Now you can Subscribe using RSS

Submit your Email

Monday 12 June 2017

আত্মা অবিনাশী

Unknown


আজি ধ্ৰুবদাই ফোন কৰিছিল। এবাৰ ৰাতি পৰুৱাই পাইছিল হেনো তেওক। চুপাৰ মাৰ্কেটত সেইজনীক লগ পাইছিল ৰাতি আঢ়ৈ বজাত। ডিচেম্বৰৰ হাড় কপোৱা ঠাণ্ডাতো পাতল শাৰীখন পিন্ধি ৰাষ্টাৰ কাষত ৰৈ আছিল। তেও অলপ আচৰিত হৈছিল। নানানটা খু-দুৱনি লৈ তেও বাইকেৰে পাৰহৈ গৈছিল। মই জানো সেইজনী মানবী নাছিল। বহুবছৰ আগতে যুবতী এজনীৰ মৃতদেহ তাত উদ্ধাৰ হৈছিল। কথাটো বহুবাৰ শুনিছো। কিন্তু বিশেষ গুৰুত্ব দিয়া নাছিলো।
আত্মা নমৰে। আত্মা অবিনাসী। অতৃপ্ত আত্মাবোৰ ৰৈ থাকে। বিশেষ ক্ষণত সিহঁতে দেখা দিয়ে। মই বিশ্বাস কৰো।
জয়াবাৰ কাহিনীটো আকৌ এবাৰ জুকিয়াই ললো। কথা দিছিলো লিখিম বুলি।
সেই সময়ত মিৰ্জা আজিৰ দৰে উন্নত নাছিল। একো সুবিধা নাছিল। ঠেক ৰাষ্টা-ঘাট আছিল। এজাক বৰষুণতে এআঠু বোকা হৈছিল। ষ্ট্ৰীট লাইট নাছিল। সঘনে কাৰেন্ট গৈছিল। সন্ধিয়া হলেই আন্ধাৰত নিমজ্জিত হৈছিল অঞ্চলটো।
যিখিনি ঠাইত আমাৰ ঘৰটো আছিল¸ সেইবোৰ ঠাই হেনো আগতে শ্মশান আছিল। পিছত শুনিছিলো। পিতনিবোৰ পুতি মানুহবোৰে ঘৰ সাজিছিল। এহ নকও দিয়া¸ তুমি বিশ্বাস নকৰিবা।
- ইমানখিনিলৈ কৈ ৰৈ গৈছিল বা জনী।
বা কওকচোন। মই বিশ্বাস কৰিমতো।
- কৈ উঠিছিলো মই। শুনিবলৈ আগ্ৰহী হৈ পৰিছো।
কিছুদিনৰ পৰা অপ্ৰাকৃতিক শক্তিৰ আলোচনা কৰিছিলো। মই বিশ্বাস কৰো। জোৰকৈ কাৰো ওপৰত ধাৰনাটো জাপি দিব নোখোজো। মাথো এটা ৰিভিউ লব খুজিছিলো
কিছুমান কথা কব মন যায়¸ কিন্তু কোনেও বিশ্বাস নকৰিব বুলি কব মন নাযায়। ভয় লাগে কিজানি হাঁহিয়াতৰ পাত্ৰ হও।
- কও নকওকৈ বা জনীয়ে কৈ উঠিছিল।
কবচোন বা। কোনেও বিশ্বাস নকৰিলেও আমি কৰোতো।
- মই কৈ উঠিছিলো। নিজে চাৰিবাৰকৈ মুখামুখি হৈছো। সেয়াকৈ সম্পুৰ্ণ সুস্হ অবস্হাত। চকামকাকৈ নহয়তো।
নাজানোদেই সেইবোৰ কি আছিল। বহু ভাবিও আজিলৈ একো উত্তৰ নাপালো। - কৈ উঠিছিল তেও
তেতিয়া ফাগুন মাহ। মিৰ্জাত পানীৰ বৰ হাহাকাৰ হৈছিল সেইবেলি। খৰাং¸ নৈ বিলৰ পানী কমি গৈছিল। কুৱাবোৰৰ তলি ওলাই গৈছিল। এটুপিও পানী নাই। আমাৰ ঘৰৰ অলপ আতৰত দমকল এটা আছিল। ধনী মানুহ এঘৰে নতুনকৈ বহাইছিল। আমাৰ বাৰী পাৰহৈয়ে তেওলোকৰ ঘৰতো। মাজতে এখন কাইটীয়া তাৰৰ বেৰ। আমি নঙলাৰে ঘুৰি যাব লাগে। বেৰ খনৰ অলপ আতৰতে আমাৰ পুৰণি বগৰীজোপা আছিল। স্কুলৰ পৰা আহি নিতৌ আমি দমকলৰ পৰা পানী আনোগৈ।
মোৰ সম্পৰ্কীয় দাদাজনে বেৰাখন পাৰহৈ দমকলৰ পৰা পানী আনে আৰু ইপাৰৰ পৰা মই ঘৰলৈ কঢ়িয়াই আনো। আমাৰ বাৰীতো আকৌ বৰ ডাঙৰ। বাৰীৰ তলিৰ পৰা চিঞৰিলে ঘৰৰ পৰা নুশুনিয়েই। সন্ধিয়া হলেই মোৰ অলপ ভয় লাগে। দাদাজন আকৌ বিৰাট সাহসী।
সেইদিনা লক্ষ্মী চিনেমাহলত চিনেমা চাব গৈছিলো সকলোৱে। নতুন অসমীয়া চিনেমা। ঘুৰি আহোতে দেৰী হল। ঘৰত খোৱা পানী নাই। ইপিনে বতৰটোও বেয়া কৰি আনিছে।
: অই¸ তই এতিয়া যাব নালাগে। ময়ে আনোগৈ দে।
- মোক যাব নিদি দুয়ো হাতে দুটা বাল্টি লৈ দাদা গলগৈ। কিন্তু অলপ পিছতে সি উধাতু খাই ঘৰলৈ দৌৰি আহিল। মুখত তাৰ মাত নাই। ভয়তে পুৰা কপি আছে। সকলোৱে সুধি আছিল¸ কি হল কি হল।
অলপ পিছত কলে সি¸ সি বাল্টি দুটা ভৰাই আহি আছিল। এন্ধাৰ হৈছিল। বৰষুণৰ আগজাননী দি বতাহ জোৰকৈ বলিছিল। চিকিমিকি মাৰি আছিল। বেৰখন পাৰহৈ থিক বগৰীজোপাৰ তল পাইছিল সি। ঠিক মই যেন ছোৱালী এজনীয়ে তাক আগভেটি ধৰিলে।
: তই আকৌ কিয় আহিলি? আহিবলৈ মানা কৰিছিলো মই।
- সি মই বুলিয়ে ভাবিলে। একো নকৈ তাই হাত এখন আগবঢ়াই দিলে। সিয়ো বাল্টি এটা তাইৰ হাতত দিলে।
এনেতে ধেৰেকণি মাৰিলে। পোহৰ পৰাত তাই অদৃশ্য হৈ গল। যৰে বাল্টি তাতে এৰি সি একে দৌৰে ঘৰ পালেহি। তাৰপিছত তাৰ ভীষণ জ্বৰ। তিনিদিনমান পিছত তাবিজ এটা দিয়াতহে ভালপালে।
মোৰ মাকো বোলে কিহবাই লম্ভিছিল। মা তেতিয়া নতুন। আমি জন্মই হোৱা নাই। এদিন মাজৰাতি উঠি গৈ বাৰীৰ তলিৰ পাইখানা পাইছিলগৈ। মায়ে হেনো একো গমেই নাপায়। দৰ্জাখন গাত লগাতহে সম্বিত ঘুৰি আহিছিল। ভয়তে ঘুৰি আহি শুই আছিল মা।
সেইদিনা ৰাতি টোপনি অহা নাছিল। কিহবাই যেন মাতি নিছিল। মন্ত্ৰমুগ্ধ হৈ গৈছিল তেও। উভতি আহোতে যেন কিহবাই টানি ধৰা যেন লাগিছিল।
আৰু এদিন ৰাতি হঠাতে বৰষুণ দিছে¸ কাপোৰবোৰ সামৰোগৈ বুলি ওলাই যাব খুজিছিল তেও। দেউতাই চাই দেখে যে বৰষুণ নাই। তেতিয়াৰ পৰা দেউতাই মাক সমুখৰ ফালে শুব দিয়া নাছিল।
মোৰ খুড়ীমা এজনীক কিহবাই ধৰিছিল। গধুলি হলেই তেও থকা ঠাইলৈ কেচুমতা দলিয়াই। কতো থাকিব নোৱাৰে। মোৰ খুড়াজন প্ৰফেচাৰ। এইবোৰ বিশ্বাস নকৰে। কোনোবাই বদমাছি কৰা বুলি তেও বাহিৰত চাবলৈ ৰৈ আছিল। হঠাতে হেনো কোনোবাই খুড়াক গোৰ মাৰি পেলাই দিছিল। ঘুৰি চাই দেখে যে কোনো নাই। ভয়তে খুড়াই পিছদিনা বেজ এজনক মাতিছিল। বেজে কৈছিল¸ কেতিয়াবা বেয়া ঠাইৰে পাৰ হওতে খুড়ীমা নজৰত পৰিছিল।
আমি সৰু থাকোতেই মায়ে আমাক এৰি গলগৈ। ব্ৰেইন টিউমাৰ হৈ ঢুকাইছিল তেও।
- কৈ কৈ বা জনীয়ে চকুদুটা মোহাৰি লৈছিল। হয়তো তেওৰ দুচকু সেমেকি উঠিছিল। হুমুনিয়াহ এটা ওলাই আহিছিল তেওৰ।
সেইবেলি বাৰ দেউতাকৰ মুৰৰ বিষ হৈছিল। অসহ্য বিষ। মানুহজনে কতো শান্তি নাপায়।
: হে ভগবান¸ তেখেতৰ বিষটো মোকেই দিয়া। তেও ভাল হওক সোনকালে।
- পতিব্ৰতা নাৰীগৰাকীৰ প্ৰাৰ্থনা প্ৰাৰ্থনা ভগবানে শুনিছিল। আচৰিতভাবে ভাল পাইছিল তেও। তাৰ পিছতেই মাকৰ অসুখ। ব্ৰেইন টিউমাৰ হৈ ঢুকাই থাকিল।
এসোপা চিন্তা লৈ¸ দুখ লৈ মানুহজনী গলগৈ। লৰা-ছোৱালী দুটা সৰু হৈয়ে আছিল। মাথো অলপ বুজা হৈছিল। সেইবেলি ৰামপুৰৰ তীৰ্থযাত্ৰী বাছ এখন বৰদোৱা দৰ্শন কৰিবলৈ যাওতে কলঙত দলংৰ পৰা পৰি সলিল সমাধি ঘটিছিল। একেটা পৰিয়ালৰে ষোল্ল জনকৈ মানুহৰ মৃত্যু হৈছিল।
: জানা¸ আমাৰ এটাহে মৰিছে। এক্সিডেন্টত কাৰোবাৰ এটা পৰিয়াল শেষ হৈ গৈছে। মাৰ মৃত্যুৰ পিছত আমি তেনেকৈয়ে সান্তনা লভিবলৈ চেষ্টা কৰিছিলো।
- কওতে থোকাথুকি হৈ পৰিছিল বাৰ মাতটো।
কি কম মই! একান্ত মনে শুনি আছো। অলপ বেয়াও লাগিছিল। কম বয়সতে বাজনী মাতৃহাৰা হৈছিল।
: মা ঢুকোৱাৰ সময়ত মোৰ পোন্ধৰ বছৰ। মই ঘৰতে আছিলো। মা হস্পিটালত। সন্ধিয়া মোৰ চিলমিলকৈ টোপনি আহিছিল। মই সপোনত দেখিলো¸ মা আহিছে। মোক মৰম কৰিছে। কিবাকিবি কৈছে। গোটেই ঘৰটো ঘুৰি ঘুৰি চাইছে।
সাৰপাই ভাবিলো কি দেখিলো এয়া। কথাবোৰ একোৱেই মনত নাথাকিল। ৰাতিলৈ মাৰ শটো লৈ আহিল। ঘৰত কিযে এক অবৰ্ণনীয় পৰিস্হিতি তেতিয়া।
মোৰ গাটো সিঁয়ৰি উঠিছিল। আত্মিক সংকেটৰ বিষয়ে শুনিছো। মিডিয়াম নোহোৱাকৈয়ে টেলিপেথিৰ এটা অংশ সেয়া।
: তাৰ পিছত কি হল বা।
- ঘটনাবোৰ জানিবলৈ মই উদগ্ৰীব হৈ পৰিছিলো।
: মোবাইল ফোন দুহেজাৰ চন মানতহে অসমলৈ আহিল। তেতিয়া আমাৰ ঘৰত ফোনো নাছিল। বোধহয় মায়ে কিবাকিবি দিহা দিছিল।
- কৈ কৈ বা অলপ ৰল।
: মই কান্দি আছিলো পিছদিনা গধুলি চোফাত পৰি। তেনেকৈয়ে শুই গলো।
সপোনত আকৌ মা আহিছিল। মোক মৰম কৰি কৈছিল¸ নাকান্দিবি। মই ইয়াতে আছো। বুধবাৰে যাবিচোন¸ কুঁৱাৰপাৰত থকা কঠালজোপাত চাবি। তাতে আছো মই।’ মই চাইছিলো¸ নেদেখিলো।
- থোকাথুকি মাতেৰে কৈ আছে বায়ে। মাকলৈ মনত পৰিছে তেওৰ।
: ভোজৰ দিনা ৰাতিলৈ ভুমিকম্প আহিছিল। বহু সময়লৈ আমাৰ ঘৰলৈ লৰাই আছিল। পিছদিনাহে গম পাইছো¸ সচাকৈ ভুমিকম্প অহাই নাছিল।
এবাৰ দেউতাৰ অলপ অসুখ হওতে সপোনত দেখিছো¸ মায়ে দেউতাক নিব আহিছে। মই কান্দি কান্দি কৈছো¸ দেউতাক নিনিবি। আমি কেনেকৈ থাকিম। নিনিলে¸ দেউতা ভাল হল।
৯৭ চনত বাৰ বিয়া হৈছিল। বাৰ বিয়াৰ আগদিনা ৰাতি কোনোবাই কান্দিছিল। মাজৰাতি নঙলামুখৰ পৰা নাৰীকণ্ঠৰ কান্দোন ভাহি আহিছিল। কিজানি বাৰ মাকেই কান্দিছিল। জীয়ৰীৰ বিয়াত থাকিব নোপোৱাৰ শোকে হয়তো খুন্দা মাৰি ধৰিছিল তেওৰ বুকুত। বহু সময়লৈ উচুপি আছিল কণ্ঠটোৱে। সেইদিনা ৰাতি বাৰ টোপনি অহা নাছিল। মাকলৈ মনত পৰিছিল তেওৰ। গাৰুত মুখ গুজি তেৱো ফেকুৰী উঠিছিল।
পেণ্ডেলৰ কাম কৰা লৰা এজনেও কান্দোন শুনিছিল। মাথো মাজৰাতি উঠি যাবলৈ এলাহ লাগিছিল তেওৰ। হয়তো ভয়ো লাগিছিল।
বিয়াৰ দিনা খুড়ীমাকেই কইনা ধুৱাইছিল। জীয়াই থকা হলে মাকেই ধুৱালেহেতেন। বা ফেকুৰী উঠিছিল।
: জানা¸ ঠিক একেই কান্দোন ভাইটিৰ বিয়াৰ আগদিনা শুনিছিলো ৰাতি।
এইবাৰ ঘৰৰ ভিতৰৰ পৰা। য’ত মাৰ ফটোখন আছিল¸ তাৰ পৰাই কান্দোনটো ভাহি আহিছিল।
মায়ে সদায়ে আমাক ৰখি আছিল অ’। ঘৰখনলৈ মাৰ খুউব মৰম আছিল। পয়ত্ৰিশ বছৰ বয়সতহে মা ঢুকাইছিল।
- গভীৰ হুমুনিয়াহ এটা কাঢ়িছিল বায়ে।
আজিকালি একো নুশুনো। এতিয়া দেউতাও গলগৈ। শ্ৰাদ্ধৰ দিনা সপোনত মা আহিছিল¸ ’ আমি যাওগৈ দেই। ভালকৈ থাকিবি।’ দুয়োজনকে সুখী যেন লাগিছিল।
- থোকাথুকি হৈ পৰিছিল বাৰ মাতটো। মই দেখিছিলো¸ দুটোপাল চকুলো তেওৰ দুচকুত বিৰিঙি উঠিছিল।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib