Now you can Subscribe using RSS

Submit your Email

Wednesday 30 August 2017

অতৃপ্ত আত্মাৰ বিননি

Unknown

গৰমৰ দিন। প্ৰকাণ্ড চোতালখনত আমি বহি আছো। আমি মানে ডেকা¸ শৰ্মা আৰু বৰবৰা আৰু মই। কলনিটোত লগালগি চাৰিওৰে কোৱাৰ্টাৰকেইটা। তিনিজনেই অবিবাহিত। শৰ্মাই পৰিবাৰক ঘৰতে ৰাখিছে। গাঁওৰ পৰিবেশ। মানুহে বেয়া ভাবিব পাৰে। আনহাতে বিয়াৰ কথা-বতৰা চলিলেও ডেকা আৰু বৰবৰা এতিয়াও দাম্পত্য জীবনত ভৰি দিয়াহি নাই। মইতো দুবছৰ মানলৈ ভাবিবই নোৱাৰো। অলপতে ঘৰত বিয়া এখন পাতিলোহে।
কলনিটোত কাৰেন্ট নাছিল। বিদ্যুতৰ নাটনিৰ বাবে দীৰ্ঘ দিনৰ পৰা পাৱাৰ কাট হৈ আছিল। জোনাক নিশা চোতালতে প্লাষ্টিকৰ চকীকেইখন পাৰি আড্ডা দিছিলো।
: এনেকুৱা জোনাক নিশা ভুতৰ গল্প শুনি বৰ ভাল লাগে।
- হঠাতে কৈ উঠিলো।
: হল আকৌ আপোনাৰ গাজাখুৰী!
- বৰবৰাই ঢেকঢেকাই উঠিল।গাঁওলীয়া ভুতৰ কাহিনীবোৰক গাজা বুলিয়েই ভাবে তেও।
: আপুনি ভুত দেখুৱাব পাৰিব?
- বহুদিনৰে পৰা বৰবৰাৰ হেপাহ ভুত চোৱাৰ নে আমাক জব্দ কৰাৰ।
: বেলেগ কথা পাতকহে।
- অলপ যেন বিৰক্ত হল শৰ্মা। মানুহজন অলপ ভয়াতুৰ। সেইবাবেই কেতিয়াবা অলপ বঢ়ায়েই বেছিকৈ কও। ৰাতিলৈ বৰবৰাক দিগদাৰ দিয়ে। বাথৰুমলৈ যাওতেও হেনো বৰবৰাক জগাই দিয়ে। এনেবোৰ কাৰণতেই ভুত বৰবৰাৰ শত্ৰু।
: এইবোৰ মিছা নহয়হে বৰবৰা। কিবা এটা সচাকৈ আছে।
- সচঁৰাচৰ ডেকাই মাত নিদিয়ে। আনকালে ভাল শ্ৰোতাহে তেও। আজি বক্তাৰ ৰূপত অহাত ভালেই পালো। এনেও কাহিনীৰ অলপ অভাব হৈছিল।
: ঘটনা এটা ঘটিছিল মোৰ লগত-
ডেকাই মুখ মেলিলে।
সৰুৰে পৰা ৰমেশ আৰু মই একেলগে ডাঙৰ হৈছো। আমাৰ ঘৰৰ পৰা চাৰিখন ঘৰ এৰিয়েই ৰমেশহঁতৰ ঘৰখন। ককাৰ দিনৰে পৰা ৰমেশহঁতৰ ঘৰখনৰ লগত আমাৰ ভাল এটা সম্পৰ্ক আছিল। আমাৰ আইতা আৰু ৰমেশৰ আইতাকজনী একেখন গাওৰে আছিল। আমাৰ আইতা ডাঙৰ। ৰমেশৰ আইতাক সৰু। ৰমেশৰ আইতাকে আমাৰ আইতাক বাই বুলি মাতিছিল। সেই সুত্ৰে দেউতা¸ খুড়াহঁতেও ৰমেশৰ আইতাকক মাহী বুলি মাতিছিল। আমাৰ আইতাৰ মৃত্যু হওতে ৰমেশৰ আইতাকেও আমাৰ ঘৰখনৰ সমানেই ব্ৰত পালিছিল। আইতাৰ আপোন বাই-ভনী নথকা বাবে দেউতাহতেও ৰমেশহতৰ আইতাকে মাতৃজ্ঞান কৰিছিল। যদিও ৰমেশ মোতকৈ দুবছৰমান ডাঙৰ আছিল¸ সৰুৰে পৰা একেটা শ্ৰেনীতে পঢ়িছিল। শিক্ষক দেউতাই ঘৰতে পঢ়োৱা বাবে মই সৰুৰে পৰা চোকা আছিলো। তাৰ বিপৰিতে ৰমেশ গাধা। দেউতাৰ কাণমলাৰ ভয়ত সি বৰকৈ দেউতাৰ আগত নোলাইছিল। দেউতাই লগ পালেই তাক পঢ়াৰ কথা ধৰিছিল।
সেইবেলি কিবা মহামাৰী লাগিছিল গাওখন। অসহ্য গৰমত বহু মানুহৰ অসুখ হৈছিল। তেজ হাগনি হৈ দুদিনতে হঠাতে ৰমেশ ঢুকাই থাকিল। হস্পিতাললৈ নিবলৈকে নাপালে। মই ফেকুৰী উঠিছিলো¸ শৈশবৰ লগৰীজন বহু দুৰলৈ গৈছিল। ৰমেশৰ আইতাকে মোক সাবতি মুৰ্চা গৈছিল।
আইতাৰ পিছত সেয়া দ্বিতীয়বাৰৰ বাবে কাৰোবাৰ মৃত্যু দেখিছিলো ওচৰৰ পৰা। আইতা মৰোতেও সিমান দুখ লগা নাছিল। নব্বৈ বছৰত মৰিছিল আইতা। কিন্তু ৰমেশেৰ মৃত্যুৱে মোক মুক কৰি পেলাইছিল। বহুদিন স্কুললৈ যাবলৈ সিঁহতৰ বাটত ৰৈ তাক মাতি উচুপি উভতি আহিছিলো ঘৰলৈ। মায়ে সিঁহতৰ ঘৰলৈ যাব দিয়া নাছিল। মোক দেখিলেই মাক¸দেউতাক¸ আইতাকে উচুপি উঠিছিল। ক্ৰমশ পাহৰিব লৈছিলো মই। ৰমেশৰ স্মৃতি মোৰ বাবে কেঁচা ঘা হৈ আছিল।
তেতিয়া চেভেন পাইছিলো। দুৰ্গাপুজাৰ পিছত অলপ ঠাণ্ডা পৰিছিল। চৌধুৰী বৰতাহঁতৰ বাৰীত এডাল আম পিয়লা আছিল। গাঁওখনৰ ভিতৰত এজোপাই গছ। লগা সময়ত গাঁওৰ সকলো লৰা-ছোৱালীয়ে খাব আহে। গৃহস্হই একো নকয়। কেতিয়াবা কাৰোবাৰ ভাগত নপৰেগৈ। আগেয়েই কোনোবাই পাৰি লৈ যায়। ভন্টিয়ে আকৌ বৰ ভাল পায়। পিছে গছ বগাবও নোৱাৰে। একমাত্ৰ ছোৱালী বাবে মায়ে আমাৰ লগত দৌৰা-ঢাপৰা কৰিবও বৰকৈ নিদিয়ে। মই প্ৰায়েই তাইলৈ পাৰি লৈ যাও। আগদিনা লগৰ কেইজনী পাৰি নিছিল। তাইক মাথো দুটামান দিছিল। ৰাতিৰে পৰা তাই কুটুৰি আছিল। আবেলি স্কুলৰ পৰা আহিয়ে বেগতো থৈ চিধাই পালোগৈ। ভৰ দুপৰীয়া¸ তেতিয়া তলিত কোনো নাছিল। ৰঙচুৱা পকা আম পিয়লাকেইটাই মোক খা মোক খা কৰি আছিল। মনত ভাল লাগি গল। ডালত উঠি সৰু সৰু ডাল কেইটামান ভাঙি ললো। লোমা-লোমে ওলমি আছিল। হঠাতে অনুভব হল¸ কোনোবাই যেন মোৰ ওপৰৰ ডালৰ পৰা মোলৈ চাই আছে। ঘুৰি চালো¸ নাই কোনো নাই। নাজানো¸ কিয় জানো অনুভব হল¸ যেন এযুৰি চকুৱে মোলৈকে ট টকৈ চাই আছে। মোৰ চিনাকী সেই চকু। সেই চকু ৰমেশৰ। এনেবোৰ দিনত লোকৰ বাৰীৰ আম¸ জাম¸ লিচু চুৰ কৰি খোৱাৰ সি মোৰ একমাত্ৰ সংগী আছিল। আচলতে চুৰ কৰি খোৱাৰ মজাই বেলেগ। এক সুকীয়া তৃপ্তি।
গভীৰ দুখেৰে ভৰি পৰিল মনটো। এতিয়া সি নাই।
ঘৰলৈ আহি সকলো পাহৰি গৈছিলো। ভাত-পানী খাই জিৰণি ললো অলপ। আবেলি টিউচনৰ চাৰ আহে।
ককাদেউতাই সজা কাঠৰ ঘৰটোৰ এটা ৰুমত আইতা থাকে। মাজৰ ৰুমটো মানুহ বহা। এটা ৰুমত দেউতাৰ লগত ভাইটি শোৱে। কাষত আন এখন বিচনাত মই অকলে। কাষৰ ৰুমটোত ভন্টি আৰু মা। সৰুৰে পৰা অকলে শোৱা অভ্যাস মোৰ। এজনীয়া বিচনাখনৰ কাষতে পঢ়া টেবুলখন। ৰাতি কিমান হৈছিল নাজানো। কোনোবাই মোক মাতিছিল। মন্ত্ৰমুগ্ধ হৈ উঠি গলো মই। দেউতা গভীৰ টোপনিত লালকাল।
ওপৰৰ চিটকানিটো খুলি তলৰটো খুলি বাহিৰলৈ যাবলৈ ওলাইছিলো মাথো¸ হঠাতে মায়ে সাৰ পালে।
: কিয় দৰ্জা খুলিছ বৰবাপু?
- তেতিয়াহে যেন সম্বিত ঘুৰি আহিল মোৰ। এই ৰাতিখন কিয় বাহিৰলৈ ওলাব খুজিছো। প্ৰস্ৰাব কৰিবলৈ ভঙা চৰিয়া এটা দেখোন আছেই ভিতৰত।
মা হতভম্ব। ভয়তে শেতেলীতে প্ৰস্ৰাব কৰা লৰাটোৱে কিয় ৰাতি দুই বজাত অকলে বাহিৰলৈ ওলাব খুজিছো।
: কোনোবাই মতা যেন পালো মা। সপোন দেখিলো চাগে।
ইতিমধ্যে দেউতায়ো সাৰ পাইছিল। আকৌ শুই থাকিলো মই। কোনেও একো বিশেষ নাভাবিলে। পিছদিনা ৰাতিও একে সময়ত সাৰ পালো। যেন কোনোবাই মৰমেৰে মাতিছে। মন্ত্ৰমুগ্ধ হৈ পৰিছো মই। বিচনাৰ পৰা নামিছো।
চাগে মাৰ টোপনি অহা নাছিল। দৰ্জাৰ কাষতে থাপ মাৰি ধৰিলে মোক।
: কলৈ যাৱ?
: তই মাতিছিলি চোন!
- ময়ো আচৰিত। এইমাত্ৰ বাহিৰৰ পৰা মাতি ভিতৰলৈ কেনেকৈ আহিল মানুহজনী।
: মই কিয় মাতিম! মই দেখোন শুই আছিলো।
-তেতিয়াহে লক্ষ্য কৰিলো মই¸ ৰাতি দেখোন গভীৰ। কোনে মাতিলে নহলে মাৰ মাতেৰে! স্পষ্ট শুনিছিলো। ভয় লাগিল!
: আজিয়ো ওলাই যাব খুজিছিল নেকি ই?
-দেউতা উঠি আহিছিল।
অলপ চিন্তিত যেন লাগিছিল তেওক।
:পুৱালৈ জাপ এডাল দিব লাগিব।
- মায়ে কৈ উঠিছিল। সেইদিনা ৰাতি কুচিমুচি দেউতাৰ কাষতে শুই আছিলো।
পুৱালৈ ওজানি আইতা আহিছিল। দেউতাই মাতি আনিছিল। শুকান তামোল পাতত জুই লগাই সৰিয়হ¸ শুকান জলকীয়া পুৰি মুখ ভঙাইছিল মোৰ। মোৰ অসহ্য লাগিছিল। পোৰা জলকীয়া তীব্ৰ গোন্ধে হাছিয়াবলৈ বাধ্য কৰাইছিল।
দুদিনমান সকলো ঠিকেই আছিল। শণিবাৰে স্কুলৰ পৰা সোণকালে আহি পাইছিলো। চাফাই কাম কৰি গৰমত লেবেজান হৈ পৰিছিলো। ভাত কেইটা খাই ভাগৰত বিচনাখনতে বাগৰি দিছিলো। কাৰেন্ট নাছিল। খিৰিকিৰে ধুনীয়া বতাহজাকে গা জুৰ পেলাইছিল।
চিলমিলকৈ টোপনি আহিছিল।
: ঐ সেইদিনা কিয় মোক এৰি আহিলি?
মোৰ ওচৰত থিয় হৈ স্পষ্ট অভিযোগ তাৰ।
: কেতিয়া?
-মই আচৰিত। মনত পৰা নাই দেখোন।
: সেইদিনা¸ চৌধুৰী বৰতাহতৰ বাৰীত। মই সদায় ৰৈ থাকো তোলৈ। তই নাহ। সেইদিনা আহিলি¸ আকৌ অকলে গুছি আহিলি। অকলে থাকি মোৰ বৰ আমনি লাগিছে অ’। আহ না খেলোগৈ।
- মোৰ কাষলৈ আহিল সি।
চাৎকৈ মনত পৰিল মোৰ। সেইদিনা আম পিয়লা পাৰিব গৈছিলো। অকস্মাতে চকু এযুৰি দেখা যেন লাগিছিল। কিন্তু ই…
তাক জুই দিওতে মই নিজেই স্মশানত আছিলো। তেন্তে…
বুকুখন চিৰিংকৈ উঠিল। ইতিমধ্যে সি আগবাঢ়ি আহিছে। হয়তো মোক চুব!
: নাহিবি¸ ৰৈ যা তই। তইতো মৰিছ।
- বিৰবিৰাই উঠিছো মই। চিঞৰিব খুজিও পৰা নাই।
: কত মৰিলো মই। আছোৱে দেখোন তোৰ সমুখত।
- হাঁহি মাৰি কৈ মোৰ পিনে আহিছে সি। এয়া কাষ পালেই।
হয়তো খুব বেয়াকৈয়ে চিঞৰিছিলো। মোৰ গোটেই মুখত বিন্দু বিন্দু ঘাম। মোৰ পৰা কেইহাতমান আঁতৰত মুৰ পথানত থিয় দি আছিল সি। মই কপি উঠিছো।
মায়ে চোতালতে কিবা কাম কৰি আছিল। চিঞৰ শুনি একে দৌৰে ঘৰ পালেহি। দেউতা স্কুলৰ পৰা তেতিয়াও আহি পোৱা নাছিল। বিৰবিৰাই কি কলো নাজানো।
সি আহিছিল মোক নিবলৈ। মই স্পষ্ট দেখিছিলো। জামুৰ দাগ লগা হাতকটা গেঞ্জীটো আৰু কলা হাফপেন্টতো পিন্ধি আহিছিল সি। মৰাৰ দিনাও সেইখিনি কাপোৰেই পিন্ধি আছিল।
বিচনাতে বহি মাক সাবতি ধৰিছিলো ভয়তে। অকলে বহি থাকিব ভয় লাগিছিল। ওজানী আইতা আহিছিল। কিবা তাবিজ এটা ডিঙিত পিন্ধাই শান্তিপানী অলপ গাত চটিয়াইছিল। দুমাইল আঁতৰৰ পুণ্য বেজক দেউতাই চাইকেলত উঠাই লৈ আহিছিল। সেয়া ওজানী আইতাৰ সাধ্যৰ বাহিৰত। শৰুৱাৰ গছৰ ডালকাটি খুটি পুতি দুৰ্বোধ্য মন্ত্ৰ মাতি পুণ্য বেজে হদ বান্ধিছিল।
: বাপুই চক্ খাইছিল হান পাও। চিদ্ৰত পৰিছে বেয়া বস্তৰ। অলপ সাবধানে ৰাখিবি।
- পুণ্য বেজে কৈ উঠিছিল। মা কান্দো কান্দো হৈছিল।
আম পিয়লাৰ কাহিনী শুনি দেউতাই মোক গালি পৰা নাছিল। গাঁওৰ কোনো লৰা-ছোৱালীয়েই সেই মুৱা হোৱা নাছিল। চৌধুৰী বৰতাই মোৰ খবৰ লৈ যোৱাৰ পিছতে গছডাল কাটি পেলাইছিল।
ৰমেশ আৰু অহা নাছিল। কিন্তু সি মাতিছিল। কাল সন্ধিয়া¸ দুপৰীয়া সি ৰিঙিয়াইছিল
‘ঐ বৰবাপু¸ ফুৰি আহো আহ’
কোনেও শুনা নাছিল। মই শুনিছিলো। মাজৰাতি তাৰ কান্দোন ভাহি আহিছিল। মোৰ মনটোও বেয়া লাগিছিল। ভয় লাগিছিল। কুচিমুচি দেউতাৰ বুকুতে মুখ থৈ শুইছিলো মই। হঠাতে যেন বুজন হৈ পৰিছিলো। ধিতিঙালিবোৰ বন্ধ হৈছিল। তাৰ বছৰেকীয়া শ্ৰাদ্ধৰ দিনা ৰাতি শুব পৰা নাছিলো। আমাৰ কাষৰ বাঁহৰ বাৰীৰ পৰা গোটেই ৰাতিটো সি উচুপি আছিল।
কৈ কৈ ডেকাই চকুদুটা মচিলে। হয়তো পুৰণি দিনলৈ উভতি গৈছিল তেও। আমাৰো হুমুনিয়াহ এটা ওলাই আহিল।
: হেৰি ডেকা¸ আপুনি বেছিকৈ ভাবিছে নেকি? সেয়া আচলতে আপোনাৰ মনৰ ভাবহে আছিল চাগে। যথেষ্ট সৰুতে প্ৰিয় বন্ধুৰ মৃত্যুত আপুনি মানসিক আঘাট পাইছিল।
- বৰবৰাই কৈ উঠিল। মানুহজন অলপ নাষ্টিক ধৰণৰ। এনেয়েও এইবোৰ ভৌতিক কাৰবাৰত বিশ্বাস নকৰে।
মোৰ অলপ খং উঠিল বৰবৰাৰ ওপৰত। প্ৰকাশ্যে এইখিনি নকলেও হয়।
: মই জানো¸ আপুনি বিশ্বাস নকৰে। কিন্তু আপোনাৰ অন্তৰ্বাসত যে তিনিটা ফুটা ওলাইছে সেইকথা মই জানো। চিকটা স্বভাবৰ বাবে নতুন এটা কিনিবলৈ আপুনি মন নকৰে।
উচপ খাই উঠিলো। ডেকাই বৰবৰাক জেক দিছে। এতিয়া লাগেহে এখুন্দা।
(আগলৈ)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib