Now you can Subscribe using RSS

Submit your Email

Monday 19 June 2017

এটা ভৌতিক কাহিনী

Unknown


ৰাজধানীৰ পৰা মাথো কেই কিলোমিটাৰমান আঁতৰত গাঁওখন। আধুনিকতাৰ বা লাগি ক্ৰমাত নগৰমুখী গাঁওখন। ঠিক যেন চহৰো নহয়¸ গাঁৱো নহয়। নেচনেল হাইৱেৰ বাওকাষেৰে অলপ সোমাই গলেই হায়াৰ ছেকেণ্ডাৰী স্কুলখন। ওচৰতে এখনি গাৰ্লচ হাইস্কুল। ভবেনে এই হায়াৰ ছেকেণ্ডাৰী স্কুলখনতে নতুনকৈ সোমাইছে। উজনিৰ যুবক¸ পঢ়া শুনা শেষ কৰি নামনিৰ এই স্কুলখনতে চাকৰী পাই গুছি আহিল। জইন কৰা বেছি দিন হোৱা নাই। ছমাহ মানহে হৈছে। গাঁওৰ মানুহবোৰ বৰ মৰমিয়াল। সোনকালেই ঠাইখিনিৰ লগত মিলি গল সি। স্কুলখন এৰি অলপ ভিতৰফালে গলেই তিনি আলি এটা। আলিটোৰে চিধা গলেই তালুকদাৰ গাঁও ওলাব পাৰি। আনফালে দাসপাৰা আৰু মজুমদাৰ পাৰা হৈ সোমাই ভিতৰলৈ গৈ থাকিলে কলিতাপাৰা¸ চৌধুৰীপাৰাহৈ নৈখনৰ পাৰ ওলাব পাৰি। কেঁকুৰীটো ঘুৰি অলপ গলেই মজুমদাৰ পাৰাৰ ওচৰত ডাঙৰ পুখুৰীটো। পুখুৰীটোৰ পাৰতে ডাঙৰ বৰগছজোপা। কেইজোপামান খেজুৰ গছো পুখুৰীৰ পাৰত আছে। পুখুৰীটো পাৰহৈ অলপ গলেই মণ্ডলৰ ডাঙৰ ঘৰটো। কাষতেই এল পি স্কুলখন। এল পি স্কুলখনৰ ওচৰতে এঘৰত ভবেন ভাড়া থাকে। ভাড়ানো আৰু কি! মাহিলী দুশ টকা মাত্ৰ। ঘৰখনত মাথো বুড়া বুঢ়ী হালহে থাকে। পুতেকৰ পৰিয়াল গুৱাহাটীত থাকে। তাতেই ঘৰ-মাটি কৰিলে। ভাল চাকৰি কৰে। মাহেকত এদিন আহে। এৰাতি থাকি গুছি যায়। মাক-বাপেককো লগত নিব খুজিছিল। তেওলোকেহে গাঁওৰ মোহত যাব পৰা নাই। হাজাৰ হওক গাঁওৰ দৰে নহয়তো চহৰ। ভবেনে তেওলোকক বৰমা বৰতা বুলিয়েই মাতে। চাৰিওফালৰ চাৰিটা পকীঘৰৰ এটাত ভবেন থাকে। আনফালৰটোত তেওলোক।

          ওচৰৰ গাঁওখনত থিয়েটাৰ আছিল। গাঁওলীয়া থিয়েটাৰ। গাঁওৰে লৰাবোৰে লগহৈ কৰিছিল। সহকৰ্মী এজনে মাতিছিল তাক। ৰাতি তেওৰ ঘৰতে ভাতখাই নাটক শেষ কৰি উভতে মানে তিনি বাজো বাজো হৈছিল। গৰমৰ দিন¸ গতিকে নিজৰ ৰুমলৈয়ে আহি আছিল সি। সহকৰ্মীজনে তেওৰ ঘৰলৈ লগ ধৰিছিল। সময়খিনি বেয়া হৈছে। ৰাতিখন আকৌ আমনি দিব যাবলৈ ভাল নালাগিল তাৰ। এঘন্টামানহে আছে¸ পোহৰ হবলৈ। নিজৰ ৰুমত গৈ শোৱাই ভাল। চিন্তা নোহোৱাকৈ নটালৈ শুব পাৰিব।
: বৰুৱা¸ ঠাইখিনি সিমান ভাল নহয়হে!
- সহকৰ্মী তালুকদাৰে কৈছিল। সি হাঁহি দিছিল। এইবোৰ বিশ্বাস নকৰে সি। একৈশ শতিকাত ভুত-প্ৰেত এইবোৰ হাস্যকৰ বিষয়। ৰাতি হেনো পুখুৰীটোত কোনোবাই বৰশীবাই থাকে¸ কান্দি থাকে। অঞ্চলটোৰ মানুহবোৰে বিশ্বাস কৰে। হাঁহি উঠে তাৰ। চাইঞ্চৰ ষ্টুডেন্ট সি। অস্তিত্ব নোহোৱা বস্তুৰ প্ৰতি মানুহৰ অন্ধবিশ্বাস দেখি পুতৌ হয় তাৰ। আকাশত তেতিয়া ফৰিংফুটা জোনাক। সপ্তমী নে অষ্টমী পুৰ্ণিমাৰ। গুণগুণাই আহি আছে সি। জিলিৰ চি চিঞনি ভাহি আহিছে। হঠাতে পুখুৰীৰ পানীত জপংকৈ কিবা এটা পৰিল। উচপ খাই উঠিল সি। একমুহুৰ্ত মাথো¸ হোহোৱাই হাঁহি উঠিল সি। দিনত লৰাবোৰে খেজুৰ পাৰিবলৈ শিলগুটি দলিয়াই। দুই এটা শিলগুটি বাজি ৰয়¸ সেয়াই পৰিছে চাগৈ।  

: মানুহবোৰযে আৰু! চাল্লা ভুত আছে বোলে!
- হো হোৱাই স্বগতোক্তি কৰিলে সি।
        প্ৰস্ৰাব লাগিল তাৰ। বৰগছ ডালৰ তলতে প্ৰস্ৰাব কৰিলে সি। প্ৰস্ৰাব কৰি থাকোতে হঠাতে তাৰ ভাব হল কোনোবাই যেন চাই আছে তাক পিছফালৰ পৰা। ঘপকৈ ঘুৰি চালে সি। নাই¸ কতো একো নাই।
এক মুহুৰ্ত মাত্ৰ। হঠাতে জপংকৈ পানীত কিবা পৰাৰ শব্দ হল। এইবাৰ আগতকৈয়ো ডাঙৰকৈ। যেনে মানুহ এটাহে পৰিছে। আকৌ এবাৰ শব্দ হল…আকৌ এবাৰ…।
   একো উৱাহিস নাপালে ভবেনে। হথাতে সি ছয়াময়াকৈ দেখিলে যেন পুখুৰীৰ পাৰৰ পৰা কিবা এটা থিয় হৈ তালৈ চাই আছে ট ট কৈ। দেখাত মানুহৰ আকৃতি যেনেই লাগিছে। চকুৰে ভুল দেখা বুলি এবাৰ চকু দুটা মোহাৰি ললে সি। ঠিকেই দেখিছে সি। মানুহ এটা থিয় হৈ আছে।
তাৰ কাষৰ পৰা মানুহজনৰ দুৰত্ব প্ৰায় চল্লিশ ফুট।
পুখুৰীটোত বহুতো ডাঙৰ মাছ আছে। হয়তো কোনোবাই চোৰ কৰিব আহিব পাৰে।

: ঐ কোন…কোন হয়?
- চিঞৰি উঠিল সি। নাই¸ একো মাত নাই।
: মই সুধিছো¸ কোন হয়?
- খঙতে চিঞৰি চায়ামুৰ্তিটোৰ ফালে আগবাঢ়িল সি। কুংফুৰ ব্লেকবেল্ট সি। অকলেই চাৰিজনক ঘাইল কৰিবলৈ সক্ষম। কেইখোজমান আগবাঢ়িছিল সি। হঠাতে তাৰ চকুৰ সমুখতে ছায়ামুৰ্তিটো অদৃশ্য হৈ গল।

       থমকি ৰৈ গল ভবেন। হতভম্ব হৈ পৰিল সি। কত গল মানুহটো। পুখুৰীপাৰত পৰুৱা এটাৰো অস্তিত্ব নাই। যেন কোনোবাই যাদুহে কৰিলে। সৰুতে দেখা যাদুকৰৰ ভেল্কিবাজিলৈ চাতকৈ মনত পৰিল তাৰ। তাৰ মনতো চেবালে। জীবনত প্ৰথমবাৰলৈ ভয় লাগিল তাৰ। ভ্ৰম দেখা নাইতো! নিজকে প্ৰবোধ দি ঘুৰিছিলহে সি¸ তাৰ মুৰ আচন্দ্ৰাই কৰাৰ উপক্ৰম হল। বৰগছজোপাৰ তলত এজন মানুহ থিয় হৈ আছে। পুৰুষজনৰ কাপোৰখিনি বগা। লাহে লাহে মানুহজন গছজোপাত বগুৱা বাই উঠি গৈছে। পঘাডাল ডাল এটাত লগাই মানুহজনে ফাচি লগাই ওলমি পৰিল।
   কোনোবাই যেন ভবেনৰ কণ্ঠ ৰুদ্ধ কৰি পেলাইছে। চিঞৰো বুলিয়ো তাৰ মাতটো ওলাই অহা নাই। বুকুৰ স্পন্দন স্তদ্ধ হৈ পৰিছে। সি স্পষ্টকৈ দেখিলে মানুহজনৰ চকুদুটা বাহিৰলৈ ওলাই আহিছে। ভবেন যেন বেহুচ হৈ বাগৰিহে পৰিব। যেন তাৰ ভৰিদুখনত শিপাহে গজিছে। কেইমুহুৰ্তমান পিছত মানুহজন অদৃশ্য হৈ গল। হঠাতে সম্বিত ঘুৰি আহিল তাৰ। একে দৌৰে সি তাৰ ৰুম পালেহি। মাথো দুশমিটাৰ দুৰত তাৰ ৰুমত। ৰুমৰ দৰ্জাখন বন্ধ কৰি দীঘলকৈ উশাহটো টানি ললে সি।
উ: ভগবান! কি দেখিলে এয়া।
বটলৰ পানীখিনি ঘোটঘোটকৈ পি বিছনাখনত বহি দিলে ভবেনে। সি অনুভব কৰিলে¸ তাৰ মুখখন ঘামি উঠিছে। বুকুৰ ধপধপনি এতিয়াও মাৰ যোৱা নাই।
      ৰুমৰ লাইটতো নুনুমোৱাকৈয়ে বিচনাখনত উপৰমুৱাকৈ শুলে সি। দৃশ্যটো এতিয়াও চকুৰ আগত ভাহি উঠিছে তাৰ। সেয়া ভ্ৰমটো নাছিল। স্পষ্টকৈ দেখিছিল সি। অত্যন্ত সাহসী বুলিহে¸ কম ধাতুৰ মানুহ হোৱা হলে হাৰ্টফেইল কৰিলেহেতেন। টোপনি নাহিল তাৰ।

     যেতিয়া সাৰপাই তেতিয়া দহবাজি গৈছিল। লৰালৰিকৈ মুখ হাত ধুুই গা নোধোৱাকৈয়ে স্কুললৈ আহিল সি। গোটেই দিনটো তাৰ আগৰাতিৰ ঘটনাটোৱে পাকঘুৰনি খাই ভাহি থাকিল। লাজতে কাকো কবও নোৱাৰিলে সি। অত্যন্ত যুক্তিবাদী সি¸ তাতে বিজ্ঞানৰ ছাত্ৰ। ৰাতিৰ ঘটনাটো এতিয়া বিশ্বাস কৰিব পৰা নাই সি। কিবা ভ্ৰম দেখা নাইতো। তালুকদাৰে কৈছিল ঠাইখিনি বেয়া। তাৰ অবচেতন মনৰ ভ্ৰম নহয়তো সেয়া। সি ভাবিলে।
নাই নহয়। সি ইমান দুৰ্বল নহয়তো। একো ঠিৰাং কৰিব নোৱাৰে সি।

      টোপনি ক্ষতি হোৱা বাবে ৰাতি সোনকালেই টোপনি আহিল তাৰ। হঠাতে কিবা শব্দত সাৰ পালে সি। চেঁচা কিবা স্পৰ্ষত ঘপকৈ চকু মেলিলে সি। কালি ৰাতিৰ মানুহজনে তাৰফালে চাই আছে। হাতৰ পঘাডাল তালৈ আগবঢ়াই দিছে।
বুকুখন কপি উঠিল ভবেনৰ। চিঞৰিব খুজিও নোৱাৰিলে সি। ইষ্টদেবতাক স্মৰণ কৰি জোৰকৈ চকুদুটা মেলিলে সি। নাই¸ একো নাই।
ভয়তে সেপটুকি লাইটতো জ্বলাই বিচনাখনতে বহি পৰিল সি। তাৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙিছে। এয়া সপোন দেখিলে নেকি সি। একো ধৰিব নোৱাৰিলে ভবেনে। কাষতে থকা ফোনটোত সময়তো চালে সি¸ তিনি বাজি পোন্ধৰ মিনিট। যোৱাৰাতি এইখিনি সময়তেই ঘৰ সোমাইছিলহি। নাই¸ একো নাই। সপোন দেখিছো মই। নিজকে প্ৰবোধ দি জোৰকৈ চকু মুদি দিলে সি। টোপনি ইতিমধ্যেই পলাই ফাট মাৰিছে। নাই¸ এয়া অসম্ভব! ভুত-প্ৰেত নায়েই! চব মিছা কথা। জোৰকৈ মনটোক প্ৰবোধ দিলে শুবলৈ যত্ন কৰিলে সি।

      কেইদিনমান এনেকৈয়ে গল ভবেনৰ। সদায় ৰাতি একেটা সময়তেই চকখাই সাৰপাই উঠে সি। সদায় ৰাতি মানুহটোৱে ফাচি লগোৱা পঘাডাল তাক আগবঢ়াই দিয়েহি। আচলতে মানুহ নহয়¸ ষোল্ল-সোঁতৰ বছৰীয়া এটা লৰাহে। বুৰবুৰকৈ কিবা কৈ পঘাডাল আগবঢ়াই দিয়ে তাক। তন্দ্ৰাসক্ত অবস্হাত থাকে সি। চিঞৰো বুলি চিঞৰিবও নোৱাৰে¸ লৰচৰো কৰিব নোৱাৰে। কিবাহে যেন হেচা মাৰি ধৰেহি। আজিকালি সন্ধিয়া¸ সাঁজলগা সময়তো কোনোবাই তাৰ বন্ধ কোঠাৰ দৰ্জাত ধমধমকৈ শব্দ কৰা যেন লাগে। সি বৰদেউতাহঁতক দুবাৰমান সুধিছেও মাতিছিলে নেকি বুলি! কিন্তু তেওলোকে মতা নাছিল।
বিশ্বাস অবিশ্বাসৰ দোমোজাত দোদুল্যমানহৈ দুলি থাকে সি।
    
      অজানিতে তাৰ মনত ভয় এটাই বাহ লৈছিল। ৰাতি হলেই বাহিৰলৈ ওলাবলৈ টান পোৱা হৈছিল সি। যেন কোনোবাই তাৰ পিছ লয়¸ সি অনুভব কৰে।

      দুদিনৰ বন্ধ পাই ঘৰলৈ গৈছিল সি। শনিবাৰে গুৰুজনাৰ তিথি¸ৰবিবাৰ চৰকাৰী বন্ধ। সেইদুদিন ভালেৰেই গল তাৰ। কম কম বুলিয়ো ঘৰত কাকো কব নোৱাৰিলে। ঘৰৰ সকলো মানুহ যুক্তিবাদী। কলে গাঁওৰ স্কুলত চাকৰী কৰি অন্ধবিশ্বাসী হোৱা বুলি হাঁহিবহে!

      সোমবাৰে উভতিল সি। আবেলি স্কুলৰ পৰা ৰুমলৈ আহোতে বৰগছজোপালৈ ভালকৈয়ে চালে সি। পুখুৰীৰ পাৰতো এপাক ঘুৰিলে। দিনে পোহাৰে মানুহবোৰ ৰাষ্টাই ঘাটে ঘুৰি আছে। ভবেনে দেখিলে যে গছৰ পৰা পুখুৰীত পৰিবলৈ এটা শিলগুটিয়ো গছত নাই। বাগৰি পানীত পৰিবলৈ এচপৰা মাটিৰ টুকুৰাও নাই। কোনোপধ্যেই কিবা পানীত পৰাটো অসম্ভব ৰাতি।
সি ইতিমধ্যেই বুজি উঠিছে যে কিবা এটা আছে। যি স্বাভাবিক নহয়¸ অপ্ৰাকৃতিক। বিশ্বাসৰ ধাৰনা এটা গঢ় লৈ উঠিছে তাৰ। কিন্তু সি ভয়াতুৰো নহয়। অত্যন্ত সাহসী। নাৰ্ভাছ হলেও সংজ্ঞাহীনহৈ কেতিয়াও নপৰে সি।
: ৰাতি কেতিয়াও গছজোপাৰ তলেৰে নাহে। চাগে অবচেতন মনত কথাটো ৰৈ গৈছে বাবেই বেয়া সপোনবোৰ দেখিছে। ভাবে ভবেনে।
কিছুমান বিশেষ সময়ত অপ্ৰাকৃতিক শক্তিবোৰ সক্ৰিয় হৈ উঠে। ক্ৰমশ: বিশ্বাস কৰি পেলাইছে সি।

      তাৰ টোপনি আহিছিল তেতিয়া। কিতাপখন আধাপঢ়া কৰি চাৰে বাৰমানত শুইছিল সি। হঠাতে অনুভব কৰিলে¸ চেঁচা কিবাহে যেন ভৰিদুখনত লাহে লাহে টানি আছে।
: ভবেন…ভবেন…
- যেন কোনোবাই তাৰ নাম ধৰি মাতিছে। চকখাই জাপমাৰি উঠি বহিল সি। বিচনাখনত তাৰ কাষত বহি লৰাটোৱে পঘাডাল তাৰ ফালে আগবঢ়াই দিছে। ভয়তে জোৰকৈ চিঞৰ মাৰি একেজাপে বিচনাখনৰ পৰা মাটিত বাগৰি পৰিল সি।
: বাপু…ঐ বাপু কি হল? কিয় চিঞৰিছ? দৰ্জাখন খোল
- চাগে বহুত জোৰেৰে বেয়াকৈ চিঞৰিছিল সি। সাৰপাই ঘৰৰ গৃহস্হ উঠি আহি দৰ্জা খনত ঢকিয়াবলৈ ধৰিলে।
গৃহস্হৰ মাত শুনি সাহস পাই দৰ্জাখন খুলি লাইটতো জ্বলাই দিলে সি।
: কি হৈছে বাপু? কিয় ইমান বেয়াকৈ চিঞৰিছ?
   
    মানুহজনে তাৰ কান্ধত হাত থৈ সুধিলে। পিছে পিছে ঘৈনীয়েকজনীয়ো আহিছে। ভবেন এতিয়াও কপি আছিল। ভয়ে ভয়ে বিচনাখনলৈ আঙুলিয়ালে সি। বিচনাখনৰ কাষচাপিবলৈ সি সাহস কৰিব পৰা নাই।
: কি হৈছে বাপু?
- মানুহজনে আকৌ সুধিলে। তেও গমপাইছে সি চক খাইছে। পিঠিত লাহেকৈ থপৰিয়াই কৈ উঠিল তেও।
অলপ পিছত কোনোমতে সেপটুকি কথাখিনি কলে সি। তেতিয়া আড়ৈ বাজি গৈছিল। কোনোপধ্যেই সি আৰু অকলসৰে ৰুমত থাকিব নোৱাৰে। সেয়া ভ্ৰম নাছিল। স্পষ্টকৈ দেখিছে সি। চেঁচা স্পৰ্ষ অনুভব কৰিছে। গৃহস্হই নিজৰ ৰুমলৈ লৈ গল তাক। সেইদিনা ৰাতি টোপনি নাহিল তাৰ। সুঠাম ডেকাটো বৰদেউতাৰ লগত একেটা ৰুমতে আছে। তথাপিও চকু মুদিবলৈও ভয় লাগিছে তাৰ। কোঠাৰ লাইট জ্বলাই ৰাতিটো পাৰ কৰিলে সি।
: বাপু¸ তই কৰবাত কিবা চক খাইছিলি নেকি?
- ৰাতিপুৱা বৰদেউতাজনে সুধিলে তাক। মানুহজনে মৰমতে তাক তই বুলি মাতে। ইতিমধ্যে বৰমাই দুয়োকে লুচি ভাজি চাহ আনি দিলেহি।
সেইদিনা ৰাতিৰ ঘটনাটোৰ পৰা সকলো ভাঙি পাতি কলে সি।
: তই বৰ ডাঙৰ ভুল কৰিলি বাপু। জনাবুজা চলি হৈ ইমান মৰসাহ ভাল নহয়তো। লগেলগে কিয় কোৱা নাই?
- মানুহজনে চুই কিলাবহে বাকী তাক। তাৰ ওপৰত খং উঠিছে তেওৰ। বৰগছজোপাৰ তলত পেচাব কৰিব নালাগিছিল। সেই সময়খিনিও বেয়া। আজিকালিৰ শিক্ষিত লৰাবোৰে নুবুজে।
: এতিয়া কি কৰো বৰদেউতা?
- ভয়ে ভয়ে সুধিলে সি। এই ঠাইটুকুৰাত থকাটোৱে ভয়ংকৰ হৈ পৰিছে।
: ৰহ¸ তই চিন্তা নকৰিবি। নিজাম বেজৰ হতুৱাই তাবিজ এটা দিয়াম। মাথো ভয় বেছি নকৰিবি। ৰাতি অকলে নাথাকিবি।
সেইদিনা স্কুললৈ নগল সি। তালুকদাৰক মাতি বৰদেউতাই নিজাম বেজক লৈ আহিলেগৈ। বিহলগনীৰ পাতেৰে তাক কোবাই¸ জলকীয়া জুইত পুৰি বেজালি কৰে বেজে। তাৰ বাহুত তাবিজ এটা বান্ধি কেতিয়াও খুলিবলৈ হাক দি সৰিয়হ অলপ জাৰি দিলে। শোৱতে গাৰুৰ তলত লবলৈ। গৃহস্হৰ ঘৰৰ চৌহদত খুটি পুতি সৰুকৈ পুজা এভাগি কৰি চৌহদটো নতুনকৈ বান্ধি ললে বৰদেউতাই। বেয়া বস্তু সোমাব নোৱাৰিব।
: তই ভাল বাছিলি অ’ বাপু। আৰু কিছুদিন থকা হলে ঘটনা বেয়া হলহৈ।
- নিজাম বেজে তাৰ গায়ে মুৰে হাতবুলাই কৈ উঠিল। বৰদেউতায়ো হয়ভৰ দিলে।
: কি হল হয়নো?
- খু দুৱনি মাৰিব নোৱাৰি সুধিলে সি।
: বৰগছৰ সিবিধ দেখা নাই জানো! তোক চিপ লবলৈ বাধ্য কৰিলে হয়।
- বেজৰ কথা শুনি তাৰ গাটো সিঁয়ৰি উঠিল।
: বাপু¸ চিদ্ৰত পৰিছ তই। পাৰিলে এই ঠাইখিনি এৰি যা।
- বেজে পুনৰ কৈ উঠে।
: যাম আতা¸ জীবনটোতকৈ চাকৰী ডাঙৰ নহয়। দৰকাৰ হলে চাকৰীয়ে এৰিম।
- কৈ উঠে সি। যথেষ্ট ভয় খাইছে সি। অলপপৰ ৰৈ সোধে সি
: এইবোৰ কিয় হৈ আছে।
: ইয়াত ডাঙৰ ঘটনা এটা আছে। কও শুন। - হুমুনিয়াহ এটা কাঢ়িলে গৃহস্হই।

         সেইযে দীঘল নঙলাটো দেখিছ। মণ্ডলৰ ঘৰৰ কাষতে মজুমদাৰহঁতৰ লৰা এটাই আজিৰ পৰা ছাব্বিছ বছৰ আগতে চিপ লৈছিল। মুকুল নামৰ লৰাটো পঢ়া শুনাত বৰ চোকা আছিল। ঘৰখনৰ সৰু লৰা। সেইবেলি মেট্ৰিক দিছিল। হঠাতে কিবা চৰ্মৰোগ হৈ তাৰ গাটোত বগা চৰম পৰিল। মুখখন আধা বগাহৈ চাবলৈ ভয়লগা হল। ডক্টৰক দেখুৱালে বহুত¸ ভাল নহল। সি ঘৰতে সোমাই থাকিবলৈ ললে। ঘৰৰ মানুহে বাহিৰত ওলাবলৈ নিদিয়ে। মানুহবোৰে কোৱাকুই কৰে। সেইবেলি তাৰ বায়েকক চাবলৈ প্ৰফেচাৰ এজন আহিছিল। দিন বাৰ ঠিক হল। তাৰ কথা কোনেও কোৱা নাছিল। আনকি আৰু এটা ভায়েক আছে বুলিয়ো কোৱা নাছিল। ঘৰৰ সকলোৰে ফুৰ্তি¸ ভাল দৰা এটা পাইছে। হব লগা ভিনিহিয়েকক চাবলৈ সি ভিতৰৰ পৰা ওলাই আহিছিল। ইতিমধ্যে দিনবাৰ ঠিক হৈছিল। দৰাই কইনাৰ আঙুঠিৰ জোখ নিবলৈ আহিছিল। তাক দেখি দৰা যি গল আৰু নাহিলেই। বিয়াখন ভঙা বাবে ঘৰৰ সকলোৱে তাক দোষাৰোপ কৰিলে। গালি পাৰিলে¸ মাৰিলে। সি সেইদিনা চিঞৰি চিঞৰি কান্দিছিল। বৰ আঘাট পাইছিল সি মনত। সেইটো বেমাৰত সি নমৰে। সেইদিনা ৰাতিয়েই ঘৰৰ সমুখৰ ডাঙৰ বৰগছ জোপাত চিপ লৈছিল সি।
’’মোৰ সমাধিত নুৰুবা ফুল
এটুপিও চকুলো নুটুকিবা¸
এটি মিঠা হাঁহিৰেই দিয়া শেষ বিদায়।
মই আকৌ আহিম মানুহৰ মাজলৈ
দিলো প্ৰতিশ্ৰুতি
মই মুকুল মই মুকুল।’’

      চুইছাইড নোটতো এনেকৈয়ে লিখি গৈছিল সি। -কৈ থাকোতেই মানুহজনৰ গাটো জিকাৰ খাই উঠিল। ভবেনৰো।
: লৰাটো অলপ অঁকৰাও আছিল। তাৰ আত্মাই মুক্তি নাপালে। এতিয়াও সংগী বিচাৰি ঘুৰি ফুৰে। জীয়াই থাকোতেও পুখুৰীটোৰ পাৰতে খেলিছিল¸ বৰশী বাইছিল। আজিকালি মণ্ডলহঁতে তাত মাছ জীয়াবলৈয়ে এৰিলে।
- কৈ বৰদেউতাই আকৌ এবাৰ হুমুনিয়াহ কাঢ়িলে।
মুকুলৰ প্ৰতি দুখেৰে মনটো ভৰি পৰিল ভবেনৰ। তাৰ আত্মাই সোনকালে মুক্তি পাওক। কিন্তু সেইবুলি সি সংগী হব নোখোজে। বেজে অলপ আগতে কোৱা কথাষাৰ মনত পৰি গাটো সিঁয়ৰি উঠে তাৰ। ভবেনে ঠিক কৰিলে। সি ইয়াৰ পৰা যাবগৈ। লিভ লৈ ট্ৰেঞ্চফাৰৰ বাবে চেষ্টা এটা কৰিব। নহলেও নাই¸ তাৰ একাডেমিক কেৰিয়াৰ ভাল। কৰবাত নহয় কৰবাত চাঞ্চ পাবই। বিশ্বাস আছে তাৰ। কিন্তু জীবনক লৈ ৰিস্ক লব নোৱাৰি। জীবন বহু মুল্যবান। এপ্লিকেচনখন লিখিবলৈ নিজৰ ৰুমত সোমাল সি।।
********

Friday 16 June 2017

টিট ফৰ টেট - ৩

Unknown

মুৰ্চ্ছনা মোৰ লৰালিৰে বান্ধবী। সৰুৰে পৰা একেখন স্কুলতে পঢ়ি ডাঙৰ হৈছো। আমাৰ ওচৰৰ গাঁওখনত তাইৰ ঘৰ। কলেজৰ সাধাৰণ শিক্ষা সমাপ্ত কৰাৰ পিছত মই কামেকাজে লাগিলো। ঘৰৰ ডাঙৰ যেতিয়া দায়িত্ব অলপো আছে। মুৰ্চ্ছনাই পঢ়ি থাকিল। এম ফিল কৰি নতুনকৈ আমি পঢ়ি যোৱা কলেজখনতে সোমাইছে। অংশকালীন প্ৰবক্তা। বিয়া বাৰুৰ কথা ঘৰত চলি আছে¸ পিছে তাইহে বিচৰা নাই এতিয়াই। পি এইচ ডি কৰাৰ পিছতহে সংসাৰত সোমাবলৈ মন তাইৰ।
: পল¸ তুমি তাইক অলপ বুজোৱাচোন। ভাল সম্পৰ্ক এটা আহিছে।
- খুড়ীয়ে খাটনি ধৰে মোক। তেওলোকে ভাল জোৱাই এটা এৰি দিবলৈ ইচ্ছা নকৰে। যিহে দিনকাল¸ আজিকালি মদ-ভাং নোখোৱা চাকৰিয়াল ভাল পাত্ৰ পাবলৈয়ে টান।
: চা পল¸ মাঁহতে এনেয়ে জ্বলাই মাৰিছে¸ তই আকৌ নাকামুৰিবি দেই।
- খুড়ীহঁতৰ কথাটো কবলৈ মুখ মেলোতেই মোক ৰখাই দিয়ে তাই।
: আৰে য়াৰ¸ অলপ খুড়ীহঁতৰ কথাটোও ভাবি চাচোন। তোকতো সন্মতি দিবলৈ কোৱা নাই। লৰাজনক এবাৰ লগ কৰি চোৱাত আপত্তি কি!
- তাই মোৰ কথা পেলাব নোৱাৰিলে। ছোৱালী মানুহ¸ বয়সতো ৰৈ নাথাকে। পি এইচ দিটো বিয়াৰ পিছতো কৰিব পাৰিব।
অবশেষত সকলোৰে যুঁটীয়া প্ৰচেষ্টাত সেউ মানি তাই সন্মতি দিলেগৈ। লৰাটো ভাল। চৰকাৰী বিভাগ এটাৰ অভিযন্তা। বিয়া এইবছৰ নহয়¸ অহা বছৰলৈহে হব। এইটো সপ্তাহতে ৰিং চেৰিমনিটো কৰি থব হেনো।
যোৱা কালি তাইৰ ঘৰৰ পৰা আহিছিলো। আকৌ আজি জৰুৰী কাম এটাত মাতি পঠিয়ালে।
বৰকৈ সোধাৰ পিছতো নকলে। অফিচৰ পৰা ওলাই চিধাই তাইৰ ঘৰ পালোগৈ।
তাই বাৰাণ্ডাতে বহি আছিল।
: কি হল¸ ইমান দৌৰাদৌৰিকৈ মাতি পঠালি যে?
- বাইকখন ষ্টেণ্ড কৰি থাকিয়েই সুধিলো।
: ঐ ফেচবুকত অসভ্যালি কৰা বোৰৰ ওপৰত কিবা এক্সন লব পাৰিনে? অসভ্য এটাই জলাই মাৰিছে।
- মই বাৰাণ্ডাত উঠাৰ লগে লগে কলে তাই। নিজৰ ফোনটো মোক দেখুৱালে।
: হাই বেবী¸ ইউ আৰ চো হট। আই লাভ ইউ আই লাভ ইউ। আই মিছ ইউ…
- মেচেঞ্জাৰত লৰা এটাই মেচেজ কৰিছে। প্ৰফাইলতো চালো¸ সি তাইৰ ফ্ৰেণ্ডলিষ্টত নায়েই। এটা ফটুৱা মাৰ্কা চেঙেলীয়া লৰা। তাই এবাৰো ৰিপ্লাই কৰা নাই।
ছ’চিয়েল মিডিয়াত বহুত ফটুৱা মানুহ আছে। ধুনীয়া ছোৱালী¸ বোৱাৰী দেখিলেই ফটুৱামি আৰম্ভ কৰে।
: পল¸ কি কৰা ভাল হব? মই কাকো কোৱা নাই। মৃন্ময়কতো কবই নোৱাৰো¸ কি বা ভাবে!
- মৃন্ময় তাইৰ হব লগা স্বামী। এতিয়াও খং উঠি আছে তাইৰ।
: যধেমধে মানুহবোৰ এড কৰিবি। পালি মজাটো।
- তাইক জোকাবলৈয়ে কলো মই।
: কতনো এড কৰিলো। চিনিয়ে নাপাও। মোৰ ফ্ৰেণ্ডলিষ্টত নায়েইতো।
- অলপ খং উঠিল তাইৰ। মই ঢেকঢেকাই হাঁহি দিলো।
: চা¸ এইটো একেবাৰে সাধাৰণ কথা দেখোন। স্ক্ৰীণশ্বট এটা মাৰি দে।
- সাধাৰণভাবে কলো মই।
: তাকেইতো নোৱাৰো অ’। জানইচোন¸ মই ভাবি চিন্তিহে ষ্টেটাছবোৰ দিও। স্ক্ৰীণশ্বট মাৰি কলে সকলোৱে গম নাপাবনে! মোৰ ফ্ৰেণ্ডলিষ্টত ষ্টুডেন্ট¸ কলীগ¸ চিনিয়ৰ সকলো আছে। মে’মৰ লগত কোনোবাই মিছ বিহেভ কৰিছে বুলি জনাবলৈ ভাল নালাগিব অ’। আনহাতে আইনৰ সহায় লৈ লাগি থাকিবও নোৱাৰোচোন।
- কৈ উঠিল তাই। মই তাইৰ মুখলৈ চাই ৰলো। বুজিলো¸ তাই তাক এসেকা দিব খুজিছে। মাথো উপায়হে পোৱা নাই।
: ড’ন্ট ৱৰী¸ এনেকুৱা সকলো বেমাৰৰ মেডিচিন মোৰ ওচৰত আছে।
- হাঁহি মাৰি কৈ উঠিলো মই।
: জানোতো অঘাইটং। সেয়ে কাকো নকৈ তোক কৈছো।
- হাঁহি মাৰি লাহেকৈ মোৰ পিঠিত বাঘঢকা এটা দিলে তাই।
: চাও¸ তোৰ ফোনটো দে। এইটোক ফৰ্মুলা হাণ্ড্ৰেড বুলি কয়।
- তাইৰ ফোনটো হাতত ললো মই।
: চা মুৰ্চ্ছা¸ ই বেটাই আমাৰ লৰাবোৰৰ নাক কাটিছে। গতিকে আমাৰো অলপ দায়িত্ব আছে দেচোন।
তাইক চমুকৈ মুৰ্চ্ছা বুলি মাতো মই। আচৰিত হৈ তাই মোৰ মুখলৈ চাই থাকিল। মই কৈ থাকিলো।
: এতিয়া আমি এশজন লৰাই বেটাক সি কৰা কামৰ বাবে গালি পাৰি মেচেজ কৰিম। এজনী ছোৱালীক অশান্তি কৰিলে¸ বিপৰীতে এশজন লৰাই তাৰ অশান্তি কৰিম। কথাটো ভাবিয়েই ভাল লাগিল মোৰ। তাইৰো চকুদুটা নাচি উঠিল।
: অপ্ৰিয়¸ ঘৃণনীয় শ্ৰীমান¸
আপুনি কৰা কামটো কিমান ভাল হৈছে এবাৰ চিন্তা কৰিব। আপোনাৰ মাক¸ ভনীয়েক¸ ঘৈনীয়েক¸ জীয়েকৰ লগত এইবোৰ আনক কৰিব দিবনে??? এইকথা গম পালে চাগে হবলগা ঘৈনীয়েকে চিপ লব¸ জীয়েকে মুখত থুৱাব¸ ভনীয়েকে নৈত জাপ দিব¸ মাকে বিষ খুৱাই মাৰিব¸ বাপেকে ত্যাজ্যপুত্ৰ কৰিব!!
ভাবি আচৰিত হৈছো¸ আপোনাৰ জন্ম কিয় হৈছিল! হয়তো নিৰ্দোষী মাক-বাপেকে কুলাংগাৰ এটাক জন্মদিয়াৰ দোষতে চবৰে গালি খাইছে। ভগবানক প্ৰাৰ্থনা কৰিছো¸ সুমতি দিয়ক।
- মোৰ লিখাখিনি চাই চাই তাই হাঁহি থাকিল।
: অ’ই তোৰ শুভ হাতেৰে চেন্ট কৰ।
- তাইক মেচেজটো চেন্ট কৰিব দি অসভ্যটোক ব্লক কৰি দিলো।
: অ’ই তোৰ লিখাখিনি পঢ়ি এইটোৱে আত্মহত্যা নকৰিলেই হল আৰু।
- হাঁহি হাঁহি তাই কৈ উঠিল।
: ভালহে হব। কুলাংগাৰ এটা কমিব।
- ময়ো হাঁহি দিলো।
: ঐ পাগল¸ অচিনাকী ছোৱালীক অশান্তি কৰি কি লাভ পাবি ঐ? নষ্ট চৰিত্ৰৰ বুলি ৰাজহুৱা চাৰ্টিফিকেট এখন কিয় লব খুজিছ?
- এশজন লৰাই এনেকৈ মেচেজ কৰিলে নিশ্চয়কৈ সি ভাবিব বাধ্য হব। লাজপাই কেনেবাকৈ ভালহলেতো ভালেই!
এজনী ছোৱালীক অশান্তি কৰিলে এশজন লৰাই ৰিভেঞ্জ লব! কথাটো ভাবিয়েই ভাল লাগিছে মোৰ। ৰিভেঞ্জ…টিট ফৰ টেট।।
*******

Thursday 15 June 2017

এই মাটিৰে মৰমতে

Unknown

(১)
কিনকিনকৈ বৰষুণজাক আহি আছে। এতিয়াও কাম কৰি আছে হৰেশ্বৰে। পথাৰৰ আলিটো বান্ধি চাৰিওফালে চালে সি। ধান এইবাৰ ভাল হৈছে। বৰষুণ নাছিলেই যোৱাবাৰ। পথাৰত চিৰালফাট মেলিছিল। ধান নাপালেই যোৱাবাৰ। বৰ কষ্ট হৈছিল সিহঁতৰ। এইবাৰ বৰষুণ হৈছে। মনটো ভাল লাগি যায় তাৰ। ধান ভাল হলে দুবছৰ সুন্দৰকৈ চলি যাব সিহঁতৰ। সাজ লাগি আহিছে। পশ্চিমৰ ৰঙা বেলিটো বিলৰ পানীত যেন ডুব যাব ওলাইছে। আকাশখনলৈ চালে সি। কলা মেঘকেইচপৰামান দৌৰি আছে। বিলৰ পানীত যেন আকাশখন লাগি গৈছে। যেন বিলখনৰ মাজত থিয় দিলেই আকাশখন চুই দিব পাৰি। দুখনমান নাওত মছমৰীয়া ডেকাকেইটাই মাছ ধৰি উভতিছে। বগাকৈ বগলীজাক চৰি আছে। পথাৰৰ পৰা উঠি আহিল হৰেশ্বৰ। ঘৰলৈ উভতিব হৈছে। তাৰ খেতি পথাৰখনৰ ওচৰতে বিলখন। এইদৰাবিলখন সিহঁতৰ প্ৰাণ। এইটো পাৰে ৰামপুৰীয়া ৰাইজৰ বিশাল কৃষিভুমি। সিতো পাৰে নহিৰা¸ ঝেঝাবৰীৰ পথাৰ। সোমাজতে যেন বিলখনে এখন নীলা চাদৰহে পাৰি থৈছে। সৰুৰে পৰা দেখি আহিছে সি বিলখন। শান্ত¸ সমাহিত হৈ বৈ আছে। কুকুৰমাৰাত কলহী নদীত লাগিছেগৈ। বিলখন কলহীৰে এটা সুতি আচলতে। কলহীটো আকৌ ডাঙৰ নদী ব্ৰক্ষ্মপুত্ৰত পৰিছেগৈ। পাঠশালাৰ পঢ়ি থাকোতে পণ্ডিতে কৈছিল। লৰালিতো বিলখনৰ পাৰতে পাৰ হল তাৰ। পিতাকৰ লগত সৰুৰে পৰা খেতি পথাৰলৈ আহিছিল সি। পিতাকলৈ জলপান আনিছিল দুপৰীয়া। গৰু চৰাইছিল।
বিলৰ এআঠু পানীত নামি মুখহাত খন ধুলে সি। বিলখন একেই আছে। বয়স হৈ আহিছে তাৰ। বিলখন যেন এতিয়াও গাভৰু হৈয়ে আছে। অলপ আতঁৰত পাতি থোৱা চেপাটো চালে সি। ৰাতিপুৱাই পাতিছিল। লৰা-ছোৱালীকেইটাই বৰভালপাই মাছ। মাছ নহলে ভাতকে খাব নোখোজে। সি নিজেও ভাতমুঠি খাব নোখোজে মাছ নহলে। বিলখনত মাছ-কাছৰ অভাব নাই। চেপাটো চালে সি। ডাঙৰ শ’লমাছ এটা কাৱৈমাছ দুটামান। মুখত হাঁহি বিৰিঙি উঠিল তাৰ। হওক তেও ভালকৈ ভাতসাজ খাব পাৰিব। এইকেইদিন মাথো গৰৈটিলা আৰু মাগুৰ¸ কাৱৈ আদি মাছহে পাইছিল। ডাঙৰ শ’লমাছটো পাই ভাল লাগিল তাৰ। ককালত বান্ধি ৰখা খালৈটোত মাছকেইটা ভৰাই উঠিল সি। গৰুকেইটাই আপোন মনে ঘাহ খাই আছে।
: হেই¸ যো যো¸ আন্ধাৰ হোচি।- গৰুকেইটা খেদি আনে সি। কাঢ়লী পোৱালীটো বৰ দুষ্ট। ইফালে সিফালে দৌৰে। পানীভোতৰা ঠাৰিদাল হাতত লৈ গৰুজাক খেদি ঘৰমুৱা হয় সি।
আন্ধাৰ নামি আহিছে। গৰুৰ ডিঙিৰ টিলিঙা বজাই আহি আছে সিহত।
: অ’ হৰিকা¸ কি মাছ পালি অ’।- সেইটো মনেশ্বৰ। সিয়ো তাৰ দৰে পথাৰত কাম কৰি উভতিছে।
: শ’লমাছ এটা।- খালৈটো ডাঙি দেখুৱালে সি।
: তই কি পালি?- মনেশ্বৰক সোধে সি।
: নাই অ’¸ গৰে¸ পুঠি কেটামান।- সিয়ো দেখুৱাই খালৈটো। দুয়ো একলগে আগবাঢ়ে। দুয়োৰে গৰুবোৰ একেলগে আগবাঢ়িছে।
: হেই হেই ভালকে যো।-জাক ভাঙি গৰুটোক খেদি জাকক সুমুৱাই সিহতে। বিজুলী ঢেৰেকনি মাৰিছে। বৰষুণজাক ডাঙৰ হৈ আহিছে। সোণকালে পাবগৈ লাগে।
বাটৰ কাষৰ পৰা চানা কচুৰ পাত দুটা চিঙি মুৰত লয় দুয়ো। প্ৰকাণ্ড কচুপাতটোৱে চাটিৰ কাম কৰে সিহতৰ। ইতিমধ্যে হুৰহুৰাই বৰষুণজাক নামি আহিছে। বৰষুণ তিতি গৰুজাকে দৌৰ দিছে। পিছে পিছে সিহত দুটায়ো কুকুৰ লৰ দিলে।
: বৈৰহানজাক ডাহাৰকে আহিল অ’ হৰিকা। ঘৰ যাই নাপালুৱে।- মনেশ্বৰে কয়।
: লাগে দে অ’ মনেশ্বৰ। খেতিখান ভাল হোবো।- হৰেশ্বৰে কয়।
গাঁৱলীয়া আলিবাট। বোকামাটিত টেপটেপীয়া হৈ পৰিছে পথটো। সিহঁতৰ প্ৰতিটো খোজত বোকা চিটিকি আঠুৰ চুৰিয়াখনত লাগিছেগৈ। জুৰুলি জুপুৰি হৈ দুয়োৰে সৰ্বশৰীৰ তিতি গৈছে। কচুপাতটোৰ বাবে মাথোন মাথাটোহে নিতিতাকৈ আছে।
ইতিমধ্যে হৰেশ্বৰৰ ঘৈনীয়েকে ভগা চাটিটো লৈ বাটলৈ চাই আছিল। আন্ধাৰ হল এতিয়ালৈ আহি নাপালে মানুহটো। ওচৰৰ খগেন হৰেণহত সকলো আহিল। বৰষুণজাক ডাঙৰ হৈ আহিছে। কত বা ৰল মানুহটো।
ইহতে মাছলৈ জিদ নধৰা হলে ইমানপৰে আহি পালেহৈ মানুহটো। বৰষুণত ভিজিব মানুহটো।- ভাবে মালতীয়ে।
হৰেশ্বৰে দুৰৰ পৰাই দেখে ঘৈনীয়েকক। পদুলিত ৰৈ আছে তাই।
: তই কিয়া ৰখি আছাহ এতে।- দুৰৰ পৰা ৰিঙিয়াই সি।
: ডাহাৰকে বৈৰহান আহইচি অলমান আগতে আহিবা নৰা।- পদুলিমুখৰ হৰকালাকেইদাল খুলি দি কৈ উঠে তাই। গৰুকেইটা খেদি গোহালীত সোমাই সি। নিজে তিতাক লৈ বেয়া নালাগে তাৰ¸ গৰুকেইটা তিতা বাবেহে বেয়া লাগে।
: একেটা নিচুন।- ঘৈনীয়েকলৈ খালৈতো আগবঢ়াই দিয়ে সি। বাৰাণ্ডাৰ ফটা গামোচা খনেৰে গৰুকেইটাৰ গাটো মচি দিয়ে।
: অ’ পিতা¸ ডাঙৰ মাছ পাচা আজি। বঢ়িয়া বঢ়িয়া। আমি আজি শ’লমাছ খাম।- মহেনে ফুৰ্তিতে জপিয়াই উঠে।
: এ মহেনৰ মিয়াক¸ মোক গামচাখন দিচুন।- হৰেশ্বৰে কয়।
মালতীয়ে গামোচা এখন দিয়ে তাক। কুৱাৰ পানী দুবাল্টিৰে গাটো ধুই ঘৰসোমাই সি। পাকঘৰত ঘৈনীয়েকে ফুৱাই ফুৱাই চাহ কৰিছে।

তেতিয়া আন্ধাৰ নামি আহিছিল। হাতলেমটোৰ পোহৰত মহেনে ঢাৰিত বহি পঢ়ি আছে। বৰ শান্ত লৰাটো। বাৰ বছৰীয়া লৰাটোৱে পঞ্চমমানত পঢ়ে। কিবা লিখি আছে মহেনে। ভাল লাগে তাৰ। নিজে বেছি পঢ়িব নোৱাৰিলে। অভাবৰ বাবে দুৰৰ হাইস্কুললৈ পঢ়িব নপথালে পিতাকে। কিন্তু পঢ়াব। মহেন আৰু মইনাক মানুহ কৰিব। মইনা লালকাল টোপনিত। সাতবছৰীয়া লৰাটো প্ৰথম শ্ৰেনীত পঢ়ে। দিনটো খেলি ভাগৰি পৰিছে। মইনালৈ চালে সি। মৰমলগা হৈ পৰিছে মইনাতো। ককায়েকৰ তুলনাত অলপ দুষ্ট হৈছে সি। পিতাকে বোকাচাত নুঠালে তাৰ বৰ খং উঠে। নিতৌ সাধুকথা শুনাব লাগে তাক। হৰেশ্বৰে মইনাৰ গাটো পিহি দিলে। দুই এটা মাখি পৰিছিল তাৰ গাত। আঠুৱাখন তৰি দিলে সি।
: নোৱাৰো কথাটি হেৰা
বেয়া কথা বৰ
কদাপি নহয় সিটো
কথা মানুহৰ।
ভাল নাম পাবলৈ যদি কৰা মন
তেনেহলে নুবুলিবা নোৱাৰো বচন¸
এলেহুৱা যিটো হয়
নোৱাৰে সিটোৱে কয়…। - মহেনে পদ্যটো মাতি আছে। শুনি ভাল লাগিছে তাৰ। মহেনে তলমুৰকৈ পঢ়িছে।
: মহেন…।- মাতে সি।
: অ’ পিতা।- মুৰ তুলি চালে মহেনে।
: ভালকে পঢ়বি দে বাছা। মাহনু হবা লাগবো।- মৰমেৰে কৈ উঠে সি।
: হবো দে পিতা। মই তোৰ নাম ৰাখিম।- অলপ বুজা হৈছে লৰাটোৱে। ভাল লাগে তাৰ। ভাত হোৱালৈ মইনাৰ কাষতে দীঘল দিয়ে সি।
বৰষুণজাক এতিয়া নাই। বাহিৰৰ জিলিৰ মাত ভাহি আহিছে।
ঘৈনীয়েক মালতীয়ে পাকঘৰত ভাতৰ যোগাৰ কৰি আছিল তেতিয়া। বৰষুণত তিতা কেচা খৰি খিনি জলিব নোখোজে। চুঙাটোৰে ফুৱাই ফুৱাই ভাগৰি পৰে তাই।
: এই খৰি মাখাওযে¸ জলবাই নুখুজে।- ভোৰভোৰাই উঠে তাই। টিপচাকিৰ ঢাকনিখন খুলি কেৰাচিন অলপ আধাকেচা খৰিত ঢালি দিয়াচলাই কাঠিদাল জলালে তাই। দুবাৰমান ফুৱাই দিয়াৰ পিছত জলি উঠিল খৰিখিনি। মনটো ভাল লাগে তাইৰ। চাউলকেইটা ধুই বহাই দিয়ে তাই। তৰকাৰীখিনি কাটি থোৱাই আছে। মাছখিনিতো নিমখ¸ হালধি দি সানি থোৱাই আছে।
গিৰিয়েকে চাগে বাগৰ দিছে। বৰ কষ্ট হৈছে মানুহটোৰ। ভাবে তাই। এইখিনি সময়ত মইনাৰ কাষতে গিৰিয়েকে অলপ আৰাম কৰে। চাগে মহেনে পঢ়ি আছে। থাকক খাবলৈ হলে মাতিব তাই।
চৌকাটোত শুকান বাহখৰি এডাল সুমুৱাই বাহিৰলৈ আহে তাই। সৰুপানী চুব। ভেকুলীয়ে টোৰটোৰাই আছে ওচৰতে। বাটৰ খালটো পানীৰে বৰষুণৰ পানীৰে উপচি পৰিছে। তাই এবাৰ থকা ঘৰটোৰ ফালে চাই গোহালিটোৰ ফালে আগবাঢ়ে। আন্ধাৰতে আছে গৰু-ছাগলীকেইটা।
(২)
ৰসেশ্বৰ বাৰাণ্ডাতে বহি আছিল। ঘৈনীয়েকে ৰহিমলাই এটা বাতিত দৈ চিৰা খিনি লৈ আহিল।
ৰদ ভালকৈ ওলোৱাই নাই আকাশত। আগদিনা বৰষুণৰ বাবে চোতাখন তেপতেপীয়া হৈ আছে। বোকামাটিৰ কেচেমা কেচেম গোন্ধ এটা তেওৰ নাকত লাগিল।
: গাখীৰ খীৰালানা ই।- সদায় সোধাৰ দৰে আজিও সোধে তেও ঘৈনীয়েকক। জানে গাই গৰু দুজনী চোৱাচিতা কামটো পুতেকেই কৰে। ৰাতিপুৱাই উঠি প্ৰথমে গৰুক দানা দিয়ে মহেশে। গাখীৰ খিনি খীৰাই মানুহ কেইঘৰক ঘৰত গৈ দি আহে। পানী নিমিহলাই সিহতে। বজৰুৱা গাখীৰত পানী মিহলাই। খং উঠে তেওলোকৰ। ৰাইজে খাব যেতিয়া পানী মিহলাই গালি-শপনি কিয় খাব লাগে। হৰেশ্বৰৰ মত সেয়া।
: দুছি দে কেথিয়াম্বাই। তহনাই এনাই চিন্তা কৰি থাকা। আপাটোই গাখীৰ দিবাও গেল।- ৰহিমলাই কয় গিৰিয়েৰক। মানুহটোৱে এনেয়েহে সোধে¸ সেই কথা তায়ো জানে। ৰঙাচাহ গিলাচ আনে তাই। মানুহটোৱে ৰাতিপুৱা ৰঙাচাহ হে খাই ভাল পাই।
দৈ চিৰা বৰ প্ৰিয় ৰসেশ্বৰৰ। আচলতে যিকোনো মিঠা বস্তুৱেই ভাল পাই তেও। সৰুতে হাটলৈ যাওতে একেবাৰতে কেইবাটাও ৰসগোল্লা খাইছিল তেও। এতিয়াও হাটলৈ গলে এটা হলেও খাবই। নামে কামে ৰসাল মানুহটো মিলি গৈছে।
পান্টান বাহাৰৰ সখীয়েকে পৰহি পঠাইছিল মহৰ গাখীৰ টেকেলি এটা। ঘৰতে ম’হৰ খুটি এটা আছে সখীয়েকৰ। এঠা দৈ খিনি খাই বৰ ভাল লাগে তেওৰ। জলপান খিনি খাই উগাৰ এটা মাৰে ৰসেশ্বৰে। এঠা এঠা হাতখন ধুবলৈ কুৱাৰ পাৰলৈ আহে তেও।
: ঐ মহেশৰ মিয়াক¸ মাই খালানা। - হথাতে মনত পৰি চিঞৰি উঠে তেও
: খালা দে ৱা। মাইহানা সৰুবাপা হানাৰ দেখি গেল পনে।- ৰিঙিয়াই কৈ উঠে তাই।
ৰসেশ্বৰ হৰেশ্বৰৰ আপোন ককায়েক। পিতাক মৰাৰ পিছত ভাই হলে ঠাই হবই লাগিব ভাবি হৰেশ্বৰ আতৰি গৈছিল। প্ৰকাণ্ড বস্তিটোৰ পিছফালে নতুনকৈ ঘৰ সাজিছিল হৰেশ্বৰে। বাপেকে বন্ধা পুৰণি কাঠখুওৱা ঘৰটো ককায়েককে এৰি দিছিল। মাক তাৰ লগতেই থাকিল। একো ঠিক নাই মাকৰ। দুয়ো পুতেকৰ ঘৰতেই খাই।
তিনিজনী ছোৱালী আৰু এটা লৰা ৰসেশ্বৰৰ। লৰালৈ ৰওতে তিনিজনীকৈ ছোৱালী উপজিল। কম কম বয়সতে তিনিওজনীকে বিয়া দিলে তেও। জোৱায়েক কেইটাও ভাল। তেওক বৰকৈ মানে। ভায়েকেও তেওক কমখন সহায় কৰা নাই। প্ৰতিখন বিয়াৰে চাউল¸ পাচলি ভায়েকে যোগান ধৰিছিল। বৰ কষ্ট কৰিব পাৰে সি। ৰসেশ্বৰ কৃতজ্ঞ হৈ ৰয় ভায়েকৰ ওচৰত।
ককালৰ বিষটোৰ বাবে আজিকালি খেতি কৰিব নোৱাৰে তেও। ইতিমধ্যে জীয়েক তিনিজনীক উলিয়াই দিওতে আধাতকৈ বেছি খেতি মাটি বিক্ৰী হৈ গল। দুখীয়া খেতিয়ক মানুহ¸ টকা পাব কৰৱপৰা।
: অ’ পিতা¸ খেতি কৰবা নৰা হচা তোই। দকন আখানে দি।- জীয়েক¸ জোৱায়েকৰ উপদেশমতে খৰীৰ দোকানখন দিছে তেও। বিলেৰে ৰাভা মানুহে খৰী আনে। কমদামতে কিনি বিক্ৰী কৰে তেও। চাউলখিনি ভায়েকেই দিয়ে। অবশিষ্টমাটিখিনিত সিয়েই খেতি কৰে।
মহেশে পঢ়ি আছে। মেট্ৰিক দিব অহাবাৰ। সকলোৱে বৰ মৰম কৰে তাক। বায়েকহঁতে পঢ়াৰ খৰচ দিয়ে তাৰ।
: পিতা¸ মহেশক মিজ্জাৰ কলেজত পঢ়ুৱাম দে।- জীয়েকহতে কয় তেওক। এজনীয়েও মেট্ৰিকৰ দেওনা পাৰ হব নোৱাৰিলে। স্কুলত পঢ়ি থাকোতেই বিয়াৰ প্ৰস্তাববোৰ আহিছিল। ৰসেশ্বৰে ভাবে¸ তেও নিজেও স্কুলৰ চোতাল গচকিয়ে নাপালে¸ ভায়েকে পাঠশালা পঢ়িছিল। তেতিয়াৰ দিনত স্কুলো নাছিল নহয় ওচৰত। সৰুৰে পৰা পিতাকৰ লগত খেতিতে লাগিছিল সিহঁত।
কথাবোৰ ভাবি ভাবি শোৱাঘৰটোত সোমাল ৰসেশ্বৰ। চুৰীয়াখন সলাই পাঞ্জাবীটো গাত সুমুৱাই ঘৈনীয়েকক ৰিঙিয়ালে
: মই যাঙ দে।

এটা আধুনিক সাধু

Unknown

খুড়া সাধু কোৱানা। - মোৰ আঠবছৰীয়া ভতিজীটো আহি মোৰ বিচনাত উঠিল। ভাতকেইটা খাই বিচনাত উঠিছিলোহে। বৰষুণ বতৰ। কাৰেন্ট নাচিলেই। অলপ আগতেহে আহিছে। ঠাণ্ডা বতৰত ব্লেংকেটখন আধালৈকে লৈ গান শুনাৰ মজাই বেলেগ। ভাতকেইটামান আজি বেছিকৈয়ে খালো। বহুদিনৰ মুৰত পঠাৰ মাংস আনিছিলো আধাকেজি¸ মজা বনালে বৌৱে। 
: খুড়া কোৱানা সাধু¸ কোৱানা।- নিকিয়ে মোৰ গাত ধৰি জোকাৰিব ধৰিলে। মোক বৰভাল পাই তাই। মাক¸ বাপেকে গালি দিয়ে বাবে মোৰ লগতে বেছি খেলি থাকে।
: ককাই কব যোৱা। -এনেয়ে কলো তাইক।
: ককাই টোপনিত নাক বজাই আছ।- সাধু শুনি বৰ ভালপাই তাই। এইটো বয়সেই এনেকুৱা। সৰুতে ময়ো সাধু শুনি টোপনি গৈছিলো। মায়ে সাধু কলে তাই ৰস নাপায়¸ আইতাকে কৈ থাকোতে টোপনিয়াই থাকে বোলে। দেউতাৰ সাধুবোৰে নীতিশিক্ষামুলক। মই সাধু কলে কৰিলিয়াই উঠে তাই। বান্দৰ আৰু শিয়ালৰ সাধুত যেতিয়া বান্দৰে কচুখাই ডিঙিত ধৰে কিৰিয়ালাই উঠে তাই
: দুষ্ট বান্দৰ কেনে মজা।- হাঁহি উঠে মোৰ। সাধু শুনিয়েই টোপনি যায় তাই। পিছত মাক-দেউতাকে ডাঙি লৈ যায়হি। আজিও তাই কুটুৰিয়াই উঠিল।
: কি সাধু কম।
: নতুন সাধু কোৱা। ৰজাৰ সাধু নকবা। -ৰজাৰ সাধু ভাল নাপায় তাই। টিভিত ৰজাবোৰৰ যুজ-বাগৰ চাই থাকেতো। কটা-মৰা বেয়া পাই। টম এন জেৰি¸ মোটু-পটলু তাইৰ প্ৰিয়। অকলে থাকিলে বাৰ্থডেত কিনি দিয়া ডাঙৰ মিকি মাউচ পুতলাটো লৈ খেলি থাকে। আজিকালি ভিডিঅ’গেম খেলি থকাৰ দিনত তাইক সাধু শুনোৱাৰ অভ্যাস কৰিছো আমি। অলপ ডাঙৰ হওক¸ কিতাপ পঢ়াৰ অভ্যাস এটাও দিয়াম। তাইৰ আগ্ৰহ অনুসৰি নৃত্য¸ গীত এফালে লৈ যাম। আজিকালি খুবেই দৰকাৰ একস্ট্ৰা এক্টিভিটি এটা
ইতিমধ্যে মোৰ সাধুৰ ষ্টক শেষেই। অলপ ভাবিলো।
: নীলাম্বৰ শিয়ালৰ কাহিনীতো মনত আছেনে? সেইযে শিয়ালটোৱে নীল ঘঁহি মিছা কথা কৈ ৰজা হৈ শেষত বাঘৰ হাতত প্ৰাণ দিলে।
: আছে খুড়া। - তাই কাষচাপি আহিল।
: ঠিক আছে শুনা। এখন ডাঙৰ ৰাজ্য আছিল।
: ৰাজ্য নহয় খুড়া। হাবিৰ সাধু কোৱা। - ৰাজ্য বুলি কলেই তাই ৰজা আহিব বুলিব ভাবে।
: অ’ এখন ডাঙৰ হাবি আছিল। সেই হাবিত বহুতো জন্তুৱে মিলাপ্ৰিতিৰে বাস কৰিছিল। শুনি থাকিবাদেই।
: উম।- তাইৰ মুখলৈ চাই কৈ উঠিল।
: অ’ কি কৈ আছিলো¸ হাবি এখন আছিল। এটা শিয়াল আছিল। তাক সকলোৱে ভাল পাইছিল। ধুনীয়া কবিতা লিখিছিলটো শিয়ালটোৱে।
: উম। খুৰা কবি মানে কিনো। তুমি যে বজাৰৰ পৰা অনা সেই কবি নেকি? - হাঁহি উঠিল মোৰ।
: নহয় নিকি। কবি মানে হল¸ সেই যে আকবৰৰ ৰাজসভাত বিৰবল আছিল¸ মনত পৰিছে?
: অ’ অ’ পৰিছে
: তেনেকুৱাই¸তোমাৰ পাঠ্যপুঠিত যে পদ্য আছে¸ ’টিক টিক টিক ঘড়ীটোৱে কয় শুনা ঠিক ঠিক ঠিক¸’ তেনেকুৱা পদ্য লিখাবোৰক কবি বুলি কয়।
: অ’ বুজিছো। খুড়া¸ শিয়ালটোৰ নাম কি আছিলনো? - সুধি থাকে তাই। কি নাম কও এতিয়া¸ ভাবিলো। তাই মোৰ মুখলৈ চাই আছে।
: শিয়ালটোৰ নাম আছিল¸ ধৰা সমুদ্ৰ কাজল।
: বাপৰে ইমান দীঘল নাম। - আচৰিত হৈ কৈ উঠিল তাই। - নীলাম্বৰ শিয়াল¸ ৰামু বান্দৰৰ সাধু শুনি শুনি অভ্যস্ত হৈছে তাই।
: কামবোৰো বৰ ডাঙৰ কৰিছিল নহয়। - কৈ উঠিলো। তাই একান্তমনে শুনি আছে।
: শিয়ালটোৱে নিজৰ হাবিখন এৰি খাদ্যৰ সন্ধানত দিল্লী নামৰ দুৰৰ হাবি এখনত আছিল।
: খুড়া¸ নিজৰ হাবিত খাদ্য নাছিল নেকি? - কৌতুহলী হল তাই।
: ৰবাচোন¸ মাজতে নামাতিবা। শুনাচোন¸ বিৰাট জমনি।- সন্মতি দি মুৰতো দুপিয়ালে তাই।
: কি কৈ আছিলো? অ’ মনত পৰিছে।শিয়ালটো দিল্লী নামৰ হাবিত গৈছিল। শিয়ালটোৱে সুন্দৰ সুন্দৰ কবিতাবোৰ নিজৰ হাবিখনত পঠাই আছিল। সকলোৱে ভালপাইছিল। এইদৰে বহুত দিন গল। এদিন হথাতে শিয়ালটো পগলা হল। সি চবকে কৈ ফুৰিলে যে বাঘে ঘাঁহ খাব লাগিব আৰু বাঘৰ পোৱালিবোৰ শিয়ালবোৰে খাব লাগিব¸ তেতিয়া স্বৰ্গত ঠাই পাব। কিয়নো নীলাম্বৰ শিয়ালক স্বৰ্গৰ পৰা পঠিয়াইছিল। শিয়ালবোৰে এই কথাটো বৰ ভাল পালে। এনেয়েও শিয়ালবোৰ বৰ ধুৰ্ত নহয়। বান্দৰ আৰু শিয়ালৰ সখীয়েক যে। সেয়েহে মুৰ্খ বান্দৰটোৱে শিয়ালক সমৰ্থন কৰিলে।
: খুড়া¸ বান্দৰটোৰ নাম কি আছিলনো? - হথাতে সোধে তাই। কি কওনো। নামবোৰ ভাবিলো।
: বান্দৰ মানে এপাল বান্দৰটো। লগতে বান্দৰীও আছিল। নামবোৰ আছিল - অশান্ত কৃষ্ণ¸ প্ৰীতি শইকীয়া¸ অপেক্ষা প্ৰিয়তম¸ ৰুবুল দাস বহুত নাম আছে পাহৰি গলো।
: অ’ খুড়া¸ নামবোৰ মানুহৰ দৰেইচোন। -ঢেকঢেকাই হাঁহি উঠিল তাই। নিকিতা প্ৰতিশ্ৰুতি তাইৰ নাম। ময়ো হাঁহি দিলো।
: জানা নিকি¸ শিয়ালটো বৰ টেঙৰ যে আৰু তাতে বান্দৰ মানুহৰ পুৰ্বপুৰুষ নাছিল জানো।
: অ খুড়া¸ পগলা শিয়ালটো কিয় ডক্টৰৰ ওচৰত নাযায়। এতিয়া তাক মানুহে মাৰি পেলাব ন? - চিন্তিত হল তাই। যোৱাকালি টিভিত দেখিছিল¸ বিদেশত কোনোবা এখন ঠাইত পগলা কুকুৰক পুলিছে গুলীয়াই মাৰিছে। তাকেই কৈছে তাই।
: মাৰিব আগলৈ শুনাচোন। বদমাছ শিয়ালটোৰ কি দশা হল শুনা।- মোৰ ডিঙিত মেৰিয়াই ধৰে তাই।
: শিয়ালটো বৰ বদমাছটো। সি নিজকে নীলাম্বৰ শিয়ালৰ বংশধৰ বুলি ভাবে। সেয়েহে সি বান্দৰবোৰৰ আৰু সিয়াল বন্ধুবোৰৰ লগ লাগি বাঘৰ পোৱালি বোৰক কাঢ়িবলৈ গল। তুমিতো জানা¸ বাঘ বৰ ভদ্ৰ প্ৰাণী আৰু সদায় বাঘে অকলে থাকে। সেয়েহে শিয়ালবোৰে সহজে বাঘৰ পোৱালি কেইটামান সহজে কাঢ়ি আনিব পাৰিলে। ইতিমধ্যে নীলাম্বৰ শিয়ালৰ বদমাছিৰ পিছত বাঘবোৰেও শিয়ালৰ চব বদমাছি বুজি পাইছিল। কথাটো এদিন বনৰজাৰ কাণতো পৰিল। বৰ খং উঠিল বনৰজাৰ দুষ্ট শিয়ালটোৰ ওপৰত। সেয়ে এসেকা দিবলৈ জন্তুবোৰক আদেশ দিলে। বিশাল হাতীয়ে কলে¸ মই সিহঁতক শুৰেৰে পকাই গচকি মাৰিম। বাঘে কলে¸ মই সিহঁতক কামুৰি বঙলিয়াই মাৰি পেলাম। গড়ে কলে¸ মই খড়্গৰে খুচি মাৰিম। ঘোৰাই কলে¸ মই সিহঁতক লঠিয়াই লঠিয়াই মাৰিম। ভালুকে কলে¸ মই তাৰ কলিজাটো খাই পেলাম। শেষত বনৰজাই কলে¸ তোমালোকে লগৰ বান্দৰ¸ শিয়ালবোৰক মাৰি পাষণ্ড পাগল শিয়ালটোক ধৰি আনিবা¸ মই মুচৰি তাৰ ডিঙিতো চিঙি পেলাম।
: মজা মজা। দুষ্ট শিয়াল¸ পাবা এইবাৰ মজাটো। - হাত তালি দি চিঞৰি উঠিল তাই। মোৰো হাঁহি উঠিল। সজাই সজাই কাহিনী কোৱাত ময়ো বেয়া নহয় দেখোন!
: তাৰ পিছত কি হল খুড়া।
: তাৰ পিছত আৰু কি হব! শক্তিশালী জন্তুবোৰে এফালৰ পৰা বান্দৰ আৰু শিয়ালবোৰক খেদি গল। আধাতকৈ বেছি মাৰি পেলালে। বাকীবোৰ ঘুনিয়া হল। তাকে দেখি ধুৰন্ধৰ শিয়ালটো গাতত সোমাল। এতিয়া হাতী¸ বাঘ মিলি ৰৈ আছে। তাক দেখিলেই মাৰি পেলাব।
: অ’ খুড়া¸ মানুহবোৰে কিয় সহায় নকৰে? দেউতাৰ পিষ্টলটোৰে গুলিয়াই মাৰিব পাৰিলে হয় ন! - তাইৰ কথা শুনি অলপ টভক মাৰিলো মই। সচাকৈয়ে মানুহবোৰৰ মনুষ্যত্ব জাগি উঠা হলে! দাদা পুলিচৰ এছ আই। তাৰ চাৰ্ভিচ ৰিভলভাৰটো দেখিছে তাই। সেয়ে কৈ উঠে।
: সেইটোৱেইটো সমষ্যা নিকি। বাঘে বন্দুক মাৰিব জনা হেতেন শিয়ালক দেখোতেই গুলিয়াই মাৰিলেহেতেন। হলেও এইবাৰ শেণৰ এজাত ৰবা। বাঘ¸ হাতী চবেই এতিয়া শিয়ালটোৰ গাঁতটোৰ ওচৰত ৰৈ আছে। ওলালেই মাৰি পেলাব।
: মজা মজা।- কৈ উঠে তাই।
: বৰ সাধু শুনাইছা দেখোন! মানুহ¸ বাঘ¸ হাতী এক্কেবাৰে একাকাৰ। - হাঁহি হাঁহি সোমাই আহিল বৌ। ময়ো হাঁহি উঠিলো।
: নতুন সাধু কি কও বৌ।
: বঢ়িয়া কলা দিয়া। - মোৰ গালত টপকৈ চুমা এটা দি মাকৰ কোলাত উঠি গলগৈ তাই।
ময়ো বিচনাত বাগৰ দিলো। ভুল কলো নেকি কিবা! সমুদ্ৰ কাজল বোলাটো শিয়াল নহয়নো কি! মানুহৰ সমাজৰ পৰা বহিস্কাৰ কৰিব লাগে ইয়াক।
হামি এটা আহিছে। চকুৰ পতাও জাপখাই আহিছে। শুয়ে থাকো। ব্লেংকেটখন মুৰলৈকে টানি ললো।।

চেংকাই¸ ৰিয়াণ্ডা আৰু মই…

Unknown

’সপোনটো সাৰ পাইছিল
ৰঙা হৈ উঠিছিল সুৰুযটো। ’-
এনেকৈয়ে প্ৰিয় হৈ উঠিছিল সপোনবোৰ। সপোনবোৰত ফুল আছিল। ফুলবোৰত কাঁইট। কাঁইটীয়া পথেৰেই আগবাঢ়ি গৈছিল তেজাল ঘোঁৰাৰ জাক।
মোৰ মানসিকতাত স্বাধীনতাৰ সুমিষ্ট ফলৰ সোৱাদ আৰু ৰজনীগন্ধাৰ সুবাসৰ সন্তুষ্টি বিয়পাই মোক স্বাধীনতাৰ স্বপ্নৰে উদ্ভাসিত কৰি তুলিছিল। তেজবোৰ জ্বলি উঠিছিল। পানীবোৰ জুই হৈছিল। জুইবোৰ হেপাঁহ। আৰু হেপাঁহৰ জাকবোৰে মোক সূৰ্য উঠা দেশখনৰ সঠিক ঠিকনা দিছিল।
বিপ্লৱৰ বাটেৰেইতো আহে স্বাধীনতা। বিপ্লৱৰ বাটেৰেই আহে সম্পূৰ্ণতা।"
মই ইয়াকো বুজিছিলোঃ "বিপ্লৱৰ বাটত পাৰি থোৱা নাথাকে মখমলৰ দলিচা অথবা অৱসাদগ্ৰস্ততাক আঁতৰাবলৈ সাজি থোৱা নাথাকে মধুশালা। বিপ্লৱৰ বাটত থাকে অজস্ৰ কাঁইটীয়া বেদনা। ধমনীত চলি থকা তেজবোৰ নিমিষতে বোৱাই দিয়াৰ যন্ত্ৰণা। আত্মীয়ৰ সকৰুণ দুচকুত ভাহঁ থকা আকুল অপেক্ষা।" -আবেগিক হৈ পৰে ৰিয়ানদা। ফোনটোৰ ইটোপাৰে মই।
: যেতিয়া মই বুজা হৈছিলো। সি তেতিয়া চফল ডেকা। মোৰ ডাঙৰ ককাইৰ নিচিনা লাগিছিল তাক। আঠ বছৰে ডাঙৰ সি মোতকৈ। তাৰ আদৰ্শই মোক হাতবাউলি মাতিছিল। স্বাধীনতাৰ সপোন দেখি এদিন ময়ো যৌবনত ভৰি দিলো। দুচকুত এজাক সপোন। বিষ্ণুৰাভা হোৱাৰ লক্ষ্যৰে দুৰ্বাৰ হেপাহ হৈছিল বন্দুক চুই চোৱাৰ। মাহীআইৰ দৃষ্টিৰে চোৱা দিল্লীৰ ওপৰত ঘৃণা উপজিছিল। হথাতেই মোহভংগ যেন। ধেমাজীৰ ফুলবোৰ কিয় চিঙিলে। বিষ্ণুৰাভা নহয়¸ পৰাগ দাস হবহে মন গল। পুতলা পিষ্টলবোৰ পেলাই দিলো। স্বাধীনতা মইতো লিখিব নোৱাৰিলো তোমাৰ নাম! - ময়ো আবেগিক হৈ পৰো। আজি সাত এপ্ৰিল। অসমীয়াৰ স্বাভিমানৰ দিন। বান্ধবী অমৃতাৰ কথা মনত পৰে। এদিন কৈছিল তাই।
: মাত নুফুটোতেই দেখিছিল সেই বিপ্লবক মোৰ খুৰাকৰ চকুত... তেতিয়া বুজি পোৱাৰ বয়স নাছিল¸ তাইক বুকত সাবতি কিহৰ ভয়ত মাকে পাৰ কৰিছিল উজাগৰি নিশা... কি দুঃস্বপ্ন‌ই পুতি পেলাইছিল দেউতাকৰ গভীৰ চকুহাল.. ...এয়া এতিয়া মাথো এক গোপন ইতিহাস, যাৰ সোৱঁৰণিও নিষিদ্ধ। - হুমুনিয়াহ এটা ওলাই আহে মোৰ।
: হেই কিয় আমি ইমান চিৰিয়াছ কথা পাতি আছো। ফৰগেট ইট।
এই যে পুৱা শুই উঠিয়েই ইমান চিনচিয়াৰলি প্ৰতিটো আপডেটত অহা মন্তব্যৰ ৰিপ্লাই কৰো, প্ৰতিটো নটিফিকেচন তন্ন তন্নকৈ চালি জাৰি চাওঁ, বন্ধুসকলৰ আপডেটবোৰ মনযোগেৰে পঢ়ি লাইক কমেণ্ট কৰো" -- মা কচম নাচাৰ বিজ্ঞানীসকলো ইমান চিনচিয়াৰ নহয়। এই চিনচিয়াৰলি স্কুলীয়া ছাত্ৰৰ অৱস্থাত থকা হ'লে নিশ্চিতভাৱে 'ডাঙৰ মানুহ' হ'লোহেতেন বেং। যা হওঁক, ফেইচবুকে অন্ততঃ মোক চিনচিয়াৰিটি শিকাইছে। এলাহটো অলপ কমা যেন লাগিছে। 'ডাঙৰ মানুহ' হ'ম চাগে আৰু। - ঢেকেঢেকাই হাঁহি উঠে তেও।
: আপোনাৰ আপডেটবোৰে কিন্তু বহু সময়ত টনিকৰ কাম কৰে দেই ৰিয়ানদা। - কৈ উঠো মই। আৰু বহুত মানুহৰ মুখত শুনিছো এইষাৰ কথা। ময়ো বিশ্বাস কৰো।
: যি হাঁহিব নাজানে দেবতা বা চয়তান। বেজবৰুৱাদেৱে কৈছিল। হাঁহি বহু বেমাৰৰ মহৌসধ। হাঁহি থাকিলে মনটো প্ৰফুল্লিত হৈ থাকে। - এনেকৈয়ে কৈছিল প্ৰথম কথা পাতোতে মানুহজনে। মনটো ভাল লাগি গৈছিল। অচিনাকী লৰা এজনৰ লগত ইমান আন্তৰিকতাৰে কথা কৈছিল। মনটো ভৰি উঠিছিল মোৰ।
ডেৰমাহ আগতে গোটটোত জইন কৰিছিলো। প্ৰথমতে ভাল লগা নাছিল। গাজাৰী ডট কম¸ কিবা ৱেবচাইট যেনহে লাগিছিল। এফালৰ পৰা গোটবোৰত জইন কৰি গৈছো। যেন নতুনকৈ ভাৰ্চুৱেল পৃথিবীখনৰ লগত চিনাকী হৈছো। ফেচবুকত আজিকালি দিনটো সোমাই থাকো। অফুৰন্ত সময়তো হাতত। সৰু দোকানখনত বহি আকাশ পাতাল ভাবি থাকো। জীবনৰ সুদীৰ্ঘ দহটা বছৰ উচৰ্গা কৰি দিলো ব্যক্তিগত খণ্ডৰ নামত। পালো মাথো এখন বাইক আৰু অলপ টকা। চাল্লা নিজৰ টকাৰে সজা ঘৰটোও আধাবন্ধা হৈ থাকিল। চবপিনে খালি হতাশা। বেয়াপোৱা চাকৰীটো কৰিয়েই সপোনবোৰ সজাব খুজিছিলো। নাই¸ কোনোপধ্যেই নহয়। যেতিয়া পৃথিবী নি:পালি দিয়ে¸ ম’হৰ কামোৰ খাই বহি থাকো। টেনচন আন এটি নাম জীবনৰে। মাজে মাজে ৰিমিক্স গামটো গাও। ভাল লাগে দুখৰ হাঁহিটো।
জন্দিচ¸ মেলেৰিয়া হৈ ঘৰলৈ আহোতেই ভাবিছিলো¸ প্ৰাইভেট কাম আৰু নকৰো। নিজাকৈ কিবা কৰিব পৰাৰ জোখাৰে সাঁচতীয়া ধন আছে অলপ। দুটা মাহ গল ঔষধ¸ ডক্টৰ¸ লাইফৰ টেনচন। আবে মাছ¸ মাংস একো হব নোৱাৰিলো দেখোন।
ফেচবুক অাগৰ পৰাই আছিল। বন্ধু এজনে খুলি দিছিল। মাজে মাজে ফটো এখন বা আপডেট এটা। সময় কত টাইম পাছ কৰাৰ।
ঘৰত বহি থকা দুমাহ যেন দুটা যুগ। ভাইটিয়ে আনি দিলে হথাতে এদিন এটা দামী স্মাৰ্টফোন। আগৰ জিঞ্জাৰব্ৰেডটো ডিচপ্লে ফটা।
: দাদা¸ এই গ্ৰুপবোৰত লিখিবিচোন। বহুত ভাল মানুহ লগ পাবি।- ভাইটিয়ে জইন কৰাই দিয়ে গোট কেইটাত। আগতে লিখামেলা নিচা আছিলেই। সময়হে নাছিল মাজতে।
: ভাইটি¸ তুমি ভাল লিখা। লিখি থাকিবা সদায়। - হতভম্ব হৈ যাও মানুহজনৰ কমেন্টটো পঢ়ি। নিজৰ ৱালত কিবা এটা লিখিছিলো। কিবা সাহিত্য হৈছিল নে নাই নাজানো। মনতো হথাতে ভাল লাগি যায়। দহ হাজাৰ সদষ্যৰ গোট এটাৰ এডমিন তেও। মানুহ জনৰ নামতো আগতে শুনাযেন লাগে। কেইখনমান দৈনিক কাকতত তেওৰ চাগে লেখা পঢ়িছো। মনত পেলাব নোৱাৰো কি আছিল সেয়া। প্ৰফাইল চাও মই।
চেংমাদা মানুহজনেই তেনেকুৱা। অহংকাৰ নাই।
নিজকে সামান্য বুলি ভাবো মই। বিশাল পৃথিবীৰ এটি ধুলিকণা। ফেচবুকত বৰ বিশেষ কাৰো লগত কথা নাপাতো। অনাহকত গালি বহুতেই খাই থৈছো। তাতে মোৰ দৰে আবেগিক লৰাবোৰে বেছি সুখ বা দুখ একোৱে সহ্য কৰিব নোৱাৰো। উদীয়মান কবি এগৰাকীৰ লগত কথা পাতিছিলো এবাৰ। নতুনকৈ কিতাপ এখন ওলাইছিল তেওৰ। ব্যবহাৰত শপত খাব বাধ্য হৈছিলো কোনো চেলিব্ৰেটিৰ লগতে উপযাচি কথা নকও।
চেংমাদাও মোৰ বাবে চেলিব্ৰেটিয়েই আছিল। কমেন্ট কৰিব ভয় লাগিছিল প্ৰথমতে ষ্টেটাছত। কিন্তু তেনেই সহজ সৰল দেখোন তেও। বাকী গোটবোৰৰ এডমিনৰ নিচিনাকৈ তেওৰতো অহংকাৰ দেখা নাপাও। তেও যেন বহুদিনৰ চিনাকী মোৰ। কিয় জানো আপোন ভাব এটা জাগে। আজিকালি প্ৰায়েই আহো গোটত। বৰ বেছি ব্যস্ততা নাথাকে দোকানত। পাতলীয়া গ্ৰাহক।
: হেই¸ তোমাক মই পল নহয় পলাশ বুলি মাতিমদেই। - কৈ উঠিছিল এদিন ৰিয়ান দাই। মোৰ গল্পৰ প্ৰিয় নায়ক পলাশ। যেনেকৈ সুৰজ বৰজাত্যৰ নায়কৰ নাম প্ৰেম¸ ময়ো পলাশৰ মাজত বিচাৰি পাও নিজক। দুৰ্বাৰ প্ৰেমিক মই। যদিওবা মোৰ প্ৰেম মৰহা ফুল।
ৰিয়ান দাক ভাল লাগে। ধেমেলীয়া মানুহটোৰ পাণ্ডিত্যত মুগ্ধ হও মই। মোৰ যদি এজন দাদা থাকিল হেতেন! আফচোচ হয় মোৰ। যেন তেনেই আপোন ৰিয়ান দা।
: তোমাৰ প্ৰতিভা আছে¸ অযথা বিতৰ্কত নোসোমাবা।- গভীৰ আত্মীয়তাৰে কোৱা কথাখিনি বুকু ফুলি উঠে মোৰ। মই হেনো শব্দৰ যাদুকৰ! গৌৰবী হৈ পৰো। ৰিয়ানদাৰ দৰে মানুহৰ স্পৰ্ষত থাকিলে দুখবোৰ গৌণ হৈ পৰে।
: জানা পলাশ¸ শান্তনু চাংমাইক বচ বুলি সম্বোধন কৰো মই। তেওঁৰ প্ৰতি এক সঁচা আন্তৰিকতা আছে বাবে তেওঁক বচ কওঁ। অথচ তেও মোতকৈ তিনি বছৰে সৰু। এটা গল্প পঢ়িয়ে তেওৰ ফেন হৈ গৈছিলো মই। গল্পটো পঢ়ি সম্পূৰ্ণ নতুন ভৌতিক চৰিত্ৰৰ সৈতে চিনাকী হলো। মোৰ বোধেৰে অসমীয়া সাহিত্যত জম্বিৰ ধাৰণাটো প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনেই হৈছে তেও। মোৰ মনটোয়ে স্বতঃফূৰ্তভাৱে কৈ উঠিছিলঃ 'হেটছ অফ বচ।' এয়াই মই তেওঁক বচ বুলি মতাৰ আঁৰৰ সঠিক কাহিনী।- কি কম মই! ৰিয়ানদাৰ মনটোক বুজি ভাল লাগে মোৰ। ইমান অনুভবী তেও। যেন বহুদিনৰ মুৰত সচা মানুহ এজনক লগ পাইছো। ৰিয়ানদাই লিখিছিল সান্তুনুদাক লগ পোৱা সমষ্ট ঘটনা। ফেচবুকৰ ষ্টেটাছটো সকলোৱে দেখিছিল।
: আমি দোস্ত হয় না। দোস্তক সন্মান নকৰে অ’।- কৈ উঠে চেংমাইদাই। হয়তো বন্ধুৰ প্ৰসংশাৰ উত্তৰ বিচাৰি নাপাই তেও।
: ৰং বছ! উই চুড ৰেচপেক্ট অল দা ৰিলেচনচ্! আন্তৰিকতা আৰু সন্মান দুয়োটাই নিজ নিজ ক্ষেত্ৰত স্বকীয়তা বহন কৰে চাগে।- কৈ উঠে ৰিয়ান দাই। কমেন্টবোৰ পঢ়ো মই।
: ভাই, মোৰ নামতো কোনোবাই পজিটিভ ষ্টেটাছ দিব পাৰে যে, সেইটোৱেই চব্বতকৈ আচৰিত কথা। তামাম গিফট দিলা। এতিয়া মৰাৰ আগতে তোমাক এবাৰ লগ পামেই। - হয়তো আবেগিক হৈ পৰে চেংকাই
অনলাইন আছো আমি। কোনে কব এই দুজন মানুহে আজিলৈ আনজনক দেখা নাই! কিমান কৃতজ্ঞ হলে¸ বিশ্বসী হলে এজন অচিনাকী মানুহে আনজনক আকোৱালি লব পাৰে। চেংকাৰ ওচৰত কৃতজ্ঞ মই¸ মোৰ সাধাৰণ জন্মদিনটো অসাধাৰণ কৰি তুলিছিল। বাৰ বাজি তিনি মিনিটত ৰাতিয়েই ৰিয়ানদাই উইচ কৰিছিল। এইজাক মানুহে নতুনকৈ শিকাইছে মোক বন্ধুত্ব কি!
অথচ ভাতৃজ্ঞান কৰা মোৰ অন্তৰংগ বন্ধুৱেই চুকত থাকি বুকুত লঠিয়াইছিল।
: মোৰ হাতত বিশখন দুহেজাৰ টকীয়া নোট আছে। উজানবজাৰ ঘাটলৈ মাছ কিনিবলৈ গৈছিলো। কাৰণ ঘৰলৈ দিল্লীৰ পৰা আলহী আহিছে| মাছ দুই কিলো কিনি উভতি আহোঁতে দেখিলো যে ওঠৰখন হে দুহেজাৰটকীয়া বাকী আছে|
এতিয়াগোটেই দিনটো সেই হেৰাই যোৱা টকাকে লৈ উচুপি থাকিম নেকি বেং! তাতকৈ বাকী পইচাৰে এনজয় কৰিম। - এয়াই চেংকাই। চব কথাই পজিটিভলি চিন্তা কৰে। হতাশাই যেন চুব নোৱাৰে মানুহটোক। এঘাৰ মহীয়া সমৃদ্ধি আৰু বৌক সাবতি তেওৰ পৃথিবী।
: সমৃদ্ধি দেখাতহে ঠাণ্ডা দিনত। নিশা হ'ল বুলিলেই বেটেৰী অন!- মৰমলগা কণমানি সমৃদ্ধিৰ কথা কৈ ভাল পাই তেও।
ৰিয়ান্দাৰ ষ্টেটাছত ইতমধ্যে কমেন্টৰ বৰষুণ আহিছে। এডভাঞ্চ বাৰ্থডে উইচেৰে উপচাই দিছে চেংকাইক।
ভাবিলো মই-
: কমেন্ট একো নকৰো। চাৰপ্ৰাইজ দিম। কাক দিম নকও। - টাইপ কৰো মই। কাইলৈ সান্তনুদাৰ জন্মদিন। কি চাৰপ্ৰাইজ দিম। জাবৰ লেখক মই। নিজৰ দাদা এজন থকা হেতেন এনে বয়সৰে হলহেতেন। ৰিয়ানদা আৰু সান্তনুদা চবকে নিজৰ দাদা যেনেই লাগে। । ব্ৰাডাৰ ফ্ৰম এনাডাৰ মাডাৰ। ভাবিছো চেংকাইকো নিজৰ দাদাই পাতি লম। মৰমবোৰ বিলাই দিয়াত কি ক্ষতি। সমৃদ্ধি আৰু মৰম মোৰোতো হব পাৰে মৰমৰ ভতিজী। মানুহৰ আত্মাৰ সম্পৰ্কটোহে ডাঙৰ। মই মাথো মৰমহে বিচাৰো।।
( ওপজা দিনৰ অশেষ শুভকামনাৰে চেংকাইলৈ)

নীলনয়নী তোমাৰ বাবে…

Unknown

: চাল্লা আজিহে বাইকৰ চেইনদাল চিগি থাকিব পাৰেনে! - ভোৰভোৰাই উঠিল কাব্য। অফিচত কনফাৰেঞ্চ আছে আজি হোটেল অশোকাত। হেড অফিচৰ পৰা কেইবাজনো ডাঙৰ মুৰব্বী আহিব। আজিৰ মিটিংখন ইম্পোৰ্টেন্ট তাৰ বাবে। প্ৰমোচনৰ কথা আছে। গোস্বামীদাই দড়াই দড়াই কৈছে তাক যাতে চাৰে ন বজাৰ আগত গৈ পায়। চাৰে দহটাৰ পৰা কনফাৰেঞ্চ। বাহিৰৰ বৰ্ডাৰ কেইজন ওচৰৰ হোটেলতে আছে। ফাৰ্মাটিউকেল কোম্পানীটোৰ এৰিয়া মেনেজাৰ সি। গোস্বামীদা ৰিজিয়নেল মেনেজাৰ। বৰ ভাল মানুহজন। তাক ভায়েকৰ দৰে মৰম কৰে। হাতীগাওত থাকে গোস্বামীদা। দহ বছৰীয়া লৰা এটা আছে তেওৰ।
: ক্ৰিং ক্ৰিং …। ফোনটো বাজি উঠিল তাৰ।
: গুডমৰ্নিং গোস্বামীদা। - কলটো ৰিচিভ কৰি কৈ উঠে সি।
: গুডমৰ্নিং। কাব্য ওলাইছানে তুমি? -সোধে গোস্বামীদাই।
: গোস্বামীদা¸ প্ৰব্লেম এটা হল। মোৰ বাইকৰ চেইনডাল চিঙি থাকিল। - কও নকওকৈ কৈ উঠে সি।
: অহ¸ ইটচ্ চো বেড। কাব্য আজি আৰু বাইক ভাল কৰাৰ কথা বাদ দিয়া¸ এতিয়াই চিটি বাছতে আহি যোৱা। দেৰি নকৰিবা।- চিন্তাক্লিষ্ট হৈ পৰে তেও।
: হব দাদা। মই ওলাৱেই এতিয়া। -কৈ উঠে সি। ফোনকলটো সময় চালে সি¸ আঠ বাজি গল। অহ¸ কিযে হব!
প্ৰেজেন্টেচনখিনি লেপটপটোত শেষবাৰৰ বাবে চাই ৰুমৰ পৰা ওলাল সি।
: কাব্য¸ অফিচ যাব ওলালা।
: উম¸ ওলালো দিয়া। - শশাংকক কৈ উঠে সি। শশাংকহতৰ ঘৰতে ভাৰা থাকে কাব্য। গুৱাহাটীত ভাল ভাৰাঘৰ বিচাৰি পোৱা মুস্কিল। এদিন ননদায়েই বিচাৰি দিছিল ঘৰটো। ফেচবুকৰ গোট এটাত শশাংকক পাইছিল যদিও সিমান টামচ্ নাছিল। এতিয়া সিহতৰ ঘৰতে থাকি বুজি পাইছে¸ শশাংক ঠাণ্ডা মগজুৰ মৰমলগা লৰা। সিহতৰ ঘৰখনেও তাক মৰম কৰে। সিহতৰ ঘৰৰ নিচিনাই হৈছে সি। মাথো ভাৰাখিনিতহে পাৰ্থক্য।
: শশাংক¸ বাইকৰ চেইনদাল চিঙি থাকিল। ইফালে কনফাৰেঞ্চ আছে।
: অহ¸ বৰ অসুবিধা হল দেখোন। - তাৰ কথা শুনি কৈ উঠে শশাংকই।
: নকবা আৰু। তোমাৰ অফিচ।
: যাম আৰু ভাতকেইটা খাই।
: অ’ দেৰি নকৰো হা¸ চিটি বাছৰ কথা। - কৈয়ে যাবলৈ ওলাই সি।
: অ’ যোৱা। -শশাংকই কৈ উঠে। কাব্যই দেখিছিল শশাংকৰ মাক খুড়ীদেউ ওলাই আহিছিল। নেদেখা ভাও জুৰিয়ে ওলাই আহে সি। মাত দিলে আকৌ দেৰি হব।
: চেহ: লগাৰ সময়ত বাছ নাহেই। - খং উঠি আহে কাব্যৰ। দহ মিনিট হল¸ এখন বাছৰো দেখাদেখি নাই। অটো এখন অহা হলেও। বন্দনাৰ ওচৰৰ বাছষ্টেণ্ডটোত ৰৈ আছে সি। আৰু কেইজনমান মানুহ ৰৈ আছে। বাৰে বাৰে হাতৰ ঘড়ীলৈ চাইচে সি।
: চানমাৰী¸ কাছাৰী¸ শিলপুখুৰী…এই খালীগাড়ী খালীগাড়ী। - চিটিবাছ এখন ৰয়হি। দৌৰাদৌৰিকৈ মানুহবোৰ উঠিল। সাতগাওৰ পৰা অহা বাছখনত চিট কেইটামান খালি আছিল। খিৰিকিৰ কাষৰ চিট এটাপাই বহি পৰিল কাব্য। বহু দেৰি হৈছে ইতিমধ্যে। আঠ পইচল্লিছ হৈ গল। উচপিছ লাগে তাৰ।
: ভাইটি¸ এইফালে আহিবা নেকি?- বয়সীয়াল মানুহজনৰ কথাত নিজৰ চিটতো সলনি কৰে সি। দেউতাকৰ বয়সীয়া মানুহজনক না কবলৈ টান পাই সি। চিটিবাছৰ যাত্ৰা এনেয়েও বৰ বিৰক্তিকৰ তাৰ। পান জপাদি মানুহবোৰ উঠাব আৰু ৰখাই ৰখাই যাব। খং উঠে তাৰ। এনেবোৰ বিৰক্তিৰ বাবেই বাইকখনৰ প্ৰয়োজন তাৰ। ১৮০ পালচাৰখন কিনা দুবছৰেই হল। অফিজত জইন কৰাৰ কেইমাহমান পিছতেই কিনিছিল অসুবিধাৰ বাবে।
: চেহ: গৈ পালেই হয় সময়ত…।- মুখৰ ভিতৰতে ভোৰভোৰাই উঠে সি।
ছোৱালীজনী বাছখনত হয়তো অনুৰাধাৰ ষ্টপেজটোত উঠিছিল । পুতলা পুতলা যেন লগা মৰমলগা গাভৰু ছোৱালী এজনী। নাচাও বুলি ভাবিও চালে সি। তাৰ চিটৰ এটা চিট আগত লেডিজ চিটত বহি আছে তাই। তাইৰ গাৰ পৰা সুগন্ধি চেন্টটো আহি তাৰ নাকত লাগিছে। ফগ নে ডিঅ বুজিবলৈ চেষ্টা কৰে সি। বয়স বৰ বেছি বাইছ¸ তেইছৰ বেছি নহব! তাৰো নো কিমান! সাতাইশ বছৰহে! এইটো বয়সত ছোৱালী নাচালে কেতিয়া চাব! ওঠৰ কোণত হাঁহি ফুটি উঠে তাৰ। জিনচ্ টপ পৰিহিত ছোৱালীজনীৰ মেকআপ নোহোৱা মুখখনত আছিল আছৰিত ধৰণৰ আকুলতা । চায়েই থাকে সি তাইক বাৰে বাৰে...! তাৰ ঠিক কাষৰ লেডিজ চিটৰ মহিলাগৰাকীয়ে জেংখৰিৰ দৰে চুলিৰ মাজেৰে তাৰ চকুৱে চকুৱে পৰিল..! ভীষণ লাজ লাগিল তাৰ! ছোৱালীজনীক চাই থকাটো চকুত পৰিছে লোকৰ। এবাৰ মানুহবোৰলৈ চকু ফুৰালে সি। নাই কোনেও তাক লক্ষ্য কৰি থকা নাই। আকৌ তাইলৈ চালে সি। তায়ো যেন উচপিচাই উঠিছে। বোধকৰো তাইৰো লৰালৰি হৈছে তাৰ দৰে। কলৈবা যাব তাই। কিবা যেন মৰম লাগি যাই তাৰ। তাইৰ নাম বা কি! শুধিবলৈ মন যায় তাৰ। ইতিমধ্যে গাড়ীখন গুৱাহাটী ক্লাব পালেহি। এজাক মানুহৰ লগত তায়ো নামি গল। বেয়া লাগি গল মনটো। তাইৰ পিছে পিছে নামি যাব মন যায় কাব্যৰ। খিৰিকিৰে তাই যোৱাৰ ফালে চাই ৰয় সি।
ইতিমধ্যে গোস্বামীদা আহি হাজিৰ। নিজৰ ৱাগনৰখনত তাতকৈ আগতে আহি পাইহি তেও।
: ছৰী ছৰী গোস্বামীদা। অলপ লেট হল। - কৈ উঠে সি।
: একো নাই। ঠিক টাইমতে পাইছা। - হাতৰ ঘড়ীটোলৈ চাই কৈ উঠে তেও। ভালেৰেই পাৰ হল দিনটো। তাৰ প্ৰেজেন্টেচনত সকলো খুচ।
: একচেলেন্ট মি: কাব্যম। গোস্বামী¸ ইউ হেভ এ গ্ৰেট টিম।- জেনেৰেল মেনেজাৰ মুখাৰ্জী চাৰে কৈ উঠে।
: ঠেংকিউ চাৰ।
: মাই প্লেজাৰ চাৰ। -কৈ উঠে সি। মনটো ভাল লাগি যায় কাব্যৰ। ভয় লাগি আছিল তাৰ।
আজিকালি যেন মনটো উৰুঙা উৰুঙা লাগে কাব্যৰ। সিদিনা বাছত দেখা ছোৱালী জনীলৈ মনত পৰে তাৰ। বহুবাৰ মনলৈ আহি থকা মৰমলগা মুখখন এতিয়া বহুসময়ৰ পাছত হঠাতে মনত পৰিল... প্ৰেমতে পৰিলে নেকি। কি হল তাৰ! হাঁহি উঠে তাৰ নিজৰ ওপৰত। বাছত দেখা ছোৱালী এজনীৰ প্ৰতি ইমান আকৰ্ষণ কিয়!
কেইদিনমান গৈছিল। চাৰ্ট এটা কিনো বুলি সন্ধিয়া চেন্ট্ৰেল মল পালে সি। ফৰ্মেল চাৰ্ট নোহোৱা হৈছে। বাইকখন পাৰ্ক কৰি সোমাই গল সি।
: হাই কাব্যম। - কাৰোবাৰ চিঞৰ শুনি উভতি চালে সি। জিতুই অলপ দুৰৰ পৰা হাত জোকাৰিছে! তিনিমাহ আগতে চিনাকী হৈছিল তাৰ লগত।
: হাই। - সিয়ো হাত জোকাৰে। কাষচাপি আহিল সি। লগত আন এটা লৰা।
: কি খবৰ তোমাৰ। - জিতুই সোধে তাক
: ভালেই। তোমাৰ?
: আছো দিয়া। ফুৰিব আহিছিলো। আগতে অহা নাছিলো ইয়াতে। বৰ দামহে। আমাৰ বাবে নহয়হে। হাঁহি উঠিল সি। কাব্যয়ো হাঁহি দিলে। লগৰ সেইজন লৰায়ো।
: অহ¸ ইয়াৰ লগত চিনাকী কৰি দিয়াই নাই নহয়! ই মনজিত। মনজিত ই কাব্য। আমাৰ গাজাৰীতো আছে।
: হেল্লো। মই নতুনকৈ জইন কৰিছো গ্ৰুপটোত চবকে ভালকৈ চিনি নাপাও।- তাৰ লগত হেণ্ডচেক কৰোতে কৈ উঠে মনজিতে।
: লগ পাই থাকিম।- কৈ উঠে সি।
: দোষ্ট দেৰি নকৰো। এঠাইত যাব লগা আছে। হেপ্পি শ্বপিং। - হাঁহি মাৰি কয় জিতুৱে। যাবলৈ ওলাল সিহঁত।
: বাই। - সিহঁতক বিদায় দি চাৰ্টৰ কাউন্টাৰটোলৈ গল সি। বাৰশটকাত টাৰ্টলৰ চাৰ্ট এটা কিনিলে। কাপোৰবোৰ ভালেই¸ মাথো দামহে বেছি ইয়াত। কলকটাত থাকোতে বহু কমতে পাইছিল সি। নতুনকৈ গুৱাহাটীত খোপনি পুটি ঠিকছে লুটিছে কোম্পানীবোৰে। হথাতে তাইক দেখি চমকি উঠিল সি। কব নোৱাৰাকৈয়ে জন প্লেয়াৰ্ছৰ কাউন্টাৰটোলৈ সোমাই গল সি। পেন্ট কিনাৰ প্লেন নাছিলেই তাৰ।
: স্কীউজ মি চাৰ¸ কি চাব কওকচোন।- তাইৰ মাতটো শুনি উচপখাই উঠে সি। কিমান সময় তাইৰ মুখলৈ চাই আছিল সি নাজানে। তাই চাগে ভাবিছে কেনেকুৱা কাষ্টমাৰ এইজন। লাজ লাগে তাৰ।
: অহ¸ থাৰ্টি ফোৰ¸ লাইট ব্লু ডেনিম চাও। - কি কৈ উঠে নিজেই ধৰিব নোৱাৰে সি। এজাপ কাপোৰ উলিয়াই দিছে তাই। লগৰ চেলচৰ লৰাটোৱে পেন্টবোৰ দেখুৱাইছে। এটাৰ পিছত এটা চাই আছে সি। পচন্দ কৰিবহে পৰা নাই। তাই চাগে বিৰক্ত হৈছে। অন্য এজন কাষ্টমাৰৰ কথা পাতিছে তাই। জিনচ এটা চিলেক্ট কৰি ওঠৰশ টকাৰে কিনিলে সি। অনিশ্চা স্বত্তেও ওলাই আহে ষ্টলখনৰ পৰা। আহিবৰ সময়ত তাইলৈ ঘুৰি চালে সি¸ তাই তলমুৰহৈ কাম কৰি আছে।
ওৰে বাটে তাইৰ কথাই ভাবি আহে সি। ওঠৰশটকা খৰচ হোৱাত তাৰ মনটো বেয়া লাগে¸ পিছমুহুৰ্ততে তাইৰ ঠিকনা এটা পাই মনটো ভাল লাগি যায় তাৰ। হেলমেটৰ ভিতৰৰ পৰাই ফুৰ্তিতে সুহুৰিয়াই উঠে সি।
আজিকালি প্ৰায়েই সি যায় চেন্ট্ৰেল মনলৈ। মনটোৱে বৰকৈ তাইলৈ মনত পৰি থাকে। এয়াই বাৰু প্ৰেম নেকি! অনাহকত খৰচ হোৱা টকাকেইটালৈ মোহ নালাগে তাৰ।
: নাম কি তোমাৰ? - সোধো নোসোধোকৈ সুধি দিয়ে সি।
: নিৰ্মালি। - অলপ পৰ তাৰ মুখলৈ চাই কৈ উঠে সি।
: উপাধি কি লিখা
: কিয়??
: না¸ এনেয়ে সুধিছো।
: শইকীয়া। - কৈ উঠে তাই। ভাল লাগি গল কাব্যৰ। তাইৰ চাগে ফেচবুক থাকিব। ফাইভ ইঞ্চিৰ তাইৰ স্মাৰ্টফোনটো দেখিছে সি।
কি ভাবি তাই তাৰ ৰিকুৱেষ্ট একচেপ্ত কৰে ভাবি নাপাই সি। সাধাৰণ দুই এটা বাৰ্তালাপৰ পিছত হিয়া উজাৰি মেচেজ এটা লিখে সি। না তাইৰ একো ৰিপ্লাই নাই। দুদিন হল। না তাই তাক আনফ্ৰেন্ড কৰিছে¸ না ব্লক¸ না মেচেজ। অসহ্য লাগে তাৰ। ভাল লগা বুলি কওতেই এনে কৰিব লাগেনে।
টুৰিজিম মেনেজমেন্টৰ কোৰ্চ কৰি আছে তাই ইগনুৰ পৰা। অনুৰাধাৰ ওচৰত পেয়িংগেষ্ট থাকে তাই। যোৰহাটৰ ছোৱালী। তাৰ ঘৰো উজনিতে। কাব্যই ভাবি নাপাই সি বাৰু ভুল কৰিছে নেকি?
: অই কাব্যম¸ মিটিঙলৈ আহিবানে ত্ৰিশ তাৰিখে। - পুলকিতাই ফোন কৰে তালৈ। নতুনকৈ চিনাকী হৈছে তাৰ লগত। চব ফেচবুকৰ ফ্ৰেন্ড। গাজাৰী ডট কম নামৰ সিহতৰ ফেচবুকৰ গোটটোৰ পঞ্চদশ জন্মবাৰ্ষিকী। সান্তনুদা¸ ননদাহতে ধুনীয়াকৈ ৰাখিছে গোটতো। অসমীয়া ৰসাল সাহিত্যত যেন নতুন ইতিহাস ৰচিবলৈ গৈ আছে গোটটোৱে।
: চাও ৰবাচোন। অসুবিধা নহলে নিশ্চয় যাম।-কৈ উঠে সি।
: আহিবাহে ভাল লাগিব। নাহিলে বৌম পিতিম। - হাঁহি উঠে দুয়ো। অলপ পৰ নিৰবতা।
: পুলকিতা¸ হেল্প এটা লাগিছিল। - হথাতে কৈ উঠে সি।
: কোৱাচোন।- নিৰ্মালীৰ কথাবোৰ কৈ উঠে সি।
: অ’ তাৰমানে আমাৰ কাবিতা কাব্য প্ৰেমত পৰিছে। হব দিয়া¸ কাইলৈয়ে তাইক লগ কৰিম। - কৈ উঠে তাই।
: থেংকিউ পুলক ইটা¸ থেংকিউ। -কেতিয়াবা পুলকিতা পুলক ইতা বুলি মাতে সি।
: কাব্যম¸ মম’ খুৱাব লাগিব কিন্তু। - হাঁহি হাঁহি কৈ উঠে তাই।
: অক্কে¸ কিমান খাবানো। যিমান খোৱা খুৱাম।- সিয়ো হাঁহি হাঁহি কৈ উঠে।
: ঠিক আছে¸ বাই।- ফোনটো ৰাখে তাই।
মনটো অলপ ফৰকাল লাগে কাব্যৰ। পুলকিতাই নিশ্চয় তাইক বুজাব পাৰিব।
নীলনয়নী¸ তোমাক ভালপাও এসাগৰ ভালপাও। - চাগে শশাংকই গান শুনিছে। সি একাত্ম হৈ পৰে।

অ’ ফুল অ’ ফুল নুফুল কিয়

Unknown

: খালীগাড়ী খালীগাড়ী¸ আদাবাৰী জালুকবাৰী…। আহক দাদা আহক¸ আহক বাইদেউ। - সৰু পোৱালিটোৱে মানুহবোৰ মাতি উঠাই আছে। মিৰ্জা ষ্টেণ্ডত আগৰ পৰাই মেক্সিমো এখন ৰৈ আছিল। আমাৰ মেজিকখন দেখি মানুহজনে মেক্সিমোত নুঠি আগুৱাই আহিল। অলপ আহল-বহল মেজিকখন। গৰমত মেক্সিমোত বাকচত সোমোৱাৰ দৰে লাগে। পৰাপক্ষত গৰমৰ দিনকেইটাত ওচৰৰ জেগাত ময়ো মেজিকতে উঠো। ড্ৰাইভাৰৰ কাষৰ চিটটো পালে আৰু মজা। চানমাৰিলৈ যাম। বাইক চলাই চলাই আজিকালি পাব্লিক গাড়ীত উঠিবলৈ আমনিয়ে পোৱা হৈছো। ইমান ৰৈ ৰৈ যায়। নতুন বাইকখন ভাইটিয়েই চলাই। পুৰণিখন অলপ বেয়া হৈ গেৰেজত আছে। আমনি লাগিছে চলাই চলাই¸ ভি চিৰিজৰে বাইক। বহুত পুৰণি। পুজালৈকে এইখন বেচি নতুন এখন লব মন আছিল। ভাইটিয়ে আকৌ বাইক কিনাৰ পক্ষপাতী নহয়। পাৰিলে চাৰিচকীয়া এখনহে লব বোলে। কথাটো ময়ো নভবা নহয়। গাড়ী এখনৰ প্ৰয়োজন হৈছেই।
: ঐ (অশ্লীল)¸ পেচেঞ্জাৰ কিয় কাঢ়ি আছা? - মেক্সিমোৰ হেন্দিমেনটোৱে ভৰি দাঙি আমাৰ গাড়ীৰ পোৱালি হেন্দিমেনটোক গুৰিয়াবলৈ খেদি আহিল। তাৰ গাড়ীত উঠিব খোজা পেচেঞ্জাৰজন আমাৰ গাড়ীত উঠাত তাৰ খং।
: কত পেচেঞ্জাৰ কাঢ়িলো। - অলপ পিছুৱাই আহিল পোৱালিটো।
: ঐ ঐ কি হৈছে তোৰ। দাদাগিৰি নেকি? - আমাৰ গাড়ীৰ ড্ৰাইভাৰটোৱে মেক্সিমোৰ হেন্দিমেনজনক ডবিয়াই উঠিল।
: ঐ ভাইটি¸ যাব দিয়াহে। - পিছপিনৰ পৰা কোনোবা এজনে চিঞৰি উঠিল। ইতিমধ্যে পেচেঞ্জাৰ ফুল হৈ উঠিছে। আমাৰ গাড়ীখনে গতি ললে। মেক্সিমোৰ ড্ৰাইভাৰটোৱে এতিয়াও ভোৰভোৰাই আছে। গাড়ীখনৰ পাওদানিত থিয় হৈ এখন হাতেৰে ধৰি ওলমি গৈ আছে পোৱালিটো।
চলন্ত মেজিকৰ পাওদানিত থিয় হৈ সৰু লৰাটোৱে ভাড়াবোৰ উঠাই আছে। ভৰিৰ পৰা মুৰলৈ ভালকৈ চালো তাক। এটা লেতেৰা পেন্ট আৰু জোখতকৈ ডাঙৰ ফটা চাৰ্ট এটা। বোধকৰো গেঞ্জী নিপিন্ধা বাবে বুটাম চিঙা বুকুখন ওলাই পৰিছে। বেল্ট নমৰা বাবে পেন্টতো বাৰেবাৰে তললৈ নামি গৈছে। এখন হাতেৰে আকৌ উপৰলৈ টানি আনিছে। তাৰ বয়স বৰ বেছি বাৰ বা তেৰ বছৰ হব। দুমাহমান নকটা জোপোৰা চুলিৰে তাক অদ্ভুত লাগিছে। শুকান¸ ৰুক্ষ চালৰ মুখখনিত দাৰিদ্ৰতা বিদ্যমান। কিয় জানো এনেবোৰ পৰিস্হিতত এনে লৰা-ছোৱালীবোৰক মনোযোগেৰে চাও। মনটো কিবা গধুৰ হৈ পৰে।
ওচৰৰ যাত্ৰীবোৰে নিজৰ ভাবত ব্যস্ত।
: আৰু তিনি টকা দিয়ক।- নামি যোৱা তিৰোতাজনীৰ পৰা আদায় কৰে সি।সহযাত্ৰী আদাবাৰীলৈ যাব¸ বোধহয় ছয়গাওৰ পৰা আহিছে। পঞ্চাশটকীয়া খনৰ ত্ৰিশটকা ৰাখি বিশটকা ঘুৰাই দিলে।
: ঐ কি ৰাখিলি। আৰু পাচটকা দে।
: খুড়া ত্ৰিশটকা ভাড়া।
: ঐ কি যা তা কৈ আছা। সদায় গৈ থাকো। পঁশিচটকাই দিও¸ আজি আকৌ কিয় দিম বেছিকৈ।- জকজকাই উঠিল মানুহজন। প্ৰায় পঞ্চাশ পঁচপন্ন বছৰীয়া মানুহজন। দেখাত সম্ভ্ৰান্ত ঘৰৰ যেন লাগে। বোধহয় চৰকাৰী চাকৰীয়াল।
: খুড়া ছয়গাঁওৰ পৰা ত্ৰিশ টকাই হয়। - সেমেনা সেমেনী কৰি আছিল সি। কৈ উঠিল ড্ৰাইভাৰ জনে। এইবাৰ মানুহজন মনে মনে থাকিল।
: দেখিছানে ভাইটি¸ পেট্ৰলৰ দাম বাঢ়িলে ভাৰা বেছিকৈ লয় কিন্তু দাম কমিলে ভাড়া নকমাই। - মানুহজনৰ কথাত যুক্তি আছে। কিন্তু এই গৰমত পেচেঞ্জাৰ গাড়ীত পেকপেকাই যাবলৈ মই ভাল নাপাও। তাৰ সলনি নিজৰ ভাববোৰেই পাগুলি থাকিম। ৰাষ্টাৰে যোৱা ধুনীয়া ছোৱালীবোৰ চাই থাকিম। খুড়াজনে ইতিমধ্যে মোৰ মুখলৈ চাই আছে। হাঁহি এটা মাৰি মুৰ দুপিয়ালো। বেছি সঁহাৰি নাপায় তেও মনেমনে থাকিল। মোৰ সমুখৰ চিটত দুজনী কলেজীয়া ছোৱালী। অসম্ভব নহলেও ধুনীয়া বুলি কব পাৰি। মোৰ সৰু ভাইটিৰ বয়সৰ। মোৰ ভন্টিৰ নিচিনাকৈয়ে মৰম লাগিছে সিহঁতক। ডিকে কলেজৰ ইউনিফৰ্ম যোৰত সুন্দৰ লাগিছে। এবাৰ সিহঁতৰ মুখলৈ চাও বুলিও চাবলৈ লাজ লাগিছে। কিবা ভাবে। আজিকালি সেয়াই সমষ্যা বহুক্ষেত্ৰত কৃটিম গাম্ভীৰ্য বজাই শিশু যেন মনটোত দবাই ৰাখিব লাগে।
: ফাইন আছে আগত। - হেন্দিমেন পোৱালিটোৱে চিঞৰি উঠিল। এনেয়ে দুজন মানুহ দেখিলেই যতে ততে ৰাখে মেজিক গাড়ীবোৰ। মানুহ কেইজনমান ৰৈ আছিল। গাড়ীখন নৰখাকৈয়ে আগবাঢ়ে। ট্ৰেফিক ভানখন ৰৈ আছে আগত।
: উঠাব পাৰিলে ভাল আছিল। - কৈ উঠিল ড্ৰাইভাৰটোৱে। আমাৰ বয়সৰে লৰাজন। চাগে সিয়েই গাড়ীৰ মালিক।
: ঐ আপা¸ ভিতৰত সোমাই যা।- হথাতে চিঞৰি উঠিল ড্ৰাইভাৰে। সমুখত চেকিং আছে। লংকেশ্বৰত চি আৰ পিৰ চেকপোষ্ট। হেন্দিমেন পোৱালিটোক তেনেকৈ ওলমি যোৱা দেখিলে¸ নিৰ্ঘাট গাড়ী ৰখাব। বান্দৰৰ দৰে বগুৱা বাই চলন্ত গাড়ীৰ দৰ্জাখন খুলি ভিতৰ সোমাল সি। আমাৰ চিটটোত চিট এটা খালি আছিল। ৰাণীচ’কত লৰাজন নামিন গৈছিল। ইউনিভাৰ্চিটি গৈ থকা ছোৱালীজনীৰ কাষতে বহি দিলে সি। তাই উচপিচাই উঠিল। চাগে লেতেৰা পোৱালিটো তাইৰ ওচৰত বহাত তাইৰ খং উঠিছে।
: দাদা¸ গাড়ী ইউনিভাৰ্চিটি হৈ যাবনে? - অলপদুৰ যোৱাৰ পিছত কৈ উঠিল তাই। নতুনকৈ বাইপাছটো হোৱাৰ পিছত গাড়ীবোৰ সেইটো ৰাষ্টাৰে চাই। জালুকবাৰী চ’কৰ পৰা ভালেখিনি পিছুৱাই আহিব লাগে ইউনিভাৰ্চিটিলৈ। বহুত ভাল হৈছে এতিয়া আগতকৈ। অলপ মুকলিমুৰীয়া হৈছে ইউনিভাৰ্চিটিখন।
: ইনিভাৰ্চিটি হৈ যাবি। - চিঞৰি উঠে পোৱালি লৰাটো। গাড়ীখন সেইপিনেই পোনাইছে। ইতিমধ্যে সৰহখিনি মানুহেই নামি পৰিছে। আমি তিনিজনহে আছো আদাবাৰী যাব লগা। পোৱালিটো আহি আকৌ ভিতৰত বহিল। মোৰ ভাড়া দিয়া নাছিলো। এশটকীয়াখন উলিয়াই দিলো। পঁশিচ টকা ৰাখি বাকীখিনি ঘুৰাই দিলো।
: নাম কি তোমাৰ? - মোৰ মুখলৈ আচৰিত হৈ চালে সি। তাক তুমি বুলি মতাত সি চাগে মোক বেলেগ গ্ৰহৰ প্ৰাণী বুলি ভাবিলে!
: বিজয়। - অলপপৰ ৰৈ কৈ উঠিল সি।
: পাইলট ইয়াৰ বয়স কিমান হলনো!
: হব দাদা তেৰবছৰমান। যদিও মোৰ বয়স বেছি নহয়¸ চাগে মিহিকৈ ৰখা মোচখিনিৰ বাবেই বহুতে দাদা বুলি মাতে।
: আপুনি জানেনে¸ ইমান কম বয়সৰ লৰাক কামত লগোৱাতো অপৰাধ।- কৈ উঠিলো মই। হয়তো পোৱালিৰ এই বয়সৰ জীবনতে জীবন সংগ্ৰামত মোৰ মনটোৱে হাঁহাকাৰ কৰি উঠিছে। তাৰ বয়সত আমি চাগে দুখ কি নুবুজাকৈয়ে ডাঙৰ হৈছো।
: কি কৰিব দাদা¸ বাপেকতো মদাহী। মস্ত বেমাৰী। ইয়াৰ তলত দুটা আছে আৰু। মাকে কাৰোবাৰ ঘৰত কাম কৰে আৰু ইয়াৰ দৰমহাৰে চলি আছে।
: উপাই নাই আৰু। - ড্ৰাইভাৰজনৰ কথা শুনি মনটো গধুৰ হৈ পৰিল। কবলৈ ভাষা একো নাই। ইতিমধ্যে আদাবাৰী আহি পাইছিল। নামি আহিলো। চানমাৰি যোৱাত বাছত উঠিবলে। পোৱালিয়ে চিঞৰি আছিল ছয়গাও¸ বিজয় নগৰ খালীগাড়ী খালীগাড়ী…।
ছয় নম্বৰৰ বাছখনত উঠি পোৱালিটোৰ কথাই ভাবি আছিলো। কেতিয়াবা কিছুমান কথাই মনটো গধুৰ কৰি তোলে। চাগে এদিন সিয়ো মদ খাং খাবলৈ লব। ড্ৰাইভাৰ হব। কৰবাৰ ছোৱালী এজনী পলুৱাই আনিব। এদিন তাৰ লৰা-ছোৱালী হব সিহঁতেও…।
লৰাটো মোতকৈ বয়সত অলপ ডাঙৰ। মোৰ লগতেই পঢ়িছিল। দুখীয়া ঘৰৰ লৰা¸ পঢ়াত কেঁচা। মেট্ৰিকত বেয়া কৰি পঢ়া এৰিলে। দেউতাকে দিন হাজিৰা কৰে। এদিন গাড়ীৰ হেন্দিমেন হল সি। দুমাহমান আগতে তাৰ গাড়ীতে উঠিছিলো। এতিয়া ড্ৰাইভাৰ হল সি। বহুত জোৰ কৰোতেও মোৰ ভাড়া নললে।
: বুজিছ পলাশ¸ আমাৰ জীবনবোৰ এনেকৈয়ে যাব অ’। নৰকৰ কীট আমি। টকাতো নায়েই¸ সন্মানো নাই। মানুহবোৰে আমাক পেলনীয়া জাবৰ বুলি ভাবে। - গভীৰ হতাশাৰে কৈ উঠিছিল সি।
: উপাই নাই ভাই। জীয়াই থাকিবলৈ সংগ্ৰামটো কৰিবই লাগিব। - কবলৈ বেছি ভাষা নাছিল মোৰ। তাৰ মুখৰ পৰা অহা মদৰ গোন্ধটো নাকত লাগিছিল। হয়তো সময় বাধ্য কৰিছিল।
এদিন তাক লগ পাইছিলো। অফিচৰ পৰা ঘৰলৈ আহি থাকোতে ছবছৰীয়া লৰাটো আৰু ঘৈনীয়েকৰ লগত খোজ কাঢ়ি আহি আছিল সি।
: কি অ’ ৰূপম¸ গোটেই পৰিয়াল একেলগে দেখোন। - বাইকখন ৰাখিছিলো। পঢ়ি থকা দিনতে শুনিছিলো সি ছোৱালী এজনী পলুৱাই অনা কথাটো।
: অ’ পলাশ¸ বাবাটোক এডমিচন দিলো অ’। আমিটো পঢ়িব নোৱাৰিলোৱে¸ চাওচোন কিমান পাৰো ইয়াক। - মৰমেৰে পুতেকৰ মুৰত হাত বুলাই কৈ উঠিছিল সি। অলপ আচৰিত হৈছিলো¸ আমাৰ অঞ্চলটোৰ দামী স্কুলখনত লৰাক কিমান ডাঙৰলৈকে পঢ়ুৱাব পাৰিব সন্দেহ আছিল। তথাপি মুগ্ধ হৈছিলো।
মোৰ বন্ধু এজন এন জি অ’ এটাত কাম কৰে। এনেকুৱা সৰু লৰা-ছোৱালীৰ শিক্ষাৰ বাবে কাম কৰে সিহঁতে। কিন্তু সম্পুৰ্ম সফল হব পৰা নাই।
: জান পলাশ¸ যেতিয়ালৈ সমাজখন সচেতন নহব¸ চৰকাৰে হওক বা আমিয়েই হওক বিশেষ কৰিব নোৱাৰো। যিমানবোৰ চৰকাৰী কৰ্মচাৰী আৰু বাকী লোক সকলে এদিনৰকৈ মজুৰিও মাহেতক দান কৰে এনেবোৰ বহুত শিশুৰ ভাল হব। - বৰ ডাঙৰ কথা কৈছিল সি। মোৰ ভাল লাগিছিল।
: দাদা কলৈ যাব। - তন্ময় হৈ ভাবি থাকোতে গমেই নাপালো কেতিয়া কনডাক্টৰজন ওচৰলৈ আহিছিল।
: চানমাৰি। - বিশটকীয়া খন দি কৈ উঠিলো। মনটো এতিয়াও মোৰ মেজিকখনতে আছিল। পোৱালিৰ চিঞৰটো কাণত ভাহি আছিল।
: এই বিজয় নগৰ¸ ছয়গাও…খালীগাড়ী…খালীগাড়ী…।
(অ’ ফুল অ’ ফুল নুফুল কিয়
কলিতে পুলি ভাঙি গলে মইনো ফুলিম কিয়!!)

ভাৰ্চুৱেল পৃথিবী

Unknown

অকলে থকা বৰিং টাইমখিনিত মোবাইলটোৱে সংগী আজিকালি। জয় হৌ আম্বানী বাবা। আজিকালি ব’ৰ হৈ নাথাকোওৱেই বেং। দহ টকাত দেইলী টেন জিবি¸ ইউ টিউব ভিডিঅ’ চাট ভিডিঅ’কল ফ্ৰী। মজা মজা। এনীহোৱেৰ এনিটাইম¸ কৰলো দুনিয়া মুঠ্ঠি মে।
ডক্টৰ চেম্বাৰত আহিছিলো। এপাল মানুহৰ পিছত মোৰ নম্বৰ। নো টেনচন ফেচবুক আছেতো¸ নহলে গেম। চাল্লা চাৰ্জ নাথাকিলেহে অলপ টেনচন থাকে। বাহিৰত ফাষ্টফুড খাই খাই অভাৰ গেচট্ৰিক। আজিকালি ভোকেই নালাগে। এচিডিটি হৈ বমিও কৰিছিলো কালি।।লুভীয়া মনটোৱে নামানেই নহয়। চাওমিনৰ সুস্বাদু গোন্ধতো নাকত লাগিলেই ভোক লাগি যায়। ঘৰততো কবই নালাগে দো মিনিটৱালা নুডলচ আছেই।
কিছুদিনৰ পৰা গাটো অলপ বেয়া লাগি থাকে। লিভাৰ ফাংচন টেষ্টৰ ৰিপৰ্টটো লৈ সোমাই গলো। ইটো নাখাবা সিটো নাখাবাৰ দীঘলীয়া ভাষণ এটা দি পঠিয়াই দিলে ডক্টৰে। চাল্লা ছমাহলৈ মাংস নোখেৱাকৈ কেনেকৈ থাকিম ৰে। ভাবি নাপাও শকত বাবেই¸ প্ৰতিবাৰেই ডক্টৰে মদ¸ভাং খোৱাৰ কথা কিয় সোধে। কাষলৈকো নাযাও দেখোন।
: ভাৰ্চুৱেল পৃথিবীৰ নহয় ৰিয়েল পৃথিবীৰ প্ৰডাক্ট মই। আই এম ফ্ৰম আউট অফ স্পেচ অৰ আউট অফ টাইম। হা: হা: আই এম চো কলড এ বৰিং ইমোচনেল ফুল!- দুয়োহাত আকাশৰ ফালে প্ৰসাৰিত কৰি এভাৰেষ্টৰ চুড়াত থিয় হৈ চিঞৰি কব মন যায় গোটেই পৃথিবীয়ে শুনাকৈ।
: আস যেতিয়া কান্দিব মন যায়¸ তোমালোকে কি কৰা? মই টিভি চাও¸ চিঞৰি চিঞৰি গান গাও। জোৰকৈ চকুদুটা মুদি দিউ। - মনৰ ভাববোৰ টাইপ কৰি আকৌ ৰিমোভ কৰো। কিপেইডত আঙুলিটোৱে টাইপ ৰিমোভৰ খেল খেলি থাকে।
ধেৎ চাল্লা আনৰ আগত চব উদঙাই দিব নোৱাৰিতো।
চাল্লা চকুপানী কেনেকৈ ওলাবি! লাজ লাগে বে¸ চলচলীয়া চকুৰে কেনেকৈ ওলাম
আনৰ আগত। লৰা মানুহে কান্দে নেকি! বিলৰ পাৰৰ মুকলি পথাৰখনলৈ গৈ বুকু ভাঙি যোৱাকৈ ফেকুৰীব মন যায়। চাল্লা শান্তি নাই কতো।
: বাবা¸ কত? কি কৰি আছ তই? কলৈ যাবি? - অনবৰতে চকুৰ সমুখতে ৰাখিব খোজে। নিজস্ব সময় নাপাৱেই।
বহুদিন কন্দা নাই। বুকুখন গধুৰ গধুৰ লাগি আছে। ৰাতি গাৰুত মুখখন গুজি কান্দিলেও দেখোন আমেজ পোৱা নাই। ভয় ভয় লাগিয়ে থাকে কোনোবাই শুনেই নেকি!
: ৰাতি তোৰ টোপনি ভাল নহল নেকি? - উখহি উঠা চকুহাল লুকুৱাব নোৱাৰো। অনিশ্চাস্বত্বেও এটা মিছা লুকুৱাবলৈ কও আন এটা মিছা।
: তুমি ভাবিছিলানে প্ৰথম প্ৰশ্নটো ৰিয়াণ্ডাই কৰিব বুলি? - মোৰ প্ৰিয় গোটটোৰ জেষ্ঠ তথা সক্ৰিয় সদষ্যৰ লাইভ অনলাইন ইন্টাৰভিউ চলি আছিল। আচলতে ফেবু গোট নকৈ ফেমেলি কলেহে ভাল লাগে। এ ভাৰ্চুৱেল ফেমিলি।
: প্ৰথম প্ৰশ্নটো কৰিবলৈ কিমান সময় খাপ পিটি বহি থাকিলো মইহে জানো। - হাঁহি হাঁহি কৈ উঠিল ৰিয়ানদাই।
: কেতিয়াও ভৱা নাছিলোঁ প্ৰভু। মেথাই কামেই কৰা নাই দুপৰীয়া পৰা। মেট্ৰিক পৰীক্ষা টাইপ ফীলিং। কৃষ্ণ। - হাঁহি হাঁহি উত্তৰ দিয়ে নয়নদাই। তেওৰ লাইভ ইন্টাৰভিউ আজি ফেচবুকৰ গোটটোত। যিটো গোটৰ তেয়ো এজন এডমিন। হাঁহি উঠে মোৰ। ভাৰ্চুৱেল পৃথিবীৰ ইমান আন্তৰিকতাত মুগ্ধ হও। চেংদা¸ মমবা¸ ডিম্পীবা¸ বিদ্যুৎদা¸ ৰাভুবা¸ পাৰভিচবা¸ অমৃতা¸ পুলকিতা¸ ৰাজশ্ৰী¸ ডলীবা¸ বিদিশাবা¸ জিতু¸ মাতালু¸ কিমানৰ নাম লম। সৰহ সংখ্যক লোককে স্বচক্ষু দেখা নাই মই। আনকি ফোনতো কথা পতা নাই। অথচ কিমান আন্তৰিকতা। আজি বহাগৰ প্ৰথম দিন। সন্ধিয়া অলপ ওলাই যোৱাৰ কথা আছিল। স্হানীয় বিহুতলীত মুকলি বিহু হোৱাৰ কথা আছিল। সচা কবলৈ গলে বিহুত হুচৰী বিহুগীতৰ বাবে আন ৰস লবলৈ মন নাযায় মোৰ। বাকী প্ৰোগামবোৰ দেখোন চায়েই থাকো টিভিত। কিন্তু বতৰটো অলপ গোমা সন্ধিয়াৰে পৰা। ধুমুহা বৰষুণত অনুষ্ঠান বাতিল। চেগা-চোৰোগাকৈ ফেবুত আছিলোৱেই। মৰমৰ গোটৰ লাইভ পঢ়ি আছো এতিয়া। হাঁহি উঠিছো¸ ভালো লাগিছো। বিহু হুচৰী চাব নোপোৱাৰ দুখটো যেন ক্ৰমশ: পাহৰি আহিছো। আঠ বাজিছে। ফোনৰ স্ক্ৰীণত এটা এটাকৈ প্ৰশ্নবোৰ জিলিকি উঠিছে।
: নমস্কাৰ আৰু বহাগ বিহুৰ ওলগ জনালো নন দা। মোৰ প্ৰশ্ন কেইটা হৈছে-
নমস্কাৰ দেই। আপোনালৈও থাকিল বহাগৰ ওলগ। টাইপ কৰি তেও। এডমিন হিচাপে নিজকে সফল বুলি নাভাবে তেও। আগতে এডমিন হোৱাটো এনেই ধেমালি বুলিহে ভাবিছিল। কিন্তু লাহে লাহে বুজি পালে এইটো ইমানো সাধাৰণ কাম নহয়। যিহেতু এডমিনৰ কামটো বাকী দৈনন্দিন কামৰ মাজত সময় উলিয়াই হে কৰিব লাগে মাজে মাজে অনুভৱ হয় যেন সি পয্যাপ্ত পৰিমানে সময় দিব পৰা নাই বা অংশগ্ৰহন কৰিব পৰা নাই। আগলৈ আৰু অধিক সময় দিবলে চেষ্টা কৰিম।- ননদাৰ প্ৰতিশ্ৰুতি।
আপোনাৰ অসমত থাকি ভাল লাগেনে ..... নে অসমৰ বাহিৰত থাকি ভাল লাগে .। - নষ্টালজিক হৈ পৰে চাগে ননদা।
যদিও নবছৰ অসমৰ বাহিৰত থাকিল তথাপি তেও সদায় নিজৰ গাঁও খনৰে লৰা। গাওৰ বোকামাটিৰ সুবাস সদায়েই প্ৰিয়। আপোন আমাটিৰ গোন্ধেই সুকীয়া। নিজৰ মানুহখিনিৰ লগত থকাৰ সমান সুখ পৃথিৱীৰ আৰু কতো বিচাৰি পোৱা নাযায়।
: আৎসা নন'। এটা কথা কোৱাছোন যে ফেচবুকত ইমান গাল ধুনীয়া আপীয়ে ঘেৰি থকা স্বত্বেও তুমি ইমান দিন বৰলা হৈ কেনেকৈ আছিলা ? তোমাক পাত্তা দিয়া নাছিল নে তুমি পাত্তা দিয়া নাছিলা ? পিপল ৱান্টচ টু নৌ। - হা হা কৈ হাঁহি দিলো মই। চাগে ননদাৰো হাঁহি উঠিছে। এইটো সৌগতদা¸ বিৰাট জমনি মানুহ। যথেষ্ট উচ্চশিক্ষিত মানুহটোৰ ভেম অলপো নাই।
: কিছুমানক মই পাত্তা দিয়া নাছিলোঁ আৰু কিছুমানে মোক পাত্তা দিয়া নাছিল। এতিয়া কিমানজনী বুলি নুসুধিব আকৌ, এইবোৰ হিচাব ৰাখি থোৱা বস্তু নহয়।আৰু বৰলা হৈ থকাৰ ৰহস্যটো ইয়াত ফাদিল কৰি দিলে শেষেই আৰু। - মজা মজা। সুন্দৰ লিখিছে ননদাই।
চাগে প্ৰেমিকাৰ লিষ্ট খন বৰ দীঘল হয় সকলোৰে। কিছুমানৰ লগত একপক্ষীয় আছিল মোৰো। যাক পচন্দ কৰিছিল¸ সিহতে পচন্দ কৰা নাছিল আৰু যিবোৰে পচন্দ কৰিছিল¸ মই পচন্দ কৰা নাছিলো। প্ৰেম মোৰ বাবে পুজা। তথাকথিত প্ৰেমৰ পক্ষপাতী নহয় মই। হয়তো ফ্লাৰ্ট কৰো কিন্তু ফ্ৰড নহও। কাৰোবাক প্ৰতাৰণা কৰা আৰু হত্যাকৰা একেই বুলি ভাবো। সেয়ে প্ৰতাৰিত হও।
ননদাৰ কমেন্ট চালো। তেওৰ মতে কাৰোবাক ভাললগা কেইজনীও প্ৰেম। সেইকেইজনীও তেওৰ প্ৰেমিকা উদাহৰণ স্বৰূপে Deepika Padukone হেনো আলটিমেট কলিজা তেওৰ। - হা হাকৈ হাঁহি দিলো। ওচৰৰ ৰুমত থকা মায়ে সুধিলে কিয় হাঁহিছো ইমানকৈ! কি কম!
সপোন বহুতেই আছিল। যিবোৰ আৰু কাহানিও নহব। ননদাৰ দৰে মই জীৱনত ওপৰলৈ যাব খোজো। মোৰ মা দেউতাই মোৰ কাৰণে যিমান খিনি ত্যাগ আৰু কষ্ট কৰিছে সিমানখিনি যাতে মই পিছলৈ মোৰ লৰা ছোৱালীৰ কাৰণে কৰিব নালাগে। আৰু দ্বিতীয়তে মোৰ মাঁ দেউতা। তেওঁলোকক সুখত ৰখাটো আৰু যাতে মোৰ কোনোধৰনৰ কামেই তেওঁলোকৰ মনত কষ্ট নিদিয়ে তাৰ প্ৰতি চকু ৰাখো মই।
জীৱন বুলি কলে মই মাথোঁ খাই বৈ জীয়াই থকাটোকেই নুবুজো। তেনেকে মই কেতিয়াও সুখী হব নোৱাৰিম। মৰাৰ আগতে নিজে ভালপোৱা গোটেইখিনি কাম কৰি লৈহে মৰিবলৈ ভাল পাম। জীয়াই থকাটোৱেই জীৱন নহয়, জীৱনৰ প্ৰতিটো দিনেই উপভোগ কৰিব খোজো।
নমস্কাৰ ননদা¸ পোনপ্ৰথমে বিহুৰ শুভেচ্ছা দি আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। - মেচেজ টাইপ কৰিলো। প্ৰায় ৩০ টা প্ৰশ্ন ৰেডী কৰিছিলো¸ তাৰ মাজৰ পৰা এইকেইটা দিলো। মই চিওৰ চকু কপালত উঠিছে ননদাৰ। চাগে ভাবিছে এইটু কি খতৰনাক জিনিচ। প্ৰশ্নৰ যেন বৰষুণ আহিছে ষ্টেটাছটোত।
: এইখন মহাভাৰত দেখোন একেবাৰে। এমাহ লাগিব ভালকে উত্তৰ দিবলৈ। দাত নিকটাই থকা স্মাইলী পাচটা দিলে তেও।
মৰম আচলতে নদী নহয়। আমি মানুহবোৰহে নদীৰ দৰে। মৰমবোৰ সদায় তাতেই থাকে একে ঠাইতে, আমি মানুহবোৰহে আঁতৰি আহোঁ কেতিয়াবা মৰমক বহুত দূৰত এৰি থৈ। - ভাল লাগে ননদাৰ দৃষ্টিভংগী।
এই হেণ্ডচাম ল'ৰাটোৰ ফালৰ পৰা, আপোনালৈ ৰঙালী বিহুৰ ওলগ জনালো।- ধেমেলীয়া জিতুৰ কমেন্ট এয়া। সকলোৰে মৰমৰ বেঙেনা সি ভাৰ্চুৱেল দুনীয়াখনত।
আশাবাই ননদাক ননভায়া মাতে। মই মম্পীবাৰ মমবা¸ আধুনিকাক আধুনিক কাল…
এই যে আমি এখন ভাৰ্চুৱেল দুনীয়াত কিছু সম্পৰ্ক বনাই লওঁ , ধৰা তোমাক মই নেদেখাকৈয়ে ভায়া বুলি মাতো বা ভাবো , এই বোৰ সম্পৰ্কৰ মূল্য প্ৰকৃততে কিমান গভীৰ ! - আশাবাই সুধিছিল।
অচিনাকী হলেও আপোনত্ব বিলাক ভাল লাগে। আজিকালি আমি বেছিভাগ সময় এই ভাৰ্ছুৱেল পৃথিৱী খনতে কটাও সেইকাৰনে এই সম্পৰ্কবোৰ অতিকে প্ৰয়োজনীয়। মাথো প্ৰয়োজন শালীনতা আৰু বিনম্ৰতা! যিকোনো সম্পৰ্ক এটা টিকি থাকিবলৈ হলে দুইটা কথাই দৰকাৰী। অশালীন ব্যৱহাৰে কেতিয়াও সম্পৰ্ক এটা ধৰি ৰাখিব নোৱাৰে।
বহু মানুহ একে লগে থাকিলেও সিহত সুখি নহবও পাৰে
আৰু বহু মানুহ বহু দুৰে দুৰে থাকিও সিহত সুখি হব পাৰে ।
নিজেই অনুভৱ কৰিছো। দেখিছো বহুতো সম্পৰ্ক অকালতে মৰহি যোৱা নানান কাৰণত। সম্পৰ্কবোৰ বৰ ঠুনুকা। অন্তৰৰ গভীৰতাৰ পৰা সম্পৰ্কটোৰ প্রতি শ্ৰদ্ধা আৰু আবেগ থাকিলেহে ই পূৰ্ণতা পায়।
জীৱন দুদিনীয়া। জীৱনত সঠিক ভাবে আগুৱাই যাবলে লাগিব দৃঢ় সংকল্প আৰু আপোনজনৰ সহায় সহযোগ।
বয়স ত্ৰিশ হল। লগৰ দুজনমানে সংসাৰত সোমোৱাৰ পিছত যতেই যাও খালি বিয়াৰে কতা। হেৰৌ বিবাহ বাদ দি একোৱেই নাই নি আৰু সুধিবলৈ? কামোৰ পাও কেতিয়াবা। দেখাত হৃষ্টপুষ্ট হলো বুলিয়েই¸ গালত মিহি ডাড়ি থাকিল বুলিয়েই বুঢ়া হৈ যোৱা নাইতো! পৃথিৱীত মইয়ে অকলে বিয়া নপটাকৈ আছো যেন অনুভৱ হয় মানুহবোৰৰ প্ৰশ্নবোৰত।
আনিছ কাইদেউ মানুহতো বৰ ৰসাল। লাইফ মে জো হোনা হে হোগা¸ বছ বিন্দাছ ৰহো¸ জিন্দা দিল। এয়াই আনিছ কাইদেউ। ফেবুৰ নিজে লোৱা নাম ৰিয়ান ৰাগিনী। তেওৰ জীৱনৰ এটা পাহৰিব নোৱাৰা অধ্যায় সেই কাহিনী। সোধা নাই কোনোদিন। কিছুমান স্মৃতি নিজৰ বাবে বৰ আপুৰুগীয়া। Liability, Loyalty, Love and Laughter খোজে প্ৰতি অনুসৰণ কৰে কৰে। চিৰ তৰুণ উজ্জীবিত মন তেওৰ। মোৰ মনটোও চিৰসেউজ চাগে। এতিয়াও চোন শিশু হৈ থাকিব মন যায়। মাজে মাজে অলপ ফটুৱামি¸ পাগলামি¸ দুষ্টামি কৰিব মন যায়…
কেতিয়াবা খং উঠে। চাল্লা হাৰামজাদা লাইফ মোৰ। সাধাৰণ শিক্ষা মোৰ। টকা¸ টকা… মাথো টকাৰ বাবে হোৱা চাকৰিটো নহল। ডাঙৰ মানুহ হোৱাৰ সপোনটো চাল্লা কোনোমতে দুবেলা দুমুঠি খাব পোৱা আশালৈ ৰূপান্তৰিত হল। পৰজনম চৰজনম বিশ্বাস নকৰো। তথাপি চিল্লাব মন যায়¸ যোৱা জন্মৰ পাপৰ ফল নেকি এয়া! চাল্লা অকণমান টকাও যদি থাকিলহেতেন চাগে জীবনৰ গতিপথেই সলনি হলহেতেন।
মানুহজন ডাঙৰ সাহিত্যিক। অশ্লীলতাৰ উপাসক জনৰ উপৰত খং উঠিছিল। ক্ষোভ উজাৰিছিলো নিজৰ এফবি ৱালত। লাখটকীয়া আইফোন হওক বা মোৰ আঠহেজাৰটকীয়া ইনটেক্স স্মাৰ্টফোন¸ এফবি ত সমানেই। চাল্লা মুখা খুলি দিব মন গৈছিল।
: নীলা শিয়াল মুৰ্দাবাদ। - চিঞৰি দিছিলো। একোৱেইতো কৰিব নোৱাৰো।
: আপোনাৰ দৰে ভাৰ্চুৱেল পৃথিবীৰ প্ৰডাক্ট নহয়। আপুনি সমাজৰ চকীদাৰী কৰিছে ভাল কথা। মহান সাহিত্যিক গৰাকীৰ উদ্দেশ্য বুজি পাবলৈ বহুযুগ লাগিব আপোনাৰ।- এগৰাকী সমৰ্থকে উভতি ধৰিছিল মোক।- দপকৈ খঙতো উঠি আহিছিল। এনেয়েও চাগে অন্যায় বিৰুদ্ধে মই উগ্ৰ।
: যদি ইমানেই মহান¸ আপোনাৰ চৰ্দাৰ ইমানেই মহান যদি কাপোৰ খুলি ঘুৰি নুফুৰে কিয়? আপোনালোকেও আদৰ্শ লওক। আৰু মই চকীদাৰ নহয়¸ ঝাৰুদাৰহে চাফা কৰিব মন যায়। অন্যায়ৰ বিৰুদ্ধ গোজৰণি দিয়া বাঘ বুলিও কব পাৰে। - হয়তো খঙতো বেছিকৈ উঠিছিল। ভয়তেই নে কিহতেই সেইজন তাপ মাৰিছিল নাজানো। মামুলী মানুহ¸ মুখেৰে কোৱাৰ বাহিৰে ঘন্টা কি কৰিব পাৰো আমি!
ৰিয়ান ককাইদেৱে মাজেমাজে ফোন কৰে। ভুলবোৰ আঙুলিয়াই উপদেশ দিয়ে। ভাল লাগে মোৰ। সুখী হও।
: তুমি মোক ককাইদেউ বুলি মাতিবা। - মোৰ দৰে একেই ইমোচনেল ফুল ককাইদেৱে কৈছিল এদিন। ৱী আৰ ব্ৰাডাৰ ফ্ৰম এনাডাৰ মাডাৰ। অটোমেটিকেলি প্ৰাপ্তিৰ হাঁহি এটা ফুটি উঠে মুখত।
: কাব্য আজি তোমাৰ ইন্টাৰভিউ লম। - চেংদা¸ ননদা¸ সৌগতদাৰ পৰামৰ্শৰে অনলাইন ইন্টাৰভিউ লৈ পেলালো কাব্যৰ। নিজৰ প্ৰোগামত সদায় আনক গেষ্ট কৰা লৰাটো গেষ্ট হৈ চাগে নিশ্চয় সুখী। চুপাৰহিট শ্বো মোৰ। আৰু কি লাগে! মৰমবোৰ সদায় এনেকৈয়ে ৰওক।
নিজে কি লিখো আজিলৈ ভবা নাই। বানান প্ৰায়েই ভুল। ’ফেচবুক আমাৰ কামৰ মাধ্যম’ নীলা শিয়ালৰ এই বাক্যশাৰী ভাল লাগে। মোৰ চৰ্চাৰ মাধ্যম। যতে যি পাও ভালবোৰ বুটলি লব লাগে। সেয়েহে বজৰংগী ভাই
আৰু জয় অগ্নোহোত্ৰী মোৰ প্ৰিয়!
: ধন্যবাদ নিদিবা¸ তিনিজনক সহায় কৰা বিনিময়ত। - কাৰোবাক কব খুজিও লাজ লাগে। জানো কাৰোবাক নিশ্বাৰ্থ ভালপোৱাৰ মানসিক তৃপ্তি কিমান। মৰম দিবহে জানো লবতো নাজানো!
পুলকিতাই ককাই বুলি মাতিলেই ভন্টি যেন লাগে তাইক। বিজিত খুড়া আৰু কৌশিককো লাগে যেন বহুদিনৰ চিনাকী।
: ৩০ তাৰিখে লগ হম দেই। - এপাল স্বপ্নাতুৰক লগপোৱাৰ মোৰ তীব্ৰ হাবিয়াস।
: তুমি সদায় যেন এনেকেয়ৈ লিখি যোৱা। মোৰ শুভেচ্ছা সদায়েই আছে!
: কোনেও নপঢ়িলেও মই সদায় পঢ়িম। - অমৃতা আৰু কৰবীৰ সৰু মেচেজবোৰে উৎসাহিত কৰে। মন যায় এই বাটেৰে আগুৱাই যাম। নিশ্ব: লেখকৰ আছেইনো কি! সময় বালিত মাথো এটা খোজ এৰি যাবৰ মন।
আচলতে ভাৰ্চুৱেল বুলি একো নাই। প্ৰয়োজন সচা আন্তৰিকতা!!

নিশাচৰ

Unknown

নিশাৰ মহানগৰী। দোকান-পোহাৰ চব বন্ধ হৈ পৰিছে। দিনৰ ব্যস্ত পথবোৰত মৰিশালীৰ নিস্তব্ধতা। যেন এডাল দীঘল সাপৰ দৰে পৰি আছে পথটো। অদুৰত কুকুৰৰ জাকবোৰে ভুকিছে। নিজৰ এলেকাত প্ৰবেশ নিষিদ্ধ বেলেগৰ।
এন্ধাৰ গলীটোৰ পৰা ওলাই আহিছে ৰয়েল এনফিল্ডখন। বুলেটৰ ধক ধক শব্দটোৱে ফালি আহিছে নিস্তব্ধতা।
: গুণ্ডাটো আহিল।- চালমাই গিৰিয়েক আব্দুলক কৈ উঠিল। যেন তাই জানিছিল। বুলেটখনৰ শব্দটো চিনাকী সকলোৰে। বস্তিটোৰ আগত তাৰ ঘৰটো। সকলোকে মাৰি ফুৰে। কি কাম কৰে নাজানে। বৰ উগ্ৰ লৰাটো। সিহঁতৰ কাষৰে ভজনলালক এদিন বেয়াকৈ মাৰিছিল। ভজনলালে মদখাই বেয়াকথা কৈছিল হেনো কোনোবা এগৰাকীক। আব্দুলকো দম দিছিল এদিন ভাং বেচা বাবে। শিব বাবাৰ প্ৰসাদ চবেই খাইচোন। নিজৰ পান দোকানখনত পুৰীয়া বেচিছিল আব্দুলে। বহুত লাভ হয়। এতিয়া গুণ্ডাটোৰ ভয়তে চব বন্ধ। ধনী মানুহৰ লৰা¸ বৰ অহংকাৰী। সেয়ে বস্তিৰ সকলো মানুহেই নাম দিছে তাৰ গুণ্ডা। যদিও সমুখত কোৱাৰ সাহস কাৰো। বস্তিৰ চেলিমহতে আজিকালি বাহিৰত তাছ নেখেলে। মনেমনেহে খেলে ভিতৰত। অবশ্যে সিহঁতৰ লাভো নোহোৱা নহয়। তাৰ বাবেই সিহঁতৰ লৰা-ছোৱালীবোৰ স্কুলত যায়। পৰীক্ষাৰ সময়ত মাতি লৰা-ছোৱালী বিলাকক দহ-বিশটকা দিয়ে।
: বাদ দিয়ানা¸ আহা টোপনি ধৰিছে।- ভাতকেইটা খাই উঠিছিল আব্দুলে। লোকৰ কথাত মুৰ ঘমাবলৈ মন নাযায় তাৰ। তাইক কাষলৈ ইচাৰা কৰে সি। বস্তিটোত কেইঘৰমান মানুহহে বাস কৰে। ৰিক্সাৱালা আৰু পাচলি বেপাৰী¸ মাছ বেপাৰীৰ বসতি অঞ্চলটোত। অসমীয়া¸ মুচলমান¸ বিহাৰী মানুহকেইঘৰে অস্হায়ী জুপুৰীবোৰ সাজি লৈছিল পৰিত্যক্ত ৰেললাইনৰ মাটিত। সময়ে সময়ে উচ্ছেদৰ নাটকখন হয়। আকৌ সাজে সিহঁতে। কলৈ যাব সিহঁত! সি কৈছে¸ সোণকালেই হেনো পত্তা দিয়াব সিহঁতক।
*********************************
তেতিয়া এঘাৰ বাজি গৈছিল। ব্ৰক্ষ্মপুত্ৰখন শান্ত হৈ বৈ আছে। প্লেনেটেৰিয়ামৰ ওচৰৰ পৰা ৰাজভবনলৈকে পথটো নিস্তব্ধ। সতী ৰাধিকা উদ্যানৰ সমুখত বহু সময়ৰ পৰা ৰৈ আছে বিলাসী হোন্দাচিটিখন। কলা গ্লাচেৰে আবৃত বগাৰঙৰ গাড়ীখনৰ ভিতৰখন দেখা নাযায়। কাছাৰী ঘাটৰ পৰা উমানন্দৰ মোবাইল টাৱাৰৰ ৰঙা লাইটতো জিলিকি উঠিছে। উত্তৰ গুৱাহাটীৰ পৰা ধিমিক ধামাককৈ বিজুলী বাতিৰ চাকিবোৰ দেখা গৈছে। শীতৰ দিন। গৰমৰ দিন হোৱা হলে এইখিনি সময়ত ওচৰৰ মানুহবোৰে নদীৰ পাৰৰ হাৱা খাব আহিলেহেতেন। বিলাসী কুকুৰ কেইটাক হেৰি কৰাব আহি খোজ কাঢ়িলে হেতেন। মৰম পিয়াসী প্ৰেমিকবোৰে ৰেলিঙত বহি প্ৰেয়সীৰ আব্দাৰ শুনিলেহেতেন। দিনত প্ৰেমিক প্ৰেমিকাৰ মিলনৰ থলী সতী ৰাধিকা উদ্যান এতিয়া জয়াল। মৰম পিয়াসী প্ৰেমিকাৰ ওঠত প্ৰেমিকৰ উস্মচুম্বন তেনেই সুলভ ইয়াত। তাৰ বাবে বহুবাৰ পথচাৰী অশ্বস্তিতো পৰিব লগা হৈছে। ওচৰৰ জনসাধাৰণে বহুবাৰ প্ৰেমিক যুগলক শিশুপাল খেদা দিয়াৰো উদাহৰণ নথকা নহয়। অলপ ৰাতি হলেই পথচাৰীবোৰ আহিব টান পায়। মাছ বজাৰৰ পৰা হনুমান মন্দিৰলৈ ঠাইখিনি অলপ জয়াল।
হোন্দাচিটিখন যেন অলপ কপি উঠিছিল।
হথাতে ৰয়েল এনফিল্ডখন আহি ৰল। পাহুৱাল ডেকাজনৰ শৰীৰত ব্লেক লেডাৰ জেকেট আৰু ব্লু জিনচ।
: ক্যা হুৱা। -অনিশ্চাস্বতেও খিৰিকৰ গ্লাছখন খুলি পৰম বিৰক্তিৰে কৈ উঠিল মানুহজনে।
: ধীচুম…আস…। - মাথো এটা শব্দ।
হতভম্ব হৈ পৰিল ছোৱালীজনী। অসংযত কাপোৰখিনি ঠিক কৰি অলপ সময় ভাবি এটা নিৰ্দিষ্ট নম্বৰত ফোন কৰে তাই।
তেজে তুমুৰলী হৈ পৰি আছে মানুহজন। নাকতো সম্পুৰ্ণৰূপে ভাগি গুৰি হৈ গৈছে। হয়তো বাও চকুটো নষ্ট হৈ যাব পাৰে। আগশাৰীৰ টেলিকম কোম্পানী এটাৰ নৰ্থইষ্টৰ বিয়াগোম বিষয়া তেও। অনবৰতে নিৰাপত্তাৰক্ষীৰ বেষ্টনীত থকা মানুহজনে আজিহে অকলে আহিছিল তাইৰ লগত। বিভাগটোত নতুনকৈ জইন কৰিছে তাই। বহুত হেপাহ ওপৰলৈ যোৱাৰ।
বুকুৰ ধপধপনি এতিয়াও মাৰ যোৱা নাই তাইৰ। কি যে হৈ গল! অলপ পিছতে হোটেলখনলৈ যোৱাৰ কথা আছিল তেখেতৰ লগত। প্ৰমোচন চাগে নহব আৰু!
ইতিমধ্যে বতাহৰ লগত মিলি গৈছে বুলেটখন। ঘটনাতো আকৌ এবাৰ জুকিয়ালে তাই। গ্লাছখন নমোৱাৰ পিছত পাহুৱাল ডেকাজনৰ পুৰ্ণহতীয়া ঘোচাটো পৰিছিল চাৰৰ মুখত। তাৰ পিছত বুকুত ধৰি টানি আকৌ দুটা ঘোচা। চিঞৰিব পৰা নাছিল তাই। তৰ্জনী আঙুলিটো তাইলৈ আঙুলিয়াই গুছি গৈছিল সি।
: অহ¸ গড। প্ৰমোচন নালাগে¸ আৰু জবেই নকৰো। - স্বগতোক্তি কৰে তাই।
*********************************
চোফাত বহি আছে স্বল্পবসনা গাভৰুজনী। বয়স বৰবেছি একৈশ-বাইছ। বেপেৰুৱা ভংগীমাত বহি চাই আছে তাই সিহঁতলৈ। উত্তেজিত হৈ পৰিছে সভ্য যেন লগা মানুহজন।
: নো আইডি নো ৰুম। - পুনৰবাৰ লাহেকৈ কঠোৰভাবে কৈ উঠিল ৰিচেপচনিষ্ট ডেকালৰাটোৱে।
: তোমাৰ জি এমে দিব দিছে। কি প্ৰব্লেম আছে তোমাৰ? কিমান পইচা লাগিব। এজাপ নোট উলিয়াই লৰাটোৰ সমুখত ৰাখিলে তেও। অধৈৰ্য্য হৈ পৰিছে তেও।
: কিবা হলে ৰিস্ক কোনে লব? জি এম চাৰেতো একো নাজানো বুলিয়ে কব! চো আই এম চৰী। নো আইডি নো ৰুম। - টকাখিনি ঠেলি দি নিজৰ চকী বহি পৰিল সি। এনেয়ে কাষ্টমাৰৰ সমুখত নবহে সিহঁত। কিন্তু এনেকুৱা গেষ্টলৈ অকনো ৰেচপেক্ট নাথাকে তাৰ।
: মই চাকৰী খাই দিম তোমাৰ। -খঙত চিঞৰি উঠে মানুহজনে।
: চৰী। দিব নোৱাৰিম। -পেটে পেটে হাঁহি উঠে তাৰ। চেন্ট্ৰলৰ চাকৰীটো নহয়। মেনেজমেন্টৰ ট্ৰেইনিং থকাৰ পিছত কিহৰ ভয়!
: তুমি জি এমৰ লগত কথা পাতা। - মানুহজনে ফোনটো লগাই আগবঢ়াই দিয়ে তালৈ।
: চৰী চাৰ। মই কথা নাপাতো। যদি জি এম চাৰে ৰিস্ক লৈ মেইল এটা কৰে তেতিয়াহে পাৰিম। - পুণৰবাৰ কৈ উঠে সি। জানে মেইল কৰিব জি এমৰ সাহস নাই। এম ডিৰ পাৰ্মিচন লৈ থোৱা আছে।
থ্ৰী ফিফ্টি চিচিৰ থাণ্ডাৰবাৰ্ডখন আহি আছিল। পল্টনবজাৰ এতিয়াও যেন ব্যস্ত। আগতকৈ ভিৰ কমিলেও ষ্টেচনৰ কাষৰ নাইট হোটেল কেইখন এতিয়াও খোলা আছে। মেডিকেল ষ্টোৰৰ পৰা কনডমৰ পেকেটতো লৈ আহি আছিল লৰাজন। দেখিলেই নষ্ট যেন লাগে। মদৰ গোন্ধতো আহি আছে তাৰ মুখৰ পৰা। নেতাজী চ’কত বাজাজ শ্বৰুমৰ ওচৰত থিয় হৈ আছিল সিহঁত দুজনী। দেখিলেই এনেলাগে যেন কাৰোবাৰ বাবে অপেক্ষাৰত। অটোৱালা জাতীয় দুজনমানে কথা পাতিছে। চাগে দৰদাম কৰিছে। হথাতে ৰয়েল এনফিল্ডখন ৰলহি সেইখিনিত। পুৰ্ণহতীয়া চৰত উফৰি পৰিল লৰাটো। সি তলকিবই নোৱাৰিলে কনডম পেকেট কোনে কাঢ়ি মাৰিলে তাক। গালখন পিহি ফুটপাথতে বহি পৰিল সি।
: যোৱা ইয়াৰ পৰা। - ৰিভলভাৰৰ নলটো দেখি ভয়তে আতৰি যায় সিহঁত দুজনী। পাপাৰ পেট্ৰলিং ট্ৰেকাৰখন অলপ আগতে গৈছে।
: মোক মাফ কৰি দিয়ক। প্লিজ …। জ্বলি থকা অটোখনলৈ চাই কৈ উঠে অটোৱালা জনে। লগৰ মানুহজনৰ ইতিমধ্যে দাত ভাঙি তেজ বৈ আহিছে।
: নেক্সট টাইম…। - সোহাতৰ আঙুলি দুটা নিজৰ চকুলৈ প্ৰসাৰিত কৰি সিহঁতলৈ নিক্ষেপ কৰি আতৰি যায় বুলেট আৰোহী।
ব্লু কাৰখন ৰৈ আছিল। পোন্ধৰ¸ ষোল্ল বছৰীয়া যুবতীগৰাকীক দৃষ্টিকটুভাবে সাবতি দুজন মানুহ নামি আহিল। হয়তো মাৰোৱাৰী সম্প্ৰদায়ৰ।
: থিচ্চিউ…। চাইলেঞ্চাৰ ৰিভলভাৰৰ গুলীটো কাণৰ কাষেৰে পাৰহৈ গল মহীন্দৰৰ আগৰৱালৰ। হতভম্ব হৈ পৰে তেও। ইতিমধ্যে সুৰজিত বাগৰি পৰিছে।
: আস…মৰ গয়া…। বিষত কেকাই উঠিল সুৰজিতে। উৰুৰ হাড়ৰ মাজত গুলীটো সোমাইছে। পথটোৰ সিটো পাৰে ৰৈ আছিল ৰয়েল এনফিল্ডখন।
: য়ে চব বন্ধ কৰো। বিবি বচ্ছাকে চাথ খুচ ৰহো। তুম ভি…। - তিনিওলৈ ৰিভলভাৰৰ নলটো টোৱাই কৈ উঠে বাইক আৰোহীয়ে। এতিয়াও ধোৱা ওলাই আছে ৰিভলভাৰৰ নলেৰে। চুইফট ডিজায়াৰখনৰ সমুখৰ গ্লাছখন গুড়ি হৈ গৈছে। পিছলৈ এবাৰ ঘুৰি চাই আতৰি গল আগন্তুক। এতিয়াও পেপুৱা লাগি ভয়তে কপি আছে ট্ৰাইবেল ছোৱালীজনী।
: হেল্ল¸ ইনচপেক্টৰ চাব¸ …-চিনাকী আৰক্ষী বিষয়াজনলৈ ফোন কৰিলে মহিন্দৰে। এতিয়াও কেকাই পৰি আছে সুৰজিত। উভতি হোটেলখনলৈকে গাড়ী ঘুৰালে মহিন্দৰে। নিম্মীক তাতে থৈ হস্পিটাল যাব লাগিব।
*********************************
গণেশগুৰি চাৰিয়ালি। সন্ধিয়া সাতমান বাজিছে। হেঙেৰাবাৰী পথৰ ওচৰত ৰলহি বগা ৰঙৰ স্কৰপিঅ’খন। মানুহ এজন নামিল। চুট পৰিহিত মানুহজনৰ বয়স বৰবেছি চল্লিচ বছৰ। শকত ধুনীয়া মানুহজনে চিগাৰেট এটা জ্বলাই ললে। গাড়ীখনত আউজি হাতৰ ঘড়ীটোলৈ বাৰে বাৰে চাইছে মানুহজনে। সন্ধিয়াৰ গণেশগুৰি। লোকে লোকাৰণ্য হৈ পৰিছে। প্ৰাণচঞ্চল গণেশগুৰি গুৱাহাটীৰ অন্যতম ব্যস্ত অঞ্চল। পদপথৰ দোকানখনবোৰত গ্ৰাহক উবুৰি খাই পৰিছে। মানুহজনে দুৰৰ পৰাই দেখিলে লৰাজন আহিছে। পঁশিচ-ছাব্বিশ বছৰীয়া ক্ষীণ লৰাজনৰ বেশভুশা সাধাৰন। লৰালৰিকৈ চিগাৰেটটো ভৰিৰে মোহাৰি দৰ্জাখন খুলি গাড়ীৰ ভিতৰত বহিল মানুহজন। লৰাজন আহি মানুহজনৰ ওচৰতে বহিল। কিবা অলপ কথা কৈ ওলাই আহিল লৰাটো। মুখত তাৰ সন্তুষ্টিৰ হাঁহি। স্কৰপিঅ’খন আগবাঢ়িল ছয়মাইলৰ দিশত।
: য়েছ¸ বি1¸ বিজি1¸ কে1 ৱেইট ফৰ নেক্সট কমাণ্ড। ডি1 ৰিপৰ্ট টু চিচি ইমিডিয়েটলি। - সাংকেতিক বাৰ্তালাপ কৰে মানুহজনে কাৰোবাৰ লগত ফোনত। যথেষ্ট উদ্বিগ্ন যেন লাগিছে মানুহজনক। সন্ধিয়াৰ গুৱাহাটীৰ ট্ৰেফিক জামে জলাকলা খুৱাই জনসাধাৰণক। লাষ্টগেটত ট্ৰেফিকত আবদ্ধ হৈ পৰিল স্কৰপিঅ’খন। বিৰক্তিত মুখখন কোচখাই আহিল মানুহজনৰ। ভোৰভোৰাই উঠিল তেও। সোনকালে গৈ পাবগৈ লাগে। কিবা এটা ভাবি জি এন আৰ চি হস্পিটালৰ গলিটোৰে সুমুৱাই দিয়ে তেও গাড়ীখন।
*********************************
গুৱাহাটী ৰেল ষ্টেচনত সোমাই তিনি নম্বৰ প্লেটফৰ্ম পালেগৈ সি। সাজ লাগি আহিছে। বাহিৰৰ পৃথিবীখন মায়াময় হৈ পৰিছে। ষ্টেচনৰ ভিতৰত কি দিন কি ৰাতি। একেই পৰিবেশ। হাতৰ ঘড়ীটোলৈ চালে সি সাত বাজি পোন্ধৰ। টেইনখন যোৱা নাই এতিয়াও। স্বস্তিৰ নিশ্বাস এটা এৰিলে সি¸ তাৰ লেট হোৱা নাই। চাৰে পাঁচটাতে ওলাইছিল। ট্ৰেফিকে বহুত লেট কৰালে। এনেয়ে কোনোদিনে ট্ৰেফিক ৰুল নাভাঙে সি। কিন্তু আজি ফুটপথ¸ নো ৱে একাকাৰ কৰি আহিছে। পকেটৰ পৰা ফোনটো উলিয়ালে সি। বিশেষ নম্বৰটোত ফোনটো লগাই সি মাথো শুনি গল কথাখিনি।
ইঞ্জিনৰ পৰা আঠটামান ডবা এৰিয়েই ডবাটো। ৰিজাৰ্ভেচন ডবাটোত বহি আছিল ইকবাল আৰু মঞ্জুলিকা। বয়স দুয়োৰে চল্লিচৰ ওচৰা ওচৰি। চেন্নাই অভিমুখী ট্ৰেইনখনত আৰু মাথোন ছয়জনী ছোৱালী। বয়স এজনীৰো বিশৰ ওপৰত যেন নালাগে। সাধাৰণ পোচাক পৰিহিত যুবতীকেইগৰাকীৰ মুখত দৰিদ্ৰতা বিদ্যমান।
: বাইদেউ¸ পানী খাঙ দিচুন। - কম বয়সীয়া যেন লগা যুবতী গৰাকীয়ে বায়েক যেন লগা জনীক কলে। পানীৰ বটলটো দিয়ে তাই।
: ঐ তহঁতে এনেকৈ পানী খাই নাথাকিবি দে। ঘনকৈ পেচাব লাগিব। - দবিয়াই উঠাৰ নিচিনাকৈ কৈ উঠিল মঞ্জুলিকাই। অলপ ৰৈ হাঁহি মাৰি কৈ উঠিল
: ইয়াৰ পানী বৰ লেতেৰাও। তহঁতৰ ভোকতো লগা নাই?
: নাই।- ডাঙৰ যেন লগা জনীয়ে কৈ উঠে। ট্ৰেইনত উঠাৰ আগতে পৰঠা খাইছিল সিহঁতে। ইকবালে ঝালমুৰী কিনি আনি দিয়ে গোটেই কেইজনীক। আগতে বৰকৈ খাই পোৱা নাই সিহঁতে। পৰম তৃপ্তিত খায় সিহঁতে।
: উই দিপ্তি¸ তুই বাথৰুম যাবি নিকি?-জনজাতীয় ছোৱালীজনীয়ে লগৰ জনীক সুধিলে।
: যো। - লগৰ জনী থিয় হল।
: তহণতৰ বৰ ঘনকৈ বাথৰুম লাগে নেকি অ’। - হাঁহি হাঁহি সুধিলে মঞ্জুলিকাই।
সিহঁত আটাইকেইজনী মঞ্জুলিকাৰ ওচৰৰ গাওখনৰ। বৰ দুখীয়া ঘৰৰ ছোৱালী। খাব পিন্ধিব বাৰুকৈয়ে অভাব।
: অ’ বাইদো¸ আমাকো কাম এটা লাগছিল। - এদিন কৈছিল তৰামায়ে। মঞ্জুলিকাই ভালেই পাইছিল। ছোৱালীবোৰ স্বাবলম্বী হলে ভালপাই তেও। ইতিমধ্যে বহুত ছোৱালীক চাকৰি দিছে তেও। বহুত চিনাকী আছে মঞ্জুলিকাৰ। গুৱাহাটীত থাকে। তাই কাম দিয়াৰ আগতেই বহুত পইচা দিয়ে ঘৰত। অশিক্ষিত জনজাতীয় মানুহবোৰে ভাল চাকৰী কেনেকৈ পাব! পঢ়াশুনা নায়েই নহয়। সেয়ে মঞ্জুলিকাই কাপোৰ মিলত চাকৰী দিব লৈ আনিছে সকলোকে। দৰমহাও বহুত দিব হেনো। প্ৰথমতে ঘৰখন এৰি যাবলৈ বেয়া লাগিছিল তৰামাইহঁতৰ¸ কিন্তু ঘৰুৱা অশান্তি¸ টকা ঘটি ঘৰখন ভালকৰাৰ স্বাৰ্থত ওলাল সিহঁতে। বৰভাল মঞ্জুলিকা বাইদেউ। তেৱেই সিহঁতক ইকবালদাৰ লগত চিনাকী কৰাই দিছিল। প্ৰত্যেকৰে ঘৰত ইকবালদাদাই দুহেজাৰ টকাকৈ দি আহিছে।
শ্ৰদ্ধাৰে তৰামায়ে মঞ্জুলিকা বাইদেউৰ ফালে চালে।
*********************************
ডবাটো বিচাৰি উলিয়াবলৈ বেছি কষ্ট নহল অৰিন্দমৰ। ইনফৰমেচন ঠিকেই আছিল। দৰ্জাখন খুলি ডবাটোৰ ভিতৰ সোমাল সি। ৰিজাৰ্ভেচন ডবাটোৰ ভিতৰত সিহঁতকেইজনক বাদ দি বেলেগ নাছিল।
: কলৈ যাব সকলো? - পোনচাটেই ইকবালক সোধে সি।
: আপোনাক কিয়? - অলপ পৰ তভক মাৰি কৈ উঠে ইকবালে। চাগে সি অলপ নাৰ্ভাচ হৈছে। অচিনাকী ব্যক্তি এজনে এইদৰে প্ৰশ্ন কৰাত অলপ বিব্ৰত হৈছে। মঞ্জুলিকাই থিয় হব খুজিছিল।
: ডন্ট মুভ। -কঁকালৰ পিছপিনৰ পৰা ৰিভলভাৰ উলিয়াই সিহঁতলৈ টোৱাই কৈ উঠিল সি।- ইতিমধ্যে আৰ পি এফৰ জোৱানে ঘেৰি ধৰিছে ডবাটো। ছোৱালীকেইজনী হতভম্ব হৈ পৰিছে।
: কলৈ নিম বুলি কৈছে তোমালোকক। - ছোৱালীজাকক উদ্দেশ্যি সোধে সি।
: চেন্নাইত চাকৰী দিম কৈছে কাপোৰ মিলত।- অলপ ডাঙৰ যেন লগা জনীয়ে কৈ উঠিল। বাহিৰত বন্দুক লৈ থকা পুলিচ দেখি সিহঁতি বুজি উঠিছে যে সি পুলিচৰ মানুহ।
: মিছা কথা¸ গুড়গাওৰ অন্ধকাৰ গলিত বিক্ৰী কৰি দিলে হয়। -
: কি??? - সিঁয়ৰি উঠিল আটাইকেইজনী।
: ইকবাল আৰু মঞ্জুলিকা¸ কি ভাবিছিলি তহঁতে এনেকৈ সহজ সৰল ছোৱালীবোৰক বাহিৰত বেছি থাকিব পাৰিবি।- তাৰ হাতৰ পুৰ্ণহতীয়া চৰত উফৰি পৰিল ইকবাল। কিছুদিন আগতে দিল্লীৰ পৰা ভুক্তভোগী যুবতী এগৰাকী পলাই আহিবলৈ সক্ষম হৈছিল। তাইৰ তথ্যৰ ভিত্তিতে লাগি গৈছিল চি আই ডি।
: য়েছ চাৰ। মিচন ইজ কমপ্লিট চাৰ। য়েছ¸ ৰেচকিউ অল গাৰ্লচ। থেংকিউ চাৰ। - ডি এচ পি চাৰক জনালে সি খবৰটো। মনটো ভাল লাগিল তাৰ। যাহওক অলপ ফৰ্মেলিটি কৰিয়েই সহজ সৰল যুবতী কেইজনীক ঘৰলৈ পঠাব পৰা হব।
*********************************
নিউজত খবৰটো আহি আছে। প্ৰিন্ট আৰু ইলেকট্ৰনিক দুয়োটা মিডিয়াতে হাহাকাৰ লগাইছে খবৰটোৱে। হটকেকৰ দৰে বিক্ৰী হৈছে খবৰটো।
চাৰিআলি¸ পানদোকান¸ চেলুন¸ ঘৰ চবতে যেন সেইটোৱে কথা। ঠিক কিছুদিন আগত নাহিদৰ ফটোৱাৰ কেচটোৰ নিচিনা¸ নমামিৰ ব্ৰক্ষ্মপুত্ৰৰ বৰষুণৰ নিচিনাকৈ সকলোতে সেয়াই আলোচনা। ৰয়েল এনফিল্ড বাইকাৰ্চৰ এটাকত ভুক্তভোগী বহুজন। উজান বজাৰ¸ ভঙাগড়¸ দিছপুৰ¸ বেলতলা কত হোৱা নাই ঘটনা। একে দিনাই যেন কিবা সংঘবদ্ধ আক্ৰমণ। লক্ষণীয়ভাবে সকলো নাৰীদেহ ব্যবসায়ী আৰু গ্ৰাহকবোৰেই আক্ৰান্ত হৈছে গণ্ডাই গণ্ডাই। যেন এয়া কোনো নতুন সমাজসেৱী সংগঠনৰ কাম। কাকো হত্যা নকৰাকৈ সকলোকে বিকলাংগ কৰিছে। কাৰোবাৰ হাত¸ কাৰোবাৰ ভৰি¸ নাক ভাঙি গুড়ি কৰি দিছে। লক্ষণীয়ভাবে সকলো যৌনকৰ্মী যুবতীকে সকীয়নী দিয়েই এৰি দিয়া হৈছে।
: এয়া কৈনেকৈ সম্ভব? একে সময়তে বাইকাৰ্চে চবকে এটেক কৰিছে। এয়া কি ইউনিট? নতুন কোনো এক্সট্ৰিমিষ্ট নহয়তো! - কমিচনাৰে ইমাৰজেঞ্চি মিটিং পাতিছে। থানাই থানাই মেচেজ পঠিওৱা হৈছে।
: কামটো কিন্তু ভাল হৈছে। গুৱাহাটীখন অলপ ভাল হব। - বাটেঘাটে মানুহবোৰৰ আলোচনা।
মানুহবোৰৰ মন্তব্যবোৰ শুনি শুনি অতিষ্ঠ হৈ পৰে অৰিন্দম। তাৰ নতুন মিচন বাইকাৰ্চ। চি আই ডিৰ ডি এচ পি চাৰে নিজেই দায়িত্ব দিছে তাক। ৰাজধানী হিলি গৈছে। কিছুদিন আগত লাষ্টগেটত ধৰ্ষণ কৰি যুবতী এগৰাকীক পেলাই থৈ গৈছিল। পুলিচে অপৰাধীৰ একো সংশুত্ৰ উলিয়াব পৰা নাছিল। যুবতী গৰাকীৰ অবস্হা এতিয়াও সংকটজনক। যোৱানিশা ধৰ্ষণকাৰী দুজন লৰাই নিজেই চাৰেন্দাৰ কৰিছে দিছপুৰ থানাত। ৰয়েল এনফিল্ড বাইকাৰ্চে দুয়োখন হাত ভাঙি পেলাইছে দুয়েৰো। চাৰেন্দাৰ নকৰিলে প্ৰাণে মৰাৰো দিছে ভাবুকি। ইতিমধ্যে মিডিয়াই হিৰ’ সজাই দিছে বাইকাৰ্চক। হাঁহি উঠিল অৰিন্দমৰ। এটা দিন আছিল¸ মানুহে বাইকাৰ্চ বুলি কলে ভয়তে কপিছিল। এতিয়া দেহ ব্যবসায়ী¸ গ্ৰাহকবোৰ কপে।
*********************************
সোনকালেই উভতিছিল নিকিতাই। ট্ৰেফিক জামত ফচি বহুত দেৰি হৈ গল।
: ছে: কিযে হব নহয়। সোনকালেই ভাৰাঘৰ এটা বিচাৰিব লাগিব।- ভাবে তাই। দুমাহমান হৈছে তাই মাহীয়েকৰ ঘৰলৈ অহা। চাকৰী এটা পাইছিল শিলপুখুৰীত। জীবনটো গঢ়িম বুলি ঘৰৰ পৰা ওলাই আহিছিল তাই। মাহীয়েকেই কৈছিল তেওলোকৰ ঘৰত থাকিবলৈ। মাক-দেউতাকেও হয়ভৰ দিছিল। তেওলোক নিশ্চন্ত হৈ থাকিব পাৰিব। বাছৰ পৰা নামি এমাইলমান খোজকাঢ়ি যাব লাগে মাহীয়েকৰ ঘৰলৈ। কেঁকুৰীটোৰ ওচৰৰ দোকানখনত বহি থাকে সিহঁতকেইটা। বাটৰুৱা জীয়ৰী বোৱাৰীক অশ্লীল ইংগিত দিয়ে। দেখাত ধুনীয়া তাই। লোকেল নহয় বাবে তাইকো বহুদিন জোকাইছে সিহতে। ভয়তে কাকো কব পৰা নাই তাই। মাক-দেউতাকে গম পালেই ওভতাই লৈ যাব!
খং উঠে অংকিতাৰ! নষ্টযোৱা কেইটাৰ ঘৰত মাক-ভনীয়েক নাই নেকি!
: আজিকালি ছোৱালীয়ে সমৰ কলাৰ প্ৰশিক্ষণ লোৱাটো খুবেই প্ৰয়োজন। - দিপালী বাইদেউৰ কথাবোৰ মনত পৰে তাইৰ। ছে: তায়ো যদি কুংফু শিকি থলে হেতেন!- অাফচোচ হয় তাইৰ।
শুভলক্ষ্মীৰ কেচৰ অপৰাধী আজিও ধৰা নপৰিল। ভয় খাই তাই। অবশ্যে আজিলৈ সিহঁতে তাইৰ গা চুবলৈ সাহ কৰা নাই। কেঁকুৰীটোৰ পিছৰ ঠাইখিনি অলপ অান্ধাৰ খৰকৈ খোজ দিলে তাই। আনিদিনাৰ দৰে আজিও তাইক দেখি কিৰিলিয়াই উঠিল সিহঁত। কাণ-মুৰ গৰম হৈ গল তাইৰ। তথাপিতো বেগতো বুকুত সাবতি আহি থাকিল।
: কোন বে। লাইট কিয় মুখত মাৰিছ(অশ্লীল)? - হথাতে গাড়ীৰ হেডলাইটৰ পোহৰে চকু চাট মাৰি ধৰাত চিঞৰি উঠে সিহঁতে। কেইটামান পুৰ্ণহতীয়া ঘোচাত উফৰি পৰিল সিহঁত। স্পষ্টকৈ দেখিলে অংকিতাই সমুখত এখন ৰয়েল এনফিল্ড বাইক।
: চুৱৰৰ বাচ্ছা¸ তহঁতৰ বা-ভনী নাই? আজিৰ পৰা জোকালে মাৰি পেলাম। - ৰিভলভাৰ টোৱাই কৈ উঠিল আগন্তুকে। জিনচ টিচাৰ্ট পৰিহিত লৰাটোৰ মুখত হেলমেট।
: ডন্ট ৱৰী ভন্টি। যোৱা।- কিমান সময় তভক মাৰি চাই আছিল তাই নাজানে¸ মানুহজনৰ কথাত সম্বিত ঘুৰি আহিল। ইতিমধ্যে অসভ্যকেইটাৰ মুখমণ্ডল তেজেৰে ৰাঙলী হৈ পৰিছে।
অচিন বাইকাৰ্চ জনৰ প্ৰতি শ্ৰদ্ধাত মুৰ দো খাই গল তাইৰ। উভতি চালে তাই। দুৰন্ত গতিত ইতিমধ্যে অদৃশ্য হৈ পৰিছে ৰয়েল এনফিল্ডখন।
*********************************
প্ৰকাণ্ড বিল্ডিংটোৰ তলত অৰিন্দমৰ বাইকখন ৰল। ভঙাগড়ৰ এই প্ৰকাণ্ড বিল্ডিঙত আছে কেইবাটাও বিয়াগোম চৰকাৰী বিভাগ। একেবাৰে টপ ফ্লোৰত বিশেষ বিভাগটো। বেছিদিন হোৱা নাই কাহিলীপাৰাৰ পৰা ইয়ালৈ স্হানান্তৰ কৰা অফিচতো। অফিচটোৰ দুৱাৰমুখতে দুজন সশস্ত্ৰ নিৰাপত্তাৰক্ষী।
: কি খবৰ তপন? ভালনে দিগন্ত? - লৰাদুজনক চিনি পাই সি। অনেকবাৰ লগ পাইছে সিহঁতক।
: ভালেই চাৰ। আপোনাৰ ভালনে? - হাঁহি মাৰি দৰ্জাখন খুলি দিয়ে সিহতে।
: আছো দিয়া। - কৈ ভিতৰলৈ সোমাল সি। অফিচটোৰ দুৱাৰ মুখত ডাঙৰ আখৰেৰে লিখা আছে এ এইচ টি চি।
কনফাৰেঞ্চ হলত সকলো বহি আছিল। ইউ চেপৰ হলটোৰ সমুখৰ চকীখন চিচি চাৰৰ বাবে সংৰক্ষিত। অলপ সময় পিছতে গুৰু গম্ভীৰ খোজেৰে প্ৰবেশ ঘটিল চৌধুৰী চাৰৰ। সকলোৱে থিয় হৈ অভিবাদন জনালে তেওক। বিশেষ শাখাৰ এডিজিপি প্ৰায় সাতাৱন্ন বছৰ বয়সীয়া চৌধুৰী চাৰেই গঠন কৰিছিল এই ইউনিটটো। এ এইচ টি চি অৰ্থাত এন্টি হিউমেন ট্ৰেফিকিং চেলৰ কমাণ্ডাৰ ইন চিফ তেও। শুভলক্ষ্মী কাণ্ডৰ পিছত গৃহমন্ত্ৰীৰ উপদেশমতে গোপনে পৰীক্ষামুলকভাবে তেও গঠন কৰিছিল এই ইউনিটটো। সকলো শাখাৰে দক্ষ এশজন বিষয়াক নিয়োগ কৰিছিল তেও।
: কমাণ্ডোজ¸…- গুৰুগম্ভীৰ মাতেৰে কৈ উঠে চি চি চাৰে।
: আমি যি উদ্দেশ্যত এই ইউনিটটো গঠন কৰিছিলো¸ প্ৰথম পৰ্য্যায়ত প্ৰায় সফল বুলি খবৰ পাইছো। কিডনেপিংৰ পৰা ইভটিজিঙলৈ গুৱাহাটীত কন্ট্ৰল হৈছেনে? পাৰ্থ তুমি কি কোৱা? -ওচৰত বহি থকা ধুনীয়াকৈ বগা মানুহজনক সোধে তেও। প্ৰায় চল্লিশ বছৰীয়া মানুহজন এচ বিৰ ডি এছ পি।
: চাৰ¸ প্ৰায় কন্ট্ৰোল হৈ আহিছে। পাব্লিকে এতিয়াও এয়া কোনোবা পাৰ্টিৰ কাম বুলি ভাবি আছে।
: ভাবি থাকক পাৰ্থ। সেয়াই ভাল। যেতিয়ালৈ গোটেই অসমত আমি ক্ৰাইম কন্ট্ৰোল কৰিব নোৱাৰো¸ তেতিয়ালৈ এ এইচ টি চি মিচন চিক্ৰেট হৈয়ে থাকক।
: য়েছ চাৰ। - একেমুখে আটাইয়ে কৈ উঠিল।
: শৰ্মা¸ আমাৰ বি টিমৰ ৰিভিউ কেনেকুৱা? - চিআইডিৰ এচ পি শৰ্মাক সোধে চৌধুৰীয়ে।
: চাৰ¸ কাম অলপ লেহেমীয়া চলেও চলি আছে। আমাৰ নতুন ইনফৰ্মাৰখিনিৰ ট্ৰেইনিং কমপ্লিট হলেই হোটেল¸বাৰ¸ ৰেষ্টুৰেন্ট¸ মিডিয়াত জইন কৰিব। - থিয় হৈ কৈ উঠিল মহানন্দ শৰ্মাই।
: গুড। কমান্দোজ¸ এটা কথা মনত ৰাখিব যাতে কেতিয়াও কোনো দিচিচন পাব্লিকৰ এগেইনষ্টত নহয়। গুড লাক।
: য়েছ চাৰ।- একেমুখে কৈ উঠে সকলোৱে।
: ডিচমিচ। - মিটিং শেষ কৰি ওলাই আহে তেও।
: এনি প্ৰবলেম অৰিন্দম।- শশাংকই শোধে তাক। ক্ৰাইম ব্ৰাঞ্চৰ পৰিদৰ্শক সি। দুয়ো একেলগেই চাকৰীত জইন কৰিছিল। ভেশ সলনি কৰিব পৰা দক্ষতাৰ বাবে চি আই ডিত ট্ৰাঞ্চপাৰ কৰিছিল তাক।
: না দোষ্ট। ভাল কাম কৰিছো কিন্তু মুখা পিন্ধি। - হো হোৱাই হাঁহি উঠিল দুয়ো।
*********************************
: খবৰটো পাক্কা নে? - সন্দেহৰ দৃষ্টিৰে অৰিন্দমে সুধিলে তৰুণক।
: এশ শতাংশ পাক্কা চাৰ। আজিলৈকে আপোনাক কিবা মিছা খবৰ দিছো জানো! মই নিজেই দেখিছো। - নিজৰ কথাত জোৰ দি কৈ উঠে তৰুণে। বহুত পুৰণা ইনফৰ্মাৰ সি। আঠবছৰীয়া চাকৰী জীবনত কোনো দিনেই ভুল ইনফৰ্মেচন দিয়া নাই সি।
: হেল্ল চাৰ¸ অৰিন্দমে ফোন কৰে শৰ্মাচাৰক। - সকলো কথা বুজাই কলে সি।
: ডোন্ট ৱৰী অৰিন্দম। একো নজনাহৈয়ে থাকিম আমি। এতিয়াই চিচি চাৰক কৈ ৰেইড মাৰিম। - কৈ উঠে তেও।
: থেংকিউ চাৰ। থেংকিউ। ভাল লাগি যায় অৰিন্দমৰ। আইনৰ চকুত সকলো সমান। ৰৌ-বৰালি¸ পুঁঠি কোনো সাৰি যাব নালাগে।
হোটেল এক্স ৱাই জেদ। মহানগৰীৰ অভিজাত হোটেলখনত চলে সঘনাই অনৈতিক কাৰ্য্য। হোটেলৰ কৰ্মচাৰীৰ পৰা মেনেজাৰলৈ সকলো জড়িত। এঘন্টাৰ পিছতে চাৰ্চ ৱাৰেন্ট লৈ হাজিৰ হল পুলিচ বাহিনী। হাঁহাকাৰ লাগিল হোটেলখনত। অৰিন্দমৰ হাঁহি উঠিল। এপাল নষ্ট পুৰুষ মহিলাৰ লগত সন্মানীয় এম এল এ চাৰৰ অৰ্ধ উলংগ ৰূপ কেমেৰাই আবদ্ধ কৰিছে।
*********************************
বাতৰি কাকতত ডাঙৰ হৰফেৰে প্ৰকাশ পালে খবৰটো। একেমুখে ধিক্কাৰ সকলোৰে। বহুদিনৰ মুৰত পুলিচে ভালকাম কৰিছে। লগতে এটা টিপ্পনী।
মহানগৰীৰ সকলো অঞ্চলতে ওলমিছে পোষ্টাৰ¸ ’আহি আছে নিশাচৰ’। নিশাচৰৰ ভয়ত ক্ৰষ্টমান নাৰী নিৰ্যাতনকাৰী। হাঁহি উঠিল অংকিতাৰ। ওচৰৰ ঘৰটোত এহাল স্বামী-স্ত্ৰী থাকে। মতাটোৱে সদায় মদখাই আহি মাৰপিট কৰে ঘৈনীয়েকক। ঘৈনীয়েকে চিঞৰি চিঞৰি কান্দে। আজিও কিবা কাজিয়া লাগিছিল। ঘৈনীয়েকে চিঞৰি কৈ উঠিল চাৰিআলিলৈ গৈ নিশাচৰক জনাই দিবগৈ। তেতিয়াৰ পৰা গিৰিয়েক নিশ্চুপ। কুঁৱাৰ পানী উঠাইছে¸ ঘৰৰ কামত ঘৈনীয়েকক সহায় কৰিছে। যেন নিশাচৰৰ মাধমাৰৰ ভয়।
আজিকালি ৰয়েল এনফিল্ড চলোৱা সকলোকে চাই তাই¸ কিজানি তেৱেই হয়। মানুহজনৰ মুখখন দেখা নাছিল তাই। কিন্তু অবয়বৰ পৰা বুজিছিল তেও এজন চফল ডেকা। তেও বাৰু বিয়া পাতিছেনে নাই। অনামী মৰম এটা সোমাই তাইৰ মনত। আই লাভ ইউ নিশাচৰ বাইকাৰ্চ¸ মনতে কৈ উঠে তাই।
*********************************
গুৱাহাটীৰ কোনো অজ্ঞাত স্হান। চাৰিওফালে ওখ গছগছনিৰে আবৰা এক পাহাৰীয়া অঞ্চলত সুৰক্ষিত ট্ৰেইনিং কেম্পটো। নতুনকৈ বনোৱা আচাম টাইপৰ ঘৰকেইটাৰ চাৰিওফালে কাইতীয়া তাৰৰ বেৰ। বেৰৰ বাহিৰৰ ফালৰ পৰা কম্পাউন্ডটো আবৰি দ খাল এটা। খাল পাৰহৈ যাব পাৰিলেও কাইটীয়া বেৰ পাৰ হৈ বাহিৰৰ পৰা ভিতৰ সোমোৱা বা ভিতৰৰ পৰা বাহিৰ ওলাই অহা অসম্ভব। চৌব্বিশঘন্টাই কাইটীয়া বেৰখনত প্ৰবাহিত হৈ থাকে বিদ্যুৎ।
এ এইচ টি চিৰ ট্ৰেইনিঙ কেম্পটোৰ প্ৰশিক্ষক কেপ্তেইন সান্তনু চাংমাই ক্ৰাইম ব্ৰাঞ্চৰ এচিপি। শাৰিৰীক অসুস্হতাৰ বাবে ছমাহ অফিচিয়েলী চুটিত থাকিলেও দৰচলতে এ এইচ টি চিৰ এজেন্টবোৰক ট্ৰেইন কৰি আহিছে তেও। তেওক সহায় কৰিছে বিআইইঅৰ দিএচপি চৌগত চৌধুৰী আৰু টেন এপিবিএনৰ চেকেন্ড ইন কমাণ্ড নয়নজিৎ ডেকাই।
গোটেইকেইজন ডেকা মানুহ। অবিবাহিত নয়নজিৎ ডেকা ফুৰ্তিবাজ মানুহ। হাঁহি ধেমালীৰেই এজেন্ট বোৰক ট্ৰেইন কৰে তেও। বিভিন্ন বিভাগৰ পৰা ডেপুটেচনত অহা মানুহবোৰৰ লগত বৰবেছি কষ্ট কৰিব নালাগে।
সান্তনু চাংমাই মানুহজন খুউব পাংচুৱেল। গহীন গম্ভীৰ মানুহজনে নিয়মৰ বাহিৰত এটা কামো নকৰে। আগতে আৰ্মীত আছিল। এপিএচচি পাই পুলিচলৈ আহিল। এবছৰীয়া কণ্যা সমৃদ্ধি আৰু পত্নীলৈ বৰকৈ মনত পৰে তেওৰ। আৰু বেচিদিন নাই¸ সোণকালেই এই গ্ৰুপটোৰ ট্ৰেইনিং কমপ্লিট হব। তাৰ পিছতেই ঘৰৰ পৰা এপাক আহিব তেও। ইচ্ছা কৰা হলে চৌগত আৰু নয়নকে দায়িত্ব দি এসপ্তাহৰ বাবে ঘৰৰ পৰা আহিব পাৰিলে হৈ। কিন্তু তেওৰ বাবে ডিউটি ইজ বিউটি।
সৌগত চৌধুৰী মানুহজন আপোনভোলা। মন গলেই ঘৈনীয়েকৰ লগত ঘন্টাৰ পিছত ঘন্টা কথা পাতে। ফোনতেই পত্নীৰ অভিমানবোৰ ভাঙিব চেষ্টা কৰে। তাকে দেখি নয়নে মুখটিপি হাঁহে।
মেইন গেটত দুজন সশস্ত্ৰ যুবকে পহৰা দি আছে। নাম জিতু আৰু মনজিৎ¸ বয়স দুয়োৰে চাব্বিশৰ ওচৰা ওচৰি।
তেতিয়া এ এইচ টি চিৰ এই কেম্পটোত গোপনে ইমফৰ্মাৰ বোৰৰ ট্ৰেইনিং চলি আছিল। বীৰাংগনাৰ পৰা ত্ৰিশজনী যুবতী আৰু হোমগাৰ্ড সত্তৰজন যুবকক ট্ৰেইনিং দি থকা হৈছিল। সৰহভাগ যুবকেই দেখিবলৈ সাধাৰণ¸ ক্ষীণ চেহেৰাৰ। আনহাতে বীৰাংগনাৰ যুবতী কেইগৰাকী অতিকৈ ধুনীয়া। গ্ৰাউণ্ডত পেৰেড চলি আছিল। ভাইচ কেপ্তেইন সৌগত আৰু নয়নে পেৰেড চাই আছিল। যোৱা তিনিমাহে অশেষ কষ্টৰে এশজন যুবক-যুবতীক সক্ষম কৰি তোলা হৈছে।
দুৰৰ পৰাই চাংমাই চাৰৰ গ্ৰে কালাৰ স্কৰপিঅ’খন দেখি গেট খুলি দিলে মনজিতে। চেলুট মাৰি থিয় দি ৰল জিতু আৰু মনজিত। গাড়ীৰ পৰা নামি চিধাই পেৰেড গ্ৰাউণ্ড পালেগৈ চাংমাই।
: এটেনচন এজেন্টচ্। -গলগলীয়া মাতটোৰে কৈ উঠে তেও। চাবধান পজিচনত থিয় দি ৰল ট্ৰেইনিং লৈ থকা এজেন্টবোৰে। সৌগত আৰু নয়ন তেওৰ পিছপিনে ৰৈ থাকিল।
: আজি তোমালোকৰ শেষ দিন। যিটো উদ্দেশ্যত তোমালোকক ইমান টকা খৰচ কৰি ট্ৰেইন কৰা হৈছে বুজিছা। চো ডু য়োৰ জব অনেষ্টলী। আজিৰ পৰা তোমালোক অৰ্ধ আৰক্ষী। চোৰাংচোৱাৰ এবছৰীয়া কাৰ্য্যকাল ভালদৰেই সমাপ্ত কৰিব পাৰিলেই তোমালোক পুৰ্ণাংগ আৰক্ষীত পৰিণত হবা। গুড লাক…। জয় হিন্দ। - সমস্বৰে সকলোৱে চিঞৰি উঠে জয়হিন্দ।- পেৰেড দিচিমিচ কৰে তেও।
*********************************
: আয়ৈ ঐ আৰু নামাৰিব চাৰ। কম চব কম মই।- ফেকুৰী উঠিল মকুন্দ। গোটেই ৰাতিটো টৰ্চাৰ চলিছে তাৰ ওপৰত। তাৰ উদং পিঠিখন আৰু ভৰিৰ তলুৱা ফাটি গৈছে লাঠিৰ কোবত।
: ঐ সচা কথা ক¸ কিমান দিনৰ পৰা এইবোৰ কৰি আছ? - চুলিকোচাত জোকাৰি ডবিয়াই উঠিল অ’চি বিদ্যুৎ ফুকণে। হাতেলোটে ধৰিছে তাক যোৱাকালি নুনমাটিৰ পৰা।
: সচা কৈছো অ’ চাৰ। পাচবছৰ মানহে হৈছে।- কান্দি উঠিল মকুন্দই। প্ৰথমবাৰৰ বাবে অনুভব কৰিলে পুলিচৰ লাঠিৰ কোব কি! অত দিনৰ ইমান উপাৰ্জন অসাৰ যেন লাগিল তাৰ। ধিক্কাৰ জন্মিল নিজৰ ওপৰতে। কি হে পাইছিল তাক এই ধান্দাত নামিবলৈ। ইতিমধ্যে টিভিত চাগে বাৰে বাৰে দেখুৱাই আছে তাক। কোনটো নাকেৰে ঘৰৰ মানুহে ৰাষ্টাৰে ওলাব। কি দোষ তেওলোকৰ। গুৱাহাটীত সি এইবোৰ কৰা বুলিতো তেওলোকে নাজানে।
এই নিশাচৰ বোলা প্ৰানীটোৰ উৎপাতত ধান্দা বৰবাদ হৈ গৈছে সিহঁতৰ। কোনো কাষ্টমাৰে সমুখত নাহে। সিহঁতকেইজনীকো বহুত কব লাগে। ইন্টাৰনেটৰ মাধ্যমেৰে জাল মেলিছিল সিহঁতে। আজিকালি ফেচবুকৰ মাধ্যমত তেনেই সহজ। বছৰ আদেশ¸ ধান্দা চলাবই লাগিব। নৰ্থ ইষ্টৰ দুৱাৰমুখ গুৱাহাটী এতিয়া দেলহীৰ নিচিনা। দেশ-বিদেশৰ ক্লায়েন্টে খুবেই ডিমাণ্ড কৰে। নাগালেণ্ড¸ মিজোৰামৰ যুবতীবোৰে সিমান চিন্তা নকৰে। আজিকালি সম্ভ্ৰান্ত ঘৰৰ বহুত যুবতীয়েও প্ৰয়োজনৰ তাগিদাত স্বইচ্ছাই সিহঁতৰ জালত ভৰি দিয়েহি। মকুন্দইনো কি জানিব¸ ফেচবুকত কথাপতাজন পুলিচ বুলি। ৰাতিপুৱা এঘাৰমান বজাত ইন্টাৰভিউ দিয়াৰ চলেৰে পুনমক লৈ আহিছিল সি নিৰ্দিষ্টি হোটেলখনৰ কোঠাটোলৈ।
: চাল্লা চুৱৰৰ বাচ্ছা¸ অসমীয়াৰ নামত কলংক তহঁত। - অ’চি বিদ্যুৎ ফুকনৰ প্ৰকাণ্ড গোৰত কেকাঁই উঠিল সি। এনেবোৰ অপৰাধীক লকআপতেই গুলীয়াই মাৰিব মন যায় তেওৰ। ইতিমধ্যে মুখ খুলিছে সি। ভালেমান তথ্য দিছে সিহঁতৰ ৰেকেটটোৰ। যোৱাকালি অৰিন্দম কলিতাই ধৰিছিল তাক। পুনম ওৰফে বিউটি বেগমক নিজে ইন্টাৰোগেচন কৰিছে অৰিন্দমে লেডী এচ আই ৰাজশ্ৰীৰ লগত।
*********************************
বন্দনা হলৰ সমুখত ৰৈ আছিল ৰোজী আৰু ৰাণী। আঠ বাজি গৈছে। গাড়ীখন আহি পাবই লাগিছিল। আচল নাম কি আছিল সিহঁতেও পাহৰিলে। মানুহবোৰৰ মন ভাল লগাই ৰোজী আৰু ৰানী নাম লওতে সেয়াই হৈ পৰিল। পিতৃৰ বয়সীয়া কাৰোবাক সিহঁতৰ দেহটোৰ লগত খেলিলে ঘৃণাত নাক কোচখাই যায়। তথাপিও পেটৰ তাড়নাত সেয়াই কৰিব লাগে সিহঁতে। হওক শৰীৰ বেচা টকাৰেই চলি আছো দুয়োৰে পৰিয়ালটো। কেতিয়াবা কান্দে দুয়ো। চাকৰী বিচাৰি দুয়ো ভৰি দিছিল এই মকৰাজালখনত। ওলাই আহো বুলিও এতিয়া নোৱাৰে।
বগা স্কৰপিঅ’খন আহি ৰয়হি। পিছৰ দৰ্জাখন খুলি দিলে মানুহজনে।
: চোৱা¸ তোমালোকৰ সংস্হাপনৰ ব্যবস্হাটো কৰিম। অলপ কো অপাৰেট কৰা।- ৰিহেবিলিটেচন চেন্টাৰটোত সিহঁতক ড্ৰপ কৰি কৈ উঠে মহানন্দ শৰ্মাই। ইতিমধ্যে বৃহৎ ৰেকেটটোৰ এজেন্টবোৰক চিনাক্ত কৰিছে তেওলোকে। পুলিয়ে পোখাই উভালিবলৈ তেও দৃঢ়প্ৰতিজ্ঞ। পোন্ধৰ বছৰীয়া তেওৰ ছোৱালীজনীয়ে যাতে শান্তিৰে¸ নিৰ্ভয়ে ফুৰিব পাৰে তাৰবাবেই পাৰ্চনেল ইন্টাৰেষ্ট দিছে তেও।
*********************************
মহানন্দ শৰ্মাৰ কেবিনতে বহি আছিল মানুহজন। দেখিলেই গম পোৱা যায় যে তেও কিবা গভীৰ দু:চিন্তাত আছে। ৰিভলভিং চেয়াৰ খনত হেলান দি বহি আছিল এচ পি শৰ্মা। অৰিন্দম ডাইৰেক্ট তেওৰ ৰুমলৈকে সোমাই গল।
: গুড মৰ্নিং চাৰ। - চেলুট দি কৈ উঠে সি।
: প্লিজ চিট ডাউন। - মুৰটো দুপিয়াই শৰ্মাই বহিবলৈ কলে তাক। মানুহজনৰ কাষতে বহি পৰিল সি।
: অৰিন্দম¸ হি ইজ ৰাকেশ। মাই গুড ফ্ৰেণ্ডচ ইয়ংগাৰ ব্ৰাডাৰ। - গহীন হৈ কৈ উঠে শৰ্মাই। তলমুৰ কৰে ৰাকেশ নামৰ মানুহজনে।
: দিচিজ এ হানী ট্ৰেপিং কেচ অৰিন্দম। এন্দ ইউ ৰাকেশ¸ আৰ ইউ মেড! ইমান সুন্দৰ ফেমিলি থকাৰ পিছতো তুমি…- সম্পুৰ্ণ নকৰাকৈ ডবিয়াই উঠিল শৰ্মাই।
: আই এম চৰী শৰ্মাদা। এইবাৰলৈ বচাওক¸ ভবিষ্যতে আৰু কেতিয়াও এনে ভুল নকৰো।- হাতযোৰকৈ কাতৰভাবে কৈ উঠিল মানুহজনে।
কি কব অলপ জুকিয়াই ললে অৰিন্দমে।
: চাৰ মই ভাবো¸ এখেতক আগবাঢ়িব দিয়ক। আমি ফলো কৰিম।
: গুড। লেটচ্ ডিচকাচ। ৰাকেশ এতিয়া তুমি যোৱা। - শৰ্মাৰ অফিচৰ পৰা ওলাই গল ৰাকেশ। কিছু সময় আলোচনা কৰি সিয়ো বিদায় ললে।
খং উঠি আহিছিল তাৰ। শৰ্মাচাৰৰ চিনাকী নোহোৱা হলে অফিচতে পিতিলেহেতেন সি। চাল্লা আয়াচ মানুহ। ঘৰত সুন্দৰ পত্নী পুত্ৰ -কণ্যাৰে ধুনীয়া ফেমিলি থকাৰ পিছতো ফুৰ্তি কিনিব যায়। পাইছে মজাটো। প্ৰথম কিষ্টিত পাঁচলাখ দিছে সিঁহতক। এতিয়া আকৌ দহলাখ বিচাৰিছে সিঁহতে ভিডিঅ‘টোৰ বিনিময়ত। নহলে হেনো নেটত এৰি দিব! উপায় নাপাই পুলিচৰ কাষলৈ দৌৰিছে এতিয়া। মুখৰ মাংসপেশীবোৰ ফুলি উঠে তাৰ
*********************************
কলেজৰ পৰা আহি আছিল পল্লবী আৰু পুলকিতা। অলপ আন্ধাৰ নামি আহিছে। এনভেৰিমেন্টেল চাইঞ্চৰ ক্লাছটোৰ বাবে সদায় দেৰিলৈকৈ ৰৈ থাকিব লাগে সিঁহতে। বেলেগ অসুবিধা একো নাই। মাথো তিনিআলিটো পাৰহোৱাৰ পিছত ৰৈ থাকে অপদাৰ্থকেইটা। পঢ়াশুনা নাই বাপেকৰ হোটেলত খাই দিনটো তহল দিব। ৰাষ্টাৰে যোৱা ছোৱালী জোকাব। হওতে কালৈকো ভয় নকৰে পুলকিতাই। স্কুলত পঢ়ি থাকোতে ককায়েকে কংফু শিকিছিল¸ তাইকো শিকাইছিল সি। মাচুমৰ কেচটোৰ পিছত অলপ সাহসী হৈছে সিঁহত। পল্লবীৰহে লাজটো বেছি।
আজিও ৰৈ আছিল সিহঁতকেইটা। তাহাতক দেখাৰ লগে লগে আনদিনাৰ দৰে কিৰিলিয়াই উঠিল।
: বেবী বুলি লাহেকৈ মাতোনে!
: ইউ আৰ চো হট। - পল্লবীয়ে খামুচি ধৰিলে তাইক। আৰু ৰৈ থাকিব নোৱাৰিলে পুলকিতাই। অতপালি বেছি হৈছে সিহঁতৰ।
: ঐ হাৰামীহত¸ তহঁতৰ মা ভনী নাই।- ঠাছকৈ চৰদুটা লগাই দিলে তাই। পথতো নিৰ্জন নহয়। চিঞৰিলেই মানুহ পোৱা যাব। সিহঁতে চাগে সপোনতো ভাবিব পৰা নাছিল ছোৱালী এজনীয়ে আক্ৰমণ কৰিব বুলি।
: বাহ মেৰে দেশ কী বেটী। - পিছে পিছে আহি আছিল প্ৰফেচৰ ৰিয়ান। স্পেন্ডাৰখন ৰাখি কেইটামান কাণতলীয়া সোধালেগৈ সিহঁতক। দেখাত ক্ষীণহলেও নিয়মিত শৰীৰচৰ্চা কৰা ৰিয়ান চাৰৰ মাৰত ভিৰাই লৰ দিলে সিহঁতে।
: পাষণ্ডহঁত আহিবি আৰু। মুৰ ভাঙি দিম।- শিলগুটি এটা নিক্ষেপ কৰি চিঞৰি উঠে পল্লবীয়ে। খঙতে ফোপাই উঠিছে তাই।
: চাৰ আপুনি। - আচৰিত হৈ কৈ উঠে পুলকিতাই।
: চাব্বাছ দেশ কি বেটী। সকলো নাৰীয়ে এইদৰে সাহসী হলে কোনেও একো কৰিব নোৱাৰিব।- হাঁহি মাৰি কৈ উঠে ৰিয়ানচাৰে।
*********************************
ফাঁচি বজাৰৰ কেডাৰ ৰোড। লেতেৰা লুঙী পিন্ধা বিহাৰী বনুৱাটোৱে ধলংপলংকৈ ঘুৰি ফুৰিছে। দেশী মদৰ গোন্ধতো ভাহি আহিছে মুখৰ পৰা। এপাকত বাগৰি পৰিল মানুহটো। আকৌ উঠিল।
: হজম হোতা নহী হে তো ইতনা পিতে কিউ হো। ৰিক্সাৱালা এজন আহি তাৰ কাষত ৰল। বোধহয় তাৰ সতীৰ্থ।
: নহী যায়গা¸ হম নহী যায়গা।- চিঞৰি মাটিতে বহি পৰে মদাহীটো। ৰিস্কাৱালা আৰু তাৰ টনা আজোৰো। সি কোনোপধ্যেই নুঠে।
: ঐ কি হৈছে ইয়াত? - পেট্ৰলিং জিপখন ৰলহি ওচৰত।
: নাই বাবু। হামাৰ ভাই চাৰাপ খাই কিনে যাবা পাৰা নাই। হামি নিব আহিছে।
: ঐ যা যা¸ জল্ডি লৈ যা ইয়াৰ পৰা ভাগ। হাবিলদাৰ জনে লাঠিদাল জোকাৰি কৈ যায় সিহঁতক।
অলপ আতৰত ৱাগনাৰ এখন ৰৈ আছিল। আৰোহীজন যেন উচপিচাই আছিল।এপাকত গৈ ৰাষ্টাৰ দাতিতে পেচাব কৰে তেও। ৰাতি এঘাৰটা বাজিছে কোনেও নেদেখে। অধৈৰ্য্য হৈ পৰিল মানুহজন। ড্ৰাইভিঙ চিটৰ ওচৰত থকা চুটকেচটো খামুচি ধৰিলে তেও। দহলাখ টকা আছে তাত।
ঘপকৈ ৰঙাৰঙৰ অল্টোখন ৰৈ গলহি ৱাগনাৰখনৰ ওচৰত। পিছৰ দৰ্জাখন খুলি এজন মানুহ আৰু যুবতী এগৰাকী নামি আহিল। ড্ৰাইভিঙত চিটত এজন বহি আছিল।
: টকা।- মানুহজনে ৰাকেশৰ পৰা চুটকেচ লবলৈ হাতখন আগবঢ়াই দিলে।
: হেণ্ডচআপ¸ ডন্ট মুভ। - যেন এই মুহুৰ্তলৈকে বাটচাই আছিল বিহাৰীৰূপী অৰিন্দম আৰু শশাংকই। অল্টোখন যাব খুজিছিল। শশাংকৰ ৰিভলভাৰৰ গুলিত অলপ দুৰগৈ লুটিখাই লাইটৰ পোষ্টত খুণ্ডা মাৰিলেগৈ। য়াছমিন আৰু আক্ৰাম হতভম্ব হৈ ৰৈ থাকিল।
: হানি ট্ৰেপিং হো¸ বাষ্টাৰ্ড…। অৰিন্দমৰ ঘোচাত আক্ৰামৰ দুটা দাত সুলকি পৰিল। ইতিমধ্যে গাড়ীত থকাজনক শশাংকই চোচৰাই আনিছে।
*********************************
কৌশিক তেতিয়া খুৰাকৰ ঘৰতে আছিল। খুৰীমাকে দি যোৱা চাহকাপত চুমুক দি নিউজটো চাই আছে। সমুখৰ চকীখনত বহি খুৰাকেও চাই আছিল আঞ্চলিক নিউজ চেনলটো। এটা জঘন্য অপৰাধৰ ধাৰাবিবৰণী দি আছিল। ৰঙিয়াৰ ওচৰত এজনী ষোড়শ যুবতীৰ মৃতদেহ পোৱা গৈছে। উপৰ্যুপৰি ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰিছে তাইৰ। দেহৰ কাপোৰবোৰ বিশৃংখল। ৰিপৰ্টাৰজনে কঠোৰ ভাষাৰে গালি পাৰি উঠিছে¸ পুলিচৰ অকৰ্মণ্যতাক দুষিছে। আ: অসহ্য আৰু চাই থাকিব নোৱাৰি।
: বাষ্টাৰ্ড¸ গুলিয়াই মাৰিব লাগে ইহঁতক! - চিঞৰি উঠিল বিজিত চৌধুৰীয়ে। খং উঠিছে তেওৰ। আগতে ফৌজত থাকোতে বহুত বিদেশী শত্ৰুক নিহত কৰিছে তেও। কিন্তু এইবোৰ ভয়াবহ¸ ভিতৰৰ শত্ৰুক শাস্তি দিবলৈ তেও অক্ষম। ভাৰতীয় সেনাৰ ৰিটায়াৰ্ড কৰ্ণেল তেও। খঙতে চোফাখনতে ভুকু এটা মাৰে তেও।
: হেৰা¸ তোমালোকে কি কৰি আছাহে। - এইবাৰ তেওৰ খঙতো আহি কৌশিকৰ ওপৰতে পৰিল।
: মোৰ ব্ৰাঞ্চৰ নহয় খুৰা। হোৱা হলে…-কথাটো শেষ নকৰিলে সি। খং তাৰো উঠিছে। এনেবোৰ অপৰাধীক ফাচি দিব লাগে। ট্ৰেফিক এচ আই সি। এইবোৰ কেচৰ লগত সম্পৰ্ক নাই। গাড়ী-মটৰৰ যানজঁত ভাঙোতেই যায় তাৰ। খং উঠে কেতিয়াবা¸ কি যে ব্ৰাঞ্চটোত দিলে নহয় তাক। চাকৰীৰ এডভেঞ্চাৰ অলপো নাই। ট্ৰেফিক ৰুল নমনা কাৰোবাক ধৰিলেও এমেলে¸ মন্ত্ৰী¸ ওপৰৱালাৰ চালা¸ ভতিজা ওলাই। সসন্মানে বিদায় দিব লগা হয় সি। লকআপত সুমুৱাই ভালকৈ এপিটন দিব মন যায় তাৰ।
: হেৰা কৌশিক¸ এনেবোৰ অপৰাধীক পোৱা মাত্ৰেই শ্বুট কৰিব লাগে। শ্বুট এট চাইট।- পুলিচৰ ৰুলবোৰ আৰ্মিৰ নিচিনা ষ্ট্ৰেইট ফৰৱাৰ্ড নহয়। হিউমেন ৰাইটচ্ আন কামত থাকক বা নাথাকক অপৰাধীৰ ক্ষেত্ৰত কিন্তু ঠিকেই আছে। সেইকথা তেৱো বুজে।
: খুৰা¸ কিবা এক্সন নিশ্চয় লব। নতুন ডিজিপি খুবেই ষ্ট্ৰিক্ট। - কৈ উঠে সি।
*********************************
: চাৰ¸ গিভ মি পাৰমিচন। আই ৱান্ট টু কিল্ড ডেম বাষ্টাৰ্ডচ্। - মাতত জোৰ দি কৈ উঠে অৰিন্দমে। খং উঠিছে তাৰ। যদিও কেচটো সিহঁতৰ নহয় তথাপিও এ এইচ টি চিয়ে নিজাববীয়াকৈ তদন্ত কৰিব। ৰিভলভিং চেয়াৰখনত বহি আছিল এডিজিপি চৌধুৰী¸ তেখেতৰ সমুখতে এচ পি মহানন্দ শৰ্মা। ওচৰতে থিয় দি অৰিন্দমে চাই আছিল তেওলোকলৈ। সি নিশ্চিত সোনকালেই অপৰাধীক বিচাৰি উলিয়াব। নিজৰ ওপৰত সেইখিনি বিশ্বাস আছে তাৰ।
: ইটচ্ নট কাৰেক্ট ইয়ংমেন। ইউ কেন কিল্ড দেম অনলী ইন কাউন্টাৰ এটাক। আম নট অৰ্ডাৰিং¸ জাষ্ট ৰিকুৱেষ্ট ইউ। আই কেন আন্ডাৰষ্টেণ্ড। বাট ইভেন ইউ কিল্ড¸ হাউ কেন ৱী প্ৰুভ হিম গিল্টী।- খুউব লাহেলাহে কৈ উঠে চৌধুৰীয়ে।
: য়েছ চাৰ¸ আইম এগ্ৰী উইথ ইউ।
: অকে চাৰ¸ আই নেভাৰ ষ্টপ মি টু পানিচ দেম বেডলী।- কৈ উঠিল অৰিন্দমে।
: ইউ মিন¸ ইউল বি ব্ৰেক দেয়াৰ হেন্দচ এণ্ড ফুট ফৰ লাইফ লং।
: য়েছ। - চৌধুৰী চাৰৰ কথাত একেষাৰে কৈ উঠে সি।
: অকে¸ গো এহেড। - হাঁহি হাঁহি কৈ উঠে তেও।
: থেংকিউ চাৰ। - চেলুট এটা মাৰি ওলাই আহিল সি।
অৰিন্দম যোৱাৰ ফালেই চৌধুৰীয়ে। নিজৰ ডেকা কালতো মনত পৰি গল তেওৰ। আগতে তেৱো অৰিন্দমৰ দৰেই আছিল এংগ্ৰী ইয়ংমেন। ত্ৰিশ-একত্ৰিশ বছৰীয়া লৰাটোলৈ মৰম লাগে তেওৰ। বহুত ওপৰলৈ যাব পাৰিব সি।
: শৰ্মা আপুনি কি ভাবে¸ এই লৰাজনৰ বিষয়ে। বহুত উপৰলৈ যাব পাৰিব সি।
: য়েছ চাৰ¸ হি ইজ এ গুড কো ৱৰ্কাৰ। - কৈ উঠে শৰ্মাই।
*********************************
তেতিয়া সন্ধিয়া সাতমান বাজিছিল। যানজঁটবোৰ অলপ কমিছে। ছয়মাইলত ব্ৰিজৰ তলত নিজৰ ট্ৰেফিক ভানখন বহি আছিল কৌশিক। লগত এজন হাবিলদাৰ আৰু ড্ৰাইভাৰজন। এই বাইকাৰ্চবোৰে গুৰু গোসাই নামানে। এই চেঙলীয়া ডেকাবোৰ পিছপিনে এজনী বহাই ৰাষ্টাতো বাপেকৰ সম্পত্তি বুলি ভাবে। কেইবাজনৰো ফাইন কাটে সি।
: হেল্ল মাইক আলফা…তেনেতে ৱায়াৰলেচত মেচেজটো আহিল।
: মুভ। - দৌৰি গাড়ীত বহি ড্ৰাইভাৰক চলাবলৈ নিৰ্দেশ দিয়ে সি। আগে আগে বিশেষ গাড়ীখন। জয়ানগৰ হৈ ওলাই চিলং দিশত ঢাপলি মেলিচে চেন্ট্ৰোখন। কোনোমতে ক্ৰচ কৰিব পৰা নাই সিঁহতে।
: হেল্ল মাইক আলফা স্পিকিং। - ৱায়াৰলেচত মেচেজটো কৰে সি। ইতিমধ্যে গণেশমন্দিৰ পাৰহৈ গৈছে গাড়ীখন। পিছফালৰ চকালৈ লক্ষ্য কৰি গুলিয়াই দিয়ে কৌশিকে। অলপ দুৰ গৈ গাড়ীখন নপৰাকৈহে ৰল। দুজন লৰা গাড়ীখনৰ ওলাই লৰ দিলে। বিশেষ নাভাবি পুনৰ ফায়াৰ কৰে কৌশিকে। দুয়োজনৰ লৰা বাগৰি পৰিল। ভৰিখন হেচি ধৰি এজনে কেঁকাই উঠিছে। দৌৰি গৈ ড্ৰাইভাৰ আৰু হাবিলদাৰ মিলি ধৰি পেলালে দুয়োকে। ভালকৈ চালে কৌশিকে¸ দুয়োৰে মুখত পাহাৰীয়া সাঁচ বিদ্যমান। হয়তো খাচীয়া। গাড়ীখনৰ ভিতৰত পোন্ধৰ-ষোল্ল বছৰীয়া ছোৱালী এজনীৰ হাতভৰি বন্ধা আছিল। মুখৰ টেপটো খুলি হাতভৰিৰ বান্ধ খুলি দিলে সি। ইতিমধ্যে যুবতী লেবেজান হৈ পৰিছে। ডাংকোলাকৈ তাইক উঠাই আনিলে সি।
: ৱেলডান কৌশিক। - বলেৰ’খনৰ পৰা নামি কৈ উঠিল মাধুৰ্য্য বৰাই। ৱেষ্টজ’নৰ এচিপি তেও। পিছে পিছে শশাংক আৰু তিনিজন। অপৰাধী কেইটাক গাড়ীত উঠাই গলগৈ বলেৰ’খন। দীঘলকৈ উশাষ এটা ললে কৌশিকে। নাৰীকল বাৰীৰ পৰা ছোৱালীজনী অপহৰণ কৰিছিল। হয়তো শ্বিলঙলৈ নিলেহেতেন। মনটো ভাল লাগি গল তাৰ।
*********************************
ৰয়েল এনফিল্ড দুখন ৰৈ আছে। ৰাতি বাৰ বাজি গৈছিল। পথটো সম্পুৰ্ণ নিষ্টব্ধ। ভি আই পি ৰোড হলেও এই ৰাতিখন কোনো চিন-মোকাম নাই ভিআইপিৰ। আৰোহী যুবকদুজনে ইজনে সিজনক ইংগিত দিলে। হাতত সাৰে ভৰিত সাৰে বিশেষ ঘৰটোলৈ সোমাই গল সিহঁত। নিৰ্মিয়মান এই বিল্ডিংটো যত কুটৰ ঘাই। নেপালী ডাৰোৱান টাইপৰ এজনে পহৰা দি আছিল। কঁকালত তাৰ ঠুমুৰী এখন ওলমি আছে।
দৌৰি গৈ এজনে ৰিভলভাৰৰ কুণ্ডাৰে মুৰটোৰ পিছফালে মাৰি দিলে। ঠাইতে বাগৰি পৰিল ডাৰোৱানটো। আনজনে ঠুমুৰীখন কাঢ়ি আগবাঢ়িল। কোঠাটোৰ ভিতৰত চাৰিজন মানুহে তাছ খেলি আছিল। কাষত সুৰাৰ বটল আৰু খালি মাংসৰ প্লেট কেইখনমান। হথাতে অৰিন্দম আৰু শশাংকৰ ৰিভলভাৰ গৰজি উঠিল।
: শেষেই কৰি দিও নেকি?
: নাই নালাগে।- বাগৰি পৰা কেইজনলৈ চাই কৈ উঠিল শশাংকই। ইতমধ্যে গোটেই কেইটাৰ শৰীৰ ৰাঙলী হৈ পৰিছে। এজনে থিয় হবলৈ চেষ্টা কৰা দেখি আঠুলৈ লক্ষ্য কৰি গুলিয়াই দিলে অৰিন্দমে। আঠুৰ ঘিলা ফুটি গৈছে তাৰ। অৰিন্দমে জানে সি জিন্দেগীত থিয় হব নোৱাৰিব।
: তুমিও যে আৰু। হেপাহ পলোৱা নাই ন? - হাঁহি হাঁহি কৈ উঠে শশাংকই।
ডাঙৰ কোঠাটোত ছয়গৰাকী যুবতী বন্দী হৈ আছিল। আটাইৰে হাতমুখ বন্ধা। চাউণ্ড প্ৰুভ ঘৰটোৰ বাহিৰলৈ শব্দ নোলাই।
: য়েছ চাৰ¸ মিচন ইজ কমপ্লিট চাৰ।- ফোনত কৈ উঠে শশাংকই।
অলপ পিছত চাইৰেন বজাই পুলিচ ভানখন আহিল। লগতে এম্বুলেঞ্চ এখন।
*********************************
ভঙাগড়ৰ হেড অফিচত সৰুকৈ মিটিং এখন বহিছিল। এ এইচ টি চিৰ নিজৰ চেম্বাৰত বহি আছিল এডিজিপি চৌধুৰী। ওচৰত চিআইডিৰ এচ পি চৌধুৰী¸ ক্ৰাইম ব্ৰাঞ্চৰ পাৰ্থ আৰু চাংমাই।
অলপ আতৰত বহি আছিল অৰিন্দম আৰু শশাংক।
: গুড জব। ৱেল ডান বোথ অফ ইউ। - চাপৰি বজাই কৈ উঠিল চৌধুৰীয়ে। লগতে বাকী সকলোৱে। আচলতে আগনিশাৰ বৃহৎ সাফল্যত অৰিন্দম আৰু শশাংকক সম্বদ্ধৰ্না জনাবলৈ সৰুকৈ মিটিঙখনৰ আয়োজন কৰিছিল। প্ৰকাণ্ড টেবুলখনৰ ওপৰত পৰি আছে কেইবাখনো বাতৰি কাকত। সকলোতে একেই নিউজ। অলপ আগতে এল ই ডি টিভিত আটায়ে দেখিছিল চিএমে প্ৰশংসা কৰা।
: অৰিন্দম আৰু শশাংক আজিৰ পৰা দুয়োকে এচিপি এপইন্ট কৰিলো। ৱেল ডান। - পুনৰ কৈ উঠে চৌধুৰীয়ে।
: থেংকিউ চাৰ। - একেমুখে কৈ উঠে দুয়ো। গুৱাহাটীত হিউমেন ট্ৰেফিকিং কন্ট্ৰোল কৰাত পাৰ্চনেল ইন্টাৰেষ্ট দিছিল দুয়ো। এই ভাইৰাছটো বৰ্তমান ভালেখিনি কন্ট্ৰোল হৈছে। নিশাচৰৰ ভয়ত সকলো অবৈধ বেপাৰী থৰহৰি কম্পমান।
: জেন্টলমেন আৰু এটা গুড নিউজ আছে। দুই এদিনতে চি এমে এ এইচ টি চি অফিচিয়েলি এপ্ৰুভ কৰিব। - হাততালি বজাই উঠিল সকলোৱে।
*********************************
খবৰটো শুনি ভাল লাগি গল দিব্য প্ৰাঞ্জল শইকীয়াৰ। মুখ্যমন্ত্ৰীয়ে নিজেই কৈ আছে¸ এন্টি হিউমেন ট্ৰেফিকিং চেল শীঘ্ৰেই গঠন হব। প্ৰতিখন ঠানাতেই দুজনকৈ এইচটিচি কৰ্মী নিয়োগ কৰা হব। ঠিকেই ভাবিছিল ডিপি শইকীয়াই¸ গুৱাহাটীৰ নিশাচৰ আতংকত চাগে পুলিচৰেই হাত আছে। সৰ্বসাধাৰণে নাজানিলেও পুলিচৰ মানুহ হিচাপে সেইখিনি অনুমান কৰিব পাৰে তেও। কিয়নো ইমান সুদক্ষ প্লেন আৰ্মী¸ পুলিচৰ বাহিৰে কোনেও কৰিব নোৱাৰে।
: হেৰা মই আহিছোদেই। - ঘৈনীয়েকক মাত লগাই বাইকখন ষ্টাৰ্ট দিলে তেও। এনেতে ফোনটো বাজি উঠিল। এচ আই বিৰাজ শৰ্মাই ফোন কৰিছে।
: বিৰাজ কোৱা।
: চাৰ¸ আপুনি নিউজটো চাইছেনে? চি এম চাৰে নিজেই এনাউঞ্চ কৰিলে।- উৎসাহিত হৈ কৈ উঠিল বিৰাজ শৰ্মাই।
: বিৰাজ¸ মই এতিয়া থানালৈকে আহি আছো। ভালদৰে কথা পাতিম দিয়া। - ফোনটো ৰাখে শইকীয়া।
আচলতে বহুদিন আগতেই ভিতৰুৱা খবৰ এটা শুনিছিলেই তেও। মাচুমৰ কেচটোত চিএমে নিজেই পাৰ্চনেল ইন্টাৰেষ্ট দিছিল। ভাবি ভাবি কেতিয়া থানা পালে কবই নোৱাৰিলে তেও।
এ এচ আই বিমান নেওগ আৰু এচ আই বিৰাজ শৰ্মা তেওৰ বাবেই ৰৈ আছিল।
: ৰাহুল¸ যোৱা মিঠাই লৈ আহা। - এশটকা উলিয়াই দি কনিষ্ঠবল ৰাহুলক পঠিয়ালে তেও। আজি পুলিচ ফোৰ্চৰ ফুৰ্তিৰ দিন।
*********************************
নিশা চাৰে দহ মান বাজিছিল। আগৰতলাৰ পৰা বাছখনৰ পৰা নামিল এজন পঞ্জাবী যুবক। পিঠিত এটা বেকপেক। অলপ দুৰত ৰৈ থকা যণ্ডামাৰ্কা চেহেৰাৰ অটোৱালাজনৰ অটোখনত উঠিল।
: ভাইয়া¸ পল্টবজাৰ যাইগা।
: হা¸ দো ছ লাগেগা।- কৈ উঠে অটোৱালাটোৱে।
: দেগা¸ চলো তুম।- কৈ উঠিল পঞ্জাবীটোৱে। ইতো সিটো কথা কৈ আগবাঢ়ে অটোখন।
: ভাই¸ ৱো মিলেগা? - হথাতে কৈ উঠিল পঞ্জাবীজনে।
: ৱো ক্যা চাৰ। - নুবুজি সুধিলে অটোৱালাটোৱে।
: আৰে য়াৰ¸ অনজান মত বনো। মালুম হে¸ তুমলোগ কে পাচ বহুত চাৰে কন্টেক্ট হে। বৰী মুড হে য়াৰ। জো চাহিয়ে লে লেনা। - হাঁহি মাৰি কৈ থাকে পঞ্জাবীজনে। যেন বহুদিনৰহে চিনাকী। হথাতে ৰৈ গল অটোখন। অটোৱালাজন নামি আহিল। পিচৰ দৰ্জাখন খুলি কলে সি
: উতৰিয়ে আপ। মুঝে আপকো নহী লে জানা।
: আৰে ক্যা হুৱা য়াৰ। জাদা চাহিয়েতো বোল না।- ব্যতিব্যস্ত হৈ পৰে পঞ্জাবীজন।
: কুচ নহী চাৰ। মুঝে মাফ কিজিয়ে। - ভাড়া নোলোৱাকৈয়ে মানুহজনক এৰি গুছি গল অটোখন।
: মিচিকিয়াই হাঁহি উঠিল পঞ্জাবীৰূপী শশাংকই। সেইদিনা পল্টন বজাৰত এইজনকে অৰিন্দমে মাৰিছিল। স্বস্তিৰ নিশ্বাস এটা এৰিলে সি। ইতিমধ্যে অটোখন নেদেখা হৈ গৈছে। অটোখনৰ পিছফালে লিখা আছিল নিশাচৰ।
(সমাপ্ত)

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib