Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

প্ৰাপ্তি অপ্ৰাপ্তিৰ দোমোজাত

Unknown



বাৰাণ্ডাত বহি আছে মানুহজন। সমুখত দৈনিক বাতৰি কাকতখন। এইমাত্ৰ পেপাৰখনৰ হেডলাইন কেইটা পঢ়ি থৈছে মানুহজনে। সদায় সদায় একেবোৰেই খবৰ। পঢ়িবই মন নাযায়। অলপ আগতে বোৱাৰীয়েকে চাহকাপ দি গৈছিল। এতিয়া ঠাণ্ডা হৈ গল। ভ্ৰক্ষেপ নাই মানুহজনৰ। ৰবিবাৰৰ দিন। ঘৈনীয়েক মন্দিৰলৈ গৈছে। অতীতলৈ উৰামাৰে সদানন্দ কলিতাৰ মনটো।
খুউব দুখীয়া ঘৰৰ লৰা আছিল সদানন্দ কলিতা। পিতাক উমাকান্ত ডেকাবুঢ়াই ধোৱাখুলীয়া স্বভাবটোৰ বাবে সকলো মাটিবাৰি বেছি শেষ কৰিছিল। তেও তেতিয়া ছিক্স নে চেভেন পাইছিল। বায়েক¸ ককায়েকক লৈ পাচজনীয়া পৰিয়ালটো চলিবলৈ কষ্ট হৈছিল।
: বাই¸ মই সদাক লৈ যাও দে। ইয়াক মই পঢ়ুৱাম। মোৰ তাত থাকিব ঘৰখনো চাব।- সম্পৰ্কীয় মোমায়েক পৰমাই মাক-পিতাকক কৈ লৈ আহিছিল গুৱাহাটীলৈ। পৰমা মামা অধ্যাপক চহৰৰ বিখ্যাত কলেজ এখনৰ। গাওৰ লৰা যদিও চহৰৰ বিখ্যাত পৰিয়ালৰ কণ্যাক বিয়া কৰাই তাতেই নিগাজী হৈছিল।
: সদা বজাৰখিনি কৰিবি। সদা মামীয়েৰক চাবি। সদা ইটো সদা সিটো- ঘৰৰ কামবন বোৰ কৰি পঢ়িবই সময় নাপায় তেও। ৰাতি শুৱাৰ সময়ত কিতাপ উলিয়াই। লাহে-লাহে মামীয়েকে যেন সহ্য কৰিব নোৱাৰা হল। বাধ্য হল এদিন ওলাই আহিবলৈ।
: ঐ ভাইটি¸ ট্ৰেইনিং এটা আছে লবি নেকি? - ডাড়ীয়া মানুহজনে সোধে। এইকেইবছৰ দেখি দেখি মৰম সোমাই গৈছে মানুহজনৰ। মামাকৰ কাষৰ ঘৰটোতে থাকে তেও। খাদী বোৰ্ডত চাকৰী কৰে।
: লম।- একে আশাৰেই কয় তেও। ঘৰলৈও ঘুৰি যাব নোৱাৰে। খোৱাৰ অসুবিধা। মামাকেও উলিয়াই দিলে¸ কৰিব কি! ঘৰলৈ গৈ মাত লগাই গুছি গল তেও উত্তৰ প্ৰদেশলৈ। কষ্টৰবা গান্ধী আশ্ৰমত এবছৰীয়া ট্ৰেইনিং। ষ্টাইপেণ্ডৰ টকাকেইটা ঘৰলৈ পঠিয়াই। জীবনটো নতুনকৈ চাবলৈ শিকিলে সদা কলিতাই।
: ফেইলাৰ ইজ দা পিলাৰ অফ চাকচেচ। এভ্ৰি লুচাৰ গট এ চাঞ্চ টু উইন।- ত্যাগীচাৰৰ উদাত্ত ভাষণে সাহস দিয়ে তেওক।
মোককচাঙৰ চাকৰীটো ভালেই আছিল। কেভিআইবিৰ ডেমোষ্ট্ৰেট’ৰ। সহজ সৰল নগা মানুহবোৰে প্ৰায়েই আলু-কচু লৈ আহে। মাথো ভাতমুঠিহে সিজাব লাগে।
: ঐ চাৰ¸ তই ইয়াতে থাকি যা ঐ। তোক আমাৰ মানুহ যেন লাগে। ইয়াৰ ছুৱালী এটা বিয়া কৰাই থাক।- লংথ্ৰাই কয় তেওক। হাঁহে মানুহজনে। কেভিআইবি অফিচটোৰ চকীদাৰ সি। বৰ ভাল পাই সদাক। আপুনি তই মিক্স কৰি কোৱা ভাষাটো শুনি বৰ ভাল লাগে কলিতাৰ। ইতিমধ্যে সহকাৰী বিষয়ালৈ প্ৰমোচন পাইছিল তেও। জুয়ে পোৰা তিৰাশীত তেতিয়া উত্তাল অসম। বিদ্ৰোহৰ জুয়ে নগা পাহাৰকো চুই গৈছিল। সম্পুৰ্ণ এটা ৰাতি গছৰ ওপৰত উঠি কটাইছিল তেও। লংথ্ৰাই পাষ্টিকৰ বেগত খোৱা বস্তু দিছিল। নগালেণ্ডত থকা শ শ অসমীয়াই নগাৰ উৎপাতত পলাবলৈ বাধ্য হৈছিল। ইচ্ছা কৰা হলে পুলিচ কমাণ্ডোৰ মাজত মোককচাঙতে থাকি ট্ৰেঞ্চপাৰ লৈ আহিব পাৰিলেহেতেন তেও।
বিদেশী বহিস্কাৰৰ তীব্ৰ আন্দোলনে হাত বাউলি মাতে তেওক। জাতীয় আবেগত গুছি আহে তেও। চিআৰপি পুলিচৰ লাঠিৰ কোব¸ মৈমনচিঙিয়া বিদেশীৰ লগত যুঁজোতে কেতিয়াও ভবা নাছিল যে এদিন সকলো অসাৰ হব। ৰাজপাট পায়ে সকলো পাহৰি গৈছিল নেতাসকলে। বেয়াকৈ ৰাইজৰ আবেগৰ চৰকাৰখন ব্যাৰ্থ হৈছিল। শোকস্তব্ধ হৈছিল তেও। ৮৫৫ জন শ্বহীদৰ ত্যাগ¸ শত-সহশ্ৰ বলিদানৰ অসম চুক্তি অসাৰ যেন লাগিছিল।
ৰঙিয়াৰ খাদী অনুষ্ঠানটোত কাম কৰি থাকোতে লগ পাইছিল তাইক। খুউব সোনকালেই নিজৰ কৰি লৈছিল। শহুৰেকৰ পৰিয়ালৰে সম্পৰ্ক নাছিল¸ অসবৰ্ণ বিবাহ আছিল তেওৰ।
: আপোনাৰ এপইন্টমেন্ট লেটাৰ এখন আহিছে।- ঘৈনীয়েকে কয় এদিন। চালে তেও। পঞ্জাব নেচনেল বেংকৰ ব্ৰাঞ্চ মেনেজাৰ দেলহীত। সোনকালেই জইন কৰিব লাগে। উলাহে নধৰা হয় তেওলোকৰ মন। ইন্টাৰভিউ দিছিল তিনিমাহমান আগত¸ ট্ৰেজাৰী চালান কাটি। ভাল হৈছিল তেওৰ।
ইতিমধ্যে বন্দোবন্ত সকলো হৈ গল। বেডিং পত্ৰ বান্ধি সাজু তেও। জইন কৰি আহি নেক্ষ্ট মাহত ঘৈনীয়েককো লৈ যাব। ইতিমধ্যে ৰঙীয়াৰ অফিচতো ৰিজাইন দি মাত লগাই আহিলেগৈ। নিৰ্দিষ্ট দিনটোৰ ৰাতিৰে পৰা ককায়েকৰ যোৱা-থোৱা। বিবুধিত পৰে সদা কলিতা। এফালে ভাতৃৰ মৰম আনফালে জীবিকা।
: ককায়েৰক এই অবস্হাত এৰি ইমান দুৰলৈ যাবি তই!- কান্দে মাকে। পিতাক নাই তেতিয়া। কেইবাবছৰো আগত ঢুকাইছিল।
: কপালত থাকিলে চাকৰী আকৌ পাম¸ ভাই হয়তো নাপাম।- ঘৈনীয়েকক বুজাইছিল তেও। যোগাৰ কৰা টকা কেইটা ডক্টৰ¸ ঔষধৰ নামতেই শেষ। স্বাভীমানী মানুহজনে ভেঞ্চাৰ স্কুলখনত সোমাইছিল¸ গৃহ শিক্ষকতা কৰিছিল। হাৰি যোৱা নাছিল।
: জীবন এখনি যুদ্ধক্ষেত্ৰ।- গান্ধী আশ্ৰমত পোৱা শিক্ষাৰে যুজি গৈছিল তেও।
: দেউতা¸ তোৰ ঠাইত মই হোৱা হলে বুকুত চুৰী বহাই দিলো হেতেন।- পুতেকে প্ৰায়েই কয়। মামাকৰ ঘৰত থাকোতে সদা কলিতাই ডেৰ কঠা মাটি পাইছিল ধীৰেণ পাৰাত। অধ্যাপক পৰমা কলিতাই শহুৰেকৰ নামত সাজি থকা বিখ্যাত কলেজখন নিৰ্মানৰ সময়ত চোৱাচিতা কৰিছিল তেও।
: পৰমা¸ এইখিনি মই সদাক দিছো। তই চকু নিদিবি।- পৰমা কলিতাৰ শাহুৱেক এই ডেৰকঠা মাটি দান দি কৈছিল। তেওক বৰ মৰম কৰিছিল মানুহগৰাকীয়ে। স্বামীৰ স্মৃতিৰে গঢ়া কলেজখনৰ নিৰ্মানত কৰা সহায়ৰ প্ৰতিদান দিছিল তেও। মোককচাঙত চাকৰী কৰি থাকোতেই লুভীয়া মামাকে বিক্ৰী কৰি দিছিল তেওৰ মাটি টুকুৰা। কান্দিছিল তেও
: মোক যি দুখ দিলি¸ তয়ো তাৰ প্ৰতিফল পাবি।- অভিশাপ দিছিল তেও। মামাকে বহুত ক্ষতি কৰিছিল তেওৰ। পঢ়ুৱাম বুলি নি প্ৰকাৰন্তৰে লগুৱা সজাইছিল। মনে মনে পঢ়িছিল তেও। ভাত দিয়া নাছিল মামীয়েকে। মেট্ৰিক পৰীক্ষাৰ সময়ত বাল্টি বজাই দিচটাৰ্ব দিছিল। পঢ়িবলৈ দিয়া নাছিল তেওক। উৰায়ন্তৰ হৈ আমবাৰীৰ লাইটপোষ্টৰ তলত পঢ়ি দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হৈছিল তেও।
: দেউতা জাননে¸ ধীৰেণপাৰাৰ আমাৰ মাটিখিনিৰ মুল্য এতিয়া কমেও এক কোটি টকা হব।
: বাদ দে অ’। আমাৰ কপালতে নাই! মোক ঠগাই কি পালে তেও চা। শান্তিত ভাত এসাজো খাব নোৱাৰে। আৰু মোক চা কষ্টৰে হলেও শান্তিত আছো। তহত তিনিটাহে মোৰ আচল সম্পত্তি।- সেমেকা হাঁহি এটা মাৰি কয় তেও। একো নকয় পুতেকে।
পৰমা কলিতাই জীবনটোত কেৱল সম্পত্তিয়ে চিনি পালে। গুৱাহাটীৰ অলিয়ে-গলিয়ে শহুৰেকহতৰ মাটিবোৰ দখল কৰি ললে। হলে হব কি¸ দুয়োটা পুতেকেই এবনৰ্মেল। অধ্যাপকৰ পুত্ৰই মেট্ৰিকৰ দেওনাখনেই বগাব নোৱাৰিলে। মামাক মৰাৰ পিছত পুতেক দুটাই যে সম্পত্তি চম্ভালি ৰাখিব পাৰিব সন্দেহ আছে তেওৰ।
: অৰ্পিতা¸ মোৰ মা-দেউতা মোৰ বাবে ভগবান। ভুলতো যাতে দুখ নাপাই তেওলোকে। - বিয়া কৰাই অনাৰ পিছদিনাই বৰপুত্ৰই কৈছিল বোৱাৰীয়েকক সকলোৰে আগতে। গৌৰবত বুকুখন ফুলি উঠে তেওৰ। শিক্ষিতা বোৱাৰীয়ে তেওলোকক নিজৰ মাক-দেউতাক বুলিয়ে ভাবে। জীয়েক-জোৱায়েকে দিনটোত খবৰ কৰেই এবাৰ। কনিষ্ঠ পুত্ৰ ইউনিভাৰচিটিত।
বেংকৰ চাকৰীটো কৰিব পৰা হলে চাগে জীবনটো বহুত বেলেগ হলহেতেন। সৰুৰে পৰা বৰ পুত্ৰই আইএএছ হম বুলি চিঞৰি থকা সপোনটো পুৰাব পাৰিলেহেতেন। ডাঙৰ বাংলো এটাৰ লনত বহি ঘৈনীয়েকৰ সতে স্মৃতি ৰোমন্হন কৰিব পাৰিলেহেতেন! আস¸ কি যে মধুৰ! ধীৰেণ পাৰাৰ মাটিখিনি থকা হেতেনো! দুখ লাগে তেওৰ। আজিকালি পোৱা-নোহোৱাৰ হিচাপবোৰ কৰে তেও। ৰিটায়াৰমেন্টৰ পিছত টিভি চোৱা আৰু পঢ়া বাদ দি একোই কাম নাথাকে তেওৰ। পুতেক¸ বোৱাৰীয়ে দোকানৰ পৰা বস্তু এপদো আনিব নিদিয়ে। মানুহজনে কষ্ট পাব বুলি ঘৈনীয়েক তৎপৰ হৈ থাকে। মনটো ভৰি পৰে তেওৰ। জীবনৰ আদবয়সত অকলশৰীয়া নহয় তেও।
: দেউতা¸ আপোনাৰ চাহকাপ ঠাণ্ডা হৈ গল দেখোন। ৰব মই একাপ বনাই আনো।- বোৱাৰী অৰ্পিতাৰ মাতত তন্ময়তা ভাঙে তেওৰ।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

1 comments:

  1. পৰশমনি ..... ধুনীয়া লিখা তুমি .... সুন্দৰ সুন্দৰ ..... সদায়েই লিখি যোৱা ... শুভকামনা জনাইছো .... ।

    ReplyDelete

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib