Now you can Subscribe using RSS

Submit your Email

Monday 27 April 2020

Thirty Nineঃ 7

Unknown
সপ্তম অংশ

ৰাতিপুৱা গা পা ধুই ওলোৱা আগতেই পৰমেশ্বৰ কটকীৰ খুৰাকৰ ল’ৰা নিতু আহি পালে। তাক কৈছিলো আজি পৰমেশ্বৰৰ শহুৰেকৰ ঘৰটো দেখুৱাই দিবলৈ। কোৱামতেই সি দুখন চাইকেল লৈ হাজিৰ। দিপুলক নতুন চাইকেলখন ডাবলিং কৰিবলৈ দি অলপ পুৰণি যেন লগা হিৰো চাইকেলখন মই ললো। সি মোলৈ পোন্দোৱাকৈ চালে। মিচিকিয়াই হাঁহি দিলো। ক্ষীন মিন নিতুক ডাবলিং কৰোতে নতুন বিএছএ চাইকেলখনেৰে দিপুলৰ বেছি কষ্ট নহয়।

: দাদা¸ মই নাযাও নেকি! এড্ৰেছটো আপোনালোকক দি দিও।
- দিপুলে পিছফালে উঠিবলৈ কোৱাত নিতুৱে থেৰোগেৰো কৰি উঠিল।

: কিয়? তুমি গলে আমাৰ সুবিধা হব। নহলে অচিনাকী ঠাইত বা আকৌ আমাক কি ভাবি লয়! দৰকাৰী কাম আছে যদি নালাগে বাৰু!
নিতুৱে আমাৰ লগত যাবলৈ হেহো-নেহো কৰা বাবে কৈ দিলো। তাৰ কিবা কাম থাকিবও পাৰে। অৱশ্যে নগলেও যে আমাৰ বৰ অসুবিধা হব তেনে নহয়। অচিনাকী কাৰোবাক যে এনেকৈ বিশ্বাস কৰি চাইকেল দুখন দিছে ¸ আমাৰ বাবে সেয়াই বহুত। 

: দাদা¸ তেনেকৈ কাম একো নাই। আচলতে বৌ ঢুকোৱাৰ পৰা সেইটো পৰিয়ালৰ লগত আমাৰ সম্পৰ্ক প্ৰায় নোহোৱাৰ দৰেই হৈছেগৈ।
- কও নকওকৈ নিতুৱে কলে।

: অ’কে¸ অসুুুবিধা পালে বাটত ৰৈ থাকিবা ব’লা। নগলে আমাৰ অসুবিধা হব। 
- এইবাৰ দিপুলে তাৰ কান্ধত হাতখন ৰাখিলে।

: কি ঠিক চাইকেল দুখন কিজানি আমি পলায়েই যাও। 
- নিজৰ কথাতেই ৰস পাই দিপুলে হো হোৱাই হাঁহি দিলে। মোৰো হাঁহি উঠিল। 
সলাজ হাঁহি এটা মাৰি নিতুৱে কৈ উঠিল¸ ‘ব’লক’।

ওৰে বাটছোৱা নিতুৱে পৰমৰ কথাই কৈ গৈছিল। পৰমৰ একো বেয়াগুণ নাছিল। প্ৰেমবিবাহ আছিল। ওচৰৰ গাঁওখনৰ ছোৱালী এজনীক দীৰ্ঘদিনৰ পৰা ভালপাই সকলোৰে সন্মতিত বিয়া কৰাইছিল। বাধা একোৱেই নাছিল। দিপুলে মাজে-মাজে সুধি গৈছিল। দুই এটা নিজৰ কথাও কৈ গৈছিল। কিন্তু সেইবোৰ কথা শুনি মই বৰ আগ্ৰহী হোৱা নাছিল। কালিৰে পৰা ইয়ালৈ অহাৰ পিছত আঁচৰিত ধৰণে নম্বৰটো এবাৰো কতো চকুত পৰা নাছিল। অথচ মনৰ অস্থিৰতা বাঢ়ি আহিছিল। দূৰ্গমগড়ত আমি একো বিশেষ পোৱা নাছিলো। এতিয়া তিক্ৰিপুৰাতো যদি একোৱেই নাপাও¸ কি হব! ওহো¸ বিচাৰি পাবই লাগিব। হয়তো আমি জনা নাই বিছাৰিব। মনটোক প্ৰবোধ দি মাথো চাইকেলৰ পেদেল মাৰিছিলো। দূৰ্গমগড়ৰ পৰা তিক্ৰিপুৰালৈ আধাঘন্টাৰ বাট। মাজতে দুখন গাঁও¸ টেঙাপাৰা আৰু বচুলহাট। সৰু নদী এটাৰ কাঠৰ পুৰণি ভঙা দলং এখন পাৰ হৈ আমি তিক্ৰিপুৰাৰ মাটিত ভৰি দিছিলো। এইফালৰ গাঁওবোৰ একেই। আমাৰ সিফালৰ গাঁওবোৰৰ তুলনাত অলপ বেছিকৈয়ে সেউজীয়া। কিন্তু ইয়াৰ মাটিত লুকাই থকা থাৰ্টি নাইনৰ ৰহস্য কিমান ভয়ংকৰ নহব বুলিনো কেনেকৈ ভাবো!

- দাদা¸ সৌটো ঘৰ। 
মোৰ ভাৱত যতি পেলাই হঠাতে নিতুৱে কৈ উঠিছিল। তাৰ দৃষ্টি অনুসৰণ কৰি দেখিলো দুয়োপাৰে শাৰী-শাৰী পাতবেহাৰ ফুলৰ  নঙলাটোৰ ভিতৰৰ ধুনীয়া সৰু ঘৰটো। কাষতে এটা কুঁহিয়াৰৰ ডাঙৰ বাৰী। বোধহয় তেওলোকৰে।

: দাদা¸ আপোনালোক যাওক।
অকমাণ দুৰত থকা কালভাৰ্ট এটাত বহিবলৈ যাবলৈ খুজি নিতুৱে আমাক কলে।

: ইমানখিনি আহিলা যেতিয়া¸ একো নহয় আহা।
শেষবাৰৰ বাবে চেষ্টা কৰি নিতুলৈ চালো। হয়তো তাৰ শক্তি নাছিল আমাৰ কথাক নেওচা দি কাৰ্লভাৰ্টটোত বহি থকাৰ। আকৌ এবাৰ জোৰ কৰিলেই হয়তো পৰমৰ স্বাৰ্থত কথা শুনিলেহেতেন। কিন্তু তাৰ আগতেই ক’ৰবাৰ পৰা ছোৱালী এজনী আহি তাক মাতিলে।

: নিতুদা¸ ক’ৰপৰা আহিলা?
: অ’ ৰিংকু¸ তোমালোকৰ ঘৰলৈকে আহিলো দাদাহঁতক লৈ।
হাঁহি মাৰি কলে নিতুৱে। 
প্ৰথমবাৰৰ বাবে ছোৱালীজনীয়ে এবাৰ আমাৰ মুখলৈ চাই কলে¸ ‘আহক’

আগে আগে ছোৱালীজনী জপনাখন খুলি নঙলাটোৰে সোমাল। পিছে-পিছে আমি। নিতুৰ মুখখন কেহেৰাজ বৰণীয়া হৈ পৰিছিল। কিন্তু বেছেৰাৰ এতিয়া উপাই নাছিল। গৃহস্থই দেখিলেই যেতিয়া কেনেকৈ বাটতে ৰয়! নিজৰ অৱস্থাটো লুকাই সুধিলে সি
: কৰবালৈ গৈছিলা?
: অ’ ৰুণাৰ ঘৰলৈ গৈছিলো। 
এবাৰ পিছলৈ চাই কলে তাই।

ঘৰ পোৱাৰ পিছত আমাক দ্ৰয়িং ৰুমত বহিবলৈ দি ভিতৰলৈ সোমাল ছোৱালীজনী। বোধহয় মাকক মাতিব গৈছে। নিতুৱে কৈছিল¸ ৰুবিৰ অৰ্থাৎ ৰসেশ্বৰ কটকীৰ বোৱাৰীজনীৰ দেউতাক নাই। দেউতাকে মিলিটেৰীত চাকৰি কৰিছিল। ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল। মাক আছে আৰু সৰু ভনীয়েক এজনী। দুজন খুৰাকৰ ডাঙৰজনে একেখন ছোতালতে বেলেগে খাই। সৰুটো খুৰাকে বিয়াপতা নাই। এতিয়া সেইজনেই ঘৰখন চলাই আছে। 

: অ’ নিতু আহিছা?
পৰ্দাখন ঠেলি বিধবা মানুহ এগৰাকী সোমাই আহিল। মানুহগৰাকীক সুখী হোৱা যেন নালাগিল। নিতুৱে মানুহগৰাকীলৈ চাই সেমেনা-সেমেনি কৰি মুৰ দুপিয়ালে। মানুহগৰাকীৰ পিছে পিছে অথনি দেখা ছোৱালীজনীয়ে নেমু চৰ্বত আনি আগত ৰাখিলে।
  
: খাওকচোন। 
সলাজ হাঁহি এটা মাৰি ছোৱালীজনীয়ে উঠি আকৌ তামোল-পানৰ বটাখনো আনি আগত ৰাখিলে। চাৰি কিলোমিটাৰ চাইকেলৰ পেদেল মাৰি মাৰি আমাৰ শৰীৰৰ ঘাম ওলাই গেঞ্জী তিতি গৈছিল। সেয়েহে সোমায়েই চৰ্বতখিনি পাই বৰ ভাল লাগিল। ইঁহতে নোলোৱাতে গিলাচটো লৈ ঘোটঘোটকৈ চৰ্বতখিনি মুখত ঢালি দিলো।

: এওলোকক চিনি পোৱা নাই?
- এইবাৰ নিতুলৈ চাই মানুহগৰাকীয়ে সুধিলে।

: নমস্কাৰ। মোৰ নাম পৰাণ কলিতা¸ এও দিপুল দাস। আমি গুৱাহাটীৰ পৰা আহিছো। আচলতে আমি প্ৰাইভেট ডিটেকটিভ। কেচ এটাৰ তদন্তত আহিছো।
- নিতুৱে কোৱাৰ আগতে থিয় হৈ মই আমাৰ চিনাকিটো দিলো। 

: ডিটেকটিভ??
হয়তো ডিটেকটিভ বুলি শুনিয়েই আচৰিত হৈ মানুহ গৰাকীয়ে আমালৈ চাই থাকিল।

: খুৰী¸ আচলতে পৰমেশ্বৰ কটকীৰ মৃত্যুৰ ঘটনাটো আমি তদন্ত কৰি আছো। সন্দেহ কৰিছো সেয়া চাগে¸ মাথো দুৰ্ঘটনা নাছিল। হত্যা নহলে আত্মহত্যা…

: মোৰ ছোৱালীজনী মৰাৰ পিছত মই সেইখন ঘৰৰ একো কথাই শুনিব নোখোজো। নিজৰ পুতেকটো মৰাৰ পিছত মোৰ ছোৱালীজনীকো সিঁহতে মাৰিলে। দিনে-ৰাতি কথা শুনাই শুনাই মৰিবলৈ বাধ্য কৰিলে। কি ঠিক মাৰিও থব পাৰে!
- মোৰ কথা শেষ হবলৈ নাপালেই। মোৰ মুখৰ কথা কাঢ়ি মানুহজনীয়ে কৈ উঠিল।

: আপুনি এতিয়াও ভুল বুজি আছে আমাক। বৰদেউতা¸ বৰমাই বৌক নিজৰ ছোৱালীৰ দৰে…।
- নিতুৰ কথা শেষ হবলে নিদিলে মানুহজনীয়ে। মোৰ মুখৰ পৰা কাঢ়ি কোৱাৰ দৰে এইবাৰ একপ্ৰকাৰ আটাহ পাৰি কৈ উঠিল
: থোৱাহে¸ নিজৰ ছোৱালীৰ দৰে ভবা বুলি কোৱা তোমালোকৰ ফাঁকিবোৰ এৰা। মনৰ দুখত আত্মহত্যা কৰা হলে তাই সেই মদাহীটোৰ শ্ৰাদ্ধৰ দিনটোলৈকে ৰখি থাকেনে! সম্পত্তিৰ ভাগ দিব লাগে বুলি কথাৰে জ্বলাই জ্বলাই তাইক মৰিবলৈ বাধ্য কৰালে!
- খঙত মানুহজনীয়ে ফোঁপাই উঠিছিল।

বুজিলো¸ জীয়েকৰ মৃত্যু মাকজনীয়ে সহজভাবে লবপৰা নাই। অৱশ্যে কোনো মাকেই নোৱাৰেও। কিন্তু মাকজনীয়ে লৈ থকা ঘৃণাৰ ভাবে মূহুৰ্তলৈ ভবাই তুলিলে। এনেকি মৃত জোৱায়েৰ প্ৰতিও মানুহজনীয়ে কটুক্তি কৰিবলৈ এৰা নাই। কোন সঁচা! কোন মিছা! মানুহজনীৰ অভিযোগ কেনেবাকৈ সঁচা হব পাৰে নেকি! কিন্তু কালি মানুহখিনিৰ লগত কথা পাতি দেখোন তেনে লগা নাই। অৱশ্যে এদিন কথা পাতিয়েই মানুহক জাজ কৰিব নোৱাৰি। এবাৰ নিতুলৈ চালো। সি অসহায় হৈ পৰিছে। তাৰ চকুত মাথো কাৰুণ্য¸ অথচ কোনোপধ্যেই মানুহজনীক বুজাব পৰাৰ ক্ষমতা তাৰ নাই। বুজিলো¸ সেই বাবেই সি পুৱা ইয়ালৈ আহিব খোজা নাছিল। ইয়ালৈ অহাৰ পিছতো ঘৰত সোমাব খোজা নাছিল। 

: মা¸ কি কৈ আছ? 
- বোধহয় অচিনাকী মানুহ দুজনৰ আগত মাকে খং কৰা দেখি ৰিংকু অপ্ৰস্তুত হৈ পৰিছিল। লাজ লাগিছিল নিশ্চয়। সেয়ে মাকৰ কাষলৈ আহি হেঁচুকি দিলে তাই।
মাকে খঙেৰে তাইলৈ চালে।
এইবাৰ সুবিধাটো পাই মই কৈ দিলো

: খুৰীদেউ¸ সেইবোৰ কথা বাদ দিয়ক।আমি আচলতে ৰুবি আৰু পৰমেশ্বৰৰ সম্পৰ্কটোৰ বিষয়ে অলপ কথা পাতিব খুজিছিলো।

: মই এতিয়া আৰু সেইবোৰ কথা মনত পেলাব ইচ্ছা নাই। আপোনালোক যাব পাৰে।
- আমাক চুড়ান্তভাবে অপমান কৰি এইবাৰ মানুহজনী ঘপহকৈ থিয় হ’ল।
দিপুলো আৰু নিতুও ঘপহকৈ থিয় হৈ গ’ল। দিপুলৰ চাগে খং উঠিছিল। অভদ্ৰামিৰো এটা সীমা থাকে। খঙতে সি কিবা কোৱাৰ আগতে তাক কবলৈ বাধা দি বহিবলৈ ইংগিত দিলো।
মই জানো কেনেকৈ হেণ্ডেল কৰিব লাগে। খঙ মোৰো অলপ নুহা নহয়। কিন্তু খং কৰিলেইতো কাম নিসিজে। জীয়েকক হেৰুৱাই শোকত বিধ্বস্ত হৈ হয়তো মানুহজনী অত্যাধিক খঙাল হৈ পৰিছে। হয়তো কিবা মানসিক ৰোগৰো চিকাৰ হৈ পৰিছে। অৱশেষত মই মোৰ শক্তিশেল পাট এৰিলো।

: চাওক¸ আমি এটা তদন্তত ইয়ালৈ আহিছো। যিখিনি অনুমান কৰিছো হত্যাকাণ্ড হোৱাৰে সম্ভাবনা বেছি। যদি আপোনালোকে তদন্তত সহায় নকৰে পিছলৈ পুলিচৰ হাতলৈ যাব। তাৰ পিছত নটিছ আহিব। আপুনি¸ আপোনাৰ ছোৱালী¸ বাকী মানুহবোৰ হয়তো কোৰ্টলৈও যাবলগা হব পাৰে।

- খুউব শান্তভাৱে লাহে-লাহে কথাকেইটা কৈ মানুহগৰাকীলৈ চালো। মোৰ বুধিয়ে কাম দিলে। মানুহ গৰাকীক অলপ দমি যোৱা যেন লাগিল। ভয়তে ছোৱালী জনীও নাৰ্ভাছ হৈ মুখখন শুকাই গ’ল।

: সোধক¸ কি জানিব খোজে।
- এইবাৰ শান্তভাবেই মানুহজনীয়ে কলে।

: কওকচোন¸ ৰুবিৰ লগত পৰমেশ্বৰৰ বিবাহ আপোনাৰ অসন্মতিত হৈছিল নেকি? একো কথা নুলুকুৱাব কিন্তু। নহলে অসুবিধা আপোনালোকৰে হব।
- মই পোনপটীয়াকৈ নুশুধি বেলেগকৈ সুধিব খুজিছিলো। কিন্তু মই কিবা সোধাৰ আগতেই ঘপহকৈ দিপুলে সুধি দিলে।

: নাই মোৰ একো অাপত্তি নাছিল। কলেজত পঢ়ি থকাৰ পৰা তাই তাক ভাল পাইছিল। সকলোৱে তাক ভাল বুলি কৈছিল¸ ঘৰখনো ভাল বুলিয়েই শুনিছিলো। কিন্তু …

: বিয়াৰ পিছত সিঁহতৰ সম্পৰ্কটো কেনেকুৱা আছিল?
- মানুহজনৰ মুখৰ পৰা কাঢ়ি সুধিলো মই।

: ভালেই আছিল। কোনোদিনেই বা আৰু ভিনদেউৰ কাজিয়া লগা নুশুনিলোৱেই। দুয়োটাই দুয়োটাকে বৰ ভাল পাইছিল।
- এইবাৰ মাকক কোৱাৰ আগতে ৰিংকুৱে কৈ উঠিল। মই তাইলৈ চালো। চকুযুৰিলৈ কিবা লুকোৱা যেন নালাগিল।

: অাচ্ছা খুড়ী¸ পৰমেশ্বৰৰ ঘৰৰ মানুহে কেতিয়াবা আপোনালোকক কিবা বেয়া ব্যৱহাৰ মানে অৱহেলা ধৰণৰ কিবা কৰিছিল নেকি?

: কৰিছিল¸ কৰিছিল। ছোৱালীজনীৰ মৰাৰ দিনা যাওতে ঘৰৰ পৰা খেদি এওৰ দেউতাকে খেদি দিছিল।
- এইবাৰ মানুহজনীয়ে নিতুলৈ আঙুলিয়াই দি উচুপি উঠিল।

দিপুল আৰু মই নিতুলৈ চালো।
নিৰ্দোষিতা প্ৰমাণ কৰিবৰ বাবে লাহে-লাহে কিন্তু তীক্ষ্ণ কণ্ঠেৰে কৈ উঠিল
: বৌৱে আত্মহত্যা কৰাৰ দিনা বাৰে-বাৰে পুলিচৰ আগতে চবে মিলি হত্যা কৰা বুলি কৈ আছিল। সম্পত্তিৰ বাবে মাৰি পেলোৱা বুলি চিঞৰি চিঞৰি গালি পাৰি অপবাদ দিছিল। অথচ বৌৱে স্পষ্টকৈ চুইছাইড নোটত কাকো দোষ নিদি সকলোৱে মৰম কৰিছিল বুলি লিখি একমাত্ৰ মইনাদাৰ শোকৰ বাবে সিদ্ধান্ত লোৱা বুলি লিখিছিল। মই ৰিংকুক দেখুৱাইছিলোও চিঠিখন। শোকত ভাঙি পৰা ঘৰখনক মিছাতে দোষ দিয়া বাবে দেউতাই খঙতে কিবাকিবি কৈছিল। 
- নিতুৱে ৰিংকুলৈ দেখুৱাই কৈ আছিল। ৰিংকুলৈ চালো¸ তাৰ মুৰ দুপিয়ালে। মানে হয়¸ তাই দেখিছিল চিঠিখন। তাইৰ চকুত দুটোপাল পানী। হয়তো তাইৰো বেয়া দিনবোৰ মনত পৰি চকুলো ওলাইছিল। নিজৰ চকুদুটা মোহাৰি তাই এইবাৰ মাকৰ চকুপানীখিনিও মচি দিলে।

বুজিলো¸ সেইবোৰ খঙতে চব খঙতে কোৱা কথাই আছিল। মানুহজনীয়েহে ধৰি থাকিলে হয়তো। মানুহজনীলৈ চালো¸ ৰঙাপৰা চকুহালেৰে উদাস দৃষ্টিৰে বাহিৰলৈ চাই আছে। মোৰো বেয়া লাগিছিল। অকমাণ কথাতে মোৰো চকু চলচলীয়া হয়। কিন্তু এতিয়া ইনভেষ্টিগেচনত আহিছো। পাহৰি লোকৰ দুখত দুখী হোৱা সময় নহয়।

: এতিয়া আপোনালোকক আচল কথাটো কও। অনুগ্ৰহ কৰি ধৈৰ্য্য ধৰি শুনিব। আপোনালোকে চাগে মন কৰা নাই¸ প্ৰায় দূবছৰ পিছত কিয় আমি এই ডেথ ইনচিডেন্টটো ইনভেষ্টিগেট কৰিবলৈ ল’লো। অথচ ইমানদিনেতো এয়া সাধাৰণ ইনচিডেন্ট বুলিয়েই ভাবিছিল। হঠাতে এনে প্ৰমাণ পালো যাৰবাবে ইয়ালৈকে দৌৰি আহিবলগা হল নহয়জানো!
- কথাখিনি কৈ নাটকীয় ভংগীত মানুহদুজনীৰ মুখলৈ চালো। এই প্ৰথমবাৰৰ বাবে মানুহ দুজনীৰ মুখত প্ৰশ্নবোধক চিন দেখা পালো। ইমানদেৰি শোকতে দুয়োজনীয়ে পাহৰিয়েই পেলাইছিল হয়তো আমি অহাৰ গুড়াৰ্থ।

: ইয়াৰ মেইন কাৰণটো হৈছে পৰমেশ্বৰৰ আত্মাটোৱে এতিয়াও মুক্তি পোৱা নাই। হয়তো আপোনালোকে বিশ্বাস নকৰিব পাৰে¸ যোৱা দূবছৰে পৰমেশ্বৰৰ আত্মাটোৱে সেই ফ্ল’ৰটোতে কোনো মানুহকে সোমাব দিয়া নাই । এনেকি আমাক এনে এটা প্ৰমাণ দিছে যাৰ বাবে আমি প্ৰায় নিশ্চিত হৈছো যে এয়া হত্যাকাণ্ডই হয়।

: প্ৰমাণ? কি প্ৰমাণ?
- এইবাৰ একেমুখেই দুয়োজনী মানুহেই সুধিলে।

: এটা মেজিক নাম্বাৰ। আনকি এই নম্বৰটোৰ কথা ৰুবি আগত পৰমেশ্বৰে কৈছিল বুলিও আমিও খবৰ পাইছিলো। 
নম্বৰটো হ’ল ৩৯

বেছি সময় আশ্বৰ্য্যত নাৰাখি মানুহ দুজনীক দিপুলে সমগ্ৰ ঘটনাক্ৰম বিবৰি কলে¸ কিদৰে আত্মাটোৱে মানুহবোৰক জ্বলাকলা খুৱাইছে। কিদৰে মুক্তিৰ বাবে ৰহস্যভেদ খোলাৰ দৰকাৰ। আশ্বৰ্য্যত দুয়োজনী মানুহৰ চকু বহল হৈ পৰিল।
বহু সময় কাৰো মুখত মাত নোহোৱা হ’ল। সকলোখিনি কোৱাৰ হোৱাৰ পিছত আমাৰ কবলৈ একো নাছিল। মাথো কামনা কৰিছিলো¸ কিবা প্ৰকাৰে হলেও যেন শুংশুত্ৰ পাও। সেই আশাৰে মই তীক্ষ্ণ দৃষ্টিৰে দুয়োজনী মানুহৰ চকুলৈ চাই থাকিলো।

: থাৰ্টি নাইন…থাৰ্টি নাইন…।
বহু দেৰিৰ পিছত ৰিংকুৱে স্বগতোক্তি কৰাৰ দৰে দুবাৰমান মাতি কৈ উঠিল¸ ‘ক’ৰবাত শুনা যেন লাগিছে।’
 
: ক’ত? ক’ত শুনিছে?
- দিপুল আৰু মই একেমুখেই সুধিলো। অকস্মাতে আমাৰ মুখ দুখন উজ্জল হৈ পৰিছিল। প্ৰথমবাৰৰ বাবে আন্ধাৰৰ মাজতে পোহৰৰ ৰেঙনি দেখা যেন লাগিল।

: বহুদিন আগতে সৰু খুৰাই উপন্যাস এখন লিখিছিল। চাগে সেইখনৰে নামটো থাৰ্টি নাইন ৰাখিছিল। হঠাতে এদিন সেইখনৰ পাণ্ডুলিপিটো হেৰাই গৈছিল। এসপ্তাহমানলৈ খুৰাই মন মাৰি ভাত নোখোৱাকৈ আছিল বাবে কথাটো মনত থাকি গ’ল।
- পুৰণি কথাবোৰ মনত পেলাই পেলাই ৰিংকুৱে কৈ আছিল।
: কিন্তু এইটো কথাৰ লগত তাৰ সম্পৰ্ক থাকিব?
- দুয়োটা কথাৰ মাজত একো যোগসুত্ৰ স্থাপন কৰিব নোৱাৰি নিজকে নিজে সোধাৰ দৰে সুধিলে তাই। কিন্তু তাইক সেই প্ৰশ্নৰ উত্তৰ দিলো মই

: সেইটো এতিয়া কব নোৱাৰিম। কিন্তু সেই পাণ্ডুলিপি খুউব দৰকাৰ এতিয়া। আমি জানিব লাগিব তাত কি আছিল।

বহাৰ পৰা থিয় হৈছিলো মই। দিপুলো থিয় হৈছিল। হয়তো মোক দেখি নতুবা সিয়ো মোৰ দৰে অত্যুৎসাহী হৈ পৰিছিল।
অমাবশ্যা এন্ধাৰ হৈ থকা কোঠা এটাত হঠাতে কোনোবাই মম এদাল জ্বলাই দিলে যি অনুভৱ হয়¸ ঠিকে তেনেকুৱাই লাগিল মোৰ। ঠিকেই অনুমান কৰিছিলো ৰহস্য ইয়াতেই খুলিব।

: সৰু খুৰাই কি লিখিছিল মই নাজানো। কোনোদিনেই তেওক সোধাও নাছিলো। সঁচা কব গলে টেক্সট বুকৰ বাদে বাহিৰা কিতাপ পঢ়াত মোৰ সৰুৰে পৰাই একদম ৰাপ নাছিল। বাৰ আছিল¸ তাই বহুত বাহিৰা কিতাপ পঢ়িছিল। সুবিধা পালেই কিতাপ কিনিছিল¸ এনেকি লোকৰ ঘৰত নপঢ়া কিতাপ দেখিলেও খুজি আনি পঢ়িছিল।

খুৰাকৰ পাণ্ডুলিপিখনৰ প্ৰতি আগ্ৰহী হৈ পৰা দেখি হয়তো ৰিংকু অলপ আচৰিত হৈছিল। তাইৰ উত্তৰটোৱে মোৰ খং তুলিছিল। অন্য সময়ত হোৱা হলে পাঠ্যপুথি বাদ দি দি আন কিতাপ নপঢ়ো বুলি কলে ব্ৰেইনৱাছ হৈ যোৱাকৈ মোৰ ষ্টাইলত ফ্ৰী জ্ঞান অলপ দি দিলোহৈ। কিন্তু এতিয়া সময়টোও সঠিক নহয় আৰু ইচ্ছাও নাই। এইবাৰ মাকজনীলৈ চালো

: খুৰীদেউ¸ আপুনিও একো নাজানে নেকি?

: তিনিবছৰমান আগতে সৰু বাপুৰ টান অসুখ হৈছিল। টাইফয়ড জ্বৰ হৈ মৰা মানুহ ভাল হৈছিল। তাৰ পিছতেই সি ৰুমত সোমাই কিবা-কিবি লিখিছিল। কাকো সোমাব দিয়া নাছিল ৰুমত। এদিন সুধিছিলো¸ কৈছিল ‘বৌ মৰাৰ আগতে কথাবোৰ লিখি থৈ যাও।’ মই গালি পাৰিছিলো¸ ‘কিনো অমংগলীয়া কথাবোৰ কৈ থাক!’ 

: এক ছেকেণ্ড এক ছেকেণ্ড ৰব খুৰীদেউ। মানে তেখেতে লিখা উপন্যাসখনত সঁচা কথাই লিখিছিল!

ইয়াহু। হাতখন মুঠি মাৰি ধৰি এবাৰ চিঞৰি দিয়াৰ মন গৈছিল। ফিফ্টি পাৰছেন্ট কেচ চ’ল্ভ। এতিয়া পাণ্ডুলিপিটো বিচাৰি পালেই যে সকলো ৰহস্য ওলাই পৰিব মই এশ শতাংশই নিশ্চিত। দিপুললৈ চালো¸ তাৰ চকু দুটাও উজলি উঠিছিল। মাতিলো তাক ‘দিপুুল’।
সি বুজিলে। 

: আচ্ছা¸ খুৰাই পাণ্ডুলিপিখন কাৰোবাক দেখুৱাইছিল নেকি? মানে প্ৰকাশৰ বাবে।
- ৰিংকুলৈ আৰু মাকজনীলৈ এবাৰ চাই সুধিলে দিপুলে।

: নাই। তেনে একো কথাই আমি গম নাপাও।
- একেলগেই এইবাৰ দুয়োজনীয়ে কৈ উঠিল।

: খুৰা¸ কেতিয়া মানে আহিব?
- ইমান সময়ে মানুহজনৰ উপস্থিতি নেদেখি গম পাইছিলো যে মানুহজন ঘৰত নাই। পাণ্ডুলিপিখনৰ অবিহনে মানুহজন আমাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰিছে। 

: অ’ খুৰাৰ দেৰি হব। স্কুল চুটীৰ পিছতহে আহে। তিনিমান বাজিব।
- দেৱালত ওলোমাই ৰখা ঘড়ীটোলৈ এবাৰ চাই ৰিংকুৱে কলে। ময়ো ঘড়ীটোলৈ চালো 
এঘাৰটা বিশ। আৰু বহু সময় বাকী আছে। 

: নহয় আজি সোণকালে অাহিব। 
- ৰিংকুৰ মাকে ৰিংকুৰ মুখলৈ চাই কলে।
সামান্য লজ্জিত হোৱা যেন হ’ল তাই। কলে
: অ’ পাহৰিছিলোৱেই¸ আজি হাফ ক্লাছ হব যে¸ দুটামানতে আহিব। অৱশ্যে ফোন কৰিলে আহিব এতিয়া।
- এবাৰ মোৰ মুখলৈ¸ এবাৰ দিপুলৰ মুখলৈ সঁহাৰিৰ আশাৰে চালে তাই।

: অ’ মাতি দিয়ক।
- ঘপহকৈ দিপুলে কৈ উঠাত ৰিংকুৱে ফোনটো আনিবলৈ ভিতৰলৈ যাব ওলাল।

: নালাগে ফোন কৰিব।
- ৰিংকু ৰৈ গ’ল। দিপুলে মোৰ মুখলৈ চালে¸ ‘কিয়’ তাৰ চকুত প্ৰশ্নবোধক।

: বাহিৰত থকা মানুহটোক মিছাতে টেনচন দিব নালাগে। তাৰোপৰি কথাবোৰ লিক কৰাব আমি খোজা নাই। 
- হঠাতে কথা এটা খেলালে মনত। দ্ৰয়িং ৰুমত বহি বহি মানুহজনলৈ অপেক্ষা কৰি থকাতকৈ এবাৰ তেওৰ কোঠাটো নাচাও কিয়? কি ঠিক¸ কিজানি সুত্ৰ পাওৱেই। 
: দিপুল¸ এবাৰ তেখেতৰ কোঠাতো আমি চোৱা ভাল হব নেকি? 
- এবাৰ দিপুললৈ চাই মানুহ দুজনীলৈ চালো।

: ঠিকেই কৈছ। এবাৰ চোৱাটো ভাল। 
- দিপুল বহাৰ পৰা উঠিলেই। মানুহ দুজনীয়ে অলপ থেৰোগেৰো কৰিছিল। কিন্তু গুৱাহাটীৰ পৰা তদন্ত কৰিবলৈ অহা ডিটেকটিভ দুজনক পোনতেই মানা কৰিবলৈ বোধহয় অসুবিধা পাইছিল। সেয়েহে ৰিংকুৰ মাকে আমাক একো কব নোৱাৰি ৰিংকুক কৈ উঠিল।

: বস্তুবোৰ ওলট-পালট নকৰিবি। খুৰাৰে বেয়াপায়।

ৰিংকুক লগাই কলেও মই বুজিলো যে কথাটো আমাকে কোৱা হৈছে। 
: চিন্তা নকৰিব¸ একো বস্তুৱেই স্থানান্তৰ নকৰো।

মোৰ প্ৰতিক্ৰিয়া মানুহজনীয়ে কি দৰে ললে নাজানো। কাৰণ মানুহজনীয়ে উদাস দৃষ্টিৰে আনফালে চাই থাকিল।

-----
আমিও দীঘল বাৰাণ্ডাখন পাৰহৈ একোণৰ কোঠাটোত সোমালো। দ্ৰয়িং ৰুমটোত অকলে মানুহজনীৰ লগত বহি থাকিবলৈ বেয়া পায়েই হওক বা কৌতুহলৰ বাবেই হওক নিতুৱে আমাৰ পিছে-পিছে আহি কোঠাটোত সোমাল। মই বুজিছিলো¸ গোটেই কাৰবাৰবোৰ অকল তাৰ বাবেই  সাঁথৰ নাছিল। আছিল মানুহ দুজনীৰ বাবেও। 

কোঠাটোৰ ভিতৰত এখন বিচনা¸ এখন টেবুল। আলনা এখনত দুটামান চাৰ্ট আৰু পেন্ট আছিল। সেউজীয়া পাৰিৰ গামোচা 
এখন ধুনীয়াকৈ জাপি পেন্ট দুটাৰ লগতে থোৱা আছিল। সৰু কাঠৰ ৰেক এখনত শাৰী শাৰী বহু পুৰণি কিতাপ। টেবুলখন লেখা নেলেখা কাগজ কেইখিলামান আৰু দুখনমান কিতাপ। বোধহয় স্কুলৰ পাঠ্যপুথি। কলমদানিটোত কেইবাটাও কলম। মই নিশ্চিত¸ ইয়াৰে চাগে কেইবাটাও কলমৰ ৰিফিল শেষ হৈ নিলিখা হৈ গৈছিল। তথাপিও পেলাই নিদি মানুহজনে ৰাখি থৈ দিছিল। মুগ্ধ হৈ গলো।
মানুহজনৰ সৌন্দৰ্য্যবোধ দেখিছো আমাতকৈয়ো বেছি। 
দিপুলৰ নিৰ্দেশত ৰিংকুৱে কিতাপবোৰ এখন এখনকৈ চাইছিল। টেবুলৰ ওপৰত থকা কাগজ কেইখিলাৰ কথা পঢ়ি মহৎ লোকৰ বাণী কিছুমানহে সংগ্ৰহ কৰি লিপিবদ্ধ কৰা যেন লাগিছিল। অথচ তাত বক্তাৰ নাম মেনচন কৰি ৰখা হোৱা নাছিল। নাপালো¸ ৰুমটোৰ ভিতৰত আমাৰ সুবিধা হোৱাকৈ একোৱেই সূত্ৰ একোৱেই নাই।

:  হব দিয়ক। একো নাই ইয়াত।
- আকৌ দ্ৰয়িং ৰুমলৈ ঘুৰি আহিলো। মানুহজনী এতিয়াও দ্ৰয়িং ৰুমতে বহি আছিল।ৰুমটোৰ ভিতৰত চাই থাকোতে বহুসময় পাৰ হৈ গৈছিল। আমি উভতি অহা বুলি গম পায়ো মানুহজনী বহাৰ পৰা নুঠিল¸ উভতিয়ো নাচালো। 

: মা
- হয়তো এনেয়ে ৰিংকুৱে মাকক মাতিলে।
এইবাৰ মানুহজনীয়ে ঘুৰি চালে। আমালৈ চাই কলে-
: কিবা পালে?

একো কব নোৱাৰিলো। মাথো মুক দৰ্শক হৈ চাই ৰলো তেওৰ ফালে। 
- প্ৰথমবাৰৰ বাবে মানুহজনীয়ে 
 মানুহজনীৰ দুয়ো গালেৰে চকুপানী বৈ আহিছিল। চাগে অবাঞ্চিতভাবে আমি আহি মানুহজনীৰ মনৰ দূৰ্বলতম অংশত আঘাট কৰিছিলো। হঠাতে নিজকে দোষী দোষী যেন লাগি গ’ল মোৰ।

হয়তো ৰিংকুৱে মুৰ জোকাৰিছিল। মানুহজনীয়ে বুজিলে। 

: বহক¸ মই চাহ কৰোগৈ।
বহাৰ পৰা উঠি মানুহজনীয়ে প্ৰথমবাৰৰ বাবে মমতাময়ী মাতৃৰ দৃষ্টিৰ আমালৈ চালে।

আৰু চাই থাকিব নোৱাৰিলো। মানুহজনীৰ সমুখলৈ গৈ হাতযোৰ কৰি কলো
: হয়তো অবাঞ্চিত ভাবে আপোনাৰ ঘৰলৈ হঠাতে আহি আমি আপোনালোকৰ বেয়া স্মৃতিৰ দাগটো খুচৰি দিলো। কিন্তু হয়তো কাৰোবাক ন্যায় দিবলৈ আৰু কাৰোবাৰ জীৱনৰ বাবে আমি বাধ্য হৈছো। বেয়া নাপাব।

: বুজিছো। এয়া আপোনালোকে নিজৰ কাম কৰিছে। এজনীক হেৰুৱাইছো। এতিয়া এইজনীক ঝামেলাৰ মাজলৈ বেছি নাটানিলেই ভালপাম।
- সেমেকা হাঁহি এটা মাৰি মানুহজনী ভিতৰলৈ সোমাই গ’ল।

মোৰ আবেগিক হৈ পৰা দেখি চাগে মূহুৰ্তৰ বাবে দিপুল আচৰিত হৈ গৈছিল। ‘কি কৰিছ?’ তাক চকুৱে যেন তাকেই কৈছে। এতিয়া ডিটেকটিভ হৈ তদন্ত কৰিলেও আমিও মানুহহে। লোকৰ দুখত কেনেকৈ সান্তনাৰ বাণী এষাৰ নুশুনোৱাকৈ থাকিব পাৰো! 

এতিয়াও এঘন্টাৰো বেছি সময় বাকী। কেনেকৈ সময় পাৰ কৰা যায়! ফেচবুক খুলিবলৈ গৈ দেখো নেটৱৰ্ক ইজিহৈ আছে। চাগে ভালকৈ ইয়াত জিঅ’ৰ নেটৱৰ্কৰ নাপায়। চিম টুত নেটৱৰ্কটো সলাই দেখো ভোদাফোনৰ অৱস্থা জিঅ’তকৈয়ো বেয়া। ছে:

: তোৰ ফোনত নেট আছেনে?
: নাই অ’ এয়াৰটেলত ইজি থ্ৰীজী অহা যোৱা কৰি আছে দেখোন।
- নিজৰ মোবাইলটোলৈ চালে দিপুলে।

কি কৰো এতিয়া! এনেয়ে বহি অপেক্ষা কৰাটো অতি বিৰক্তিকৰ। ৰিংকুলৈ চালো¸ শ্বকেচটোৰ কাষতে ৰৈ উদাস দৃষ্টিৰে বাহিৰলৈ চাই আছিল। তাইৰ মনৰ অৱস্থাটো বুজিলো¸ ৰুমটোত থাকিবলৈ তাই মানসিকভাবে প্ৰস্তুত হৈ থকা নাই অথচ আমাক অকলে এৰি ভিতৰলৈ যাবলৈও ভালপোৱা নাই। 

: ফটো এলবাম আছে নেকি? 
- পৰিবেশটো অলপ পাতল কৰিবলৈয়ে ৰিংকুক কলো। তাই যেন ভালেই পালে।
: আনিছো ৰব

: কি কৰ?
- আচৰিত হৈ দিপুলে মোলৈ চালে।
: টাইম পাছ। 
হাঁহি দিলো মই।

-----

ৰিংকুৰ খুৰাক স্কুলৰ পৰা অহালৈ আড়ৈ বাজি গৈছিল। আমনি লাগিছিল। তথাপিও কৰ্মৰ তাগিদাত আমি অপেক্ষা কৰি আছিলো। পেটে কলমলাইছিল উঠিছিল। সেই ৰাতিপুৱা ৰুটি চাহ খাই আহি বাৰ বজাত ভূজিয়া বিস্কুটেৰে চাহ খালে আড়ৈ বজালৈ ভোক লগাই স্বাভাবিক। কিন্তু সেই ভোকৰ জ্বালা যে আমাতকৈ নিতুৰ বাবে বেছি তীব্ৰতৰ হৈ উঠিছিল তাৰ মুখ চায়েই বুজিব পাৰিছিলো। বাৰে বাৰে সি ৰিংকুক খুজি পানী খাই আছিল। আমাৰ বাবে গৃহস্থ মানুহ দুজনীও ভাত খাবলৈ উঠি যাব পৰা নাছিল।

: কোন আহিছে বৌ?
বাৰাণ্ডাত চাইকেলখন আওজাই মানুহ এজন সোমাই আহিছিল! অপৰিপাটি দাড়ি-চুলিৰে হাফ চাৰ্ট পৰিহিত মানুহজনক প্ৰথম দেখাতেই খেয়ালী মনৰ যেন লাগিল। কাৰণ¸ ৰুমত সোমোৱাৰ আগতেই মানুহজনে কাৰোবাক কোৱা শুনিছিলো¸ ‘তাতে কি হ’ল! মোৰ ৰুমত কিয় সোমাব।’

বোধহয় বৌৱেক বা ভতিজীয়েক কোনোবা এজনীয়ে বাটতে সকলো সংবাদ দিছিল। কি ঠিক¸ মানা কৰিলেও চাগে ফোনটো সকলো জনাইছিল। 

: নমস্কাৰ¸ আমি গুৱাহাটীৰ পৰা আহিছো।
- পৰিচয় দি কথাবোৰ আকৌ নতুনকৈ আৰম্ভ কৰিব লগা হৈছিল আমি। মানুহজনে অবিশ্বাসৰ দৃষ্টিৰে চাই ৰৈছিল।

ৰিংকু আৰু ৰুবিৰ সৰু খুৰাক ৰমনী সেনাপতি মানুহজন গাঁওৰে ভেঞ্চাৰ হাইস্কুলখনৰ শিক্ষক। বয়স ৫৫ ওচৰা-ওচৰি। পকা দাড়ি-চুলিৰে মানুহজনক বয়সতকৈ বহু বেছি বয়সীয়াল যেন লাগিছে। মানুহজন অবিবাহিত। নিতুৱে কৈছিল¸ প্ৰেমৰ সংঘাটতেই চাগে মানুহজন অবিয়ৈ হৈ ৰ’ল। বিস্ময়ত আমালৈ চাই থকা মানুহজনে জানে গম পাইছে এই মূহুৰ্তত তেৱো আমাৰ বাবে কৌতুহলৰ কাৰণ হৈ পৰিছে। 

: হৈ যোৱা কথাবোৰ খুচৰি কি লাভ কওক! যোৱা দুজনটো আৰু ঘূৰি নাহে। পুৰণি কথাটোবোৰ মনত পেলোৱা মানেই আকৌ যন্ত্ৰনা!
- অলপদেৰিৰ পিছত কলে মানুহজনে। বিৰক্ত হৈ পৰা যেন লাগিছিল তেওক।

: কিন্তু আপোনাৰ জানো জানিবৰ মন নাযায় কি কাৰণত দুটা জীৱন অকালতে হেৰাই গ’ল। যদি কিবা অন্যায় সচাকৈয়ে হৈছিল¸ আপুনি জানো নিবিচাৰিব যে ন্যায় পাওক। 

: কি ন্যায়-অন্যায়ৰ কথা কবলৈ আহিছেহে। মানুহ মৰাৰ দূবছৰৰ পিছত এদিন হঠাতে অচিনাকী কোনোবা আহি ভৌতিক কৰ্মকাণ্ডৰ কথা কব আৰু মই বিশ্বাস কৰিম।
- প্ৰায় জকজকাই উঠিল মানুহজন।

: হয় বিশ্বাস কৰিব লাগিব। কাৰণ ইয়াত আমাৰ একো স্বাৰ্থ নাই। ভূত¸ আত্মা আগতে আমিও বিশ্বাস নকৰিছিলো¸ কিন্তু  প্ৰমাণ পালো যেতিয়া কিয় নকৰিম।
: একেই উচ্চস্বৰত দিপুলে কৈ উঠিল। 
মানুহজনে খঙেৰে তালৈ চালে। যেন চকুৰে ভস্মহে কৰি পেলাব। আৰম্ভনিৰে পৰা তেও এনেকুৱা ব্যৱহাৰ কৰিছে যেন অনিমন্ত্ৰিতভাবে প্ৰবেশ কৰি আমি সাংঘাটিক অপৰাধ কৰিছো।
বুজিলো¸ এনেকৈ এওক বশ কৰিব পৰা নাযাব। এইবাৰ শক্তিশেল এৰি দিলো মই

: ৰুবি কি আপোনাৰ নিজৰ ছোৱালী নহয় বাবেই তাই গিৰিয়েকৰ মৃত্যুৰ ৰহস্যটো চ’ল্ভ কৰিবলৈ আপুনি আমাক সহযোগ নকৰে?

এইপালি ঔষধে কাম দিলে। চকখোৱাৰ দৰে মোলৈ চাই থাকি মানুহজন এইবাৰ বহাৰ পৰা উঠিল। দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে আৰু ৰুমটোৰ ভিতৰতে পায়চাৰি কৰি থাকিল।

: কিন্তু আপোনালোকে কেনেকৈ নিশ্চিত হৈছে যে সেই সুত্ৰটো মোৰ পাণ্ডুলিপিটোৱেই?
- হঠাতে আমাৰ সমুখতে বহি সুধিলে মানুহজনে।

ধুনীয়া প্ৰশ্ন কৰিছিল মানুহজনে। এই প্ৰশ্নটো বহুবাৰ ময়ো নিজকে নিজে কৰিছো। বহুবাৰ চালিজাৰি চাইছো। উত্তৰটো মুৰ মুখতে আছিল। কবলৈ খোজাৰ মূহুৰ্ততে দিপুলে কৈ দিলে।

: কাৰণ আমি সকলো সুত্ৰ ভালকৈ চালিজাৰি চাইছো। না সেইটো এমাউন্টৰ টকা কাৰোবাৰ পৰা পাব আছিল¸ না কাৰোবাক দিব আছিল¸ না এইটো লটাৰীৰ নম্বৰ আছিল¸ না গাড়ীৰ নম্বৰ¸ না ঘৰৰ নম্বৰ¸ না পোষ্ট বক্সৰ নম্বৰ। আৰু আনটো সুত্ৰ কি জানে¸ আপোনাৰ ভতিজীৰ সতে এই নম্বৰটোৰ বিষয়ে কিবা 
কথা কথা পাতিছিল পৰমেশ্বৰে।
- পৰম আশ্বৰ্য্যৰে ৰমনী সেনাপতিয়ে চাই ৰ’ল আমাৰ মুখলৈ।

আচৰিত আমিও হৈছিলো। কেনেকৈ সামান্য পাণ্ডুলিপি কেনেকৈ এটা মৃত্যুৰ ঘটনাৰ লগত সংযুক্ত হব পাৰে!

: আচ্ছা¸ আপোনাৰ পাণ্ডুলিপিটো কোনে নিছিল গম পাইছিল নেকি?
- মানুহজনক সুধিলো।

: ওহো¸ কাকোৱেই সন্দেহ নকৰো। সকলোৱে বিশ্বাসী। 
- উত্তৰটো যেন মুখতেই আছিল তেওৰ। টপৰাই কলে তেও।

: তথাপিও কাৰোবাকতো আপুনি সন্দেহ কৰিব ন? পাণ্ডুলিপিখনৰতো আৰু হাত-ভৰি নাই নিজে নিজে হেৰাই যাবলৈ।
- গভীৰ প্ৰত্যয়েৰে ভৰা মানুহজনৰ ধাৰণাতো ভুল বুলি প্ৰমাণ কৰিবলৈ যাওতে সামান্য শ্লেষ মিহলি হৈ পৰিল দিপুলৰ কথাষাৰ। সামান্য আহত হোৱা যেন লাগিল মানুহজনক। সামান্য খঙৰ ৰেশ যেন চকুত ফুটি উঠিল দিপুলৰ প্ৰতি।

: কাক অবিশ্বাস কৰিম কওক? সকলো আপোন মানুহ¸ ভতিজা¸ বৌ¸ দাদা¸ কেতিয়াবা ওচৰৰ দুই এজন বন্ধু আহিছিল খুউব বিশ্বাসী। কি কৰিব ইঁহতে নি? কিয়েইবা কৰিব?
- অলপ উচ্চস্বৰত কৈ উঠিছিল তেও। যেন তেওৰ ইমান দিনৰ ক্ষোভটোৱে হঠাতে উক দিছিল।

: অ’কে¸ আপোনাৰ পাণ্ডুলিপিটো চাগে ঘৰৰ পৰাই হেৰাইছিল নহয়জানো? কাকোতো আপুনি প্ৰকাশৰ বাবে দেখুৱা নাছিল চাগে?
- নিশ্চিত হবলৈ সুধিলো। তেও মুৰ দুপিয়ালে। মানে হয়¸ ভিতৰৰ পৰাই হেৰাইছিল। আকৌ সুধিলো
: কেতিয়া হেৰাইছিল?

: ওহো¸ সঠিককৈ কব নোৱাৰিম। পাণ্ডুলিপিটোৰ সমাপ্তি অংশটো লিখা হোৱা নাছিল। বিচনাৰ তুলীৰ তলতে সেইটো থৈ দিছিলো। কেইদিনমান পিছত চাওতে আৰু ক’তো নাপালো।
- মনত পেলাবলৈ চেষ্টা কৰি মানুহজনে কলে।

কথাবোৰ কিবা অখজা অখজা লাগিছিল মোৰ। সাধাৰণ পাণ্ডুলিপি এটা কিদৰে মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে।   পাণ্ডুলিপি এটাৰ বাবে কোনোবাই কাৰোবাক কিয় হত্যা কৰিব! নাটক লিখিবৰ বাবে! ওহো¸ কপি কৰিবৰ বাবে হত্যাৰ কি প্ৰয়োজন! মনে-মনে চুৰ কৰিওতো নিব পাৰে। পটকৈ চিন্তাৰ ঢাকনি এখন খুলি গ’ল মোৰ। হয়তো পৰমেশ্বৰেই খুৰা শহুৰেকৰ পাণ্ডুলিপিটো মনে-মনে নিছিল। যাৰ বাবে পত্নীৰ সতে কাজিয়া লাগিছিল। তেন্তে কি তাৰ সেয়া আত্মহত্যা মানসিক অশান্তিৰ কাৰণ! তেন্তে একেই মানসিক চাপত ঘৈনীয়েকেও আত্মহত্যা কৰিছিল! তেন্তে চুইচাইদ নোট ক’ত! সকলোৱে দেখোন কাজিয়াৰ সম্ভাৱনা নুই কৰিছে। তেন্তে মানুহৰ অলক্ষিতে ৰৈ গৈছিল নেকি স্বামী-স্ত্ৰীৰ সংঘাট! কোনে দিব এতিয়া তাৰ উত্তৰ! খেলি-মেলি লাগি যায় মোৰ।

: চাগে কেনেবাকৈ পৰমেশ্বৰেই পাণ্ডুলিপিটো মনে-মনে লৈ গৈছিল?

: নিনিয়ে। কিয় নিব সি?
- পোনচাটেই নাকচ কৰি ওলোটাই যেন মোকহে সুধিলে মানুহজনে।

: সিয়েই লৈ গৈছিল চাগে ৰুবিৰ সহযোগত। আপোনাক ছাৰপ্ৰাইজ দিবলৈকে হয়তো প্ৰকাশৰ বাবেই নিছিল। তাৰ পিছত…

: ৰব
- কথাখিনি শেষ কৰিবলৈ নাপালো। মানুহজনে মোক ৰখাই দি নিজকে নিজে কোৱাৰ দৰে কৈ থাকিল।

: পৰমে মাথো জানিছিল¸ মই লিখি আছো। পাণ্ডুলিপিটো দেখা নাছিল। মাইনাই দেখিছিল। কোনেও পঢ়া নাছিল। 
যদি সচাকৈয়ে …
: হঠাতে মানুহজনৰ মুখখন ক’লা পৰি গ’ল।  দুয়োখন হাতেৰে কপালখনত হেচা মাৰি ধৰিলে।কিবা যেন গভীৰ দু:চিন্তাই মানুহজনক হেচা মাৰি ধৰিলে

আচৰিত হৈ গলো মই। দিপুলৰ মুখলৈ চালো¸ সি হতভম্ব হৈ পৰিছে। কিয়? কিয় এনেকুৱা কৰিছে মানুহজনে কি আছিল পাণ্ডুলিপিখনত। কোনোবাই পঢ়িলেই কি মৰি যোৱা সম্ভৱ! নে আন কিবা! গুপ্তধনৰ সম্ভেদ বা নক্সা…। কৌতুহল সামৰিব নোৱাৰি সুধিলো-

: কি আছিল পাণ্ডুলিপিখনত? কিবা নক্সা

মানুহজনে মুৰটো লৰালে। লাহে-লাহে আমালৈ চালে আৰু কলে¸ ‘এটা নোট। এটা নোটৰ বাবেই সকলোবোৰ…।’
এটা হুমুনিয়াহ কাঢ়িলে মানুহজনে। আকৌ কলে¸ ‘আপোনালোকে ঠিকেই কৈছ। এইয়া মাৰ্ডাৰেই হয়।’

নোট! এটা নোট মৃত্যুৰ কাৰণ! আশ্বৰ্য্যত যেন চকু বাহিৰ হৈ ওলাই অহাৰ উপক্ৰম হল মোৰ। একো নুবুজিলো। অবাক হৈ চাই থাকিলো মানুহজনৰ মুখলৈ।
তেও বুজিলে হবপায়¸ কলে-

: আচলতে ভুলটো মোৰেই। জীৱনত লেখা-মেলা নকৰা মানুহে অপৈনত হাতেৰে লিখিলে যেনেকুৱা হব¸ তেনেকুৱাই হৈছিল পাণ্ডিলিপিটো। প্ৰথম পৃষ্ঠাতে নোট এটা লিখিছিলো এইবুলি যে¸ ‘ এই কাহিনীৰ সামান্য অংশতো কল্পনাৰ ৰহন নাই। এটা সময়ত ঘটা ঘটনাৱলীৰ ই জীৱন্ত দলিল।’

: আচৰিত!! কি আছিল আপোনাৰ কাহিনীটো?
পাণ্ডুলিপিৰ কাহিনীটো শুনাৰ তীব্ৰ আকাংক্ষা হৈছিল।
দিপুল¸ মই¸ নিতু আমি সকলোৱে আচৰিত হৈ চাই ৰৈছিলো তেওৰ মুখলৈ। মানুহজনে কিবা কবলৈ লোৱাৰ আগতে সেই মূহুৰ্ততে মানুহ দুজনীয়ে আমাৰ তিনিওলৈ লুচিভাজি¸ অমলেট আৰু চাহ লৈ সোমাই আহিল। সময় ভালেখিনি হৈ গৈছিল। কথা পাতি থাকোতে কেতিয়া চাৰে কিনি বাজি গৈছি আমি গমেই পোৱা নাছিলো। বোধহয় মানুহজনেও ইমানদেৰি সময়ৰ কথা পাহৰি গৈছিল। দেৱাল ঘড়ীটোলৈ চাই থিয় হ’ল আৰু কলে¸

: বহু দেৰি হৈ গৈছে। এতিয়া আৰু কাহিনী শুনাবলৈ বহিলে ৰাতি হৈ যাব। ভাত খোৱাই নাই।
উত্তৰৰ অপেক্ষাত মানুহজন ৰৈ থকা নাছিল।
: তেন্তে সন্ধিয়া আহো।

: নালাগে। কাইলৈ পুৱা আহক।
-  ভিতৰলৈ সোমাই যোৱা মানুহটোৱে মোৰ প্ৰশ্নৰ সঁহাৰি ভিতৰৰ পৰাই ৰিঙিয়াই দিছিল।

আমাৰ উপাই নাছিল। আকৌ এটা অপেক্ষাৰ আৰম্ভনি হৈছিল। দিপুললৈ চাইছিলো। সিয়ো মোৰ চকুলৈ চাইছিল। গৰম গৰম ফুলা লুচি আৰু ধোৱাই থকা চাহ কাপেও আমালৈ অপেক্ষা কৰি আছিল। অপেক্ষাৰ ফল মিঠা।  

*******

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib