Now you can Subscribe using RSS

Submit your Email

Monday 25 May 2020

Bad boy ঃ 2

Unknown

( দ্বিতীয় অংশ )

কোৱাৰ দৰেই পিছদিনা গৈ অফিচত জইন কৰিবলৈ আহিছিল পলাশ। প্ৰকাণ্ড বিল্ডিংটোৰ সিঁহতৰ অফিচটো। পাৰ্কিঙত বাইকখন পাৰ্ক কৰি সোমাই থব খোজোতেই চিকিউৰিটিজন দৌৰি আহিছিল।

‘বাহিৰা মানুহৰ গাড়ী ইয়াত থব দিয়া নহয়দেই। বাহিৰত ৰাখকগৈ।’
হটঙা চিকিউৰিটিজনে কৰ্কশ মাতেৰে কৈ বাইকখন প্ৰায় আগভেটি ধৰিছিল।

‘বাহিৰা নহয়। আজি মই জইন কৰিবলৈ আহিছো।’

‘কিন্তু…মোক দেখোন কোৱাই নাই।’
অবিশ্বাসৰ দৃষ্টিৰে অলপ তভক মাৰি ৰৈ হয়তো কনফাৰ্ম কৰিবলৈ চিকিউৰিটিজনে একোণত থকা ফোনটোৰ পৰা সংশ্লিষ্ট অফিচটোলৈ ফোন কৰিলেহেতেন! কিন্তু তাৰ আগতেই কোনোবাই চিঞৰি মতাত ৰৈ গ’ল।

‘আব্দুল¸ আমাৰ নতুন ষ্টাফ। চেলচ্ এণ্ড মাৰ্কেটিং মেনেজাৰ।’

ঠিক সেইখিনি সময়তেই কিশোৰৰ বাইকখন পাৰ্কিঙত সোমাইছিল।
হেলমেটতো খুলি পলাশৰ বন্ধু কিশোৰে কৈ উঠিল।

‘বেয়া নাপাব ছাৰ¸ বহুত মানুহে মিছাকৈয়ে কৈ ইয়াত থব খোজে।’
সামান্য লজ্জিত হৈছিল আব্দুল। সি ভাবিছিল¸ নজনাকৈয়ে অলপ টানকৈয়ে কোৱা গ’ল নেকি মানুহজনক! এবাৰ বাহিৰখনলৈ চাই পঠিয়াইছিল। ফুটপাথত কেইবাখনো বাইক ষ্টেণ্ড কৰি থোৱা আছে। প্ৰকাণ্ড বিল্ডিংটোত ছয়টা অফিচ। সিনো কেনেকৈ জানিব কোনে কেতিয়া ক’ত জইন কৰিবলৈ আহে। দিনটো বহুত মানুহ আহে। ট্ৰেফিক পুলিচৰ ভয়ত বহুতে মিছা কথা কৈয়ে ভিতৰত থব খোজে।

পলাশে আব্দুলে মনৰ অৱস্থাটো বুজিব পাৰিলে। তালৈ চাই সামান্য হাঁহিলে সি

’একো নাই আপুনি নিজৰ ডিউটিহে কৰিছে।’

এনেকুৱা মন্তব্য শুনি আব্দুলকো সুখী হোৱা যেন লাগিল।

‘ব’ল’
কিশোৰে তাৰ কান্ধত হাতখন ৰাখিলে। তিনি বছৰৰ পিছত দুয়ো পুৰণি বন্ধুৱে একেটা অফিচতে সোমাইছিল। লিফটত উঠি অফিচ পোৱালৈকে কিশোৰে কৈ থাকিল অফিচৰ কথাবোৰ। বিল্ডিংটোৰ পঞ্চম আৰু ষষ্ঠ মহলাত সিঁহতৰ অফিচ। কিশোৰৰ কেবিন চিক্স ফ্লোৰত। সিঁহতৰ ডিপাৰ্টমেন্ট ওপৰৰ ফ্ল’ৰত। তলৰ ফ্ল’ৰটোত পলাশৰ কেবিনটো দেখুৱাই দি কিশোৰ নিজৰ কেবিনলৈ গ’ল। 

দহ বাই বাৰ স্কুৱেৰ ফিটৰ ৰুমটোৰ ভিতৰত দুটা সৰু সৰু কেবিন। ভিতৰৰটো তাৰ আৰু বাহিৰৰটো ডিপাৰ্টমেন্ট বাকী সদস্যৰ। কম বয়সীয়া ল’ৰা দুজন ভিতৰত বহি আছিল। তাক দেখাৰ লগে লগে ‘গুড মৰ্ণিং ছাৰ’ বুলি থিয় হ’ল। প্ৰতি সম্ভাষণ জনাই পলাশে ল’ৰা দুজনলৈ চালে। বয়স কোনোমধ্যেই একৈশ/বাইশৰ বেছি নহব। বোধহয় শিক্ষা সমাপ্ত কৰাৰ পিছত এইটো ইঁহতৰ প্ৰথম জব। 

‘ৱেলকাল টু আৱাৰ টীম ছাৰ।’
‘মাইচেল্ফ ৰফিক।’
‘মাইচেল্ফ তপন।’

ল’ৰাদুজনৰ সপ্ৰতিভ আচৰণত মুগ্ধ হৈছিল পলাশ। ফেছাৰ্ছ হলেও কথা নাই¸ শিকাই লব পাৰিব। মাথো স্মাৰ্ট আৰু শিকাৰ আগ্ৰহ থকা টীম এটা লাগে তাক। 
‘মাইচেল্ফ পলাশ।’ সোঁহাতখন আগবঢ়াই দি কৈ উঠিল সি¸ ‘ড’ন্ট কল মি ছাৰ। মোক ঘৰুৱা পৰিবেশ এটা লাগে। দাদা বুলি মাতিব পাৰে।’
মিছিকিয়াই হাঁহিলে সি।

‘থেংকিউ দাদা। আমিও এনেকুৱা পৰিবেশেই বিছাৰিছিলো।’
সিঁহতেও হাঁহি দিলে। সুখী হোৱা লাগিল দুয়োজনক।

নিজৰ কেবিনত বহি দুয়োজনৰ সতে অলপ কামৰ বুজ লৈছিল পলাশে। এইচআৰএমে ঠিকেই কৈছিল¸ বেছি অভিজ্ঞতা নাথাকিলেও ল’ৰা দুজনৰ বুদ্ধি প্ৰখৰ। কিন্তু উপযুক্ত গাইডেঞ্চৰ অভাৱত টীমৱৰ্ক বেয়া হৈ আছে। বোধহয় আগৰজন এচএমে বেছি কষ্ট কৰা নাছিল। কম্পিউটাৰটো খুলি ফাইল কেইটামান চাই থাকোতেই ইন্টাৰকমটো বাজি উঠিল। এইচআৰএমে ফোন কৰি কৰিছিল।  জিএমৰ কেবিনলৈ মাতিছিল পলাশক। 

ৰফিক আৰু তপনক এৰি পলাশ ওলাই আহিল। জিএমৰ কেবিনত এইচআৰএম আৰু জিএমৰ ওপৰিও এজিএমজনো বহি আছিল। বিশেষ একো কথা পাতিবলগা নাছিল¸ জাষ্ট ফ’ৰ ফৰ্মেলিটি। চা¸চিনাকি হোৱাৰ পিছত আগদিনা এইচ আৰ এমে কোৱা কথাখিনিয়েই পুনৰ কলে জিএমে। মাজে-মাজে এজিএমে দুই এটা কথা কথা কৈ থাকিল। বয়সীয়াল হিন্দীভাষী জিএমজনৰ লগত কথাপাতি বেয়া নালাগিল তাৰ। মানুহজন বোধহয় অলপ ষ্ট্ৰিক্ট। সমস্যা নাই পলাশৰ। কামত ফাঁকি দিয়া তাৰ স্বভাব নহয়। 

জিএমৰ কেবিনৰ পৰা ওলাই আহোতে পিছে পিছে এইচআৰজনো ওলাই আহিছিল। সেইখিনি সময়তে যুবতী এগৰাকী ৰুম এটাৰ পৰা ওলাই আহিছিল। 

’পলাশ¸ ৰবা।’
‘প্ৰচ্ছায়া’
এইচ আৰ মেনেজাৰ বৈশ্যৰ মাত শুনি যুবতী গৰাকীয়ে ঘুৰি চালে। 

পলাশে চিনি পালে আগদিনা লগ পোৱা যুবতী দুগৰাকীৰ এগৰাকী। প্ৰচ্ছায়ায়ো দেখা মাত্ৰেই চিনি পালে তাক। সামান্য ভ্ৰু কোচ খালে তাইৰ। তথাপিও এইচ আৰ মেনেজাৰে মতাত তাই কাষ চাপি আহিল।

‘এও পলাশ¸ নিউ চেলচ মেনেজাৰ।’
প্ৰচ্ছায়ালৈ চাই কৈ এইবাৰ পলাশৰ ফালে চালে তেও
‘এও প্ৰচ্ছায়া¸ এচিষ্টেন্ট এইচ আৰ যদিও কাৰ্য্যত এৱেই এইচ আৰ। কিবা অসুবিধা হলে এৱেই সহায় কৰিব পাৰিব।’

প্ৰচ্ছায়ালৈ চাই পলাশ যেন মুগ্ধ হৈ পৰিছিল। আগদিনা স্কুটীৰ পিছফালে বহি যোৱা ছোৱালীজনীয়ে ৰেইনকোট পিন্ধি থকাত ভালকৈ দেখা নাছিল সি। আজি একেজনী ছোৱালীকে নতুন ৰূপত ভাল লাগি গ’ল তাৰ। মূহুৰ্তৰ বাবে সি পাহৰি পেলালে আগদিনাৰ খকাখুন্দা।

‘হাই’
হাতখন আগবঢ়াই দিলে পলাশে।
‘হেল্ল’
দিও নিদিওকৈ তায়ো হাতখন আগবঢ়াই দিবলৈ বাধ্য হৈ পৰিল। 

কাষতে ৰৈ থকা বৈশ্যৰ বাবে তাই বাধ্য হৈ গৈছিল। পলাশক দেখাৰ লগেলগে আগদিনাৰ খকাখুন্দাটোলৈ মনত পৰি 
 খং উঠি আহিছিল তাইৰ। বেলেগ ল’ৰা হোৱা হলে নিশ্চয় ছ’ৰি কলেহেতেন। কিন্তু এইটোতো অভদ্ৰ¸ বেদবয়। মেনাৰ্ছ বোলা একোৱেই নাজানে চাগে।

হঠাতে ফোনটো বাজি উঠাত বৈশ্য এফালে আঁতৰি গ’ল। সেইটো সুযোগতে তায়ো আঁতৰি আহিল। নিজৰ কেবিনত সোমোৱাৰ আগেয়ে খঙতে এবাৰ উভতি চালে তাই। ঠিক সেইখিনি সময়তে যেন পলাশেও উভতি চাইছিল। দুয়োৰে চকুৱে চকুৱে পৰিল। ‘অসভ্য’ মুখৰ ভিতৰতে লাহেকৈ কৈ তাই দৰ্জাখন ঠেলি সোমাই গ’ল।

পলাশৰো মনত পৰিছিল। আপছোচ হৈছিল তাৰ। ছেহঃ কালিৰ ছোৱালীজনীক লগ পাব বুলি জনা হলে তৰ্ক নকৰিলেহেতেন!

------

‘পলাশ দা’
লাঞ্চ কৰি আহি কেবিনত সোমাবলৈ লৈ কাৰোবাৰ মাত শুনি ঘুৰি চালে সি।
শকত যুবতী এগৰাকী হাঁহি হাঁহি তাৰ ফালে আগুৱাই আহিছিল। সেইজনী নিধি। আগতকৈ অলপ শকত হৈছে। সি চিনি পালে তাইক।

‘কিশোৰ দাই কৈছিল¸ আপুনি আহিব বুলি । খুউব ভাল লাগিছে জানে আপোনাক ইয়াতে দেখি।’ তাই অলপ উচ্ছাসী হৈ উঠিছিল।

নিধিক সি লগ পাইছিল পাঁচবছৰ আগতে সেইটো অফিচত থাকোতে। তাই তাৰ ডিপাৰ্টমেন্টতে জইন কৰিছিল ট্ৰেইনি হিচাপে। জিএম গুপ্তাছাৰে ইন্টাৰভিউ লৈ পোনছাটেই তাৰ সমানেই চেলাৰী দিছিল তাইক। তাৰ খং উঠিছিল। সামান্য ইৰ্ষাও হৈছিল নিধিলৈ। ধুনীয়া গাভৰু হোৱাৰ সুবাদতে যে গুপ্তাছাৰে চেলাৰী বঢ়াই দিয়ে সেই কথা সি বহুতৰে মুখত শুনিছিল। জইন কৰাৰ দুদিন পিছতেই গুপ্তাছাৰে নিধিক মাতি লৈ গৈছিল। কিছু সময় পিছত তাই উভতি আহিছিল বিধ্বস্ত হৈ। খং ক্ষোভ নে হতাশাত মানুহজনী কঁপি উঠিছিল। নিজৰ চকীখনত দেহটো এৰি দি টেবুলখনত মুৰটো গুজি দিছিল তাই।

অলপ সময় পিছত গুপ্তাছাৰ সোমাই আহিছিল। কিবা অপ্ৰাপ্তিৰ খঙত ফাটি পৰা মানুহটোৱে ডিপাৰ্টমেন্টৰ ইনছাৰ্জ শৰ্মাদাৰ ফালে চাই কৈ উঠিছিল।
‘শৰ্মা¸ নিধি ইয়াত নাথাকিব চাগে। কাম একদমেই নাজানে। দহদিন টাইম দিয়া। শিকিলে ঠিক আছে¸ নহলে…’

ক্ষোভ নে ঘৃণাৰ দৃষ্টি লৈ তাই ঘপকৈ থিয় হৈছিল। পলাশে ঠিকেই অনুমান কৰিছিল। কিবা নঘটিবলগীয়া ঘটনা ঘটিছে। 

‘মুঝে ইয়াপে নৌকৰি নহী কৰনা।’
- সদম্ভে ঘোষণা কৰি বেগটো হাতত লৈ দপদপাই ওলাই গৈছিল তাই। বাথৰুমলৈ যোৱাৰ অচিলাৰে পলাশো পিছে-পিছে নামি আহিছিল। গেটৰ বাহিৰত তাইক লগ ধৰি সুধিছিল সি¸ 
‘চোৱা পলাশদা¸ সেই বুঢ়া বলধটোৱে কেনেকৈ মোক তাৰ লগত শুবলৈ অফাৰ দিব পাৰে।’
তাইৰ চকুদুটা চলচলীয়া হৈ পৰিছিল। লাজে-অপমানে নাকৰ পাহি ফুলি উঠিছিল। খং পলাশৰো উঠিছিল। 
‘এফায়াৰ এখন দিবা নেকি?’
লাহেকৈ সি সুধিছিল।

অলপপৰ ভাবি কৈ উঠিছিল নিধিয়ে।
‘সিমাখিনি সাহস নাই পলাশদা। সাধাৰণ ঘৰৰ ছোৱালী। মিছাতে এইবোৰত সোমাই যুঁজিব নোৱাৰিম। ঘৰত গম পালেতো ওভতাই লৈ যাব।’

বেদনা এবুকু বুকুত বান্ধি তাই গুছি গৈছিল। অসহায় সাক্ষী হৈ ৰোৱাৰ বাহিৰে পলাশে একো কৰিব পৰা নাছিল। 

‘হেই নিধি¸ কি খবৰ তোমাৰ?’
বহুদিনৰ পিছত লগ পাই তাৰো ভাল লাগিছিল।

‘ভাল।’ ধুনীয়াকৈ হাঁহি এটা মাৰিলে তাই।
সিয়ো হাঁহিলে। কলে¸ ‘চোৱা¸ ই কিশোৰে এবাৰো কোৱা নাই তোমাৰ কথা। মাথো পুৰণি মানুহ লগ পাবি বুলিহে কৈছিল।’ 

আকৌ এবাৰ হাঁহিলে তাই। 
‘গিতুও আছে ইয়াত। আপুনি লগ পাইছিলনে গীতাৰ্থক? সেইযে ক্ষীনকৈ ওখ ল’ৰাটো আছিল।’

পলাশে মুৰ দুপিয়ালে।
পলাশৰ মনত পৰিছিল¸ ক্ষীন ধুনীয়াকৈ কম বয়সৰ ল’ৰা এটাই তেতিয়া নতুনকৈ পিয়ন হিচাপে জইন কৰিছিল। ঘৰৰ অৱস্থা ভাল নাছিল বাবে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিয়েই পঢ়া বাদ দিছিল। পলাশে তাক গালি পাৰিছিল। সুবিধা পালেই বুজাইছিল¸ ডিচটেঞ্চত হলেও যেনেতেন ডিগ্ৰীটো লবলৈ। কিছুদিন পিছতেই পলাশ গুছি আহিছিল সেইটো কোম্পানী এৰি। তাৰ পিছত আৰু কাৰোৱেই লগত তাৰ যোগাযোগ নাই।

‘সি ইয়াত কেচত আছে।’

পলাশৰ মনটো ভাল লাগি গ’ল। তেনেহলে উত্তৰণ ঘটিছে গীতুৰ জীৱনটো। হঠাতে
নিধিৰ কপালৰ ৰঙা সেন্দুৰকণলৈ চকু গ’ল তাৰ।
 ‘তুমি বিয়া পাতিলা?’
লাজ লাজকৈ এইবাৰ তাই মুৰ দুপিয়ালে।
‘আপুনি পাতিলে?’ ওলোটাই তাক সুধিলে তাই।
‘নাই।’ হয়তো আকৌ কিবা সুধিলে হেতেন তাই। কিন্তু তাৰ আগতে সি কৈ উঠিল।

‘নিধি¸ লগ পাই থাকিম দিয়া। একেটা অফিচতে আছো যেতিয়া। নহলে প্ৰথম দিনাই এনেকৈ কথা পাতি থকা দেখিলে জিএমে কামছোৰ বুলি ভাবিব।’
মিচিকিয়াই হাঁহি এটা মাৰি আঁতৰি আহিল সি। মিচিকিয়াই নিধিয়েও নিজৰ অফিচৰুমলৈ সোমাই গ’ল।

*****

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib