Now you can Subscribe using RSS

Submit your Email

Monday, 27 April 2020

Thirty Nineঃ 2

Unknown
দ্বিতীয় অংশ

দুদিন পাৰ হ’ল। নাই¸ দূৰ দূৰলৈ একো ভৌতিক অশৰীৰি একো অস্তিত্ব অনুভৱ কৰা নাই। এই দুদিনত দিপুলে কমেও পাঁচবাৰ ফোন কৰি কমলক জনাইছে। কিন্তু কমল নাচোৰবান্দা। 

যাঁহওক অলপ আহল-বহল পাই আমি ভালেই পাইছো।

সন্ধিয়া অফিচৰ পৰা আহি বেলকণিৰ কাষত ৰৈ আছিলো। সন্ধিয়াৰ মহানগৰীৰ পৰিবেশ মোহনীয়া হৈ পৰে। বাইলেনটোৰে শ শ মানুহৰ আহ-জাহ। নাতিদূৰৰ নাৰিকল জোপাৰ পাতবোৰ হাত মেলিলেই চুই চাব পাৰি। হঠাতে ফোনটো বাজি উঠিল। কাৰ ফোন বুলি উলিয়াই চাব খোজোতে হাতৰ পৰা উফৰি গৈ পৰি গ’ল। মূহুৰ্তৰ বাবে এনে লাগিল যেন কোনোবাই থাপ মাৰি নিওতেহে পৰি গ’ল। ক্ষন্তেকপৰ তভক মাৰি মনতে হাঁহি উঠিলো। ধেৎ ময়োযে আৰু! 

লৰালৰিকৈ ফোনটো তুলি ললো। টেম্পাৰখন সামান্য ফাটিছে। ফোনটো এতিয়াও বাজি আছে। চিনাকী মানুহ এজনৰ ফোন। হেল্ল’ কৈ আৰু কবলৈ নাপালোৱেই¸ কোনোবাই চুলিত জোৰেৰে ধৰি পিছলৈ টানি দিলে। ফোনটো আকৌ হাতৰ পৰা পৰি গ’ল। উচপ খাই উভতি চালো। দিপুল পিছফালে নাই দেখোন। 
খং উঠিছিল¸ অলপ আচৰিতো হৈছিলো। 
ভিতৰত সোমাই দেখিলো দিপুলে মোবাইলত গেম খেলি আছে। বোধহয় পাব জি খেলিছে। মাজে-মাজে য়াহা য়াহা বুলি কৈ আছে। 

ভাত বনাব সময় হোৱা নাই। ময়ো বিচনাত শুই ফোনটো হাতত ললো। কাইলৈ টেম্পাৰগ্লাছখন সলাব লাগিব।

অলপ পিছত দিপুলৰ গেম শেষ হ’ল। হাৰিল নে জিকিল ধৰিব নোৱাৰিলো। তাৰ  মুখত তাৰ এক অভিব্যক্তি নাই। উঠি গৈ ড্ৰয়াৰৰ পৰা চিগাৰেটৰ পেকেটটোৰ পৰা চিগাৰেট এটা লৈ বেলকণিলৈ গ’ল। তাৰ এটা অভ্যাস যে পৰাপক্ষত সি ঘৰৰ ভিতৰত চিগাৰেট নাখায়। তাৰ কাৰণ এটাই এচট্ৰে ব্যৱহাৰ নকৰি ছাইবোৰ যতে খাই তাতে পেলাই দিয়ে।

: আস্
- হঠাতে দিপুলৰ মাতটো শুনা পালো।
: কি হ’ল অ’?
: খুন্দা খালো।
: ধেই। চাই খোজকাঢ়িব নোৱাৰ!
- সি একো নকলে। খুকখুকাই হাঁহি ভিতৰলৈ সোমাই আহিল।

ৰাতি হঠাতে টোপনি ভাগি গ’ল। কিবা এটা শব্দ হৈছিল চাগে। মুৰ তুলি চাই দেখিলো দিপুলেও মুৰ তুলি চাইছে। তাৰমানে সিয়ো সাৰ পাইছে শব্দটো শুনি। 
এনে লাগিছিল যেন কোনোবাই জোৰে-জোৰে দৰ্জাত ঢকিয়াইছিল। 

: টোপনি অহা নাই?
: নাই।

লাহেকৈ বিচনাৰ পৰা উঠিলো। বাথৰুমৰ পৰা আহো। বাহিৰৰ পৰা এজাক কুকুৰৰ ভুকাৰ শব্দ ভাহি আহিছে। বোধহয় কাজিয়া লাগিছে। 

লাইটটো জ্বলাই বাথৰুমত সোমালো। দৰ্জাখন জপাই থোৱা নাছিলো। প্ৰস্ৰাব কৰোতে ভিতৰৰ পৰা খিলি দিয়াৰ প্ৰয়োজন নহয়। জ্বলি থকা লাইটো হঠাত ধিমিক-ধামাক কৰি হঠাতে বেছি পোহৰ হৈ ধপকৈ নুমাই গ’ল।

: ধেৎ চাল্লা (অশ্লীল)

বোধহয় দিপুলে শুনিলে। সুধিলে সি
: কি হ’ল অ’?
: বাল্বটো ফিউজ গ’ল।

গাৰুৰ কাষত থকা মোবাইলটো চালো। দুই বাজি পোন্ধৰ মিনিট।
ৰাতি আৰু সাৰ নাপালো।

 সন্ধিয়া অফিচৰ পৰা সোণকালে ওলাইছিলো। দিপুলৰ অলপ দেৰি হ’ব। অফিচত মিটিং আছে। দৰ্জাখন খুলিবলৈ লৈ মনত পৰিল যে পাচলিখিনি আনিব পাহৰি গ’লো। ৰুমত পাচলি পুৱাই শেষ হৈ গৈছিল। ৱাটচ্এপত মেছেজটো দি দৰ্জাখন খুলিবলৈ সামান্য হালিছিলোহে মাথোন ধপকৈ শব্দ কৰি কাঠৰ টুকুৰা এটি আহি দৰ্জাখনত পৰিল। তলাটো খুলিবলৈ হাউলি নিদিয়া হলে সেই টুকুৰাটোৱে যে আহি মোৰ মুৰ ফালি দিলিহেতেন সেয়া খাটাং। তথাপি টুকুৰাটোৰ তলত পৰোতে কেনেবাকৈ ভৰিত খুন্দিয়াই দিয়াত পেন্টৰ ওপৰতে মাখিচাল এৰাই যোৱা যেন লাগিল। লৰালৰিকৈ ভিতৰলৈ সোমাই চাও যে হয় মাখিচাল অলপ এৰাই তেজ বিৰিঙি উঠিছেে।

কাপোৰ সাঁজ সলাই বাহিৰলৈ ওলাই আহিলো। পৰিস্থিতি বেয়া হ’লে লুকাই দিয়া মংগল¸ কিন্তু তাৰ অৰ্থ এইটো নহয় যে সেইফালে চাবই এৰিদিম। সৰুৰেপৰা ৰহস্য সন্ধানী মন এটা আছিল। দেশী-বিদেশী কিতাপবোৰ পঢ়ি পঢ়ি নিচা বাঢ়ি গৈছিল। এই মুহুৰ্তত সেই মনটোৱেই যেন সাৰ পাই উঠিল। কাঠৰ টুকুৰাটো কৰপৰা উৰি আহিছিল ভালকৈ গম নোপোৱাকৈ একো এটা সিদ্ধান্তত উপনীত হব নোৱাৰো। এইবাৰ ভালকৈয়ে চকু ফুৰালো চাৰিওফালে। চাদলৈ যোৱা চিৰিটোৰ কাষতে কাষতে কাঠৰ সৰু দম এটা আছে। কাষলৈ গৈ দেখিলো সেয়া চাটাৰিঙৰ তক্তা আৰু সৰু সৰু বাটাম কিছুমান। দৰ্জাৰ কাষলৈ উভতি আহি এইবাৰ কাঠৰ টুকুৰাটো প্ৰথম হাতত তুলি ল’লো। টুকুৰাটো বেছ গধুৰ। দীঘলে দুফুটমান টুকুৰাটো চাগে দৰ্জা বা খিৰিকিৰ ফ্ৰেমৰ অৱশিষ্ট টুকুৰা। অথচ ইমান জোৰেৰে টুকুৰাটো দৰ্জাখনত উফৰি পৰিছিল যে দৰ্জাখনত দাগ এটা বহি গৈছিল। 
খঙতে টুকুৰাটো কাঠৰ সেই দ’মটোলৈ দলিয়াই দিলো। 

ধপ্। 
ভিতৰত সোমাইছিলোহে মাথোন। আকৌ  দৰ্জাখনত কিবা এটা আহি দৰ্জাখনত পৰিল। মুখেৰে বেয়া মাত এটা ওলাই আহিছিল। কিন্তু উঠি গৈ চোৱাৰ আৰু প্ৰয়োজনবোধ নকৰিলো। কোনোদিনে অপ্ৰাকৃতিক শক্তি বা আন কিবাৰ অস্তিত্ব বিশ্বাস নকৰিলেও যিখিনি বুজিছো¸ কোনো মানুহেই মাৰো বুলি দৰ্জাখনত একো দলিওৱা নাই। ভাবি একো ঠিক কৰিব নোৱাৰি ফেচবুকটোৱে খুলি ল’লো। চিনাকী মানুহবোৰৰ পোষ্টবোৰ পঢ়াই ভাল।

অলপ পিছত দিপুল আহিল। বজাৰৰ পলিথনটো দুয়ো হাতেৰে দাঙি আনি কিটচেনত থবলৈ যাওতে কৈ গ’ল
: কথা এটা হ’ল। কণী চাৰিটা ভাঙিল।
: তয়ো যে আৰু! লওতে চাউলখিনিৰ মাজত সুমুৱাই আনিব নোৱাৰিলি!
: নহয় অ’। কণী তলৰ দোকানখনৰ পৰা আনিছিলো মুৰ্গীৰ কণী। চিৰিত উজুটি খাই পৰোতে ভাঙিল।
- অলপ লজ্জিত হোৱা যেন হ’ল সি। অলপ হঁহাৰ দৰে কৰি ক’লে
: একো নহয় ৰ। এতিয়াই গৈ দোকানৰ পৰা লৈ আহোগৈ।

: নালাগে দে। কণী নাখাও আজি। তই বাৰু দুখ পালি।
: নাই দে। মেকুৰী এটা কৰপৰা জানো দৌৰি আহি ভৰিৰ কাষত পৰিল খোজটো ভালকৈ নপৰিল। 
কৈ কৈ কাপোৰ সলাই বাথৰুমলৈ গ’ল সি। আকৌ ঘুৰিল। হঠাতে মনত পৰি সুধিলে
: ঐ¸ কাঠৰ টুকুৰাটো কিয় আনি থৈছ দৰ্জাৰ কাষত?

কি কও এতিয়া! সঁচা কথা কমনে! 
: অ’ দৰ্জাখন মেলি থলে নাথাকে যে। সেয়ে 

এনেয়ে কৈ দিলো। সিয়ো একো নাভাবিলে। 
: অ’ বাথৰুমৰ লাইটটো ফিউজ যোৱা নাই দে। জ্বলিছে দেখোন।
যাওতে কৈ গ’ল সি।
: অ’। 
এনেয়ে সলাগি থলো মই।

-----

: পৰাণ¸ পৰাণ…উঠচোন।
গাত হেচুকি দিয়াত সাৰপাই উঠি বহিলো। 
উদ্দিগ্ন হৈ দিপুল মোৰ কাষতে বহিল।

কি কৈ আছে একো বুজিব নোৱাৰি চকুদুটা মোহাৰি তাৰ মুখলৈ চাওতে বুজিব পাৰি আকৌ কলে 
: কোনোবাই চৰিয়ালে মোক। বাথৰুমলৈ গৈছিলো। কিটচেনত কিবা পৰাৰ নিচিনা লগাত চাবলৈ যাব খোজোতে কিবাই চৰিয়ালে।
তাৰ মুখত আশ্বৰ্য্য আৰু আতংকৰ ভাৱ।

: কি কৈছ? কোনে মাৰিব? ইয়াত তোক মোক বাদ দি আছেইবা কোন?

: নহয়। কিবা আছে চাগে কিটচেনত। সেয়া শুনচোন 
- মোৰ কান্ধত খামোচ মাৰি কাণ উনালে সি। ময়ো কাণ উনালো। টুং টাং বাচন পৰাৰ দৰে শব্দ হ’ল। মেকুৰী চাগে। কিন্তু দিপুলে খোৱা চৰটো। আচৰিত ময়ো হৈছো।

: ব’লচোন¸ চাওগৈ।
বহাৰ পৰা উঠি লাইটটো জ্বলাই দিলো। কিবা এটা ভাবি মোবাইলৰ টৰ্চটোও জ্বলাই ল’লো। 

এলইডি লাইটৰ পোহৰত স্পষ্টকৈ দেখিলো¸ বাচন এপদো পৰা নাই। চব যেনেকৈ থৈছিলো তেনেকৈয়ে আছে। 

: কিমান দেৰি হ’ল?
: এইমাত্ৰ। তোক মতাৰ অাগতে।
দিপুলৰ মুখখন এতিয়াও চিন্তাক্লিষ্ট।

মেউউউ
হঠাত মেকুৰী এটা গেছ চিলিণ্ডাৰটোৰ পিছফালৰ ওলাই কিটচেনৰ আধা খোল খাই থকা খিৰিকিখনেৰে ওলাই গ’ল।

হোঁহোৱাই হাঁহি দিলো মই।
: এন্ধাৰ মুন্ধাৰে মেকুৰীটোৱে জাপ মাৰোতে তোৰ গালত লাগিল নেকি!

: ওহো মেকুৰী নহয়। বেলেগ কিবা।

বেডৰুমলৈ আহিলো। গোটেইকেইটা লাইট নুমুৱাই শুবলৈ লওতেই দিপুলে মাতিলে

: পৰাণ¸ কিটচেনৰ খিৰিকিখনৰ সিপাৰেতো ৰেলিং চেলিং একো নাই। চিধাই তলত …। ব’লচোন

কৈয়ে উঠিল সি।
: চাই আহিলো দেখোন। 
একো নুবুজি তাৰ ফালে চালো। কিন্তু মোৰ উত্তৰ শুনিবলৈ সি ৰৈ থকা নাছিল। ইতিমধ্যে বেডৰুমটো পাৰহৈ দ্ৰয়িংৰুমটো পালেই সি। পিছে পিছে ময়ো আহিলো। দেখিলো কিটচেনৰ দুৱাৰ মুখৰ পৰাই সি ট ট কৈ ভিতৰলৈ চাই আছে।

: কি হ’ল?
: সেয়া চা।
খিৰিকিখনলৈ আঙুলিয়াই দেখুৱালে সি। দেখিলো খিৰিকিখন খিলি দি বন্ধ কৰি থোৱা আছে। তাৰমানে …

: ভাত বনাই থাকোতে বৰষুণ এজাক আহিছিল। চিটিকণি ভিতৰলৈ অহা দেখি ময়েই খিৰিকিখন বন্ধ কৰিছিলো। স্পষ্ট মনত আছে।
আপোনমনে কোৱাৰ দৰে কৈ মোৰ ফালে চালে সি। মই তাৰ মুখলৈ।

ধপ
- হঠাতে জোৰেৰে কিবা এটা আহি দৰ্জাখনত পৰাৰ শব্দ হ’ল। উচপখাই উঠিলো দুয়ো। লগে লগে দৰ্জাখনৰ সিপাৰৰ পৰা মেকুৰীয়ে মেউ কৰি উঠিল।

: কিহৰ শব্দ? 
চকুৰেই যেন সি সুধিলে মোক। ‘বলচোন’ চকুৰ ঠাৰেৰেই কৈ দুয়ো ওলাই আহিলো।

কোনো নাই বাহিৰত। মাথো তলত কাঠৰ টুকুৰা দুটা পৰি আছে। এটা চিনি পালো¸ সন্ধিয়াতে অহাটো। আনটো টুকুৰা ইটোতকৈ ডাঙৰ।

মোবাইলৰ টৰ্চৰ পোহৰ পেলাই অলপ অগুৱাই চালো । হঠাতে তীব্ৰ বেগত চাটকৈ কিবা এটা পাৰ হৈ গ’ল। একো ধৰিব নোৱাৰিলো। মাথোন বতাহ অলপে গাটো চুই থৈ গ’ল। 

: কোন অ’? কোন অ’ এইটো?
দিপুলে ইফালে সিফালে চাই চিঞৰি উঠিল। মোৰ গাটো চেবালে। 

: ব’ল ভিতৰলৈ।

দৰ্জাখন বন্ধ কৰি বিচনাখনত বহি পৰিলো। ইমান দিনৰ বিশ্বাস ভাঙি ধাৰণাটো ভুল হবলৈ গৈ আছে।

: ইয়াত সঁচাকৈ কিবা আছে অ’। কমলে মিছা কোৱা নাছিল।
দিপুলে মোৰ ফালে চালে

:  দিপুল¸ কথা এটা তোক কোৱা নাই। ইভিনিং মই আহি তলা খুলিব খোজোতে সেই কাঠৰ টুকুৰাটো আহি ভাগ্যেহে মোৰ গাত নালাগিল। অকল সেয়াই নহয়¸ কালিৰে পৰা অনেকবাৰ মোৰ এনে লাগিছে যেন কোনোবাই চাই থাকে। কালিৰাতিও বাথৰুমত তেনেকুৱাই লাগিছিল। তই বিশ্বাস নকৰিবি বুলি কোৱা নাছিলো।

: হমম। মোৰো লাগিছে তেনেকুৱা। আজি চিৰিৰ কাষত মেকুৰী নহয়¸ কোনোবাই ভৰি এখনহে আগত পেলাই দিয়াৰ দৰে লাগিছিল। অথচ কোনো নাছিল।

আচৰিত হৈ দুয়ো দুয়োৰে মুখলৈ চাই থাকিলো।

: ভয় কৰিছ নেকি তই?
অলপ পিছত তাক সুধিলো।
: ভয়! ওহো। কিন্তু অলপ সাবধান হোৱা ভাল।

: হমম। ঠিকেই কৈছ। 

হঠাতে দ্ৰয়িংৰুমৰ জ্বলি থকা লাইটতো ধপকৈ নুমাই আকৌ জ্বলি উঠিল। লগে-লগে দৰ্জাখন খোলাৰ শব্দ হ’ল। চেণ্ডেল চোঁচৰাই কোনোবাই ভিতৰলৈ নে বাহিৰলৈ গ’ল ধৰিব নোৱাৰিলো।

অশ্লীল শব্দ এটা ওলাই আহিছিল মুখেৰে। দিপুলৰো খং উঠিছিল। দেখিলো লংপেন্টৰ পৰা বেল্টডাল খুলি সি হাতত লৈছে। ময়ো আৰু ৰৈ নাথাকিলো। দ্ৰয়াৰৰ তলত থৈ দিয়া মোৰ বাইকৰ চিঙা চেইনডাল উলিয়াই ল’লো। ইতিমধ্যে বাহিৰত কোনোবাই খোজ কঢ়াৰ শব্দ শুনিছো। এনে লাগিছে যে কৰিড’ৰটোত কোনোবাই চেণ্ডেল চোঁচৰাই ফুৰিছে।

আমি দৰ্জাখন খোলাৰ লগে-লগে শব্দটো বন্ধ হৈ গ’ল। তভক মাৰি দুয়ো পিঠিয়াপিঠিকৈ থিয় পোহৰ পেলাই ৰৈ থাকিলো। যিয়ে নাহক চকুৰ পৰা সাৰি যাব নোৱাৰে। চাল্লা কোবাই বগৰাই দিম।

চৌপালে নিস্তদ্ধতা। আমি দুয়ো ৰৈ আছো। প্ৰতিটো মূহুৰ্ত এযুগ যেন লাগিছে। হঠাতে নিস্তদ্ধতা ভাঙি কিহবাই উকি মাৰি আমাৰ গাৰ কাষেৰেই তীব্ৰবেগত পাৰহৈ ঘৰৰ ভিতৰলৈ সোমাই গ’ল। আকৌ এবাৰ এচাটি বতাহে আমাক চুই থৈ গ’ল। স্পষ্টকৈ ধৰিব পাৰিলো কোনোবাই দৌৰি যোৱাৰ দৰে গৈ আমাৰ কাষৰ খালী পাৰ্টটোৰ ভিতৰলৈ সোমাই গ’ল। অলপ আগুৱাই গৈ ৰৈ গ’লো। দৰ্জাখনৰ সিপাৰে কোনোবাই ঘন ঘনকৈ উশাহ লৈছে। 

: যাবি জানো?
চকুৰ ঠাৰেৰেই দিপুলে সুধিলে। কবতো নোৱাৰো ভিতৰত বা কি আছে। অৱশ্যে এটা ফ্ল’ৰ তলতে মানুহ আছে। 
: অলপ ৰ। 
চকুৰ ঠাৰেৰেই ইংগিত দি লাহেকৈ দৰ্জাখনত ঢকিয়াই দুখোজ আঁতৰি থিয় হৈ ৰৈ থাকিলো। সমুখত মই¸ পিছফালে মোৰ কান্ধত হাত এখন থৈ দিপুল। দুয়ো সাজু। ঢকিওৱাৰ ভিতৰৰ শব্দটো বন্ধ হৈ গ’ল। কিন্তু কোনো ওলাই নাহিল। কিন্তু সেয়াও অলপ সময় মাত্ৰ। অলপ সময় পিছতে ৰুমৰ ভিতৰত কিহবাৰ দৌৰা-ঢাপৰা আৰম্ভ হৈ গ’ল। 

দৰ্জাখনত তলা নাই। এলৰফটো লগাই বন্ধ কৰি থোৱা আছে। তথাপি কিয় জানো এই মূহুৰ্তত ভিতৰত সোমাই চাবলৈ ভাল নালাগিল। আগতে কেতিয়াও ভিতৰত সোমাই চোৱা নাই। ৰৈ থকা আৰু নিৰৰ্থক। যি বুজিছো এক্টিভিটি শেষ নহয়।

: আহ
দিপুলৰ কান্ধত হাতখন ৰাখিলো। সি বুজিলে। দুয়োৰে চকুত টোপনি নাই। দুয়ো বিচনাত বহি দৰ্জাখনৰ ফালে চাই আছো¸ কেতিয়া শব্দ হয়। সকলো লাইট জ্বলাই ৰাখিছো। কৰিড’ৰত খোজকঢ়া শব্দ অলপ সময়ৰ মুৰে মুৰে আহি থাকিল। কিন্তু আমাৰ দৰ্জাত একো শব্দ আৰু ৰাতিটো নহল। 

----


Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib