ৰিবেশ_দিবস_পালনৰ_অনুভব
(মোৰ দৃষ্টিভংগী)
(মোৰ দৃষ্টিভংগী)
এক বৃক্ষ দহ পুত্ৰ সম। এজোপা গছ কটাৰ আগতে দহজোপা ৰুবা।
সৰুৰে পৰা পাঠ্যপুথিত¸ সভা-সমিতিত¸ জেষ্ঠজনৰ মুখত শুনি আহিছো।
মোৰ আজোককাৰ তিনিজন পুতেক আছিল ককাৰ দুজন পুতেক। আজি আমাৰ ককাই-ভাই আঠজন। আজোককাৰ দুপুৰা মাটি ভাগ হৈ কঠালৈ আহিছে। গছ-বনবোৰ কাটি এতিয়া ঘৰ সাজিলো। এইদৰে গাওবোৰ নগৰ হল। জনসংখ্যা বাঢ়িল। গছ-গছনি কমিল।
প্ৰাকৃতিক ভাৰসাম্য হীনতাৰ বাবে আজিকালি বতৰৰ ৰেহৰূপ সলনি হৈছে। ৰাজপথত ইউৰো ২ কাৰ চলিছে¸ কল-কাৰখানা¸ ইটাভাতাই দৈনিক কলাধোৱা এৰি আছে। সময়ৰ বিবৰ্তনত আজি সকলো ভেজাল হল।
শাক-পাচলিৰ নামত খাইছো ইউৰিয়া।
গাখীৰত পানী নে পানীত গাখীৰ মিহলাই ধৰিবই নোৱাৰি।
কণীটোও ভেজাল হল। সুস্বাদু ফলৰ নামত খাই আছো শৰীৰৰ বাবে অপকাৰী গেছ। চালানী মাছ¸ ভেজাল মিঠাতেল…
বাপৰে বাপ
নতুনকৈ আকৌ চীনে বজাৰত মেলি দিছে প্লাষ্টিকৰ চাউল¸ অাৰ্টিফিচিয়েল ব’নলেচ মিট¸ বন্ধাকবি…।
আনকি প্ৰানীৰ প্ৰাণ পানীখিনিও হল ভেজাল। বহুতে পিয়াহত খাই আছে আৰ্চেনিক মিহলি পানী…।
উস: ভগবান!

কিন্তু ইমানবোৰ ভেজালৰ মাজতো আপুনি এতিয়া নিৰ্ভেজাল পাই আছে¸ যাৰ অবিহনে জীয়াই থকাই অসম্ভব! সেয়া হৈছে অক্সিজেন। প্ৰাণীৰ শ্বাস-প্ৰশ্বাসৰ উপাদান।
কিন্তু কিমান দিনলৈ??
কল্পনা কৰকচোন।
অক্সিজেন বিহীন এখন পৃথিবী কেনেকুৱা হব!!
যদি গছেই নাথাকে প্ৰয়োজনীও অক্সিজেন পাব কৰ পৰা।
অক্সিজেন বিহীন এখন পৃথিবী কেনেকুৱা হব!!
যদি গছেই নাথাকে প্ৰয়োজনীও অক্সিজেন পাব কৰ পৰা।
এচাম অসাধু লোকে সদায় বনাঞ্চল ধ্বংস কৰি আহিছে। প্ৰকৃতি প্ৰদত্ত সকলো উপাদানেই মানুহৰ বাবে দৰকাৰী।
প্ৰকৃতি ধ্বংসৰ এই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰ সংঘই ১৯৭৪ চনৰ ৫ জুনত এটি সজাগতাৰ সৃষ্টি কৰিবলৈ নিৰ্দিষ্ট দিনটোক বিশ্ব পৰিবেশ দিবস হিচাপে ঘোষণা কৰি প্ৰতিবছৰে পালন কৰিবলৈ আহ্বান জনাইছিল।
কথা হল পৰিবেশ ৰক্ষাৰ বাবে আমি কি কৰিব পাৰো!! অন্তত কিছু গছপুলি ৰুই নোহোৱা হৈ অহা গছৰ সংখ্যাৰ খালি ঠাই পুৰাব পাৰো। অসম সন্তান শ্ৰীযুত যাদব পায়েং ডাঙৰীয়াই নিজাববীয়া প্ৰচেষ্টাত সৰুকৈ এখনি অৰণ্যৰ সৃষ্টি কৰিছে। অন্তত আমি বাৰমাহত বাৰ জোপা গছতো ৰুব পাৰো!
সাধাৰণতে পৰিবেশ ৰক্ষাৰ বাবে বা গছপুলি ৰোপনৰ বাবে নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই!কিন্তু যান্ত্ৰিক সভ্যতাৰ মানুহৰ মাজত সজাগতা আনিবলৈ পৰিবেশ দিবসৰ প্ৰয়োজন আছে।
প্ৰতিজন ভাল¸ দায়বদ্ধ নাগৰিকে সেই অনুসৰি আজি এজোপা হলেও গছপুলি ৰুইছে। এটা হিচাপ কৰকচোন¸ ভাৰতৰ মুঠ জনসংখ্যাৰ তিনি শতাংশ লোকেও যদি বৃক্ষৰোপন কৰিছে তেন্তে সেই বৃক্ষৰ দহ শতাংশ বাছি থাকেও প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত কিছু হলেও সকাহ।
সেইবুলি ৰোপন কৰা গছপুলিৰ দহ শতাংশহে জীয়াই থাকিবলৈ আশা নকৰো। এশ শতাংশই জীয়াই থকাটোহে আমাৰ কাম্য। আৰু আপদালৰ বিষয়টো অকল ৰোপন কৰা ব্যক্তিৰে নহয়¸ দাতিকাষৰীয়া সকলো নাগৰিকৰে কৰ্তব্য।
সেইবুলি ৰোপন কৰা গছপুলিৰ দহ শতাংশহে জীয়াই থাকিবলৈ আশা নকৰো। এশ শতাংশই জীয়াই থকাটোহে আমাৰ কাম্য। আৰু আপদালৰ বিষয়টো অকল ৰোপন কৰা ব্যক্তিৰে নহয়¸ দাতিকাষৰীয়া সকলো নাগৰিকৰে কৰ্তব্য।
পৰিবেশ দিবস উপলক্ষে মই বাৰ কিলোমিটাৰ অতিক্ৰমি প্ৰায় বিশজনলোকে প্ৰায় তিনিশ মানুহক সাক্ষী কৰি দহটা গছপুলি পুতিলো। এতিয়া এই তিনিশ বিশ জন লোকৰ কৰ্তব্য এই দহটা পুলি আপদাল কৰাটো! আমি নোৱাৰিমনে!!
কথাহল আজি কেইখনমান চেল্ফি উঠি আপলোড কৰিলো। অকল লাইক¸ কমেন্টৰ লোভতে নহয়! মোৰ ফটোখিনি চাই যাতে এজন হলেও লোকৰো মন যায় বৃক্ষৰোপন কৰিব।
মোৰ অঞ্চলৰ উদাসীন লোকসকল যাতে সজাগ হয়। অ’ তাতে মোৰ প্ৰফাইলটো যদি সুন্দৰ হয়¸ সেয়াতো বোনাছ!
মোৰ অঞ্চলৰ উদাসীন লোকসকল যাতে সজাগ হয়। অ’ তাতে মোৰ প্ৰফাইলটো যদি সুন্দৰ হয়¸ সেয়াতো বোনাছ!
আমাৰ সমাজত এচাম লোক আছে¸ যিয়ে সকলোতে ভুলেই দেখে। হয় এশজনৰ মাজত এজনৰ বৃক্ষৰোপন ফেশ্বন হব পাৰে¸ অন্তত কিছুসংখ্যক গছপুলিৰ আপদালো নহব পাৰে। কিন্তু আওপকীয়াকৈ তেওলোকে পৰিবেশ ৰক্ষাত কিছু হলেও বৰঙনি যোগাইছে।
অথচ আপোনালোকে…
অথচ আপোনালোকে…
সেয়েহে অনুৰোধ¸ সদায় নিগেটিভ চিন্তাবোৰ নকৰি সমাজৰ কথাও অলপ ভাবক। মনত ৰাখিব¸ বৃক্ষৰোপন কৰি আপুনি নিজৰ সন্তানৰ বাবেহে এৰি যাব ওলাইছে অলপ অক্সিজেন। যেনেকৈ এৰি যাব স্হাৱৰ-অস্হাৱৰ সম্পত্তি।
0 comments:
Post a Comment