Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

একঠেঙীয়া

Unknown

বৰ বেছি ৰাতি হোৱা নাছিল তেতিয়া। চাৰে ন মান বাজিছিল।আহিন মাহ গৰম বেছি নাই। কিনকিনিয়া বৰষুণ এজাক আহি আছিল। সেই সন্ধিয়াৰে পৰা আহি অলপ আগতেহে এৰিছিল।
: বাই¸ মই আহো দে। বৰষুণজাক ৰৈছে।
- বায়েকক মাতসাৰ লগাই উঠিল সি।
: এই ৰাতিখন যাবি জানো!
- বায়েকৰ মনত অলপ চিন্তা। ৰাষ্টাত মানুহ দুনুহ আকৌ লগ পাইনে নাপায়!
: একো নহয়¸ ইঁহত ৰৈ থাকিব নহয়।
- কৈ কৈ ওলাই আহিল সি। বায়েক ভাগিনীয়েক দুটাই নঙলামুখলাকে আগবঢ়াই থবলৈ আহিল। ভিনিহিয়েকৰ গা বেয়া। জৰ¸ হাগনি হৈছিল। খবৰ এটা কৰিবলৈ সন্ধিয়াই আহিছিল সি। তেতিয়াৰ পৰাই নেৰানেপেৰা বৰষুণ।
বৰষুণজাক ৰোৱালৈ ৰওতে চাৰে নটা বাজিল। ঘৰত ঘৈনীয়েক আৰু বুঢ়া মাকজনয়ে চাগে বাটলৈ ওলাই চাই আছে। চিন্তা লাগিল মদনৰ। আনকালে এইখিনি সময়ত ৰাষ্টাত মানুহ দুনুহ পোৱা যায়। আজি এটাও নাই। বৰষুণজাক যোৱাই বাবে নেকি!
চাৰিদিন আগতে পুৰ্ণিমা গৈছে। জোনৰ কম পোহৰত ঘুটুং ঘুটংকৈ গৈ আছে সি। হওতে বায়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ বৰবেছি দুৰ নহয়। মাথো চাৰিকিলোমিটাৰহে। সেয়েহে সদায় সিঁহতে খোজকাঢ়িয়ে অহা-যোৱা কৰে। বায়েকৰ ঘৰটো নেচনেল হাইৱেৰ ওচৰতে। সিঁহতৰ ঘৰ গাঁওৰ মাজত। প্ৰায় এমাইলমান সোমাই যাব লাগে হাইৱেৰ পৰা।
ছেহ¸ এজন হলেও মানুহক লগ পোৱা হলে! কথা পাতি গৈ থাকিব ভাল লাগিলহেঁতেন। গৰমৰ দিন। আনদিনা এইসময়ত মানুহবোৰে ৰাষ্টাত খোজকাঢ়ি বতাহ খাই। কিন্তু আজি এই আপদীয়া বৰষুণজাকৰ বাবে জনপথ শূণ্য। নাইতো নাই কুকুৰ এটাও দেখিবলৈ নাই।
বায়েকৰ ঘৰৰ পৰা দুইকিলোমিটাৰমান আহিছিল সি। হঠাতে আকৌ কিনকিনিয়া বৰষুণজাক আহিল। খং উঠি আহিল মদনৰ। নাইতো নাই¸ ৰবলৈ দোকান এখনো নাই। দীঘল দীঘল নঙলাবোৰৰ ঘৰবোৰ আন্ধাৰত নিমজ্জিত হৈ আছে। বোধহয় কাৰেণ্ট গৈছে। দীঘল নঙলা পাৰহৈ অচিনাকী লোকৰ বাৰাণ্ডাত জিৰণি লবলৈ সত নাযায় তাৰ। কি বা ভাবে! অগত্যা ৰাষ্টাৰ কাষৰ খালৰ পৰা ডাঙৰ কচুৰ পাত এটা চিঙি মুৰত লৈ আগবাঢ়িল সি।
বৰষুণজাক জোৰকৈ অহা নাই। জোৰকৈ অহা বৰষুণ ভাল সোনকালে এৰে। কিন্তু কিনকিনিয়া বৰষুণৰ একো ভৰসা নাই। তথাপিও কিনকিনিয়া বৰষুণজাক জোৰকৈ নিদিবলৈয়ে বৰুণদেবতাক প্ৰাৰ্থনা কৰিলে সি। বৰষুণত তিতিলেও ঘৰগৈ ওলাব পাৰিব।
ইতিমধ্যে আধাবাট আহিলেই সি। হথাতে তাৰ চকুত পৰিল¸ মানুহ এজন বেগাই গৈ আছে। হয়তো সমুখৰ গলিৰ পৰা ওলাই মেইন ৰোডত উঠিছে। তাৰ মনতো ভাল লাগিল। যাহওক¸ লগ এজন পালে।
ক্ষীণ মীন মানুহজনে বেগাই গৈ আছে। সিয়ো বেগাই খোজ দিলে। তাৰ আৰু মানুহজনৰ মাজৰ দুৰত্ব মাথো পোন্ধৰখোজ মানহে। সি যিমানেই বেগ দিয়ো মানুহজনক লগ ধৰিব পৰা নাই।
: হেৰি¸ ডাঙৰীয়া ৰবচোন। - মানুহজনক ৰিঙিয়াই মাতিলে সি। নাই তেও নুশুনিলে। একেই খোজেৰে গো গোৱাই গৈ আছে।
: অ’ দাদা¸ অ’ দাদা¸ ময়ো যাম ৰব। - ডিঙিৰ শিৰ থিয় কৰি আগতকৈ জোৰেৰে চিঞৰি উঠিল সি।
নাই¸ এইবাৰো তেও নুশুনিলে। বোধকৰো মানুহজন কলা! বা কিবা ভাবত বিভোৰ হৈ আছে। এইৰাতি নিৰ্জন ৰাষ্টাত অচিনাকী মাত শুনি হয়তো তাক চোৰ-ডকাইট বুলিহে ভাবিছে। তাক উত্তৰ দিবলৈ মানুহজনে প্ৰয়োজনবোধ কৰা নাই।
এইবাৰ নগেনে মাতিবলৈ এৰি বেগাই খোজ দিলে। নাই¸ কোনোপধ্যেই নোৱাৰে। মানুহজনে ইমান বেগাই খোজ দিছে যে দৌৰিবহে বাকী! ভাগৰ লাগি গল নগেনৰ। বেগ কমাই দিলে সি। ইতিমধ্যে গাঁওৰ কাষ পালে সি। ধেনুভিৰিয়াকৈ সিঁহতৰ গাঁওৰ ৰাষ্টাতো ঘাইপথত লাগিছেগৈ। গাঁওৰ দুয়োটা মুৰ এখন ধনুৰ আকৃতিৰে দুয়োটা মুৰেই ঘাইপথ চুইছে। মদনৰ সমুখৰ মানুহজন যেন হথাতে কৰবাত হেৰাই থাকিল। আচৰিত হল সি। দুৰ দুৰলৈ মাথো খালী ৰাষ্টাতো পৰি আছে। অথচ অলপ আগলৈ মানুহজন তাৰ আগতে আছিল। সি বিশেষ ভাবিবলৈ নাপালেই। হঠাতে গাত বতাহৰ বা লাগি যোৱাকৈ কিবা এটা গাৰ কাষেৰে পাৰহৈ গল। মদনে স্পষ্ট দেখিলে¸ প্ৰায় বাৰ-চৌধ্যফুট উচ্চতাৰ মানুহ এজন পাৰহৈ অদৃশ্য হৈ গল। মানুহজনৰ ভৰি মাথোন এখনহে।
: চাল্লা¸ তইহে আছিলি (অশ্লীল)।
- ভোৰভোৰাই উঠিল মদন।
গাঁওৰ মানুহ চবেই জানে। সিহে আজিলৈ দেখা নাছিল। কিবা একঠেঙীয়া দেওভুত। অকলশৰীয়া মানুহ পালে ভয় খুৱাই। ৰাতি অহা গাড়ীবোৰক এটা ভ্ৰম ৰাষ্টা দেখুৱাই। ফলত বৰকৈ দুৰ্ঘটনা হয়। দুৰ্ঘটনা অধ্যুষিত হিচাপে সেই ঠাইখিনি প্ৰায় বিখ্যাত। সেইখিনি ঠাইৰ পৰাই গাঁওৰ ভিতৰলৈ পথটো সোমাই গৈছে। ঠাইখিনি অলপ জয়াল। জনবসতি খুউব পাতল। ইয়াৰ পৰা ঘৰলৈ মাথো এককিলোমিটামানহে। মেইন ৰোডেৰে আগুৱাই গৈ থাকিলে আধামাইলমান আতঁৰত গাঁওৰ মেইন চ’কটো। সেইফালেৰে গলে দুইকিলোমিটাৰমান হয়। কিন্তু ঠাইখিনি ভাল। অলপ ৰৈ চিন্তা কৰিলে সি। মেইন ৰোডেৰে গলে ভালেখিনি ঘুৰা হব। ৰাতিও হৈ আহিছে। তাতকৈ ইটো ৰাষ্টাৰে যোৱাই ভাল। মাথো আধাকিলোমিটাৰ পাৰ হলেও গাঁওৰ মুৰ পাবগৈ। মেইন ৰোডৰ পৰা নামি গাঁওৰ কেচা পথটোৰে আগবাঢ়িল সি। ইতিমধ্যে মনটো চেবাইছে তাৰ। একঠেঙীয়াই তাৰ মনটো বেয়া কৰি দিলে।
লুংলুঙীয়া পথটো জয়াল। দুয়োকাষৰ ওখ গছবোৰ¸ বাঁহনিয়ে ঠাইখিনি ঘোপ মাৰি ধৰিছে। দিনতেই অলপ সেৰেঙা লাগে।
অলপদুৰ গৈছিলহে সি¸ হঠাতে গাৰ আগত বাঁহ এচোপ বাগৰি পৰিল। হতভম্ব হৈ পৰিল সি। বতাহ ধুমুহা নাই¸ কেনেকৈ বাঁহজোপা পৰিল!
কিনকিনিয়া বৰষুণজাকো এতিয়া কমিছে। মদনৰ পৰা মাত্ৰ চাৰি খোজমান আগত বাঁহজোপা।
মদনৰ মনটো অলপ চেবালে। বাঁহজোপা চেৰাই পাৰ হব¸ যদি কিবা হয়! সি অলপ ৰল। অলপ ভাবি খালত নামি বাঁহজোপা গাত নলগাকৈ পাৰ হল সি। সি পাৰহোৱাৰ লগেলগে হৰহৰাই বাঁহজোপা উঠি গল। উচপ খাই ঘুৰি চালে সি। বাঁহজোপা এতিয়া পৰি থকা নাই। সি অলপ ৰল। ভয় লাগিছে তাৰ। বুজিছে¸ আজি সেইটোৱে পালে। ইষ্টদেবতাক স্মৰণ কৰি আগবাঢ়িল সি।
: হুড হুড হুড হুড…হুডু হুডু হুডু হুডু…
- হঠাতে বাঁহৰ আগলিবোৰ লৰি কিহবাই মাতিব ধৰিলে। মদনেও বুজিছে¸ একমাত্ৰ সাঁহসেহে আজি বছাব পাৰিব। মাথো দুশ মিটাৰ কেনেবাকৈ যাব পাৰিলেই গাঁওখন পাবগৈ। নতুনকৈ শিলগুটি দিয়া ৰাষ্টাটোৰ পৰা শিলগুটি কেইটামান জেপত ভৰালে সি। দুয়ো হাতত কেইটামান শিলগুটি লৈ আগবাঢ়ি গৈ থাকিল। হঠাতে তাৰ চকুত পৰিল ওচৰৰ জংঘলৰ পৰা প্ৰকাণ্ড কিবা এটাই তালৈ ট টকৈ চাই আছে। তাৰ বুকুখন চিৰিংকৈ উঠিল।
: হুড হুডু হুড হুডু…ধৰ ধৰ…হুড হুডু হুড হুডু…ধৰ ধৰ
- পুৰ্বতকৈয়ো জোৰেৰে বাঁহৰ আগলিবোৰ লৰি জোপাহাৰ মাজৰ পৰা চিঞৰ ভাহি আহিল।
এইবাৰ আৰু মদন ৰৈ থাকিব নোৱাৰিলে।
: ঐ চুৱৰৰ বাচ্ছা¸ কাক ধৰ তই! ৰহ¸ তোকে নিম মই। ওজাই নিব দিছিল দুটা। পালো এটা। হব¸ এটাকেই বধিম আজি।
- উপস্হিত বুদ্ধিৰে চিঞৰি শব্দ হোৱাৰ ফালেই শিলগুটিবোৰ মাৰি পঠিয়ালে সি। লগেলগে সকলো বন্ধ।
বাঁহৰ আগলি লৰা¸ হুড হুডু শব্দ বন্ধ হৈ গল। গপগপাই খোজ দি কাণ উনাই থাকিল সি। এই জয়াল নিস্তব্ধ পৰিবেশত নিজৰ খোজৰ শব্দ স্পষ্টকৈ পৰিছেহি তাৰ কাণত। আৰু মাথো এশমিটাৰ গাঁওৰ সীমালৈ। এপাকত তাৰ ইচ্ছা হল¸ যেন দৌৰ মাৰি যাবগৈ। পিছ মুহুৰ্ততে ভাবে সি¸ নাই এয়া উচিত নহব! এতিয়ালৈকে ই চল পোৱা নাই। ৰাতিৰ কথা¸ তাৰ চিঞৰ কাৰো কাণত নপৰিব। তাতকৈ সাহসেৰে এইখিনি কেনেবাকৈ যাব পাৰিলেই। মনটোক প্ৰবোধ দি সি আহি থাকিল। হঠাতে সি ৰৈ যাব বাধ্য হল। ৰাষ্টাটো সামৰি এটা প্ৰকাণ্ড কলা বলধ বহি আছে। ৰাষ্টাটোৰ দুয়ো কাষ সামৰি লৈছে বলধটোৱে। নিজৰ জীবন কালত ইমান ডাঙৰ গৰু কাহানিও দেখা নাই সি। চাগে থিয় হলে গৰুটো কমেও ছফুট ওখ হব! গৰুটোৱে তাৰ ফাললৈ মুখ কৰি একেঠিৰে তালৈ চাই আছে।
তাৰ মনটোৱে কৈ উঠিল এয়া গৰু নহয়। ভয় নাখাবি! ইষ্ট দেবতাক স্মৰণ কৰি সিয়ো ৰাষ্টাৰ মাজতে বহি পৰিল। জেপত শিলগুটিবোৰ আছেই।
তাৰ মাজৰ পৰা গৰুটোৰ দুৰত্ব মাথো পাঁচফুট। কোনোপধ্যে গৰুটো চেৰাই পাৰ হবলৈ তাৰ সাহস নাই।
: মই তোক অশান্তি কৰা নাই¸ তই কিয় মোক অশান্তি কৰিছ! দে তোৰ কিমান শক্তি চাও।
- খঙৰ ভমকত কৈ ডাঙৰ শিলগুটি দুটা বুটলি সি থিয় দি ৰল। তাৰ দৃষ্টি নিবদ্ধ বলধটোৰ ওপৰত¸ বলধটোৰ দৃষ্টি নিবদ্ধ তাৰ ওপৰত। প্ৰায় আধাঘন্টাতকৈ বেছি সময় দুয়ো তেনেকৈয়ে ৰল। এটা খোজো বলধটো আগুৱাই অহা নাই¸ মদনেও এটা খোজো বঢ়োৱা নাই। মদনৰ দৃষ্টি নিবদ্ধ। কাষলৈ আহিলেই শিলগুটি মাৰিম।
হঠাতে গাটো লৰাই গৰুটো থিয় হল। মদনৰ গাটো সিয়ৰি উঠিল। এতিয়া কি কৰিব! যদি সি আক্ৰমণ কৰে। কি হব মদনে নাজানে। ইষ্ট দেবতাক সুৱৰি সিয়ো সাজু হৈ আছে¸ প্ৰয়োজন হলেই দৌৰিব এইবাৰ। চাগে এনেকৈ থাকি গৰুটোৰ আমনি লাগিল। এইবাৰ ৰাষ্টাটো এৰি একাষে থিয় দি ৰল। এক মহুৰ্ত মাথো ভাবিলে মদনে। হয়তো আৰু সুযোগ নাপাব। হয়তো সি ৰং চাব খুজিছে। সি ভয় খাব নোৱাৰে। সভয়ে গৰুটোৰ ফালে চাই মদনে ৰাষ্টাৰ আনটো ফালেৰে পাৰ হল। হাতৰ শিলগুটি দুটা জোৰকৈ মুঠি মাৰি ধৰিলে সি। ইতিমধ্যে তাৰ উশাহ স্তব্ধ হৈ গৈছে। এইবাৰ গৰুটোৱে লাহে লাহে তাৰ পিছ ললে। সি গম পাইছে। সি উভতি চাওতে ৰৈ গৈছে গৰুটো। সি খোজ ললেই গৰুটোৱেও খোজ লৈছে¸ সি ৰৈ গলেই গৰুটোও ৰৈ গৈছে। গাঁওখন পাবলৈ মাথো কেইখোজ মান হঠাতে গৰুটো অদৃশ্য হৈ গল। স্বস্তিৰ নিশ্বাস এটা এৰিলে মদনে উস ৰক্ষা।
: তোক নাপালুং যা।
- হঠাতে অলপ দুৰত বাঁহজোপাৰ মাজৰ পৰা কোনোবাই ফটা মাতেৰে চিঞৰি উঠিল।
এইবাৰ খঙে চুলিৰ আগপালে মদনৰ। অথনিৰ পৰা এইটোৱে জলাইছে। গাঁওখন পাইছে যেতিয়া আৰু ভয় নাই। ওচৰতে মানুহৰ ঘৰ।
: ঐ হাৰামজাদা একঠেঙীয়া¸ তোৰ এখত ঠেঙটো নায়েই¸ এইখনো ভাঙিম। আজি তোক লগ নাপালো। সোনকালেই ধৰিব আহিম ৰহ।
- সমাজ বৰ্জিত কেইটামান শব্দ চিঞৰি বাঁহকেইচোপৰ মাজলৈ শিলগুটিবোৰ দলিয়ালে সি। কোনোবাই বাঁহৰ মাজৰ পৰা ভিতৰলৈ দৌৰাৰ শব্দ হল।
আৰু এখন্তেকো নৰৈ ওচৰৰ মানুহঘৰৰ জপনা খুলি সোমাই গল মদন।
: ঐ পমেশকা¸ উঠচোন উঠ।
- বন্ধ দৰ্জাখনত ঢকিয়ালে সি। গাঁওৰে সেই মানুহজন তাৰ ককায়েকৰ বয়সৰ। তাক মৰম কৰে। চাগে সকলোৱে শুই গৈছিল।
: মদন¸ ইমান ৰাতি? কি হলনো? - আচৰিত হৈ মানুহজনে সুধিলে তাক।
আদিৰ পৰা গুৰিলৈ সকলো আদ্যোপান্ত বিবৰি কলে সি। ভায়েকক জগাই তাক আগবঢ়াই থবলৈ আহিল পমেশকা।
চাগে তেতিয়ালৈ বাৰমান বাজিছিল। মদনৰ ঘৈনীয়েক আৰু মাক তেতিয়াও শোৱা নাছিল। ঘৈনীয়েকে বাৰে বাৰে নঙলা মুখলৈ চাইছিল। চিন্তা লাগিছিল তেওলোকৰ। তেতিয়ালৈ কোনেও ভাতখোৱা নাছিল।
চোতালত মদনৰ মাত শুনি মাক আৰু ঘৈনীয়েকে লেমটো লৈ ওলাই আহিল।
: হেৰি¸ ইমান দেৰি কৰিলেযে?
- ঘৈনীয়েকৰ কথাৰ সি উত্তৰ দিয়াৰ আগতেই পমেশকাই কৈ উঠিল-
: ডাঙৰমাই¸ আগতে ইয়াক অলপ কলাখাৰ খুৱাই গাটো সেকি লব দে।
মদনৰ মাকক পমেশে ডাঙৰমাই বুলি মাতে। ঘটনাটো কলে তেও।।
------------------------------------------------------------------------
( ১৯৮৯-৯০ চনৰ এটা সত্য ঘটনা।)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib