Now you can Subscribe using RSS

Submit your Email

Saturday, 18 April 2020

ফিলিপ চাহাবৰ বাংলাৰ ৰহস্য

Unknown


একা বেঁকা পথটোৰে আমাৰ বলেৰ‘খন আগবাঢ়িছিল। পাহাৰীয়া ৰাষ্টা। আগবেলা টান বৰষুণ এজাক গৈ ৰাষ্টাটো বৰ পিচল হৈ আছিল। ঠায়ে ঠায়ে কৰবাত অলপ মাটি খহি পৰিছিল। এনেকুৱা পথত এদিনীয়া মানুহৰ গাড়ী চলাবলৈ অলপ অসুবিধা হয়। বেছি স্পীডত চলাবও নোৱাৰে। সমুখৰ পৰা অহা গাড়ীক চাইদ দিব গৈ প্ৰায় ৰৈ দিব লগা হয়। ৰাষ্টাটোৰ এফালে থিয় গঢ়া আনফালে ওখ পাহাৰ। কেনেবাকৈ অলপ শ্লিপ হলেই গাড়ীয়ে মানুহে তলত পৰি যে মৃত্যুক সাবতি লব লাগিব সেয়া খাটাং। হয়তো সেইটো ভাবিয়েই আমাৰ ড্ৰাইভাৰ বিৰেনে খুউব সাবধানেৰে লাহে লাহে গাড়ীখন চলাই নিছিল। মনোজ ছাৰে মাজে মাজে পৰম বিৰক্তিৰে হাতৰ ঘড়ীটোলৈ চাইছিল। 

- ৰাহুল¸ আৰু কিমান দূৰ?
- বেছি দূৰ নাই ছাৰ। আৰু দহ কিলোমিটাৰ। 
গুগলত লোকেচন চাই কৈছিল বিৰেনে।

আমনি মোৰো লাগিছিল। তথাপি গন্তব্যস্থল পোৱালৈ ধৈৰ্য্য ধৰি ৰৈ আছিলো। কোম্পানীয়ে বাংলা এটা কিনিছিল। হোটেল এখন বনাব। প্ৰজেক্ট চাবলৈ হেড অফিচে মোক পঠিয়াইছিল। দুদিনমান থাকি পৰিবেশটো এবাৰ চাই ৰিপোৰ্ট বনাব লাগে। কিন্তু জি এম মনোজ ভাৰদ্বাজ লগতে আহিল। তেওৰো ইচ্ছা হৈছিল গুৱাহাটীৰ বাহিৰত দুদিনমান ফুৰি অহাৰ। 

ডিচেম্বৰৰ তৃতীয় সপ্তাহত হাফলঙত বৰ ঠাণ্ডা পৰিছিল। তিনিওজনে জেকেট পিন্ধি আছিলো যদিও ঠাণ্ডা অলপ লাগিছিল। আমি ঠাইখন গৈ পোৱালৈ সন্ধিয়া আঠ বাজি গৈছিল। পাহাৰৰ টিলা এটাৰ ওপৰত ঘৰটো। ইয়াৰ পৰা হাফলং চহৰলৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ। গাড়ীৰ পৰা নামিয়ে আমি চাৰিওফালৰ পৰিবেশটো চাই ললো। বিৰেনে ইতিমধ্যে বেগদুটা লৈ ভিতৰলৈ সোমাই গৈছে। পৰিবেশটো বৰ এটা ভাল নালাগিল মোৰ।  এইখিনি সময়তেই ইয়াত ৰাতি এপৰ যেন লাগিছে। প্ৰায় দহ বাৰ বিঘা মাটিৰ প্ৰকাণ্ড চৌহদটো। কেতিয়াবাই ৰং উৱলি যোৱা ভূতবাংলা সদৃশ এটি দুমহলীয়া বাংলা। যদিও জহিখহি যাব ধৰা বাংলাটোৰ অৱস্থা তথৈবছ¸ তথাপি এসময়ত যে এইটো ইয়াৰ গৌৰবশালী ধুনীয়া অট্টালিকা আছিল তাৰ কাৰুকাৰ্য্যই কয়। বোধহয় বংগৰ মিস্ত্ৰীয়ে ঘৰটো আটকধুনীয়াকৈ নিৰ্মান কৰিছিল। কিমান হব পাৰে ঘৰটোৰ বয়স! আশী বছৰ¸ কি ঠিক এশবছৰো হব পাৰে। বাংলাৰ গেটৰ নাম ফলকখন ধুলি মাকতিৰে চিনিব নোৱাৰা হৈ আছিল। ধুলি মাকতিখিনি আঁতৰাই কষ্টকৈ পঢ়িবলৈ চেষ্টা কৰিলো। মিষ্টাৰ ফিলিফ ৱাটচন। ইংৰাজ ভদ্ৰলোক। বাংলাৰ একাষে থকা চটিয়না গছ কেইজোপাই পৰীবেশটো গহীন কৰি তুলিছে। পিছফালটো চাগে ওখ ওখ গছবোৰে গেজেপনি কৰি তুলিছে। আকাশলৈ চাই এনে লাগিছে যেন আকাশখন দূৰৰ পৰা বাংলাটোৰ মুধচ চুই আছে। এই যেন বগা ডাৱৰবোৰ এইমাত্ৰ বাংলাৰ মুধচতে খহি পৰিব। এনে আকাশৰ ছবি বহুত দেখিছো। শ্বিলঙৰ আকাশত এনে ডাৱৰ দেখি বহুবাৰ আপোনপাহৰা হৈছো। তথাপি আজি কিয় জানো ভাল লগা নাই।এসময়ত চাগে বাংলাৰ বাওফালে ধুনীয়া গাৰ্ডেন এখন আছিল। মৰি যোৱা ফুলৰ গছবোৰৰ শুকান ডালবোৰ আৰু গজি উঠা ঘাঁহবনবোৰেই কয়¸ এসময়ত ধুনীয়া ফুলৰ বাগিছা এখন আছিল। বাগিছাখনৰ মাজত বহিব পৰাকৈ লোৰ দুজনীয়া চকী এযোৰো আছিল। কাজেই ইংৰাজ ভদ্ৰলোকৰ ৰুচিবোধ আছিল সুন্দৰ। কিন্তু এতিয়া এইটো পৰি আছে ভূতবাংলা হৈ। কথাটো এনেয়ে নকয় যে ‘একালৰ বৃন্দাবন¸ একালত পৰে চন।’ মনটো বেয়া লাগিল।

- ছাৰ¸ আহক।
- বয়সীয়াল কেয়াৰটেকাৰ মানুহজনী ওলাই আহি মাতিছিল।

- অ’ গৈছো।

মনোজ ছাৰ কেতিয়াবাই ভিতৰ সোমালগৈ। ধোৱাই থকা কফি একাপ হাতত লৈ গৰম গৰম পকোৰা হাতত লৈ পৰম তৃপ্তিৰে কামোৰ দিছিল তেও। ড্ৰাইভাৰ বিৰেনেও কাষৰ চোফা এখনত বহি কফি খাই আছিল। বিৰেনে মোক দেখি একাষে বহিবলৈ সুবিধা কৰি দি চোফাখনৰ আনফালে বহিলগৈ। দিনৰ ওপৰৱালাৰ ভাবটো যেন তাৰ এতিয়া নাই। জানো¸ এইবোৰ চব মনোজ ছাৰৰ বাবেই হৈছে। দিনত মানুহটোৱে যিমানে সম্ভ্ৰম ৰাখি গাম্ভীৰ্যতা বজাই নাৰাখক কিয়¸ ৰাতি খাবলৈ লগ এজন লাগেই। ড্ৰাইভাৰ মালি যিয়েই নহওক একেলগে মদ খাবলৈ বহি যায়। হওতে ময়ো কৃটিম গাম্ভীৰ্য্য বজাই তলতীয়া কৰ্মচাৰীক হেয় কৰি ৰাখিব নোখোজো। কিন্তু লাই পাই পিছলৈ নমনা হয় বুলিহে সাবধানে অলপ দূৰত্ব বজাই ৰাখো। বিৰেনে যদিও আগতে কলৈকো মোৰ লগত অহা নাই তথাপি মনোজ ছাৰৰ লগত অহা বাবে মোকো একেই লেখিয়া বুলি ধৰি ললে চাগে। কথাটোত বিশেষ গুৰুত্ব দিবলগীয়া নহয় অৱশ্যে। 

- ৰাহুল¸ পকোৰা মজা বনাইছেহে। 
- প্লেটখনৰ পৰা পকোৰা এটা তুলি কৈ উঠিল মনোজ ছাৰে। একে সময়তে ময়ো হাতখন মেলিছিলো দেখি তেও ৰৈ গ’ল আৰু এবাৰ পকোৰাটোলৈ চাই মোৰ মুখলৈ চালে।

- একো নহয়। লৈ লওক।

এই কাণ্ডত বিৰেনে ইমানেই ৰস পালে যে হোঁহোৱাই হাঁহি উঠিল। ময়ো ৰখাব নোৱাৰি হাঁহি দিলো।

- এহ¸ তোমালৈ নথলোৱে নেকি! হব দিয়া পেগ এটা বেছিকৈ লবা দিয়া।
কৈ কৈ মনোজ ছাৰেও আমাৰ হাঁহিত যোগ দিলে।

বাথৰুমত সোমালো। মুখ হাত বিচনাত বাগৰ দিবলৈ লৈছিলোহে মনোজ ছাৰে মাতিলে। ইতিমধ্যে তেওলোক ৰেডি। গুৱাহাটীৰ পৰা টিচাৰ ফিফ্টি বাৰ বছৰৰ ফুল এটা আৰু হাফলঙৰ পৰা অনা চানা¸ চাকনা উলিয়াই ইতিমধ্যেই পেগ বিৰেনে বনাই একপ্ৰকাৰ ৰেডি কৰি মোলৈ ৰৈ আছে।

- ৰাহুল¸ আহা আহা। 
গিলাচটো লৈ একপ্ৰকাৰ চিয়েৰ্ছ কৰিবলৈ মানুহজনে হাতখন আগবঢ়াই দিলে। বিৰেনেও। ইমান সোণকালে ড্ৰিংকচ লবলৈ মন নাছিল। ভাবিছিলো অলপ ৰেষ্ট লম। ছয়ঘন্টাৰ জাৰ্ণিত দেহটো একপ্ৰকাৰৰ অৱশ যেন লাগিছিল। অনিশ্চা স্বত্তেও লাহে-লাহে চিপ ললো। দুয়োজনে ইতিমধ্যে দুটা পেগ শেষ কৰিলেই। লগতে লাগবান্ধ নোহোৱা কথা। বিৰেন এখোপ চৰা। ঘৈনীয়েকৰ লগত হোৱা কাজিয়াৰ ধাৰা বিবৰণী দিবলৈ লাগি গৈছিল। মাজে-মাজে মনোজ ছাৰে তাক উপদেশ দি গৈছিল¸ কেনেকৈ তিৰোতাক বশ কৰিব লাগে। মই মাথো ও অা কৰি আছো।

- মই তাইক ডিভোৰ্চ দি দিম ছাৰ।
- দি দে। তই তাইতকৈ ভাল মাইকী পাবি।

নিচা হৈছিল দুয়োজনৰ। মোৰ হোৱা নাই। হঠাতে দুয়োজন মাতাল হৈ অৱশ হৈ শুই পৰিল। মই ওলাই আহিলো। এতিয়া আৰু ৰেষ্ট লবলৈ মন যোৱা নাই। চাৰে ন বাজিছেহে। গুৱাহাটীত সদায় শোৱতে বাৰ বাজি যায়গৈ। বাংলাটো এপাক চাও বুলি ওলাই আহিলো।

বাংলাটো চোৱাচিটা কৰিবলৈ ডিমাচা মানুহ এহাল আছে। বয়সীয়াল। প্ৰায় ষাঠিৰ ওচৰা ওচৰি দুয়োজনৰে বয়স। মানুহজনীয়ে ৰন্ধাবঢ়া কৰে আৰু মানুহজনে বজাৰ-সমাৰ আদি কৰে। শুনামতে ইংৰাজ ভদ্ৰলোকৰ পিছত বেংগলী ভদ্ৰলোক এজনে ঘৰটো কিনিছিল। তাৰ পিছত অজ্ঞাত কাৰণত অসমীয়া মানুহ এজনক বিক্ৰী কৰি কলিকটালৈ গুছি যায়। তেতিয়াৰে পৰা এইহাল মানুহেই ঘৰটো চোৱাচিটা কৰিছিল। এতিয়া আমাৰ ক’ম্পেনীয়ে কিনি লোৱাৰ পিছতো মানুহ হালেই আছে। ভাত হোৱালৈ এনেয়ে ৰুমত সোমাই থকাতকৈ মানুহ হালৰ লগত কথা পাতি ঘৰটোৰ ইতিহাস অলপ জানিবলৈ মন গ’ল মোৰ। মনোজ চাৰ ইতিমধ্যে ৰুমত সোমাই টিভিৰ আগত বহিছেগৈ। বিৰেনেও চাগে ৰুমত সোমাই ভাগৰ মাৰিছেগৈ। ঠাইখিনিত এটা কথা আচৰিত লাগিছে এতিয়ালৈ কাৰেন্ট যোৱা নাই। বাহিৰখন আন্ধাৰ হলেও গোটেই ঘৰটোৱেই ভিতৰখন পোহৰ হৈ আছে। অথচ গুৱাহাটীত এতিয়ালৈ দুবাৰমান গ’লহেতেন। বাৰটা ৰুমৰ বিশাল ঘৰটো। যদিও বাহিৰৰ পৰা জহিখহি যোৱা যেন ভাবিছিলো¸ কিন্তু ভিতৰৰ পৰা বেছ মজবুত যেনেই লাগিল। ওপৰৰ চাৰিটা ৰুমৰ লগালগিকৈ দুটা ৰুমত মনোজ ছাৰ আৰু মোৰ থকাৰ ব্যৱস্থা কৰিছিল। সমুখৰ সৰু ৰুম এটা বিৰেনৰ।

----
মানুহজনীয়ে কিবা ৰান্ধিছিল। কাষতে মানুহজন থিয় হৈ কিবা কৈ আছিল। মোক দেখি উচপ খাই উঠিল।

- ছাৰ¸ কিবা লাগিছিল নেকি?
- নাই। এনেয়ে আপোনালোকৰ লগত কথা পাতো বুলি আহিলো। বাইদেউ কিহৰ মাংস ৰান্ধিছেনো?

- পহুৰ ছাৰ
- অপ্ৰস্তুত হৈ পৰিছিল মানুহজনী।
- পহু মানে হৰিণ? কত পালে?
- হয় ছাৰ। ওচৰৰ বজাৰত পোৱা যায়। আপোনালোক আহিব বুলি জানি আনিছিলো। 
- বাহ। বঢ়িয়া দেই। তেন্তে জীৱনত প্ৰথমবাৰৰ বাবে পহু মাংসৰ সোৱাদ পাম।
মানুহজনীয়ে লাজলাজকৈ হাঁহিলে।

- বহক ছাৰ।
লৰালৰিকৈ কৰবাৰ পৰা প্লাষ্টিকৰ চকী এখন আনি দিলে মানুহজনে।

মানুহজনলৈ চালো। তেওৰ চকুত সম্ভ্ৰম।
বোধহয় মানুহ হাল স্বামী-স্ত্ৰী। কনফাৰ্ম হবলৈ শুধিলো
- আপোনালোক পতি-পত্নী।
মানুহজনে মুৰ দুপিয়ালে।

- আচ্ছা খুড়া¸ আপোনালোকে কিমান দিনৰ পৰা কাম কৰিছে ইয়াত?
হয়তো দাদা বোলাই নেকি মানুহহাল আচৰিত হৈ মোৰ মুখলৈ চালে। আকৌ সুধিলো

- আপোনালোকে ইয়াত কিমান দিনৰ পৰা কাম কৰিছে খুড়া?
- বহুদিন হ’ল ছাৰ। ফিলিপ চাহাবে ঘৰটো বনাওতে আফাই ইয়াত কাম কৰিছিল। দহবছৰ পিছত চাহাব নিজৰ দেশলৈ গুছি গ’ল। তাৰ পিছত বঙালী চাহাব এজনে কিনিছিল। তেতিয়াই আফাৰ লগত ময়ো ইয়াতে কাম কৰিব আহো। ফুলত পানী দিও। আফা মৰাৰ পিছত এইকো লৈ আহিলো।

- এনেয়ে কিমান বছৰ হ’ল আপোনালোকৰ?
- বহুত বছৰ হ’ল ছাৰ। পঞ্চাশ বছৰমান হ’ল চাগে। 

- ঘৰ ক’ত আপোনালোকৰ? 
- লাংহিনত ছাৰ। ইয়াৰ পৰা পঞ্চাশ কিলোমিটাৰ দূৰত। আগতে এখনেই জিলা আছিল। এতিয়া বেলেগ হ’ল।
আফাৰ ময়ে লৰা আছিলো। মোৰো ছোৱালী এটা আছিল। একৰাতিৰ জ্বৰত কপি কপি মৰিল। ইমান ডাঙৰ হৈছিল।
হাতেৰে বুকুৰ সমানলৈ দেখুৱালে তেও। মাতটো থোকাঠুকি হৈ পৰিছিল। দেখিলো মানুহজনীয়েও আচলেৰে চকুদুটা মছিলে। মোৰো বেয়া লাগিল।

- এতিয়া আফাৰ ভায়েকৰ ল’ৰা-ছোৱালীবোৰ আছে। মাজে-মাজে আহে সিঁহতবোৰ। কেতিয়াবা টকা-সিকা লৈ যায়গৈ।
 মানুহজন অলপ ৰ’ল। উদাসীন হৈ বাহিৰলে চালে।

- আচ্ছা খুড়া¸ কওকচোন বঙালী বাবুৱে কিয় বেছিলে ঘৰটো?
কথা সলাবলৈ সুধিলো।

মানুহহালে এজনে আনজনৰ মুখলৈ চালে।
- কথাবোৰ অলপ গণ্ডগোলীয়া ছাৰ। চনটো মনত নাই। বহুত বছৰ হ’ল। চল্লিছ বছৰমানে হ’ল ছাগে। বাঙালী চাহাবৰ বৰ ধুনীয়া নাতিনী এজনী আছিল। তিলোত্তমা মেম। মই দেখিছিলো। তেজ ফুটো ফুটো গাল। বগী ঢকঢকী। মালিকৰ পাহাৰীয়া ড্ৰাইভাৰ এটা আছিল। চফল ডেকা। 
তাৰ লগত তিলোত্তমা মেমৰ ভাল হ’ল। চোট চাহাবে একদিন দুয়োটাকে একেলগে দেখিলে। খঙতে একো নাই হৈ দুয়োটাকে গুলি কৰি মাৰিলে। এই ঘটনাৰ পিছত তিলোত্তমা মেমৰ মাকজনীয়েও কিছুদিন পিছত ফাঁচি লগাই আত্মহত্যা কৰিলে। মনৰ দূখতে বাঙালী চাহাবে কম দামতে অসমীয়া মানুহ এটাক বিকি দি গুছি গ’ল।

- আচ্ছা¸ অসমীয়া মালিকজনেনো আৰু কিয় বেছিলে?
মই জানিছিলো। এই বাংলাৰ মালিক মিষ্টাৰ চলিহা সম্প্ৰতি আমেৰিকাৰ বাসিন্দা। বহুদিন ঘৰটো এনেয়ে পৰি আছিল। আমাৰ কোম্পানীয়ে কিনিব বিচৰাত এককোটি টকাত বেছি দিলে। তাতকৈ বেছি আৰু একো নাজানো। মন গল শুনিবলৈ 

- ছাৰ¸ আপুনি নাজানে নেকি? আপোনালোকে মালিকৰ পৰা কিনিলে দেখোন।
অবিশ্বাসৰ দৃষ্টিৰে এইবাৰ মোলৈ চাই ৰ’ল মানুহজনে।

- খুৰা¸ ময়ো কোম্পানীৰ কৰ্মচাৰীহে। ওপৰৰ পৰা অৰ্দাৰ দিছে বাবে ইয়ালৈ চাব আহিছো। আমাৰ কোম্পানীয়ে সুবিধা দেখি কিনি ললে বা আপোনাৰ সেই অসমীয়া মালিকে কিবা সুবিধা দেখি কিনিলে। তাতকৈ বেছি নাজানো নহয়। কোম্পানীত যে খলপে খলপে বিভিন্ন কৰ্মচাৰীয়ে কাম কৰে। সিদ্ধান্তবোৰ যে কেৱল বোৰ্ড অফ ডিৰেক্টৰেহে লয়¸ সেয়াও চেয়াৰমেনৰ সন্মতিত সেয়া বুজাবলৈ অলপ কবলগা হ’ল। কিমানখিনি বুজিলে নাজানো। দুয়োজনে হা কৈ মুখ মেলি চাই থাকিল। তাৰ মাজতে মানুহগৰাকীয়ে ভজা মাংসখনো লৰাই থাকিল।

- ছাৰ¸ সিদ্ধান্তৰ কথা কওতে মনত পৰিছে। এতিয়া অসমীয়া মালিকজন কিন্তু বাঙালী চাহাবৰ পৰা ঘৰটো কিনা অসমীয়া বাবুজনৰ পুতেকহে। পোন্ধৰ বছৰমান আগতে এই মালিকৰ খুড়াজন মানে ঘৰ কিনা অসমীয়া বাবুৰ ভাইটো ইয়াতে মৰিছিল। অসমীয়া বাবুৰ পৰিয়াল কৰবাত বিয়া খাবলৈ নে কি গৈছিল। মাত্ৰ মালিকৰ ভাইটোহে আছিল। সেইদিনা মালিকৰ ভাইৰ বন্ধু এজনো আহিছিল। বহুত মদ খাইছিল। ৰাতি দুয়োটা মৰি থাকিল। সিহঁতক ভূতে…

আৰু শেষ নকৰিলে মানুহজনে। 

- ভূত
প্ৰথমবাৰৰ বাবে আচহুৱা শব্দটো শুনি আচৰিত হ’লো। দেখিলো মানুহহালে ইটোৱে সিটোৰ মুখ চোৱাচুই কৰিছে।

- কিবা ভূতৰ কথা কলে যে খুৰা?
- ছাৰ¸ আপুনি ভয় খাব বুলি ই কব টান পাইছে।
এইবাৰ মানুহজনীয়ে মাত দিলে।

- ভয়? এই ভয় চয় কাকো নকৰোদেই খুৰা। কি ভূতৰ কি কাহিনী আপুনি কব পাৰে।

- ছাৰ¸ সেই বাঙালী চাহাবৰ নাতিনীটো যে¸ তিলোত্তমা মেম¸ ভূত হৈ গৈছিল ছাৰ। ৰাতি ৰাতি গোটেই ঘৰত ঘুৰি থাকে। কেতিয়াবা কান্দে। তাইয়েই মাৰিলে অসমীয়া বাবুৰ ভাইক। সেই ভয়তে অসমীয়া বাবুৰ পৰিয়াল ইয়াৰ পৰা যি গ’ল আৰু নাহিলেই। এতিয়াহে আপোনালোক আহিছে। আৰু কি জানে ছাৰ¸ তিলোত্তমা মেমৰ ভূত এতিয়াও আছে। ৰাতি হলে তলতালাত ঘুৰি ফুৰে।

- হোৱাট ৰাবিশ্ব। আজিৰ যুগত ভূত!
এইবোৰ মিছা কথা।
একপ্ৰকাৰ চিঞৰি উঠিলো মই। চায়েঞ্চৰ ষ্টুডেন্ট আছিলো। যুক্তি নোহোৱা কথা বিশ্বাস নকৰো। কলেজত পঢ়ি থাকোতে লগৰবোৰে ভূতলৈ ভয় কৰি থাকোতো এদিন স্মশানৰ পৰাও আহিছিলোগৈ অকলে। ক’তা একোতো নেদেখিলো। 

- মিছা নহয় ছাৰ¸ সঁচা কথা। ৰাতি ৰাতি পায়েলৰ শব্দ শুনা যায়। কৰিডোৰত খোজকঢ়াৰ শব্দ শুনা যায়। ইতো ভয়তে মদ খাই শুই থাকে। ৰাতি ৰুমৰ বাহিৰ নোলাও। কি জানে ছাৰ¸ তিলোত্তমা মেম মৰাৰ পিছত তাইৰ সমষ্ট গহনা তাইৰ লগতে পুতি থৈছিল। তাই সেইবোৰ ৰখি আছে। ইমান আছিল গহন তাইৰ। 
দুয়োখন হাত চপাই আনি এটা আকাৰ দেখুৱাই মানুহজনীয়ে কৈ উঠিছিল। কওতে মানুহজনীৰ মুখত আপচোচৰ ভাব এটা ফুটি উঠিছিল। যেন সেইখিনি পুতি নোথোৱা হলেই সুখী হ’লহেতেন।

ইতিমধ্যে দহ বাজি গৈছিল। মানুহজনীয়ে ভাত বাঢ়ি মনোজ ছাৰ আৰু বিৰেনক মাতিব গৈছিল।

--------

( দুই )

ৰাতিপুৱা সাৰপাই দেখিলো বিৰেন মোতকৈও আগতে উঠিছে। 
- গুড মৰ্ণিং ছাৰ। 
মোক দেখি হাঁহি মাৰি আগুৱাই আহিল সি। হাঁহি মাৰি মুৰ দুপিয়ালো। যথেষ্ট সপ্ৰতিভ লাগিছে তাত। গাধুই সাজি কাছি ৰেডি হৈ আছে। ৰাতিৰ ঘটনাটো মনত পৰিল। 

- কি বিৰেন¸ ঘৈনীয়েৰাক তাৰমানে সঁচাকৈয়ে ডিভোৰ্চ দিবা তাৰমানে।
- কি যে কয় ছাৰ। ৰাতি অলপ বেছি হৈছিল নেকি!
- লাজ লাজকৈ কৈ জিভাখন কামুৰি সোঁহাতেৰে দুয়োখন কাণ টিপি কৈ উঠিল সি। হোঁহোৱাই হাঁহি উঠিলো মই।

মনোজ ছাৰ এতিয়াও উঠা। আঠ বজাৰ আগতে নুঠে। নাক বজাই ফষ্টি মাৰি শুয়ে আছে। কেয়াৰটেকাৰ বাইদেউজনীয়ে দি যোৱা চাহকাপ লৈ আলু পৰঠা খনত একামোৰ মাৰিলো। হ’লঘৰৰ খিৰিকিৰে দেখিলো দূৰৰ হাফলং টাউনখন ভালকৈয়ে দেখা পায়। ওচৰতে সেউজীয়া পাহাৰখন। কালি আহোতে দেখাৰ দৰে ভয়াল ৰূপ এতিয়া নাই। ধুনীয়া চিনাৰী। সাইলাখ শ্বিলঙৰ লাবানৰ দৰে। ধুনীয়া হোটেল এখন হব ইয়াত। ঘৰটোও গোটেই ভাঙি পেলোৱাৰ প্ৰয়োজন নহব। কি নাম ভাল হব বাৰু হোটেলখনৰ হিলভিউ নে চিটিভিউ!

দিনটো বিশেষ কামত নাহিল। সাধাৰণ অলপ কামৰ বাহিৰে মনোজ ছাৰৰ লগত ফুৰিবলৈ যাব লগা হ’ল জাতিংগালৈ। তেও এবাৰো অহা নাই জাতিংগালৈ। বৰকৈ শুনিহে আছিল। প্ৰকৃতিৰ ৰহস্যৰ বাবে চৰাইবোৰে অাত্মহত্যা কৰা ঘটনাটো তেও নিজ চকুৰে দেখি তাজ্জব মানিলে। চকুপানীও টুকিলে দুটোপাল। তাৰ মাজতে চেল্ফিও তুলিলে দুকপিমান। বিৰেনৰ এইবোৰত একো গুৰুত্ব নাই। চলি আছে¸ চলি থাকিব। নোৱাৰা কথাত মাথা মাৰি কি লাভ। মই আগতেও আহিছিলো। শুনাৰ পৰা আকৰ্ষণ এটা আছিল¸ এতিয়াও আছে। জাতিংগাটো মোৰ বাবে মাথো পক্ষীৰ অভিশাপহে।

- ৰাহুল¸ উভতাৰ আগতে ফলচ্ চাব যাম দেই। ওচৰে পাজৰে কি ফলচ্ আছে?
উভতি আহোতে শুধিলে মনোজ ছাৰে।
যদিও গাড়ী চলাই লৈ যাব বিৰেনে। তথাপি ছাৰে মোকেই সোধে। কাৰণ ইয়াত কাম অকল মোৰহে। তেও জানে মোৰ কাম এদিনতে শেষ হৈ যাব। ময়ো না কব নোৱাৰো। সেয়ে এই ট্ৰিপটো তেওৰ অকল ফুৰিবলৈয়ে আহিছে। অৱশ্যে আইডিয়াটো মোৰো বেয়া লগা নাছিল। কালিলৈ কাম শেষ হৈ যাব। পৰহিলৈ যাব পাৰি। 

- অলপ দূৰ হব। কিন্তু বঢ়িয়া চিনেৰি এটা আছে। সাইলাখ হলিউড। কাথি লাংছ

- কাথি লাংছ? সেই ল’ৰা দুটাক মাৰিছিল? নাই ছাৰ¸ সেই ঠাইলৈ নাযাও দেই। বৰ দেঞ্জাৰ জেগা।
বিৰেনে একপ্ৰকাৰ চিঞৰি উঠিল।

- হেৰৌ¸ সেই ইনচিডেন্ট সদায় নহয় নহয়। এতিয়াটো তাৰ মানুহো সজাগ হ’ল।

- হলেও ছাৰ¸ ইমান ৰিস্ক নলও দিয়ক। কাইলৈ খবৰ কৰি ওচৰে পাজৰে কৰবাত দেখুৱাম দিয়ক।

- কি প্ৰৱলেম ৰাহুল? কিবা লৰা মৰাৰ কথা কলে বিৰেনে…

- ছাৰ¸ মই কৈছো শুনক। 
এইবাৰ অভি-নীল হত্যাৰ কাহিনী বৰ্ণোৱাত লাগি গল বিৰেন। মাজে মাজে মুখ খন শেতা পৰিল মনোজ ছাৰৰ। 

- ৰাহুল¸ কাথি লাংছ কেনচেল নাউ। ট্ৰাই এনাডাৰ ছাম টাইম প্লিজ।

- বাট ছাৰ¸ ৱি কেন টেক পুলিচ প্ৰটেকচন না। হোৱাই আৰ ৱি এফ্ৰাইড টু গ’

- প্লিজ প্লিজ
অনুনয়ৰ সুৰত কৈ উঠিল মনোজ ছাৰে। বাহিৰৰ মানুহ। ভয়তো অলপ বেছি। পৰিৱেশটো বেছ উপভোগ্য হৈ উঠিল মোৰ বাবে।
- অ’কে

সন্ধিয়ালৈ আজিও সুৰাৰ মজলিছ বহিছিল। পাৰ্থক্য এইখিনিয়ে আছিল যে গুৱাহাটীৰ চাকনাৰ ঠাইত বাইদেৱে ভজা মুৰ্গী মাংস আছিল আৰু কাইলৈৰ দৰে হুচ হেৰুৱাই পেলোৱাৰ দৰে কোনেও মদ খোৱা নাছিল।

ৰাতি হঠাতে টোপনি ভাঙি গ’ল মোৰ। এনে লাগিল যেন মোৰ ৰুমৰ বাহিৰত কোনোবাই লাহে-লাহে খোজ কাঢ়িছে। মনোজ ছাৰ নেকি? নে বিৰেন? মাত দিব খুজিও ৰৈ গলো¸ এনে লাগিল যেন কোনোবা ৰৈ গৈছে মোৰ দৰ্জাৰ সমুখত। দৰ্জাখন ভিতৰৰ পৰা বন্ধ কৰা আছে। উঠিব খুজিও নোৱাৰিলো। কোনোমতেই চকুদুটা মেলি ৰাখিব পৰা নাই। গভীৰ টোপনিয়ে হেঁচা মাৰি ধৰিছে।

-------

(তিনি)

ৰাতিপুৱা যেতিয়া সাৰপালো¸ দেখিলো আজি মোৰেই দেৰি হ’ল। আঠ বাজি গৈছিল। লৰালৰিকৈ গাটো ধুই ওলাই আহিলো। ৰেডি হৈ মনোজ ছাৰ বিৰেনৰ লগত বাৰাণ্ডাত বহি চাহ খাই আছিল। মোক দেখি কেয়াৰটেকাৰ বাইদেৱে লুচি ভাজি আৰু চাহ আনি বাৰাণ্ডাতে দিলে।

- মৰ্ণিং ছাৰ
- ধুনীয়া সপোন দেখিছিলা ছাগে ন?
হাঁহি হাঁহি মনোজ ছাৰে কলে।

- সোণকালে সাৰ পাইছিলো। অলপ পিছত উঠিম বুলি আকৌ শুই পৰিলো। 
হাঁহি হাঁহি কলো। তেৱো হাঁহিলে।

বিৰেনক লৈ ওলাই গৈছিল তেও। মই নগলো। কাম আছে। যেনেতেনে শেষ কৰিব লাগে। দুটামান যাবতীয় পৰীক্ষা কৰাৰ পিছত সন্ধিয়ালৈ কাম শেষ হৈ গ’ল। 

এনেয়ে অলপ টিলাটো ফুৰি আহো বুলি খুড়াক লৈ ওলাই আহিলো। পাহাৰত খোজকঢ়াৰ এক সুকীয়া মজা আছে। 

আমি উভতি অহালৈ মনোজ ছাৰ আৰু বিৰেন আহি পাইছিল। বোধহয় জলপ্ৰপাতৰ সম্ভেদ লৈ আনিছে। কাইলৈ পুৱা জলপ্ৰপাত চাবলৈ গৈ আবেলি গুৱাহাটীলৈ ৰাওনা হম। কিমান দিন যে হ’ল ফলচ নেদেখা। এলিফেন্ট ফলচ দেখিছিলো কেইবাবছৰ আগতেই। যোৱাবাৰ নায়েগ্ৰা ফলচো চালে। অথচ ঘৰৰ কাষতে থকা ধুনীয়া ফলচটোৱেই দেখা নাই।

আজি বাইদেৱে গাহৰি ৰান্ধিছিল। কালি ৰাতি মোৰ গাহৰি প্ৰীতিৰ কথা জানি মনোজ ছাৰেই কৈছিল গাহৰিৰ সাজ এটা কৰিবলৈ। কাজেই আজিৰ মজলিছৰ চাকনা হ’ল পৰ্ক ফ্ৰাই আৰু কেঁচা মগু। 

ৰাতি এক বজাত হঠাতে মোৰ টোপনি ভাঙিছিল। ৰুমটোত ৰজনীগন্ধা ফুলৰ দৰে ধুনীয়া গোন্ধ এটা ভাহি আছিল। লৰালৰিকৈ বাথৰুমৰ দৰ্জাখন খুলি উইণ্ডো গ্লাছখন আধামান খুলি দিলো। উশাহ বন্ধ কৰি ৰখা বাবে গোন্ধটো নাকত পোৱা নাই। লৰালৰিকৈ ব্লেংকেটখন মুৰলৈ লৈ অলপ সময় শুই থাকিলো। মাথো দহ মিনিট সময়। অনুমান ঠিকেই কৰিছিলো¸ মোৰ ৰুমৰ দৰ্জাখন বাহিৰৰ পৰা বন্ধ। উপাই নাই। মোৰ জোতাৰ গোপন চেল্ফত লুকুৱাই ৰখা হাথিয়াৰটো উলিয়াই লাহে লাহে চকীখন টানি আনিলো। ভেন্টিলেচনৰ গ্লাছ খুলি ওলাই আহিবলৈ অলপ কষ্ট হ’ল। আৰু আধা ঘন্টা সময় পিছত হাতত সাৰে ভৰিত সাৰে ওলাই আহিলো।

এই জাৰৰ দিনটো কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে মোৰ। উত্তেজিত হৈ পৰিছো। দূবছৰৰ পৰা অপেক্ষা কৰিছো আজিৰ দিনটোৰ।

অত্যাধুনিক পিষ্টলটো খামুচি হাতত সাৰে ভৰিত সাৰে চিৰি বগাই নামি আহিলো। মোৰ হাতৰ মাৰণাস্ত্ৰটো সৰু যদিও মাৰাত্মক। মেড ইন জাৰ্মানী। ৰিভলভাৰৰ ছটা বুলেটৰ বিপৰীতে ইয়াৰ বহন ক্ষমতা সাতটা বুলেট। 

তলৰ মহলাৰ পৰিত্যক্ত ষ্টোৰ ৰুমটো খোলাৰ শব্দ হৈছিল। এনে লাগিছিল যেন কোনোবাই সাবধানেৰে চিপৰাং মাৰিছে।  সাবধানতাৰে জুমি চালো। এটা ছায়ামুৰ্তি ভিতৰত ৰৈ আছে। 

দাৰাম ধাম।
হঠাতে কিবা এটা বাগৰি পৰিছিল। উচপ খাই উঠিলো। দৰ্জাখনৰ কাষত চুণৰ টিন এটা এনেভাবে থোৱা আছিল যে দৰ্জাৰ ওচৰত কোনোবা আহিলেই সেইটো বাগৰি পৰে। এটা মুহুৰ্ত মাত্ৰ। তড়িৎ গতিৰে কিবা এটা মোৰ ওচৰলৈ আহিছিল। লহমাতে আঁতৰি পিষ্টলটো টোৱাই টৰ্চটো জ্বলাই দিলো।

- নো নো মিষ্টাৰ। ডন্ট মুভ¸ 

 ধাৰাল ডেগাৰ এখন চিকমিকাই উঠিছিল। ছায়ামুৰ্তিটো ক্ৰমঃশ সমুখলৈ আহিছিল।

এইবাৰ আৰু এটা টৰ্চ জ্বলি উঠিল। 
- ৰাহুল¸ তুমিও?
উদ্যত ৰিভলভাৰ এটা লৈ ভিতৰৰ পৰা মনোজ ছাৰ ওলাই আহিল।

- কি কৰিব ছাৰ! আপোনালোক যিটো উদ্দেশ্যত আহিছে¸ সেই একেই উদ্দেশ্যত ময়ো আহিছো। 
- বক্ৰ হাঁহি মোৰ মুখত। সেই মুহুৰ্ততে এটা অঘটন ঘটিব ধৰিছিল। বিৰেনৰ হাতৰ ধাৰাল দেগাৰখন মোৰ পেটত সুমুৱাব খুজিছিল। কিন্তু তাৰ আগতে মোৰ গুলিত তাৰ হাতৰ দেগাৰখন চিটিকি বাগৰি পৰিল।

- বুজিছেই নহয় মনোজ ছাৰ। ময়ো আছো ইয়াৰ পিছত। অকলে আপোনাক নিব দিয়া নহব। 

- ঠিক আছে। 
ৰিভলভাৰটো নমাই ললে তেও। 
- এটা অংশ তুমিও পাবা। কিন্তু তুমি কোননো প্ৰকৃততে?
আচৰিত হৈ পৰিছিল তেও।

- মই সেইজন¸ যি এইটো বস্তুৰ প্ৰকৃত মালিক। 
- অহ¸
স্বগতোক্তি কৰিলে তেও। ইতিমধ্যেই বিৰেন উঠি বহিছে। সোঁহাতৰ তলুৱা চুই গৈছে গুলীটো। কথমপিহে হাতখন নুফুটাকৈ ৰ’ল। দুখোজ পিছুৱাই গৈ তলমুৰ তৰি ৰ’ল সি।

পকী ভাঙি প্ৰায় তিনিফুট মান খন্দা হৈছিল। চাৰিফুট বহল গাঁত এটা। 

- আপুনি কোন নোসোধো। মই জানো¸ তাপস স্যন্যালৰ আপুনি আত্মীয়। কিন্তু কেনেকৈ গম পালে হীৰা টুকুৰাৰ কথা?
সেই সময়ততো হীৰা নাছিল আপোনাৰ পৰিয়ালৰ হাতত।

হুমুনিয়াহ এটা কাঢ়িলে মনোজে। 
- ঠিকেই কৈছা। মই তাপস স্যন্যালৰ নাতি। ককাই এই প্ৰপাৰ্টি বেছি কলকাতা যোৱাৰ পিছত আমাৰ অৱস্থা কাহিল হৈ পৰে। এনেকি আমাৰ কলকাতাৰ ঘৰটোও বেংকৰ ধাৰত বন্ধকীত থব লগা হয়। এবছৰ আগতে লণ্ডনৰ পৰা প্ৰকাশিত এখন জাৰ্ণেলত ফিলিপ ৱাটচনৰ ডায়েৰীৰ এটা অংশ পঢ়িবলৈ সক্ষম হও। তাতে তেও লিখিছে যে ১৯২৪ চনত বংগোপ সাগৰত পোৱা হীৰা এটুকুৰা তেও লাভ কৰে। মৰমতে হীৰা টুকুৰা তেও ঘৈনীয়েকক দিয়ে। সেই সময়ত মুক্তি সেনানীৰ সদস্য ডিমাপুৰলৈ আহিছিল। অসুৰক্ষিত ভাবি মিছেছ ৱাটচনে হীৰাটুকুৰা মজিয়াৰ তলত পুতি থৈ দিয়ে।কিছুদিন পিছতে মিছেছ ৱাটচনৰ মৃত্যু 
হয়। ঘৈনীয়েকৰ ইচ্ছাক সন্মান জনাই ৱাটচনে আৰু হীৰাটুকুৰা নিবিচাৰিলে। ভূ গৰ্ভতে তাক এৰি লণ্ডনলৈ গলগৈ।

- আই চি। তোৰ কাহিনী কি বিৰেন?

- মোৰ খুড়া জগহৰি বৈশ্য এই ঘৰৰ শেষ মালিক বসন্ত চলিহাৰ ভায়েক বৈকুণ্ঠৰ বন্ধু আছিল। মদ¸ জুৱাৰ বৰকৈ আসক্তিৰ বাবে বসন্ত চলিহাই ভায়েকক ভাল নাপাইছিল। হঠাতে এদিন ফিলিপ চাহাবৰ পুৰণি ভৃত্যৰ কোনো আত্মীয়ক লগপাই খুড়াই এই খবৰটো বৈকুণ্ঠ চলিহাক জনাইছিল। ইচ্ছা কৰা হলে বৈকুণ্ঠ চলিহাই হীৰা টুকুৰা বেছি দুয়োজনে মালামাল হব পাৰিলেহেতেন। কিন্তু বিশ্বাসঘাটক চলিহাই খুড়াৰ মদৰ গিলাচত বিহ মিহলাই খুড়াক হত্যা কৰে। কথাবোৰ বৈকুণ্ঠ চলিহাক কোৱাৰ পূৰ্বেই আমাৰ মাক কৈছিল যে দুই এদিনতে মালামাল হব। কিন্তু কুত্তা চলিহাই…

অশ্লীল শব্দ এটা কৈছিল বিৰেনে।

- কিন্তু তেৱোতো মৰিছিল। তেওৰ গ্লাছতো নিশ্চয় তোৰ খুড়াই বিষ দিব লাগিব। অতি লোভতে মৰিল দুয়োজন।

বিৰেনে একো কোৱা নাছিল।

- তুমি নিশ্চয় বৈকুণ্ঠ চলিহাৰ কোনোবা। নহলে কেনেকৈ জানিবা হীৰাৰ কথা?
মনোজে কৈ উঠিছিল।

- আৰে কমতো মনোজ ছাৰ। আগতে এফালৰ পৰা কাহিনী শেষ কৰকচোন। পাৰ্টনাৰ হৈছো যেতিয়া মিলামিছাতো কৰিবই লাগিব না! আচ্ছা কওকচোন বিৰেনক কেনেকৈ লগ পালে আপুনি?

- বছক কৈ কৈ এই প্ৰপাৰ্টিটো কিনিবলৈ মান্তি কৰাও মই। যাতে চোৱাৰ চলেৰে ইয়ালৈ আহিব পাৰো। মদৰ নিচাত এদিন বিৰেনে কৈ দিয়ে মোক সেই কথাটো। তেতিয়াই গমপাই যাও। আচলতে কোন ঠাইত হীৰা টুকুৰা আছে তাৰ এখন নক্সা আছিল। যিখন বিৰেনৰ খুড়াকে ঘৰত ৰাখিছিল। ৱাটচনৰ ডায়েৰীত হীৰা টুকুৰাৰ কথাহে উল্লেখ আছিল। নক্সাৰ বিষয়ে একো বিবৰণ নাছিল। 

- দৰাচলতে ফিলিপ ৱাটচনেও বিচৰা নাছিল যে হীৰা টুকুৰা কাৰোবাৰ হাতত পৰক। তেও মাথো পত্নী প্ৰেমৰ উধৃতিৰেহে হীৰাৰ প্ৰসংগটো আনিছিল!

- হুম। এতিয়া তোমাৰ কথা কোৱা।

- নিশ্চয়। আচলতে কবলৈ গলে চলিহাৰ পৰিয়ালৰ লগত মোৰ দূৰ দূৰলৈ একো সম্পৰ্ক নাই। মোৰ নামো ৰাহুল নহয়। এটা ইন্টাৰনেচনেল চোৰাং জেমচ অৰ্গেনাইজেচনৰ মই সদস্য। লণ্ডনত ৱাটচনৰ আৰ্টিকলটো ওলোৱাৰ পিছতে আমি ফিল্ডত নামিছিলো। ঘৰটো উলিয়াবলৈ আমাৰ সমস্যা হোৱা নাছিল। সমস্যা হৈছিল নক্সাখন লৈহে। সেয়েহে দুয়োটা ফেমিলিৰ ওপৰত চকু ৰাখো। হঠাতে শুনো যে পিকে এছচিয়েটে বাংলাটো কিনিব। তেতিয়াই নকল চাৰ্টিফিকেটেৰে দিল্লীত মেনেজ কৰি আৰ্কিটেক্ট হৈ ইয়ালৈ আহো। যেতিয়া এই কোম্পানীৰ ৰিজ’নেল জিএম স্যন্যাল পৰিয়ালৰ বুলি গম পাও আমাৰ সন্দেহ দৃঢ় হয়।

কৈ কৈ দুয়োজনৰ মুখলৈ চালো। দুয়োজনে ইমান সময়ে মোৰ মুখলৈ তন্ময় হৈ চাই আছে।

- বিক্ৰী কেনেকৈ কৰিবা¸ সেই কথা ভাবিব নালাগে। ইন্টাৰনেচনেল মাৰ্কেটত ইয়াৰ মূল্য দহকোটিৰো অধিক হব। ময়ে বেছি দিম। এজনৰ ভাগত তিনি কোটি তেত্ৰিশ লাখমান বেছি পৰিব।

কৈ কৈ বিৰেনক খান্দিবলৈ ইংগিত দিলো। উৎসাহিত হৈ দুয়োজনে লাগি গ’ল। মই চিগাৰেট এটা জ্বলাই ললো। দুহোপা মাৰি মনোজলৈ আগবঢ়াই দিলো।

সময়বোৰ গৈ আছিল। উত্তেজনাত নিজৰ বুকুৰ ধপধপনি শুনা যেন লাগিছিল। তিনিওটা মানুহ উত্তেজিত হৈ পৰিছিলো।
গাঁতটো পাঁচফুট খন্দা হৈছিল। হঠাতে চিপৰাং খন কৰবাত লাগি ধৰাত বিৰেনে দেখে যে সৰু কাঠৰ চন্দুক এটা লাগি ধৰিছে। দুয়োৰে সাহায্যত সেইটো উপৰলৈ আনিলে সি।

দুফুট বহল সৰু মেহগনি কাঠৰ চন্দুক এটা। ৰং এৰুৱাই কেতিয়াই বেয়া হৈ গৈছে। তাত এটা পিতলৰ তলা। কেবাবাৰো ভাঙিবলৈ চেষ্টা কৰাৰ পিছত তলাটো ভাঙিল।

আমাৰ চকু অবাক বিস্ময়ত ফাটি ওলাই অহাৰ উপক্ৰম হৈছিল। চন্দুকটোৰ ভিতৰত অকলে হীৰাটুকুৰাই নাছিল। মণি-মুক্তা¸ সোণৰ মোহৰবোৰৰ মাজতে হীৰাটুকুৰা আছিল। লণ্ডনৰ মিউজিয়ামত দেখিছো¸ কিন্তু ইমান ধুনীয়া হীৰা আগতে দেখা নাছিলো। বিৰেন আৰু মনোজ বাকৰুদ্ধ হৈ পৰিছে। প্ৰস্তৰ মুৰ্তিলৈ ৰূপান্তৰিত হৈছিল দুয়োটা। সিঁহতে আগতে হীৰা দেখাই নাই।

লাহেকৈ বাকচৰ ঢাকনিখন জপাই দিলো।
এতিয়াহে দুয়োৰে সম্বিত ঘুৰি আহিল। 

- মনোজ¸ তাৰ মানে তুমি ভাবিছিলা যে নক্সাখন লৈ হীৰা টুকুৰা লৈ যাবা। বিৰেনৰ খুৰাকটো এই ঘৰৰ মালিক নাছিল।

মোৰ কথাখিনি মন দি শুনিলে দুয়োটাই। কিবা অলপ ভাবিলে। বিৰেনে মনোজৰ চকুলৈ চালে। কি আছে বাৰু! তাৰ হাতত ধাৰাল দেগাৰখন।

এক লহমা মাত্ৰ। মূহুৰ্ততে দেগাৰখন বিৰেনৰ বুকুত সোমাল। 

মই মনোজলৈ চালো। তাৰ চকুত হীমশীতলতা। দুয়োৰে মাজত মাথো চাৰিফুট দূৰত্ব। বেঁকা হাঁহি এটিয়ে খেলা কৰিলে মোৰ মুখত।

- তিনিৰ এক গল থাকিল দুই। যদিহে তিনিৰ দুই গৈ এক থাকে কিমান যে ভাল হ’ব নহয়নে মনোজ বাবু।

মনোজে ৰিভলভাৰ টোৱাইছিল। কিন্তু তাৰ আগতে মোৰ বেৰেটা পিষ্টলৰ বুলেটে তাৰ কপালত আঘাট কৰিলেগৈ।

হাঃ হাঃ হাঃ হাঃ

এতিয়া গোটেই হীৰাটুকুৰা মোৰ। কেয়াৰটেকাৰ মানুহহালে গম পোৱাৰ আগতেই ৰাতিয়েই ডাউকী হৈ বাংলাদেশ পামগৈ। বেছেৰাহঁত। পুৱাই দেখি পাগল হৈ যাব।

চন্দুকৰ ঢাকনিখন খুলি হীৰাটুকুৰা হাতত ললো। বাহ কি অপূৰ্ব। পলক নজপোৱাকৈ চাই ৰৈছিলো। মন যোৱা নাছিল চকুৰ আঁতৰ কৰিবলৈ। কিন্তু হাতত বেছি সময় নাই। হীৰাটুকুৰা চন্দুকত ভৰাই উঠিব লৈছিলো

- আমাৰ ভাগ নিদিয়ে নেকি ছাৰ?
হঠাতে কোনোবা নাৰীৰ ভাহি আহিছিল।উচপ খাই উঠিলো মই। এনে লাগিল যেন বহু দূৰৰ পৰা ভাঁহি আহি আহিছে মাতসাৰ।

ঘুৰি চালো। দৰ্জাৰ মুখত দুটা ছায়ামুৰ্তি। এটা পুৰুষ এটা মহিলাৰ। 

থপ থপ

চাইলেঞ্চাৰ লগোৱা পিষ্টলৰ বুলেটে দুয়েৰে বক্ষ বিদীৰ্ণ কৰি ৰক্ত বোৱাই দিছে। মানুহ হালৰ যেন একো ভ্ৰক্ষেপ নাই। আগ্নেয়াস্ত্ৰৰ আঘাটেও সিঁহতক ৰখাব পৰা নাই। মেগজিন খালি হৈ গৈছে।এতিয়া কি কৰো! বুকুখন কপি উঠিল।

মানুহ হালৰ চকুত জিঘাংসা। যেন তেজ গোট মাৰি বৰফ হৈ পৰিছে। আট্টহাস্যত ফাটি পৰিছে ঘৰটো। মোৰ মুৰটো আচন্দ্ৰাই কৰা যেন লাগিল। চকা মকাকৈ দেখিলো চাৰিখন হাতে মোৰ ডিঙিত চেপি ধৰিছে। উশাহ লবলৈ কষ্ট হৈছে। ক্ৰমঃশ আদহীয়া মানুহজনী ওঠৰ বছৰীয়া যুবতীলৈ ৰূপান্তৰিত হৈ পৰিল। আদহীয়া মানুহজন কুৰি বছৰীয়া যুবক হৈ পৰিল। দুয়োৰে বুকুৰ পৰা তেজৰ টোপালবোৰ পৰি আছিল। মোৰ চকুৰ আগতে হীৰাৰ চন্দুকটো লাহে লাহে ওপৰলৈ উঠি আহিল। তাৰ পিছত গাঁতত সোমাই ভূগৰ্ভত লীন হৈ গ’ল। আকৌ আগৰদৰে হৈ পৰিছে ঠাইখিনি।

চকুৰ পতা জাপ খাই আহিল মোৰ। আৰু একো মনত নাথাকিল।

************

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib