প্ৰতিবেশীয়ে নতুনকৈ মিউজিক চিষ্টেম এটা কিনিছে চাগৈ। আজিকালি দিনে ৰাতিয়ে বাজি থাকে। বেছি গান নাই¸ মাথো চাৰিটামান গানেই উৰাই ঘুৰাই বজাই থাকে। ফুল ভলিউম দিয়ে। প্ৰথমতে শুনি ভাল লাগিছিল দুদিনমান¸ পিছত আমনি লগা হল। হল বুলিনো একেটা গানেই কিমান শুনিম!
লৰাজনে কৰবাত কাম কৰে। সন্ধিয়া আঠমান বজাৰ পৰা ৰাতি বাৰটা মানলৈকে ফুল ভলিউমত বজাই থাকে। মা-দেউতাৰ খং উঠে। দহ বজাত বিছনাত পৰাৰ পিছত বিকট চিঞৰৰ গান কেইটা শুনি খঙতে বিচনাত বহি থাকে।
লৰাজনে কৰবাত কাম কৰে। সন্ধিয়া আঠমান বজাৰ পৰা ৰাতি বাৰটা মানলৈকে ফুল ভলিউমত বজাই থাকে। মা-দেউতাৰ খং উঠে। দহ বজাত বিছনাত পৰাৰ পিছত বিকট চিঞৰৰ গান কেইটা শুনি খঙতে বিচনাত বহি থাকে।
: ইঁহতৰ কাম নাই আৰু! ইমান ৰাতিখন এনেকৈ গান বজাইনে?
- মায়ে ভোৰভোৰাই উঠে। মোৰো খং উঠে। আনক দিচটাৰ্ব কৰি গান শুনাতো ময়ো পচন্দ নকৰো।
আমাৰ ঘৰটোৰ কাষতেই বাইলেনটো। গতিকে আমাৰ সমান দিচটাৰ্ব কোনেও নাপাই। আঠবজাত উঠি লৰাটোৱে আকৌ গান বজোৱাৰ লগেলগে ভাইটি-ভন্টি কেইটাই পঢ়া টেবুলৰ পৰা উঠি আহে। কম কম বুলি ভাবিও মাঁহতে তেওলোকক কব পৰা নাই। মানুহঘৰ অলপ অভং। প্ৰায়েই সকলোৰে লগত লাগি ফুৰে। ইতিমধ্যে কেইদিনমান গল¸ অশান্তি বাঢ়ি আহিছে।

এদিন অফিচৰ পৰা ঘৰ সোমাই মাথা নষ্ট হৈ গল। খুউব মনোযোগেৰে লেপিত প্ৰজেক্টৰ কাম কৰি আছিলো। মাথা বিষাই আছিল অলপ¸ তাতে কাণ তাল মৰা হাল্লা গান শুনি খং উঠি গল। গপগপাই ঘৰৰ পৰা ওলাই গলো।
: অ’ খুড়া¸ আপোনালোকে ইমান ৰাতিলৈ গান নবজাবচোন। অলপ দিগদাৰ হয়।
- খং উঠিছিল অলপ।
- খং উঠিছিল অলপ।
: কি হল। - পুতেকটো ওলাই আহিল। স্কুলত সি দাদা আছিল।
: বাবুদা¸ মোৰ ঘৰত মই বজাইছো। কবলৈ তুমি কোনহে!
- সি ভেকাহী মাৰি উঠিল। বাপেক মনে মনে থাকিল। খং লাজে অপমানে উভতি আহিলো। দুটা চৰ বহাই দিব মন গৈছিল¸ নিদিলো। অসভ্য মানুহৰ লগত মুখ খুজাই লাভ নাই।
- সি ভেকাহী মাৰি উঠিল। বাপেক মনে মনে থাকিল। খং লাজে অপমানে উভতি আহিলো। দুটা চৰ বহাই দিব মন গৈছিল¸ নিদিলো। অসভ্য মানুহৰ লগত মুখ খুজাই লাভ নাই।
: মুখখন চুৱা কৰি আহিলিনে?
-ঘৰ সোমোৱাৰ লগেলগে মায়ে সুধিলে। চাগে কিবা অনুমান কৰিছিল।
-ঘৰ সোমোৱাৰ লগেলগে মায়ে সুধিলে। চাগে কিবা অনুমান কৰিছিল।
: ই বিৰাট অসভ্য হয়। কেতিয়াবা নাক ভাঙি দিম ৰহ।
- ভোৰভোৰাই উঠিলো।
- ভোৰভোৰাই উঠিলো।
: বেইমানৰ লগত মুখখুজাই লাভ নাই অ’। ময়ো মাকৰ আগত কৈছিলো। ই নষ্ট যোৱাটোক কিয় যমে নেদেখে।
তিনিদিনমান গল। ঘৰুৱা বিয়া এখনত সকলোবোৰ গল। দুদিন পিছত বিয়া। জোৰোণৰ দিনাই মাঁহত গল। মই ঘৰ ৰখীয়া। সন্ধিয়া বাহিৰতে ভাতসাজ খাই ভাগৰুৱা দেহটো বিচনাত এৰি দিলো। আনকালে আঠবজাতে নোশোৱ। সেইখিনি সময়ত বেইমানটো অহা নাই বাবে ধুনীয়া টোপনি আহিল। আন্ধাৰ হোৱাৰ পিছত সেইখিনি সময় অলপ শান্ত হৈ থাকে। চাগে দহটা বাজিছিল। হাল্লা গান আৰম্ভ হল। চুপচাপ মোবাইল অন কৰি ফেচবুক খুলি ললো। বাৰটামান বজালৈকে ৱাচিং পাউদাৰ নিৰ্মা বাজি থাকিল। তাৰপিছত বোধহয় শুলে।
লাহেকৈ বিচনাৰ পৰা উঠিলো। কালি ৰবিবাৰ। অফিচ বন্ধ। দেৰিকৈ উঠিলেও কথা নাই। সন্ধিয়া অলপ শোৱাবাবে টোপনিও ধৰা নাই।
চাৰে বাৰটালৈ ফেচবুক কৰিলো। চাৰে বাৰটাৰ পিছত বিচনাৰ পৰা উঠি ডিজে বক্সটো বাৰাণ্ডালৈ ডাঙি আনি প্লাগটো লগাই দিলো। ফুল ভলিউমত জাষ্টিন বিবেৰ¸ একন নাচি উঠিল। ঘৰতে অকলে আছো যাতে টেনচন নাই। ফুল ভলিউমত সকলোৰে টোপনি ভাঙি গল। মাজে মাজে অলপ ফুৰ্তি কৰিব মন যায়। ৰুমত কম ভলিউমত কেতিয়াবা নাচোৱেই কোনেও নেদেখাকৈ। আজি চোতালত ফুৰ্তিত বিন্দাছ নাচি আছে। এনেয়েও মই কচুগুটি। চাৰে তিনিটা মানলৈ গান বজাই শুবলৈ আহিলো। গম পাইছো¸ প্ৰতিবেশীৰ টোপনি ভাঙিছে। ঘৰৰ ভিতৰৰ পৰা মোক ভোৰভোৰাই গালি পৰা স্পষ্ট শুনিছো। হাঁহি উঠিছে মোৰ।
পিছদিনা ৰবিবাৰ আলহীৰ বিয়া। গতিকে আজিও ঘৰত অকলে। এঘাৰটা মানত উঠিলো। সন্ধিয়া বাইকখন লৈ ওলাই গলো। বান্ধবী এজনীৰ বাৰ্থ ডে আছিল। ৰাতিৰ সাজটো খাই দহটামানত ঘৰলৈ আহিলো। ইতিমধ্যে ৱাচিং পাউদাৰ নিৰ্মা বাজি আছে। চাৰে বাৰ বজাত আজিও নৃত্য নাটিকা আৰম্ভ কৰিলো। ডিজে বক্সৰ চাউণ্ডত ওচৰৰ ঘৰৰ কাণতাল মাৰি ধৰিলে।
চাগে এক বাজি গৈছিল।
: হেৰা¸ কি কৰিছাহে! মাথাত একো নাই নেকি?
- খঙতে তেওলোক ওলাই আহিল। ৱালখনৰ সিফালৰ পৰা মানুহজনে চিঞৰি উঠিল।
চাগে এক বাজি গৈছিল।
: হেৰা¸ কি কৰিছাহে! মাথাত একো নাই নেকি?
- খঙতে তেওলোক ওলাই আহিল। ৱালখনৰ সিফালৰ পৰা মানুহজনে চিঞৰি উঠিল।
: খুড়া¸ মোৰ ঘৰত মোৰ যি ইচ্ছা কৰিব পাৰো। কবলৈ আপোনালোক কোন?
- বুকুফিন্দাই কৈ উঠিলো।
- বুকুফিন্দাই কৈ উঠিলো।
: এই ৰাতি ইমান চাউণ্ড দি বজাই নেকি? মানুহ শুব নালাগে?
- পুতেকটোৱে এইবাৰ মাত দিলে। এই মুহুৰ্তলৈকে বাটচাই আছিলো।
- পুতেকটোৱে এইবাৰ মাত দিলে। এই মুহুৰ্তলৈকে বাটচাই আছিলো।
: হৌৰা¸ এই কথাটো তুমি নকবাই বুজিছা। তোমাৰ বাবে আনে কিমান অশান্তি পাই অনুভব কৰিছানে? ছো যোৱা¸ লেকচাৰ দিবলৈ নাহিবা।
- গৰগৰাই কৈ উঠিলো। লাজপাই তেওলোক গলগৈ। অলপ সময় বজাই ময়ো শুই থাকিলো। ৰাতিপুৱা অফিচ আছে।
- গৰগৰাই কৈ উঠিলো। লাজপাই তেওলোক গলগৈ। অলপ সময় বজাই ময়ো শুই থাকিলো। ৰাতিপুৱা অফিচ আছে।
সন্ধিয়ালৈ বিয়াখাই মাঁহত আহি পালে। আঠবজাত ময়ো পালোহি। কথা পতাৰ মাজে মাজে কাণ উনাই শুনি আছো। দহ বাজিল¸ কিন্তু আজি ৱাচিং পাউদাৰ নিৰ্মা বজা নাই। একো নুশুনি চোতাললৈ ওলাই আহিলো। কাণ উণাই সুধিলো¸ আজি কম ভলিউমত বাজিছে। ইমানেই সৰুকৈ বাজিছে যে আমাৰ চোতালৰ পৰাও মনযোগ নিদিলে একো শুনা নাযায়। সন্তুষ্টিৰ হাঁহি এটা মোৰ ওঠত লাগি থাকিল।
******
******
0 comments:
Post a Comment