Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

আনিছৰ মুৰ্গাটো

Unknown



: আব্বা আব্বা আমি ইয়াৰ নাম টুকলু ৰাখিমি দেই।- তাই দৌৰি আহি কয় তাক।
: উম¸ ৰাখিমদেই বেটী। বেছি দৌৰি নুফুৰিবা। পৰি যাবা। -মৰমেৰে তাইৰ মুখত হাতখন বুলাই কৈ উঠে সি। ৰবলৈ সময় নাই তাইৰ। এইমাত্ৰ নামকৰণ কৰা টুকলুক ধৰিবলৈ দৌৰি তাই।
তাৰ দহবছৰীয়া জী বেটী। ভাল নাম মৰম। মৰমতে মাকে মৰম নাম দিছিল তাইৰ। কণমানি মৰমলগা মৰমজনী সিহতৰ সকলো। মৰুভুমি সদৃশ সিহতৰ জীবনটোত বেটী যেন এজাক আকাংক্ষিত বৰষুণ। এচাটি মলয়া বতাহ।
আনিছৰ মনত আছে¸ সৰুতে প্ৰায়েই মাকক আবদাৰ ধৰিছিল সি¸
: আম্মী আম্মী মোক ভন্টি এজনী লাগে। চবৰে ভন্টি আছে।
: আনিমদেই বেটা। আমি হস্পিটালৰ পৰা কিনি আনিম।- কণমানি অবুজ লৰাটোৰ মুৰটো পিহি কৈ উঠে মাকে।
: বা: বা: আমাৰো ভন্টি আহিব। মই ভন্টিৰ লগত খেলিম।- ফুৰ্তিত জপিয়াই উঠে সি।
কণমানি লৰাটোৰ উলাহত কৰবাত যেন মনটো সেমেকি যায় মাকৰ।
আনিছ ঘৰৰ ডাঙৰ লৰা। তাৰ তলত ভায়েক দুটা। এজনী ছোৱালীলৈ অশেষ হাবিয়াস সিহঁতৰ সকলোৰে। সেয়া যেন এতিয়া পুৰাইছে বেটীয়ে।
তাহানিৰ তাৰ ভনীয়েকৰ লগত খেলিব খোজা সপোনটো যেন বেটীৰ ৰূপেৰে এতিয়া পূৰ্ণ হৈছে। মৰমেৰে বেটীলৈ চালে সি। তাই এতিয়াও তাইৰ টুকলুটোৰ পিছে পিছে দৌৰি আছে। ধৰিব পৰা নাই। টুকলুৱেও যেন ধৰিব পাৰিছে তাইৰ মনোভাব। তাইক জোকাবৰ বাবেই যেন সি ধৰা দিয়া নাই। তাই ৰৈ যোৱাৰ লগে লগে ৰৈ গৈছে। ঘুৰি চাইছে তাইলৈ¸ যেন কৈ উঠিছে- ’তুমি মোক ধৰিব নোৱাৰা লাজে’।
: আব্বা দেখিছানে ইমান দুষ্ট ই। - ভাগৰ লাগিছে বেটীৰ। ৰৈ গৈছে তাই।
: ৰবা মই ধৰিম এইবাৰ। কত পলাব সি।- হাঁহি হাঁহি কৈ উঠে সি। সি টুকলুক ধৰিবলৈ আগবাঢ়ে। বাপেকক যোৱা দেখি বেটীয়ো উচাহতে দৌৰি আহে টুকলুৰ ফালে। এপাকত ধৰি পেলাই সি টুকলুক। বেটীয়ে মৰমতে কোচত লয় তাক।
: দুষ্ট¸ বৰকৈ দৌৰালা দেই।- পৰম আবেশত কুচিমুচি বহি থকা বগা মৰমলগা শহাপহুৰ পোৱালিটোক কৈ উঠে তাইক।
হাঁহি উঠে আনিছৰ। বেটী যেন তাৰ লৰালিৰ ন সংস্কৰণ। তাইৰ ৰূপতেই নিজৰ লৰালি উভতাই পাইছে সি। এইবাৰৰ শিবসাগৰৰ খুৰাকৰ ঘৰলৈ যাওতে তাই লৈ আহিছে টুকলুক। খুড়ীমাকে পুহিছে ঘৰতে শহাপহু কেইটামান। তাৰে মৰমলগা সৰু পোৱালিটো তাইক লগা হল। খুড়ীমাকেও দি পঠালে মৰমতে। আনিছৰ আনিবলৈ মন নাছিল। অলপ ডাঙৰ হলেই ই ঘৰ-চোতাল খান্দি তহিলং কৰিব। কিন্তু বেটীৰ উচাহক ভাঙি দিব নোখোজে সি। আজিকালি তাই তাৰ লগতেই খেলি থাকে। নিজৰ খোৱা বস্তু খুৱাই দিয়ে।
হাঁহি উঠে তাৰ।
: বেটী টুকলুই মেগী নাখায় নহয়। ঘাঁহ হে খাই। -কৈ উঠে আনিছে। টুকলুক কোচত লৈ মেগী খাই আছে তাই। মাজে মাজে তাকো খুৱাই দিয়ে। নাখাই সি।
: তাক এৰি দিয়া বেটী। ঘাঁহ অলপ খাওকগৈ।- বাপেকৰ কথা শুনি কোচৰ পৰা নমাই দিয়ে তাই। দৌৰমাৰি টুকলু চোতাল পালেগৈ।
আনিছৰ মনত পৰে লৰালিটো তাৰো এনেকুৱাই আছিল। টুটুলৈ মনত পৰে তাৰ। দেউতাকৰ লগত ডিব্ৰুগড়ত আছিল সিহঁত তেতিয়া। দেউতাকৰ সৰু কোৱাৰ্টাৰটোতে পাৰ হয় তাৰ শৈশব। বয়স কিমাননো তাৰ তেতিয়া বৰ বেছি দহবছৰ। অসুখত দেউতাকে ৰিজাইন কৰিব লগা হল চাকৰীটো। হৃষ্টপুষ্ট মানুহজন শুকাই খীনাই জেঙেৰা খৰী যেন হৈ পৰিল। পৰিয়ালৰ সকলোৰে লগত আলোচনা কৰি শিবসাগৰৰ ঘৰলৈ যোৱাটোকে ঠিক কৰে সিহঁতে।
ডিব্ৰুগড়ৰ পৰা এদিন বয়বস্তু ট্ৰাকত উঠাই উভতি আহে শিবসাগৰৰ ঘৰলৈ।
সেইবাৰ মাহমৰাৰ মামাকহতৰ ঘৰলৈ গৈছিল। উভতি আহোতে ককাকৰ এম্বেচেডৰ খনত উঠি আহিছিল। মৰমতে নানীয়ে দহটা কণীভৰাই দিছিল বিশেষ টোমটোত। আনিছে ভাবে¸ আজিকালিৰ লৰা-ছোৱালীয়ে ছাগে কণীৰখা বিশেষ টোমটোৰ কথা শুনাই নাই। কণীৰ সাচৰ পাষ্টিকৰ বাৰটা কণী ৰাখিব পৰা টোমটোত দহটা মুৰ্গীৰ কণী ভৰাই দিছিল নানীয়ে। নানীয়ে মুৰ্গী পুহিছিল ঘৰতে। মাকৰ প্ৰিয় আছিল মুৰ্গীৰ কণী।
: আনিছ¸ এইকেইটা ভালকৈ নিবি দেই। চাবি ভাঙি যাব।
: হব নানী।-টোমটো কোচত লৈ কৈ উঠে সি।
ঘৰত টোমটো খুলি আচৰিত হৈ যায় সিহঁত। এটা কণী ফুটি কণমানি পোৱালী এটা হৈছে।
: আব্বা¸ আম্মী যাদু চোৱা। কণীৰ পৰা পোৱালি ফুটিল।- আচৰিত হৈ যায় সি। ফুটফুটীয়া কণমানি পোৱালিটো মৰম লাগে তাৰ।
: আম্মী মই ইয়াক পুহিমদেই।- মতা মুৰ্গী পোৱালীতো কোচত লৈ কৈ উঠে সি। আজিকালি সিহঁতে তাৰ লগতেই খেলি থাকে। ভায়েক আজিজ আৰু আব্দুল তিনিও মিলি নাম ৰাখে টুটু।
আনিছে ভাবে¸ মৰমবোৰ চাগে মানুহককৈ ছাগে জীব-জন্তুবোৰে সোনকালেই বুজি পাই।
: টুটু …টুটু,…- সিহঁতে মতাৰ লগে লগেই টুপটুপাই সিহতৰ কাষ পাইহি টুটু। লাহে লাহে যেন টুটু সিহতৰ পৰিয়ালৰ অভিন্ন সদষ্য হৈ পৰিল।
তেতিয়া পানীত হাহ নচৰা অবস্হা হৈছিল পৰিয়ালটোৰ। দেউতাকৰ অসুখ¸ উপাৰ্জন কৰিব কোনে। সিহতো সৰু। মাকে খুব কষ্টকৈ ঘৰখন চলাই। সামান্য পেঞ্চনৰ টকাৰে কোনোমতে ভাতমুঠি ওলাই সিহতৰ। মাজে মাজে মামাক¸ খুৰাকহতে অলপ সহায় কৰে। ৰাতি একেখন বিছনাতে শোধে গোটেইকেইটা। অলপ দুৰত কাৰ্টন এটাত টুটুৰ ঘৰটো সাজি দিয়ে তিনিও ভায়েকে। সিহতৰ যেন অভিন্ন লগৰীয়া টুটু। ৰাতি সৰুপানী চুূবলৈ উঠিলে আনিছে চাই টুটুৰ ঘৰটোলৈ। পৰম শান্তি শুই আছে সি। তাৰ মনটো ভৰি পৰে। নিজৰ ভাগৰ খোৱা সিহতে টুটুলৈ এৰে। হেৰুৱাই পেলোৱাৰ ভয়ত টুটুক এৰি নিদিয়ে সিহতে। নিতৌ ৰাতিপুৱা পাঁচবজাত ডাক বজাই সিহঁতক উঠাই দিয়ে। মুখহাত ধুই পঢ়িবলৈ বহে সিহত।
: অ’ ভাইজান¸ টুটুই কণী কেতিয়া দিব। - সৰু ভায়েক আব্দুলে সোধে। সাতবছৰীয়া সৰু লৰাটো অজলা। সদায় পুৱাই টুটুৰ ঘৰটোত চাই সি¸ কণী নাথাকে দেখোন!
: ধেৎ অকৰাটো¸ টুটুই কণী দিব নোৱাৰে নহয়। টুটু মুৰ্গাহে। কণী মুৰ্গীয়েহে দিয়ে। -হাঁহি উঠে আনিছৰ। আজিজ অলপ বুজন।
: অ’ বাইটি¸ তহতৰ মুৰ্গাটো বেছিবিনে? - গাঁওৰে ডেকালৰা কেইজনমানে এদিন সোধে মাকক
: আম্মী নিদিও দেই টুটুক। মাৰি খাই পেলাব। নিদিওদেই।- চিঞৰি উঠে সিহঁত তিনিওতাই।
: ভাইটি¸ আমি নাখাও নহয়। খেলিবলৈ হে নিম।-কৈ উঠে মানুহকেইজনে
ওচৰৰ গাঁওখনত কুকুৰাযুঁজ প্ৰতিযোগীতা পাতিছে। প্ৰাইজমানি বহুত। দুবছৰীয়া টুটু দেখনীয়াৰ হৈ উঠিছে। সিহঁত নিশ্চিত ভাগ ললে টুটু জিকিবই।
: ঠিক আছে। ভাবি চাও বাৰু।- আনিছৰ আম্মীয়ে কৈ উঠে। তেতিয়া টকাৰ নিত্যান্তই প্ৰয়োজন তেওক। বেমাৰী মানুহজনৰ চিকিৎসা আৰু ঘৰৰ খৰচৰ বাবে টকাৰ খুবেই দৰকাৰ। কণকণ লৰাকেইটাৰ মুখৰ আগৰ পৰা টুটুক কাঢ়ি নি বেছিবলৈ বেয়া লাগে তেওৰ! ইতিমধ্যে ঘৰৰ সদষ্যৰ দৰে হৈ পৰিছে টুটু।
এদিন স্কুলৰ পৰা আহি টুটুক নেদেখি আচৰিত হল আনিছ। ঘৰটোতো টুটু নাই
: আম্মী¸ আম্মী টুটু ক’ত! দেখা নাই যে!
কি কব মাকে। উপায় বিহীন হৈ দুশ টকাত বিক্ৰি কৰা কথাটো কেনেকৈ কয় কণমানি লৰাটোক। ইতিমধ্যে টুটুক নেদেখি আজিজ আৰু আব্দুলে কান্দিব আৰম্ভ কৰিছেই। মনটো বেয়া লাগে তেওৰ।
: চা বেটা¸ আব্বাৰ অসুখ। ঘৰত পৰি আছে। সিহঁতে ইমান দাম দিলে যে…- আৰু কব নোৱাৰে তেও।
: তাৰমানে তুমি বেছি দিলা আম্মী! তুমি ইমান বেয়া। -উচাৎ মাৰি মাকৰ কাষৰ পৰা আঁতৰি যায় আনিছ। তীব্ৰ খং উঠে তাৰ মাকৰ ওপৰত। কিয় টুটুক বেছিব লাগে মাকে! কিয়!!!
মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰে সিহঁতৰ খনত। সেইদিনা দিনটো একো নাখালে সি। পিছদিনাও নগল স্কুললৈ। কোনেও কাকো নামাতে¸ কথা নকয়। আজিজ আৰু আব্দুলে মনত পৰিলেই চকুলো টোকে।
: চা বেটা¸ জীবনটো এনেকুৱাই। টকাৰ অভাবত টুটুৱে এইখিনি সহায় কৰিলে আমাক।- মাকে বুজাই আনিছক। বুজন লৰা সি। ঘৰৰ ডাঙৰ। সিয়ে নুবুজিলে ভায়েকহঁতক কোনে বুজাব! - মাকৰ দুখ লাগে সৰু লৰাকেইটাৰ বিৰহত।
আনিছেও নুবুজা নহয়। তথাপিও টুটুৰ স্মৃতিয়ে শোকাকুল কৰি তোলে তাক। ইতিমধ্যে কিছুদিন গল। ঘৰৰ পৰিবেশবোৰ অলপ সহজ হল। এদিন গমপাই আনিছে টুটু হাৰিল কুকুৰাযুঁজত। যুজাৰু কুকুৰা নাছিল সি। মানুহৰ মৰমত ডাঙৰ হৈছিল। মাৰি খাই পেলালে সিহঁতে তাক। দুচকুৰ কোণ ভৰি আহে আনিছৰ।
: হেৰা কি ভাবি আছা ইমানকৈ?- ঘৈনীয়েক পিংকিয়ে গাত হেচুকি দিয়াতহে তন্ময়তা ভাঙে তাৰ।
: ইমানকৈ মাতি আছো শুনা নাই নহয়!- স্পষ্ট অভিমান তাইৰ মুখত।
: নহয় অ’ অলপ লৰালিলৈ উভতি গৈছিলো।- তাইৰ গালখন চেপি দি কৈ উঠে সি।
: হব হব ৰোমাঞ্চ পিছতো কৰিবা। আগতে বজাৰৰ পৰা আহাগৈ। চব্জী অলপো নাই।- বজাৰৰ মোনাখন তাৰ হাতত দিয়ে তাই। হাঁহি হাঁহি থিয় হল সি। বেটীলৈ চালে¸ তাই টুকলুক কোচত লৈ খেলি আছে। এক অনামী অনুভুতিৰে ভৰি উঠিল তাৰ মনটো।।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

1 comments:

  1. পৰশমনি ..... ধুনীয়া লিখা তুমি .... সুন্দৰ সুন্দৰ ..... সদায়েই লিখি যোৱা ... শুভকামনা জনাইছো .... ।

    ReplyDelete

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib