Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

মৌ

Unknown

(অগল্প)
------------

ল্পটো হোৱাটছ্আপত ভাইৰেল হৈছে। লেখক কোন নাজানো। মেচেজ চেচেজ কিবা আছে যদিও বুজি নাপাও। কিবা ৰঞ্জিত ৰঞ্জিত লাগিছে মনটো গল্পটো পঢ়াৰ পৰা। এটা পাৰিবাৰিক প্ৰেমৰ গল্প। কাশ্ গাৰ্লফ্ৰেণ্ড এজনী থকাহেতেন! হথাতে ৰোমাণ্টিক হৈ পৰো মানুহটো। হোৱাটছ্আপৰ গ্ৰুপটোত কোনোবাই কৰবাৰ পৰা কপি পেষ্ট কৰিছে। মজ্জা মজ্জা। আকৌ এবাৰ পঢ়ো গল্পটো।
খবৰটো শুনি খুউব ভাল লাগিছে তাৰ। গা সাতখন আঠখন হৈ আছে। ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে¸ কিমান সুখী সি। সচৰাচৰ হাজবেণ্ডৰ পৰিচয়ে ৱাইফৰ পৰিচয় হয়¸ কিন্তু তাৰ ক্ষেত্ৰত যেন সেয়া ওলোটা।
: আপুনি মৌচুমী মেডামৰ হাজবেণ্ড ন?- যেতিয়াই সোধে কোনোবাই বুকুখন ফুলি যায় তাৰ। মৌৰ লিখা প্ৰবন্ধ প্ৰায়েই বাতৰিকাকতত প্ৰকাশ হয়। খুউব তত্বগধুৰ তাইৰ লেখাসমুহ। সেয়েলৈ দেউতাকৰ প্ৰিয়পাত্ৰী তাই। তাৰ দেউতাকো সাহিত্যচৰ্চাৰ লগত জড়িত। খবৰটো পোৱাৰে পৰা দেউতাক মাকে যাকেই লগ পাইছে চাহ খাবলৈ ঘৰলৈ মাতি আনিছে। আচৰিত হয় সি¸ কেনেকৈ যে তাই ইমান অসম্ভবকো সম্ভব কৰি তুলিছে!
: তোমাৰ বহুত কষ্ট হয় ন! কাম কৰা বাই এজনী ৰাখো দিয়া।
: নালাগে নেকি!- এইখিনি কাম কৰোতে কি কষ্ট আৰু। ছোৱালী হৈ এইখিনি নকৰো যদি কি কৰিলোনো!- তাৰ কথাখিনি কাটি কৈ উঠে তাই।
: হলেও মষ্ট ঘৰখনৰ কাম অকলে চম্ভালি অফিচ কৰিবলৈ বহুত কষ্ট হয় তোমাৰ। অকণো ৰেষ্ট নোপোৱা।- মৰমসনা মাতেৰে কয় পলাশে।
: হব দিয়া। বাইজনীক দিব লগা টকাকেইটা মোক দিবা।- হাঁহি এটা মাৰি দুয়োখন হাতেৰে তাৰ ডিঙিটো মেৰিয়াই মৰম লগাকৈ কৈ উঠে তাই। মুগ্ধ হয় সি। এইবাবেই তাৰ মৰম লাগে তাইক। দুয়োখন হাতেৰে তাইক বুকুলৈ চপাই আনি টপকৈ চুমা এটা খালে।
: ধেৎ দুষ্ট।- লাহেকৈ বুকুত ভুকু এটা মাৰি কৈ উঠে তাই। সশব্দে হাঁহি দিয়ে দুয়ো।
তাই পাকঘৰত খোৱাৰ যোগাৰ কৰি আছে। দ্ৰয়িং ৰুমত টিভিত নিউজ চাই আছে সি। দেউতাক গৈছে বজাৰলৈ। সচৰাচৰ সি বজাৰ কৰে যদিও মাজেসময়ে দেউতাকো যায়। সন্ধিয়া যোগেন খুৰাৰ দোকানত লগৰ সমনীয়া মানুহকেইজনক লগ পাই। ৰিটায়াৰমেন্টৰ পিছত মানুহজনৰ সময়বোৰ নাজায় নুপুৱাই যেন লাগে। হল বুলিনো আৰু ঘৰটোত কিমান সুমাই থাকিব!
: বজাৰৰ পৰা কি আনিব লাগে ময়ে আনিম দে।- ভালেই পাই সি দেউতাকৰ কথা শুনি। ৰবিবাৰৰ দিনটোত আবেলিটো টিভি চায়ে ভাল পাই। আন দিনত সময়ে নাপায়। ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ পিছত ৰাতি এপৰতহে ঘৰ সোমাই। কেতিয়াবা নিজৰ ওপৰতে খং উঠে তাৰ। কাকোৱেই অলপো সময় দিব নোৱাৰে। কিয় যে চাকৰী নকৰিলে! ভাবে সি। খং উঠে নিজৰ ওপৰতে। ব্যবসায়ী হোৱাৰ এইটোৱে দুখ। শান্তি অলপো নাই¸ সকলো সময়তে টেনচন। মাৰ্কেটত কম্পিটিচন বাঢ়িছে। তিকি থাকিবলৈ হলে নতুন নতুন ষ্ট্ৰেটেজি এপ্লাই কৰিবই লাগিব। সিতো আৰু ৰিটায়াৰমেন্টত পেঞ্চন নাপায়! গতিকে সময় থাকোতেই ফিউচাৰটোৰ বাবে সাচি নথলে বুঢ়াকালত কৰিব কি! নিয়ৰৰ বাবে লাগিবতো। পাৰ্য্যমানে ঘৰৰ সকলোকে সুখী কৰিব যত্ন কৰে সি। তাৰ বেয়া লাগে তাইলৈ কেতিয়াবা। বেছেৰীয়ে মুখ খুলি নকয়¸ বুজি পাই তায়ো বিছাৰে অলপ সময়। আলহী কুটুম্বৰ ঘৰলৈ নোযোৱা এযুগৰো বেছি হল তাৰ। নাজানো মানুহবোৰে কি ভাবে!- ভাবে সি।
আজিও মিটিং এখন আছিল। শেষ মুহুৰ্তত কেঞ্চেল হল। ডিলাৰশ্বিপৰ বাবে টেণ্ডাৰ পেলাইছিল¸ এগ্ৰিমেন্টটো হব দুই এদিনতে।
: আমাৰে মইনা শুব এ¸ বাৰীতে বগৰী ৰুব এ।- মাকে নিয়ৰক নিচুকাই আছে। বৰ দুষ্ট হৈছে লৰাটো। মাকক বৰকৈ আমনি কৰি থাকে। আইতাকৰ কোলাত চাগে সি শুই গৈছে।
নিয়ৰ তাৰ দুবছৰীয়া সন্তান। ঠুনুক ঠানাক মাতটোৰে বৰ মৰমলগা হৈছে লৰাটো। ককাক আইতাকক পালে কাকোৱেই নালাগে তাক।
: তুমি দেউতাক ফোন এটা কৰানা। দেৰি কৰিলে দেখোন।- ভিতৰৰ পৰাই চিঞৰে তাই।
: আহিব দিয়া। সৰু লৰা নহয় নহয়।- হাঁহি উঠে তাৰ তাইৰ কথাত। সদায় এনেকুৱা কৰে তাই। চিন্তা তাইৰ জানোচা শহুৰেকে কথা কৈ থাকোতে সময় পাহৰি যায়। ঘড়ীটোলৈ চালে সি¸ আঠ বাজিল। দেউতাকক ফোনটো কৰো বুলি ভাবোতেই দেউতাক পালেহি। বজাৰৰ মোনাখন লৈ চিধাই পাকঘৰ পালেগৈ। তাই সদায় কোৱাৰ দৰে আজিও কয়¸ দেউতা ইমান দেৰি কৰে আপুনি। সময়বোৰ পাহৰি যায় ন! উত্তৰত হাঁহি মাৰি দেউতাকে কব এহ তঁহতে এনেই বেছিকে চিন্তা কৰ। চাগে শাহু-শহুৰত নিজৰ মাক-দেউতাক বুলি ভবা বোৱাৰী তায়েই প্ৰথম। মা-দেউতাকেও তাইক জীয়েক বুলিয়েই ভাবে।
: মৌ¸ লেপটপটো দিয়ানা। - অভ্যাসবশত চিঞৰি উঠে সি।
: মই বিজি আছো।- সিয়াৰে তাই।
: তই চবকাম তাইক কিয় পাচি থাক।- লেপটপটো আনি দি কয় মাকে।
: একো নহয় দে তোৰ চেনেহৰ বোৱাৰীৰ। -ভাল লাগে শাহু বোৱাৰীৰ মৰম দেখি। মেইলকেইটা চালে সি। ভালেকেইটা ৰিপ্লাই দিব লগা আছে। অলপ দেৰিৰ পিছত চাহ একাপ আনে তাই। জানে লেপটপত কাম কৰি থাকোতে চাহত চুমুক দি ভাল পায় সি। হাঁহি এটা মাৰি চালে তাইলৈ। মৰমলগা চাৱনি এটা দি ভিতৰলৈ গল তাই। দিনে দিনে তাইৰ প্ৰেমত যেন এভাৰগ্ৰীণ প্ৰেমিক হৈ পৰিছে সি। বিয়া হোৱাৰ তিনিবছৰ হল¸ এতিয়াও যেন তাই সেই প্ৰেমিকাজনীয়ে হৈ আছে।
চশমা পিন্ধা ছোৱালীজনী সিমান ধুনীয়া নাছিল। মিঠা বৰণীয়া নিয়মীয়া উচ্চতাৰ খীন ছোৱালীজনী দেখিবলৈ সিমান বেয়া লগাও নাছিল। ভনীয়েকৰ লগত একেলগে পঢ়িছিল তাই। সিহঁতৰ ঘৰতে প্ৰথম লগ পাইছিল তাইক। প্ৰায়েই ভনীয়েকক বিচাৰি সিহঁতৰ ঘৰলৈ আহিছিল। এবাৰ কুইজ কম্পিটিচনত পুৰস্কাৰ হিচাপে পোৱা টলষ্টয়ৰ যুদ্ধ আৰু শান্তিখন তাক বিছাৰোতে মুডী বুলি ভাবিবলৈ বাধ্য হৈছিল সি। চাগে ভনীয়েকেই কৈছিল সেইখন তাৰ ওচৰত থকা কথাটো। খুউব জুখিমাখি কথা কোৱা মৌচুমী নামৰ ছোৱালীজনীৰ লগত কথা পাতোতে যথেষ্ট ভাবিবলগীয়া হৈছিল সি।
ভাল লাগি গৈছিল ছোৱালীজনী তাৰ। বুকুত সাহস গোটাই এদিন কোনেও নজনাকৈ কৈ দিছিল গুপুত কথাষাৰ।
: মই বাৰু ভাবিম আপোনাৰ কথাষাৰ। - খুউব নম্ৰভাবে কয় তাই।
: দাদ¸ মৌচুমীৰ প্ৰেমত পৰিছ হয়¸ পাৰিবি জানো! তাই খুউব চিম্পল¸ চিন্তাশীল ছোৱালী। ফেচবুক¸ তেচবুক বেয়াপাই তাই। চিনেমা চাবলৈ¸ ফুৰিবলৈ বেয়াপায়। আজিলৈ কতো পিকনিক গৈ পোৱা নাই।- ভনীয়েকৰ কথাত কৌতুহল হয় তাৰ। অধিক আকৰ্ষিত হৈ পৰে সি মৌৰ প্ৰতি। আজিৰ দিনতো তাইৰ হাতত নকিয়া ১১০০ টো দেখিছে। আচৰিত হও¸ আজিৰ দিনতো এনে ছোৱালী আছেনে!
: মই কিন্তু বিয়াৰ আগতে তোমাৰ লগত কতো যাব নোৱাৰো। -কৈছিল তাই।
চাকৰী নাপাই অনাই বনাই ঘুৰি ফুৰিছিল সি। পঢ়া দিনৰে পৰা মধ্যমীয়া ছাত্ৰ সি। চাকৰী পোৱাটো সহজ কথা নহয়। মাক-দেউতাকৰ আশীৰ্বাদ আৰু তাইৰ প্ৰেৰণাতে বেংকৰ লোণতো লৈ ব্যবসায়ত নামিছিল। সোনকালেই লক্ষ্মীদেবীৰ কৃপা হৈছিল। এম এ পাছ কৰি তায়ো সোমাল কলেজখনত। ভাৰ্চিটি টপাৰ ছোৱালীজনীৰ বাবে চাকৰীৰ আকাল নহয়!
শিক্ষিতা¸ নম্ৰ¸ চাকৰীয়াল বোৱাৰী পাই মাক-দেউতাক সুখী। ভনীয়েকৰতো কথাই নাই¸ বৌৱেক তাইৰ বান্ধবীহে।
পঢ়ি থকা দিনৰে পৰা মৌ তাইৰ মৰমৰ বৌৱেক।
বেয়া লাগে পলাশৰ¸ ঘৰৰ সকলো কাম কৰে তাই। শাহুৱেকক একো কৰিব নিদিয়ে। ঘৰৰ সকলো কামকাজ কৰি আকৌ ৰাতি পঢ়ে। বাধা নিদিয়ে সি¸ সপোনবোৰ সচা হওক তাইৰ।
সি সৰুকৈ ঘৰতে পাৰ্টি এটা আয়োজন কৰিছে আজি। ভনীয়েকহতো আহিছে সপৰিয়ালে। ঘৰৰ সকলোৱে ভিতৰত কথা পাতি আছে। আবেলিলৈ তাৰ দুই এজন বন্ধু আহিব¸ মৌৰ ঘৰৰ মানুহো আহিছে¸ তাইৰ লগৰ বান্ধবী দুজনীমানকো মাতিছে সি। তাইৰ সাফল্যত বুকুফুলি উঠিছে তাৰ। গ্ৰেজুৱেচনটো কৰিয়েই শিক্ষা সমাপ্ত কৰিলে¸ এতিয়া তাইৰ হাজবেণ্ড বুলিয়েই তাক চিনি পাই সকলোৱে। ডক্টৰ মৌচুমী কলিতা আগশাৰীৰ কলেজ কলেজখনৰ লেকচাৰৰ।
: পল¸ কি কৰিছা ইয়াতে! আহাচোন¸ মাহতে তোমাক বিচাৰি আছে।- মৌ আহি মাতে তাক।
: হেই¸ কি ভাবি আছা ইমানকৈ!- তাই গাত হেচুকি দিয়াতহে তন্ময়তা ভাগে তাৰ।
: কি চাই আছানো!
: তোমাক
: আজিনো কি ইমানকৈ চাবলগা হল।
: হেডচ্ অফ টু য়ু মাই দিয়াৰ। ইউ মেক মি প্ৰাউড।- সাবতি ধৰে তাইক।
: হব দিয়া। ইমান চেন্টি হব নালাগে।- হাঁহি হাঁহি কয় তাই।
: আহা মাঁহতে বিছাৰিছে।
: বলা।- তাইৰ হাতখন সাবতি খোজ দিয়ে সি ভিতৰলৈ।
মনটো যেন আকৌ চঞ্চল হৈ পৰে মোৰ। মৌৰ দৰে জীবনসংগী ময়ো এজনী পোৱা হলে! কুজালৈ কুজী¸ বেঙালৈ বেঙী বুলি কথা এষাৰ আছে নহয়। জানো আমাৰ দৰে অধমলৈ কোন জনী আহে। তাইৰোতো চাগে কম ফুটা কপাল নহব। ভাবি আছিলো বাৰেভচহু কথা। -হথাতে কাৰেন্টটো গল। আন্ধাৰে মুন্ধাৰে বহি ৰলো পোহৰ অলপ অহাৰ অপেক্ষাত।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

1 comments:

  1. পৰশমনি ..... ধুনীয়া লিখা তুমি .... সুন্দৰ সুন্দৰ ..... সদায়েই লিখি যোৱা ... শুভকামনা জনাইছো .... ।

    ReplyDelete

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib