Now you can Subscribe using RSS

Submit your Email

Thursday 7 May 2020

Thirty Nineঃ 11

Unknown
ত্ৰয়োদশ অংশ)

ৰাতি যেতিয়া উভতি আহিছিলো দহ বাজি গৈছিল। ডিমাপুৰৰ পৰা শেষ গাড়ীখন সন্ধিয়াৰ সাত বজাৰ পিছত নাযায়। কয়লাৰ ট্ৰাক এখনৰ ড্ৰাইভাৰক বহুত বুজাই বঢ়াই কোনোমতে আহিলো। হয়তো নানিলেহেতেন¸ কিন্তু মোনাত দেখা ৰয়েল ষ্টেগৰ বটলটো দেখি সদয় হ’ল। গাঁওত সোমাই দূৰৰ পৰাই দেখিলো¸ পানদোকান খনৰ সমূখত চাৰিটা ছায়ামুৰ্তি ৰৈ আছে। আগবাঢ়ি গৈ দেখিলো সেইকেইটা নিতু ¸ অমৃত আৰু ঘৰৰ কাষৰ ল’ৰা দুটা। মোক দেখি দুৰৰ পৰাই বেঙা মেলি চালে। সিঁহতৰ মাজৰে এটাই টৰ্চৰ পোহৰ পেলাই শুধিলে¸ ‘ককা¸ এই ৰাতিখন ক’ৰ পৰা আহিল? 

: নকবি বোপাই¸ ডাঙৰ সমস্যা। গাড়ী নাপাই কয়লাৰ ট্ৰাকত আহিবলগা হ’ল। 

: হলেও এই ৰাতিখন অকলে অহাটো উচিত হোৱা নাই। ককা আপুনি কাৰ ঘৰৰ ককা ধৰিব পৰা নাই। 
- আন্ধাৰতে কোনোবা এজনে কলে। মাতটো ধৰিব পাৰিলো। সেইতো নিতু।

: কম ৰহ। পিছে তহঁতেনো এই ৰাতিখন ইয়াত কি কৰিছ?
- ওলোটাই প্ৰশ্ন কৰিলো সিঁহতক। মোৰ হাঁহি উঠিছিল। সিঁহতে মোক এইটো গেটাপত চিনিব পৰা নাই। নোৱাৰাটোত বেছি আচৰিত হোৱা নাই মই। কলেজত তিনি বছৰ ভেশচন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলো। এতিয়া ধুতি¸ পাঞ্জাবী পিন্ধি নকল দাড়ি গোফ লগাই মাতটো সলাই দিয়া বাবে সিঁহতে চিনিব পৰা নাই।

: ককা¸ নাই এনেয়ে। 

: চাও দিয়াচলাই আছে নেকি? দেচোন চিগাৰেট এটা খাও। 
- হাতখন আগবঢ়াই দিলো।

: ককা¸ আমি চিগাৰেট নাখাও নহয়। সেই কাৰণে দিয়াচলাই লগত নাৰাখো।
- হয়তো বুঢ়া মানুহজনে বিচৰা কথাটোত সিঁহতে টান পালে। 

: হব দে¸ মাছিচটো দে মোক। জুই জুই
- হাতখন পাতি ৰৈ থাকিলো। আচৰিত হৈ সিঁহতকেইটাই মোলৈ চালে।

: কি হ’ল? চিনিব পৰা নাই?
- সামান্য হাঁহি দিলো মই।

: দাদা মা কচম¸ আপুনি নকলে একদম চিনিব নোৱাৰিলো হৈ।
- অবাক হৈ নিতুৱে কলে।

: বাৰু। 
- চিগাৰেট এটা মুখত ললো মই। 
এইবাৰ সিঁহতৰ কোনোবা এটাই মোৰ চিগাৰেটটো জলাই দিলে।

সুখ টান এটা মাৰি সিঁহতলৈ চালো। সিঁহতৰ যেন আশ্বৰ্য্য এতিয়াও মাৰ যোৱা নাই। চফল ডেকাটো হৈ যে সত্তৰোৰ্ধ বৃদ্ধ এজনৰ ভেশচন ধৰিম সেয়া চাগে সিহঁতৰ সপোনৰো অগোচৰ আছিল। হয়তো সেইবাবেই কৌতুহল কমাব নোৱাৰি নিতুৱে কৈ উঠিল।

: আপোনাক কিন্তু মানিছো দাদা। আমি নালাগে কোনেও আপোনাক এই ৰূপত চিনিব নোৱাৰে।

: চুঃ 

আঙুলিতো ওঠত লগাই মৃদু ধমক দিয়াত সি মনে-মনে থাকিল। লাহেকৈ কলো¸
’এইবোৰ কথা ইয়াত বৰকৈ পাতি থকা ভাল নহয়। কথা বুলিলেই বতাহ।

যদিও আন কাকোৱেই দেখা নাছিলো। তথাপি ভয় হৈছিল কোনোবাই কিবা শুনে বুলি। কাকোৱেই একো সন্দেহৰ অৱকাশ মই দিব বিচৰা নাছিলো। 
’ব’লা এতিয়া।’ ইংগিত বুজি সিঁহতে যাত্ৰা আৰম্ভ কৰিলে। তিনিখন চাইকেলৰ এখনৰ পিছফালে বহি পৰিলো। ঘৰ পোৱালৈকে একো কথা নাপাতিলো। মাথোন অমৃতে নে কোনোবা এজনেহে পুৰণি বিহু এফাঁকি গুণগুণাই গৈ থাকিল আৰু মই শুনি গৈ থাকিলো।

আজি ৰাতিটো নিতুহঁতৰ ঘৰত কোনো নাথাকে। দেউতাক ৰমনী সেনাপতিৰ লগত হস্পিটালতে ৰৈ গৈছিল আৰু মাকে অৰ্পিতাহঁতৰ ঘৰতে ৰাতি থকাৰ ব্যৱস্থা কৰিছিল। নিতু লগৰ কেইজনৰ লগত খানা খাই সেইৰাতি পঁহৰা দিয়াৰ কথা আছিল। মাথো কোনেও জানিবলৈ দিয়া নাছিল যে ৰাতিলৈ ময়ো উভতি আহি সিঁহতৰ লগ লমহি। ময়েই কবলৈ মানা কৰিছিলো। এতিয়া কোনো নথকাত আমাৰ সুবিধাই হ’ল।

: এতিয়া কোৱা।
- কাপোৰ সাঁজ সলাই নকলি দাড়ি গোফবোৰ গুচাই থাকি নিতুলৈ সুধিলো। 
আটাইকেইটা ল’ৰাই মোৰ মুখখলৈকে চাই আছিল।

: আপুনি কোৱাৰ দৰেই আমি আজি দুটা গ্ৰুপ হৈ ঠাইখিনি চালো। সন্ধিয়া এন্ধাৰ হোৱাৰ পিছতে গৈছিলো। কোনেও গম পোৱা নাই। আপুনি কোৱাৰ দৰেই তাত ঠায়ে ঠায়ে মাটি খন্দা চিন আছে।

: আচ্ছা। দুয়োটা গ্ৰুপ টাইমমতে আহিবতো?
: কল্যাণহঁতৰ চোতালত আজি ক্লাবৰ ল’ৰা কেইটাই খানা খাইছে। মাতি দিলেই আহি যাব। টেঙাপাৰাৰ ল’ৰাকেইটায়ো পহৰা দিব। 
- উচ্ছাসিত হৈ নিতুৱে কৈ উঠিল। 

ভাল লাগি গ’ল মনটো। 
অলপ অলপ সন্দেহ আছিল মোৰ। পাৰিমনে এই ল’ৰাবোৰক লৈ! জীৱনত কোনো কালে নকৰা কাম এটা কৰিবলৈ আগবাঢ়িছো। সেয়াও বৰ বেছি লোকৰ বাৰীৰ টেঙা চুৰ কৰাতকৈ অধিক একো নকৰা সহজ সৰল এজাক গাঁওৰ ল’ৰাক লৈ মৰসাহ কৰিছো। অথচ জানো¸ সামান্য ভুল হৈ যোৱা মানেই ভয়ংকৰ হব পাৰে। উচ্ছাসী হৈ এজনো ল’ৰাই মুখ খোলা মানেই ভয়ংকৰ বিপদ। অথচ সিহঁতকেই সাৰথি কৰিছো। হয়তো এয়াই উত্তেজনা¸ হাৰি যাব নোখোজা আত্মঘাটী প্ৰত্যাহ্বান। হয়তো একেই উত্তেজনা এই ল’ৰাকেইটায়ো অনুভৱ কৰিছে। সেয়েহে মোৰ নেতৃত্ব মানি সিহঁতে আগুৱাই আহিছে। কি বাৰু এয়া! দায়বদ্ধতা নে অভিজ্ঞতা অৰ্জন কৰাৰ লোভ। ঠিক কৰি পেলালো¸ যদি সফল হও¸ অন্তত এই মানুহবোৰৰ বাবে কিবা কৰি যাম।

: অ’ বাইক দুখনৰ খবৰ কিবা পাইছা?
- হঠাতে মনত পৰিল কথাটো। যদিও নিশ্চিত নাছিলো¸ তথাপি সন্দেহ আছিল যে বাইক দুখন কিবাকৈ জড়িত হব পাৰে।

: মোটা চকাৰ কলা দুখন বাইক টেঙাপাৰাৰ মাজেৰে মাজে-মাজে চলিছিল বুলি শুনিছো!
-এইবাৰ নিতুৰ লগৰ মৃণাল নামৰ ল’ৰা এজনে মাত দিলে।

: কিন্তু দাদা¸ বগীপুখুৰীৰ মানুহে আকৌ তেনেকুৱা বাইক নেদেখা বুলিয়েই কলে। 
- মই সুধিবলৈ লৈছিলোহে¸ অমৃতে কৈ উঠিল। কওতে কপালৰ শিৰ কোঁচখাই গল তাৰ।

: আই চি
- মোৰো কপালৰ শিৰ কোঁচখাই গৈছিল। নিজে নিজকে কোৱাৰ দৰে কৈ উঠিলো

: তিক্ৰিপুৰাৰ মাজেৰে টেঙাপাৰা হৈ বগীপুখুৰী পাৰ হৈ হাইৱে ওলাব পাৰি। যদি বগীপুখুৰীত দেখা পোৱা নাই…তেন্তে…হাইৱেও ওলোৱা নাই! মানে…

- প্ৰশ্নবোধক চিহ্ন এটা মুখত লৈ আটাইকেইটাৰ মুখলৈ চালো। সিহঁতৰো একেই প্ৰতিক্ৰিয়া হ’ল।

: গুগল মেপ খোলাচোন।
- কোৱাৰ লগে-লগে অমৃত আৰু নিতুৱে একেলগে মোবাইলটো উলিয়াই ললে। কিন্তু অমৃতৰ নেটৱৰ্ক অলপ বেছি ভাল হোৱা বাবে আগেয়ে তাৰ তাত মেপখন ওলাই পৰিল। তাকে দেখি নিতুৱে নিজৰ ফোনটো পকেটত সুমুৱাই ললে। অমৃতে বহাৰ পৰা উঠি অাহি ফোনটো মোলৈ আগবঢ়াই দিলে।

: এয়া চোৱা¸ যদি আমি সন্দেহ কৰাটো সঁচা হয়¸ তেন্তে সেই দুখন বাইক থাকিব লাগিব এইখিনি ঠাইত।
- সোঁহাতৰ তৰ্জনী আৰু বুঢ়া আঙুলি দুটা লগলগাই মেপখন বহল কৰি দেখুৱালো। আটাইকেইটা উবুৰি খাই পৰিল। নৈৰ মৰা সুঁতি এটাৰ ওচৰতে সন্দেহযুক্ত এলেকাতো।

মই সিহঁতৰ মুখলৈ চালো¸ আটাইকেইটাৰ মুখ কেইখন উজলি উঠিল। 

--- 
ৰাতিৰ সাঁজৰ যোগাৰ নিতুৱে কৰি ৰাখিছিল। সামান্য খাই আমি আমি পাঁচোটা প্ৰাণী ওলালো। বাৰ বাজি গৈছিল। গাঁওখন কেতিয়াবাই নি:পালি দিলে। হাতত সাৰে ভৰিত সাৰে নঙলা খুলি ওলাই আহিলো। আগে আগে নিতু আৰু অমৃত তাৰ পিছত মই আৰু বাকী দুজন। ৰাতিৰ গাঁওৰ পথটো মৰা সাপৰ দৰে পৰি আছিল। দ্বাদশীৰ জোনটো ওলাই আহিছিল। শাৰী শাৰী গছবোৰৰ ফাঁকেৰে মাজে-মাজে পোহৰ সৰকি আহি যেন ৰাতিটোক ভাল লগা কৰি তুলিছিল। তৰাৰে ভৰা আকাশখন যেন হঠাতে ধুনীয়া হৈ পৰিছিল। এনে লাগিছিল যেন ৰাতিৰ নিজানত আমি পাঁচটা দস্যু ওলাই আহিছিলো। কাৰো মুখতেই মাত নাছিল।
যেন সামান্য শব্দ কৰিলেই সকলো ভুল হৈ যাব। আমি আটাইকেইটাই আজি সুসজ্জিত। আমি সকলোৱে টিচাৰ্ট জিনচ্ আৰু শব্দ নহবৰ বাবে পিন্ধিছো স্প’ৰ্টছৰ শ্বু। প্ৰত্যেকৰে হাততে লৈছো পুৰঠ বিজুলী বাঁহৰ গুৰিৰ পৰা কাটি উলিওৱা মোটা লাঠি। প্ৰত্যকেই লগত লৈছো একোদাল নতুন পঘা। প্ৰত্যকৰে হাতত একোটা তিনি বেটীৰী টৰ্চ। নিতুৱে ককালত মেৰিয়াই লৈছে এদাল চাইকেলৰ চিগা চেইন¸ অমৃত আৰু মোৰ ককালৰ খাপত একোখনকৈ সৰু খুকুৰী। ওলোৱাৰ আগতেই নিতুৱে সিফালে ৰৈ থকা দুয়োটা গ্ৰুপকে ফোন কৰি জনাই দিছিল। আমি চাইকেল লোৱা নাছিলো আজি। ভয় হৈছিল পেদেল মাৰিলেই যেন ৰাতি বহু দুৰৰ পৰাই শুনা যাব কেৰকেৰ মেৰমেৰ শব্দ। তাতে পথাৰৰ আলিৰ মাজেৰে চাইকেলত দাবলিং কৰাটোও ৰাতি সুবিধাজনক নহয়। চৰ্টকাট কৰিলে মাথো দুই কিলোমিটাৰৰহে বাট। আমাৰ দৰে উত্তেজিত হৈ থকা পাহুৱাল ডেকাৰ বাবে এইছোৱা বাট একোৱেই নহয়। লাহে-লাহে সন্তৰ্পনে খোজবোৰ আগুৱালো আমি। দৃঢ় খোজ। 

দুৰ্গমগড়ৰ পৰা পথাৰৰ মাজে-মাজে টেঙাপাৰা হৈ তিক্ৰিপুৰালৈ যোৱা বাটছোৱা সমুখত নিতুঁহত ৰৈ গ’ল। এবাৰ পিছলৈ চালে। সমুখত দুটা বাট। আলিত উঠি ঘুৰি ঘুৰি গাঁওৰ মাজেৰে যোৱাৰ বিপৰীতে বিলখনৰ পাৰে-পাৰে শ্মশানৰ মাজেৰে পথটো বহু চমু। চমু বাটটোৰেই ইংগিত দিলো। মানুহবোৰৰ ডাঙৰ ডাঙৰ বাৰীবোৰৰ বিপৰীতে দিশে পথালিকৈ থকা বিলখনৰ পাৰে-পাৰে ফেৰফেৰীয়া বতাহ এজাক বৈ আছিল। জাক জাক জোনাকী পৰুৱা উৰি ফুৰিছিল। আমি অলপ দূৰ আগুৱাই গৈছিলোহে¸ হঠাতে কিবা এটা আহি ধপকৈ আমাৰ সমুখতে পৰিল। মূহুৰ্তৰ বাবে উচপখাই উঠিলো। টৰ্চৰ পোহৰ পেলাই চালো মাটিত¸ একো নেদেখিলো। অলপ দূৰ যোৱাৰ পিছতে বহু দূৰৰ পৰা কিহবাৰ চিঞৰ ভাঁহি আহিল। লগে-লগে যেন জপংকৈ কিবা এটা পানীত পৰি গ’ল। এবাৰ সেইফালে চালো। দেখিলো আমাৰ পৰা প্ৰায় ত্ৰিশমিটাৰমান দূৰত জুই একুৰা জ্বলি উঠিছে আৰু আমাৰ সমানে সমানে জুইকুৰা আগুৱাই গৈ আছে। ঠিক যেন আমাৰ সমান্তৰাল গতিত আগবাঢ়িছে জুইকুৰা। ৰাতিৰ বিলৰপাৰ¸ শ্মশান আদিত এনেবোৰ ঘটনা অস্বাভাবিক নহয়। হয়তো আনকালে অকলে থাকিলে বুকু কঁপি গ’লহেতেন। কিন্তু এই মূহুৰ্তত মুঠেই ভয় লগা নাই। মাথো প্ৰত্যেকেই সাবধানে সেইফালে দৃষ্টি ৰাখি গৈ আছো। চাগে প্ৰত্যেকেই বাকীকেইজৰ সাহসত নিজকে প্ৰবোধ দিছো। ইয়াতকৈ বহু ডাঙৰ কাম কৰিবলৈ আছে আমাৰ। হঠাত আমাৰ আগত গৈ থকা নিতুহঁত ৰৈ গ’ল। চাই দেখিলো¸ এঘৰৰ বাঁহ গছ এজোপা হাউলি ৰাষ্টাটো প্ৰায় বন্ধ কৰি পেলাইছে। নিতুৰ কান্ধত হাতখন ৰাখি আঙুলিয়াই দেখুৱালো¸ আলিৰ পৰা সামান্য নামি তলৰে গলে বাঁহৰ আগলিটো গাত নালাগে। হাতৰ মুঠিটো হয়তো টানকৈ ধৰিছিলো। হয়তো ইষ্ট দেৱতাৰ নামো প্ৰত্যেকেই স্মৰণ কৰি আছিলো। নাজানো কি খং উঠিছিল অমৃতৰ¸ বেয়া মাত এটা মাতি আগুৱাই গৈ আগলিটোতে কোব মাৰি দিলে। আৰু সেই মূহুৰ্ততে হুৰুচকৈ শব্দ কৰি আকৌ বাঁহজোপা ওপৰলৈ উঠি গ’ল।  আগলিৰ সামান্য কোব খাই অমৃত কোনোমতেহে পিছফালে ওফৰি নপৰাকৈ ৰ’ল। 

: কি কৰিছ?
- প্ৰথম বাৰৰ বাবে নিতুৱে মুখখুলি তালৈ চালে।

: বাদ দে না। ভয় নাখাওতো আমি।
- কথাকেইটা সি এনেকৈহে কলে যেন¸ আন কাৰোবাকহে কলে।

পিছ মুহুৰ্ততে ধপধপাই কিবা এটা কাষেৰেই উৰি গ’ল। একো কোৱাৰ প্ৰয়োজনবোধ নকৰিলো। আকৌ খোজ ললো। এইবাৰ সমুখত মই আৰু মৃণাল। 

শ্মশানখনৰ ওচৰ পাইছিলো। ভেকেটা ভেকেট গোন্ধ এটা নাকত লাগিছিল। ইফালে সিফালে চালো। অলপ দূৰত  কাপোৰ¸ ঘট আদি কিবাকিবি পৰি আছিল। তাৰ কাষতেই চাইৰ দম এটাৰ পৰা বেয়া গোন্ধটো আহি আছিল। লগতে অলপ অলপকৈ ধোৱাও ওলাই আছিল। চাইৰ দমটো নতুন। বোধহয় আবেলিৰ। শ্মশানখনৰ মাজতে থকা সৰু চালিখন দূৰৰ পৰা দৈত্যৰ নিচিনা লাগিছিল। আৰু অকমান বাট। শ্মশানখন পাৰ হলেই এৰাবাৰীখন পাম। সাবধানে আমি আহি থাকিলো। নিজৰ ভৰিৰ খোজৰ শব্দকে নিজে শুনিছো। কোনেও মুখেৰে মতা নাই। মই ঠিক গম পাইছিলো¸ পিছৰ কেইজনে মাজে মাজে ওভতি চাই চাই আহি আছে।

শ্মশানখন পাৰ হৈ ঠিক এৰাবাৰীখন পোৱাৰ আগতে ৰৈ গলো। এবাৰ পিছফালে উভতি চালো। ‘চুঃ সাবধানে’ ইংগিত কৰি আগলৈ। সাবধান আগৰে পৰাই আছিলো। কিন্তু পৰীক্ষা হ’লত সোমাই প্ৰশ্নকাকতখন হাতত লৈ চোৱাৰ আগতে পৰিক্ষাৰ্থীৰ যি মনোভাৱ হয়¸ আমাৰো তেনেকুৱাই হ’ল। কেৱল পাছ কৰিলেইতো নহব! মোৰ ইংগিতত প্ৰত্যেকেই টৰ্চ কেইটা নুমুৱাই ললে। এৰাবাৰীখনত সোমোৱাৰ আগতে এবাৰ বেঙা মেলি চালো যিমান দূৰলৈকে দেখা যায়। যেন চিকাৰী শেনে জুপি চোৱাৰ দৰে। লাঠিদাল দুয়ো হাতেৰে দাঙি এখুজি দুখুজিকৈ আমি সোমাই গ’লো। জয়াল এৰাবাৰীখনৰ সিপাৰে ঘৰটো ইয়াৰ পৰা ভূত বাংলা যেনহে লাগিল। লতাবোৰ চিঙি চিঙি আমি গৈ থাকিলো। জয়াল ঠাইখনত আমাৰ নিজকে একোটা ভূত যেন লাগিল। অলপ আঁতৰত বাঁহৰ চোপটো। ঠাইখিনি এন্ধাৰ চুক এটাত। তাৰ পৰাই সেই ঘৰটো¸ ঘৰটোৰ চোতালখন¸ পদুলিটো ধুনীয়াকৈ দেখা যাব। তাতেই লুকাই থাকিম। আমাৰ তেজত পিৰপিৰনি উঠিছিল। আমাৰ উশাহবোৰ ঘন হৈ আহিছিল। আৰু সেই সুযোগতে মহ¸ ডাঁহ আদিবোৰে আমাৰ তেজৰে বৰভোজ পাতিছিল।

আধাঘন্টা¸ চল্লিশ মিনিটমান পাৰ হৈ গৈছিল। মঁহৰ কামোৰ খোৱা ঠাইবোৰ পিহি পিহি আমি অপেক্ষাত আছিলো। হঠাতে কিবা এটা শব্দ শুনিলো। যেন গাড়ী এখন আহি পদুলিত ৰ’ল। জোৰকৈ লাঠিদাল খামুচি বহি থাকিলো। মোৰ দুয়ো ফালে ইঁহত চাৰিজন। জোপ লৈ থকা বাঘৰ দৰে আমি ৰৈ আছো। লাহে লাহে ছায়ামুৰ্তি এটা চোতালৰ দৰে ঠাই খিনিলৈ সোমাই আহিল। পিছে পিছে আৰু এটা¸ তাৰ পিছত আৰু এটা …আৰু এটা …আৰু।

বুকুৰ ধপধপনি বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল আমাৰ। লাহেকৈ পোহৰ এটা হ’ল ঠাইখিনিত। পোহৰটো চাৰিওফালে ঘূৰি ঘূৰি আমাৰ ফালে পৰিল। বোধহয় এনেয়ে ঘূৰাইছিল।

: শুই দিয়া। 
- ফিচফিচাই কৈ ঠাইতেই শুই পৰিলো। সিঁহতেও য’তে যেনেকৈ পাৰে শুই গ’ল।

চোতালৰ পৰা অহা পোহৰটো ঘূৰি গ’ল। এইবাৰ আটাইকেইটা ছায়ামূৰ্তি ঠিক চোতালখনৰ মাজতে থুপখাই থিয় হ’ল। 
মই নিতুলৈ চালো। সি বুজিলে। লাহেকৈ মোবাইলটো উলিয়াই ড্ৰাফটত ৰখা মেছেজটো চেন্ট কৰি দিলে।

নিতু¸ অমৃত আৰু লগৰ দুজন উচপিচাই উঠিল। মোৰ স্থিৰ দৃষ্টি সমুখৰ চোতালখনত নিবদ্ধ। এতিয়াও ধৰিব পৰা নাই শত্ৰুৰ সংখ্যা কিমান!

হঠাতে চোতালৰ ছায়ামূৰ্তি কেইটা দূভাগ হ’ল। এটা ভাগ ঠাইতে ৰৈ থকাৰ বিপৰীতে  আনটোৱে ঘৰটোৰ চাৰিওফালে ঘূৰি থাকিল। এনে লাগিল যেন এজনে হাতত লৈ থকা পাত্ৰ এটাৰ পৰা কিবা ছটিয়াই আছে। খুট খুট লাহেকৈ শব্দ দুটা হ’ল। দেখিলো দৰ্জাখন খুলি ৰৈ থকা দলটো ভিতৰত সোমাল। এইবাৰ ইটো দল বাহিৰত ৰৈ থাকিল। আমি অলপ সময় ৰৈ থাকিলো। এনেতে নিতুৰ ফোনটো বাজি উঠিল।
 ‘Arrived’ 
মেছেজ এটা তাৰ ফোনত জিলিকি উঠিল। আৰু ৰৈ থকা উচিত নহয়। 
এয়ে সঠিক সময়। জুপি জুপি আঠুকাঢ়ি আগুৱাই আহিলো। এৰাবাৰীখনৰ সিতো পাৰে এশমিটাৰ দূৰত দলটো ৰৈ আছে। আনটো দল সিখন গাঁওত সোমোৱাৰ বাটত। শ্মশানৰ ৰাষ্টাত আমি। নিতুৰ লগত বাকী দুজনক ৰব দি অমৃত আৰু মই চুঁচৰি আগুৱাই আহিলো। আমাৰ পৰা মাথো কেইহাত মান দূৰত সিঁহত দুজন। ইচ্ছা হ’ল¸ এবাৰ পদুলিলৈ গৈ গাড়ীখন চাই আহিম। কিন্তু তালৈ যাবলৈ হলেই চোতালখন পাবই লাগিব। অধৈৰ্য্য হৈ পৰিলো¸ কিয় মানুহ দুজন ঘুৰি দিয়া নাই! স্পষ্টকৈ শুনিছো ঘৰৰ ভিতৰৰ পৰা মাটি খন্দাৰ শব্দ ভাঁহি আহিছে।এজনে বাৰীখনৰ ফালে মুখ কৰি থিয় দি থকা বাবে আংশিক মুখখন দেখিছো। অৱয়বৰ পৰাই অনুমান কৰিছো মানুহটো শক্তিশালী। অথচ আমি প্ৰায় শুই থকাৰ পৰা উঠি দিলেই তাৰ চকুত পৰি যাম। এপাকত মানুহজন ঘুৰি দিলে আৰু আমাৰ ফালে পিছফাল হৈ পৰিল। বছ¸ এয়ে সময়। অমৃত…ফিচফিচাই মাতি দৌৰি গলো। 

ধপ
এটা পূৰ্ণহতীয়া কোবত মোৰ সমুখৰজন বাগৰি পৰিল। ঘুৰি চাই বাধা দিবই নাপালে। ইজনে ঘুৰি আক্ৰমণ কৰাৰ আগতেই অমৃতে কোব এটা সোধাই দিলে। কিন্তু সেইজনে হাউলি দিয়াত কোবটো ভালকৈ নালাগি হাত এখনত লাগিল। 

পুলিচ…
নাজানো কোনে চিঞৰি দিছিল।

সেইটো মূহুৰ্ততে নিতুৱে বাকী দূজনৰ সতে  
দৌৰি চোতাল পালেহি। আৰু সেইটোৱেই ভুল হৈ গ’ল। আমি দেখা পোৱা নাছিলো সেই মূহুৰ্ততে ড’মিনাৰ এখন আহি পাইছিল। আৰু আৰোহী দুজন দৌৰি আহি নিতু আৰু এজনক পিছফালৰ পৰা জপটিয়াই ধৰিলে। এইবাৰ ইজনে প্ৰচণ্ড গোৰেৰে অমৃতৰ বুকুত গোৰ এটা মাৰি পৰি যোৱা ৰ’ডডাল তুলি অমৃতৰ মাথাত কোব এটা মাৰিলে। মই তাক বচাবলৈ মোৰ লাঠিদালেৰে বাধা দিয়াত মোৰ হাতৰ পৰা লাঠিদাল এৰাই গৈ চিটিকি পৰিল। ইতিমধ্যে চিঞৰ বাখৰ শুনি ভিতৰৰ কেইজনো কেইজনো দৌৰি আহিল। 

: থিচ্ছিউ…
- সিঁহতৰ এটাই পিষ্টল পোনাই গুলিওৱাৰ আগে আগে জাপ মাৰি তাক বগৰাই ধৰিলো। তাৰ হাতৰ পৰা পিষ্টলটো চিটিকি গ’ল। আমাৰ জোটাপুটি লাগিল। মাথো অমৃতহঁতৰ চিঞৰ বাখৰবোৰ কাণত পৰিছে। কোনে কাক ঘুচিয়াইছে একো গম পোৱা নাই। মোৰ প্ৰতিদণ্ডীও এজন শক্তিশালী মানুহ। কোনোপধ্যেই তাক কাবু কৰিব পৰা নাই। এপাকত তাক ডিঙিত ধৰি বগৰাই চকুৰ পচাৰতে খুকুৰিখন উলিয়াই কাবু কৰিবলৈ লওতেই এটা গুৰু গম্ভীৰ কণ্ঠস্বৰ কাণত পৰিল। পিষ্টলৰ নল এটাৰ হেঁচা মোৰ মাথাৰ পিছফালে অনুভৱ কৰিলো।

: পৰাণ¸ লিভ হিম।
- তেনেকৈয়ে ৰৈ থাকিলো মই। মোৰ দুয়ো আঠুৰ তলত পৰি ৰোৱা মানুহটোৰ ঠিক বুকুখনৰ সমুখতে মোৰ খুকুৰীখন। মই জানো¸ যিকোনো মূহুৰ্ততে মোৰ মুৰৰ লাওখোলা উৰি যাব পাৰে। আৰু একো নাভাবিলো। চকুৰ পচাৰতে পৰি থকা জনৰ ডিঙিত খুকুৰীখন লগাই মানুহটোক থিয় কৰি দি পিছফালে গুছি গলো। এইবাৰ মৌলৈ পিষ্টল টোৱাই থকা আগন্তুকজন মোৰ সমুখত হৈ পৰিল।

মুৰত বজ্ৰপাত পৰা হলেও ইমান আচৰিত নহলোহেতেন! যিমান আগন্তুকৰ চেহেৰাটো দেখি হ’লো। আশ্বৰ্য্যত যেন মোৰ চকু দুটা বাহিৰলৈ ওলাই অহাৰ উপক্ৰম হল।

: কমল তই???

: ভেৰি বেড…ভেৰি বেড পৰাণ। উভতি যাবলৈ তোক সুযোগ এটা দিছিলো। কিয় আকৌ উভতি আহিলি?
- এইবাৰ যেন চকুৰে জুইহে বৰশি আহিল তাৰ।

অসহায় হৈ পৰিলো। সমুখত নিতু বাগৰি পৰিছিল। দুজনে ধৰি কাবু কৰি পেলাইছিল তাক। অমৃতহঁত হয়তো গুলিৰ শব্দ শুনিয়েই যেনি পাই তেনি ফৰিং চিটিকা দিছিল। অসহায় হৈ সিঁহতৰ লাঠি কেইদাল চোতালতে পৰি ৰৈছিল। জোনাকৰ ক্ষীন পোহৰতো সিঁহতৰ আৰু এজনক চিনি পালো। সেইদিনা তিক্ৰিপুৰাৰ পথাৰত বাইকেৰে ধুলি উৰুৱাই যোৱাকেইজনৰ এজন।

: দীপুল ক’ত?
- সৰুকৈ অথচ তীক্ষ্ণ স্বৰেৰে প্ৰশ্ন কৰি কমললৈ চালো। 
- সি একো নকলে। ক্ষীন পোহৰতে শ্লেষৰ হাঁহি এটা দেখিলো তাৰ মুখত। মই অবাক হৈ চাই ৰ’লো। দেখিলো বাৰীৰ এন্ধাৰ চুকটোৰ পৰা ছায়ামুৰ্তি এটা আগুৱাই আহিছে।


মোৰ পৰিৱৰ্তে এইবাৰ আশ্বৰ্য্যত যেন চকু বহল হৈ হল আগন্তুকৰ। চিপৰাং এখন হাতত লৈ এখোজ দুখোজকৈ আগন্তুক মোৰ সমুখলৈ আহিল।

: দিপুল তয়ো?
- কোনোমতে শব্দ দুটা উচ্চাৰণ কৰি চাই থাকিলো তাৰ ফালে। 

আশ্বৰ্য্যৰ পৰিৱৰ্তে তীব্ৰ ঘৃণা জাগিল মোৰ। মন গ’ল থুৱাই দিবলৈ। কিন্তু প্ৰতিকুল সময়ত সেয়া বুদ্ধিমানৰ কাম মুঠেই নহব। দেখিছো নিতু লেবেজান হৈ পৰিছে। ইচ্ছা কৰিলে চকুৰ পচাৰতে কমলক আক্ৰমণ কৰি নিজকে নিৰাপদ দূৰত্বত লুকুৱাবলৈ এবাৰ চেষ্টা কৰি চাব পাৰো। কিন্তু তাৰ বিনিময়ত নিতুৰ প্ৰাণ হয়তো সিঁহতে লৈ লব। তাতকৈ সুযোগৰ অপেক্ষাত থকাটোৱেই বুদ্ধিমানৰ কাম।

দিপুল যেন সামান্য লজ্জিত হ’ল। কিন্তু পিছ মূহুৰ্ততে নিৰ্লজ্জৰ দৰে হাঁহি মাৰি কৈ উঠিল।

: কি কৰিবি দোষ্ট। নিয়ত খাৰাপ হৈ গ’ল।
- হো হোৱাই হাঁহি উঠিল সি। এইবাৰ তাৰ লগত বাকী কেইজনেও যোগ দিলে।

মন গ’ল¸ এতিয়াই ঘাপ মাৰি তাৰ মুৰটো কাটি পেলাও। কিন্তু আইন হাতত তুলি হত্যাকাৰী হবলৈ মোৰ বিবেকে নকয়। পিঞ্জৰাবদ্ধ বাঘৰ দৰে লাগিল নিজকে। এইবাৰ মানুহ কেইজনলৈ চালো। ছয়জন কালপ্ৰিটৰ চাৰিজনেই চিনাকি। দিপুলৰ পিছফালে সেই দুজন হাজৰিকা আৰু তেওৰ ঘৰত লগপোৱা তান্ত্ৰিকজন। কথাবোৰ কিবা সাঁথৰৰ দৰে লাগিল মোৰ। বুজিবও পাৰিছো অথচ খুলিবও পৰা নাই।

: মই ভাবি পোৱা নাই¸ তই আকৌ কেতিয়া আহিলি? মই নিজেই চাই আহিছিলো তই ট্ৰেইনত উঠা।
- আশ্বৰ্য্যত যেন ফাটি পৰিব কমল। যেন সিঁহতৰ সপোনৰো অগোচৰ আছিল মই আকৌ উভতি আহিম। 

: আহি বেয়া কৰিলা পৰাণ বাবা। তোমাক সুযোগ এটা দিয়া হৈছিল। আমাৰ ইচ্ছা নাছিল¸ কিন্তু …।
- কৈ কৈ হাজৰিকা মোৰ কাষলৈ আহি চাৰিওফালে পাক এটা ঘুৰিলে। বুজিলো¸ 
মোৰ খুকুৰীৰ সমুখৰ পৰা কিবাকৈ এইজনক এৰুৱাই দিয়াৰ সুযোগ বিছাৰিছে। আৰু সেই সুযোগতে এই মানুহটোৱেও মোৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ প্ৰয়াস চলালে। কথাটো বুজি মই আৰু জোৰেৰে খামুচি মানুহটোক দুখোজ পিছলৈ টানি নিলো।

: পৰাণ¸ এৰি দে।
- এইবাৰ দিপুল আৰু কমল দুয়োজনে দুখোজ  আগুৱাই আহিল। কিন্তু মই আৰু দুখোজ পিচুৱাই যোৱাত ৰৈ দিবলৈ বাধ্য হ’ল। 

: তই নোৱাৰিবি পৰাণ। মিছায়ে কিয়? দহ লাখ টকা তোক অফাৰ কৰিছিলো।ঠিক আছে¸ এতিয়াও দিছো। আহ একেলগে কাম কৰো।
- পিষ্টলটো নমাই কমলে হাতখন আগবঢ়াই দিলে।

: ননচেঞ্চ¸ মোকো তহঁতৰ দৰে হাৰামী¸ লুভীয়া দগাবাজ বুলি ভাবিলি নেকি কুত্তা!
- এইবাৰ থুৱাই দিলো। দপকৈ খং উঠি আহিল মোৰ।

: তেন্তে মৰ। তোৰ লগত এই বান্দৰ কেইটাও মৰক। 
- লেবেজান হৈ পৰা নিতুৰ মুৰলৈ পিষ্টল টোৱাই কমলে কৈ উঠিল। হয়তো থুৱাই দিয়াই সিয়ো উত্তেজিত হৈ পৰিছিল।
: ঐ বাকী বান্দৰকেইটা ক’ত গ’ল চা। সেইকেইটাকো একেলগে শেষ কৰি দে। 
- পিছফালৰ জনক উদ্দেশ্যি কৈ কমলে ট্ৰিগাৰত আঙুলি লগাই দিলে।

কথাবোৰ শুনি¸ ঘটনাবোৰ দেখি
আতংকিত হৈ নিতুৱে চাই থাকিল। যেন কিবা কোৱাৰো শক্তি হেৰুৱাই পেলালে সি। 

: বেছ…কুত্তা। মৰাৰ আগতে তঁহতৰো দুজনক লৈহে যাম। আৰু নাভাবিবি তঁহতো সাৰি যাব পাৰিবি। গোটেই এৰিয়াটো গাঁওৰ ৰাইজে ঘেৰি আছে। পুলিচ আহি পাবই এতিয়া।
- যি হয় হব ভাবি ময়ো শেষ বাজি খেলিবলৈ উদ্যত হলো। মোৰ বন্ধনত থকা জনৰ ডিঙিত এইবাৰ খুকুৰীখন চপাই আনিলো। বোধহয় সামান্য স্পৰ্শ কৰিছিল। এইজন আতংকত সিঁয়ৰি উঠিল। একে সময়তে বাকীকেইজনো আতংকত সিঁয়ৰি উঠিল।

: পুলিচ…???
- বিস্ফোৰিত নেত্ৰে সিঁহতে চাই ৰ’ল মোলৈ।
: কি ভাবিছিলি হাৰামজাদাৰ জাত? মই কি অকলে আহিম? তহঁত এটাও বাছি যাব নোৱাৰ!
- একেই উচ্চবাচ্যৰে মই কৈ উঠিলো। উদ্দেশ্য আছিল যদিহে ওচৰে-পাজৰে অমৃতহঁত লুকাই আছে অতৰ্কিতে ওলাই আহি আমাক সহায় কৰক। মই ঠিকেই বুজিছিলো¸ শত্ৰুৰ এজন মোৰ খুকুৰীৰ আগত থকালৈকে সিঁহতে আমাৰ অনিষ্ট কৰিব নোৱাৰে। কিন্তু মোৰ উদ্দেশ্য সফল নহল। বহু দেৰিলৈকে অমৃতহঁতৰ এজনো আমাৰ কাষলৈ নাহিল। বোধহয় পলাই গৈ বহুদূৰ পালেগৈ। 
শত্ৰুৰ চকুলৈ চালো। পুলিচৰ নাম শুনি সিঁহত শিলপৰা কপৌৰ দৰে হৈছে।

: দিপুল¸ কমল¸ ই সময় নষ্ট কৰি আছে আমাৰ। যা জল্ডি কামখিনি শেষ কৰ। পুলিচক কমেও আধাঘন্টাৰ বেছি সময় লাগিব। তাৰ আগতে ওলাই যাম।
- হঠাতে কিবা এটা ভাবি হাজৰিকা চিঞৰি উঠিল। যেন তেতিয়াহে সম্বিত ঘুৰি আহিল বাকীকেইজনৰ। 

: মোক দে এইখন।
- দিপুলৰ কাষৰজনে তাৰ হাতৰ পৰা চিপৰাংখন কাঢ়ি বেগাই ভিতৰলৈ সোমাই গ’ল। মই তাৰ ফালে চালো। আৰু সেই সুযোগতে মোৰ বন্ধনত থকাজনে মোৰ হাতখন জোৰকৈ এৰাই দি জাপ মাৰোতে চিটিকি বাগৰি পৰিল। প্ৰমাদ গণি ময়ো আগুৱাই গৈ পুনৰ ধৰিব খোজোতে কমলে পিষ্টলটো লৈ আগভেটি ধৰিলে।

: পাচা বদল গয়া।
- হো হোৱাই হাঁহি উঠিল সি। 
খুকুৰীখন এতিয়াও মোৰ হাতত। আৰু নাভাবিলো। পিষ্টল লৈ থকা হাতখনলৈ লক্ষ্য কৰি ঘাপ এটা মাৰোতেই কোনোবাই মোক জপটিয়াই ধৰিলে। আৰু নোৱাৰিলো। এইবাৰ অসহায় হৈ পৰিলো। মোৰ হাতৰ খুকুৰীখন দিপুলে থাপ মাৰি কাঢ়ি লৈ গ’ল। ইমানপৰে মোৰ বন্ধনত থকাজনে যেন এইখিনি সময়লৈকেহে বাটচাই আছিল। প্ৰতিশোধৰ উত্তেজনাত সি মোৰ ওপৰত জপিয়াই পৰিল। উপৰ্যুপৰি কেইবাটাও ঘোচা পৰিল মোৰ মুখত। 

: আস
- মুখৰ হনু ভাঙি যোৱা যেন লাগিল। বাধা দিবলৈ একো সুবিধা পোৱা নাই। পিছফালৰ পৰা জপটিয়াই ধৰাজনে মোক হাতদুখন মুকলি কৰিবলৈয়ো সুবিধা দিয়া নাই।

: ডেনিচ¸ ষ্টপ। যমপুৰীলৈ গৈ থকা জনক মাৰিবলৈ আকৌ কিয় হাত দুখনক কষ্ট দিব লাগে!
- বিদ্ৰুপৰ হাঁহি এটা মাৰিলে কমলে। 
এতিয়াহে গম পালো¸ পঞ্চম কালপ্ৰিটৰ নামটো। হয়তো ঘোচা কেইটা মাৰি ডেনিচৰো ভাগৰ লাগিছিল। এইবাৰ অলপ আঁতৰি গৈ সি ফোপাই থাকিল। খং যেন তাৰ এতিয়াও মাৰ যোৱা নাছিল। থাপ মাৰি কমলৰ হাতৰ পৰা পিষ্টলটো কাঢ়ি মোলৈ টোৱালে সি।

: নো নো¸ ইঁহত দুটাৰ কাম আছে। মানুহবোৰৰ সমুখেৰে ওলাই যাবলৈ ইঁহতৰ দৰকাৰ হব।
- দিপুল এখোজ আগুৱাই আহি ডেনিচৰ হাতখনত থাপ মাৰি ধৰিলে। মূহুৰ্তৰ বাবে উশাহ বন্ধ হৈ গৈছিল মোৰ। কিন্তু দিপুলৰ কথা শুনি ভাব হ’ল¸ হয়তো আৰু অলপ দেৰিলৈকে জীয়াই থাকিব পাৰিম। ইমান সময়ে আশা এৰি দি চব পাহৰি পেলাইছিলো। কিন্তু মূহুৰ্তলৈ ক্ষীন আশা এটা জাগিল। কিজানি অমৃতহঁতে সকলোকে লৈ আহি পালেই! এতিয়া মাথোন কিবাকৈ ইঁহতক আবদ্ধ কৰি ৰাখিব পাৰিলেই হয় আৰু! দিপুলৰ ফালে চালো। যিমান সম্ভৱ কৰুণ সুৰত কৈ উঠিলো¸

: তই কিয় এনেকুৱা কৰিলি দিপুল? অন্তত: তই …। একেলগে এটা ৰুমত আছিলো দুয়ো। একেলগে পঢ়িছো¸ একেলগে ডাঙৰ হৈছো…। তই মোক মাৰিবি?
- চকু দুটা সেমেকি উঠিছিল মোৰ। কৈ কৈ ঠাইতে বহি পৰিলো মই।

এইবাৰ দিপুল গম্ভীৰ হ’ল।
: সেইবাবেই তোক যাবলৈ দিছিলো পৰাণ। কি কৰা নাছিলো! ভয় খুৱাবলৈ মোৰ ডিঙিত ডেগাৰ ৰাখি ভিডিঅ’ দিলো। টকা অফাৰ দিলো। কাৰণ তয়ো কষ্ট কৰিছ! কিন্তু ডিমাপুৰলৈ গৈয়ো উভতি আহিলি কেলৈ? তই তোৰ কৌতুহলৰ বাবেই বিপদত পৰিলি। বেয়া নাপাবি¸ ইমানখিনি গম পোৱাৰ পিছত তোক এৰি দিব নোৱাৰিম। মিছাতে ইঁহতকো মাৰিলি।

- অসহায় হৈ চাই থকা নিতুৰ গালৈ গোৰ এটা সোধালে সি। কিবা এটা মনত পৰি আকৌ মোলৈ চালে

: আচ্ছা¸ তই কেনেকৈ গম পালি আমি আজি ইয়ালৈ আহিম বুলি? আৰু তই মোৰ ইমান ভাল বন্ধু হৈ মোৰ জীৱনলৈ কোনো মূল্য নিদি কিয় আহিলি? 
- এক নুবুজা সাঁথৰ যেন তাৰ চকুত ৰৈ আছিল।

সেমেকা হাঁহি এটা মাৰিলো।
: কাৰণ তোৰ ভিডিঅ’। তই কেনেকৈ ভাবিলি কমলৰ ভয়চ মই চিনি নাপাম? তাৰ হাতত পিন্ধি থকা মোৰ গ’ল্ডেন টাইটান ঘড়ীটো মই চিনি নাপাম? যিটো কিছুদিন আগতে তাৰ ঘড়ীটো মোক দি মোৰটোৰ লগত সলনি কৰিছিল!

: Damm it.
- কমলৰ ফালে খঙেৰে এবাৰ চাই শূণ্যতে গোৰ এটা সোধালে সি। কমল যেন লজ্জিত হ’ল। 

: বন্ধুৰ নামত তঁহত কলংক। তহঁতক কেতিয়াও ইতিহাসে ক্ষমা নকৰিব।
- ক্ষোভৰ উদ্গীৰণ ঘটিছিল মোৰ। এই কালপ্ৰিটকেইটা সপোনৰো অগোচৰ আছিল।

: ইতিহাস…। ইতিহাসে গম নোপোৱাকৈ তোক এতিয়া ইয়াতে পুতি থৈ যাম। কোনেও গমেই নাপাব।
- কমলে হো হোৱাই হাঁহি উঠিল। দিপুলে কৌতুকৰ দৰে এপলক মোলৈ চালে। তাৰ পিছত আগুৱাই আহি মোৰ সমুখতে বহি লৈ কলে¸

: তই মোৰ বেষ্ট ফ্ৰেণ্ড কাম ৰুমমেট আছিলি না¸ তোৰ ইচ্ছা পূৰণ কৰিম। তই পৰমেশ্বৰৰ মাৰ্ডাৰ ইনভেষ্টিগেট কৰিব আহিছিলি না! মই চ’ল্ভ কৰি দিও শুন।
- হাঁহি হাঁহি কৈ থাকিল সি।

: পৰমেশ্বৰক মাৰিছিল কমলে। 
- হাঁহি হাঁহি ৰৈ থকা কমললৈ আঙুলিয়াই দিপুলে কৈ উঠিল। 

: আৰু কমল কোন জানা? মোৰ খুলশালী।
- ঘৰটোৰ ভিতৰৰ পৰা হাজৰিকা ওলাই আহিছিল। বিদ্ৰুপৰ হাঁহি মাৰি কৈ উঠিল।

এটাৰ পিছত আনটো চক খাই গৈ আছিলো। কথাবোৰ কেনেকৈ ক’ত পাক খাই আহিছে একো উৱাদিশ পোৱা নাই।

: কিয় মাৰিলি পৰমক?
- এইবাৰ পৰি থকাৰ পৰাই নিতুৱে সুধিলে। সিঁহতে ভাবিলে ময়েই সোধা বুলি। 

দিপুলে কবলৈ মুখ মেলিছিল। কিন্তু হাজৰিকাই কবলৈ বাধা দি কৈ উঠিল।

: মৰাৰ আগতে কৈ দিম ব’ল। কোনোবা অহাৰ আগতে সোনকালে ইয়াৰ পৰা যাওগৈ।

দুজন আগুৱাই আহি মোক জপটিয়াই বান্ধিব খুজিছিল। তেতিয়াই হঠাতে ওচৰতে ডাঙৰ শব্দ এটা হ’ল। সকলো উচপখাই উঠিলো। কিঁহৰ শব্দ তৰ্কিব পৰাৰ আগতেই বতাহ এজাক বৈ আহিল আৰু কাৰোবাৰ প্ৰচণ্ড আঘাটত মোৰ কাষত থকা দুয়োজন চিটিকি পৰিল। চকু চাৎ মাৰি দৰা বগা পোহৰ যেন হঠাতে আকাশৰ পৰাহে নামি আহিল। বগা শাৰী পিন্ধা নাৰী গৰাকী ক’ৰ পৰা হঠাতে আহি ওলাল একো উৱাদিশ নাপালো। বায়ু বেগেৰে গৈ নাৰী গৰাকীয়ে এজন এজনকৈ আটাইকে ধৰাশয়ী কৰি কমলৰ ডিঙিত দুয়ো হাতেৰে চেপি ধৰিলে। কমলৰ চকু দুটা আৰু জিভাখন যেন বাহিৰলৈ ওলাই আহিল। 

: মোৰ পৰাণক মাৰিলি! তহঁতকো মাৰি পেলাম।
- প্ৰচণ্ড খঙত কপি থকা নাৰীয়ে চিঞৰত আকাশ বতাহ কপাই তুলিলে। তাকে দেখি দিপুলৰ লগতে বাকী কেইটা কালপ্ৰিটে ভয়তে সেপ ঢুকিলে।

: ইঁহতক এৰি দিয়া ৰুবি। ইয়াতে মাৰি পেলালে ইহঁতৰ সকলো অপৰাধ প্ৰমাণ কৰিব নোৱাৰিম। ইঁহতে নিজমুখে স্বীকাৰ কৰি মৃত্যুৰ ভিক্ষা খুজিব লাগিব। প্লিজ এৰি দিয়া।
- সেই নাৰী মুৰ্তিৰ কাষলৈ গৈ কাতৰ কণ্ঠেৰে কৈ উঠিলো।

: নিদিও। মাৰি পেলাম মই।
- অস্বীকাৰ কৰি ৰুবিৰ আত্মাটোৱে কৈ উঠিল।

: ভাবাচোন¸ ইঁহতক মাৰি পেলালে পৰমৰ নিৰ্দোষিতা কেনেকৈ প্ৰমাণ কৰিম। সকলোৱেতো সদায় ভাবি থাকিব যে পৰমে মদখাই পৰি গৈছিল! কি ঠিক ঘৰুৱা অশান্তিৰ বাবে আত্মহত্যা কৰা বুলিও ভাবিব পাৰে। 
- মোৰ কথা শুনি এইবাৰ ৰুবিৰ আত্মাটোৱে কমলক এৰি মোৰ ফালে ঘুৰি চালে। চকু দুটা চলচলীয়া হৈ দুয়োগাল চপচপীয়া হৈ পৰিল। মনটো হাঁহাকাৰ কৰি উঠিল মোৰ। কাৰ কি ভুল আছিল!

ডিঙিৰ চেপা খাই কমল লেবেজান হৈ পৰিছিল। ইমানপৰে নিতুৱেও অবাক হৈ চাই ৰৈছিল। মৃত বৌৱেকৰ আত্মাটো দেখি হয়তো সিয়ো নিজৰ দুখ শোক পাহৰি থিয় হৈছিল।

: বহুত বহুত ধন্যবাদ আপোনাক।
- ৰুবিৰ আত্মাটোৱে মোক হাতযোৰ কৰি কৈ উঠিল। কি কও ভাবি নাপালো। কলো¸
: ইঁহতৰ শাস্তিৰ পিছতেই তোমাৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰিম। তাই হাঁহিলে। কলে¸
: তাৰ প্ৰয়োজন নহব। মোৰ শেষ ইচ্ছা আছিল¸ পৰমৰ হত্যাকাৰীক শাস্তি দিয়া। এতিয়া মোৰ একো আশা নাই।

: বৌ¸…
- চকুলো টুকি নিতুৱো কাষচাপি আহিছিল। ৰুবিৰ আত্মাটোৱে এইবাৰ নিতুলৈ চালে। সেমেকা হাঁহি এটা মাৰিলে তাই।

ঠিক সেই মূহুৰ্ততে হুইছেল বাজি উঠিল।পদুলিত দপদপাই এজাক সশস্ত্ৰ পুলিচ দেখা গ’ল। পিছে পিছে গাঁওৰ ডেকা ল’ৰাবোৰো হাতে-হাতে লাঠি লৈ সোমাই আহিছিল চাগে। পিছফালৰ পৰা উফৰি অহা ভালেমান চিনাকী মাত কাণত পৰিল।

: মই যাও।
- চকুলো মচি মচি কৃতজ্ঞৰ দৃষ্টিৰে এপলক চাই ৰুবিৰ আত্মাটো অদৃশ্য হৈ গ’ল।
মই চায়েই থাকিলো সিফালে।

: হেণ্ডচ আপ
- পদুলিৰ পৰাই পুলিচ অফিচাৰজনে চিঞৰি উঠিল। 

: সোমাই আহক অফিচাৰ। চিটুৱেচন আণ্ডাৰ কন্ট্ৰ’ল।
- পদুলিলৈ চাই মই কৈ উঠিলো।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib