Now you can Subscribe using RSS

Submit your Email

Monday 25 May 2020

Bad boy ঃ 1

Unknown

(প্ৰথম অংশ)

বিফলতাৰ গানবোৰ কিয় সদায় অৱহেলিত হৈ ৰয়! কিয় মানুহে কব নোখোজে বিফলতাৰ কথাবোৰ। অথচ বিফলতাবোৰেই শিকাই জীৱনৰ পাঠ। যদি সফলতাৰ কাহিনীবোৰৰ দৰে বিফলতাৰ কাহিনীও কোৱাৰ এটা নিয়ম থাকিলহেতেন¸ চাগে সফলতাতকৈয়ো বিফলতাৰ কাহিনীহে বেছি প্ৰিয় হ’লহেতেন মানুহৰ।

ওঠৰ কোণত হাঁহি এটা জিলিকি উঠে পলাশৰ।
কিযে এই চলি অহা নিয়মবোৰ! সাংঘাটিক কিবা এটা কৰি দুনিয়াক চমক দিব নোৱাৰালৈকে এই কাহিনীবোৰৰ একো মূল্য নাই!

পলাশ লাহেকৈ বহাৰ পৰা উঠিল। সন্ধিয়া হৈ আহিছিল। ষ্ট্ৰীটলাইটবোৰ জ্বলি উঠিছিল। সি দুয়োকাষে এবাৰ চালে। ঠাইখিনি এতিয়া নিজম পৰিছে। অলপ আগলৈকে তাৰ আশে-পাশে আৰু বহুত মানুহ বহি আছিল। কেতিয়া উঠি গ’ল সি গমেই নাপালে। বহাৰ পৰা উঠি গৈ বাইকত ওলোমাই ৰখা হেলমেটটো পিন্ধি ললে সি।

সুবিধা পালেই আবেলিটো আহি ইয়াতে কটাই সি। ৰাজভৱনলৈ যোৱা পথটোৰ শেষৰ এই কেঁকুৰীটো ডেকা-গাভৰুবোৰৰ বাবে যেন লাভাৰ্চ পইন্ট। আবেলি হলেই কম বয়সীয়া ডেকা-গাভৰুবোৰৰ লগতে দুই এজন আহি বহে। নৈখনৰ বিপৰীত ফালে থিয় পাহাৰৰ বুকুত অাঁকি থোৱা ধুনীয়া শিলৰ দেৱালখন আগত থিয় হৈ বিভিন্ন ভংগিমাত ফটো উঠে। পলাশৰ ঠাইখিনি ভাল লাগে। পথৰ দাঁতিৰ চাপৰ নিৰ্দিষ্ট পিলাৰটোত বহি সি তললৈ চাই থাকে। শান্ত সমাহিত নৈখন তলত বৈ থাকে। মহানগৰীৰ কোলাহল পাহৰি  সি চকুদুটা মুদি দীঘলকৈ উশাহ এটা লয়। দিনটোৰ ভাগৰ¸ যন্ত্ৰনাৰ পৰা সাময়িক সকাহ পোৱা যেন লাগে তাৰ।

বাইকখন ষ্টাৰ্ট দি এনেয়ে এবাৰ বেলিভিউৰ ফালে গ’ল সি। বেলিভিউৰ সমুখৰ পৰা গৱৰ্ণৰ হাউচৰ মেইন গেট। পাৰ্মিচন নাথাকিলে প্ৰৱেশ নিধেধ। লাহেকৈ বাইকখন ঘুৰাই ৰেচ বঢ়াই দিলে সি।

পলাশৰ মনটো বেয়া লাগিছিল। আকৌ এবাৰ জীৱনৰ বাটত উজুটি খাইছিল সি। আদৰ্শগত কাৰণত আকৌ এবাৰ চাকৰীটো এৰিবলগাত পৰিছিল। হয়তো বেছি দুখ কৰিবলগা একো নাছিল। বিছাৰিলে তেনেকুৱা চাকৰী এটা সোনকালেই পাব। কিন্তু নতুন চাকৰীত সোমোৱালৈ হোৱা অৰ্থনৈতিক লোকচানখিনিয়ে তাক আকৌ কেইবামাহলৈ পিছুৱাই লৈ যাব। দুখটো বুকুলৈকে উজাই আহিছিল তাৰ। কিয় সি তেনেকুৱা! এডজাষ্ট কিয় কৰিব নোৱাৰে! পিছত জইন কৰা মানুহে চামচাগিৰি কৰি তাক চেৰ পেলাই আগুৱাই যায়¸ চকুৰ সমুখতে অনৈতিক কৰ্মবোৰ চলি থাকে। কিয় সি বাকীবোৰৰ দৰে চকুমুদি থাকিব নোৱাৰে! নিজৰ ওপৰতে খংটো উঠি আহে তাৰ।

-----

পিছদিনাৰ পৰাই আকৌ চাকৰী বিচাৰি উজুটি খোৱা দিনবোৰৰ আকৌ আৰম্ভ হৈছিল। অফিচে অফিচে ঘুৰি ফুৰাৰ উপৰিও বন্ধু কেইজনমানকো সি অনুৰোধ কৰিছিল। পলাশে জানে¸ ৰেফাৰেঞ্চ নহলে আজিকালি তথ্য এটাও পোৱা নাযায়। হাতৰ টকাকেইটা খৰচ কৰি যুদ্ধকালীন প্ৰস্তুতিৰে চলি থাকে তাৰ সন্ধান। পুৰণি চাকৰীটো এৰি দিয়াৰ দুদিন পিছতে বন্ধু এজনে খবৰ দিলে তাক। হঠাতে লটাৰী লাগিল যেন লাগি যায় তাৰ। ইমান কম সময়তে মনে বিছৰা কাম এটা পোৱাটোও সহজ কথা নহয়। ইন্টাৰভিউটো দি অৱধাৰিত বাবেই চাকৰীটো পাই গ’ল সি। কেইবাবছৰৰো অভিজ্ঞতাৰ বাবে সহজেই কোনো কম্পেনীয়ে তাৰ দৰে প্ৰাৰ্থীক উপেক্ষা কৰিব নোখোজে। পলাশে আশা কৰিছিল¸ চেলাৰী পেকেজটো চাগে সি আশা কৰাতকৈয়ো কমকৈ অফাৰ কৰিব। তথাপিও জইন কৰাৰ সিদ্ধান্তটো ঘৰতেই লৈ আহিছিল। তাক সোনকালে চাকৰী এটা লাগে। মহানগৰীত এনেয়ে বহি থাকিব নোৱাৰি। জমা টকা খৰচ কৰি খাই¸ ঘৰভাড়া ভৰি এনেয়ে এদিনো থকাটো তাৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়ালৰ লৰাৰ বাবে মাথো মূৰ্খামিয়েই নহয় পাপো। কিন্তু তাক অবাক কৰি এইচ আৰ মেনেজাৰজনে সি বিচৰা ধৰণেই পেকেজটো অফাৰ কৰাত অবাক হৈ গ’ল সি। আগৰ চেলাৰীতকৈ পঞ্চাশ শতাংশতকৈ বেছি চেলাৰীৰ অফাৰৰ কথাটো সপোন সপোন যেন লাগি গ’ল তাৰ। মন গ’ল সাউতকৈ উঠি গৈ মানুহজনক সেৱা এটা কৰিবলৈ। কিন্তু একোৱেই নকৰিলে। স্মিত হাঁহিৰে ধন্যবাদ এটা দি মানুহজনৰ অফাৰটো গ্ৰহণ কৰিলে।

:ৱেলকাম টু আৱাৰ ফেমিলি। 
- কোম্পানীৰ নীতি-নিয়মৰ বিষয়ে অলপ কৈ পিছদিনাৰ পৰাই তাক জইন কৰিবলৈ কলে। মিচিকিয়াই আগবঢ়াই দিয়া হাতখনত খামুচি ধৰি সিয়ো কৈ উঠিল

: থেংকিউ ছাৰ। আইল ট্ৰাই টু ডু মাই লেভেল বেষ্ট।
- মানুহজনে মুৰ দুপিয়ালে।

মনটো ভাল লাগি গৈছিল পলাশৰ। যোৱা দুদিন তাৰ লগতে ঘৰৰ মানুহবোৰৰ মুখবোৰো অলপ গোমা হৈ পৰিছিল। হয়তো চলি থকা জীৱন এটা বাধাগ্ৰস্থ হৈ পৰা যেন মাক-দেউতাকেও অনুভৱ কৰিছিল। লৰালৰিকৈ ঘৰলৈ ফোন কৰি খবৰটো দিলে সি। বন্ধুকো ধন্যবাদ এটা জনাই ওলাই আহিল সি। 

বাহিৰত কিনকিনিয়াকৈ এজাক বৰষুণ আহিছিল। আধামান বাট পাওতেই হঠাতে বৰষুণজাক জোৰকৈ আহিল। তিতি জুৰুলি জুপুৰি হৈ গ’ল সি। ৰাষ্টাৰ কাষৰ মানুহবোৰ ফৰিং চিটিকা দি যিয়ে যতে পাৰে আশ্ৰয় ললেগৈ। পলাশ কতো নোসোমাল। এতিয়া আৰু কি লাভ কৰবাত সোমাই। এজাক বৰষুণতে গুৱাহাটীত বানপানী হৈ যায়। ট্ৰেফিক জাম লগাৰ আগতে কিবাকৈ ৰুম পালেই হৈ যায়। কথাটো ভাবি স্পীড বঢ়াই দিলে সি।

ক্ৰাছছ্
- হঠাতে ব্ৰেক মাৰি দিব বাধ্য হৈ গ’ল সি। উলুবাৰী ফ্লাই অভাৰৰ তল পাইছিলহে মাথোন¸ অভাৰটেক কৰি পাৰ হব খোজা স্কুটি এখন সমুখত পৰিলহি। দুয়ো গৰাকী আৰোহীয়ে ৰেইনকোট পিন্ধি আহিছিল। তথাপিও বৰষুণৰ চিটিকণি কিবাকৈ মুখত লাগিছিল বাবেই হয়তো তীব্ৰবেগত অহা স্কুটিখনে গাড়ী এখনক চাইদ দিবলৈ গৈ তাৰ সমুখতে ঘপহকৈ ৰৈ গ’ল। ভাগ্যেহে খুন্দা নামাৰিলে সি। তথাপিও অলপ চুঁচৰি গৈ লাহেকৈ স্কুটিখনত লাগিলগৈ।

: চলাব নাজানে নেকি?
- স্কুটিৰ আৰোহী নামি আহি গৰজি উঠিল।

: প্ৰশ্নটো মইহে কৰিব লাগে। 
- তাৰো খং উঠি আহিছিল। এফালে বৰষুণত তিতি জুৰুলি জুপুৰি হোৱাৰ খং¸ আনফালে আকৌ এইবোৰ।

: কি??? নিজে খুন্দিয়াই আকৌ কথা কব আহিছে।
- এইবাৰ আৰোহী নামি আহিল। এইবাৰ কথাৰ সুৰ পঞ্চমত। নামি আহি পিচফালটো চালে। ক্ষতি একো হোৱা নাছিল। মাথো নাম্বাৰপ্লেটখনত চকাৰ দাগটোহে লাগিছিল। পলাশো ৰৈ নাথাকিল। যুবতী গৰাকীৰ কথাৰ সুৰে তাৰ মগজুটো গৰম কৰি দিছিল।

: কতনো খুন্দিয়ালো¸ সামান্য লাগিছেহে।এনেকৈ চলাই নেকি? 

: নিজে চলাব নাজানে আকৌ লোকক কব আহিছে।
- এইবাৰ পিছফালে বহি অহা গৰাকীয়েও মাত দিয়াত খংটো তাৰ ভালকৈয়ে উঠিল।

: হেৰি¸ আপোনাক কোনে লাইচেঞ্চ দিলেহে। এইটো বতৰত এইটো ৰাষ্টাত যে ইমান স্পীডত অভাৰটেক কৰে নেকি?
- বোধহয় এইবাৰ দুয়োজনীৰে গাত লাগিল। চাগে ভুল বুজি পালে। তথাপিও কৈ উঠিল।

: এনেকৈ ছোৱালীৰ লগত তৰ্ক কৰে নেকি? অভদ্ৰ।

সিঁহতক ওচৰৰ দোকানখনৰ বাৰাণ্ডাৰ পৰা মানুহ কেইজনমানে চাই আছিল। অলপ আঁতৰত পৰা ট্ৰেফিক পুলিচ এজনো আগুৱাই আহিছিল। পলাশে আৰু একো কোৱাৰ প্ৰয়োজনবোধ নকৰিলে। বৰষুণত এনেকৈ তিতি থাকি একো লাভ নাই। যুবতী দুগৰাকীৰ ফালে কেৰাহিকৈ চাই বাইকখন চলাই দিলে সি।

: বেডবয়
- পিছফালে অহা যুবতী গৰাকীয়ে সি যোৱাৰ ফালে চাই লাহেকৈ কৈ উঠিল।

******

ফটো - ইন্টাৰনেটৰ পৰা লোৱা

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib