(প্ৰথম অংশ)
কথাই কথাই এদিন বন্ধু এজনে কলে যে সোণকালে ভাড়াঘৰটো সলনি কৰিব বিচাৰে। আনকি ভাড়া দুগুণ হলেও তাতকৈ সৰু ঘৰ এটা হলেও সোণকালে সলনি কৰিবলৈ ইচ্ছুক। অলপ আচৰিত হলো। যিমানখিনি জানো¸ লগাখিনি সা-সুবিধা থকা বন্ধুৰ ভাড়াঘৰটো ভাগ্যৰ বলতহে এই মহানগৰীত পোৱা পোৱা যায়। পেঘেনিয়াই সোধাৰ পিছত বন্ধুত কও নকওকৈ যিটো কাৰণ কলে স্বাভাবিকতে আমাৰ হাঁহি উঠিল। কাৰণ এই দুহেজাৰ বিশ চনত মহানগৰীৰ মাজমজিয়াত দিন দূপৰতে ভৌতিক কাণ্ড কাৰখানাৰ কথা কলে মানুহে বাগৰি বাগৰি হাঁহিব।
: তহঁতে হাঁহিছ! নিজে পাল্লাত পৰিলে গম পালি হয়।
- সেমেনা-সেমেনি কৰি বন্ধু ৰৈ থাকিল।
: তই চায়েঞ্চ পঢ়ি যদি এইবোৰ গাজা কৱ মানুহে নাহাঁহি কি কৰিব ক?
: তহঁতি বিশ্বাস কৰ বা নকৰ কিন্তু কথাবোৰ একেবাৰে সঁচা। প্ৰতিটো কথাই সঁচা। অকলে থাকিলেই কৰবাৰ পৰা ইটাৰ টুকুৰা¸ কাঠৰ টুকুৰা উৰি আহি গাত পৰে। ভালকৈ এসপ্তাহৰ মানৰ পৰা শুবই পৰা নাই।
- এইবাৰ নিজৰ কথাত জোৰ দি বন্ধুই চশমা খুলি চকুযোৰ দেখুৱালে। চকুহালি অলপ কোটৰত সোমাই গুৰিত অলপ কলা পৰিছে। কাৰণ যিয়েই নহওক¸ বন্ধুৰ যে এইকেইদিন টোপনি ভাল হোৱা নাই ক্লান্ত শৰীৰটো চায়েই ধৰিব পাৰিছো।
এইবাৰ আৰু বন্ধুক ঠাট্টা কৰিবলৈ টান পালো।
: ঠিক আছে। কথাবোৰ বিশ্বাস কৰিবলৈ টান পাইছো যদিও তোক বিশ্বাস কৰিছো বাৰু। অামি বাৰু ভাল ঘৰ এটা চাম। কিবা অসুখ-বিসুখ পাইছ যদি ডক্টৰক এবাৰ দেখুৱাবি।
হথাতে কিবা এটা ভাবি মনটো মোৰ লকলকাই উঠিল। কলো
: শুনচোন¸ তইতো দুমাহৰ এডভাঞ্চ দি থৈছ নহয়জানো! ভাড়াঘৰৰ মালিকেতো তোক আৰু পইচা ঘুৰাই নিদিয়ে। এটা কাম কৰ। ভাল ঘৰ নোপোৱালৈ তই আমাৰ ৰুমটোত চিফ্ট হৈ যা আৰু আমি তহঁতৰ ঘৰটোত চিফ্ট কৰো। চাও তোৰ ভূতে কিদাল কৰিব পাৰে।
- শেষলৈ হাঁহি উঠিল মোৰ।
: মোৰ আপত্তি নাই। কিন্তু তঁহত যে দুদিনো থাকিব পাৰিবি মোৰ সন্দেহ আছে।
: বাৰু পাৰো নে নোৱাৰো দেখা যাব। তই মাথো তোৰ ঘৰৰ মালিকক কৈ থবি আমিও কম।
: বাৰু। হব দে।
বন্ধুৱে বিদায় ললে। শোৱাৰ সময়ত মোৰ ৰুমমেটক সকলো কাহিনী বিবৰি কৈ সুধিলো।
: ভয় কৰিবি নেকি তই?
: কি যে কৱ ভাই। জানই দেখোন লগত এজন থাকিলে ৰাতি স্মশান¸ কবৰস্থানত বহি থাকিবও ভয় নকৰো।
দুয়ো হাঁহি দিলো।
তই আকৌ এবাৰ ভাবি চা নেকি! এওক ননালৈকে কষ্ট-মস্তৰে নতুন ঘৰ এটা নোপোৱালৈ থাকিব পাৰিম দে। তই…
কমলে আৰু কিবা কব খুজিছিল। শুনি থাকিবলৈ বিৰক্তি লাগিল।
: ধেৎ তই সচাকৈ বৰ ভয় পাদুৰা অ’। যদি সচাকৈ তোৰ ৰুমত ভূত আছে আমিতো ভালেই পাম। জীৱনত নোপোৱা এক্সপেৰিয়েঞ্চ এটা পাম।
সেমেনা-সেমেনিকৈ থকা কমলৰ মুখলৈ চাই ধেকধেকাই হাঁহি দিলো। ইতিমধ্যে মোৰ ৰুমমেট দিপুলে বেগদুটা লৈ ওলাই আহিছিল।
: ব’ল।
শেষলৈ থেৰোগেৰো কৰি ৰৈ থকা কমলৰ পিঠিত দীপুলে লাহেকৈ ঢকা এটা মাৰিলে।
--------
আমাৰ ৰুমৰ মালিকে কমলক চিনি পাই। বিয়াৰ আগতে মাজে-সময়ে পাৰ্টি কৰিছিলো আমি। গতিকে বিশেষ সমস্যা নহল। সমস্যা আহিল কমলৰ ভাড়াঘৰৰ মালিকৰ পৰাহে। ধৰি ললো চাঞ্চ পাই মালিকে দুআষাৰ নুশুনুৱাকৈ নাথাকিল। আমিও এমাহৰ ভাড়া ঘুৰাই দিবলৈ জোৰ দি ধৰাত এমাহৰ বাবে থাকিবলৈ দিবলৈ বাধ্য হৈ পৰিল। আমাৰ দুয়োৰে দকুমেন্টখিনি বুঢ়াক দি আমি ৰুমটোলৈ আহিলো। ৰুমটো দেখুৱাই দি কমল গ’লগৈ। তাৰ কৃটিম ব্যস্ততা দেখি এটা শব্দই মুখেৰে এটা শব্দই ওলাল - বেছাৰা…
ৰুম বুলি কলে আচলতে ভুল হব। দুটা ৰুমৰ এটা পাৰ্ট। এটাশ্ব কিটচেন আৰু বাথৰুম। আগৰ চৌধ বাই বাৰ ৰুমটোৰ তুলনাক এই নতুন ভাড়াঘৰ বহুগুণে ভাল। ক’ত সেই কমন বাথৰুমৰ বাবে শাৰী পাতি ৰবলগাৰ অভিজ্ঞতা আৰু ক’ত এই ঘৰ।
বাইলেনটোৰ শেষৰ তিনি মহলীয়া ঘৰটোৰ একেবাৰে ওপৰৰ মহলাতে আমাৰ ভাড়াঘৰ। আমাৰ ফ্লোৰত আৰু এটা পাৰ্ট আছে। হয়তো প্ৰতিটো ফ্লোৰতে দুটাকৈ পাৰ্ট। মালিক থাকে গ্ৰাউণ্ড ফ্লোৰত। আমাৰ কাষৰ পাৰ্টতো খালি। গেটত টু লেট বোৰ্ড এখন আহোতে দেখিছিলো। দুই এদিনতে হয়তো মানুহ আহি যাব। এনেয়েও মহানগৰীত ভাল ভাড়াঘৰৰ বাবে মানুহ ৱেইটিঙত লাগিয়ে থাকে। মনটো ভাললাগি গল।
ইতিমধ্যে ৰুমমেটে পৰম সুখত চিগাৰেট হুপিছে। মই তাৰ কাষত থিয় দিয়াত মোৰ ফালে নোচোৱাকৈয়ে চিগাৰেটটো মোলৈ আগবঢ়াই দিলে। তাৰ দৃষ্টি সমুখৰ বিল্ডিংত আবদ্ধ। মুখত প্ৰশান্তিৰ ভাব। হয়তো তাৰ মনতো মোৰ দৰে একেটা কথাই আহিছে।
: পৰাণ¸ এই ঘৰত কি সচাকৈ ভূত আছে?
দিপুলৰ কথাত মই হাঁহিলো
: কমল সচায়ে বুৰ্বক।
--------
0 comments:
Post a Comment