Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

এটা ৰাতিৰ ধুমুহা

Unknown

: সাহসী হোৱাটো ভাল¸ কিন্তু মৰসাহস নকৰিবি। তই বিশ্বাস নকৰিলেও আননেচাৰেল এলিমেন্টচবোৰ নোহোৱা হৈ নাযায়।
- তপনে কলে ৰূপকক। আমাৰ নিয়মীয়া আড্ডাত আজিৰ বিষয় ভুত। যোগেনৰ দোকানৰ তক্তাপোছখনত বহি সাত ভাৰস্তৰ কথা পাতো আমি। সোনতলীত হেনো কাৰোবাক ভুতে লম্ভিছে¸ আহিয়ে কৈছিল তপনে। দেখি আহিছে সি। কিন্তু ৰূপকে বিশ্বাস নকৰে। তাৰ মতে এই মানসিক বেমাৰ। তপনো এৰি দিয়া ভকত নহয়। কলেজত দুবছৰৰ শ্ৰেষ্ঠ তাৰ্কিক আছিল সি।
: হহুৱালিদে ভাই। কুৰি শতিকাৰ শিক্ষিত লৰা হৈ আনএডুকেটেটৰ দৰে কথা কলে মানুহে হাঁহিব।
- হাঁহি হাঁহি কৈ উঠে ৰূপকে।
তপন অলপ আহত হল। ৰূপকে তাক প্ৰকাশ্যে ঠাট্টা কৰিছে।
: তই তেনে আন নেচাৰেল শক্তিক বিশ্বাস নকৰ?
: নকৰো।
: ঠিক আছে¸ বীট লগাও আহ। যদি সাহস আছে আজি ৰাতি শ্মশানৰ পৰা আহগৈ। মোৰ কথা সচা নে মিছা তেতিয়া প্ৰমাণ পাই যাবি।
- হঠাতে কৈ উঠে তপনে। আমি চমকি উঠিলো। আজি এজনক খৰি দিছে শ্মশানত। গাঁওৰে মদনৰ ঘৈনীয়েক ঢুকাইছে আজি।
আইতাহঁতে কৈছিল মৃতকৰ সৎকাৰৰ দিনা শ্মশানত গণ বহে। নতুন সদষ্য গৰাকীক হেনো মেল বহাই আদৰি লয়। কথাটো বিশ্বাস নকৰো। কিন্তু ভৌতিক অস্তিত্বক অস্বীকাৰ নকৰো।
: হেৰৌ¸ শ্মাশান পবিত্ৰ ঠাই। শ্মশানত বেয়া বস্তু নাথাকে নহয়!
- কৈ উঠিলো মই।
: জানো¸ কিন্তু শ্মাশানৰ কাষৰ বিদ্যুতক মৰা পুখুৰীটোৰ পাৰত দেখিবটো।
- কৈ উঠিল তপনে। তাৰ চেলেঞ্জ ৰূপকে।
: হব দে যাম। কিন্তু তয়ো যাব লাগিব লগত। কিজানে মই কথায়ে কও।
- চকু টিপ মাৰি হাঁহি মাৰি কৈ উঠে ৰূপকে।
: নে ভয় কৰিবি?
- কথাত তাৰ ঠাট্টাৰ সুৰ।
: ঠিক আছে ওলাবি বাৰ বজাত।
- গহীন হৈ কৈ উঠিলে তপনে।
চমকি উঠিলো মই। এয়া কি ভয়ংকৰ বাজী লগাইছে ইঁহতে। দুয়ো সাহসী। মাষ্টৰৰ পুতেক ৰূপকে ভুত-পিশাচ বিশ্বাস নকৰে। নকৰিবৰে কথা। বৈজ্ঞানিক ভিত্তি নহলে একো কথাই বিশ্বাস নকৰে সি। চায়েঞ্চৰ ষ্টুডেন্ট আছিলটো। তাৰ ঘৰো গাঁওৰ মাজত। কোনোদিনেই এইবোৰৰ মুখামুখি হোৱা নাই।
আনহাতে তপন আৰু মোৰ ঘৰ লগালগি প্ৰায়। তপনৰ ঘৰৰ পৰা দহটামান ঘৰ এৰি গলেই মোৰ ঘৰ।
কেইবছৰমান আগতে বিদ্যুৎ নামৰ লৰা এটাক হানিখুচি হত্যা কৰিছিল শ্মাশানৰ ওচৰৰ বাঁহৰ বাৰী এটাত। পিছত মৃতদেহ বস্তাত ভৰাই শিলগাঠি সিঁহতৰে শ্মশানৰ ওচৰৰ পুখুৰীটোত পেলাই দিছিল। তিনিদিন মান পিছতহে মৃতদেহ উপঙি উঠিছিল। তাক হত্যা কৰা বাঁহৰ বাৰীটোৰ পৰা এতিয়াও তাৰ মৰণকাতৰ চিঞৰ ভাহি আহে মাজেমাজে। ৰাতি বিলত মাছ মাৰিব যোৱা বহুতেই হেনো তাক পুখুৰীৰ পাৰত দেখি উভতি আহিছে। সত্যাসত্য নাজানো¸ কিন্তু চিঞৰাটো সত্য। মই নিজেই শুনিছো। খানা খাব গৈছিলো বন্ধু এজনৰ ঘৰত। ইলেকচনৰ খানা। বিধান সভাৰ কেণ্ডিডেট গৰাকীয়ে পইছা দিছিল। আমি ভাতখাই উঠিছিলোহে মাথোন। তেনেতেই চিঞৰটো শুনিছিলো¸ ’ মাই ঐ¸ মোক বছা ঐ’। গাৰ নোম শিয়ৰি উঠিছিল। ৰাতি ভোটা লৈ জোৰা চাব যাওতে দেউতাহঁতে বহুদিন বাঁকৰ মুখামুখি হোৱা কাহিনী শুনিছো। বিলত মাছ মাৰি থাকোতে বহুত মাছ পাই পাহৰি পানীৰ মাজলৈ গৈ থাকে আৰু পকনীয়াত পৰি ঘুৰি আহিব নোৱাৰা হয়। বাট হেৰুৱাই।
এতিয়া ইহঁত দুজনৰ কথা শুনি মোৰ পেটতে হাতভৰি লুকাল। ৰূপকে বিশ্বাস নকৰে নাই সেইবুলি জোৰকৈ ধাৰনাতো সুমুৱাবলৈ চেষ্টা কৰাটো উচিত নহয়।
: ঐ বাদ দে এইবোৰ। ভুত থাকিলেও আছে¸ নাথাকিলেও নাই। আমাৰনো কি আহে যায়।
:ৰ না ভাই। ইয়াৰ সখীয়েকৰ সাক্ষাৎ লৈ আহো।
- হাঁহি হাঁহি তপনৰ ফালে চাই ৰূপকে কৈ উঠিল। ঠাট্টাৰ সুৰ স্পষ্ট।
: হব দে ৰাতিলৈ ওলাবি। - তপনে কৈ উঠিল। ’বেটা ৰাতিলৈয়ে পাবি ৰ।’ এনে এক ভাব তাৰ মনত।
: পৰশ¸ তই সাক্ষী আছ দেই। ৰাতিলৈ ই কোনোপৰিস্হিতিতে নাযাও কব নোৱাৰিব।
- মোৰ মুখলৈ চাই তপনে কৈ উঠিল।
কথাবোৰ বেয়াৰ ভালে গল। হাজাৰ হওক দুয়ো মোৰ বন্ধু। সাহস মোৰো আছে কিন্তু মৰসাহসী নহও।
: অই‘ ময়ো যাম তহঁতৰ লগত।
- ’এজন ধৰে দুজন চাই তিনিজন ঘুৰি যায়।’ - আইতাহঁতৰ কথাবোৰ বিশ্বাস নকৰিলেও মনত সাহস পোৱা যায়।
বন্দোবস্ত হল¸ ৰাতিলৈ শ্মাশনত যাম। প্লেনমতে মুৰ্গী এটা লৈ তিনিও আমাৰ ঘৰলৈ আহিলো। ঘৰত কলো আজি খানা খাম। ভাতপানী খাই তিনিও ঘৰৰ মানুহক দেখুৱাই মোৰ ৰুমলৈ শুবলৈ আহিলো।
ঠিক চাৰে বাৰমান বজাত তিনিও হাতত সাৰে ভৰিত সাৰে ওলালো। ইতিমধ্যে ঘৰৰ সকলো নি:পালি দিছে। মোৰ হাতত তাবিজ এটা আছেই। তপনৰো আঙুঠি আছে। ৰূপকৰ শৰীৰ উদং। একো বন্ধনীয়েই নাই তাৰ। সি নাষ্টিক যুক্তিবাদী। সকলোতে মাথো যুক্তি বিচাৰে। লোহাৰ দাখন তাৰ হাতত দিলো। সি নললে¸ হাঁহিলে মাথো। ময়ে ললো। মোৰ ৰুমত থকা সৰু শিব বাবাৰ ফটোখনত সেৱা কৰি তপন আৰু মই ওলালো। অাহিবৰ সময়ত তপনে সৰু ফটোখনো লগত লৈ আহিল।
হাতত সাৰে ভৰিত সাৰে তিনিও ওলালো। গাঁওখনত মৰিশালীৰ নিৰ্জনতা। চৌদিশে ঘনঘোৰ অন্ধকাৰ। অমাশ্যালৈ মাথো দুদিনহে বাকী। জিলিৰ মাতে পৰিবেশটো ভৌতিক কৰি তুলিছে।
শ্মশানলৈ যাওতে বিদ্যুতক মাৰা বাঁহনি বাৰীটোৰ কাষেৰে যাব লাগে। ওখ বাঁহকেইজোপা হাওলি ৰাষ্টাতো অন্ধকাৰ কৰি তুলিছে। ভয়ে ভয়ে বাৰীটোৰ মাজলৈ চালো¸ নাই একো নাই। আমাৰ পৰা দুখোজ আগত ৰূপক¸ তপন আৰু মোৰ খোজ সমানত। তপনৰ ভয় লাগিছিল নে নাই নাজানো¸ মোৰ হলে লাগিছিল। গায়ত্ৰী মন্ত্ৰতো মনতে এবাৰ পাঠ কৰি হনুমান চলিচাখন মনতে মাতিলো। ভয় ভাবতো অলপ আতৰিল। চাগে তপনেও একেই কৰিছিল। গায়ন্ত্ৰী মন্ত্ৰ¸ হনুমান চলিচা¸ মহা মৃত্যুঞ্জয় মন্ত্ৰ সকলো মোৰ মুখস্হ। মন্ত্ৰ শক্তিক মই বিশ্বাস কৰো। সম্পৰ্কীয় মামী এজনীক ভুতে লম্ভাৰ পিছৰ কাৰ্য্যকলাপ মই দেখিছো। খীনমীন মহিলা গৰাকীয়ে আমাৰ দৰে চাৰিটা পাহুৱাল ডেকাক একেলগে দলিয়াই দিয়া দেখি স্তম্ভিত হৈছিলো।
তিনিও গৈ শ্মশানৰ মৃতকক সৎকাৰ কৰিব যোৱা লোকসকল জিৰাবলৈ বন্ধা টিনৰ চালিখনৰ তলত বহিলোগৈ। কাৰো মুখত মাত নাই। মোৰ ভয় লাগিছে¸ তপনেও ভয় খাইছে¸ যদিও দেখুওৱা নাই। ৰূপক ভাবলেশহীন হৈ বহি আছে। এই মহুৰ্তত মোৰ বাবে এই সময়খিনি যন্ত্ৰনাদায়ক নে বিৰক্তিদায়ক ঠিক ধৰিব নোৱাৰিলো। যিমানেই নাভাবো বুলি ভাবিছো¸ সিমানেই আইতাৰ কথাবোৰ মনত পৰিছে। আজি মদনৰ ঘৈনীয়েকক খৰি দিয়া ঠাইখিনি এতিয়াও সজীব হৈ আছে। অবশিষ্ট খৰি আৰু ছাই দম হৈ আছে।
সময় দুই বাজিল। একো অস্বাভাবিক পৰিস্হিতিৰ মুখামুখি হোৱা নাই। ফেৰফেৰীয়া বতাহ এজাক বলিছে। স্বস্তিৰ নিশ্বাস এটা এৰিলো মই। সোনকালে ঘৰলৈ যাব পাৰিলেই হয়। কিন্তু ইঁহত দুয়োটা যেন ভাবলেশহীন। নিজৰ ওপৰত খঙো উঠিল। কিহে পাইছিল মোক ইঁহতৰ লগত আহিবলৈ। দোষ্টি দেখুৱাবলৈ নিজেই বিপদত ভৰি দিছো। আটাইতকৈ সৰু ৰাশি মোৰ মীন¸ ৰূপকৰ তুলা¸ তপনৰ বৃষ।
: কিয়ো একো নাইচোন!
- নিৰবতা ভংগ কৰি ৰূপকে হাঁহি উঠিল।
: মনে মনে থাক।
- বিৰক্তিৰে তপনে কৈ উঠিল। কণ্ঠত তাৰ উত্তেজনা।
: বল বিদ্যুতৰ পুখুৰীৰ পৰা আহোগৈ।
- ৰূপক এইবাৰ থিয় হল।
: আৰে ইয়াৰ পৰা পুখুৰীৰ পাৰ দেখা পাইতো। তালৈ কিয় যাব লাগে।
- কৈ উঠিলো মই। হয়তো খঙতে মাতটো ডাঙৰকৈ ওলাইছিল। মোৰ ফালে অলপ চাই সি সি ঢেকঢেকাই হাঁহি উঠিল। যেন অবস্হাটোত সি ৰসহে পাইছে। এই মুহুৰ্ততো তাৰ সাহস দেখি সচাকৈয়ে আচৰিত হলো মই। তপনে একো নকলে।
পকাৰ বেঞ্চখনত তিনিও বহি আছো। অপাকৃতিক এক দুৰ্জেয় শক্তিৰ মুখামুখি হবলৈ আমি ৰৈ আছো। মোৰ প্ৰস্ৰাব লাগিছে¸ কিন্তু চেপি আছো প্ৰয়োজন হব বুলি ভাবি। বেজ এজনৰ মুখত শুনিছিলো অধ্যাধিক ভয় লাগিলে নিজৰ প্ৰস্ৰাব অকন খাই গাত চটিয়ালে অপ্ৰাকৃতিক শক্তিয়ে স্পৰ্শ কৰিব নোৱাৰে। কিয়নো ভুত-প্ৰেতে দেখা সৰহ সংখ্য মানুহেই মৃত্যুমুখত পৰে হৃদপিণ্ড বন্ধ হৈ। সেয়েহে মনটোক বুজনি দি সাহসী হৈ আছো।
’আল ই বেল’ ’এভ্ৰিথিং ইজ অকে’ একো কৰিব নোৱাৰে। মনে মনে গায়ত্ৰী মন্ত্ৰ¸ হনুমান চলিচা মাতি আছো।
ইতিমধ্যে আড়ৈ বাজিল। ৰূপক যেন অধৈৰ্য্য হৈ পৰিছে। এপাকত সি থিয় হল।
: কি হল? - চকুৰ ইংগিতেৰে শুধিলো।
: প্ৰস্ৰাব কৰিম। - সৰু আঙুলিটো দেখুৱাই ইংগিত কৰে সি।
একো নকলো। তপন আৰু মই তাৰ ফালে চাই আছো। তালৈকে আমাৰ চিন্তা বেছি। একো বন্ধনীয়ে নাই গাত।
চালিখনৰ পৰা নামি গৈ প্ৰস্ৰাব কৰাত লাগিল সি। দুদিন আগতে দাহন কৰা চিতাখনৰ কাষতে প্ৰস্ৰাব কৰিছে সি। অলপ আতৰত মদনৰ ঘৈনীয়েকৰ চিতাখন। বিদ্যুতক পেলোৱা পুখুৰীটোৰ পাৰলৈ মুখ কৰি সি থিয় হৈ আছে।
শ্মাশানত প্ৰস্ৰাব কৰিব নাপায় চিতাৰ কাষত। সিয়ৰি উঠিলো। ৰূপকে নাজানে।
: ঐ তাত নকৰিবি।
- কোৱা নহলেই মোৰ¸ ৰূপক হামখুৰি খাই আগফালে পৰি গল।
আচৰিত হৈ তপন আৰু মই দৌৰি গলো। ৰূপক উঠিবলৈ নাপালেই¸ কোনোবাই যেন লেং মাৰি পেলাই দিলে।
: কোনে মাৰিছ ঐ। মৰিলো ঐ।
- ৰূপক চিঞৰি উঠিল। কোনোমতে পৰাৰ পৰা উঠিব পৰা নাই সি। আমিও তাৰ কাষলৈ যাব পৰা নাই। কিবা এটা প্ৰচণ্ড বাধাত যেন আগলৈ যাব পৰা নাই। বুকুৰ যেন স্পন্দন বন্ধ হৈ যাব। বিৰবিৰকৈ মহামৃত্যুঞ্জয় মন্ত্ৰতো কেইবাৰমান মাতি দাখন জোৰকৈ খামুচি সমুখলৈ শূণ্যতে ঘাপ এটা ৰূপকক টানি আনি আনিলো। বিষত সি কেকাঁই উঠিছে।
: তপন¸ ইয়াক ধৰ। - বাওহাতেৰে অকলে ৰূপকক উঠাব নোৱাৰি তপনলৈ চাও যে তাৰ দৃষ্টি এঠাইত আবদ্ধ হৈ পৰিছে। তাৰ দৃষ্টি কাঢ়ি এমুহুৰ্তৰ বাবে সিয়ৰি উঠিলো। মদনৰ ঘৈনীয়েকৰ চিতাৰ পৰা ধোৱা ওলাই আছে। অথচ অলপ আগলৈকে একো নাছিল।
: তপন¸ জোৰকৈ থাপৰ এটা দিয়াত তাৰ সম্বিত ঘুৰি আহিল। দুয়ো ৰূপকক ধৰি চালিখনৰ ভিতৰলৈ লৈ আহিলো। সময়তো বেয়া হৈ আহিছে। ইতমধ্যে দুখে¸ ভয়ে ৰূপক লেবেজান। ৰূপকে বহা ঠাইতে এৰি যোৱা শিবৰ ফটোখন ৰূপকৰ হাতত দি সেৱা কৰিবলৈ কলো। বিৰবিৰকৈ কপালত লগাই কি সেৱা কৰিলে সিহে জানে! হঠাতে এটা প্ৰচণ্ড শব্দত উচপ খাই উঠিলো। ৰূপকে ভয়তে চিঞৰি উঠিল। যেন বোমা বিস্ফোৰণহে ঘটিছে। ওচৰৰ বাঁহনি খনত বাহঁবোৰ ইটো সিটোত ধামধুমকৈ কোব খাইছে। যেন ধুমুহাহে আহিছে। অথচ বতাহ বলাই নাই।
: পৰশ¸ হাতত ধৰ।
- তপনে এখন হাতেৰে ৰূপকক সাবতি আনখন হাতেৰে মোৰ হাতত ধৰিলে। ময়ো ধৰিলো তেনেকৈয়ে।
: চকু নেমেলিবি।- সকীয়াই দি চিঞৰি হনুমান চলিচা¸ মহা মৃত্যুঞ্জয় মন্ত্ৰ মাতিব ধৰিলো। তপনেও বিৰবিৰকৈ ইষ্ট দেবতাক স্মৰণ কৰিছে। ৰূপক ভয়ত কপি আছে।
চিঞৰ-বাখৰ দৌৰাদৌৰি কৈ হৈছিল নাজানো। মোৰ কাণত একোৱে সোমোৱা নাছিল। আমাৰ বেলগছজোপাৰ তলৰ মন্দিৰৰ শিব বাবাৰ মুৰ্তিটো চকুৰ আগত ৰাখি বিৰবিৰকৈ জপ কৰি আছিলো। হথাতে অনুভব কৰিলো¸ কোনোবাই যেন মুৰ মুৰত হাতফুৰাই আছে। দুগুণে ভয় লাগিল। আৰু জোৰেৰে মহা মৃত্যুঞ্জয় পাঠ কৰিব ধৰিলো। তপনে চাগে হনুমান চলিচা মাতিছিল। মৃত্যুঞ্জয় মন্ত্ৰ সি নাজানে।
কিমান সময় তেনেকৈ আছিলো। চৰাইৰ কিচিৰ মিচিৰ মাত শুনি চকু মেলি চালো। অলপ অলপ পোহৰ হৈছে। পৰিবেশ এতিয়া শান্ত।এতিয়াও তিনিও সাবতি আছো।
: তপন¸ ঐ তপন¸ তেনেকৈ থাকিয়ে তপনক মাতিলো।
: হুম…-যেন নিদ্ৰাৰ পৰাহে উঠিল সি। মাতত তাৰ অলসতা। মোৰ নিজৰো তেনে যেন লাগিছে।
ঘড়ীটোলৈ চালো¸ চাৰি বাজো বাজো। ৰূপকলৈ চালো¸ অজ্ঞান হৈ তপনৰ কান্ধত পৰি আছে। শিববাবাৰ ফটোখন তপনৰ চাৰ্টৰ আধা ভিতৰত আধা বাহিৰত।
তপনক উঠিবলৈ কৈ চালিখনৰ কাষৰ দমকলৰ পৰা পানী আনি ৰূপকৰ চকুত চটিয়ালো। কেইবাৰমান দিয়াৰ পিছত চকখাই চকুমেলিলে সি। এতিয়াও লৰাটো প্ৰকৃতিস্হ হব পৰা নাই। সমুখলৈ চাই কপি উঠিছে।
: ৰূপক¸ ঐ ৰূপক…।
- ভয়তে তপনে গাত হেচুকি মাতিলে তাক। আমাৰ ভয় লাগিছে। আমাক এতিয়া চিনি পালেই হয় সি।
: মোক ঘৰলৈ লৈ ব’ল। আৰু এখন্তেকো নাথাকো ইয়াত।
- ৰূপকে সাবতি ধৰিলে তপনক।
দুয়ো ধৰাধৰিকৈ তাক আমাৰ ঘৰলৈ লৈ আহিলো। ঘৰৰ কোনেও উঠা নাই। তাক বিছনাখনত শুৱাই দুয়ো দুয়ো দুকাষে বহিলো। নাই কোনোপধ্যেই চকু নুমুদে সি¸ উঠি উঠি বহে।
: ৰূপক¸ বি ষ্ট্ৰং য়াৰ। এতিয়া ঘৰতহে আছো।
- তাৰ পিঠিত থপৰিয়াই কৈ উঠিলো।
: মই আৰু ভুত নাচাও ঔ। ভুত আছে ঐ। - সি তপনৰ ফালে চাই হাতজোৰকৈ উচুপি উঠিল। তাৰ মুখহাতবোৰ উখহি উঠিছে।
উপায়বিহীন হৈ তিনিওখন ঘৰতে কথাবোৰ কবলগা হল। নকলেও নহয়। কুকুৰে নোখোৱা গালি শপনিবোৰ খালো। কেইবাদিনলৈ দুয়ো ৰূপকক চাইকেলত উঠাই নিজাম বেজৰ ঘৰলৈ নিবলগা হল। বহুত জৰাঁফুকা¸ পুজা পাতলৰ পিছত সি ভাল পালে। কিন্তু ভয়তো তাৰ মনত থাকি গল। যিমানেই কাম নাথাকক সন্ধিয়া আন্ধাৰ হোৱাৰ পিছত সি কলৈকো নোলায়।
বিয়া পতা পোন্ধৰ বছৰ হল। এতিয়াও সি ৰাতি প্ৰস্ৰাব কৰিব গলেও ঘৈনীয়েকক লগত লৈ যায়।
আমাৰ বেয়া লাগে। তাৰ আজিৰ অবস্হাটোৰ বাবে হয়তো আমিও দায়ী। সি বিশ্বাস নকৰে নাই¸ কিন্তু সেই সেইৰাতিৰ মৰসাহস উচিত নাছিল। তপন আৰু মই লগহলেই সেইবোৰ কথাই পাতো। কিছুমান ৰহস্যৰ উত্তৰ বিজ্ঞানৰ ওচৰতো নাই।
সেই ৰাতি মোৰ মুৰত কোনোবাই হাতবুলাই দিয়াটো কেনেকৈ অবিশ্বাস কৰিম!! শ্মশানত প্ৰস্ৰাব কৰাৰ অপৰাধত ৰূপকৰ কিলকেইটা জানো মিছা!!
উত্তৰ নাপাও। কিন্তু কিছুমান ৰহস্য সমাধান কৰিবলৈ চেষ্টা নকৰাই ভাল।
শিববাবাৰ ভক্ত হিচাপে¸ চাগে সেইৰাতি আমাক শিব বাবায়েই বছাইছিল। অবিশ্বাস্য ভাবেই সেই ঘটনাৰ দুমাহৰ পিছতে পি ডব্লিউৰ চাকৰীটো পাইছিলো মই। তপন আৰু ৰূপকে বাজি লগাইছিল। বন্ধুত্বৰ খাতিৰত মই সিঁহতক সহযোগ কৰিছিলো। বিপদৰ সেই চৰম মুহুৰ্ততো তিনিওজনৰে প্ৰাণৰক্ষা কৰিবলৈ সেৱা জনাইছিলো। হয়তো মোৰ মুৰত হাত বাবায়েই বুলাইছিল। হয়তো তেওৰ আৰ্শীৰ্বাদৰে ফল চাকৰীতো। কথাবোৰ এনেকৈয়ে ভাবিছো।।
------------------------------------------------------
(১৯৭৮ চনৰ এটি সত্য ঘটনাৰ আলমত)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib