Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

প্ৰেম অপ্ৰেম আৰু…

Unknown


(১)
কদম মন নাযায় যাবলৈ।- ভোৰভোৰাই উঠে সি। চাল্লা বুজি নাপায় কোনেও। কবও নোৱাৰে লাজতে।
: বাবা¸ নাজাৱ নেকি? চাৰে তিনি হল।- চাৰে তিনি বজাৰ লগেলগে চিঞৰে মাকে
: অ’ ওলাইছো।- বিৰক্তিৰে কৈ লংপেন্ট চাৰ্ট যোৰ পিন্ধে সি।
পলাশৰ দেউতাক মদন খুৰা নলেগলে লগা বন্ধু। প্ৰায়েই সিহতৰ ঘৰলৈ আহে মদন খুৰা। বৰ মৰম কৰে তাৰ। হায়াৰ ছেকেন্দাৰীৰ ফাইনেল দিছে এইবাৰ পলাশে। পঢ়াত ভাল সি। মেট্ৰিকত চাৰিখনত লেটাৰ লৈ প্ৰথম বিভাগ পাইছিল সি।
: পল¸ আমাৰ কুঁহিজনীক অলপ পঢ়াই দিবাচোন। তাই অলপ দু্ৰ্বল অংকত। - মদনখুৰাই কৈছিল এদিন সকলোৰে আগত। অলপ হেহোনেহো কৰিছিল সি।
: পাৰিব পাৰিব¸ কিয় নোৱাৰিব। আমাৰ পল অংকত বিৰাট চোকা।- দেউতাকে উজান দিয়ে। তেখেতৰ স্বভাবেই সেইতো। পুতেকৰ গুণবখানিবলৈ পালে একো সুবিধা নেৰে। অগত্যা উপায় নাপায় মদনখুৰাৰ ঘৰত পঢ়াব যাই সি। সিহতৰ ঘৰৰ পৰা এককি:মি: মান আতৰত মদনখুৰাৰ ঘৰৰ। আবেলি হিৰো ৰেঞ্জাৰখন লৈ ওলাই যায় সি।
মদন খুৰাৰ ঘৈনীয়েক নিলিমা খুৰীদেউ বৰ সাদৰী মহিলা। বৰ মৰম কৰে তেওক। পঢ়াত ভাল যে¸ জীয়েক দুয়োজনীকো তাৰ আদৰ্শ লব কয়। মদন খুৰাৰ সৰু জী কুঁহি ক্লাছ চেভেনত আৰু ডাঙৰজনী পুজা টেনত পঢ়ে। সিহতে তাক চাৰ নোবোলে¸ দাদাহে বোলে। গণিতৰ সুত্ৰবোৰ মনত নাথাকে কুঁহিৰ। দেৰি লাগে বুজি পাবলৈ। গালি নিদিয়ে সি। কাকোৱে গালি পাৰিব নোৱাৰে¸ মৰমেৰে বুজাই।
: পল¸ কথা নুশুনিলে দুই-এচাট লগাই দিবা। - খুৰীয়ে কয়। সি হাঁহে। কুঁহিয়ে পোন্দোৱাই চাই মাকলৈ।
দুমাহমান গল। কুঁহিয়ে ভালেখিনি শিকিছে আগতকৈ। মদনখুৰাই মাহে পাঁচশকৈ দিলে তাক। লব ইচ্ছা কৰা নাছিল সি। প্ৰফেচনেল টিউটৰ নহয়। কিন্তু তেও নাচোৰবান্দা।
: এয়া ফিজ নহয় নহয়¸ মৰমতেহে দিছো তোমাক।- কৈ উঠে যা
: একো নহয় যা। মৰমতে দিছে একো নাভাবিবি।- কয় মাকে।
আজিকালি অলপ অশ্বস্তি অনুভব কৰে পলাশে। কুঁহিক পঢ়াই থাকোতে মাকে চাহকাপ লৈ আহিলে¸ লগতে পুজাও আহে। মাজে মাজে তাইকো অলপ শিকাব লাগে¸ মেট্ৰিক কেণ্ডিডেট তাই। পঢ়াতো বেয়া নহয়। পলাশে লক্ষ্য কৰে¸ যেতিয়া সি এলজেব্ৰাৰ প্ৰবলেমবোৰ চল্ভ কৰি থাকে¸ তাই তাৰ চকুদুটালৈকে চাই থাকে। কুঁহিক পঢ়াই থাকোতেও ইটো-সিটো অযুহাতত ৰুমটোলৈ আহি থাকে। সিহঁতৰ ঘৰৰ পৰা ওলাই আহোতেও পদুলিলৈকে আগবঢ়াই থব আহে তাক। চকুৱে চকুৱে পৰিলে চকু নমাই লয় সি।
: মা¸ নাযাও নেকি! মোৰ পঢ়া টান হৈ আহিছে। - মাকৰ আগত কয় সি। কেমেষ্ট্ৰীত মেজৰ তাৰ। নিজৰ টিউচন¸ কুঁহিৰ টিউচনৰ পিছত খেলাধুলা কৰিবলৈ বৰকৈ সময়ে নাপায় সি। নতুনকৈ ডাঙৰ কলেজলৈ গৈছে। ষ্টাৰমাৰ্কচ লৈ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে¸ ডিগ্ৰীটোও ভাল কৰিব লাগিব। -ভাবে সি।
: একো নহয় যা। এই বছৰটোহে। - মাকে কৈ উঠে। খং উঠি যায় তাৰ দেউতাকলৈ কিহে পাইছিল মদনখুৰাৰ আগত জহাবলৈ!
আজিকালি তাৰো ভাল লাগে পুজাক। মৰমলগা দেখনীয়াৰ ছোৱালী তাই। তাই যেন তাৰ ওচৰত ৰৈ থাকিব পাৰিলেই ভালপায়। হাঁহো হাঁহো কৰি থকা চকুজুৰিৰে যেন বহুত কথাই কব খোজে।
খং উঠে তাইৰ। কি মানুহ এই পলদা টো। বুজি নাপায় নেকি মনৰ ভাষাবোৰ। কিমান আশাৰে কাষচাপি যায় তাই¸ নিশ্চুপ হৈ থাকে।
ইতিমধ্যে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে তাৰ। পলৰ কলেজখনতে এডমিছন ললে। এতিয়াও আহে সি কুঁহিক পঢ়াবলৈ। সাধাৰণ দুই এটা কথাক বাদ দি একোৱে নকয় সি।
: পল দা¸ কথা এটা আছে তোমাৰ লগত। - সেইদিনা কৈছিল তাই সিহতৰ পদুলিমুখত। ঘৰলৈ আহিবলৈ ওলাইছিল সি।
: আই লাভ ইউ।- বিশেষ পাতনি নেমেলাকৈ কৈয়ে ঘৰলৈ দৌৰ দিয়ে তাই। স্হানুৰ হৈ পৰে পলাশ। কি কৰিব এতিয়া। তাই যোৱাৰ ফালে চাই থাকে সি।
: চোৱা পুজা¸ এতিয়া পঢ়া সময়। এইবোৰ নাভাবিবা।- ভয় লাগে তাৰ। মাক-দেউতাকৰ বিশ্বাস ভংগ কৰিব নোৱাৰে সি। মদন খুৰাই নিজৰ লৰাৰ নিচিনা মৰম কৰে তাক। কি ভাবিব তেওলোকে!
: কিয় পল দা কিয়? মই তোমাক বহুত ভালপাও।
: তুমি মোৰ ভন্টিৰ নিচিনা…
: কি??? তুমি তেনেকৈ ভাবা!- উচাৎ মাৰি গুছি যায় তাই। দুখলাগে পলাশৰ। কিন্তু নিজৰ সপোনবোৰ ভাঙিব বুলি ভয় লাগে তাৰ।
আজিকালি তাই নামাতে তাক। সিহতৰ ঘৰলৈ সি গলেও নোলায়। মাকৰ হাততে চাহকাপ দি পঠায়। বেয়া লাগে তাৰ সৰু ছোৱালীজনীৰ মনটো ভাঙি।
কলেজৰ পৰা ঘৰলৈ আহিবলৈ ৰিক্সালৈ ৰৈ আছিল তাই। বেলেগ সময়ত কেইবাখনো ৰিক্সা ৰৈ থাকে। আজি এখনো পাবলৈ নাই। কি যে হব নহয়! দৰকাৰৰ সময়ত সদায় এনেকুৱা হয়।
স্কুটাৰ এখন ব্ৰেক মাৰি ৰৈ গল তাইৰ ওচৰত।
: উঠা।- হেলমেটতো খুলি পলে কৈ উঠে তাইক। আনফালে মুখ ঘুৰাই দিয়ে তাই।
: পুজা¸ কিয় এনে কৰিছা তুমি?- বেয়া লাগে পলাশৰ। একেখন কলেজতে পঢ়ে। তাক দেখিলেও নামাতে তাই।
: মোক দাদা নালাগে।- চলচলীয়া চকু তাইৰ।
: কিন্তু। ভালকৈ ভাবিচোৱা পুজা। মিলন সম্ভব হব জানো।- উদাস দৃষ্টি তাৰ।
: মই সেইবোৰ নাজানো। তোমাৰ অবিহনে মৰি যাম মই।- উচুপি উঠে তাই। আৰু ৰব নোৱাৰে সি। সকলো পাহৰি সাবতি ধৰে তাইক।
(২)
: চোৱা পলদা¸ সেয়া প্ৰেম নাছিলেই। ভাললগাহে আছিল। সৰু আছিলোতো¸ একো বুজা নাছিলো। প্লিজ সপোন বুলি পাহৰি যোৱা। আৰু মাহতেও মানি নলবতো!- তাই কয় তাক। স্তব্ধ হৈ পৰে পলাস। কি কৈ আছে পুজাই এইবোৰ। যি পুজাই তাক নাপালে এদিন চুইচাইড কৰিম বুলি কৈছিল¸ আজি ইমান সহজে কব পাৰিছে পাহৰি যাবলৈ। বাহৰে নাৰী! বুকুখন হেচা মাৰি ধৰে তাৰ।
বিয়া ঠিক হৈছে পুজাৰ। কোনোবা চাকৰীয়াল দৰা। এম এছ চি কৰি এনেয়ে আছে সি চাকৰী বিচাৰি। তাৰ প্ৰেমবোৰ মুল্যহীন হৈ যায় পুজাৰ ওচৰত। সহজ সৰল লৰাটোৰ জীবনৰ লগত খেলিবলৈ কত অধিকাৰ পালে তাই। ক্ষোভবোৰ খঙলৈ পৰিবৰ্তিত হয় তাৰ।
: চা বাবা¸ তাই যদি তোক নিবিচাৰে। তয়ো পাহৰিবলৈ চেষ্টা কৰ। জোৰকৈ কাকো ধৰি ৰাখিবতো নোৱাৰি।- মাকে বুজাই তাক। সিহতৰ সম্পৰ্কই দুয়োখন ঘৰৰ দীৰ্ঘদিনৰ সম্পৰ্কত যতি পেলাই দিয়ে। তাৰ দেউতাকে কথা পাতিছিল মদন খুৰাৰ লগত। বেয়াকৈ অপমান কৰে মদন খুৰাই। তায়ো অস্বীকাৰ কৰিছিল সকলোৰে আগত।
: উঠাই লৈ আন তাইক। বিয়া ভাঙি দে বেটীৰ।- লগৰ লৰাবোৰে কয় তাক।- একো নকৰে সি। প্ৰতিশোধ পৰায়ন নহয় সি। কি প্ৰাৰ্থক্য থাকিব!
: দাদা¸ মই কি বুলি ক্ষমা খুজিম আপোনাক! বায়ে বহুত বেয়া কৰিলে আপোনাৰ লগত। কি কৰিম! মোৰ কথা কোনেও নুশুনে।- কুহিয়ে লগধৰি কয় তাক। বুজন ছোৱালীতাই। নিজৰ দাদাৰ নিচিনা শ্ৰদ্ধা কৰে তাক।
: বাদ দিয়া কুঁহি। মন বেয়া নকৰিবা তুমি। পুজা সুখী হওক সেয়াই বিচাৰো। - এটা গধুৰ মন লৈ তাই যায়গৈ।
দুখৰ মাজতো হাঁহি উঠে তাৰ। বেচেৰী¸ দুৰ্ভগীয়া পুজা। সচা প্ৰেম এৰি আনৰ হব ওলাইছে। পাৰিবনে সুখী হব! পাৰিবনে কোনোবাই তাইক তাৰ সমান মৰম দিব!
: পল দা¸ তোমাৰ চাকৰী নাইযে। সেইবাবে তাই এইবোৰ কৰিছে।- বন্ধু পংকজৰ ভগ্নী অংকিতাই কয় তাক। পুজাৰ লগৰ তাই।
সিদ্ধান্ত এটা লয় পলে। তাইক পাহৰি যাবলৈ চেষ্টা কৰিব। কিন্তু কিয় সদায় সহশ্ৰ পলে চকুলো টুকিব! কিয়!
পিছদিনা আচৰিত ঘটনা এটা দেখা গল। সেইখিনি ঠাই ৰাজহুৱা। পুজাহতৰ ঘৰৰ ওচৰত অনসন কৰে এজনে। খুউব পুৱাই হাতে লিখা ফেষ্টুন আৰু বেনাৰখন আৰি দিয়ে কাৰো নাম উল্লেখ নকৰাকৈ।
’ প্ৰেমৰ নামত প্ৰতাৰণা নচলিব’
’ কাৰো হিয়াখন ভাঙি সুখী হব নোৱাৰিবা’
মুহুৰ্ততে ৰাষ্ট্ৰ হৈ যায় খবৰটো। নগেনৰ পুতেক পাগল হল। তাক চাবলৈ দৌৰি আহে মানুহবোৰ। সকলোৱে দুখ প্ৰকাশ কৰে। পুজাহতৰ ঘৰৰ মানুহে উধাতু খাই দৌৰি আহে। অঞ্চলটোৰ সকলোৱে জানে তাৰ প্ৰেমিকা কোন আছিল!
: তই এইবোৰ কি কৰিছ পল। বি ষ্ট্ৰং য়াৰ।- লগৰ বন্ধুকেইজন শোকাকুল হৈ পৰে। অশ্লীল বাক্যবান নিক্ষেপ কৰে দুই এজনে অজ্ঞাত প্ৰতাৰক প্ৰেয়সীক।
: ৰাইজসকল¸ মই পাগল নহয়। মই পাগল হোৱা নাই। যি কৰিছো সুস্হশৰীৰে জানি বুজিয়েই কৰিছো। তেওৰ ভালপোৱা মোক নালাগে। মাথো বিছাৰিছো¸ কোনো বলি নহওক মোৰ দৰে ভবিষ্যতলৈ।- কৈ উঠে সি। ভাবে সততা¸ পবিত্ৰতাৰ শক্তি কিমান হব পাৰে! তাইৰ মন পৰিবৰ্তন নোহোৱালৈকে অনসনত বহিব সি। জীয়াই থাকিবলৈ জীবিকাৰ অভাব নহব তাৰ। চৰকাৰী নহলেও চাকৰী পাবই। কৰ্মমুখী যুবক সি। নাজানে পলে তাৰ যাত্ৰাৰ শেষ কত??
( মনটো যে কি নহয়! প্ৰিয় পাঠক কাল্পনিক কাহিনীতো চাগে ভাল নালাগিবও পাৰে। হয়তো একো বাৰ্তা নাপাব ইয়াত। নিজৰ বুলি দায়দোষ নধৰিব।)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

1 comments:

  1. পৰশমনি ..... ধুনীয়া লিখা তুমি .... সুন্দৰ সুন্দৰ ..... সদায়েই লিখি যোৱা ... শুভকামনা জনাইছো .... ।

    ReplyDelete

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib