Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

জাবৰ

Unknown


কাশখন গোমা হৈ আহিছে। এক দুঘন্টাৰ ভিতৰতে ধাৰাষাৰ বৰষুণ আহিব। বৰষুণ আহে আহক¸ বতাহজাক আহিলেহে ভয় লাগে। ধুলি-বালি গছৰ পাতে একাকাৰ হৈ পৰে। গছ বাগৰে¸ ঠানি-ঠেঙুলী ভাগে। লাইটৰ তাৰ চিঙি¸ লাইটৰ খুটা উভালি নগুৰ-নাকটিখন কৰে।

পৰহিও ধুমুহা বৰষুণ এজাক আহিছিল। আমাৰ ঘৰৰ চাৰিদাল তামোল ভাঙিলে¸ গোহালী ঘৰটোৰ চালৰ টিংকেইখন উৰুৱাই নি কৰবাত পেলালেগৈ। ৰাতি দহমান বাজিছিল তেতিয়া। মায়ে ভাত বাঢ়িছিলহে মাথো¸ আহিল নহয় আন্দোলন কৰি বতাহজাক। লগেলগে কাৰেন্ট গল। আজিকালি লাইটৰ পোহৰত থাকি থাকি লেমৰ পোহৰত এন্ধাৰ এন্ধাৰ দেখো। অ’ত ত’ত খুন্দা খাও। দৌৰাদৌৰিকৈ ভাতকেইটা খাই ললো। বতাহ বৰষুণৰ প্ৰকোপত এতিয়া এটা ঘৰৰ পৰা আনটো ঘৰলৈ যাব নোৱাৰা হলো। গৰুচাগলী কেইটাই চিঞৰত গগন ফালিছে। বতাহত এটা ফাল ফালি গৈ পানী পৰিছে গোহালি ঘৰটোৰ। অগত্যা প্লাষ্টিকৰ ঠোঙা এটা মুৰত পিন্ধি গোহালিলৈ দৌৰ মাৰি ছাগলীকেইটা কাষৰ ষ্টোৰ ৰুমটোত সুমুৱাই দিলো। ইতিমধ্যে ভেন্টিলেচনেৰে ধুলি গছৰ পাতেৰে মোৰ বিচনাখন একাকাৰ হৈ পৰিছে।
: আপোনাক আগতেই কৈছিলো¸ গোহালীঘৰটো অলপ ভাল কৰক¸ নহলে চব বেচি দিয়ক।- সেয়া মায়ে গালি পাৰি আছে। পুৱা বিচনাৰ পৰাই শুনিছো। টেপটেপীয়া চোতালখন¸ গোহালিটো চাফা কৰি মাৰ খং উঠিছে।
চোতালত গছৰ পাত¸ বাঁহৰ পাতেৰে এসোপা জাঁবৰ।
কামকৰা মানুহ এজনক মাটি আনি গোহালিৰ টিংখিনি উঠালো।
ভন্টিক বিয়া দিয়াৰ পিছৰে পৰা মাৰ বৰকৈ কষ্ট হৈছে। এইখিনিতে মানুহ এজনীৰ অভাব অনুভব কৰো। কিন্তু ভয়ো লাগে নহয়¸ আজিকালিৰ ছোৱালীয়ে শাহু-শহুৰৰ কথা শুনিবনে! তাতে মুৰত উঠাই ৰাখিব পৰাকৈ ময়োতো সিমান সমৰ্থবান আৰু সাহসী এটাও নহয়।
ফাগুন মাহ এইবাবেই মোৰ ভাল নালাগে মোৰ। কবিয়ে কবিতা লিখিলেও¸ সৰুৰে পৰাই ফাগুন মোৰবাবে ধুমুহা বতাহৰ মাহ। খেৰীঘৰবোৰ গুছি কেতিয়াবাই পকী হল। কিন্তু প্ৰতিবাৰেই ফাগুনত বৰদৈছিলাজনীয়ে মোৰ বাৰীৰ দুুই তিনিদাল গছ বগৰাই থৈ যায়। নিৰ্লজ্জ ফাগুনক সেইবাবেই বেয়া পাও। বৰদৈছিলাজনীক মাহীআই যেন লাগে। আইতা জীয়াই থাকোতে পিৰা এখন চোতালত দলিয়াই কৈছিল¸ ’আই বৰদৈছিলা শান্ত হ।’ গভীৰ বিশ্বাস আছিল আইতাৰ¸ বহিবলৈ পিৰা দিলে হেনো অপকাৰ নকৰে বৰদৈছিলাই।
হওতে ৰাজধানী নগৰীৰ পৰা বেছি দুৰত নহয় মোৰ গাঁওখন। আধুনিকতাৰ পৰশ লাগি ক্ৰমাৎ চহৰমুখী সকলো। তথাপিও যেন অসাৰ সকলো। খুউব খং উঠি আছে কালিৰ পৰা। পৰহিয়েই আহিছিল ধুমুহা বৰষুণজাক। তেতিয়াৰ পৰা দুদিন কাৰেন্ট নাই। মোৰ ফোনটো কালি ৰাতিয়েই মৰিল। উন্নয়নৰ ঢাক-ঢোল কোবোৱা চৰকাৰেখনে যে কি কৰি আছে নহয়! দিনেদনে বিদ্যুৎ মাচুল বৃদ্ধি হৈ আহিছে¸ অথচ গৰমৰ দিনকেইটাত কাৰেন্ট নাথাকেই।
: মা এইবাৰ ইনভাৰ্টাৰটো লগাম দে।- ৰাতিপুৱাই কৈছো আজি। প্ৰতিবাৰেই মই লগাব খোজো¸ মায়েহে হব ৰহ হব ৰহ কৰি লগাব নিদিয়ে। এইবাৰ নুশুনো আৰু।-ভাবো মই।
: ধেৎ তেৰি এনেকৈ নহব আৰু। ৰাতিপুৱাৰ পৰা বোন্দাপৰ দি বহি আছো। এতিয়ালৈকে এটাও কাষ্টমাৰ নাই। বেয়া বতৰতোৰ বাবেই মানুহবোৰ ওলাই অহা নাই। বিজুলী ঢেৰেকনি মাৰি আছে।
এইকেইদিন বিক্ৰীখুউব বেয়া হৈ আছে। সোনকালেই বেলেগ কিবা ভাবিব লাগিব। হাৰ্ডৱেৰ মেটেৰিয়ালত কম্পিটিচন বাঢ়ি আহিছে। ভাগ্যে লাইনত গাড়ীখন চলি আছে বুলিহে…
: দাদা¸ কাষ্টমাৰ নাহে আজি আৰু বন্ধই কৰো নেকি?- কাম কৰা লৰাটোৱে কয়। সৰু ব্যবসায়িক প্ৰতিস্হানটোৰ লেবাৰ¸ পিয়ন¸ মেনেজাৰ চব সি। মোৰ আবৰ্তমানত সিয়েই চলাই।
: যাবি ৰহ। ঘৰত গৈ কি কৰিবি এতিয়াই। দুপৰীয়া একেবাৰে যাবিগৈ।- ময়ো বুজিছো¸ এই সেমেকা দিনত আজি কোনো গ্ৰাহকে চিমেন্ট¸ৰ’দ¸ শিল কিনিবলৈ নাহে। কিন্তু বাৰ বজাতে দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ মন যোৱা নাই। দৰমহা পুৰাই দিব লাগিব যেতিয়া থাকক সি আবেলিলৈকে। চব কথাতে হয়ভৰ দিবলৈ গলে পিছলৈ নমনা হবগৈ!
: ঐ হৰ শুনচোন। এই টকা দুশ লৈ যা¸ লোকেল মাছ আধাকেজি আমাৰ ঘৰত দি আহিবি আৰু তোৰ বাবেও এপোৱা লৈ আহিবি।- বাইকৰ চাবিপাত লৰাটোক পঠাই দিলো। ওচৰতে বজাৰখন। দুখীয়া ঘৰৰ বিশ্বাসী লৰা সি। বয়সনো কিমান হব¸ খুউব বেছি বাইছ। মাহেকত দিয়া চাৰিহেজাৰ টকাৰে সি চাৰিজনীয়া পৰিয়ালটো চলাই। এইদৰে মাজেসময়ে দহ বিশ টকা দিও তাক। কেতিয়াবা আচৰিত হও ইমান কমবয়সতে সি এটা দুবছৰীয়া লৰাৰ বাপেক।
: বাবা¸ আমাৰ বেমাৰী ছাগলী পোৱালীটো মৰিল।- মাৰ ফোনটো পাই বেয়া লাগি গল। এসপ্তাহৰ পৰা কষ্ট কৰি আছে মায়ে বছাবলৈ। পৰহিৰ পৰাই পৰি আছে একো নোখোৱাকৈ। মই পথাৰত থৈ আহিব খুজিছিলো। বেয়া লাগে এনেকৈ পৰি থাকিলে।
: ঐ হৰ¸ মাছ কিনিলি নেকি? নালাগে আমাৰ ঘৰলৈ। চব্জি অলপকে দি আহ। - হৰলৈ ফোন কৰিলো। আজি আমাৰ ঘৰত যে মা¸দেউতাই ভাত নাখাই সেয়া খাতাং।
আকাশপাতাল ভাবি বহি আছিলো। নামি আহিল হুৰহুৰাই বৰষুণজাক। ৰাষ্টাত যত যি দুই এটা মানুহ আছিল চব ফৰিংচিটিকা দিলে।
: ঐ বৰ বেয়া কথা এটা হল বুজিছ।- কোনোবা এটাই জুৰুলি জুপুৰি সোমাই আহিল। আগন্তুকে হেলমেটতো খুলি মোৰ টেবুল খনতে থলে। তিতা চাৰ্টটো খুলি হাতেৰে মোহাৰি মোৰ প্লাষ্টিকৰ চকীএখনত মেলি দি আনখন চকীত বহিল।
: বান্দৰ ভিজা দিলি দেখোন।- বন্ধু ভাস্কৰক কৈ উঠিলো।
: নকবি দে ভাই। কৰপৰা যে হথাতে বৰষুণজাক আহিল নহয়।
: দুকাপ চাহ আৰু দুটা চিঙৰা পঠাব।- সমুখৰ চাহদোকানৰ মালিকজনক ফোন কৰিলো।
: ভালেই কৰিলি দে। বৰষুণতত তিতি চাহ একাপৰ প্ৰয়োজন অনুভব কৰিছিলোৱেই।- বন্ধুৰ কথাত মিচিকিয়াই দিলো। এনেকৈ কলেও বন্ধু যিমানবাৰেই আহিছে মোৰ অফিচত এদিনো চাহ নুখুওৱাকৈ পঠিওৱা নাই। প্ৰায়ভেট স্কুল এখনৰ শিক্ষক বন্ধু। সামান্য দৰমহা আৰু টিউচনৰ টকাকেইটাৰে কোনোমতে চলি আছে। আমি সকলোবোৰ একেই। মধ্যবিত্তৰ সন্তানবোৰে সকলোতে মধ্যমীয়া। আজিকালিৰ যুগত মধ্যমীয়া শ্ৰেনীটোৰ একো কামেই নাই। হয়তো বেষ্ট নতুবা বেড কিবা এটা হব লাগে। আইনষ্টাইন নহলে বীৰাপ্পান হব নোৱাৰিলেও চাউলমুঠিৰো সমষ্যা আজিকালি।
: এটা বেয়া কথা হল অ’।- কৈ উঠিল সি।
: কচোন।- বিশেষ আচৰিত নহৈ শুধিলো। আজিকালি বেয়াখবৰ বুলি কলে আচৰিত হব লগা একো নাই¸ যদিহে ভাল খবৰ বুলি কয় কোনোবাই তেতিয়াহে অলপ আচৰিত হও।
: বসন্ত ভিনদেউহতক লগ পাইছিলো বজাৰত। তহতৰ কথা বৰ বেয়াকৈ কলে। ভাল নালাগিল¸ দৌৰাদৌৰিকৈ গুছি আহিলো।
: কি কলেনো।- ভাবলেশহীনভাবে সুধিলো।
: বহুত কিবাকিবি। বাদ দে আৰু। তহঁতে গাখীৰ খুৱাই সাপ পুহিছিলি!- তাৰ কণ্ঠত ক্ষোভ। হুমুনিয়াহ এটা ওলাই আহিল মুখেৰে মোৰ। হৰ এতিয়াও আহি পোৱাহি নাই। হয়তো বৰষুণৰ বাবে কৰবাত ফঁচি আছে। বৰষুণজাক আহি আছে এতিয়াও।
সেয়া এঘাৰ বছৰ আগৰ কথা। জোনটিবাক লগ পাইছিলো হস্পিটালত। মাৰ অপাৰেচন এটাৰ বাবে জিএমচিত ভৰ্তি কৰিছিলো। প্ৰায় বিশদিনমান মা আছিল হস্পিটালত। মা থকা ৰুমটোতেই জোন্টিবাৰ সম্পৰ্কীয় বৌৱেক গৰাকীক ভৰ্তি কৰিছিল। একেটা অঞ্চলৰ মানুহবাবে আন্তৰিকতা বাঢ়িল।
: আপোনাক মই দেউতা বুলি মাতিমদেই।- দেউতাক সাবতি হুকহুকাই হস্পিটালতে এদিন কান্দি উঠিল তাই। একো নুবুজি আমি সকলো হতভম্ব।
: তাইৰ দেউতাক দেখিবলৈ সাইলাখ আপোনাৰ দৰেই আছিল।- সম্পৰ্কীয় দিপাবৌৱে কয় দেউতাক।
: হব আজিৰ পৰা মই তোমাৰ দেউতা। তুমি মোক দেউতা মাতিবা।- তাইৰ মুৰত হাত বুলাই দেউতাই কৈ উঠিছিল। সেই সুত্ৰেই মই তাইৰ সৰু ভায়েক হলো¸ তাই মোৰ বা। সিহঁতৰ ঘৰত ককায়েক দুজন আৰু বিধবা মাক। দেউতাকৰ চাকৰীটো ডাঙৰ দাদাই পাই কোৱাৰ্টাৰত থাকে হাওৰাঘাটত। ফোনত সম্পৰ্কটো চলিল আমাৰ। ভালেই পালো। পৰিয়ালৰ ডাঙৰ লৰা হৈ সৰুবোৰক শাসন কৰিতেই লৰালি গল। এতিয়া চেঙেলীয়া বয়সত অলপ বাৰ মৰম পাম!
: দেউতা¸ মই মাক হেৰুৱালো অ’। মায়ে এৰি গলগৈ আমাক। -এদিন কান্দি কান্দি ফোন কৰিলে তাই। এবুকু বোজা লৈ দেউতা গলগৈ হাওৰাঘাটলৈ। সকাম শেষ কৰি সম্পৰ্কৰ শিকলিদাল মজবুত কৰি দেউতা উভতি আহিল।
: দেউতা তহঁতৰ তাৰ লৰা এটাই মোৰ লগত ফোনত কথা পাতি থাকে অ’।- এদিন লাজ লাজকৈ কয় তাই। ৰং নাম্বাৰত পোৱা লৰাটোক ভাল লাগে তাইৰ। বিনাবাক্যেই দেউতা ওলালগৈ পিছদিনা লৰাটোৰ ঘৰ বিচাৰি।
: ডাঙৰ ছোৱালীৰ বিয়া ঠিক কৰি আহিলোগৈ।- হতভম্ব আমাৰ সকলোবোৰ। আমাৰ ঘৰত কাকোৱেই নজনোৱাকৈ আয়োজন কৰে তেও। ইতিমধ্যে ডাঙৰ দাৰ বিয়াখনো হল। দৰাৰ মাক¸বাপেক হৈ মা-দেউতা সমুখত। আমাৰ মনতো ফুৰ্তি¸ দাদাৰ বিয়া। বৌজনীহে কিবা ভাল নলগা হল। যেন প্ৰথমবাৰৰ বাবে অনুভব হল¸যে নিজৰ বৌ নহয়।
আজিকালি জোনটিৰ হব লগা গিৰিয়েক বসন্ত ভিনদেউ প্ৰায়েই আহে আমাৰ ঘৰত। জোনটিবাহঁতো আহে¸ পোন্ধৰ বিশদিন থাকেহি।
: মা¸ ইমান বেছি নকৰিবি। বৰ সুবিধাৰ যেন লগা নাই বসন্ত ভিনদেউ মানুহজনক। ৰাতি এপৰতো কেতিয়াবা চাৰি পাঁচজন লগৰ লৰাক লৈ আহে। মায়ে ঘৰত যি আছে¸ পাৰ¸ মুৰ্গী মাৰি খুৱাই। ঘৰৰ নাৰীকল¸ লাও যি আছে দেউতাই বান্ধি দিয়ে মৰমতে। মোৰ কথা কোনে শুনে!
: আমি প্ৰয়োজনতকৈ বেছি কৰিছো নেকি?
: কেতিয়াবা তেজৰ সম্পৰ্কতকৈ এনেবোৰ সম্পৰ্ক বেছি আপোন হয়। - সেয়া মাৰ যুক্তি। বজাব নোৱাৰো মই।
এদিন জোনটিবাক বিয়া দিয়ে দেউতাই বিয়াৰ আধা টকা খৰচ কৰি।
মাহেকে পষেকে ডাঙৰ জীয়েকলৈ নিয়ে ভেটিভাৰ। মোৰ সহ্য নহয় বসন্ত ভিনদেউৰ কথা-ব্যবহাৰ কিছুমান। কিযে বাহাদুৰি¸ ওফাইদং মৰা কথা! মোবাইল ফোনৰ টাৱাৰৰ ঠিকা কৰে। এনে দেখুৱাই যেন আম্বানীৰ লগত দাইৰেক্ট কনটেক্ট। হওতে তেওলোকৰ ঘৰখন সিমান বেয়া নাছিল। ভায়েক-ভনীয়েক এহাল আৰু বিধবা মাক জনী। গীতা বাইদেউৰ বিয়াত সকলোৱে ফুৰ্তি কৰিলো। মা¸ দেউতা অন্ধ মৰমত!
এদিন ভন্টিৰ বিয়াৰ কথা ওলাল।আপত্তি সিহঁতৰ! ভালপোৱা লৰাজনৰ লগত সম্পৰ্ক নকৰে হেনো। প্ৰকৃত প্ৰেমক শ্ৰদ্ধা কৰে আমাৰ ঘৰখনে। নিজেও প্ৰেম বিবাহ তেওলোকৰ। সকলোফালেই উপযুক্ত লৰাজনক আপত্তি কৰাৰ থল একোকে নাথাকে কাৰোৰে। চৌবিশ বছৰীয়া ছোৱালীজনীকো সৰু বুলি ৰাখি থোৱাৰ যুক্তি নাথাকে। সিহঁতৰ তুমুল অশান্তিৰ মাজতো বিয়াখনো হয়গৈ। লাহেলাহে ওলাল জোলোঙাৰ মেকুৰী¸ দিব লগাৰ ভয়ত আঁতৰে সিহতে। চাগে কাহানিও শুজিব নোৱাৰে মা-দেউতাৰ ধাৰ। আজিকালি ঘিণ কৰে দেউতাই। মায়ে প্ৰায়েই নিজকে গালি পাৰে।
: পা মজাতো। - মাজে মাজে সোঁৱৰাও ঘৰত। নিজৰো বেয়া লাগে।
বৰষুণজাকে গুদাম ঘৰটোৰ সমুখৰ লেতেৰাখিনি ধুই লৈ গৈছে। ইটাৰ গুৰি¸ চিমেন্টৰে লেতোৰা হৈ আছিল। তীব্ৰবেগত চলি আছে কোঠাৰ ফেনখন। বন্ধুৰ চাৰ্টটো অলপ শুকাইছে। বন্ধুৱে পিন্ধি লৈছে চাৰ্টটো। ইতিমধ্যে চাহদোকানৰ লৰাটোতে চাতিটো মুৰত লৈ দুকাপ চাহ আৰু গৰম চিঙৰা দি গলহি। বৰষুণ বতৰত গৰম চাহ আৰু চিঙৰাৰ সোৱাদেই সুকীয়া। পৰম তৃপ্তিত বন্ধুই চাহৰ গিলাচটো হাতত লৈ চিঙৰাত কামোৰ এটা মাৰে। হুমুনিয়াহ এটা ওলাই আহিল। মাহঁতে বাটৰ কচু গাত ঘঁহি জাবৰ চপাই ললে¸ বেয়াতো গোন্ধাবই।
: পাবই দে ভাই বেয়া। উপকাৰীক অজগৰে খাই বুলি কথা এটা নাই জানো!- বৰষুণজাক এতিয়াও আহি আছে।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

1 comments:

  1. পৰশমনি ..... ধুনীয়া লিখা তুমি .... সুন্দৰ সুন্দৰ ..... সদায়েই লিখি যোৱা ... শুভকামনা জনাইছো .... ।

    ReplyDelete

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib