Now you can Subscribe using RSS

Submit your Email

Monday 12 June 2017

খমখমীয়া এটকীয়াখন আৰু সৰু লৰাটো

Unknown

(এক মিনিটৰ এটা ফাল্টু গল্প)
--------------------------------

: মই তেওৰ নাম নাজানো। জনা হলে মুখৰ আগত কলোহেতেন¸ ’ মি: অমুক আই হেট ইউ।’ কলোহেতেন জানো! হয়তো নকলোহেতেন! কব নোৱাৰো কেতিয়াও। মোৰ আদৰ্শই নকয়। কিন্তু ক্ষোভ বহুত থাকিল অ’
- তিনি আলিত বহি থাকোতে কোনোবা এটা অাড্ডাত লগৰবোৰৰ আগত ক্ষোভ উজাৰে সি। অলপ দুৰত পাৰ্ক কৰি থৈছে তাৰ নতুন পালচাৰ ১৮০খন।
হয়তো স্মৃতি চবৰে থাকে তিতা-মিঠা। আজিকালি লৰালিলৈ প্ৰায়ে উভতি যায় সি।
: খুৰা¸ আহোতে মোৰ বাবে চকলেট আনিবাদেই।
- কনমানি ভতিজী জনীয়ে কয় তাক। নিতৌ এটা ডেইৰী মিচল্ক কিনি ঘৰলৈ উভতে সি। কণমানিজনী বৰ মৰমলগা হৈছে। আজৰি সময়ত সি তাইৰ লগতেই খেলি থাকে।
ফ্লেছবেক:
গুৱাহাটীৰ পৰা অলপ দুৰৰ গাঁওখন তেতিয়াও সিমান পিছপৰা নাছিল। সেইতো সময়তো এখন লেখত লবলগীয়া গাঁৱেই আছিল। শাসনৰ গাডীত চাগে তেতিয়া কংগ্ৰেছ চৰকাৰ। বুকুৰ তেজ দি গঢ়া আঞ্চলিকতাবাদী দলটোৱে পাঁচটা বছৰ পুৰ্ণ কৰিয়েই ৰাইজৰ পৰা আঁতৰি আহিছিল।
নব্বৈৰ দশকৰ দিন আছিল সেয়া। তেতিয়া কলা বগা টিভিৰ যুগ আছিল। সেই সময়ত আকৌ ঘৰে ঘৰে টিভিও নাছিল। যানবাহনৰ নামত মাথো কেইখমান পুৰণি ৰেলী চাইকেলহে আছিল। কথাবোৰ এতিয়া সাধুকথা।
গাঁওখনৰ সৰহভাগ লোকেই শ্ৰমজীবি। মুষ্টিমেয় কেইজনমানহে চাকৰিয়াল। তেতিয়া আকৌ আজিৰ দৰে উদ্যোগবোৰো নাছিল। শিক্ষিত ডেকাবোৰে কৰ্মসংস্হান নাপাই চ’কবোৰত বহি দিনটো আড্ডা দিছিল। ঘৰত অলপ অশান্তি¸ কাম কাজ নাই। সকলোৰে খেতি মাটি নাই¸ সকলোৱে হাজিৰা কৰিব নোৱাৰে।
তাৰ দেউতাক আছিল ভেঞ্চাৰ স্কুলৰ শিক্ষক। দৰমহা বেছি নাপায়। গৃহ শিক্ষকতা আৰু ঘৰতে পাচলি খেতি কৰি কোনোমতে চলি আছিল। বহুতো স্কুল তেতিয়াও প্ৰাদেশীকৃত হোৱাই নাছিল। এচাম ক্ষমতালোভী নেতাই তোষামোদৰ ৰাজনীতি কৰিছিল। অকৰ্মণ্য বিধায়কে ৰাইজৰ দুখ দেখা নাছিল।
ভেঞ্চাৰ স্কুলৰ মাষ্টৰ দেউতাকে প্ৰায়েই এইবোৰ কৈছিল মাকক।
সৰু লৰাটোৱে কি জানে! বৰ বেছি ছবছৰীয়া সি।
সিঁহতৰ চুবুৰীটো আছিল তেনেই দুখীয়া। আটাইকেইঘৰৰ অবস্হাই লাওলোৱা। খাতিখোৱা শ্ৰমিক।
: মা মা সিঁহতে মোক খেলিব লগ নিদিয়ে অ’।
- মাকৰ আগত আহি আবদাৰ কৰে সি। তাৰো খেলিব মন যায়।
চুবুৰীটোত তাৰ সমনীয়া লৰা এটাও নাই। ছোৱালীকেইজনী অলপ ডাঙৰ। তাক সিঁহতে লগ নিদিয়ে। সিনো কেনেকৈ বুজিব! ইৰ্ষা¸ হিংসা সেইবোৰ বুজাই হোৱা নাই।
ছোৱালীকেইজনীৰ মাককেইজনীয়ে সিঁহতক তাক সংগ দিবলৈ মানা কৰিছিল। হয়তো হিংসা¸ হয়তো ইৰ্ষা।
এসময়ত সিঁহতৰ ঘৰখনে সম্ভ্ৰান্ত আছিল। চুবুৰীৰ ভিতৰত একমাত্ৰ সিঁহতৰ পৰিয়ালটোৱেই শিক্ষিত। মাকে পুৱা গধুলি তাক বহাই প্ৰাৰ্থনা কৰিছিল। ওচৰৰ লৰা-ছোৱালীবোৰৰ দৰে তাক লেতেৰাকৈ ৰখা নাছিল। মৰমতে ডিঙিত ৰূপৰ চেইন পিন্ধাই দিছিল। ওচৰৰ তিৰোতা এজনীয়ে এদিন সেইদাল চুৰ কৰি নিছিল। গম পাই আইতাকে কাজিয়া কৰিছিল। সেইবোৰেই যেন ইৰ্ষা।
ওচৰৰ এঘৰৰ আলহীবোৰ খুউব সম্ভ্ৰান্ত আছিল। আচলতে মানুহজন মদাহী আছিল। কাষৰ ঘৰৰে এগৰাকীক বিয়া কৰাইছিল। মানুহজন দেউতাকতকৈ বহুত ডাঙৰ। সি বাপু বৰতা বুলি মাতিছিল।
বাপু বৰতাৰ ভাগিনীয়েক কেইটা ডাঙৰ চৰকাৰী বিষয়া। যিমানেই বেয়া নহওক আপোন মোমায়েকক চাবলৈ মাজে সময়ে আহে। সৰু লৰাটোৱে ওচৰৰ ছোৱালীকেইজনীৰ লগত খেলি থাকে। কেতিয়াবা লগ নিদিয়েও কেতিয়াবা সিঁহতেই মাতি খেলিব দিয়ে। শিশুৰ মন সদায় নিস্পাপ।
বাপু বৰতাৰ ভাগিনীয়েকজন আহিলেই সিঁহতৰ মন ভাল লাগি যায়। যাবৰ পৰত সিঁহতক শাৰী পতাই দিয়ে মৰম কৰি এখনি খমখমীয়া এটকীয়া নোট।
: চানাচুৰ খাবাদেই
- মুৰত পিহি হাতত নোটখন দিয়ালৈকে সিঁহত ৰৈ থাকে। পোৱাৰ লগেলগে ফুৰ্তিতে দৌৰ দিয়ে।
প্ৰথমবাৰ পোৱাৰ পিচত তাৰ খুউব ভাল লাগিছিল। মাকক দেখুৱাইছিল সি। দ্বিতীয়বাৰ মানুহজন আহোতেও সি শাৰীত থিয় দিছিল।
: ই আমাৰ ঘৰৰ নহয়।
- মদাহী বৰতাৰ খুলশালীয়েকে কোৱাৰ লগেলগে মানুহজনে তাক শাৰীৰ পৰা আতৰাই দিছিল। তাৰ বেয়া লাগিছিল। সকলোকে দিছিল¸ তাক দিয়া নাছিল। প্ৰথমবাৰ দিয়াৰ সময়ত কোনেও একো কোৱা নাছিল। পাঁচবছৰীয়া লৰাটোৰ বৰ বেয়া লাগিছিল।
: মা মা চাচোন মোক নিদিলে।
- সি দুখ কৰিছিল।
: একো নহয় যা। পাহৰিলে চাগে।
- তাৰ মুৰত হাত বুলাই মাকে কৈ উঠে
: নহয় অ’ মা¸ মোক শাৰীৰ পৰাই আতৰাই দিলে। হাতত এজাপ টকা আছিল জানা।
কি কব মাকে! হয়তো হুমুনিয়াহ কাঢ়িছিল। সি দেখা নাছিল। কথাবোৰ পাহৰি গৈছিল সি। খেলি থাকোতে মানুহজন আহিলে পাহৰি আকৌ শাৰী পাতিছিল সি বা কেইজনীৰ লগত। আকৌ তাক আতৰাই দিছিল। বাৰে বাৰে পুনৰাবৃত্তি হৈছিল সেয়া। মানুহজন আহিলে পাছলৈ মাকে তাক যাব দিয়া নাছিল। সিঁহতৰ লগত খেলিবও দিয়া নাছিল। কণমানি ভনীয়েকজনীয়ে থুনুক থানাককৈ দৌৰিব শিকিছিল। তাৰ লগত খেলিছিল। বা কেইজনীৰ প্ৰয়োজনো তাৰ ওচৰত শেষ হৈ আহিছিল।
লাহে লাহে ডাঙৰ হৈছিল সি। সকলো বুজা হৈছিল। বাপু বৰতাৰ ভাগিনজনক দেখিলেই তাৰ খং উঠা হৈছিল।
তেও আহোতে হাতত এটকীয়া বান্দিল এটা লৈ আহিছিল। এখন নোট তাৰবাবে অভাব হৈছিল। হয়তো সৰহনোটেই তেওৰ হাতত ৰৈ গৈছিল। শিশুমন এটাক তেও দুখ দিছিল। আপোন পৰৰ কথা শিকাইছিল। তেওৰ সন্তানো চাগে তাৰ বয়সৰে আছিল। হয়তো তাতকৈ অলপ ডাঙৰ।
তাৰ দুখ লাগে। সি চানাচুৰ কিনিব নোৱাৰে। তাক মুৰত হাত ফুৰাই মৰম নকৰে। চকুৰ আগত ভাহি থাকে এখনি খমখমীয়া কলা এটকীয়া নোট।
: মা¸ মই তেওক ঘিন কৰো। হব পাৰে তেও এ চি এছ অফিচাৰ। হব পাৰে ৰাজহ চক্ৰ বিষয়া। কিন্তু তেওৰ কাণ্ডজ্ঞান নাই।
- ক্ষোভ উজাৰে সৰু লৰাটোৱে। কিন্তু এতিয়া সি সৰু থকা নাই। সি এতিয়া ডাঙৰ হৈছে। বুজন হৈছে।
কোনো সৰুৱেই সদায় সৰু হৈ নাথাকে। এদিন ডাঙৰ হয়। আকাশ চুবলৈ সাহস কৰিব পৰাকৈ।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib