Now you can Subscribe using RSS

Submit your Email

Sunday 24 May 2020

ডাক্টৰ মোৰেৰ অপহৰণঃ 1

Unknown
#ডাক্টৰ মোৰেৰ অপহৰণ#
------------------------------------

[ এক ]

জিমৰ পৰা আহি বাৰীত কাম অলপ কৰি আছিলো। ৰাতিপুৱাটো সদায় এনেকৈয়ে যায় মোৰ। জিমৰ পৰা মই আহি পোৱা সময়ত মকুণ্ডই তাৰ পুৰণি চাইকেলখন চলাই আহি মাৰ হাতেৰে একাপ চাহ খাই। তাৰ পিছত ফাৰ্মখন অলপ চাফা কৰি গাখীৰ খীৰাই আৰু মই ওচৰতে বহি সৰু সৰু পাত্ৰবোৰত গাখীৰ জুখি ভৰাই থাকো। তাৰ পিছত সি বৰ্তনবোৰ লৈ ওলাই যায় আৰু বাৰীখনত অলপ সময়ৰ বাবে সোমাও। মায়ে চাহ খাবলৈ মতাত বাৰীৰ পৰা আহিলো। চাহখাই থাকোতে হঠাতে খুটকৈ ফোনটো বাজি স্ক্ৰীণখন পোহৰ হৈ পৰিল।

‘তোমাক খুড়াই মাতিছে। এপাক আহা।’
নন্দিনীৰ মেছেজটো পোৱাৰ পিছত আৰু ৰৈ নাথাকিলো। চিধাই বাইকখন দৌৰাই দিলো। নন্দিনীৰ মেছেজ পালেই মই ৰব নোৱাৰো। কিবা এটা ভাল লাগে। সাংঘাটিক দৰকাৰ নহলে তাই মোলৈ ফোন নকৰে। যি কবলগা থাকে মেছেজতে কয়। দহ মিনিট পিছত সিঁহতৰ ঘৰ পালোগৈ। আমাৰ ঘৰৰ পৰা আঠ কিলোমিটাৰৰহে বাট। 

দ্ৰয়িং ৰুমত নন্দিনীয়ে বৰ মনোযোগেৰে লেপটপত কিবা চাই আছিল। কাষতে চোফা এখনত বহি বকু খুৰাই মুৰটো আওজাই চকু দুটা মুদি কিবা ভাবি আছিল। মোক দেখি নন্দিনীয়ে বহিবলৈ ইংগিত কৰিলে। সমুখৰ চকীখনত গাটো হেলান দিলো। নন্দিনীয়ে চাগে কিবা কেচৰ প্ৰিপাৰেচন কৰিছে।  মাত দি আমনি কৰিবলৈ মন নগল। এবাৰ বকুখুৰালৈ চাই অপেক্ষা কৰিলো।

‘ৰোহন¸ ডাক্টৰ মোৰেৰ নাম শুনিছানে?’
চকুদুটা মুদি থাকিয়েই বকু খুৰাই সুধিলে।

বহুদিন আগতে কোনোবা পেপাৰ নে আলোচনী এখনত ডাক্টৰ মোৰেৰ কথা শুনিছিলো। বোধকৰো মানুহজন এজন বিজ্ঞানী। তাতকৈ বেছি একোৱেই এই মূহুৰ্তত মনলৈ অহা নাই। অৱশ্যে গুগল খুচৰিলে তথ্য পাই যাম। কিন্তু তাৰ আগতেই বকু খুৰাক জনাখিনি কোৱা দৰকাৰ। কলো¸ ‘ডাক্টৰ মোৰে খুউব সম্ভৱ চিকিৎসা বিজ্ঞানী। বহুদিন আগতে তেওৰ কিবা গবেষণাৰ বিষয়ে পঢ়া মনত পৰে।’

বকু খুৰাই হাঁহিলে¸ তাৰ পিছত নন্দিনীলৈ চালে।

‘ডাক্টৰ ৰাঘবেন মোৰে এজন চিকিৎসা বিজ্ঞানী। তেওৰ জন্ম থানেত হৈছিল। লণ্ডনৰ বিখ্যাত UCL medical Collage ৰ পৰা পাছ কৰি ডাঙৰ ডাক্টৰ হৈ আহে। সাতবছৰ আগতে তেওৰ গৱেষণা এটাৰ বাবে চৰ্চিত হৈছিল। তুমি বোধকৰো সেইটো গৱেষণাৰ বিষয়ে পঢ়িছিলা। তেতিয়া সাংঘাটিক কন্ট্ৰভাৰ্চি হৈছিল। আৰম্ভনিৰে পৰা তেওৰ গৱেষণাক এচাম মানুহে অমানবীয় বুলি তীব্ৰ বিৰোধিতা কৰিছিল।  মানুহৰ শৰীৰৰ মৃত অংগ এটাক কেনেকৈ জীৱন্ত কৰিব পাৰি সেই বিষয়ে তেও গৱেষণা কৰিছিল। মৃত লোক এজনৰ হাত এখন কাটি আনি এখন হাত মৰি যোৱা জীৱিত লোক এজনৰ দেহত সংৰোপন কৰাই তেও পৰীক্ষা কৰিছিল। তাৰ পিছত কিবা কাৰণত পেচেন্টজনৰ মৃত্যু হয় আৰু চৰকাৰে সেই গৱেষণাৰ ওপৰত বাধা আৰোপ কৰে। সেই সময়ত বিভিন্ন দল সংগঠনৰ তীব্ৰ বিক্ষোভৰ সমুখীন হৈ ডাক্টৰ মোৰে ভাৰতৰ পৰা গুছি যায়। কিন্তু কলৈ যায় কোনেও নাজানে। কিন্তু যোৱা বছৰৰ শেষ ভাগত তেএক চাংহাইত দেখা যায়। কিবা মেডিকেল চাইঞ্চৰ কনফাৰেঞ্চ এখনত তেও আমেৰিকাৰ পৰা অংশ লবলৈ আহিছিল। তাৰ পিছৰ পৰা নিউ জাৰ্চিত তেওৰ ঠিকনাৰ সম্ভেদ পোৱা যায়।’
নন্দিনীয়ে মোৰ চকুলৈ চাই কৈ থাকিল। চাগে ইমানপৰে নেটত এই বিষয়েই তাই পঢ়ি আছিল। 

‘ কিন্তু জানি আচৰিত হবা যে সেই ডাক্টৰ মোৰে কিছুদিন আগতে ভাৰতলৈ আহিছিল¸ ঠিক ভাৰত বুলি কলে ভুল হব । অসমলৈ আহিছিল। কেইদিনমান কটাইছিল আৰু হঠাতে এদিন এই চহৰৰ পৰাই নিৰুদ্দেশ হৈ যায়।’

‘হা…কি কয়? সেই ডাক্টৰ মোৰে অসমলৈ আহিছিল?’
উচপখাই উঠিলো মই। 

‘য়েছ । এই কেছটোৱেই এতিয়া আমাৰ হাতলৈ আহিছে।’
নন্দিনীয়ে লেপটপটো জপাই থৈ এইবাৰ থিয় হ’ল আৰু লেপটপটো থবলৈ ভিতৰলৈ সোমাই গ’ল।

‘অলপ আগতে কমিচনাৰ অফিচলৈ গৈছিলো। ৰাতিপুৱাই ফোন কৰি মাতিছিল। কথাটো প্ৰচাৰ হোৱাৰ আগেয়েই মোৰেক বিছাৰি উলিয়াব লাগিব। জনাজনি হৈ যোৱাৰ ভয়তে কমিচনাৰে দায়িত্ব ডিপাৰ্টমেন্টক নিদি আমাক দিছে। বুজিছাই নহয় কিমান গুৰুত্বপূৰ্ণ।’
কোঠাৰ ভিতৰতে পাইচাৰি কৰি বকু খুৰাই কৈ থাকিল।

মই বুজিছিলো¸ গুৰুত্বপূৰ্ণ নহলে কমিচনাৰে নিজেই ফোন কৰি বকু খুৰাক মাতি নিনিয়ে। সাঘাংটিক কিবা কেচ নহলে কেতিয়াও পুলচে বকু খুৰাৰ দৰে প্ৰাইভেট ডিটেকটিভৰ সহায় নিবিছাৰে। অৱশ্যে বকু খুৰাৰ আগৰ ৰেকৰ্ডবোৰলৈ চাই কমিচনাৰৰ পৰা অহা অফাৰটোত আচৰিত হবলগা একো নাই। ইয়াৰ আগতেও তেও পুলিচে সমাধান কৰিব নোৱাৰা কেইবাটাও ডাঙৰ ডাঙৰ কেচ সমাধান কৰি দিছিল। কিন্তু মই এটা কথা বুজি পোৱা নাই¸ ডাক্টৰ মোৰে অসমলৈ কিয় আহিছিল? খুদুৱনি মাৰিব নোৱাৰি সুধিলো।

‘মই জানিছিলো¸ তুমি এই প্ৰশ্নটোকে কৰিবা।’ অলপকৈ হাঁহি বকু খুৰাই আকৌ কলে¸
‘প্ৰফেচাৰ অাৰ্য্যক জানা নহয়। পদাৰ্থ বিজ্ঞানীযে¸ তেওৰ ঘৰলৈকে ডাক্টৰ মোৰে আহিছিল। পুৰণি বন্ধু হেনো। দুৰাতি তেওৰ ঘৰতে আছিল। পৰহি ৰাতি পুৱাই উঠি দেখে যে কোঠাটো লণ্ডভণ্ড¸ মানুহটোও নাই। বহুত বিচাৰ-খোচাৰ কৰিও নোপোৱাতহে কমিছনাৰক জনালে। অৰ্থাৎ ঘটনাটো যোৱাকালি পুৱাই গম পাইছে। চৌবিশ ঘন্টা ইতিমধ্যেই পাৰ হৈ গৈছে।’

‘এই কথা আপোনাক কমিছনাৰে কৈছে নেকি?’

‘নহয় প্ৰফেচাৰ আৰ্য্যই নিজেই কৈছে। কমিছনাৰৰ অফিচতে তেওক লগ পাইছিলো। মানুহজন কমিছনাৰ পুৰণি চিনাকি।’

‘হমম…। কিন্তু খুৰা¸ পদাৰ্থ বিজ্ঞানৰ মানুহৰ লগত চিকিৎসা বিজ্ঞানৰ মানুহৰে বা সম্পৰ্ক হল কেনেকৈ?’

‘সেই কথাটোকে ময়ো ভাবিছো। ভালকৈ কথা পাতিলেহে কথাবোৰ গমপোৱা যাব।’
কৈ খুৰাই কিবা এটা ভাবিলে। আকৌ কলে¸ ‘এটা কথালৈহে চিন্তা হৈছে। এই চৌবিশ ঘন্টাত মোৰেক কিডনেপাৰে নি বা কিমানখিনি পালগৈ!’

অাকস্মাত মোৰ মুখৰে ওলাই গ’ল
‘যদি মাৰি পেলালে!’
খুৰা এইবাৰ ঘুৰিল¸ মোৰ মু্খলৈ চাই কলে¸
‘ওহো¸ মাৰি নেপেলায়। হত্যাৰ প্লেন থকা হলে কামটো ইয়াতো কৰিব পাৰিলেহেন! মোৰ বোধেৰে মোৰেৰ দৰে ডাঙৰ বিজ্ঞানী এজনক চাগে বেলেগ কিবা উদ্দেশ্যতহে নিছে।’
গভীৰ চিন্তাৰ ৰেখ দেখা গ’ল তেওৰ মুখত। 
‘ বাৰু ব’লা তেওৰ ঘৰৰ পৰা এপাক আহোগৈ।’ 
ঘপহকৈ বহাৰ উঠিল তেও। ময়ো উঠিলো। 

‘ৰবা ৰবা¸ আগতে চাহকাপ খাই লোৱা। তাৰ পিছত যাবা।’
সেই মূহুৰ্ততে নন্দিনীয়ে ট্ৰে এখনত দুকাপ চাহ আৰু প্লেট এখনত কেইটুকুৰামান কেক আনি আমাৰ সমুখত ৰাখিলে। ইমান সময়ে চাগে তাই ভিতৰতে এয়াই বনাই আছিল।

কেক এটুকুৰা মুখত লৈ একামোৰ মাৰিলো। এগলেছ কেক। মোৰ প্ৰিয়।

‘অকল কেক খালেই নহবদেই। পিঠাও ট্ৰাই কৰা। প্লেট এখনত টেকেলি পিঠা দুটা আনি এইবাৰ খুৰীয়ে সমুখত ৰাখিলে।

‘ বাহ¸ কেকৰ লগতে টেকেলি পিঠাও। ৰোহন  খোৱা খোৱা। মই আকৌ পাহৰিয়ে গৈছিলো আজি যে তোমাক চাহ যঁচাই নাই।’ 
ঠাপ মাৰি পিঠা এখন হাতত লৈ নিজৰ কথাতে ৰস পাই হোঁহোৱাই হাঁহি দিলে খুৰাই। 
খুৰী আৰু নন্দিনীয়ে মিছিকিয়াই হাঁহি থাকিল।

বকু খুৰাৰ ভাল নাম বকুল তালুকদাৰ।
 মিলিটেৰীৰ মেজৰ আছিল। ২০০২ চনত এবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত বেয়াকৈ গুলি লাগি বাওহাতখন নষ্ট হৈ গৈছিল। চাকৰীৰ পৰা ভলুন্টাৰী ৰিটায়াৰ হৈ মানুহজনে ঘৰত থাকিব ভাল নাপালে। নিজাকৈ সৰু এজেঞ্চীটো খুলি ল’লে। কোৱা শুনিছিলো তেও বোলে মিলিটেৰী ইন্টেলিজেঞ্চত আছিল। মাজে-মাজে দুই এটা ৰোমাঞ্চকৰ কাহিনী শুনাইছিল তেও। ধনৰ প্ৰতি অলপো লোভ নাই মানুহজনৰ। মাথো চখৰ বাবেহে এই বৃত্তিটো লৈছে।এদিন পেপাৰত এড এটা পাই আহিছিলো মই। সৰুৰে পৰা বৰ চখ আছিল মোৰ ডিটেকটিভ হবলৈ। নাজানো সেই মোৰ আগ্ৰহ দেখা পায়েই কিজানি খুৰাই মোক সহকাৰী হিচাপে গ্ৰহণ কৰিছিল। অৱশ্যে আজিলৈ এইটোও নাজানিলো যে ইন্টাৰভিউ দিবলৈ অকলে ময়েই আহিছিলো নে আৰু অান কোনোবাও আহিছিল।

প্ৰকাণ্ড ঘৰটোত মানুহ মাথো তিনিজনেই। বকু খুৰাৰ সন্তান নাই। সৰুৰে পৰা ভতিজীজনীকে নিজৰ ছোৱালীৰ দৰে ৰাখিছে। অলপতে ল পাছ কৰি নন্দিনী উকিল হৈছে। তাইৰ উকিল হোৱাৰ মন নাছিল¸ এপিএছচিত বহি এডিমনিষ্ট্ৰেটিভ অফিচাৰ হোৱাৰহে মন। খুৰাকৰ সপোন পূৰাবলৈহে তাই ল’ পঢ়িছিল। সেয়েহে কোনো ডাঙৰ উকিলৰ এচিষ্টেন্ট হিচাপে কাম কৰাতকৈ স্বাধীনভাবে ওকালটি কৰিবলৈ ভাল পালে তাই। আৰু মই এমবিএ কৰি চাকৰী নাপায় ডেইৰী ফাৰ্ম এখন খুলিছো। মানুহ লগাই খেতি কৰাইছো। সময় পালে নিজেও পথাৰত নামিছো। আকৌ চখৰ বাবে বকু খুৰাৰ সতে ৰহস্য সন্ধান কৰি ঘুৰিও ফুৰিছো। আচলতে আমাৰ এই তিনিওজন মানুহৰে সংযোগ এক আচৰিত সময়ৰ সন্ধিক্ষণ। হয়তো তাকেই ভাগ্যৰ লিখন বুলি কয়। এই যে মই নন্দিনীৰ প্ৰতি আকৃষ্ট হৈ পৰিছো। তায়োযে মোক মনে-মনে পচন্দ কৰে সেয়াও তাইৰ চকুত দেখিছো। কিন্তু কোনেও কাকো আজিলৈ মুখ খুলি প্ৰকাশ কৰা নাই। অথচ আমি দুয়ো জানো যে বকু খুৰা বা মোৰ ঘৰ কৰোৱেই পৰা বাধা অহাৰ অকণো শংকা নাই। মই যিমানবাৰেই তাইৰ চকুলৈ চাইছো¸ লাজতে তাই জঁয় পৰি গৈছে। যিমানবাৰেই তাইক অকলে পাইছো¸ তাই সুযোগ দিছে। তথাপিও কিন্তু সুযোগৰ অপব্যৱহাৰ কৰা নাই।

আঁৰচকুৰে তাইলৈ চালো। কিবা এখন কিতাপ হাতত লৈ টিভিটোৰ কাষত ৰৈ আছে। হঠাতে চকুৱে চকুৱে পৰাত উচপখাই চকু নমালে। হাঁহি উঠিছিল¸ কিন্তু সকলোৰে সমুখত হাঁহিবও নোৱাৰো। বিশেষকৈ বকু খুৰাৰ সমুখত।

‘ ৰোহন ব’লা।’
খোৱা হোৱাৰ পিছতে বকু খুৰা থিয় হ’ল। পিছে পিছে ময়ো ওলাই আহিলো।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib