Now you can Subscribe using RSS

Submit your Email

Sunday 10 May 2020

Thirty Nineঃ12

Unknown

(অন্তিম অংশ)

পুলিচ ভানখনৰ পিছে পিছে আমিও থানা পালোগৈ। কথাবোৰ এতিয়াও খোলোচা হোৱাগৈ নাই। 

মোক সমুখৰ চকীখন বহিবলৈ দি অ’চি গগৈ নিজৰ চকীখনত হেলান দি বহি মোলৈ অলপপৰ চাই থাকিল।

: আপুনি কিন্তু সাংঘাটিক দেই। 
- অ’চি গগৈয়ে আচৰিত মোৰ ফালে চাই থাকিল। হাঁহি মাৰি অমৃতহঁতলৈ আঙুলিয়াই দি কলো¸
: এয়া চব ইশ্বৰৰ ইচ্ছা আৰু এওলোকৰ সহযোগিতাৰ বাবেই সম্ভৱ হৈছে।
- মনটো খুউব ভাল লাগিছিল মোৰ। উদ্দেশ্যত সফল হৈছিলো মই। এই গাঁওৰ সহজ সৰল যুবশক্তিৰ প্ৰতি কৃতজ্ঞতাত শিৰনত হৈ পৰিলো। সশস্ত্ৰ ভয়াবহ দস্যুৰ মুখামুখি হৈ শত্ৰুক পৰাভূত কৰা কি মুখৰ কথা! কিন্তু এই অসাধাৰণ কামটোকেই কৰি দেখুৱালে এই ল’ৰাবোৰে। নহলে কি মোৰ অকলে সাধ্য আছিল ৰহস্য ভেদ কৰাৰ। মুগ্ধ হৈ মই চাই ৰ’লো সিঁহতলৈ।

: এওলোকৰ সাহসক নমস্কাৰ জনাইছো আৰু আপোনাৰ সাহসকো। সচাকৈয়ে অসাধ্য সাধন কৰি দেখুৱাই দিলে।
- এইবাৰ হাতযোৰকৈ অ’চি গগৈয়ে হাঁহি হাঁহি কৈ দিলে। তেওৰ চকুত সমীহৰ দৃষ্টি।

: আপোনাকো ধন্যবাদ ছাৰ। লগতে আপোনালোকৰ পুলিচ কৰ্মীকো ধন্যবাদ দিলো। আচলতে আপোনালোকৰ সাহতহে আমি আগবাঢ়িছিলো।

গগৈয়ে মুৰ দুপিয়ালে। পিছ মূহুৰ্ততে আকৌ সুধিলে¸
: কিন্তু আপুনি এই অসাধ্য সাধন কৰিলে কেনেকৈ? আমাক আজি সন্ধিয়াহে জনাইছিল।
- গগৈৰ চকুত বিস্ময়।

: ইশ্বৰৰ আশীৰ্বাদ বুজিছে ছাৰ! কিছুমান আচৰিত সংযোগৰ বাবেই এয়া সম্ভব হ’ল।
- মই হাঁহি দিলো

: ইন্টাৰেষ্টিং। কওকচোন।
- টেবুলখনত কিলাকুটিটোৰে ভেজা দি হাতখনৰ ওপৰত মুখখন ৰাখি তেও মোলৈ চাই থাকিল।

: সেইবোৰ দীঘল কাহিনী ছাৰ। হয়তো আপুনি বিশ্বাস কৰিবলৈ টান পাব।
আচলতে এই ঘটনাৰ ইনভেষ্টিগেচনৰ বাবে মোক বাধ্য কৰিছিল কিছুমান ভৌতিক কাৰ্য্যকলাপে।
- আৰম্ভনিৰে পৰা সকলো কৈ দিলো। (মাথো নকলো জাতিস্মৰৰ ঘটনাটো।)
কথাবোৰ শুনি গগৈৰ মুখৰ পৰা এটা শব্দই ওলাল ‘আচৰিত’। এই অদ্ভূত ঘটনাটো শুনি মানুহজন হতবাক হৈ পৰিছিল।

: তাতোকৈ আচৰিত কথা কি জানে? আচলতে এই কালপ্ৰিট কেইটাৰ চাৰিজনেই মোৰ চিনাকি। তাতোকৈ আচৰিত কথাটো হ’ল¸ ইঁহতৰ মেইন কালপ্ৰিটটো মোৰ বাল্যবন্ধু। আনকি মোৰ লগতে ইয়ালৈকে ইনভেষ্টিগেচন কৰিবলৈও আহিছিল।

আশ্বৰ্য্যত মুখ মেলি দিলে গগৈয়ে। আচৰিত ময়ো হৈছিলো। অাচলতে আচৰিত হোৱা বুলি কোৱাতকৈ মই চক খাইছিলো। দিপুলে এনে কিয় কৰিলে? বা কমলকে ধৰি হাজৰিকা¸ হাজৰিকাৰ ঘৰত দেখা তান্ত্ৰিকজনেই বা কেনেকৈ ক্ৰিমিনেলৰ ৰূপত অৱতীৰ্ণ হ’ল সেয়া মোৰ বাবে এতিয়াও এটা ডাঙৰ সাঁথৰ!

বুকুখন হঠাতে বিষাই উঠিল। আপোন মানুহে বিশ্বাসঘাটকতা কৰিলে সহ্য কৰিবলৈ বৰ টান। মোৰ মন গ’ল সুধিবলৈ¸ কাৰ কি পানীখোৱা পুখুৰীত বিহ ঢালিছিলো যে সিঁহতে মোক আনকি হত্যা কৰিবলৈও উদ্যত হৈছিল।

ভিতৰৰ চেলটোত গোটেইকেইটাক সুমুৱাই থৈছে। ইয়াৰ পৰাই মাজে-মাজে ধাপ ধুপ শব্দ শুনি আছো। বোধহয় চেকেণ্ড অফিচাৰজনে ইন্টাৰোগেট কৰি আছে। মোৰো মন গ’ল সিঁহতক তেনেকৈ এবাৰ চাবলৈ।

: গগৈ ছাৰ¸ মোৰ কথা এটা জানিবলগা আছে। এই দিপুল বোলাটোৱে কিয় মোৰ লগত এনেকুৱা কৰিলে?
- বোধহয় চকুদুটা চলচলীয়া হৈ পৰিছিল। গগৈয়ে এপলক মোৰ চকুলৈ চাই কলে¸ ‘আহক’

উঠি গৈ গগৈৰ পিছে পিছে ইন্টাৰোগেট ৰুমটোলৈ সোমাই গলো। সৰু চেলটোৰ ভিতৰত সিঁহতকেইটাৰ হাতবোৰ পিছফালে বান্ধি ছেকেণ্ড অফিচাৰজনে লাঠিৰে কোবাই আছিল। কিন্তু দাগী অপৰাধীৰ দৰে চিঞৰ বাখৰ নকৰাকৈ সিঁহতে মাথো মুখখন বিকৃত কৰি ঘুৰাই দিছিল। 

: মেধি
- অ’চি গগৈৰ মাত শুনি মেধি নামৰ ছেকেণ্ড অফিচাৰজনে ঘুৰি চালে।
: মুখ খুলিছেনে?
- গগৈয়ে আকৌ শুধিলে।
: নাই ছাৰ। ইঁহত দাগী অপৰাধীবোৰে ইমান সহজে ক’ত মুখ খুলিব। হাড়মুৰ গুড়ি নকৰালৈকে…
- লাঠিদাল আকৌ দাঙি কালপ্ৰিট কেইটালৈ চাই দাঁত মুখ কৰচি উঠিল মেধিয়ে।

: ৰব।
- মেধিক কৈ গগৈ চেলটোৰ ভিতৰলৈ সোমাই মোলৈ উভতি চালে। ‘আহক’ গগৈ ইংগিত বুজি ময়ো ভিতৰলৈ সোমাই গলো। মোক দেখি দিপুলে মুখখন ঘুৰাই দিলে আৰু কমলে চকুদুটা নমাই ললে। কিন্তু হাজৰিকা আৰু তান্ত্ৰিকজনে খঙৰ চকুৰে চাই থাকিল। তীব্ৰ ঘৃণাত নাক কোচ খাইছিল মোৰ। নিলাজ কৰবাৰ।
এইবাৰ দিপুলৰ সমুখত গৈ থিয় হ’লো।
চাও-নেচাওকৈ মোৰ ফালে চালে সি। ভাৱলেশহীন তাৰ দুচকুত অনুশোচনাৰ বিন্দুমাত্ৰও ৰেখ নেদেখিলো।

: ঐ ক’¸ পৰমেশ্বৰক কিয় হত্যা কৰিছ?
- মেধিৰ হাতৰ পৰা লাঠিদাল লৈ গগৈয়ে কমলৰ পিঠিত গাৰ বলেৰে কোব এটা মাৰিলে।

: আস
- কেঁকাই উঠিল সি।

: ক্ৰাইম ডাজন্ট পে’।
শ্লেষৰ হাঁহি এটা ফুটিল মোৰ মু্খত। ক্ৰিমিনেলৰ জাত¸ এতিয়া পা মজা!

: ঐ কবিনে নকৱ?
- গাৰ জোৰেৰে আকৌ এটা কোব সোধালে গগৈয়ে। তাকে দেখি মেধিয়েও এজনৰ মুখত ঘোঁচা এটা সোধালে।

: কম …কম
- পুলিচৰ লাঠিৰ কোব সহিব নোৱাৰি কমলে সেঁহাই সেঁহাই কৈ উঠিল।

: ক সোনকালে
- আকৌ এবাৰ মেধিয়ে দবিয়াই উঠিল।

: পৰমেশ্বৰে ভিনদেউৰ ঘৰত ভাড়া লৈছিল। কথা প্ৰসংগত জানিব পাৰে যে পৰমৰ খুৰাকে উপন্যাস এখন লিখিছে। সেইখন বিনামূলীয়াকৈ ছপাই দিয়াৰ দায়িত্ব লৈ ভিনদেৱে পৰমৰ খুৰাকক ছাৰপ্ৰাইজ দিবলৈ কয়। পৰমে ঘৈনীয়েকৰ সহায়ত পাণ্ডুলিপিটো আনি কৌতুহলবশত আগতে নপঢ়া পাণ্ডুলিপিটো পঢ়ি তাৰ মনত লোভৰ উদয় হয় আৰু পাণ্ডুলিপিটো ভিনদেউক দিবলৈ অস্বীকাৰ কৰে। ভিনদেৱে জোৰকৈ ধৰাত পোনপটীয়াকৈ অংশীদাৰিত্ব দাবী কৰে আৰু নিদিলে সকলোকে কৈ দিয়াৰ ভাবুকি দিয়ে। আমি ভয় খাই গলো। মই মাজে-মাজে ভিনদেউৰ ঘৰলৈ গলে পৰমৰ লগতে মদ খাও। সেয়ে সেইদিনা আলোচনা কৰি তাক মদ খাবলৈ লগ ধৰিলো আৰু হত্যাকাণ্ডটোক দূৰ্ঘটনাৰ ৰূপ দিলো।
- সেহাই সেহাই কমলে কৈ দিলে। 

: কিন্তু মোক কিয় তঁহতৰ মাজলৈ টানিলি? মইতো কেতিয়াও তহঁতৰ অপকৰ্মৰ অংশীদাৰ নাছিলো।
- ক্ষোভত ফাটি পৰিলো মই।
কমলে একো নকলে। লাহেকৈ চকু দুটা নমাই ললে সি।

এইবাৰ মাত দিলে দিপুলে
 : মই কম পৰাণ। আৰুতো ওলাব নোৱাৰো। গতিকে সকলো তোক কৈ দিয়াই ভাল।
- এইবাৰহে যেন অলপ অনুশোচনা হ’ল দিপুলৰ। লাহে-লাহে কথাকেইটা কৈ মোৰ মুখলৈ এবাৰ চাই আনফালে মুখখন ঘুৰালে সি। পৰম বিতৃষ্ণা আৰু ঘৃণাৰে সি মই চাই ৰলো তাৰ ফালে।

: পৰাণ¸ তই নাজান। আচলতে তোৰ দৰেই ময়ো জাতিস্মৰ। যোৱাবাৰ তোৰ গুলিতে মই মৰিছিলো। তোৰ মনত আছেনে? এবাৰ যে জ্বৰ উঠি ভুল বকিছিলি। টকাৰ কথা¸ পাহাৰৰ কথা¸ বেগটোৰ কথা…। তহঁতৰ ঘৰৰ সকলোৰে দৰে ময়ো তই ভ্ৰম বকা বুলিয়েই ভাবিছিলো। কাৰণ তেতিয়া কথাবোৰ ভালকৈ মনত পৰা নাছিল। মাথো সপোনৰ দৰে আধা কথাবোৰেহে বৰকৈ অশান্তি দিছিল। হঠাতে এদিন হাজৰিকাক লগপাই সকলো মনত পৰি গ’ল। তাৰ পৰাই গম পালো¸ বেগটো এতিয়াও কাৰো হাতত পৰা নাই। কমলকতো আগৰপৰাই জানিছিলে। ডেনিচ আৰু চাফিকো লগ পালো। আটায়ে মিলি প্লেন কৰিলো। আচলতে সকলো মনত পৰাৰ পিছৰে পৰা আগৰ জনমৰ খং উঠি আছিল মোৰ তোৰ ওপৰত। তাতে তই পিঠিত দাগকেইটা লৈয়েই আহিছিলি। 

: বাকীখিনি এতিয়া মই কও শুন।
- হঠাতে দিপুলৰ মুখৰ পৰা কথাকেইটা কাঢ়ি কৈ উঠিলো।

: সেয়েহে মোৰ ভূতৰ প্ৰতি থকা অবিশ্বাসৰ সুবিধা লৈ কমলৰ হতুৱাই মোক ঘৰটোলৈ মতালি। আৰু তাতেই আৰম্ভ কৰিলি খেল। সুযোগ বুজি হাজৰিকাই লুকাই লুকাই ৰুমলৈ কাঠৰ টুকুৰা দলিয়ালে। লাইটৰ মেইন কানেকচনত চেৰচাৰ কৰি ভেল্কিবাজি দেখুৱালি। কেনেকৈ নাজানো¸ হয়তো কিছুমান শব্দ বজাই কৃটিম ভূতৰ তাণ্ডব দেখুৱালি।  তঁহতৰ তান্ত্ৰিকবাবাই মেজিকৰ সহায়ত ইন্দ্ৰজালৰ সৃষ্টি কৰি ভ্ৰম দেখুৱালে। আৰু মই তেতিয়া সেইবোৰকে সঁচা বুলি ভাবি ললো। আকৌ প্লেন কৰি হাজৰিকাই মোক বিচাৰি আহিল। তঁহতে অচিন একাউন্টৰ পৰা মোৰ ফোনলৈ ৩৯ টকা ট্ৰেঞ্চফাৰ কৰাই¸ সেই ছোৱালীজনীক নাটক কৰোৱাই মিছকল দিয়াই মোক ৩৯ নম্বৰৰ লগত কিবা সংযোগ আছে বুলি বিশ্বাস জন্মাবলৈ বাধ্য কৰালি। কিন্তু তৎসত্তেও তঁহতৰ ফাণ্ডত ভৰি নিদিয়াত তই জীয়া ভূত হৈ মোৰ সমুখলৈ আহি লুকাই থাকি মোক চক খুৱালি। বাহ¸ মানিছো তঁহতৰ বুদ্ধিক। অাচলতে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ তই পাব লাগে দিপুল।
- কৈ কৈ এইবাৰ তান্দ্ৰিকৰ কাষলৈ আহিলো।
: আৰু তান্দ্ৰিকবাবা¸ আপুনি এইবোৰ নকৰি মঞ্চত যাদু প্ৰদৰ্শন কৰা হলে নেম¸ ফেম¸ মানি সকলো পালে হয়।

মই কৈ থাকিলো। আচৰিত হৈ সিঁহতে মোলৈ চাই থাকিল। খং কমা নাছিল মোৰ। ক্ষোভ উজাৰি দিব মন গৈছিল।

: তহঁতে কি ভাবিছিলি? মই জীয়া ভূত দেখিয়েই কোনোদিনে নহা অচিন ঠাই টুকুৰালৈ আহিছো! এই ফেচবুকটো বৰ কামৰ বস্তু অ’ দিপুল। ইয়ালৈ অহাৰ আগতেই মই পৰমৰ ভনীয়েকৰ ফেচবুক একাউন্ট বিছাৰি এই ঠাইখনৰ খুটিনাটি লৈ লৈছিলো। যোৱা দুদিনত তহঁতৰ নাড়ী নক্ষত্ৰ সকলো খান্দি উলিয়াইছো। এই হাজৰিকা আৰু তান্দ্ৰিক সেই সময়ৰ পলৰীয়া দুজন নহয়জানো! আৰু কমলৰ ডেনিচহঁতৰ লগত কৰা নাৰী সৰবৰাহৰ ৰেকেটখনৰ কথাও গম পাইছো। অলপতে   গুৰগাঁওত তঁহতৰ কেবাজনো ধৰা পৰা নাই জানো! 
- শ্লেষৰ হাঁহি এটা মাৰিলো। এইবাৰ দিপুলৰ সমুখলৈ আহি তাৰ থুটৰিটো তুলি ধৰিলো। 

: আচলতে ৰমনী সেনাপতিৰ আক্ৰমণৰ পৰাই মোৰ সন্দেহ হৈছিল দিপুল। আৰু সেই সন্দেহ গাঢ় হৈছিল যোৱাৰাতিৰ পৰাই। নহলে মই তোক ডিকোড কৰি দিয়াৰ পিছতে মোৰ ওপৰত আক্ৰমণ হয়নে! 

: পৰাণ…তই…?
- এক আতংকিত দৃষ্টিৰে ভয়ংকৰ ধৰণে চকুদুটা মেলি দিপুলে মোলৈ চাই থাকিল।
লাহেকৈ হাঁহি দিলো। ধনৰ লোভৰ উত্তেজনাত তই কালি কথাখিনি ভালকৈ নুশুনিলি। মই কৈছিলো¸ 
 ‘The house is retired teacher yellow 
near indranath empire’ মই কৈ দিয়াত
এটা দশক আগতে ঢুকোৱা ইন্দ্ৰনাথ কটকীৰ কাষৰ মুৰুলীৰ ঘৰটোৱেই যে ৰত্নভাণ্ডাৰৰ ভঁৰাল ঠিকেই বুজিলি। কিম্তু
হালধীয়া শব্দৰ অৰ্থ নুবুজিলি! এসময়ৰ ঘৰখনৰ থাপনাখনৰ হালধীয়া চন্দ্ৰতাপখনৰ তলত ভূ গৰ্ভতে যে ঈশানে বেগটো সমাধিস্থ কৰিছিল¸ বুজিবলৈ তঁহতক এটা দিন লাগিল। ভাগ্যৰ বিড়ম্বনা চা¸ তহঁতে যি আত্মাৰ জঘন্য খেল খেলি মোক ইয়ালৈ আনিলি¸ সেই আত্মাই আহি তঁহতক শেষ কৰি দিলে। অ’ আৰু হয়তো গম নাপাৱ¸ যে বেগটো পোৱাৰ পিছত ইঁহতে তোকো মাৰি পেলালেহেতেন! 

- মোৰ কথা শেষ হ’ল। বিস্ফোৰিত চকুৰে সি মোলৈ চাই থাকিল। আৰু ৰৈ থাকিব মন নগল। চেলৰ ভিতৰৰ পৰা ওলাই আহিলো। সকলো গম পালোৱেই আৰু কি প্ৰয়োজন। বুকুখন কিয় জানো বিষাই উঠিল। পিছে পিছে অ’চি গগৈও ওলাই আহিল। ষ্টেটমেন্ট ৰেকৰ্ড হৈ গৈছে। হয়তো পুৱালৈ চালান দিব। গাঁওৰ ল’ৰাকেইটা বাহিৰৰ বেঞ্চখনত বহি মোলৈ ৰৈ আছিল।
মই বাহিৰলৈ ওলাই আহিলো। পিছে পিছে গগৈয়ো ওলাই আহিল। হয়তো কিবা কব খোজে। মই তেওলৈ চালো।

স্মিত হাঁহি এটাৰে তেও কৈ উঠিল¸ ‘আপুনি সচাকৈয়ে সাংঘাটিক।’
এপলক ৰৈ পুনৰ কলে¸ ‘আপুনি পুলিচত নোসোমাই কিয়হে?’
- মই হাঁহি দিলো। 
মনত পৰিল¸ অহাৰ আগতে এছ আইৰ এডভাৰ্টাইছটোৰ এপ্লাই কৰি আহিছিলো। হয়তো অহা মাহলৈ ইন্টাৰভিউ হবগৈ।

‘আহো’
গগৈৰ পৰা বিদায় লৈ ওলাই আহিলো।

------
পিছদিনা ৰাতিপুৱা¸

অৰ্পিতাই দি যোৱা চাহকাপ হাতত লৈ এনেয়ে মোবাইলটো পিটিকি আছিলো। হঠাতে ফোনটো বাজি উঠিল। 
অ’চি গগৈৰ ফোন।

: পৰাণ¸ ডাঙৰ ঘটনা এটা হ’ল। কোৰ্টলৈ নি থকা অৱস্থাত ভানখনৰ এক্সিডেন্ট হ’ল। আমাৰ পুলিচৰ কাৰোৱেই বিশেষ একো নহল যদিও সিঁহতকেইটাৰ এটাও নাবাছিল।

: বাৰু। সিঁহতে শাস্তি পালে দিয়ক।
- গগৈয়ে কিবা বুজিলেনে নাই নাজানো। হমম বুলি কৈ ফোনটো ৰাখিলে। 
মোৰ ওঠৰ কোণত হাঁহি এটা জিলিকি উঠিল। ৰুবিয়ে তাৰমানে সিঁহতক মাৰিহে এৰিলে।

: দাদা¸ আপুনি কিন্তু আজি যাবগৈ নোৱাৰে! দুৰ্যোগ মুক্ত গাঁওখনত আৰু এদিন আপ্যায়নৰ বাবে থাকিব লাগিব।
- হাঁহি মাৰি অৰ্পিতাই মোৰ খালী কাপটো নিওতে কৈ উঠিল।

: হমম। পিছে অকলশৰে উভতি যাবলৈহে 
মোৰ বেয়া লাগিছে। কিন্তু এইবাৰ অকলশৰে উভতি গলেও আকৌ এবাৰ উভতি আহিম। দুকলা হবলৈ।
- হাঁহি দিলো মই। তাই লাজ লাজকৈ ভিতৰলৈ সোমাই গ’ল।
মই আকাশখনৰ ফালে চালো।
নীলা আকাশখন বৰ মুকলি লাগিল।

******


Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib