ৰাতিপুৱা যেতিয়া সাৰ পালো আঠ বাজি গৈছিল। লৰালৰিকৈ গা ধুই কাপোৰ পিন্ধি অফিচলৈ ওলালো। দেৰি হৈছে। ব্ৰেকফাষ্ট বাটতে কৰিম। ৰাতিৰ কথাবোৰে দুয়োকে আমনি কৰি আছিল। বাটতে তাক কলো অফিচৰ পৰা সোণকালে ওলাবলৈ। আজি শনিবাৰ যেতিয়া সোনকালে অফিচৰ পৰা ওলাব পৰা যাব।
দিনটো অফিচৰ ব্যস্ততাৰ মাজতে সকলো পাহৰি থাকিলো। আনকি অফিচৰ পৰা ওলাব খোজা কথাটোও পাহৰি গৈছিলো। হয়তো দিপুলেও পাহৰি গৈছিল। কমল নহা হলে মনতেই নপৰিলহেতেন যে আজি ভালেখিনি প্লেন কৰি পেলাইছিলো। কিবা কামত এইফালে আহিছিল। যাঁওতে সোমাই গ’ল। মোৰ মুখ দেখিয়েই হবলা কিবা বুজিলে সি।
: তঁহত ঠিকে আছনে?
পোনেপোনেই সি সুধিলে মোক।
: হমম। আছো।
: এতিয়া নকবি তঁহত একো মুখামুখি হোৱা নাই বুলি।
মোৰ চকুলৈ চাই পোনেপোনে কলে সি।
: নকও। মোৰ ইমানদিনৰ বিশ্বাস এতিয়া অবিশ্বাসৰ মাজত দুলি আছে। সঠিককৈ কব টান পাইছো সঁচা কি। সেয়া মোৰ মনৰ ভ্ৰম নে আন কিবা।
হুমুনিয়াহ এটা ওলাই আহিল।
: কমল¸ তোক বেলেগ নকও। মাথো কম¸ আমি যিখিনি ফিল কৰিছো¸ যিখিনি ফেচ কৰিছো তয়ো তাকেই কৰিছিলিনে?
তাৰ চকুলৈ চাই থাকিলো মই।
কমলে ক’লে। সকলো ক’লে। অনুভৱ কৰিবলৈ টান নহল¸ অকলে কি পৰিবেশত সি তাত নথকাৰ সিদ্ধান্ত লবলগা হ’ল। যোৱাৰ আগতে মাথো সোঁৱৰাই গ’ল¸ সোণকালে আমাকো আহিবলৈ। উম¸ ময়ো সলাগিলো। কনফাৰ্ম কৰিবলৈ হয়তো বেছি সময় নালাগিব।
অফিচৰ পৰা ওলাওৱে দিপুল আৰু মই একেলগেই ওলাইছিলো। বাটতে তাৰ চিনাকি মানুহ এঘৰত সোমাই খবৰ এটা লৈ আহিলো। দুয়ো এতিয়াও সিদ্ধান্ত লবপৰা নাই যে ভাড়াঘৰৰ মালিকক এই বিষয়ে শুধিম নে নাই। যদি ঠাট্টা কৰি উৰুৱাই দিয়ে। কি উত্তৰ দিম!
কথাটো পিছদিনালৈ ঠেলি দুয়ো ৰুমলৈ আহিলো। কাপোৰ নসলোৱাকৈয়ে কাষৰ খালি পাৰ্টটোৰ ভিতৰলৈ সোমাই গ’লো। ভিতৰত একো বিশেষ নাই। মাথো ভগা প্লাষ্টিকৰ চকী এখন¸ এখন প্লাষ্টিকৰ ডাইনিং আৰু এখন অকাঠী খাট। বোধহয় আগৰ ভাড়াতীয়াই নিনিলে। কোঠাটোৰ অ’ত ত’ত মকৰাজাল। বোধহয় বহুদিনৰ পৰা খালি হৈ আছে। হাঁহি উঠিল। ৰাতি এইটো পাৰ্টৰ ভিতৰলৈ সোমাবলৈয়ে আমি ভয় কৰিছিলো।
এন্ধাৰ হৈ আহিছিল। লাইটবোৰ জ্বলাই দি দুয়ো চাহ দুকাপ লৈ বাৰাণ্ডাত বহিলো। কাঠৰ দমটো আমাৰ চকুৰ সমুখতে। আমি বহা ঠাইখিনিৰ পৰা বাহিৰখন ধুনীয়া দেখা যায়। আজি আমি সাজু। কাঠৰ টুকুৰা কোনোবাই দলিয়ালে চকুৰ আগৰ পৰা সাৰি যাব নোৱাৰে। কালি এইখিনি সময়তে প্ৰায় দলিয়াইছিল। চাহত চুমুক দি দুয়ো তীক্ষ্ণ দৃষ্টিৰে বাট চাই আছো। আজিও দলিৱাওক আৰু সেই দৃশ্য বন্দী হৈ পৰক। সমুখত যিয়েই নাহক নাইট ভিজন কেম’ৰ্ডাৰত ৰেকৰ্ড হৈ যাব। কেনেবাকৈ এখনো ছবি যদি তুলিব পাৰো¸ খলকনি লাগি যাব। দুয়োজনৰ মুখত মাত নাই। কথা কলেই যেন দৃষ্টিৰ পৰা সাৰি যাব। চাহকাপ কেতিয়াবাই শেষ হ’ল। অথচ কাপদুটা থৈ আহিবলৈ এটায়ো ইচ্ছা কৰা নাই। ওচৰৰ নাৰিকল জোপাৰ পাতত ধপধপাই চৰাই এটি পৰিল। মূহুৰ্তৰ বাবে দৃষ্টি আঁতৰি গ’ল। লাহে-লাহে বতাহ বলিব ধৰিছে। আকাশলৈ চালো¸ মেঘাছন্ন হৈ আহিছে। ৰাতিলৈ চাগে ডাঙৰ বৰষুণ এজাক আহিব। চকু নমাই আকৌ কাঠৰ দমটোৰ ফালে চালো। সময় পাৰ হৈ গৈছে। আজি নামাৰিবই নেকি!
থাপ
হঠাতে শব্দ এটা হ’ল। উচপ খাই উভতি চালো। দৰ্জাত নহয়। দিপুলৰ গালত মহ এটা পৰিছিল। থাপৰটো মাৰি সি ইচআচ কৰি উঠিল। মোৰ গাতো মহ পৰিছিল। এইখিনি সময়ত মহৰ উৎপাত বেছি হয়। ঠিক তলতেই জাৱৰৰ দমটো। মালিকৰ ঘৰৰ পৰা আৰম্ভ কৰি কেম্পাছৰ গোটেই কেইঘৰে ওপৰৰ পৰা তললৈ দলিয়াই।
: ঐ ব’ল ভিতৰলৈ। এনেকৈ মহৰ কামোৰ খাই থাকিব নোৱাৰি।
উঠিলো। সি ঠিকেই কৈছে। গুৱাহাটাৰ এই ডাঙৰ ডাঙৰ মহৰ কামোৰ এনেকৈ খাবলৈ হ’লে ভূতে নামাৰিলেও যে ডেংগু¸মেলেৰিয়াই মাৰিব খাটাং।
দহ মান বজালৈকে একো নহল। কিছুমান মানুহে কোৱা শুনিছিলো এইবোৰ এক্টিভিটিৰ বোলে কিছুমান নিজস্ব সময় আছে। বিশ্বাসহে কৰো বুলিও কৰিব নোৱাৰো। যুক্তিবাদী মানুহে প্ৰমাণ অবিহনে কোনো কথাই বিশ্বাস কৰিব নোৱাৰে।
ভাত কেতিয়াবাই হৈছিল। কণ বিলাহীৰে ভাঙন মাছ ৰান্ধিছিলো। খাবলৈ বাঢ়ি লওতেই কাৰেন্ট গ’ল।
এই দুদিন কাৰেন্ট যোৱা নাছিল। বাহিৰত হো হোৱাই বতাহ বলিছে। বতাহ বৰষুণ আহিব বাবে চাগেই লোড শ্বেডিং হৈ গ’ল। নতুনকৈ অনা চাৰ্জ লাইটটো জ্বলাই লৰালৰিকৈ ভাতকেইটা খাই উঠি আহিলো। এক প্ৰকাৰ নিশ্চিত হৈছিলো যে চাগে আজি একো ঘটনাৰ মুখামুখি নহম। গাৰুটো পিঠিত লৈ মোবাইলৰ ডাটা অন কৰিলো। নিশ্চিত হৈ দিপুল শুই গ’ল। তাৰ এটা বৰ ভাল গুণ যে বিচনাত পৰাৰ লগে-লগে টোপনি আহি যায়। মই আধাঘন্টামানলৈ বাগৰ থাকিব লাগে। তাতে আকৌ আধাৰাতিলৈ কিতাপ পঢ়া বা ফেচবুকত লেখাবোৰ পঢ়া মোৰ অভ্যাস। তাৰ সেইবোৰ নাই। তাৰ নিচা মাথো পাব জি। মোৰ হোৱাটচ্এপত মেছেজ কেইটামান আহিছিল। বহুদিন খা-খবৰ নথকা চিনাকী মানুহ দুজনজনে মেছেজ কৰিছিল। ৰিপ্লাই লিখি থাকোতে কিয় জানো হামিয়াই হিকটিয়াই টোপনিৰ ভাব আহি গ’ল। চাগে তেনেকৈয়ে টোপনি আহি গৈছিল। হঠাত বুকুত কিবা গধুৰ বস্তুৱে হেঁচা মাৰি ধৰা যেন লাগিল। চিলমিলকৈ দেখা পালো মোৰ বুকুত মানুহৰ আকৃতিৰ ছাঁ এটা বহি আছে। জোৰকৈ চকু দুটা মেলিব খুজিও পৰা নাই। চাটকৈ মনত পৰিল কথাবোৰ। আতংকত বুকুখন কপি উঠিল। মোৰ যেন শৰীৰত শক্তি নোহোৱা হৈ আহিছে। প্ৰাণপনে বস্তুটোক গাৰপৰা আঁতৰাবলৈ চেষ্টা কৰিছো। অথচ পৰা নাই। নাজানো কিমান সময় তেনেকৈ আছিলো। ক্ৰমশ: প্ৰতিৰোধ কমি আহিছিল মোৰ। এটা সময়ত মোৰ বুকুৰ ওপৰৰ পৰা বস্তুটো উঠি গ’ল। বহুসময় উশাহ বন্ধ হৈ থকাৰ পিছত উশাহ লবলৈ পালে যেনেকুৱা লাগে মোৰো তেনেকুৱাই লাগিল। বহি লৈ দীঘলকৈ উশাহ দুটামান লৈ দিপুলৰ ফালে চালো। কিন্তু দিপুল ক’ত? বিচনাত দেখোন নাই।
দিপুল … দিপুল …
চিঞৰি মাতিলো। নাই¸ তাৰ সহাঁৰি নাহিল। ভয়তে অণ্ঠ কণ্ঠ শুকাই গ’ল।
লাইটৰ চুইচ অন কৰিব গৈ দেখিলো কাৰেন্ট অহাই নাই। চাৰ্জ লাইটটো হাতত লৈ লাহে লাহে বিটনাৰ পৰা নামি আহিলো।
দি…পু…ল দি…পু…ল
বাহিৰৰ ৰুমটোতো নাই। মেইন দৰ্জাখনো ভিতৰৰ পৰাই বন্ধ। বাথৰুমলৈ গৈছে নেকি! ভয়ে ভয়ে বাথৰুমৰ দৰ্জাখন লাহেকৈ থেলি দিলো। নাই ইয়াতো।
হঠাতে ভূনভূননিৰ দৰে শব্দ শুনিলো। কিন্তু ক’ৰ পৰা শব্দটো আহিছে ধৰিব পৰা নাই। চবতে চালো¸ দিপুল ক’তো নাই। মাথো কিটচেনৰ ভিতৰটো চাবলৈ বাকী। ভয়ে-ভয়ে কিটচেনৰ ভিতৰত পোহৰ পেলাই বাকৰুদ্ধ হৈ গ’লো। দিপুল কিটচেনৰ মজিয়াত লেপেটা কাঢ়ি বহি কিবা বিৰবিৰাই আছে। পাচলি কটা চুৰিখনেৰে বাৰে-বাৰে তাৰ বাওহাতখনত ৰেপি দিছে। তপতপকৈ তেজ মজিয়াত পৰিছে। এক বিভৎস দৃশ্য।
: দি…পু…ল
ভয়তে চিঞৰি দিলো। মুৰটো আচন্দ্ৰাই যোৱা যেন লাগিল। কোনোমতেহে নপৰাকৈ ৰলো। ভয়লগাকৈ বিভৎস হাঁহি মাৰি দিপুল শূন্যলৈ উপঙি উঠি খেদা মাৰি আহিল। তাৰ হাতৰ মুঠিত চোকা চুৰিখন।
এটা লহমা মাত্ৰ। মোৰ সম্বিত ঘূৰি আহিল। কোনোবাই যেন কাণৰ কাষত কলে¸ ’পলা পৰাণ পলা ’
দৌৰি দৰ্জাখুলি বাহিৰলৈ ওলাই আহিলো।
চিৰিখনৰ কাষ নাপালোৱেই চকুৰ পঁচাৰতে দিপুলে আহি আগভেটি ধৰিলে। দিপুল এতিয়া আৰু মানুহ হৈ থকা নাই। তাৰ শৰীৰত থকা ভূতটো ক্ৰমশ: কাষচাপি আহিছে। ভাবিবৰ আৰু সময় নাই¸ বেলকনিৰ ৰেলিংডালত উঠি তিনিমহলাৰ তললৈ জপিয়াই দিলো।
তীব্ৰ যন্ত্ৰনা অনুভৱ কৰিলো। মোৰ গাটো কপি উঠিল। হঠাতে যন্ত্ৰনাবোৰ নোহোৱা হৈ পৰিল।
: অা:
হয়তো বৰ বেয়াকৈ চিঞৰিছিলো। জাপ মাৰি বিচনাৰ পৰা নামি দিপুল দুখোজ পিছুৱাই গৈছিল।
: কিয় চিঞৰিছ? মইহে।
- ভয়ে ভয়ে সি মোলৈ চালে।
চকু দুটা ডাঙৰকৈ মেলি মই তাৰফালে চাই থাকিলো। আস: মই সপোনহে দেখিছিলো নেকি! এবাৰ এনেয়ে থু থুৱাই দিলো। অহ্¸ থেংক গড এয়া সপোনহে আছিল।
: বেয়া সপোন দেখিছিলি নেকি?
- মোৰ গাত ধৰি দিপুলে সুধিলে।
: অ’ এটা ভয়ানক সপোন। পানীৰ বটলটো লৈ ঘোটঘোটকৈ মুখত বাকী দিলো। গাৰ নোম এতিয়াও শিয়ৰি আছে। এবাৰ দিপুলৰ মুখলৈ চালো। তাৰ চকুতো ভয় আৰু উৎকণ্ঠা। বিভৎস ভাৱটো নাই।
: শুনচোন।
দিপুলে কওতেহে প্ৰথমবাৰৰ বাবে কাণ উণালো। চেণ্ডেল চোঁচৰাই খোজ কঢ়াৰ শব্দ ঘৰৰ ভিতৰত। বাৰে-বাৰে দৰ্জাখন খুলি অহা যোৱা কৰি আছে। এবাৰ বাথৰুমলৈ গৈ গাৰ জোৰেৰে ধামকৈ দৰ্জাখন জপাই দিয়াৰ শব্দ হ’ল।
এইবাৰ শব্দটো ভিতৰৰ পৰা নোহোৱা হৈ বাহিৰত কিবা পৰাৰ শব্দ হ’ল।
এই দুদিন ভয় খোৱা নাছিলো। আজি কিয় জানো বুকুখন কঁপি উঠিল। ঠিক কৰিলো¸ ৰাতিটো ভালে-ভালে গলেই কালি ইয়াৰ পৰা যামগৈ। ইমান আৰু মৰসাহ দেখুৱাব পৰা শক্তি নাই।
বাওহাতত ইএম এফ মিটাৰটো লৈ সোঁহাতেৰে মোৰ বাইকখনৰ চিঙা চেইনডাল খামুচি ধৰিলো। দিনতেই আজি লাঠি এডাল যোগাৰ কৰি ৰাখিছিলো। সেইডাল হাতত লৈ আনখন হাতেৰে চাৰ্জ লাইটটো হাতত লৈ দিপুল বিচনাৰ পৰা নামিল। পিছে পিছে ময়ো নামিলো।
মেইন দৰ্জাখনৰ কাষ পোৱাৰ আগতে
ইএমএফ মিটাৰটো অন কৰি দেখিলো ইন্দিকেটৰ লাইটতো ৰঙা হৈ জ্বলিছে। অলপ পিছুৱাই আহিলো নুমাই গ’ল। আকৌ আগুৱাই গ’লো জ্বলি উঠিল। মানে অলপ আগতে ইয়াতে আছিল। দৰ্জাখন খুলিছিলোহে মাথোন¸ চাটকৈ কিবা এটা গাৰ কাষেৰে পাৰ হৈ গ’ল।
অলপ সময় নিস্তদ্ধ। এইবাৰ কাষৰ বন্ধ পাৰ্টটোৰ ভিতৰত শব্দ হ’ল কিবা দলিয়াই ভঙাৰ। ভিতৰত কিবা চোঁচৰাই ফুৰাৰ দৰে হৈ শব্দটো ডাঙৰ হৈ আহিল। শব্দটো অনুসৰণ কৰি আমি দৰ্জাখনৰ কাষত থিয় হৈছিলোহে মাথোন¸ ধপকৈ ভিতৰৰ ফালৰ কিবা দৰ্জাখনত পৰাৰ শব্দ হ’ল।
দুখোজ পিছুৱাই আহিলো। ইএমএফ মিটাৰটোৰ ৰঙা হৈ জ্বলিয়েই আছে। ভয়ৰ লগতে হঠাতে কি জানো অঁকৰা খংটো মিহলি হৈ পৰিল। চিঞৰি দিলো
: এনেকৈ ভয় খুৱাব বিচাৰি একো লাভ নাই। যদি হিম্মত আছে সমুখলৈ আহ। আমিতো তোক ডিচটাৰ্ব কৰিব অহা নাই। অামাক কিয় কৰিছ? লগতে কেইটামান অশ্লীল শব্দ চিঞৰি দৰ্জাখনত গাৰ জোৰেৰে গোৰ মাৰি দিলো।
: কি কৰিছ?
-আতংকিত হৈ দিপুলে মোক পিছলৈ টানিলে। এনেকৈ অশৰীৰি ভূতক অপেন চেলেঞ্জ দিয়ে নেকি! মোৰ সেইবোৰলৈ ভ্ৰক্ষেপ নাই। যিফালৰ পৰাই নাহক দেখা মাত্ৰেই কোবাই দিম।
দৰ্জাত গোৰটো মৰাৰ পিছতে আচৰিত ধৰণে ভিতৰৰ শব্দবোৰ বন্ধ হৈ গ’ল। সাজু হৈ সেইফালেই চাই থাকিলো। প্ৰায় দহমিনিটমান সময় পাৰ হ’ল। একো শব্দ হোৱা নাই। লাহেকৈ দিপুলে মোৰ গাত হেঁচুকি দিয়াত তাৰ দৃশ্য অনুসৰণ কৰি যি দৃশ্য দেখিলো গাৰ নোম শিয়ৰি উঠিল। দেখিলো আমাৰ পৰা বিশফুটমান দূৰত এটা ছায়ামূৰ্তি। জোনৰ পোহৰত স্পষ্টকৈ দেখিলো এটা পুৰুষৰ অৱয়ব। চেক হাফচাৰ্ট পৰিহিত অৱয়বটোৱে আমালৈ পিঠি দি ৰেলিংডালত বহি আছে। যিখিনি ঠাইত থিয় হৈ মই সদায় চিগাৰেট খাও ঠিক সেইখিনিতে। হঠাতে আমাৰ চকুৰ সমুখতে অবয়ৱটো ৰেলিংৰ পৰা বাগৰি বিল্ডিংৰ তলত পৰিল। বহল হৈ গৈছিল আমাৰ। আমি যেন প্ৰস্তৰ মুৰ্তি হৈ পৰিছো। আগুৱাই গৈ চাবলৈ আৰু সাহস নহল। বহু সময় পাৰ হৈ গ’ল আৰু একো দেখা নাপালো। একো শব্দও নহল। এটা সময়ত দুয়ো ভিতৰলৈ আহিলো। কাৰো মুখত মাত নাই। গাৰু দুটা পিঠিত লৈ দুয়ো আউজি বহি আছো। একেটা কথাই আমাৰ মুৰত পাকঘূৰণি খাই ঘুৰি আছিল। এবাৰ মোবাইলত সময় চালো তিনি বাজি গৈছে। ৰাতি পুৱাবলৈ আৰু বেছি দেৰি নাই।
*******
0 comments:
Post a Comment