Now you can Subscribe using RSS

Submit your Email

Wednesday 30 August 2017

বিলৰ পাৰৰ ৰাতি

Unknown

সমনীয়াবোৰ গাঁওত নোহোৱাই হল। জীবিকাৰ তাড়নাত বেছিভাগেই বাহিৰত। তপনক প্ৰায়ে লগপাও। বিয়া-বাৰু কৰাই সংসাৰী হল বাবে আগৰদৰে আড্ডা দিয়া নহয়গৈ। সিয়েই লগ ধৰিছিল এদিন। মোৰ ইচ্ছা আছিল। বহুদিন যোৱা নাই। কলেজ এৰাৰ পিছতে যি এবাৰ গৈছিলো। কামত সোমোৱাৰ পিছত আৰু সময় পোৱা নাই। আচলতে সেয়াও এক মজা। এক থ্ৰিল। নিজে মাৰি খোৱা মাছৰ সোৱাদেই বেলেগ।
ৰাতি ভাত খাই তপন আহিল। ময়ো ভাত-পানী খাই সাজু হৈ আছিলো। দহ বাজি গৈছিল।
: তহঁতৰ কাম নাই আৰু। কিয় যাব লাগে। অলপ পইচা দিলেই দেখোন কিনিব পায়।
- দেউতা এবাৰ জকজকাই উঠিল। অবশ্যে তেওৰ কথাটোও হয়। সপ্তাহত তিনিদিনকৈয়ে মাছ খাও। দেউতাই কিনিলে লোকেল মাছে আনে। দেউতাই ভাল নাপায় বাবে মাংস কমকৈ চলে ঘৰত।
আচলতে এই ৰাতিখন বিলত মাছ চাবলৈ যোৱাটোহে দেউতাই ভাল পোৱা নাই। পুতেকলৈ মৰম। কিন্তু কোনে শুনে! ৰাতি পঁচাৰে মাছ মৰাৰ এডভেঞ্চাৰ দিনত দলটনাত ক’ত! তাতে সময়ো নাপাও।
: দেউতা¸ একো নহয়দে। চিন্তা কৰিব নালাগে দুঘন্টাৰ ভিতৰতে আহিম।
- কৈ মাক এনেই দৰ্জাখন জপাই থবলৈ কৈ ওলাই আহিলো।
আগষ্ট মাহ। তীব্ৰ গৰম। আজিকালি গাঁওৰ মাজতো গছ-বন কাটি যধেমধে ঘৰবোৰ সজাৰ ফলত বতাহ বৰকৈ নবলে। তাতে কাৰেন্ট নাথাকিলেতো কথাই নাই। একেবাৰে নৰক যন্ত্ৰনা। গাঁওখন পাৰহৈ বিলৰ পাৰলৈ প্ৰায় এক কিলোমিটাৰ পথাৰখন। আমাৰ দুয়োৰে মুখত মাত নাই। বহুদিনৰ মুৰত ৰাতিৰ অভিযানে আমাক উত্তেজিত কৰি তুলিছে। দুয়োৰে ককালত দুটা খালৈ। মোৰ হাতত পঁচাপাত আৰু এটা তিনি বেটাৰীৰ টৰ্চ। তাৰ হাতত এখন ডেগাৰ। আঁচলতে জোৰা চাবলৈ আহোতে বাঁহৰ ভোটাহে ভাল। কিন্তু সময়ৰ অভাবত বনোৱা নহলগৈ।
গৰমৰ দিন হলেও আজিকালি মানুহবোৰ ৰাষ্টাত ঘুৰি নাথাকে। চেটেলাইট টিভি অহাৰ পিছত সকলো টিভিৰ আগত। দুয়ো জপংজপংকৈ গৈ আছো। নিস্তব্ধ ৰাতিটো নিজৰ খোজৰ শব্দই দুয়ো শুনিছো।
গাঁওখন শেষ হৈয়ে শ্মশানখন। শ্মশানৰ মাজেৰে গলে অলপ চমু হয়। তাৰ সলনি আমাৰ খেতিপথাৰৰ কাষেৰে বিলখনলৈ ঘুৰি যাওতে অলপ দুৰ হয়।
: এইপিনেই যাও বল।
- তপনে কৈ উঠিল। কিবা এটা ভাবি এখোজ ৰৈ সি কৈ উঠিল
: নে বেয়া পাবি?
: হেই¸ তই ভয় কৰিম বুলি ভাবিছ নেকি?
চৰ্টকাট কৰিব এৰি কোনোবাই ঘুৰি যায় নেকি!
- ভেকাহি মাৰি কৈ উঠিলো।
: বহুদিন এইফালে অহা নাই যে¸ বেয়া পাবি বুলি ভাবিছিলো।
: কথা কৱ আৰু! ভয় কৰিলে ৰাতি নাহিলোহৈয়ে।
- হো হোৱাই হাঁহি উঠিলো দুয়ো।
ঘাটত নাও দুখনমান বন্ধা আছিল। মাছমৰীয়া সকলে দিনত ব্যবহাৰ কৰে। কাষৰ নাওখন খুলি দুয়ো উঠিলো। দীঘল চৰিডাল লৈ তপনে চলাই নিলে। আগতকৈ মাছ কমিছে বিলখনত। বহুত কষ্ট কৰাৰ পিছত মজলীয়া আকৃতিৰ ৰৌ দুটাহে পালো।
: মাছ নায়ে দেখোন ঐ। ঘন্টা কি হব এই দুটাৰে।
: অলপ আগুৱাই যাও বল।
- মাজলৈ চলাই নিলে সি। দুদিন আগত ৰসেশ্বৰ কাই ডাঙৰ বৰালি আৰু বাহু কেইটামান পাইছিল। হাহি গাঠি লৈ গৈছিল।
সময় কিমান হৈছিল নাজানো। ভালেখিনি মাছ পাইছো। তপনে বঠা মাৰিছে¸ মই পঁচা। দুয়ো নিশ্চুপ। প্ৰকাণ্ড বাহুটো খেদি দুয়ো গৈ আছো। কমেও আড়ৈ কেজিৰ ওপৰত হব মাছটো। ফুৰ্তিও লাগিছে সমানে ভগালেও চাৰিকেজি মানকৈ হব চাগে। মাছটোৱে যেন লুকাভাকুহে খেলিছে¸ এপাকত মুৰতো দেখুৱাই নেদেখা হৈ যায়। অধৈৰ্য্য হৈ পৰিছো মই।
: ঐ কি হল?
-হঠাতে নাওখন ৰৈ গল। পকনীয়াৰ দৰে সোঁত এটাত তপনে আগবঢ়াব পৰা নাই। এতিয়াহে যেন সম্বিত ঘুৰি আহিল।
: নাজানো¸ নিব পৰা নাই চোন।
- তপনে কলে। অলপপৰ যুঁজি নাওখন চলাই নিলে সি। এতিয়াহে চাৰিওফালে চালো মই। ইতিমধ্যে গাঁওৰ পৰা বহু দুৰলৈ আহিলো।
দুৰৰ নৈখন চকুত পৰিছে। কুকুৰমাৰাত বিলখন কলহী নৈৰ লগ লাগিছে।
: ঐ পৰশ¸ আমাক পৰুৱাই পালে বুজিছ।
- চিন্তাক্লিষ্ট হৈ তপনে কৈ উঠিল। বাৰে বাৰে একেখিনি ঠাইলৈকে উভতি আহিছো। ইতিমধ্যে বহুত দেৰি হৈ গৈছে। ঘৰত চাগে চিন্তা কৰিছে। মই গৈ নোপোৱালৈযে মা নোশোৱে খাটাং। মনটো চেবালে মোৰ। এপাকত নিজৰ ওপৰতো খং উঠিল। কিহে পাইছিল আহিবলৈ। তাতে আজি পুৰ্ণিমা। জোনৰ পোহৰত বিলখন মায়াময় হৈ পৰিছে।
হঠাতে আমাৰ ওচৰতে জপংকৈ পানীত কিবা এটা পৰিল। উচপ খাই তপনলৈ চালো। সিয়ো ভয় খাইছে।
: পৰশ¸ সৌটো কি?
- হঠাতে তাৰ চিঞৰটোলৈ লক্ষ্য কৰি সিঁয়ৰি উঠিলো। বিলৰ পাৰে পাৰে প্ৰকাণ্ড মানুহ এটা খোজ কাঢ়ি ফুৰিছে। দহফুটমান ওখ মানুহটোৰ ভৰিদুখন ছফুটমান দীঘল। মুৰটো ঘোৰাৰ দৰে।
: মানুহ নহয় অ’। বাকৰ পাল্লাত পৰিলো চাগে
- অন্তৰাত্মা কপি গৈছে মোৰ¸ তপনৰো
: আহিব নালাগিছিল অ’ আমি। আজি পুৰ্ণিমা। দে যি আছে কপালত
- চিন্তাক্লিষ্টহৈ কলে সি।
বিলৰ পাৰে পাৰে বস্তুটোৱে তলমুৰকৈ জপংকৈ জপংকৈ খোজকাঢ়িছে। ত্ৰিশফুটমান দুৰৰ পৰা আমি স্পষ্টকৈ শব্দ শুনিছো। বস্তুটোৱে আমাৰ ফালে এবাৰো চোৱা নাই।
: তপন ঐ¸ সি আমাক দেখা নাই চাগে। বেগাই সিপাৰলৈ বল।
- কৈয়ে বঠা মাৰিবলৈ ধৰিলো। তপনেও চলাইছে চৰিডাল। তথাপি শব্দ নোহোৱাকৈ সাবধানে বঠা মাৰিছো। দুয়ো মনে মনে ইষ্ট দেবতাক স্মৰণ কৰিছো। মই জানো কেনেবাকৈ বস্তুটোৰ নজৰত পৰিলে ৰক্ষা নহব। নাৱে মানুহে যে পানীত জুবুৰিয়াই মাৰিব খাটং। তেত্ৰিশ কৌটি দেবতাৰ নাম লৈ মনত থকা গুৰু মন্ত্ৰটো জপ কৰি যিমান পাৰো আতৰি যাবলৈ চেষ্টা কৰিছো। বহুত দেৰিৰ পিছত সিপাৰৰ পথাৰখন পালো। নাওৰ পৰা নামি যিমান পাৰো আঁতৰি যাব লাগে। হাতে-ভৰি ধানৰ পাতে কাটিছে। তথাপি আমাৰ ভ্ৰক্ষেপ নাই। কাৰো মুখত মাত নাই। ভয় খালেও দুয়ো বিতত হোৱা নাই। সিটো পাৰে আছে বস্তুটো। মনত পৰিল¸ বহুদিন আগত গাঁওৰ আমাতকৈ ডাঙৰ লৰা এটাক এনেকৈয়ে ৰাতি জুবুৰিয়াই মাৰিছিল। মুৰতো মাটিত পোত খাই আছিল।
বহুত সময়ৰ পিছত পোহৰ হল। বোধহয় চাৰি বাজি গৈছিল। মুকলি পথাৰখন পোহৰ হৈ পৰিছে।
: ভাল বাছিলোদে ভাই। আৰু ৰাতি জোৰা চাব নাহো।
- বিৰবিৰাই উঠিল তপনে। মই কি কম। এডভেঞ্চাৰৰ ইচ্ছা মোৰো শেষ হৈ গৈছে।
ঘৰপাই দেখিলো তপনৰ মাক আৰু ঘৈনীয়েক আমাৰ ঘৰত। কান্দি কান্দি ঘৈনীয়েকৰ অবস্হা নাই। আমাক দুৱাৰ মুখতে যেন দেউতাই চুইহে নিকিলালে। ঘটনা শুনি মায়ে বাহিৰতে জুই একুৰা জলাই দি জলকীয়া পুৰি গাটো সেঁকি লবলৈ দিলে।
ইতিমধ্যেই শপত খাইছো¸ আৰু ৰাতি বিলত মাছ মাৰিব নাযাও। প্ৰয়োজন হলে চালানী মাছেই খাম।
**

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib