Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

শনিবাৰৰ ৰাতি

Unknown

শনিবাৰে ৰাতি অকলশৰীয়া যাত্ৰাপথত পোৱা অচিনাকী সহযাত্ৰীক বিশ্বাস নকৰিব। বিশেষকৈ গাঁওলীয়া আলিবাটত অাওহঁতীয়া ঠাইৰে কেতিয়াও চৰ্টকাট নলব। মেইন ৰাস্তাৰে আহিব¸ লাগিলে দুৰেই হওক। নিশা বৰষুণত ভিজিলেও ঔ টেঙা¸ তেতেলী, আমগছৰ তলত আশ্ৰয় নলব। এইবোৰ গছৰ তলত কেতিয়াও প্ৰস্ৰাব নকৰিব। কিয়নো যিকোনো মুহুৰ্ততে তেওলোকৰ নজৰত আপুনি পৰিব পাৰে!
ঘটনাটো অলপ পুৰণি। বোধহয় ১৯৮০ চনৰ এপ্ৰিলৰ এটা দিন।
আজিহে লক্ষ্ণৌৰ পৰা অাহি পাইছে সি। খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধীনত এবছৰীয়া বিশেষ ট্ৰেইনিং এটা লৈ আহিছে সি। সম্পুৰ্ণ এটা বছৰ ঘৰৰ বাহিৰতে আছিল। গাঁওখন একেই আছে। ৰাস্তা-ঘাট বাট পথ¸ মানুহবোৰ একেই আছে। জন্মভুমিত উপস্হিত হৈ ৰোমাঞ্চিত হৈ পৰে সি।
’ জননী জন্মভুমি স্বৰ্গদপি গৰিয়সী।’
নিজ গাঁওৰ কেঁচা মাটিৰ গোন্ধে উতলা কৰে তাক।
সন্ধিয়া ছয়মান বজাত গুৱাহাটীত ট্ৰেইনৰ পৰা নামি কেনেবাকৈ মালবাহী ট্ৰাক এখনত উঠি ঘৰ পায়হি মানে নবাজি গৈছিল। ঘৰত অকল মাকহে আছিল। ককায়েক¸ বায়েক ঘৰত নাছিল। পিতাক সি লক্ষ্ণৌলৈ যোৱাৰ আগতেই ঢুকাইছিল।
: আজি যজ্ঞে ককায়েৰৰ বিয়া অ‘ সৰবাপু। বায়েৰ আৰু ককায়েৰ দুয়ো তালৈ গৈছে। মই অলপ আগতেহে আহিলো।
- তাৰ উৎসুকতা দেখি মাকেই কৈ উঠে তাক। তাক ঘৰত সৰবাপু বুলি মাতে। যজ্ঞেশ্বৰ ককাই তাৰ মাহীয়েকৰ পুতেক। এম ই স্কুলৰ শিক্ষক।
: মা¸ ময়ো বিয়ালৈ যাওদে নহলে!
- কৈ উঠে অংশুমানে। সম্পৰ্কীয় ককায়েকৰ বিয়া বুলি শুনি ভাল লাগি যায় তাৰ। আনহাতে নিজৰ ককায়েক¸ বায়েকক লগ পাবলৈয়ো সি উৎবাউল হৈ পৰিছে। বহুদিন দেখা নাই সিঁহতক।
: কিন্তু সৰবাপু¸ দৰা ওলাই গলেই নেকি? নগাঁওৰ কইনা¸ দৰা সোনকালেই যোৱাৰ কথা আছিল।
- মাকে চিন্তিত হৈ কৈ উঠে।
দক্ষিণ কামৰূপৰ ৰামপুৰৰ পৰা নগাওৰ ৰহালৈ প্ৰায় পাঁচঘন্টাৰ ৰাস্তা।
: একো নহয়দে মা¸ মই যাওগৈ। দৰা গাড়ী নাপালেও নাই। দৰা গৈছে যদি উভতি আহিম দে।
: চাৰ্টটো গাত সুমুৱাই কৈ উঠে অংশুমানে।
: বাপা¸ ইমান ৰাতি আহিব নালাগে যা। গাড়ী লগ নাপালেও তাতে শুই থাকিবিগৈ। মাহীয়েৰহঁতৰ ঘৰত বিচনাবোৰ খালি হৈয়ে থাকিব।
- কৈ উঠে মাকে। ৰাতিৰ কথা দিনকাল ভাল নহয়।
: হব দে মা¸ ইমান চিন্তা কৰিব নালাগে। যাম আৰু আহিম। যদিহে গাড়ী লগ নাপাও।
- হাঁহি মাৰি কৈ উঠে সি। মাকজনীয়ো যে আৰু! নিজৰ গাঁওখনতে অহা যোৱা কৰিবলৈ কি ভয় কৰিব সি।
: মই যাওগৈ দে।
- মাকক মাতসাৰ লগাই ওলাই আহে সি।
একাদশীৰ ৰাতি। জোন ওলোৱাই নাই। চৌদিশে ঘোপমৰা অন্ধকাৰ। নি:সাৰ হৈ আলিবাটতো পৰি আছে। সৰুসৰু ঘৰবোৰ অন্ধকাৰত ডুব হৈ আছে। কাচিৎহে দুই এঘৰৰ পৰা কিঞ্চিত পোহৰৰ বিন্দু এটা দেখা গৈছে। ওখ গছ গছনিবোৰ দৈত্যৰ দৰে থিয় হৈ আছে। সি খোজকাঢ়ি গৈ আছে। সিঁহতৰ ঘৰৰ পৰা মাহীয়েকহঁতৰ ঘৰলৈ মাথো এক কিলোমিটাৰ আলিবাটেৰে গলে। গণেশ মন্দিৰৰ ওচৰতে মাহীয়েকৰ ঘৰ। ঔগছ জোপাৰ তলেৰে হৰৰ বাৰীহৈ গলে বাটতো বহুখিনি চমু হয়। লুংলুঙীয়া পথটো অলপ আওহতীয়া। সচৰাচৰ ৰাতি সেইটো পথেৰে মানুহ অহাযোৱা নকৰে। কিন্তু দিনত মানুহৰ সঘন আহজাহ। প্ৰায় আধা কিলোমিটাৰ মানেই পথটো চমু হয়।
অংশুমানে ভাবে যিহতু বেছি ৰাতি হোৱা নাই আৰু দৰাৰ গাড়ী সোনকালেই যাবগৈ গতিকে চমু পথটোৱেই ভাল হব। হৰৰ বাৰীৰে গলে লংপেন্টত লগা শগুণ কাঠাখিনি বিয়াঘৰত গাড়ীত উঠিয়ো আতৰাব পাৰিব। গোটেই হৰৰ বাৰীটোৱে শগুণ কাঠাময়।
সিঁহতৰ ঘৰৰ পৰা অলপ গৈয়েই কেঁকুৰীটো। কেঁকুৰীৰে নগৈ চিধাকৈ দুৰৰ আমলখি জোপাৰ কাষেৰে মেইন আলিবাটেৰে গলে পথটো দীঘল। কেঁকুৰীৰে সোমাই গলে চৌধুৰীহঁতৰ প্ৰকাণ্ড ঔগছ জোপাৰ তলেৰে যাব লাগে। অনুভব হোৱাত গছজোপাৰ তলতে প্ৰশ্ৰাব কৰি বেগাই খোজ ললে সি। সোণকালে বিয়াঘৰ পাবগৈ লাগে।
: অই অংশু¸ ইমান বেগাই কলৈ যাৱ?
- অলপ আগবাঢ়ি যোৱাৰ পিছতে কাৰোবাৰ মাত শুনি উভতি চালে সি।
সেয়া নীলাম্বৰ। তাৰ লগৰেই লৰা। মহেন দাইটিৰ লৰা। সৰুৰে পৰা একেলগেই পঢ়িছিল তাৰ লগত। গাওঁৰ সিতো মুৰত মন্দিৰটোৰ কাষতে ঘৰ তাৰ।
: অ’ নীলাম্বৰ দেখোন। যজ্ঞেকাৰ বিয়া বোলে আজি। তালৈকে যাও ৰ
-কৈ উঠে সি। যাত্ৰাপথত লগৰীয়া এজন লগপাই মনটো ভাল লাগে তাৰ।
: তই আজি আহিলি নেকি?
- নীলাম্বৰে সুধিলে তাক।
: অ’ নটা মানত পালোহি। তই পিছে কোনফালে যাবি? বিয়ালৈ যাবি নেকি?
- অংশুমানে সোধে তাক।
: অ’ - চমুকৈ সলাগি থয় নীলাম্বৰে।
অলপ সময় নিৰবে গৈ থাকে দুয়ো।
: অই অংশু¸ হৰৰ বাৰীৰ মাজেৰে নাযাও। শগুণ কাঠা লাগে। তাতকৈ পুখুৰীৰ পাৰেৰে যাও আহ।
- হঠাতে কৈ উঠে নীলাম্বৰে।
হৰৰ বাৰীৰ পুবফালে কালিপদৰ প্ৰকাণ্ড পুখুৰীটো। অঞ্চলটোৰে ধনী সম্ভ্ৰান্ত পৰিয়ালটো আছিল কালিপদৰ। মানুহজন মৰি কেতিয়াবাই ভুত হল¸ কিন্তু পৰিয়ালটো এতিয়াও তেওৰ নামেৰেই প্ৰখ্যাত। এসময়ত পুখুৰীটোত মাছ পুহিছিল। এতিয়া নাই। কিন্তু এতিয়াও চৰী নোথোৱা পানী আছে। ঠাইখিনি অলপ আওহতীয়া জয়াল। বহুবছৰ আগতেই কোনোবা এজনে চুৰ কৰি মাৰিব যাওতে মৰি আছিল। সেইলৈ মানুহবোৰে তালৈ নাযায়।
ইতিমধ্যে নীলাম্বৰে সেইফালে পোনালেই। বিশেষ নাভাবি অংশুমানেও পিছে পিছে খোজ ললে। কথাতো অবশ্য হয়ো। হৰৰ বাৰীৰ মাজেৰে গলে শগুণ কঠাবোৰ এৰুৱাওতে আধ্যা পৰিব। তাতৈ পুখুৰীৰ কাষেৰে যোৱাই ভাল। দুৰত্ব সমানেই। এশমিটাৰ পাৰ হলেই প্ৰধান আলিত উঠিব পাৰি।
: অই অংশু¸
- তাক মাতি হথাতে থমকি ৰল নীলাম্বৰ।
: কি হল? ৰৈ গলি যে?
- নীলম্বৰ ৰৈ যোৱা দেখি আচৰিতলহল সি।
: অই অলপ সাঁতুৰো আহ। ভাল লাগিব।
- হাঁহি মাৰি নীলাম্বৰে কৈ উঠে।
: তই পাগল হলি নেকি?
- দৰাৰ গাড়ী গুছি যাব আৰু ই পাগলে এই ৰাতি সাতুৰিব আহে! খং উঠি গল তাৰ।
: একো নহয় আহ। ৰৈ থাকে নীলাম্বৰ।
- আকৌ জোৰ কৰে নীলাম্বৰে।
: ধেই পাগল। কি ফাল্টু কৰি আছ
- খঙে চুলিৰ আগ পাইহি তাৰ।
: এই চা¸ বেছি দ নহয়তো। জাপ মাৰি জপংকৈ পুখুৰীত জাপ মাৰি মুৰটো ডাঙি মাতিলে নীলাম্বৰে।
: হেই অসভ্য¸ তই যি কৰ কৰ। মই যাও।
- নীলাম্বৰৰ ফালে নোচোৱাকৈ গপগপাই আগবাঢ়ে সি। বিয়ালৈ লৰালৰি নোহোৱা হলে এতিয়াই নীলাম্বৰৰ দুয়োগালত দুচৰ বহুৱালে হয়।
বিয়াঘৰ পাই দেখিলে যে¸ দৰা কেতিয়াবাই গল। ককায়েক¸ বায়েকো গল। মাহীয়েক আছিল জায়েক কেইজনীৰ লগত। ৰঙাচাহ একাপ আনি দিলে মাহীয়েকে। তাৰ খবৰ-বাতৰি ললে। অলপ সময় কথা পাতি উভতি আহিল সি। মাহীয়েকে জোৰ কৰিছিল। কিন্তু বিয়াঘৰত থাকিবলৈ সি ইচ্ছা নকৰিলে। দৰাৰ লগত যাব নাপালেই। থাকি কি লাভ!
আহোতে চমু পথেৰে নাহি প্ৰধান আলিৰেই আগবাঢ়িল সি। এতিয়া আৰু কিঁহৰ লৰালৰি! ইতিমধ্যেই আকাশত জোন ওলাইছে।
অংশুমানে দুৰৰ পৰাই দেখিলে মাকে টিপচাকি লৈ নঙলা মুখত ৰৈ আছে। তেও জানে পুতেকৰ স্বভাব। দৰাৰ লগত যাবলৈ নাপালে উভতি আহিব।
: মা¸ তই শোৱা নাই!
: গাড়ী লগ নাপালি নহয়!
- তাৰ প্ৰশ্নৰ উত্তৰ নিদি মাকে শুধিলে।
: কেতিয়াবাই গল অ’। মই ইয়াত থাকোতেই গল।
- মাকক কৈ ঘৰলৈ সোমাই আহিল সি। নীলাম্বৰৰ ওপৰত তাৰ খংটো এতিয়াও কমা নাই।
’চাল্লা¸ পুখুৰীত সাতুৰিব লগ ধৰে।’
পিছদিনা ৰাতিপুৱাই নীলাম্বৰৰ ঘৰ ওলাল সি। মহেন খুড়া বাৰাণ্ডাতে বহি আছিল। তাক আঠে বেঠে মাতিলে তাক।
: অাহ বাপা¸ বহহি। ভালে আছা?
: আছো দে খুড়া। ইয়াক মাতচোন¸ তহঁতৰ নীলাম্বৰত।
- থিয়ৈ থিয়ৈ কৈ উঠে অংশুমানে। তাৰ এতিয়াও খং উঠি আছে নীলাম্বৰৰ ওপৰত। বাপেকৰ আগত কৈ গালি খুৱাম তাক।
: অ’ খুড়া¸ কালি নীলাম্বৰে কি কৰিছে জাননে!
- ৰাতিৰ সমস্ত ঘটনা বাপেকৰ আগত বিবৰি কলে অংশুমানে।
তাৰ কথা শুনি হুকহুকাই কান্দি উঠিল মানুহজনে। অংশুমান আচৰিত হল।
: অ’ বাপা¸ তই ভাল বাছিলি অ’। গুৰু সহায় আছিল তোৰ। আজি এমাহ হল¸ সেইটো পুখুৰীতে নীলাম্বৰে আত্মহত্যা কৰিলে।
- তাৰ গা মুৰ পিহি উচুপি উচুপি কৈ উঠে মানুহজনে।
অংশুমানৰ মুৰত যেন আকাশখনহে পৰিল। ভৰিৰ তলৰ মাটি যেন হেৰাই গল। এয়া কি কৈ কৈছে মানুহজনে! কথাবোৰ আকৌ এবাৰ জুকিয়াই চালে সি। নীলাম্বৰৰ বাপেকে সচাকৈয়ে কান্দিছে।
ভাৰাক্ৰান্ত মন এটালৈ সি ঘৰলৈ উভতি আহিলি। ৰাতিৰ সকলো কথা মাকক বিবৰি কলে। শুনি চকু বহল হৈ গল মাকৰ। কাপ এটাত অকণ কলাখাৰ খাবলৈ দি পূণ্য ওজাক মাতি আনিলে তেও। ওজাই অলপ জৰাঁফুকা কৰি মাডুলি এটা দিলে।
সেইদিনাৰ পৰা সেই চমু পথটোৰেই যাবলৈ এৰিলে সি। সেইদিনা পানীত মাজৰ পৰা তাক মাতোতেও নীলাম্বৰৰ গাটো শুকান আছিল। বিয়ালৈ যোৱাৰ ধাণ্ডাত সি লক্ষ্য কৰা নাছিল। এতিয়াও ঘটনাটো মনত পৰিলে তাৰ গাটো সিঁয়ৰি উঠে।।
---------------------------------------------------------------------------------------------------------------

(সত্য ঘটনাৰ এটা গল্প)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib