Now you can Subscribe using RSS

Submit your Email

Monday 27 April 2020

Thirty Nineঃ9

Unknown

নবম অংশ


  ৰাতি নমান বাজিছিল। ভাত খাবলৈ বহিছিলো। হঠাতে চিঞৰ শুনি ওলাই আহিছিলো। ‘জুই জুই …’
অমাবশ্যাৰ ৰাতি বাহিৰত ঘিটিমটিয়া অন্ধকাৰ। গাঁৱত তেতিয়ালৈ ইলেকট্ৰিচিটি অহা নাছিল। টৰ্চটো লৈ ওলাই আহিছিলো। পদুলিৰ পৰাই দেখিছিলো ওচৰৰ নগেন ককাইহঁতৰ ঘৰৰ পৰা দাওদাওকৈ জুই জ্বলিছে। আমাৰ পদুলিৰ পৰাই জুইৰ লেলিহান শিখাই পোহৰাই তুলিছে। এজাক মানুহে চিঞৰিছিল।
যিয়ে যেনেকৈ পাৰে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। নগেনকাইৰ মুৰ আচন্দ্ৰাই যোৱাৰ দৰে হৈছিল। কপালত হাত দি মানুহটো চোতালতে বহি পৰিছিল। ঘৈনীয়েকজনীয়ে চিঞৰি চিঞৰি কান্দিছিল। ইচ-আচ কৰি মানুহবোৰে মাথোন অসহায় হৈ চাই ৰৈছিল।

: হায়ৈ মোৰ বাকচটো কোনোবাই লৈ আহ ঐ। মই শেষ হৈ গলো ঐ। 

- মানুহজনীয়ে ৰাউচি জুৰিছিল। সেই বাকচটোৰ ভিতৰতে সকলোবোৰ আছিল পৰিয়ালটোৰ। বাকচটোৰ ভিতৰতে মানুহজনীৰ গহনা কেইপদ আছিল। যিখিনি বিয়াৰ সময়ত যৌতুক হিচাপে মাকৰ ঘৰৰ পৰা লৈ আহিছিল। যোৱাবাৰ ধান বেছি পোৱা টকাকেইটাৰে সদ্য গাভৰু হোৱা জীয়েকজনীক বাপেকে গঢ়াই দিয়া সৰু সোণৰ চেইনদালো আছিল। আছিল মানুহজনীয়ে বিয়াত পিন্ধা পাটৰ কাপোৰযোৰ¸ টাউনৰ বজাৰৰ পৰা বিহুত পিন্ধিবলৈ মানুহজনে কিনি অানি দিয়া বুটাবছা কাপোৰযোৰ¸ ছোৱালীজনীৰ দুযোৰ কাপোৰ¸ মানুহজনৰ নতুন চাৰ্ট এটা¸ যিটো কেতিয়াবাহে পিন্ধিছিল। মুৰটো ঘুৰাই গৈছিল মানুহজনীৰ।

মানুহজাকে চাই ৰৈছিল। জুইৰ লেলিহান শিখাই গ্ৰাহ কৰি অনা খেৰি ঘৰটোৰ ভিতৰলৈ সোমাবলৈ কোনেও সাহস কৰিব পৰা নাছিল। ইচ-আচ কৰি ৰোৱা মানুহজাকে মাথো ক্ষয়-ক্ষতিৰ হিচাপটোহে কৰি আছিল। আৰু তেতিয়াই অসহায় মানুহজাকৰ মাজৰ পৰা দৌৰি গৈ কোনোবা এজন ভিতৰলৈ সোমাই গৈছিল। আতংকত মানুহজাকে চিঞৰি উঠিছিল। আৰু সকলোকে স্তম্ভিত কৰি অচিনাকী ডেকাজনে মানুহজনীৰ সম্পদ ক’লা বাকচটো ডাঙি উলিয়াই লৈ আহিছিল। তাৰ হাত দুখন সামান্য পুৰিছিল। হতবাক হৈ পৰা মানুহজাকে পুতলাৰ দৰে তালৈকে চাই ৰৈছিল।

: ৱেলডান ইশান¸ 
- কোনোবা এজন আগুৱাই আহি তাৰ পিঠিত থপৰিয়াই তাৰ পোৰা হাতদুখন চাইছিল। আৰু তেতিয়াই তাৰ নামটো গমপাইছিলো মই। ‘ইশান’ মুখৰ ভিতৰতে আওৰাইছিলো নামটো। মন গৈছিল যেন আগুৱাই গৈ লৰাটোৰ হাতখন খামুচি ধন্যবাদ এটা দিম। নহলে চেলুট এটা মাৰিম মিলিটেৰী কায়ডাত! কিন্তু তেতিয়ালৈ সি তাত ৰৈ থকা নাছিল আৰু ময়ো ইচ্ছাক অবনমিত কৰি জুই নুমুৱাবলৈ চেষ্টা কৰিছিলো।
এসময়ত জুই নুমাইছিল¸ যদিও ঘৰটোৰ অৱশিষ্ট বুলিবলৈ দুখন ভগা বেৰহৈ ৰৈছিল। সেই ৰাতি কাষৰ এঘৰত আশ্ৰয় লোৱা দূৰ্ভগীয়া পৰিয়ালটোৰ বাবে ঘৰ সাজিবলৈ স্বেচ্ছাই পিছদিনা ইশান ওলাই আহিছিল। বাৰীৰ পৰা বাঁহ কাটি আনি গাঁওৰ লৰাবোৰৰ সতে সিয়ো হাত উজান দিছিল। অথচ সি আমাৰ গাঁওৰ নাছিল। 
সেই ৰাতি মোৰ মন জয় কৰি পেলাইছিল সি।( অকল মোৰেই নে¸ আন কাৰোবাৰো সেই মন জয় কৰিছিল সি। পাছত গম পাইছিলো।)

নতুনকৈ আৰম্ভ কৰা হাইস্কুলখনত অবৈতনিক শিক্ষক হিচাপে কাম কৰিবলৈ আহিছিল ইশান। মুৰুলীয়েই আনিছিল তাক। সি মুৰুলীৰ লগত চহৰত একেলগে পঢ়িছিল। কম দিনৰ ভিতৰতে যুবচামৰ প্ৰিয় বন্ধু হৈ পৰিছিল সি। ইশান যদিও মোতকৈ বয়সত সৰু আছিল¸ তথাপি ভাল বন্ধু হৈ পৰিছিলো অামি। মানুহবোৰে আলোচনা কৰিছিল¸ তাৰ পৰিচয় লৈ সন্দেহ কৰিছিল। কিন্তু তাৰ পিছতো কোনেও কেতিয়াও সি গাঁওৰ পৰা যোৱাটো বিচৰা নাছিল।

আমি পাহৰিয়ে পেলাইছিলো যে সি আমাৰ মাজৰ নাছিল। আমি পাহৰিয়েই পেলাইছিলো যে মাথো কিছুদিনৰ বাবে ইয়ালৈ আহিছিল। আমাৰ অন্তৰংগ বন্ধুবোৰৰ মাজত আৰু এটা নাম সোমাইছিল ‘ঈশান’। আমি একেলগে ভাওনাত ভাও লৈছিলো। অভিমন্যুৰ ভাওত দৰ্শকক কন্দুৱাই দিছিল সি।মাহেকত দুই তিনিদিনৰ বাবে ঘৰলৈ গৈছিল সি। নামনি অসমৰ কোনোবা এখন ভিতৰুৱা গাঁওত তাৰ ঘৰ আছিল। মাহীমাকৰ অত্যাচাৰত ঘৰ সি এৰিছিল। তথাপিও ঘৰ বুলি এপাক গৈছিল।

: বুজিছ ৰমনীদা¸ ভাতখাই থাকোতে যেতিয়া নতুন মায়ে চুলিত ধৰি উঠাই দি খৰি ফালিবলৈ লগাই দিছিল। মোৰো খং উঠিছিল। এবাৰ ভাবিছিলো¸ কুঠাৰখেনেৰে মাৰ এটা বহাই দিও নেকি!
কিন্তু মনটোক বুজাইছিলো। সেইজনী মাথো মুনৰে মাক নাছিল। মোৰো মাহীমা আছিল। মৰম নাথাকিলেও য’ত মা শব্দটো লুকাই আছিল। মেট্ৰিক পাছ কৰিয়েই ঘৰৰ পৰা ওলাই আহিছিলো। দেউতাই বাধা দিয়া নাছিল। মাথো সময়ে সময়ে টকাকেইটামান পঠিয়াই দিছিল। জানা¸ মই পঢ়া জীৱনত নতুন কিতাপ এখন নিকিনাকৈ পঢ়া শেষ কৰিলো।
- সেমেকা হাঁহি এটা মাৰিছিল সি।

এদিন সি কৈছিল জীৱনৰ কথাবোৰ। বাকৰুদ্ধ হৈ পৰিছিলো। মৰম অাকলুৱা লৰাটোক আঁকোৱালি ধৰিছিলো। 

--------
মুৰুলীয়ে ঈশানক নিজৰ ঘৰতে ৰাখিছিল। অভিন্ন হৃদয়ৰ দুয়ো বন্ধু বন্ধুককৈ বেছি যেন সহোদৰহে আছিল। কাৰোবাৰ মুৰুলীয়ে ঈশানৰ কথা কলে বা ঈশানে মুৰুলীৰ কথা কলে Brother from another mother বুলিহে কৈছিল। তাৰ সপোনৰ ঘৰখন যেন হঠাতে পাই গৈছিল সি। ঈশানে মুৰুলীৰ মাকক মা বুলি মাতিছিল¸ পিতাকক পিতা বুলি মাতিছিল। 
আৰু ভনীয়েকক! কিন্তু সাগৰিকাই জানো ভাবিছিল তাক ককায়েক বুলি!

ঈশানে জানিছিল যে¸ সাগৰিকা তাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে। কিন্তু সি ভাতৃসদৃশ প্ৰিয় বন্ধুৰ বিশ্বাসক নেওচা দিব নোৱাৰে।
মুৰুলীৰ মাক-দেউতাকৰ মৰম¸ বিশ্বাসক ভৰিৰে মোহাৰিবলৈ ঈশান কোনো কালেই অকৃতজ্ঞ নাছিল। কিন্তু সাগৰিকা¸ তাই দৃঢ় প্ৰতিজ্ঞ ঈশানক নিজৰ কৰি লবই। ভাওনাৰ দিনা তাক হতবাক কৰি তাই তাৰ গালত চুমা আঁকি দিছিল।
বহুত বুজায়ো সি তাইক সৈমান কৰাব পৰা নাছিল। পিছত কথাবোৰ এদিন কৈছিল মোক। মই তাক সুধিছিলো¸ তাৰ মনে কি বিচাৰে। সি মুৰুলীৰ কথাহে কৈছিল। মই ভাবিছিলো¸ হয়তো মুৰুলীৰো আপত্তি নাথাকিলহেতেন। মনটোক শান্ত কৰিব নোৱাৰি তিনিদিনৰ বাবে ঘৰলৈ গৈছিল সি। আৰু তেতিয়াই ঘটি গৈছিল অঘটনটো।

গোপী মহাজনৰ পুতেক অশান্তই প্ৰায়েই সাগৰিকাক অামনি কৰিছিল। তাৰ উদণ্ড স্বভাবটোৰ বাবে তাই তাক চকুপাৰি দেখিব নোৱাৰিছিল। কিন্তু অশান্তই তাইক নিজৰ কৰাৰ বাসনা পুহি ৰাখিছিল। সেইদিনা কলেজৰ পৰা ওভটাৰ বাটত সি তাইৰ লগত অসভ্যালি কৰাৰ চেষ্টা কৰিছিল। লাজে-অপমানে ক্ষোভিত হৈ ঘৰলৈ আহি ককায়েক মুৰুলীক কৈ দিছিল। খঙতে মুৰুলীয়ে অশান্তৰ ঘৰলৈ গৈ আক্ৰমণ কৰিছিল। আৰু ঠিক তাৰ দুদিন পিছতে ৰাতি ওভটাৰ বাটত মুৰুলীক কোনোবাই হত্যা কৰিছিল। বুকুত উপৰ্যুপৰি ডেগাৰেৰে হানি খুচি মাৰিছিল। পুলিচ আহি সাধাৰণভাবে দুই এজনক সোধা পোচা কৰি গুচি গৈছিল। 
সন্ধিয়া যেতিয়া ঈশান আহি সকলো শুনিছিল। গভীৰ দূখত ঠাইতে শিলপৰা কপৌৰ দৰে বাকৰদ্ধ হৈ পৰিছিল সি। পুতেকক হেৰুৱাই ভাঙি পৰা পৰিয়ালকটোক সান্তনা দিয়ে কি বুলি! যেন ভৰিৰ তলৰ মাটি হেৰাই গৈছিল ঈশানৰ। দিনবোৰ গৈ আছিল¸ মুৰুলীৰ হত্যাকাৰী ধৰাপৰা নাছিল। আমি জানিছিলো। মুৰুলীৰ মাক-দেউতাক বাটকুৰি বাই ভাগৰি পৰিছিল। আমি জানিছিলো। কিন্তু আমাৰ অনুমান বা নিশ্চিত সিদ্ধান্তই একো কৰিব নোৱাৰে সদিচ্ছা নহলে। আৰু প্ৰমাণ¸ ক্ষমতা আৰু টকাৰ ওচৰত সদিচ্ছাই বা থাকে কেনেকৈ।

অশান্তৰ উৎপাতবোৰ ক্ৰমশ: বাঢ়ি গৈছিল। তাৰ ভয়ত সাগৰিকাই ঘৰৰ পৰা ওলাব পৰা নাছিল। এদিন পদুলিৰ পৰাই তাইক নিজৰ মটৰ চাইকেলত উঠাবলৈ সি জবৰদস্তি কৰিছিল। আৰু সেইদিনাই ৰাতি অশান্তৰ মৃতদেহ শ্মশানৰ কাষৰ খাল এটাত পৰি ৰৈছিল। গাঁওলৈ আকৌ পুলিচ আহিছিল। পিছদিনা ঈশানক ধৰি লৈ গৈছিল। গোপী মহাজন তথাপিও ক্ষান্ত হোৱা নাছিল। মহাজনৰ আপোন খুলশালীয়েক এজন আছিল দাৰোগা। 
এদিন দোভাগ ৰাতি গাঁওৰ আৰু এখন ঘৰ দাওদাওকৈ জ্বলি উঠিছিল। মানুহবোৰে গম পাই জুই নুমুৱালৈ অৱশিষ্ট একো নাছিল। বেঙেনা পোৰাৰ দৰে পুৰি মৰিছিল তিনিটা প্ৰাণী। ঈশানে এইবাৰ কন্দা নাছিল। এদিন সজা ভাঙি উৰি গৈছিল চৰাই। তাৰ পিছতো সকলো স্বাভাবিক আছিল। প্ৰতিশোধৰ দাবাগ্নিত গোপী মহাজন টিকি থকা সহজ নাছিল।
তাৰ পিছৰ সময়বোৰ ভয়াবহ। 

মাথো এবছৰ আগতে অপাৰেচন ৰাইনো চলিছিল। তাৰো আগতে অপাৰেচন বজৰং। গাঁওত কোনেও গোপী মহাজনৰ য়েজদিখন আৰু  যতীন ঠিকাদাৰৰ ৰাজদূতখনৰ বাহিৰে মটৰচাইকেল দেখা নাছিল। নতুনকৈ হিৰোহোণ্ডা আৰু য়ামাহাৰ নতুন মটৰ চাইকেলত উঠি মাজে-মাজে অচিনাকী ল’ৰা কেইটামান অহা-যোৱা কৰিবলৈ লৈছিল। মানুহবোৰে ভয় খাইছিল। অপাৰচেন ৰাইনোৰ সময়ত মিলিটেৰীৰ অত্যাচাৰৰ কথা মানুহবোৰে পাহৰা নাছিল। মাজে-মাজে বিক্ষিপ্ত ঘটনাৰ খবৰবোৰ আহি আছিল। গাঁওৰ পৰা কেইবাটাও ল’ৰা নিৰুদ্দেশ হৈছিল।

বহুদিনৰ পিছত এদিন ৰাতি ঈশান আহিছিল। ক্লান্ত হৈ বহুদূৰ বাটকুৰি বাই সি যেন অবশ হৈ পৰিছিল। মোক সাৱতি উচুপি উঠিছিল সি।দেহৰ ভাগৰত নহয় কিবা কাৰণে যেন তাৰ মন ভাঙি গৈছিল। তাৰ যেন কৰবালৈ যাবলৈ বৰ লৰালৰি হৈছিল। যোৱাৰ আগতে কৈ গৈছিল।

: ৰমনীদা¸ মই সকলো হেৰুৱালো অ’। নাজানো কি হব এনেকৈ! মোৰ সতীৰ্থয়ে দেখোন দিকভ্ৰষ্ট হৈছে। মই নাজানো আকৌ তোক লগ পামনে নাই। কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাও তোক।   যদি কেতিয়াবা কোনোবা আহে কোডটো দি দিবি। থাৰ্টি নাইন।সেয়া মাথো কেইজনমানৰ নহয়। সেয়া ৰাইজৰ। যদি মই সুযোগ পাও¸ ময়েই দি উলিয়াই ৰাইজক দিম।

হতভম্ব হৈ চাই ৰৈছিলো¸ মই সি যোৱাৰ ফালে।
তাৰ পিছদিনা বাতৰিত হৰফৰ আখৰেৰে প্ৰকাশ হৈছিল তাৰ মৃত্যুৰ খবৰটো। 
মই চমকি উঠিছিলো। বুকুখন বিষাই উঠিছিল। দুগালে দুধাৰি লোটক বৈ আহিছিল। তাৰ মৃত্যুৰ পিছত বহুদিন ৰাতি অচিনাকী মানুহ কিছুমান আহিছিল। মোক মাৰধৰ কৰিছিল¸ মৃত্যুৰ ভাবুকি দি কপালত পিষ্টল লগাই দিছিল। কৈ দিছিলো ঈশানে কৈ যোৱা শেষ কথাবোৰ। শুনিছিলো সিহঁতে অকল মোৰ ওচৰলৈকে ই অহা নাছিল¸ ঈশানৰ সকলো পুৰণি বন্ধুকে এইদৰে সোধাপোচা কৰিছিল। পিছত শুনিছিলো সিঁহতে বহু ঠাইত সন্ধান কৰিও একো পোৱা নাছিল। সেইদিনা দেখা বহু কেইজন এতিয়া বিয়াগোম ব্যৱসায়ী। 

কথাবোৰ কৈ কৈ ৰমনী সেনাপতিয়ে সেমেকি উঠা চকুহাল মচি ললে। এইবাৰ আমাৰ মুখলৈ চাই কলে

: মই ভাবিছিলো¸ তাৰ মৃত্যুৰ লগে-লগেই সমাপ্ত হৈছিল সেইটো অধ্যায়। কিন্তু এতিয়া আকৌ সেইটো নম্বৰৰ কথা শুনি বুকুখন কপি উঠিছে।


#ভূতৰ_গল্প
#থাৰ্টি_নাইন

(একাদশ অংশৰ তৃতীয়ছোৱা) -

যেন চিনেমা এখনহে মোৰ আগত চলি আছিল। কিয় জানো ইমান একাত্ম হৈ পৰিছিলো¸ মোৰ এনেকুৱা লাগিছিল যেন মই নিজেই উপস্থিত আছিলো তাত। যেন সেইয়া ময়েই আছিলো। বহুতো কথা আৰু চকুৰ আগত অগাদেৱা কৰি আছিল। যিবোৰ ৰমনী সেনাপতিয়েও কোৱা নাছিল। একো বুজিব পৰা নাছিলো। কিন্তু এনে লাগিছিল যেন ৰহস্যৰ মই সমাধান উলিয়াই পেলাইছো। 

: পৰাণ… পৰাণ…
- দিপুলে মোৰ গাত ধৰি হেঁচুকি দিয়াতহে সম্বিত ঘুৰি আহিছিল। যেন গভীৰ টোপনিৰ পৰাহে সাৰ পাইছিলো।

: শুনি বৰ দুখ লাগি গল কাহিনীটো। তাৰমানে সেই গোপন ভাণ্ডাৰৰ ৰহস্যই থাৰ্টি নাইন? 
- নিজকে নিজে সোধাৰ দৰে দিপুলে কৈ উঠিছিল। উদাস দৃষ্টিৰে ৰমনী সেনাপতিয়ে আকাশৰ ফালে চাই আছিল। তেও চাগে অতীতৰ তেজে ধোৱা কাহিনীটোতে অৱগাহন কৰি আছিল। আৰু মই ভাবিছিলো¸ কিয় মোৰ লাগিছে যেন সেই কোডটো মই জানিছিলো। অথচ পাহৰি পেলাইছো। 

: কিন্তু মই বুজি পোৱা নাই¸ কোনোবাই পৰমক কিয় মাৰিলে? পৰমেই বা কেনেকৈ জড়িত হৈ পৰিল এই ৰহস্যৰ মাজত? ২৬ বছৰ আগতে ঘটি যোৱা ভয়ংকৰ অঘটন এটাত ২৬ বছৰ পিছত কিয়ইবা …

-এটা যেন নিমিলা অংক। দুচকুত হাজাৰ স্বপ্ন লৈ ৰমনী সেনাপতিয়ে আমাৰ দুয়োৰে মুখলৈ চালে।

: কিন্তু সেই সকলোৰে বাবে আমি প্ৰথমে জানিব লাগিব থাৰ্টি নাইনৰ ৰহস্য। ক’ত আছে থাৰ্টি নাইন? পৰাণ …চিন্তা কৰ…চিন্তা কৰ…

ৰমনী সেনাপতিৰ কথাৰ উত্তৰ দিবলৈ গৈ যেন দিপুল হঠাতে উত্তেজিত হৈ পৰিল। মোৰ পিঠিত থপৰিয়াই দি ঘপহকৈ বহাৰ পৰা উঠিল আৰু বাৰাণ্ডাখনত পায়চাৰি কৰিবলৈ ধৰিলে। একেই চিন্তা ৰমনী সেনাপতিৰো হৈছিল। চেষ্টা বৃথা বুলি জানিও তেৱো মগজুক হেঁচা দি ভাবিবলৈ চেষ্টা কৰিছিল। দুচকুত বিস্ময় লৈ সমগ্ৰ কাৰবাৰবোৰ মাথো বুৰ্বকৰ দৰে চাই ৰৈছিল ৰিংকুৱে। 

মই একো কব পৰা নাছিলো। মোৰ মগজুৰ ভিতৰত যেন এখন অগাদেৱা কৰা সময়ৰ খেল চলি আছিল। 

: থাৰ্টি নাইন কি হব পাৰে বাৰু? কোনোবা দলংৰ পিলাৰৰ নম্বৰ? নে ৰেল লাইনৰ কোনোবা ক্ৰছিং লেভেলৰ নাম্বাৰ? নে কোনোবা বেংকৰ লকাৰৰ নাম্বাৰ? কিন্তু বেংকৰ ল’কাৰ কেনেকৈ হব? 
- নিজকে নিজে কোৱাৰ দৰে দিপুলে কৈ আছিল। 

: নহয়! সেইবোৰ নহয়! ইটচ এ এব্ৰিভিয়েচন। 
- হঠাতে মোৰ মুখৰ পৰা ওলাই আহিল। যেন কোনোবাই কাণৰ ওচৰত কৈহে দিছিল।

: মানে??
- দিপুল আৰু ৰমনী সেনাপতি দুয়ো মোৰ কাষ চাপি আহিল। 

: চা¸ আমি ৰং টাৰ্নত ফ’লো কৰি আছো। এই মেজিক নম্বৰ কোডটো ইংৰাজীৰ 3 আৰু 9 নহয়। এইটো হৈছে THIRTY NINE.
- বহি থকা বেঞ্চখনতে তৰ্জনী আঙুলিৰে আঁকি আঁকি দেখুৱালো মই। অনুমান কৰিছিলো দুয়োৰে মুখ দুখন উজ্বলি উঠিছিল।

: একচেলেন্ট। কিন্তু ইয়াৰ ফুল ফৰ্মটো কি হব পাৰে?
- প্ৰশ্নবোধক এটা মুখত লৈ দিপুলে মোৰ ফালে চালে। 

: ৱেইট। দিছটাৰ্ব নকৰ।
মই চকু দুটা মুদি দিলো। আৰু জোৰকৈ মুদি দিলো। চেষ্টা কৰিলো মনত পেলাবলৈ। হাতৰ মুঠি টান কৰি পেলালো।  দাত কামুৰি ধৰিলো। সময়ৰ পৰা পিছলৈ …আৰু পিছলৈ…।  মুৰটো হঠাতে গৰম হৈ যোৱা যেন লাগিল। যেন এতিয়াই ফাটি টুকুৰা টুকুৰ হৈ যাব। আৰু কব নোৱাৰিলো। 
(পিছত শুনিছিলো¸ মই হেনো বেহুচ হৈ পৰিছিলো। ৰিংকুৱে পানী এজগ আনি মোৰ মুখত ঢালি দিছিল।)

‘লুকাই লুকাই আহিছিলো মই। যেনেতেনে বেগটো লুকুৱাই পেলাব লাগে। মোৰ সতীৰ্থই মোক বিশ্বাসঘাটকতা কৰিছে। নীতি-নিয়ম উলংঘা কৰি দকাইটি কৰিছে। অকমান আগতে সিঁহতৰ এজনক গুলিয়াই বেগটো উদ্ধাৰ কৰিছো।  এয়া এদিন ওভতাই দিব লাগিব। কিন্তু এতিয়া মোক সহায় কৰিবলৈ কোনো নাই। মোৰ বিশ্বাসী দুজনক সিঁহতে হত্যা কৰিলে । হেড কোৱাৰ্টাৰলৈও খবৰ পঠিয়াব পৰা নাই মই। লুকাই লুকাই আহি ৰমনীদাক কোডটো দি গলো। যদি কিবা কাৰণত মই নাথাকো পিছত কোনোবাই বিচাৰি মোৰ আধৰুৱা কাম কৰিব। মই মাথো দৌৰিছো। পাহাৰখন পাৰহৈ আৰু বিশ কিলোমিটাৰ বাট পাৰ হব পাৰিলেই বেছ কেম্পটো পাম। আস্ এয়া কি পিঠিত লাগিল? গুলী? আস্ নোৱাৰা হলো দৌৰিব। আৰু চাৰি পাচটা গুলিয়ে মোৰ পিঠিয়েদি ভেদি বুকুৰে পাৰ হৈ গ’ল। ধৰফৰাই পৰি থাকিলো মই। 
আস্ অসহ্য যন্ত্ৰনা!

হয়তো চিঞৰ এটা উঠি বহিছিলো। বোধকৰো সেইখিনি সময়তেই ইঁহতে মোৰ মুখত পানী ছটিয়াই দিছিল। টিৰ্চাৰ্টটোৰ বুকুখন তিতি গৈছিল। ভয়-ভয়ে সিঁহতে মোলৈ চাই আছিল।

: কি হৈছে পৰাণ? মাথা ঘুৰাইছে?
- দিপুলে মোৰ কান্ধত হাত এখন থৈছিল। ৰিংকুৱে গামোচা এখন আনি মোৰ মুখখন মচি দিছিল।

: মই …মই …কিবা দেখিছিলো। ৰমনীদা¸ মই …মোৰ সকলো মনত পৰিছে।
- ঠোকাঠুকি হৈ পৰিছিল মোৰ কণ্ঠ। এটা নতুন সম্বোধনেৰে সম্বোধন কৰি ৰমনী সেনাপতিলৈ চাইছিলো। আশ্বৰ্য্যত যেন চকু দুটা ওলাই আহিব খুজিছিল ৰমনী সেনাপতিৰ। চাগে মূহুৰ্তৰ বাবে বন্ধ হৈ গৈছিল হৃদস্পন্দন। 

: পৰাণ…পৰাণ…কি হৈছে তোৰ? কি বকি আছ এইবোৰ? 
- দিপুলে মোৰ দুয়ো বাহুত ধৰি দেহৰ সমষ্ট শক্তিৰে জোকাৰি দিছিল। তেতিয়াহে যেন সম্বিত ঘুৰি আহিছিল মোৰ।

: ইমান বেছিকৈ কিয় ভাবিছ যে নিজেই মাজলৈ সোমাই পৰিছ?
- কম্পিত কণ্ঠৰে কৈ দিপুলে মোলৈ চাই আছিল। ময়ো চালো তাৰ চকুলৈ। তাৰ চকুত ভয় নাছিল। আছিল মাথো বিস্ময়।

কি দেখিছিলো মই সপোন! নে আন কিবা!

: দিপুল…দিপুল…মই কিবা দেখিছিলো। মই দেখিছিলো পাহাৰৰ ওপৰত মোৰ মৃতদেহ…। বেগটো লুকুৱাই থোৱা ঠাইখিনি মই জানো দিপুল…। মই জানো…।
- এইবাৰ দিপুলৰ বাহুত জোকাৰি মই কৈ থাকিলো। এইবাৰহে যেন আকাশৰ পৰা সৰি পৰিল সি। আজোৰ মাৰি মোৰ হাত দুখন এৰুৱাই চিঞৰি উঠিল

: হোৱাট ৰাবিশ্ব। এতিয়া আকৌ নকবি যে এইটো তোৰ পুনৰ্জন্ম।

: বোধহয় এয়াই সত্য দিপুল।
- মোৰ মাতটো ঠোকাঠুকি হৈ পৰিছিল।

: এয়া চাচোন¸ মোৰ পিঠিত গুলিৰ দাগ। ইমানদিনে একো বুজা নাছিলো। ভাবিছিলো¸ জন্মতেই কিবা দাগ লৈ জন্ম লৈছো। কিন্তু এতিয়া সকলো বুজিছো।
- একে টানে গেঞ্জিৰে সৈতে একেলগে টিচাৰ্টটো খুলি পিঠিখন দেখুৱালো। বাকৰুদ্ধ হৈ পৰিছিল সিঁহত। 

: হোৱাট দা হেল ইজ দিছ পৰাণ? হোৱাট আৰ য়ু চেয়িং? হাউ কেন ইট পছিবল? পুনৰ্জন্ম … পূৰ্বজন্ম?
- মগজুৱে কাম নকৰা হৈ গৈছিল দিপুলৰ।

: এক মিনিট ৰবা। তোমাৰ জন্ম কেতিয়া হৈছিল?
- এইবাৰ কাষ চাপি আহিল ৰমনী সেনাপতি।

: 17 ছেপ্তেম্বৰ 1992 চন। ৰাতি চাৰে এঘাৰ বজাত।
- মোৰ কথা শুনি মুখখন ক’লা পৰি গৈছিল ৰমনী সেনাপতিৰ। কপা কপা মাতটোৰেই কৈছিল¸ ‘সেই দিনটোতেই ঈশানৰ মৃত্যু হৈছিল।

বিস্ময়ত হতবাক হৈ পৰিছিল দুয়োজন।

মোৰ সাগৰিকালৈ মনত পৰিছিল। সোণকালেই সমাজক সাক্ষী কৰি দুয়ো দুয়োৰে হোৱাৰ শপত খাইছিলো। কিন্তু…
হৰহৰাই অবাধ্য চকুপানীবোৰ বৈ আহিল। 

: মই প্ৰথমৰে পৰাই ভাবি আছিলো¸ এইবোৰ কিয় মোৰ লগত ঘটিছিল। এতিয়া সকলো বুজিছো। যি উদ্দেশ্যৰ বাবে ভগবানে মোক আকৌ পৃথিবীলৈ পঠিয়াইছিল¸ সেয়াই মোৰ লগত লগ-লগাই দিছিল। কিন্তু পৰমৰ মৃত্যুৰ বাবে বুজিছো¸ আকৌ সেই বেয়া ঘটনাবোৰৰ যেন পুনৰাবৃত্তি হব! ইমানদিনে কাৰো হাতত নলগা সেই সম্পদৰ ভাণ্ডাৰৰ খবৰ যেন সিঁহতৰ কোনোবাই পাইছে।
- মই কৈ আছিলো। আঁচৰিত হৈ সিঁহতে চাই আছিল। বহু সময় কাৰো মুখতেই মাত নাছিল। মই জনা নাছিলো¸ সিঁহতে মোৰ কথা বিশ্বাস কৰিছিলনে নাই। কাৰণ আশ্বৰ্য্যৰ বেলি গোটেই কেইজনৰ মুখৰ পৰা এতিয়াও যোৱা নাছিল।

: পৰাণ¸ যদি তোৰ কথা সঁচা বুলি ভাবো¸ তেন্তে পৰমৰ হত্যা হৈছিল দুবছৰ আগতে জানুৱাৰী মাহত। কিন্তু ডিমনিটাইজেচন হৈছে সেই বছৰৰে দ্বিতীয় ভাগত। তেতিয়া হলে দেখোন টকাবোৰ চব অচল হৈ গৈছে এতিয়া!
- দিপুলে কি কব খুজিছিল বুজিলো। সেমেকা হাঁহি এটা মাৰি কলো¸

: সেইদিনা লুকাই থোৱা বেগটোত টকা নাছিল। অজিত¸ নিলয় আৰু হৰিশ নামৰ সেই ধুৰন্ধৰ কেইটাই লুটি অনা সোণ আৰু হীৰাণৰ গহনাহে আছিল প্ৰায় দহ /বাৰ কেজিমান। 
- এইবাৰ চমকি উঠি দুয়োজনে মুখ মেলি দিলে।

কোনেও একো নোকোৱা দেখি অলপ ৰৈ কৈ উঠিলো-
: এতিয়া আমি গুপ্তধন খিনি নহয়¸ সেই পাষণ্ড তিনিটাৰহে সম্ভেদ বিচৰা উচিত। সিঁহতক বিচাৰিলেই ওলাই যাব পৰমৰ হত্যাকাৰী।

: কিন্তু সেই বেগটো?
- দিপুলে মোৰ মুখলৈ চালে।

: সেইখিনিৰ ওপৰত অধিকাৰ চৰকাৰৰ। ইঁহতক ধৰাৰ পিছতেই বেগটো চৰকাৰক গতাই দিম।
- এইবাৰ কোনেও একো কলে। নিৰবে শুনি থাকিল কথাবোৰ।

: আচ্ছা ৰমনীদা¸ আপুনি সেই কেইটাক চিনিপাও বুলি কৈছিল?
- ৰমনী সেনাপতিয়ে মুৰ দুপিয়ালে। কলে দুজনক মই জানিছিলো¸ ‘এজন হৰিশ টেঙাপাৰাৰ পিছত উভতি অহাৰ নাটক কৰি এতিয়া গুৱাহাটীত ডাঙৰ ব্যৱসায়ী। তাৰেই চামচা কৰা ৰূপক বুলি এটা আছিল¸ সিয়ো এতিয়া গুৱাহাটীতে থকা বুলি শুনিছো। আনটো নিলয়¸ বেঙেনাপোতাৰ গুলিখাই মৰিল। বোধকৰো কিবাকৈ সিঁহতৰ কথাবোৰ গম পাইছিল। ভয়তে এই ঠাই ত্যাগ কৰিলে ইঁহতে।
- পৰম ঘৃণাৰে কৈ আছিল ৰমনী সেনাপতিয়ে।

: অ’কে। ক’ত পলাই থাকিব আৰু! লেটচ্ ষ্টাৰ্ট মিচন অল ক্লিয়াৰ
- সোঁহাতৰ তলুৱাখন আগবঢ়াই দিলো। দুয়োজনে খামোচ মাৰি ধৰিলে।

মনত শিঁহৰণ জাগি উঠিছিল মোৰ। আত্মবিশ্বাস বাঢ়ি আহিছিল। ইশ্বৰৰ ইচ্ছা¸ ইশ্বৰৰ আশীৰ্বাদ। ওম শান্তি ওম চিনেমাৰ শ্বাহৰুখ খানৰ ডায়লগটোলৈ মনত পৰি গৈছিল। 

আমি ঠিক কৰিলো¸ সিঁহতক বিচাৰিম। কাইলৈয়ে দুয়ো গুৱাহাটীলৈ উভতি যাম। সফল নোহোৱালৈ কোনেও কাৰো আগতে প্ৰকাশ নকৰিব এই ৰহস্যময় কথাবোৰ।

আমি উভতি অহাৰ পৰত ৰমনী সেনাপতিয়ে পৰম আত্মীয়তাৰে মোক আঁকোৱালি ধৰিছিল। অামি অহাৰ পৰতো পদুলিত ৰৈ আমি নেদেখা হোৱালৈ হাত জোকাৰি ৰৈছিল। কিবা যেন প্ৰাপ্তিৰ হাঁহি এটা ফুটি উঠিছিল তেওৰ মুখত।

********-

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib