Now you can Subscribe using RSS

Submit your Email

Thursday 15 June 2017

এটা আধুনিক সাধু

Unknown

খুড়া সাধু কোৱানা। - মোৰ আঠবছৰীয়া ভতিজীটো আহি মোৰ বিচনাত উঠিল। ভাতকেইটা খাই বিচনাত উঠিছিলোহে। বৰষুণ বতৰ। কাৰেন্ট নাচিলেই। অলপ আগতেহে আহিছে। ঠাণ্ডা বতৰত ব্লেংকেটখন আধালৈকে লৈ গান শুনাৰ মজাই বেলেগ। ভাতকেইটামান আজি বেছিকৈয়ে খালো। বহুদিনৰ মুৰত পঠাৰ মাংস আনিছিলো আধাকেজি¸ মজা বনালে বৌৱে। 
: খুড়া কোৱানা সাধু¸ কোৱানা।- নিকিয়ে মোৰ গাত ধৰি জোকাৰিব ধৰিলে। মোক বৰভাল পাই তাই। মাক¸ বাপেকে গালি দিয়ে বাবে মোৰ লগতে বেছি খেলি থাকে।
: ককাই কব যোৱা। -এনেয়ে কলো তাইক।
: ককাই টোপনিত নাক বজাই আছ।- সাধু শুনি বৰ ভালপাই তাই। এইটো বয়সেই এনেকুৱা। সৰুতে ময়ো সাধু শুনি টোপনি গৈছিলো। মায়ে সাধু কলে তাই ৰস নাপায়¸ আইতাকে কৈ থাকোতে টোপনিয়াই থাকে বোলে। দেউতাৰ সাধুবোৰে নীতিশিক্ষামুলক। মই সাধু কলে কৰিলিয়াই উঠে তাই। বান্দৰ আৰু শিয়ালৰ সাধুত যেতিয়া বান্দৰে কচুখাই ডিঙিত ধৰে কিৰিয়ালাই উঠে তাই
: দুষ্ট বান্দৰ কেনে মজা।- হাঁহি উঠে মোৰ। সাধু শুনিয়েই টোপনি যায় তাই। পিছত মাক-দেউতাকে ডাঙি লৈ যায়হি। আজিও তাই কুটুৰিয়াই উঠিল।
: কি সাধু কম।
: নতুন সাধু কোৱা। ৰজাৰ সাধু নকবা। -ৰজাৰ সাধু ভাল নাপায় তাই। টিভিত ৰজাবোৰৰ যুজ-বাগৰ চাই থাকেতো। কটা-মৰা বেয়া পাই। টম এন জেৰি¸ মোটু-পটলু তাইৰ প্ৰিয়। অকলে থাকিলে বাৰ্থডেত কিনি দিয়া ডাঙৰ মিকি মাউচ পুতলাটো লৈ খেলি থাকে। আজিকালি ভিডিঅ’গেম খেলি থকাৰ দিনত তাইক সাধু শুনোৱাৰ অভ্যাস কৰিছো আমি। অলপ ডাঙৰ হওক¸ কিতাপ পঢ়াৰ অভ্যাস এটাও দিয়াম। তাইৰ আগ্ৰহ অনুসৰি নৃত্য¸ গীত এফালে লৈ যাম। আজিকালি খুবেই দৰকাৰ একস্ট্ৰা এক্টিভিটি এটা
ইতিমধ্যে মোৰ সাধুৰ ষ্টক শেষেই। অলপ ভাবিলো।
: নীলাম্বৰ শিয়ালৰ কাহিনীতো মনত আছেনে? সেইযে শিয়ালটোৱে নীল ঘঁহি মিছা কথা কৈ ৰজা হৈ শেষত বাঘৰ হাতত প্ৰাণ দিলে।
: আছে খুড়া। - তাই কাষচাপি আহিল।
: ঠিক আছে শুনা। এখন ডাঙৰ ৰাজ্য আছিল।
: ৰাজ্য নহয় খুড়া। হাবিৰ সাধু কোৱা। - ৰাজ্য বুলি কলেই তাই ৰজা আহিব বুলিব ভাবে।
: অ’ এখন ডাঙৰ হাবি আছিল। সেই হাবিত বহুতো জন্তুৱে মিলাপ্ৰিতিৰে বাস কৰিছিল। শুনি থাকিবাদেই।
: উম।- তাইৰ মুখলৈ চাই কৈ উঠিল।
: অ’ কি কৈ আছিলো¸ হাবি এখন আছিল। এটা শিয়াল আছিল। তাক সকলোৱে ভাল পাইছিল। ধুনীয়া কবিতা লিখিছিলটো শিয়ালটোৱে।
: উম। খুৰা কবি মানে কিনো। তুমি যে বজাৰৰ পৰা অনা সেই কবি নেকি? - হাঁহি উঠিল মোৰ।
: নহয় নিকি। কবি মানে হল¸ সেই যে আকবৰৰ ৰাজসভাত বিৰবল আছিল¸ মনত পৰিছে?
: অ’ অ’ পৰিছে
: তেনেকুৱাই¸তোমাৰ পাঠ্যপুঠিত যে পদ্য আছে¸ ’টিক টিক টিক ঘড়ীটোৱে কয় শুনা ঠিক ঠিক ঠিক¸’ তেনেকুৱা পদ্য লিখাবোৰক কবি বুলি কয়।
: অ’ বুজিছো। খুড়া¸ শিয়ালটোৰ নাম কি আছিলনো? - সুধি থাকে তাই। কি নাম কও এতিয়া¸ ভাবিলো। তাই মোৰ মুখলৈ চাই আছে।
: শিয়ালটোৰ নাম আছিল¸ ধৰা সমুদ্ৰ কাজল।
: বাপৰে ইমান দীঘল নাম। - আচৰিত হৈ কৈ উঠিল তাই। - নীলাম্বৰ শিয়াল¸ ৰামু বান্দৰৰ সাধু শুনি শুনি অভ্যস্ত হৈছে তাই।
: কামবোৰো বৰ ডাঙৰ কৰিছিল নহয়। - কৈ উঠিলো। তাই একান্তমনে শুনি আছে।
: শিয়ালটোৱে নিজৰ হাবিখন এৰি খাদ্যৰ সন্ধানত দিল্লী নামৰ দুৰৰ হাবি এখনত আছিল।
: খুড়া¸ নিজৰ হাবিত খাদ্য নাছিল নেকি? - কৌতুহলী হল তাই।
: ৰবাচোন¸ মাজতে নামাতিবা। শুনাচোন¸ বিৰাট জমনি।- সন্মতি দি মুৰতো দুপিয়ালে তাই।
: কি কৈ আছিলো? অ’ মনত পৰিছে।শিয়ালটো দিল্লী নামৰ হাবিত গৈছিল। শিয়ালটোৱে সুন্দৰ সুন্দৰ কবিতাবোৰ নিজৰ হাবিখনত পঠাই আছিল। সকলোৱে ভালপাইছিল। এইদৰে বহুত দিন গল। এদিন হথাতে শিয়ালটো পগলা হল। সি চবকে কৈ ফুৰিলে যে বাঘে ঘাঁহ খাব লাগিব আৰু বাঘৰ পোৱালিবোৰ শিয়ালবোৰে খাব লাগিব¸ তেতিয়া স্বৰ্গত ঠাই পাব। কিয়নো নীলাম্বৰ শিয়ালক স্বৰ্গৰ পৰা পঠিয়াইছিল। শিয়ালবোৰে এই কথাটো বৰ ভাল পালে। এনেয়েও শিয়ালবোৰ বৰ ধুৰ্ত নহয়। বান্দৰ আৰু শিয়ালৰ সখীয়েক যে। সেয়েহে মুৰ্খ বান্দৰটোৱে শিয়ালক সমৰ্থন কৰিলে।
: খুড়া¸ বান্দৰটোৰ নাম কি আছিলনো? - হথাতে সোধে তাই। কি কওনো। নামবোৰ ভাবিলো।
: বান্দৰ মানে এপাল বান্দৰটো। লগতে বান্দৰীও আছিল। নামবোৰ আছিল - অশান্ত কৃষ্ণ¸ প্ৰীতি শইকীয়া¸ অপেক্ষা প্ৰিয়তম¸ ৰুবুল দাস বহুত নাম আছে পাহৰি গলো।
: অ’ খুড়া¸ নামবোৰ মানুহৰ দৰেইচোন। -ঢেকঢেকাই হাঁহি উঠিল তাই। নিকিতা প্ৰতিশ্ৰুতি তাইৰ নাম। ময়ো হাঁহি দিলো।
: জানা নিকি¸ শিয়ালটো বৰ টেঙৰ যে আৰু তাতে বান্দৰ মানুহৰ পুৰ্বপুৰুষ নাছিল জানো।
: অ খুড়া¸ পগলা শিয়ালটো কিয় ডক্টৰৰ ওচৰত নাযায়। এতিয়া তাক মানুহে মাৰি পেলাব ন? - চিন্তিত হল তাই। যোৱাকালি টিভিত দেখিছিল¸ বিদেশত কোনোবা এখন ঠাইত পগলা কুকুৰক পুলিছে গুলীয়াই মাৰিছে। তাকেই কৈছে তাই।
: মাৰিব আগলৈ শুনাচোন। বদমাছ শিয়ালটোৰ কি দশা হল শুনা।- মোৰ ডিঙিত মেৰিয়াই ধৰে তাই।
: শিয়ালটো বৰ বদমাছটো। সি নিজকে নীলাম্বৰ শিয়ালৰ বংশধৰ বুলি ভাবে। সেয়েহে সি বান্দৰবোৰৰ আৰু সিয়াল বন্ধুবোৰৰ লগ লাগি বাঘৰ পোৱালি বোৰক কাঢ়িবলৈ গল। তুমিতো জানা¸ বাঘ বৰ ভদ্ৰ প্ৰাণী আৰু সদায় বাঘে অকলে থাকে। সেয়েহে শিয়ালবোৰে সহজে বাঘৰ পোৱালি কেইটামান সহজে কাঢ়ি আনিব পাৰিলে। ইতিমধ্যে নীলাম্বৰ শিয়ালৰ বদমাছিৰ পিছত বাঘবোৰেও শিয়ালৰ চব বদমাছি বুজি পাইছিল। কথাটো এদিন বনৰজাৰ কাণতো পৰিল। বৰ খং উঠিল বনৰজাৰ দুষ্ট শিয়ালটোৰ ওপৰত। সেয়ে এসেকা দিবলৈ জন্তুবোৰক আদেশ দিলে। বিশাল হাতীয়ে কলে¸ মই সিহঁতক শুৰেৰে পকাই গচকি মাৰিম। বাঘে কলে¸ মই সিহঁতক কামুৰি বঙলিয়াই মাৰি পেলাম। গড়ে কলে¸ মই খড়্গৰে খুচি মাৰিম। ঘোৰাই কলে¸ মই সিহঁতক লঠিয়াই লঠিয়াই মাৰিম। ভালুকে কলে¸ মই তাৰ কলিজাটো খাই পেলাম। শেষত বনৰজাই কলে¸ তোমালোকে লগৰ বান্দৰ¸ শিয়ালবোৰক মাৰি পাষণ্ড পাগল শিয়ালটোক ধৰি আনিবা¸ মই মুচৰি তাৰ ডিঙিতো চিঙি পেলাম।
: মজা মজা। দুষ্ট শিয়াল¸ পাবা এইবাৰ মজাটো। - হাত তালি দি চিঞৰি উঠিল তাই। মোৰো হাঁহি উঠিল। সজাই সজাই কাহিনী কোৱাত ময়ো বেয়া নহয় দেখোন!
: তাৰ পিছত কি হল খুড়া।
: তাৰ পিছত আৰু কি হব! শক্তিশালী জন্তুবোৰে এফালৰ পৰা বান্দৰ আৰু শিয়ালবোৰক খেদি গল। আধাতকৈ বেছি মাৰি পেলালে। বাকীবোৰ ঘুনিয়া হল। তাকে দেখি ধুৰন্ধৰ শিয়ালটো গাতত সোমাল। এতিয়া হাতী¸ বাঘ মিলি ৰৈ আছে। তাক দেখিলেই মাৰি পেলাব।
: অ’ খুড়া¸ মানুহবোৰে কিয় সহায় নকৰে? দেউতাৰ পিষ্টলটোৰে গুলিয়াই মাৰিব পাৰিলে হয় ন! - তাইৰ কথা শুনি অলপ টভক মাৰিলো মই। সচাকৈয়ে মানুহবোৰৰ মনুষ্যত্ব জাগি উঠা হলে! দাদা পুলিচৰ এছ আই। তাৰ চাৰ্ভিচ ৰিভলভাৰটো দেখিছে তাই। সেয়ে কৈ উঠে।
: সেইটোৱেইটো সমষ্যা নিকি। বাঘে বন্দুক মাৰিব জনা হেতেন শিয়ালক দেখোতেই গুলিয়াই মাৰিলেহেতেন। হলেও এইবাৰ শেণৰ এজাত ৰবা। বাঘ¸ হাতী চবেই এতিয়া শিয়ালটোৰ গাঁতটোৰ ওচৰত ৰৈ আছে। ওলালেই মাৰি পেলাব।
: মজা মজা।- কৈ উঠে তাই।
: বৰ সাধু শুনাইছা দেখোন! মানুহ¸ বাঘ¸ হাতী এক্কেবাৰে একাকাৰ। - হাঁহি হাঁহি সোমাই আহিল বৌ। ময়ো হাঁহি উঠিলো।
: নতুন সাধু কি কও বৌ।
: বঢ়িয়া কলা দিয়া। - মোৰ গালত টপকৈ চুমা এটা দি মাকৰ কোলাত উঠি গলগৈ তাই।
ময়ো বিচনাত বাগৰ দিলো। ভুল কলো নেকি কিবা! সমুদ্ৰ কাজল বোলাটো শিয়াল নহয়নো কি! মানুহৰ সমাজৰ পৰা বহিস্কাৰ কৰিব লাগে ইয়াক।
হামি এটা আহিছে। চকুৰ পতাও জাপখাই আহিছে। শুয়ে থাকো। ব্লেংকেটখন মুৰলৈকে টানি ললো।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib