Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

সপোনৰ শেষ নাই

Unknown

(গল্প নহয় ছল্প)
-----------------------
জি এটা সপোন কিনিম
মই সপোনৰ সদাগৰ¸
মোৰ প্ৰিয় ৰং সেউজীয়া
কামিজটোও সেউজীয়া।’
- ধুনীয়া পংক্তিটো লিখি অভিভুত হৈ পৰে সি। মনটো খুবেই চঞ্চল। কিযে সপোনবোৰ দেখি থাকে নহয়।
দিনতেই দেখা সপোনবোৰৰ পিছে পিছে কিমান যে দৌৰে সি। অথচ ঢুকি নাপায় কাহানিও। তথাপিও কিযে অদম্য উচাহ! অতীব সুখানুভুতি।
চৰকাৰী চাকৰী নাপায় ব্যবসায়কেই জীবিকা কৰি লয় সি। গ্ৰাহক নোহোৱা সময়ত আকাশ পাতাল ভাবি থাকে। স্মাৰ্টফোনটো অহাৰ পৰা বহুত সুবিধা হৈছে। চোচিয়েল মিডিয়াত সময়বোৰ অতিবাহিত কৰিব পাৰিছে। ফেচবুক গ্ৰুপ এটাত আজিকালি কথা পাতে বিভিন্ন ঠাইৰ ব্যক্তি সকলৰ সতে। চচা¸ চাংমাই দা¸ নন¸ চুলতানা¸ ৰিঅ¸কুলদীপ¸ ৰাজশ্ৰী¸ জিতু¸ মঞ্জিত¸ কৌশিকহতৰ লগত কথাপাতি ভাল লাগে।
বহুদিন আগতে গল্প এটা পঢ়িছিল সি। কাহিনীটো সম্পুৰ্ণ মনত নাই। মুলভাবটোহে অলপ অলপ মনত আছে। সুখ বিচাৰি বিচাৰি বিদেশৰ এজন ধনী মানুহে পৃথিবীৰ নানা দেশ ঘুৰি ফুৰে। সমষ্ট ধন দিও কোনো এখন বজাৰতে সুখ কিনিব নোৱাৰিলে। অবশেষত যেতিয়া সুখ বিচাৰি পাই তেওৰ শেষ সময় সমাগত। পত্নীৰ মৃত্যুৰ শোকত যেতিয়া এজন শোকাকুল স্বামীয়ে আত্মহত্যা কৰিবলৈ এখন নদীলৈ যায়¸ নদীৰ পানীত নিজৰেই প্ৰতিবিম্ব দেখি মন সলনি কৰি উভতি আহে।
জীবনবোধৰ এনেবোৰ কাহিনীকে পঢ়ি শুনি ডাঙৰ হৈছে পলাশ। দেউতাক শিক্ষক বাবে জীবনৰ প্ৰতিটো ধাপতে নীতিশিক্ষাৰ পাঠ শিকি আহিছে সি। খোজে প্ৰতি উজুতি খাই খাই বিষময় যেন জীবন। পলাশেও দেখিছিল ধুনীয়া সপোন কিছুমান। চকুমেলাৰ লগেলগে সপোনবোৰ পলাই ফাট মেলাৰ নিচিনাকৈ মৰহি গৈছিল। ইমান সহজ নহয় মানুহৰ জীবন! নিজকে প্ৰবোধ দিছিল সি। লগৰ সমনীয়া কিছুমানৰ দ্ৰুত উন্নতিত হীনমান্যতাত ভুগিছিল কেতিয়াবা। ডাক্টৰ¸ ইঞ্জিনিয়াৰ নহয়¸ এজন সচা মানুহ তই হলে মোৰ বেছি ভাল লাগিব। দেউতাকে সদায় কোৱা কথাবোৰ ডাঙৰ হোৱাৰ লগেলগে অযুক্তিকৰ¸ অবাস্তব যেন লাগি গৈছিল তাৰ। অথচ সৰু থাকোতে দেউতাকৰ সাধু শুনি টোপনি যাওতে তাৰ প্ৰিয় আছিল¸ জৰ্জ ৱাশ্বিংটনৰ সাধুটো- সেই যে লৰাটোৱে দেউতাকক সহায় কৰাৰ মনোভাবেৰে এফালৰ পৰা মুল্যবান গছবোৰ কাটি পেলাইছিল। দেউতাকে ক্ৰোধিত হৈ চিঞৰি উঠিছিল- কোন মুৰ্খই এই কাম কৰিছে। লৰাটোৱে তলমুৰ হৈ কৈছিল। দেউতা¸ এই মুৰ্খই এই কাম কৰিছো। আপুনি মোক শাস্তি দিয়ক। দেউতাকে লৰাটোৰ সত্যবাদিতা আৰু স্পষ্টবাদিতা মুগ্ধ হৈ কোচত তুলি লৈছিল আৰু চুমা খাই আশীৰ্বাদ দিছিল¸ এদিন সি ডাঙৰ মানুহ হব। যিজন লৰা হৈছিল স্বাধীন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু যাৰ নামেৰে আজি পৃথিবীৰ আটাইতকৈ শক্তিশালী দেশখনৰ এখন চহৰ।- সেই কাহিনীটোৱে বৰকৈ অনুপ্ৰেৰণা দিছিল পলাশক। সৰুতে সিয়ো সপোন দেখিছিল এজন ডাঙৰ মানুহ হোৱাৰ। কিন্তু সময়ৰ লগেলগে বাস্তবৰ ভয়াবহতা অলপ অলপকৈ চকুৰ আগত ধৰা দিছিল তাৰ। সপোনবোৰ ঠানবান হৈ গৈছিল। একো বুজি নোপোৱা কালত দেখা ডাঙৰ মানুহ হব খোজাৰ সপোনটো সংকুচিত হৈ কোনোমতে চলি থাকিব পৰা সাধাৰণ সপোনলৈ ৰূপান্তৰিত হৈছিল। বাস্তব বৰ নিষ্ঠুৰ। ভাবে সি।
অনামিকাক ভাল পাইছিল। বুকুত ব্ৰহ্মকামোৰ দি আতৰি গলগৈ। তাৰপিছত নিকিতা¸ মৌচুমী নাই কাৰোৱে লগত মনবোৰ নিমিলে তাৰ। সকলোকে খালি বাহিৰৰ ৰংবোৰহে লাগে। সচা প্ৰেম¸ ধুনীয়া মন এটাৰ অলপো দাম নাই কাৰোৱেই ওচৰত।
: গিফ্ট কি দিবা মোক ভেলেন্টাইন ডেত।-মৌচুমীয়ে সুধিছিল তাইক। আতৰি আহিছিল সি। বাস্তববাদী সি। বুজি নাপায় কিয় লাগে প্ৰেমৰ বাবে দামী উপহাৰ¸ ৰেষ্টুৰেন্ট-কেন্টিন¸ পাৰ্ক! প্ৰেম বুকুতহে থাকে। মানীবেগততো নহয়!
: মানুহৰ সপোনবোৰ ট্ৰেকত নাথাকেই নেকি বাৰু। যেনি তেনি বাট লয়।- কৃষ্ণাই সুধিছিল কালি গ্ৰুপটোত।
: সপোনৰ শেষ নাই অ’ কৃষ্ণা। সপোনবোৰ এইবাবেই ধুনীয়া। কাৰণ সকলোৱে সপোনত ৰজা। চাল্লা পইতাভাত খায়ো চিকেন বিৰিয়ানিৰ সোৱাদ লব পাৰি।- হাঁহি হাঁহি ৰিপ্লাই দিয়ে সি ধুনীয়া স্মাইলী এটাৰ সতে
: মোৰো বহুত ইচ্ছা আছিল...যি পুৰণ নহ'ল... চকুৰ সন্মুখত এটি আটোমটোকাৰি সপোনৰ অৱক্ষয় সহ্য কৰা বৰ অসহনীয়...- হুমুনিয়াহ এটা কাঢ়ে কাব্যই।
: সপোনৰ অৱক্ষয় নহয়। সপোন দেখা মানুহৰ দুচকু সদায়েই স্বপ্নাতুৰ। সপোন শেষ হ'ব নোৱাৰে। সময়ৰ তাগিদাত এটা সপোনৰ অন্তত আন এটা সপোন নকৈ ফুলে। তাকে সজাবলৈ চেষ্টা কৰাটোহে উচিত।- ৰিয়ান দাই কৈছিল এদিন। মনত পৰে পলাশৰ। হাঁহিমুখীয়া¸ ধেমেলীয়া মানুহজনৰ লগত কথা পাতিলে মনটো ভাল লাগি যায়।
তাৰো সপোন আছিল জালুকবাৰী। শাৰী শাৰী কৃষ্ণচুড়াৰ মাজত সজাব খুজিছিল সপোনবোৰ …! সময় বৰ নিষ্ঠুৰ!
: দেউতাই বিছাৰিছিল উকিল¸ মায়ে ডক্টৰ¸ নিজে ভাবিছিলো পঢ়িম বহুত। এম ফিল পিএইছডি। চাল্লা আমাৰ চৌধ্য গোষ্ঠীত কোনো ডক্টৰেট নাই। ভাগ্যৰ বিড়ম্বনা চাওক সময়ে লাট মাৰি কৰিলে বেপাৰী!- দুখ কৰিছিল সি ৰিয়ানদাৰ আগত।
: তুমি ঠিক ঠাইতে আছা। কলাক ধ্বংস কৰিব নোৱাৰি। পৰিৱৰ্তিত কৰিব পাৰি যদিও ই নতুন ক্ষেত্ৰত নিজকে একেই ৰূপত ধৰি ৰাখে।- হয়তো ঠিকেই কৈছিল তেও। পুৱাৰ পৰা ৰাতিলৈ কেৱল টকাৰ কথা ভাবিয়ে পাৰ নকৰে সি। জীবনটো চলি থাকিব পাৰিলেই হল। তথাপিও যেন ইচ্ছাৰ বিৰুদ্ধে পেটৰ তাড়নাত সংগ্ৰাম কৰিব লাগে। শিল¸বালি¸ইটা¸ লোহা-লক্কৰৰ লগত খেলি মনটোও শিল হৈ যোৱা যেন লাগে তাৰ কেতিয়াবা। মোবাইলৰ স্ক্ৰীনত চকু দিয়ে সি। কৃষ্ণাই লিখেছে-
:HS পঢ়ি থাকোতেই নাহৰৰ নিৰিবিলি ছাঁ পঢ়ি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিছিলো। তাৰ পিছৰ দিনবোৰত সেয়া এক লক্ষ্যস্থিত সপোন হৈ পৰিছিল মোৰ। কিন্তু স্নাতক দ্বিতীয় বৰ্ষত থাকোতেই চাকৰিত জ‌ইন কৰিলো আৰু লগে লগে সেই সপোনৰ ফুলষ্টপ। পিছৰ পৰ্যায়ত পঢ়া শুনাবোৰ সম্পূৰ্ণ হ'লগৈ যদিও বিশ্ববিদ্যালয়ৰ বুকুৰ বাসিন্দা হোৱাৰ সেই আমেজ ক'তো নাপালো। গতিকে সেই সপোনটো এতিয়াও সপোন হৈ থাকি গ'ল, আক্ষেপ থাকি যাব। এতিয়াও কেতিয়াবা টালি-টোপোলা বান্ধি বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বাসিন্দা হৈ গুচি যাবলৈ মন যায়। সঁচা। শিক্ষা জীৱনৰ এচোৱা সোণোৱালী পথত খোজ থবলৈ নাপালো। বহুত মিচ কৰো।- বিশ্ববিদ্যাসয় সপোন হৈ ৰোৱাৰ দুখবোৰে ভিৰ কৰে দুচকুত তাইৰ দুচকুত।
:সঁচা ৰে। সৰুতে কিবা এটা গাইছিলোও ডাঙৰ হৈ ইউনিভাৰ্ছিটীত পঢ়িম টাইপ। পাহৰিলো বহুত দিন হলতো। বৰ ধুনীয়াকৈ লিখিলা অ নোপোৱাৰ কথাবোৰ।- সেইটো ৰিয়ান দা। জীবন যুজত যুজি যুজি ভাগৰি নপৰা মানুহটোক ভাল লাগে তাৰ। কম সময়তে সকলোকে আপোন কৰি লব পাৰে।
: ৰিয়েল ট্ৰেজেডী এইবোৰ... থাকি যাব গোপনে। প্ৰাপ্তিৰ আঁৰতো এইবোৰেই অপ্ৰাপ্তি । য'মে সুধিলেও কবলৈ হ'ব।- কাব্যৰ দুখ
:এনেকৈয়ে ট্ৰেজেডীবোৰো সুন্দৰ হৈ যায় ন? কথাবোৰ টাইপ কৰি থাকোতে মনটো বেয়া লাগি আছিল অকলেই ভুক্তভোগী বুলি। এতিয়া দেখিছো উই আৰ ইন দ্য চেইম বোট ব্ৰাদাৰ। এহ মজ্জা মজ্জা।- ৰিয়ানদাৰ কমেন্ট এইটো। হাঁহিৰে উৰুৱাই দিয়ে মানুহজনে।
দুখবোৰ পাতলি যায় তাৰ। সিয়েই অকলশৰীয়া নহয়¸ সকলোৰে দেখোন কিবা নহয় কিবা দুখ।
: জান পলাশ¸ দুৰৰ পাহাৰ দেখিবলৈ ভাল। ওচৰলৈ গলেহে দেখিবি খলাবমাবোৰ।- নিলাক্ষীয়ে কয় তাক। একেলগে পঢ়া ছোৱালীজনীৰ গিৰিয়েক বিডিঅ’। তাইৰ মনতো দুখ। বিয়া হোৱাৰ পাছবছৰ হল¸ নিসন্তান তাই।
বিতুৰ বিয়াত সি দেখিছিল তাইক। ধুনীয়া মৰমলগা ছোৱালীজনী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। চিনাকী কৰি দিছিল বিতুৱে। মামাকৰ জীয়েকজনীৰ কোনো প্ৰেমজাতীয় সম্পৰ্ক নাই কাৰোৱেই লগত। ছবি অকা ছোৱালীজনীয়ে মৰম লগাকৈ চাইছিল তালৈ। লাভ এট ফাৰ্ষ্ট চাইট যেন হৈ যায় পলাশৰ। বিতুক কব সি। তাৰ লগতেই যাব তাইৰ ঘৰলৈ। যদি ভগবানে দিয়ে তাইকেই বিয়া পাতিব। সপোন দেখে সি।
সপোনৰ শেষ নাই…।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

1 comments:

  1. পৰশমনি ..... ধুনীয়া লিখা তুমি .... সুন্দৰ সুন্দৰ ..... সদায়েই লিখি যোৱা ... শুভকামনা জনাইছো .... ।

    ReplyDelete

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib