Now you can Subscribe using RSS

Submit your Email

Monday, 27 April 2020

Thirty Nineঃ 4

Unknown


চতুৰ্থ অংশ

ঘটনাটোৱে আমাক জোকাৰি গৈছিল। আমাৰ সকলো ধাৰণা মষিমূৰ কৰি বিশ্বাস কৰিবলৈ বাধ্য কৰাইছিল। যোৱা ৰাতি আমি এনে এক অবিশ্বাস্য অকল্পনীয় ঘটনাৰ সাক্ষী হৈছিলো¸ যাৰ কোনো বাখ্যা নাছিল। ঠাইতে ওৰে ৰাতি বহি পৰিছিলো দুয়োটা। ভয়-শংকা¸ টোপনি¸ ভাগৰ সকলো পলাই ফাট মাৰিছিল। দূটা নিৰ্জীব পদাৰ্থৰ দৰে দুয়ো চাই ৰৈছিলো ৰেলিংখনৰ ফালে। 

পূবে যেতিয়া ধলফাট মেলিছিল যেন তেতিয়াহে সাৰ পাইছিলো আমি। গভীৰ টোপনিৰ পৰা সাৰপোৱা মানুহৰ দৰে দুয়ো দৌৰি গৈছিলো ৰেলিংখনৰ কাষলৈ। তিনিমহলাৰ ওপৰৰ পৰা তললৈ জুমি চাইছিলো। একোৱেই চকুত পৰা নাছিল। স্বাভাবিক দিন এটা আৰম্ভনি হৈছিল। মাথো স্বাভাবিক হৈ থকা নাছিলো আমি। 

এক গভীৰ অৱসাদে দুয়োকে হেঁচা মাৰি ধৰিছিল। আৰু বেছিকৈ ভাবিব পৰা নাছিলো। চিধাই গৈ বিচনাখনত বাগৰি দিছিলো।

যেতিয়া সাৰ পালো দেখিলো বেলি মূৰৰ ওপৰত। এই প্ৰথম ভিতৰখন চকু ফুৰাই চালো। ৰাতি শোৱাৰ আগতে যেনেকৈ এৰিছিলো সকলোবোৰ তেনেকৈয়ে আছে। ৰাতিৰ কথাবোৰ চকুৰ আগতে ভাঁহি আছিল।

: দিপুল¸ ৰেকৰ্ডিং…
অবিশ্বাস্য ঘটনাটোৰ সাক্ষী হোৱাৰ পিছত প্ৰথম বাক বিনিময় হ’ল আমাৰ। দুয়ো প্ৰায় একেলগেই দৌৰি গৈ নাইট ভিজন কেম’কৰ্ডাৰটো চালোগৈ। ৰাতিৰে পৰা সেইটোত ৰেকৰ্ডিং চলি আছে। দৰ্জাখনৰ সমুখতে ৰাখিছিলো সেইটো। অধৈৰ্য্য হৈ পৰিলো দুয়ো। এপাকত দেখিলো চাৎকৈ কিবা এটা পাৰ হৈ গ’ল। শ্ল’মোচনত দেখিলো এটা ক’লা ছাঁ পাৰহৈ গ’ল। 

ইউৰেকা ইউৰেকা
এইটো ক্লিপেই যথেষ্ট বৰ্হি:বিশ্বক প্ৰমাণ দিবলৈ। 
কিন্তু এয়া কি হ’ল? নিজে নিজে দেখোন গোটেই ক্লিপটো ইৰেজ হৈ ধোৱা হৈ গ’ল।

: অহ শ্বিট। হাউ কেন পছিবল?
হতভম্ব হৈ পৰিলো দুয়ো। 

: ইয়াৰ মানে … ইয়াৰ মানে … বিচৰা নাই।
কথাকেইটা ওলাই আহিল দিপুলৰ মুখৰ পৰা

টেবুলত থকা ইএমএফ মিটাৰটো অন কৰি দিলো। আমাক চক খুৱাই ইণ্ডিকেটৰ লাইটটো ৰঙা হৈ পৰিল। 

মানে এতিয়াও! আচৰিত হৈ দুয়ো দুয়োৰে চকুলৈ চাই থাকিলো।

ইয়াত আজিয়েই আমাৰ শেষদিন। কমলক ফোন কৰি সকলো জনালো। কাপোৰখিনি লৈ যাম। পিছত এদিন ফাৰ্নিচাৰখিনি লৈ যাম। কিন্তু তাৰ আগতে কাহিনীৰ ডিটেইলচ লৈহে যাম। নহলে যে শান্তি নাপাম।

---------

: কৰবাত যোৱাগৈ নেকি?
বেগ দুটা লৈ নামি আহোতে মালিকনীয়ে দেখি আঁচৰিত হ’ল। হয়তো ভাবিলে কিছুদিনৰ বাবে কিবা কামত বাহিৰত কৰবাত যাবলৈ ওলোৱা বুলি। উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলো। ক’লো
: দাদাক মাতি দিয়কচোন। কথা আছে।
মানুহজনীৰ কাষেৰে পাৰহৈ দ্ৰয়িংৰুমত বহিলোগৈ। 
মানুহজনীয়ে অলপ আচৰিত দৃষ্টিৰে চালে। কি ভাবিলে তেওহে জানো। 
: হেৰি শুনিছে…
তেও এনেভাবে দৌৰি ভিতৰ সোমাল যেন আমি বাঘহে।

কিন্তু সেইবোৰলৈ আমাৰ ভ্ৰক্ষেপ নাই।

অলপ দেৰিৰ পিছত হাজৰিকা আহিল। সমুখৰ চোফাখনত বহি এনে ভাব দেখুৱালে যেন আমাৰ অবাঞ্চিত আগমণত তেওৰ বৃহৎ ক্ষতি হৈ গ’ল।

কিন্তু সেইবোৰ কথালৈ চকু দিয়াৰ সময় আমাৰ নহয়। আনকালে এনেকুৱা পৰিস্থিতিত ভাৰাতীয়াই ঘৰৰ মালিকক অফিচৰ বছৰ শাৰীত তুলি থয়। কিন্তু আজিৰ পৰিস্থিতিৰ কথা সম্পূৰ্ণ সুকীয়া।
একো লাগ-বান্ধ নোহোৱা কথাৰে অাৰম্ভনি নকৰি পোনে পোনে সুধিলো-

: কওকচোন¸ থাৰ্ড ফ্লোৰৰ কাহিনীটো কি?

মোৰ প্ৰশ্নটো শুনি অবাক বিস্ময়ত ভাড়াঘৰৰ মালিক নৃপতি হাজৰিকাই মোৰ মুখলৈ চালে। পঢ়িবলৈ মেলি লোৱা বাতৰি কাকতখন আধা জপাই চোফাখনত অলপ আউজি লৈ গম্ভীৰ হৈ সুধিলে

: কি কাহিনী? 

: কি কাহিনী¸ কৰ কাহিনী¸ কেনেকুৱা কাহিনী একো নজনাৰ ভাও নধৰিব প্লিজ। 
আপুনি জানে মই কি কৈ আছো।
- অলপ নাটকীয় ভংগীৰে হাতযোৰকৈ কৈ উঠিলো।

: আচ্ছা¸ কোৱাচোন কি কাহিনী শুনো বাৰু।
একেই নাটকীয় ভংগীৰে হাজৰিকাই কৈ উঠিল। তেওৰ চকুত কৌতুহল। যেন একো নাজানেই।

: ভাও নধৰিবহে দাদা¸ আপুনি সকলো জানে। 
- মই কিবা কোৱাৰ আগতে দিপুলে অলপ উস্মাৰে কৈ উঠিল।  
: থাৰ্ড ফ্লোৰত আননেচাৰেল এক্টিভিটি কিছুমান হৈ থাকে। আমি নিজ চকুৰে দেখিছো। আমাৰ আগৰ ভাৰাতীয়াজনেও দেখিছিল।
 
খং উঠি আহিছিল তাৰো। ইম্পৰ্টেড গ্লাছৰ টি-টেবুলখনত ভেঁজা দি সমুখলৈ অলপ হাউলি টেবুলখন অলপ হাজৰিকাৰ ফালে আঁতৰি গ’ল। হয়তো আৰু অলপ জোঁৰেৰে ভেঁজা দিয়া হলেই গ্লাছখন ভাঙি গ’লহেতেন। হাজৰিকাই এবাৰ টেবুলখনলৈ চাই ঘপহকৈ থিয় হ’ল। হয়তো তেওৰেই দ্ৰয়িং ৰুমত ভাৰাতীয় এজনে উচ্চস্বৰত তেওক কথা কোৱাটো তেওৰ সপোনৰো অগোচৰ আছিল।

: হোৱাট ৰাবিশ্ব। মোৰ ঘৰত আননেচাৰেল এক্টিভিটি? আৰ য়ু মেড। 
প্ৰায় দবিয়াই উঠিল মানুহজনে।

খং উঠি আহিছিল মোৰো। এই মানুহজনে মুখ খুলিব বিচৰা নাই। দিপুললৈ চালো। তাৰ চকুদুটা জ্বলি উঠিছে। হাতদুখন মুঠি মাৰি ধৰিছে। ন’ ¸ তাৰ হাতখনত থাপ মাৰি ধৰিলো মই। এই টেঙৰ মানুহজনৰ পৰা কেনেকৈ কথা উলিয়াব লাগে মই জানো। বৰ চালাক বুলি ভাবিছে নিজকে। কোনোমতে খং সম্বৰণ কৰি হাঁহি দিলো।

: হাজৰিকা দা¸ আপুনি চাগে আমাক বাকীবোৰ ভাৰাতীয়াৰ দৰেই ভয়াতুৰ বুলি ভাবিলে। শুনক¸ আপোনাৰ আগৰ ভাড়াতীয়া আমাৰ বন্ধু কমলৰ পৰা সকলো গম পোৱাৰ পিছতহে আমি থাকিবলৈ আহিছিলো। ঘৰটোৰ সকলো কথা আমি জানো। দূবছৰ আগতে যে ইয়াত ইনচিডেন্ট এটা হৈছিল তাৰ কথাও জানো। তাৰ পিছৰপৰাই ঘটনাবোৰৰ আৰম্ভনি নহয়জানো! আপোনাৰ চুবুৰীয়াই ইতিমধ্যে কৈছেই।

মানুহজন এইবাৰ অলপ দমিল। ঘপহকৈ চোফাখনত পুনৰ বহি পৰিল। হুমুনিয়াহ এটা কাঢ়িলে আৰু আমাৰ ফালে চাই লাহেকৈ সুধিলে।

: সকলো জানাই যদি সুধিছা কিয়? 
মানুহজনৰ কণ্ঠত হতাশাৰ সুৰ। এনেকুৱাই হয়¸ যেতিয়া মানুহ হঠাতে ধৰা পৰি যায়। মুৰ তুলি কথা কব নোৱাৰা হৈ যায়। এই মূহুৰ্তত হাজৰিকাৰো সেই গতিকেই হৈছে। আমাৰ মুখলৈ নোচোৱাকৈ মানুহজনে সমুখৰ ফালে চাই ক্ষণ গণিছে। কেতিয়া আমি উঠি যাম আৰু তেও প্ৰশ্নবানৰ পৰা ৰক্ষা পৰিব।
অথচ তেঁৱো জানে¸ ইমান সহজে এৰি দিয়া ভকত আমি নহয়।

: জানো¸ থাৰ্ড ফ্লোৰৰ পৰা ভাৰাতীয়া ল’ৰা এজন পৰি মৃত্যু হৈছিল। সেইকথা নিউজতো ওলাইছিল। কিন্তু আমি ভিতৰৰ কাৰণটো জানিব খোজো। 

: ভিতৰৰ কাৰণ বুলি একো নাই সেয়া এটা দূৰ্ঘটনা আছিল। উজনিৰ পৰিয়াল এটা আছিল। লৰাটোৱে কম্পেনী এটাত কাম কৰিছিল। ছোৱালীজনী মাকৰ ঘৰলৈ নে কোনোবা আত্মীয়তৰ ঘৰলৈ গৈছিল। লৰাটো সেইদিনা অকলে আছিল। ৰেলিংখনত বহি মদখাই থাকোতে অসাবধানবশত পৰি গৈছিল।

: আপুনি সকলো জানি-শুনি কিয় লোকৰ জীৱনৰ লগত খেলা খেলি আছে? কি অধিকাৰ আছে আপোনাৰ? নাজানে কেনেকুৱা ঘটিছে! মাথো টকাৰ বাবেই আপুনি…
দিপুলৰ খংটো আকৌ উক দি উঠিছিল। যথেষ্ট উস্মাৰে ৰাতিৰ ঘটনাটোৰ বিষয়ে কলে সি। অবাক হৈ হাজৰিকাই শুনি থাকিল। লক্ষ্য কৰিলো মাজে-মাজে হাজৰিকাৰ মুখখন আতংকত কলা পৰি গৈছে।

: এতিয়া আপুনিয়েই কওক¸ সেই ফ্ল’ৰটো বসবাসৰ উপযোগীনে?
স্পষ্ট অভিযোগৰ সুৰত কৈ উঠিলো।

: বিশ্বাস কৰা¸ এনেকুৱা হৈছে বুলি মই এক্কেবাৰে নাজানো। আজিলৈ কেতিয়াও কোনোবাই কিবা দেখিছে বুলি শুনা নাই। 
বিশ্বাস নকৰিবা¸ মই নিজেও প্ৰমাণ কৰিছিলো। পূজা কৰাৰ পিছত চব ঠিকহৈ গৈছিল দেখোন। আকৌ এতিয়া এইবোৰ হব বুলি বিশ্বাস কৰিবই টান লাগে দেখোন।

টেঙৰ মানুহজনে ইমানখিনি হোৱাৰ পিছতো আকৌ ফালৰি কাটিবলৈ চেষ্টা কৰা দেখি এইবাৰ মোৰ অঁকৰা খংটো ভালকৈয়ে উঠিল। বহি থকা চোফাখনৰ হাতখনত জোৰেৰে ভুকু এটা মাৰি দিলো।

: কি ফাল্টু কথা কৈ আছেহে! ফটুৱামি কৰিব অহা বুলি ভাবিছে নেকি? তিনিদিনৰ এটা দিনো শান্তিত থাকিব পৰা নাই। দিনে-ৰাতি অত্যাচাৰ চলিয়েই আছে। ভয়তে এজনে এডভাঞ্চ দিয়ো পলাই গ’ল¸ আৰু আপুনি ল’ৰা-ধেমালি পাইছে। কি ভাবিছে¸ কাইলৈয়ে যদি এই নিউজ ওলাই যায়¸ এটাও ভাৰাতীয়া থাকিবনে ইয়াত!

হয়তো মোৰ মাতটো জোৰকৈয়ে ওলাইছিল। উধাতু খাই হাজৰিকানীয়ো ওলাই আহি গিৰিয়েকৰ পিছফালে থিয় দিছিল। হাজৰিকাই উচপখাই উঠি ঘপহকৈ থিয় দি দিছিল। হয়তো ভয় খাই গৈছিল।

: চোৱা¸ সেইবোৰ নকৰিবা প্লিজ। ঘৰভাড়াৰ টকাকেইটাৰে চলি আছো। লৰাক মাহে-মাহে ঢেঁৰ টকা লাগে।
এইবাৰ মুখঢাকি মানুহজন বহি পৰিল।

অলপ ৰৈ পুনৰ কলে মানুহজনে-
: তোমালোকৰ টকাখিনি মই ঘুৰাই দিম। 
মানুহজনৰ কণ্ঠত অনুনয়ৰ সুৰ। হয়তো কব খুজিছিল¸ লাগিলে আৰু অলপ বেছিকৈয়ে টকা দিম¸ তোমালোকে মাথো মুখ নুখুলিবা। বুজি পালো। ইচ্ছা কৰিলে ব্লেকমেইল কৰি অলপ বেছিকৈয়ে সৰকাব পাৰো। কিন্তু সেয়া আমাৰ উদ্দেশ্য নহয়। কলো

: হব বাৰু। কিন্তু আপুনি আগতে প্ৰতিকাৰৰ কিবা ব্যৱস্থা কৰক। প্ৰতিকাৰ নোহোৱালৈ গোটেই ফ্ল’ৰটোৱেই বন্ধ কৰি ৰাখক। নহলে কেতিয়াবা আকৌ কাৰোবাৰ মৃত্যু হলে ভয়াবহ বিপদত পৰিব।

মানুহজনে মুৰ দুপিয়ালে।

*******

কিছুদিন পাৰ হৈ গৈছিল। আমাৰ পুৰণি ৰুমটোতেই তিনিও এডজাষ্ট কৰি লৈছিলো। কমলে কৰবাত কৰবাত নতুন ঘৰৰ সম্ভেদ পাইছিল। কিন্তু সেই ঘৰটোৰ হোৱা অবাঞ্চিত অভিজ্ঞতাই ভালকৈ চালি-জাৰি নোচোৱাকৈ নতুন ঘৰত প্ৰৱেশ কৰিবলৈ কমলক বাধা দিছিল। আচৰিত অভিজ্ঞতাটোৱে আমাকো দৃষ্টিভংগী সলাবলৈ বাধ্য কৰাইছিল। ক্ৰমশ: ঘটনাটো পাহৰি গৈছিলো আমি। হঠাতে এদিন দূপৰীয়া অফিচত পিয়নজনে জনালে যে মোক বিচাৰি মানুহ এজন আহিছে। ওলাই আহি দেখিলো যে নৃপতি হাজৰিকাই উৎসুকতাৰে ৰৈ আছিল। মানুহজনৰ বাঁওহাতখন প্লাষ্টাৰ কৰি ডিঙিত ওলোমাই ৰখা আছিল। বোধকৰো ভাঙিছে। স্বাভাবিকতে আচৰিত হৈ গ’লো। হাজৰিকাই আমাক বিচাৰি আহিবলগা কোনো কাৰণ নাছিল। ঘৰ খালি কৰাৰ অনুৰোধ কৰিবলৈও একো অাঁচবাব তেওৰ ঘৰত নাছিল। কিছুদিন আগতেই তিনিও গৈ ফাৰ্নিচাৰ¸ বাচন-বৰ্তনখিনি লৈ আহিছিলো। তেখেতৰ লগত এনে সৌহাদ্যপূৰ্ণ সম্পৰ্কও আমাৰ নাছিল যে এইফালে যাওতেও খবৰ লবলৈয়ো এপাক সোমাব। আনকি আমাৰ ফোন নম্বৰটোও তেওৰ ওচৰত নাছিল। লৰা-লৰিকৈ মানুহজনৰ কাষচাপি গলো। 

: দাদা আপুনি? 
: আচৰিত হৈছা নিশ্চয়! বৰ দৰকাৰতহে বিচাৰি বিচাৰি এইখিনি ওলালোহি।
- সামান্য হাঁহিলে মানুহজনে।

: হাতত কেনেকৈ দুখ পালে? 
- কৌতুহল থমাব নোৱাৰি সুধিলো 

: কম ৰ’বা। সকলো কবলৈকে আহিছো। 
কথাষাৰ কৈ ইফালে-সিফালে চালে মানুহজনে। অলপ দূৰত অান মানুহকেইজনমান ৰৈ আছিল। অলপ কাষচাপি আহি লাহেকৈ কলে হাজৰিকাই

: তোমালোক যোৱাৰ পিছত আলোচনা কৰি ওজা এজনক মাতি পূজা এভাগি কৰিছিলো। ওজাই কৈছিল ধৰি লৈ যাব বুলি। পূজা চলি থাকোতেই হঠাত কোনোবাই থেলা মাৰি দিলে চিৰিৰ ওচৰত। হাতখন ভাঙিল। আৰু তাৰ পিছত বিশ্বাস নকৰিবা
- কৈ কৈ মানুহজনে মোৰ মুখলৈ চালে। তাৰ পিছত দীঘলকৈ উশাহ এটা লৈ আকৌ কলে-
তিনিদিনৰ পৰা সদায় একেটা সপোনেই দেখি আহিছো। পূজা ভাগি কৰাৰ বাবে ছাঁ এটাই আহি গালি পাৰে আৰু যেতিয়াই টৰ্চৰ পোহৰ পেলাই চাও তোমাৰ মুখখন ভাহি উঠে আৰু মই সাৰপাই যাও। তিনিদিন ধৰি একেটা সপোনকেই দেখি আছো। সময়ো একেটাই ৰাতি দুই বাজি পোন্ধৰ মিনিট। ওজাই কৈছে¸ তোমাৰ লগত কিবা যোগসুত্ৰ থাকিব পাৰে। 

আচৰিত হৈ মানুহজনৰ মুখখনলৈ চাই থাকিলো। মানুহজনে কয় কি? অৱশ্যে মানুহজনক আহিবৰ সময়ত যিটো শ্বক দি আহিছো আমাক পাঁহৰো বুলিও পাহৰিব নোৱাৰিব। কিন্তু এনেকৈ যে হঠাতে ওলাই কামুৰিবলৈ আহিব সেয়াহে সহজভাবে লব নোৱাৰিলো। মানুহজনৰ মুখখন পঢ়িবলৈ চেষ্টা কৰিলো¸ সাজি-সাজি কৈ জব্দ কৰিবলৈ বিচৰা নাইতো। কিন্তু চিন্তাক্লিষ্ট মুখখন চাই মিছাকথা কোৱা যেন নালাগিল। কিন্তু যিয়েই নহওক এবাৰ প্ৰমাণ পোৱাৰ পিছত যে কোনো কাৰণতেই আৰু সেইমুৱা নহও। লাগিলে মানুহটোৱে টকাৰ লোভেই নেদেখুৱাক কিয়। ক’লো-

: চাওক দাদা¸ সপোনটো চাগে আপোনাৰ মনৰ ভাব হব পাৰে। বাকী পূজাভাগিৰ কথা নকও। পাৰিলে ভাল পূৰোহিত-তান্ত্ৰিক এজনৰ সহায় লওক। আৰুনো কি কম!

কথা বঢ়োৱাৰ সুযোগ নিদি সেই মূহুৰ্ততে 
মোৰ ফোনটো বাজি উঠিল। মই ব্যস্ত হৈ পৰিলো আৰু লাভ নেদেখি হাজৰিকাই বিদায় লৈ নিজৰ গাড়ীত উঠিল।

****

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib