Now you can Subscribe using RSS

Submit your Email

Monday 27 April 2020

Thirty Nineঃ 8

Unknown
অষ্টম অংশ

ৰিংকুহঁতৰ ঘৰৰ পৰা উভতি অহা বাটছোৱা মই মানুহজনৰ কথাকেই ভাবিছিলো। নিতুৱে ঠিকেই কৈছিল¸ মানুহজন খেয়ালী মনৰ। কিন্তু উলিয়াব জানিলে এনেকুৱা মানুহৰ পৰাও কথা উলিওৱাটো একো ডাঙৰ কথা নহয়। 
কিন্তু এনে এজন মানুহে কি উপন্যাস লিখিলে ¸ যি সম্পুৰ্ণ সত্যৰ আধাৰত ৰচিত।

: আচ্ছা নিতু¸ কেতিয়াবা ইয়াতে কিবা নঘটিবলগীয়া বা অঞ্চলটো জোকাৰি যোৱা ধৰণৰ কাণ্ড ঘটিছিল নেকি? 

: নাইতো দাদা। কেতিয়াও তেনে কিবা ঘটিছিল বুলি দেউতাহঁতৰ মুখতো শুনা নাই। অৱশ্যে মাজে-মাজে কৰবাত চুৰি হোৱা খবৰ দুই এটা শুনা যায়। কিয় সুধিলেনো?
- মোৰ প্ৰশ্নৰ উত্তৰ দি ওলোটাই সুধিলে নিতুৱে।

: হমম এনেয়ে।
নকলো তাক মই কি ভাবিছো। কোৱা হয়তো উচিতো নহয়। দিপুললৈ চালো¸ নিশ্চুপ হৈ মাথো চাইকেলৰ পেডেল মাৰিছে। হয়তো সিয়ো মোৰ দৰেই কথাবোৰ ভাবিছে। এইবাৰ পুৰণি চাইকেলখন সি লৈছে। আৰু ইখনত নিতুৰ পিছফালে মই বহিছো। পেদেল মাৰিব নলগা হোৱা বাবে এইবাৰ মোৰ সুবিধা হৈছে। সেয়ে মোবাইলটো উলিয়াই এনেয়ে ভাললগা দুই এখন ফটো তুলিছো।

: পৰাণ¸ ভোক আছে নেকি?
- তিনিআলিটোৰ মুখত চাহ দোকান এখন দেখি দিপুলে চাইকেইলখন ৰাখিলে। আজি দূপৰীয়া ভাত খোৱা নহল।
মুৰ জোকাৰিলো মই। চাৰিখনকৈ লুচি খালে ক’ত ভোক লাগিব। এনেয়েও দূপৰীয়া মোক ভাতেই লাগিব বুলিও কথা নাই। মাত্ৰ পেটতো ভৰি থাকিলেই হ’ল।

- দিপুল ৰোৱা দেখা পাই নিতুয়েও চাইকেলখন ৰখাইছিল। এইবাৰ নিতুক সুধিলে সি।
: নিতু¸ কিবা খাবা নেকি?
: নাই দাদা। লুচি পেট ভৰাই খালো নহয়।
- সলাজ হাঁহি এটা মাৰিলে সি।

: ৰাক্ষস¸ আমি নাখাও। ভোক আছে যদি ব’ন বিস্কুট আৰু চাহ একাপ খাই আহ।
- দিপুললৈ চাই কলো। সি হাঁহিলে। নিতুৱেও হাঁহিলে।

সি চাগৈ বুজিছে¸ ডিটেকটিভগিৰি কৰিলেও অনবৰতে আমি মুখ গম্ভীৰ কৰি নুফুৰো। মাজে-সময়ে ধেমালিও কৰো!

: ঐ¸ আজিতো আৰু কাম নাই! এতিয়াই উভতি যোৱাতকৈ অলপ ঠাইবোৰেই ফুৰো ব’ল।
- গৈ থাকোতে এপাকত দিপুলে মোলৈ চাই কলে।

: আইডিয়া বেয়া নহয়। নিতু লৈ ব’লা।
- নিতুৰ কান্ধত লাহেকৈ থপৰিয়াই দিলো।

: দাদা¸ এটা কাম কৰো নহলে। বেলেগ এটা বাটেৰে যাও। অলপ দূৰ হব। কিন্তু বটীয়াপাৰাৰ মাজেৰে গলে ৰাষ্টাটো ভাল পাম।
- সন্মতিৰ আশাৰে সি পিছলৈ চালে।
: ঠিক আছে। ব’লা তেন্তে

আমি অলপদূৰ আগুৱাই গৈছিলোহে মাথোন। তীব্ৰবেগী বাইক দুখন ধুলি উৰুৱাই কাষেৰে পাৰ হৈ গ’ল। অলপ আগবাঢ়ি কেঁকুৰীটোৰ পৰা আঁতৰত থকা বাবে দিপুলে চাইদত ৰৈ দিব পাৰিছিল। কিন্তু কেঁকুৰীটোৰ কাষতে থকা বাবে ভাৰসাম্য ৰাখিব নোৱাৰি নিতু আৰু মই চাইকেলৰ সৈতে খাৱৈত বাগৰি পৰিলো। দিপুল উধাতু খাই দৌৰি আহিল। মোৰ সোঁহাতৰ মাখিচাল অলপ এৰাই গৈছিল। নিতুৱে আঠুত অলপ দুখ পাইছিল। 

: ঐ¸ লাহে-লাহে চলাব নোৱাৰ?
- খঙতে নিতুৱে চিঞৰি দিছিল।
কিন্তু তাৰ মাত যোৱাৰ দূৰত্বৰ পৰা সিঁহতকেইটা কেতিয়াবাই আগুৱাই গৈছিল। মই অলপ আচৰিত হৈছিলো। যদিও আচৰিত হবলগীয়া একোৱেই হোৱা নাছিল। যোৱাকালিৰ পৰা প্ৰথম দুখনকৈ দ’মিনাৰ বাইক একেলগে যোৱা দেখিছিলো।

: তুমি চলাব নালাগে দিয়া ময়েই চলাও।
- নিতুৱে আঠুটো পিহি থকা দেখি মই চাইকেলখন তাৰপৰা কাঢ়ি ললো। সি আপত্তি নকৰিলে। বোধকৰো অলপ বেছিকৈয়ে দুখ পাইছিল। আমাৰ সমুখত দুটা ৰাষ্টা আছিল। এটা ঠেক আৰু চমু¸ আনটো দীঘল আৰু ভাল। আমি ভাল ৰাষ্টাটোৰেই বাট ললো। প্ৰিয় গানৰ কলি এটা দিপুলে গুণগুনাই গৈ আছিল। মই ৰাষ্টাৰ দুয়ো ফালে শাৰী শাৰী ঘৰবোৰ চাই চাই গৈ আছিলো। গাঁওখন শেষ হৈ বিশাল পথাৰ এখন পাইছিলো। সেউজীয়া ধানবোৰ হালি-জালি নাচি আছিল। ফেৰফেৰীয়া বতাহ এজাক আমাৰ গাত লাগি আছিল। মই যেন নষ্টালজিক হৈ পৰিছিলো। এনে লাগিছিল যেন মই আগতেও এই পথাৰৰ মাজেৰে চাইকেল চলাই ঘুৰি ফুৰিছিলো।

--------

ৰাতি মোৰ ভালকৈ টোপনি অহা নাছিল। বোধকৰো দিপুলৰো টোপনি অহা নাছিল। কাৰণ মোৰ দৰে সিয়ো বাগৰ সলাই আছিল। হয়তো সিয়ো মোৰ দৰেই কথাবোৰ ভাবি আছিল। নাটকৰ যবনিকা চোৱাৰ হেপাঁহৰ দৰে ৰাতিপুৱাটোলৈ অপেক্ষা কৰিছিলো আমি। 

পিছদিনা নিতুক লগ লোৱা নললো। কথাবোৰ জনাৰ প্ৰয়োজন নাছিল তাৰ। 
হয়তো তাৰো আগ্ৰহ হৈছিল। কিন্তু কনফিডেঞ্চিয়েল ইনভেষ্টিগেচনৰ দোহাই দি তাক বেলেগ এফালে পঠাই দিলো। ৰমনী সেনাপতিয়ে আমালৈ ৰৈ আছিল। লুঙীৰ নিচিনাকৈ পিন্ধা ধুতি আৰু হাত থকা শুভ্ৰ গেঞ্জীটোৰে মানুহজনক আজি বেলেগ মানুহ যেন লাগিছিল। গভীৰ চিন্তাত নিমগ্ন হৈ থকা যেন লগা মানুহজনৰ চকুহাল ৰঙা পৰি আছিল। তাৰমানে এই মানুহজনেও যোৱাৰাতি আমাৰ দৰে সাৰে আছিল। 

পাৰ্থক্য মাথো এয়াই আছিল¸ আমি পোহৰ বিচাৰি কৌতুহলী হৈ পৰিছো আৰু হয়তো বিষাদৰ যন্ত্ৰনাত ছটফটাইছিল।

চাইকেল দুখনত তলা মাৰি আমি আগুৱাই গলো। দীঘল বাৰাণ্ডাখনৰ আৰামী বেঞ্চখনত ভৰি তুলি ৰমনী হাজৰিকা বহি আছিল। নাজানো কিয় ইমান অধৈৰ্য্য হৈ পৰিছিলো। দীঘলকৈ দীঘলকৈ খোজবোৰ সেই মূহুৰ্ততে ৰমনী হাজৰিকাৰ কাষত বহাৰ মন গৈছিল। আমাক দেখি সেমেকা হাঁহি এটা মাৰি চকীখনৰ পৰা ভৰি দুখন নমাই একাষে আঁতৰি দি কলে¸ -‘বহা’। ৰুমৰ ভিতৰত বন্ধ বতাহৰ মাজত মই অতীতক খুচৰিব খোজা নাই।’ 

প্ৰথম মানুহজনে পৰম আত্মীয়ৰ দৰে আমাক মাতিছিল। কাহিনী শুনাৰ লোভত আমি বিনা বাক্যব্যয়ে তেওৰ কাষত বহিলোগৈ। দীঘলকৈ উশাহ এটা ললে তেও। সমুখলৈ অলপপৰ চাই থাকিল। হয়তো জুকিয়াই ললে। এনেয়ে এবাৰ বাহিৰলৈ চালো¸ দীঘল নঙলাৰ দুয়োফালে পাতবেহাৰ কেইজোপাত পুৱাৰ কোমল ৰ’দ পৰি পাতবোৰ যেন জিলিকি উঠিছিল। ৰ’দৰ সেই কোমল পোহৰে যেন আমাৰ মনটোকো পোহৰাই তুলিছিল।

: পাণ্ডুলিপিটো হেৰোৱাৰ পিছত ইমানেই বেয়া লাগিছিল যে উভতি চাবলৈ মন যোৱা নাছিল। এতিয়া ভাবিছো¸ আকৌ নতুনকৈ লিখিম। সেই তেজেধোৱা ইতিহাসৰ দলিল। সকলো কথাই স্পষ্টকৈ মনত আছে মোৰ।
- মানুহজনে কৈ থাকিল। আমি চাই ৰলো তেওৰ মুখলৈ। 

: কিন্তু হুবহু কথাবোৰ এনেকৈ কোৱা সম্ভৱ নহয়। মই মাথো চমুকৈ সেই ঘটনাবোৰহে কবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে মই ইশানৰ বিষয়ে কৈ লব লাগিব।
- কথাখিনি কৈ মানুহজনে আমাৰ মুখলৈ চালে।

: ইশান কোন?
- দিপুলে সুধিলে ঘপহকৈ।

: মোৰ কাহিনীৰ নায়ক। যাক লৈ এই ঘটনাবোৰ। আশাকৰো মাজতে মাতি নিদিবা। নহলে ব্যাঘাট জন্মি আকৌ ধাৰাবাহিকতা হেৰুৱাই পেলাম।
- কথাকিটা কৈ মানুহজনে এপলক কিবা ভাবিলে।
- কিয় কম! নকও। কিন্তু মুখ খুলি কোৱাৰ প্ৰয়োজনেই নহল। ঠিক সেই সময়তে ৰিংকুৱে চাহ আনি আমাৰ সমুখত প্লাষ্টিকৰ টি টেবুল এখনত ৰাখি মানুহজনৰ দৃষ্টি কাঢ়ি নিলে আৰু ভিতৰৰ পৰা মুঢ়া এটা আনি আমাৰ সমুখতে বহি পৰিল। বোধহয় কাহিনী শুনাৰ লোভে তাইকো আকৰ্ষিত কৰিছিল। চাহ কাপত সোঁহা দি ৰমনী সেনাপতিয়ে তাইলৈ চাই হাঁহিলে আৰু কলে¸ ‘তই এনেকৈ মাজে-মাজে আমাক চাহ দি থাকিবিদেই।’
তাই মুৰ দুপিয়ালে।

: আজিৰ পৰা আঠাইশ বছৰ আগৰ ঘটনা সেয়া। ১৯৯২ চনৰ জুন মাহৰ এটা ৰাতি।
- খালি কাপটো মানুহজনে টেবুলখনত থলে। চুমুক দিব পাহৰি আমি চাই থাকিলো তেওৰ মুখলৈ।

**

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib