Now you can Subscribe using RSS

Submit your Email

Monday 27 April 2020

Thirty Nineঃ 6

Unknown
ষষ্ঠ অংশ

******
অফিচৰ পৰা পাঁচদিনৰ চুটি লৈছিলো। দিপুলেও ললে। কাকো নোকোৱাকৈ এনেকৈ ওলাওতে দিপুলে মানা কৰিছিল। কৈছিল দিছিচন লোৱাৰ আগতে এবাৰ ঘৰত আলোচনা কৰাটো দৰকাৰ। কিন্তু ঘৰত জনাই মিছা-মিছি টেনচন দিবলৈ মন নাই মোৰ। মই জানো¸ ঘৰত কলে কেতিয়াও অনুমতি নিদিয়ে। কি ঠিক¸ কন্দা-কটা কৰি মোক ঘৰলৈ ওভটাই নিবলৈ আহিবও পাৰে। দঢ়াই দঢ়াই দিপুলকো ঘৰত কবলৈ মানা কৰিলো।

---- 
ৰাতিপুৱা সুৰ্য্য উঠাৰ আগতেই সাৰ পাইছিলো। এক্সাইটমেন্ট বাঢ়ি আহিছিল। দূৰণি বটীয়া ঠাই। কেইবা ঘন্টাৰো বাট। ৰাতিয়েই বেগত কাপোৰ দুযোৰ আৰু দৰকাৰী বস্তুকেইপদ ভৰাই ৰাখিছিলো। কিছুদিন নাথাকিম। গতিকে বাইক দুখনৰ কথা আছে। গতিকে মালিকক কৈ যোৱাটো ভাল। সেয়ে বেলকনিত ৰৈ চাই আছিলো কেতিয়া মালিকৰ ঘৰৰ দৰ্জাখন খোলে। আমাৰ বিল্ডিঙৰ কাষৰ দুমহলীয়া বিল্ডিংটোত মালিকৰ পৰিয়াল থাকে। আমাৰ বেলকনিখনৰ পৰা মালিকৰ ঘৰৰ সমুখফাল দেখা যাই। পুৱাই দৰ্জা খুলি মালিকে আহি বাৰাণ্ডাত দলিয়াই থৈ যোৱা পেপাৰখন বুটলি লৈ যায়। চাই থাকোতেই মালিকৰ ঘৰৰ খিৰিকি খোলা দেখা পাই দিপুলক আহিবলৈ কৈ নামি গলো। মালিকে কলৈ যাম সোধাত অফিচৰ কামত কলকাতা যাম বুলি এনেয়ে কলো।
আৰু একো নুসুধিলে মালিকে। হামিয়াই মুৰ দুপিয়াই হাতপাতি বাইকৰ চাবি দুপাত ললে।
: ভালবাৰু খুৰাদেউ। আহো
মাতলগাই আহো মানে দিপুলে ৰুমৰ তলাটো মাৰি বেগ দুটা লৈ নামি আহিছিল। মই তাৰ ফালে চালো।
ব্লু জিনচ আৰু চেক চাৰ্টৰ ওপৰত পিন্ধা ৱেষ্টকোট আৰু কাউবয় হেটটোৰে তাক কোনোবা থ্ৰিলাৰ চিনেমাৰ ডিটেকটিভ যেন লাগিছিল। 

: বাহ¸ সাংঘাটিক লাগিছে ৰে তোক। 
চকুত কলা চানগ্লাছযোৰ পিন্ধি হাঁহি দিলো মই।

: য়েছ মই চাৰ্লক হোমচ আৰু তই এচিষ্টেন্টজন। অৱশ্যে অভাৰকোট এটা পিন্ধিলে তোকহে চাৰ্লক হোমচ্ যেন লাগিব। 
- হোহোৱাই হাঁহি দিলে সি। ময়ো হাঁহিলো।
-----
আমি ষ্টেচন পোৱালৈ সাত বাজি গৈছিল। সাতটা পাছত ট্ৰেইন। পোন্ধৰ মিনিট লেটকৈ চলি আছে ডিব্ৰুগড় এক্সেপ্ৰেছখন। দৌৰাদৌৰিকৈ তিনি নম্বৰ প্লেটফৰ্মত বিচাৰি বিচাৰি দবাটোত উঠিলো। কালিয়েই অনলাইন টিকট কাটি থৈছিলো। অলপ পিছতে ট্ৰেইনখনে গতি ললে। দবাটোত মানুহ মুঠেই তিনিজন। আমি দুজন আৰু সমুখৰ চিটটোত কাষত কমণ্ডলু লৈ এজন ৰঙা কাপোৰ পিন্ধা সন্যানী। হয়তো বহু দূৰৰ পৰা আহিছে। কাষৰ খিৰিকিখনত আউজি মানুহজনে শুই আছিল। অলপদেৰি পিছত বিচাৰি বিচাৰি নগা  যুবক-যুবতী কেইগৰাকী আহি খালি চিটকেইটাত বহিল। চাগে দিমাপুৰলৈ যাব। ইংৰাজীতে সিঁহতে কথা পাতিছিল। এপাকত এজনে কাষৰ জনৰ হাতৰ পৰা থামচ্আপৰ বটলটো কাঢ়ি ধকধকলৈ ডিঙিত বাকী দিলে। ইটোৱে চটফটাই কিবা কৈ বটলটো কাঢ়ি লৈ গ’ল। বাকীকেইটাই হাঁহি উঠিল।  আঁৰচকুৰে সিঁহতলৈ চালো। আটাইকেইটাই সোতৰ/ওঠৰ বয়সৰ ওচৰা-ওচৰি। বোধহয় কোনোবা কলেজৰ ছাত্ৰ-ছাত্ৰী। সিঁহতৰ প্ৰাণোচ্ছল হাঁহিত কম্পাৰ্টমেন্ট কপি উঠিছিল। এনেতে হাত তালি বজাই কিন্নৰ দুগৰাকীমান সোমাই আহিছিল। মই সজাগ হৈছিলো। ট্ৰেইনযাত্ৰাত মই সদায়েই ওপৰৰ পকেটত দহটকীয়া কেইখনমান ৰাখো। আজিও এজন আগবাঢ়ি কাষলৈ অহাৰ লগে-লগে নোটখন আগবঢ়াই দিলো। টকাটো দি দিপুলে ভোৰভোৰাই উঠিছিল¸ ‘এইবোৰৰ পৰা শান্তি নাই আৰু’। প্ৰতিক্ৰিয়া একো নকৰিলো। খিৰিকিৰে বাহিৰলৈ চাই থাকিলো। গছবোৰ¸ ঘৰবোৰ পিছফালে এৰি ট্ৰেইনখন আগবাঢ়ি গৈছিল। দিপুলে কাণত হেডফোনদাল লগাই লৈছিল। মই জানো¸ এতিয়া ট্ৰেইনৰ পৰা ননমালৈকে তাৰ কাণৰ পৰা হেডফোন নানামে। 

নাজানো কি মোহত আচন্ন হৈ বাহিৰলৈ চাই চাই গৈ আছিলো। কিবা এটা ভাল লাগিছিল। ট্ৰেইন যাত্ৰাৰ সকলো পুৰণি স্মৃতি পাগুলিয়াই তন্ময়তাৰে চাই ৰৈছিলো। নাজানো কেতিয়া সমুখৰ সন্যাসীজনে চকু মেলিছিল। নাজানো কিমান সময়ৰ পৰা মোলৈকে চাই আছিল। হঠাতে মানুহজনৰ গলগলীয়া মাত শুনি ঘুৰি চালো।

: কলৈ যাবি বাছা?
হিন্দীতে মানুহজনে সুধিলে। আস কি যে আত্মীয়তাৰ সুৰ। সচৰাচৰ হাত চাই হাতত সুতা গাঠি দিয়া বাবাজীসকলৰ দৰে কণ্ঠত নাছিল মানুহজনৰ কতৃত্বৰ সুৰ।
শান্ত¸ সমাহিত মুখ খনলৈ চাই ভক্তি জাগি উঠিল। কলো¸ বাবাজী ডিমাপুৰলৈ যাম।

: তোৰ বৰ বেয়া সময় আহি আছে বাছা। সাবধানে থাকিবি। কিন্তু ভয় নকৰিবি। শেষত জয় তোৰেই হব।

মোৰ চকুলৈ চাই থাকি লাহে-লাহে কৈ কৈ নিজৰ ডিঙিৰ পৰা ৰুদ্ৰাক্ষৰ মালা এদাল খুলি মোৰ হাতত দিলে। 
: এয়া ডিঙিৰ পৰা নুখুলিবি। ই তোৰ ৰক্ষা কৰিব।

ঘটনাৰ আকস্মিকতাত চমকি উঠিছিলো। ভয়ে-ভয়ে হাতযোৰ কৈ মালাদাল লৈ ডিঙিত পিন্ধি ললো। সন্যাসীজনে মোৰ মুখলৈকে চাই আছিল। বোধহয় পইচা দিব লাগে। মানিবেগৰ পৰা এশটকীয়া এখন উলিয়াই আগবঢ়াই দিলে। লবলৈ অস্বীকাৰ কৰি মানুহজনে কৈ উঠিল।

: নালাগে।
: কিন্তু বাবা¸ আপুনিতো মোক মালাদাল দিলে।
: মইতো তেওৰ সেৱক। তেওৰ হুকুমেই পালন কৰিছো। কি কৰিম পইচা। তেও মোক পালন কৰি আছে।
ওপৰৰ ফালে চাই সামান্য হাঁহিলে সন্যাসীজনে। নাজানো হঠাতে মোৰ কি মন গ’ল। উঠাই লোৱা ভৰিখন চুই মানুহজনক সেৱা এটা কৰিলো। মুৰ মুৰত এবাৰ হাত ফুৰাই মানুহজনে চকু মুদি বিভোৰ হৈ পৰিল। ঘটনাৰ আকস্মিকতাত দিপুলো হতভম্ব হৈ পৰিছিল। নগা যুবক-যুবতীৰ দলটোৱেও আচৰিত হৈ আমালৈ চাই আছিল। সাধাৰণতে এনেবোৰ পৰিবেশত পৰিলে মানুহ যেনেকুৱা অৱস্থাৰ সমুখীন হয়¸ মোৰো সেয়ে হ’ল। প্ৰথমবাৰৰ কাৰণে মনত ভয় ভয় লাগিল মোৰ। নাজানো কি হবলৈ গৈ আছে! ভাবিছো আহি ভুলেই কৰিলো নেকি! কিন্তু পলোৱা মোৰ স্বভাৱ নহয়। যি হয় হওক¸ দেখা যাব। ইশ্বৰ মোৰ লগত আছে। মনটোক জোৰকৈ বুজনি দি বাহিৰলৈ চালো।

নামিবৰ হওতে সন্যাসীজনক মাত লগালো। আশীৰ্বাদৰ ভংগীত হাতখন ডাঙিলে মানুহজনে। কিবা অলপ খাই ঘড়ী চাই দেখিলো চাৰে এঘাৰটা বাজি গৈছিল। এতিয়া আকৌ গাড়ী বিছাৰিব লাগিব। ডিমাপুৰৰ চহৰৰ পৰা দুৰ্গমগড়লৈ আৰু চাব্বিশ কিলোমিটাৰৰ বাট। অলপ বিচৰাৰ পিছত উইংগাৰ এখন পালো দুৰ্গমগড়লৈ যোৱা। দুজনমান মানুহ বহি আছিল। দিনত দুখন নে তিনিখনহে গাড়ী চলে দুৰ্গমগড়লৈ। লৰালৰিকৈ সমুখৰ চিট খালি পাই দখল কৰিলো। আকৌ অপেক্ষা পেছেঞ্জাৰ ফুল নোহোৱালৈ। বিশমিনিটমান পিছত পেছেঞ্জাৰ ঠাহ খাই পৰিল। আমাৰ উশাহ লবলৈয়ো অসুবিধা হোৱাৰ দৰে হ’ল। উপায় নাই। এনেকৈয়ে যাব লাগিব। খিৰিকিখন সামান্য খুলি বাহিৰলৈ চাই চাই গৈ থাকিলো। ৰাষ্টা সিমান ভাল নহয়। থেকেচা খাই খাই অৱশেষত দুঘন্টামানৰ পিছত আমি গন্তব্যস্থানত উপস্থিত হলো।

দূৰ্গমগড়। অসম নাগালেণ্ড সীমান্তৰ এখন গাঁও। নাম যেনেকৈ দূৰ্গম তেনেকৈয়ে ঠাইখনো সচাকৈয়ে দূৰ্গম। এতিয়ালৈ গুগলৰ মেপতো গাঁওখনৰ নাম গুগলে লিপিবদ্ধ কৰিবপৰা নাই। নাজানো কিমান অতীজৰে পৰা কোনে কি ভাবি গাঁওখনৰ নাম ৰাখিছিল। চাগে যাতায়ত দূৰ্গম দেখিয়েই বৃটিছে এই নাম ৰাখিছিল। হয়তো এইটো কাৰণ নহবও পাৰে। সৰু আলিটোৰ কাষত থিয় হৈ চাৰিওফালে চকু ফুৰালো। ঠায়ে ঠায়ে ফাটি গাঁত হোৱা পকী ৰাষ্টাটোৰ সোঁফালে এটি আলি গৈছে। ব্লক দিয়া আলিটো চাগে নতুনকৈহে সাজিছে। আগতে চাগে ৰাষ্টাটো কেঁচাই আছিল। কাৰণ আলিটোৰ কাষৰ ঢিলা মাটিবোৰ দেখিলেই গম পাই। তিনি আলিটোৰ কাষতেই হালধীয়া ৰঙৰ সৰু ফলক এখনত কলা আখৰেৰে ইংৰাজী আৰু অসমীয়াত লিখা আছে এটা নাম দূৰ্গমগড়। তাৰ পৰাই চাগে গাঁওখন আৰম্ভ। গাঁওখনৰ দক্ষিণ ফালেই ঠিয় নগা পাহাৰ। যিফালেই চাও মাথোন সেউজীয়া¸ ওপৰৰ চকু জুৰোৱা নীলা আকাশ। গণি শেষ কৰিব নোৱাৰা শাৰী শাৰী তামোল¸ নাৰিকল গছ¸ দীঘল দীঘল নঙলাৰে এখন টিপিকেল অসমীয়া গাঁও। নাজানো অন্যান্য সীমামুৰীয়া গাঁওবোৰৰ দৰে ইয়াত সীমাৰ সমস্যা আছে নে নাই। কোনো দিনেই নিউজতো শুনা নাই। শুনামতে ইয়াৰ মানুহখিনিৰ বেহা-বেপাৰৰ বাবে গোলাঘাটতকৈও ডিমাপুৰৰ লগতহে বেছি আহযাহ। সীমামুৰীয়া গাঁও হোৱা বাবেই চাগে সদৰৰ লগত যাতায়তৰ ব্যৱস্থাটো ভাল হোৱাগৈ নাই। অনুমান কৰিছো পুৰণি কাঠৰ ঘৰেই বেছি। মাজে-মাজেহে দুই এটা আচাম টাইপৰ পকীঘৰ দেখিছো। দেখাত গাঁওখন বৰ চহকী যেন নালাগিল। হয়তো এয়া ভুল ধাৰনাও হব পাৰে। কথাবোৰ ভাবি-ভাবি 
পিঠিত বেগদুটা লৈ দুয়ো গৈ থাকিলো। মোৰ দৰে দিপুলো চাগে ভাবত বিভোৰ হৈ পৰিছিল। সেই ডিমাপুৰ এৰাৰ পৰা এতিয়ালৈ মাথোন এষাৰ বাক্যৰে আমাৰ বিনিময় হৈছিল¸ ‘ৰাষ্টা ভাল নহয়’। তাৰ পিছত নামি মই পানীৰ বটলটো উলিয়াই দুঢোক খাই তাক সুধিছিলো¸ ’খাবি’! মুৰটো লৰাইছিল সি¸ অৰ্থাৎ নাখায়। দুয়ো মাথোন ঠাইখন চাইছো। চকু যিমানলৈ যাই চাই চাই ভাবিছো¸ যদি নিভাজ কিবা আছে¸ এই কৃটিমতাৰ পলশ নপৰা গাঁওবোৰেই আছে।

দুয়ো গৈ আছিলো। বাটত এজনো মানুহ লগ পোৱা নাছিলো। হয়তো এইখিনি সময়ত মতা মানুহবোৰ পথাৰতহে আছে। দীঘল দীঘল নঙলাবোৰলৈও জুমি চাইছো¸ কোনো যুবতী¸ মহিলা চকুত পৰা নাই। ঘড়ীলৈ চালো।  ইতিমধ্যেই দুই বাজি গৈছে। উচপিচাই উঠিলো। ইয়াতে ৰাতি থকাৰ সুবিধা কৰিব নোৱাৰিলে সোণকালে ডিমাপুৰলৈ উভতি যাব লাগিব। অলপ দূৰতে হঠাতে বয়সীয়াল মানুহ এজন দেখি বেগাই খোজ ললো। মানুহজনে ছাগলী পোৱালি এটা কোচত লৈ এইফালেই আহিছিল।

: খুৰা ৰবচোন। পৰমেশ্বৰ কটকীৰ ঘৰ কোনটো কব নেকি? পিতা ৰসেশ্বৰ কটকী। 

মানুহজন ৰল। প্ৰথমেই দুয়োকে ভৰিৰ পৰা মুৰলৈ এবাৰ চাই লৈ সুধিলে।

: ক’ৰ পৰা আহিছে?

: গুৱাহাটীৰ পৰা। 
- টপৰাই দিপুলে কৈ উঠিল।

: কিন্তু পৰমেশ্বৰতো দুবছৰ আগতেই ঢুকাল। কিবা এক্সিডেন্ট হৈছিল নে কি!
- এটা সন্দেহী দৃষ্টিৰে মানুহজনে চাই থাকিল। 

: হয়¸ বিল্ডিঙৰ পৰা পৰি মৰিছিল। আমি তেওৰ ঘৰলৈকে আহিছো। আমি কিবা কথা এটাৰ তদন্তৰ কাৰণে আহিছো।
- টপৰাই দিপুলে কৈ উঠিল। তাৰ ভৰিখনত লাহেকৈ জোতাৰে হেঁচুকি দিলো মই। সকলো কথা বাটৰ মানুহক কোৱাৰ কি দৰকাৰ!

: তদন্ত? 
একো নুবুজি নে কিবা সন্দেহ কৰি মানুহজনে চকুৰ পতা নলৰোৱাকৈ আমালৈ চাই ৰ’ল।

: মানে আমাক পৰমেশ্বৰৰ অফিচৰ পৰা পঠাইছে। পলিচি এখন আছিল। এতিয়া মেছিয়ৰ্ড হৈছে। যোগাযোগৰ একো ব্যৱস্থাও নাই এতিয়া। সেয়ে খবৰটো দি যাও বুলি আহিলো।
- সাজি সাজি কৈ দিলো মানুহজনক। এইবাৰ তেওক আস্বস্ত হোৱা যেন লাগিল।
কলে- 
: মই তাৰ সম্বন্ধীয়া খুৰাক হও। আহক
মোৰ লগতে

মানুহজনৰ পিছে-পিছে গৈ থাকিলো। আঁৰ চকুৰে চাই দিপুলে মোক দবিয়ালে¸ ‘কিয় মিছা কলি! এতিয়া কি কৰিবি!’

চকুৰ ঠাৰেৰেই ময়ো বুজালো¸ ‘ একো নহয়। চম্ভালিব পাৰিম!’
 

#ভূতৰ_গল্প
#থাৰ্টি_নাইন

যোৱা অংশৰ পিছৰ পৰা-

অলপদূৰ যোৱাৰ পিছত কেঁকুৰী এটা পাৰ হৈ মানুহ এঘৰৰ চোতালত মানুহজন ৰ’ল। দীঘল নঙলাটো পাৰ হৈ চোতাল পাও মানে কাৰোবাক মাতি মাতি মানুহজন ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল। আমি চোতালতে ৰৈ চৌহদটোৱেই চাই থাকিলো। চোতালখনৰ এফালে এটা এল পেটাৰ্নৰ আচাম টাইপৰ ঘৰ। আনদুটা ফালে দুটা সৰু সৰু খেৰী ঘৰ। এটা বোধকৰো গোহালি। খোলা দৰ্জাখনেৰে ভিতৰৰ গৰু বন্ধা খুটি দুটামান দেখিছো। আনটো বোধকৰো ভৰালঘৰ বা গোহাইঘৰ হব। কাৰণ ঘৰটোৰ কাষতে পূবদিশত তুলসী ওখ ঢাপ এটা দেখিছো। বোধহয় নিতৌ সন্ধিয়া চাকি দিয়ে। তাৰ কাষতে ধুনীয়া দালিমজোপা। এবাৰ পদুলিলৈ উভতি চালো। দুয়োফালৰ বকুল দুজোপাই নঙলাটোক শুৱনি কৰি তুলিছে। চাগে এনে এখন ঘৰৰ পৰিবেশত এৰাতি কটোৱাৰ ইচ্ছা সকলোৱে কৰিব! পৰিবেশটোত মোহাছন্ন হৈ পৰিছিলো। ভাবিছিলো মৃত যুবক এজনৰ ঘৰত খবৰ কৰিবলৈ নহা হলে অামি চাগে সৌন্দৰ্য্যখিনি অলপ বেলেগ ধৰণেই উপভোগ কৰিব পাৰিলোহেতেন!

: ককাইদেউ¸ এওলোক আহিছে পৰমৰ অফিচৰ পৰা। 
- আমাক লৈ অহা মানুহজন অলপ পিছতে ঘুৰি আহিছিল। পিছে পিছে আকৌ এজন বয়সীয়াল মানুহ আৰু যুবতী এগৰাকী ওলাই আহিছিল। আমাৰ ফালে দেখুৱাই প্ৰথম দেখা মানুহজনে দেউতাক যেন লগা মানুহজনক কলে। 

: আহক ভিতৰলৈ।
- বয়সীয়াল মানুহজনে কিবা কোৱাৰ আগতেই যুবতীগৰাকীয়ে কোঠাৰ এটা দুৱাৰখন খুলি ভিতৰলৈ মাতিলে। পিছে-পিছে সোমাই গলো।

: মনি¸ তই ইয়াক খুৰীয়েকক দি আহচোন।
- ইমান সময়ে ছাগলী পোৱালিটো মানুহজনৰ কোচতে আছিল। নামিবলৈ উচপিচ লগাই সি বাৰে-বাৰে মানুহজনৰ ঠুটৰিটোত খুণ্ডিয়াই আছিল।

: দিয়া মোক। বৰ দুষ্ট হৈছে ন ই?
- মিচিকিয়াই ছাগলী পোৱালিটো কোঁচত তুলি যুবতীগৰাকী ওলাই গ’ল।

বহাৰ পিছত কেনেকৈ আৰম্ভ কৰো ঠিক কৰিব নোৱাৰি এনেয়ে চকু ফুৰালো। সৰু ৰুমটো পৰিপাতিকৈ সজোৱা। একাষে এটা আলমাৰীত এদম কিতাপ। কাষতে শ্বকেচটোৰ ওপৰত এটা ধুনীয়া ফুলদানী। কোঠাটোৰ বেৰত বন্ধাই থোৱা কেইখনমান সুতাৰে কাপোৰত হাতৰ কাম কৰা ছবি। সৰু থাকোতে আমাৰ ঘৰতো কেইখনমান এনে ছবি দেখিছিলো। জীয়ৰী কালতে মায়ে হেনো সুতাৰে ধুনীয়া ফুল¸ লাৰু গোপাল বনাইছিল। পিছলৈ ফ্ৰেমৰ ভিতৰতে কলা হৈ নষ্ট গৈছিল। এয়া নিশ্চয় ছোৱালীজনীৰে কাম হব! হঠাতে মোৰ ভাৱত যতি পেলাই মানুহ এগৰাকীয়ে তামোলৰ বটাখন আগত দিলে।

: তামোল খাওক। 
: এয়া পৰমৰ মাক -দেউতাক।
অথনি বাট দেখুৱাই অনা খুৰাক বুলি কোৱা মানুহজনে চিনাকি কৰি দিলে।
প্ৰতি নমস্কাৰ দি মানুহহাললৈ চালো। মানুহজনীয়ে জোৰকৈ সেমেকা হাঁহি এটা মাৰিব খুজিছে যদিও পৰা নাই। মানুহজনৰ মুখখন শেতা পৰিছিল। ডেকা পুত্ৰ মৃত্যু হয়তো সকলো পিতৃকেই চিৰদিন কন্দুৱাই থাকেে। কেনেকৈ আৰম্ভ কৰো ঠিক কৰিব নোৱাৰি এবাৰ দিপুললৈ চালো। কিন্তু মোক আহুকালত পেলাই মোৰ ফালে নোচোৱাকৈ সি সমুখৰ শ্বকেছটোৰ ভিতৰলৈ পিতপিতাই চকু ফুৰাই থাকিল।

: চেকখন কিমান টকাৰ …
- ইমানপৰলৈ আমি একো নোকোৱা দেখি হয়তো খুৰাকজন অধৈৰ্য্য হৈ পৰিছিল। হেহো-নেহোকৈ সুধিলে তেও

: অ’
- এবাৰ আকৌ মানুহজাকলৈ চকু ফুৰালো। কবই নোৱাৰিলো কেতিয়া যুবতী গৰাকীও আহি মাকৰ পিছফালে ঠিয় দিছিল। ফাঁকি দিবলৈ সত নগল। কলো

: আচলতে আমি কোনো টকাৰ খবৰ দিবলৈ অহা নাই। পৰমৰ অফিচৰ লগতো আমাৰ একো সম্পৰ্ক নাই। 
- কথাখিনি কৈ আকৌ মানুহকেইজনৰ মুখলৈ চালো। সকলো আচৰিত হৈ পৰিছে। 
: কিন্তু আপুনিতো…
- বিস্মিত নেত্ৰেৰে দুখোজ আগুৱাই আহিছিল খুৰাকজন।
চাগে ভাবিছিল¸ কয় কি এই অচিনাকী মানুহজনে! ইমান কয় সময়তে কথাৰ সলনি? 
চিটুৱেচনটো কন্ট্ৰ’ল কৰি ল। তইহে পাৰিবি। দিপুলৰ চকুতো যেন তাকেই দেখিলো।

: মিছাকৈ কৈছিলো আপোনাক। বেয়া নাপাব। এতিয়া ভাবিছো ঘৰৰ মানুহ যেতিয়া মিছাকৈ লাভ নাই। আচলতে আমি প্ৰাইভেট ডিটেকটিভ। মই পৰাণ আৰু ই দিপুল। হঠাতে ক্লু এটা পালো। বোধহয় পৰমৰ ডেথ ইনচিডেন্ট এক্সিডেন্ট নাছিল।

চাগে কোদো বাঁহত জুইহে দিলো মই। দেউতাকৰ পিছফালে থিয় হৈ থকা মাকজনীয়ে ফেঁকুৰী ভিতৰলৈ লৰ দিছিল। মা¸ মা মাতি মাতি যুবতীগৰাকীও মাকৰ পিছে পিছে গৈছিল। বহি থকা চোফাখনত মুৰটো পেলাই দেউতাকজনে চকুদুটা মুদি দিছিল। সৰসৰাই দুগালেৰে চকু পানী বৈ আহিছিল তেওৰ। বাকৰুদ্ধ হৈ পৰা খুৰাকজনে অসহায় হৈ আমালৈ চাই আছিল। মোৰো চকু দুটা সেমেকি উঠিছিল। 

: মইনাক কোনে মাৰিছে?
চকুহাল মছি-মছি প্ৰথমবাৰৰ বাবে দেউতাকে সুধিলে।

: খুৰা¸ আমি এতিয়াও চিয়’ৰ হোৱা নাই মাৰ্ডাৰ বুলি। কিন্তু আপোনাৰ ল’ৰা যিটো ভাৰাঘৰত আছিল এতিয়াও তাত পৰমৰ অস্তিত্ব অনুভৱ কৰা যায়।

: মইনা আছে! মোৰ মইনা আছে। মোক লৈ বলক মইনাৰ ওচৰলৈ…।
- ভিতৰৰ পৰা দৌৰি আহি পৰমৰ মাকজনীয়ে আহি মোৰ হাতখনত খামুচি ধৰিলে।
অপ্ৰস্তুত হৈ গ’লো। এনেকুৱা চিটুৱেচন হলে হেণ্ডেল কেনেকৈ কৰিম। 

: আপোনালোকে অলপ ধৈৰ্য্য ধৰক। কিছু কথা আমি জানিবলগা আছে। তেখেতৰ আত্মাটোৱে এতিয়াও মুক্তি পোৱা নাই। 
মই অপ্ৰস্তুত হৈ পৰা দেখি দিপুলে কৈ উঠিল। 

: মই মইনাৰ ওচৰলৈ যাম। মোক লৈ ব’ল।
- আমি কি কৈ আছিলো মানুহজনীৰ মুৰত চাগে সোমোৱা নাছিল। একেটা কথাকে বাৰে-বাৰে কৈ আছিল। 
: যাম মা¸ যাম। আগতে এওলোকৰ কথাখিনি শুনি লচোন।
- এইবাৰ যুবতীগৰাকী উঠি আহি মাকজনীক ধৰি নি চোফা এখনত বহাই দিলে। 

: চাওক¸ আপোনালোকে ধৰ্য্য ধৰিব লাগিব। এতিয়া যি কম হয়তো সেয়া আপোনালোকৰ গ্ৰহণযোগ্য নহবও পাৰে। 
- আকৌ এবাৰ মানুহখিনিৰ মুখলৈ চালো।
চকুপানী মচি এইবাৰ সকলোৱে শান্ত হৈ এইবাৰ আমালৈকে চাই আছিল। দিপুললৈ চালো। 

: আপোনাৰ ল’ৰা যিটো ঘৰত ভাড়া আছিল। আমি নিজেই তাত দুদিনমান কটাই আহিছো। এনেকি ছয়াময়াকৈ দেখিছোও আত্মাটোক। সেই দিন ধৰি গোটেই ফ্ল’ৰটোত কোনো মানুহেই সেই ঘটনাবিলাকৰ বাবে থাকিব পৰা নাই।
দিপুলে আৰম্ভনিৰে পৰা সকলোবোৰ কৈ গৈছিল। মানুহকেইজনে শুনি চকুৰ নিমিহ নকঢ়াকৈ আছিল। মাজে-মাজে আশ্বৰ্য্যত মুখ  মেলি দিছিল। মই চাই আছিলো তেওলোকৰ মুখলৈ।

: আচৰিত! মইনাই চাগে এতিয়াও ঘৰখনৰ মোহত যাবগৈ পৰা নাই।
- লাহে-লাহে কৈ উঠিছিল খুৰাকে।

: আচলতে আমাৰ ক্লু হৈছে এই মেজিক নাম্বাৰটো। এনে লাগিছে যেন আত্মাটোৱে আমাক কিবা কব বিছাৰিছে।
মই কৈ আছিলো।

: এবাৰ দাদাৰ মুখত শুনিছিলো। দাদাই বৌৰ লগত কথা পাতোতে এবাৰ থাৰ্টি নাইন শব্দটোও শুনিছিলো।
- অলপ ভাবি মনত পৰাৰ দৰে যুবতী গৰাকীয়ে কৈ উঠিছিল।

: চাওক¸ আচলতে ঘটনাটো মাৰ্ডাৰ নহৈ চুইচাইদো হব পাৰে। আচ্ছা তেখেতৰ স্বভাব কেনেকুৱা আছিল?
- কথাটো কৈ যেন শুই থকা বাঘ এটাক চিকুটিহে দিলো। খঙত জকি উঠিল দেউতাকজন।

: গুছি যোৱা ল’ৰাটোক কিয় মিছাতে বদনাম দিব বিছাৰিছে? মোৰ মইনা গাঁওখনৰ ভিতৰতে ভাল ল’ৰা আছিল। সুধি আহক যাকে সোধে¸ কোনোবাই ভুলতো বেয়াকৈ কব পাৰে নেকি! যিকোনো পৰিস্থিতিৰ মুখামুখি হব পৰাকৈ সাহসী আছিল। সি আত্মহত্যা নকৰে। কৰিব নোৱাৰে। ছয়মাহ আগতে বিয়া কৰাইছিলো তাৰ। নিজৰ পচন্দতে বিয়াপাতি সুখী হৈ পৰিছিল। কোনো কাৰণতে অশান্তি¸ কাজিয়া আমাৰ পৰিয়ালত নাছিলেই।
- ঠোকাঠুকি হৈ পৰিছিল মানুহজনৰ মাতটো।

: বেয়া নাপাব। আমি ৰহস্য সন্ধানী। ৰহস্য উদ্ঘাটনৰ বাবে অপ্ৰিয় যেন লগা কথাও সুধিবলৈ বাধ্য হৈ যাও। 
- মানুহজন অলপ শান্ত হ’ল। উদাস দৃষ্টিৰে তেও বাহিৰলৈ চাই থাকিল। 

আৰু কি কম ভাবি পোৱা নাছিলো। বিশেষ একো আৰু এওলোকৰ পৰা জানিবলগা নাই। ভনীয়েকৰ মুখত নাম্বাৰটোৰ উচ্চাৰণে আৰু বেছিকৈহে পাজল লগাই দিছিল। আমি বিছাৰি বিছাৰি খবৰ কৰিছিলো সেইদিনটোত কোনো এখনত তীৰ খেলতে সেই নম্বৰটোও অহা নাছিল। সেই ফালৰ পৰা চাব গলে মটিভ’ টকাৰ বাবে মাৰ্ডাৰ হব যেন নালাগে। কিন্তু আত্মহত্যা? মগজুত যেন টুকুৰিয়াইহে দিলে কোনোবাই। যদি জুৱাত হাৰি আত্মহত্যা কৰিছে! সেই তথ্যতো ক’তো পোৱা নাযাব! ঘপহকৈ কথা এটা মনত পৰিল।

: হেৰি নহয় খুৰা¸ আপোনাৰ বোৱাৰীকো এবাৰ লগ পাব লাগিছিল। তেও মাকৰ ঘৰত থাকে চাগে ন!
- বোৱাৰী গৰাকীক নেদেখি ধৰি ললো মাকৰ ঘৰ থাকে বুলি। সচৰাচৰ খুউব কম বোৱাৰীয়েহে বৈধব্য যন্ত্ৰনা লৈ শহুৰৰ গিৰিয়েকৰ ঘৰত থাকিব পাৰে। তাতে বিয়াৰ ছমাহহে হৈছিল যেতিয়া কি ঠিক আকৌ বিয়াও হব পাৰে। অৱশ্যে ময়ো মনে-প্ৰাণে সেইটোৱে বিছাৰো। দুখতে জীৱনটো কটাই দিয়াতকৈ পাহৰিবলৈ চেষ্টা কৰি জীয়াই থকাজনে নতুনকৈ জীয়াই থাকিবলৈ চেষ্টা কৰা উচিত।

বহাৰ পৰা লাহেকৈ মানুহজন উঠিছিল। দৰ্জাখনৰ বাহিৰলৈ আঙুলিয়াই সেমেকা মাতেৰে তেও কৈ উঠিল
- সেয়া মোৰ বোৱাৰী। সেই দালিমজোপাৰ তলত।

হতবাক হৈ পৰিলো আমি। কি কৈছে মানুহজনে!

: তাৰ শ্ৰাদ্ধৰ দিনা ৰাতি তাই কৈছিল¸ ‘দেউতা¸ তেও মোক মাতি আছে চাগে। যদি মই কেতিয়াবা তেওৰ ওচৰলৈ গুচি যাও মোক ডালিমজোপাৰ তলতেই ৰাখিব। তাৰ পৰাই সদায় চাই থাকিম আপোনালোকক। আৰু সেইদিনা ৰাতিয়েই লিচুজোপাত …।’
নামি আহিব খোজা অবাধ্য চকুলোক বাধা দি মানুহজনে চকুদুটা মুদি আঙুলি দুটাৰে হেঁচি ধৰিছিল। আৰু কোনোফালে চাবলৈ মোৰ সাহস হোৱা নাছিল। তথাপি বুজিছিলো মানুহজনীয়েও চাগে উজাই আহিব খোজা দুখক ভেটা দি মুখত সোপা দি ধৰিছিল।

কাৰো মুখত মাত নাছিল। কাঁহ পৰি জীণ যোৱাৰ দৰে হৈছিল পৰিবেশটো। অলপ সময় পিছত যুবতী গৰাকী উঠিছিল। গোমা হৈ পৰিবেশটো অলপ পাতল কৰি কৈ উঠিছিল।

: অহ¸ বহুদেৰি হ’ল। দেখিছেনে আপোনালোকক চাহ একাপো দিয়া নাই।

তেতিয়াহে সম্বিত ঘুৰি আহিছিল আমাৰ। কথা পাতি গৈ থাকোতে কিমান সময় হৈ গৈছিল গম পোৱা নাছিলো। ঘড়ীটোলৈ চাই দেখিলো¸ চাৰি বাজি গৈছে। আকৌ এতিয়া ডিমাপুৰলৈ ঘুৰি যাব লাগিব। কিন্তু ইমান সময় কথা কোৱাৰ পিছত চাহ একাপৰ লোভে নালাগে বুলি কবলৈ মনটো হাক দিছিল।

: মোৰ মনে কৈছে¸ মইনাক কোনোবাই হত্যা কৰিছে। মই আপোনালোকক হাতযোৰ কৰিছো। তাৰ হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি দিয়ক। পইচা যি লাগে দিম।

অলপ আগুৱাই আহি হাতযোৰ কৰি মানুহজনে কৈ উঠিল। বেয়া লাগি গ’ল। উঠি গৈ মানুহজনৰ হাত দুখনত খামোচ মাৰি ধৰি নমাই দিলো।

: খুৰা¸ কি কৰিছে এইবোৰ। মাৰ্ডাৰ যদি হত্যাকাৰীক আমি বিচাৰি উলিয়ামেই। আমাক পইচাও একো নালাগে।
- মানুহজনক শান্তনা দিবলৈ কৈ উঠিছিলো। পাৰিম জানো হত্যাকাৰীক সচাকৈয়ে বিচাৰি উলিয়াবলৈ। যদিহে সচাকৈ হত্যাকাণ্ডই হয়! আহিছিলো নিজৰ মানসিক সমস্যাৰ সমাধান বিছাৰি। কিন্তু এতিয়া নিজেই বেছিকৈহে সোমাই গৈ আছো। ট্ৰেইনত লগ পোৱা সন্যাসীজনৰ কথাটো মনত পৰিছিল। তথাপি মনতে সংকল্প লৈছিলো ৰহস্য উদ্ঘাটন কৰিহে এৰিম।

অলপ পিছতে যুবতী গৰাকীয়ে অন্নপূৰ্ণা হৈ প্লেট ভৰাই চাহ লৈ আহিছিল। বোধহয় ককায়েকৰ মৃত্যুৰ ঘটনাটো হত্যা বুলি মানি লৈ অনুসন্ধান কৰিব অহা লৰা দুজনক প্ৰথম দিনাই শুদা মুখে পঠিয়াব খোজা নাছিল। দিপুল উচপিচাই উঠিছিল।চাহ খাই থাকোতে সি বাৰে-বাৰে হাতৰ ঘড়ীটোলৈ ইংগিত দি আছিল। পিছদিনা আকৌ অহাৰ প্ৰতিশ্ৰুতি দি ৰুমটোৰ ওলাই আহি দেখিলো বাহিৰত চাৰিজনমান ল’ৰা ৰৈ আছে। বয়সত আমাতকৈ সৰু। কিন্তু আটাইকেইজনেই ২২/২৩ ৰ ওচৰৰ। খুৰাকজনে চিনাকি কৰি দিলে এজন তেওৰ ল’ৰা আৰু বাকী তিনিজন ল’ৰাটোৰ বন্ধু। কাষলৈ আহিয়েই একপ্ৰকাৰ ল’ৰাকেইটাই আমাৰ জেৰা কৰা আৰম্ভ কৰি দিলে। ক’ৰ পৰা আহিছো¸ কিয় আহিছো আকৌ কব লগা হ’ল। এপাকত এজনে আমাৰ নথিপত্ৰ চাব খোজাত ভোটাৰ কাৰ্ড¸ আধাৰ কাৰ্ডৰ পৰা¸ ড্ৰাইভিং লাইচেঞ্চ সকলো দেখুৱালো। সিঁহতৰ মনত বিশ্বাস জন্মাবলৈকে এপাকত বেগদুটা খুলিও দেখুৱালো। কবতো নোৱাৰি। অচিন ঠাই।যদি দুয়োকে অান কিবা অপৰাধী সন্দেহত কোবাই মাৰে। এনেয়ে দিনকাল ভাল নহয়। 

ল’ৰা কেইজনে এইবাৰ আমাক বিশ্বাস কৰা যেন লাগিল। এজনে কলে-
: দাদা¸ আপোনালোকে ভাল কাম কৰিছে। মইনাদাৰ মাৰ্ডাৰৰক বিচাৰি উলিওৱাত যদি কিবা হেল্প লাগে কব। 

: ভাইটি¸ এই মূহুৰ্তত কিবাকৈ ডিমাপুৰলৈ যোৱাৰ ব্যৱস্থা এটা কৰি দিয়া। 
- সাহ পাই লাহেকৈ কৈ উঠিলো।

: ডিমাপুৰলৈ কিয় যাব? যিহেতু আপোনালোকে মইনাদাৰ বাবে এনকোৱাৰী কৰিব আহিছে¸ শেষ নোহোৱালৈকে ইয়াতে থাকিব।
- সিঁহতে নিজৰ মাজতে কথাপাতি কোনোবা এঘৰত আমাৰ থকাৰ ব্যৱস্থা কৰি দিলে। ভালেই পালো। অন্ত:ত কম সময়তে কাম শেষ কৰিব পাৰিম।
-----

ৰসেশ্বৰ কটকীৰ ঘৰৰ পিছফালৰ ঘৰটোতেই আমাৰ থকাৰ ব্যৱস্থা হ’ল। থকাৰ বাবদ একো দিব নালাগে। খোৱাৰ বাবেও নালাগে বুলিয়েই কৈছিল। কিন্তু এনেয়ে খালে বেয়া দেখি বাবে আমি জোৰকৈ খোৱাৰ বাবদ অলপ পইচা লবলৈ মান্তি হৈ গ’ল। সন্ধিয়ালৈ প্ৰায় চুবুৰীটোত একপ্ৰকাৰ জনাজাত হৈ গ’ল যে গুৱাহাটীৰ পৰা চাচপেক্ট মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেচনৰ বাবে মানুহ আহিছে। বহুতে আমাক পুলিচৰ মানুহ বুলিয়েই ভাবিলে। ভুলটো আমিও ভাঙি নিদিলো। কাৰণ দুজনমানে উপযাচি আমাক লগ কৰিবলৈ অহাত আমাৰ কাম সহজ হৈ হৈছিল। তথাপি মনত এতিয়াও অসন্তোসৰ ভাৱ এটা আছিল যে বিশেষ নম্বৰটোৰ বিষয়ে বিশেষ একো তথ্য পোৱা নাই।

আমাক নিজৰ ঘৰত থাকিবলৈ মতা ল’ৰাটোৰ নাম অমৃত। তিনিটা ভায়েক-ককায়েক আৰু মাক-দেউতাক।
ঘৰৰ মুৰ্গীৰে ৰাতিৰ সাঁজ খুৱাই কাষৰ ৰুম এটাত শোৱাৰ ব্যৱস্থা কৰি দিলে। 

ৰুমত সোমায়েই দৰ্জাখন বন্ধ কৰি দিলো। দিনটো মানুহবোৰৰ মাজত থকা বাবে একো প্লেনিং কৰিবপৰা নাছিলো। 

: তই কি ভাব দিপুল¸ মূল কথাটোৰ দেখোন একোৱেই সংশুত্ৰ পোৱা নাই।

: হুমম¸ তাকেইতো। কথাবোৰ বেছিহে পাকখোৱা হৈ গৈ আছে। কালি বোৱাৰীজনীৰ ঘৰত গৈ চাও ব’লচোন।

ময়ো তাকেই ভাবিছিলো। বোৱাৰীজনীৰ ঘৰৰ পৰাও একো সম্ভেদ নোলালে ইয়াত পোৱা মিছা। তথাপি নিৰাশ নহৈ কলো-
: তাকেই। ব’লচোন জ’ট ভাঙি গৈ থাকো। দেখা যাওক কি হয়। 

: হুমম। দে শো এতিয়া।
কোঠাৰ লাইটতো সি নুমাই দিলে।

------

মোৰ টোপনি অহা নাছিল। বিচনা সলালে এনেয়েও সহজে মোৰ টোপনি নাহে। কথাবোৰ ভাবি আছিলো। বোৱাৰীজনীৰ বাবেই আটাইতকৈ বেছি বেয়া লাগিছিল। 
দূৰত কৰবাত কুকুৰ কেইটামানে ভূকি আছিল। প্ৰশ্ৰাব কৰিবলৈ উঠি দিপুলক এবাৰ মাতিলো। টোপনিত সি লালকাল। হেচুকি জগাবলৈ বেয়া লাগিল। পিছফালৰ দৰ্জাখন খুলি ওলাই আহিলো।   অমৃতহঁতৰ বাৰীৰ পিছফালটোৰ কাষতে ৰসেশ্বৰ কটকীৰো পিছফাল। মাজতে মাথোন এখন বাহৰ বেৰ। উলটিব লওতেই দেখিলো ৰসেশ্বৰ কটকীৰ বাৰীৰ গছ এজোপাৰ তলত এটা বগা ছাঁ। ভালকৈ চাই দেখিলো ছাঁ নহয় সেয়া এক বগা কাপোৰ পৰিহিতা নাৰীহে। চাই থাকোতেই হঠাতে নাৰীগৰাকী অদৃশ্য হৈ গ’ল। লৰালৰিকৈ গুচি আহিলো। দিনত সুধিব লাগিব।


Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib