Now you can Subscribe using RSS

Submit your Email

Monday 12 June 2017

ভুত বৰ অদ্ভুত

Unknown
: দাদা¸ আপুনিযে ইমান ভুতৰ কথা লিখে¸ দেখিবলৈ ভুতৰ দৰে নেকি আপুনি?
- ইমবক্সত এনেকৈ কাৰোবাৰ মেছেজ পালে হাঁহি উঠি যায়। গাঁওৰ লৰা হিচাপে সৰুৰে পৰা কাহিনীবোৰ শুনি আহিছো। নিজেও দুই এবাৰ অবাঞ্চিত পৰিস্হিতিৰ মুখামুখি হৈছো। আগতে শেতেলীতে প্ৰস্ৰাব কৰিছিলো। আজিকালি ভয় নকৰো। অশৰিৰী অস্তিত্বক মই বিশ্বাস কৰো। মই নিজে কেইবাবাৰো লগ পোৱাৰ পিছত আজিকালি ভয় নালাগে। মনত সাহস থাকিলে কোনো অঘটন নহয়। সেয়েহে সকলোকে কও¸ চকুৰে দেখা মাত্ৰেই বিশ্বাস নকৰিব। ভালকৈ চালিজাৰি চাইহে সিদ্ধান্তত উপনীত হব।
সৰুৰে পৰা ভৌতিক সাধুবোৰ ভালপাও বাবেই পেৰানৰ্মেল অনুসন্ধান অলপ কৰিছিলো। মাজে সময়ে সেই কাহিনীবোৰে অলপ সজাই লিখো। পাঠকে ভালপাই। পেৰাচাইক’লজীৰ ছাত্ৰ হিচাপে আজিকালি বিভিন্নজনে সোধে।
: দাদা¸ আপুনি ভুত দেখিছেনে? কাহিনীবোৰ নিজৰনে?
হা না একো নকও। উমৈহতীয়া কিবা এটা কৈ সামৰি থও। যিয়ে বিশ্বাস নকৰে জোৰকৈ ধাৰনাটো সুমুৱাই দিবলৈ চেষ্টা কৰি কি লাভ।
আপুনি ভগবান বিশ্বাস কৰেনে? যদি নকৰে ফোট কিয় লয়? গোসাই থাপনাত কিয় মুৰ দোৱাই?
এনেকৈয়ে সুধিব মন যায় কেতিয়াবা।
মই ভাবো ভগবান আছে যদি চয়তানো আছে।
দুজন বন্ধুৱে দুটা কাহিনী কৈছিল। তেওলোকৰ নিজৰ লগতে ঘটিছিল।
কি আছিল সেয়া! কি আছিল!
আজিও সাঁথৰ তেওলোকৰ বাবে!
# সেয়া কি আছিল!
গেৰুকামুখত এন এইছ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুৰ্ণগতিত চলি আছিল। ডিচেম্বৰৰ মাহ। ঠাণ্ডা পৰিছে। সোৱণশিৰি নৈৰ পাৰতে লাইট হাউচটো। মুল কাৰ্য্যক্ষেত্ৰটো অলপ আঁতৰত। টিনেৰে সজা ঘৰটো নৈৰ পাৰতে। তাক পৰাই ডেমত কাম কৰিবলৈ পোহৰৰ ব্যবস্হা নিয়ন্ত্ৰণ কৰা হয়।
দীঘল বহল বাৰ ফুটৰ এটা কোঠালিৰ ঘৰটো ইলেক্ট্ৰিচিয়ানকেইজনৰ জিৰনিৰ বাবে। ঘৰটোত সোমাবলৈ মাথো এখনেই টিনৰ মজবুত দৰ্জা। বতাহৰ বাবে তিনিখন খিড়িকি। তাৰকে আদি কৰি অলপ বৈদ্যুতিক সৰঞ্জাম আছিল। ঘৰটোৰ ভিতৰত মাথো দুখনেই বিচনা। খাই বৈ আহি ডিউটিৰ ইলেক্ট্ৰিচিয়ান কেইজনে আৰাম কৰে। কামটো বিশেষ নাথাকেই মাথো বিদ্যুৎ যোগান ঠিকমতে চলিছে নে নাই চাই থাকিব লাগে।
চান্টুৰ সেই মাহটো নাইট ডিউটি পৰিছিল। প্ৰতিদিনেই দুজনকৈ চিফ্টত থাকে। মাথো ৰবিবাৰেহে এজন থাকিব লাগে। কিয়নো ৰবিবাৰে প্ৰজেক্টৰ কাম বন্ধ থাকে। ৱৰ্কাৰবোৰে সেইদিনা জিৰনি লয়। সেইকেইদিন চান্টুৰ লগত গোহাই বুলি লোক এজনৰ ডিউটি পৰিছিল। তাতকৈ বয়সত ডাঙৰ মানুহজন বিবাহিত। প্ৰতি ৰবিবাৰে ডিব্ৰুগড়ৰ ঘৰলৈ যায়গৈ তেও। ঘৈনীয়েক আৰু লৰা-ছোৱালী হাললৈ মনত পৰে বোলে। চান্টুই নাইট ডিউটি বেয়া নাপায়। যিকোনো এটা সময়ত ডিউটি কৰিলেই হল। আনদিনাৰ দৰে সেইদিনাও ঘৰত ভাতসাজ খাই বাইকখন লৈ কৰ্মস্হলীলৈ আহিলে সি। ঘৰৰ পৰা পোন্ধৰ কিলোমিটাৰ আতৰত কৰ্মস্হল। তাৰ কৰ্মস্হলীৰ পৰা তিনি কিলোমিটাৰ আগত হেড অফিচ। নিতৌ হেড অফিচ পাৰহৈ নদীৰ পাৰৰ অফিচটোলৈ যাওতে এখন শ্মশান পাৰ হৈ যাব লাগে। জলবিদ্যুৎ প্ৰকল্পৰ লাইটঘৰ। সকলো সময়তে চৌদিশ পোহৰ হৈ থাকে। ৰাতি ফেৰফেৰীয়া বতাহ বলি থাকে। ডিচেম্বৰৰ ৰাতি। লেডাৰ জেকেট এটা পিন্ধি চান্টু বিছনাখনত বাগৰি মোবাইলটো পিটিকি আছিল। কৰিবলৈ কাম একোৱেই নাই। মেচিনবোৰ ঠিকেই চলি আছে। ৰাতিবাৰৰ ৰাতি¸ লগৰীয়াজন নাই। ৱৰ্কাৰবোৰেও কাম কৰা নাই। ডাটা অন কৰি গেলেক্সী স্মাৰ্টফোনটোত ফেচবুক কৰি আছিল সি। বিশ্বায়নৰ যুগত প্ৰযুক্তি বহুত আগবাঢ়ি গৈছে। আজিকালি ব’ৰ হৈ থাকিব নালাগে। লগৰবোৰৰ লগত সি চাটিং কৰি আছিল। টোপনি ধৰা নাই। চাৰে দহ বাজিছেহে। হঠাতে দৰ্জাখনত কোনোবাই তিনিবাৰ ঠপৰিয়াই দিলে। ভিতৰৰ পৰা মোটা লোহাৰ ৰদ এডালেৰে সি দৰ্জাখন ঠিলা লগাই থৈছিল। ঠেলিলে খোলা নাযায়। উঠি গৈ ৰদডাল আতৰাই সি আকৌ ফেচবুকত সোমাই পৰিল। চাগে কোনোবা আহিছে। হয়তো গোহাই দা ডিউটিলৈ আহিছে। মোবাইল পিটিকি থাকোতে সি পাহৰিয়ে গৈছিল যে সেইদিনা ৰবিবাৰ। কোনো ডিউটিলৈ নাহে।
: গোহাই দা¸ অ’ গোহাই দা
- পোন্ধৰমিনিট মানলৈ কোনো সোমাই নহা দেখি সি চিঞৰি মাতিলে। নাই¸ কোনো উত্তৰ নাই। দৰ্জাখন এতিয়াও জপোৱাই আছে।
চাগে প্ৰস্ৰাব কৰিব গৈছে। অলপ পিছতে ভিতৰ সোমাবহি। - সি ভাবিলে। বহু দিনৰ মুৰত পুৰণি বান্ধবী এজনীয়ে ইনবস্কত মেচেজ কৰিছিল। তাইৰ লগত কথাপাতি থাকোতেই সি মছগুল হল যে সময়ো পাহৰি গল। ইতিমধ্যে এঘন্টা পাৰ হল। ছোৱালীজনী অফলাইন হৈ গল।
চান্টুৰ হঠাতে মনত পৰিল¸ ইমান দেৰিলৈকে গোহাইদা সোমাই অহা নাই যে। কেতিয়াবাই আহিছিল। প্ৰস্ৰাব¸ শৌচ কৰিলেও ইমান সময় নালাগে। অলপ আচৰিত হল সি।
: গোহাই দা¸ অ’ গোহাই দা¸ …
- আকৌ মাতিলে সি। নাই¸ এইবাৰো কোনো উত্তৰ নাই। বাহিৰত এবাৰ চাবলৈ বুলি সি বিচনাৰ পৰা নামিল।
কিন্তু ই কি! দৰ্জাখন খুলিব পৰা নাই যে! আচৰিত হল সি। লোহাৰ ঠিলাডাল খুলি দিলেতো দৰ্জাখন বতাহ লাগি খুলি যায়। ইমান জাম হল যে। প্ৰচণ্ড শক্তিৰে কেইবাবাৰো ভিতৰলৈ টানিলে সি। নাই¸ অসম্ভব! ভাগৰি পৰিল সি। পাহুৱাল ডেকা এজনে সামান্য দৰ্জা এখন খুলিব নোৱাৰি ভাগৰি পৰিল।
ৰাতি ঠাইখিনি জয়াল হৈ পৰে। দুৰ দুৰলৈ জনশূণ্য হৈ পৰে। নদীৰ পাৰত ৰাতিলৈ আহিবনো কোন!
অলপ দুৰত ওখ পাহাৰখন। বহুবছৰ আগতে হেনো গাড়ী এখন পাহাৰৰ ওপৰৰ পৰা বাগৰি আটাইকেইজন আৰোহী মৃত্যুমুখত পৰিছিল। ৰাতিলৈ নদীৰ পাৰত বিভিন্ন মানুহ অসুবিধাৰ সমুখীন হয় বুলি সি শুনিছিল। হলেও এইবোৰ বিশ্বাস কৰা নাছিল সি। বিজ্ঞানৰ ছাত্ৰ হিচাপে সি যুক্তিবাদী। মানুহৰ মুখত শুনা ভৌতিক¸ অযুক্তিকৰ কাহিনীবোৰ সি বিশ্বাস নকৰে। তাৰ লগৰকেইজনৰ অবস্হা দেখি হাঁহি উঠিছিল। ৰবিবাৰে ৰাতি অকলে ডিউটি কৰিবলৈ সিঁহতৰ ভয় লাগে। সেয়েহে সিয়েই ৰবিবাৰবোৰত ডিউটি কৰিবলৈ গাত পাতি লৈছিল। সৰুৰে পৰা সি অত্যন্ত সাহসী।
চান্টুৰ হঠাতে মনত পৰিল¸ আজি দেখোন ৰবিবাৰ। গোহাই দা ডিউটিলৈ নাহে। বুকুখন চিৰিংকৈ উঠিল তাৰ। মানুহৰ মুখত শুনা কথাবোৰ মনত পৰিল। ইতিমধ্যে চাৰে বাৰ বাজি গৈছে। টানকৈ প্ৰস্ৰাবো লাগিছে তাৰ। কিন্তু দৰ্জাখন খুলিব পৰা নাই। চোৰ-ডকাইটৰ পৰা সুৰক্ষাৰ বাবে ধাৰাল ডেগাৰ এখন বিচনাৰ তলত ৰাখিছিল সি। ভয়তে সেইখন হাতত লৈ সি দৰ্জাখনৰ কাষত থিয় হল।
: অই ¸ কোন হয়! মানুহ ভুত যিয়েই নহও কিয় ভিতৰলৈ সোমাই অাহ। মিছাতে ভয় খুৱাবলৈ নাহিবি। বাপেৰক চিনি পোৱা নাই।
- ডেগাৰখন টানকৈ মুঠি মাৰি ডবিয়াই উঠিল সি।
নাই¸ একো সাৰসুৰ নাই। দৰ্জাখন এতিয়াও খুলিব পৰা নাই। পেন্টতে তাৰ প্ৰস্ৰাব ওলাও ওলাও। দৰ্জাখনৰ বিপৰিত দিশত¸ গোহাইদাৰ বিচনাৰ কাষৰ খিৰিকিখনৰ ৰ’দ এডাল বেকা হৈ আছিল। অকমান ফাক কৰিলেই মানুহ এটা অনায়াসে পাৰ হব পাৰে। সি কামত সোমোৱাৰ আগৰ পৰাই ৰদডাল বেকা। কোনে কেতিয়া¸ কিয় বেকা কৰিছিল সি নাজানে।
চান্টুৰ মুৰত বুধি এটা খেলালে। গাৰ সমস্ত শক্তিৰে ৰদডাল বেকা কৰি ডেগাৰখন হাতত লৈ বাহিৰ ওলাল সি। নাই¸ দেখাত পৰুৱা এটাও নাই। ফেৰফেৰীয়া হাড়কপোৱা বতাহজাক বলি আছে। বহুতো লাইটৰ পোহৰেৰে ঠাইখিনি দিনৰ দৰে হৈ আছে। প্ৰস্ৰাব কৰি দৰ্জাখন চাবলৈ ঘুৰি আহিল সি। দেখা পাই তাৰ চকু বহল হৈ গল। দৰ্জাখন সম্পুৰ্ণ খোলা। সৰ্বশক্তিৰে খুলিব নোৱাৰা দৰ্জাখন কেনেকৈ নিজে নিজে খুলি গল ভাবি একো উৱাদিহ নাপালে সি। তাৰ গাটো কপি উঠিল। ইতিমধ্যে নৈৰ ফালৰ পৰা অলপ দুৰৰ পৰা কিবা কিবি শব্দবোৰ ভাহি আহিছে।
: নাই¸ ইয়াত আৰু এক মুহুৰ্ত থকাটোও উচিত নহব! কোনোদিন ভয় নোখোৱা চান্টুৰ ভয় লাগিল। বুকুখন কপি উঠিছে তাৰ। প্ৰথমবাৰৰ বাবে শুনা কথাবোৰ সচা যেন লাগিল তাৰ। ভয়ে ভয়ে ঘৰটোত সোমাই বাইকখন উলিয়ালে সি। ডেগাৰখন সমুখত লৈ তীব্ৰ বেগত ৰেচ পকালে সি। ঘৰৰ দৰ্জাখন মেল খায়ে আছে। যেনেকৈয়ে নহওক ইয়াৰ পৰা সোনকালে আতৰি যাবগৈ লাগে। পাঁচশমিটাৰমান গৈয়ে শ্মশানখন।। ৰাষ্টাৰ কাষতে প্ৰকাণ্ড আমজোপা। দুৰৰ পৰাই দেখিলে সি¸ বুঢ়া মানুহ এজনে তাক চিগনেল দিছে। অকলশৰীয়া মানুহজন পথৰ মাজত ৰৈ আছে। ধুতি চোলা পৰিহিত মানুহজনৰ চুলিখিনি সম্পুৰ্ণৰূপে পকা। তীব্ৰবেগত গৈ থকা চান্টুৱে মানুহজনৰ কাষেৰে পাৰ হৈ গল। আশীৰ ওপৰত চলোৱা পালচাৰখন ঘপককৈ ৰখোৱা সম্ভব নাছিল। মানুহজনক এৰি এশমিটাৰমান যোৱাৰ পিছত বাইকখন ৰখালে সি। বুঢ়া মানুহজন চাগে বিপদত পৰিছে। এই ৰাতিখন তেওক অকলে এৰি যোৱা উচিত নহব। বাইকখন ঘুৰাই মানুহজনক পিকআপ কৰিবলৈ উভতি আহিল সি।
এইবাৰ সি বাৰুকৈয়ে আচৰিত হল। হথাতে মানুহজন ক’ত অদৃশ্য হৈ গল! দুৰ দুৰলৈ চাৰিওফালে একো নাই।
নিউ নিউকৈ শ্মশানৰ পৰা কিহবাই মাতি আছে। ভয়তে বাইকখন ঘুৰাই ৰেচ পকাই দিলে সি। ঘন্টাত এশবিশ কিলোমিটাৰ স্পীডত পালচাৰখনে ৰাষ্টা ফালি আগবাঢ়িল। আগত যিয়েই পৰক¸ খুণ্ডিয়াই থৈ যাম। ভাবিলে সি। মেইন ৰোডলৈ ঠাইখিনি নিৰ্জন। ৰাতি গাড়ী মটৰ একো নচলে। জোৰকৈ হেন্দেলত মুঠি মাৰি বাইকখন লৈ গল সি। অলপ দেৰিৰ পিছত মেইনৰোড পাই উশাহটো ললে সি। ঘড়ীটো চালে¸ সময় তেতিয়া চাৰে তিনি বাজিছে।।
# সেইদিনা কিয় তেনে হৈছিল!
তেতিয়া মাৰ্চ মাহৰ শেষৰ এটা দিন। হয়তো ৩০ বা ৩১ তাৰিখ। ইয়েৰ এণ্ডিং চলি আছিল। ক্লোজিং¸ বেলেঞ্চশ্বীট আদি বহুতো কাম। বিশেষকৈ কৰ্পোৰেট খণ্ডৰ কৰ্মচাৰীয়ে ভালকৈ বুজে ইয়েৰ এণ্ডিংৰ দুখ। কাম সামৰে মানে ৰাতি এপৰ হয়গৈ। সেইদিনাও ৰাতি ডেৰ বাজি গৈছিল। খ্ৰীষ্টানবস্তি অফিচৰ পৰা ওলাই ঘৰলৈ যাবলৈ ওলাইছিল ধ্ৰুবদা। বেলতলা লক্ষ্মী মন্দিৰত ভাড়া ঘৰ। ইতিমধ্যে বৌয়ে চাগৈ মাইনাজনীক শুৱাই ৰৈ আছিল। মাৰ্চৰ সমষ্যাটো তেও জানে। সদায় দেৰি হয়। অলপ চিন্তা হলেও বিশেষ ভয় নকৰে তেও। ওলোৱাৰ সময়ত প্ৰায়েই সহকাৰীজনক দ্ৰপ কৰি যোৱাতো তেওৰ ৰুটিনৰ নিচিনা। সহকাৰী বাইক নাই। দেৰি হলেই সহকাৰীজনক হেঙেৰাবাৰীৰ কাঞ্চন নগৰত দ্ৰপ কৰে ধ্ৰুবদাই। সেইদিনাও গৈছিল। সহকাৰীজনক ঘৰত নমাই উভতি আহোতেই বাট হেৰালে তেওৰ। তিনি চাৰিবাৰ বাইকখন লৈ ইফালে সিফালে ঘুৰি থাকিল। সকলোবোৰ ঠায়েই যেন একেই। বাৰে যাত্ৰা আৰম্ভ কৰা ঠাইখিনি পাইহি তেও। ইতিমধ্যে বৌৰ চিন্তাত অবস্হা। দুবাৰো ফোন কৰিলে। কোনোদিনেই মানুহজনে ইমান দেৰি নকৰে। তেতিয়া ৰাতি আঢ়ৈ বাজি গৈছিল। ধ্ৰুবদা ও চিন্তিত হল। কি হল আজি! সদায় অহা বাটতো আজি কিয় ভুল হল! তেওতো ড্ৰিংক নকৰে। অবশেষত গুগল মেপখন উলিয়াইহে কেনেবাকৈ গণেশগুৰি পালে তেও। ইতিমধ্যেই তিনি বাজি গৈছিল।
তেও আজিও নুবুজিলে সেইদিনা কিয় তেনেকুৱা হৈছিল।
মই কি কম! বিজ্ঞানে কিছুমান কথা নামানে!!

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib