Now you can Subscribe using RSS

Submit your Email

Monday, 12 June 2017

প্ৰফেচাৰ চাহাবৰ বাংলা

Unknown

মানুহজনৰ অলপ বিকৃতি আছে বুলি ভাবে সকলোৱে। হওতে একোৱেই ভুল কথা নকয়। ভুল কাম নকৰে। নিতৌ সাজিকাচি কলেজলৈ যায়। সময়ত আহে। খুবেই মাৰ্জিত আৰু ভদ্ৰ মানুহজন। কথা কমকৈ কয়।
: থোকাবাবুৰ মতে প্ৰফেচাৰৰ মুৰৰ বিকৃতি অলপ হৈছে। পত্নী কণ্যাক হেৰুৱাৰ দুখত কিবা মানসিক ৰোগত ভুগিছে তেও।
আমিও অনুমান নকৰা নহয়।
: হেৰা¸ তোমাৰ নামতো কি বুলি কৈছিলা?
- প্ৰায়েই তেও সোধে মোক। অথচ দিনটোত দুবাৰকৈ লগ পাও তেওক। ৰাতিপুৱা অফিচলৈ ওলোৱাৰ সময়তে গেটৰ মুখত লগপাও তেওক। সন্ধিয়া থোকাবাবুৰ দোকানত।
অথচ তেওৰ সমুখতে শৰ্মা আৰু গগৈয়ে চিঞৰি থাকে প্ৰণব আমুক¸ প্ৰণব তামুক।
আমি নতুনকৈ শ্বিলঙলৈ আহিছো। নতুন চাকৰী। অসমৰে কেইবাজনো লগলাগি একেলগে মেচ কৰি থাকো। আমাৰ মেচৰ ওচৰতে প্ৰফেচৰ চাহাবৰ বঙলাটো। বগাকৈ খীন ধুনীয়া মানুহজন। বয়স বৰবেছি পঞ্চাশ বছৰ। এডমাঞ্চ কলেজত বুৰঞ্জী পঢ়াই। কিবা চেতাৰ্জী নে কি তেওৰ নাম। সকলো প্ৰফেচৰ চাহাব বুলিয়ে মাতে। আমিও প্ৰফেচাৰ আংকল বুলি। ধুনীয়া স্মিত হাঁহিটোৰে সম্ভাষন জনাই।
আপাৰ চিলংৰ সৰু ঠাইখনত প্ৰায়ে মুখামুখি হও মানুহজনৰ লগত। আমি অফিচলৈ ওলোৱা সময়তে সদায় তেৱো ওলাই আহে। হেলমেটতো পিন্ধি পুৰণি বাজাজ চুপাৰখন চলাই আমাৰ আগেৰেই পাৰ হৈ যায় তেও।
তেওৰ ঘৰত কাম কৰা নেপালী আয়াজনীয়ো আমাৰ মেচতো কাম কৰে। মাথো আমাৰ ৰন্ধা বঢ়াখিনি কৰে।
ডেকালৰা ৰন্ধাবঢ়া কৰিবলৈ এলাহ লাগে। তিনিওটা অফিচৰ পৰা আহি ইজনে সিজনলৈ ঠেলাঠেলি কাৰবাৰ কৰোতে দহবাজি যায়। কেইদিনমান পালপাতি কামবোৰ কৰিলো। কিন্তু গোটেই কেইটা একে নহয়। শৰ্মাৰ পাল পৰাৰ দিনা সদায় অসুখ হয়। কেতিয়াবা মুৰৰ বিষ¸ কোনোবাদিনা কিবা। বৰপেটাৰ লৰা বিৰাট চালু। জানি শুনি নিমখ হালধি কমকৈ দিয়ে¸ যাতে তাক আগলৈ নাপাচো।
আনহাতে গগৈ আহোম মানুহ। অলপ অকৰা। সদায় সদায় ৰন্ধা বঢ়া কৰিব টান পায়। আৰু মই দুয়োকে চম্ভালো। এদিন তিনিও ঠিক কৰিলো¸ প্ৰফেচৰৰ ঘৰত কাম কৰা নেপালী জনীকে ভাত ৰন্ধাকৈ ৰাখো। কথামতে বন্দোবস্ত হল¸ মাহিলী এশটকাকৈ। সন্ধিয়া সময়খিনিত সদায় চ‘কৰ থোকাবাবুৰ দোকানখনত বহি আড্ডা দিও। প্ৰকাণ্ড শকত মানুহজনৰ আচল নামতো নাজানো। কিন্তু সকলোৱে থোকাবাবু বুলিয়ে মাতে। মাহিলি ৰেচনখিনি তেওৰ পৰাই বাকীকৈ খাও। দৰমহা পালেই দি আহোগৈ। অফিচৰ পৰা আহি ৰুমত এনেয়ে থকাতকৈ সন্ধিয়া থোকাবাবুৰ দোকানতে বহো। বৌদিয়ে ধুনীয়া মচালা চাহ একাপ দিয়েহি। থোকাবাবু মানুহটো বৰ ৰসিক। অৰিজিনেল পশ্চিমবংগৰ হলেও সৰুৰে পৰা শ্বিলঙতে আছে। বাপেকে ৰেলৱেত চাকৰী কৰিছিল। দহবছৰমান মালিগাওত আছিল তেও। বৌদিও মালিগাওৰে। এতিয়া ঘৰবাড়ী আপাৰ শ্বিলংতে কৰিলে।
থোকাবাবুৰ মুখৰ ৰসাল গল্পবোৰ শুনিবলৈ আমি সদায় উদগ্ৰীব হৈ থাকো। ধুনীয়া অসমীয়া কয় মানুহজনে। আমি সদায় থোকাবাবুৰ দোকানত বহি থকা সময়তে প্ৰফেচাৰ চাহাবে বস্তু কিনিবলৈ আহে। এটা ব্ৰেড আৰু জাম।
: মানুহজনলৈ বেয়াই লাগে। অকলে থাকে। নিসংগতাই মানুহজনক বুঢ়া কৰি পেলালে।
- তেও যোৱাৰ ফালে চাই কৈ উঠিছিল থোকাবাবুই।
: কিয় তেওৰ ফেমিলী?
- আচৰিত হৈছিলো আমি। প্ৰকাণ্ড ঘৰ এটাত এজন মানুহ অকলে থকাটো চাগে কাৰোৱেই ভাল নালাগে।
: আছিল ঘৈনীয়েক আৰু জীয়েক এজনী। দুৰ্ঘটনা এটাত ঢুকাল।
- হুমুনিয়াহ এটা কাঢ়ি কৈ উঠে ঠোকাবাবুই। আমাৰো বেয়া লাগি যায়।
হয়তো সেই বিৰহতে মানুহজনে একাকীত্ব বাছি লৈছে।
: হেৰা¸ ছোৱালীজনীয়ে কৰ্ণফ্লেক্চ বৰ ভালপাইহে।
- উৎসাহেৰে প্ৰফেচাৰ চাহাবে থোকাবাবুক কৈ উঠা আমি বহুদিন দেখিছো। শুনি চকু বহল হৈ গৈছিল আমাৰ। চকুৰ ঠাৰেৰে থোকাবাবুৱে মনেমনে থাকিবলৈ কৈছিল। পিছত কৈছিল আমাক¸ মানুহজনে এতিয়া ঘৈনীয়েক¸ জীয়েকক জীয়াই থকা বুলিয়ে ভাবে। নেপালী আয়াজনীয়েও আমাক কৈছিল¸ ৰাতিপুৱা হেনো তাই তিনিখন বাচন ধুব লাগে।
: বাবু¸ সেই প্ৰফেচাৰ বাবুটোৰনা মাথাটো একদম খাৰাপ হৈ গৈছে। কি ৰকম অকেলা কথা পাতি থাকে। তাইৰ মতে প্ৰফেচাৰে জীয়েক¸ ঘৈনীয়েকক মাতি থাকে।
আমাৰ মনটো গধুৰ হৈ যায়। মানুহজনলৈ বেয়া লাগে। আমাৰ মেচটোৰ সিটোপাৰে প্ৰফেচাৰ চাহাবৰ বঙলাটো। মাজতে কাইটীয়া বেৰখন। আমাৰ কোঠালিৰ ভিতৰৰ পৰাই প্ৰফেচাৰৰ বাৰাণ্ডাখন দেখা পাই। সন্ধিয়া তেও অহাৰ পিছত কেতিয়াও দৰ্জাখন খোলা দেখা নাই। বাৰাণ্ডাৰো লাইট অফ হৈ থাকে। আমিও বিশেষ গুৰুত্ব নিদিও। অকলশৰীয়া মানুহ¸ সোনকালে খাই বৈ শুই যায় চাগে।
: কইলতা¸ অ গগৈ¸ প্ৰফেচাৰ চাহাবৰ ঘৰোক কুম্বা আইছিহা।
- শৰ্মাই এদিন ৰবিবাৰে আমাক কৈ উঠিল। বৰপেটীয়া যুবকজনৰ কথাবোৰ কঠিত। অকমান আগতে তিনিও ফুৰি আহি ৰুম পাইছিলোহে। গগৈ বিছনাত পৰিছিল। নেপালীনিয়ে ভাত বনাই থৈ গৈছে। অলপ পিছত লৈ খালেই হল।
: কি কোৱাহে শৰ্মা। প্ৰফেচাৰ আংকল দেখোন অকলে থাকে।
- অলপ আচৰিত হও মই। প্ৰায় দহমাহ মানেই হল আমাৰ ঘৰটোত থকা। অথচ এদিনো প্ৰফেচাৰৰ ঘৰলৈ কোনো অহা দেখা নাই।
গগৈৰ এইবোৰ কথালৈ আগ্ৰহ নাই। প্ৰফেচাৰক মাতবোলো নকৰে সি। মাথো মাংস আৰু মদ খাব পালেই হল।
: হয়হে কইলতা¸ কুম্বা কুৰমা আইছি বোধয়হা।
- শৰ্মাৰ কথাত বাহিৰলৈ ওলাই আহিলো। হয়¸ প্ৰফেচাৰৰ ঘৰত লাইট জলি আছে। বাৰাণ্ডাখন ধুনীয়াকৈ লিচু লাইটেৰে সজাই তুলিছে। আচৰিত হৈ দুয়ো কাইটীয়া বেৰখনৰ ওচৰলৈ গলো। প্ৰফেচাৰৰ ঘৰৰ পৰা জন্মদিনৰ সংগীত ভাহি আহিছে।
: অ’ কইলতা¸ একবাৰ প্ৰফেচাৰ আংকুলৰ ঘৰৰ পৰা আহু বলা। কাৰবা জন্মদিন পাতচি।
- শৰ্মাই কৈ উঠিল।
কৌতুহল মোৰো নোহোৱা নহয়। এই দহমানে এদিনো এনে পৰিবেশ দেখা নাই। কালি থোকাবাবুয়েও কৈছিল¸ প্ৰফেচাৰ চাহাবে এসোপা বজাৰ কৰাৰ কথা।
: প্ৰফেচাৰ আংকলৰ ঘৰৰ পৰা আহো বলা।
- শৰ্মাক লগ ললো।
: নাযাও দে হা! তুমিয়ে যোৱা! তোমাৰহে আংকল!
-হাঁহি মাৰি কৈ উঠে সি। প্ৰফেচাৰৰ প্ৰতি মোৰ সহানুভুতিক জোকাই সি।
: ঠিক আছে! ময়ে আহোগৈ বাৰু!
- শৰ্মাক কৈ ওলাই আহিলো মই। গগৈক নামাতিলো। এনেও সি নোলাই। শুই থাকিব তথাপি নুঠে।
: আংকল¸ অ’ আংকল…
- মোৰ মাত শুনি প্ৰফেচাৰ ওলাই আহিল।
: অ’ তুমি¸ আহা। ভাল সময়তে আহিলা বুজিছা। আজি মোৰ ছোৱালীজনীৰ বাৰ্থডে। অবশ্যে কাকো মতা হোৱা নাই।
- আথেবেথে মোক ভিতৰলৈ মাতি কৈ উঠিল তেও।
অলপ আচৰিত হলো। থোকাবাবুই এনেয়ে নকয় বিকৃতি থকা বুলি। মৃত জীয়ৰীৰ বাৰ্থডে পাতিছে। জীয়েক¸ ঘৈনীয়েক মৰা বুলি কলে মানুহজনে বেয়া পাই।
: জন্মদিনৰ শুভেচ্ছা থাকিল আংকল। -কি কম ভাবি নাপায় কৈ উঠিলো। অলপ হতবুদ্ধিও হৈছো।
: থেংকিউ থেংকিউ। একো নোখোৱাকৈ যাব নোৱাৰিবা বুজিছা। আজি প্ৰথম আহিছা।
- উৎসাহৰে মানুহজনে কৈ উঠে। উভতিব লৈছিলোৱেই। মানুহজনৰ আগ্ৰহত বাধ্য হৈ ভিতৰ সোমালো। সোমায়েই ভাল লাগিল মনটো। সুন্দৰকৈ কোঠাটো সজাই ৰাখিছে। বহাকোঠাটোৰ লগতেই সংলগ্ন ডাইনিংহলত ধুনীয়া কেক এটা সজাই থৈছে। অলপ আতৰত ৰখা চীনা মাটিৰ বৰ্তনৰ পৰা সুস্বাদু গোন্ধ এটা ভাহি আহিছে। চাগে বিৰিয়ানি বনাইছে। গোন্ধটোৱে ভোকতো বঢ়াই তুলিছে মোৰ। মানুহজনলৈ বেয়াও লাগিল। অকলশৰীয়া মানুহজনে মৃত জীয়ৰীৰ বাৰ্থডে চেলিব্ৰেট কৰিছে। যাহ¸ মোৰ কি আহে যায়। খাইহে যাম। আমাৰ নিৰামিশ হে আজি। গগৈ আৰু শৰ্মালৈ বেয়াও লাগিল। এনেয়েও নেপালীনিজনীয়ে ধুনীয়া ৰান্ধে।
মোক ডাইনিঙলৈ মাতি প্ৰফেচাৰ ৰৈ আছে। অলপ আচৰিতো হলো। প্ৰফেচাৰে কেক কটাই নাই। দুয়ো কেকটোলৈ চাই ৰৈ আছো। হয়তো তেওৰ জীয়েকলৈ মনত পৰিছে। মই ভাবিলো। কিন্তু কটা তেওৰ চকুত এটোপালো চকুপানী নাই!
: অ’ আংকল¸ কেক কাটক
- ৰব নোৱাৰি কৈ উঠিলো
: ৰবা¸ মাইনাই কাটিব।
- কৈ উঠি¸ ওচৰতে থকা ষ্টেৰিঅ’ত হেপ্পী বাৰ্থডে চং লগাই দিলে তেও।
কাণখন অলপ জোকাৰিলো মই। ভুলেই শুনিলো নেকি! মৃত জীয়ৰী আহি কেক কটালৈ ৰৈ আছে মানুহজনে।
: হেপ্পী বাৰ্থডে টু য়ু¸ হেপ্পী বাৰ্থডে টু য়ু
- হথাতে চাপৰি বজাই গাই উঠে মানুহজনে।
হঠাতে মানুহজনৰ দৃষ্টি কাঢ়ি আমি আচৰিত হৈ গলো। এজনী ধুনীয়া ছোৱালী আৰু ধুনীয়া মহিলা কেতিয়া আহি আমাৰ কাষত উপস্হিত হল গমেই নাপালো।
আচৰিত হৈ গলো।
ইতিমধ্যে ছোৱালীজনীয়ে কেক কাটিলেই। আমাতকৈ অলপ সৰু ধুনীয়া ছোৱালীজনী। বগা¸ লাহী শৰীৰৰ যেন মৰমলগা পুতলাহে। দেখিলেই প্ৰেমত পৰিব মন যায়। সন্মোহিত হৈ পৰিলো মই। খেলিমেলি লাগি গল মোৰ।
: আংকল আপোনাৰ ফেমিলি…
- মই অাচৰিত হোৱা দেখি কান্ধত হাতখন থৈ কৈ উঠে তেও
: সকলোৱে মিছা কয় জানা! এওলোকৰ মৃত্যু হোৱা বুলি কয়। মৃত্যু হলে জানো এনেকৈ থাকে!
ছোৱালীজনী আৰু মহিলাগৰাকীৰ মুখত স্মিত হাঁহি।
: এয়া প্ৰণবদেই¸ আমাৰ ঘৰৰ সমুখতে থাকে।
- প্ৰফেচাৰ আংকলে চিনাকী কৰি দি বিৰিয়ানিৰ থালখন মোলৈ বঢ়াই দিলে।
: কিন্তু আজিলৈকে আপোনালোকক দেখা নাই যে?
- অলপ আচৰিত হলো।
আৰ চকুৰে ছোৱালীজনীলৈ চাই আছো।
: আমাক কেনেকৈ দেখিবা! দিনত ওলাব নোৱাৰো নহয়!
- হাঁহি হাঁহি মহিলাগৰাকীয়ে কৈ উঠিল।
: মানে…- নুবুজি চাই ৰলো মই।
: অ’ প্ৰণব¸ আজিৰ পৰা চাৰিবছৰ আগতে এখেত এদিন ৰাতি ঘৰত নাছিল। অফিচিয়েল ট্যুৰ এটাত গুৱাহাটীলৈ গৈছিল। সেইদিনাই ৰাতি ডকাইটে আমাৰ দুয়োজনীকে হত্যা কৰি সকলো লুটি নিলে। কিন্তু আমি মৰা নাই।
- হো হোৱাই হাঁহি উঠিল মাক-জীয়েক দুয়োজনী। প্ৰফেচাৰৰ মুখখন কেঁহেৰাজ বটা যেন হল।
হঠাতে যেন ষষ্ঠ ইন্দ্ৰিয় জাগি উঠিল মোৰ। এয়া বিপদ! থোকাবাবুই কোৱা কথাবোৰ মনত পৰিল। থোকাবাবুৱে কৈছিল¸ প্ৰফেচাৰৰ পৰিয়াল মৃত্যু হোৱা বুলি। মাক-জীয়েক দুয়ো মোলৈ চাই হাঁহি উঠিছে। দুয়োৰে বুকুৰ পৰা তেজ ওলাইছে। ভয়তে চিঞৰি উঠিলো মই।
যেতিয়া জ্ঞান পালো¸ মই আমাৰ মেচত। মোৰ দুয়োফালে গগৈ আৰু শৰ্মা আৰু ঘৰৰ মালিকজন। ডক্টৰজনে মোক পৰীক্ষা কৰি টেবলেট এটা খাবলৈ দি ৰেষ্ট লব কলে। কোনেও একো নুশুধিলে মোক। শৰ্মাই কথা কবও নিদিয়ে। তেনেকৈয়ে ৰাতিটো পাৰ হল।
পিছদিনাহে শৰ্মাই কলে¸ ৰাতি মোৰ চিঞৰ শুনি গগৈ আৰু শৰ্মা গৈ দেখে যে মই বেহুছ হৈ পৰি আছো। প্ৰফেচাৰ আংকলো বোলে ষ্ট্ৰোক হৈ ঢুকাল ৰাতিয়েই। চাটকৈ মনত পৰিল মোৰ। মই চিঞৰাৰ আগমুহুৰ্তত জীয়েকে কৈ উঠিছিল¸ পাপা¸ তোমাৰো সময় হৈছে। কিমাননো এনেকৈ থাকা!
মনটো গভীৰ দুখেৰে ভৰি পৰিল। ৰাতিৰ সকলো ঘটনা খুলি কলো। কিমানখিনি বিশ্বাস কৰিলে নাজানো! দুয়ো মনেমনে ৰল।
তাৰ দুদিন পিছতেই ঘৰটো সলাই অফিচৰ কাষলৈ আহিলো। হাজাৰ হওক প্ৰফেচাৰ আংকলে মৰম কৰিছিল। তেওৰ সমুখত থাকিবলৈ ভাল নালাগিল।।
=============
(সম্পুৰ্ণ কাল্পনিক ঘটনা)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib