই হেনো কালি চক খালে। থিয়েটাৰ চাই আহি আছিল¸ ঢোপ জোপাৰ তলতে হেনো কিহবাই চাইকেল টানি ধৰাৰ নিচিনা লাগিছিল। সেইখিনিতে লৰা এটাই চুইচাইদ কৰিছিল।
: হেই¸ এয়া চব ভ্ৰম অ’। সেইবোৰ একো নাই যা।
- বিজ্ঞানৰ ছাত্ৰ তপনে বিশ্বাস নকৰে। দিগন্তও নাছোৰবান্দা¸ সেয়া ভ্ৰম নাছিল।
: ৰক্তিমদা¸ আপুনি কিবা কওক না।
- কৈ উঠিল তপনে। ভীষণ যুক্তিবাদী ৰক্তিমদা। শ্ব ৰুম এটা খুলিছে। তেওৰ কথা আখৰে আখৰে বিশ্বাস কৰে সিঁহতে।
: হু¸ কিবা এটা আছে অ’।
- কৈ উঠিল ৰক্তিমদাই।
: আপুনিও বিশ্বাস কৰে ৰক্তিমদা?
- আচৰিত হৈ পৰে তপন।
: নকৰিছিলো¸ কিন্তু নিজে লগ পোৱাৰ পিছত চব ধাৰণা খেলিমেলি হল।
- কৈ উঠে ৰক্তিমে
: আপুনি? কওকচোন।
- কাষচাপি আহিল দিগন্ত
হুমুনিয়াহ এটা কাঢ়িলে ৰক্তিমে। ঘটনাতো বহুত পুৰণি নহয়। যোৱা বছৰৰ। - আৰম্ভ কৰিলে সি।
অফিচৰ কামত শ্বিলঙলৈ গৈছিলো। এসপ্তাহৰ ট্ৰিপ। ডিচেম্বৰ মাহ। আজিকালি বাৰমাহেই শ্বিলঙত চিজন। হোটেল ৰুম পাবলৈকে টান। তাতে ঘপকৈ কৰা মোৰ প্লেনটোৰ বাবে অলপ অসুবিধাত পৰিছিলো। সীমিত বাজেট। চব টকা নিজৰ জেপৰ পৰাই খৰচ কৰিব লাগিব। কোনোবা কোম্পানীৰ কৰ্মচাৰী হোৱা হলে কথা নাছিল¸ চব বিল চাবমিট কৰিলেই পালোহেতেন। উপৰঞ্চি মোৰ বাহিৰা খৰচ¸ মদৰ বিলো হোটেল বিলত ইনক্লুড কৰি লব পাৰিলোহেতেন। কিন্তু নোৱাৰো। কোনে মোক পেমেন্ট দিব। নতুনকৈ ব্যবসায় আৰম্ভ কৰিছো। সাচতীয়া টকা আৰু অশেষ কষ্টৰে বেংকৰ লোণতো লৈ আৰম্ভ কৰিছো। চাকচেচ হবলৈ বহুত দেৰি। তাতে বেপাৰী মানুহে এটা কথাতে মুৰ ঘমাই থাকিলে নহয়তো¸ চবফালে মাথা মাৰিব লাগে। যতে দুপইচা পোৱাৰ মুখ দেখো¸ এবাৰ যত্ন কৰো। বৰ চেলেঞ্জিং লাইফ হৈ পৰিছে। কেতিয়াবা ব’ৰ লাগে। বৰ খং উঠে। লগৰ দুজনমানে কোম্পানীত কাম কৰে। সকলো খৰচ কোম্পানীয়ে দিয়ে। আঠ ঘন্টা দিউটি। সুখী লাইফ। কিন্তু কাৰো তলতীয়া হব নোৱাৰা স্বভাবটোৰ বাবেই মই নোৱাৰো। অবশ্যে ভগবানে চকু মেলি চালে সোণকালেই সফল হব পাৰিম।
- এইবিলাক ভাবি গুণিয়েই উইংগাৰ খনত আহি আছিলো। গুৱাহাটীৰ পৰা তিনি ঘন্টাৰ বাট। এটাচিতো লৈ আবেলি তিনিটমানত ওলাইছিলো। চিলং পাওহি মানে চাৰে ছয় বাজিল। অান্ধাৰ হৈছিল। ডিচেম্বৰ মাহ¸ যথেষ্ট ঠাণ্ডা পৰিছে। কেবাখনো হোটেল বিচৰাৰ পিছত অবশেষত সৰু হোটেল এখনত ৰুম এটা পালো। ডবল ৰুম¸ উপায় নাই। আজিকালি সকলো সময়তে পৰ্য্যটক আহে। আগতীয়াকৈ বুক নকৰিলে ৰুম পোৱা মস্কিল। গুৱাহাটীৰ হোটেলৰ দৰে ইয়াত বাৰ্গেনিঙতো নচলেই।
পুৰণি হোটেলখন ঠেক গলি এটাৰ ভিতৰত। কেবা বছৰো ৰং নকৰা বাবে দেখিবলৈ অশুৱনি হৈ পৰিছে। অবশ্যে ৰিচেপচন কাউন্টাৰটো চিকচিকিয়া।
: ভাইয়া¸ চিংগল ৰুম মিলেগা।
: নহী হে
- মই জানিছিলোৱে। এইটো সময়ত বেছিভাগ গেষ্টে এইটো উত্তৰৰ মুখামুখি হব লগা হয়। ঘুৰি ফুৰা অভিজ্ঞতাৰে পুষ্ট হৈ কৈ উঠিলো
: ভাইয়া দেখো না। কৌয় ভী ৰুম চলেগা।
- সেইখন হোটেলত যে ফৰেইনাৰ থাকিব নাহে মই নিশ্চিত। গতিকে সিঁহতৰ চুইট ৰুমৰ ক’ষ্ট মই এফৰ্ট কৰিব পাৰিম চাগে। চিলং প্ৰায়েই কমিচনৰাজ চলে। ইচ্ছা কৰিলে তেওলোকে মেনেজ কৰি দিব পাৰে।
পঁশিচ শ টকাত ডবল ৰুমতো লৈ দুদিনৰ এডভাঞ্চ দি ৰুমলৈ আহিলো। নামতহে ডবল ৰুম। গুৱাহাটীত হোৱা হলে এইটো ৰুমৰ ভাড়া দিনে হাজাৰৰ অধিক নহল হেতেন।
সোনকালে ডিনাৰ কৰি ভাগৰে যুগৰে শুই গলো। চাগে তিনিমান বাজিছিল। কিবা শব্দত সাৰ পাই গলো। দেখিলো লাইটতো জলি আছে। ৰুমতো পোহৰ হৈ আছে। আচৰিত হৈ গলো। স্পষ্টকৈ মনত আছে¸ শোৱাৰ আগতে লাইট নুমুৱাই শুইছিলো। পোহৰত মোৰ টোপনি নাহে। সৰুৰে পৰা এন্ধাৰত শোৱা অভ্যাস। বিচনাৰ পৰা উঠি বিশেষ নাভাবি লাইট নুমুৱাই শুই গলো। পিছদিনা দিনতো ব্যস্ততাৰে গল। খানা খাই অলপ টিভি চাও বুলি বহিলো। ইংৰাজী চিনেমা এখন চাই আছিলো। নিক’লাছ কেজৰ দুৰ্দান্ত অভিনয়ৰ এখন সুন্দৰ চিনেমা। ঘপকৈ টিভিৰ চেনেল এটা নিজে নিজে চেঞ্জ হৈ গল। কিবা ষ্টাৰ জলসাৰ বাংলা চিৰিয়েল। মই ৰিমটৰ বুটাম টিপো মানে কাম নকৰে যেন ৰিমটে। চব চেনেলতে সেইখনেই চিৰিয়েল। খং উঠি গল মোৰ। ভাল লাগিছিল চিনেমাখন। চাৰে এঘাৰমান বাজিছিল। ৰিচেপচনত ফোন কৰি সমষ্যাটো কলো। পশিচ শ টকা লৈছে¸ চাৰ্ভিছ দিবই লাগিব। তিনিবাৰ মান ফোন কৰাৰ পিছত লৰা এটা আহিল।
: চাৰ¸ ৰিমট কাম কৰ ৰাহা হে তো। চব ঠিক হে।
- বিৰক্তিৰে নেপালী লৰাটোৱে কৈ উঠিল। তাৰ মতে মই চাগে টিভি চলাবই নাজানো। আচৰিত হলো¸ মই চলাব নোৱাৰা ৰিমটতো কেনেকৈ চলালে সি। হোটেলৰ কাম কৰা লৰাবিলাকৰ অবশ্যে কাৰচাজিবোৰ বুজি পাও মই। বেয়া হলেও কেতিয়াও বেয়া বুলি নকয়। হাতৰ টিপতে ভাল কৰি গেষ্টকে শিকাই। লৰাটো গল। অলপ পিছত আকৌ একে বেমাৰ লাগিল। এইবাৰ কিবা কাৰ্টুন চেনেলত লাগিল। চেনেল ওপৰতো নাজাই¸ তললৈয়ো নাজায়। অথচ চিনেমাখন আধাচোৱা হৈ থাকিল। উপাই নাপায় আকৌ ফোন লগালো।
: ক্যা চাৰ¸ অভী দেখকে আয়া¸ চব ঠিক হে¸ ফিৰ ক্যা হুৱা।
- বিৰক্তিৰে কৈ উঠিল মানুহজনে। যেন সিঁহতৰ তাত থাকিব দি মোক অনুগ্ৰহ হে কৰিছে। দুবাৰমান কোৱাপ পিছত বিশমিনিটমান পিছত আকৌ লৰাটো আহিল। অবজ্ঞাৰে টিভিটো অন অফ কৰি¸ ৰিমটতোৰ বেটাৰী খুলি ৰি ইনষ্টল কৰি আকৌ দেখুৱালে। টিভি চলিছে। এইবাৰ সি মোৰ ওচৰত থিয় হৈ ৰিমটতোৰ চালনাৰ শীৰ্ষক লেখিয়া এটা লেচন দিলেহি। বুজিলো¸ সস্তীয়া হোটেল থকাৰ এয়াই পৰিণাম। খমখমীয়া বিশটকীয়া এখন আগবঢ়াই দিলো তালৈ। এইবাৰ তাৰমুখত হাঁহি বিৰিঙিল। থেংকু¸ গুডনাইট দি সি গলগৈ। ইতিমধ্যে চিনেমাখন ভালেখিনি গৈছে। নিক’লাছ কেজে ব’মতো ক’ত আছে ধৰিব পাৰিছে। চিনেমাখন শেষ হৈছিলহে আকৌ টিভিত বেমাৰ লাগিল। এইবাৰ ডিছক’ভৰী চেনেলত ফিক্স হৈ গল। এক বাজিবৰ হৈছিল। ফোন কৰিব ভাল নালাগিল। পুৱালৈ ভালকৈ কমপ্লেইন দিম মেনেজাৰৰ আগত। লাইটতো নুমাই শুই গলো।
কিমান বাজিছিল নাজানো¸ হঠাতে কিবা শব্দত সাৰপাই গলো। দেখিলো লাইট জলি আছে। ধপধপকৈ বাথৰুমৰ দৰ্জাখন খোলা মেলা হৈ আছে। এনে লাগিছে যেন বহাতৰ কোবত দৰ্জাখন কপি উঠিছে। অথচ ৰুমটোত বতাহ অলপো নাই। মই আচৰিত হলো¸ শোৱাৰ সময়ত লাইট নুমুৱাই থৈছিলো। আকৌ কেনেকৈ জলিল। একো উৱাদিশ নাপালো। বাথৰুমৰ দৰ্জাখন এতিয়াও জপোৱা মেলা হৈ আছে। খং উঠিল হোটেল মেনেজমেন্টৰ ওপৰত। টকা লয় ঠিকেই¸ মেইনটেইনেঞ্চ অলপো নাই। চব বেয়া হৈ গৈছে। বিচনাৰ পৰা নামি বাথৰুমৰ দৰ্জাখন টানকৈ মাৰি লাইট নুমুৱাই ব্লেংকেটখন মুৰলৈ টানি ললো। চকু মুদিছিলোহে মাথোন। টোপনিৰ জাল অলপ আহিছিল¸ হথাতে কিবা ভঙাৰ শব্দত উঠি বহিলো। বাথৰমৰ দৰ্জাখন আকৌ মেল খাই আছে। অবাইচ শব্দ কেইটামান মুখেৰে ওলাই আহিল। ইতিমধ্যে বাথৰুমৰ দৰ্জাখন আকৌ মেলা জপা হৈ আছে। কোনোবাই যেন ধপকৈ জপাই দিছে আকৌ ধপকৈ খুলি দিছে। লাইটতো জলাই চাও বুলি বেড চুইচটো টিপিলো। নাই¸ লাইট নজলিল। কেইবাবাৰো চুইচ টিপিলো¸ নজলেহে নজলে। জনা সকলো সমাজ বহিস্কৃত শব্দই মুখত ভিৰ কৰিলে। ফোনৰ টৰ্চটো জলাই কমপ্লেইন কৰো বুলি ৰিচিভাৰটো উঠালো। ভালকৈ গালি দিম। পিছে নাই¸ ফোনেই নালাগে। ৰিচিভাৰটোৱে কানেকচন নাপাই। ভোৰভোৰাই বিচনাৰ পৰা নামিছিলোহে মাথো স্পষ্টকৈ দেখিলো বাথৰুমৰ ভিতৰত এটা চায়ামুৰ্তি। বুকুখন চিৰিং কৈ মাৰিলে। এয়া কি। টৰ্চ মাৰি দিলো। লগে লগে যেন অদৃশ্য হৈ গল। যেন নিজৰ চকুকে ভুল দেখিলো। আজি ৰাতি আৰু টোপনি নাহিব। কমপ্লেইন দিবলৈ তললৈ যাবলৈ ওলাই দেখো যে দৰ্জাখন লক হৈ গৈছে। কোনোপধ্যেই ভিতৰৰ পৰা খুলিব নোৱাৰো। সমষ্ট বল প্ৰয়োগ কৰিলো। হেণ্ডেলদাল খচকৈ ঘুৰিছে¸ কিন্তু খোলা নাযায়। বুকুখন কপি উঠিল। কি হৈছে নো!
বিচনাত বহি দৰ্জাখনৰ ফালেই চাই ৰলো মই। কি হৈছে এইবোৰ। মই সপোন দেখা নাইতো। গাটো চিকটি চালো¸ মই সপোন দেখা নাই।
দৰ্জাখন ধমকৈ মেলা জপা হৈয়ে আছে। অথচ মই বাথৰুমত সোমাই আগবাঢ়ি চাবলৈয়ো সাহস হোৱা নাই। কুচিমচি বিচনাখনত বহি আছো। হঠাতে যেন কোনোবাই উচুপি উঠিল। নাৰী কণ্ঠ এটাই ৰুমটোৰ ভিতৰত উচুপি উঠিছে। ভয়ত অণ্ঠ কণ্ঠ শুকাই গৈছে মোৰ। মই স্পষ্টকৈ দেখিছো¸ চিলিং ফেন খনত ৰঙা শাৰী এখনেৰে ছোৱালী এজনী ওলমি আছে। তাই গোলাপী নাইটি এটা পিন্ধি আছে। জিভাখন বাহিৰলৈ উলিয়াই দিছে¸ চকুদুটা বাহিৰলৈ ওলাই আহিছে।
যেন কোনোবাই প্ৰকাণ্ড হাতুৰী এটাৰেহে মোৰ বুকুত কোবালে। লৰচৰ কৰিব পৰা নাই মই। চিঞৰিছো¸ অথচ মুখেৰে শব্দ ওলাই অহা নাই। চকু বহল কৰি মই চাই আছ। মৃতদেহৰ চকুদুটাই মোলৈ ট ট কৈ চাই আছে।
কিমান সময় অজ্ঞান হৈ পৰি আছিলো নাজানো। দৰ্জাত ধকিওৱাৰ শব্দতহে সাৰ পালো। ফোনত সময়তো চালো¸ ন বাজি গৈছে।
: চাৰ¸ কমপ্লিমেন্টৰী ব্ৰেকফাষ্ট খতম হোনেৱালা হে। জল্ডী আইয়ে। ফোন ভি কিয়া থা।
- লৰাটোৱে দুৱাৰমুখতে কৈ গলগৈ।
ৰাতিৰ ঘটনাতো মনত পৰিল। চব ঠিকেই আছে এতিয়া ৰুমতো। ফ্ৰেছ হৈ নামি আহিলো।
: চাৰ¸ জৰুৰ আপনে বুৰা চপনা দেখা হোগা। এচা হো হি নহী চকতা।
- কোনোপধ্যেই মানি নলয় ৰিচেপচনৰ মানুহে। লাজো লাগিল নিজৰ ওপৰত। আজিৰ মানুহ হৈ ভৌতিক কথাবোৰ কৈ আছো। ডাইনিং টেবুলত বহি আছিলো। ৰাতিৰ কথাবোৰ কোনোপধ্যেই ভ্ৰম নহয়। কিন্তু সুষ্ঠিৰ সিদ্ধান্ত এটা লব পৰা নাই।
: এনি প্ৰবলেম চাৰ¸
- লৰা এটা কাষচাপি আহিল। দেখিলো টিভি ভাল কৰা লৰাটো। বুদ্ধি এটা মনলৈ আহিল।
: দেখ চচ বতানা। মে কিচিকো নহী বোলুংগা
- এশ টকীয়াখন তাৰ হাতত দি কৈ উঠিলো। সি থেৰোগেৰো কৰিলে। আৰু এশ টকা দিলো।
: প্লিজ য়াৰ¸ চচ বতানা। ৱেচে ভী য়াহা ৰুকনে ৱালা নহী হু।
: দেখিয়ে চাব¸ মেৰে বাৰেমে মত বতাইয়েগা। আপ পুচা হে ইচিলিয়ে ব’ল ৰাহা হু।
- সি মুখ খুলিলে।
দুবছৰমান আগতে সেইটো ৰুমত ছোৱালী এজনীয়ে আত্মহত্যা কৰিছিল। গিৰিয়েকে এৰি পলাই গৈছিল হেনো। তেতিয়াৰ পৰাই সেইতো ৰুমত দিছটাৰ্ব কৰে। বেছিভাগ সেইটো ৰুম খালিয়ে থাকে। ৰুম নাথাকিলেহে দিয়ে।
বহুসময় স্হানুৰ হৈ থাকিলো মই। কিছুমান কথা বিশ্বাস কৰা নাছিলো। নিজে দেখাৰ পিছত বিশ্বাস নকৰাৰ প্ৰশ্ন নুঠে। সচাকৈয়ে এইখন পৃথিবীৰ বাহিৰেও আৰু এখন পৃথিবী আছে। সেইদিনাই দুগুণ ভাড়া দি ভাল হোটেল এখনলৈ চিফ্ট কৰিলো মই।
ৰক্তিমদাই কৈ আছিল¸ সিঁহতে শুনি আছিল। কাৰো মুখত মাত নাছিল। বিশ্বাস-অবিশ্বাসৰ দোমোজাত পৰিছিল তপন। ৰক্তিমদাই মিছা নকয়।।
************

Sunday 2 July 2017

হেঁপাহৰ এমুঠি জোনাক

Unknown

মিঠা বৰনীয়া ছোৱালীজনী সিমান ধুনীয়া নহয়। তথাপিও ভাল লাগি গল মোৰ। কিবা এটা যেন নাৰীসুলভ কমনীয়তা আছে। নিয়মিয়া উচ্চতাৰ যুবতীগৰাকীয়ে চশমা পিন্ধে। তাইক প্ৰথম দেখোতে সিমান গুৰুত্ব দিয়া নাছিলো। এজনী খুউব ধুনীয়া¸ আকৰ্ষণীয়া জীবনসংগী বিচাৰিছিলো। মই বিচৰা এটা গুণো দেখা নাছিলো তাইৰ গাত।
‘‘ পলদা¸ এয়া মোৰ কাজিন জোনাক। মাহীৰ ছোৱালী।‘‘
নিকিয়ে চিনাকি কৰি দিছিল। সৌজন্যমুলক ভাবে নমস্কাৰ¸ প্ৰতি নমস্কাৰ জনোৱাৰ পিছত তাই আঁতৰি গৈছিল। মোৰ হাঁহি উঠিছিল। হাঁহিব নজনা ছোৱালীজনীৰ নাম জোনাক। জোনাক ৰাজবংসীক এৰি থৈ আহিছিলো সময়ৰ এটা কেঁকুৰীত। পাহৰিয়েই পেলাইছিলো তাইৰ কথা। মনত ৰাখিবলগাকৈ একো ভাললগা স্মৃতি নাছিল। এটা অবাঞ্চিত মুৰ কামোৰণিহে আছিল।
তাইৰ এটিটিউড অকণো ভাল লগা নাছিল মোৰ। সৰুৰে পৰা মই ধেমেলীয়া¸ গুৰু গোসাই নমনা লৰা। বেষ্ট নহলেও চাৰিওফালেই মই অলৰাউণ্ডাৰ। ভেম¸ অহংকাৰ সেইবোৰ বুজি নাপাও। মুখত যি আহে কৈ দিও¸ পেটত কথা নাৰাখো। ফ্ৰী ফ্ৰেংক হোৱা বাবে বন্ধু-বান্ধবীয়ো সৰহ আছিল। সৰুৰে পৰা স্বাধীনচিতীয়া¸ উদাৰ মনোভাবাপন্ন পৰিবেশত ডাঙৰ হৈছো। বুজি নাপাও কিয় মানুহে কয় এটা লৰা আৰু এজনী ছোৱালী কিয় ভাল বন্ধু হব নোৱাৰে বুলি মানুহে কয়। এই কথাটো ভুল বুলি প্ৰতিপন্ন কৰি লৰা-ছোৱালী উভয়ে ভাল বন্ধু আছিল মোৰ। অলপ হেণ্ডচাম¸ ষ্টাইলিছবাবে ছোৱালীবোৰ মোৰ দিৱানী আছিল। স্বাধীনচিতীয়া মনোভাবৰ বাবে মুক্ত বিহংগ হৈয়ে ৰৈছিলো ছাত্ৰ জীবনত। অসংখ্য বান্ধবী থকাৰ পিছত প্ৰেয়সী এজনীৰ অভাব অনুভব কৰা নাছিলো। সময়ৰ কাম সময়ত¸ মাথো কেৰিয়াৰ গঢ়িব লাগে। মনৰ মাজত গোপনে ড্ৰিমগাৰ্লজনীৰ ছবি এখন লুকুৱাই ফুৰিছিলো।
ৰুবিৰ লগত একেলগে পঢ়িছিলো ভাৰ্চিটিত। মোৰ অন্যতম প্ৰিয় বান্ধবী আছিল তাই। তাইৰ ভায়েক নাছিল। এজনীয়েই ভনীয়েক। সেয়ে মোৰ হাতত ৰাশি এটা বান্ধি ভায়েক পাতি লৈছিল।
কেইবাবাৰো তাইৰ লগত সিঁহতৰ ঘৰলৈ গৈছিলো। মাক¸ দেউতাকে মোক নিজৰ লৰাৰ দৰে মৰম কৰিছিল।
‘‘ পল¸ মোৰ বিয়াত তই এসপ্তাহ আগতে যাবিদেই। জানইতো দেউতা অকলশৰীয়া¸ এতিয়া তয়েই ভৰসা।’’
ৰুবিয়ে কৈছিল। তাইৰ বিয়ালৈ পাঁচদিনমান থকাতে গৈ ওলাইছিলো মই। তেতিয়াই লগ পাইছিলো জোনাকক।
মাক-দেউতাকে কি ভাবি তাইৰ নাম জোনাক ৰাখিছিল নাজানো। হয়তো তেওলোকৰ জীবনৰ জোনাক বিছাৰিয়েই জীয়েকৰ নাম জোনাক ৰাখিছিল। কিন্তু কোনোদিনেই তাইৰ মুখত জোনাক দেখা নাছিলো।
সহজতে সকলোকে আপোন কৰি লব পৰা স্বভাবৰ বাবে সকলোৱে মোক মৰম কৰিছিল।
‘‘ পলদা¸ তুমি দাদা নোহোৱাহেতেন ময়ে তোমাক বিয়া কৰালোহেতেন।’’ ৰুবিৰ ভন্টি নিকিয়ে কৈ উঠিছিল।
’’ ধেৎ বদমাছ। মাৰ খাবাদেই।’’
কৃটিম খং দেখুৱাই লাহেকৈ গালত চৰ এটা মাৰিছিলো। তাই হাঁহি দিছিল।
‘‘ পলদা¸ তুমি জোনাকক বিয়া কৰোৱা না। পিয়’ৰ আমাৰ বংশৰ এজন হৈ পৰিবা।’’
পুণৰ তাই হাঁহি হাঁহি কৈ উঠিছিল। তায়ো একেই মোৰ দৰে ফ্ৰী ফ্ৰেংক। ৰুবিৰ বিয়াৰ পিছদিনা ৰাতি বাৰাণ্ডাত বহি গল্প কৰিছিলো আমি। বিয়া শেষ হৈ নোযোৱালৈকে কামৰ অন্ত নাছিল। বিয়াৰ পিছদিনা সকলোৱে জিৰণি লৈছিল।
‘‘ মোৰ লগত মিলিব জানো! কথাই নকয় দেখোন। আৰু মই হেণ্ডচাম¸ স্মাৰ্ট।’’
বিশেষ নভবাকৈয়ে হাঁহি হাঁহি কৈ উঠিছিলো। নিকিয়ে হাঁহি দিছিল। দুয়ো ধেমালি কৰিছিলো।
আমাৰ এই ধেমালি চাগে জোনাকে সঁচা বুলি ভাবিছিল। ভাতখাই শুবলৈ যোৱাৰ আগমুহুৰ্তত স্পষ্ট শুনিছিলো¸
‘‘ তেও নিজকে কি বুলি ভাবে! বহুত স্মাৰ্ট¸ হেণ্ডচাম বুলি ভাবে নেকি? আমি তেনেকুৱা চেলেপু লৰাৰ বাবে পাগল নহও বুজিছা।’’
‘‘ জোনাক¸ তুমি ভুল বুজিছা। পলদা তেনে লৰা নহয়তো। আমি ধেমালিহে কৰিছিলো।’’
নিকিয়ে তাইক বুজাবলৈ চেষ্টা কৰিছিল।
মোৰ হাঁহিও উঠিছিল¸ দুখো লাগিছিল। ছোৱালীজনী সোণকালেই চিৰিয়াছ হৈ যায়।
‘‘ নিকি¸ তোমালোক শোৱা নাই।’’
মাত লগাই সোমাই গৈছিলো। তাই মোৰ ভন্টিৰ দৰে।
‘‘ এয়া শুবলৈ ওলাইছো পলদা। জোনাকে অলপ ভুল বুজিছিল।’’
হাঁহি মাৰি কৈছিল তাই।
‘‘ এতিয়া ক্লিয়াৰ হল নে?’’
‘‘ উম। হল।’’
হাঁহি মাৰি কৈছিল তাই। জোনাকে মতা নাছিল। তললৈ মুৰ কৰি বহি আছিল।
পিছদিনা ৰাতিপুৱা নিকিক বিচাৰি মই তাইৰ কোঠালৈ গৈছিলো। সন্ধিয়ালৈ মোৰ ট্ৰেইন। চাগে নিকি তেতিয়া মাৰ লগত পাকঘৰত আছিল। জোনাকে গা ধুই আহি দৰ্জাখন লাহেকৈ জপাই কাপোৰ চেঞ্জ কৰি আছিল। মই গম পোৱা নাছিলো। দৰ্জাখন খুলি সোমাই যোৱাৰ লগেলগে তাই উচপ খাই উঠিছিল। ময়ো অপ্ৰস্তুত হৈ ওলাই আহিছিলো।
‘‘ ছোৱালীৰ ৰুমত সোমালে নক কৰি সোমাব লাগে। আই হেট ইউ।’’
জোনাকৰ খং উঠিছিল।
মোৰ লাজ লাগিছিল।
‘‘ ছৰী জোনাক¸ চোৱা মোৰ তেনে একো মনোভাব নাছিল।’’
তাই একো শুনিব খোজা নাছিল। উচাৎ মাৰি ওলাই গৈছিল।
মোৰ খং উঠিছিল। বেয়া মনোভাব একো নাছিল। নিকি মোৰ ভন্টিৰ দৰে। জোনাকক ঠেক¸ মুডী ছোৱালী যেন লাগিছিল। ঘটনাটো কাকো নোকোৱাকৈয়ে বিদায় লৈছিলো। প্ৰেক্টিকেল লৰা হিচাপে জোনাকৰ কথাবোৰক পাত্তা দিয়া নাছিলো।
তিনিটা বছৰত পাহৰি পেলাইছিলো সকলো।
ছমাহমান আগতে ৰুবি মোৰ চহৰলৈ আহিছিল। গিৰিয়েকৰ ট্ৰেঞ্চফাৰ হৈছে। সপ্তাহত প্ৰায়েই একোবাৰ তাইৰ ঘৰলৈ যাও। কেতিয়াবা সিঁহত আহে। ভিনদেউ মানুহজন মৰমিয়াল। নিজৰ খুলশালী যেনেই ভাবে মোক।
‘‘ পল¸ মোৰ কাজিন এজনী আহিছে। ষ্টেচনৰ পৰা পিক কৰ না।’’
অফিচৰ পৰাই ৰুবিয়ে ফোন কৰিছিল মোক। ভিনদেউ অফিচৰ পৰা পোৱাহি নাই।
‘‘ হব দে।’’
বিশেষ নাভাবি গাড়ীখন লৈ ষ্টেচনলৈ আহিছিলো। ওচৰতে মোৰ অফিচ।
তিনিটা বৰ্ষৰ অন্তত জোনাকক দেখি মই যিমান আচৰিত হৈছিলো¸ চাগে তায়ো সিমানেই হৈছিল। আগতকৈয়ো ধুনীয়া হৈছিল তাই। চশমা পিন্ধিবলৈ এৰিছিল।
তাই ৰুবিলৈ ফোন কৰিছিল। যাত্ৰাপথত এটাও শব্দ বিনিময় হোৱা নাছিল আমাৰ। দুয়ো অসহজবোধ কৰিছিলো।
‘‘ কি বুলি ভাবে এইজনীয়ে নিজকে! এনেকুৱা চশমিছ¸ মুডী¸ ভেঞ্চাৰ স্কুলৰ মাষ্টৰনীক মৰি গলেও বিয়া নকৰাও।’’
সেইদিনা তাই উচাৎ মাৰি যোৱাৰ পিছত শুনাকৈয়ে কৈছিলো মই। তাই শুনিছিল।
চাৎকৈ কথাবোৰ মনত পৰি গল মোৰ। হয়তো তাইৰো।
ৰুবিৰ ঘৰত তাইক ড্ৰপ কৰি গুছি আহিছিলো। আহিবৰ সময়ত তাইৰ কাতৰ চকুযুৰি চকুত পৰিছিল। মই পাত্তা দিয়া নাছিলো। তাই আজিও মোৰ বাবে সেই একেই মুডী¸ প্ৰাউডী জোনাক।
তিনিদিনৰ বাবে অফিচিয়েল ট্যুৰ এটাত লক্ষীমপুৰ যাব লগা হল। ভিতৰুৱা ঠাই এখনত আমাৰ প্ৰজেক্ট। ষাঠি কিলোমিটাৰ ক্ৰছ কৰি নিতৌ হোটেললৈ আহিব লাগিব। ৰুবিয়ে গম পাই কোনোবা ৰিলেটিভৰ ঘৰত থকাৰ বন্দোবস্ত কৰি দিলে। মোৰ চাইটৰ ওচৰতে ঘৰ। মই আপত্তি কৰিলেও ৰুবিৰ ওচৰত মোৰ আপত্তি নৰজে। তদুপৰি জোনাক আৰু মোৰ মৃদু কাজিয়াখন আজিলৈ সকলোৰে অজ্ঞাত। হয়তো মই অসুবিধা নাপালোহেতেন যদিহে সেয়া আন কাৰোবাৰ ঘৰ হলহেতেন। তাৰোপৰি মোৰ সেইকেইদিনৰ হোটেল বিল ৰাহি হোৱাটো মোৰবাবে লাভজনকেই আছিল। কিন্তু জোনাকৰ নামটো শুনিহে হতাশ হলো।
উপায় নাই। ৰুবিৰ কথা পেলাব নোৱাৰো। অগত্যা সময়ৰ হাতত এৰি দি লক্ষীমপুৰত উপস্হিত হলো। ষ্টেচনত জোনাক ৰৈ আছিল।
‘‘ পলদা¸ আহক।’’
সম্পুৰ্ণ চাৰে তিনি বছৰৰ অন্তত তাই প্ৰথম মাতিছে মোক। স্বাভাবিক দেখুৱাই স্কুটীৰ পিছফালে বহিলো মই। গাঁৱলীয়া ৰাষ্টাটোত তাইৰ অবধ্য চুলিকেইদাল বাৰে বাৰে মোৰ মুখত লাগিছে। তাইৰ দেহৰ পাৰফিউমৰ গোন্ধতো মোৰ নাকত লাগিছে।
সিঁহতৰ ঘৰৰ সকলোৱে মৰমেৰে আদৰিলে মোক। সকলো মানে মাক-দেউতাক আৰু তাইহে। মাক-দেউতাকে আগতেই মোক লগ পাইছে ৰুবিৰ বিয়াত। আকৌ ৰুবিয়েই তেওলোকক ফোন কৰি কৈছিল মই যোৱাৰ কথা।
মোক বাথৰুমত পানী দিয়াৰ পৰা¸ ৰাতি বিচনা পাৰি দিয়ালৈকে চবকাম জোনাকেই কৰিছিল। বাৰুকৈয়ে আচৰিত হলো। তিনিবছৰ আগৰ জোনাক আৰু আজিৰ জোনাকৰ মাজত যেন আকাশ পাতাল প্ৰভেদ।
‘‘ পলদা¸ গুড নাইট।’’
পানীৰ জাৰটো মোৰ ৰুমত ৰাখি মিঠা মাতেৰে মৰমলগাকৈ কৈ ৰৈ থাকিল তাই।
‘‘ গুড নাইট।’’
মই কোৱাৰ লগে লগে হাঁহি এটা মাৰি গলগৈ তাই।
এইমুহুৰ্তত তাইৰ লগত কথা পাতিবলৈ মন গৈছিল। কিন্তু কথা ওলাইহে নাহে। হঠাতে ফোনটো বাজি উঠিল।
‘‘ পল দা¸ জোনাকৰ ঘৰ পালাগৈ ন! সচাকৈ বিয়া কৰাম বুলি ঠিক কৰিলা নেকি!’’
ফোনৰ সিটো পাৰে হাঁহি হাঁহি নিকিয়ে কৈ উঠিল। বায়েকৰ পৰা গম পাইছে তাই। গতিকে পাতিলোৱা দাদাকক জোকোৱাৰ সুযোগ তাই এৰিব নিবিছাৰিলে।
‘‘ ৰহ ঔ এইজনী। কিবোৰ যে কৈ থাকা নহয়। এতিয়াও ফ্ৰী হব পৰা নাই।’’
প্ৰথমবাৰৰ বাবে জোনাকৰ কথা কথা কওতে লাজ লাগিল মোৰ।
‘‘ ই পল দা¸ মই কম নেকি জোনাকক কেয়াৰ লবলৈ।’’
আকৌ এবাৰ জোকাই খিলখিলাই হাঁহি উঠিল তাই।
‘‘ গুড নাইট’’
কৃটিম খং দেখুৱাই ফোনটো ৰাখিলো। বহু স্মৃতি ৰোমন্হন কৰিব লগা আছে। নিজক ফঁহিয়াই চাব লগা আছে।
মই ভবাৰ দৰে জোনাক একেবাৰেই নহয়। উদাৰ মন এটা তাইৰো আছে। প্ৰমান পালো পিছদিনা ৰাতিপুৱাই যেতিয়াই তাই বিনামুলীয়ালৈ লৰা-ছোৱালীবোৰক পঢ়াইছিল। দৰমহাৰ টকাকেইটা দুখীয়া ছাত্ৰ-ছাত্ৰীক ভগাই দিছিল।
‘‘ বোপা¸ তাই সৰুতে পুৰুষৰ বেয়া ৰূপটোৰ সতে পৰিচিত হৈছিল অ’। তাই ক্লাছ নাইনত থাকোতেই ওচৰৰ সম্পৰ্কীয় দাদাক এজনে তাইৰ শ্লীলতা হানিৰ চেষ্টা কৰিছিল।’’
সন্ধিয়া হুমুনিয়াহ কাঢ়ি মাকে কৈ উঠিছিল। জোনাক আহি পোৱা নাছিল। স্কুলৰ পৰা আহি টিউচনলৈ গৈছিল।
সেই তিনিদিন তাইৰ স্কুটীখন লৈয়ে মই চাইটলৈ গৈছিলো। দেউতাক চৰকাৰী বিভাগ এটাৰ কেৰানী। দিনতো মাক অকলে থাকে ঘৰত। দুপৰীয়া সন্ধিয়া সোনকালে আহি পাও মই।
‘‘ পল দা¸ ছৰী। সেইদিনা চাগৈ আপোনাক তেনেকৈ কব নালাগিছিল।’’
দোষী দোষী ভাবেৰে কৈ উঠে তাই। কাইলৈ যামগৈ মই। ইতিমধ্যে চাৰিদিন থাকিলো। এইকেইদিনত তাইৰ লগত অলপ দোষ্টি হৈছে মোৰ। পিছবেলা তাইৰ লগত সিঁহতৰ গাঁওখন ফুৰিলো। জোনাক সলনি হৈছে। মই ভালকৈয়ে বুজিছো। বাস্তববাদী দৃষ্টিভংগীৰে সকলো চাবলৈ শিকিছে। ক্ৰমশ: তাইক ভাল লাগি আহিছে মোৰ। তাইৰ কি দোষ!
কোনোবা লম্পট পুৰুষে সৰুতেই তাইক ভয় খুৱালে পুৰুষক সহজভাবে লব নোৱাৰাটো স্বাভাবিক।
‘‘ কিয় তেনেকৈ কৈছা! ভুল হয়তো মোৰো আছিল।’’
তাইৰ ফালে চাই কৈ উঠিলো। মনটো পাতল লাগিল। যাঁহওক তায়ো মোৰ প্ৰতি ভুল ধাৰনা লৈ থকা নাই। ধেমেলীয়া¸ দুষ্ট হলেও মই অসভ্য নহও।
‘‘ ঠেংক ইউ পল দা। গুড নাইট চুইট ড্ৰিমজ।’’
মিঠা হাঁহি এটা উপহাৰ দি গলগৈ তাই। মই তাই যোৱাৰ ফালেই চাই থাকিলো। কিবা যেন এক নাম নজনা অনুভুতিৰে মনটো ভৰি উঠিছে। ভাল লাগি গৈছে মনটো।
ঘৰত বিয়াৰ কথা চলিছে মোৰ। মা-দেউতাক বোৱাৰী এজনী লাগে। আজিকালি প্ৰায়েই চিঞৰি থাকে। মনে মিলা সংগীহে পোৱা নাই। জীবনত বিয়া এবাৰহে হয়! যথেষ্ট সচেতন মই। জীবনটো এডজাষ্ট কৰি চলিব নোখোজো। প্ৰতিটো দিনেই উদযাপন কৰিব খোজো। এই মুহুৰ্তত জোনাককেই মোৰ জীবনসংগীৰূপে ভাবিব মন গল। বাহ্যিক ৰূপ ভিন্ন হলেও দুয়োৰে মন একেই দেখোন!
ৰাতিপুৱা তায়েই মোক ষ্টেচনত আগবঢ়াই থবলৈ আহিছিল। ওলাবৰ সময়ত ফুলাম গামোচা এখন মোৰ বেগত ভৰাই দিছিল। আহোতে ৰাষ্টাত কাৰো মুখত মাত নাই। মোৰ মনটো যেন তাইৰ কাষতেই ৰৈ যাব খুজিছে। আৰ চকুৰে চাইছো¸ তাইৰো চকুদুটা চলচলীয়া হৈ পৰিছে। নাজানো কিমানখিনি মোক বুজি উঠিছে¸ কিমান ৰুবিহঁতে কৈছে।
‘‘ পল দা¸ আকৌ আহিবা।’’
প্লেটফৰ্মত ট্ৰেইন ৰখি বহি থাকোতে তাই মোক কৈ উঠিছে। হয়তো আবেগত আপুনি পাহৰি তুমি কৈ উঠিছে। আৰু কন্ট্ৰ’ল সম্ভব নহয়।
‘‘ ওহো নাহো কেতিয়াও।’’
গহীন হৈ কৈ উঠিলো। তাই আচৰিত মোৰ ফালে চালে। যেন সুধিছে¸ কিয়? কি ভুল কৰিলো।
‘‘ আৰু এইৰূপত নাহো। আহিম বেলেগ এটা ৰূপত যদিহে তুমি বিচাৰা।’’
তাইৰ চকুলৈ চাই কৈ উঠিলো। আবেগত মাতটো কপি উঠিছে মোৰ। তাই বুজিলে। চকু দুটা তললৈ নমাই তাই লাহেকৈ কৈ উঠিল
‘‘ কিন্তু মই ধুনীয়া নহয়। ভাল চাকৰীয়ো নাই।’’
কওতে তাইৰ দৃষ্টি উদাস হৈ পৰিছে।
কথাষাৰে যেন মোক চাবুকৰ দৰেহে কোবালে। আৰু ৰব নোৱাৰিলো।
‘‘ তুমি মোক এতিয়াও নুবুজা।’’
তাইক দুয়োকান্ধত ধৰি গভীৰ আবেগেৰে কৈ উঠিলো। তাই উচুপি উঠিল¸ সাবতি ধৰিলে মোক।
‘‘ পল দা¸ মই তোমাক বহুত ভাল পাও।’’
দুয়ো পাহৰি গলো যে দুয়ো ৰাজহুৱা স্হানতহে আছো। মানুহবোৰে আমালৈ চাইছে। মোৰ লাজো লাগিছে ভালো লাগিছে।
‘‘ কিন্তু এটা কথা জোন’’
তাই মোৰ চকুলৈ চালে।
‘‘ মই পাৰফেক্ট নহও। অলপ বদমাছ¸ হয়তো চঞ্চলো।’’
তাইক জোকাবলৈ ধুৰ্ত চকুহাল মোৰ নাছি উঠিল।
‘‘ মই তেনেকুৱাই বিচাৰো।’’
তাই লাহেকৈ মোৰ বুকুত ভুকু এটা মাৰি জোৰকৈ সাবতি ধৰিলে। দুয়োৰে মুখত ফুটি উঠিছে প্ৰাপ্তিৰ হাঁহি।
ট্ৰেইনখন তেতিয়াও আহি পোৱা নাছিল।।

ডি ভাইৰাছ (কল্পবিজ্ঞান ভিত্তিক গল্প)

Unknown

: ডক্টৰ মই বৰ অশান্তি পাইছো। অসহ্যকৰ যন্ত্ৰনা। কেতিয়াবা চুইছাইড কৰি দিম যেন লাগে।
- কান্দি উঠিল পেচেন্টজনে।
: আপুনি ধৰ্য্য ধৰকচোন¸ চব ঠিক হৈ যাব।
- লৰালৰিকৈ কৈ ডক্টৰজনে পানীৰ গ্লাচটো তেওলৈ বঢ়াই দিলে। ঘোটঘোটকৈ পি খালে মানুহজনে।
: ডক্টৰ¸ সমষ্যাটো বাঢ়ি আহিছে। মই শান্তি নোপোৱা হৈছে। টোপনি আহিলেই ভয়ংকৰ হয়। নোশোৱাকৈ থাকিলেও মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা যেন লাগে। মুৰটো ফালি তেজ চিটিকি যোৱা যেন লাগে।
- হতাশ হৈ পৰিল মানুহজন।
: আপুনি বেছিকৈ চিন্তা নকৰিব। চব ঠিক হৈ যাব। অলপ ধৰ্য্য ধৰক।
- সোহাতেৰে ৰোগীৰ হাত এখন স্পৰ্ষ কৰি ডাক্টৰে সান্তনা দিব খোজে।
: এইটো কি ধৰণৰ বেমাৰ ডক্টৰ। ভয়তে গোটেই ৰাতি এও ওচৰত বহি থাকে।
- কৈ থাকোতে মানুহজন যেন ভাঙি পৰিছে। কেইবাদিনৰো অনিদ্ৰাৰ চাপ তেওৰ মুখত স্পষ্ট।
: চাওক চলিহা¸ আপুনি অলপ বেছিকৈ চিন্তা কৰিছে। ষ্টেছ নলব¸ মেডিচিনখিনি খাই থাকক সোনকালেই ভাল পাব।
- নতুনকৈ প্ৰেছক্ৰিপচন এখন লিখি মানুহজনক দিলে। আশাৰ ৰেঙনী এটা লৈ মানুহজন গলগৈ।
হুমুনিয়াহ এটা ওলাই আহিল ডক্টৰ চৌধুৰীৰ। বিশ বছৰৰ কৰ্ম জীবনত এনেকুৱা কেছ তেও আজিলৈ পোৱা নাছিল। ৰোগীত সান্তনা দিবলৈ মিছাকৈ চিন্তাৰ কাৰণ নাই বুলি কলেও¸ তেও নিজে চিন্তিত নোহোৱাকৈ থকা নাই। মেডিকেল হিস্ত্ৰীত চাগে এইটো ৰোগৰ এয়াই প্ৰথম। চিম্টচবোৰ কোনো পধ্যেই তেও ধৰিব পৰা নাই। একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে তেও। তেওৰ সুদীৰ্ঘ কৰ্মজীবনত এয়া যেন বৃহৎ চেলেঞ্জ।
দুমাহমান আগতে এদিন মানুহজন তেওৰ চেম্বাৰলৈ আহিছিল। চহৰৰ এজন নামজ্বলা যুব ব্যবসায়ী।
: ডক্টৰ¸ ৰাতি ভয়ানক সপোন কিছুমান দেখি চকখাই সাৰ পাই উঠো। আৰু টোপনি নাহে।
- দুমাহমান আগতে মানুহজনে আহি কৈছিল। প্ৰথমে কেইটামান শ্লিপিং টেবলেট দি ষ্ট্ৰেছ নলবলৈ কৈছিল চৌধুৰীয়ে। ধনী মানুহ¸ সাধাৰণ অসুবিধা পালেও ডক্টৰৰ কাষলৈ দৌৰ মাৰে। চৌধুৰীৰ মতে এয়া বেমাৰ নাছিলেই। ব্যবসায়ী মানুহ প্ৰায়েই পাৰ্টি কৰি¸ ড্ৰিংক কৰি শোৱা খোৱা অনিয়মিয়া। ষ্ট্ৰেছৰ বাবে এয়া হৈছে। চৌধুৰীয়ে ভাবিছিল। গাঁওৰ খেতিয়কৰ লৰা তেও। অত্যাধিক পৰিশ্ৰমত দেউতাক¸ খুৰাকহঁতৰ মাথাৰ বিষ¸ টোপনি নহা দেখিছিল।
: ডক্টৰ মই মৰিম চাগে। মুৰটো ফাটি যাও যাও লাগে। যেন তেজবোৰ লাওখোলা ফাটি চিটিকিহে পৰিব।
- এসপ্তাহমান পিছতে মানুহজন আকৌ আহিছিল। হতাশ হৈ পৰিছিল।
চৌধুৰী অলপ আচৰিত হৈছিল। সন্দেহ এটা হোৱাত সকলো ব্লাড টেষ্ট¸ চিটি স্কেন কৰাইছিল। একো নাই¸ সকলো নৰ্মেল। চৌধুৰীয়ে চিমটমচ বিলাকৰ বাখ্যা বিচাৰি পোৱা নাছিল। মাথো ইটোৰ পিছত সিটোকৈ মেডিচিন সলাই পৰীক্ষা কৰি আছে তেতিয়াৰ পৰা। অথচ বিশেষ একো সুফল পোৱা নাই।
চহৰৰ এজন নামী চাইকাট্ৰিস্ক ডক্টৰ চৌধুৰী। তেওতকৈ ভাল ডক্টৰ গোটেই ৰাজ্যখনতে নাই। অথচ তেও একো উৱাদিহ পোৱা নাই। কথাটোৱে তেওক অশান্তি দিছে।
সন্ধিয়া আঠমান বাজিছিল। পেচেন্ট চোৱা শেষ হৈছিল। চেম্বাৰৰ পৰা ওলাই নতুন ব্লেক ডাষ্টাৰখনত উঠি ঘৰমুৱা হল তেও। ঘৰত আলহী আহিছে। দুপৰীয়াই ঘৈনীয়েকে জনাইছিল। ইউ এছৰ পৰা সপত্নীক খুলশালীয়েক আহিছে। দুবছৰমান লগপোৱা নাই দিগন্তক। ডাঙৰ চফ্টৱেৰ ইঞ্জিনিয়াৰ সি। খুলশালীয়েকক লগ পাবলৈ তেও উদ্বাউল হৈ পৰিছে। হথাতে কিবা ভাবি গাড়ীখন ঘুৰালে তেও। অলপ পিছতে চেনীকুঠিৰ প্ৰকাণ্ড বিল্ডিংটোৰ তলত গাড়ীখন ৰল।
ডক্টৰ শইকীয়া তেতিয়া ঘৰতে আছিল। দুদিন আগতে গুৱাহাটীলৈ আহিছিল তেও। চৌধুৰীৰ লগত একেলগে পঢ়িছিল।
ফ্লেটৰ সমুখত ৰৈ কলিংবেলতো বজালে চৌধুৰীয়ে। খুলশালীয়েকহঁতক অলপ দেৰিকৈ লগ পালেও হব। কিন্তু আলোচনা গুৰুত্বপুৰ্ণ।
চলিহাই যোৱা দুমাহৰ পৰা নিতৌ ডেৰ বজাৰ পৰা তিনিবজাৰ ভিতৰত বেয়া সপোন দেখে। ইমানেই ভয়াবহ সপোন যে মানুহজনৰ সৰ্বশৰীৰ ঘামি যায়। সপোনতে হৃদস্পন্দন বহুত বাঢ়ি যায়। ইমানেই ভয়লগা সপোন যে মানুহজনে ভয়তে চিঞৰি দৌৰ মাৰে। যেন নিচাগ্ৰস্হ অবস্হাতহে থাকে। সেই সময়ত ওচৰতে যাকে পাই আক্ৰমণ কৰে। লাহে লাহে বাঢ়ি আহিছে সমষ্যাটো। আজিকালি সেই সময়ত নাকে মুখেৰে তেজ ওলাই আহে। অত্যাধিক গৰমত মানুহজনে গাৰ সমষ্ট কাপোৰ খুলি পেলাই।
মানুহজনে ভয়তে দুদিনমান ৰাতি নোশোৱাকৈ আছিল। তথাপি গৰম লাগে¸ ৰব নোৱাৰি কাপোৰ খুলি হিংস্ৰ হৈ পৰে। যেন এটা উম্মাদ ভয়াবহ পশু।
: চোৱ শইকীয়া¸ মই একো ধৰিব পৰা নাই।
- শইকীয়াৰ মুখলৈ চাই কৈ উঠিল চৌধুৰীয়ে। ঘটনাবোৰ আগতেই ফোনত কৈছিল তেওক।
: এয়া একেবাৰে নতুন কথা শুনিছো চৌধুৰী। আজিলৈকে এনে শুনা নাই।
মোৰ বোধেৰে মানুহজন কিবা নতুন ভাইৰাছৰ কবলত পৰিছে।
- চিন্তাক্লিষ্ট হৈ কৈ উঠিল শইকীয়াই।
: ময়ো তাকেই ভাবিছো। মেডিকেল চাইঞ্চত আজিলৈ এনে হিস্ত্ৰী নাই।
- হুমুনিয়াহ এটা কাঢ়ি কৈ উঠিল চৌধুৰীয়ে।
------------------
ছোৱালীজনী দেখাত ধুনীয়া। নতুনকৈ বিয়া হৈছে। গিৰিয়েকজনো ধুনীয়া। বয়স বৰবেছি ত্ৰিশতকৈ বেছি নহয়। জিনচ টপ পৰিহিতা ছোৱালীজনীয়ে মনমাৰি বহি আছে।
: ছাৰ¸ কিবা এটা কৰক। অসহ্য হৈছে আৰু। ৰাতি এও শুবই নোৱাৰে। ভয়খাই চিঞৰি উঠে। আৰু…
- কবলৈ টান পাই লৰাজনে ঘৈনীয়েকৰ মুখলৈ চালে।
: আৰু কি?
- ডক্টৰ চৌধুৰী অলপ উচপিচাই উঠিল। সেই বেমাৰটো। চিমটমচবোৰ মিলি আহিছে।
: আৰু চাৰ¸ মই কাষ চাপিলেই অলপ পিছতে তেও বাধা দিয়ে। মোৰ মন যায়।
- এইবাৰ কৈ উঠিল লৰাটোৱে। ডক্টৰক চব খুলি কব লাগে। নহলে চিকিৎসা আধৰুৱা হয়। কথাটো সি বুজে। তাৰ দুখ লাগিছে ঘৈনীয়েকলৈ। খঙো উঠিছে¸ কি দৰকাৰ আছিল সেইদিনা পাৰ্টিলৈ যোৱাৰ। তাৰ পিছদিনাৰ পৰাই তাই চকখাবলৈ লৈছো। সপোনত অচিন ঠাই এখনলৈ তাই যায়গৈ। ভয়লগা কিহবাই মাৰিবলৈ খেদি আহে। ইয়াতকৈ বেছি একো মনত নাথাকে তাইৰ। হাৰ্টবিট বাঢ়ি গৰমত সমষ্ট কাপোৰ খুলি দৌৰ মাৰিব খোজে। সেইদিনা বেৰত খুণ্ডা খাই বেহুচ হৈছিল। ফ্ৰীজৰ তিনি চাৰি বটল পানী ঢলাৰ পিছতহে হাৰ্টবিট নৰ্মেল হৈ চকু মেলিচিল। তেনে অবস্হাত কাকো মাতিবও নোৱাৰে লাজতে। তাই গাত কাপোৰ নাৰাখে। তাৰ চকুদুটা সেমেকি উঠিল।
: ছাৰ¸ এয়া কি বেমাৰনো? ভাল হমনে?
- এইবাৰ ছোৱালীজনয়ে সুধিলে চৌধুৰীক।
: ষ্ট্ৰেছৰ বাবে হৈছে চাগে। একো নাই চিন্তা কৰিবলগা।
- কৃটিম হাঁহি মাৰি চকীখনত হেলান দি বহিল তেও। পেচেন্টক সাহস দিয়াটো তেওৰ কাম। ভিতৰি ভিতৰি ঘামি উঠিল মানুহজন। একেই কেছ।
: আচ্ছা¸ ড্ৰিংকচ কৰে নেকি বাৰু?
: দুই এটা পেগ লয় কেতিয়াবা পাৰ্টিত। - চৌধুৰীৰ প্ৰশ্নত কও নকওকৈ কৈ উঠিল লৰাটোৱে।
: হুম
- কিবা অলপ ভাবি প্ৰেছক্ৰিপচন লিখিলে তেও।
মানুহহাল যোৱাৰ ফালে চাই থাকিল তেও। ইতিমধ্যে বেমাৰতো বিয়পি পৰিছে। লাহে লাহে একেই কেইবাটাও কেচ আহিছে তেওৰ ওচৰলৈ। অথচ তেও অসহায়। কম পাৱাৰৰ শ্লিপিং টেবলেট আৰু এন্টি ডিপ্ৰেচনৰ টেবলেট দি মিছা আশা দি পঠাই দিছে। শইকীয়ালৈ ফোনটো লগালে তেও।
---------------------
দুদিনমান গৈছিল। চেম্বাৰত ৰোগী চাই আছিল ডক্টৰ চৌধুৰীয়ে। হঠাতে ৰিচেপচনিষ্টগৰাকীয়ে জনালে।
: চাৰ¸ পুলিচ অফিচাৰ এজন আহিছে।
: ঠিক আছে¸ পঠাই দিয়া।
-আচৰিত হল চৌধুৰী। ডক্টৰৰ লগত পুলিচৰ কি কাম। হয়তো কিবা এডভাইছ বিচাৰিও আহিব পাৰে।
: হেল্ল’ ডক্টৰ¸ মই অমৃত ডেকা।
- হাতখন আগবঢ়াই কৈ উঠিল অফিচাৰজনে। কান্ধত তেওৰ তিনিটা ষ্টাৰ। চাগে চি আই অফিচাৰজন।
: প্লিজ
-হেণ্ডচেক কৰি সমুখৰ চকীখনলৈ আঙুলিয়াই কৈ উঠিল চৌধুৰীয়ে।
: ডক্টৰ¸ আপুনি চাগে বসন্ত চলিহাক জানিবই। আপোনাৰ ট্ৰিটমেন্ট লৈ আছিল। আচলতে তেওৰ ওচৰতে মই থাকো।
- চলিহাৰ ফটোখন আগবঢ়াই কৈ উঠিল ডেকাই। উচপখাই উঠিল চৌধুৰী।
: এখেতক কেনেকৈ পাহৰিম। আচৰিত বেমাৰ এটা হৈছে তেওৰ।
- চৌধুৰীয়ে সকলো খুলি কলে তেওক।
: অ’ আই চি! বাট হি হিজ নো মোৰ!
: হোৱাট…
- আচৰিতহৈ থিয় হৈ পৰিল চৌধুৰী।
: হয়। কালি ৰাতি অত্যাধিক ব্লিডিং হৌ তেওৰ মৃত্যু হৈছে। ঘৈনীয়েকে কোৱামতে নাঙঠ হৈ তেও ডিঙি চেপি ধৰিছিল। সেই সময়ত তেও নাক¸ কাণেৰে তেজ ওলাই আহিছিল। ভয়তে ঘৈনীয়েকে ঠেলা মাৰি পলাওতে যি পৰিল আৰু উঠিবই নোৱাৰিলে।
: অহ চো চেদ।
- হুমুনিয়াহ এটা কাঢ়ি কৈ উঠিল চৌধুৰীয়ে।
: ঘটনাটো আচহুৱা শুনি আপোনাক লগ কৰিবলৈ আহিলো।)
চৰকাৰী ডক্টৰৰ পষ্টমৰ্টেম ৰিপৰ্টমতে মৃত্যু হাৰ্টএটাক¸ ৰিজন কিবা ভয়াবহ শ্বক। বিমোৰত পৰিল চৌধুৰী। লক্ষণবোৰ অধ্যয়নেই কৰিব পৰা নাই।
-------------------
ইণ্ডিয়ান ইনষ্টিটিউট অব মেডিকেল চাইঞ্চৰ ৰিচাৰ্চ চেন্টাৰত দুজন মানুহে মনোযোগেৰে কাম কৰি আছে। ডেকা মানুহজনে মাইক্ৰস্ক’পত কিবা একান্তমনে চাই আছে। লগৰজন অলপ বয়সীয়া। ডাঙৰ টেবুলখনত কিবা চিত্ৰ আকৃতিৰ কিছুমানত কিবা বিচাৰি অধৈৰ্য্য হৈ পৰিছে।
: য়েছ¸ য়েছ
- উৎফুল্লিত হৈ পৰিল ডেকা বিজ্ঞানীজন।
: আৰ ইউ গট ইট? চইকীয়া¸ কিবা ওলাইছে?
ডক্টৰ মালহোট্ৰাই শইকীয়াৰ ফালে চাই সুধিলে। শইকীয়া শব্দতো তেওৰ মুখত নুঘুৰি চইকীয়া হয়গৈ।
: য়েছ চাৰ। আই গট ইট।
- ফুৰ্তিতে চিঞৰি উঠে শইকীয়াই। ডক্টৰ মালহোট্ৰা তেওৰ ওচৰলৈ আহিল। যোৱা পোন্ধৰ দিনে তেওলোক লাগি আছে এইটো পৰীক্ষাত। এই ফৰ্মুলাই বিচাৰি পোৱা নাছিল।
নতুনকৈ ভাইৰাছ এটা ওলাইছে। বেছি মানুহ এফেক্টিড হোৱা নাই যদিও এফেক্টেড হোৱাবোৰৰ একো চিকিৎসা হোৱা নাই। অসহ্য যন্ত্ৰনাত ভুগিছে বেমাৰীবোৰ।
এমাহমান আগতে মালহোট্ৰাই শুনিছিল। প্ৰথমে তেৱো বিশ্বাস কৰা নাছিল। শইকীয়াৰ সহপাঠী এজন ভাল চাইকাট্ৰিক্স। প্ৰথমে সেইজনেই কৈছিল কথাটো। ভাইৰাছ বুলি প্ৰথমে কোনেও ভবা নাছিল।তীব্ৰ মানসিক হেচাত বিকৃতি হোৱা বুলি ভাবিছিল।
: আজিকালি আচৰিত কেচ দুটামান আহিছে। বেছিভাগ পেচেন্টেই প্ৰথমে তন্ত্ৰ মন্ত্ৰৰ সহায় লয়। কোনোবাই কলাযাদু কৰা বুলি¸ ভুত পিশাচে ধৰা বুলি। ভাল নাপায় অবশেষত ডক্টৰৰ ওচৰলৈ আহে কিবা মানসিক ৰোগ বুলি। সকলো পেচেন্টৰ এটাই বেমাৰ। ৰাতি কোনেও শুব নোৱাৰে। শুলেই সপোন দেখে আৰু সপোনত কিছুমান চিন দেখি ভয়তে চিঞৰি দিয়ে। হাৰ্টবিট বন্ধ হোৱাৰ উপক্ৰম হয়। অথচ চকুমেলি কোনেও কব নোৱাৰে কি সপোন দেখিছিল। মাথো এটাই ভয়াবহ আছিল।
- ফোনত সহপাঠী বন্ধু ডক্টৰ অৰিন্দম চৌধুৰীয়ে কৈছিল শইকীয়াক। দুয়োজনে একেলগে এইমছত পঢ়িছিল। পিছত লণ্ডনৰ পৰা কোৰ্চ কৰি চৌধুৰী অসমলৈ ঘুৰি গল। শইকীয়া আমেৰিকাৰ পৰা আহি এইমছতে থাকি গল।
: ইন্টাৰেষ্টিং…তাৰ পিছত
- আচৰিত হৈছিল শইকীয়া।
: কেইদিনমান যোৱাৰ পিছত পেচেন্ট হিংশ্ৰ হৈ পৰে। হিতাহিত জ্ঞান হেৰুৱাই গৰমত সম্পুৰ্ণ উলংগ হৈ সমুখত যাকে পাই আক্ৰমণ কৰে। নাক¸ কাণেৰে তেজ বাহিৰ হয় আৰু অবশেষত হাৰ্টএটাক।
: অহ¸ মাই গড
- শইকীয়াই যেন কিবা হলিউডৰ কিবা চিনেমাৰহে বৰ্ণনা শুনি আছিল। গাটো জিকাৰখাই গৈছিল তেওৰ। চুবুৰীয়া ৰঙা চীনে নতুনকৈ বহুত ভেজাল সামগ্ৰী উলিয়াই আছে। প্লাষ্টিকৰ চাউল¸ আৰ্টিফিচিয়েল মিট¸ কেবেজ…।
দেশীয় অসাধু লোকৰতো কথাই নাই
: কি পাইছা চইকীয়া?
- ডক্টৰ মালহোট্ৰাৰ মাতত তেওৰ ভাবত যতি পৰিল।
: ছাৰ¸ ব’ডীৰ মাংসত ভাইৰাছ এটা পোৱা গৈছে। মগজুত কোকেইন। মগজুৰ নাৰ্ভবোৰ ফুলিছে। চাইনাইড¸ আৰ্চেনিক¸ কোকেইনৰ মিশ্ৰিত কিবা।গৰুৰ ছৰ্বি¸ এন্দুৰৰ কিবাও পোৱা গৈছে। এনে লাগিছে যেন এক মিলিলিটাৰ চাইনাইডত দহ মিলিলিটাৰ আৰ্চেনিক মিহলাই প্ৰায় দুশগ্ৰাম কোকেইন মিক্স কৰি মৃত ষাড় গৰুৰ চৰ্বি¸ এন্দুৰৰ মাংস মিক্স কৰি বনোৱা হৈছে।
- কৈ উঠিল শইকীয়াই।
: অহ¸ হাউ কেন ইট পচিবল?
- আচৰিত হয় ডক্টৰ মালহোট্ৰা।
: ছাৰ¸ আই ট্ৰায়িং টু ফাইণ্ড ইট।বাট…
: শইকীয়া¸ কৰবাত আৰ্টিফিচিয়েল মিটৰ প্ৰসংগটো চাগে জড়িত হৈ আছে।
: হব পাৰে ছাৰ। এফেক্টেড সকলোৱে ড্ৰিংকচ কৰিছিল। কিন্তু খাদ্যৰ বিষক্ৰিয়া বুলি ভাবিব টান।
: হুম
- কিবা এটা চিন্তা কৰি বহি পৰিল ডক্টৰ মালহোট্ৰা।
: হেল্ল’ চোধুৰী¸ ভাইৰাছৰ ৰিজন পাইছো।
- বন্ধু ডক্টৰ চৌধুৰীলৈ ফোন কৰিলে শইকীয়া। চৌধুৰীয়ে যেন বাট চায়ে আছিল।
: অ’ কোৱা শইকীয়া। কিবা এন্টি ডিউড পালানে?
: এতিয়ালৈ পোৱা নাই। কিন্তু হাৰ্ট এটাকৰ পৰা বাছি থাকিব পৰাকৈ ফৰ্মুলা এটা পাইছো।
: অ‘ কোৱা¸
- আগ্ৰহেৰে সুধিলে চৌধুৰীয়ে।
: সংগমৰ পৰা বিৰত থাকিব লাগিব এন্টি ডিউড নিদিয়ালৈ। ৰাতি একদমে শুব নোৱাৰিব। মদ¸ভাং ড্ৰাগছ¸ যিকোনো ৰাগিয়াল বস্তু সেৱন কৰিব নোৱাৰিব। আনকি মাছ¸ মাংস¸ কণীও বাদ দিব লাগিব। অনলি চিম্পল মিল।
- অলপ ৰৈ পুণৰ কলে শইকীয়াই
: চাগে সোণকালেই এন্টি ডিউড পাম চৌধুৰী। উই হোপ ছো।
- গভীৰ আশাৰ ৰেঙনী এটা তেওৰ মুখত শুনা গল। চৌধুৰীৰ মুখত মাত নাই। কি যে ভয়ংয়ৰ ভাইৰাছটো আহিল।
: শইকীয়া¸ কি নাম এই ভাইৰাছৰ?
- খুউব লাহেকৈ সুধিলে চৌধুৰীয়ে।
: প্ৰ’পাৰ নাম এতিয়াও বিচাৰি পোৱা নাই চৌধুৰী। তথাপি নাম এটা ৰাখিছো¸ ডি ভাইৰাছ…
ভাইৰাছ ড্ৰীম…
শইকীয়াই আৰু কি কৈছিল চৌধুৰীয়ে নুশুনিলে। এটা কথাই তেওৰ কাণত ভাহি থাকিল¸
ডি ভাইৰাছ……।।

ৰক্তপিশাচ

Unknown

অন্ধকাৰ কোঠাটোৰ মজিয়াত উবুৰিখাই বহি আছে চাৰিওটা। শণিবাৰৰ ৰাতি। তাতেই অমাবশ্যা। পুৱাৰে পৰা বতৰটো গোমা হৈ আছিল। কিনকিনিয়া বৰষুণ এজাক তেতিয়াও দি আছিল।
সময় চাগে এঘাৰ বাজি গৈছিল। পিছপৰা গাঁওখনত ৰাতি হলেই কাৰেন্ট নাথাকে। নামতে উন্নয়ন হৈছে। চৰকাৰে যিমানেই ঢাক-ঢোল নবজাওক¸ যিমানখিনি লাগিছিল বহুতো অঞ্চল এতিয়াও আগুৱাব পৰা নাই।
সন্ধিয়া আটাইকেইজনে পাইছিলহি। দীপকৰ আইতাকজনী ঢুকাইছিল। তিনিদিন হৈছিল। পিছদিনাহে ঘৰ পাইছিলহি দীপকে। আইতাকক শেষবাৰৰ বাবে দেখা নাপালে। বৰদুখ লাগিছিল তাৰ। আইতাকে তাক বৰ মৰম কৰিছিল।
সীমান্ত¸ ৰক্তিম আৰু নীলয়ে খবৰ লবলৈ আহিছিল। সীমান্ত আৰু ৰক্তিম চহৰৰ লৰা। গাঁও ভ্ৰমনৰ সুযোগ কোনোপধ্যেই এৰিব নোখোজে। কথাটো প্ৰথমে নীলয়েই উলিয়াইছিল। সুখে দুখে বন্ধুক সংগ দিয়াটো সঁচা বন্ধুৰ কৰ্তব্য। ভাৰ্চিটিত একেলগে পঢ়িছিল চাৰিওটাই। এতিয়া সাংসাৰিকো হল¸ অথচ বন্ধুত্ব একেই আছে। যেন বন্ধুত্বৰ মাতাল ৰাগিত চাৰিও নিচাগ্ৰস্হ। মহানগৰীত চাৰিওজনেই প্ৰতিস্হিত।
: তহঁত আজিয়ে আহিলি যে।
- দীপক আচৰিত হৈছিল সিঁহতক দেখি। আগনিশা খবৰ পোৱা বন্ধু পিচদিনা উপস্হিত হোৱাত সি বাৰুকৈয়ে আচৰিত¸ লগতে গৰ্বিতো হৈছিল। তিনিও হাঁহি এটা মাৰিছিল।
ধেমাজীৰ অসম অৰুনাচল সীমান্তৰ এখন ভিতৰুৱা গাঁওত দীপকৰ ঘৰ। পিছফালেই প্ৰকাণ্ড বাৰীখন। প্ৰায় দহবিঘা মাটিৰ বাৰীতো পাৰহলেই এখন প্ৰকাণ্ড পথাৰ¸ এটা জলাশয়। গাঁওখনৰ এমুৰে ঘৰটো। জনবসতিও বৰ পাতল। প্ৰকাণ্ড ভলুকা আৰু জাতিবাঁহৰ আগলি হাউলি আহি লুংলুঙীয়া বাটতো দিনতে আন্ধাৰ কৰি তোলে।
: তঁহতে কি কৈছ এইবোৰ? পাগল হলি নেকি?
- উচপখাই বহাৰ পৰা উঠিছিল দীপক। দুচকুত তাৰ বিস্ময়।
: কুল ডাউন দীপু। ট্ৰাই টু আণ্ডাৰষ্টেণ্ড য়াৰ। মোৰ বিথিকাৰ প্ৰশ্ন জড়িত হৈ আছে।
- ৰক্তিমে হাতযোৰ কৰি কৈ উঠিছিল। কথাবোৰ ভাঙি কলে সি।
: কিন্তু!
- দীপকে এতিয়াও মানি লব পৰা নাই। নীলয়ে লাহেকৈ তাৰ পিঠিত হাতখন দিলে।
: চা দীপু¸ আঁতৰি যোৱাজনটো আৰু কেতিয়াও ঘুৰি নাহে। কিন্তু থকাজনৰ বাবে এবাৰ চেষ্টা কৰাত আপত্তি কত?
- দীপকে নীলয়ৰ মুখলৈ চাই আছিল। কি কব একো ভাবি পোৱা নাছিল। ৰক্তিম উচুপি উঠিছে। অলপ দুৰত সীমান্ত ভাবলেশহীন হৈ বহি আছিল। এই ননচেঞ্চ কামবোৰ বিশ্বাস নকৰিলেও বন্ধুক সংগ দিছে সি।
দীপকে প্ৰমাদ গণিলে। বিথিকাৰ সমষ্যাটো সি নজনা নহয়। বন্ধুক সহায় কৰিব সিয়ো বিচাৰে। কিন্তু ইহঁকাল-পৰকালৰ বিষয়টো তাৰ বোধগম্য নহয়। বিশ্বাস অবিশ্বাসত দোদুল্যমানহৈ দুলি থাকে তাৰ মনটো। যিকোনো নিয়মৰ মাজতেই চলিব খোজে সি। লাগিলে সেয়া সামাজিক নিয়মেই হওক বা প্ৰকৃতিৰ নিয়ম।
: দীপু¸ একো নকলি যে!
- গভীৰ আশাৰে ৰক্তিমে তাৰ মুখলৈ চাই আছিল।
: অ’কে¸ কিন্তু একো যাতে খেলিমেলি নকৰ!
- সি কৈ উঠিছিল। ৰক্তিমে তাক সাবতি ধৰিছিল।
নীলয় পেৰা চাইক’লজীৰ স্কলাৰ। ধুনীয়া চুটি চাপৰ লৰাটোক দেখিলে কোনেও নকয় আধুনিক নহয় বুলি। ইমানবোৰ ভাল বিষয় থাকোতে সি সেইটো বাচি লোৱা বাবে সীমান্তই প্ৰায়েই তাক জোকাইছিল ভুত বুলি। অত্যন্ত যুক্তিবাদী সি। নিলয় নাছোৰবান্দা¸ এদিন হলেও প্ৰমাণ কৰিবই! আইদিয়াটো ৰক্তিমক সিয়েই দিছিল।
প্ৰকাণ্ড চৌহদটোৰ আওহঁতীয়া ঘৰটোত চাৰিওটা আছিল। সেইটো দীপকহঁতৰ পৰিত্যক্ত ঘৰ আছিল। পুৰণি কাঠেৰে সজা মাটি লেপা চাংখেৰৰ ঘৰটো তাৰ ককাকে সাজিছিল। বিয়াল্লিশৰ আন্দোলনত জেলখটা মানুহ আছিল তেও। মহাত্মা গান্ধী অসমলৈ আহোতে তেজপুৰলৈ তেও গৈছিল।
তিনিটা কোঠাৰ ঘৰটোৰ ভিতৰৰ কোঠা এটাত চাৰিও উবুৰি খাই পৰিছে। অন্ধকাৰত নিমজ্জিত ঘৰটোৰ কোঠাৰ মজিয়াত মাথো এদাল কেন্দেল জলি আছে। পৰিত্যক্ত ঘৰটোৰ চিলিঙত¸ বেৰত মকৰাঁজাল। ঠায়ে ঠায়ে উঁয়ে মাটি উঠাই থৈছে। ভেঁকেটা-ভেঁকেট গোন্ধ এটা চাৰিওৰে নাকত লাগিছে। কাৰো মুখত মাত নাই। দীপকে ঘৰটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি সিঁহতৰ কাষলৈ আহিল। নিলয়ে বাঁহৰ খৰিকা এডালেৰে কোঠাৰ মজিয়াত এটা বৃত্ত আঁকিছে। এনে লাগিছে যেন ভিতৰত তিনিটা ত্ৰিভুজে ইটোৱে সিটোক কটাকটি কৰিছে। বৃত্তৰ বাঁহিৰত সমান দুৰত্বত চাৰিফালে চাৰিটা তাৰকাচিহ্ন। ঠিক সোঁমাজত মমদাল জ্বলি আছে।
: শুন¸ যিয়েই নহওক¸ কোনেও যেন উঠি নাযাৱ।
- তিনিওজনকৈ কাষলৈ মাতি নিলয়ে কৈ উঠিল।
: আৰু সীমান্ত¸ মই জানো চাগে তই এইবোৰ ননচেঞ্চ ৱৰ্ক বুলি ভাবিছ! ভাবি থাক¸ কিন্তু কো-অপাৰেট কৰ যেন।
- সীমান্তৰ ফালে চাই সন্দেহবশত নিলয়ে কৈ উঠিল। সীমান্তই লাহেকৈ মুৰ দুপিয়ালে। ইতিমধ্যে ৰক্তিম অধৈৰ্য্য হৈ পৰিছে। দীপকে প্ৰমাদ গণিলে। বাৰ বাজি গৈছে ইতিমধ্যে। নিলয়ৰ সমুখত দীপক¸ দুয়োকাষে ৰক্তিম আৰু সীমান্ত সমান দুৰত্বত বহি আছে। মাজতে বৃত্তটো। নিলয়ৰ এই পেন্টাক্ৰাম স্পিৰিট কল চিষ্টেমতো অলপ ভয়াবহ। দীপকে ইতিমধ্যে কেইবাটাও কাহিনী শুনি থৈছে। বিশ্বাস অবিশ্বাসৰ দোমোজাত। আইতাকক শেষবাৰৰ বাবে লগ পোৱাৰ ইচ্ছা তাৰো আছিল। কিন্তু প্ৰকৃতি বিৰুদ্ধ কাম কৰিবলৈ সি অপ্ৰষ্টুত। বিথিকাৰ সমষ্যা নোহোৱা হলে সি কেতিয়াও নিলয়ক এক্সপেৰিমেন্ট কৰিব নিদিলেহেতেন।
চাৰিও নিশ্চুপ হৈ বহি আছে। নিজৰ নিশ্বাসৰ শব্দ সিঁহতে নিজেই শুনিছে। নিলয়ে দুচকু মুদি বিৰবিৰকৈ কিবা গাই আছে। কি গাইছে সিঁহতে বুজিব পৰা নাই। বহুত সময় পাৰ হল। একো এটা উপস্হিতি নাই। নিলয়ে এতিয়াও চকুমেলা নাই। নিচাগ্ৰস্হৰ দৰে একাশে মুৰটো তাৰ সামান্য হালি পৰিছে। এটাৰো মুখত মাত নাই। হঠাতে ফুৰফুৰীয়া সুগন্ধি এটা সিঁহতৰ নাকত লাগিল। উৎসতো কৰপৰা আহিছে সিঁহতে ধৰিব নোৱাৰিলে। এটা মুহুৰ্ত মাত্ৰ। হঠাতে কোঠাটোৰ ভিতৰত ধুমুহাহে বলিল। প্ৰচণ্ড বতাহে তিনিওকো কপাই তুলিলে। যেন উৰুৱাইহে নিব সিঁহতক। কোনোমতে নপৰাকৈ তিনিও বহি আছে। নিলয়ৰ গাত যেন একো লগাই নাই। চকুমুদি স্হিৰ হৈ বহি আছে। আচৰিত ধৰণে মমদাল ভমককৈ দুগুণে জ্বলি উঠিছে। দুমিনিটমান পিছত শান্ত হল। হঠাতে নিলয় বাগৰি পৰিল। যেন কিঁহবাই গতা মাৰিহে পেলাই দিলে।
: নিলয় নিলয়…কি হল? সীমান্তই আচৰিত হৈ ভয়তে নিলয়ৰ গাত টুকুৰিয়াই দিলে। এটা মুহুৰ্ত মাত্ৰ। নিলয়ৰ হাতৰ প্ৰচণ্ড চৰত সীমান্ত বাগৰি পৰিল।
: মোক কিয় মাতিলি? কিয় যাব নিদিলি?
- ঘপকৈ বহি নিলয়ে খঙেৰে সিঁহতলৈ চালে। যেন চকুৰে জুইহে বৰশিছে। মাতটো অদ্ভুত গেঙনিৰ দৰে শুনা গৈছে তাৰ। দুয়োটা আঠুত মুৰলগাই সি চাইছে সীমান্তলৈ। দীপকৰ মনত পৰিল। আইতাকেও এনেকৈ বহিছিল।
: আইতা¸ আইতা…মই ডাঙৰ পোনা। যাবৰ পৰত তোক নেদেখিলো আইতা।
- দীপক উচুপি উঠিল। নিলয়ে চালে তালৈ। ঘপকৈ এটোপাল পানী কৰবাৰ পৰা বৃত্তৰ ভিতৰত জিলিকি উঠিল।
: তই মোক বৰ মৰম কৰিছিলি আইতা। মোক এটা সহায় লাগে।
- দীপকে উচুপি কৈ উঠিল। উচপিচাই উঠিল ৰক্তিম।
প্ৰশ্নবোধক চাৱনি এটাৰে নিলয়ে চাই থাকিল।
: মোৰ বন্ধু¸ বৰ বিপদত পৰিছে।
- ৰক্তিমলৈ আঙুলিয়াই সকলো কলে সি।
হথাতে বৃত্তটো ৰক্তাক্ত হৈ পৰিল। সচকিত হৈ পৰিল দীপক। ৰক্তিম আৰু সীমান্তই চকু বহল কৰি চাই আছে।
: মানে কি আইতা?
- খপজপকৈ দীপকে শুধিলে।
: সহজ নহয় সহজ নহয়। যি আছিল সেয়ে হব।
- কৈ কৈ নিলয় বাগৰি পৰিল।
টাইম আপ। সময় পাৰ হল। নিলয়ে কৈছিল। দহমিনিটতকৈ বেছি সময় নাথাকে। মিডিয়াম বাগৰি পৰিল। মমদাল নুমাই কোঠাটো অন্ধকাৰ হৈ পৰিছে।
---------------
প্ৰায় দুমাহমান আগৰে পৰা বিথিকাৰ অস্বাভাবিক আচৰণ চকুত পৰিছিল ৰক্তিমৰ। শেষবাৰ মাকৰ ঘৰৰ পৰা অহাৰ পিছৰ পৰাই যেন মানুহজনী সলনি হৈছিল। তাই আজিকালি নাহাহে¸ বৰকৈ কথা নকয়। কিবা জোবোকা লাগি থাকে।
: বিথি¸ কি হৈছে তোমাৰ? গা বেয়া নেকি?
- সি মৰমেৰে সুধিছিল।
: কতনো কি হোৱা দেখিলা? ঠিকেই আছোতো!
- সেমেকা হাঁহি এটা মাৰিছিল তাই। ঘৰলৈ মনত পৰি মন বেয়া কৰা বুলি ভাবিছিল সি। বহুদিনৰ মুৰত ঘৰৰ মানুহক লগপাই অলপতে আহিবৱগা হৈছিল তাই।
ৰক্তিমে ভালপাই বিয়া কৰাইছিল তাইক। চিমলাৰ ছোৱালী। দেলহিত একেলগে পি এইচ দি কৰোতে সি তাইৰ প্ৰেমত পৰিছিল। খ্ৰীষ্টিয়ান বিথিকা তাৰ লগত বিয়াহৈ গুৱাহাটীলৈ গুছি আহিছিল। নতুনকৈ হোৱা ইউনিভাৰ্চিটিখনৰ দুয়ো প্ৰফেচাৰ। বিয়াৰ দুবছৰ হল¸ এতিয়ালৈ ফেমিলি প্লেনিং কৰা নাছিল সিঁহতে।
: ৰক্তিম¸ মোৰ কেঁচা মাংস খাবলৈ মন যায়।
- এদিন তাই কৈ উঠিছিল তাক। সি হাঁহি দিছিল। তাই ধেমালি কৰিছিল।বৰ ধেমেলীয়া বিথিজনী।
এদিন তাইৰ কোঁৱাৰিত তেজ লাগি থকা দেখি সি উচপ খাই উঠিছিল। খাবলৈ হাঁহ এজনী কিনি আনিছিল সি। বিথিকা পাকঘৰত আছিল¸ মাংস কুটিছিল। হঠাতে পানী খাবলৈ আহোতে সি উচপ খাই উঠিছিল।
: বিথি কি তেজ এয়া?
- উচপখাই তাইৰ কোঁৱাৰিৰ তেজখিনি সি মোহাৰি দিছিল।
: চিটিকৈ পৰিল চাগে।
- তাই হাঁহি মাৰি কৈছিল। সি ভাবিবও পৰা নাছিল যে তাই মিছা মাতিছিল।
সেইদিনা সি চক খাইছিল। ভয় লাগিছিল তাৰ। আনকি দৌৰি পলাবলৈয়ো পাহৰি গৈছিল সি। মুৰ্চা গৈছিল ভয়তে।
ৰাতি চাগে দুইমান বাজিছিল। হথাতে যেন কোনোবাই তাক বিচনাৰ পৰা ঠেলি পেলাই দিছিল। সি দেখিছিল¸ বিথিকাই আপ্ৰাণ চেষ্টা কৰিছে। তাই চিঞৰিব পৰা নাই। যেন কিবা অশৰীৰিয়ে তাইৰ গাত ভৰ কৰিব খুজিছে।
: বিথি বিথি কৈ হৈছে?
- শুধিব নাপালেই। কাৰোবাৰ প্ৰচণ্ড আঘাটত সি উফৰি পৰিছিল। সেয়া আছিল আৰম্ভনিহে। নিশা হলেই তাইৰ কাষত থাকিব পৰা নাছিল। তাইক চুব পৰা নাছিল সি। চুলেই অশৰীৰি আক্ৰমণ।
: ৰক্তিম¸ মই বাথৰুমত থাকোতে কোনোবাই মোক চাই থকা যেন লাগে।
- তাই দিনতে কৈছিল তাক। গা নোধোৱাকৈ বাথৰুমৰ পৰা ওলাই আহিছিল তাই। সি আচৰিত হৈছিল। সি ভয় খাইছিল। যুক্তিবাদী লৰাটো দিশহাৰা হৈ পৰিছিল। সেয়া মানসিক ৰোগ নাছিল।
: দোষ্ট¸ বৰ ডাঙৰ বিপদত পৰিছো অ’। বিথিৰ কিবা হৈছে।
- সিঁহতৰ আগত কৈছিল সি।
সিঁহতে তাইক চাবলৈ আহিছিল।
: ৰক্তিম¸ আই থিংক চি ইজ পজেজ।
- নিলয়ে কৈ উঠিছিল।
: কি বাজে কথা কব আহিছ অ’! আজিকালিৰ যুগত এইবোৰ কথাৰ কি যুক্তি আছে!
- সীমান্তই শুধিছিল।
: তোৰ ওচৰত ইয়াৰ কিবা বাখ্যা আছে? যদি নাই¸ তেনে এবাৰ চোৱাত বাধা কি?
- নিলয়ে উত্তৰ দিছিল। কপকৈ বন্ধ হৈছিল সীমান্তৰ মুখ। সিঁহতৰ ওচৰত একো বাখ্যা নাছিল।
: ইউ মাষ্ট হেভ টু টেক হেল্প অব স্পিৰিট কল।
- প্ৰফেচৰ গৌৰীশংকৰ চেতাৰ্জীয়ে বিথিকাক চাই কৈ উঠিছিল। তেও দেখিয়েই ধৰিব পাৰিছিল। চেতাৰ্জী নিলয়ৰ গুৰু। বয়স সত্তৰ পাৰহৈ গৈছে। এতিয়া আৰু এনেবোৰ কামত দৌৰি ফুৰাৰ বয়স নাই। নিলয়ৰ ওপৰত বিশ্বাস আছে তেওৰ।
সদ্যমৃতকৰ অভাবত নিলয় আগবাঢ়িব পৰা নাছিল। মিডিয়াম মৃতকৰ আত্মীয় হোৱাটো খুবেই জৰুৰী। নহলে আত্মা নাহিবও পাৰে।
হঠাতে দীপকৰ আইতাকৰ মৃত্যুৰ খবৰটো পোৱাত সিয়েই কথাটো উলিয়াইছিল। ৰক্তিমে হয়ভৰ দিছিল। আশাৰ ৰেঙনি বিচাৰি দিশহাৰা হৈছিল সি।
---------------------
দীপকহঁতৰ পৰিত্যক্ত ঘৰটোৰ অন্ধকাৰত চাৰিও বহি আছে। ইতিমধ্যেই জ্ঞান ঘুৰি আহিছে নিলয়ৰ। কিন্তু কোনেও উঠি আহিব পৰা নাই। নিলয়ে বাধা দিছিল। কাৰো মুখতেই মাত নাই।
: ৰাতি কৈ হৈছিল?
- ৰাতিপুৱা নিলয়ে শুধিছিল। মিডিয়াম হৈ থাকোতে একো জনা নাছিল সি।
সীমান্তৰ মুখত মাত নাছিল। অকল্পনীয়¸ অবিশ্বাস্য ঘটনা এটাৰ সাক্ষী হৈছিল সি।
: এটা গ্ৰেট এক্সপেৰিয়েঞ্চ হল লাইফত।
- দীপকে কৈছিল। আইতাকলৈ মনত পৰি তাৰ দুচকু চলচলীয়া হৈ পৰিছিল। সীমান্তই মুৰ দুপিয়াইছিল। তাৰ মনত সলনি হোৱা ধাৰণাতো বৰ্ণনা কৰিবলৈ মুখত ভাষা নাছিল তাৰ।
: হেৰি নহয় নিলয়¸ যি আছিল সেয়ে হব বুলি কৈছিল স্পিৰিটে। তাৰমানে কি?
- উদগ্ৰীব হৈ ৰক্তিমে শুধিছিল নিলয়ক। আশাৰ ৰেঙনী কিছু দেখিলে সি। বিথিকাৰ বাবে সকলো কৰিব পাৰে সি। তাই তাৰ দেহৰ এফাল।
---------------
ৰক্তিমে আগতে এইবোৰ বিশ্বাস কৰা নাছিল। নিলয়ৰ কামকাজত হাঁহি উঠিছিল তাৰ। কিবোৰ যে অনুসন্ধান কৰি ফুৰে নহয়!
: তই এনেয়েই টাইম পাছ কৰিছ দোষ্ট। কিছুমান কথা কাহিনীতহে ভাল। বাস্তবত কোনো ভিত্তি নাই।
সিঁহতৰ কথাবোৰ শুনি ৰক্তিমে হাঁহি উঠিছিল। তলাতল ঘৰত আত্মাৰ সন্ধান কৰিব গৈ তাৰ লগত ওৰে ৰাতি মহৰ কামোৰ খাইছিল গোটেই কেইজনে। অথচ একো এটাৰ অস্তিত্ব নাছিল। সিঁহতৰ খং উঠিছিল।
বাকী তিনিওজন সাংসাৰিক হল। অথচ এতিয়াও সি অকলশৰীয়া। বয়স তেত্ৰিশ হৈ গল।
: মোৰ দৰে পেৰানৰ্মেল ইনভেষ্টিগেটৰ এজনৰ লগত কোন ছোৱালীয়ে বিয়াত বহিব অ’?
- সি হাঁহি হাঁহি কৈ উঠিছিল। তিনিও হাঁহি দিছিল। ধেমালীৰ ছলেৰে কলেও কথাটোৰ যুক্তি নথকা নাছিল। পুৰাতত্ব বিভাগৰ বিষয়াজনলৈ শিবসাগৰৰ ছোৱালীজনীয়ে এইটো কাৰণতে বিয়ী হবলৈ অমান্তি হৈছিল।
ৰক্তিমে এটা হুমুনিয়াহ কাঢ়িলে। কোনোদিন বিশ্বাস নকৰা কথাটোৱে আজি বিশ্বাস কৰিছে সি। নিজে অবিশ্বাস্য ঘটনাটোৰ সাক্ষী হৈছে। এটা অপ্ৰাকৃতিক শক্তিৰ পৰা মুক্তি বিচাৰি আন এটা শক্তিৰ সহায় লৈছে। বিথিকাৰ টেনচন নথকা হলে চাগে সি ভয় খালেহেতেন। হয়তো মুৰ্চা গলহেতেন। কিন্তু সেইবোৰ একো হোৱা নাছিল। তাক মুক্তি লাগে। সোণকালে বিথিকা ভাল হব লাগে।
ৰাতি হলেই বিথিকাৰ ওচৰত থাকিব নোৱাৰে সি। তাক থাকিব নিদিয়ে। অথচ তাইৰ যন্ত্ৰনাও চাই থাকিব নোৱাৰে। ফেঁকুৰী উঠে সি।
আজিলৈ কোনো তান্ত্ৰিকেই একো কৰিব নোৱাৰিলে। কিছুমান ভণ্ড বেজে এনেয়ে তাৰ লগত খেলিলে। সিয়ে মুৰ্খৰ দৰে ধৰা দিলে।
সাঁতুৰিব নজনা মানুহে পানীত খেৰডালকো সাবতি ধৰে।
তাকো সহায় লাগে।
: ৰক্তিম¸ চিমলালৈ যাব লাগিব বিথিকাক লৈ। তাইৰ মাকৰ ঠাইতে চাগে লেঠাটো লাগিছে।
- নিলয়ে কৈ উঠে।
‘‘ যি আছিল¸ সেয়ে হব’’ স্পিৰিট কলৰ মেছেজটোৰ বাখ্যা বিচাৰে সি।
: কৰিম¸ মই চব কৰিম বিথিৰ বাবে। তাই ভাল হবনে?
- নিলয়ৰ হাঁতত খামুচি ধৰিলে ৰক্তিমে।
-------------------------
বিথিকাৰ দেউতাকৰ দুবছৰ আগতেই মৃত্যু হৈছে। মাকজনী আৰু ককায়েক¸ বৌৱেকহে থাকে ঘৰত। সৰুৰে পৰাই তাই দেলহিত পঢ়া। তাইৰ ঘৰৰ মানুহো একো সমাধান দিব নোৱাৰিলে ৰক্তিমক। নিলয়েও তাকেই আশা কৰিছিল। সি জানিছিল¸ তেওলোকেও বিশেষ নাজানিব। সীমান্ত আৰু দীপক অসমতে থাকিল। দীপকৰ আইতাকৰ শ্ৰাদ্ধ যোৱাই নাই। সীমান্তৰ আৰু অশৰীৰী শক্তিৰ মুখামুখি হবলৈ সাহস নাছিল। বিথিকাক লৈ ৰক্তিমৰ লগত নিলয় আহিছিল। গুৰু গৌৰীশংকৰ চেতাৰ্জীৰ লগত ঘনে ঘনে বাৰ্তালাপ কৰিছিল সি। ইতিমধ্যে চিমলাতো বিথিকাক শান্তি দিয়া নাছিল। নিশা হলেই তাইৰ যন্ত্ৰনা আৰম্ভ হৈছিল।
: নিলয়¸ চাইচিতি আগবাঢ়িবা। প্ৰতিপক্ষ বৰ শক্তিশালী যেন লাগিছে।
- প্ৰফেচাৰ চেতাৰ্জীয়ে সোঁৱৰাই তাক। উৎসাত বন্ধুৰ মৰমত গৈছে সি। সামান্য ভুল হলেই মৃত্যু পৰ্য্যন্ত হব পাৰে!
তেও সংকিত হৈ পৰে।
দুটা দিন চিমলাত এনেকৈয়ে পাৰ হল সিঁহতৰ। মাথো দিহিঙে দিপাঙে ঘুৰি থাকোতেই গল। দিনতো বিথিকা শান্ত হৈয়েই থাকে।
সেইঁদিনা ৰাতি বিথিকাৰ ককায়েকৰ পোহনীয়া লাব্ৰাডোৰ কুকুৰটোৱে বেয়াকৈ ভুকিছিল। পিছদিনা লনত তাৰ মৃতদেহ পৰি থকা দেখিলে সিঁহতে। তাৰ গলধনত এটা প্ৰকাণ্ড দাগ। যেন প্ৰকাণ্ড হিংশ্ৰ কিহবাই কামুৰি ৰক্তপান কৰিছে।
নিলয় আৰু ৰক্তিমৰ বুজিবলৈ একো বাকী নাথাকিল।
: ইচ¸ কোনে মাৰিলে ইয়াক?
- আঁচৰিত হৈ বিথিকাই শুধিলে।
ইতিমধ্যে বোৱেকে উচুপি উঠিছে।
: পগলা কুকুৰ এটা আহিছিল নহয় ৰাতি! সেইটোৱে কামুৰিলে চাগে।
- মিছা মাতিলে ৰক্তিমে।
: ইচ¸ ইমান মৰমলগা হৈছিল ই।
- সেমেকা মাতেৰে কৈ উঠিল বিথিকাই।
---------------
তাৰো দুদিন পিছত সেইদিনা অমাবশ্যা। ৰাতি প্ৰায় আড়ৈ বাজিছে। সকলো মানুহ টোপনিত লালকাল। প্ৰকাণ্ড ঘৰটোৰ একোণত থকা বাথৰুমটোত সোমাল নিলয়। ৰক্তিম বাহিৰত আছে। দুৰু দুৰু বুকু কপিছে তাৰ। ভিতৰত সোমায়ে নিলয়ে ধমকৈ বাথৰুমৰ দৰ্জাখন বন্ধ কৰি দিলে। তাৰ দুয়ো হাতত দুডাল ৰঙা কেণ্ডেল। অন্ধকাৰত নিমজ্জিত হৈ আছে ঘৰটো। ৰক্তিমে পাৱাৰ কাট কৰিছে। মৰমৰ কিঞ্চিত পোহৰত কোঠাটো জয়াল হৈ পৰিছে। বাথৰুমৰ মিৰৰ খনৰ সমুখত নিলয় থিয় হল। প্ৰায় তিনি বাজো বাজো। আইনাখনত দৃষ্টি স্হিৰ নিবদ্ধ কৰি বিৰবিৰালে সি ‘‘ব্লাডীমুৰী¸ ব্লাডীমুৰী¸ ব্লাডীমুৰী’’।
মাথো অলপ সময়। কলা অদ্ভুত ছায়ামুৰ্তি এটা আইনাত জিলিকি উঠিছে। হৃদস্পন বাঢ়ি গল নিলয়ৰ। কিন্তু ভয় কৰিলেই নহব। সি ভয় নকৰেও। টোপ টোপকৈ তেজ পৰিছে তাৰ গাত। ছায়ামুৰ্তিৰ দীঘল দাত দুটাত তেজ লাগি আছে। হঠাতে সোঁহাতৰ মমদাল পৰি গল তাৰ। কিবা অদৃশ্য শক্তিয়ে যেন তাৰ হাতখন টানি নিলে। গ্লাছত হাতখন লগাৰ লগে লগে লাহেকৈ আইনা ফটাৰ শব্দ হল। তাৰপিছত তাৰ হাতত তেজ বিৰিঙি উঠিল। প্ৰচন্দ দুখ অনুভব কৰিলে সি। অথচ আনো বুলিয়ো হাতখন আঁতৰাব নোৱাৰে। যেন চুম্বকে লো আকৰ্ষণ কৰাৰ দৰে আইনা খনেও তাৰ হাতখন টানি ৰাখিছে। অলপ সময় মাত্ৰ¸ আৰু সি একো কব নোৱাৰে।
হঠাতে কোনোবাই ঢকিওৱাৰ শব্দত সম্বিত ঘুৰি আহিল নিলয়ৰ। ৰক্তিম অধৈৰ্য্য হৈ পৰিছে। ফুঁ মাৰি মমদাল নুমুৱাই নিলয়ে দৰ্জাখন খুলিলে।
: ইমান ভয়ংকৰ এয়া কিঁহৰ শব্দ? গোটেই ঘৰটো কপি উঠিছে।
- ভয় খাইছে ৰক্তিমে। এনে ভয়লগা শব্দ সি জীবনত শুনা নাই।
মিচিকিয়াই হাঁহি দিলে নিলয়ে। আন্ধাৰত তাৰ মুখৰ হাঁহি ৰক্তিমে নেদেখিলে।
: বল বল …
- টৰ্চতো জ্বলাই ৰক্তিমৰ হাতত ধৰি ৰুমলৈ আহিল সি।
---------------------
: চা ৰক্তিম¸ তোক মই যিবোৰ কথা কম¸ আশাকৰো দুয়োৰে মাজত সীমাবদ্ধ হৈ থকাই মংগলজনক।
- ওচৰে পাজৰে কোনো নাছিল সিঁহতৰ। মন্দিৰৰ দীঘল খটখটিতোত বহি আছিল দুয়ো।
: মই বিথিকাৰ বাবে চব কৰিম নীল। জাষ্ট তাইক ভাল কৰি দে।
- আবেগিক হৈ পৰিছিল ৰক্তিম। তাৰ বিশ্বাস হৈছিল¸ নিলয়ে তাৰ সমষ্যা সমাধান কৰিব পাৰিব।
: হুম
- অলপ সময় দুয়ো নিৰব হৈ ৰল।
: ৰক্তিম¸ সকলো এতিয়া তোৰ ওপৰত। মই কৰিব পৰাখিনি কৰিলো।
- ৰক্তিমৰ কান্ধত হাতখন থৈ কৈ উঠিল নিলয়ে। ৰক্তিমে খামুচি ধৰিলে হাতখন।
সি সকলো কৰিব। বিথিকা অবিহনে জীয়াই থকা অসম্ভব।
বিথিকা তেতিয়া ক্লাছ টেনত। সমুখত বোৰ্ড এক্জামৰ বাবে পঢ়ি আছিল। ঘৰত চাগে কোনো নাছিল তেতিয়া। দুঘন্টামানৰ বাবে অকলে এৰি সকলো দহ কিলোমিটাৰ আঁতৰৰ চহৰলৈ গৈছিল। হথাতে কোনোবাই পিছপিনৰ পৰা সাবতি ধৰি বগৰাই দিছিল তাইক। তাই ভয় খাইছিল। সিঁহতৰ ঘৰত কাম কৰা জামাল নামৰ লৰাটোৱে চাগে তাইক বেয়া দৃষ্টিৰে চাইছিল। সুযোগ লব বিছাৰিছিল সি। তাই আত্মৰক্ষাৰ বাবে যুঁজ কৰিছিল। তাই পঢ়ি আছিল তেতিয়া। সৰ্বশক্তিৰে কলমেৰে তাৰ বুকুত খোচ মাৰিছিল তাই। তাৰ বুকুৰে তেজ ওলাইছিল। তেনে মুহুৰ্ততে দেউতাকহঁত আহি পাইছিল। চাবুকেৰে কোবাই সেইদিনাই দেউতাকে খেদি দিছিল তাক।
বোৰ্ডৰ পৰীক্ষা পাছ কৰি দেলহিলৈ আহিছিল তাই। তাই জনা নাছিল¸ কোনেও জনা নাছিল। দেউতাক মেজৰ কাপুৰে হত্যা কৰিছিল জামালক। চাৰ্ভেন্ট কোৱাৰ্টাৰৰ মজিয়াতে পুতি পকী কৰি পেলাইছিল। অতৃপ্ত হৈ আছিল সি। তাইক বিচাৰি ফুৰিছিল। দেউতাক থাকোতে ওলাব পৰা নাছিল সি। তেও কিবাকিবি জানিছিল। তেও চাগে ভাবিছিল এটা ৰহস্য তেওৰ লগতেই গুছি যাব।
প্ৰকৃতিৰ ৰহস্য কোনে জানে!
- নিলয়ৰ ওঠৰ কোণত হাঁহি এটা জিলিকি উঠিল।
কিনকিনিয়াকৈ বৰষুণজাক আহিছিল। ৰাতি দুইবজাত হাতত সাৰে ভৰিত ওলাল ৰক্তিম আৰু নিলয়। হাতত লেম এটা আৰু পেট্ৰলৰ গেলন এটা। নিলয়ৰ হাতত চিপৰাং এখন।
বিথিকাহঁতৰ ঘৰৰ সমুখৰ চাৰ্ভেন্ট কোৱাৰ্টাৰতোত বহুত দিনৰে পৰা মানুহ নাথাকে। দেউতাক মৰাৰ দুবছৰমান আগৰপৰাই কামকৰা মানুহবোৰক বিদায় দিছিল ককায়েকে। ইউ এছৰ পৰা উভতি আহিছিল সি। চাৰিটা মানুহৰ আলপৈচানৰ বাবে মানুহ ৰখাৰ পক্ষপাতী নাছিল সি।
কাঠ আৰু ইটাৰে সজা সাধাৰণ ঘৰটো। বিথিকাহঁতৰ থকা ঘৰটোৰ পৰা ভালেখিনি দুৰত। ঠায়ে ঠায়ে ঘৰটো ভাঙি যাবলৈ ধৰিছে। মঁকৰাজাল আৰু এলান্ধুৰে ভৰি পৰিছে।
নিলয়ে দেখুৱাই দিয়া ঠাইখিনিত চিপৰাং মাৰিলে ৰক্তিমে। পকা মজিয়াখনে যেন বিদ্ৰোহ কৰিহে উঠিল। তেনে লাগিল ৰক্তিমৰ। নিলয় ঘৰটোৰ দুৱাৰমুখত। কৰবাৰ পৰা কিবা গেঙনিৰ দৰে শব্দ ভাঁহি আহিছে। ৰক্তিমৰ সেইবোৰলৈ ভ্ৰক্ষেপ নাই। পকা মজিয়াখন খান্দি পেলালে সি। ইতিমধ্যে ঘৰটোৰ ভিতৰত যেন কোনোবাই আপ্ৰাণ সোমাবলৈ চেষ্টা কৰিছে। অথচ পৰা নাই। দৰ্জামুখত ৰখা ক্ৰিষ্টেল বলটো পাৰহৈ আহিব পৰা নাই।
হঠাতে থমকি ৰবলৈ বাধ্য হল ৰক্তিম। এটা মৃতদেহ নহয় যেন কোনোবা শুইহে আছে। হাফপেন্ট পৰিহিত লৰাটোৰ বয়স বৰবেছি বিশ বছৰৰ অধিক নহব। তাৰ দুয়ো কোৱাৰিয়েদি বৈ আহিছে তেজ। যেন এইমাত্ৰ উঠি বহিব। ৰক্তিমৰ মুৰটো অাচন্দ্ৰাই কৰিলে। নিলয়ে থাপ মাৰি ধৰিলে তাক।
আৰু ৰবলৈ সময় নাই। পেট্ৰলখিনি ঢালি জুই জ্বলাই দিলে ৰক্তিমে। মুহুৰ্ততে জুইৰ লেলিহান শিখাই আঁবৰি ধৰিলে ঘৰটো। দৌৰি বাহিৰলৈ ওলাই আহিল দুয়ো। যেন সিঁহতৰ ওপৰত আকাশখনহে খহি পৰিব!
জ্বলি জ্বলি এসময়ত চাই হৈ গল ঘৰটো। এটা স্বস্তিৰ নিশ্বাস এৰিলে নিলয়ে। ৰক্তিমে তাক সাবতি উচুপি ধৰিছে। দুয়োৰ গাতে মুখে তেজ বিৰিঙি উঠিছে।
পিছদিনা যেন এটা নতুন প্ৰভাত হল। নতুন দিনৰ পোহৰত যেন বহুদিনৰ মুৰত বিথিকাই হাঁহিলে।
: চাৰ্ভেন্ট কোৱাৰ্টাৰটোৰ কি হল?
- পুৱালৈ আঁচৰিত হল সকলো।
: চাগে চৰ্ট চাৰ্কিট হৈছে। চিঙি ওলমি থকা লাইটৰ তাঁৰদাললৈ আঙুলিয়াই নিলয়ে কৈ উঠিল।
: এৰা¸ বৰ ভয়লগা হৈছে দেই। হেৰা¸ আজি কমপ্লেইন এটা দি আহিবাচোন।
- বৌৱেকে কৈ উঠিল ককায়েকক।
নিলয়ে ৰক্তিমলৈ চালে। ৰক্তিমে চকু টিপিয়াই হাঁহি দিলে।
সেই হাঁহিত আছিল প্ৰাপ্তিৰ আশা।
******************

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib