Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

আয়ুস্মান ভব:

Unknown


(অগল্প)
---------------------


ঢ়ি থকা দিনত কোনোদিনেই সি ভবা নাছিল লাইফটো ইমান কম্প্লিকেটেড হব বুলি। সৰুৰে পৰা পঢ়াশুনাত ভাল আছিল সি। ডিগ্ৰীতোও ফাৰ্ষ্ট ক্লাছ লৈয়ে পাছ কৰিছিল। মধ্যবিত্ত পৰিয়ালটোৱে তিনিটা লৰা-ছোৱালীক সমানে পঢ়াব নোৱাৰে। পঢ়া সিমানতে সাং কৰি সি গুৱাহাটীলৈ আহিছিল জীবন গঢ়িবলৈ।
: তোৰ ডিউটি নাই এতিয়া।- ৰুমমেট বিকাশে সোধে তাক। গা-পা ধুই ড্ৰেছ কৰি ৰেডী সি অফিচ যাবলৈ।
: নাই। আজি ইভিনিং।- মোবাইলত গেম খেলি থাকিয়ে কৈ উঠে সি। কালিও ইভিনিং ডিউটি আছিল। ৰাতি বাৰবজাতহে শুইছে। ৰাতিপুৱা উঠোতে আঠ বাজিছে। আজিকালি তেনেকুৱাই হৈছে কথাবোৰ। ঘৰত থাকোতে ৰাতিপুৱা সোনকালে উঠি দৌৰিব গৈছিল সি¸ এক্সাৰছাইজ কৰিছিল। এক্সাৰছাইজ এতিয়াও কৰে চেগাচেৰোগাকৈ যেতিয়াই সময় পাই। ৰাতিপুৱাহে উঠিব নোৱাৰে। সপ্তাহত দুই-তিনিদিন নাইট ডিউটি কৰি গোটেই ৰাতি টোপনি খতি কৰি আহি অবশ লাগে গাটো। দিনত ভাল টোপনি নাহে। ইভিনিং ডিউটিৰ কেইদিনাও ৰুম পাই বিছনাত উঠে মানে বাৰ বাজি নেক্স্ট ডে পৰেগৈ।
চাল্লা কি যে হব নহয়! কি যে চাকৰীত জইন কৰিলে সি!- তাৰ খং উঠি আহে কেতিয়াবা।
আজিকালি কোম্পানীৰ চাকৰিতো চিনাকী লাগে¸ নহলে ভাল কাম পোৱা নাযায়। ঘৰৰ মানুহৰ চিনাকী থকাৰ সুবাদতে ষ্টাৰ কেটেগৰীৰ হোটেল এখনত সোমাই সি। ৰিচেপচনিষ্ট জব। টাই পিন্ধি টিপটপ থাকিব লাগে। ভাল লাগে তাৰ। সৰুৰে পৰাই টাই বান্ধি চাকৰী কৰিব মন আছিল তাৰ। সপোনটো এনেকৈয়ে সঁচা হয় পলাশৰ। কাম বেছি নাথাকেই¸ মাথো গেষ্ট এটেণ্ড কৰিব লাগে। অসমীয়া নকয়েই কোনেও। হিন্দী¸ ইংৰাজীয়ে বেছি চলে। বিভিন্ন ধৰণৰ মানুহবোৰ লগ পাই ভাল লাগে তাৰ। ফৰেইনাৰ লোকবোৰ দেখিলে ফুৰ্তি লাগে তাৰ। সাতসাগৰ তেৰ নদীৰ সিপাৰৰ বগা চামৰাৰ মানুহৰ লগত ইংৰাজী কবলৈ পাই খুউব ভাল লাগে।
: ঐ তই ইমান ক্লোজ নহবি দেই গেষ্টৰ লগত। অভাৰটেক কৰিবও চেষ্টা নকৰিবি।- এদিন চিনিয়ৰ ডেকাদাই কয় তাক। তেওৰ ভয় জানোচা¸ সি তেওক পাৰ হৈ যায়। গেষ্টে বেছি ভালপাই তাক। টিপচ বেছি পাই সি।
: আচলতে কি জান¸ এই হোটেলবোৰ একোখন অন্ধকাৰ পৃথিবী। সকলো মানুহ এই প্ৰফেচনত সুখী হব নোৱাৰে।- মাইনাদাই কৈছিল তাক। তাতকৈ দহবছৰমান ডাঙৰ লৰাটো তাৰ কলীগ আছিল। গুৱাহাটীৰ লোকেল লৰা। সৰুৰে পৰা এইটো লাইনতে। নিজৰ ভায়েকৰ দৰে মৰম কৰিছিল পলাশক।
: তই যিমান সোনকালে পাৰ এই লাইনটোৰ পৰা আতৰি যাবিদেই। যিমামদুৰ বুজিছো তই এইটো লাইনৰ মানুহ নহয়। - মাইনাদাৰ কথা ৰাখিব নোৱাৰিলে সি। আজি পৰ্য্যন্ত ইচ্ছাৰ বিৰুদ্ধে সি কাম কৰিছে প্ৰফেচনটোত। কেতিয়াবাই এৰি আহিল আগৰ কামটো। মাইনা এতিয়া বা কত! নাজানে সি। চেঞ্জ বিচাৰি¸ প্ৰাপ্য বিচাৰি কেইবাটাও কৰ্মসংষ্ঠান সলনি কৰে সি। বৰকৈ মনত পৰে কেতিয়াবা মাইনাদালৈ। ফেচবুকত চাৰ্চ কৰে¸ নাপায়। তেওৰ ঘৰৰ ঠিকনাটোও নাজানে। আজিৰ দিনতো তেওৰ ফেচবুক থাকিব নালাগেনে!- খং উঠে তাৰ।
সি থাকোতেই এদিন মেনেজাৰৰ লগত লাগি ওলাই গৈছিল মাইনাদা। মৰমীয়াল মানুহটোৰ এটাই দোষ আছিল¸ মদখালে বেছি কথা কৈছিল।
: পলাশ তই ভাল লৰা। এইবোৰ নাখাবিদেই। মই বেয়া লৰা। গুছি যা সোনকালে¸ মায়াত সোমালে ওলাব নোৱাৰিবি।- হাঁহি উঠে তাৰ। গা পিহি পিহি কিযে তাক বুজাইছিল মদখাই। তেৱেই ট্ৰেইন কৰিছিল তাক।
সপোনবোৰ মৰহি যোৱা যেন লাগে ভাবিলে কেতিয়াবা। ভাল অভ্যাসবোৰ সকলো হেৰাই থাকিল। পঢ়ি থাকোতে ধুনীয়া কবিতা লিখিছিল¸ বাহিৰা কিতাপ পঢ়িছিল পলাশে। আজিকালি ফ্ৰী টাইমত লাইফৰ কথা ভাবোতেই যায়। পলাশে ভাবে জীবনটোৱে ভাল ঠেকা দি আছে তাক। হব খুজিছিল প্ৰফেচাৰ¸ হলগৈ হোটেলৰ কৰ্মচাৰী। ঘিণ লাগে তাক আন্ধাৰবোৰ। লগৰ সকলোবোৰ লগৰীয়াই ৱেল এষ্টাব্লিজ¸ অথচ এৰো বুলিও এৰিব পৰা কামটো। আৰ্টচ্ হে আছিল তাৰ ষ্ট্ৰীম। ভাল কাম পোৱাটো সহজ নহয়। আজিকালি দৰমহাৰ এক তৃতীয়াংশ এক্সট্ৰা উলিয়াই সি। তেনেকৈয়ে চলি আছে সকলোবোৰ। কোনো মালিকেই প্ৰাপ্য মজুৰি নিদিয়ে। চোৰৰ ঘৰৰ চোৰ কৰিলে পাপ নহয়। ভাবে পলাশে¸ আগতকৈ বহুত সলনি হল সি।
: ঐ(অশ্লীল) আহিলি।- কলীগবোৰে মৰমতে সম্ভাসন জনাই।
: আহিলো (অশ্লীল)- প্ৰত্যুত্তৰ দিয়ে সি। ইয়াত এইটোৱে নিয়ম। দুই এটা অশ্লীল শব্দ প্ৰয়োগ কৰি সকলোৱে কথা পাতে। মাথো চিনিয়ৰ কেইজনমানৰ শব্দইহে মাথাৰ তেজ উঠাই আনে। চাকৰীৰ মৰমত সহ্য কৰে সিহঁতে।
মজবুৰী সিহঁতৰ¸ কাম কোনোপধ্যেই এৰিব নোৱাৰে।
: ঐ মুখ চম্ভালি কথা কবি কুট্টা। এয়া অসম হয়। মাথা ফালি দিম তোৰ।- এদিন সহ্যৰ শিকলি চিঙি গৈছিল পলাশৰ। বিশদিনৰ চেলাৰী এৰি গুছি আহিছিল সি। য়শৰাজ¸ পিএমএছ¸ আইডিএছ¸ এটিএছ চফ্টৱেৰত কামকৰা লৰাটোৰ বাবে হোটেলৰ চাকৰীৰ আকাল নহয়। হল বুলি ইমানো সহি থাকিব নোৱাৰি! ৰিভলভাৰ এটা হাতত লৈ গুলীয়াই দিব মন যায় তাৰ।
জি এম মুকেশ গুপ্তাৰ মুখখন খুউব লেতেৰা। হাৰিয়ানাৰ ফালৰ মাৰোৱাৰী মানুহটোৱে অশ্লীল গালি নিদিয়াকৈ কাকো সুদাই নেৰে। হকে বিহকে লেতেৰা লেতেৰা গালিবোৰ পাৰে। চৰিত্ৰহীন মানুহজনক ঘিণ লাগে তাৰ। প্ৰায়েই কম বয়সীয়া যুবতীবোৰ লৈ ৰুমত সোমাই থাকে। কেতিয়াবা দহ-বাৰজন মানুহ আহে।
: ভাইয়া¸ পাপা হে ক্যা।- এম ডি চাৰৰ লৰাটোৱে ফোন কৰে।
: নেহী চাৰ। ৱো তো য়াহা নহী হে।- একচেকেণ্ডো নভবাকৈ শিকাই দিয়া মতে কৈ উঠে সিহঁতে।
: লেকিন পাপা কা কাৰ তো য়াহা হেই
: পতা নহী চাৰ। লেকিন ৱো বাহৰ হী হেই¸ চায়দ পেয়দল গয়ে হে।- টিন এজাৰ লৰাটোৱে ফোন কৰে বাপেকক। ৰিচিভ নকৰে ফোনটো চাৰে।
: ভাইটি¸ সচাকৈ কোৱা ক’ত আছে এম ডি চাৰ।- এম ডিৰ ঘৈনীয়েকে জেৰা কৰাদি সোধে তাক।
: মেম চাৰ ইয়ালৈ অহাই নাইতো। কিয় মিছা কম আপোনাক। -কথাত জোৰ দি কয় সি। সন্দেহৰ দৃষ্টি এটা নিক্ষেপ কৰি আতৰি যায় মানুহজনী। খং উঠে তাৰ। ইমান ধুনীয়া ফেমিলী¸ সন্তান থকাৰ পিছতো কিহৰ বাবে চাৰ সোমাই থাকে জীয়ৰীৰ বয়সৰ ছোৱালীৰ লগত। ছি: ঘিণ লাগে তাৰ। সচাকথা কবলৈ মন যায় মেমক। নোৱাৰে চাকৰীতো হেৰুৱাই মাক-দেউতাকৰ বোজা হব নোখোজে।
: ভাইটি তুমি কি জব কৰা?-কাৰোবাৰ প্ৰশ্নৰ উত্তৰত যেতিয়া সি কয় হোটেলিয়ৰ সি¸ সমুখৰ ব্যক্তিজনৰ ইম্প্ৰেছন যেন সলনি হয় তাৰ প্ৰতি। হাঁহি উঠে তাৰ¸ মদ¸ ভাং¸ চিগাৰেট একো মুখত নিদিলেও সকলোৱে ভাবে খোৱা বুলি। সিহঁতবোৰ যেন বৰ্জিতহে। গাঁওততো প্ৰথমতে বৰ বেয়াকৈয়ে কৈছিল।
: অমুকৰ লৰাটোৱে ইমান পঢ়ি হোটেলতহে সোমাল। ছি: ছি: ইমান তললৈও যাব পায়নে।- একো নজনা হোজা তিৰোতা দুজনীমানে কৈছিল। হোটেল মানে তেওলোকে সচৰাচৰ দেখা চাহভাত বিক্ৰী কৰা লাইন হোটেল বুলিয়েই ভাবিছিল।
পলাশে বহুদিনৰ পৰা ভাবি আছে¸ চাকৰীতো সোনকালে এৰিব। পইছাও অলপ গোট খাইছে ইতিমধ্যে¸ নিজাকৈ কিবা এটা কৰিব। কিমান নো আকৌ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিব! ফৰষ্টাৰ হোটেলখনত জইন কৰা বেছি দিন হোৱা নাই তাৰ। হয়তো চলি থাকিব পাৰিব¸ কিন্তু বেছি আশা কৰিব নোৱাৰে। সৃষ্টিশীল মনটো ধংশ কৰিব নোৱাৰি।
: আপোনালোকৰে ভাল দিয়ক। চাৰিওফালে কমাই।- কৈ উঠে ধীৰাজ ছাৰে। ফ্ৰন্ট অফিচ মেনেজাৰ তেও। কাষৰ চকীখনত বহি শুনি থাকে সি।আজৰি সময়ত একাউঞ্চৰ কাকতীখুৰা। চেফ জিতুদা¸ এফএনবিৰ লুকু চাৰহত আহে। উকাউঞ্চৰ কাকতীখুৰা বয়সীয়াল মানুহ। বেলতলা এজি অফিচৰ পৰা ৰিটায়াৰহৈ জইন কৰিছে তেও। বাহীৰৰ দুখনমান ফাৰ্মতো বেলেঞ্চ শ্বীট বনাই পইছা আৰ্জে তেও। মহা কৃপণ মানুহটো। পকেটৰ পইছাৰে তামোল এখনো কিনি নাখাই। সেয়ে খোচ মাৰে ধীৰাজ চাৰে।
: কিয় তোমালোকেও পোৱা।
: আমাকনো কোনে টিপচ্ দিব। গাড়ীৰ কমিচন কেতিয়াবা এশ দুশ পাইছিলো¸ অলা উবেৰে সেয়াও মাৰিলে।- দুখেৰে কৈ উঠে সি। সচাকৈয়ে আজিকালি বাহিৰা নোলাই। গোটেই ৰাতিটো টোপনি খতি কৰি মাহেকত পাই বাৰহেজাৰ টকা। সেয়াও পকেট মানিৰ খৰচবোৰ গৈ বাচেগৈ সাত হেজাৰমানহে।
চেফ জিতুদাই বাহিৰত কেটাৰিং পাৰ্টীবোৰ ৰাখে। তেওৰ নিজাকৈ এখন ৰেষ্টুৰেন্ট আছেই। এফএনবিৰ লুকুচাৰেও কৰে অডিচি কন্টেক্ট। কাম নাই মাথো ফ্ৰন্ট অফিচৰ মানুহকেইটাৰ। না ব্ৰাইট ফিউচাৰ¸ না ঘৰত টাইম দিব পাৰে! বয়স ত্ৰিশ গৰকিলে তাৰ। এনেয়েও বেছিদিন বহিব নোৱাৰে ফ্ৰন্টডেক্সত।
: ঐ খাপলা¸ তোৰে ভাল দে। কম বয়সতে বিয়া কৰাই আজৰি হলি।- হাঁহি দিয়ে সহকৰ্মী অনিলে। তাতকৈ সৰু বড়ো লৰাটোৱে কম বয়সতে বিয়া পাতিছে। ঠাণ্ডা মগজুৰ লৰাটোক ভাল লাগে তাৰ।
: ই ইমান ভাবি থাকে নেকি! বিয়া পাত বিয়া পাত। বুঢ়া হৈ গলি।- হাঁহি হাঁহি কয় অনিলে। হাঁহি দিয়ে সি। নিজাকৈ কিবা নকৰাকৈ সংসাৰত সোমাব ভয় লাগে তাৰ।
: পলাশদা¸ তাই মোক ঠগালে অ’।- তাৰ জুনিয়ৰ গুলজাৰে আহি কান্দে তাৰ ওচৰত। জেৰিন নামৰ ছোৱালী এজনীক ভালপাই সি। বহুত দিনৰ পৰা সম্পৰ্ক তাৰ। পলাশে দেখি আহিছে জইন কৰাৰে পৰা গুলজাৰে তাইৰ কথাকে কৈ আহিছে।
: বি পজিটিভ মেন। ইউ আৰ এ ষ্ট্ৰং বয়।- কেনেকৈ তাক সান্তনা দিব ভাবি নাপায় সি। এদিন মধুস্মিতায়ো এনেকৈ তাক এৰি গৈছিল।- মনত পৰে তাৰ।
ৰাতি ডিউটিৰ পৰা আহি প্ৰায়েই আড্ডা দিয়ে সিহতে। কেম্পাছৰ আটাইবোৰ লৰা লগ হৈ তাছ খেলে। পইছাৰ নহয় এনেয়ে। মাজে মাজে পাৰ্টি কৰে। মদ নাখাই পলাশে চাকনা আৰু লেগপিছ চোবাই লগৰবোৰক সংগ দিয়ে।
প্ৰত্যেক সোমবাৰেই মন্দিৰটোলৈ যায় সি। মনতো অলপ ভাল লাগে। শিব মন্দিৰটোৰ বাৰাণ্ডাতে বাবাজন বহি থাকে। পইছাৰ লোভ নাই মানুহজনৰ। এনেয়ে হস্তৰেখা চাই দিয়ে।
: বাছা¸ তোৰ জীবনটো বৰ সংঘাটপুৰ্ণ। খুউব কষ্টকৈ আগবাঢ়িব লাগিব তই।- এদিন তেও কৈছিল তাক। হাঁহি মাৰি উৰুৱাই দিছিল পলাশে। কৰ্মশক্তিত বিশ্বাসী সি। তথাপি কেতিয়াবা যেন মনটোৱে কয় সচাকৈয়ে বৰ কষ্টকৰ সফলতা। মন্দিৰটোলৈ আহিলেই বাবাক সেৱা এটা জনাই সি। কমণ্ডলুৰ পানী অলপ গাত ছটিয়াই কৈ উঠে তেও¸ আয়ুস্মান ভব:
পলাশে ঘৰলৈ ঘুৰি আহে। ওচৰৰ চহৰখনতে আৰম্ভ কৰে সৰুকৈ ব্যবসায়। তেনেই চালুকীয়া যদিও স্বাধীনতা আছে। সুখী হয় সি। অতদিনে এইখিনি স্বাধীনতাই বিচাৰিছিল সি। নিজৰ কামত সকলে দুখ সহিবলৈও ভাল লাগে। পলাশে ভাবে¸ চাগে জীবনত সফল হব পাৰিব! সাহস আছে তাৰ। ধৈৰ্য্যও আছে।
প্ৰত্যেক শনিবাৰে পুজাৰীজন আহে। তাৰ সৰু ব্যবসায়িক প্ৰতিষ্ঠানটোৰ সমুখত দুটামান নেমু¸জলকীয়াৰ মালাডাল আৰি দিয়ে। বিশ্বাস-অবিশ্বাসৰ দোমোজাত দুলি থাকে সি। ৰিক্স লব নোখোজে সি।
আজিও আহিছে পুজাৰীজন। দহটকা এটা দি হাতজোৰ কৰি প্ৰণাম জনালে সি।
: আয়ুস্মান ভব: - শান্তি পানী অলপ তাৰ গাত ছটিয়াই কৈ উঠে পুজাৰীজনে। পৰম তৃপ্তিত মনটো ভৰি উঠে তাৰ। পলাশৰ কাণত বাজি থাকে- ’আয়ুস্মান ভব:’ ।।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib