Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

আশীৰ্বাদ

Unknown
: তই কিয় ইমানকৈ লাগি আছ? পাৰিবি এবছৰ লোকচানত চলাব?
: তহতে ইমান নিগেটিভ কিয় ভাবিছ?
: তই কি ভাব¸ আমাৰ মন নাযায় উপৰলৈ চাব! যিখিনি পানীৰ মাছ তাতেই থকা দৰকাৰ। ইমান কষ্টকৈ সচা পইচাখিনি কিয় পানীত পেলাব খুজিছ?- সেয়া বন্ধুৰ মত। মোৰ কোম্পানীৰ চাকৰীতো ৰিজাইন কৰিব ওলোৱাৰ সিদ্ধান্তৰ সি বিৰোধী।
প্ৰণবদা এতিয়া আদৰ্শ মোৰ। জীবন যুজত হাৰি হাৰি প্ৰণবদাৰ পথেৰেই আগুৱাব খুজিছো। লগৰ দুজনমানক বাদ দি বেছিভাগেই সমৰ্থন নকৰে। বেয়াকৈ দাউন দি দিয়ে। কিন্তু এইবাৰ দৃঢ়প্ৰতিজ্ঞ মই¸ পিছ হুহকি নাহো। ঘৰত কথাটো কলো। মা-দেউতা সদায় মোৰ লগত আছে।
: যি কৰ ভালকৈ মনোযোগেৰে কৰ। হতাশ নহবি। ফেইলাৰ ইজ দা পিলাৰ অব চাকচেচে। - এইষাৰ কথা সৰুৰে পৰা সদায় দেউতাৰ মুখত শুনি আহিছো। হওতে মোৰ লগত অলপ পইচা নথকা নহয়¸ কিন্তু সদায় আনৰ গোলামি কৰি থাকিবলৈ সত নাযায়। সৰুৰে পৰা স্বাধীনচিতীয়া মন এটা থকা বাবেই প্ৰায়েই অসুখী হৈ আহিছো। প্ৰাইভেট চাকৰিত আৰু কি স্বাধীনতা! হকে-বিহকে মাথো ওপৰৱালাৰ গালি! টকাতো উপাৰ্জন কৰি দিলেহে বিশপইচা দিব।
: কাম নাই অ’। বিজনেচত কিমান ৰিস্ক আছে নাজান জানো? চাকৰীয়ে বেষ্ট। দিউটি চেচ¸ টেনচন চেচ।- মোৰ বন্ধুকেইজনে কয়। খং উঠে। বেটাহত যেনেকৈ মৰ মৰ! নিজৰ কথা চিন্তা কৰো আজিকালি। সময়ে অলপ প্ৰেকটিকেল হবলৈ শিকাইছে। চৰকাৰী চাকৰীতো নাপালোৱেই। উপায় নাপাই জীবনৰ কেইটামান বছৰ উচৰ্গা কৰিলো। লগৰ লৰা বহুত ওপৰলৈ গল। কৰবাতে পৰি ৰলো আমিবোৰ। পঢ়াতো সিমান বেয়া নাছিলো অথচ! মধ্যবিত্ত ঘৰৰ সন্তান যে¸ চবতে দিগদাৰ! সুখী হৈ সকলো থকাৰ ভাও দি চলিবও দিগদাৰ আৰু যতে যি পাও কৰিবলৈও লাজ লাগে। খুউব বেয়া পৰম্পৰা এইটো! ঘৰত আকালো নাই ভৰালো নাই। দেউতাৰ চাকৰটোৰে পঢ়াই শুনাই এইখিনি ডাঙৰ কৰিলে¸ এতিয়া লাগ বুলিলেই লাখ লাখ টকা দিব কৰপৰা! পেঞ্চনৰ টকাকেইটাৰে চলি আছে। এইকেইবছৰত যি পালো অলপ গোটালো। ঘৰত দিব নালাগে¸ মাথো মনগলে বজাৰ সমাৰ কৰো।
লাইফটোক লৈ খুবেই চিৰিয়াছ মই।
: জীবন যাপন কৰা নে উদযাপন কৰা? - কলেজত পঢ়ি থাকোতে অসমীয়াৰ ক্লাছত এন কে চাৰে সুধিছিল।
: মই উদযাপন কৰো চাৰ।- কৈ উঠিছিলে। সকলোৱে জীবন যাপন কৰো বুলি কৈছিল। চাৰে পিঠিত থপৰিয়াইছিল মোৰ।
কামত সোমাওতেই ভাবিছিলো¸ এদিন নিজাকৈ কিবা কৰিম! সততা আৰু নৈতিকতাৰ পাঠ শিকাই চোৰ কৰিবলৈকো দেউতাই নিশিকালে! প্ৰাইভেট চাকৰীটোৰে যে ভবিষ্যতে সংসাৰ চলাব নোৱাৰো সেয়া ধুৰুপ।
ইতিমধ্যে ৰুমটো বুক কৰিলোৱে এডভাঞ্চ দি। ফাইল এটা বনাই বেংকটো পেলাইছো। দিআইচি টো পালেও পাম¸ নাপালেও কথা নাই।
: তই গোল খাবলৈ গৈ আছ দেই। পাল্লা দিব পাৰিবি মাৰোৱাৰীৰ লগত?- কৈ উঠে বন্ধুৱে।
মই ভাবি নাপাও ৰিস্ক লব কিয় নোখোজে ইহতে? বোপাইহত পাবি ৰহ মজাতো¸ যেতিয়া ঘৈনীয়েৰহত আহিব।
প্ৰণবদাৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে। মোতকৈ সাতবছৰমান ডাঙৰ হব। ঘৰত বিধবা মাক আৰু ভায়েক ভনীয়েকহাল। মাজে সময়ে ৰাজমিস্ত্ৰীৰ যোগালি কৰি চলিছিল সি। পোন্ধৰবছৰ আগতে আজিৰ দৰে উদ্যোগবোৰো অহা নাছিল। বিহাৰী বহিস্কাৰ আন্দোলনে প্ৰতিস্হা কৰিলে প্ৰণবদাক।
কাতিহাৰত ৰেলৱে ইন্টাৰভিউ দিবলৈ যোৱা অসমীয়া লৰাক মাৰধৰ কৰাত জলি উঠিছিল অসম। ভয়তে আমাৰ গাওৰ বিহাৰী নাপিতকেইটা আৰু ধোবীটোও পলাইছিল। তেতিয়াই জাতীয় আবেগত উটি গৈ প্ৰণবদা আৰু যোগেশদা মিলি মডাৰ্ণ লন্ড্ৰী নামৰ লন্ড্ৰী হাউচটো খুলিছিল। চন্দনদাহতে চুলি কাটিছিল। কিন্তু বেছিদিন চলাব নোৱাৰিলে। অসমীয়া লৰাবোৰে অসমীয়াৰ ওচৰত নহয় বিহাৰী মানুহৰ ওচৰতহে চুলি কাটে। এদিন বন্ধ হৈ গল অসমীয়া চেলুন। যোগেশদাও আতৰি গল। কিন্তু প্ৰণবদা লাগি থাকিল। সকলোৱে হাঁহে¸ দেখিলে কয়- সেয়া কাপোৰ ধোৱাটো গৈ আছে। কাকো ভ্ৰক্ষেপ নকৰে প্ৰণবদাই। পাঁচখন গাও সামৰি এটাই চঁক আমাৰ। এখনেই ধোবাৰ দোকান প্ৰণবদাৰ। মানুহবোৰ নাহি উপাই নাই। লাজ নকৰে প্ৰণবদাই। কাপোৰ ধোৱে¸ কইলাৰ ডাঙৰ ইস্ত্ৰীটোৰে কাপোৰ ইস্ত্ৰী কৰে। বাকীকৈও কাপোৰ ইস্ত্ৰী কৰে তেও¸ কয় পইছা পিছত দিবি। এদিন সৰুকৈ গ্লাছেৰে আবৰা ৰুম এটা সাজি পিচিঅ’ এটাও খুলি দিলে। দোকানৰ সমুখত টুল এখনত বটলত ভৰাই অলপ বেছি দাম লৈ পেট্ৰল বেছে। বাইকাৰ্চবোৰে ইমাৰজেঞ্চী পেট্ৰল কিনে। দহ কি:মি: দুৰ পেট্ৰল পাম্প গাওৰ পৰা।
: ভাল কাম কৰিলি দেই প্ৰণব। তই প্ৰমান কৰি দেখুৱাই দিলি যে অসমীয়া লৰাও পিছপৰা নহয়। তই এটা আদৰ্শ।- মানুহবোৰে আজিকালি প্ৰসংশা কৰে। অথচ এদিন সেইবোৰ মানুহেই ইতিকিং কৰিছিল। আমাৰ চকটোৰ এতিয়া ব্যস্ত ব্যবসায়ী প্ৰণবদা। গেলামাল দোকানখনত ভায়েক বহে। বিয়াও কৰালে ঘৰ সাজি। কৰবাত মাটিও ৰাখিছে বোলে।- শ্ৰদ্ধাত মুৰ দো খাই যায়।
: চা পল¸ কামৰ কোনো সৰুবৰ নাই। কাম কামেই। চুৰতো কৰা নাই¸ লাজ কিহৰ।- কেতিয়াবা কয় প্ৰণবদাই। নিজৰ ওপৰত বিশ্বাস আৰু গৌৰব ফুটি উঠে তেওৰ। মোৰো ভাল লাগে। কৰ্মমুখী যুবক তেও। ময়ো কৰ্মমুখী।
নতুনকৈ ব্যবসায়ত নামিছো। ভবা নাই কি হব! মাথো কষ্ট কৰিছো। গাড়ীখন কিনি লাইনত দিছো। সন্ধিয়া হিচাপ লও। দোকানখনত বহো। মাজে মাজে দেউতা আহে। লগৰ দুই এজন আহি আড্ডা দিয়ে। বিক্ৰী বাঢ়ি আহিছে। সপোনতো বহুতেই আছে দুহাত মেলিব পৰাকৈ।
: বাছা তোৰ মংগল হওক।- মানুহজনে প্ৰায়েই কয় মোক। সৰুতেই এদিন আইতাই কৈছিল¸ এয়া ছমৰীয়াৰ ভকত। সেৱা এটা কৰ।
: নমস্কাৰ গোসাই।- ঠুনুক ঠানাকৈ খোজ কাঢ়ি তেখেতৰ ভৰিচুই দিও। অন্ধ মানুহজনে মুৰত হাতখন থৈ কৈ উঠে- বাছা তোৰ মংগল হওক। মাহেকে পষেকে প্ৰায়েই আহিছিল তেও। মাৰ হাতৰ চাহ একাপ খাই গৈছিল।
: বাবা¸ ছমৰীয়াৰ ভকত ঢুকাল নহয়।- মায়ে কৈছিল এদিন কলেজত পঢ়ি থাকোতেই। আইতাও জীয়াই থকা নাছিল ছমৰীয়াৰ গোসাই বুলি কবলৈ।
তাৰ পিছতো বহুবাৰ শুনিছো এইষাৰ কথা-
বাছা¸ তোৰ মংগল হওক।
মগনীয়া¸ ভিক্ষাৰীক নিৰাশ নকৰো পৰালৈকে। মোৰ জন্মদিনৰ দিনা খোৱাবস্তু অলপ ভগাই দিও সিহতক। কৃতজ্ঞতাৰে মোৰ ফালে চাই। বুজি পাও চকুৰ ভাষাবোৰ।
কালি মানুহজন শুই আছিল মোৰ দোকানৰ সমুখত। গোটেই ৰাতিটো বাৰাণ্ডাতে পৰি থাকিল। কিয়জানো হিন্দীভাষী মানুহজনলৈ বেয়া লাগিল। জৰ উঠি কপি আছিল মানুহজন। ওচৰৰ চাহদোকানখনত অলপ খুৱাই ফাৰ্মাচীখনত বেজি এটা দিয়াই পঠাই দিলো টকা এশ দি। যাহ এনেও নাই মোৰ তেনেও নাই।
: ভগবান তেৰা ভলা কৰে।- অস্ফুট মাতেৰে মানুহজনে কয়। চকুত দুটোপাল চকুপানী। পুতেক-বোৱাৰীয়ে উলিয়াই দিছে ভিক্ষা খুজিবলৈ। ছি: খং উঠিলেও একো কৰিব নোৱাৰো।
দোকানত বহি ৰাষ্টাৰে গৈ থকা মানুহ¸ গাড়ীবোৰ চাই থাকো। আং বাং ভাবি থাকো। বিশ্বাস আছে নিজৰ ওপৰত। চাগে সফল হম। কিন্তু অন্তৰাৰ কথাহে নাজানো! ভালপাও তাইক। নতুনকৈ টেট পাছ কৰি স্কুল এখনত সোমাইছে। প্ৰথমতে তায়ো আপত্তি কৰিছিল চাকৰী এৰি দিয়া কথাটোত পাছত যেনিবা মান্তি হৈছিল মোৰ বুজনিত। বিয়াৰ বয়স হৈছে মোৰো। চবঠিক থাকিলে দুই এবছৰতে কাজখন পাতিম। ঘৰতো কৈ আছে। ধৰিবহে পৰা নাই¸ অন্তৰাই চাকৰী থকা লৰা পচন্দ নকৰেতো! আজিকালিৰ দিনকাল চাই সন্দেহ হয় কেতিয়াবা। কিছুদিন আগতে তাইৰ ঘৰত গম পাইছিল। জনাহে নাই কি ভাবিছে।
: ক্ৰিং ক্ৰিং- হথাত ফোনটো বাজি উঠিল। অন্তৰাৰ ফোন।
: হেই শুনানা¸ ভাল খবৰ। দেউতা মান্তি হৈছে। দুই এদিনতে যাব তোমালোকৰ ঘৰলৈ।- উল্লাসিত হৈ পৰে তাই। মনটো ভৰি গল।
মনত পৰিল¸ ৰাতিপুৱাৰ বুঢ়ামানুহজনৰ মুখখন
: ভগবান তেৰা ভলা কৰে।- কাণত বাজি থাকিল।।

পিতাই পৰম তপ:

Unknown

( গল্প নহয় ছল্প)
------------------
: এক বাতা দুই বাতা… এই এককুৰি তিনি বাতা।- ফুৰ্তিতে জাপিয়ে উঠে মহেনে। এথিয়ান কেনাই বাছাহাত¸ কেনকে পাৰবি দৃষ্টিদি চালা লগৰকেটাৰ দেখি।
: বাপ্পাঔ তোক মানচু দে মহেন। বাতা আৰু গুল্টি মাৰাত তোক কায়ো বলে নৰে। - কৈ উঠ্লা খগেনে।
ৰাতিপুৱাই ভাতকেতা খাই খেলবা ওলে আহে মহেন। কি কৈৰ থাকবো ঘৰোত! ধুতিখান পিনহি হাতদীঘাল গেঞ্জীটো গাত সুমুহে টিকিয়ে ওলে আহে
: এ মাই আইহলুৱে।
: ৰহো বাপা ৰহো। ভাতকেটা খাই যা।
-মিয়াকে মাতে
: ভখ নায়ে মাই।- পুৱাই আঠীয়া কলে মিঠে সানাহ খাছিল ভখ নালগে সিয়াৰ।
: নালগে ৰহো বাপা¸ গৰে মাছ দুটা পুৰ্চু¸ খাই যা।- মৰমোতে কয় মিয়াকে। মিয়াক¸ পিতিয়াকোৰ জিউলাউ মহেন। ষল্লও বছৰ হল¸ পিতিয়াকে কুটা আদালো কৰবা নেদে।
বাটলু গুটি আৰু গুল্টিখান লৈ ওলে আহে মহেন। ঘেতুলুকা¸ হাইট্টাল যতে যি পাই মাৰি ফুৰে। কেথিয়ানো পিতিয়াক-মিয়াকৰ অবধ্য নহায় মহেন। ঘৰত ভাতকেটা খাই বাতাখেলে আছিল মন্দিৰটোৰ চতালত।
: ঐ মহেন¸ ঐ মহেন তহতৰ ঘোৰোত বৈদ্য মাৰামাৰি লাগচি। তাহাতে বাগাৰে বাগাৰে মাল্লা বাপেৰেক। - যদুমনি ফেপেফেপে লৰি আহি কয় সিয়াক। যৰে বাতা তাতে পেলে ঘৰক গেলি দৌৰ দিয়ে মহেনে।
যোগেন খুৰাহানাৰ লগত সদায় দন্ধ লাগে। মষ্ট বৈজ্যাত যোগেনখুৰা হানা। দন্ধ লাগিলয়ে ভিয়াককেটাৰ লগ হৈ পিতিয়াকক মাৰবা খেদি আহে। সেহেতোৰ তিৰিকেটাও বৈজ্যাত বয়া বয়া ভাখা মাতে। মহেনৰ মিয়াকে পিতিয়াকক ঘৰক ঠেলি লৈ আহে। অখভ্য মাহনুৰ লগত মুখ খুজে লাভ নাই। দাঙৰৰ কথাত মহেনে মাত নাপাতে।
: পিতা¸ বাদ দিয়ো। খেচেৰা মাহনুৰ লগত দন্ধ কৰ্লি নিজৰ সন্মানটোহে যাব। চতুৰ্থমান পাছ কৰা পুতাকৰ জ্ঞানত মুগ্ধ হয় মহেনৰ পিতিয়াক। মৰমতে পুতাকৰ মুৰটো পিহি দিয়ে।
: ঐ যোগেন খুৰা¸ কিয়া বেৰাখান আমাৰ দেখি সুমে দিছা।- সীমাৰ বেৰাখান নিজৰ মাটিৰ একজলে ভিতৰত দেখি কৈ উঠে মহেনে।
: ঐ কুকুৰৰ চলি¸ ঐ বটুৱাৰ বিধান। মাঠা ফালি দিম তোৰ।- যোগেনৰ গালি। পিতিয়াকে ঘৰক লৈ আহে সিয়াক। চতালৰ পেৰে দন্ধ কৰে। বিশ্বাস নাই সেহেতোৰ। টাঙান টকান লৈ খেদি আহে। পিতিয়াক আকালইহে!
সেহেতোৰ গৰুটোই বুলে যোগেনহানাৰ বাৰীত সুমে কলপাত খাছিল¸ তাকেলৈ যোগেনৰ ঘৈন্নাকে কুবমাৰি গৰুটোৰ ঠেংখান ভাঙি দিলা। গৰুটো কানি আছে এথিয়ান বিহত। পিতিয়াকে জীবজন্তুক খুব মৰম কৰে। অমানা জীবটোক এনাম অত্যাচাৰ কৰাত খঙত তিঙিৰি তুলা হল।
: এ ডাউৰী¸ এ কুকুৰনী¸ এ হাৰিতখাইটী¸ এনামনু খেচেৰা নাৱে তহত? অমাতা জীবটোক এনকে মাৰবা লাগে নাৱে!- সীমাত থিয়া হৈ গালি পাৰবা ধৰে মিয়াক-পিতিয়াকে।
: তই মোৰ তিৰিক কিয়া গালি পাৰবি- বুলি খেদি আহইলা যোগেন। ভিয়াক দুটাও আহইলা।
দুৰৰ পৰাই দেখাপাই মহেনে। পিতিয়াকক বাগাৰে লৈ যায়ে যেনকৈ গুৰি¸ ভুকি মাৰবা লাগচি।
: মোৰ মাহনুটোক নামেৰিবও¸ বাপৰ পিতিয়াকক নামেৰবিও।- মিয়াকে আটাহ দিছি।
: ঐ ঐ নামেৰবি পিতাৰ। এৰি দি।- গাৰ সমষ্ট বল দি মাৰামাৰি ভাঙবা নৰে সি। কুম্বাৰ গল্টিত হামখুৰী খাই পৰে সি। আৰু একো কবা নৰা হয় সি। দপকে সিয়াৰ খংটো উঠি আহে। সদায় এহেতে এনাই কৰে।
পিতাই ধৰ্ম
পিতাই স্বৰ্গ
পিতাই পৰম তপ:।- পিতিয়াকে পঢ়া শাস্ত্ৰৰ কথাটো মনত পৰে সিয়াৰ। দৌৰ মাৰি যায় ঢেখাল ঘৰৰ পেৰে একেটানে ঢেকীঠুৰাটু আনি উঠাই মুধাই কুব ধৰে
: চাল্লা কুকুৰহাত…।
হিষ্ট পুষ্ট আপাটোৰ হাতৰ কুবত কেকে উঠে যোগেনহানা। কুবত কমৰ ভাঙি যায় যোগেনৰ। ভিয়াকদুটাই ভইভতে লৰ ধৰে। পাছে পাছে খেদি যাই সি।
: মহেনৰ পিতিয়াকক নামেৰবি মহেনৰ আগত¸ হাৰামৰা ভাঙি দিম ঢেকীঠুৰাৰ কুবত।- গাওৰ ভাওনাত ভীমৰ ভাও লৱা মহেনে আটাহ পাৰে।
: বাপা শান্ত হৌ¸ শান্ত হৌ। - পিতিয়াক-মিয়াকে মুৰত হাত ফুৰাই সিয়াৰ। সিয়াৰ সেমান উগ্ৰ খং আজিকগেলি কায়ো দেখা নাছিল। শান্ত আপাতোইযে এনকে মাৰবা পাৰে কায়ো ভাব্বাই পাৰা নাছিল। ভইতে যোগেনহানাই ঘৰত দুৱাৰৱহেঙাৰ দেই। কমৰৰ জৰা লৰি গেছিল সিয়াৰ। ভিয়াক এটাৰ হাত ভাঙছি। সিন্নাৰ পেৰে দন্ধ কৰবা নাহে সেহেতে।
বুঢ়াপিতাৰ কাহিনতো আইতাই কোচিল। মই বুঢ়াপিতাক দেখানাই। জন্মপাৱা বহুত আগতে মৰিল। আইতাও মৰিল দহবছৰ আগতে। মনত পৰে কেতিয়াবা। বুঢ়াপিতাৰ নিচিনা পিতৃভক্তি দেউতাৰ দেখছিলু। কিন্তু মই ছাগে নোল্লু হবা। মাজে মাজে দেউতাৰ অবাধ্য হঙ। বেয়া লাগে মনটো। অন্ন ডেকাৰবুড়াৰ নাতিনাক মোই। অলপটো বংশৰ মৰ্যদা ৰাখবাই লাগবো।
( সম্পুৰ্ণ দক্ষিণ কামৰূপৰ কথিত ভাষাত ৰচিত লেখাটো। আধুনিকতাৰ ধামখুমীয়াত খাৰাংখাছ যেন লগা বহুত শব্দ হেৰাই গল। কিছু মাথো আভাস দিব খুজিছো। পঢ়ুৱৈৰ মতামত পালে ভাল লাগিব।)
দক্ষিণ কামৰূপৰ কথিত ভাষাৰ লিখিত ৰূপ-
জাপিয়ে- জাপমাৰি
এথিয়ান- এতিয়া
কেনাই- কি
কেনকে- কেনেকৈ
পাৰবি- পাৰিবি
মানচু- মানিছো
বাতা - মাৰিৰে খেলা এবিধ খেল।
উঠ্লা- উঠিস
ওলে- ওলাই
টিকিয়ে- চিঞৰি
আইহলুৱে- আহিলো
মিয়াক- মাক
ভখ- ভোক
ষল্লও- ষোল্ল
চালা- চালে
কেথিয়ানো- কেতিয়াও
অবধ্য- অবাধ্য
চতাল- চোতাল
ঘোৰোত- ঘৰত
লাগচি- লাগিছে
মাল্লা- মাৰিলে
ফেপে ফেপে- ফোপাই জোপাই
আকালাইহে- অকলে
সুমে- সোমাই
কুবমাৰি- কোবাই
এনামনু- ইমান নো
কুম্বা- কোনোবা
ভইতে- ভয়তে
লৱা- লোৱা
সেমান -সিমান
সিয়াৰ- তাৰ
আজিকগেলি- আজিলৈকে
কায়ো- কোনেও
সিন্নাৰ পেৰে- তেতিয়াৰ পৰা
দেখছিলু- দেখিছিলো
নোল্লু- নোৱাৰিলো
হঙ- হও
মোই- মই
কোচিল- কৈচিল

সপোনৰ শেষ নাই

Unknown

(গল্প নহয় ছল্প)
-----------------------
জি এটা সপোন কিনিম
মই সপোনৰ সদাগৰ¸
মোৰ প্ৰিয় ৰং সেউজীয়া
কামিজটোও সেউজীয়া।’
- ধুনীয়া পংক্তিটো লিখি অভিভুত হৈ পৰে সি। মনটো খুবেই চঞ্চল। কিযে সপোনবোৰ দেখি থাকে নহয়।
দিনতেই দেখা সপোনবোৰৰ পিছে পিছে কিমান যে দৌৰে সি। অথচ ঢুকি নাপায় কাহানিও। তথাপিও কিযে অদম্য উচাহ! অতীব সুখানুভুতি।
চৰকাৰী চাকৰী নাপায় ব্যবসায়কেই জীবিকা কৰি লয় সি। গ্ৰাহক নোহোৱা সময়ত আকাশ পাতাল ভাবি থাকে। স্মাৰ্টফোনটো অহাৰ পৰা বহুত সুবিধা হৈছে। চোচিয়েল মিডিয়াত সময়বোৰ অতিবাহিত কৰিব পাৰিছে। ফেচবুক গ্ৰুপ এটাত আজিকালি কথা পাতে বিভিন্ন ঠাইৰ ব্যক্তি সকলৰ সতে। চচা¸ চাংমাই দা¸ নন¸ চুলতানা¸ ৰিঅ¸কুলদীপ¸ ৰাজশ্ৰী¸ জিতু¸ মঞ্জিত¸ কৌশিকহতৰ লগত কথাপাতি ভাল লাগে।
বহুদিন আগতে গল্প এটা পঢ়িছিল সি। কাহিনীটো সম্পুৰ্ণ মনত নাই। মুলভাবটোহে অলপ অলপ মনত আছে। সুখ বিচাৰি বিচাৰি বিদেশৰ এজন ধনী মানুহে পৃথিবীৰ নানা দেশ ঘুৰি ফুৰে। সমষ্ট ধন দিও কোনো এখন বজাৰতে সুখ কিনিব নোৱাৰিলে। অবশেষত যেতিয়া সুখ বিচাৰি পাই তেওৰ শেষ সময় সমাগত। পত্নীৰ মৃত্যুৰ শোকত যেতিয়া এজন শোকাকুল স্বামীয়ে আত্মহত্যা কৰিবলৈ এখন নদীলৈ যায়¸ নদীৰ পানীত নিজৰেই প্ৰতিবিম্ব দেখি মন সলনি কৰি উভতি আহে।
জীবনবোধৰ এনেবোৰ কাহিনীকে পঢ়ি শুনি ডাঙৰ হৈছে পলাশ। দেউতাক শিক্ষক বাবে জীবনৰ প্ৰতিটো ধাপতে নীতিশিক্ষাৰ পাঠ শিকি আহিছে সি। খোজে প্ৰতি উজুতি খাই খাই বিষময় যেন জীবন। পলাশেও দেখিছিল ধুনীয়া সপোন কিছুমান। চকুমেলাৰ লগেলগে সপোনবোৰ পলাই ফাট মেলাৰ নিচিনাকৈ মৰহি গৈছিল। ইমান সহজ নহয় মানুহৰ জীবন! নিজকে প্ৰবোধ দিছিল সি। লগৰ সমনীয়া কিছুমানৰ দ্ৰুত উন্নতিত হীনমান্যতাত ভুগিছিল কেতিয়াবা। ডাক্টৰ¸ ইঞ্জিনিয়াৰ নহয়¸ এজন সচা মানুহ তই হলে মোৰ বেছি ভাল লাগিব। দেউতাকে সদায় কোৱা কথাবোৰ ডাঙৰ হোৱাৰ লগেলগে অযুক্তিকৰ¸ অবাস্তব যেন লাগি গৈছিল তাৰ। অথচ সৰু থাকোতে দেউতাকৰ সাধু শুনি টোপনি যাওতে তাৰ প্ৰিয় আছিল¸ জৰ্জ ৱাশ্বিংটনৰ সাধুটো- সেই যে লৰাটোৱে দেউতাকক সহায় কৰাৰ মনোভাবেৰে এফালৰ পৰা মুল্যবান গছবোৰ কাটি পেলাইছিল। দেউতাকে ক্ৰোধিত হৈ চিঞৰি উঠিছিল- কোন মুৰ্খই এই কাম কৰিছে। লৰাটোৱে তলমুৰ হৈ কৈছিল। দেউতা¸ এই মুৰ্খই এই কাম কৰিছো। আপুনি মোক শাস্তি দিয়ক। দেউতাকে লৰাটোৰ সত্যবাদিতা আৰু স্পষ্টবাদিতা মুগ্ধ হৈ কোচত তুলি লৈছিল আৰু চুমা খাই আশীৰ্বাদ দিছিল¸ এদিন সি ডাঙৰ মানুহ হব। যিজন লৰা হৈছিল স্বাধীন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু যাৰ নামেৰে আজি পৃথিবীৰ আটাইতকৈ শক্তিশালী দেশখনৰ এখন চহৰ।- সেই কাহিনীটোৱে বৰকৈ অনুপ্ৰেৰণা দিছিল পলাশক। সৰুতে সিয়ো সপোন দেখিছিল এজন ডাঙৰ মানুহ হোৱাৰ। কিন্তু সময়ৰ লগেলগে বাস্তবৰ ভয়াবহতা অলপ অলপকৈ চকুৰ আগত ধৰা দিছিল তাৰ। সপোনবোৰ ঠানবান হৈ গৈছিল। একো বুজি নোপোৱা কালত দেখা ডাঙৰ মানুহ হব খোজাৰ সপোনটো সংকুচিত হৈ কোনোমতে চলি থাকিব পৰা সাধাৰণ সপোনলৈ ৰূপান্তৰিত হৈছিল। বাস্তব বৰ নিষ্ঠুৰ। ভাবে সি।
অনামিকাক ভাল পাইছিল। বুকুত ব্ৰহ্মকামোৰ দি আতৰি গলগৈ। তাৰপিছত নিকিতা¸ মৌচুমী নাই কাৰোৱে লগত মনবোৰ নিমিলে তাৰ। সকলোকে খালি বাহিৰৰ ৰংবোৰহে লাগে। সচা প্ৰেম¸ ধুনীয়া মন এটাৰ অলপো দাম নাই কাৰোৱেই ওচৰত।
: গিফ্ট কি দিবা মোক ভেলেন্টাইন ডেত।-মৌচুমীয়ে সুধিছিল তাইক। আতৰি আহিছিল সি। বাস্তববাদী সি। বুজি নাপায় কিয় লাগে প্ৰেমৰ বাবে দামী উপহাৰ¸ ৰেষ্টুৰেন্ট-কেন্টিন¸ পাৰ্ক! প্ৰেম বুকুতহে থাকে। মানীবেগততো নহয়!
: মানুহৰ সপোনবোৰ ট্ৰেকত নাথাকেই নেকি বাৰু। যেনি তেনি বাট লয়।- কৃষ্ণাই সুধিছিল কালি গ্ৰুপটোত।
: সপোনৰ শেষ নাই অ’ কৃষ্ণা। সপোনবোৰ এইবাবেই ধুনীয়া। কাৰণ সকলোৱে সপোনত ৰজা। চাল্লা পইতাভাত খায়ো চিকেন বিৰিয়ানিৰ সোৱাদ লব পাৰি।- হাঁহি হাঁহি ৰিপ্লাই দিয়ে সি ধুনীয়া স্মাইলী এটাৰ সতে
: মোৰো বহুত ইচ্ছা আছিল...যি পুৰণ নহ'ল... চকুৰ সন্মুখত এটি আটোমটোকাৰি সপোনৰ অৱক্ষয় সহ্য কৰা বৰ অসহনীয়...- হুমুনিয়াহ এটা কাঢ়ে কাব্যই।
: সপোনৰ অৱক্ষয় নহয়। সপোন দেখা মানুহৰ দুচকু সদায়েই স্বপ্নাতুৰ। সপোন শেষ হ'ব নোৱাৰে। সময়ৰ তাগিদাত এটা সপোনৰ অন্তত আন এটা সপোন নকৈ ফুলে। তাকে সজাবলৈ চেষ্টা কৰাটোহে উচিত।- ৰিয়ান দাই কৈছিল এদিন। মনত পৰে পলাশৰ। হাঁহিমুখীয়া¸ ধেমেলীয়া মানুহজনৰ লগত কথা পাতিলে মনটো ভাল লাগি যায়।
তাৰো সপোন আছিল জালুকবাৰী। শাৰী শাৰী কৃষ্ণচুড়াৰ মাজত সজাব খুজিছিল সপোনবোৰ …! সময় বৰ নিষ্ঠুৰ!
: দেউতাই বিছাৰিছিল উকিল¸ মায়ে ডক্টৰ¸ নিজে ভাবিছিলো পঢ়িম বহুত। এম ফিল পিএইছডি। চাল্লা আমাৰ চৌধ্য গোষ্ঠীত কোনো ডক্টৰেট নাই। ভাগ্যৰ বিড়ম্বনা চাওক সময়ে লাট মাৰি কৰিলে বেপাৰী!- দুখ কৰিছিল সি ৰিয়ানদাৰ আগত।
: তুমি ঠিক ঠাইতে আছা। কলাক ধ্বংস কৰিব নোৱাৰি। পৰিৱৰ্তিত কৰিব পাৰি যদিও ই নতুন ক্ষেত্ৰত নিজকে একেই ৰূপত ধৰি ৰাখে।- হয়তো ঠিকেই কৈছিল তেও। পুৱাৰ পৰা ৰাতিলৈ কেৱল টকাৰ কথা ভাবিয়ে পাৰ নকৰে সি। জীবনটো চলি থাকিব পাৰিলেই হল। তথাপিও যেন ইচ্ছাৰ বিৰুদ্ধে পেটৰ তাড়নাত সংগ্ৰাম কৰিব লাগে। শিল¸বালি¸ইটা¸ লোহা-লক্কৰৰ লগত খেলি মনটোও শিল হৈ যোৱা যেন লাগে তাৰ কেতিয়াবা। মোবাইলৰ স্ক্ৰীনত চকু দিয়ে সি। কৃষ্ণাই লিখেছে-
:HS পঢ়ি থাকোতেই নাহৰৰ নিৰিবিলি ছাঁ পঢ়ি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিছিলো। তাৰ পিছৰ দিনবোৰত সেয়া এক লক্ষ্যস্থিত সপোন হৈ পৰিছিল মোৰ। কিন্তু স্নাতক দ্বিতীয় বৰ্ষত থাকোতেই চাকৰিত জ‌ইন কৰিলো আৰু লগে লগে সেই সপোনৰ ফুলষ্টপ। পিছৰ পৰ্যায়ত পঢ়া শুনাবোৰ সম্পূৰ্ণ হ'লগৈ যদিও বিশ্ববিদ্যালয়ৰ বুকুৰ বাসিন্দা হোৱাৰ সেই আমেজ ক'তো নাপালো। গতিকে সেই সপোনটো এতিয়াও সপোন হৈ থাকি গ'ল, আক্ষেপ থাকি যাব। এতিয়াও কেতিয়াবা টালি-টোপোলা বান্ধি বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বাসিন্দা হৈ গুচি যাবলৈ মন যায়। সঁচা। শিক্ষা জীৱনৰ এচোৱা সোণোৱালী পথত খোজ থবলৈ নাপালো। বহুত মিচ কৰো।- বিশ্ববিদ্যাসয় সপোন হৈ ৰোৱাৰ দুখবোৰে ভিৰ কৰে দুচকুত তাইৰ দুচকুত।
:সঁচা ৰে। সৰুতে কিবা এটা গাইছিলোও ডাঙৰ হৈ ইউনিভাৰ্ছিটীত পঢ়িম টাইপ। পাহৰিলো বহুত দিন হলতো। বৰ ধুনীয়াকৈ লিখিলা অ নোপোৱাৰ কথাবোৰ।- সেইটো ৰিয়ান দা। জীবন যুজত যুজি যুজি ভাগৰি নপৰা মানুহটোক ভাল লাগে তাৰ। কম সময়তে সকলোকে আপোন কৰি লব পাৰে।
: ৰিয়েল ট্ৰেজেডী এইবোৰ... থাকি যাব গোপনে। প্ৰাপ্তিৰ আঁৰতো এইবোৰেই অপ্ৰাপ্তি । য'মে সুধিলেও কবলৈ হ'ব।- কাব্যৰ দুখ
:এনেকৈয়ে ট্ৰেজেডীবোৰো সুন্দৰ হৈ যায় ন? কথাবোৰ টাইপ কৰি থাকোতে মনটো বেয়া লাগি আছিল অকলেই ভুক্তভোগী বুলি। এতিয়া দেখিছো উই আৰ ইন দ্য চেইম বোট ব্ৰাদাৰ। এহ মজ্জা মজ্জা।- ৰিয়ানদাৰ কমেন্ট এইটো। হাঁহিৰে উৰুৱাই দিয়ে মানুহজনে।
দুখবোৰ পাতলি যায় তাৰ। সিয়েই অকলশৰীয়া নহয়¸ সকলোৰে দেখোন কিবা নহয় কিবা দুখ।
: জান পলাশ¸ দুৰৰ পাহাৰ দেখিবলৈ ভাল। ওচৰলৈ গলেহে দেখিবি খলাবমাবোৰ।- নিলাক্ষীয়ে কয় তাক। একেলগে পঢ়া ছোৱালীজনীৰ গিৰিয়েক বিডিঅ’। তাইৰ মনতো দুখ। বিয়া হোৱাৰ পাছবছৰ হল¸ নিসন্তান তাই।
বিতুৰ বিয়াত সি দেখিছিল তাইক। ধুনীয়া মৰমলগা ছোৱালীজনী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। চিনাকী কৰি দিছিল বিতুৱে। মামাকৰ জীয়েকজনীৰ কোনো প্ৰেমজাতীয় সম্পৰ্ক নাই কাৰোৱেই লগত। ছবি অকা ছোৱালীজনীয়ে মৰম লগাকৈ চাইছিল তালৈ। লাভ এট ফাৰ্ষ্ট চাইট যেন হৈ যায় পলাশৰ। বিতুক কব সি। তাৰ লগতেই যাব তাইৰ ঘৰলৈ। যদি ভগবানে দিয়ে তাইকেই বিয়া পাতিব। সপোন দেখে সি।
সপোনৰ শেষ নাই…।।

প্ৰাপ্তি অপ্ৰাপ্তিৰ দোমোজাত

Unknown



বাৰাণ্ডাত বহি আছে মানুহজন। সমুখত দৈনিক বাতৰি কাকতখন। এইমাত্ৰ পেপাৰখনৰ হেডলাইন কেইটা পঢ়ি থৈছে মানুহজনে। সদায় সদায় একেবোৰেই খবৰ। পঢ়িবই মন নাযায়। অলপ আগতে বোৱাৰীয়েকে চাহকাপ দি গৈছিল। এতিয়া ঠাণ্ডা হৈ গল। ভ্ৰক্ষেপ নাই মানুহজনৰ। ৰবিবাৰৰ দিন। ঘৈনীয়েক মন্দিৰলৈ গৈছে। অতীতলৈ উৰামাৰে সদানন্দ কলিতাৰ মনটো।
খুউব দুখীয়া ঘৰৰ লৰা আছিল সদানন্দ কলিতা। পিতাক উমাকান্ত ডেকাবুঢ়াই ধোৱাখুলীয়া স্বভাবটোৰ বাবে সকলো মাটিবাৰি বেছি শেষ কৰিছিল। তেও তেতিয়া ছিক্স নে চেভেন পাইছিল। বায়েক¸ ককায়েকক লৈ পাচজনীয়া পৰিয়ালটো চলিবলৈ কষ্ট হৈছিল।
: বাই¸ মই সদাক লৈ যাও দে। ইয়াক মই পঢ়ুৱাম। মোৰ তাত থাকিব ঘৰখনো চাব।- সম্পৰ্কীয় মোমায়েক পৰমাই মাক-পিতাকক কৈ লৈ আহিছিল গুৱাহাটীলৈ। পৰমা মামা অধ্যাপক চহৰৰ বিখ্যাত কলেজ এখনৰ। গাওৰ লৰা যদিও চহৰৰ বিখ্যাত পৰিয়ালৰ কণ্যাক বিয়া কৰাই তাতেই নিগাজী হৈছিল।
: সদা বজাৰখিনি কৰিবি। সদা মামীয়েৰক চাবি। সদা ইটো সদা সিটো- ঘৰৰ কামবন বোৰ কৰি পঢ়িবই সময় নাপায় তেও। ৰাতি শুৱাৰ সময়ত কিতাপ উলিয়াই। লাহে-লাহে মামীয়েকে যেন সহ্য কৰিব নোৱাৰা হল। বাধ্য হল এদিন ওলাই আহিবলৈ।
: ঐ ভাইটি¸ ট্ৰেইনিং এটা আছে লবি নেকি? - ডাড়ীয়া মানুহজনে সোধে। এইকেইবছৰ দেখি দেখি মৰম সোমাই গৈছে মানুহজনৰ। মামাকৰ কাষৰ ঘৰটোতে থাকে তেও। খাদী বোৰ্ডত চাকৰী কৰে।
: লম।- একে আশাৰেই কয় তেও। ঘৰলৈও ঘুৰি যাব নোৱাৰে। খোৱাৰ অসুবিধা। মামাকেও উলিয়াই দিলে¸ কৰিব কি! ঘৰলৈ গৈ মাত লগাই গুছি গল তেও উত্তৰ প্ৰদেশলৈ। কষ্টৰবা গান্ধী আশ্ৰমত এবছৰীয়া ট্ৰেইনিং। ষ্টাইপেণ্ডৰ টকাকেইটা ঘৰলৈ পঠিয়াই। জীবনটো নতুনকৈ চাবলৈ শিকিলে সদা কলিতাই।
: ফেইলাৰ ইজ দা পিলাৰ অফ চাকচেচ। এভ্ৰি লুচাৰ গট এ চাঞ্চ টু উইন।- ত্যাগীচাৰৰ উদাত্ত ভাষণে সাহস দিয়ে তেওক।
মোককচাঙৰ চাকৰীটো ভালেই আছিল। কেভিআইবিৰ ডেমোষ্ট্ৰেট’ৰ। সহজ সৰল নগা মানুহবোৰে প্ৰায়েই আলু-কচু লৈ আহে। মাথো ভাতমুঠিহে সিজাব লাগে।
: ঐ চাৰ¸ তই ইয়াতে থাকি যা ঐ। তোক আমাৰ মানুহ যেন লাগে। ইয়াৰ ছুৱালী এটা বিয়া কৰাই থাক।- লংথ্ৰাই কয় তেওক। হাঁহে মানুহজনে। কেভিআইবি অফিচটোৰ চকীদাৰ সি। বৰ ভাল পাই সদাক। আপুনি তই মিক্স কৰি কোৱা ভাষাটো শুনি বৰ ভাল লাগে কলিতাৰ। ইতিমধ্যে সহকাৰী বিষয়ালৈ প্ৰমোচন পাইছিল তেও। জুয়ে পোৰা তিৰাশীত তেতিয়া উত্তাল অসম। বিদ্ৰোহৰ জুয়ে নগা পাহাৰকো চুই গৈছিল। সম্পুৰ্ণ এটা ৰাতি গছৰ ওপৰত উঠি কটাইছিল তেও। লংথ্ৰাই পাষ্টিকৰ বেগত খোৱা বস্তু দিছিল। নগালেণ্ডত থকা শ শ অসমীয়াই নগাৰ উৎপাতত পলাবলৈ বাধ্য হৈছিল। ইচ্ছা কৰা হলে পুলিচ কমাণ্ডোৰ মাজত মোককচাঙতে থাকি ট্ৰেঞ্চপাৰ লৈ আহিব পাৰিলেহেতেন তেও।
বিদেশী বহিস্কাৰৰ তীব্ৰ আন্দোলনে হাত বাউলি মাতে তেওক। জাতীয় আবেগত গুছি আহে তেও। চিআৰপি পুলিচৰ লাঠিৰ কোব¸ মৈমনচিঙিয়া বিদেশীৰ লগত যুঁজোতে কেতিয়াও ভবা নাছিল যে এদিন সকলো অসাৰ হব। ৰাজপাট পায়ে সকলো পাহৰি গৈছিল নেতাসকলে। বেয়াকৈ ৰাইজৰ আবেগৰ চৰকাৰখন ব্যাৰ্থ হৈছিল। শোকস্তব্ধ হৈছিল তেও। ৮৫৫ জন শ্বহীদৰ ত্যাগ¸ শত-সহশ্ৰ বলিদানৰ অসম চুক্তি অসাৰ যেন লাগিছিল।
ৰঙিয়াৰ খাদী অনুষ্ঠানটোত কাম কৰি থাকোতে লগ পাইছিল তাইক। খুউব সোনকালেই নিজৰ কৰি লৈছিল। শহুৰেকৰ পৰিয়ালৰে সম্পৰ্ক নাছিল¸ অসবৰ্ণ বিবাহ আছিল তেওৰ।
: আপোনাৰ এপইন্টমেন্ট লেটাৰ এখন আহিছে।- ঘৈনীয়েকে কয় এদিন। চালে তেও। পঞ্জাব নেচনেল বেংকৰ ব্ৰাঞ্চ মেনেজাৰ দেলহীত। সোনকালেই জইন কৰিব লাগে। উলাহে নধৰা হয় তেওলোকৰ মন। ইন্টাৰভিউ দিছিল তিনিমাহমান আগত¸ ট্ৰেজাৰী চালান কাটি। ভাল হৈছিল তেওৰ।
ইতিমধ্যে বন্দোবন্ত সকলো হৈ গল। বেডিং পত্ৰ বান্ধি সাজু তেও। জইন কৰি আহি নেক্ষ্ট মাহত ঘৈনীয়েককো লৈ যাব। ইতিমধ্যে ৰঙীয়াৰ অফিচতো ৰিজাইন দি মাত লগাই আহিলেগৈ। নিৰ্দিষ্ট দিনটোৰ ৰাতিৰে পৰা ককায়েকৰ যোৱা-থোৱা। বিবুধিত পৰে সদা কলিতা। এফালে ভাতৃৰ মৰম আনফালে জীবিকা।
: ককায়েৰক এই অবস্হাত এৰি ইমান দুৰলৈ যাবি তই!- কান্দে মাকে। পিতাক নাই তেতিয়া। কেইবাবছৰো আগত ঢুকাইছিল।
: কপালত থাকিলে চাকৰী আকৌ পাম¸ ভাই হয়তো নাপাম।- ঘৈনীয়েকক বুজাইছিল তেও। যোগাৰ কৰা টকা কেইটা ডক্টৰ¸ ঔষধৰ নামতেই শেষ। স্বাভীমানী মানুহজনে ভেঞ্চাৰ স্কুলখনত সোমাইছিল¸ গৃহ শিক্ষকতা কৰিছিল। হাৰি যোৱা নাছিল।
: জীবন এখনি যুদ্ধক্ষেত্ৰ।- গান্ধী আশ্ৰমত পোৱা শিক্ষাৰে যুজি গৈছিল তেও।
: দেউতা¸ তোৰ ঠাইত মই হোৱা হলে বুকুত চুৰী বহাই দিলো হেতেন।- পুতেকে প্ৰায়েই কয়। মামাকৰ ঘৰত থাকোতে সদা কলিতাই ডেৰ কঠা মাটি পাইছিল ধীৰেণ পাৰাত। অধ্যাপক পৰমা কলিতাই শহুৰেকৰ নামত সাজি থকা বিখ্যাত কলেজখন নিৰ্মানৰ সময়ত চোৱাচিতা কৰিছিল তেও।
: পৰমা¸ এইখিনি মই সদাক দিছো। তই চকু নিদিবি।- পৰমা কলিতাৰ শাহুৱেক এই ডেৰকঠা মাটি দান দি কৈছিল। তেওক বৰ মৰম কৰিছিল মানুহগৰাকীয়ে। স্বামীৰ স্মৃতিৰে গঢ়া কলেজখনৰ নিৰ্মানত কৰা সহায়ৰ প্ৰতিদান দিছিল তেও। মোককচাঙত চাকৰী কৰি থাকোতেই লুভীয়া মামাকে বিক্ৰী কৰি দিছিল তেওৰ মাটি টুকুৰা। কান্দিছিল তেও
: মোক যি দুখ দিলি¸ তয়ো তাৰ প্ৰতিফল পাবি।- অভিশাপ দিছিল তেও। মামাকে বহুত ক্ষতি কৰিছিল তেওৰ। পঢ়ুৱাম বুলি নি প্ৰকাৰন্তৰে লগুৱা সজাইছিল। মনে মনে পঢ়িছিল তেও। ভাত দিয়া নাছিল মামীয়েকে। মেট্ৰিক পৰীক্ষাৰ সময়ত বাল্টি বজাই দিচটাৰ্ব দিছিল। পঢ়িবলৈ দিয়া নাছিল তেওক। উৰায়ন্তৰ হৈ আমবাৰীৰ লাইটপোষ্টৰ তলত পঢ়ি দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হৈছিল তেও।
: দেউতা জাননে¸ ধীৰেণপাৰাৰ আমাৰ মাটিখিনিৰ মুল্য এতিয়া কমেও এক কোটি টকা হব।
: বাদ দে অ’। আমাৰ কপালতে নাই! মোক ঠগাই কি পালে তেও চা। শান্তিত ভাত এসাজো খাব নোৱাৰে। আৰু মোক চা কষ্টৰে হলেও শান্তিত আছো। তহত তিনিটাহে মোৰ আচল সম্পত্তি।- সেমেকা হাঁহি এটা মাৰি কয় তেও। একো নকয় পুতেকে।
পৰমা কলিতাই জীবনটোত কেৱল সম্পত্তিয়ে চিনি পালে। গুৱাহাটীৰ অলিয়ে-গলিয়ে শহুৰেকহতৰ মাটিবোৰ দখল কৰি ললে। হলে হব কি¸ দুয়োটা পুতেকেই এবনৰ্মেল। অধ্যাপকৰ পুত্ৰই মেট্ৰিকৰ দেওনাখনেই বগাব নোৱাৰিলে। মামাক মৰাৰ পিছত পুতেক দুটাই যে সম্পত্তি চম্ভালি ৰাখিব পাৰিব সন্দেহ আছে তেওৰ।
: অৰ্পিতা¸ মোৰ মা-দেউতা মোৰ বাবে ভগবান। ভুলতো যাতে দুখ নাপাই তেওলোকে। - বিয়া কৰাই অনাৰ পিছদিনাই বৰপুত্ৰই কৈছিল বোৱাৰীয়েকক সকলোৰে আগতে। গৌৰবত বুকুখন ফুলি উঠে তেওৰ। শিক্ষিতা বোৱাৰীয়ে তেওলোকক নিজৰ মাক-দেউতাক বুলিয়ে ভাবে। জীয়েক-জোৱায়েকে দিনটোত খবৰ কৰেই এবাৰ। কনিষ্ঠ পুত্ৰ ইউনিভাৰচিটিত।
বেংকৰ চাকৰীটো কৰিব পৰা হলে চাগে জীবনটো বহুত বেলেগ হলহেতেন। সৰুৰে পৰা বৰ পুত্ৰই আইএএছ হম বুলি চিঞৰি থকা সপোনটো পুৰাব পাৰিলেহেতেন। ডাঙৰ বাংলো এটাৰ লনত বহি ঘৈনীয়েকৰ সতে স্মৃতি ৰোমন্হন কৰিব পাৰিলেহেতেন! আস¸ কি যে মধুৰ! ধীৰেণ পাৰাৰ মাটিখিনি থকা হেতেনো! দুখ লাগে তেওৰ। আজিকালি পোৱা-নোহোৱাৰ হিচাপবোৰ কৰে তেও। ৰিটায়াৰমেন্টৰ পিছত টিভি চোৱা আৰু পঢ়া বাদ দি একোই কাম নাথাকে তেওৰ। পুতেক¸ বোৱাৰীয়ে দোকানৰ পৰা বস্তু এপদো আনিব নিদিয়ে। মানুহজনে কষ্ট পাব বুলি ঘৈনীয়েক তৎপৰ হৈ থাকে। মনটো ভৰি পৰে তেওৰ। জীবনৰ আদবয়সত অকলশৰীয়া নহয় তেও।
: দেউতা¸ আপোনাৰ চাহকাপ ঠাণ্ডা হৈ গল দেখোন। ৰব মই একাপ বনাই আনো।- বোৱাৰী অৰ্পিতাৰ মাতত তন্ময়তা ভাঙে তেওৰ।।

প্ৰেম অপ্ৰেম আৰু…

Unknown


(১)
কদম মন নাযায় যাবলৈ।- ভোৰভোৰাই উঠে সি। চাল্লা বুজি নাপায় কোনেও। কবও নোৱাৰে লাজতে।
: বাবা¸ নাজাৱ নেকি? চাৰে তিনি হল।- চাৰে তিনি বজাৰ লগেলগে চিঞৰে মাকে
: অ’ ওলাইছো।- বিৰক্তিৰে কৈ লংপেন্ট চাৰ্ট যোৰ পিন্ধে সি।
পলাশৰ দেউতাক মদন খুৰা নলেগলে লগা বন্ধু। প্ৰায়েই সিহতৰ ঘৰলৈ আহে মদন খুৰা। বৰ মৰম কৰে তাৰ। হায়াৰ ছেকেন্দাৰীৰ ফাইনেল দিছে এইবাৰ পলাশে। পঢ়াত ভাল সি। মেট্ৰিকত চাৰিখনত লেটাৰ লৈ প্ৰথম বিভাগ পাইছিল সি।
: পল¸ আমাৰ কুঁহিজনীক অলপ পঢ়াই দিবাচোন। তাই অলপ দু্ৰ্বল অংকত। - মদনখুৰাই কৈছিল এদিন সকলোৰে আগত। অলপ হেহোনেহো কৰিছিল সি।
: পাৰিব পাৰিব¸ কিয় নোৱাৰিব। আমাৰ পল অংকত বিৰাট চোকা।- দেউতাকে উজান দিয়ে। তেখেতৰ স্বভাবেই সেইতো। পুতেকৰ গুণবখানিবলৈ পালে একো সুবিধা নেৰে। অগত্যা উপায় নাপায় মদনখুৰাৰ ঘৰত পঢ়াব যাই সি। সিহতৰ ঘৰৰ পৰা এককি:মি: মান আতৰত মদনখুৰাৰ ঘৰৰ। আবেলি হিৰো ৰেঞ্জাৰখন লৈ ওলাই যায় সি।
মদন খুৰাৰ ঘৈনীয়েক নিলিমা খুৰীদেউ বৰ সাদৰী মহিলা। বৰ মৰম কৰে তেওক। পঢ়াত ভাল যে¸ জীয়েক দুয়োজনীকো তাৰ আদৰ্শ লব কয়। মদন খুৰাৰ সৰু জী কুঁহি ক্লাছ চেভেনত আৰু ডাঙৰজনী পুজা টেনত পঢ়ে। সিহতে তাক চাৰ নোবোলে¸ দাদাহে বোলে। গণিতৰ সুত্ৰবোৰ মনত নাথাকে কুঁহিৰ। দেৰি লাগে বুজি পাবলৈ। গালি নিদিয়ে সি। কাকোৱে গালি পাৰিব নোৱাৰে¸ মৰমেৰে বুজাই।
: পল¸ কথা নুশুনিলে দুই-এচাট লগাই দিবা। - খুৰীয়ে কয়। সি হাঁহে। কুঁহিয়ে পোন্দোৱাই চাই মাকলৈ।
দুমাহমান গল। কুঁহিয়ে ভালেখিনি শিকিছে আগতকৈ। মদনখুৰাই মাহে পাঁচশকৈ দিলে তাক। লব ইচ্ছা কৰা নাছিল সি। প্ৰফেচনেল টিউটৰ নহয়। কিন্তু তেও নাচোৰবান্দা।
: এয়া ফিজ নহয় নহয়¸ মৰমতেহে দিছো তোমাক।- কৈ উঠে যা
: একো নহয় যা। মৰমতে দিছে একো নাভাবিবি।- কয় মাকে।
আজিকালি অলপ অশ্বস্তি অনুভব কৰে পলাশে। কুঁহিক পঢ়াই থাকোতে মাকে চাহকাপ লৈ আহিলে¸ লগতে পুজাও আহে। মাজে মাজে তাইকো অলপ শিকাব লাগে¸ মেট্ৰিক কেণ্ডিডেট তাই। পঢ়াতো বেয়া নহয়। পলাশে লক্ষ্য কৰে¸ যেতিয়া সি এলজেব্ৰাৰ প্ৰবলেমবোৰ চল্ভ কৰি থাকে¸ তাই তাৰ চকুদুটালৈকে চাই থাকে। কুঁহিক পঢ়াই থাকোতেও ইটো-সিটো অযুহাতত ৰুমটোলৈ আহি থাকে। সিহঁতৰ ঘৰৰ পৰা ওলাই আহোতেও পদুলিলৈকে আগবঢ়াই থব আহে তাক। চকুৱে চকুৱে পৰিলে চকু নমাই লয় সি।
: মা¸ নাযাও নেকি! মোৰ পঢ়া টান হৈ আহিছে। - মাকৰ আগত কয় সি। কেমেষ্ট্ৰীত মেজৰ তাৰ। নিজৰ টিউচন¸ কুঁহিৰ টিউচনৰ পিছত খেলাধুলা কৰিবলৈ বৰকৈ সময়ে নাপায় সি। নতুনকৈ ডাঙৰ কলেজলৈ গৈছে। ষ্টাৰমাৰ্কচ লৈ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে¸ ডিগ্ৰীটোও ভাল কৰিব লাগিব। -ভাবে সি।
: একো নহয় যা। এই বছৰটোহে। - মাকে কৈ উঠে। খং উঠি যায় তাৰ দেউতাকলৈ কিহে পাইছিল মদনখুৰাৰ আগত জহাবলৈ!
আজিকালি তাৰো ভাল লাগে পুজাক। মৰমলগা দেখনীয়াৰ ছোৱালী তাই। তাই যেন তাৰ ওচৰত ৰৈ থাকিব পাৰিলেই ভালপায়। হাঁহো হাঁহো কৰি থকা চকুজুৰিৰে যেন বহুত কথাই কব খোজে।
খং উঠে তাইৰ। কি মানুহ এই পলদা টো। বুজি নাপায় নেকি মনৰ ভাষাবোৰ। কিমান আশাৰে কাষচাপি যায় তাই¸ নিশ্চুপ হৈ থাকে।
ইতিমধ্যে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে তাৰ। পলৰ কলেজখনতে এডমিছন ললে। এতিয়াও আহে সি কুঁহিক পঢ়াবলৈ। সাধাৰণ দুই এটা কথাক বাদ দি একোৱে নকয় সি।
: পল দা¸ কথা এটা আছে তোমাৰ লগত। - সেইদিনা কৈছিল তাই সিহতৰ পদুলিমুখত। ঘৰলৈ আহিবলৈ ওলাইছিল সি।
: আই লাভ ইউ।- বিশেষ পাতনি নেমেলাকৈ কৈয়ে ঘৰলৈ দৌৰ দিয়ে তাই। স্হানুৰ হৈ পৰে পলাশ। কি কৰিব এতিয়া। তাই যোৱাৰ ফালে চাই থাকে সি।
: চোৱা পুজা¸ এতিয়া পঢ়া সময়। এইবোৰ নাভাবিবা।- ভয় লাগে তাৰ। মাক-দেউতাকৰ বিশ্বাস ভংগ কৰিব নোৱাৰে সি। মদন খুৰাই নিজৰ লৰাৰ নিচিনা মৰম কৰে তাক। কি ভাবিব তেওলোকে!
: কিয় পল দা কিয়? মই তোমাক বহুত ভালপাও।
: তুমি মোৰ ভন্টিৰ নিচিনা…
: কি??? তুমি তেনেকৈ ভাবা!- উচাৎ মাৰি গুছি যায় তাই। দুখলাগে পলাশৰ। কিন্তু নিজৰ সপোনবোৰ ভাঙিব বুলি ভয় লাগে তাৰ।
আজিকালি তাই নামাতে তাক। সিহতৰ ঘৰলৈ সি গলেও নোলায়। মাকৰ হাততে চাহকাপ দি পঠায়। বেয়া লাগে তাৰ সৰু ছোৱালীজনীৰ মনটো ভাঙি।
কলেজৰ পৰা ঘৰলৈ আহিবলৈ ৰিক্সালৈ ৰৈ আছিল তাই। বেলেগ সময়ত কেইবাখনো ৰিক্সা ৰৈ থাকে। আজি এখনো পাবলৈ নাই। কি যে হব নহয়! দৰকাৰৰ সময়ত সদায় এনেকুৱা হয়।
স্কুটাৰ এখন ব্ৰেক মাৰি ৰৈ গল তাইৰ ওচৰত।
: উঠা।- হেলমেটতো খুলি পলে কৈ উঠে তাইক। আনফালে মুখ ঘুৰাই দিয়ে তাই।
: পুজা¸ কিয় এনে কৰিছা তুমি?- বেয়া লাগে পলাশৰ। একেখন কলেজতে পঢ়ে। তাক দেখিলেও নামাতে তাই।
: মোক দাদা নালাগে।- চলচলীয়া চকু তাইৰ।
: কিন্তু। ভালকৈ ভাবিচোৱা পুজা। মিলন সম্ভব হব জানো।- উদাস দৃষ্টি তাৰ।
: মই সেইবোৰ নাজানো। তোমাৰ অবিহনে মৰি যাম মই।- উচুপি উঠে তাই। আৰু ৰব নোৱাৰে সি। সকলো পাহৰি সাবতি ধৰে তাইক।
(২)
: চোৱা পলদা¸ সেয়া প্ৰেম নাছিলেই। ভাললগাহে আছিল। সৰু আছিলোতো¸ একো বুজা নাছিলো। প্লিজ সপোন বুলি পাহৰি যোৱা। আৰু মাহতেও মানি নলবতো!- তাই কয় তাক। স্তব্ধ হৈ পৰে পলাস। কি কৈ আছে পুজাই এইবোৰ। যি পুজাই তাক নাপালে এদিন চুইচাইড কৰিম বুলি কৈছিল¸ আজি ইমান সহজে কব পাৰিছে পাহৰি যাবলৈ। বাহৰে নাৰী! বুকুখন হেচা মাৰি ধৰে তাৰ।
বিয়া ঠিক হৈছে পুজাৰ। কোনোবা চাকৰীয়াল দৰা। এম এছ চি কৰি এনেয়ে আছে সি চাকৰী বিচাৰি। তাৰ প্ৰেমবোৰ মুল্যহীন হৈ যায় পুজাৰ ওচৰত। সহজ সৰল লৰাটোৰ জীবনৰ লগত খেলিবলৈ কত অধিকাৰ পালে তাই। ক্ষোভবোৰ খঙলৈ পৰিবৰ্তিত হয় তাৰ।
: চা বাবা¸ তাই যদি তোক নিবিচাৰে। তয়ো পাহৰিবলৈ চেষ্টা কৰ। জোৰকৈ কাকো ধৰি ৰাখিবতো নোৱাৰি।- মাকে বুজাই তাক। সিহতৰ সম্পৰ্কই দুয়োখন ঘৰৰ দীৰ্ঘদিনৰ সম্পৰ্কত যতি পেলাই দিয়ে। তাৰ দেউতাকে কথা পাতিছিল মদন খুৰাৰ লগত। বেয়াকৈ অপমান কৰে মদন খুৰাই। তায়ো অস্বীকাৰ কৰিছিল সকলোৰে আগত।
: উঠাই লৈ আন তাইক। বিয়া ভাঙি দে বেটীৰ।- লগৰ লৰাবোৰে কয় তাক।- একো নকৰে সি। প্ৰতিশোধ পৰায়ন নহয় সি। কি প্ৰাৰ্থক্য থাকিব!
: দাদা¸ মই কি বুলি ক্ষমা খুজিম আপোনাক! বায়ে বহুত বেয়া কৰিলে আপোনাৰ লগত। কি কৰিম! মোৰ কথা কোনেও নুশুনে।- কুহিয়ে লগধৰি কয় তাক। বুজন ছোৱালীতাই। নিজৰ দাদাৰ নিচিনা শ্ৰদ্ধা কৰে তাক।
: বাদ দিয়া কুঁহি। মন বেয়া নকৰিবা তুমি। পুজা সুখী হওক সেয়াই বিচাৰো। - এটা গধুৰ মন লৈ তাই যায়গৈ।
দুখৰ মাজতো হাঁহি উঠে তাৰ। বেচেৰী¸ দুৰ্ভগীয়া পুজা। সচা প্ৰেম এৰি আনৰ হব ওলাইছে। পাৰিবনে সুখী হব! পাৰিবনে কোনোবাই তাইক তাৰ সমান মৰম দিব!
: পল দা¸ তোমাৰ চাকৰী নাইযে। সেইবাবে তাই এইবোৰ কৰিছে।- বন্ধু পংকজৰ ভগ্নী অংকিতাই কয় তাক। পুজাৰ লগৰ তাই।
সিদ্ধান্ত এটা লয় পলে। তাইক পাহৰি যাবলৈ চেষ্টা কৰিব। কিন্তু কিয় সদায় সহশ্ৰ পলে চকুলো টুকিব! কিয়!
পিছদিনা আচৰিত ঘটনা এটা দেখা গল। সেইখিনি ঠাই ৰাজহুৱা। পুজাহতৰ ঘৰৰ ওচৰত অনসন কৰে এজনে। খুউব পুৱাই হাতে লিখা ফেষ্টুন আৰু বেনাৰখন আৰি দিয়ে কাৰো নাম উল্লেখ নকৰাকৈ।
’ প্ৰেমৰ নামত প্ৰতাৰণা নচলিব’
’ কাৰো হিয়াখন ভাঙি সুখী হব নোৱাৰিবা’
মুহুৰ্ততে ৰাষ্ট্ৰ হৈ যায় খবৰটো। নগেনৰ পুতেক পাগল হল। তাক চাবলৈ দৌৰি আহে মানুহবোৰ। সকলোৱে দুখ প্ৰকাশ কৰে। পুজাহতৰ ঘৰৰ মানুহে উধাতু খাই দৌৰি আহে। অঞ্চলটোৰ সকলোৱে জানে তাৰ প্ৰেমিকা কোন আছিল!
: তই এইবোৰ কি কৰিছ পল। বি ষ্ট্ৰং য়াৰ।- লগৰ বন্ধুকেইজন শোকাকুল হৈ পৰে। অশ্লীল বাক্যবান নিক্ষেপ কৰে দুই এজনে অজ্ঞাত প্ৰতাৰক প্ৰেয়সীক।
: ৰাইজসকল¸ মই পাগল নহয়। মই পাগল হোৱা নাই। যি কৰিছো সুস্হশৰীৰে জানি বুজিয়েই কৰিছো। তেওৰ ভালপোৱা মোক নালাগে। মাথো বিছাৰিছো¸ কোনো বলি নহওক মোৰ দৰে ভবিষ্যতলৈ।- কৈ উঠে সি। ভাবে সততা¸ পবিত্ৰতাৰ শক্তি কিমান হব পাৰে! তাইৰ মন পৰিবৰ্তন নোহোৱালৈকে অনসনত বহিব সি। জীয়াই থাকিবলৈ জীবিকাৰ অভাব নহব তাৰ। চৰকাৰী নহলেও চাকৰী পাবই। কৰ্মমুখী যুবক সি। নাজানে পলে তাৰ যাত্ৰাৰ শেষ কত??
( মনটো যে কি নহয়! প্ৰিয় পাঠক কাল্পনিক কাহিনীতো চাগে ভাল নালাগিবও পাৰে। হয়তো একো বাৰ্তা নাপাব ইয়াত। নিজৰ বুলি দায়দোষ নধৰিব।)

মই দেউতাৰ দৰে হম

Unknown


নীয়েকৰ ফোনটো পায়েই গৈছিল সি নাৰ্চিংহোম খনলৈ। মানুহগৰাকী পৰি আছিল বেডত। খুড়াকে দেউতাকৰ কান্ধত মুৰ থৈ কান্দিছিল। দেউতাকে পিঠিত থপৰিয়াই সান্তনা দিছিল সৰু ভায়েকক- মই আছো¸ মই আছো

খুড়ীমাকৰ ছিৰিয়াছ¸ আৰ্জেন্টলী ব্লাড লাগে বি পজিটিভ। নিজৰ গাড়ীখনত এক্সিডেন্ট হৈছিল খুৰাকহঁতৰ। গাড়ী খুৰাকেই চলাইচিল। খবৰটো পায়েই দেউতাক হস্পিতাল পাইছিলগৈ। ভনীয়েকে কৈছিল¸ ৰাতিপুৱাৰ চাহকাপ খায়েই আহিছিল দেউতাক। বাইকখন লৈ ওলাই আহে সি।
খুৰাকহঁতৰ ওপৰত আস্হা অলপো নাই তাৰ। দেউতাকৰ মৰমতহে আহিছে।
: বাবা¸ খুড়ীয়েৰক আৰ্জেন্টলী বি পজিটিভ ব্লাড লাগে।- হস্পিটালত বিচাৰ খোচাৰ কৰিছিল দেউতাকে ব্লাড এভেইলেবল নাই। বুজি পাইছিল সি তেওৰ চকুৰ চাৱনিটো¸ সি ব্লাড ডনেট কৰাটো বিচাৰে তেও। তাৰ ব্লাড গ্ৰুপো বি পজিটিভ। সৰুতে এক্সিডেন্ট এটা হৈছিল তাৰ। তেতিয়াই ডিটেক্ট কৰা হৈছিল ব্লাড গ্ৰুপ।
অলপো ইচ্ছা নাছিল তাৰ। কবলৈ গলে খুড়ীমাক মৰি গলেও বেয়া নালাগে তাৰ। বহুত দুখ দিছে এই মানুহজনীয়ে। দেউতাকৰ চকুৰ চাৱনিটোক উপেক্ষা কৰিব নোৱাৰিলে সি। ভায়েকৰ দুখত বিহ্বল হৈ পৰা দেউতাকৰ চকুহাল আৰু চাব নোৱাৰিলে।
তাৰ ব্লাড লৈ খুড়ীমাক সুষ্ঠ হল। এসোপামান ধন্যবাদ লৈ ঘৰলৈ আহিল দেউতাকক লৈ।
: মানুহজনীৰ কিবা এটা হৈ গলে কেনেকৈ থাকিল হেতেন সি!- খুড়াকৰ দুখত এতিয়াও মানুহজনে ভালকৈ একো খাব পৰা নাই। মাকে হয়তো বুজি পায় দেউতাক। একো নকয় তেও।
: মই বুজি নাপাও দেউতা¸ যিজন মানুহে তোক ইমান দুখ দিলে¸ তেওৰ প্ৰতি ইমান অনুকম্পা কিয়?- হয়তো টানকৈয়ে ওলাল তাৰ মাতটো।
: কেনেকৈ এৰিম অ’ বাবা। সি মোৰ সৰু ভাই। - দেউতাকৰ চকুত চকুপানী। চমকি উঠিল সি। কি কৰি পেলালো এয়া। নজনাকৈয়ে দুখ দি দিলে নেকি আটাইতকৈ ভালপোৱা মানুহজনক!
ৰাতি বহু দেৰিলৈকে টোপনি নাহে তাৰ। ঘটনাবোৰ চিনেমাৰ ৰীলৰ দৰে চকুৰ আগত ভাহি থাকে।
দেউতাকৰ জীবনটো বহুত দুখ-কষ্টৰে ভৰা। ভাবিলে আচৰিত হয় সি¸ কিদৰে মানুহজনে ইমান দুখৰ মাজতো হাঁহি থাকিব পাৰিছে। দুখীয়া ঘৰৰ সন্তান তেও। সৰুতেই পিতাকক হেৰুৱাইছিল। অশেষ কষ্টৰে প্ৰবেশিকা পাছ কৰি চাকৰী পাইছিল দেউতাকে। এজনী এজনীকৈ চাৰিজনী ভনীয়েকক বিয়া দি ডিঙিলৈকে পোট গৈছিল ধাৰত। খুড়াকক পঢ়াই শুনাই মানুহ কৰিছিল। চিনেমাৰ কাহিনীৰ দৰে পদে পদে উজুতি খাইছিল মানুহজনে। তথাপি হাৰি যোৱা নাছিল।
: ফেইলাৰ ইজ দা পিলাৰ অব চাকচেচ। - দেউতাকে প্ৰায়েই কয় এই কথাষাৰ। সাহস দিয়ে তাক। ডিগ্ৰী কমপ্লিট কৰি দহবছৰ ঘুৰিও চাকৰী নাপালে। অত তত ইন্টাৰভিউ দিওতে কিমান টকা শেষ কৰিলে হিচাপ নাই তাৰ। লগৰ লৰা সকলোবোৰেই ৱেল এষ্টাব্লিজ। পৰি ৰল সি কৰবাতে। অথচ সিয়েই আছিল সকলোবোৰতকৈ আগবঢ়া। জীবনটোৱে ভালকৈয়ে জলাকলা খুৱাইছে তাক। সৰুতেই ঘৰৰ পৰা ওলাই গৈছিল চকুত অযুত সপোন লৈ গুৱাহাটীলৈ। প্ৰাইভেট কাম কৰি জীবনৰ দহটা বৰ্ষ উচৰ্গা কৰি পালে চুঙা চাই সোপা। হকে বিহকে এসোপা গালি¸ অযথা টেনচন¸ বিহু তিথিত ঘৰৰ পৰা আতৰি থকাৰ দুখ ভুক্তভোগীয়েহে বুজে!
ঘৰলৈ উভতি আহিয়ো সেই একেই টেনচন। চাল্লা না ঘৰকা ৰাহা না ঘাটকা। গাওৰ ফটুৱা লৰাবোৰৰ পৰা আতৰত থাকোতে এতিয়া লগ হবই বেয়া লাগে তাৰ। গুৱাহাটীয়াতো নহলেই।
: ইমান ভাঙি পৰিলে কেনেকৈ হব! দুখ নকৰিলে মুখ নভৰে।- দেউতাকে কয়। বুজি পাই সি। তথাপিও খং উঠে। চাল্লা যেতিয়া লগৰবোৰে মাৰ্চিডিজ কিনিব¸ তেতিয়া কি এল্টো চলাম! ভাবে সি। কথাবোৰ তেনেকুৱাই হৈছেগৈ। টকাৰ অভাবে কোঙা কৰি পেলালে সিঁহতক।
: চাল্লা¸ চুলিবোৰ পকিল বে টেনচনত। পকেটত ফুটা কঢ়ি এটা নাই। বয়সো ৰৈ থকা নাই।- মদনৰ পানদোকানত ঘুটুংপানী খাই প্ৰায়েই ট্ৰেজেদি ফালে।
ভাবি নাপায় কি ধাতুৰে গঢ়া দেউতাক। এইখিনি সংঘাটতে ধোৱাখোৱা দেখিছে। অথচ তাতকৈ বহুত বেছি সংঘাটৰ মাজতো দেউতাক স্হিৰহৈ আছিল। কিয় নোৱাৰে সি! ঘৰত নাজানে মদখাও বুলি। নিতৌ মধুৰপাত¸ চাহপাত চোবাই আহে।
হতাশ হৈ পৰিছিল বেয়াকৈ সি।
নিজৰ ভায়েকেই ঠগাইছিল দেউতাকক। অথচ গোটেই জীবনটো উচৰ্গা কৰিলে দেউতাকে। পেহীয়েকহঁত চব ধনী। এতিয়া দুখীয়া ভায়েকৰ খবৰ এটা লবলৈ কাৰো আহৰি নাই। খং উঠে কেতিয়াবা। কিন্তু দেউতাক নিৰুত্তৰ। যেন কাৰো প্ৰতিয়েই একো অভিযোগ নাই।
: দাদা¸ মই ইয়াত নাথাকো যেতিয়া মোৰ ভাগটো উলিয়াই দে। আমাৰ এৱো কৈ আছে। ঘৰটো সাজি বহুত ধাৰ লাগিছে।- খুৰাকে আহি এদিন কৈছিল দেউতাকক। কোনো প্ৰতিবাদ নকৰাকৈ পিছদিনাই মাটি ভগাই দিছিল দেউতাকে। নিজৰ ভাগটো বিক্ৰী কৰি গুছি গৈছিল খুৰাক। দেউতাকেও জানে¸ ধাৰৰ কথা কোৱাটো আছিল খুৰাকৰ বাহানা। চৰকাৰী চাকৰিয়াল খুৰাক-খুৰীয়েকৰ টকাৰ অভাব নাই। সচিবালয়ৰ বিশেষ দপ্তৰটোৰ কৰ্মচাৰী খুৰাকে পইচা নাপালে মানুহৰ মুখলৈকো নাচাই বুলি বহুবাৰ শুনিছিল। সৰু আছিল¸ নহলে নিশ্চয় প্ৰতিবাদ কৰিলেহেতেন। যিজন মানুহে তেওক নিজে নাখাই খুৱাইছিল¸ অশেষ কষ্টৰে পঢ়াই শুনাই ডাঙৰ কৰিলে¸ তেওৰ ভাগৰ সামান্য সম্পত্তি নিবলৈ অহা খুৰাকৰ ওপৰত ঘৃণা উপজিছিল।
বেংকৰ লোণটো হোৱাৰ পিছত সৰুকৈ ব্যবসায়টো আৰম্ভ কৰিছিল। দুখবোৰো পাতলি গৈছিল। হয়তো কষ্ট কৰিব পৰা স্বভাবটো দেউতাকৰ পৰাই পাইছে। ভাবে সি।
ভগবানৰ আশীৰ্বাদ অলপ পাইছে। সোনকালেই বেংকৰ ঋণ পৰিশোধ কৰি চলি আছে ভালেৰে। খুৰাক পেহীয়েক কাৰোৱেই ঘৰলৈ নাযায়। নিজৰ ঘৰখনৰ বাহিৰে কাকোৱেই চিনি নাপায় সি। বহুত দুখ দিছে এই মানুহবোৰে। তাৰ এক্সডেন্টৰ সময়ত ধাৰলৈ পইচা বিচাৰি যোৱা দেউতাকক কন্দুৱাই পদুলিৰ পৰাই ওভতাই পঠিয়াইছিল মানুহগৰাকীয়ে। দেউতাকক সেইদিনা বুকু ভাঙি যোৱাকৈ কন্দা দেখিছিল সি। খঙত মাংসপেষী কঠিন হৈ উঠে তাৰ। গুলীয়াই মাৰিব মন যায় মানুহ গৰাকীক। সি আটাইতকৈ ঘিণ কৰা মানুহজনীৰ শৰীৰতে মোৰ তেজ। কেনেবা লাগে তাৰ মনটো।
আকাশ পাতাল ভাবি আছিল সি ৰুমতে বহি। ৰবিবাৰ আজি¸ দোকান নোখোলে। লেপটপটো এনেয়ে অন কৰি লৈছিল। দেউতাক সোমাই আহি কাষতে বহিল।
: তই এতিয়াও বেয়া পাই আছ নেকি মোক¸ খুড়ীয়েৰক তেজ দিব কোৱাই।- মুৰত হাতবুলাই কৈ উঠে তেও
: বেয়া পোৱা নাই। খং উঠিছিল। যিবোৰ মানুহে ইমান দুখ দিলে…
: সৰুতে গীতা পঢ়া নাই জানো। কি কৈছিল! কৰ্ম কৰ¸ ফলাফল নাচাবি। মানুহ হিচাপে কৰ্তব্য কৰি যা। যিমানেই বেয়া নহওক সেয়া তোৰ খুড়ীয়েৰ। আজি চা¸ তোৰ বাবেই তেও জীয়াই আছে। মাইনি মাতৃহাৰা নহল।- মৰমেৰে মুৰত ফুৰাই কয় তেও। অভিভুত হৈ পৰিলো। আজিহে যেন বুজি পালে দেউতাকক। কি কম¸ একো শব্দ নোলাল মুখেৰে তাৰ! দেউতাকক সাবতি ধৰিলে।
: আই লাভ ইউ দেউতা।-অস্ফুট মাতেৰে কৈ উঠে সি। ভাবে সি- মাই ফাডাৰ মাই হিৰো।
মই দেউতাৰ দৰে হম।।

জাবৰ

Unknown


কাশখন গোমা হৈ আহিছে। এক দুঘন্টাৰ ভিতৰতে ধাৰাষাৰ বৰষুণ আহিব। বৰষুণ আহে আহক¸ বতাহজাক আহিলেহে ভয় লাগে। ধুলি-বালি গছৰ পাতে একাকাৰ হৈ পৰে। গছ বাগৰে¸ ঠানি-ঠেঙুলী ভাগে। লাইটৰ তাৰ চিঙি¸ লাইটৰ খুটা উভালি নগুৰ-নাকটিখন কৰে।

পৰহিও ধুমুহা বৰষুণ এজাক আহিছিল। আমাৰ ঘৰৰ চাৰিদাল তামোল ভাঙিলে¸ গোহালী ঘৰটোৰ চালৰ টিংকেইখন উৰুৱাই নি কৰবাত পেলালেগৈ। ৰাতি দহমান বাজিছিল তেতিয়া। মায়ে ভাত বাঢ়িছিলহে মাথো¸ আহিল নহয় আন্দোলন কৰি বতাহজাক। লগেলগে কাৰেন্ট গল। আজিকালি লাইটৰ পোহৰত থাকি থাকি লেমৰ পোহৰত এন্ধাৰ এন্ধাৰ দেখো। অ’ত ত’ত খুন্দা খাও। দৌৰাদৌৰিকৈ ভাতকেইটা খাই ললো। বতাহ বৰষুণৰ প্ৰকোপত এতিয়া এটা ঘৰৰ পৰা আনটো ঘৰলৈ যাব নোৱাৰা হলো। গৰুচাগলী কেইটাই চিঞৰত গগন ফালিছে। বতাহত এটা ফাল ফালি গৈ পানী পৰিছে গোহালি ঘৰটোৰ। অগত্যা প্লাষ্টিকৰ ঠোঙা এটা মুৰত পিন্ধি গোহালিলৈ দৌৰ মাৰি ছাগলীকেইটা কাষৰ ষ্টোৰ ৰুমটোত সুমুৱাই দিলো। ইতিমধ্যে ভেন্টিলেচনেৰে ধুলি গছৰ পাতেৰে মোৰ বিচনাখন একাকাৰ হৈ পৰিছে।
: আপোনাক আগতেই কৈছিলো¸ গোহালীঘৰটো অলপ ভাল কৰক¸ নহলে চব বেচি দিয়ক।- সেয়া মায়ে গালি পাৰি আছে। পুৱা বিচনাৰ পৰাই শুনিছো। টেপটেপীয়া চোতালখন¸ গোহালিটো চাফা কৰি মাৰ খং উঠিছে।
চোতালত গছৰ পাত¸ বাঁহৰ পাতেৰে এসোপা জাঁবৰ।
কামকৰা মানুহ এজনক মাটি আনি গোহালিৰ টিংখিনি উঠালো।
ভন্টিক বিয়া দিয়াৰ পিছৰে পৰা মাৰ বৰকৈ কষ্ট হৈছে। এইখিনিতে মানুহ এজনীৰ অভাব অনুভব কৰো। কিন্তু ভয়ো লাগে নহয়¸ আজিকালিৰ ছোৱালীয়ে শাহু-শহুৰৰ কথা শুনিবনে! তাতে মুৰত উঠাই ৰাখিব পৰাকৈ ময়োতো সিমান সমৰ্থবান আৰু সাহসী এটাও নহয়।
ফাগুন মাহ এইবাবেই মোৰ ভাল নালাগে মোৰ। কবিয়ে কবিতা লিখিলেও¸ সৰুৰে পৰাই ফাগুন মোৰবাবে ধুমুহা বতাহৰ মাহ। খেৰীঘৰবোৰ গুছি কেতিয়াবাই পকী হল। কিন্তু প্ৰতিবাৰেই ফাগুনত বৰদৈছিলাজনীয়ে মোৰ বাৰীৰ দুুই তিনিদাল গছ বগৰাই থৈ যায়। নিৰ্লজ্জ ফাগুনক সেইবাবেই বেয়া পাও। বৰদৈছিলাজনীক মাহীআই যেন লাগে। আইতা জীয়াই থাকোতে পিৰা এখন চোতালত দলিয়াই কৈছিল¸ ’আই বৰদৈছিলা শান্ত হ।’ গভীৰ বিশ্বাস আছিল আইতাৰ¸ বহিবলৈ পিৰা দিলে হেনো অপকাৰ নকৰে বৰদৈছিলাই।
হওতে ৰাজধানী নগৰীৰ পৰা বেছি দুৰত নহয় মোৰ গাঁওখন। আধুনিকতাৰ পৰশ লাগি ক্ৰমাৎ চহৰমুখী সকলো। তথাপিও যেন অসাৰ সকলো। খুউব খং উঠি আছে কালিৰ পৰা। পৰহিয়েই আহিছিল ধুমুহা বৰষুণজাক। তেতিয়াৰ পৰা দুদিন কাৰেন্ট নাই। মোৰ ফোনটো কালি ৰাতিয়েই মৰিল। উন্নয়নৰ ঢাক-ঢোল কোবোৱা চৰকাৰেখনে যে কি কৰি আছে নহয়! দিনেদনে বিদ্যুৎ মাচুল বৃদ্ধি হৈ আহিছে¸ অথচ গৰমৰ দিনকেইটাত কাৰেন্ট নাথাকেই।
: মা এইবাৰ ইনভাৰ্টাৰটো লগাম দে।- ৰাতিপুৱাই কৈছো আজি। প্ৰতিবাৰেই মই লগাব খোজো¸ মায়েহে হব ৰহ হব ৰহ কৰি লগাব নিদিয়ে। এইবাৰ নুশুনো আৰু।-ভাবো মই।
: ধেৎ তেৰি এনেকৈ নহব আৰু। ৰাতিপুৱাৰ পৰা বোন্দাপৰ দি বহি আছো। এতিয়ালৈকে এটাও কাষ্টমাৰ নাই। বেয়া বতৰতোৰ বাবেই মানুহবোৰ ওলাই অহা নাই। বিজুলী ঢেৰেকনি মাৰি আছে।
এইকেইদিন বিক্ৰীখুউব বেয়া হৈ আছে। সোনকালেই বেলেগ কিবা ভাবিব লাগিব। হাৰ্ডৱেৰ মেটেৰিয়ালত কম্পিটিচন বাঢ়ি আহিছে। ভাগ্যে লাইনত গাড়ীখন চলি আছে বুলিহে…
: দাদা¸ কাষ্টমাৰ নাহে আজি আৰু বন্ধই কৰো নেকি?- কাম কৰা লৰাটোৱে কয়। সৰু ব্যবসায়িক প্ৰতিস্হানটোৰ লেবাৰ¸ পিয়ন¸ মেনেজাৰ চব সি। মোৰ আবৰ্তমানত সিয়েই চলাই।
: যাবি ৰহ। ঘৰত গৈ কি কৰিবি এতিয়াই। দুপৰীয়া একেবাৰে যাবিগৈ।- ময়ো বুজিছো¸ এই সেমেকা দিনত আজি কোনো গ্ৰাহকে চিমেন্ট¸ৰ’দ¸ শিল কিনিবলৈ নাহে। কিন্তু বাৰ বজাতে দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ মন যোৱা নাই। দৰমহা পুৰাই দিব লাগিব যেতিয়া থাকক সি আবেলিলৈকে। চব কথাতে হয়ভৰ দিবলৈ গলে পিছলৈ নমনা হবগৈ!
: ঐ হৰ শুনচোন। এই টকা দুশ লৈ যা¸ লোকেল মাছ আধাকেজি আমাৰ ঘৰত দি আহিবি আৰু তোৰ বাবেও এপোৱা লৈ আহিবি।- বাইকৰ চাবিপাত লৰাটোক পঠাই দিলো। ওচৰতে বজাৰখন। দুখীয়া ঘৰৰ বিশ্বাসী লৰা সি। বয়সনো কিমান হব¸ খুউব বেছি বাইছ। মাহেকত দিয়া চাৰিহেজাৰ টকাৰে সি চাৰিজনীয়া পৰিয়ালটো চলাই। এইদৰে মাজেসময়ে দহ বিশ টকা দিও তাক। কেতিয়াবা আচৰিত হও ইমান কমবয়সতে সি এটা দুবছৰীয়া লৰাৰ বাপেক।
: বাবা¸ আমাৰ বেমাৰী ছাগলী পোৱালীটো মৰিল।- মাৰ ফোনটো পাই বেয়া লাগি গল। এসপ্তাহৰ পৰা কষ্ট কৰি আছে মায়ে বছাবলৈ। পৰহিৰ পৰাই পৰি আছে একো নোখোৱাকৈ। মই পথাৰত থৈ আহিব খুজিছিলো। বেয়া লাগে এনেকৈ পৰি থাকিলে।
: ঐ হৰ¸ মাছ কিনিলি নেকি? নালাগে আমাৰ ঘৰলৈ। চব্জি অলপকে দি আহ। - হৰলৈ ফোন কৰিলো। আজি আমাৰ ঘৰত যে মা¸দেউতাই ভাত নাখাই সেয়া খাতাং।
আকাশপাতাল ভাবি বহি আছিলো। নামি আহিল হুৰহুৰাই বৰষুণজাক। ৰাষ্টাত যত যি দুই এটা মানুহ আছিল চব ফৰিংচিটিকা দিলে।
: ঐ বৰ বেয়া কথা এটা হল বুজিছ।- কোনোবা এটাই জুৰুলি জুপুৰি সোমাই আহিল। আগন্তুকে হেলমেটতো খুলি মোৰ টেবুল খনতে থলে। তিতা চাৰ্টটো খুলি হাতেৰে মোহাৰি মোৰ প্লাষ্টিকৰ চকীএখনত মেলি দি আনখন চকীত বহিল।
: বান্দৰ ভিজা দিলি দেখোন।- বন্ধু ভাস্কৰক কৈ উঠিলো।
: নকবি দে ভাই। কৰপৰা যে হথাতে বৰষুণজাক আহিল নহয়।
: দুকাপ চাহ আৰু দুটা চিঙৰা পঠাব।- সমুখৰ চাহদোকানৰ মালিকজনক ফোন কৰিলো।
: ভালেই কৰিলি দে। বৰষুণতত তিতি চাহ একাপৰ প্ৰয়োজন অনুভব কৰিছিলোৱেই।- বন্ধুৰ কথাত মিচিকিয়াই দিলো। এনেকৈ কলেও বন্ধু যিমানবাৰেই আহিছে মোৰ অফিচত এদিনো চাহ নুখুওৱাকৈ পঠিওৱা নাই। প্ৰায়ভেট স্কুল এখনৰ শিক্ষক বন্ধু। সামান্য দৰমহা আৰু টিউচনৰ টকাকেইটাৰে কোনোমতে চলি আছে। আমি সকলোবোৰ একেই। মধ্যবিত্তৰ সন্তানবোৰে সকলোতে মধ্যমীয়া। আজিকালিৰ যুগত মধ্যমীয়া শ্ৰেনীটোৰ একো কামেই নাই। হয়তো বেষ্ট নতুবা বেড কিবা এটা হব লাগে। আইনষ্টাইন নহলে বীৰাপ্পান হব নোৱাৰিলেও চাউলমুঠিৰো সমষ্যা আজিকালি।
: এটা বেয়া কথা হল অ’।- কৈ উঠিল সি।
: কচোন।- বিশেষ আচৰিত নহৈ শুধিলো। আজিকালি বেয়াখবৰ বুলি কলে আচৰিত হব লগা একো নাই¸ যদিহে ভাল খবৰ বুলি কয় কোনোবাই তেতিয়াহে অলপ আচৰিত হও।
: বসন্ত ভিনদেউহতক লগ পাইছিলো বজাৰত। তহতৰ কথা বৰ বেয়াকৈ কলে। ভাল নালাগিল¸ দৌৰাদৌৰিকৈ গুছি আহিলো।
: কি কলেনো।- ভাবলেশহীনভাবে সুধিলো।
: বহুত কিবাকিবি। বাদ দে আৰু। তহঁতে গাখীৰ খুৱাই সাপ পুহিছিলি!- তাৰ কণ্ঠত ক্ষোভ। হুমুনিয়াহ এটা ওলাই আহিল মুখেৰে মোৰ। হৰ এতিয়াও আহি পোৱাহি নাই। হয়তো বৰষুণৰ বাবে কৰবাত ফঁচি আছে। বৰষুণজাক আহি আছে এতিয়াও।
সেয়া এঘাৰ বছৰ আগৰ কথা। জোনটিবাক লগ পাইছিলো হস্পিটালত। মাৰ অপাৰেচন এটাৰ বাবে জিএমচিত ভৰ্তি কৰিছিলো। প্ৰায় বিশদিনমান মা আছিল হস্পিটালত। মা থকা ৰুমটোতেই জোন্টিবাৰ সম্পৰ্কীয় বৌৱেক গৰাকীক ভৰ্তি কৰিছিল। একেটা অঞ্চলৰ মানুহবাবে আন্তৰিকতা বাঢ়িল।
: আপোনাক মই দেউতা বুলি মাতিমদেই।- দেউতাক সাবতি হুকহুকাই হস্পিটালতে এদিন কান্দি উঠিল তাই। একো নুবুজি আমি সকলো হতভম্ব।
: তাইৰ দেউতাক দেখিবলৈ সাইলাখ আপোনাৰ দৰেই আছিল।- সম্পৰ্কীয় দিপাবৌৱে কয় দেউতাক।
: হব আজিৰ পৰা মই তোমাৰ দেউতা। তুমি মোক দেউতা মাতিবা।- তাইৰ মুৰত হাত বুলাই দেউতাই কৈ উঠিছিল। সেই সুত্ৰেই মই তাইৰ সৰু ভায়েক হলো¸ তাই মোৰ বা। সিহঁতৰ ঘৰত ককায়েক দুজন আৰু বিধবা মাক। দেউতাকৰ চাকৰীটো ডাঙৰ দাদাই পাই কোৱাৰ্টাৰত থাকে হাওৰাঘাটত। ফোনত সম্পৰ্কটো চলিল আমাৰ। ভালেই পালো। পৰিয়ালৰ ডাঙৰ লৰা হৈ সৰুবোৰক শাসন কৰিতেই লৰালি গল। এতিয়া চেঙেলীয়া বয়সত অলপ বাৰ মৰম পাম!
: দেউতা¸ মই মাক হেৰুৱালো অ’। মায়ে এৰি গলগৈ আমাক। -এদিন কান্দি কান্দি ফোন কৰিলে তাই। এবুকু বোজা লৈ দেউতা গলগৈ হাওৰাঘাটলৈ। সকাম শেষ কৰি সম্পৰ্কৰ শিকলিদাল মজবুত কৰি দেউতা উভতি আহিল।
: দেউতা তহঁতৰ তাৰ লৰা এটাই মোৰ লগত ফোনত কথা পাতি থাকে অ’।- এদিন লাজ লাজকৈ কয় তাই। ৰং নাম্বাৰত পোৱা লৰাটোক ভাল লাগে তাইৰ। বিনাবাক্যেই দেউতা ওলালগৈ পিছদিনা লৰাটোৰ ঘৰ বিচাৰি।
: ডাঙৰ ছোৱালীৰ বিয়া ঠিক কৰি আহিলোগৈ।- হতভম্ব আমাৰ সকলোবোৰ। আমাৰ ঘৰত কাকোৱেই নজনোৱাকৈ আয়োজন কৰে তেও। ইতিমধ্যে ডাঙৰ দাৰ বিয়াখনো হল। দৰাৰ মাক¸বাপেক হৈ মা-দেউতা সমুখত। আমাৰ মনতো ফুৰ্তি¸ দাদাৰ বিয়া। বৌজনীহে কিবা ভাল নলগা হল। যেন প্ৰথমবাৰৰ বাবে অনুভব হল¸যে নিজৰ বৌ নহয়।
আজিকালি জোনটিৰ হব লগা গিৰিয়েক বসন্ত ভিনদেউ প্ৰায়েই আহে আমাৰ ঘৰত। জোনটিবাহঁতো আহে¸ পোন্ধৰ বিশদিন থাকেহি।
: মা¸ ইমান বেছি নকৰিবি। বৰ সুবিধাৰ যেন লগা নাই বসন্ত ভিনদেউ মানুহজনক। ৰাতি এপৰতো কেতিয়াবা চাৰি পাঁচজন লগৰ লৰাক লৈ আহে। মায়ে ঘৰত যি আছে¸ পাৰ¸ মুৰ্গী মাৰি খুৱাই। ঘৰৰ নাৰীকল¸ লাও যি আছে দেউতাই বান্ধি দিয়ে মৰমতে। মোৰ কথা কোনে শুনে!
: আমি প্ৰয়োজনতকৈ বেছি কৰিছো নেকি?
: কেতিয়াবা তেজৰ সম্পৰ্কতকৈ এনেবোৰ সম্পৰ্ক বেছি আপোন হয়। - সেয়া মাৰ যুক্তি। বজাব নোৱাৰো মই।
এদিন জোনটিবাক বিয়া দিয়ে দেউতাই বিয়াৰ আধা টকা খৰচ কৰি।
মাহেকে পষেকে ডাঙৰ জীয়েকলৈ নিয়ে ভেটিভাৰ। মোৰ সহ্য নহয় বসন্ত ভিনদেউৰ কথা-ব্যবহাৰ কিছুমান। কিযে বাহাদুৰি¸ ওফাইদং মৰা কথা! মোবাইল ফোনৰ টাৱাৰৰ ঠিকা কৰে। এনে দেখুৱাই যেন আম্বানীৰ লগত দাইৰেক্ট কনটেক্ট। হওতে তেওলোকৰ ঘৰখন সিমান বেয়া নাছিল। ভায়েক-ভনীয়েক এহাল আৰু বিধবা মাক জনী। গীতা বাইদেউৰ বিয়াত সকলোৱে ফুৰ্তি কৰিলো। মা¸ দেউতা অন্ধ মৰমত!
এদিন ভন্টিৰ বিয়াৰ কথা ওলাল।আপত্তি সিহঁতৰ! ভালপোৱা লৰাজনৰ লগত সম্পৰ্ক নকৰে হেনো। প্ৰকৃত প্ৰেমক শ্ৰদ্ধা কৰে আমাৰ ঘৰখনে। নিজেও প্ৰেম বিবাহ তেওলোকৰ। সকলোফালেই উপযুক্ত লৰাজনক আপত্তি কৰাৰ থল একোকে নাথাকে কাৰোৰে। চৌবিশ বছৰীয়া ছোৱালীজনীকো সৰু বুলি ৰাখি থোৱাৰ যুক্তি নাথাকে। সিহঁতৰ তুমুল অশান্তিৰ মাজতো বিয়াখনো হয়গৈ। লাহেলাহে ওলাল জোলোঙাৰ মেকুৰী¸ দিব লগাৰ ভয়ত আঁতৰে সিহতে। চাগে কাহানিও শুজিব নোৱাৰে মা-দেউতাৰ ধাৰ। আজিকালি ঘিণ কৰে দেউতাই। মায়ে প্ৰায়েই নিজকে গালি পাৰে।
: পা মজাতো। - মাজে মাজে সোঁৱৰাও ঘৰত। নিজৰো বেয়া লাগে।
বৰষুণজাকে গুদাম ঘৰটোৰ সমুখৰ লেতেৰাখিনি ধুই লৈ গৈছে। ইটাৰ গুৰি¸ চিমেন্টৰে লেতোৰা হৈ আছিল। তীব্ৰবেগত চলি আছে কোঠাৰ ফেনখন। বন্ধুৰ চাৰ্টটো অলপ শুকাইছে। বন্ধুৱে পিন্ধি লৈছে চাৰ্টটো। ইতিমধ্যে চাহদোকানৰ লৰাটোতে চাতিটো মুৰত লৈ দুকাপ চাহ আৰু গৰম চিঙৰা দি গলহি। বৰষুণ বতৰত গৰম চাহ আৰু চিঙৰাৰ সোৱাদেই সুকীয়া। পৰম তৃপ্তিত বন্ধুই চাহৰ গিলাচটো হাতত লৈ চিঙৰাত কামোৰ এটা মাৰে। হুমুনিয়াহ এটা ওলাই আহিল। মাহঁতে বাটৰ কচু গাত ঘঁহি জাবৰ চপাই ললে¸ বেয়াতো গোন্ধাবই।
: পাবই দে ভাই বেয়া। উপকাৰীক অজগৰে খাই বুলি কথা এটা নাই জানো!- বৰষুণজাক এতিয়াও আহি আছে।।

মৌ

Unknown

(অগল্প)
------------

ল্পটো হোৱাটছ্আপত ভাইৰেল হৈছে। লেখক কোন নাজানো। মেচেজ চেচেজ কিবা আছে যদিও বুজি নাপাও। কিবা ৰঞ্জিত ৰঞ্জিত লাগিছে মনটো গল্পটো পঢ়াৰ পৰা। এটা পাৰিবাৰিক প্ৰেমৰ গল্প। কাশ্ গাৰ্লফ্ৰেণ্ড এজনী থকাহেতেন! হথাতে ৰোমাণ্টিক হৈ পৰো মানুহটো। হোৱাটছ্আপৰ গ্ৰুপটোত কোনোবাই কৰবাৰ পৰা কপি পেষ্ট কৰিছে। মজ্জা মজ্জা। আকৌ এবাৰ পঢ়ো গল্পটো।
খবৰটো শুনি খুউব ভাল লাগিছে তাৰ। গা সাতখন আঠখন হৈ আছে। ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে¸ কিমান সুখী সি। সচৰাচৰ হাজবেণ্ডৰ পৰিচয়ে ৱাইফৰ পৰিচয় হয়¸ কিন্তু তাৰ ক্ষেত্ৰত যেন সেয়া ওলোটা।
: আপুনি মৌচুমী মেডামৰ হাজবেণ্ড ন?- যেতিয়াই সোধে কোনোবাই বুকুখন ফুলি যায় তাৰ। মৌৰ লিখা প্ৰবন্ধ প্ৰায়েই বাতৰিকাকতত প্ৰকাশ হয়। খুউব তত্বগধুৰ তাইৰ লেখাসমুহ। সেয়েলৈ দেউতাকৰ প্ৰিয়পাত্ৰী তাই। তাৰ দেউতাকো সাহিত্যচৰ্চাৰ লগত জড়িত। খবৰটো পোৱাৰে পৰা দেউতাক মাকে যাকেই লগ পাইছে চাহ খাবলৈ ঘৰলৈ মাতি আনিছে। আচৰিত হয় সি¸ কেনেকৈ যে তাই ইমান অসম্ভবকো সম্ভব কৰি তুলিছে!
: তোমাৰ বহুত কষ্ট হয় ন! কাম কৰা বাই এজনী ৰাখো দিয়া।
: নালাগে নেকি!- এইখিনি কাম কৰোতে কি কষ্ট আৰু। ছোৱালী হৈ এইখিনি নকৰো যদি কি কৰিলোনো!- তাৰ কথাখিনি কাটি কৈ উঠে তাই।
: হলেও মষ্ট ঘৰখনৰ কাম অকলে চম্ভালি অফিচ কৰিবলৈ বহুত কষ্ট হয় তোমাৰ। অকণো ৰেষ্ট নোপোৱা।- মৰমসনা মাতেৰে কয় পলাশে।
: হব দিয়া। বাইজনীক দিব লগা টকাকেইটা মোক দিবা।- হাঁহি এটা মাৰি দুয়োখন হাতেৰে তাৰ ডিঙিটো মেৰিয়াই মৰম লগাকৈ কৈ উঠে তাই। মুগ্ধ হয় সি। এইবাবেই তাৰ মৰম লাগে তাইক। দুয়োখন হাতেৰে তাইক বুকুলৈ চপাই আনি টপকৈ চুমা এটা খালে।
: ধেৎ দুষ্ট।- লাহেকৈ বুকুত ভুকু এটা মাৰি কৈ উঠে তাই। সশব্দে হাঁহি দিয়ে দুয়ো।
তাই পাকঘৰত খোৱাৰ যোগাৰ কৰি আছে। দ্ৰয়িং ৰুমত টিভিত নিউজ চাই আছে সি। দেউতাক গৈছে বজাৰলৈ। সচৰাচৰ সি বজাৰ কৰে যদিও মাজেসময়ে দেউতাকো যায়। সন্ধিয়া যোগেন খুৰাৰ দোকানত লগৰ সমনীয়া মানুহকেইজনক লগ পাই। ৰিটায়াৰমেন্টৰ পিছত মানুহজনৰ সময়বোৰ নাজায় নুপুৱাই যেন লাগে। হল বুলিনো আৰু ঘৰটোত কিমান সুমাই থাকিব!
: বজাৰৰ পৰা কি আনিব লাগে ময়ে আনিম দে।- ভালেই পাই সি দেউতাকৰ কথা শুনি। ৰবিবাৰৰ দিনটোত আবেলিটো টিভি চায়ে ভাল পাই। আন দিনত সময়ে নাপায়। ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ পিছত ৰাতি এপৰতহে ঘৰ সোমাই। কেতিয়াবা নিজৰ ওপৰতে খং উঠে তাৰ। কাকোৱেই অলপো সময় দিব নোৱাৰে। কিয় যে চাকৰী নকৰিলে! ভাবে সি। খং উঠে নিজৰ ওপৰতে। ব্যবসায়ী হোৱাৰ এইটোৱে দুখ। শান্তি অলপো নাই¸ সকলো সময়তে টেনচন। মাৰ্কেটত কম্পিটিচন বাঢ়িছে। তিকি থাকিবলৈ হলে নতুন নতুন ষ্ট্ৰেটেজি এপ্লাই কৰিবই লাগিব। সিতো আৰু ৰিটায়াৰমেন্টত পেঞ্চন নাপায়! গতিকে সময় থাকোতেই ফিউচাৰটোৰ বাবে সাচি নথলে বুঢ়াকালত কৰিব কি! নিয়ৰৰ বাবে লাগিবতো। পাৰ্য্যমানে ঘৰৰ সকলোকে সুখী কৰিব যত্ন কৰে সি। তাৰ বেয়া লাগে তাইলৈ কেতিয়াবা। বেছেৰীয়ে মুখ খুলি নকয়¸ বুজি পাই তায়ো বিছাৰে অলপ সময়। আলহী কুটুম্বৰ ঘৰলৈ নোযোৱা এযুগৰো বেছি হল তাৰ। নাজানো মানুহবোৰে কি ভাবে!- ভাবে সি।
আজিও মিটিং এখন আছিল। শেষ মুহুৰ্তত কেঞ্চেল হল। ডিলাৰশ্বিপৰ বাবে টেণ্ডাৰ পেলাইছিল¸ এগ্ৰিমেন্টটো হব দুই এদিনতে।
: আমাৰে মইনা শুব এ¸ বাৰীতে বগৰী ৰুব এ।- মাকে নিয়ৰক নিচুকাই আছে। বৰ দুষ্ট হৈছে লৰাটো। মাকক বৰকৈ আমনি কৰি থাকে। আইতাকৰ কোলাত চাগে সি শুই গৈছে।
নিয়ৰ তাৰ দুবছৰীয়া সন্তান। ঠুনুক ঠানাক মাতটোৰে বৰ মৰমলগা হৈছে লৰাটো। ককাক আইতাকক পালে কাকোৱেই নালাগে তাক।
: তুমি দেউতাক ফোন এটা কৰানা। দেৰি কৰিলে দেখোন।- ভিতৰৰ পৰাই চিঞৰে তাই।
: আহিব দিয়া। সৰু লৰা নহয় নহয়।- হাঁহি উঠে তাৰ তাইৰ কথাত। সদায় এনেকুৱা কৰে তাই। চিন্তা তাইৰ জানোচা শহুৰেকে কথা কৈ থাকোতে সময় পাহৰি যায়। ঘড়ীটোলৈ চালে সি¸ আঠ বাজিল। দেউতাকক ফোনটো কৰো বুলি ভাবোতেই দেউতাক পালেহি। বজাৰৰ মোনাখন লৈ চিধাই পাকঘৰ পালেগৈ। তাই সদায় কোৱাৰ দৰে আজিও কয়¸ দেউতা ইমান দেৰি কৰে আপুনি। সময়বোৰ পাহৰি যায় ন! উত্তৰত হাঁহি মাৰি দেউতাকে কব এহ তঁহতে এনেই বেছিকে চিন্তা কৰ। চাগে শাহু-শহুৰত নিজৰ মাক-দেউতাক বুলি ভবা বোৱাৰী তায়েই প্ৰথম। মা-দেউতাকেও তাইক জীয়েক বুলিয়েই ভাবে।
: মৌ¸ লেপটপটো দিয়ানা। - অভ্যাসবশত চিঞৰি উঠে সি।
: মই বিজি আছো।- সিয়াৰে তাই।
: তই চবকাম তাইক কিয় পাচি থাক।- লেপটপটো আনি দি কয় মাকে।
: একো নহয় দে তোৰ চেনেহৰ বোৱাৰীৰ। -ভাল লাগে শাহু বোৱাৰীৰ মৰম দেখি। মেইলকেইটা চালে সি। ভালেকেইটা ৰিপ্লাই দিব লগা আছে। অলপ দেৰিৰ পিছত চাহ একাপ আনে তাই। জানে লেপটপত কাম কৰি থাকোতে চাহত চুমুক দি ভাল পায় সি। হাঁহি এটা মাৰি চালে তাইলৈ। মৰমলগা চাৱনি এটা দি ভিতৰলৈ গল তাই। দিনে দিনে তাইৰ প্ৰেমত যেন এভাৰগ্ৰীণ প্ৰেমিক হৈ পৰিছে সি। বিয়া হোৱাৰ তিনিবছৰ হল¸ এতিয়াও যেন তাই সেই প্ৰেমিকাজনীয়ে হৈ আছে।
চশমা পিন্ধা ছোৱালীজনী সিমান ধুনীয়া নাছিল। মিঠা বৰণীয়া নিয়মীয়া উচ্চতাৰ খীন ছোৱালীজনী দেখিবলৈ সিমান বেয়া লগাও নাছিল। ভনীয়েকৰ লগত একেলগে পঢ়িছিল তাই। সিহঁতৰ ঘৰতে প্ৰথম লগ পাইছিল তাইক। প্ৰায়েই ভনীয়েকক বিচাৰি সিহঁতৰ ঘৰলৈ আহিছিল। এবাৰ কুইজ কম্পিটিচনত পুৰস্কাৰ হিচাপে পোৱা টলষ্টয়ৰ যুদ্ধ আৰু শান্তিখন তাক বিছাৰোতে মুডী বুলি ভাবিবলৈ বাধ্য হৈছিল সি। চাগে ভনীয়েকেই কৈছিল সেইখন তাৰ ওচৰত থকা কথাটো। খুউব জুখিমাখি কথা কোৱা মৌচুমী নামৰ ছোৱালীজনীৰ লগত কথা পাতোতে যথেষ্ট ভাবিবলগীয়া হৈছিল সি।
ভাল লাগি গৈছিল ছোৱালীজনী তাৰ। বুকুত সাহস গোটাই এদিন কোনেও নজনাকৈ কৈ দিছিল গুপুত কথাষাৰ।
: মই বাৰু ভাবিম আপোনাৰ কথাষাৰ। - খুউব নম্ৰভাবে কয় তাই।
: দাদ¸ মৌচুমীৰ প্ৰেমত পৰিছ হয়¸ পাৰিবি জানো! তাই খুউব চিম্পল¸ চিন্তাশীল ছোৱালী। ফেচবুক¸ তেচবুক বেয়াপাই তাই। চিনেমা চাবলৈ¸ ফুৰিবলৈ বেয়াপায়। আজিলৈ কতো পিকনিক গৈ পোৱা নাই।- ভনীয়েকৰ কথাত কৌতুহল হয় তাৰ। অধিক আকৰ্ষিত হৈ পৰে সি মৌৰ প্ৰতি। আজিৰ দিনতো তাইৰ হাতত নকিয়া ১১০০ টো দেখিছে। আচৰিত হও¸ আজিৰ দিনতো এনে ছোৱালী আছেনে!
: মই কিন্তু বিয়াৰ আগতে তোমাৰ লগত কতো যাব নোৱাৰো। -কৈছিল তাই।
চাকৰী নাপাই অনাই বনাই ঘুৰি ফুৰিছিল সি। পঢ়া দিনৰে পৰা মধ্যমীয়া ছাত্ৰ সি। চাকৰী পোৱাটো সহজ কথা নহয়। মাক-দেউতাকৰ আশীৰ্বাদ আৰু তাইৰ প্ৰেৰণাতে বেংকৰ লোণতো লৈ ব্যবসায়ত নামিছিল। সোনকালেই লক্ষ্মীদেবীৰ কৃপা হৈছিল। এম এ পাছ কৰি তায়ো সোমাল কলেজখনত। ভাৰ্চিটি টপাৰ ছোৱালীজনীৰ বাবে চাকৰীৰ আকাল নহয়!
শিক্ষিতা¸ নম্ৰ¸ চাকৰীয়াল বোৱাৰী পাই মাক-দেউতাক সুখী। ভনীয়েকৰতো কথাই নাই¸ বৌৱেক তাইৰ বান্ধবীহে।
পঢ়ি থকা দিনৰে পৰা মৌ তাইৰ মৰমৰ বৌৱেক।
বেয়া লাগে পলাশৰ¸ ঘৰৰ সকলো কাম কৰে তাই। শাহুৱেকক একো কৰিব নিদিয়ে। ঘৰৰ সকলো কামকাজ কৰি আকৌ ৰাতি পঢ়ে। বাধা নিদিয়ে সি¸ সপোনবোৰ সচা হওক তাইৰ।
সি সৰুকৈ ঘৰতে পাৰ্টি এটা আয়োজন কৰিছে আজি। ভনীয়েকহতো আহিছে সপৰিয়ালে। ঘৰৰ সকলোৱে ভিতৰত কথা পাতি আছে। আবেলিলৈ তাৰ দুই এজন বন্ধু আহিব¸ মৌৰ ঘৰৰ মানুহো আহিছে¸ তাইৰ লগৰ বান্ধবী দুজনীমানকো মাতিছে সি। তাইৰ সাফল্যত বুকুফুলি উঠিছে তাৰ। গ্ৰেজুৱেচনটো কৰিয়েই শিক্ষা সমাপ্ত কৰিলে¸ এতিয়া তাইৰ হাজবেণ্ড বুলিয়েই তাক চিনি পাই সকলোৱে। ডক্টৰ মৌচুমী কলিতা আগশাৰীৰ কলেজ কলেজখনৰ লেকচাৰৰ।
: পল¸ কি কৰিছা ইয়াতে! আহাচোন¸ মাহতে তোমাক বিচাৰি আছে।- মৌ আহি মাতে তাক।
: হেই¸ কি ভাবি আছা ইমানকৈ!- তাই গাত হেচুকি দিয়াতহে তন্ময়তা ভাগে তাৰ।
: কি চাই আছানো!
: তোমাক
: আজিনো কি ইমানকৈ চাবলগা হল।
: হেডচ্ অফ টু য়ু মাই দিয়াৰ। ইউ মেক মি প্ৰাউড।- সাবতি ধৰে তাইক।
: হব দিয়া। ইমান চেন্টি হব নালাগে।- হাঁহি হাঁহি কয় তাই।
: আহা মাঁহতে বিছাৰিছে।
: বলা।- তাইৰ হাতখন সাবতি খোজ দিয়ে সি ভিতৰলৈ।
মনটো যেন আকৌ চঞ্চল হৈ পৰে মোৰ। মৌৰ দৰে জীবনসংগী ময়ো এজনী পোৱা হলে! কুজালৈ কুজী¸ বেঙালৈ বেঙী বুলি কথা এষাৰ আছে নহয়। জানো আমাৰ দৰে অধমলৈ কোন জনী আহে। তাইৰোতো চাগে কম ফুটা কপাল নহব। ভাবি আছিলো বাৰেভচহু কথা। -হথাতে কাৰেন্টটো গল। আন্ধাৰে মুন্ধাৰে বহি ৰলো পোহৰ অলপ অহাৰ অপেক্ষাত।।

আয়ুস্মান ভব:

Unknown


(অগল্প)
---------------------


ঢ়ি থকা দিনত কোনোদিনেই সি ভবা নাছিল লাইফটো ইমান কম্প্লিকেটেড হব বুলি। সৰুৰে পৰা পঢ়াশুনাত ভাল আছিল সি। ডিগ্ৰীতোও ফাৰ্ষ্ট ক্লাছ লৈয়ে পাছ কৰিছিল। মধ্যবিত্ত পৰিয়ালটোৱে তিনিটা লৰা-ছোৱালীক সমানে পঢ়াব নোৱাৰে। পঢ়া সিমানতে সাং কৰি সি গুৱাহাটীলৈ আহিছিল জীবন গঢ়িবলৈ।
: তোৰ ডিউটি নাই এতিয়া।- ৰুমমেট বিকাশে সোধে তাক। গা-পা ধুই ড্ৰেছ কৰি ৰেডী সি অফিচ যাবলৈ।
: নাই। আজি ইভিনিং।- মোবাইলত গেম খেলি থাকিয়ে কৈ উঠে সি। কালিও ইভিনিং ডিউটি আছিল। ৰাতি বাৰবজাতহে শুইছে। ৰাতিপুৱা উঠোতে আঠ বাজিছে। আজিকালি তেনেকুৱাই হৈছে কথাবোৰ। ঘৰত থাকোতে ৰাতিপুৱা সোনকালে উঠি দৌৰিব গৈছিল সি¸ এক্সাৰছাইজ কৰিছিল। এক্সাৰছাইজ এতিয়াও কৰে চেগাচেৰোগাকৈ যেতিয়াই সময় পাই। ৰাতিপুৱাহে উঠিব নোৱাৰে। সপ্তাহত দুই-তিনিদিন নাইট ডিউটি কৰি গোটেই ৰাতি টোপনি খতি কৰি আহি অবশ লাগে গাটো। দিনত ভাল টোপনি নাহে। ইভিনিং ডিউটিৰ কেইদিনাও ৰুম পাই বিছনাত উঠে মানে বাৰ বাজি নেক্স্ট ডে পৰেগৈ।
চাল্লা কি যে হব নহয়! কি যে চাকৰীত জইন কৰিলে সি!- তাৰ খং উঠি আহে কেতিয়াবা।
আজিকালি কোম্পানীৰ চাকৰিতো চিনাকী লাগে¸ নহলে ভাল কাম পোৱা নাযায়। ঘৰৰ মানুহৰ চিনাকী থকাৰ সুবাদতে ষ্টাৰ কেটেগৰীৰ হোটেল এখনত সোমাই সি। ৰিচেপচনিষ্ট জব। টাই পিন্ধি টিপটপ থাকিব লাগে। ভাল লাগে তাৰ। সৰুৰে পৰাই টাই বান্ধি চাকৰী কৰিব মন আছিল তাৰ। সপোনটো এনেকৈয়ে সঁচা হয় পলাশৰ। কাম বেছি নাথাকেই¸ মাথো গেষ্ট এটেণ্ড কৰিব লাগে। অসমীয়া নকয়েই কোনেও। হিন্দী¸ ইংৰাজীয়ে বেছি চলে। বিভিন্ন ধৰণৰ মানুহবোৰ লগ পাই ভাল লাগে তাৰ। ফৰেইনাৰ লোকবোৰ দেখিলে ফুৰ্তি লাগে তাৰ। সাতসাগৰ তেৰ নদীৰ সিপাৰৰ বগা চামৰাৰ মানুহৰ লগত ইংৰাজী কবলৈ পাই খুউব ভাল লাগে।
: ঐ তই ইমান ক্লোজ নহবি দেই গেষ্টৰ লগত। অভাৰটেক কৰিবও চেষ্টা নকৰিবি।- এদিন চিনিয়ৰ ডেকাদাই কয় তাক। তেওৰ ভয় জানোচা¸ সি তেওক পাৰ হৈ যায়। গেষ্টে বেছি ভালপাই তাক। টিপচ বেছি পাই সি।
: আচলতে কি জান¸ এই হোটেলবোৰ একোখন অন্ধকাৰ পৃথিবী। সকলো মানুহ এই প্ৰফেচনত সুখী হব নোৱাৰে।- মাইনাদাই কৈছিল তাক। তাতকৈ দহবছৰমান ডাঙৰ লৰাটো তাৰ কলীগ আছিল। গুৱাহাটীৰ লোকেল লৰা। সৰুৰে পৰা এইটো লাইনতে। নিজৰ ভায়েকৰ দৰে মৰম কৰিছিল পলাশক।
: তই যিমান সোনকালে পাৰ এই লাইনটোৰ পৰা আতৰি যাবিদেই। যিমামদুৰ বুজিছো তই এইটো লাইনৰ মানুহ নহয়। - মাইনাদাৰ কথা ৰাখিব নোৱাৰিলে সি। আজি পৰ্য্যন্ত ইচ্ছাৰ বিৰুদ্ধে সি কাম কৰিছে প্ৰফেচনটোত। কেতিয়াবাই এৰি আহিল আগৰ কামটো। মাইনা এতিয়া বা কত! নাজানে সি। চেঞ্জ বিচাৰি¸ প্ৰাপ্য বিচাৰি কেইবাটাও কৰ্মসংষ্ঠান সলনি কৰে সি। বৰকৈ মনত পৰে কেতিয়াবা মাইনাদালৈ। ফেচবুকত চাৰ্চ কৰে¸ নাপায়। তেওৰ ঘৰৰ ঠিকনাটোও নাজানে। আজিৰ দিনতো তেওৰ ফেচবুক থাকিব নালাগেনে!- খং উঠে তাৰ।
সি থাকোতেই এদিন মেনেজাৰৰ লগত লাগি ওলাই গৈছিল মাইনাদা। মৰমীয়াল মানুহটোৰ এটাই দোষ আছিল¸ মদখালে বেছি কথা কৈছিল।
: পলাশ তই ভাল লৰা। এইবোৰ নাখাবিদেই। মই বেয়া লৰা। গুছি যা সোনকালে¸ মায়াত সোমালে ওলাব নোৱাৰিবি।- হাঁহি উঠে তাৰ। গা পিহি পিহি কিযে তাক বুজাইছিল মদখাই। তেৱেই ট্ৰেইন কৰিছিল তাক।
সপোনবোৰ মৰহি যোৱা যেন লাগে ভাবিলে কেতিয়াবা। ভাল অভ্যাসবোৰ সকলো হেৰাই থাকিল। পঢ়ি থাকোতে ধুনীয়া কবিতা লিখিছিল¸ বাহিৰা কিতাপ পঢ়িছিল পলাশে। আজিকালি ফ্ৰী টাইমত লাইফৰ কথা ভাবোতেই যায়। পলাশে ভাবে জীবনটোৱে ভাল ঠেকা দি আছে তাক। হব খুজিছিল প্ৰফেচাৰ¸ হলগৈ হোটেলৰ কৰ্মচাৰী। ঘিণ লাগে তাক আন্ধাৰবোৰ। লগৰ সকলোবোৰ লগৰীয়াই ৱেল এষ্টাব্লিজ¸ অথচ এৰো বুলিও এৰিব পৰা কামটো। আৰ্টচ্ হে আছিল তাৰ ষ্ট্ৰীম। ভাল কাম পোৱাটো সহজ নহয়। আজিকালি দৰমহাৰ এক তৃতীয়াংশ এক্সট্ৰা উলিয়াই সি। তেনেকৈয়ে চলি আছে সকলোবোৰ। কোনো মালিকেই প্ৰাপ্য মজুৰি নিদিয়ে। চোৰৰ ঘৰৰ চোৰ কৰিলে পাপ নহয়। ভাবে পলাশে¸ আগতকৈ বহুত সলনি হল সি।
: ঐ(অশ্লীল) আহিলি।- কলীগবোৰে মৰমতে সম্ভাসন জনাই।
: আহিলো (অশ্লীল)- প্ৰত্যুত্তৰ দিয়ে সি। ইয়াত এইটোৱে নিয়ম। দুই এটা অশ্লীল শব্দ প্ৰয়োগ কৰি সকলোৱে কথা পাতে। মাথো চিনিয়ৰ কেইজনমানৰ শব্দইহে মাথাৰ তেজ উঠাই আনে। চাকৰীৰ মৰমত সহ্য কৰে সিহঁতে।
মজবুৰী সিহঁতৰ¸ কাম কোনোপধ্যেই এৰিব নোৱাৰে।
: ঐ মুখ চম্ভালি কথা কবি কুট্টা। এয়া অসম হয়। মাথা ফালি দিম তোৰ।- এদিন সহ্যৰ শিকলি চিঙি গৈছিল পলাশৰ। বিশদিনৰ চেলাৰী এৰি গুছি আহিছিল সি। য়শৰাজ¸ পিএমএছ¸ আইডিএছ¸ এটিএছ চফ্টৱেৰত কামকৰা লৰাটোৰ বাবে হোটেলৰ চাকৰীৰ আকাল নহয়। হল বুলি ইমানো সহি থাকিব নোৱাৰি! ৰিভলভাৰ এটা হাতত লৈ গুলীয়াই দিব মন যায় তাৰ।
জি এম মুকেশ গুপ্তাৰ মুখখন খুউব লেতেৰা। হাৰিয়ানাৰ ফালৰ মাৰোৱাৰী মানুহটোৱে অশ্লীল গালি নিদিয়াকৈ কাকো সুদাই নেৰে। হকে বিহকে লেতেৰা লেতেৰা গালিবোৰ পাৰে। চৰিত্ৰহীন মানুহজনক ঘিণ লাগে তাৰ। প্ৰায়েই কম বয়সীয়া যুবতীবোৰ লৈ ৰুমত সোমাই থাকে। কেতিয়াবা দহ-বাৰজন মানুহ আহে।
: ভাইয়া¸ পাপা হে ক্যা।- এম ডি চাৰৰ লৰাটোৱে ফোন কৰে।
: নেহী চাৰ। ৱো তো য়াহা নহী হে।- একচেকেণ্ডো নভবাকৈ শিকাই দিয়া মতে কৈ উঠে সিহঁতে।
: লেকিন পাপা কা কাৰ তো য়াহা হেই
: পতা নহী চাৰ। লেকিন ৱো বাহৰ হী হেই¸ চায়দ পেয়দল গয়ে হে।- টিন এজাৰ লৰাটোৱে ফোন কৰে বাপেকক। ৰিচিভ নকৰে ফোনটো চাৰে।
: ভাইটি¸ সচাকৈ কোৱা ক’ত আছে এম ডি চাৰ।- এম ডিৰ ঘৈনীয়েকে জেৰা কৰাদি সোধে তাক।
: মেম চাৰ ইয়ালৈ অহাই নাইতো। কিয় মিছা কম আপোনাক। -কথাত জোৰ দি কয় সি। সন্দেহৰ দৃষ্টি এটা নিক্ষেপ কৰি আতৰি যায় মানুহজনী। খং উঠে তাৰ। ইমান ধুনীয়া ফেমিলী¸ সন্তান থকাৰ পিছতো কিহৰ বাবে চাৰ সোমাই থাকে জীয়ৰীৰ বয়সৰ ছোৱালীৰ লগত। ছি: ঘিণ লাগে তাৰ। সচাকথা কবলৈ মন যায় মেমক। নোৱাৰে চাকৰীতো হেৰুৱাই মাক-দেউতাকৰ বোজা হব নোখোজে।
: ভাইটি তুমি কি জব কৰা?-কাৰোবাৰ প্ৰশ্নৰ উত্তৰত যেতিয়া সি কয় হোটেলিয়ৰ সি¸ সমুখৰ ব্যক্তিজনৰ ইম্প্ৰেছন যেন সলনি হয় তাৰ প্ৰতি। হাঁহি উঠে তাৰ¸ মদ¸ ভাং¸ চিগাৰেট একো মুখত নিদিলেও সকলোৱে ভাবে খোৱা বুলি। সিহঁতবোৰ যেন বৰ্জিতহে। গাঁওততো প্ৰথমতে বৰ বেয়াকৈয়ে কৈছিল।
: অমুকৰ লৰাটোৱে ইমান পঢ়ি হোটেলতহে সোমাল। ছি: ছি: ইমান তললৈও যাব পায়নে।- একো নজনা হোজা তিৰোতা দুজনীমানে কৈছিল। হোটেল মানে তেওলোকে সচৰাচৰ দেখা চাহভাত বিক্ৰী কৰা লাইন হোটেল বুলিয়েই ভাবিছিল।
পলাশে বহুদিনৰ পৰা ভাবি আছে¸ চাকৰীতো সোনকালে এৰিব। পইছাও অলপ গোট খাইছে ইতিমধ্যে¸ নিজাকৈ কিবা এটা কৰিব। কিমান নো আকৌ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিব! ফৰষ্টাৰ হোটেলখনত জইন কৰা বেছি দিন হোৱা নাই তাৰ। হয়তো চলি থাকিব পাৰিব¸ কিন্তু বেছি আশা কৰিব নোৱাৰে। সৃষ্টিশীল মনটো ধংশ কৰিব নোৱাৰি।
: আপোনালোকৰে ভাল দিয়ক। চাৰিওফালে কমাই।- কৈ উঠে ধীৰাজ ছাৰে। ফ্ৰন্ট অফিচ মেনেজাৰ তেও। কাষৰ চকীখনত বহি শুনি থাকে সি।আজৰি সময়ত একাউঞ্চৰ কাকতীখুৰা। চেফ জিতুদা¸ এফএনবিৰ লুকু চাৰহত আহে। উকাউঞ্চৰ কাকতীখুৰা বয়সীয়াল মানুহ। বেলতলা এজি অফিচৰ পৰা ৰিটায়াৰহৈ জইন কৰিছে তেও। বাহীৰৰ দুখনমান ফাৰ্মতো বেলেঞ্চ শ্বীট বনাই পইছা আৰ্জে তেও। মহা কৃপণ মানুহটো। পকেটৰ পইছাৰে তামোল এখনো কিনি নাখাই। সেয়ে খোচ মাৰে ধীৰাজ চাৰে।
: কিয় তোমালোকেও পোৱা।
: আমাকনো কোনে টিপচ্ দিব। গাড়ীৰ কমিচন কেতিয়াবা এশ দুশ পাইছিলো¸ অলা উবেৰে সেয়াও মাৰিলে।- দুখেৰে কৈ উঠে সি। সচাকৈয়ে আজিকালি বাহিৰা নোলাই। গোটেই ৰাতিটো টোপনি খতি কৰি মাহেকত পাই বাৰহেজাৰ টকা। সেয়াও পকেট মানিৰ খৰচবোৰ গৈ বাচেগৈ সাত হেজাৰমানহে।
চেফ জিতুদাই বাহিৰত কেটাৰিং পাৰ্টীবোৰ ৰাখে। তেওৰ নিজাকৈ এখন ৰেষ্টুৰেন্ট আছেই। এফএনবিৰ লুকুচাৰেও কৰে অডিচি কন্টেক্ট। কাম নাই মাথো ফ্ৰন্ট অফিচৰ মানুহকেইটাৰ। না ব্ৰাইট ফিউচাৰ¸ না ঘৰত টাইম দিব পাৰে! বয়স ত্ৰিশ গৰকিলে তাৰ। এনেয়েও বেছিদিন বহিব নোৱাৰে ফ্ৰন্টডেক্সত।
: ঐ খাপলা¸ তোৰে ভাল দে। কম বয়সতে বিয়া কৰাই আজৰি হলি।- হাঁহি দিয়ে সহকৰ্মী অনিলে। তাতকৈ সৰু বড়ো লৰাটোৱে কম বয়সতে বিয়া পাতিছে। ঠাণ্ডা মগজুৰ লৰাটোক ভাল লাগে তাৰ।
: ই ইমান ভাবি থাকে নেকি! বিয়া পাত বিয়া পাত। বুঢ়া হৈ গলি।- হাঁহি হাঁহি কয় অনিলে। হাঁহি দিয়ে সি। নিজাকৈ কিবা নকৰাকৈ সংসাৰত সোমাব ভয় লাগে তাৰ।
: পলাশদা¸ তাই মোক ঠগালে অ’।- তাৰ জুনিয়ৰ গুলজাৰে আহি কান্দে তাৰ ওচৰত। জেৰিন নামৰ ছোৱালী এজনীক ভালপাই সি। বহুত দিনৰ পৰা সম্পৰ্ক তাৰ। পলাশে দেখি আহিছে জইন কৰাৰে পৰা গুলজাৰে তাইৰ কথাকে কৈ আহিছে।
: বি পজিটিভ মেন। ইউ আৰ এ ষ্ট্ৰং বয়।- কেনেকৈ তাক সান্তনা দিব ভাবি নাপায় সি। এদিন মধুস্মিতায়ো এনেকৈ তাক এৰি গৈছিল।- মনত পৰে তাৰ।
ৰাতি ডিউটিৰ পৰা আহি প্ৰায়েই আড্ডা দিয়ে সিহতে। কেম্পাছৰ আটাইবোৰ লৰা লগ হৈ তাছ খেলে। পইছাৰ নহয় এনেয়ে। মাজে মাজে পাৰ্টি কৰে। মদ নাখাই পলাশে চাকনা আৰু লেগপিছ চোবাই লগৰবোৰক সংগ দিয়ে।
প্ৰত্যেক সোমবাৰেই মন্দিৰটোলৈ যায় সি। মনতো অলপ ভাল লাগে। শিব মন্দিৰটোৰ বাৰাণ্ডাতে বাবাজন বহি থাকে। পইছাৰ লোভ নাই মানুহজনৰ। এনেয়ে হস্তৰেখা চাই দিয়ে।
: বাছা¸ তোৰ জীবনটো বৰ সংঘাটপুৰ্ণ। খুউব কষ্টকৈ আগবাঢ়িব লাগিব তই।- এদিন তেও কৈছিল তাক। হাঁহি মাৰি উৰুৱাই দিছিল পলাশে। কৰ্মশক্তিত বিশ্বাসী সি। তথাপি কেতিয়াবা যেন মনটোৱে কয় সচাকৈয়ে বৰ কষ্টকৰ সফলতা। মন্দিৰটোলৈ আহিলেই বাবাক সেৱা এটা জনাই সি। কমণ্ডলুৰ পানী অলপ গাত ছটিয়াই কৈ উঠে তেও¸ আয়ুস্মান ভব:
পলাশে ঘৰলৈ ঘুৰি আহে। ওচৰৰ চহৰখনতে আৰম্ভ কৰে সৰুকৈ ব্যবসায়। তেনেই চালুকীয়া যদিও স্বাধীনতা আছে। সুখী হয় সি। অতদিনে এইখিনি স্বাধীনতাই বিচাৰিছিল সি। নিজৰ কামত সকলে দুখ সহিবলৈও ভাল লাগে। পলাশে ভাবে¸ চাগে জীবনত সফল হব পাৰিব! সাহস আছে তাৰ। ধৈৰ্য্যও আছে।
প্ৰত্যেক শনিবাৰে পুজাৰীজন আহে। তাৰ সৰু ব্যবসায়িক প্ৰতিষ্ঠানটোৰ সমুখত দুটামান নেমু¸জলকীয়াৰ মালাডাল আৰি দিয়ে। বিশ্বাস-অবিশ্বাসৰ দোমোজাত দুলি থাকে সি। ৰিক্স লব নোখোজে সি।
আজিও আহিছে পুজাৰীজন। দহটকা এটা দি হাতজোৰ কৰি প্ৰণাম জনালে সি।
: আয়ুস্মান ভব: - শান্তি পানী অলপ তাৰ গাত ছটিয়াই কৈ উঠে পুজাৰীজনে। পৰম তৃপ্তিত মনটো ভৰি উঠে তাৰ। পলাশৰ কাণত বাজি থাকে- ’আয়ুস্মান ভব:’ ।।।

আনিছৰ মুৰ্গাটো

Unknown



: আব্বা আব্বা আমি ইয়াৰ নাম টুকলু ৰাখিমি দেই।- তাই দৌৰি আহি কয় তাক।
: উম¸ ৰাখিমদেই বেটী। বেছি দৌৰি নুফুৰিবা। পৰি যাবা। -মৰমেৰে তাইৰ মুখত হাতখন বুলাই কৈ উঠে সি। ৰবলৈ সময় নাই তাইৰ। এইমাত্ৰ নামকৰণ কৰা টুকলুক ধৰিবলৈ দৌৰি তাই।
তাৰ দহবছৰীয়া জী বেটী। ভাল নাম মৰম। মৰমতে মাকে মৰম নাম দিছিল তাইৰ। কণমানি মৰমলগা মৰমজনী সিহতৰ সকলো। মৰুভুমি সদৃশ সিহতৰ জীবনটোত বেটী যেন এজাক আকাংক্ষিত বৰষুণ। এচাটি মলয়া বতাহ।
আনিছৰ মনত আছে¸ সৰুতে প্ৰায়েই মাকক আবদাৰ ধৰিছিল সি¸
: আম্মী আম্মী মোক ভন্টি এজনী লাগে। চবৰে ভন্টি আছে।
: আনিমদেই বেটা। আমি হস্পিটালৰ পৰা কিনি আনিম।- কণমানি অবুজ লৰাটোৰ মুৰটো পিহি কৈ উঠে মাকে।
: বা: বা: আমাৰো ভন্টি আহিব। মই ভন্টিৰ লগত খেলিম।- ফুৰ্তিত জপিয়াই উঠে সি।
কণমানি লৰাটোৰ উলাহত কৰবাত যেন মনটো সেমেকি যায় মাকৰ।
আনিছ ঘৰৰ ডাঙৰ লৰা। তাৰ তলত ভায়েক দুটা। এজনী ছোৱালীলৈ অশেষ হাবিয়াস সিহঁতৰ সকলোৰে। সেয়া যেন এতিয়া পুৰাইছে বেটীয়ে।
তাহানিৰ তাৰ ভনীয়েকৰ লগত খেলিব খোজা সপোনটো যেন বেটীৰ ৰূপেৰে এতিয়া পূৰ্ণ হৈছে। মৰমেৰে বেটীলৈ চালে সি। তাই এতিয়াও তাইৰ টুকলুটোৰ পিছে পিছে দৌৰি আছে। ধৰিব পৰা নাই। টুকলুৱেও যেন ধৰিব পাৰিছে তাইৰ মনোভাব। তাইক জোকাবৰ বাবেই যেন সি ধৰা দিয়া নাই। তাই ৰৈ যোৱাৰ লগে লগে ৰৈ গৈছে। ঘুৰি চাইছে তাইলৈ¸ যেন কৈ উঠিছে- ’তুমি মোক ধৰিব নোৱাৰা লাজে’।
: আব্বা দেখিছানে ইমান দুষ্ট ই। - ভাগৰ লাগিছে বেটীৰ। ৰৈ গৈছে তাই।
: ৰবা মই ধৰিম এইবাৰ। কত পলাব সি।- হাঁহি হাঁহি কৈ উঠে সি। সি টুকলুক ধৰিবলৈ আগবাঢ়ে। বাপেকক যোৱা দেখি বেটীয়ো উচাহতে দৌৰি আহে টুকলুৰ ফালে। এপাকত ধৰি পেলাই সি টুকলুক। বেটীয়ে মৰমতে কোচত লয় তাক।
: দুষ্ট¸ বৰকৈ দৌৰালা দেই।- পৰম আবেশত কুচিমুচি বহি থকা বগা মৰমলগা শহাপহুৰ পোৱালিটোক কৈ উঠে তাইক।
হাঁহি উঠে আনিছৰ। বেটী যেন তাৰ লৰালিৰ ন সংস্কৰণ। তাইৰ ৰূপতেই নিজৰ লৰালি উভতাই পাইছে সি। এইবাৰৰ শিবসাগৰৰ খুৰাকৰ ঘৰলৈ যাওতে তাই লৈ আহিছে টুকলুক। খুড়ীমাকে পুহিছে ঘৰতে শহাপহু কেইটামান। তাৰে মৰমলগা সৰু পোৱালিটো তাইক লগা হল। খুড়ীমাকেও দি পঠালে মৰমতে। আনিছৰ আনিবলৈ মন নাছিল। অলপ ডাঙৰ হলেই ই ঘৰ-চোতাল খান্দি তহিলং কৰিব। কিন্তু বেটীৰ উচাহক ভাঙি দিব নোখোজে সি। আজিকালি তাই তাৰ লগতেই খেলি থাকে। নিজৰ খোৱা বস্তু খুৱাই দিয়ে।
হাঁহি উঠে তাৰ।
: বেটী টুকলুই মেগী নাখায় নহয়। ঘাঁহ হে খাই। -কৈ উঠে আনিছে। টুকলুক কোচত লৈ মেগী খাই আছে তাই। মাজে মাজে তাকো খুৱাই দিয়ে। নাখাই সি।
: তাক এৰি দিয়া বেটী। ঘাঁহ অলপ খাওকগৈ।- বাপেকৰ কথা শুনি কোচৰ পৰা নমাই দিয়ে তাই। দৌৰমাৰি টুকলু চোতাল পালেগৈ।
আনিছৰ মনত পৰে লৰালিটো তাৰো এনেকুৱাই আছিল। টুটুলৈ মনত পৰে তাৰ। দেউতাকৰ লগত ডিব্ৰুগড়ত আছিল সিহঁত তেতিয়া। দেউতাকৰ সৰু কোৱাৰ্টাৰটোতে পাৰ হয় তাৰ শৈশব। বয়স কিমাননো তাৰ তেতিয়া বৰ বেছি দহবছৰ। অসুখত দেউতাকে ৰিজাইন কৰিব লগা হল চাকৰীটো। হৃষ্টপুষ্ট মানুহজন শুকাই খীনাই জেঙেৰা খৰী যেন হৈ পৰিল। পৰিয়ালৰ সকলোৰে লগত আলোচনা কৰি শিবসাগৰৰ ঘৰলৈ যোৱাটোকে ঠিক কৰে সিহঁতে।
ডিব্ৰুগড়ৰ পৰা এদিন বয়বস্তু ট্ৰাকত উঠাই উভতি আহে শিবসাগৰৰ ঘৰলৈ।
সেইবাৰ মাহমৰাৰ মামাকহতৰ ঘৰলৈ গৈছিল। উভতি আহোতে ককাকৰ এম্বেচেডৰ খনত উঠি আহিছিল। মৰমতে নানীয়ে দহটা কণীভৰাই দিছিল বিশেষ টোমটোত। আনিছে ভাবে¸ আজিকালিৰ লৰা-ছোৱালীয়ে ছাগে কণীৰখা বিশেষ টোমটোৰ কথা শুনাই নাই। কণীৰ সাচৰ পাষ্টিকৰ বাৰটা কণী ৰাখিব পৰা টোমটোত দহটা মুৰ্গীৰ কণী ভৰাই দিছিল নানীয়ে। নানীয়ে মুৰ্গী পুহিছিল ঘৰতে। মাকৰ প্ৰিয় আছিল মুৰ্গীৰ কণী।
: আনিছ¸ এইকেইটা ভালকৈ নিবি দেই। চাবি ভাঙি যাব।
: হব নানী।-টোমটো কোচত লৈ কৈ উঠে সি।
ঘৰত টোমটো খুলি আচৰিত হৈ যায় সিহঁত। এটা কণী ফুটি কণমানি পোৱালী এটা হৈছে।
: আব্বা¸ আম্মী যাদু চোৱা। কণীৰ পৰা পোৱালি ফুটিল।- আচৰিত হৈ যায় সি। ফুটফুটীয়া কণমানি পোৱালিটো মৰম লাগে তাৰ।
: আম্মী মই ইয়াক পুহিমদেই।- মতা মুৰ্গী পোৱালীতো কোচত লৈ কৈ উঠে সি। আজিকালি সিহঁতে তাৰ লগতেই খেলি থাকে। ভায়েক আজিজ আৰু আব্দুল তিনিও মিলি নাম ৰাখে টুটু।
আনিছে ভাবে¸ মৰমবোৰ চাগে মানুহককৈ ছাগে জীব-জন্তুবোৰে সোনকালেই বুজি পাই।
: টুটু …টুটু,…- সিহঁতে মতাৰ লগে লগেই টুপটুপাই সিহতৰ কাষ পাইহি টুটু। লাহে লাহে যেন টুটু সিহতৰ পৰিয়ালৰ অভিন্ন সদষ্য হৈ পৰিল।
তেতিয়া পানীত হাহ নচৰা অবস্হা হৈছিল পৰিয়ালটোৰ। দেউতাকৰ অসুখ¸ উপাৰ্জন কৰিব কোনে। সিহতো সৰু। মাকে খুব কষ্টকৈ ঘৰখন চলাই। সামান্য পেঞ্চনৰ টকাৰে কোনোমতে ভাতমুঠি ওলাই সিহতৰ। মাজে মাজে মামাক¸ খুৰাকহতে অলপ সহায় কৰে। ৰাতি একেখন বিছনাতে শোধে গোটেইকেইটা। অলপ দুৰত কাৰ্টন এটাত টুটুৰ ঘৰটো সাজি দিয়ে তিনিও ভায়েকে। সিহতৰ যেন অভিন্ন লগৰীয়া টুটু। ৰাতি সৰুপানী চুূবলৈ উঠিলে আনিছে চাই টুটুৰ ঘৰটোলৈ। পৰম শান্তি শুই আছে সি। তাৰ মনটো ভৰি পৰে। নিজৰ ভাগৰ খোৱা সিহতে টুটুলৈ এৰে। হেৰুৱাই পেলোৱাৰ ভয়ত টুটুক এৰি নিদিয়ে সিহতে। নিতৌ ৰাতিপুৱা পাঁচবজাত ডাক বজাই সিহঁতক উঠাই দিয়ে। মুখহাত ধুই পঢ়িবলৈ বহে সিহত।
: অ’ ভাইজান¸ টুটুই কণী কেতিয়া দিব। - সৰু ভায়েক আব্দুলে সোধে। সাতবছৰীয়া সৰু লৰাটো অজলা। সদায় পুৱাই টুটুৰ ঘৰটোত চাই সি¸ কণী নাথাকে দেখোন!
: ধেৎ অকৰাটো¸ টুটুই কণী দিব নোৱাৰে নহয়। টুটু মুৰ্গাহে। কণী মুৰ্গীয়েহে দিয়ে। -হাঁহি উঠে আনিছৰ। আজিজ অলপ বুজন।
: অ’ বাইটি¸ তহতৰ মুৰ্গাটো বেছিবিনে? - গাঁওৰে ডেকালৰা কেইজনমানে এদিন সোধে মাকক
: আম্মী নিদিও দেই টুটুক। মাৰি খাই পেলাব। নিদিওদেই।- চিঞৰি উঠে সিহঁত তিনিওতাই।
: ভাইটি¸ আমি নাখাও নহয়। খেলিবলৈ হে নিম।-কৈ উঠে মানুহকেইজনে
ওচৰৰ গাঁওখনত কুকুৰাযুঁজ প্ৰতিযোগীতা পাতিছে। প্ৰাইজমানি বহুত। দুবছৰীয়া টুটু দেখনীয়াৰ হৈ উঠিছে। সিহঁত নিশ্চিত ভাগ ললে টুটু জিকিবই।
: ঠিক আছে। ভাবি চাও বাৰু।- আনিছৰ আম্মীয়ে কৈ উঠে। তেতিয়া টকাৰ নিত্যান্তই প্ৰয়োজন তেওক। বেমাৰী মানুহজনৰ চিকিৎসা আৰু ঘৰৰ খৰচৰ বাবে টকাৰ খুবেই দৰকাৰ। কণকণ লৰাকেইটাৰ মুখৰ আগৰ পৰা টুটুক কাঢ়ি নি বেছিবলৈ বেয়া লাগে তেওৰ! ইতিমধ্যে ঘৰৰ সদষ্যৰ দৰে হৈ পৰিছে টুটু।
এদিন স্কুলৰ পৰা আহি টুটুক নেদেখি আচৰিত হল আনিছ। ঘৰটোতো টুটু নাই
: আম্মী¸ আম্মী টুটু ক’ত! দেখা নাই যে!
কি কব মাকে। উপায় বিহীন হৈ দুশ টকাত বিক্ৰি কৰা কথাটো কেনেকৈ কয় কণমানি লৰাটোক। ইতিমধ্যে টুটুক নেদেখি আজিজ আৰু আব্দুলে কান্দিব আৰম্ভ কৰিছেই। মনটো বেয়া লাগে তেওৰ।
: চা বেটা¸ আব্বাৰ অসুখ। ঘৰত পৰি আছে। সিহঁতে ইমান দাম দিলে যে…- আৰু কব নোৱাৰে তেও।
: তাৰমানে তুমি বেছি দিলা আম্মী! তুমি ইমান বেয়া। -উচাৎ মাৰি মাকৰ কাষৰ পৰা আঁতৰি যায় আনিছ। তীব্ৰ খং উঠে তাৰ মাকৰ ওপৰত। কিয় টুটুক বেছিব লাগে মাকে! কিয়!!!
মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰে সিহঁতৰ খনত। সেইদিনা দিনটো একো নাখালে সি। পিছদিনাও নগল স্কুললৈ। কোনেও কাকো নামাতে¸ কথা নকয়। আজিজ আৰু আব্দুলে মনত পৰিলেই চকুলো টোকে।
: চা বেটা¸ জীবনটো এনেকুৱাই। টকাৰ অভাবত টুটুৱে এইখিনি সহায় কৰিলে আমাক।- মাকে বুজাই আনিছক। বুজন লৰা সি। ঘৰৰ ডাঙৰ। সিয়ে নুবুজিলে ভায়েকহঁতক কোনে বুজাব! - মাকৰ দুখ লাগে সৰু লৰাকেইটাৰ বিৰহত।
আনিছেও নুবুজা নহয়। তথাপিও টুটুৰ স্মৃতিয়ে শোকাকুল কৰি তোলে তাক। ইতিমধ্যে কিছুদিন গল। ঘৰৰ পৰিবেশবোৰ অলপ সহজ হল। এদিন গমপাই আনিছে টুটু হাৰিল কুকুৰাযুঁজত। যুজাৰু কুকুৰা নাছিল সি। মানুহৰ মৰমত ডাঙৰ হৈছিল। মাৰি খাই পেলালে সিহঁতে তাক। দুচকুৰ কোণ ভৰি আহে আনিছৰ।
: হেৰা কি ভাবি আছা ইমানকৈ?- ঘৈনীয়েক পিংকিয়ে গাত হেচুকি দিয়াতহে তন্ময়তা ভাঙে তাৰ।
: ইমানকৈ মাতি আছো শুনা নাই নহয়!- স্পষ্ট অভিমান তাইৰ মুখত।
: নহয় অ’ অলপ লৰালিলৈ উভতি গৈছিলো।- তাইৰ গালখন চেপি দি কৈ উঠে সি।
: হব হব ৰোমাঞ্চ পিছতো কৰিবা। আগতে বজাৰৰ পৰা আহাগৈ। চব্জী অলপো নাই।- বজাৰৰ মোনাখন তাৰ হাতত দিয়ে তাই। হাঁহি হাঁহি থিয় হল সি। বেটীলৈ চালে¸ তাই টুকলুক কোচত লৈ খেলি আছে। এক অনামী অনুভুতিৰে ভৰি উঠিল তাৰ মনটো।।।

এমুঠি কাহিনীৰ জুমুঠি

Unknown


(গল্প নহয়)
--------------------------
কোনোবা মহান ব্যক্তিয়ে কৈছিল¸ যেতিয়া কোনোবাই মোক সমালোচনা কৰে¸ মই প্ৰতিবাদ কৰো। অকণো সমষ্যা নহয় আৰু যেতিয়াই কোনোবাই প্ৰসংশা কৰে¸ হাঁহি দিও মই। অসহায় হৈ পৰো কি বুলি ধন্যবাদ জনাম।- এই মুহুৰ্তত তাৰো তেনেকুৱাই লাগিছে। এচাম মানুহে প্ৰসংশাৰে উপচাই দিছে তাক। বহুত ভাল লাগিছে তাৰ¸ কিন্তু অপাৰগ সি অনুভববোৰ প্ৰকাশ কৰিব। কি বুলি বা ভাবে।
সকলো কাহিনীৰে এটা উপকাহিনী থাকে। প্ৰতিটো চৰিত্ৰৰে একাধিক কাহিনী থাকে। কাহিনীৰ আৰৰ কাহিনী থাকে। কাহিনীৰ ভিতৰৰ কাহিনী থাকে। এটা কাহিনীক ভিত্তি কৰি আন এটা কাহিনী আগবাঢ়ে। সমৰে ভাবে¸ মানুহৰ জীবনটো কাহিনীৰ সমষ্টি। সুখ-দুখ¸হাঁহি¸কান্দোন¸ আবেগৰ সমষ্টি।
কিছুদিন হৈছে মানুহকেইজনৰ লগত চিনাকী হোৱা। অথচ কিমান আন্তৰিকতা। কোনে কয় ভাল মানুহ নাই বুলি। আছে¸ এমুঠিমান হলেও। সেয়েহে এতিয়াও সমাজখন সুন্দৰ। লেখা-মেলা তাৰ হবী। মন গলেই অনুভুতিবোৰ সজাই সি শব্দৰে মিতিৰালি পাতি। প্ৰথম প্ৰেম তাৰ শব্দ। বুজা নোহোৱাৰে পৰা শব্দৰে পৰিচয় তাৰ। ফেচবুক গ্ৰুপটোত লিখা বেছিদিন হোৱা নাই। বৰ বিশেষ ভাল নিলিখে সি। তথাপি মানুহবোৰৰ উদ্গনিমুলক মন্তব্যত উৎসাহ পাই।
গেম এটা খেলি আছিল। ফেচবুকত বন্ধু কেইজনমানে কপি পেষ্ট কৰি লিখিছিল। কথাবোৰে ভবাই তোলে তাক। প্ৰতিটো কথাৰে এটা কাহিনী থাকে।
বহুদিন আগতে গল্প এটা পঢ়িছিল সমৰে¸ অনুপম আৰু অন্যান্য। বিস্ময়ৰ পাতত বিশিষ্ট গল্পকাৰ ৰজনী বৰুৱাই লিখিছিল। বাছ আষ্ঠানত ৰৈ থকা যুবক এজনৰ অপেক্ষাৰ তিনিটা কাহিনীয়ে দোলা দি গৈছিল মনটো। সুবৰ্ণ ফুকণ¸ পৰিনীতা বৰঠাকুৰ¸ চন্দনা পাঠক¸ ৰঞ্জিত চাৰিংগীয়া¸ বৈদুৰ্য্য বৰুৱাৰ লিখনিবোৰ ভাল লাগে তাৰ। অপু চিৰিজৰ নিজকে অপু যেন লাগিছিল তাৰ।
: তোৰ প্ৰিয় ফুল কি?
: মদাৰ ফুল।- কোনোবাই যদি সোধে তপৰাই কয় সি এতিয়া। অথচ এদিন আছিল গোলাপ ফুল¸ তাৰো আগত তগৰ¸ অপৰাজিতা¸ পদুম।
’ মদাৰৰে ফুল হেনো কামে কাজে নালাগে’- চাকৰী নথকা সিহঁতবোৰতো মদাৰ ফুলেই।’
: আবে কি ভয়ংকৰ লেখিছ বে। তামাম ৰে- ৰূপকে পিঠিত থপৰিয়াই দিয়ে সপোনৰ। মাজে মাজে লিখা-মেলা কৰে সি¸ কোনো কিতাপ-আলোচনীত নহয়¸ ফেচবুক ৱালত।
: চাল্লা তই ফালি দিছ বে।
: হব দে ভাই¸ অনুভববোৰ লিখিছোহে মাথো। -কৈ উঠে সপোনে।
: তই কি ফেমাছ হৈ যাবি দেই সোনকালে।- উদীয়মান গল্পকাৰ সপোনে প্ৰায়েই পৰীক্ষা নিৰিক্ষা কৰে বিভিন্ন বিষয়ত।
: কিন্তু বেছিভাগ ভণ্ডলোকেই ভদ্ৰতাৰ মুখা পিন্ধি ফুৰে।- স্পষ্ট দুখ সপোনৰ কণ্ঠত। লেখক মানুহ আবেগ অলপ বেছি।৮
: ’মাই ফাডাৰ মাই হিৰো।’ হয়তো বহুতেই কয় এইদৰে। কিন্তু কিমানে ভাবিছে যে মই দেউতাৰ দৰে হম।- কৈ কৈ বাকীকেইটাৰ মুখলৈ চালে ৰূপকে
: এভ্ৰীবোডী নোউজ দাট চিল্ডৰেনচ আৰ ৰিফ্লেক্সন অব দেয়াৰ পেৰেন্টচ্।- সপোনে কৈ উঠে
: হয়¸ কিন্তু সেইবুলি তই মই মদ খাই ইয়াত যদি পৰি থাকো¸ মা-দেউতাৰ কি দোষ?- কৈ উঠে ৰূপকে
: কিন্তু ভেটিটো ভালকৈ গঢ়িলে¸ ভাল সংস্কাৰ দিলে মই মদেই খাম বা কিয়!- কৈ উঠো মই।
যুক্তিতৰ্ক চলিছে আজি। ৰাতিপুৱা চচিয়েল মিডিয়া ফেচবুকত নাৰী এগৰাকীৰ বিষাদ গাঁথা পঢ়ি সমবেদনা জনাইছিলো মই। তাৰ পিছত ভদ্ৰমহিলাৰ সম্পৰ্কীয় এগৰাকী যুবতীয়ে যি অশালীন মন্তব্য কৰিলে ঘামি গলো মই। ক’লৈ গৈ আছে ডাঙৰক সন্মান দিব নজনা আজিৰ প্ৰজন্ম! স্ক্ৰীণশ্বট কেইটা মাৰি পোষ্ট কৰি দিলো খঙতে। সৰুৰে পৰাই এনেকুৱা মই।
: মৰম দিলে মৰম পাবা¸ গালি পাৰিলে মাৰ মাৰ খাবা।- সেয়াই মোৰ দৰ্শন।
আজি আড্ডা জমি উঠিছে আমাৰ অনিলৰ ভাৰাঘৰৰ কোঠালীটোত। আমি মানে চাৰিজনহে- ৰূপক¸ সপোন¸ অনিল আৰু মই। বহুদিনৰ মুৰত লগ হৈছো। কলেজত একেলগেই পঢ়িছিলো। প্ৰত্যেকেই বেলেগ বেলেগ ফিল্ডত ষ্ট্ৰাগল কৰি আছে। ৰূপক ডাঙৰ মেডিচিন কোম্পানী এটাৰ এম আৰ¸ সপোন হাইস্কুলৰ শিক্ষক¸ অনিল সংবাদ মাধ্যম এটাৰ ৰিপোৰ্টাৰ আৰু মই ক্ষুদ্ৰ ব্যবসায়ী। কেইবাদিনো আগতেই প্লেনিং কৰিছিলোআজি লগ হম। কিমান দিনৰ মুৰত যে লগ পাইছো সিহতক। প্ৰায় এবছৰ। ৰূপক নাথাকেই অসমত¸ অনিলো খুউব ব্যস্ত। মাজে সময়ে সপোন আহে মোৰ ওচৰলৈ। সৰু ব্যবসায়িক প্ৰতিস্হানটো এৰি যাব নোৱাৰে মই কৰ্মচাৰীবোৰ খুবেই ধুৰ্ত। কোন তলকত মুৰত মাধমাৰ সোধাই দিব একো গেৰান্টি নাই! চাকৰী নাপায় বেংকৰ লোণ লৈ স্হাপন কৰিছো বিজনেচ ফাৰ্মখন। অশেষ কষ্টৰে যোৱাবাৰ পৰিশোধ কৰিছো বেংকৰ ঋণ।
: অ’ই খাপলা¸ চুপ হৈ থাকিলি যে।- সপোনে জোকাই অনিলক। কলেজত পঢ়া সময়ৰ পৰাই তাক মাতো আমি খাপলা বুলি। বড়ো লৰাটোৰ সহজ সৰল খাৰাংখাছ কথাই মুগ্ধ কৰে আমাক। মনে মনে মাংস ভাজি আছে সি। ধুনীয়া বনাই সি।
: আছো দে তহঁতৰ কথাবোৰ শুনি।- হাঁহি এটা মাৰি কৈ উঠে অনিলে।
: ঐ বিয়াখন পাত সোনকালে¸ চুলি পকি শেষ হল দেখোন।- হাঁহি হাঁহি কও ৰূপকক। কাণৰ কাষৰ দুই এডাল চুলি ৰঙচুৱা হৈছে তাৰ। কিমাননো বয়স হৈছে। ত্ৰিশ পাৰ হৈছেহে
: তামাম পইছা কমাইছে ই। চুলি নপকিব!- কৈ উঠে সপোনে।
: ঐ নাকামুৰিবি দেই। চাল্লা তহঁতৰ মুখ লাগি আজিলৈকে ছোৱালী এজনী পতাব পৰা নাই।- ৰূপকে বিছনাখনতে বগৰাই ধৰে সপোনক।
: ঐ বিছনা ভাঙিলে কিনি দিব লাগিব দে।- কৈ উঠে অনিলে। হাঁহিত গমগমাই উঠে কোঠাতো।
: কলেজীয়া ফটুৱামিবোৰ নগলেই ন তহঁতৰ?- হাঁহি উঠে মোৰ। হোষ্টেলৰ দিনবোৰ এনেকৈয়ে পাৰ হৈছিল।
: ৰ না¸ কিমান দিনৰ মুৰত লগ পাইছো। অলপ ফাল্টু কৰোচোন।- পুনৰ হাঁহিত কপি উঠে কোঠাটো।
: অই পলাশ¸ অনামিকাৰ খবৰ পাৱনে?
: কি হলনো?
: তাইৰ ডিভোৰ্চ হল নহয়। ছমাহমানেই হল¸ ছোৱালীজনী তাইৰ লগতেই আছে।- ৰূপকৰ কথাত শুনি আচৰিত হলো। পঢ়ি থকা কালত সকলোতকৈ ধুনীয়া আৰু শান্ত ছোৱালীজনী আছিল তাই।
: তই কত শুনিলি?
: লগ পাইছিলো তাইক কিছুদিন আগতে শ্ব’হামত। ইয়াৰে স্কুল এখনত সোমাইছে। গিৰিয়েকৰ হেনো এফেয়াৰ আছে কাৰোবাৰ লগত। এতিয়া মাকৰ ঘৰতে তাই।- বুকুত যেন হাতুৰী এটাইহে কোবাই গল।
: ঐ তই মোৰ তিৰি হবিনে? - কলেজ উইকৰ নাটক এখনত স্বামীৰ চৰিত্ৰত অভিনয় কৰি মোৰ পত্নীৰ ৰোলটোৰ বাবে তাইক শুধিছিলো।
: যাহ এইটো। ইমান অসভ্যনে।- একো নুবুজি বৌম গালি দিছিল তাই। পিছত বুজি তাইৰ কি হাঁহি। তাইৰ বিয়াত যাব পৰা নাছিলো। নিজে আহি ঘৰত মাতি গৈছিল তাই।চাকৰীৰ ইন্টাৰভিউ এটাৰ বাবে আঁতৰি আছিলো দুৰত।
অনামিকা ভাল বান্ধবী আছিল মোৰ। অভিমানত তাই ফোন নম্বৰ সলনি কৰিছিল। ময়ো বিছৰা নাছিলো জীবন সংগ্ৰামৰ তাগিদাত।
পিছত শুনিছিলো ছোৱালী এজনীৰে সৈতে তাইৰ সুখৰ সন্তান।
পঢ়ি থকাৰ পৰাই মনে মনে অনুৰাগ এটা আছিলেই তাইলৈ। মৰমীয়াল ছোৱালীজনী ভালেই লাগিছিল। কোৱাহে নহল বিশৃংখল জীবনটোৰ বাবে। তেনেই সাধাৰণ আছিলো মই। ভয় লাগিছিল¸ জানোছা ভুলেই বুজে।
: ৰূপক¸ তাইৰ ফোন নম্বৰটো দেচোন। -কালিলৈকে এবাৰ খবৰ এটা লম তাইৰ। দুচকুত নতুন এটা আশা। মনে মনে ভাবো।
অনামিকাৰ ছোৱালীজনীৰ দেউতা হবলৈ পালে খুবেই সুখী হম। এচাতি বতাহে যেন চুই থৈ গল মোক।।।
Unknown
প্ৰেম অপ্ৰেম আৰু…
----------------------------------------------



(১)

কদম মন নাযায় যাবলে।- ভোৰভোৰাই উঠে সি। চাল্লা বুজি নাপায় কোনেও। কবও নোৱাৰে লাজতে।
: বাবা¸ নাজাৱ নেকি? চাৰে তিনি হল।- চাৰে তিনি বজাৰ লগেলগে চিঞৰে মাকে
: অ’ ওলাইছো।- বিৰক্তিৰে কৈ লংপেন্ট চাৰ্ট যোৰ পিন্ধে সি।
পলাশৰ দেউতাক মদন খুৰা নলেগলে লগা বন্ধু। প্ৰায়েই সিহতৰ ঘৰলৈ আহে মদন খুৰা। বৰ মৰম কৰে তাৰ। হায়াৰ ছেকেন্দাৰীৰ ফাইনেল দিছে এইবাৰ পলাশে। পঢ়াত ভাল সি। মেট্ৰিকত চাৰিখনত লেটাৰ লৈ প্ৰথম বিভাগ পাইছিল সি।
: পল¸ আমাৰ কুঁহিজনীক অলপ পঢ়াই দিবাচোন। তাই অলপ দু্ৰ্বল অংকত। - মদনখুৰাই কৈছিল এদিন সকলোৰে আগত। অলপ হেহোনেহো কৰিছিল সি।
: পাৰিব পাৰিব¸ কিয় নোৱাৰিব। আমাৰ পল অংকত বিৰাট চোকা।- দেউতাকে উজান দিয়ে। তেখেতৰ স্বভাবেই সেইতো। পুতেকৰ গুণবখানিবলৈ পালে একো সুবিধা নেৰে। অগত্যা উপায় নাপায় মদনখুৰাৰ ঘৰত পঢ়াব যাই সি। সিহতৰ ঘৰৰ পৰা এককি:মি: মান আতৰত মদনখুৰাৰ ঘৰৰ। আবেলি হিৰো ৰেঞ্জাৰখন লৈ ওলাই যায় সি।
মদন খুৰাৰ ঘৈনীয়েক নিলিমা খুৰীদেউ বৰ সাদৰী মহিলা। বৰ মৰম কৰে তেওক। পঢ়াত ভাল যে¸ জীয়েক দুয়োজনীকো তাৰ আদৰ্শ লব কয়। মদন খুৰাৰ সৰু জী কুঁহি ক্লাছ চেভেনত আৰু ডাঙৰজনী পুজা টেনত পঢ়ে। সিহতে তাক চাৰ নোবোলে¸ দাদাহে বোলে। গণিতৰ সুত্ৰবোৰ মনত নাথাকে কুঁহিৰ। দেৰি লাগে বুজি পাবলৈ। গালি নিদিয়ে সি। কাকোৱে গালি পাৰিব নোৱাৰে¸ মৰমেৰে বুজাই।
: পল¸ কথা নুশুনিলে দুই-এচাট লগাই দিবা। - খুৰীয়ে কয়। সি হাঁহে। কুঁহিয়ে পোন্দোৱাই চাই মাকলৈ।
দুমাহমান গল। কুঁহিয়ে ভালেখিনি শিকিছে আগতকৈ। মদনখুৰাই মাহে পাঁচশকৈ দিলে তাক। লব ইচ্ছা কৰা নাছিল সি। প্ৰফেচনেল টিউটৰ নহয়। কিন্তু তেও নাচোৰবান্দা।
: এয়া ফিজ নহয় নহয়¸ মৰমতেহে দিছো তোমাক।- কৈ উঠে যা
: একো নহয় যা। মৰমতে দিছে একো নাভাবিবি।- কয় মাকে।
আজিকালি অলপ অশ্বস্তি অনুভব কৰে পলাশে। কুঁহিক পঢ়াই থাকোতে মাকে চাহকাপ লৈ আহিলে¸ লগতে পুজাও আহে। মাজে মাজে তাইকো অলপ শিকাব লাগে¸ মেট্ৰিক কেণ্ডিডেট তাই। পঢ়াতো বেয়া নহয়। পলাশে লক্ষ্য কৰে¸ যেতিয়া সি এলজেব্ৰাৰ প্ৰবলেমবোৰ চল্ভ কৰি থাকে¸ তাই তাৰ চকুদুটালৈকে চাই থাকে। কুঁহিক পঢ়াই থাকোতেও ইটো-সিটো অযুহাতত ৰুমটোলৈ আহি থাকে। সিহঁতৰ ঘৰৰ পৰা ওলাই আহোতেও পদুলিলৈকে আগবঢ়াই থব আহে তাক। চকুৱে চকুৱে পৰিলে চকু নমাই লয় সি।
: মা¸ নাযাও নেকি! মোৰ পঢ়া টান হৈ আহিছে। - মাকৰ আগত কয় সি। কেমেষ্ট্ৰীত মেজৰ তাৰ। নিজৰ টিউচন¸ কুঁহিৰ টিউচনৰ পিছত খেলাধুলা কৰিবলৈ বৰকৈ সময়ে নাপায় সি। নতুনকৈ ডাঙৰ কলেজলৈ গৈছে। ষ্টাৰমাৰ্কচ লৈ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে¸ ডিগ্ৰীটোও ভাল কৰিব লাগিব। -ভাবে সি।
: একো নহয় যা। এই বছৰটোহে। - মাকে কৈ উঠে। খং উঠি যায় তাৰ দেউতাকলৈ কিহে পাইছিল মদনখুৰাৰ আগত জহাবলৈ!
আজিকালি তাৰো ভাল লাগে পুজাক। মৰমলগা দেখনীয়াৰ ছোৱালী তাই। তাই যেন তাৰ ওচৰত ৰৈ থাকিব পাৰিলেই ভালপায়। হাঁহো হাঁহো কৰি থকা চকুজুৰিৰে যেন বহুত কথাই কব খোজে।
খং উঠে তাইৰ। কি মানুহ এই পলদা টো। বুজি নাপায় নেকি মনৰ ভাষাবোৰ। কিমান আশাৰে কাষচাপি যায় তাই¸ নিশ্চুপ হৈ থাকে।
ইতিমধ্যে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে তাৰ। পলৰ কলেজখনতে এডমিছন ললে। এতিয়াও আহে সি কুঁহিক পঢ়াবলৈ। সাধাৰণ দুই এটা কথাক বাদ দি একোৱে নকয় সি।
: পল দা¸ কথা এটা আছে তোমাৰ লগত। - সেইদিনা কৈছিল তাই সিহতৰ পদুলিমুখত। ঘৰলৈ আহিবলৈ ওলাইছিল সি।
: আই লাভ ইউ।- বিশেষ পাতনি নেমেলাকৈ কৈয়ে ঘৰলৈ দৌৰ দিয়ে তাই। স্হানুৰ হৈ পৰে পলাশ। কি কৰিব এতিয়া। তাই যোৱাৰ ফালে চাই থাকে সি।
: চোৱা পুজা¸ এতিয়া পঢ়া সময়। এইবোৰ নাভাবিবা।- ভয় লাগে তাৰ। মাক-দেউতাকৰ বিশ্বাস ভংগ কৰিব নোৱাৰে সি। মদন খুৰাই নিজৰ লৰাৰ নিচিনা মৰম কৰে তাক। কি ভাবিব তেওলোকে!
: কিয় পল দা কিয়? মই তোমাক বহুত ভালপাও।
: তুমি মোৰ ভন্টিৰ নিচিনা…
: কি??? তুমি তেনেকৈ ভাবা!- উচাৎ মাৰি গুছি যায় তাই। দুখলাগে পলাশৰ। কিন্তু নিজৰ সপোনবোৰ ভাঙিব বুলি ভয় লাগে তাৰ।
আজিকালি তাই নামাতে তাক। সিহতৰ ঘৰলৈ সি গলেও নোলায়। মাকৰ হাততে চাহকাপ দি পঠায়। বেয়া লাগে তাৰ সৰু ছোৱালীজনীৰ মনটো ভাঙি।
কলেজৰ পৰা ঘৰলৈ আহিবলৈ ৰিক্সালৈ ৰৈ আছিল তাই। বেলেগ সময়ত কেইবাখনো ৰিক্সা ৰৈ থাকে। আজি এখনো পাবলৈ নাই। কি যে হব নহয়! দৰকাৰৰ সময়ত সদায় এনেকুৱা হয়।
স্কুটাৰ এখন ব্ৰেক মাৰি ৰৈ গল তাইৰ ওচৰত।
: উঠা।- হেলমেটতো খুলি পলে কৈ উঠে তাইক। আনফালে মুখ ঘুৰাই দিয়ে তাই।
: পুজা¸ কিয় এনে কৰিছা তুমি?- বেয়া লাগে পলাশৰ। একেখন কলেজতে পঢ়ে। তাক দেখিলেও নামাতে তাই।
: মোক দাদা নালাগে।- চলচলীয়া চকু তাইৰ।
: কিন্তু। ভালকৈ ভাবিচোৱা পুজা। মিলন সম্ভব হব জানো।- উদাস দৃষ্টি তাৰ।
: মই সেইবোৰ নাজানো। তোমাৰ অবিহনে মৰি যাম মই।- উচুপি উঠে তাই। আৰু ৰব নোৱাৰে সি। সকলো পাহৰি সাবতি ধৰে তাইক।
(২)
: চোৱা পলদা¸ সেয়া প্ৰেম নাছিলেই। ভাললগাহে আছিল। সৰু আছিলোতো¸ একো বুজা নাছিলো। প্লিজ সপোন বুলি পাহৰি যোৱা। আৰু মাহতেও মানি নলবতো।- তাই কয় তাক। স্তব্ধ হৈ পৰে পলাস। কি কৈ আছে পুজাই এইবোৰ। যি পুজাই তাক নাপালে এদিন চুইচাইড কৰিম বুলি কৈছিল¸ আজি ইমান সহজে কব পাৰিছে পাহৰি যাবলৈ। বাহৰে নাৰী! বুকুখন হেচা মাৰি ধৰে তাৰ।
বিয়া ঠিক হৈছে পুজাৰ। কোনোবা চাকৰীয়াল দৰা। এম এছ চি কৰি এনেই আছে সি চাকৰী বিচাৰি। তাৰ প্ৰেমবোৰ মুল্যহীন হৈ যায় পুজাৰ ওচৰত। সহজ সৰল লৰাটোৰ জীবনৰ লগত খেলিবলৈ কত অধিকাৰ পালে তাই। ক্ষোভবোৰ খঙলৈ পৰিবৰ্তিত হয় তাৰ।
: চা বাবা¸ তাই যদি তোক নিবিচাৰে। তয়ো পাহৰিবলৈ চেষ্টা কৰ। জোৰকৈ কাকো ধৰি ৰাখিবতো নোৱাৰি।- মাকে বুজাই তাক। সিহতৰ সম্পৰ্কই দুয়োখন ঘৰৰ দীৰ্ঘদিনৰ সম্পৰ্কত যতি পেলাই দিয়ে। তাৰ দেউতাকে কথা পাতিছিল মদন খুৰাৰ লগত। বেয়াকৈ অপমান কৰে মদন খুৰাই। তায়ো অস্বীকাৰ কৰিছিল সকলোৰে আগত।
: উঠাই লৈ আন তাইক। বিয়া ভাঙি দে বেটীৰ।- লগৰ লৰাবোৰে কয় তাক।- একো নকৰে সি। প্ৰতিশোধ পৰায়ন নহয় সি। কি প্ৰাৰ্থক্য থাকিব!
: দাদা¸ মই কি বুলি ক্ষমা খুজিম আপোনাক! বায়ে বহুত বেয়া কৰিলে আপোনাৰ লগত। কি কৰিম! মোৰ কথা কোনেও নুশুনে।- কুহিয়ে লগধৰি কয় তাক। বুজন ছোৱালীতাই। নিজৰ দাদাৰ নিচিনা শ্ৰদ্ধা কৰে তাক।
: বাদ দিয়া কুঁহি। মন বেয়া নকৰিবা তুমি। পুজা সুখী হওক সেয়াই বিচাৰো। - এটা গধুৰ মন লৈ তাই যায়গৈ।
দুখৰ মাজতো হাঁহি উঠে তাৰ। বেচেৰী¸ দুৰ্ভগীয়া পুজা। সচা প্ৰেম এৰি আনৰ হব ওলাইছে। পাৰিবনে সুখী হব! পাৰিবনে কোনোবাই তাইক তাৰ সমান মৰম দিব!
: পল দা¸ তোমাৰ চাকৰী নাইযে। সেইবাবে তাই এইবোৰ কৰিছে।- বন্ধু পংকজৰ ভগ্নী অংকিতাই কয় তাক। পুজাৰ লগৰ তাই।
সিদ্ধান্ত এটা লয় পলে। তাইক পাহৰি যাবলৈ চেষ্টা কৰিব। কিন্তু কিয় সদায় সহশ্ৰ পলে চকুলো টুকিব! কিয়!
পিছদিনা আচৰিত ঘটনা এটা দেখা গল। সেইখিনি ঠাই ৰাজহুৱা। পুজাহতৰ ঘৰৰ ওচৰত অনসন কৰে সি। খুউব পুৱাই হাতে লিখা ফেষ্টুন আৰু বেনাৰখন আৰি দিয়ে কাৰো নাম উল্লেখ নকৰাকৈ।
’ প্ৰেমৰ নামত প্ৰতাৰণা নচলিব’
’ কাৰো হিয়াখন ভাঙি সুখী হব নোৱাৰিবা’
মুহুৰ্ততে ৰাষ্ট্ৰ হৈ যায় খবৰটো। নগেনৰ পুতেক পাগল হল। তাক চাবলৈ দৌৰি আহে মানুহবোৰ। সকলোৱে দুখ প্ৰকাশ কৰে। পুজাহতৰ ঘৰৰ মানুহে উধাতু খাই দৌৰি আহে। অঞ্চলটোৰ সকলোৱে জানে তাৰ প্ৰেমিকা কোন আছিল!
: তই এইবোৰ কি কৰিছ পল। বি ষ্ট্ৰং য়াৰ।- লগৰ বন্ধুকেইজন শোকাকুল হৈ পৰে। অশ্লীল বাক্যবান নিক্ষেপ কৰে দুই এজনে অজ্ঞাত প্ৰতাৰক প্ৰেয়সীক।
: ৰাইজসকল¸ মই পাগল নহয়। মই পাগল হোৱা নাই। যি কৰিছো সুস্হশৰীৰে জানি বুজিয়েই কৰিছো। তেওৰ ভালপোৱা মোক নালাগে। মাথো বিছাৰিছো¸ কোনো বলি নহওক মোৰ দৰে ভবিষ্যতলৈ।- কৈ উঠে সি। ভাবে সততা¸ পবিত্ৰতাৰ শক্তি কিমান হব পাৰে। তাইৰ মন পৰিবৰ্তন নোহোৱালৈকে অনসনত বহিব সি। জীয়াই থাকিবলৈ জীবিকাৰ অভাব নহব তাৰ। চৰকাৰী নহলেও চাকৰী পাবই। কৰ্মমুখী যুবক সি। নাজানে পলে তাৰ যাত্ৰাৰ শেষ কত??
ধেৎ তেৰি কি লিখিলো এইবোৰ! কোনে পঢ়িব! পাঠকৰ গালি খোৱাটো খাতাং। অগতানুগতিক চিন্তা এটা কৰিছিলো। মানুহৰ চিন্তাৰটো আৰু শেষ নাই!
আচলতে লেখক-চেখক একো নহয় মই। ভাববোৰ শ্বেয়াৰ কৰো। আজিকালি বন্ধু-চন্ধুবোৰো কমি গৈছেতো¸ সেয়ে জুকাৰবাৰ্গদাৰ কৃপাত মুখপত্ৰতে চিনাকী অচিনাকী বন্ধুবোৰৰ সতে কথাপাতো।
ছে: গতানুগতিক প্ৰেম¸ হতাশাৰ কাহিনীটোক অগতানুগতিক ৰূপ দিবলৈ গৈ মুখঠেকেচাহে খালো দেখোন! আকাশ পাতাল ভাবি আছো। মনটো কি যে অদ্ভুত নহয়¸ পলকতে উৰি গৈ আমেৰিকা পায়গৈ। পল আৰু পুজাৰ প্ৰেমলৈ ঘুৰি আহিলো। ইতিমধ্যে পুজাৰ বিৰহত পলৰ অবস্হা কাহিল…
প্ৰথম সম্ভাবনা:
পুজাৰ মনটো ভাল নহয়। দিনটো ঘৰতে জোপোকা মাৰি থাকে আজিকালি। টিভিও নাচাই, কলৈকো ওলায়ো নাযায়। ঘৰৰ ওচৰৰে কেঁকুৰীটোত পলে অস্হায়ী বাসস্হান পাতি লৈছে। খিৰিকিৰ পৰ্দাখন আঁতৰালেই তাক দেখাপাই তাই। শুকাই খীনাই লৰাটো জেওৰা খৰি হেন হৈ পৰিছে। দাড়িবোৰ দীঘলহৈ জলহু যেন লগা হৈছে।
আজিও মাক-দেউতাক আহিছিল তাক বুজাই বঢ়াই ঘৰলৈ নিবলৈ। নাছোৰবান্দা সি¸ জয়ী নোহোৱালৈকে ঘৰলৈ নাযায়। চিঞৰি চিঞৰি কান্দিছিল মাকে। তাইক¸ তাইৰ ঘৰখনক গালি পাৰিছিল। খং উঠে তাইৰ! ইমান বেছিকৈ ভালপাব লাগেনে সি? কৰবাত নিজকে দোষী যেন লাগে তাইৰ!
: তই বহুত ভুল কৰিছ বা!পলদাৰ সমান তোক কোনেও ভালপাব নোৱাৰে! তই জীবনত সুখী হব নোৱাৰিবি।- কুঁহিয়ে গালি পাৰে তাইক। আজিকালি ঘৰৰ কাৰোৱেই লগত কথা নাপাতে কুঁহিয়ে। পলৰ প্ৰতি মৰমেৰে হথাতে উপচি পৰে পুজাৰ মনটো। মাক-দেউতাকক বুজাব এইটো সম্পৰ্ক ইমানতে শেষ কৰক। পলৰ ওচৰলৈ আগবাঢ়ে তাই। হীৰাটুকুৰা হেৰুৱাব নোখোজে।
দ্বিতীয় সম্ভাবনা:
পুজাৰ বিয়াখন হৈ যোৱা দুদিন হল। মাৰৰ বিষত এতিয়াও উঠিব পৰা নাই সি। মানুহ ইমানেই নিষ্ঠুৰ হব পাৰেনে! পুজাক নিজৰ জীবনটোতকৈও বেছি ভাল পাইছিল সি। ভাবিছিল¸ গান্ধীজীৰ আদৰ্শৰে তাইক আবেগিকভাবে ঘুৰাই আনিব পাৰিব! ভুল হল তাৰ দৰ্শন। চাগে গান্ধীজী জীয়াই থাকিলেও এতিয়া সিদ্ধান্ত সলনি কৰিলেহেতেন। জোৰোণৰ আগদিনা পুজাৰ বাপেক¸ খুৰাকহঁতে মাৰিছিল তাক। গোটেই কেইজনে মিলি চৰ¸ভুকু¸ গোৰ সোধাইছিল তাক। সিয়ো হাতত খাৰু পিন্ধি থকা নাছিল। ঘুচিয়াই নাক ভাঙি দিছিল পুজাৰ খুৰাকজনৰ। সেয়াই যেন সুবিধা বিছাৰিছিল সিহতে। লকআপত ভৰাইছিল তাক। তাৰপিছত ওৰেৰাতি পিতন। অশেষ কষ্টৰে দেউতাকে উকিল¸ ডক্টৰ ধৰি মোকলাই আনিছে তাক।
: পুজা¸ এয়া কি কৰি পেলালা তুমি! -ফেকুৰী উঠে সি।
অন্তিম তথা শ্ৰেষ্ঠ সম্ভাবনা:
কিবা শব্দত ধহমহকৈ সাৰ পাই উঠিল পল। উ: কি ভয়ানক সপোন দেখিলে সি। তাৰ কপালত¸ মুখত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল। হাঁহিও উঠিল তাৰ। প্ৰেমত অনসন! অবচেতন মনটোৱে এইবোৰে ভাবি আছিল নেকি!
কাইলৈ পুজাৰ জোৰোণ। মনটো বহুত বেয়া তাৰ। উপায় নাই¸ জোৰকৈতো কাকো ধৰি ৰাখিব নোৱাৰি। সুখী হব খোজে সি। নোৱাৰে। প্ৰেমত প্ৰাপ্তিতৰৈ ত্যাগতহে মহত্ব বেছি। মহান ব্যক্তিসকলৰ উক্তিবোৰলৈ মনত পৰে তাৰ।
হাঁহি উঠে তাৰ। হতাশ প্ৰেমিকৰ নিজক সান্তনা দিয়াৰ উপায় সেয়া।
: হেই ব্ৰো¸ ভেৰি গুড গুড গুড নিউজ।- ফোনত মামাকৰ জীয়েকৰ উচাহভৰা কণ্ঠতো ভাহি আহে।
: কি হলনো?
: মই নকও। নিজেই চা। টিভি অন কৰ নিউজটো চা।- ভনীয়েকৰ উচাহটোত টিভিটো অন কৰে সি। কিবা ৰিজাল্ট এটাৰ লাইভ দি আছে।
: ইউ আৰ চিলেক্টেড ব্ৰো। কন্গ্ৰেচুলেচ্যনচ্। - টিভিৰ পৰ্দাত নিজৰ নামতো দেখি উচপখাই উঠে সি। এক্জাম ভাল হৈছিল এইবাৰ¸ কিন্তু ভবা নাছিল।
: মা¸ দেউতা¸ মই এপিএছচি পালো। ফুৰ্তিতে দৌৰ মাৰে সি কবলৈ। টিভিতো তেতিয়াও চলি আছে। উজনিৰ চহৰ এখনত উপ আৰক্ষী অধীক্ষক পদত মকৰল সি।
চাগে নিউজটো পুজাহতেও দেখিছে। কুঁহিয়ে যে গম পাবই সি নিশ্চিত। হয়তো নিজক নিজক দুষিব পুজাই। হাঁহি উঠে তাৰ। জীবনটোৰ গতি এটা লাগিব এইবাৰ। বেকাৰ চাপটো আৰু পিঠিত নাথাকে। নামাতিলেও পুজাৰ বিয়াত যাব সি। নতুন জীবনটোৰ বাবে শুভেচ্ছা দি আহিবগৈ। তাক দেখি তাইৰ মুখৰ ৰিয়েকচন মিছ কৰিব নোখোজে সি। -ভাবে পলে। ইতিমধ্যে গাঁওখনতে খবৰটো ভগাই দেউতাক মিঠাই আনিবলৈ গৈছে।।

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib