Now you can Subscribe using RSS

Submit your Email

Monday 27 April 2020

Thirty Nine ঃ 5

Unknown
পঞ্চম অংশ

ৰাতি দিপুলক কওতে হাঁহিত ৰখাব নোৱাৰা হ’ল। এই হাজৰিকা বোলা মানুহজন মানে সচাকৈয়ে অদ্ভূত। সঁচা ভূত এৰি এইবাৰ জীয়া মানুহৰ ভূতে মানুহজনক সপোনতো খেদে। 

: ঐ ¸ তই বেছিকৈ বুঢ়াক গালি পাৰিছিলি নহয়। কি ঠিক¸ বুঢ়াই আথেবেঠ মাতি নি তোৰ ডিঙিত ওলোমায়ো দিব পাৰে। নাযাবিদেই … হা হা হা
ধেমালিৰ চলেৰে দিপুলে কলেও কথাটোৱে মোক ভবাই তুলিলে। হবও পাৰে। মানুহটোৰ কি বিশ্বাস! কিন্তু পিছমূহুৰ্ততে হাঁহিও উঠিল। কি ঠিক কিজানি সেইদিনা বুঢ়াই এনেভাবে চক খালে যে শয়নে-সপোনে মোকেই দেখা হ’ল।

হাঁহি শুবলৈ আহি আহি দেখিলো যে ফোনত ৩৯ টা মিছকল। হয়তো কিবা কাৰণত ফোনটো চাইলেন্ট হৈ গৈছিল। যাৰ বাবে মই ফোন অহা গম নাপালো। কল হিষ্টৰি চাই দেখিলো অচিনাকী এটা নম্বৰৰ পৰাই সকলোবোৰ ফোন আহিছিল। বুকু কঁপি গ’ল। কোনে বা কৰিছিল। স্বাভাবিকতেই ইমানগাল মিছকল পালে যিকোনো মানুহেই চকখাই যাব। নম্বৰটোত কলবেক কৰিলো। টুট টুট শব্দ কৰি কাটখাই গ’ল। এবাৰ-দূবাৰ নহয় কেইবাবাৰো।

: কি হৈছে? কালৈ ফোন কৰিছ?
হয়তো উদভ্ৰান্তৰ দৰে হৈ পৰিছিলো। 
বাথৰুমৰ পৰা আহি দিপুলে মোৰ উদ্বগ্নতা দেখি আচৰিত হৈছিল। ফোনটো দেখুৱাই ক’লো।

: চাও¸ নম্বৰটো দেচোন।
এইবাৰ সি নিজৰ ফোনৰ পৰা ফোন লগাবলৈ চেষ্টা কৰিলে। একেই টুট টুট শব্দ কৰি ফোনটো কাটখাই গ’ল। 
চিন্তা লাগিছিল। কোন হব পাৰে বাৰু! ট্ৰু কলাৰত নামটো চাও বুলি দেখিলো যে ৰেজিষ্টাৰ নাই। খাবলৈ ওলোৱাৰ অলপ আগতে ঘৰত ফোন কৰিছিলো। সকলো খাবলৈ ওলোৱা বুলি কৈছিল। মায়ে কৈছিল মামাঁহতৰ আইতাৰ গা অলপ বেয়া হৈ আছে। বয়স হৈছে যথেষ্ট। তাতো ল’ প্ৰেচাৰ। চাৎকৈ মনত খেলালে। মামাৰ নম্বৰটোত ফোন কৰিলো। দীঘলীয়া ৰিঙৰ পিছত ফোনটো উঠালে। ভাত খাবলৈ বহিছিল তেওলোকো। খবৰ লবলৈ ফোন কৰা বুলি ভাবিয়েই মামাৰ পৰা মামীয়ে কাঢ়ি লৈ কথা নেৰা হ’ল। একেখন চহৰতে থাকো অথচ মাহেকতো পাক এটা নামাৰো। মামীৰ অভিযোগৰ অন্ত নাই। কথাৰ মাজতে মোৰ বিয়াৰ কথা উলিয়াই ছোৱালী চোৱাৰ দায়িত্ব দঢ়াই দঢ়াই দিবলৈ সকীয়ালে। মনটো ভাল লাগিছিল। তথাপি উৎসুকতা শেষ হোৱা নাছিল। সকলো পৰিস্থিতিতে কথা কৈ থাকিব মন নাযায়। তথাপি মামীৰ প্ৰশ্নৰ উত্তৰ দি থাকিলো। এটা সময়ত চাগে মামীৰো অনুভৱ হ’ল যে যথেষ্ট কথা পতা হ’ল। এইটো সপ্তাহতে এদিন দঢ়াই দঢ়াই মাতি ফোনটো ৰাখিলে।

মনৰ ভয় ভয় ভাবটো আঁতৰি এইবাৰ অচিন নম্বৰৰ গৰাকীলৈ সাংঘাটিক খং উঠিল। চাল্লা এনেকৈ ৰং নম্বৰত মিছকল দি দিছটাৰ্ব কৰে নেকি! শিক্ষা এটা দিও বুলি নম্বৰটো ফেচবুকত দিবলৈ লওতেই হতাতে টেক্সট মেছেজ বক্সত ৰঙা হৈ থকা আনচীন মেছেজ এটা দেখি খুলি চাই হতভম্ব হলো।

Come soon Ayursundra hospital, emergency

ওপৰৰ পৰাহে যেন সৰি পৰিলো। বিশমিনিট আগতে অহা মেছেজ। মানে কল কৰি নোপোৱাৰ পিছতে এৰি থৈছে। কি কৰা যাই এতিয়া! চাৰে দহটা বাজি গৈছে। মেছেজটো দিপুলক দেখুৱালো। পঢ়ি সিয়ো চিন্তাক্লিষ্ট হৈ পৰিল। অচিনাকী হলেও কোনোবাই কিবা বিপদত পৰিছে হয়তো। কি থিক¸ কোনোবা চিনাকীও হবপাৰে। ভাবি-গুণি যোৱাটোকে ঠিক কৰিলো। লৰালৰিকৈ কাপোৰসাঁজ পিন্ধি এখন বাইকতে ওলালো। কোন হব পাৰে! ওৰে বাটতো দুয়ো একে কথাই ভাবিছো। দিনতো বহুত দৌৰাদৌৰি হৈছিল। ভাবিছিলো আজি সোণকালে শুম। কিন্তু সেই ভাগ্য ক’ত?

হস্পিটেলৰ ৰিচেপচনৰ সমুখ পাই এইবাৰ কেনাটো লাগিল। ৰোগীৰ নাম ধাম একো নজনাকৈ কাক কি বুলি সোধো। উপাই বিহীন হৈ ইফালে-সিফালে চিনাকী কাৰোবাক দেখাপাও নেকি চালো। আমাৰ  অৱস্থাটো দেখিয়েই হবপায় চিকিউৰিটি এজন আগবাঢ়ি আহিল।
: কিবা আছিল নেকি?

কি বুলি কও! গোটেইখিনি কলো। শুনাৰ পিছত অলপ আচৰিত হোৱা যেন লাগিল তেওক।
: অ’ এনেকৈতো কাকো বিচাৰি নাপাব। নম্বৰটোত আকৌ ফোন লগাই চাওকচোন।
চিকিউৰিটিজন গলগৈ। ৰিচেপচনৰ কাষলৈ গৈ ৰিচেপচনিষ্ট ছোৱালীজনীক আমালৈ দেখুৱাই কিবা কলে। হয়তো আমাৰ পৰিস্থিতিৰ কথাটো কৈছে। 
উপাই নাই। দুয়োটাই নম্বৰটো ডায়েল কৰি এনেয়ে এমাৰজেঞ্চীলৈ গৈ ঘুৰি আহিলো। ছে: কি কৰো এতিয়া! বিচাৰি নাপালে এনেকৈ ঘুৰি থকাৰো যুক্তি নাই। অথচ উভতি যাবলৈয়ো মন যোৱা নাই। বহুদেৰি ট্ৰাই কৰা দেখিয়েই বোধহয় ভগবান সদয় হ’ল। ঘপকৈ মোৰ ফোনটো লাগি গ’ল।

: হেল্ল’ কোনে কৈছে?
- সিফালৰ পৰা ছোৱালী এজনীৰ মাত ভাহি আহিল।

: মই মানে আপুনি ফোন কৰিছিল মোলৈ বহুতবাৰ। মেচেজো কৰিছিল।

: অহ¸ ছৰি ছৰি দেই। মই দাদা এজনলৈ ফোন কৰিছিলো। এটা দিজিট ভুল হৈ আপোনাৰ তাত লাগিল। মানে মা ছিৰিৰ ওপৰৰ পৰা পৰি গৈছিল। আইম ভেৰি ভেৰি ছৰি।
সিফালৰ ছোৱালীজনী ব্যতিব্যস্ত হৈ পৰিল। বোধহয় ধৰিব পাৰিলে অথনি ভুলতে ফোন কৰা নম্বৰটোৰ গৰাকী মই।

মৰ এতিয়া কত মৰ! এনেয়ে টেনচন লৈ এইৰাতি ইমানদূৰ আহিলো। কথাটো গমপাই দিপুলে মুৰে-কপালে হাত দিলে। কি কও এতিয়া! সিফালৰ গৰাকীয়ে ফোনটো এতিয়াও ধৰি আছে।

: মানে আমি চিনাকী কোনোবা বুলি হস্পিটাললৈ আহিছিলো। তলতে আছো। কাৰ কি হৈছেনো?
এনেয়ে কাটি দিবলৈ ভাল নালাগিল। ভদ্ৰতাসূচকভাবে প্ৰথম সিফালৰ পেচেন্টজনৰ খবৰ সুধিলো।

: অহ¸ আইম ভেৰি ছৰি। মিছাতে কষ্ট খালে আপোনালোকে। 
ছোৱালীজনীৰ কণ্ঠত বেদনাৰ সুৰ। মিছাতে আমি কষ্ট খালো বুলি গম ছোৱালীজনীৰো বেয়া লাগিল। নোসোধাকৈয়ে কলে

: অলপ আগতে এমাৰজেঞ্চীৰ পৰা অৰ্থোলৈ চিফ্ট কৰিলে। 

: ঠিক আছে। গৈছো ৰ’ব।
- আহিছো যেতিয়া দেখা কৰিয়েই যাও। ফোনটো কাণত লৈয়ে লিফ্টখনলৈ আগবাঢ়ি গলো।

অৰ্থোৰ সমুখতে ছোৱালী এজনী ৰৈ আছিল। জিনচ টপ পৰিহিতা প্ৰায় পশিচ/ছাব্বিশ বছৰীয়া ছোৱালীজনী ধুনীয়া। প্ৰথম দৰ্শনতে মৰম লাগি বিধৰ। দূৰৰ আমাক দেখি হয়তো চিনিব পাৰিলে।

: ছৰি দেই। নম্বৰটো ভুল হৈ যোৱাত আপোনালোকৰ কষ্ট হ’ল।
- সলাজ হাঁহি মাৰি গাভৰুৱে কৈ উঠিল।

: একো নাই। হৈ যায় কেতিয়াবা। মানুহে মানুহৰ বাবে অলপ কষ্ট কৰিলে একো ভুল নহয়। 
- মোৰ কথাত যুবতীয়ে সামান্য হাঁহিলে।

: বাই দা ৱে¸ এতিয়া তেখেতৰ কেনে? 

: চেঞ্চলেছ হৈ গৈছিল। ভয় খাই গৈছিলো। ভৰিখন ভঙা বুলি ভাবিছিলো। ভঙা নাই¸ ফ্ৰেকছাৰ হৈছে। 
ভিতৰৰ ৱাৰ্ডটোলৈ আঙুলিয়াই দেখুৱালে যুবতীয়ে¸ ৱাৰ্ড নম্বৰ ৩৯

: পিছে এতিয়া যাব নিদিব। চাব বিচাৰিলে পোষ্ট ভিজিটিং আৱাৰৰ আগতে আহিব লাগিব।

: অ’কে। কাইলৈ দিনতে এপাক আহিম।
বাই দা ৱে¸ মই পৰাণ
সোঁহাতখন আগবঢ়াই দিলো।

: ৰিয়া
হেণ্ডচেক কৰি যুবতীয়ে এইবাৰ দিপুললৈ চালে।

: দিপুল
নিজৰ হাতখন হাতখন আগবঢ়াই দিপুলে হাঁহিলে।

বিদায় লৈ আহিবলৈ ওলাইছিলো মাথোন¸ মেডিচিনৰ টোপোলা এটা হাতত লৈ প্ৰায় আমাৰ বয়সৰে লৰা এজন সেইখিনি পালেহি। 

: মোৰ দাদা। মামাৰ ল’ৰা। এওৰ নম্বৰটো লগাবগৈয়ে আপোনালোকৰ তাত লাগিছিল।
সলাজ হাঁহিৰে যুবতীয়ে কৈ উঠিল। একো নুবুজি লৰাজনে আমালৈ চাই ৰ’ল।

বাৰ বাজি গৈছিল। তথাপি কিয় জানো খং উঠা নাছিল। আহিবৰ সময়ত দিপুলে জোকালে¸
: ধুনীয়া ছোৱালীয়ে কলে উপযাচিয়েই খবৰ লবলৈ অহাৰ প্ৰমিজ কৰিব পাৰি ন?
একো নকলো। হাঁহি দিলো।

: কিন্তু এটা কথাত আচৰিত হৈছো দেই ভাই। তোলৈ তাই মিছকলো দিছিল উনচল্লিশটা আৰু তাই মাকৰ কেবিন নম্বৰটোও উনচল্লিশ। হোৱাট এ কো ইঞ্চিডেঞ্চ।

: তাকেইতো। কেনেকৈ যে নম্বৰবোৰ একে হৈ যায় আচৰিত লাগে। 
দিপুলে কিবাকিবি কৈ গৈ থাকিল। মই শুনি গৈ থাকিলো।
পথটো খালি হৈ পৰিছিল। কেতিয়াবা দুই এখন সৰু গাড়ী তীব্ৰ বেগত পাৰহৈ গৈছিল। দিনৰ ব্যস্ত মহানগৰ এতিয়া শুই পৰিছে। মই ৰেচ বঢ়াই দিলো।

*******

মই দুদিনমানৰ পৰা কথা এটা লক্ষ্য কৰিছো যে বিশেষ নম্বৰটোৱে এইকেইদিন মোৰ আশে-পাশেই থকা হৈছে। সেইদিনা ৰাতি পোৱা মিছকলকেইটাৰ লগত ৰিয়াৰ মাকৰ কেবিন নম্বৰটো কোইঞ্চিডেঞ্চ বুলি ভাবিছিলো। কিন্তু এতিয়া আৰু তেনেকুৱা যেন লাগি থকা নাই। এনে লাগে যেন কোনোবাই সজাই পৰাই ৩৯ নম্বৰটো মোৰ আগলৈ আগবঢ়াই দিয়ে। যোৱাকালি মোৰ নম্বৰত কোনোবাই ভুলতে ৩৯ টকা ৰিচাৰ্জ কৰাই দিয়ে। বেংক ষ্টেটমেন্টত ৩৯ টকা কোৱাটাৰ্লি ইন্টাৰেষ্ট সোমোৱাৰ মেছেজ আহে। ৰাতিপুৱা ছব্জি কিনিব যাওতে বেপাৰীক এশটকীয়াখন দিওতে জাৰি-জোকাৰি খুচুৰা নাই বুলি ৩৯ টকাহে ঘুৰাই দিয়ে। অফিচতো এটেডেঞ্চ পাঞ্চ মেছিনত আকস্মাতে মোৰ চিৰিয়েল নম্বৰটো সলনি হৈ ৩২ ৰ পৰা ৩৯ হৈ যায়। নিউজ চাই থাকিলেও ৩৯ নম্বৰটো যিকোনো অযুহাতত বাৰে-বাৰে আহি থাকে। এই কথা দিপুলকো কোৱা নাই। মাথো অবজাৰ্ভ কৰি আছো। 
অফিচৰ পৰা ওলাব লৈ হঠাতে কিবা এটা মন গ’ল। মূহুৰ্তৰ বাবে চকু মুদি উইচ এটা কৰি ৰৈ থাকিলো প্ৰথম গাড়ীখন আহি থকালৈ। দুই মিনিট পিছতে মোক আচৰিত কৰি বগা ইনোভা এখন পাৰ হৈ গ’ল। আচৰিত হৈ চাই থাকিলো গাড়ীখনৰ শেষৰ নম্বৰ দুটা ৩৯

নাজানো কি হৈ আছে এইবাৰ। বহুবাৰ মনক বুজনি দিছো এইবোৰ মাথো এক কাকতালীয় সংযোগহে। তথাপি মনটোক শান্তি দিব নোৱাৰো। ইমানবোৰ সংযোগ কেনেকৈ হব পাৰে। নাই¸ মগজুৱে একো লজিক ঢুকি নাপায়। আকৌ এবাৰ মন-মগজুক ফুচুলালো¸ ঢুকি নোপোৱা কথাত বৰকৈ মুৰ ঘমাব নাপায়। ৰুমলৈ গৈ থকা বাটতে বজাৰখন দেখি সোমাই গৈহে মনত পৰিল যে ৰুমত আজি মই অকলে। দিপুল ৰাতিপুৱাই ঘৰলৈ গৈছে। কিবা দৰকাৰী কাম আছে। 
ৰুমত আগৰে পাচলি অলপ আছেই। হব¸ আজি কণী¸ আলু ভাতত দিয়েই খাম। এনেয়ে অকলে বনাই ৰান্ধি খাই বাচন ধোৱাৰ সময়ত এলাহ লাগে। এপাকত দেখি মুৰ্গীৰ কণী পাঁচটাকে ললো। হঠাতে আকাশ কলা-মলা কৰি হুৰহুৰাই বৰষুণ এজাক আহিল। লৰালৰিকৈ বাইক ষ্টাৰ্ট দিলো। কোনোমতে বৰষুণজাকৰ আগতে ৰুম গৈ পালেই হয়। আজিকালিৰ অবতৰীয়া বৰষুণত তিতিলেই চৰ্দি জ্বৰ উঠে। এনেয়ে কিন্তু বৰষুণ বেয়া নালাগে। কিছুমান সময়ত বেলকণিত থিয় হৈ বৰষুণ চোৱাৰো এক মাদকতা থাকে। হাত দুখন মেলি বৰষুণত তিতাৰো যে কি এক মায়া আছে¸ আস:। সৰুতে এনেকৈ প্ৰায়েই তিতিছিলো। স্কুলৰ পৰা আহি বৰষুণতো ফুটবল খেলিবলৈ ওলাই গৈছিলো। মনে-মনে গৈ কতদিন এনেকৈ তিতিবুৰি আহি ঘৰত গালি খাইছিলো¸ চৰ্দি-জ্বৰত ভূগিছিলো হিচাপ নাই। অৱশ্যে এনেকৈ চৰ্দি-জ্বৰত ভোগা দিনকেইটা বৰ সুখৰ আছিল মোৰ বাবে। মা-দেউতাই বিধে-বিধে খোৱা বস্তু আনি কাষত ৰাখি থৈছিল। অনবৰতে কাষতে বহি থাকিছিল এজন। পুৰণি দিনবোৰ মনত পৰি হাঁহি এটিয়ে খেলিছিল মুখত। কৰ পৰা গৈ গৈ যে পুৰণি কথাবোৰ মনত পেলাইছিলো। 

ৰুমত সোমাই লৰালৰিকৈ চাৰ্টটো খুলি মেলি দি বাথৰুমত সোমালো। অলপ তিতিছো। ভিজা মুৰটো এতিয়া পানীৰে ধুই নিদিলে চৰ্দি লাগিব।

ভাতকেইটা হোৱা কৰি এনেয়ে বিচনাত বাগৰি মোবাইলটো পিটিকি আছিলো। হথাতে দৰ্জাখনত টোকৰ পৰিল। সাধাৰণতে এই ফুট গধুলিতে দৰ্জাখন জপাই থোৱা নহয়। কিন্তু বৰষুণজাক আহি থকাত চিটকাণিটো লগাই থৈছিলো।
নামি গৈ দৰ্জাখন খুলি দিলো। হেলমেটটো কুলি হুৰমুৰাই দিপুল সোমাই আহিল। তিতিবুৰি একেবাৰে অৱস্থা নাই তাৰ। সৰু পলিথিনৰ পেকেট এটা পিঠিৰ পৰা উলিয়াই টেবুলখনত দলিয়াই থৈ গামোচাখন হাতত ললে। মই আচৰিত হলো। সি কালিহে অহাৰ কথা আছিল।

: তই আজিয়েই আহিলি যে?
- মই আচৰিত হলো। সি কালিহে অহাৰ কথা আছিল।

: মাটিখিনিৰ বাইনা দিয়া হ’ল। গুছি আহিলো। অ’ চাহ বনাচোন। ঠাণ্ডা লাগিছে।
- মোৰ ফালে নোচোৱাকৈয়ে কৈ লৰালৰিকৈ বাথৰুমলৈ গ’ল সি। 

এতিয়া মোৰ চাহ খোৱাৰ মন নাযায়। কিন্তু তাৰবাবে একাপ বহাই দিলো। চাহ হ’ল। চেকি ৰৈ থাকিলো। দহমিনিট হৈ গ’ল। কাপোৰসাজ সলাই আহি নাপালে সি। 

: দিপুল¸ চাহ ঠাণ্ডা হ’ল। 
- দৰ্জাখন খুলি ৰিঙিয়াই মাতিলো। বৰষুণজাক ইতিমধ্যে কমিছে। আকাশত দুই এটা তৰাও ওলাইছে।
আৰু পাঁচমিনিটমান পাৰহৈ গ’ল। দিপুল বাথৰুমৰ পৰা ওলোৱা নাই। চাহ ঠাণ্ডা হৈ গলে খাই ভাল নালাগিব। 

মাতি-মাতি সঁহাৰি নাপাই বাথৰুমৰ দৰ্জাখনৰ কাষত থিয় হৈ মাতিলো
 : এই তোৰ হোৱা নাই। মোৰ চাহ ঠাণ্ডা হৈ গ’ল। 
ভিতৰৰ পৰা একো সঁহাৰি নাহিল। দুইমিনিট পিছলৈকে ওলাই নহাত দৰ্জাখনত মাতি দৰ্জাখনত থেলি দিলো। দৰ্জাখন খোল খাই গ’ল। অথচ ভিতৰত মানুহটো নাই দেখোন। ধেৎ তেৰি ক’ত গল আকৌ। তললৈ গ’ল নেকি বাৰু! যাহ¸ যলৈ যাই যাওক। গৰম কৰি দিব নোৱাৰো। খং উঠি আহিছিল। ৰুমলৈ উভতি আহিলো। আৰু অলপ সময় পাৰহৈ গ’ল। এতিয়াও তাৰ দেখাদেখি নাই। দৰ্জাখন খুলি ওলাই চাব খোজোতেই ফোনটো বাজি উঠিল। তাৰেই ফোন। নিশ্চয় তলৰ দোকানলৈ গৈছে চিগাৰেট আনিব। কিবা আনিবলগা আছে নেকি সুধিবৰ বাবে ফোন কৰিছে চাগে।
গালি এটা দিবলৈ মন গ’ল।

:  ক’ত তই?

: পৰাণ¸ মই কালিও নাযাও হা। কামটো হোৱাগৈ নাই। মেনেজাৰক কবি।
মোৰ প্ৰশ্নটো নুশুনি সি কৈ উঠিল। কি কৈছো একো নুবুজিলো। কলো

: চাহ ঠাণ্ডা হৈ গ’ল। কাপোৰ নসলোৱাকৈ ক’ত গলি? 

: হা¸ কি চাহৰ কথা কৈছ? ক’ত যোৱাৰ কথা কৈছ? মই ঘৰতে আছো দেখোন।
মোৰ কথাত আচৰিত হোৱা যেন দেখুৱালে সি।

: হব হব¸ ধেমালি কৰিব নালাগে। এনেকৈ তিতিবুৰি থাকিলে তোৰে বেমাৰ হব।
এইবাৰ অলপ হাঁহি উঠিল। কি যে হব নহয়। কেতিয়াবা সচাকৈ সি সৰুলৰা হৈ যায়।

: সপোন দেখিছ নেকি ঐ? মই সচাকৈ ঘৰত আছো। পুৱা আহি এতিয়া গুৱাহাটী যাম নেকি?

: কি কথা কৱ ঐ। এইমাত্ৰ তই ৰুমত সোমাই মোক চাহ বনাব কলি!

: ধেৎ তই চাগে শুই আছিলি এতিয়া। হবদে¸ মেনেজাৰক কবি কালিও নাযাও বুলি। 
- বোধহয় সি বিৰক্ত হৈছিল। ফোনটো কাটি দিলে। 
মই ভেবা লাগি চাই থাকিলো। সি কি কৈ আছে! ঘুৰি চাই দেখো যে টেবুলত থোৱা তাৰ হেলমেটতো আৰু প্লাষ্টিকৰ ঠোঙাটোও গায়ব। মূৰ ঘূৰাই পৰি যোৱাৰ উপক্ৰম হ’ল মোৰ। কি হৈ আছে এইবোৰ।সচাকৈয়ে ভ্ৰম নে কি! কিন্তু বৰষুণৰ টোপাল পৰি থকা মজিয়াখনে উত্তৰটো দি গ’ল। চাহকাপ পেলাই দি ভাতকেইটামান খাই ওলালো। ভাবিলো কমলৰ ঘৰলৈকে যাও। আজি আৰু অকলে থাকিবলৈ মন যোৱা নাই। কিন্তু ঘৈনীয়েকক ইতিমধ্যে আনিছে যদি অসুবিধা হব ভাবি নিশ্চিত হবলৈ ফোন কৰি গম পালো এতিয়াও ঘৈনীয়েকক অনা নাই।

এনেকৈ হঠাতে ওলোৱা দেখি কমলে ভালেই পালে। ঘৈনীয়েকক এতিয়াও অনা নাই। তাতে কেইবাদিনো সি আমাৰ ৰুমতে থাকি আহিছে। এৰাতি নাৰাখি পাৰেনে!

: তই কিবা আনিবি বুলি ভাবিছিলো। পাৰ্টি কৰিব পাৰিলো হৈ। চিকেন আছিলেই।
- এনেকৈ ফোন কৰি ওলোৱা বাবে বোধহয় সি কিবা ভাবিছিল।

: পাৰ্টি মদ খালেহে হয় নেকি? এনেকৈয়ে হব দে।
তাৰ ফালে চাই মই হাঁহি দিলো।
-------
ৰাতি টোপনি ভাল নহল মোৰ। কও বুলিও কমলক কব নোৱাৰিলো। কি বুলি ভাবিব! কি ঠিক চহৰৰ ভাল চাইকাট্ৰিষ্টৰ নম্বৰো কালেক্ট কৰি দিব পাৰে। 

পুৱাই মেনেজাৰলৈ ফোন কৰি গা বেয়া বুলি ফাঁকি দি বাইক দৌৰালো ঘৰলৈ বুলি। দিপুল আৰু মই হাইস্কুলৰ পৰা একেলগে পঢ়িছিলো। আমাৰ গাঁওৰ পৰা তিনিখন গাঁও পাৰ হৈ দিপুলৰ গাঁও। গুৱাহাটীৰ পৰা গলে আগতে আমাৰ গাঁওখন পাই। হাইৱেৰ পৰা আমাৰ ঘৰলৈ যোৱা আলিটোৰে নোসোমাই দিপুলৰ ঘৰলৈকে গলো। সি তেতিয়া ঘৰতে আছিল। বাইকৰ মাত শুনি ওলাই আহিছিল। 

: আহি গলি ন প্ৰুফ কৰিব?
মোক দেখি মিচিকিয়াই হাঁহিলে সি।
মই হাঁহিবপৰা নাছিলো। মোক উত্তৰ লাগে।
: আহ আহ। চাগে একো নোখোৱাকৈয়ে আহিছ?

মোক দেখি খুৰীয়ে হাঁহিলে। খা-খবৰ সুধিলে। অলপ পিছতে লুচিভাজি চাহ লৈ আহিছিল। 

: তই বিশ্বাস নকৰ তাৰমানে?
ওচৰে-পাজৰে কোনো নথকাৰ সুবিধাতে সুধিলো।

: মই মানে ভূত হৈ গলো ন?
- ওলোটাই মোক প্ৰশ্ন কৰি হাঁহি দিলে সি।
: আৰে ভাই। মই মিছা কম কিয়? মোৰ লগত যে কিবোৰ হৈ আছে কেনেকৈ বুজাম!

: তই আচলতে বেছি ভাবিছ! ক’তা মোৰ লগত দেখোন একোৱেই হোৱা নাই। নম্বৰটো তই ইজিলি ল না। জাষ্ট এ ক’-ইনঞ্চিডেঞ্চ।
- মোৰ কান্ধত হাত এখন ৰাখিলে সি।

: অ’কে এটা বাৰু ক’-ইঞ্চিডে়ঞ্চ বুলিয়েই লও¸ আনটো কি বুলি লও।
মোৰ দুচকুত হাজাৰ প্ৰশ্ন।

সি কিবা ভাবিলে। টি চাৰ্টটো গাত সুমুৱাই কৈ উঠিল
: ঠিক আছে¸ বলচোন।

: কলৈ?
: কলা ওজাৰ তালৈ।

কলা ওজাৰ আচল নামটো নাজানো। দিপুলহঁতৰ গাঁৱতে ঘৰ। বয়স ৭৫ মান হৈছে চাগে। বহু পুৰণি মানুহ। লাখুটিৰ সহায়ত মানুহজনে খোজকাঢ়ে। ওচৰৰ গাওকেইখনৰ মানুহে বৰ বিশ্বাস কৰে। কলা ওজাই মুখ লাগিলে মুখ ভঙাই আৰু কিবাকিবি তাবিজ দিলে।
আনকালে হলে কেতিয়াও নগলোহেঁতেন। কিন্তু এতিয়া মোৰ প্ৰশ্নবোৰৰ উত্তৰ কিবা পোৱাৰ আশাত যলৈ নিয়ে তলৈকে যাম।

দিপুলৰ কথা শুনি কলা ওজাই এবাৰ ভৰিৰ পৰা মূৰলৈ মোক ভালকৈ চাই ললে।

: চক খাইছে। একো নাই ঠিক হৈ যাব।
-  কলা ওজা উঠি গৈ বিহলঙনি নে কি চিঙি আনি মোৰ বুকুৱে পিঠিয়ে অলপ জোঁকাৰিলে। আকৌ ভিতৰলৈ গৈ ৰঙা সুতাৰ তাবিজ এটা মোৰ বাউসিত গাঁঠি দি থু থুৱাই দিলে। ঘিন লাগিছিল। নেদেখাকৈ টিচাৰ্টটোৰে এনেয়ে মচি দিলো। 

: ভূত বাৰু সচাকৈয়ে আছেনেকি?
অহাৰ সময়ত কলা বেজক সুধিলো।
মানুহজনে হাঁহিলে। কলে-
: প্ৰকৃতিৰ ৰহস্য আমি কি বুজিম! ভগবান আছে যদি ভূতো আছে। 
মই নিৰবে ৰোৱা দেখি হয়তো বুজিলে মোৰ মনৰ কথা। আগুৱাই আহি গাটো পিহি দি হাঁহি মাৰি কলে- 
: একো নাই যা। সাবধানে থাকিবি। নিৰ্ভয় ভৱ। 

এনেয়ে তাবিজটো এবাৰ চুই চালো। 
দিপুল পদুলিলৈ ওলাই গৈছিল। মাত লগাই ময়ো ওলাই আহিলো।


#ভূতৰ_গল্প
#থাৰ্টি_নাইন

যোৱা অংশৰ পিছৰ পৰা -

পদুলিত দিপুলক নমাই দি ঘৰলৈ আহিলো। সকলোবোৰ ঘৰতে আছিল। 
: সোণ¸ হথাতে আহিলি যে। তোৰ গা বেয়া নেকি?
- কপালত হাতখন লগাই মায়ে সুধিলো। অসুখ-বিসুখ হোৱা বুলি মাৰ চিন্তা। মই হাঁহি দিলো। একো হোৱা নাই মোৰ। আজি জন্মাষ্টমী অফিচত কাম নাই। সেয়ে গুচি আহিলো।

: ভালেই কৰিলি দে। যা হাত-মুখ ধুই আহ। 
চাঁহ কৰিবলৈ পাকঘৰত সোমাল মা। মই চাই থাকিলো। ইমান ডাঙৰ হলো¸ এতিয়াও ইমান চিন্তা আমালৈ। মাক-দেউতাকবোৰ এনেকুৱাই। সন্তান যিমানেই ডাঙৰ নহওক সদায়েই তেওলোকৰ মনত অকমাণি হৈয়েই থাকে। আচলতে দোষ মোৰেই। আগেয়ে অহাৰ আগদিনাখনেই কও যে কাইলৈ যাম¸ অমুকটো বনাবি। এইবাৰহে নকলো। কথাটো ভাবি মনটো ভৰি গৈছিল। আকৌ নিজৰ ওপৰতে অলপ খঙো উঠিছিল। যাহওক কাপোৰ সলাই ওলাই আহিলো। 

আগদিনা বৰষুণত তামোল এদাল ভাঙি পৰি বেয়া হোৱা গোহালি ঘৰটো ভাল কৰিবলৈ হাজিৰা কৰা মানুহ এজন লগাইছিল দেউতাই। অপইতা কল এঠোক থকা কলগছ এডালো ভাঙিছিল। গৰুৰ বাবে কলপাত কেইখনমান কাটি কাম কৰা মানুহজনৰ কাষলৈ গলো। টিনপাত দুখন ফালি গৈছিল। অকলে উঠোৱা সম্ভৱ নহয়। 

পিছদিনা পুৱা-
আমাৰ তিনিআলিৰ চ’কটোত দিপুল ৰৈ আছিল। দুয়ো একলগেই গলো। সিদ্ধান্ত এটা লৈছিলো¸ য’ৰপৰা এইবোৰ আৰম্ভ হৈছে আকৌ এবাৰ তালৈ যাম। 
আবেলি দিপুলক লৈ ওলাই আহিলো।

নিৰ্দিষ্ট ঘৰটোৰ সমুখত ৰৈ কলিং বেলটো বজাই দিলো। দৰ্জাখন খুলি আমাক দেখি হাজৰিকাৰ মুখখন উজলি উঠিল। 

: আহা আহা
আমি অহাৰ সংবাদটো ৰিঙিয়াই ঘৈনীয়েকক দি আঠে-বেঠে বহিবলৈ দিলে আমাক। সেইদিনাৰ হাজৰিকা আৰু আজিৰ হাজৰিকাৰ মাজত আকাশ-পাতাল প্ৰভেদ। আজি যেন আমি তেওৰ বহুদিনৰ চিনাকি আপোন। দুগিলাছ চৰ্বত লৈ হাজৰিকানী সোমাই আহিল।

: চৰ্বত খোৱাদেই।
ধুনীয়াকৈ হাঁহি মাৰি হাজৰিকানী ভিতৰলৈ সোমাই গল। বোধহয় চাহ বনাব এতিয়া।
মই আচৰিত হোৱা নাই। কিয়নো সেইদিনা হাজৰিকা অফিচলৈ বিচাৰি যাওতেই বুজিছিলো। কিন্তু আচৰিত হলো তেতিয়া হাজৰিকাই কলে যে আমি আহিম বুলি জানিছিল। সুধিলো¸ কেনেকৈ গম পালে আমি আকৌ আহিম বুলি? লেনদেনতো বাকী একো ৰখা নাই।

: কাৰণ যিবোৰ ঘটনা ঘটি আছে¸  চাগে তাৰ সামান্য হলেও প্ৰভাব তোমালোকেও অনুভৱ কৰিছা!
- সেমেকা হাঁহি এটা মাৰিলে তেও।

: আপুনি কেনেকৈ জানিলে আমিও কিছু ঘটনাৰ সমুখীন হৈছো বুলি?
আচৰিত হৈ পৰিছিলো আমি।

: সেইদিনা তোমাক মই আধৰুৱা কথা কৈছিলো। সেইদিনা…
মানুহজন অলপ ৰ’ল। এবাৰ দোষী-দোষী ভাবেৰে আমালৈ চালে আৰু কৈ থাকিল।
: সেইদিনা তান্ত্ৰিকে আত্মাটোক বশ কৰিব নোৱাৰিলে। তান্ত্ৰিকে কথা পাতিবলৈ চেষ্টা কৰিছিল কিন্তু আত্মাটোৱে সহযোগ নকৰিলে। তান্ত্ৰিকে কৈছে যিয়ে আত্মাটোক দেখিছিল যিকোনো প্ৰকাৰে আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি থাকিব।

হা কৈ মুখ মেলি দিলো। মোৰ সকলো কথা শুনাৰ পিছত আচৰিত হৈ হাজৰিকাই চকুৰ পলক নজপোৱাকৈ চাই ৰ’ল।

: কেনেবাকৈ এইবোৰ আপুনি তান্ত্ৰিকজনৰ দ্বাৰাই কৰোৱা নাইতো! চাব¸ সেইবোৰ কৰিছে যদি কথা ভাল নহব।
এপাকত সন্দেহী চকুৰে চাই কৈ উঠিলো।
আজিকালিৰ মানুহ কাকো বিশ্বাস কৰিব নোৱাৰি। কথাটো দিপুলৰ মনটো খেলাইছিল আৰু আষ্টিন কোঁচাই হাজৰিকালৈ চোঁচা লব খুজিছিল।

: হেই কিনো কোৱা! কিয় কৰিম এইবোৰ!
ইশ্বৰৰ শপত। 
সোঁহাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে কাণৰ লতি দুখন চুই হাজৰিকাই কৈ উঠিল।
সেই মূহুৰ্ততে গৰম গৰম লুচীৰ প্লেট দুখন লৈ হাজৰিকানী সোমাই আহিছিল।
সন্দেহী দৃষ্টিৰে চাই ৰোৱা দেখি এইবাৰ মানুহজনীলৈ চাই কৈ উঠিল তেও
: মই এটা কথাও মিছা কোৱা নাই। মানুহজনীৰ শপত। 

কি কম! কোনো মানুহেই চাগে মিছা কলে এনেকৈ শপত খাব নোৱাৰে।

: আমি এটা কাম কৰো পৰাণ¸ এবাৰ তান্ত্ৰিকজনক লগ কৰি লও।
কিবা এটা ভাবি দিপুলে মোৰ মুখলৈ চালে।

: অ’  অ’ তোমালোকে এবাৰ তেওক লগ কৰি লোৱা। কাইলৈ ৰাতিপুৱা এঘাৰটামানত তেখেতক মাতি দিও ইয়াতে। তোমালোকো আহা। কিছুমান কথা তেৱেই ভালকৈ কব পাৰিব।

: ভালবাৰু।  তাকেই কৰক।
হঠাতে কিবা এটা মনত পৰি হীজৰিকালৈ চাই কলো।
: আচ্ছা¸ এই আত্মাটো মানে মানুহজনৰ নাম¸ ঠিকনা আপোনাৰ লগত আছেনে? 

: ফটো¸ ডকুমেন্ট নাই। চব থানাত জমা দিয়া হয়। কিন্তু এড্ৰেছটো বোধহয় থাকিব লাগে।

: ঠিক আছে। আপুনি উলিয়াই থব। 
হাজৰিকাৰ ঘৰৰ পৰা ওলাই চিধাই ৰুমলৈ গুছি আহিলো।

ৰাতিটো বিশেষ কথা নাপাতিলো। মনেই নাযাই আজিকালি। ৩৯ নহলে ৩ ৯ এই দুয়োটা দিজিতে ষড়যন্ত্ৰ কৰিছে অনবৰতে মোৰ চকুৰ আগত থকাৰ। কেতিয়াবা এনেকুৱাও লাগে যেন কিবা কব খুজিছে কোনোবাই। মোক যেন কিবা এক অদৃশ্য শক্তিয়ে মাতি আছে। কলৈ কব নোৱাৰো। এই লোকালয়ৰ পৰা দূৰত কৰবাত কিছুদিন থাকিব মন গৈছে মোৰ। কিন্তু এই সমস্যাবোৰ শেষ নোহোৱালৈকে অশান্তি।

কথাবোৰ ভাবি ভাবি বহু ৰাতিলৈ টোপনি অহা নাছিল। সাৰ পাই দেখিলো দিপুল কেতিয়াবাই উঠিল। লৰালৰিকৈ উঠি মুখ হাত ধুলো। দিপুলে চাহ বনাইছিল। খাই উঠি তাক কলো ভাত বনোৱাৰ দৰকাৰ নাই। যিহেতুকে ডিউটিলৈ নাযাও এতিয়া বনোৱাৰো দৰকাৰ নাই। 

-----

আমি যেতিয়া হাজৰিকাৰ ঘৰ পাইছিলো এঘাৰ বাজি গৈছিল। তান্ত্ৰিকজন আহি ৰৈ আছিল। পেন্ট চাৰ্ট পৰিহিত ক্লিন চেভ চেহেৰাৰ মানুহজনক তান্ত্ৰিক বুলি কলে বিশ্বাস কৰিবলৈ টান হয়। ভালকৈ এবাৰ চালো মানুহজনলৈ। বয়স প্ৰায় পঞ্চাশৰ ওচৰা-ওচৰি। হাতত দামী ঘড়ী আৰু স্মাৰ্টফোন। আচলতে হাজৰিকাই তান্ত্ৰিক বুলি কলেও মানুহজন প্ৰফেশ্যনেল তান্ত্ৰিক নহয়। মন্ত্ৰ অলপ জানে। কোনোবা স্কুল এখনৰ টিচাৰ। পেটে-পেটে হাঁহি উঠিল মোৰ। কি বুলি ভাবিছিলো আৰু ওলাল কি! কলা আলখাল্লা পৰিহিত ডিঙিত ৰুদ্ৰাক্ষৰ মালা পিন্ধা তান্ত্ৰিকেই যেতিয়াই কেতিয়াবা ভূত খেদিব নোৱাৰে¸ সংস্কৃতৰ মাষ্টৰে কি খেদিব পাৰিব!

: ভাইটি¸ কথাবোৰ শুনি যিখিনি বুজিছো এনে লাগিছে যেন কিবা ৰহস্য সোমাই আছে। সেই ৰহস্য খোল নোখোৱাকৈ আত্মা বশ কৰা অসম্ভৱ।
তান্ত্ৰিকৰূপী সংস্কৃত শিক্ষকজনে কলে।

: সেইটোনো কি ডাঙৰ কথা কলে! আমিও জানো যে কিবা ৰহস্য আছে! 
হাঁহি উঠিছিল মোৰ।
ভাবিছিলো তান্ত্ৰিকজনে খং কৰিব। কিন্তু নকৰিলে। মিছিকিয়া হাঁহি মাৰি কলে-

: তোমালোকে হয়তো ভাবিছা¸ এও কিনো তান্ত্ৰিক। এই সাধাৰণ কথাটোতো কণাএজনেও কব নহয়নে? দেখাততো মোক তান্ত্ৰিক যেন নালাগেই।
কৌতুকেৰে এবাৰ আমালৈ চালে মানুহজনে। অলপ ৰৈ আকৌ কলে-

: মই এইবাৰ যিটো কথা কম¸ তোমালোকৰ গা শিয়ৰি উঠিব। এই ৰহস্যত নজনাকৈয়ে এটা যোগসুত্ৰ হৈ পৰিছা তুমি। 
এইবাৰ মোৰ গালৈ আঙুলিয়াই দিলে মানুহজনে।
: পৰাণ¸ যিবোৰ ঘটি আছে তোমাৰ লগত। এইবোৰ ক’ইঞ্চিডেঞ্চ নহয়। সেয়া তোমাৰ অদৃষ্ট। সেয়া এক মেছেজ।এটা শক্তিয়ে ইতিমধ্যেই আন এক শক্তিৰে সংযোগ কৰিছে।

কি কৈ আছে একো মুৰত সোমোৱা নাছিল। অবিশ্বাসৰ দৃষ্টিৰে চাই আছিলো। হয়তো তেও বুজিলে।

: অাহা মোৰ লগত
- মানুহজনৰ পিছে-পিছে গৈ থাকিলো গোটেইকেইটা।

: ধপ
থাৰ্ড ফ্লোৰৰ চিৰিৰ শেষৰ ঢাপটো পাৰ হবলৈ লওতেই কাঠৰ টুকুৰা এটা আহি সমুখত পৰিল।
সচকিত হৈ পৰিলো আমি।
বিৰবিৰাই কিবা মুখৰ ভিতৰতে মাতিলে তান্ত্ৰিকজনে। তাৰ পিছতে সমুখৰ অদৃশ্য কাৰোবালৈ চাই কলে 
: অন্যায় নহয় আমি কথা পাতিবহে আহিছো। যদি কিবা সহায় লাগে নকলে কেনেকৈ সহায় কৰিম।

কথাখিনি কৈ দুইমিনিট ঠাইতে ৰৈ গল মানুহজন। পিছে-পিছে আমি দৰ্শক হৈ ৰৈ আছো। দুই মিনিট পিছলৈ একো আক্ৰমণ নোহোৱাত আমাক আহিবলৈ ইংগিত দি আগবাঢ়ি গল তেও। 

: একো নকলে আমি কি বুজিম।
তান্ত্ৰিকজনে কৈছিলহে মাথোন। হথাতে কৰবাত কোনোবাই দপদপাই দৌৰা কাণত পৰিল। চাই দেখিলো আমি থকা পাৰ্টটোৰ কাষৰ পাৰ্টতো¸ য’ত আমি সেইৰাতি শব্দবোৰ শুনিছিলো।

তান্ত্ৰিকজনৰ পিছে পিছে ভিতৰত সোমাই অবাক হৈ গলো। সৰু সৰু কাঠৰ টুকুৰা কেইটামান নিজে নিজে মজিয়াখনত লৰচৰ কৰি আছিল। আমাক চুপ থাকিবলৈ ইংগিত দি তান্ত্ৰিকজনে চাই থাকিল। খুউব লাহে-লাহে লৰচৰ কৰি এটা সময়ত কাঠৰ টুকুৰাকেইটা ৰৈ গল!

: পৰাণ¸ লুক দেয়াৰ
তান্ত্ৰিকৰ ফিচফিচিয়া মাত অনুসৰণ কৰি বিস্ময় ভয় নে আন কিহবাত হতভম্ব হৈ গলো। কাঠৰ টুকুৰা কেইটা লগ লাগি যিটো চিত্ৰ অংকণ কৰিছিল সেইটো আছিল ৩৯

মাথো এটা মূহুৰ্ত। ধামকৈ ভিতৰৰ দৰ্জা এখন বন্ধ হৈ গ’ল। 

: ব’লা
তান্ত্ৰিকে ইংগিত দিয়াত আটাইকেইজন তললৈ নামি আহিলো।
কাৰো মুখতেই মাত নাই। সকলো বাকৰুদ্ধ হৈ পৰিছো।

: পৰাণ¸ কিয় নাজানো¸ হয়তো কিবা ইশ্বৰৰ লীলা। তোমাক ইশ্বৰে এই আত্মাৰ বাবে বাছি লৈছে। হয়তো কিবা আধৰুৱা কাম কৰাব খোজে। 
মোৰ কান্ধত হাতখন থৈছিল তান্ত্ৰিকজনে।

: কিন্তু ময়েই কিয়? কেনেকৈ বাহিৰতো…

: তুমি কি কব খুজিছা বুজিছো। এইটো আত্মা সেই ফ্লোৰটোৰ বাহিৰলৈ ওলাব নোৱাৰে। কিন্তু কিয় কেনেকৈ সেইবোৰ তোমাৰ লগত হৈছে তাৰ বাখ্যা মোৰ লগতো নাই। অ’ কিন্তু এটা ঠিক¸ এই আত্মাৰ পৰা তোমাৰ ভয় নাই। 

কি কম ভাবি পোৱা নাছিলো। সকলোৱে মোৰ মুখলৈকে চাই আছিল। ভয় ভয় ভাবটো অলপ কমিছিল মোৰ। 

: দাদা¸ এড্ৰেছটো পাইছেনে?
- হাজৰিকালৈ চাই সুধিলো। বহী এখনৰ ভিতৰৰ পৰা কাগজ এখন উলিয়াই আগবঢ়াই দিলে হাজৰিকাই। বহীটো এখন ৰেজিষ্টাৰ। য’ত হাজৰিকাই ভাড়াতীয়াবোৰৰ নাম আৰু এড্ৰেছ লিখি ৰাখিছিল। কাগজখিলা হাতপাতি এনেয়ে এবাৰ বহীখনৰ সতে মিলাই চালো।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib