শুই উঠাৰ পৰাই হিচাপ নিকাচ
অথচ বেলি লহিয়ালেই শেষ
এনেকৈয়ে কথাবোৰ …
কোনোবাই কলে
চিঞৰি কথা কৈ লাভ নাই আজিকালি
সঁচা কথা কবলৈ কাৰো সাহসে নুকুলাই
বাক স্বাধীনতা মাথো এটা অযুহাত
মুখ খুলিলেই আপুনি হৈ যাব পাৰে সমাজদ্ৰোহী
আবেগৰ নদী বৈ যোৱা চহৰত
আপুনি হব পাৰে নিসংগ
কোনেওতো বুজি নাপাই
পানী ৰঙী চিত্ৰত মাথো হুমুনিয়াহ
আপুনি মাথো চাই ৰওক
আপোনাক দেখিলেই হাতবাউলি মাতিব
লাভ নোহোৱা কথাবোৰে
এতিয়া এই চহৰৰ ৰাজপথত
মাথো নানা ৰঙী মিছিল।।
0 comments:
Post a Comment