Now you can Subscribe using RSS

Submit your Email

Thursday 15 June 2017

এই মাটিৰে মৰমতে

Unknown

(১)
কিনকিনকৈ বৰষুণজাক আহি আছে। এতিয়াও কাম কৰি আছে হৰেশ্বৰে। পথাৰৰ আলিটো বান্ধি চাৰিওফালে চালে সি। ধান এইবাৰ ভাল হৈছে। বৰষুণ নাছিলেই যোৱাবাৰ। পথাৰত চিৰালফাট মেলিছিল। ধান নাপালেই যোৱাবাৰ। বৰ কষ্ট হৈছিল সিহঁতৰ। এইবাৰ বৰষুণ হৈছে। মনটো ভাল লাগি যায় তাৰ। ধান ভাল হলে দুবছৰ সুন্দৰকৈ চলি যাব সিহঁতৰ। সাজ লাগি আহিছে। পশ্চিমৰ ৰঙা বেলিটো বিলৰ পানীত যেন ডুব যাব ওলাইছে। আকাশখনলৈ চালে সি। কলা মেঘকেইচপৰামান দৌৰি আছে। বিলৰ পানীত যেন আকাশখন লাগি গৈছে। যেন বিলখনৰ মাজত থিয় দিলেই আকাশখন চুই দিব পাৰি। দুখনমান নাওত মছমৰীয়া ডেকাকেইটাই মাছ ধৰি উভতিছে। বগাকৈ বগলীজাক চৰি আছে। পথাৰৰ পৰা উঠি আহিল হৰেশ্বৰ। ঘৰলৈ উভতিব হৈছে। তাৰ খেতি পথাৰখনৰ ওচৰতে বিলখন। এইদৰাবিলখন সিহঁতৰ প্ৰাণ। এইটো পাৰে ৰামপুৰীয়া ৰাইজৰ বিশাল কৃষিভুমি। সিতো পাৰে নহিৰা¸ ঝেঝাবৰীৰ পথাৰ। সোমাজতে যেন বিলখনে এখন নীলা চাদৰহে পাৰি থৈছে। সৰুৰে পৰা দেখি আহিছে সি বিলখন। শান্ত¸ সমাহিত হৈ বৈ আছে। কুকুৰমাৰাত কলহী নদীত লাগিছেগৈ। বিলখন কলহীৰে এটা সুতি আচলতে। কলহীটো আকৌ ডাঙৰ নদী ব্ৰক্ষ্মপুত্ৰত পৰিছেগৈ। পাঠশালাৰ পঢ়ি থাকোতে পণ্ডিতে কৈছিল। লৰালিতো বিলখনৰ পাৰতে পাৰ হল তাৰ। পিতাকৰ লগত সৰুৰে পৰা খেতি পথাৰলৈ আহিছিল সি। পিতাকলৈ জলপান আনিছিল দুপৰীয়া। গৰু চৰাইছিল।
বিলৰ এআঠু পানীত নামি মুখহাত খন ধুলে সি। বিলখন একেই আছে। বয়স হৈ আহিছে তাৰ। বিলখন যেন এতিয়াও গাভৰু হৈয়ে আছে। অলপ আতঁৰত পাতি থোৱা চেপাটো চালে সি। ৰাতিপুৱাই পাতিছিল। লৰা-ছোৱালীকেইটাই বৰভালপাই মাছ। মাছ নহলে ভাতকে খাব নোখোজে। সি নিজেও ভাতমুঠি খাব নোখোজে মাছ নহলে। বিলখনত মাছ-কাছৰ অভাব নাই। চেপাটো চালে সি। ডাঙৰ শ’লমাছ এটা কাৱৈমাছ দুটামান। মুখত হাঁহি বিৰিঙি উঠিল তাৰ। হওক তেও ভালকৈ ভাতসাজ খাব পাৰিব। এইকেইদিন মাথো গৰৈটিলা আৰু মাগুৰ¸ কাৱৈ আদি মাছহে পাইছিল। ডাঙৰ শ’লমাছটো পাই ভাল লাগিল তাৰ। ককালত বান্ধি ৰখা খালৈটোত মাছকেইটা ভৰাই উঠিল সি। গৰুকেইটাই আপোন মনে ঘাহ খাই আছে।
: হেই¸ যো যো¸ আন্ধাৰ হোচি।- গৰুকেইটা খেদি আনে সি। কাঢ়লী পোৱালীটো বৰ দুষ্ট। ইফালে সিফালে দৌৰে। পানীভোতৰা ঠাৰিদাল হাতত লৈ গৰুজাক খেদি ঘৰমুৱা হয় সি।
আন্ধাৰ নামি আহিছে। গৰুৰ ডিঙিৰ টিলিঙা বজাই আহি আছে সিহত।
: অ’ হৰিকা¸ কি মাছ পালি অ’।- সেইটো মনেশ্বৰ। সিয়ো তাৰ দৰে পথাৰত কাম কৰি উভতিছে।
: শ’লমাছ এটা।- খালৈটো ডাঙি দেখুৱালে সি।
: তই কি পালি?- মনেশ্বৰক সোধে সি।
: নাই অ’¸ গৰে¸ পুঠি কেটামান।- সিয়ো দেখুৱাই খালৈটো। দুয়ো একলগে আগবাঢ়ে। দুয়োৰে গৰুবোৰ একেলগে আগবাঢ়িছে।
: হেই হেই ভালকে যো।-জাক ভাঙি গৰুটোক খেদি জাকক সুমুৱাই সিহতে। বিজুলী ঢেৰেকনি মাৰিছে। বৰষুণজাক ডাঙৰ হৈ আহিছে। সোণকালে পাবগৈ লাগে।
বাটৰ কাষৰ পৰা চানা কচুৰ পাত দুটা চিঙি মুৰত লয় দুয়ো। প্ৰকাণ্ড কচুপাতটোৱে চাটিৰ কাম কৰে সিহতৰ। ইতিমধ্যে হুৰহুৰাই বৰষুণজাক নামি আহিছে। বৰষুণ তিতি গৰুজাকে দৌৰ দিছে। পিছে পিছে সিহত দুটায়ো কুকুৰ লৰ দিলে।
: বৈৰহানজাক ডাহাৰকে আহিল অ’ হৰিকা। ঘৰ যাই নাপালুৱে।- মনেশ্বৰে কয়।
: লাগে দে অ’ মনেশ্বৰ। খেতিখান ভাল হোবো।- হৰেশ্বৰে কয়।
গাঁৱলীয়া আলিবাট। বোকামাটিত টেপটেপীয়া হৈ পৰিছে পথটো। সিহঁতৰ প্ৰতিটো খোজত বোকা চিটিকি আঠুৰ চুৰিয়াখনত লাগিছেগৈ। জুৰুলি জুপুৰি হৈ দুয়োৰে সৰ্বশৰীৰ তিতি গৈছে। কচুপাতটোৰ বাবে মাথোন মাথাটোহে নিতিতাকৈ আছে।
ইতিমধ্যে হৰেশ্বৰৰ ঘৈনীয়েকে ভগা চাটিটো লৈ বাটলৈ চাই আছিল। আন্ধাৰ হল এতিয়ালৈ আহি নাপালে মানুহটো। ওচৰৰ খগেন হৰেণহত সকলো আহিল। বৰষুণজাক ডাঙৰ হৈ আহিছে। কত বা ৰল মানুহটো।
ইহতে মাছলৈ জিদ নধৰা হলে ইমানপৰে আহি পালেহৈ মানুহটো। বৰষুণত ভিজিব মানুহটো।- ভাবে মালতীয়ে।
হৰেশ্বৰে দুৰৰ পৰাই দেখে ঘৈনীয়েকক। পদুলিত ৰৈ আছে তাই।
: তই কিয়া ৰখি আছাহ এতে।- দুৰৰ পৰা ৰিঙিয়াই সি।
: ডাহাৰকে বৈৰহান আহইচি অলমান আগতে আহিবা নৰা।- পদুলিমুখৰ হৰকালাকেইদাল খুলি দি কৈ উঠে তাই। গৰুকেইটা খেদি গোহালীত সোমাই সি। নিজে তিতাক লৈ বেয়া নালাগে তাৰ¸ গৰুকেইটা তিতা বাবেহে বেয়া লাগে।
: একেটা নিচুন।- ঘৈনীয়েকলৈ খালৈতো আগবঢ়াই দিয়ে সি। বাৰাণ্ডাৰ ফটা গামোচা খনেৰে গৰুকেইটাৰ গাটো মচি দিয়ে।
: অ’ পিতা¸ ডাঙৰ মাছ পাচা আজি। বঢ়িয়া বঢ়িয়া। আমি আজি শ’লমাছ খাম।- মহেনে ফুৰ্তিতে জপিয়াই উঠে।
: এ মহেনৰ মিয়াক¸ মোক গামচাখন দিচুন।- হৰেশ্বৰে কয়।
মালতীয়ে গামোচা এখন দিয়ে তাক। কুৱাৰ পানী দুবাল্টিৰে গাটো ধুই ঘৰসোমাই সি। পাকঘৰত ঘৈনীয়েকে ফুৱাই ফুৱাই চাহ কৰিছে।

তেতিয়া আন্ধাৰ নামি আহিছিল। হাতলেমটোৰ পোহৰত মহেনে ঢাৰিত বহি পঢ়ি আছে। বৰ শান্ত লৰাটো। বাৰ বছৰীয়া লৰাটোৱে পঞ্চমমানত পঢ়ে। কিবা লিখি আছে মহেনে। ভাল লাগে তাৰ। নিজে বেছি পঢ়িব নোৱাৰিলে। অভাবৰ বাবে দুৰৰ হাইস্কুললৈ পঢ়িব নপথালে পিতাকে। কিন্তু পঢ়াব। মহেন আৰু মইনাক মানুহ কৰিব। মইনা লালকাল টোপনিত। সাতবছৰীয়া লৰাটো প্ৰথম শ্ৰেনীত পঢ়ে। দিনটো খেলি ভাগৰি পৰিছে। মইনালৈ চালে সি। মৰমলগা হৈ পৰিছে মইনাতো। ককায়েকৰ তুলনাত অলপ দুষ্ট হৈছে সি। পিতাকে বোকাচাত নুঠালে তাৰ বৰ খং উঠে। নিতৌ সাধুকথা শুনাব লাগে তাক। হৰেশ্বৰে মইনাৰ গাটো পিহি দিলে। দুই এটা মাখি পৰিছিল তাৰ গাত। আঠুৱাখন তৰি দিলে সি।
: নোৱাৰো কথাটি হেৰা
বেয়া কথা বৰ
কদাপি নহয় সিটো
কথা মানুহৰ।
ভাল নাম পাবলৈ যদি কৰা মন
তেনেহলে নুবুলিবা নোৱাৰো বচন¸
এলেহুৱা যিটো হয়
নোৱাৰে সিটোৱে কয়…। - মহেনে পদ্যটো মাতি আছে। শুনি ভাল লাগিছে তাৰ। মহেনে তলমুৰকৈ পঢ়িছে।
: মহেন…।- মাতে সি।
: অ’ পিতা।- মুৰ তুলি চালে মহেনে।
: ভালকে পঢ়বি দে বাছা। মাহনু হবা লাগবো।- মৰমেৰে কৈ উঠে সি।
: হবো দে পিতা। মই তোৰ নাম ৰাখিম।- অলপ বুজা হৈছে লৰাটোৱে। ভাল লাগে তাৰ। ভাত হোৱালৈ মইনাৰ কাষতে দীঘল দিয়ে সি।
বৰষুণজাক এতিয়া নাই। বাহিৰৰ জিলিৰ মাত ভাহি আহিছে।
ঘৈনীয়েক মালতীয়ে পাকঘৰত ভাতৰ যোগাৰ কৰি আছিল তেতিয়া। বৰষুণত তিতা কেচা খৰি খিনি জলিব নোখোজে। চুঙাটোৰে ফুৱাই ফুৱাই ভাগৰি পৰে তাই।
: এই খৰি মাখাওযে¸ জলবাই নুখুজে।- ভোৰভোৰাই উঠে তাই। টিপচাকিৰ ঢাকনিখন খুলি কেৰাচিন অলপ আধাকেচা খৰিত ঢালি দিয়াচলাই কাঠিদাল জলালে তাই। দুবাৰমান ফুৱাই দিয়াৰ পিছত জলি উঠিল খৰিখিনি। মনটো ভাল লাগে তাইৰ। চাউলকেইটা ধুই বহাই দিয়ে তাই। তৰকাৰীখিনি কাটি থোৱাই আছে। মাছখিনিতো নিমখ¸ হালধি দি সানি থোৱাই আছে।
গিৰিয়েকে চাগে বাগৰ দিছে। বৰ কষ্ট হৈছে মানুহটোৰ। ভাবে তাই। এইখিনি সময়ত মইনাৰ কাষতে গিৰিয়েকে অলপ আৰাম কৰে। চাগে মহেনে পঢ়ি আছে। থাকক খাবলৈ হলে মাতিব তাই।
চৌকাটোত শুকান বাহখৰি এডাল সুমুৱাই বাহিৰলৈ আহে তাই। সৰুপানী চুব। ভেকুলীয়ে টোৰটোৰাই আছে ওচৰতে। বাটৰ খালটো পানীৰে বৰষুণৰ পানীৰে উপচি পৰিছে। তাই এবাৰ থকা ঘৰটোৰ ফালে চাই গোহালিটোৰ ফালে আগবাঢ়ে। আন্ধাৰতে আছে গৰু-ছাগলীকেইটা।
(২)
ৰসেশ্বৰ বাৰাণ্ডাতে বহি আছিল। ঘৈনীয়েকে ৰহিমলাই এটা বাতিত দৈ চিৰা খিনি লৈ আহিল।
ৰদ ভালকৈ ওলোৱাই নাই আকাশত। আগদিনা বৰষুণৰ বাবে চোতাখন তেপতেপীয়া হৈ আছে। বোকামাটিৰ কেচেমা কেচেম গোন্ধ এটা তেওৰ নাকত লাগিল।
: গাখীৰ খীৰালানা ই।- সদায় সোধাৰ দৰে আজিও সোধে তেও ঘৈনীয়েকক। জানে গাই গৰু দুজনী চোৱাচিতা কামটো পুতেকেই কৰে। ৰাতিপুৱাই উঠি প্ৰথমে গৰুক দানা দিয়ে মহেশে। গাখীৰ খিনি খীৰাই মানুহ কেইঘৰক ঘৰত গৈ দি আহে। পানী নিমিহলাই সিহতে। বজৰুৱা গাখীৰত পানী মিহলাই। খং উঠে তেওলোকৰ। ৰাইজে খাব যেতিয়া পানী মিহলাই গালি-শপনি কিয় খাব লাগে। হৰেশ্বৰৰ মত সেয়া।
: দুছি দে কেথিয়াম্বাই। তহনাই এনাই চিন্তা কৰি থাকা। আপাটোই গাখীৰ দিবাও গেল।- ৰহিমলাই কয় গিৰিয়েৰক। মানুহটোৱে এনেয়েহে সোধে¸ সেই কথা তায়ো জানে। ৰঙাচাহ গিলাচ আনে তাই। মানুহটোৱে ৰাতিপুৱা ৰঙাচাহ হে খাই ভাল পাই।
দৈ চিৰা বৰ প্ৰিয় ৰসেশ্বৰৰ। আচলতে যিকোনো মিঠা বস্তুৱেই ভাল পাই তেও। সৰুতে হাটলৈ যাওতে একেবাৰতে কেইবাটাও ৰসগোল্লা খাইছিল তেও। এতিয়াও হাটলৈ গলে এটা হলেও খাবই। নামে কামে ৰসাল মানুহটো মিলি গৈছে।
পান্টান বাহাৰৰ সখীয়েকে পৰহি পঠাইছিল মহৰ গাখীৰ টেকেলি এটা। ঘৰতে ম’হৰ খুটি এটা আছে সখীয়েকৰ। এঠা দৈ খিনি খাই বৰ ভাল লাগে তেওৰ। জলপান খিনি খাই উগাৰ এটা মাৰে ৰসেশ্বৰে। এঠা এঠা হাতখন ধুবলৈ কুৱাৰ পাৰলৈ আহে তেও।
: ঐ মহেশৰ মিয়াক¸ মাই খালানা। - হথাতে মনত পৰি চিঞৰি উঠে তেও
: খালা দে ৱা। মাইহানা সৰুবাপা হানাৰ দেখি গেল পনে।- ৰিঙিয়াই কৈ উঠে তাই।
ৰসেশ্বৰ হৰেশ্বৰৰ আপোন ককায়েক। পিতাক মৰাৰ পিছত ভাই হলে ঠাই হবই লাগিব ভাবি হৰেশ্বৰ আতৰি গৈছিল। প্ৰকাণ্ড বস্তিটোৰ পিছফালে নতুনকৈ ঘৰ সাজিছিল হৰেশ্বৰে। বাপেকে বন্ধা পুৰণি কাঠখুওৱা ঘৰটো ককায়েককে এৰি দিছিল। মাক তাৰ লগতেই থাকিল। একো ঠিক নাই মাকৰ। দুয়ো পুতেকৰ ঘৰতেই খাই।
তিনিজনী ছোৱালী আৰু এটা লৰা ৰসেশ্বৰৰ। লৰালৈ ৰওতে তিনিজনীকৈ ছোৱালী উপজিল। কম কম বয়সতে তিনিওজনীকে বিয়া দিলে তেও। জোৱায়েক কেইটাও ভাল। তেওক বৰকৈ মানে। ভায়েকেও তেওক কমখন সহায় কৰা নাই। প্ৰতিখন বিয়াৰে চাউল¸ পাচলি ভায়েকে যোগান ধৰিছিল। বৰ কষ্ট কৰিব পাৰে সি। ৰসেশ্বৰ কৃতজ্ঞ হৈ ৰয় ভায়েকৰ ওচৰত।
ককালৰ বিষটোৰ বাবে আজিকালি খেতি কৰিব নোৱাৰে তেও। ইতিমধ্যে জীয়েক তিনিজনীক উলিয়াই দিওতে আধাতকৈ বেছি খেতি মাটি বিক্ৰী হৈ গল। দুখীয়া খেতিয়ক মানুহ¸ টকা পাব কৰৱপৰা।
: অ’ পিতা¸ খেতি কৰবা নৰা হচা তোই। দকন আখানে দি।- জীয়েক¸ জোৱায়েকৰ উপদেশমতে খৰীৰ দোকানখন দিছে তেও। বিলেৰে ৰাভা মানুহে খৰী আনে। কমদামতে কিনি বিক্ৰী কৰে তেও। চাউলখিনি ভায়েকেই দিয়ে। অবশিষ্টমাটিখিনিত সিয়েই খেতি কৰে।
মহেশে পঢ়ি আছে। মেট্ৰিক দিব অহাবাৰ। সকলোৱে বৰ মৰম কৰে তাক। বায়েকহঁতে পঢ়াৰ খৰচ দিয়ে তাৰ।
: পিতা¸ মহেশক মিজ্জাৰ কলেজত পঢ়ুৱাম দে।- জীয়েকহতে কয় তেওক। এজনীয়েও মেট্ৰিকৰ দেওনা পাৰ হব নোৱাৰিলে। স্কুলত পঢ়ি থাকোতেই বিয়াৰ প্ৰস্তাববোৰ আহিছিল। ৰসেশ্বৰে ভাবে¸ তেও নিজেও স্কুলৰ চোতাল গচকিয়ে নাপালে¸ ভায়েকে পাঠশালা পঢ়িছিল। তেতিয়াৰ দিনত স্কুলো নাছিল নহয় ওচৰত। সৰুৰে পৰা পিতাকৰ লগত খেতিতে লাগিছিল সিহঁত।
কথাবোৰ ভাবি ভাবি শোৱাঘৰটোত সোমাল ৰসেশ্বৰ। চুৰীয়াখন সলাই পাঞ্জাবীটো গাত সুমুৱাই ঘৈনীয়েকক ৰিঙিয়ালে
: মই যাঙ দে।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib