Now you can Subscribe using RSS

Submit your Email

Monday 25 May 2020

Bad boy ঃ 3

Unknown

( তৃতীয় অংশ )

দিউটি শেষ কৰি যেতিয়া প্ৰচ্ছায়া ওলাই আহিছিল¸ একেই সময়তে পলাশো ওলাই আহিছিল। লিফ্টখন বিজি দেখি অপেক্ষা নকৰি চিৰিৰেই নামি আহিছিল সি। ফিফ্ট ফ্লোৰহে। তাতে নামি আহোতেতো কষ্টও মহয়। আজি প্ৰথমদিনা একো কাম কৰা নাছিল সি। কেইজনমান ষ্টাফৰ লগত চিনাকি হৈ পিছবেলাতো ল’ৰা দুজনৰ লগত কথা পাতিছিল। ষ্ট্ৰেটেজী এটা বনাবলৈ  দুদিনমান লাগিব। তাৰ পিছতহে ওলাই যাব পৰা যাব। ল’ৰা দুজনকো অলপ শিকাই লব লাগিব। সেইবোৰেই ভাবি-ভাবি পলাশ তললৈ নামি আহিছিল। 

‘এক্সকিউজ মি’
পলাশৰ আগেৰেই লিফ্টৰ পৰা নামি প্ৰচ্ছায়া নিজৰ স্কুটীখনৰ ফালে আগবাঢ়িছিল। সি মতাত ঘুৰি চালে তাই।

‘ছ’ৰী¸ কালিৰ ঘটনাটোৰ বাবে। বৰষুণত তিতি আছিলোতো…।’
আগদিনাৰ ঘটনাটোৰ বাবে সি ক্ষমা খোজে তাইক। যদিও তেনেকুৱা একোৱেই ঘটা নাছিল¸ তথাপি কৈ দিয়াটোৱেই ভাল যেন লাগিল তাৰ।

‘ইটচ্ অ’কে। মই বুজিছো।’
কৃটিম হাঁহি এটাৰে কলে তাই।
‘বেয়া পাই নাথাকিব। এটা অফিচ যেতিয়া লগ পাই থাকিম।’
‘চিঅ’ৰ। লগ পাই থাকিম।’
আকৌ ধুনীয়াকৈ হাঁহিলে তাই। আৰু কিবা কব নেকি নে নকব ভাবি আৰু একো কথাই নোলাল তাৰ। সি মাথো তাইৰ চকুদুটালৈ চাই থাকিল।

অলপ ৰৈ সি একো নোকোৱা দেখি তাই আঁতৰি গৈ নিজৰ স্কুটীখনত বহিলহৈ। 

 পলাশে মাথো চাই থাকিল। তাৰ বুকুত যেন লাগি গৈছিল হাঁহিটো।

‘প্ৰথম দিনাই চুৰু হৈ গলি।’
কেতিয়া কিশোৰে আহি তাৰ কান্ধত হাতখন ৰাখিলে সি গমেই নাপালে। উভতি চাই হাঁহি দিলে সি।

‘নাই অ’। কালি সৰু ইনচিডেন্ট এটা হ’ল এওলোকৰ লগত। অলপ তু তু মে মে হল। তাকেই বেয়া নাপাবলৈ কলো।’

‘কি হৈছিলনো?
‘ ইয়াৰ পৰা ওলাই যাওতে বৰষুণত বেয়াকৈ ভিজিলো। তাতে এওলোকে অভাৰটেক কৰি বাইকৰ আগত পৰিল। অলপ তু তু মে মে হল।’

‘হা হা আজি তই সেইটো চাঞ্চ লৈ ললি। ছহি হে ব্ৰ’¸ ভাল ছোৱালী যা¸ আগবাঢ়।’
হাঁহি হাঁহি কিশোৰে তাৰ পিঠিত লাহেকৈ ঢকা এৰা মাৰিলে। অলপ লাজ লাগিল পলাশৰ।

‘ধেই’
লাহেকৈ কিশোৰৰ কান্ধত তাৰ কান্ধখনৰে ঢকা এটা মাৰি আগবাঢ়িল।

পলাশৰ মনটো ভাল লাগি আছিল। কিন্তু প্ৰচ্ছায়াৰ কথা ভাবি নহয়। একো অসুবিধা নোহোৱাকৈ নতুন চাকৰীটোত জইন কৰি জীৱনটোৱে আকৌ গতি ঘুৰাই পোৱা যেন লাগিছিল।  ইমানদিনে প্ৰতাৰণা কৰি অহা ভাগ্যৰ প্ৰতি বিশ্বাস কৰিবলৈ মন গৈছিল। মনতেই সি লিষ্ট এখন বনাই লৈছিল¸ এইবাৰ তাৰ বাজেটৰ তুলনাত দুপইচা হাতলৈ বেছিকৈ আহিব। 
কিশোৰৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰিছিল সি।

‘থেংকিউ ভাই।’
বাইকখন ষ্টাৰ্ট দিয়াৰ আগেয়ে লাগেকৈ কিশোৰৰ হাতখন খামুচি ধৰিলে সি।

‘কিহৰ বাবে?’ ভাবলেশহীন দৃষ্টিৰে কিশোৰে তালৈ চালে।

‘এই কামটো নোপোৱা হলে অলপ অসুবিধা হলহৈ।’

‘ধুৰ’
কিশোৰ যেন সামান্য বিৰক্ত হৈ পৰিল।
‘চেলচ্ মেনেজাৰৰ পোষ্টটো খালি আছে। এই সামান্য খবৰটো তোক দিওতে তই ধন্যবাদ দিব লাগে নেকি! মনত আছে মোৰ বিয়াৰ সময়ত তই কিমান কষ্ট কৰিছিলি। বেটাৰ জন্মৰ সময়ত!’

যেন ওলোটাইহে কৃতজ্ঞতাৰ সুৰ এটাৰে কিশোৰে তালৈ চাইছিল।

কিশোৰৰ মনত পৰিছিল। সিঁহতৰ বিয়াৰ বাবে এখন ঘৰো সন্মত হোৱা নাছিল। সেয়েহে কিশোৰে মনজিতাক পলুৱাই লৈ আহিছিল। তাৰ পিছত সিঁহতক থাকিবলৈ ৰুম ঠিক কৰি দিয়াৰে পৰা দুয়োটা পৰিয়ালৰ ঘৰলৈ গৈ বুজাই বঢ়াই সন্মত কৰাই পুনৰ ঘৰৰ পৰাই বিয়াখন পতাই দিছিল। তাৰ পিছতো বেটাৰ জন্মৰ সময়তো গোটেই ৰাতি টোপনি খতি কৰি হস্পিটালত তাৰ সংগ দিছিল।

‘হব থেংকিউ উঠাই লৈছো। ব’ল এতিয়া।’
হাঁহি হাঁহিৱ পলাশে বাইকখন ষ্টাৰ্ট কৰি দিলে।

----

প্ৰচ্ছায়াৰ মনোভাবটো সলনি হৈ পৰিছিল। সামান্য আচৰিত হৈ গৈছিল তাই। আগদিনাৰ সাধাৰণ কথাটোত কিয় সি আকৌ ক্ষমা খুজিছিল। তাই এইচ আৰ বাবে নে সচাকৈয়ে সি গিল্টি ফিল কৰিছিল! একো ভাবি পোৱা নাছিল তাই। মাথো ভাবিছিল¸ হয়তো তাই ভবাতকৈ ভাল বা বহুত বেয়া হব লাগিব। 

ফ্ৰেছ হৈ লীমালৈ ফোন কৰিলে তাই। তাইৰ বান্ধবী লীমা প্ৰাইভেট স্কুল এখনৰ শিক্ষয়ত্ৰী। আগদিনা চুটি লৈ লীমাৰ লগতে ওলাই গৈছিল তাই। লীমাৰ দৰকাৰী কাম এটা আছিল। উভতি আহোতে অবতৰীয়া বৰষুণজাকে ধৰিছিল। 

‘অই শুনচোন’
লীমাক ফোন কৰি কথাটো কৈ দিয়ে প্ৰচ্ছায়াই। 

‘কি নাম কলি? পলাশ কলিতা? দুই মিনিট দেচোন কিবা এটা চাও।’

লীমাই কথাখিনি প্ৰচ্ছায়াক কৈ কিবা এটা ভাবি ফোনৰ ডাটা অন কৰিলে। তাৰ পিছত কিবা এটা চাই প্ৰচ্ছায়াক কলে¸

‘তই কনফাৰ্ম কৰচোন। কালি লগপোৱা এইটোৱে ল’ৰা হয়নে নহয়?’

হোৱাটচ্এপত ফটো এখন পঠিয়ালে লীমাই। প্ৰচ্ছায়া আচৰিত হ’ল। লৰাটোৰ ফটো কৰপৰা পালে লীমাই। কিবা পাকলগা যেন কথাবোৰ।

‘অ’ এইটোৱে হয়।’
‘প্ৰচ্ছায়া¸ এক নম্বৰৰ বদমাছ ল’ৰা সি। তেতিয়া মোৰ মনত পৰা নাছিল। নহলে তেতিয়াই কাণতলীয়া এটা দিলোহেতেন। ৰাতিহে মনত পৰিল। জাননে¸ মোৰ বৰতাৰ ছোৱালীয়ে তাৰ স্বভাবৰ বাবেই ব্ৰেকআপ কৰিছিল। তাৰ পিছতো তাৰ কিযে টৰ্চাৰ। ঐ জান¸ এটা ৰাতি লকআপতো আছিল সেইবাবে। তই যদি বিশ্বাস নকৰ সীমাবাৰ লগত কথা পতাই দিম তোক।’ 
লীমাৰ কথাবোৰ শুনি প্ৰচ্ছায়া হতভম্ব হৈ পৰিছিল। এনেকুৱা ল’ৰা এটাই সচাই তাইৰ অফিচতে জইন কৰিছেনে! লীমাৰ কথা বিশ্বাস নকৰাৰ কাৰণে নাই।

‘অহ গড¸ এনেকুৱা ফাল্টু ল’ৰাক কিয় যে আমাৰ অফিচত ললে!’
মেনেজমেন্টৰ ওপৰত এইবাৰ খং উঠিল তাইৰ। 

‘ চাবি দেই প্ৰচ্ছায়া¸ সি তোৰ লগত চেনী খাবলৈয়ো ট্ৰাই কৰিব পাৰে। লাই একদমেই নিদিবি।’
এইবাৰ ফোনৰ সীপাৰৰ পৰা লীমাই তাইক শেষ সাবধান বাণী শুনালে।

‘মোৰ গৰজ পৰিছে। কাষলৈয়ে আহিব নিদিও তাক।’
লীমাক কৈ ফোনটো ৰাখিলে প্ৰচ্ছায়াই। এইবাৰ কিবা এটা ভাবি ফেচবুকটো খুলিলে তাই।

-------

বেছি বিছাৰিব লগা নহলেই। নামটো চাৰ্ছ কৰি প্ৰফাইলকেইটামান স্ক্ৰল কৰি তললৈ যোৱাৰ পিছতে তাই তাৰ ফটোখন দেখা পালে। পাতলীয়া দাঢ়িৰে দেখিবলৈ বেয়া নলগা এখন হাঁহিমুখীয়া ফটো। এনেয়ে তাই প্ৰফাইলটো খুলি পোষ্টবোৰ চাই গ’ল। বেছি ভাগেই ধেমেলীয়া পোষ্ট। মাজে-মাজে দুই এখন বিভিন্ন জাগাত ফুৰিব যোৱা ফটো। হঠাতে এটা পোষ্টত তাইৰ চকু থৰ হৈ গ’ল। মদৰ গিলাছ এটা হাতত লৈ আনহাতত জলন্ত চিগাৰেট এটা লৈ বেপৰোৱা এটিটিউড। লগতে কেপচন লিখিছে¸ my attitude my style. Go to hell dunia. Aha aji khai matal hou. হঠাতে ঘৃণাৰ ভাৱ এটা জাগিল তাইৰ মনত। লৰালৰিকৈ প্ৰফাইলটোৰ পৰা ওলাই ডাটা অফ কৰিলে তাই।

---- 
‘ মাজনী¸ ওলোৱা হলনে তোৰ?’
মাক সোমাই আহিছিল তাইৰ ৰুমলৈ। বিয়া এখন আছে আত্মীয় এঘৰত। তাই ভালকৈ নাজানে মানুহঘৰৰ লগত সিঁহতৰ কেনেকুৱা সম্বন্ধ। দেউতাকৰ পৰিয়ালৰ দূৰ সম্পৰ্কীয় বুলিয়েই জানে তাই। একেখন চহৰতে থকাৰ সুবাদতে পৰিয়ালটোৰ লগত সিঁহতৰ সম্পৰ্কতো বৰ্তি আছেগৈ। নহলেনো এনেকুৱা কিমান সম্পৰ্ক সময়ৰ অযুহাতত পাঁহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে তাই নজনা নহয়। 

‘মা¸ মই নগলে নহয়নে? মাইনাক লৈ যোৱাগৈ।’
মাকলৈ চাই কলে তাই। তাইৰ একদম মন নাই বিয়ালৈ যাবলৈ। যোৱা মানেই আকৌ এটা কামোৰ খোৱাহে হব। এনেকুৱা এৰাব নোৱাৰা সম্পৰ্কও নহয় যে পৰিয়ালৰ গোটেই কেইজন নগলে কিবা ডাঙৰ ভুল হৈ যাব। তাই জানে¸ আজিকালি প্ৰায়েই এনেকুৱা অনুষ্ঠানবোৰলৈ মাকে তাইক লগত লৈ যাবলৈ ইচ্ছা কৰে। উদ্দেশ্যটো তাই নুবুজা নহয়। খং উঠে প্ৰচ্ছায়াৰ। মানুগবোৰৰ যেন আন কাম নাথাকেই। ছোৱালীয়ে পঢ়া-শুনা শেষ কৰিলে নে নকৰিলেই দৰা বিছাৰি দিবলৈ মানুহবোৰৰ উথপথপ লাগি যায়। যেন সবাতোকৈ ডাঙৰ সমাজসেৱাটো কৰি মানুহে গোটেই জীৱন আনৰ ওচৰত কৃতজ্ঞৰ পাত্ৰ হৈ যোৱাৰ প্ৰয়াস। বিশেষকৈ এটা শ্ৰেনীৰ মহিলাসকলৰ যেন সেয়া মৌলিক অধিকাৰ। কিযে গভীৰ চিন্তা তেওলোকৰ লোকৰ অবিয়ৈ জীয়াৰীলৈ। এনেবোৰ অনুস্থানত উপস্থিত হবলৈ প্ৰচ্ছায়াৰ মন নাযায়। কিন্তু
 অৱশেষত মাকৰ ওচৰত সেও মানি যাবলৈ বাধ্য হয়। তথাপিও আজি এবাৰ চেষ্টা কৰি চাবলৈ মন গ’ল তাইৰ।

‘মাইনা ওলাইছে । তয়ো ওলা। তিনিও যাম।’
এবাৰ তাইলৈ কেৰাহীকৈ চালে মাকে। তাই দেখিলে ইতিমধ্যে মাইনায়ো সাজি-কাচি তাইৰ ৰুমলৈকে সোমাই আহিছে। 

‘কিন্তু মা…।’
আকৌ এবাৰ চেষ্টা কৰিলে তাই। এইবাৰ মাক ঘুৰিল। কাপোৰ যোৰৰ আঁচলটো ঠিক কৰি লৈ তাইৰ কাষলৈ আহিল। সামান্য খং উঠিছিল তেওৰ।

‘ তই নুবুজ কিয় কচোন! মিতালী বাইদেৱে নিজেই দঢ়াই দঢ়াই মাতি গৈছে। পূৰ্বীয়েও তোক মাতি থৈ গৈছে। এতিয়া নগলে বেয়া নাপাবনে!’

সদায় এইটোৱেই হয়। তাই প্ৰথমেই যিমানেই নকওক কিয় শেষত বাধ্য হৈ যায়। মাকৰ খেচখেচনিত অতিষ্ঠ হৈ ঘৰখনত শান্তি অকণো নোহোৱা হৈ পৰে তাইৰ বাবে। উহঃ কি অসহ্য। 

‘শুনচোন¸ সেউজীয়া কাপোৰযোৰ পিন্ধিবিদেই। তোক বৰ মৰম লাগিব সেইযোৰেৰে।’
তাই সন্মত হোৱা যেন দেখি লাহেকৈ হাঁহি এটা মাৰি কৈ উঠিল মাকে। সেই সেউজীয়া কাপোৰযোৰ নতুনকৈ কেইদিনমান আগতেহে মাকে তাইৰ বাবে অনাইছিল। ভমককৈ খংটো প্ৰচ্ছায়াৰ উঠি আহিল।

‘নোৱাৰো মই মেখেলা চাদৰ পিন্ধিব। সেইযোৰ পিন্ধি পিছফালে চাই চাই খোজ কাঢ়ি থাকিলেহে হব।’
এইবাৰ উস্মাৰে কৈ উঠিল তাই।

‘বৰ একেবাৰে।’
খঙতে মুখখন ভেঙুচাই দি মাক ৰুমৰ পৰা ওলাই গ’ল।

ভবাৰ দৰেই বিয়া ঘৰতো যথেষ্ট অশান্তিৰ সমুখীন হ’ল তাই। গৃহস্থই আথেবেথে আপ্যায়ন কৰাৰ সময়তে তাই দেখা পালে 
প্ৰণতি আন্টিক। প্ৰণতি আন্টিও বিয়ালৈ আহিছিল লগত জীয়েকজনীক লৈ। লুকাবলৈ বাট বিচাৰি নাপালে তাই।

‘এইয়া মাজনী। মাৰ লগত আহিছা? ভালে আছা?’
তাইক গালে-মুখে হাত ফুৰাই প্ৰণতি আন্টি আহি তাইৰ কাষতে বহিল।

‘ভালেই আন্টি। আপোনালোকৰ ভালনে?’
হাঁহি মাৰি তায়ো সুধিলে। মুৰ দুপিয়ালে মানুহজনীয়ে। লগত অহা সোতৰ ওঠৰ বছৰীয়া ছোৱালীজনীয়ে সেইকণ সময়তে বা বুলি তাইৰ হাত এখনত খামুচি ধৰিলে। মিচিকিয়া হাঁহি এটা উপহাৰ দিলে তাই। 

‘মাজনী¸ তোমাৰ বিয়াখনলৈ এতিয়া অপেক্ষা আমাৰ। ল’ৰা চাই থৈছা নেকি? নাই যদি ভাল ল’ৰা বিছাৰি দিম দেই।’
মানুহ গৰাকীৰ কথা শুনি কোনোমতে হাঁহি এটা মুখত লৈ কলে তাই¸ ‘নাই আন্টি।’

মাক তেতিয়া কাষত নাছিল। বোধকৰো কইনাৰ মাক মিতালী মাহীক বিচাৰি ভিতৰলৈ সোমাই গৈছিল। প্ৰণতি আন্টিয়ে তাইক বিয়াৰ কথা কৈ থকা সময়তে তেও আহি পালে। কথাষাৰ শুনি তেৱো ৰৈ নাথাকিল। পাপাক আৰু তেও যে তাইৰ বিয়াৰ বাবে সাজু হৈয়ে আছে বুজাই দি তাইৰ গাত দোষ দি মাথো তাইহে যে বিয়াৰ বাবে সন্মতি দিয়া নাই কৈ থাকিল।

হওতে মাকেও একো মিছা কোৱা নাছিল। তাইৰ বাবে বহুকেইটা ভাল প্ৰস্তাব আহি নথকা নহয়। কিন্তু এতিয়াই সেই বান্ধোনত সোমাব ইচ্ছা নথকা তাই গ্ৰহণ কৰে কিদৰে। তাতে সেই পোৱা আঘাট এতিয়াও পাহৰা নাই তাই। 

‘মাজনী¸ পঢ়া শেষ কৰি চাকৰীতো সোমালা। উপযুক্ত হৈছা। এতিয়া আৰু কিয় ৰৈ আছা।’
সামান্য আচৰিত হোৱা যেন দেখুৱাই প্ৰণতি আন্টিয়ে আকৌ এবাৰ তাইৰ গালখনত হাত বুলাই দিলে। লগে-লগে তাইৰ গালখন বিজবিজাই উঠিল। 

তাইৰ খং উঠিছিল। কবলৈ মন গৈছিল¸ যদি ইমানেই বিয়া খাবলৈ মন গৈছে জীয়েকৰ বিয়াখন পাতি নিদিয়েনো কিয়? কিন্তু মন গলেই সকলো কব নোৱাৰে। সামান্যতম খং দেখুৱাবও নোৱাৰে। প্ৰণতি আন্টি মাকৰ পুৰণা বান্ধবী। মাকৰ ভাষাত সিঁহতৰ শুভচিন্তক। কষ্টকৈ হাঁহি এটা মাৰিলে তাই।

’লোকৰ কপাল¸ আমাৰ চোতাল! নিজৰ ছোৱালীয়ে কথা শুনিলেহে।’
গাড়ীত উঠিয়েই মাকে ভোৰভোৰাই উঠিল। নতুন ড্ৰাইভাৰ ল’ৰাটোৱে এবাৰ ঘুৰি চাই হয়তো কিবা কব লাগে বুলিয়েই ভাবি সুধিলে¸ ‘বাইদেউ¸ ঘৰলৈকে যামনে? নে বাটতে কৰবাত সোমাব।’

‘জহন্নামনৈ লৈ ব’ল। ঘৰলৈ নগৈ কলৈ যাম এতিয়া।’
এইবাৰ প্ৰচ্ছায়াৰ মাকৰ খংটো গৈ যেন ড্ৰাইভাৰ ৰমেশৰ ওপৰতে পৰিল। সেই ফালেই তাপ মাৰিলে সি। প্ৰচ্ছায়াই আৰু চাই থাকিব নোৱাৰিলে। 

‘মা¸ তুমি আকৌ…।’ অলপ ৰৈ তাই আকৌ কলে¸ ‘তাকতো তুমি ভালকৈয়ো কব পাৰিলাহেতেন ন! সিনো কি জানে¸ আগে-পিছে দেখোন ইটো-সিটো লাগে বুলি ডিপাৰ্টমেণ্টেল ষ্ট’ৰৰ সমুখত ৰাখিব কোৱা।’

‘হব¸ আৰু কাকো একো নকও মই।’
ভোৰভোৰাই মাকে মুখখন আনফালে ঘুৰালে। আৰু একো কোৱাৰ প্ৰয়োজনবোধ নকৰিলে প্ৰচ্ছায়াই। তায়ো আনফালে মুখখন ঘুৰাই বাহিৰলৈ চাই ৰ’ল। 

ওৰে বাটছোৱা মাক গোমোঠামুৱাকৈ ৰ’ল। 
মাথো মাইনাইহে ভাল লগা গান ইটো সিটো লগাই দিবলৈ ৰমেশক দিহা দি গ’ল। 

কথাবোৰ মনত পৰিছিল প্ৰচ্ছায়াৰ। কেইবছৰনো হৈছে ঘটনাটো ঘটি যোৱাৰ তিনি বছৰ। এই তিনি বছৰত তাইৰ জীৱন ভালেখিনি সলনি হৈ গৈছে। অথচ এতিয়াও কেঁচা হৈছে আছে হিয়াৰ ঘাঁ টুকুৰা। হুমুনিয়াহ এটা ওলাই আহিল তাইৰ।

******

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib