Now you can Subscribe using RSS

Submit your Email

Thursday, 7 May 2020

Thirty Nineঃ 10

Unknown
দশম অংশ)

: আমি বিচনাত থাকোতেই নিতু আহিল আমাক জগাবলৈ। ছয় বজাই নাছিল চাগে। কেঁচা টোপনিৰ জাল চকুৰ পৰা অঁতৰাই নাছিল। এটা বেলেগ সময়ৰ কথা সুঁৱৰি বহু দেৰিকৈ শুইছিলোহে। ভাবিছিলো আঠমান বজাত উঠি লাহে-লাহে ওলাম। যোৱা ৰাতিয়েই অনলাইন ট্ৰেইনৰ টিকট কাটিছিলো। দূপৰীয়া 2:35 ট্ৰেইন। ঢকিয়াই ঢকিয়াই আমাক জগোৱা দেখি দৰ্জাখন খুলি আঁচৰিত হৈ গলো। নিতুৰ মুখখন ভয়ত বিবৰ্ণ হৈ পৰিছিল।

: দাদা¸ …দাদা¸ …এটা ভয়ংকৰ কথা হৈছে। ৰিংকুৱে ফোন কৰিছে¸ শেষৰাতি ডকাইট সোমাই ৰমনী খুৰাক ডেগাৰেৰে বেয়াকৈ জখম কৰিছে। অলপ বেছিকৈয়ে জখম হোৱা বুলি কৈছে। এতিয়া হস্পিটালত আছে।

কি???
- হতবাক হৈ যেন চিঞৰ এটা ওলাই আহিছিল মোৰ।

শুই থকা মানুহ এটাৰ সমুখত ফটকা ফুটালে যেনেকুৱা ৰিয়েকচন হব¸ আমাৰ ঠিক তেনেকুৱাই হৈছিল। ল’ৰালৰিকৈ ওলাই গৈছিলো হস্পিটাললৈ। ডিমাপুৰৰ ভাল হস্পিটাল এখনত ভৰ্তি কৰিছিল ৰমনী সেনাপতিক। আমাক দেখাৰ লগে-লগে ৰিংকু দৌৰি কাষলৈ আহিল। চকু দুটা ৰঙা পৰি উখহি উঠিছিল তাইৰ। বাহিৰৰ বেঞ্চ এখনত ভয়াৰ্ত দৃষ্টিৰে ৰিংকুৰ মাক বহি আছিল। তেও যেন বাক শক্তি হেৰুৱাই পেলাইছিল। আমাক দেখি মুখখনত সোপা দি বহি পৰিল মানুহজনী। চাৰিজনমান মানুহ ৰিংকুৰ মাকৰ লগত আছিল। বোধহয় সিঁহতৰ প্ৰতিবেশী। ৰমনী সেনাপতিক চাবলৈ মন গৈছিল। 
ডাক্টৰে যাব নিদিলে। মানুহজনক আইচিইউত ৰাখিছে। জ্ঞান ঘুৰাই এতিয়াও পোৱা নাই। অত্যাধিক ৰক্তক্ষৰণ হৈছে। বুকু আৰু পেটত চোকা অস্ত্ৰৰে বহুবাৰ হানিছে। 

: তুমি মানুহ কেইজনৰ কাৰোবাক চিনি পাইছিলা নেকি?
- ৰিংকুলৈ চাই সুধিলো।
: নাই দাদা। গোটেইকেইটাই মুখত কলা কাপোৰ বান্ধি আহিছিল। মাথো চকু কেইটাহে ওলাই আহিছিল। শেষ ৰাতি কোনোবাই দৰ্জা ঢকিয়াই মাতোতে খুৰাই উঠি গৈ দৰ্জাখন খুলি দিছিল। আৰু মানুহকেইটা সোমাই আহি খুৰাক কিবাকিবি সুধি আক্ৰমণ কৰিছিল। 
- কৈ থাকোতেই ৰিংকুৰ চকুপানী বৈ আহি ফেঁকুৰী উঠিছিল। তাইৰ কান্ধত ধৰি কাষলৈ চপাই ললো। গভীৰ চিন্তা আৰু আশংকা হৈছিল। যদি ৰমনী সেনাপতিৰ কিবা হৈ যায়! দিপুললৈ চালো¸ তাৰ মুখখনো গম্ভীৰ।

: থানাত খবৰ এটা দিব লাগিব। 

: নাই দাদা¸ পুলিচক নজনাব। পুলিচক জনালে সিহতে মাকো মাৰি পেলাব।
- মোৰ হাতখনত থাপমাৰি ধৰিলে ৰিংকুৱে। এতিয়াও তাইৰ দচকুৰে পানী বৈয়ে আছিল। 

: নাকান্দিবা। চব ঠিক হৈ যাব। আমি আছো নহয়। পুলিচকো নজনাও দিয়া।
- তাইৰ চকুপানীখিনি মচি দিলো। তাইক সামান্য সুস্থ হোৱা যেন লাগিল। 

আমাৰ পিছে-পিছে নিতুৰ দেউতাক¸ তাৰ বন্ধুজন¸ পৰমেশ্বৰৰ ভনীয়েকজনীও আহি পাইছিল। এবাৰ পেচেন্টক চাবলৈ খুজি বিফল হৈ ৰিংকু আৰু মাকৰ কাষলৈ গ’ল।

দূপৰীয়ালৈ এটা অপাৰেচন হৈ গ’ল। ডাক্টৰে জনালে বিপদমুক্ত হৈছে যদিও জ্ঞান ঘুৰাই পোৱালৈকে আৰু দুদিনমান আইচিইউতে ৰাখিব লাগিব। স্বস্তিৰ উশাহ এটা ললো। ৰক্ষা তেও!
 মই বুজিছো¸ ঘটনাটোৱে বৰ বেয়া ৰূপ লৈছে। প্ৰতিপক্ষ আমাকতৈ বহু বেছি শক্তিশালী আৰু আগবঢ়া। নিশ্চয় আমাৰ ওপৰত অহৰহ নজৰ ৰাখি আছে। নিতুক কাষলৈ মাতিলো। টকাৰ বৰকৈ চিন্তা কৰিবলগা নাই। দিপুল আৰু মোৰ দুয়োৰে কাৰ্ডত টকা আছে। গুৱাহাটীলৈ যোৱা আশা বাদ দিছিলো। মানুহজনৰ অৱস্থাটো চাই পৰহিলৈ যাম। 

ঘৰৰ মানুহ কেইজন বুজাই বঢ়াই কিবাকৈ অলপ খুৱাই আনিলো। ৰিংকুৰ মাক নগলেই। ৰিংকুৱেও সামান্যহে খালে।  মাকলৈ পুৰি চব্জি অলপ পেকিং আনি তাইৰ হাতত দিলো। তিনিটামান বাজিছিল। ৰিংকুৰ মাক নিতু আৰু অমৃতৰ লগত ৰিচেপচন হ’লৰ চকী এখনত টোপনিয়াই টোপনিয়াই বহি আছিল। 
- নিতু আৰু অমৃত আগুৱাই আহিল।

: দাদা¸ আপোনালোক নহলে গাঁওলৈকে যাওক। আজি আমি থাকিম। অৰ্পিতা আৰু ৰিংকুহতৰো এজনক লৈ যাওক। কাইলৈ পুৱা আহিবগৈ। মিছাতে আটায়ে কষ্ট খাব নালাগে। 
 
কথাটো অৱশ্যে হয়ো। একেলগে চব মানুহে কষ্ট খাই থকাৰ দৰকাৰ নাই। দিপুললৈ চালো। মুৰ দুপিয়ালে। এটিএম এখন নিতুৰ হাতত দি পাচৱৰ্ডটো কলো। দৰকাৰ হলে খৰচ কৰিব পাৰিব। ৰিংকু কোনোপধ্যেই আহিবলৈ মান্তি নহল। মাকতো নাহেই। গতিকে অৰ্পিতাক আৰু তাইৰ খুৰাকক লগত ওলাই আহিলো।

: দাদা…দাদা¸ 
- কিবা ভাবি নিতু আমাৰ পিছে পিছে ওলাই আহিছিল। উভতি চালো।

: দাদা¸ অমৃতো যাব আপোনালোকৰ লগত। ইয়াত আমি চাৰিজন আছো যেতিয়া হৈ যাব। কিবা দৰকাৰ হলে অমৃতে আপোনালোকক সহায় কৰিব পাৰিব।
- অমৃতলৈ আঙুলিয়াই নিতুৱে কৈ উঠিল।

কথাটো বেয়া নালাগিল। গাঁওৰ ডেকা এজন ৰাতি লগত থাকিলে কামত আহিব। অৱশ্যে এইটো নহয় যে নিতুৰ গাঁওৰ আৰু বাকী বন্ধুকেইজনক চিনি নাপাও। কিন্তু তাহাতৰ ঘৰতে আশ্ৰয় লোৱাৰ বাবেই অমৃত আমাৰ বাবে বেছি সুবিধাজনক সহায়। 
------

ওৰে বাটচোৱা অৰ্পিতাহতে ৰাতিৰ ঘটনাটোৰ বাবে দুখ কৰি কথা পাতি গৈছিল। মই মাজে-মাজে দুই এটাহে মন্তব্য দিছিলো। দিপুলে নিশ্চুপ হৈ কিবা ভাবি আছিল।

: দাদা¸ আপোনালোকে কি ভাবে? কি হব পাৰে ৰমনী খুৰাক কৰা অাক্ৰমণটো? সচাকৈয়ে কি ইয়াত টকাৰ ভাণ্ডাৰ লুকুৱাই থোৱা আছে?
- হঠাতে অমৃতে সুধি দিলে।

উচপ খাই উঠিলো। কি বুলি কও! তাৰ চকুলৈ চালো¸ গভীৰ চিন্তাৰ বাহিৰে একো নাই। তাৰমানে কেনেবাকৈ ই কথাবোৰ জানিলে। ভাগ্যেহে মোৰ পুনৰ্জন্মৰ কথাটো কিবাকৈ গম পোৱা নাই আৰু টকাৰ ভাণ্ডাৰ বুলি কৈছে যেতিয়া চাগে কথাবোৰ আধাহে শুনিছে। কলো

: কিবা ভাণ্ডাৰ আছে নে নাই চিঅ’ৰ নহও। কিন্তু গভীৰ ৰহস্য যে আছে খাটাং।
- কপালৰ শিৰ থুপ খুৱাই পুনৰ কলো¸ একো নাই! সোণকালে চব ধৰা পৰিব। মাথো সাবধানে থাকিব লাগিব।

: তাৰমানে আমাকো আক্ৰমণ কৰিব পাৰে নেকি দাদা?
- আতংকিত হৈ অৰ্পিতাই মোলৈ চাই থাকিল।

বেলেগ একো কব নোৱাৰিলো। মাথো কলো¸
: সাবধানে থকা ভাল। 

মুক হৈ পৰিল সকলো। বাকী বাটচোৱা আৰু এটা শব্দও কোনেও নকলে। মাথো দিপুলৰ ফোনটোহে মাজে-মাজে কাষ্টমাৰ কেয়াৰৰ পৰা অহা মেছেজেৰে টুং টাং কৰি থাকিল।
--------

: দিপুল¸ সিঁহতে কেনেকৈ গম পালে বাৰু? বোধহয় আৰম্ভনিৰে পৰা নজৰ ৰাখি আহিছে। সেয়ে ৰমনী সেনাপতিক মাৰি তথ্যখিনি লৈ গ’ল।
- চিন্তাক্লিষ্ট দুচকুৰে দিপুললৈ চালো। চাটকৈ মনত পৰিল নতুন ডমিনাৰ বাইক দুখনলৈ।

: পৰাণ¸ আমি চাগে আৰু ইয়াত থকাটো উচিত নহব! আমাৰো বেয়া আৰু এই মানুহবোৰৰ বাবেও বিপদ। গুৱাহাটীলৈ ঘুৰি যাও ব’ল।
- ভয়াৰ্ত কণ্ঠেৰে সি কৈ উঠিল। যথেষ্ট ভয় খাইছিল সি। 

: কিন্তু …আমাৰ ইনভেষ্টিগেচন…
: বাদ দে এইবোৰ। জান হে তো জাহান হে। বহুত বেছি শক্তিশালী সেই মানুহবোৰ। তাতে সকলো অচিন অজানা শত্ৰু।
- অলপ বিৰক্ত হৈ পৰিল সি।

: দিপুল…প্ৰায় লাষ্ট ষ্টেজলৈ আহিছো ভাই। এইখিনিতে ভয় খাই পলাই গলে গোটেই জীৱন শান্তি নাপাম। তদুপৰি…

: আৰে ভাই¸ বুজিবৰ চেষ্টা কৰ! আমি আহিছো শুদা হাতে¸ একো এনেকুৱা এক্সপেৰিয়েঞ্চ নথকাকৈ! সিঁহতৰ লগত কি কি হাথিয়াৰ আছে কোনে জানে!
- অধৈৰ্য্য হৈ পৰিছিল সি। পাৰিলে যেন এতিয়াই গুৱাহাটীলৈ উভতি যাব। এই গাঁওৰ পৰা¸ এই দুৰ্যোগৰ পৰা¸ এইটো পৰিবেশৰ পৰা যেন এতিয়াই গুচি যাব নিৰাপদ ঠাইলৈ। সমস্যাটো ময়ো বুজিছো। কিন্তু কেনেকৈ নিজক ফাঁকি দিম! কেনেকৈ পলাই যাম নিজৰ পৰা? মোৰ এটা সময়ৰ পৰম শত্ৰুবোৰক কি ইমান সহজে এৰি দিম! কোঠাটোৰ ভিতৰতে খোজকাঢ়ি তাকেই ভাবিছিলো।

: পৰাণ¸ তই কালি এব্ৰিভিয়েচন কোডটো কলি। কিন্তু মুকলি নকৰিলি দেখোন। এব্ৰিভিয়েচনটোৱেটো বহু কথা মিন কৰিব পাৰে।
- হঠাতে শুধিলে দিপুলে। মোৰ ভাৱত যতি পৰাত তালৈ চালো। হয়তো কব পাহৰি গৈছিলো! সিঁহতেও নুসুধিলে।

: হমম। 
- তাৰ কাষত বহি ললো। বিচনাখনৰ ওপৰতে আঙুলিৰে আঁকি দেখুৱালো। আচৰিত হৈ চাই থাকিল সি।

হঠাতে কথা এটা মনলৈ আহিল। যেন পটকৈ চিন্তাৰ ঢাকনি এখন খোল খাই গ’ল।

: দিপুল¸ ব’ল আমি এবাৰ সেই ঠাইখনৰ পৰা আহো। সিঁহতে কোড পালেও ব্ৰেক কৰিবলৈ কমেও এটা দিন লাগিব। কাইলৈ য়ে পুলিচত খবৰ দিম। 

: হা…এতিয়া…
- চক খাই সি মোলৈ চাই থাকিল।

: ব’ল ব’ল। সোনকালে আহিম।
- কৈয়ে পেন্টটো পিন্ধি গাত চাৰ্টটো সুমুৱাই ললো।

: এতিয়া নাজাও নেকি! কাইলৈ পুৱা যামদে।
- হেহোনেহো কৰিলে সি

: একো নহয়। এয়াই বেষ্ট টাইম। পাহৰিলি নেকি? কালি পুৱাই হস্পিটাল যাব লাগিব।
- তাৰ বাহুত ধৰি জোৰকৈ উঠাই দিলো।

: কিন্তু …
: আমি অকলে নাজাও। অমৃতৰ লগৰ দুজনমানকো লৈ যাম।
- আৰু তাক একো কোৱাৰ সুযোগ নিদি অমৃতক মাতিবলৈ ৰুমটোৰ পৰা ওলাই আহিলো।

---
কথাখিনি অমৃতে অলপ ভাবিলে। মোক অলপ সময় ৰবলৈ দি মানুহ গোটাবলৈ ওলাই গ’ল। অনিশ্চা স্বত্তেও দিপুল ওলাইছিল। মানুহ গোটাই অনালৈ ন বাজি গ’ল। অমৃতে লগত আৰু চাৰিজন ল’ৰা গোটাই আনিছে। আটাইকেইটাই হৃষ্টপুষ্ট। ল’ৰাকেইটাক চিনি পালো। আগতেও লগ পাইছো। সকলোকে চব কথা পটকৈ কব নোৱাৰি। সেয়ে দেৰি হৈ গৈছিল অমৃতৰ। 

: দাদা¸ তাতেও দুজনমান ৰৈ থাকিব।
- চাইকেলত উঠাৰ আগতে নিতুৱে কলে!

: গুড। কিন্তু তোমালোক আমাৰ লগত আহিব নালাগে। অলপ দূৰে দূৰে আহিবা। সেয়াও একেলগে নহয়¸ যাতে কোনেও বিশেষ একো ভাবিব নোৱাৰে।
- প্লেনটো বুজাই দিলো। আটাইকেইটাই মুৰ দুপিয়ালে।

গৈ পোৱালৈ চাগে চাৰে ন মান বাজি গৈছিল। বাটত এটা শব্দও আমি কোৱা নাছিলো। এৰাবাৰিখনৰ কাষৰ ঘৰটোও এতিয়া এৰাবাৰী যেনেই হৈ পৰিছে। পুৰণি ঘৰবোৰ জহি খহি ভূত বাংলা যেন লগা হৈছে। এনে লাগিছে যেন পঞ্চাশ বছৰমান এইটো ঘৰত মানুহৰ বসতি হোৱা নাই। ঘৰটোৰ পিছফালৰ বাঁহগছ কেইচোপ হাউলি আহি ঘৰটোৰ আগফাল এন্ধাৰ কৰি পেলাইছে। তাতে আজি একাদশী। জোন দেৰিকৈহে ওলাব। ঠাইখিনি পাণ্ডববৰ্জিত। মাথো জোনাকী পৰুৱাবোৰহে অস্তিত্ব জাহিৰ কৰি যেন উৰি ফুৰিছে। বাৰীৰ পৰা ফেঁচাৰ নে হুডুৰ মাত আৰু জিলিৰ মাত একাকাৰ হৈ ভাহি আহিছে। দুই বেটাৰীৰ টৰ্চটো জ্বলাই আমি খুপি খুপি সোমাই গলো। আন সময়ত হোৱা হলে চাগে ভয়তে নোসোমালোহেতেন। কিন্তু অধ্যাধিক কৌতুহল আৰু জেদে আমাক সাহসী কৰি তুলিছে।

: কোনখিনি ঠাই।
- বহুদেৰি বাৰীখনত ইফালে সিফালে ঘুৰি থাকোতে সি সুধিলে।
: ইয়াতেই ক’ৰবাত আছিল! পাহৰি গৈছো!
- প্ৰকাণ্ড বাৰীখন প্ৰায় গেজেপনি মৰা হাবিৰ দৰেই হৈ পৰিছে। কাষতে এটি পুৰণি পুখুৰী। পোহৰ পেলাই চালো¸ পুখুৰীৰ পাৰখন ভয়লগা হৈ পৰিছে।

হঠাতে সৰুকৈ কিবা শব্দ এটা হ’ল। এনেয়ে ৰাতিৰ নিৰ্জনতাত বহু দূৰৰ পৰাই শুনা যায়।

: দিপুল¸ সৌটো চা কি?
- দূৰৰ পৰা চোতালত কিবা ছাঁ যেন দেখিলো। 

: ক’ত? 
- এখোজ আগুৱাই দিপুলে টৰ্চৰ পোহৰ মাৰি পঠিয়ালে। কি বস্তু চাবলৈ নাপালোৱেই। মাথাৰ পিছফালে প্ৰচণ্ড যন্ত্ৰনা অনুভৱ কৰিলো। যেন কোনোবাই ৰ’ড এদালেৰেহে কোবালে। ভাব হৈছে যেন কিবা বৈ আহিছে। আৰু কব নোৱাৰো…।


যেতিয়া সাৰ পালো মোৰ চাৰিওফালে এজাক মানুহ। মোৰ বিচনাখন বেৰি চাৰিওফালে ৰৈ আছে সকলোবোৰ। আটাইৰে মু্খবোৰ গোমা। উদ্দিগ্ন হৈ সকলোৱে চাই আছে মোলৈকে।

: মই ক’ত আছো?
- এইটোতো অমৃতহঁতৰ ঘৰটো নহয়। তিনিদিন ধৰি যিটো কোঠাত আমি আছো সেই কোঠাটোও নহয়। কিবা হস্পিটাল যেনহে লাগিছে।

: দাদা¸ আপুনি পিএইচ চিত আছে। আপোনাৰ…
- কথাখিনি শেষ নকৰিলে নিতুৱে। কৰুণ দৃষ্টিৰে মোলৈকে চাই থাকিল।

: হস্পিটাল কিয়?
- আচৰিত হৈছিলো। উঠি বহিবলৈ চেষ্টা কৰোতে মাথাৰ পিছফালে হঠাতে তীব্ৰ বিষ অনুভৱ কৰিলো। ‘আস’ অস্ফুট স্বৰ এটা ওলাই আহিল। চাতকৈ মনত পৰি গ’ল মোৰ। ৰাতি দিপুলৰ লগত ঘৰটো চাবলৈ গৈছিলো। মোৰ মাঠাত আঘাট অনুভৱ কৰিছিলো। তাৰ পিছত …

: পটকৈ নুঠিব ৰব। অলপ তেজ গৈছে।
- বগা এপ্ৰন পিন্ধা ডাক্টৰজন আগলৈ আহিল। লাহেকৈ হাত এখন পিছলৈ নিলো। মাথাটোত বেণ্ডেজ। 
লাহে-লাহে উঠিবলৈ চেষ্টা কৰিলো। কোনোবা এজনে আহি পিঠিত গাৰু এটা দি আউজি বহাৰ ব্যৱস্থা কৰি দিলে। শৰীৰটো বৰ দুৰ্বল যেন লাগিল। ডাক্টৰজনলৈ চালো¸ 
: ছাৰ¸ কেইটা পৰিল?
: চাৰিটা।
- মনটো মৰি গ’ল। কেনেকৈ আগুৱাম এতিয়া। 

: আপোনালোকে এতিয়া পুলিচক জনাওক দেই। নহলে ময়েই…
- কৈ কৈ নিজৰ মোবাইলটো উলিয়াই লৈছিল বয়সীয়াল ডাক্টৰজনে। অমৃতে বাধা দি উঠিল।
: ছাৰ¸ প্লিজ। আগতে দাদাক সুধি লও। 
একে সময়তেই ময়ো কৈ উঠিছিলো
: ডাক্টৰ প্লিজ…
- আচৰিত হৈ ডাক্টৰে দুয়োৰে মুখেৰে চালে। কিবা ভাবিলে আৰু কলে ঠিক আছে। চাগে তেৱো কিবা ৰহস্যৰ গোন্ধ পালে আৰু শুনিবলৈ কৌতুহলী হৈ ৰৈ থাকিল।

হঠাতে মনত পৰিল মোৰ। কোঠাটোৰ ভিতৰত দিপুলক নেদেখি আচৰিত হলো।
: দিপুল ক’ত?
-  একো নকৈ অমৃতে তলমুৰ কৰিলে সি। 

: দিপুল ক’ত? মোৰ লগত যে আৰু এজন আছিল…
- অধৈৰ্য্য হৈ পৰিলো। 

: দাদা¸ তেওক কিডনেপ কৰিলে।
- মানুহজাকৰ মাজৰ পৰা কোনোবাই কলে।

: কিইইই???
- হতভম্ব হৈ পৰিলো মই। সপোনতো ভবা নাছিলো¸ এনেকুৱা ঘটিব পাৰে বুলি।

: দাদা¸ আপুনি কোৱাৰ দৰেই আমি আপোনালোকৰ পৰা দূৰে দূৰে লক্ষ্য কৰি আছিলো। যেতিয়া আপোনালোক চৌহদৰ ভিতৰলৈ সোমাইছিল¸ আমি স্মশানলৈ যোৱা ৰাষ্টাটোৰ ফালে ৰৈ আছিলো। তাৰ পৰা পাহাৰলৈ যোৱা ৰাষ্টাটো দেখা যায়। কোনো মানুহ চানুহ চকুত পৰা নাছিল। হঠাতে চিঞৰ এটা শুনা পালো। দৌৰি গৈ ভিতৰলৈ গৈ দেখিলো যে আপুনি পৰি আছিল। তেখেতক দেখা নাপালো। বহুত বিচাৰ খোচাৰ কৰিলো কিন্তু কতো বিচাৰি নাপালো।
- অমৃতৰ লগৰ দিগন্তই মোৰ ফালে চাই কৈ থাকিল। 

বাকৰুদ্ধ হৈ পৰিলো। ভয়¸ দুচিন্তাত মানুহটো কপি উঠিলো। 
কি হব এতিয়া???

: দাদা¸ আপুনি য’ত পৰি আছিল¸ তাৰ অলপ ওচৰত এইখন কাগজ পৰি আছিল।
- চিন্তিত হৈ অমৃতে মোলৈ কাগজ এখন আগবঢ়াই দিলে। কপা কপা হাতেৰে কাগজখন হাতপাতি ললো। 
চাৰি ভাঁজ কৰা আছিল কাগজখন। মাটিত পৰি থকা বাবে সামান্য লেতেৰা হৈ পৰিছিল কাগজখন। একোণত তেজ লাগি আছিল। হয়তো লেখাৰ পিছত ইচ্ছাকৃত ভাবেই লগাই দিছিল। ভয়ে ভয়ে পঢ়িলো। কাকো সম্বোধন নকৰাকৈ ইংৰাজীতে লেখা এখন চুটি চিঠি। 

‘অামনি নকৰিব। নহলে ভয়ংকৰ হব। এয়া মাথো ট্ৰেইলৰহে।’
বুকু কঁপি উঠিল। এয়া ট্ৰেইলৰ মানে কি!

: দাদা¸ কি কৰো এতিয়া? পুলিচক জনাও নেকি?
- অমৃতহঁতে ভয় খাইছিল। ভয় ময়ো খাইছিলো। আৰু এতিয়া কথাবোৰ শুনি ডাক্টৰেও ভয় খালে। অলপ উত্তেজিত হৈ এইবাৰ ফোনটো উলিয়াই ললে

: মই পুলিচক জনাও দেই। ইমান ৰিস্ক লব নোৱাৰো।

: ৱেইট ছাৰ¸ ৱেইট। ইটচ্ এ চিক্ৰেট মিছন। এনেকৈ এতিয়া নভবাকৈ পুলিচলৈ ফোন কৰিলে হিতে বিপৰীত হব। তাতে আকৌ এজনক কিডনেপ কৰিছে।
- কথাখিনি বুজাবলৈ চেষ্টা কৰিলো ডাক্টৰজনক। মুখখন কেহেৰাজ বটা যেন হৈ তেও মোলৈ চাই কলে¸ ‘তেন্তে?’

: অলপ ভাবিব দিয়ক।
কিন্তু কি আৰু ভাবিম! ভিতৰি ময়ো ভাগি পৰিছিলো। অমৃতলৈ চালো।

: কেইটা বাজিল?
: চাৰে বাৰটা।
: অহ¸ কিমান সময় বেহুচ হৈ আছিলো মই?
: প্ৰায় আধা ঘন্টাৰো বেছি।
- অমৃতে কোৱাৰ আগতে এইবাৰ মাত দিলে আন এজনে। লৰাটোলৈ চালো¸ তিক্ৰিপুৰাৰ ল’ৰা। বেছ হৃষ্টপুষ্ট। কথা এটা মনলৈ আহিল। পকেটত খেপিয়াই চালো¸ ফোনটো নাই দেখোন।

: দাদা¸ এইটো।
- মই পকেটত কিবা বিচৰা দেখি অমৃতে বুজি পালে। 
: চিটিকি ওলাই পৰিছিল দেখি মই লৈছিলো। 
- নোসোধা স্বত্তেও চাফাই দি সি ফোনটো মোৰ হাতত তুলি দিলে। দুবাৰমান দিপুলৰ নম্বৰটোত ফোনটো লগালো। চুইটচ অফ। অমৃতহঁতে মোলৈ চাই থাকিল। কি কৰো কি নকৰো লাগিল। মন গৈছিল¸ এতিয়াই উঠি গৈ সেই ঠাই টুকুৰাত আকৌ এবাৰ পৰীক্ষা কৰিম! কিন্তু শৰীৰে মোৰ লগ দিয়া নাই।

শেষ সকলো শেষ। যদি কিবাকৈ সেইখিনি সিঁহতে উলিয়াব পাৰে¸ দিপুলক সোশৰীৰে পোৱা টান হব। আৰু কেতিয়াও এই ৰহস্য উদ্ঘাটন নহব! ডাক্টৰজনলৈ চালো¸

: ডাক্টৰ¸ এনেকুৱা কিবা ইনজেক্টচন আছে নেকি যি লৈ মই এতিয়াই যাব পাৰিম?

: হোৱাট??? পাগল হৈছে নেকি? চাৰিটা চিলাই পৰিছে আপোনাৰ।
- অাশ্বৰ্য্যত চকু বহল হৈ গৈছিল ডাক্টৰজনৰ।

: একো নহয় ডাক্টৰ। যেতিয়া এবাৰ যোৱাৰ পিছত আকৌ ভগবানে পঠাই দিছে¸ তেন্তে একো নহয় মোৰ।
- নাজানো ক’ৰ পৰা শক্তি পাইছিলো¸ ঘপহকৈ ঠিয় হলো। ভয় খাই অমৃত কাষলৈ দৌৰি আহিল।

: দাদা¸ নালাগে। আপোনাক ৰেষ্টৰ প্ৰয়োজন।
- অমৃতে দৌৰি আহি শুৱাই দিব খুজিলে।

: নহয় অমৃত। তুমি বুজা নাই। আমি এতিয়াই যাব লাগিব। এটা কাম কৰা¸ এতিয়াই থানালৈ ফোন কৰি কোৱা যে তিক্ৰিপুৰাত দকাইটি হৈছে। আৰু মোক এতিয়াই আৰু পোন্ধৰজনমান ল’ৰা লাগিব পামনে?

- সকলোৱে মোলৈ অবাক হৈ চাই থাকিল। 

: পামনে আৰু পোন্ধৰজনমান?
- গভীৰ আশাৰে সিঁহতৰ ফালে চালো।

: কিন্তু…এই ৰাতি?
কিবা কবলৈ ওলাইছিলো মাথোন¸ হঠাতে টুং টাং কৰি মোৰ ফোনটোৱে শব্দ কৰি উঠিল। 
‘Check your whatsapp.’
অচিনাকী নম্বৰৰ পৰা মেছেজ এটা আহিছে। আচৰিত হৈ ডাটা অন কৰি দিওতে একেই নম্বৰটোৰ পৰা ভিডিঅ’ এটা আহিল। নেট শ্ল’¸ গোটেইটো ডাউনলোড হবলৈ অলপ সময় লাগিল। কিন্তু ভিডিঅ’ চাই যি দৃশ্য দেখিলো¸ মোৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। 

: কি হ’ল দাদা?
- মোৰ মুখৰ বৰণ সলনি হোৱা দেখি অমৃতহঁতেও বোধকৰো কিবা বুজিব পাৰিছিল। মই একো কব নোৱাৰিলো। ফোনটো আগবঢ়াই দিলো। সিঁহতৰ গোটেই জাকটোৱেই ফোনটোৰ ওপৰত উবুৰি খাই পৰিল। মাথো কেইটামান মুহুৰ্ত। দৃশ্যটো দেখি সিঁহতৰো মুখৰ ৰং কেহেৰাজ বৰণীয়া হৈ গ’ল।

মুখেৰে একো শব্দ নকৰাকৈ সি ফোনটো ওভতাই দিলে। ভয়ে ভয়ে আকৌ এবাৰ ভিডিঅ’টো চালো।

‘লেবেজান হৈ পৰা দিপুলৰ দিঙিত ধাৰাল ডেগাৰ এখন ৰাখি কলা কাপোৰেৰে মুখ ঢাকি ৰখা এজনে হুংকাৰ দি আছিল। একদম আইছিচৰ কাইদাৰে। লগতে কৈ আছিল¸ যাতে এই ঘটনাটো ইমানতে পাহৰি যাও। নহলে তাক হত্যা কৰিব। আৰু যদি মই কাইলৈ গুৱাহাটীলৈ উভতি যাও তাক এৰি দিব আৰু মোৰ লগতে মোক সহাঁয় কৰা ল’ৰাকেইজনকো দহলাখ টকা দিব।’

কিংকৰ্তব্য বিমুঢ় হৈ পৰিলো মই। ঝটকাৰ পিছত ঝটকা খাই আছো আৰম্ভনিৰ পৰা। এতিয়া কি কৰা উচিত একো ঠিৰাং কৰিব নোৱাৰি চাই ৰলো।

: দাদা¸ এতিয়া কি কৰিব?
- অমৃত কাষলৈ আহিল। তাৰ গাৰ নোম শিয়ৰি উঠিছিল। যথেষ্ট ভয় খাইছে সি। সি বুলিয়েই নহয়েই সকলোৱেই যথেষ্ট ভয় খাইছে। ইয়াৰ এজনো যে এতিয়া যাবলৈ সাহস নকৰিব খাটাং। 

: হমম। তাকেই কি কৰো বাৰু!
- প্ৰশ্নটো তালৈ ঠেলি দিলো। মোৰ মন মগজুত এতিয়া হাজাৰ চিন্তাৰ দৌৰ। আচলতে চিন্তা বুলি কোৱাতকৈ দুচিন্তা বুলি কোৱাহে উচিত হব। মনত পৰিল¸ ট্ৰেইনত লগ পোৱা সন্যাসী বাবা গৰাকীলৈ। বিশ্বাস নকৰি বেয়া কৰিছো। মোৰ বেগত থৈ দিয়া ৰুদ্ৰাক্ষ মালাধাৰি পিন্ধি নথকাৰ বাবে বিৰাট আপচোচ হ’ল। 
ছেঃ কি কৰো এতিয়া!

: দাদা¸ পুলিচক এতিয়া নজনোৱাটোৱে ভাল হব নেকি? 
- কিবা এটা ভাবি অমৃতে কৈ উঠিল। ল’ৰাজাকৰ মাজত কিবা এটা গুণগুণনি উঠিছিল। মই সিঁহতলৈ চালো। আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। এইবাৰ ডাক্টৰজনলৈ চালো¸ তেওৰো মুখখন গম্ভীৰ। তেৱো যেন ভাবিব পৰা নাই কি কোৱা ভাল হব।

: সেইটোৱে ভাল হব। কাইলৈ পুৱা আমি ডিচিলম লম¸ কি কৰা উচিত বা অনুচিত।
- কথাখিনি কৈ আকৌ এবাৰ ভিডিঅ’টো চালো। ভয় খাই সকলো পাহৰি যোৱা উচিত নহয়। ভিডিঅ’ৰ বেক গ্ৰাউণ্ড সেইখিনিয়েই। চিঠিৰে ভাবুকি দিয়াৰ পিছত এই ৰাতিখন আকৌ কিয় ভিডিঅ’ বনাব লগা হ’ল! চাটকৈ মগজুৰ দুৱাৰখন খোল খাই গ’ল। ইটচ্ এ মেন্টেল ট্ৰ্যাপ। সিঁহতে উমান লব খুজিছে আমি কি কৰিছো। চাগে ইতিমধ্যে ভিডিঅ’টো চিন দেখাইছে। 

নম্বৰটোত ফোন লগালো¸ টুট টুট কৰি কাট খাই গ’ল।

: দাদা¸ কালৈ ফোন কৰিছে?
- আচৰিত হৈ অমৃত মোৰ কাষলৈ আহিল।
: হমমম। কিবা বুজিছানে?
- অমৃতলৈ চালো। মুৰ জোকাৰি দেখুৱালে।
: চোৱা¸ ভাবুকি তাকেই দিয়া হয়¸ যাৰ পৰা ভয় থাকে। গতিকে আমিও ভয় খোৱা দৰকাৰ।
- একো নুবুজি আটায়ে মোলৈ চাই ৰ’ল।

: মেছেজ এটা টাইপ কৰিলো¸ প্লিজ দিপুলৰ একো নকৰিব। মই কালিয়েই উভতি যাম।’ মেছেজটো চেন্ট কৰি চাই থাকিলো। হোৱাটচ্এপত মেছেজটো ৰীড নেদেখুৱালে। হয়তো চেটিংছত হাইড কৰি থব পাৰে¸ নতুবা অনলাইন নায়েই। 
বিশমিনিটমান পিছত সিঁহতৰ ৰিপ্লাই আহিল¸ ‘ok’

মোৰ খং উঠিছিল। মন গৈছিল¸ এতিয়াই গৈ সিঁহতক অতৰ্কিত আক্ৰমণ কৰি দিও। 
কিন্তু সেয়া কৰিব খোজাতো মুৰ্খামি। এইবাৰ ল’ৰাজাকলৈ চালো¸ ইঁহতে বাৰু কি ভাবিছে! মই ভাবিছো মাথোন কেনেবাকৈ দিপুলক সিঁহতৰ কবলৰ পৰা মুক্ত কৰিব পাৰিলেই হ’ল। 

: অমৃত…
- কাষলৈ মাতিলো তাক। সি আহিল¸ প্ৰশ্নবোধক চিহ্ন এটা মোলৈ চালে।

: ৰাতিটো এনেকৈ থকাতকৈ ঘৰলৈ গৈ শুৱাই ভাল হব।

মোৰ কথা শুনি অমৃতে এপলক কিবা ভাবিলে। তাৰপিছত বাকী কেইজনলৈ এবাৰ চাই কৈ উঠিল
: নালাগে দাদা¸ এটা কাম কৰক। আপুনি চেলাইন এটা লওক। গাটো অলপ ভাল পাব।

মোৰ একো কব লগা নাছিল। বুজিলো¸ সিঁহত কোনেও এতিয়া ওলাই যাবলৈ ভালপোৱা নাই। ইতিমধ্যে অমৃতৰ কথা শুনি ডাক্টৰ ওলাই গৈছিল আৰু অলপ পিছত চেলাইন এটা লৈ মোৰ ফালে আগুৱাই আহিল।

একো নকলো। নিৰবে হাতখনত cannula ফুটাবলৈ সুবিধা কৰি দিলো।

*******

হস্পিটালখনৰ পৰা ঘৰ পাওতে ৰাতিপুৱা ৫ বাজি গৈছিল। মোৰ এই অৱস্থাৰ কথা গম পাই অমৃতৰ মাক-দেউতাকে ইচ-আচ কৰি উঠিল। অলপ পিছত অৰ্পিতা আৰু তাইৰ মাক-দেউতাক¸ খুৰাক¸ খুৰীয়েক সকলো আহি অমৃতহঁতৰ চোতাল ভৰি পৰিল। অমৃতে থুলমুলকৈ কথাবোৰ কোৱাত দুচিন্তাত সকলোৱে দুচিন্তাত পৰিল।

: যদি তুমি ইয়ালৈ নাহিলাহৈ¸ এইবোৰ একোৱেই নহলহৈ। ইয়ালৈ আহি মিছামিছি অশান্তিহে লৈ আহিলা বাপু।
- হুমুনিয়াহ এটা কাঢ়ি অৰ্পিতাৰ খুৰাক¸ নিতুৰ দেউতাকে মোলৈ চালে। তেওৰ কণ্ঠত মোৰ প্ৰতি স্পষ্ট অভিযোগ। চমকি উঠিলো। কেনেকৈ বুজাও এতিয়া এই সহজ সৰল মানুহবোৰক। চাগে সকলোৱেই তেওৰ দৰেই ভাবিছে। যদিও সকলোৱে মুখ-খুলি কোৱা নাই।

: আপুনি ভুল বুজিছে খুৰা। মই ইয়ালৈ নিজে অহা নাই। মাতি অনা হৈছে। আপুনি দেখোন জানেই। আৰু বিশ্বাস কৰক¸ সোনকালেই এই সমস্যা সমাধান হব।  চিন্তা নকৰিব¸ তাৰ একো নহয়। আৰু আপোনালোকৰো একো অসুবিধা হব নিদিও।
- নাজানো¸ কি বুজিলে তেওলোকে। নাজানো কি ভাবিলে। নিৰাশাৰ দৃষ্টিৰেই চাই ৰ’ল। কিন্তু অৰ্পিতা আগুৱাই আহি মোৰ হাতখনত ধৰি ঠোকাঠুকি মাতেৰে কৈ উঠিল¸ ‘দাদাৰ হত্যাকাৰী ধৰিবলৈ আহি আপোনালোক বিপদত পৰিল।’ তাইৰ চকুদুটা চলচলীয়া।

হাঁহি দিলো। কলো¸ ‘ডিটেকটিভৰ লাইফটোৱেই এনেকুৱা। চিন্তা নকৰিবা¸ পোহৰ হবই।’

অলপ ৰৈ পুনৰ কলো¸‘কিন্তু অলপ শুই লও এতিয়া। দুই বজাত ট্ৰেইন আছে।’
উচপিচাই উঠিলো মই¸ ছটাৰ পৰা এঘাৰটালৈ শুব পাৰিলেই বহুত। মোৰ হাতখন এতিয়াও অৰ্পিতাৰ হাতৰ মাজত। বুজি পাই তাই এৰি দিলে।
---

সাৰ পাই দেখিলো যে¸ চাৰে এঘাৰটা বাজিল। ল’ৰাকেইটা অমৃতহঁতৰ দ্ৰয়িং ৰুমতে বহি আছিল। নাজানো¸ সিঁহতে শুলে নে নাই! কিন্তু চকু কেইটা এতিয়াও ৰঙা পৰি আছিল। দেখিলো¸ সিঁহতৰ লগত অৰ্পিতাও বহি আছে। চাগে নিশ্চয় ৰাতিৰ চকটোৰ পৰা সিঁহত মুক্ত হব পৰা নাই।

: অমৃত¸ কৰবাত কিবা খবৰ পাইছানে?
- অমৃতৰ মুখলৈ ভয়ে-ভয়ে চালো। আচলতে মই শুধিব খুজিছিলো¸ ক’ৰবাত ডেডবডী ওলাইছে নেকি? সি মুৰ জোকাৰিলে।

: আৰ য়ু চিঅ’ৰ?
- নিশ্চিত হবলৈ পুনৰ সুধিলো।

: নাই দাদা। আনকি কোনো মানুহে গমো পোৱা নাই।

স্বস্তিৰ নিশ্বাস এটা এৰিলো। উসঃ ৰক্ষা। চাটকৈ মনত পৰিল¸ ডিমাপুৰলৈ যোৱাৰ কথা আছিল। 

: হেৰি নহয়¸ আজি পুৱাই ৰমনী খুৰাৰ তালৈ যোৱাৰ কথা আছিল! 
- দাদা¸ খুৰা আৰু দেউতা গ’ল। ঘটনাবোৰ তেওলোকেও গম পাইছে। বৰ চিন্তাত আছে। 
- অৰ্পিতাই উঠি গৈ মোলৈ চাহ¸ জলপান লৈ আহিছিল। ঘুৰি আহোতে মোৰ কথাখিনি শুনি কৈ থাকিল।

: দাদা¸ আপুনি তেওলোকৰ কথা চিন্তা কৰিব নালাগে। বিপদমুক্ত হৈছে যেতিয়া ভয় কৰিবলগা নাই। কিছুদিন পিছতে আহিব পাৰিব।

কালপ্ৰিট কেইটালৈ মোৰ খং উঠি আহিছিল। হয়তো খং ইমানেই বেছি উঠিছিল যে হাতৰ মুঠি টান হৈ গৈছিল¸ দাত কৰচি ধৰিছিলো। 

: ধৰিব পাৰিলে ইহঁতক এনেকুৱা শাস্তি দিম যে জনমলৈ মনত ৰৈ যাব। 
- আচৰিত হৈ সিঁহতে মোলৈ চালে।
আকৌ কলো¸ 
: এইবাৰ আকৌ উভতি আহোতে খালি হাত লৈ নাযাও। 
- কথাকেইটা কৈ গোটেইকেইটাৰ মুখলৈ চালো।
: তোমালোক অলপ সাবধানে থাকিবা। খবৰ লৈ থাকিম মই।
- আটাইকেইটাই মুৰ দুপিয়ালে।

-----
একমান বজাত ওলাই আহিলো। অমৃত আৰু তাৰ লগৰ এজন মোৰ লগতে ডিমাপুৰলৈ ওলাল। হয়তো মোক অকলে এৰিব টান পালে। নতুবা এক গুলিত দুই চিকাৰ ধাণ্ডা। অৰ্পিতাই পদুলিলৈকে মোক আগবঢ়াই দিলে। সেমেকা মাতেৰে আহিবৰ পৰত কলে¸ ‘দাদা¸ এইবোৰৰ বাবে এইবাৰ ভালকৈ আপ্যায়ন কৰিব নোৱাৰিলো।’
হাঁহি মাৰি তাইলৈ চালো¸ ‘চিন্তা নকৰিবা¸ সোণকালেই আহিম এইবাৰ বিহুৱান লবপৰাকৈ।’
বুজা-নুবুজাৰ দৰে তাই মোলৈ চাই থাকিল।

ডিমাপুৰত তিনিও এবাৰ ৰমনী সেনাপতিৰ খবৰ এটা লবলৈ হস্পিটাললৈ গলো। টকাৰ অসুবিধা হোৱা নাই। তেৱো এতিয়া বিপদমুক্ত। এই দুটা কথাই মোক সকাহ দিলে। মাথো মোৰ অৱস্থাটো দেখি আৰু দিপুলৰ বাবেহে মানুহবোৰ চিন্তিত হ’ল। ‘চিন্তা নকৰিব¸ দিপুলক এৰি নিদিলে দুই এদিনতে কমাণ্ডো অপাৰেচন হব। ইতিমধ্যেই মই যিমান সম্ভৱ ওপৰলৈ খবৰ কৰিছো।’

নিতু আজি উভতি আহিব। ৰাতি দেউতাক থাকিব। ৰমনী সেনাপতিয়ে ইতিমধ্যে জ্ঞান ঘুৰাই পাইছে। কথাও কৈছে দুই এটা। মানুহজনৰ সমুখলৈ যাবলৈ ভাল নাপালো। থাওক¸ পিছত ফোনতে কথা পাতিম। সময়ো হৈ আহিছিল মোৰ ট্ৰেইনৰ। মাত লগাই গুছি আহিলো।

-------

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib