Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

ভুত_বা_অপ্ৰাকৃতিক_শক্তি_সম্পৰ্কে_কিছুকথা

Unknown
আপুনি বিশ্বাস কৰক বা নকৰক¸ এই পৃথিবীত বহুতো ৰহস্য লুকাই আছে। বিজ্ঞানৰ যিমানেই উন্নতি নহওক¸ বহুতো ৰহস্যৰ আজিলৈ সমাধান উলিয়াব পৰা নাই আৰু হয়তো ভবিষ্যতলৈয়ো নোৱাৰিব। পৃথিবীত যদি ভাল আছে তেন্তে বেয়াও আছে। এয়া সাধাৰণ সত্য।
যদি ভগবান আছে¸ তেন্তে ভুতো আছে। দিন আছে বাবেই ৰাতি আছে। সাধু-মহাৰাজ সকলে জলন্ত আঙঠাত খোজকঢ়া¸ ধাৰাল তৰোৱালৰ ওপৰত থিয় হোৱা এইবোৰৰ কিবা বৈজ্ঞানিক বাখ্যা আছে জানো!! অভ্যাসৰ বাবে দুখ অনুভব নকৰিলেও অন্তত ভৰি পুৰিব লাগিছিল¸ তেজ ওলাব লাগিছিল¸ জিভা কাটিব লাগিছিল। কিন্তু এইবোৰ আলৌকিক শক্তি। কঠোৰ সাধনাৰ অন্তত তেওলোকে এই শক্তি লাভ কৰিছে। অবশ্যে এইটোও সত্য যে সাধুৰ বেশ ধৰি সৰহসংখ্য পাখণ্ডী ঘুৰি ফুৰিছে। সাধাৰণ মানুহৰ বাবে আচল নকল ধৰাটো অলপ কঠিন।
অসমীয়া লোকসমাজত ভুতৰ অস্তিত্বক নুই কৰা নহয়। অবশ্যে যি দেখিছে তেও বিশ্বাস কৰিছে¸ নেদেখা সকলৰ বাবে সাধুকথা।
ৰাশিচক্ৰ¸ নক্ষত্ৰ¸ জন্মসময় আনুপাতে কিছুমান লোকে অশৰীৰী শক্তিৰ মুখামুখি হয়। এয়া লোক বিশ্বাস।
আজি আমি সচৰাচৰ দেখা কেইবিধমান অপ্ৰাকৃতিক শক্তিৰ বিষয়ে আলোচনা কৰিম। আটাইলৈ অনুৰোধ¸ কোনেও যেন বিতৰ্কৰ মাজলৈ নিনিয়ে। কিছু অপ্ৰাকৃতিক অভিজ্ঞতা আৰু প্ৰচলিত ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত এই লেখা।
অপ্ৰাকৃতিক শক্তিৰ প্ৰকাৰ-
#বাক : সাধাৰণতে এইবিধ উপদেবতা নদী¸ বিলৰ পাৰত থাকে। ইয়তে মাছ খাই বুলি লোকবিশ্বাস আছে। ইঁহতৰ আকৃতি মানুহৰ দৰে¸ মুখখন ঘোৰাৰ দৰে। প্ৰায় দহফুটমান ওখ। ৰাতি মাছমাৰিব যোৱা লোকসকলক বহুত মাছে দেখুৱাই লোভ লগাই পানীৰ মাজলৈ নিয়ে আৰু পকনীয়াত পেলাই পানীত জুবুৰিওৱাৰ চেষ্টা কৰে। কেতিয়াবা বাট ভুলকৈ দেখুৱাই বহুত দুৰলৈ লৈ যায়। লক্ষণীয় যে মানুহ ভয় খাই অজ্ঞান হৈ পৰি নোযোৱা পৰ্য্যন্ত বিশেষ অপকাৰ কৰিব নোৱাৰে।
#বীৰা: সাধাৰণতে কবলৈ হলে ই এবিধ দৈত্য। এজন পাহুৱাল পুৰুষৰ দৰে দেখিবলৈ ইয়াক। মুৰত দুটা শিং থাকে। পিন্ধনত চুৰিয়াখন আঠুমুৰীয়াকৈ পিন্ধে। অতিশয় ভয়াবহ পৰিস্হিতি আৰু মন্ত্ৰ শক্তিৰ বলত বেজ বা ওজাই ইঁহতক বশ কৰে। ইঁহত গৰাকীৰ ইচ্ছাৰ অধীন হয়। গৰাকীৰ আদেশ মতে ইহঁতে ভাল-বেয়া দুয়োটা কামেই কৰে। প্ৰবাদ আছে যে¸ ইঁহত অতিশয় ভোজন বিলাসী। প্ৰায় পাচ-ছজন লোকৰ ভাত ই ভক্ষন কৰে। দিনত দুসাজ খাবলৈ নাপালে ইঁহতে গৰাকীকে মাৰি দিব পাৰে। সেয়েহে বেজে নিজে নাখালেও ইঁহতক খুৱাবই।
#যখ বা যক্ষ: ই হৈছে এবিধ উপদেবতা। প্ৰবাদ আছে যে ইঁহতে নিৰ্দিষ্ট মানুহ বাছি লয়। ধন কুবেৰো হৈছে এবিধ যখ। মানুহ বিশেষে ধন দি আশীৰ্বাদো কৰিব পাৰে। কেতিয়াবা অপকাৰো কৰিব পাৰো। চিৰাল ফটা ৰ’দত ভৰদুপৰীয়া এই দেবতা জাগ্ৰত হয় বুলি বিশ্বাস আছে। সাধাৰণতে চকুত লগা গাভৰু নজৰত পৰিলে অলপ দিগদাৰি কৰে। সেয়েহে ভৰ দুপৰীয়া প্ৰকাণ্ড গছৰ তলত¸ পথাৰত¸ শ্মশাসত যোৱা নিশেধ।
#পিশাচিনী: ই এবিধ দুৰ্বল মহিলা ভুত। সাধাৰণতে ওখ গছত ইঁহত বহি থাকে। মাটিত খোজ নাকাঢ়ে। গছত বহি থাকোতে ইঁহতৰ দীঘল চুলিকোচা মাটিত লাগো লাগো হৈ থাকে। গাভৰু যুবতী¸ মহিলা ইঁহতৰ স্বীকাৰ হয়। পিশাচিনীয়ে ধৰা নাৰীয়ে অন্যমনস্ক হৈ মাথো মুৰ ফনিয়াই থাকে। ভৰ দুপৰীয়া আৰু আন্ধাৰ হোৱাৰ পিছত যিকোনো মুহুৰ্ততে ইঁহতক আওহতীয়া ঠাইত গছৰ ওপৰত দেখা যায়। কোনোবাই যদি পিশাচিনীৰ চুলি অলপ কাটি আনি সৰিয়হৰ ডুলিত থৈ দিয়ে¸ তেন্তে ইয়াক চিৰদিনৰ বাবে সেই ঠাইৰ পৰা খেদিব পাৰি।
#প্ৰেতাত্মা: আটাইতকৈ ভয় লগা অপ্ৰাকৃতিক শক্তি হৈছে প্ৰেতাত্মা। সাধাৰণতে ৰাতি বাৰ বজাৰ পিছত ৰাতিপুৱা চাৰি বজাৰ ভিতৰত ইঁহত সক্ৰিয় হৈ থাকে। ঠাই বিশেষে ভৰ দুপৰীয়া¸ দিন-ৰাতিৰ সন্ধিক্ষণৰ সময়ছোৱাতো সক্ৰিয় হৈছে। জীবিত কালত বিভিন্ন ইচ্ছা¸ আশা লৈ অপঘাটত মৃত্যুবৰণ কৰা লোকসকল প্ৰেতাত্মা হয়। ইঁহতে কেতিয়াও মুক্তি নাপায়। সদায় অকলসৰীয়া হৈ থাকে। সেয়েহে লগৰীয়া বিচাৰি ইঁহতে হাঁহাকাৰ কৰি থাকে। জীবনকালত মানুহজনৰ স্বভাব-চৰিত্ৰ অনুসৰি প্ৰেতাত্মা হয়। যদি জীবিত কালত খঙাল¸ কুৰ্চুটীয়া আছিল¸ প্ৰেতাত্মাও খঙাল¸ কুৰ্চুটীয়া হব। ইঁহতে যিকোনো ৰূপেই ধৰিব পাৰে। ফাচি লগাই মৰা প্ৰেতাত্মা আটাইতকৈ ভয়াবহ। যিকোনো প্ৰকাৰে ই স্বীকাৰক ফাচি লগাবলৈ বাধ্য কৰাব খোজে। তেনেদৰে দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰেতাত্মাই সেই ঠাইতে সময়ে সময়ে দেখা দি দুৰ্ঘটনা সংঘটিত কৰাব বিচাৰে। জুই লগাই মৰা প্ৰেতাত্মাই স্কীকাৰক জুই দেখুৱাই চক খুৱাব খোজে। ফলত ভয় খাই মানুহৰ হৃদপিণ্ড বন্ধ হৈ মৃত্যুমুখত পৰে। কোৱা হয় যে অতৃপ্ত আত্মাবোৰে তৃপ্তি বিচাৰি মানুহক অশান্তি কৰে। ইঁহত মৃত্যু মুখত পৰা ঠাইৰ পৰা কোনোপধ্যেই আঁতৰিব নোখোজে¸ সেয়ে অনাধিকাৰ প্ৰবেশ হলেই আক্ৰমণ কৰে।
#ব্ৰক্ষ্মাত্মা: আটাইতকৈ মৰমলগা ভুত হৈছে ব্ৰক্ষ্মাত্মা। সাধাৰণতে ই মানুহৰ অপকাৰ কৰিব নোখোজে। নিজৰ ঘৰৰ প্ৰতি মৰম থকা¸ মোহ থকা লোকসকলে সহজে মুক্তি নাপায়। লোক বিশ্বাসমতে সাধাৰণতে মৃত্যুৰ এবছৰলৈ আত্মাই মুক্তি নাপায়। কেতিয়াবা ব্ৰক্ষ্মভুত বাৰ বছৰলৈকে থাকে। মৃত্যুৰ পিছতো এওলোকে ঘৰৰ মায়াত বন্দী হৈ থাকে। সেয়ে কিছুমান বিশেষ সময়ত পৰিয়ালৰ লোকসকলক¸ ঘৰখন চাবলৈ ওলাই। কেতিয়াবা সহায় কৰিবলৈয়ো বিচাৰে। বগা বস্ত্ৰ পৰিহিত ব্ৰক্ষ্মভুত দেখিলে ভয় নাখাব। মাথো পিছুৱাই আহিব। মৃত্যুৰ পিছত আপোনাৰ যিকোনো আত্মীয়ই অস্তিত্ব জাহিৰ কৰিবলৈ সমুখত ওলাব পাৰে। কিন্তু ভুলতেই স্পৰ্ষ কৰিবলৈ চেষ্টা নকৰিব। দোষ লাগিব।
#খেতৰ: ই এক শ্ৰেনীৰ উপদেবতা। সাধাৰণতে ই মানুহক আওলীয়াই লৈ ফুৰি পাগল পৰ্য্যন্ত কৰি দিয়ে। কেতিয়াবা ইয়াৰ স্বীকাৰ মানুহৰ দুৰ্ঘটনাহৈ মৃত্যুমুখত পৰিব পাৰে। জয়াল ঠাই¸ টেঙা গছ আদি খেতৰৰ বাস। বিশেষকৈ ঔটেঙা¸ তেতেলী আৰু শিমলু গছত বহি দুপৰীয়া যোৱা মানুহক চাই থাকে। অকলসৰীয়া পালেই ভয় খুৱাবলৈ চেষ্টা কৰে। ভয় খালেই পিছ লৈ আহে আৰু লম্ভে।
#পিশাচ: বহুকাল থকাৰ পিছত যিকোনো প্ৰেতাত্মা পিশাচলৈ পৰিণত হয়। তন্ত্ৰ-মন্ত্ৰৰ যোগেৰে অসৎ বেজে প্ৰেত্মাত্মাক পিশাচলৈ ৰূপান্তৰিত কৰে। পিশাচে মানুহক হত্যা নকৰে¸ কিন্তু নৰক যন্ত্ৰনা দিয়ে। পিশাচ ৰাতিৰ আন্ধাৰত সক্ৰিয় হয়। পোহৰক ই ভয় কৰে। চকুত লগা গাভৰুৰ লগত ই সংগম কৰিব বিচাৰে।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib