Now you can Subscribe using RSS

Submit your Email

Monday, 12 June 2017

অশৰীৰি উপদ্ৰপ

Unknown

ন্ধাৰত নিমজ্জিত হৈ আছে ঘৰটো। বাইলেনটোৰ একেবাৰে শেষৰ ঘৰটো হেনো জয়াল। আজিলৈকে কোনো ভাৰাতীয়াই এদিনতকৈ বেছি দিন থাকিব পৰা নাই। প্ৰায় কেইবামাহো এনেয়ে পৰি আছে। মহানগৰীৰ মাজমজিয়াত এনে ঘৰ থকা বুলি শুনি আচৰিত হৈ গৈছিলো। মোৰ বন্ধু এজনে কৈছিল ঘটনাটো। বন্ধুৰ বায়েক¸ ভিনিহিয়েকে সস্তাতে পাই ঘৰটো ভাড়ালৈ লৈছিল। কিন্তু এটা ৰাতিতে ভয়াবহ সমষ্যাৰ সমুখীন হৈ বোলে দুমাহৰ এডভাঞ্চ ভাড়া এৰি গুছি আহিবলৈ বাধ্য হল। 
কথাটো শুনিয়েই ৰোমাঞ্চিত হৈ পৰিছিলো। পেৰা চাইক’লজিৰ ছাত্ৰ হিচাপে এনেবোৰ ঘটনাৰ অনুসন্ধান কৰাটো মোৰ চখ। ভৌতিক শক্তিৰ মুখামুখি কেইবাবাৰো হৈছো¸ কিন্তু সেয়া অলপ সময়ৰ বাবেহে। আজিলৈ একো প্ৰমান বৰ্হি:বিশ্বক দিব পৰা নাই। বহু মানুহেই ভৌতিক অস্তিত্ব স্কীকাৰ নকৰে। ভৌতিক শক্তি বিশ্বাস কৰা বাবে বহুতে আমাক বেয়াকৈয়ো কয়। বেয়া পোৱাৰ কথা নহয়। কিন্তু সত্য এটাক মানিব নোখোজা কথাটোতহে যুক্তি নেদেখো।
ইচ্ছা কৰিলে প্লেনচেট¸ টেলিপেথিৰ মাধ্যমেৰে ভৌতিক শক্তিৰ দৰ্শন কৰাব পাৰো¸ কিন্তু কথাবোৰ অলপ ৰিস্কি। ভয় খালে মিডিয়ামৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাবনা। ইমানখিনি সাহস মোৰ নাই। অস্তিত্ব বৰ্হি:বিশ্বক দেখুৱাৰ নামত কাৰো জীবন বিপন্ন কৰিব নোৱাৰো।
ঘটনাটো শুনিয়েই ভাবিছিলো¸ নিজাকৈ তদন্ত এটা কৰিম। বন্ধুৰ পৰা এড্ৰেছটো লৈ পিছৰ দেওবাৰে ওলালো। বন্ধু এজনক লগত লৈ।
ঘৰটোৰ মালিক ঘোষবাবু এজন ভদ্ৰলোক। ঘৈনীয়েকৰ লগত বেলতলাত ফ্লেটত থাকে। একমাত্ৰ লৰাটো আমেৰিকাত থাকে। চফটৱেৰ ইঞ্জিনিয়াৰ।
আমি ভাড়ালৈ লব বিচৰা শুনি তেও উচপখাই উঠিল। আমাক লৰামতীয়া চেহেৰাৰ দেখিয়েই নেকি তেও দিবলৈ অমান্তি হল।
: চোৱা ভাইটি¸ মিছা নকও। মোৰ ঘৰটো হান্টেড। অশৰীৰিৰ উৎপাতত আমি নিজেই ফ্লেট কিনি ইয়াত আছোহি। বহু ভাড়াতীয়াই আহি এদিনো থাকিব নোৱাৰিলে। বেজ মাতিও সুফল পোৱা নাই। টকা মোক নালাগে। ভগবানৰ কৃপাত লগাখিনি আছেই।
- বুজিলো¸ আমাৰ বিপদ হয় বুলি তেও মন কৰা নাই। মিছা কথা কৈ ঘৰটো লব নোৱাৰিম। সচা কথাটো কৈ দিলো।
বহুসময় তেও ভেবা লাগি মোৰ মুখলৈকে চাই ৰল। হয়তো কথাটো বিশ্বাস কৰিব পৰা নাই। বহুতো ভৌতিক কাহিনীত বয়সীয়াল লোক সকলেহে ভুত-অশৰীৰিৰ সন্ধান কৰে বাবে হয়তো সাতাইছ বছৰীয়া আমাক পেৰাচাইক’লিষ্ট বুলি মানিব টান পাইছে।
: আংকল¸ আপুনি চিন্তা নকৰিব। আমি দুয়োজন একেলগে যাম। লগতে ৰেচকিউ টীম এটা বাহিৰত থাকিবই।
অবশেষত তেও মান্তি হল। সেই সুত্ৰেই আজি আহিছো খাৰঘুলিৰ এই ঘৰটোলৈ।
ঘৰটোত পৰিয়াল এটা আছিল। গিৰিয়েক ঘৈনীয়েক আৰু খুলশালীয়েক। একেদিনাই তিনিও আত্মহত্যা কৰিলে। মুল ঘটনা এতিয়াও ৰহস্য। মানুহবোৰে কব খোজে¸ খুলশালীয়েকৰ লগত অবৈধ সম্পৰ্ক থকাৰ ফলতেই ঘৈনীয়েকে দুয়োকো হত্যা কৰি অাত্মহত্যা কৰিলে। তিনিও হেনো একেটা কোঠাতেই চিপ লৈছিল।
ভিতৰুৱা কাৰণ কোনেও কব নোৱাৰে। তিনিবছৰমানৰ পৰা ঘৰটো পৰি আছে। আগতে দুমহলীয়া ঘৰটোৰ তলৰ মহলাত মালিক আছিল। কিন্তু ওপৰৰ পৰা হোৱা ভয়ংকৰ শব্দ¸ কাৰ্য্যকলাপত থাকিব নোৱাৰি ফ্লেট কিনি থাকিবলৈ ললে।
দুদিন পিছত দুপৰীয়া ঘৰটোলৈ আহিলো আমি। টিলা এটাৰ ওপৰত সুন্দৰ দুমহলীয়া ঘৰটো। বোধকৰো সমুখত এখন ফুলনি আছিল। এতিয়া নাই। ঘাহ¸বন জংঘলেৰে ভৰি পৰিছে। ঘৰটোৰ পিছফালে থিয় পাহাৰখন। সোফালে ঘৰৰ চাদৰ পৰা ব্ৰক্ষ্মপুত্ৰখন দেখা পাই। জনবসতি অলপ পাতল। বহুদিনৰ মুৰত ঘৰটোৰ দুৱাৰ খিৰিকিবোৰ খোলা দেখা পাই চবুৰীয়াবোৰ ডিঙি মেলি চাইছে। বুজিলো¸ ঠাইখিনিত ঘৰটো হান্টেড হাউচ বুলি পৰিচিত।
কেইবামাহো ঘৰটো খালি হৈ পৰি থকা বাবে ধুলি বালি মকৰা জালেৰে একাকাৰ হৈ পৰিছে। অলপ চাফচিকুন কৰি কোনোমতে থাকিব পৰা ব্যবস্হা কৰিলো।
: ইমান ধুনীয়া ঘৰটো হান্টেড বুলি ভাবিবও বেয়া লাগে। আস কি ধুনীয়া পৰিবেশ।
- চাদৰ ওপৰত থিয় হৈ আচৰিত হৈ যাও মই। জোনাক ৰাতি কি যে মোহনীয়া পৰিবেশ এটা হব। সম্পুৰ্ণ প্ৰাকৃতিক পৰিবেশ।
: বিয়াৰ পিছত ঘৈনীয়েৰক লৈ তই ইয়ালৈ হনিমুনত আহিবি।
- হাঁহি মাৰি কৈ উঠিল দিগন্তই।
হো হোৱাই হাঁহি দিলো দুয়ো।
দিগন্ত লৰাটো খুউব সাহসী। কলেজৰ পৰাই দুয়ো একেলগে পঢ়িছো। ভৌতিক কাহিনীৰ প্ৰতি থকা আকৰ্ষনৰ বাবেই মোৰ অভিযানবোৰত সি সহযোগী হয়।
: ঘৰটো ভাল হলে কথাটো ভাবিব পাৰি! মালিকে আকৌ দিয়ে নে নিদিয়ে বা।
- কৌতুক পুৰ্ণতাৰে কৈ উঠিলো।
: আহিব তোৰ ঘৈনীয়েৰে। যিহে ভয়। হনিমুনত ইয়ালৈ আনিবি বুলি গমপালে বিয়াই নহব বেং।
- হো হোৱাই হাঁহি কৈ উঠে সি। ময়ো হাঁহি দিও।
স্নেহা মোৰ প্ৰেয়সী। ইতিমধ্যেই ৰিং চেৰিমনি হৈ গৈছে আমাৰ। কিন্তু এই ভুত-প্ৰেতলৈ তাইৰ বিৰাট ভয়। মোৰ আকৌ মানুহলৈহে ভয়। মোৰ এডভেঞ্চাৰপুৰ্ণ হবীতো তাই চকুপাৰি দেখিব নোৱাৰে। কৈয়েই দিছে¸ বিয়াৰ পিছত মোৰ পেৰানৰ্মেল ইনভেষ্টিগেচন সমাপ্ত।
সন্ধিয়া হোৱাৰ লগেলগে ঘৰৰ লাইটবোৰ জলাই দুয়ো দ্ৰয়িংৰুমত বহিলো। মুঠ বাৰটা কোঠালিৰ ডাঙৰ ঘৰ। দুয়োৰে হাতত দুটা তিনি বেটাৰীৰ ডাঙৰ টৰ্ছ। কাৰেন্টৰ ভৰসা নাই। ইতিমধ্যেই কেন্দেল এপেকেট আনি থৈছো। কেননৰ ডিজিটেল কেমেৰাটো অন কৰি থৈছো সমুখৰ টেবুলখনত। গৰম দিন। সন্ধিয়াৰ সাত বজাত গধুলিহে হয়। অলপ আগতে দুয়ো উজানবজাৰৰ ৰেষ্টুৰেন্টত পেট ভৰাই খাই আহিছো যেতিয়া চিন্তা নাই। এতিয়া মাথো আমাৰ অপেক্ষা।
নিশা গভীৰ হৈ আহিছে। ঠাইখিনি পুৰা জয়াল হৈ পৰিছে। এটা মাখি পৰুৱাৰো উপস্হিতি নাই। আমাৰ দুয়োৰে কাৰো মুখত মাত নাই। মাথো হাতৰ ঘড়ীত সময়তো চাই গৈছো। ইতিমধ্যেই এঘাৰ বাজি গৈছে। যিকোনো মহুৰ্ততে ওলাবহি পাৰে।
দিগন্তক চিলিং ফেনখনৰ তলৰ পৰা আতৰি অলপ দুৰত বহিলো। বন্ধনীৰ বাবে কোনো অশৰীৰিয়ে আমাক স্পৰ্ষ কৰিব নোৱাৰিলেও যিকোনো মাধ্যমেৰে আক্ৰমনৰ আশংকা নথকা নহয়।
হথাতে ধমকৈ সমুখৰ দৰ্জাখন বন্ধ হৈ গল। দিগন্তৰ ফালে চালো। মোৰ হাতখন খামুচি সি সভয়ে ৰৈ আছে।
কোঠাৰ লাইটবোৰ অন অফ অন অফ হৈ গল।
: মেউ মেউ
- ওচৰৰ কোঠাৰ পৰা মেকুৰীৰ মাত ভাহি আহিছে।
দিগন্ত আৰু মই টৰ্ছ জলাই সমুখৰ টেবুলত কেন্দেল এডাল জলাই পুনৰ টৰ্ছ অফ কৰি দিলো। কোঠাতো সামান্য পোহৰেৰে মায়াবী হৈ পৰিছে। আশা কৰিছো কোনোবাই ফু মাৰি মমডাল নুমুৱাই দিয়ক। আমি সাজু।
কিন্তু তেনেকুৱা একো নহল।
হথাতে কিট্চেনত বাচন পৰাৰ শব্দ হল। প্ৰথমে এখন¸ তাৰ পিছত ধাম ধুমকৈ দলিওৱাৰ শব্দ। কাচৰ কাপ প্লেট থুং থাং কৈ ভাঙিছে।
: আ: - হথাতে নাৰীৰ মৰণকাতৰ আৰ্তনাদ এটা ভাহি আহিল।
: দিগন্ত…- লাহেকৈ মাতিলো।
: হুম…- সিয়ো লাহেকৈ সহাৰি দিলে।
: যাবিনে?
: বল…- ঘপককৈ থিয় হল সি। এহাতত টৰ্ছ আৰু কেমেৰাতো। ময়ো থিয় হলো। সোহাতত ডেগাৰখন লৈ বাওহাতেৰে টৰ্ছটো লৈ দুয়ো আগুৱাই গলো। বাহুত মন্ত্ৰপুত তাবিজ দুটা থকা বাবে সিঁহতে ঘপকৈ আমাৰ কাষ চাপিব নোৱাৰে। আগতেও দুবাৰমান প্ৰমান পাইছো।
পাকঘৰৰ পৰা এতিয়াও দলিওৱাৰ শব্দবোৰ ভাহি আহি আছে। দ্ৰয়িং ৰুমৰ পৰা চিধাকৈ তিনিটা কোঠা পাৰহৈয়ে পাকঘৰটো। আমি গৈ পোৱাৰ আগে আগে পাকঘৰৰ শব্দ বন্ধ হল। লেতেৰা অপৰিস্কাৰ হৈ আছে পাকঘৰটো। বাচন বৰ্তনবোৰ ৰেকতে আছে। এটা কাপো ভঙা পৰা নাই। হথাতে কোনোবা দৌৰ মাৰি ওলাই যোৱা যেন লাগিল। আমিও শব্দটো অনুসৰণ কৰিলো। আহি আহি চিৰিৰ কাষত শব্দতো নোহোৱা হৈ গল। হথাতে অনুভব কৰিলো ওপৰত যেন কোনোবাই ফুচফুচাই কথা পাতিছে। গপগপাই দুয়ো চিৰি বগাই প্ৰথম মহলা পালো। এইবাৰ অলপ দুৰৰ পৰা কিবা অস্ফুট স্বৰ গেঙনি ভাহি আহিল। এনে লাগিল যেন কোনোবা কামাতুৰ প্ৰেমিক যুগল আদিম বাসনাত মত্ত হৈ আছে। কাণ উণাই দুয়ো ভৰিত সাৰে হাতত সাৰে শব্দটোৰ কাষচাপি গলো। শব্দতোৰ ক্ৰমশ কাষ চাপি আহিছো। ষ্টোৰ ৰুমৰ বাহিৰত দুয়ো ৰৈ যাবলৈ বাধ্য হলো। দৰ্জাত এটা প্ৰকাণ্ড তলা। ভিতৰৰ পৰা শব্দবোৰ আহি আছে। দিগন্তই শব্দবোৰ ৰেকৰ্ড কৰিব চেষ্টা কৰিছে। এতিয়ালৈ একো দৃশ্যই ৰেকৰ্ড হোৱা নাই। হথাতে ধমকৈ ষ্টোৰ ৰুমৰ দৰ্জাখন খোল খোৱাৰ শব্দ হল। দুয়ো উচপ খাই উঠিলো। এতিয়াও দৰ্জাখন বন্ধ। আমাৰ গাত বতাহ লগাই যেন কোনোবাই খুব জোৰেৰে দৌৰিছে এনে লাগিল। এজনে নহয়¸ কেইবাজনেও। শব্দতো অনুসৰণ কৰিবই নাপালো আট্টহাস্যত ঘৰটো কপি উঠিল। একেবাৰে বুকু কপাই দিয়া হাঁহি। অলপ সময়ৰ বাবে বুকু কপি গল। আজিৰ ঘটনাবোৰ যেন ব্যতিক্ৰম।
: ৰোহিত…- দিগন্তই লাহেকৈ মোক মাতিলে। বুজিলো¸ সিয়ো ভয় খাইছে।
অলপ সময় নিৰবতা। শান্ত পৰিবেশ। যেন একোৱেই হোৱা নাই। কি কৰিম একো ঠিক কৰিব নোৱাৰি দুয়ো একে ঠাইতে ৰৈ থাকিলো।
অলপ সময় মাথো।
: এইফালে আহক।
- হথাতে যেন কোনোবা নাৰীকণ্ঠই অস্ফুট স্বৰত মোৰ কাণৰ ওচৰত কৈ উঠিল। নিজৰ কাণখনকে বিশ্বাস কৰিবলৈ টান লাগিল। ভ্ৰম নহয়তো!
কিন্তু নহয়¸ মোৰ আগে আগে যেন কোনোবাই লাহেলাহে গৈ আছে। দিগন্তৰ ফালে চালো। খোজৰ শব্দটো সিয়ো শুনিছে। কোঠা এটাৰ সমুখত দুয়ো ৰৈ গলো। আমাৰ দুখত দুটা বগা ছায়ামুৰ্তি। যেন কিবা তৰ্কাতৰ্কি কৰিছে। একো শব্দ শুনা নাই। দুয়োটা ছায়ামুৰ্তিয়ে আমাৰ ফালে পিঠি দি আছে। তেজ গোট মাৰি গৈছে মোৰ। হয়তো দিগন্তৰো। খোলা দৰ্জাখনৰ বাহিৰত দুয়ো ৰৈ আছো। মাথো কেইফুটমান ভিতৰত এই দৃশ্য। হথাতে দুয়োটা ছায়ামুৰ্তিয়ে সমুখৰ চিলিংখনত ওলমি থাকিল। এনেতে ভিতৰৰ পৰা নাৰী এগৰাকী দৌৰি আহিল। পাগলৰ দৰে কৰি এই দুটা মুৰ্তিৰ কাষত তায়ো চিপ ললে। এক শিহৰণকাৰী দৃশ্য। গাৰ নোম থিয় হৈ যোৱা দৃশ্য। এইবাৰ স্পষ্টকৈ দেখিলো¸ এজন পুৰুষ¸ দুগৰাকী নাৰী। তিনিওৰে জিভাকেইখন বাহিৰলৈ ওলাই আহিছে¸ চকুকেইটা ডাঙৰ হৈ বাহিৰলৈ ওলাই আহিছে।
আমি যেন বেহুছ হৈ পৰি যাম। হথাতে তিনিও অদৃশ্য হৈ গল। আমাক যেন কোনোবাই গতা মাৰি ভিতৰত সুমুৱাই দিলে। ঘপকৈ দৰ্জাখন ভিতৰৰ পৰা বন্ধ হৈ গল। যেন ধুমুহাহে আহিছে কোঠাটোৰ ভিতৰত। ভয়তে দিগন্তই মোক সাবতি ধৰিছে। তাৰ হাতৰ কেমেৰা¸ টৰ্ছ পৰি গৈছে। মোৰ হাতৰ টৰ্ছটোও পৰিছে। কোনোমতে খেপিয়াই দেগাৰখন বিচাৰি পালো। ওচৰতে পৰিছিল। কিমান সময় ধুমুহা আহিছিল নাজানো। যেতিয়া সাৰ পাও পোহৰ হৈছে। কোঠাটোৰ মজিয়াত দুয়ো বাগৰি আছো। দিগন্তলৈ চালো¸ মোৰ ওচৰত সিয়ো টোপনিত লালকাল।
: দিগন্ত…দিগন্ত…
- গাত ধৰি জোকাৰি দিওতে সি উঠি বহিল। কত আছে বুজি পাবলৈ তাক অলপ সময় লাগিল।
: ৰোহিত¸ বল বল। আমি ইয়াত নোৱাৰিম।- ভয়তে উঠি দৌৰিব ওলাইছিল সি। থাপমাৰি ধৰি ৰখাই দিলো।
: ইটচ্ অভাৰ দিগন্ত। ৰাতিপুৱা হৈছে।
- মই কোৱাৰ পিছতহে যেন সি অনুভব কৰিলে দিন হৈছে।
: টোপনি কেতিয়া আহিল আমাৰ?
- আচৰিত হৈ সুধিলে সি। দুয়োখন কান্ধ ওপৰলৈ উঠাই আকৌ নমাই ইংগিত কৰিলো¸ মই নাজানো।
ইতিমধ্যে কেমেৰাটো ভাঙি চুচুৰমৈ হৈছে। ভঙা কেমেৰাতো তুলি কৈ উঠিল দিগন্তই
- ধেইৎ তেৰি একো কামত নাহিল।
হতাশ হৈছে সি। আমাৰ এই লোমহৰ্ষক অপাৰেচন ফেইল হল। একোৱে প্ৰুফ নাপালো। জীবন মৃত্যুৰ বাজি অথলে গল।
: হতাশ নহবি দোষ্ট। আমি অসফল নহয়।
- হাঁহি এটা মাৰি তাৰ কান্ধত হাতখন থৈ কৈ উঠিলো।
আচৰিত হৈ মোৰ মুখলৈ চালে সি- মানে
: ব’ল কৈ আছো।
-তাৰ ডিঙিত ধৰি ওলাই আহিলো। মোৰ মুখত তৃপ্তিৰ হাঁহি।
ৰহস্যৰ ভেদ খোল খাইছে। ঘৰটো আৰু হান্টেড হৈ নাথাকে। ৰাতি মোৰ টোপনি অহা নাছিল। ধুমুহাৰ পিছত নিচাগ্ৰস্হৰ দৰে অৰ্ধচেতন অবস্হাত আছিলো মই। তেতিয়াই তাই আহিছিল। দুখবোৰ বৰ্ণনা কৰিছিল।
তাই বায়েক-ভিনিহিয়েকৰ লগত আছিল। তেওলোকৰ সন্তান নাছিল। তাই ভিনিহিয়েকক ককায়েকৰ দৰে ভাবিছিল। ভিনিহিয়েকেও তাইক ভনীয়েকৰ দৰে মৰম কৰিছিল। বায়েকৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাছিল। হথাতে অদ্ভুৎ প্ৰস্তাব এটা দিছিল বায়েকে। ভিনিহিয়েকৰ লগত বিয়া হবলৈ দিছিল তাইক। মুঠতে বায়েকক কেচুৱা এটা লাগে। ভীষণ আপত্তি কৰিছিল দুয়ো। কিন্তু বায়েক নাচোৰবান্দা। গিৰিয়েকৰ ওৰষত সন্তান এটা লাগেই। বায়েকৰ জিদৰ আগত ৰব নোৱাৰি ভিনিহিয়েক খুলশালীয়েক দুয়ো একেলগে থাকিব লৈছিল। ক্ৰমশ: গিৰিয়েক ভনীয়েকৰ প্ৰতি আকৃস্হ হৈছিল। গা ভাৰী হৈছিল ভনীয়েকৰ। ইশ্বৰৰ ইচ্ছাত সেইবুলি বায়েকো প্ৰেগনেন্ট হৈছিল। কিবা ইৰ্ষাত ভনীয়েকক এবৰেচন কৰাব দিছিল বায়েকে। তাই আপত্তি কৰিছিল। বায়েকে সোৱৰাই দিছিল¸ তাই সমাজৰ চকুত খুলশালীহে। সিঁহতৰ সম্পৰ্ক অবৈধ। তাই প্ৰতিবাদ কৰিছিল।
বায়েকে বুদ্ধি কৰি বনদৰব খুৱাই তাইৰ গৰ্ভ নষ্ট কৰাইছিল। শোকত ভাঙি পৰিছিল তাই। উপাইবিহীন হৈছিল গিৰিয়েক। দুয়োজনীয়ে প্ৰিয়। সমাজে স্বীকৃতি নিদিয়ে¸ হাঁহিব। দুয়ো দুখতে আত্মহত্যাৰ সিদ্ধান্ত হৈছিল।
তেতিয়াহে বায়েকে ভুল বুজি পাইছিল। মনৰ দুখতো তেৱো আত্মহত্যা কৰিছিল।
আজিও ভনীয়েকক সামাজিক স্বীকৃতি দিবলৈ তেও হুলস্হুল কৰে। ভনীয়েকে প্ৰতিবাদ কৰে। গিৰিয়েকে দুয়োকে বুজাই…
পুজা এভাগি পাতি তিনিওৰে সম্বদ্ধক সামাজিক স্বীকৃতি দিলেই সিঁহতে মুক্তি পাব! ভুতৰ অস্তিত্ব সমাজক দেখুৱাবলৈ প্ৰমান নাপালো কি হল¸ সমাধানটো পালো।
: দিগন্ত¸ আমাৰ লোকচান হোৱা নাইদে। যদি মালিকে বিক্ৰী কৰে ঘৰতো আমিয়ে কিনি লম। ধুনীয়া গেষ্ট হাউচ হব এইটো।
- হাঁহি মাৰি কৈ দিগন্তৰ ফালে চালো।
তাৰ মুখতো এটা হাঁহি। সাফল্যৰ।।
*********

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib